Class 12| Logic And Philosophy| Chapter-4| মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

Class 12| Logic And Philosophy| Chapter-4| মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12| Logic And Philosophy| Chapter-4| মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदी Click Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12| Logic And Philosophy| Chapter-4| মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12| Logic And Philosophy| Chapter-4| মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব। Class 12| Logic And Philosophy| Chapter-4| মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

চতুর্থ অধ্যায়

অতি চমু প্রশ্ন : 

১।  মিলে কেইটা পৰীক্ষণমূলক পদ্ধতি স্বীকাৰ কৰিছে?

উত্তৰঃ পাঁচটা।

২। মিলৰ মতে মূখ্য পৰীক্ষণ কেইটা আৰু কি কি? 

উত্তৰঃ মিলে পাঁচটা পদ্ধতি স্বীকাৰ কৰিছে।

সেইবোৰহ’ল– 

(ক) অন্বয়ী পদ্ধতি,

(খ)ব্যতিৰেকী পদ্ধতি, 

(গ)মিশ্র পদ্ধতি, 

(ঘ)সহ পৰিৱৰ্তন পদ্ধতি 

(ঙ) পৰিশেষ পদ্ধতি।

৩। মিলৰ আৰোহী পদ্ধৰি লক্ষ্য কি ?

উত্তৰঃযথার্থ সামান্য বচন এটা প্রতিষ্ঠা কৰা।

8। অপসৰণ পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ কার্যকাৰণ সম্বন্ধত অপ্রাসংগিক বিষয়সমূহ বর্জন কৰা পদ্ধতি।

৫। অন্বয়ী প্ৰণালীৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়?

উত্তৰঃ বহুতো দৃষ্টান্তৰ প্ৰয়োজন।

৬। ব্যতিৰেকী প্ৰণালীৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়?

উত্তৰঃদুটা।

৭। কাকতালীয় দোষ কি?

উত্তৰঃনিৰীক্ষণৰ দ্বাৰা ব্যতিৰেকী প্রণালী প্ৰয়োগ কৰিলে কাকতালীয় দোষৰ উদ্ভব হয়।

৮। অন্বয়ী প্ৰণালীৰ সিদ্ধান্ত নিশ্চিত নে?

উত্তৰঃনহয়।

৯। ব্যতিৰেকী প্ৰণালীৰ সিদ্ধান্ত নিশ্চিত নে?

উত্তৰঃ নিশ্চিত।

১০। সহ পৰিবৰ্তন প্রণালী স্থায়ী নে অস্থায়ী কাৰণৰ ক্ষেত্ৰত প্ৰয়োগ সম্ভব ? 

উত্তৰঃ স্থায়ী কাৰণৰ ক্ষেত্ৰত।

১১। মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ ক্ষেত্ৰত …..দৃষ্টান্তৰ প্রয়োজন। 

উত্তৰঃ দুটা শ্ৰেণীৰ।

১২। অসতর্কতাৰে প্ৰয়োগ কৰিলে প্রণালী কাকতালীয় দোষযুক্ত হৈ পৰে।

উত্তৰঃ ব্যতিৰেকী।

১৩।…….-সম্ভাৱনীয়তাই অন্বয়ী প্রণালীক নিষ্ফল কৰি তোলে।

উত্তৰঃ বহুকাৰণবাদৰ

১৪। ব্যতিৰেকী প্রণালী নিৰীক্ষণ নিৰ্ভৰ হ’লে কি দোষেৰে দূষিত হ’ব পাৰে? 

উত্তৰঃ কাকতালীয় দোষযুক্ত হ’ব পাৰে।

১৫। অন্বয়ী পদ্ধতি নিৰীক্ষণৰ প্ৰণালী’ কথাষাৰ সঁচানে? 

উত্তৰঃ সঁচা।

১৬। ব্যতিৰেকী প্রণালী মূলতঃ……-প্রণালী।

উত্তৰঃ পৰীক্ষণৰ।

১৭। অন্বয়ীপ্রণালীয়েকার্য কাৰণসম্বন্ধকসহ-অৱস্থানসম্বন্ধ আৰুসহকাৰ্যসম্বন্ধৰপৰা পৃথক কৰিবপাৰি/নোৱাৰে। 

উত্তৰঃঅন্বয়ীপ্রণালীয়েকাৰ্য-কাৰণসম্বন্ধকসহ-অৱস্থানসম্বন্ধ আৰুসহকাৰ্যসম্বন্ধৰণনাগৃহক কৰিব নোৱাৰে।

১৮। উত্তাপ বাঢ়িলে থার্মোমিটাৰৰ পাৰা ওপৰলৈ উঠে। গতিকে উত্তাপৰ হ্রাস-বৃদ্ধিয়ে থার্মোমিটাৰৰ পাৰা ওপৰলৈ উঠা বা তললৈ নমাৰ কাৰণ’— প্ৰণালীটোৰ নাম লিখা, যাৰ সহায়ত ওপৰৰ সিদ্ধান্তটো কৰিব পাৰি। 

উত্তৰঃ সহ-পৰিৱৰ্তন প্রণালী।

চমু প্ৰশ্ন ( আৰ্হি ন. ১)

১। মিলৰ মতে আগমন পদ্ধতি কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ মিলে পাঁচটা পদ্ধতি স্বীকাৰ কৰিছে।

সেইবোৰহ’ল

(ক)অন্বয়ীপদ্ধতি, 

(খ)ব্যতিৰেকীপদ্ধতি,

(গ)মিশ্রপদ্ধতি,

(ঘ)সহপৰিৱৰ্তন পদ্ধতি 

(ঙ) পৰিশেষ পদ্ধতি।

২। অন্বয়ী প্ৰণালী অপসৰণৰ কোন সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত? 

উত্তৰঃ “কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ যদি পূর্ববর্তী ঘটনাৰ কোনো অংশ বাদ দিব পাৰি, সেই অংশ কেতিয়াও কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’ব নোৱাৰে।” অন্বয়ী পদ্ধতি অপসৰণৰ এই সূত্ৰটোৰ ওপৰত প্রতিষ্ঠিত।

৩। মিলৰ ব্যতিবেকী প্রণালী অপসৰণৰ কোন সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত?

উত্তৰঃ ব্যতিৰেকী প্ৰণালীত প্রয়োগ হোৱা অপসৰণৰ সূত্ৰটো হ’ল “কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ যদি পূৰ্বৱৰ্তী ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি, সেই অংশটো কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’বই লাগিব।”

8। ব্যতিৰেকী প্রণালী প্ৰয়োগৰ বাবে কি কি বস্তুৰ প্রয়োজন হয়? 

উত্তৰঃবায়ুপূর্ণ কাঁচৰ পাত্ৰ এটা, বৈদ্যুতিক ঘণ্টা আৰু বায়ুশূনা কাঁচৰ এটা পাত্র।

৫। সহপৰিবৰ্তনপ্ৰণালীৰ বিশেষতাৰ বিষয়ে লিখা।

উত্তৰঃ স্থায়ী কাৰণৰ ক্ষেত্ৰত সহ-পৰিৱৰ্তন প্ৰণালী প্রয়োগেৰে কার্যকারণ সম্বন্ধ নির্ণয় কৰা যায়।

৬। অন্বয়ী প্ৰণালীৰ সিদ্ধান্ত নিশ্চিত নহয় কিয় ? 

উত্তৰঃ অন্বয়ী প্রণালী নিৰীক্ষণ ভিত্তিক। এই প্রণালীয়ে কার্যকারণ সম্বন্ধ প্রতিষ্ঠা কি নোৱাৰে। সেইবাবে অন্বয়ী প্ৰণালীৰ সিদ্ধান্ত নিশ্চিত হ’ব নোৱাৰে।

৭। পৰিশেষ প্ৰণালী অপসৰণৰ কোন সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত?

উত্তৰঃ পৰিশেষ প্ৰণালী অপসৰণৰ এই সূত্ৰটোৰ ওপৰত প্রতিষ্ঠিত – “কোনো এটা ঘটনাক যদি কোনো কাৰ্যৰ কাৰণ বুলি জনা যায়, তেনেহ’লে সি অন্য কার্যৰ কাৰণ হ’ব নোৱাৰে।

৮। অন্বয়ী প্ৰণালীক কিছু নিৰীক্ষণ ভিত্তিক পদ্ধতি বুলি কোৱা হয়? 

উত্তৰঃ অন্বয়ী প্ৰণালীৰ দৃষ্টান্তসমূহ নিৰীক্ষণৰ জৰিয়তে সংগ্রহ করা হয়। তদুপৰি নিৰীক্ষণৰ জৰিয়তেই সংগৃহীত দৃষ্টান্তসমূহ বিশ্লেষণ কৰা হয়। আকৌ বিশ্লেষিত তথ্যসমূহ নিে জরিতে পৰস্পৰৰ লগত তুলনা কৰি মিল থকা বিষয়টোকেইকার্যর কারণ বা কাৰণৰপৰ উত্তৰ হোৱা কার্য হিচাপে নিশ্চিত করা হয়। সেইবাবে অন্বয়ী প্রণালীক নিৰীক্ষণৰ প্ৰণালী বুলি কোৱা হয়।

৯। সহপৰিৱৰ্তন প্ৰণালীৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ উত্তাপ বাঢ়িলে থার্মোমিটাৰৰ পাৰা ওপবলৈ উঠে আৰু উত্তাপ কমিলে থার্মোমিটাৰৰ পাৰা তললৈ নামি আহে। গতিকে উত্তাপৰ হ্ৰাস বৃদ্ধিয়ে থার্মোমিটাৰৰ পাৰা ওপৰলৈ উঠা বা তললৈ নমাৰ কাৰণ।

১০। মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ সিদ্ধান্ত অধিক সম্ভাবনামূলক কিয়?

উত্তৰঃ সদর্থক আৰুনঞর্থক দুই শ্ৰেণীৰ দৃষ্টান্ত লোৱা হয় বাবে নানা কারণবাদ দোষ সম্ভাবনা অতিকমইযদিওনিৰীক্ষণনির্ভৰশীলগতিকেইয়াৰসিদ্ধান্তসম্পূর্ণনিশ্চিতনহয়, মাত্রসম্ভাবনামূলক হয়।

১১। অন্বয়ী পদ্ধতিত প্ৰয়োগ হোৱা অপসৰণৰ সূত্ৰটো লিখা। 

উত্তৰঃ অন্বয়ী পদ্ধতিত প্ৰয়োগ হোৱা অপসৰণৰ সূত্ৰটো হ’ল—

কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ যদি পূর্ববর্তী ঘটনাৰ কোনো অংশ বাদ দিব পাৰি, সেই অংশ কেতিয়াও কাৰ্যটোক কাৰণ বা কাৰণৰ অংগ হ’ব নোৱাৰে।

১২। অপসৰণৰ সূত্ৰৰ সংজ্ঞা দিয়া।

উত্তৰঃ কাৰণ হ’ল কাৰ্যৰ নিয়ত, অব্যৱহিত, পূর্ববর্তী ঘটনা। এক বিশেষ পৰিমাণৰ কাৰণে, কোনোবিশেষপৰিমাণৰ কাৰ্যহেসংঘটিতকৰে। পৰিমাণগতদিশৰপৰাকাৰ্যআককাৰণসমতুল্য। কাৰ্য আৰু কাৰণৰ এই সম্বন্ধৰ ওপৰতেই অপসৰণৰ সূত্ৰসমূহ প্রতিষ্ঠিত।

১৩। আগমন পদ্ধতিক অপসৰণৰ পদ্ধতি বুলি কিয় কোৱা হয় ?

উত্তৰঃ মিলৰ পৰীক্ষামূলক অনুসন্ধান পদ্ধতিসমূহেই হ’ল আগমন পদ্ধতি ইয়াক অপসৰ্বাৰ পদ্ধতি বুলিও কোৱা হয়। অপসৰণৰ পদ্ধতি হ’ল কার্য-কাৰণ সম্বন্ধত অপ্রাসংগিক বিষয়সমূহ বর্জনকৰাকিছুমানপদ্ধতি কার্য-কাৰণসম্বন্ধ অনুসন্ধানত আকস্মিকবাঅপ্রাসংগিকবিষয়সমূহত বৰ্জন কৰিব লাগে। এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰিবলৈ হ’লে কাৰ্য-কারণ সম্বন্ধ প্রতিষ্ঠ। কৰিবলগীয়া হয়। অপসৰণ পদ্ধতিয়ে কার্যকারণ সম্বন্ধত সংযোজিত অপ্রাসংগিক বিষয়সমূহ বর্জন করাই প্রাসংগিক বিষয়ত মনোনিৱেশ কৰাত সহায় কৰে। সেইবাবে আগমন পদ্ধতিক অপসাৰণৰ পদ্ধতি বুলি কোৱা হয়।

চমু প্ৰশ্ন (আৰ্হি ন.২)

১। অন্বয়ী প্ৰণালীৰ তিনিটা সুবিধা লিখা। 

উত্তৰঃ অন্বয়ী প্ৰণালীৰ তিনিটা সুবিধা হ’ল—

(ক) অন্বয়ীপ্রণালীপ্রয়োগ ক্ষেত্ৰ অতি ব্যাপককাৰণই নিৰীক্ষণভিত্তিক।কাৰ্য্যকারণ নির্ণয়ক ক্ষেত্ৰত জগতৰ সকলো ঘটনাৰ ক্ষেত্ৰতেই এই প্ৰণালীৰ প্ৰয়োগ কৰিব পাৰি।

(খ) এই প্ৰণালীৰ দ্বাৰা কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণৰ অনুসন্ধান কৰিব পাৰি। কিন্তু পৰীক্ষণ মূলক পদ্ধতিত কেৱল কাৰণৰ পৰা কাৰ্যলৈ যাব পাৰি। 

(গ) অন্বয়ী প্ৰণালীয়ে কাৰণ সম্পৰ্কে প্রকল্প গঠন কৰাত আৰু কাৰণ আৱিস্কাৰ কৰাত সহায় কৰে। এইটোৱে অন্বয়ী প্ৰণালীৰ গুরুত্বপূর্ণ এল।

২। ব্যতিৰেকী প্ৰণালীৰ তিনিটা সুবিধাৰ বিষয়ে লিখা 

উত্তৰঃ ব্যতিৰেকীপ্ৰণালীৰ তিনিটা সুবিধা —

(ক) মাত্রদুটাদৃষ্টান্তৰপ্ৰয়োজন আৰুএইদুটাৰ ওপৰত নিৰ্ভৰ কৰিয়েই কার্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰা হয়। গতিকে প্রণালী হিচাপে অভি সৰল।

(খ) প্ৰয়োগৰ সুবিধা থাকিলে আনআনপ্রণালীয়ে কার্যকারণ সম্বন্ধৰ বিষয়ে থিসমম্বয় নিয়ে তাক ব্যতিৰেকী প্ৰণালীৰ দ্বাৰা নিশ্চিতভাৱে প্ৰমাণ কৰিব পাৰি।

(গ) এইপ্ৰণালীপৰীক্ষণৰওপৰত নিৰ্ভৰশীলকাৰণেইয়াবসিদ্ধান্তনিশ্চিতস্বভাৱৰ। সেয়েছ ( ইয়াক অন্বেষণীয় পদ্ধতিবোৰৰ ভিতৰত শ্রেষ্ঠ পদ্ধতি বোলা হয়।

৩। “ব্যতিৰেকী প্রণালীয়ে এটা কাৰণ প্ৰমাণ কৰিব পাৰে।কিন্তুউক্ত কাৰণেই যে একমার কাৰণ তাক প্ৰমাণ কৰিব নোৱাৰে” – ব্যাখ্যা কৰা।

উত্তৰঃ ব্যতিৰেকী প্রণালী প্রয়োগেৰে কাৰণক উপভাৰণৰ পৰা পৃথককৰিব নোৱাৰি। বাতিনেক প্ৰণালীপ্ৰয়োগত দেখা যায় কোনো এটা কার্যকাৰণৰ কোনো উপাদানে বিশেষ ভূমিকা কৰা। কিন্তু সেই উপাদানেইকাৰ্যটোপ সম্পূর্ণ কাৰণ বুলি ধৰি ল’ব নোৱাৰি। যেনে নিমখ নিদিলে আঁচ সোৱাদ নহয় বাবে নিমখ সোৱাদযুক্ত আল্লাৰ কাৰণ হ’ব নোৱাৰে। 

৪। ‘অন্বয়ী প্রণালীয়ে কাৰ্যকৰণ আৰু সহকার্য সম্বন্ধক পৃথক কৰিব নোৱাৰে।” ব্যাখ্য কৰা। 

উত্তৰঃ অন্বয়ীপ্রণালীমতেধুটা ঘটনা নিয়তভারে উপস্থিত থাকিলে বাদুটা ঘটনা নিয়তভাৱে অ পিছাকৈ ঘটিলে,ঘটনাদুটাৰ মাজতকার্য-কারণ সম্বন্ধ থাকে। কিন্তু এইটো সদয়৷ সঁচানহ’বও পাৰে সৈ দিনৰ পিছত বাতি হয় বা ৰাতিৰ পিছত দিনহা। অর্থাৎ দিন আৰু বাতিৰ সম্বন্ধ সহায় সম্বন্ধ।

৫। মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালী, অন্বয়ী প্ৰণালীৰ এক উন্নত ৰূপ।” ব্যাখ্যা কৰা। 

উত্তৰঃ মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালী, অন্বয়ী প্ৰণালীৰ এক উন্নত ৰূপ। অন্বয়ী প্রণালীৰ দ্বাৰা কার্যকাৰণ সম্বন্ধৰ যি সম্ভাৱনীয়তা দেখা যায় তাক মিশ্র অন্বয়ী ব্যতিৰেকী প্রণালীয়ে নঞর্থক দৃষ্টান্ত শ্রেণীসহায়ত্ব নিশ্চিতৰূপেপ্রতিষ্ঠা কৰিব পাৰে।দুই শ্ৰেণীৰদৃষ্টান্তপ্ৰয়োগ কৰা হয় বাবে ইয়াত আপেক্ষিকভাৱে নানা কাৰণবাদ দোষ উদ্ভৱ হোৱাৰ সম্ভাৱনাও কম থাকে।

৬। সহ-পৰিবৰ্তন প্ৰণালীৰ তিনিটা সুবিধা লিখা।

উত্তৰঃ সহ-পৰিৱৰ্তনপ্ৰণালীৰতিনিটা সুবিধাহ’ল 

(ক) স্থায়ী কাৰণ যেনে— বায়ুচাপ, মাধ্যাকর্ষণ শক্তি, উত্তাপ আদিৰ ক্ষেত্ৰত সহপৰিৱৰ্তন প্ৰণালী প্ৰয়োগ কৰিয়েই কাৰ্যকাৰণ সম্বন্ধ নির্ণয় কৰা হয়। 

(খ) পৰিমাণগত পৰিৱৰ্তনৰ ক্ষেত্ৰত কেৱল সহপৱিৰ্তনপ্রণালীয়েহেকাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰিব।

(গ) সহ-পৰিৱৰ্তন প্ৰণালীয়ে আন প্ৰণালীবিলাকৰ সম্পূৰক হিচাপেও কাম কৰিব পাৰে। 

৭।  পৰিশেষ প্ৰণালীৰ সুবিধাসমূহ লিখা। 

উত্তৰ : পৰিশেষ প্ৰণালীৰ তিনিটা মূল সুবিধা হ’ল

(ক) জ্যোতির্বিজ্ঞানআৰুৰসায়নবিজ্ঞানত পৰিশেষপ্ৰণালীৰব্যাপকব্যৱহাৰহয় এইনাদীৰ যথাযথ প্রয়োগে বহুত নতুন আবিষ্কাৰ সম্ভৱ কৰি তুলিছে।

(খ) এই প্রণালীত কাৰ্যৰ পৰা কাৰণ আৰু কাৰণৰ পৰা কাৰ্যলৈ গতি কৰিব পাৰি।

(গ) একমাত্র এই প্রণালীয়ে মিশ্র কার্য বা কার্য সংমিশ্ৰণৰ কাৰ্য-কারণ সম্বন্ধ পৃথকে দেখুৱাব পাৰেঞ্ছ।

৮। অন্বয়ী প্ৰণালীৰ তিনিটা অসুবিধা লিখা।

উত্তৰঃ অন্বয়ী প্ৰণালীৰ তিনিটা অসুবিধা হ’ল—

(ক) ব্যৱহাৰিক দোষ বা ব্যৱহাৰিক অপূর্ণতা।

(খ) প্রকৃতিগত দোষ বা প্রকৃতিগত অপূর্ণতা। 

(গ) অন্বয়প্ৰণালীয়ে কার্যকারণ সম্বন্ধক সহ অৱস্থান সম্বন্ধ আৰুসহকাৰ্যসম্বন্ধৰ পৰা পৃথক কৰাত অসুবিধাৰ সন্মুখীন হয়।

৯। ‘‘ব্যতিৰেকী প্ৰণালীয়ে কাৰণৰ পৰা উপকাৰণক পৃথক কৰিব নোৱাৰে। উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰঃ ব্যতিৰেকী প্ৰণালীয়ে কাৰণৰ পৰা উপকাৰণক পৃথক কৰিব নোৱাৰে। এই প্ৰণালী প্রয়োগত দেখা যায় যে কোনো এটা কাৰ্যত কাৰণৰ কোনো উপাদানে বিশেষ ভূমিকা লয়। কিন্তু সেই উপাদানেই কাৰ্যটোৰ সম্পূৰ্ণ কাৰণ বুলি ধৰি ল’ব নোৱাৰি। উদাহৰণস্বৰূপে, নিমখ নিৰিলে আঞ্জা সোৱাদনহয়। সোৱাদৰবাবে নিমখ এটা উপকাৰণহে, আন আন উপকাৰণ যেনে – উচিত পৰিমাণৰ মচলা, পৰিমিত তাপত ৰন্ধন কাৰ্য, খাওঁতাৰ কচি আদি সকলোবোৰেই কাৰণৰ অংশ।

১০। অন্বয়ী প্রণালীৰ অসুবিধাবোৰ দূৰ কৰাৰ উপায় সম্বন্ধে লিখা। 

উত্তৰঃ নিৰীক্ষণমূলকপ্ৰণালী হোৱা হেতুকে আন আন পদ্ধতিৰতুলনাতইয়াৰ কেতবোৰ সুবিধাৰ আছে।

(ক) অন্বয়ীগুণালীৰ প্ৰয়োগ ক্ষেত্র অতি ব্যাপক। অতি কম সংখ্যক ঘটনাকে পৰীক্ষণ কৰিব পাৰিকিন্তুজগত সকলো ঘটনাকে নিৰীক্ষণ কৰিব পাৰি। আনহাতে পৰীক্ষণতও নিৰীক্ষণ অপৰিহাৰ্য্য।

(খ) অন্বয়ী প্ৰণালীৰ দ্বাৰা কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্য নির্ণয় কৰিব পাৰি। নিৰীক্ষণ মূলক প্ৰণালী হোৱাৰ কাৰণে নিৰীক্ষণৰসুবিধাবিলাক অন্বয়ীপ্রণালীটো আছে। ইয়াত উভয় দিশতেই অৰ্থাৎ‍কাৰ্যৰ পৰাকাৰণলৈ আৰুকাৰণৰ পৰাকাৰ্যনিৰ্ধাৰণ পথত অগ্ৰসৰ হ’ব পাৰি। কিন্তু পৰীক্ষণমূলক প্ৰণালীবোৰত তেনে সুবিধা নাই।

অন্বয়ী প্ৰণালীৰ দুটা অসুবিধা আৰু দূৰীকৰণৰ উপায়—

প্ৰয়োজনীয় দৃষ্টান্ত সংগ্ৰহৰ অসুবিধা — কাৰণ দৃষ্টান্ত একাধিক হ’ব লাগে। গতিকে দৃষ্টান্ত সংগ্ৰহৰ কাৰণে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। ধূমকেতুৰ কাৰণ নিৰ্ণয় কৰিবলৈ কমেও দুবাৰ ধুমকেতু নিৰীক্ষণ কৰিব লাগিব। দ্বিতীয়তে অসুবিধাটো হৈছে প্রকৃতিগত দোষ বা অপূর্ণতাঃনানা কাৰণ সম্ভাৱনাক অন্বয়ী প্ৰণালীৰ প্ৰকৃতিগত দোষ বুলি কোৱা হয় নানা কাৰণত সম্ভাৱনাই অম্বয়ী প্রণালীক নিষ্ফল কৰি তোলে। কাৰণ মিল থকা, বিষয়টোৰ লগত অম্বষেনীয়। ঘটনাৰ কোনো কাৰ্য কাৰণ সম্বন্ধ নাথাকিব পাৰে। 

প্ৰথম অসুবিধাটো দূৰীকৰণ কৰিব পাৰি দৃষ্টান্তৰ সংখ্যা বৃদ্ধি কৰি। যিমানেই বেচি সংখ্যাক দৃষ্টান্তত মিল থাকিব, সিমানেই নানা কাৰণ সম্ভাৱনাৰ দোষ কমি যাব। 

দ্বিতীয় উপায় অম্বয়ীব্যতিৰেকী প্ৰয়োগ কৰি নানা কাৰণৰ সম্ভাৱনা দূৰ কৰিব পাৰি। কিওনো অন্বয়ী ব্যতিৰেকী প্রণালীটো অন্বয়ী প্ৰণালীতলৈ উন্নত।

Class-12| Logic and Philosophy তৰ্কবিজ্ঞান আৰু দর্শন

Sl. No.Contents
Chapter 1আগমন আৰু ইয়াৰ প্ৰকাৰ
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

দীঘলীয়া প্ৰশ্ন আৰ্হি ন. ১

১। কাকতালীয় দোষ সম্বন্ধে এটা চমু টোকা লিখা। 

উত্তৰ:  ব্যতিৰেকী প্রণালী সতর্কভাবে প্রয়োগ নকৰিলে নতুবা ই নির্বক্ষণ নিৰ্ভৰ হ’লে । কাকতালীয় দোষযুক্ত হৈ পৰে। যেনে-আকাশত ধূমকেতু দেখা দিয়াৰ পিছতেই সেই দেশৰ বজাৰ মৃত্যু হ’ল। গতিকে সিদ্ধান্তকৰা হ’ল যে আকাশত ধূমকেতু দেখাই ৰজাৰ মৃত্যুৰ কাৰণ। কিন্তু আমি জানো যে আকাশত ধূমকেতু ওলোৱাটো ৰজাজনৰ মৃত্যুৰ কাৰণ হ’ব নোৱাৰে। ই এক কাকতালীয় সংযোগহে। ইয়াত নিৰীক্ষণৰ দ্বাৰা ব্যতিৰেকী প্রণালী প্রয়োগ হৈছে কাৰণে কাকতালীয়ে দোষৰ উদ্ভৱ হৈছে।

২। পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি কি? । কেইটা পৰীক্ষণমূলক পদ্ধতি স্বীকাৰ শ কৰিছে? সেইবোবৰ নাম লিখা।

উত্তৰ : শৰীক্ষণ শব্দটো সাধাৰণ অৰ্থত অভিজ্ঞাতাৰ ক্ষেত্ৰত ব্যৱহৃত হৈছে। কেৱলপৰীক্ষাৰ । অৰ্থত ব্যৱহাৰ হোৱা নাই। গতিকে অভিজ্ঞতাৰ নিৰীক্ষণ আৰু পৰীক্ষণ দুই প্ৰকাৰৰহ’ব পাৰে। । গতিকে পদ্ধতিবিলাক পৰীক্ষণ আৰু নিৰীক্ষণ কৰিব পৰা উভয় ক্ষেত্ৰতেই প্রযোজ্য। 

এই পদ্ধতিকঅপসৰণপদ্ধতিবুলি কোৱা হয়। আপ্রাসঙ্গিক বিষয়বৰ্জনকৰিপ্ৰকৃতকাৰণ আৱিষ্কাৰ আৰু প্ৰমাণ কৰাকেই অপসৰণ পদ্ধতি বুলি কোৱা হয়। অন্বেষণীয় ঘটনাৰ লগত যি যি ঘটনাৰ কোনো সম্বদ্ধনাইবাসম্বন্ধ আকস্মিক ধৰণৰ অৰ্থাৎ অপ্রাসঙ্গিক, সেইবোৰক এটা এটাকেইবৰ্জন কৰাইহ’ল অপসৰণ।

মিলে পাঁচ প্ৰকাৰৰ পৰীক্ষণমূলক পদ্ধতি স্বীকাৰ কৰিছে।

সেইবোৰ হ’ল – (ক) অন্বয়ী প্ৰণালী, (খ) ব্যতিৰেকী প্ৰণালী, (গ) মিশ্র অন্বয়ী ব্যতিৰেকী প্রণালী (ঘ) সহপৰিৱৰ্তন প্ৰণালী (ঙ) পৰিশেষ প্রণালী।

৩। ‘অন্বয়ী প্ৰণালী নিৰীক্ষণৰ প্ৰণালী” ব্যাখ্যা কৰা।। 

উত্তৰ নিৰীক্ষণ হ’ল প্ৰাকৃতিক পৰিবেশত সুনিয়ন্ত্ৰিত আৰু উদ্দেশ্য প্রণোদিত প্রত্যক্ষ। অন্বয়ী পদ্ধতি প্রাকৃতিক পৰিৱেশতকৰা অন্বেষণ পদ্ধতি। নিৰীক্ষণৰ জৰিয়তে ইয়াৰদৃষ্টান্তসমূহ সংগ্রহ কৰা হয়। আকৌ নিৰীক্ষণৰ জৰিয়তে সংগৃহীত দৃষ্টান্তসমূহ বিশ্লেষণ কৰা হয়। নিৰীক্ষণৰ জবিয়তে বিশ্লেষিত তথ্যসমূহ পৰস্পৰৰ লগত তুলনা করা হয়। আৰু পৰস্পৰৰ লগত তুলনা না কৰি অন্বয় বা মিল থকা বিষয়টোকেই কাৰ্যৰ কাৰণ বা কাৰণৰ পৰা উদ্ভৱ হোৱা কাৰ্য হিচাপে নিশ্চিত কৰা হয়। গতিকে অন্বয়ী প্রণালী মূলতঃ নিৰীক্ষণৰ প্ৰণালী।

পরীক্ষণ প্রণালীর সীমাবদ্ধতা হ’ল, পরীক্ষার দ্বারা প্রকৃতিক ঘটনাবলী যেনে ধুমুহা ভূমিকম্প আদি বিচাৰ কৰা সম্ভৱ নহয়। তেনে ক্ষেত্ৰত নিৰীক্ষণৰ দ্বাৰা দৃষ্টান্ত সংগ্ৰহ কৰি সেইবোৰক বিশ্লেষণকৰিবলৈ অন্বয়ী পদ্ধতি প্রয়োগ হয়। যিবোৰ ঘটনাকপৰীক্ষণৰদ্বাৰা বিশ্লেষণ কৰিব পাৰি, তেনে ক্ষেত্ৰতো অন্বয়ী প্রণালীর প্রয়োগ সম্ভব। কাৰণ পৰীক্ষণৰ আৰম্ভণি পর্যায়েই হ’ল নিৰীক্ষণ। যিহেতু সকলো নিৰীক্ষণৰ বিষয়বস্তু পৰীক্ষণেৰে সম্ভৱ নহয়, সেয়েহে অন্বয়ী প্ৰণালীক নিৰীক্ষণৰ প্ৰণালী বোলা হয়।

8। ব্যতিৰেকী প্ৰণালী মূলতঃ পৰীক্ষণমূলক প্ৰণালী কিয় ?  

উত্তৰঃ ব্যতিৰেকী প্রণালী মূলতঃ পৰীক্ষণমূলক প্ৰণালী। ব্যতিৰেকী প্রণালী প্রয়োগ কৰিবলৈ হ’লে মাত্ৰ দুটা দৃষ্টান্ত লাগে। কিন্তু এই দৃষ্টান্তদুটা সাধাৰণ দৃষ্টান্তনহয়। এই দৃষ্টান্তদুটাৰ বৈশিষ্ট্য আছে।

যেনে……

প্ৰথমতে, দৃষ্টান্ত দুটাৰ এটাত অন্বেষণীয় ঘটনাটো উপস্থিত থাকিব লাগিব আৰু আনটোত অনুপস্থিত থাকিব লাগিব অর্থাৎ দুটাৰ এটা সম্প্ৰক হ’ব লাগিব।

দ্বিতীয়তে, দৃষ্টান্ত দুটাৰ মাজত কেৱল এটা বিষয়ৰ বাহিৰে আন সকলো বিষয়তে মিল থাকিব লাগিব।

তৃতীয়তে, অমিল থকা বিষয়টো সদর্থক দৃষ্টান্ত সম্পূর্ণ উপস্থিত থাকিব লাগিব আৰুনাক দৃষ্টান্তত সম্পূর্ণভাৱে অনুপস্থিত থাকিব লাগিব।

এনে বৈশিষ্ট্যপূর্ণ দৃষ্টান্ত যদিও সংখ্যাত মাত্র দুটা, নিৰীক্ষণৰ দ্বাৰা তাক সংগ্রহ কৰিব নোৱাৰি। নিৰীক্ষণেৰ দ্বাৰা তাক সংগ্রহ কৰিব নোৱাৰি। নিৰীক্ষণে কেতিয়াও এই বৈশিষ্টবোৰ পূৰণ কৰিব নোৱাৰে। দৃষ্টান্ত দুটাৰ মাজত মাত্ৰ এটা বিষয়ৰ বাহিৰে আন সকলো বিষয়তে সম্পূর্ণ মিল আছে। নে নাই আৰু অমিল থকা বিষয়টো সদর্থক দৃষ্টান্তত উপস্থিত আব্দন একটি দৃষ্টা সম্পূর্ণভাবে অনুপস্থিত আছে নে নাই এনে পৰিশুদ্ধ বিশ্লেষণ প্রাকৃতিক পৰিবেশত কৰা নিৰীক্ষাৰ ব তেতিয়াও সম্ভৱ নহয়। এনে বিশ্লেষণ গবেষণাগাৰত কেবল পৰীক্ষাৰ যাত ব্যতিৰেকী প্ৰণালী প্ৰয়োগৰ বাবে প্ৰয়োজনীয় এনে বৈশিষ্টপূর্ণ দৃষ্টান্ত দুটা পৰীক্ষণেহে মাঠঘা যোগান ধৰিব পাৰে।

৫। ব্যতিৰেকী প্রণালী কোন অপনবণ সূত্ৰৰ ওপমত প্রতিষ্ঠিত ব্যতিে প্ৰয়োগৰ বাবে কি কি বস্তুৰ প্ৰয়োজন? 

উত্তৰঃ ব্যতিবেকী প্রণালীত প্রয়োগ হোৱা অপসাৰ সূত্ৰটোইল – তাৰ কোনো ক্ষতি নকৰাকৈ যদি পূর্ববর্তী ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি, সেই অংশটো কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’বইলাগিব।” কাৰণ সদায় পূৰ্বৱৰ্তী ঘটনা আৰু কাৰ্য অনুৱর্তী ঘটনা। পূর্ববর্তী ঘটনার কোনো বিশেষ অংশক বাদ দি যদি কাৰ্যটো নঘটে, তেনেহ’লে তাৰ পৰা নিশ্চিত কৰিব পাৰি যে বাদ দিয়া অংশটো কারণ বা কাৰণৰ অবিচ্ছেদ্য অংগ হ’বই লাগিব। ব্যতিৰেকীপ্রণালী মূলতঃ অপসৰণৰ এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত।

ব্যতিৰেকীপ্রণালী প্ৰয়োগৰ বাবে বায়ুপূর্ণ কাঁচৰ পাত্ৰ এটা, বৈদ্যুতিক ঘণ্টা আৰু বায়ুশূন্য কাঁচৰ এটা পাত্ৰৰ প্ৰয়োজন।

দীঘলীয়া প্রশ্ন : (আৰ্হি নং ২)

১।  উদাহৰণমূহ অন্বয়ী প্রণালী ব্যাখ্যা কৰা। 

উত্তৰঃ অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুটা বা ততোধিক দৃষ্টান্তৰ মাজত যদি কোনো এটা মাত্র সামান্য সংস্থিতি থাকে আৰু যদি আটাইকেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিটোতই মাত্র মিল থাকে, তেনেহ’লে সেইটোৱেই অন্বেষণীয় ঘটনাৰ কাৰণ নাইবা কার্য হ’ব। উদাহৰণ স্বৰূপে, ‘মেলেবিয়া জ্বৰ’ কাৰ্যৰ কাৰণ নিৰ্ণয় কৰাৰ কাৰণ দুটাতকৈ অধিক মেলেৰিয়া ৰোগীত দৃষ্টান্ত হিচাপে ল’ব লাগে। দৃষ্টান্ত হিচাপে লোৱা ৰোগীকেইজনৰ মেলেৰিয়াৰ কাৰণ নিৰীক্ষণ কৰি দেখা গ’ল যে খোৱা পানী, দৈনন্দিন আহার, বাসস্থান, শাৰীৰিক ব্যায়াম চর্চা আদিৰ ক্ষেত্ৰত ৰোগীকেইজনৰ বহুত পার্থক্য আছে। কিন্তু তেওঁলোকৰ প্ৰত্যেককে এনফেলিয় মহে কামুৰিছে। এই এন’ফেলিছ মহে কামোৰাটোহে আটাইকেইজন ৰোগীৰ মাজত মিল ঘরা একমাত্র সংস্থিতি। গতিকে সিদ্ধান্ত কৰা হ’ল, এন’কেলিছ মহৰ কামোৰেই মেলেবিয়া জব্ব কাৰণ।

২। উদাহৰণসহ ব্যতিৰেকী প্ৰণালী ব্যাখ্যা কৰা।

উত্তৰ:  অন্বেষণীয় ঘটনাটো উপস্থিত থকা এটা দৃষ্টান্ত আৰু ঘটনাজোট পস্থিতনথকা আন দৃষ্টান্তৰ মাজত যদি কেৱল এটা সংস্থিতি বা বিষয়ৰ বাহিৰে আন সবাতে বিয়াতে সম্পূর্ণভাবে মিল থাকে আৰু মিল নথকা অর্থাৎ পার্থক্য থকা সেই একমাত্র বিষয়টোরেই আয়োজনীয় ঘটনাটোৰ কাৰ্য্য নাইবা কাৰণ নাইবা কাৰণৰ অপৰিহাৰ্য অংগ হব।

গতিকে এটা সমর্থক আনটোনঞর্থক হ’ব লাগিব। আৰু দৃষ্টান্তমুলীৰ মানবাধিবেজী অনিল থকা বিষয়টোৱেই অন্বেষণীয় ঘটনার কার্য বা কারণ হয়। অক্তর উপর ব কাঁচৰ পাত্ৰত বৈদ্যুতিক ঘণ্টা বজালে শব্দ হয়। কিন্তু বায়ুশূন্যতার মানে জানো শহ গতিকে বায়ুৰ উপস্থিতিয়ে শব্দ হোৱাৰ কাৰণ। এই প্রণালী

৩। ব্যতিৰেতী প্ৰণালী প্ৰয়োগৰ তিনিটা সুবিধা আৰু দুটা অসুবিধাৰ বিষয়ে লিখা।

উত্তৰ: এই প্ৰণালী প্ৰয়োগৰ তিনিটা সুবিধা হল 

(ক) মাত্ৰ দুটা দুষ্টান্তৰ প্রয়োজন হক এই দুটিৰ ওপৰত নিৰ্ভৰ কৰিয়েই কাম সহ নির্ণয় কৰা হয়। গতিকে প্রণালী হিচাপে অতি সৰল 

(খ) প্রয়োগৰ সুবিধা থাকিাের্য কারণ সম্বন্ধৰ বিষয়ে হস দিয়ে তাক ব্যতিৰেকী প্রশাসীৰ দ্বাৰা নিশ্চিতভাবে প্রমাণ কৰিব পাৰি।

(গ) ব্যতিরেকীপ্রণালী পৰীৰ ওপৰত নিৰ্ভৰশীল কাৰণে ইয়াৰ সিদ্ধান্ত নিশ্চিত। সেয়েহে ইয়াক অৱেষণীয় পদ্ধতিবোৰ ভিতৰত শ্রেষ্ঠ পদ্ধতি বোলা হয়।

এই প্ৰণালীৰ দুটা অসুবিধা হল–

(ক) পৰীক্ষাৰ প্ৰণালী হোৱাৰ বাবে এই প্রাচীন ৰোগকে অতি সংকীৰ্ণ। কাৰণ পৰীক্ষণ সকলো ক্ষেত্ৰতে প্রদেশ কৰিব নোৱাৰি।

(খ) ব্যতিবেকী প্রণালী সতর্কভাবে পারোগা নকৰিলে অনুমান কাকতালীয় দোষযুক্ত হয়। পাৰে।ঘড়ীটো বন্ধ হোৱাৰ পিছতেই ৰোগীজনৰ মৃত্যু হয়—ইয়াত ইয়াত ব্যতিৰেকীপ্রণালী প্ৰয়োগ কৰি যদি অনুমান করা হয় যে টো বন্ধ হোৱাই ৰোগীজনৰ মৃত্যুৰ কাৰণ তেনেহ’লে এই অনুমান দোকযুক্ত হৈ পৰিব।

8। পৰিশেষপ্রণালীক উদাহৰণসহ ব্যাখ্যা কৰা। 

উত্তৰ নিলৰ মতে, যদি কোনো ঘটনাৰ কোনো আশা পূর্বজ্ঞাত আসনের করা কোনো বিশেষপূর্ববর্তী অংশৰকাৰ্য বুলি জনা যায়, তেনেই সেসময় ঘটনাৰ পৰা সেই অংশকবাদ দিলে যি অংশ অবশিষ্ট থাকে, সেই অংশটো পূর্ববর্তীদেৰ কাহি 

মিলৰ এই সূত্ৰটো ব্যাখ্যা কৰিলে দেখা যায় যে।

(ক) একাধিক কারণ লগার্থিব কার্য সংমিশ্ৰণৰ সৃষ্টি কৰে। 

(খ) প্রদত্ত জটিল কাৰ্যটোৰ কোনো অংশৰ কাৰণ আগমনৰ দ্বাৰা আমাৰ পূর্বজ্ঞাত। কার্যটোৰ অৱশিষ্ট অংশৰ কাৰণ নির্ণয় কৰিব লাগে। 

(গ) শেষত সমগ্ৰ কাৰ্যৰ যি অংশ পুর্ববর্তী ঘটনাৰ বিশেষ অংশৰ কাৰ্য বুলি পূৰ্বজ্ঞাত হৈছে তাক বাদ দি কার্যটোৰ যি অবশিষ্ট অংশ থাকিব সি পূববর্তী ঘটনাব অবশিষ্ট অংশেৰ কার্যহ’ব। বাস্তব উদাহৰণ – পেট্ৰ’লেৰে পূর্ণ গেলেন এটাৰ ওজন ৩০ কিঃগ্রাঃ। আমৰ আগৰে পৰা জনা আছে যে গেলেনটোত ২৫ কিঃগ্রাঃ পেট্রল’ আছে। গতিকে পৰিশেষ পদ্ধতি প্রয়োগ কৰি সিদ্ধান্ত কৰা হ’ল যে গেলেনটোৰ ওজন ৫ কি.গ্রা.।

৫। অন্বয়ী প্ৰণালী প্ৰয়োগৰ দুটা সুবিধা আৰু দুটা অসুবিধাৰ বিষয়ে লিখা। অসুবিধাসমূহ কেনেকৈ দূৰ কৰিব পাৰি?

উত্তৰঃ নিৰীক্ষণ মূলক প্ৰণালী হোৱা হেতুকে আন আন পদ্ধতিৰ তুলনাত ইয়াৰ কেতবোৰ সুবিধা আছে।

(ক) অন্বয়ী প্ৰণালীৰ প্ৰয়োগ ক্ষেত্ৰ অতি ব্যাপক। অতি কম সংখ্যক ঘটনাকে পৰীক্ষণ কৰিব পাৰি কিন্তু জগতৰ সকলো ঘটনাকে নিৰীক্ষণ কৰিব পাৰি। আনহাতে পৰীক্ষণতও নিৰীক্ষণ অপৰিহাৰ্য্য।

(খ) অন্বয়ী প্ৰণালীৰ দ্বাৰা কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্য নিৰ্ণয় কৰিব পাৰি। নিৰীক্ষণ মূলক প্ৰণালী হোৱাৰ কাৰণে নিৰীক্ষণৰ সুবিধাবিলাক অন্বয়ী প্ৰণদীটো আছে। ইয়াত উভয় দিশতেই অর্থাৎ কার্যৰ গৰা কাৰণলৈ আৰু কাৰণৰ পৰা। কাৰ্যনিৰ্ধাৰণ পথত অগ্ৰসৰহ’ব পাৰি। কিন্তু পৰীক্ষণমূলক প্ৰণালীবোৰত তেনে সুবিধা নাই। 

অন্বয়ী প্ৰণালীৰ দুটা অসুবিধা আৰু দূৰীকৰণৰ উপায়—

প্রয়োজনীয় দৃষ্টান্ত সংগ্ৰহৰ অসুবিধা – কাৰণ দৃষ্টান্ত একাধিক হ’ব লাগে। গতিকে দৃষ্টান্ত সংগ্ৰহৰ কাৰণে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। ধূমকেতুৰ কাৰণ নিৰ্ণয় কৰিবলৈ কমেও দুবাৰ ধুমকেতু নিৰীক্ষণ কৰিব লাগিব। দ্বিতীয়তে অসুবিধাটো হৈছে প্রকৃতিগত দোয় বা অপূর্ণতা : নানা কাৰণ সম্ভাৱনাক অন্বয়ী প্ৰণালীৰ প্ৰকৃতিগত দোষ বুলি কোৱা হয় নানা কাৰণত সম্ভাবনাই অম্বয়ী প্রণালীক নিষ্ফল কৰি তোলে। কাৰণ মিল থকা, বিষয়টোৰ লগত অন্বযেনীয় ঘটনার কোনো কার্য কারণ সম্বন্ধ নাথাকিব পাৰে।

প্ৰথম অসুবিধাটো দূৰীকৰণ কৰিব পাৰি দৃষ্টান্তৰ সংখ্যা বৃদ্ধি কৰি। যিমানেই বেচি সংখ্যাক দৃষ্টান্তত মিল থাকিব, সিমানেই নানা কারণ সম্ভাৱনাৰ দোষ কমি যাব।।

দ্বিতীয় উপায় অস্বয়ীব্যতিরেকী প্রয়োগ কদি নানা কাৰণৰ সম্ভাৱনা দূৰ কৰিব পাৰি। কি শুনো অন্বয়ী ব্যতিবেকী প্রণালীটো অন্বয়ী প্ৰণাগীতলৈ উন্নত। গতিকে অম্বন্ধীবাটি ভাগে নানাকাৰণ সম্ভাৱনা দূরীভূত কৰিব পাৰে। 

৬। অন্বেষণীয় পদ্ধতি বুলিলে কি বুজা? এই পদ্ধতি বিলাকতব্যৱহাৰ হোৱা মানবাৰ মূলসূত্ৰাৱলীবোৰলিখা।

উত্তৰঃ মিলৰ অন্বেষণীয় পদ্ধতি হ’ল কাৰণতা চিনাক্তকৰণৰ একপদ্ধতি। এই প্রণালীসমূহে প্ৰকৃতিৰ জটিলতাৰ মাজৰ পৰা কাৰ্য-কাৰণ সম্বন্ধ চিনাক্তকৰণৰ কাৰণে সক্ষম। 

এই পদ্ধতি বিলাকত ব্যৱহাৰ হোৱা অপসৰণৰ মূল সূত্ৰসমূহ হ’ল 

(ক) কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ যদি পূর্ববর্তী ঘটনাৰ কোনো অংশ বাদ দিব পাৰি, সেই অংশ কেতিয়াও কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’ব নোৱাৰে। 

(খ) কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ যদি পূৰ্বৱৰ্তী ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি, সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’বই লাগিব।

(গ) পূর্ববর্তী ঘটনা এটাৰ হ্রাস-বৃদ্ধিৰ লগত যদি অনুবর্তী ঘটাৰো হ্ৰাস বৃদ্ধি হয়, তেনেহ’লে ঘটনা দুটা কাৰ্য-কাৰণ সম্বন্ধেৰে সম্বন্ধিত হ’ব।

৭। মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ এটা বাস্তব উদাহৰণ দিয়া। এই পদ্ধতিটোক দ্বৈত অন্বয়ী প্ৰণালী বুলি কিয় কোৱা হয়। 

উত্তৰঃ যিবোৰ অঞ্চলত এনিফিলিছ মহ আছে তাত মেলেৰিয়া ৰোগ হয়। আনহাতে, যিবোৰ অঞ্চলত এনিফিলিছনাই সেইবোৰ অঞ্চলত মেলেৰিয়া ৰোগনহয়। গতিকে এনিফিলিছ মহেই মেলেৰিয়াৰ কাৰণ।

মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ দ্বাৰা এই সিদ্ধান্তটো পাব পাৰি। 

মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীত সদর্থক দৃষ্টান্ত শ্ৰেণীৰ উপস্থিতিৰ অন্বয়’ আৰু নঞর্থক দৃষ্টান্ত শ্ৰেণীৰ ‘অনুপস্থিতিৰ অন্বয়’ৰ দ্বাৰা কাৰ্য-কাৰণ সম্বন্ধ নির্ণয় কৰা হয়। সেইবাবে ইয়াক দ্বৈত অন্বয়ী প্ৰণালী বুলি কোৱা হয়।

৮। পৰিশেষ প্ৰণালী বুলিলে কি বুজা? এই প্ৰণালীটো নিধন পদ্ধতি নে? 

উত্তৰঃ পৰিশেষ প্ৰণালী মতে “যদি কোনো ঘটনাৰ কোনো অংশক পূর্ণজাত আগমনৰ পৰা কোনো বিশেষ পূর্ববর্তী অংশৰ কাৰ্য বুলি জনা যায়, তেনেহ’লে সমগ্ৰ ঘটনাৰ পৰা সেই অনেক বাদ দিলে যি অংশ অবশিষ্ট থাকে, সেই অংশটো পূর্ববর্তী অৱশিষ্ট অংশৰ কাৰ্য হ’ব।”

নিৰীক্ষণৰ জৰিয়তে আমি জানিব পাৰো যে কিছুমান অনুবর্তী ঘটনাই সদায় পূর্ববর্তী ঘটনাক অনুসৰণ কৰে। তাৰ পৰাই আমি পৰিশেষ প্রণালী প্রয়োগ কৰি জটিল ঘটনাটোৰ অবশিষ্ট অংশক পূর্ববর্তী ঘটনাৰ অৱশিষ্ট অংশৰ কাৰ্য বুলি নির্ণয় কৰিব পাৰো। এইক্ষেত্র ও অভিজ্ঞতাৰ পৰা নিগমন পদ্ধতিয়ে আমাক সহায় কৰিব পানে। সেইবাবে পৰিশেষ প্রণালী পদ্ধতি বুলি কোৱা হয়।

৯। অন্বয়ী পদ্ধতিৰ তিনিটা সুবিধা উল্লেখ কৰা।। 

উত্তৰঃ অন্বয়ী পদ্ধতিৰ তিনিটা সুবিধা হ’ল

(ক) অন্বয়ী প্ৰণালীৰ প্রয়োজনক্ষেত্র অতি ব্যাপক। অন্বয়ী প্রণালী নিৰীক্ষণ প্ৰণালী। কার্য কাৰণ নির্ণয়ৰ উদ্দেশ্য জগতৰ সকলো ঘটনাৰ ক্ষেত্ৰতেই এই প্রণালী প্রয়োগ কৰিব পাৰি।

(খ) অন্বয়ী প্ৰণালীৰ দ্বাৰা কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পাৰি। অন্বয়ী প্রণালী নিৰীক্ষণ মূলক, গতিকে ইয়াৰ দ্বাৰাও উভয় দিশতেই কার্য-কাৰণ নিৰ্ধাৰণৰ পথত অগ্ৰসৰ হ’ব পাৰি।

(গ) অন্বয়ী প্রণালীয়ে কাৰণ সম্পর্কে প্রকল্প গঠন কৰাত আৰু কারণ আৱিষ্কাৰ কৰাত সহায় কৰে।

(ঘ) অন্বয়ী প্রণালীয়ে কাৰণ সম্পর্কে প্রকল্প গঠন কৰাত আৰু কাৰণ আৱিষ্কাৰ কৰাত সহায় কৰে। অন্বয়ী প্ৰণালীয়ে গঠন কৰা প্ৰকল্পবোৰেই পিছত অন্বয়ী ব্যতিৰেকী আদি আন প্ৰণালীবোৰৰ দ্বাৰা প্ৰমাণিত হয়।

Leave a Reply