Class 12| Logic And Philosophy| Chapter-2| আগমনৰ ভিত্তি

Class 12| Logic And Philosophy| Chapter-2| আগমনৰ ভিত্তি। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12| Logic And Philosophy| Chapter-2| আগমনৰ ভিত্তি পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदी Click Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12| Logic And Philosophy| Chapter-2| আগমনৰ ভিত্তি

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12| Logic And Philosophy| Chapter-2| আগমনৰ ভিত্তি ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

দ্বিতীয় অধ্যায় 

অতি চমু প্রশ্ন : (মূল্যাংক : ১)

১। আগমনৰ ভিত্তি কেই প্ৰকাৰৰ?

উত্তৰঃ দুই।

২। “প্ৰকৃতিৰ একৰূপতা বিধি বিভিন্নতাক অস্বীকাৰ নকৰে” – উক্তিটো স্বীকাৰ কৰা নে?

উত্তৰঃ উক্তিটো সঁচা।

৩। ……“কাৰ্যকাৰণ বিধি আগমনৰ এটা বস্তুগত ভিত্তি” — স্বীকাৰ কৰা নে? 

উত্তৰঃ উক্তিটো সঁচা নহয়। 

৪। ……-অৱস্থাত প্রকৃতিয়ে সদায় একেদৰে আচৰণ কৰে।

উত্তৰঃ একে।

৫। “কাৰণ অনুকূল আৰু প্ৰতিকূল উপকৰণৰ সমষ্টি” – কোনে কৈছে?

উত্তৰঃ মিলে কৈছে।

৬। কাৰ মতে কাৰণ কাৰ্যৰ নিয়ত পূর্ববর্তী ঘটনা? 

উত্তৰঃ: ডেভিড হিউমৰ মতে।

৭। যিকোনো এটা পূর্ববর্তী ঘটনাক তাৰ পৰৱৰ্তী ঘটনাৰ কাৰণ বুলি ধৰি ল’লেই— দোষেৰে দূষিত হয়। 

উত্তৰঃ কাকতালীয়।

৮। কাৰ মতে ‘নিৰীক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হৈছেঘটনাৰ সৃষ্টি’?

উত্তৰঃ বেইনৰ মতে।

৯। নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত কোনো গুণগত পার্থক্য নাই, পার্থক্য মাথো পৰিমানৰহে” — কথাষাৰ কোনে কৈছে?

উত্তৰঃ কথাষাৰ জেভঞ্চে কৈছে।

১০। পর্যবেক্ষণৰ দোষবোৰ কি কি? 

উত্তৰঃ অপর্যবেক্ষণ বা অনৱেক্ষণ দোষ আৰু ভ্ৰান্ত পর্যবেক্ষণ দোষ।

১১। পৰিমাণগত দিশৰ পৰা কাৰণ কাৰ্যৰ সমান হয়নে?

উত্তৰঃ হয়।

১২। প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিটো আগমনৰ কোন প্ৰকাৰৰ ভিত্তি? 

উত্তৰঃ আগমনৰ আকাৰৰ্গত ভিত্তি।

১৩। “আগমণৰ বিৰোধাভাসটো প্ৰকৃতিৰ একৰূপতা বিধিৰ লগত জড়িত” —–কথাষাৰ সঁচা নে?

উত্তৰঃ সঁচা।

১৪। “আগমনৰ ভিত্তিটো সৰল গণনাভিত্তিক আগমনৰ ফল”—কোনজন তর্কবিজ্ঞানীয়ে কৈছিল?

উত্তৰঃ মিলে।

১৫। “গুণগতভাৱে কাৰণ কাৰ্যৰ নিয়ত অব্যৱহিত, চর্তহীন, পূর্বৱর্তী, ঘটনা আৰু পৰিমাণগতভাৱে কাৰ্য আৰু কাৰণ সমপৰিমাণৰ।”—কথাষাৰ কোনজন তর্কবিজ্ঞানীয়ে কৈছিল?

উত্তৰঃ কাৰডেথ ৰীডে।

১৬। কোনজন তর্কবিজ্ঞানীয়ে কাৰণক সদর্থক আৰু নঞর্থক উপকাৰণৰ সমষ্টি বুলি কৈছিল?

উত্তৰঃ মিলে।

১৭। “নিৰীক্ষণ নিষ্ক্রিয় অভিজ্ঞতা আৰু পৰীক্ষণ হ’ল সক্রিয় অভিজ্ঞতা”—কথাষাৰ কৈছে?

উত্তৰঃ ষ্টকে।

১৮। “কার্যকাৰণ বিধিটো আগমনৰ বস্তুগত ভিত্তি” কথাষাৰ সঁচা নে?

উত্তৰঃ সঁচা নহয়।

চমু প্রশ্ন (আৰ্হি নং-১) :

১। আগমনৰ ভিত্তি বুলিলে কি বুজা?

উত্তৰঃ যি ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি আগমনে সিদ্ধান্তৰ আকাৰগত আৰু বস্তুগত সত্যতা প্রতিষ্ঠা করে তাকে আগমনৰ ভিত্তি বোলে।

২। প্ৰকৃতিৰ একৰূপতা বিধি বুলিলে কি বুজা ? 

উত্তৰঃ প্ৰকৃতিৰ একৰূপতা বিধিৰ মূল অৰ্থ হৈছে যে একে অৱস্থাত প্রকৃতিয়ে সদায় একেদৰে আচৰণ কৰে। যি অৱস্থাত যি ঘটিছিল, সেই অৱস্থাৰ পুনৰাবৃত্তি ঘটিলে ঘটনাটোৰ পুনৰাবৃত্তি ঘটিব। 

৩। কাৰণ কি?

উত্তৰঃকাৰণ হ’ল বিভিন্ন উপকৰণৰ এটা সমষ্টি। কাৰণ উপস্থিত থাকিলে কার্য উপস্থিত থাকিবই। আকৌ কাৰণ অনুপস্থিত থাকিলে কাৰ্য অনুপস্থিত থাকে। জগতৰ সকলোবোৰ ঘটনা কাৰ্য আৰু কাৰণৰ সম্বন্ধেৰে জড়িত হৈ আছে। কাৰণ নোহোৱাকৈ কোনো কার্য সংঘটিত হ’ব নোৱাৰে।

8। উপাদান কাৰণৰ সংজ্ঞা দিয়া।

উত্তৰঃ যি উপাদানৰ সহায়ত কার্য উৎপাদন কৰা হয় তাক উপাদান কাৰণ বোলে।

৫। নানা কাৰণবাদ বুলিলে কি বুজা?

উত্তৰঃ নানা কাৰণবাদ বুলিলে একে কার্য বিভিন্ন সময়ত বা বিভিন্ন অৱস্থাত বিভিন্ন কাৰণৰ দ্বাৰা উৎপন্ন হোৱাকে বুজায়।

৬। এবিষ্ট টলৰ মতে কাৰণ সেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃএবিষ্ট টলৰ মতে, কাৰণ চাৰি প্ৰকাৰৰ। যেনে – (ক) উপাদান কাৰণ 

(খ) আকাৰ্গত কাৰণ 

(গ) নিমিত্ত কাৰণ 

(ঘ) পৰিণাম কাক

৭। উপকাৰণৰ সংজ্ঞা দিয়া। উপকাৰণ সেই প্ৰকাৰৰ?

উত্তৰঃ কাৰণৰ অপৰিহার্য অংশক উপকাৰণ বোলে। উপকাৰণ দুই প্রকাবৰ। যেনে— অনুকুলৰ বা সদৰ্থক উপকাৰণ আৰু প্ৰতিকূল বা নঞর্থক উপকাৰণ।

৮। কাৰণ সমন্বয় বুলিলে কি বুজা?

উত্তৰঃ কাৰণ সমন্বয় মতে বহুকেইটা কাৰণ লগ লাগি কোনো এটা জটিল কার্য সম্পাদন কা বুজায়।

৯। সৰল পৰ্যৱেক্ষণৰ দুটা সুবিধা উল্লেখ কৰা ।

উত্তৰঃ সৰল পৰ্যবেক্ষণৰ দুটা সুবিধা হ’ল— 

(ক) পৰীক্ষণৰ তুলনাত সৰল পৰ্যবেক্ষণৰ পৰিসৰ অতি ব্যাপক।

(খ) সৰল পৰ্যবেক্ষণত কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্যলৈ যাব পাৰি।

১০। প্ৰকৃতিৰ একৰূপতা বিধিটো কেইভাগে ভাগ কৰিব পাৰি? আৰু কি কি ভাবে ভাগ কৰিব পাৰি?

উত্তৰঃ প্ৰকৃতিৰ একৰূপতা বিধিটো দুইভাগত ভাগ কৰিব পাৰি । যেনে –

(ক) অনুক্ৰমিতাৰ একৰূপতা, 

(খ) সহ অৱস্থানৰ একৰূপতা। 

১১। কার্য সংমিশ্ৰণৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ কাৰ্য সংমিশ্ৰণৰ ভাগ দুটা । যেনে –

(ক) সমজাতীয় কার্য সংমিশ্ৰণ আৰু 

(খ) বিজাতীয় কার্য সংমিশ্রণ। 

১২। নানা কাৰণবাদ আৰু কাৰণ সমন্বয়ৰ মাজৰ পাৰ্থক্য দুটা লিখা।

উত্তৰঃনানা কাৰণবাদ আৰু কাৰণ সমন্বয়ৰ মাজৰ পাৰ্থক্য দুটা হ’ল

(ক) নানা কাৰণবাদ মতে, কাৰ্যৰ অন্তৰ্গত কাৰণবোৰে পৃথকে পৃথকে কাৰ্যটো সম্পাদন কৰিব পাৰে। কিন্তু কাৰ্যটো সমন্বয়ত কাৰ্যৰ অন্তৰ্গত কাৰণবোৰে পৃথকে কাৰ্যটো সম্পাদ কৰিব নোৱাৰে।

(খ) নানা কাৰণবাদ এক ভ্রান্ত ধাৰণা কিন্তু কাৰণ সমন্বয় ভ্রান্ত ধাৰণা নহয়।

১৩। আগমনৰ বিৰোধাভাস বুলিলে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰ একৰূপতা বিধিটো সকলো আগমনৰে এক আকাৰৰ্গত ভিত্ত আৰু পূৰ্বস্বীকার্য। এই বিধিক সকলো আগমন সঠিক সিদ্ধান্ত প্রতিষ্ঠাৰ ক্ষেত্ৰত আগতীয়াকৈ স্বীকাৰ কৰি লোৱা হয়। তথাপি মিলে অন্য এক প্ৰসংগতে ইয়াক সৰল গণনাভিত্তিক আগমনৰ ফল বুলি অভিহিত কৰে। মিলৰ প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কীয় উক্তি দুটা পৰস্পৰ বিৰোধী। মিলৰ মৰ এই বিৰোধকেই আগমনৰ বিৰোধাভাস বুলি জনা যায়।

১৪। সক্ৰিয় আৰু নিষ্ক্রিয় উপকাৰণৰ মাজত পাৰ্থক্য নির্ণয় কৰা। 

উত্তৰঃকৰ্তাই কৰ্মৰ ওপৰত ক্রিয়া কৰে। এই ক্রিয়াশীল উপকাৰণেই হৈছে সক্রিয় উপকাৰণ। যেনে জ্বলি থকা জুই শিখা এটা খেৰৰ দ’মৰ ওপৰত পেলাই দিয়াৰ পিছত পুৰি দাহ হৈ গ’ল। ইয়াত জুই শিখাটো হ’ল সক্রিয় উপকাৰণ। 

আকৌ যাৰ ওপৰত কাৰ্যটো কৰা হয় সি হৈছে কৰ্ম, গতিকে ওপৰৰ উদাহৰণটোত খেৰৰ দমটো হ’ল নিষ্ক্রিয় উপকাৰণ।

চমু প্রশ্ন (আৰ্হি নং – ২) : 

১। পর্যবেক্ষণৰ সাধাৰণ চৰ্তবোৰ কি?

উত্তৰঃপৰ্যবেক্ষণ হ’ল এক নির্দিষ্ট উদ্দেশ্যৰে সুনিয়ন্ত্রিত সুস্পষ্ট প্রত্যক্ষ পৰ্যবেক্ষণৰ সাধাৰণ চৰ্তসমূহ হ’ল—

(ক) বৌদ্ধিক চৰ্ত ঃ শুদ্ধ পর্যবেক্ষণৰ বাবে পর্যবেক্ষকজন বৌদ্ধিকভাৱে সুস্থ হ’ব লাগিব। জ্ঞানৰ প্ৰতি থকা আগ্রহ বা অনুৰাগেই হল পৰ্যবেক্ষণৰ বৌদ্ধিক চৰ্ত। 

(খ) দৈহিক চৰ্ত : শাৰীকি ইন্দ্ৰিয়সমূহেই হ’ল পৰ্যবেক্ষণৰ দৈহিক চৰ্ত। নির্ভুল পৰ্যবেক্ষণৰ কাৰণে সেয়েহে সুস্থ-সবল ইন্দ্ৰিয়ৰ ভূমিকা অতি গুৰুত্বপূর্ণ। সেয়েহে শুদ্ধ পর্যবেক্ষণৰ বাবে সুস্থ-সবল ইন্দ্ৰিয় আৰু শৰীৰেই হৈছে শাৰীৰিক বা দৈহিক চৰ্ত।

(গ) নৈতিক চৰ্ত ঃ নিৰপেক্ষতাক পৰ্যবেক্ষণত আটাইতকৈ প্ৰয়োজনীয় চৰ্ত বুলি বিবেচনা কৰা হয়। ইন্দ্ৰিয় সমূহক মনটোৱে মুক্ত শাসন কৰে সেয়েহে শুদ্ধ পর্যবেক্ষণৰ কাৰণে মনটো নিৰ্দেষ বা সংস্কাৰ মুক্ত হ’ব লাগিব। পূৰ্বধাৰণা বা কু-সংস্কাৰ বা অন্ধবিশ্বাস বা পক্ষপাতিত্ব আদিৰে ভৰপূৰ মন এটাই কেতিয়াও শুদ্ধ পর্যবেক্ষণ কৰিব নোৱাৰে। গতিকে মনটো নির্দোষ বা সংস্কাৰ মুক্ত হ’ব লাগিব।

২।“নানাকাৰণবাদ কাৰণ সম্পৰ্কীয় এক ভ্রান্ত ধাৰণা” – কিয় ? 

উত্তৰঃ নানাকাৰণবাদ কাৰণ সম্পৰ্কীয় এক ভ্রান্ত ধাৰণা । কাৰণ —

প্রথমতে, নানাকাৰণবাদত ঘটনাৰ অন্তৰ্গত বিভিন্ন কাৰণবোৰৰ সাধাৰণ লক্ষণৰ ওপৰত গুৰুত্ব দিয়া নহয়৷ উদাহৰণস্বৰূপে, মৃত্যু নানা কাৰণত হ’ব পাৰে যেনে – বেমাৰ, দুর্ঘটনা, আত্মহত্যা, হত্যা আদি। কিন্তু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাটো সকলোবিলাক মৃত্যুৰ কাৰণে অপৰিহাৰ্য। গতিকে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাটোৱে মৃত্যুৰ কাৰণ।

দ্বিতীয়তে, নানাকাৰণবাদত কাৰ্যৰ বিশিষ্ট স্বভাৱৰ ওপৰত গুৰুত্ব নিদিয়াকৈ কাৰণৰ বিশিষ্ট স্বভাৱৰ ওপৰত গুৰুত্ব দিয়া হয়। মৃত্যুৰ কাৰণবোৰৰ স্বভাৱ বেলেগ বেলেগ হোৱা বাবে, মৃত্যু কার্যটোও বেলেগ বেলেগ স্বভাৱৰ হৈছে। বেমাৰত হোৱা মৃত্যু, দুৰ্ঘটনাত হোৱা মৃত্যুৰ পৰা বেলেগ। হত্যা আৰু আত্মহত্যাৰ মৃত্যুৰ স্বভাববোৰো বেলেগ বেলেগ। গতিকে কাৰ্যৰ বিশিষ্ট স্বভাৱ লক্ষ্য নকৰি কাৰণৰ বিশিষ্ট স্বভাৱ লক্ষ্য কৰিলে নানাকাৰণবাদ সম্পৰ্কীয় ভ্রান্ত ধাৰণা উৎপন্ন হয়।

তৃতীয়তে, বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা নানাকাৰণবাদ গ্রহণযোগ্য নহয়। সংজ্ঞা মতে, কাৰণ কাৰ্যৰ চৰ্তহীন, নিয়ত, অব্যৱহৃত পূর্ববর্তী ঘটনা। কিন্তু নানাকাৰণবাদ মতে কাৰ্য নানা কাৰণৰ পৰা ঘটিব পাৰে। গতিকে নানাকাৰণবাদ গ্রহণযোগ্য মতবাদ নহয়।

৬। উদাহৰণৰ সৈতে প্রযোজক আৰু সংস্থাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ যি শক্তিয়ে কৰ্ম সঞ্চাৰ কৰে বা ক্ৰিয়াক উদ্দীপিত কৰে তাকে প্রযোজক বোলে। আকৌ, পাৰিপাৰ্শ্বিক ঘটনাৰ যি সমাবেশত প্রযোজকে বা ক্রিয়া উদ্দীপক শক্তিয়ে কার্য উৎপাদন কৰে, সেই ঘটনা সমাবেশক সংস্থা বোলে।

উদাহৰণ —– জ্বলি থকা দিয়াচলাইৰ কাঠি এডাল শুকান খেৰৰ দ’ম এটাত লগাই দিয়াত জুই জ্বলি উঠিল। ইয়াত জ্বলি থকা কাঠিডাল প্রযোজক আৰু শুকান খেৰৰ দ’মটো সংস্থা।

8। উদাহৰণৰ সৈতে কাৰণ সমন্বয়ক ব্যাখ্যা কৰা। 

উত্তৰঃ প্ৰতিটো কাৰ্যৰে এটা কাৰণ থাকে। এটা কাৰণে মাত্ৰ এটা কাৰ্যহে উৎপাদন কৰিব পাৰে। কিন্তু কেতিয়াবা এটা কাৰ্য উৎপাদন কৰিবৰ বাবে তাত বহুতো কারণ যুক্ত হৈ থাকে। এনে জটিল কার্য কোনো এটা কাৰণে অকলে সম্পাদন কৰিব নোৱাৰে। একাধিক কাৰণ সংযোজিত হৈ একেলগে ক্ৰিয়া কৰি কোনো এটা জটিল কার্য সম্পাদন কৰিলে, কাৰণবোৰক কাৰণ সমন্বয় বোলে।

উদাহৰণ— পানী, চেনি, চাহপাত, গাখীৰ আদি কেইবাটাও উপাদান মিহলাই চাহ প্ৰস্তুত কৰিব পাৰি। চাহ প্রস্তুত কৰোতে উপাদানবোৰ বেলেগ বেলেগ নাথাকি একত্রিতভাৱে বা সংমিশ্রিতভাবে • কাৰ্যটো সম্পাদন কৰিছে।

৫। পৰীক্ষণৰ তুলনাত পর্যবেক্ষণৰ তিনিটা সুবিধা উল্লেখ করা। 

উত্তৰঃ পৰীক্ষণৰ তুলনাত পর্যবেক্ষণৰ তিনিটা সুবিধা হল—

(ক) পৰীক্ষণৰ তুলনাত পর্যবেক্ষণৰ পৰিসৰ অতি ব্যাপক। প্রকৃতি ৰাজ্যত ঘটি থকা ঘটনা কিছুমান সদায় আৰু কিছুমান মাজে সময়ে ঘটে। যিহেতু ঘটনাবোৰ নিৰীক্ষকৰ নিয়ন্ত্রণাধীন নহয়, সেয়েহে ঘটনাৰ পৰ্যবেক্ষণ পৰীক্ষণৰ সলনি সৰল পৰ্যৱেক্ষণে সম্ভৱ কৰি তোলে।

(খ) সৰল পৰ্যবেক্ষণত কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্যলৈ যাব পাৰি। আগমনত অন্বেষণীয় ঘটনাবোৰ কেতিয়াবা কার্য হিচাপে আৰু কেতিয়াবা কাৰণ হিচাপে নিৰীক্ষকৰ চকুত ধৰা দিয়ে। সৰল পৰ্যবেক্ষণৰ সহায়ত কাৰ্যটো জনা থাকিলে তাৰ কাৰণটো অনুসন্ধান কৰিব পাৰি। আকৌ কাৰণটো জনা থাকিলে তাৰ কাৰ্য কি হ’ব সেইটো নিৰ্ণয় কৰিব পাৰি।

(গ) সৰল পৰ্যবেক্ষণৰ স্থান পৰীক্ষণৰ আগত। ঘটনা এটা প্রত্যক্ষ কৰোতে সদায় প্রথমতে সবল পৰ্যবেক্ষণৰ সহায় ল’ব লগা হয়। সীমিত পৰিসৰত পৰীক্ষণ সম্ভৱ কিন্তু ব্যাপক পৰিসৰত অকল সৰল পৰ্যবেক্ষণতে সন্তুষ্ট থাকিব লগা হয়।

৬। পৰ্যবেক্ষণৰ তুলনাত পৰীক্ষণৰ তিনিটা সুবিধা উল্লেখ কৰা। – 

উত্তৰঃপৰ্যবেক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধা তিনিটা হ’ল—

(ক) পৰীক্ষণত ঘটনা পুনঃ পুনঃ প্রত্যক্ষ কৰিব পাৰি। কৃত্রিম পৰিবেশত ঘটনা প্রস্তুত কৰা হয় বাবে, পৰিবেশ আৰু ঘটনা দুয়োটাই পৰীক্ষকৰ নিয়ন্ত্রণাধীন। প্রয়োজন সাপেক্ষে একাধিকবাৰ ঘটনাটো প্ৰস্তুত কৰি পৰীক্ষা কৰিব পাৰি। নিৰীক্ষণত প্ৰাকৃতিক পৰিবেশত ঘটনাটো ঘটিলেহে নিৰীক্ষণ কৰাটো সম্ভৱ। নিৰীক্ষকে প্রকৃতিক নিয়ন্ত্রণ কৰিব নোৱাৰে।

(খ) পৰীক্ষণত পৰীক্ষণীয় ঘটনাক পৰীক্ষকে অপ্রাসঙ্গিক ঘটনাৰ পৰা সম্পূৰ্ণৰূপে পৃথক কৰিব পাৰে। প্ৰকৃতিৰ ঘটনাবোৰ বৰ জটিল। মিশ্ৰিত ৰূপতহে সেইবোৰ পৰ্যবেক্ষকৰ আগত উপস্থাপিত হয়। পৰীক্ষকে নিজৰ সুবিধামতে ঘটনা বিশ্লেষণ কৰিবলৈ অপ্রাসঙ্গিক ঘটনাৰ পৰা পৃথক কৰি ঘটনা পর্যবেক্ষণ কৰে।

(গ) পৰীক্ষণত পৰীক্ষকে ধীৰ স্থিৰভাৱে পৰীক্ষণ কার্য চলাই যাব পাৰে। যিহেতু পৰিবেশ আৰু ঘটনা পৰীক্ষকৰ নিয়ন্ত্রণত থাকে। কিন্তু নিৰীক্ষণত নিৰীক্ষকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল কাৰণে ততাতৈয়াকৈ ঘটনাবোৰ প্ৰত্যক্ষ কৰিব লগাত পৰে। 

৭। অপৰ্যবেক্ষণ দোষ আৰু ভ্ৰাস্ত পর্যবেক্ষণ দোষৰ মাজৰ দুটা বৈসাদৃশ্য লিখা।

উত্তৰঃ অপৰ্যবেক্ষণ দোষ আৰু ভ্ৰাস্ত পর্যবেক্ষণ দোষৰ মাজৰ বৈসাদৃশ্য দুটা হ’ল—

(ক) অ-পর্যবেক্ষণত প্রাসঙ্গিক দৃষ্টান্তৰ বা পৰিস্থিতিৰ পৰ্যৱেক্ষণ কৰা নহয়। কিন্তু ভ্ৰান্ত পর্যবেক্ষণত ভুল পর্যবেক্ষণ হয়। এটা বস্তুৰ ঠাইত আন এটা বস্তু পর্যবেক্ষণ করা হয়। 

(খ) অ-পর্যবেক্ষণত প্রয়োজনীয় তথ্যসমূহ আমাৰ অজ্ঞাতসাৰেই ৰৈ যায়। কিন্তু ভ্ৰান্ত পর্যৱেক্ষণত তথ্যসমূহ ৰৈ নাযায়। তাৰ ঠাইত এটা বেলেগ তথ্য পোৱা যায়।

৮। নিৰীক্ষণ সম্পূৰ্ণৰূপে নিষ্ক্রিয় অভিজ্ঞতা নেকি? ব্যাখ্যা কৰা। 

উত্তৰঃ ষ্টক আদি কিছুমান তর্কবিদে নিৰীক্ষণক নিষ্ক্রিয় অভিজ্ঞতা বুলি অভিহিত কৰিছে। আনহাতে পৰীক্ষণক সক্ৰিয় অভিজ্ঞতা বুলি কৈছে। নিৰীক্ষণৰ ক্ষেত্ৰত আমি,যিহেতু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে প্ৰকৃতিৰ কাম-কাজত কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰে। সেইবোৰ যেনেকৈ ঘটে তেনেকৈয়ে লক্ষ্য কৰি যোৱাই নিৰীক্ষকৰ কাম। গতিকে নিৰীক্ষণ নিষ্ক্রিয় অভিজ্ঞতা। আনহাতে, পৰীক্ষণত বিষয়বস্তু কৃত্ৰিম পৰিবেশত কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হয়। সেয়েহে ইয়াত পৰীক্ষকজন যথেষ্ট সক্ৰিয় হৈ থাকিব লগাত পৰে। কিন্তু নিৰীক্ষণ যে একেবাৰে নিষ্ক্রিয় অভিজ্ঞতা, এইটো কথাও সত্য নহয়। নিৰীক্ষকজন যদি মানসিকভাবে সক্রিয় নহয় তেনেহ’লে নিৰীক্ষণৰ বিষয়বস্তু নির্বাচন, বিশ্লেষণ আৰু অপ্রাসঙ্গিক উপাদানসমূহ বর্জন আদি এনে ধৰণৰ কামবোৰ কৰিব নোৱাৰে। সেইবাবে ইয়াত নিৰীক্ষকজনৰ যথেষ্ট মানসিক প্রস্তুতিৰ প্ৰয়োজন।

৯। পৰীক্ষণ আৰু নিৰীক্ষণক আগমন অনুমানৰ বস্তুগত ভিত্তিবুলি কিয় কোৱা হয়?

উত্তৰঃ পৰীক্ষণ আৰু নিৰীক্ষণ দ্বাৰা আগমনৰ বস্তুগত সত্যতা নিৰূপণ কৰা হয়। এই দুটা প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি আগমন অনুমানৰ বস্তুগত সত্যতা নির্ণয় করা হয়। সেইবাবে নিৰীক্ষণ আৰু পৰীক্ষণ আগমন অনুমানৰ বস্তুগত ভিত্তি।

১০। পর্যৱেক্ষণ দোষ কেই প্ৰকাৰৰ ? উদাহৰণৰ সৈতে প্ৰতিটোৰ সংজ্ঞা দিয়া। 

উত্তৰঃ তর্কবিদ মিলৰ মতে পর্যবেক্ষণ দোষ দুই প্ৰকাৰৰ—

(ক) অ-পর্যরেক্ষণ দোষ বা অনৱেক্ষণ দোষ

(খ) ভ্রান্ত পর্যৱেক্ষণ দোষ বা কু-পর্যবেক্ষণ দোষ।

যি পর্যবেক্ষণত ভুল হয় অর্থাৎ এটা বস্তুক আন এটা বেলেগ বস্তু বুলি ভৱা হয়, তেনে পর্যবেক্ষণক ভ্রান্ত পর্যবেক্ষণ বুলি কোৱা হয়। দোষ যুক্ত ইন্দ্রিয় বা প্রাকৃতিক পৰিৱেশ পৰ্যবেক্ষণৰ বাবে উপযুক্ত নহলে ভ্রান্ত পর্যবেক্ষণ দোষ ঘটে। যেনে, কম পোহৰত ৰচী এডালক সাপ বুলি ভুল প্রত্যক্ষ কৰা। সেয়েহে ভ্ৰান্ত পৰ্যৱেক্ষণ নহ ধৰ বাবে প্ৰাকৃতিক পৰিৱেশ আৰু ইন্দ্ৰিয়সমূহ যথোপযুক্ত হোৱা দৰকাৰ।

পৰ্যবেক্ষণৰ সময়ত পৰ্যবেক্ষণৰ লগত সম্পর্কিত বিষয়বস্তুসমূহক বা বাস্তুসমূহক লক্ষ্য নকৰাৰ ফলত পর্যবেক্ষণত যি দোষ ঘটে তাকে অপর্যবেক্ষণ দোষ বোলে।

অপর্যবেক্ষণ বা অনৱেক্ষণ দোেষ দুই ভাগত ভগাব পাৰি—

(ক) প্ৰাসংগিক দৃষ্টান্তৰ অপৰ্যৱেক্ষণ দোষ-পৰ্যৱেক্ষণৰ সময়ত প্ৰাসংগিক দৃষ্টান্তবোৰত বাদ দি অপ্ৰাসংগিক দৃষ্টান্তবোৰত গুৰুত্ব দি কাৰ্য কাৰণ নিৰ্ণয় কৰোতে যি দোষ দেখা দিয়ে তাক প্ৰাসংগিক দৃষ্টান্তৰ অপৰ্যৱেক্ষণ দোষ বোলে।

(খ) প্ৰাসংগিক পৰিস্থিতিৰ অপৰ্যবেক্ষণ দোষ- যেতিয়া প্ৰাসংগিক সকলোবোৰ ঘটনাকে ভালদৰে চালিজাৰি নাচাই মাত্র যিকোনো এটা পূর্বৱৰ্তী ঘটনাকে প্রধান কাৰণ হিচাবে চিহ্নিত কৰো তেতিয়াই পৰ্যৱেক্ষণ দোষমুক্ত হৈ পৰে। ইয়াকে প্ৰাসংগিক পৰিস্থিতিৰ অপর্যবেক্ষণ দোষ বোলে।

১১। কাকতালীয় দোষ বুলিলে কি বুজা? উদাহৰণ দিয়া । 

উত্তৰঃকাৰ্যৰ আগত অসংখ্য ঘটনা ঘটে। কিন্তু যিকোনো এটা পূর্বৱর্তী ঘটনাই তাৰ পৰৱৰ্তী ঘটনাৰ কাৰণ হ’ব নোৱাৰে। কাৰণ হ’বলৈ হ’লে ই নিয়ত অর্থাৎ অপৰিৱৰ্তনীয় হ’ব লাগিব। যিকোনো এটা পূর্বৱর্তী ঘটনাক তাৰ পৰৱৰ্তী ঘটনাৰ কাৰণ বুলি ধৰি ল’লে ই কাকতালীয় দোষেৰে দূষিত হোৱাৰ সম্ভাৱনা থাকে। যেনে এডাল তাল গছত হঠাৎ এটা কাউৰী আহি পৰাত গছত থকা তালবিলাক সৰি পৰিল। ওপৰে ওপৰে চালে কাউৰীজনীকে তাল সৰাৰ কাৰণ বুলি কোৱা হয়।

১২। আগমনৰ আকাৰ্গত আৰু বস্তুগত ভিত্তিৰ মাজৰ পাৰ্থক্য লিখা। – 

উত্তৰঃ আগমন অনুমান এটা আকাৰ্গতভাৱে সত্য হ’বলৈ হ’লে অনুমানটোৰ বাস্তৱ ঘটনাৰ লগত মিল থাকিব লাগিব। আগমনৰ আকাৰ্গত ভিত্তি দুই বিধ।

(ক) প্ৰকৃতিৰ একৰূপতা বিধি আৰু 

(খ) কার্যকৰণ বিধি। আগমণৰ আকাৰ্গত ভিত্তিটোৱে আগমনৰ আকাৰ্গত সত্যতা প্রতিষ্ঠা কৰে।

বিশেষ বিশেষ দৃষ্টান্তবোৰৰ পৰা সামান্য সত্যতাত উপনীত হ’বলৈ হ’লে আৰু ইয়াৰ বস্তুগত সত্যতা প্রতিষ্ঠা কৰিবলৈ হ’লে আগমনে যিবোৰ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে, সেই প্ৰক্ৰিয়াবোৰক আগমনৰ বস্তুগত ভিত্তি বোলে। বস্তুগত ভিত্তিটোৱে আগমনৰ বস্তুগত সত্যতা প্রতিষ্ঠা কৰে।

Class-12| Logic and Philosophy তৰ্কবিজ্ঞান আৰু দর্শন

Sl. No.Contents
Chapter 1আগমন আৰু ইয়াৰ প্ৰকাৰ
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

দীঘলীয়া প্ৰশ্নঃ (আৰ্হি নং ১)

১। কাৰ্যকাৰণ বিধি আগমনৰ আকাৰৰ্গত ভিত্তি।’ কিয়?

উত্তৰঃ কাৰণ আগমনৰ আকাৰগত সত্যতা এই বিধিৰ ওপৰত ওপৰত নিৰ্ণয় কৰিয়েই নিৰ্ণা কৰা হয় ৷ অপসৰণৰ মূল সূত্ৰৰ দ্বাৰা অন্বেষণীয় ঘটনাৰ লগত মুক্ত অপ্রাসংগিক বা অপ্রয়োজনীয় বিষয়বোৰ অপসৰণ বা বৰ্জন কৰি ঘটনাটোৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰা হয়।

আকৌ অপসৰণৰ সূত্ৰবোৰ কাৰ্য কাৰণ বিধিৰ পৰা নিগমন পদ্ধতিত প্রাপ্ত। গতিকে কোনো ঘটনাৰ কাৰণ আৱিষ্কাৰ বা প্ৰমাণ কৰিবলৈ হ’লে মূলতঃ কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সেইকাৰণে কার্যকাৰণ বিধিক আগমনৰ আকাৰ্গত ভিত্তি বোলা হয়।

২। কাৰণৰ পৰিমাণগত লক্ষণসমূহ উল্লেখ কৰি, তাৰ ব্যাখ্যা কৰা।

উত্তৰঃ কাবডেথ ৰীড়ৰ মতে, গুণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্যৰ অন্য নিৰপেক্ষ, অর্থাৎ চৰ্তহীন, নিয়ত, অৱ্যবাহিত, পূৰ্বৱৰ্তী ঘটনা। পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সমপৰিমাণৰ বা সমান।

কাৰণৰ গুণগত লক্ষণ–

(ক) কাৰণ আৰু কাৰ্য পৰস্পৰ সাপেক্ষ অর্থাৎ পৰস্পৰ নিৰ্ভৰশীল। কাৰণ নাথাকিলে কাৰ্যৰ কোনো অর্থ নহয়। আকৌ কার্য নাথাকিলে কাৰণ অৰ্থহীন। অর্থাৎ এটাৰ অবিহনে আনটো নিৰৰ্থক। সেইবাবে কাৰ্য আৰু কাৰণ পৰস্পৰ সাপেক্ষ।

(খ) কাৰণ আৰু কাৰ্য দুয়োটাই কোনো বিশেষ সময়ত সংঘটিত হোৱা ঘটনা। প্রকৃতি পৰিবৰ্তনশীল। পৰিবৰ্তনৰ কাৰণ অনুসন্ধান কৰি আমি উত্তৰ বিচাৰি ফুৰো। বৈজ্ঞানিক সকলে পৰিবৰ্তনৰ কাৰণ অনুসন্ধান কৰি বিভিন্ন নিয়ম আবিস্কাৰত প্ৰবৃত্ত কৰাইছিল

(গ) কাৰণ কাৰ্যৰ পূৰ্বৱৰ্তী ঘটনা। কাৰণ আৰু কাৰ্যৰ যিকোনা এটা আগত আৰু আনটো পাঠত হব নোৱাৰো। কাৰণ সদায় আগে ঘটে আৰু কাৰ্য তাৰ অনুৱৰ্তী হয়। অর্থাৎ কাৰণ হবলৈ ই কাৰ্যৰ পূৰ্বৱৰ্তী ঘটনা হ’ব লাগিব।

(ঘ) কাৰণ কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা। যি ঘটনা কাৰ্যৰ পূর্বে কেতিয়াবা উপস্থিত থাকে আৰু কেতিয়াবা নাথাকে অর্থাৎ পৰিবৰ্তনীয় তাক অনিয়ত পূৰ্বৱৰ্তী ঘটনা বোলে। আনহাতে যি ঘটনা কাৰ্যৰ পূর্বে কোনো ব্যতিক্রম নোহোৱাকৈ সদায় উপস্থিত থাকে তাক নিয়ত পূর্ববর্তী ঘটনা বোলো। কোনো কাৰ্যৰ আগত ঘটা অসংখ্যা ঘটনাৰ সকলোবোৰ কাৰণ হ’ব নোৱাৰে। কেৱল নিয়ত পূর্ববর্তী ঘটনাটোরেই সেই কাৰ্যৰ কাৰণ।

(ঙ) কাৰণ কাৰ্যৰ অন্যনিৰপেক্ষ অৰ্থাৎ চৰ্তবিহীন নিয়ত পূৰ্বৱর্তী ঘটনা। কিন্তু যিকোনো নিয়ত পূর্ববর্তী ঘটনা কাৰণ হ’ব নোৱাৰে। সেইবাবে নিয়ত পূর্ববর্তী ঘটনা হৈও ৰাতি দিনৰ কাৰণ নাইবা দিন ৰাতিৰ কাৰণ হ’ব নোৱাৰে। প্ৰকৃততে দিন আৰু বাতি কোনোটোৱেই এটা আনটোৰ কাৰণ নহয়। দুয়োটা সহোপজাত কাৰ্য যি সূৰ্যৰ স্থিৰ অৱস্থান আৰু পৃথিৱীৰ আৱৰ্তন এই দুটা চৰ্তৰ ওপৰত নিৰ্ভৰশীল। গতিকে কাৰণ সদায় চৰ্তনিৰপেক্ষ নিয়ত পূৰ্বৱৰ্তী ঘটনা হ’ব লাগিব।

(চ) কাৰণ কাৰ্যৰ চৰ্তবিহীন, নিয়ত অব্যৱহিত পূৰ্বৱৰ্তী ঘটনা কাৰণ যিহেতু চৰ্তবিহীন পূর্ববর্তী ঘটনা গতিকে কাৰ্য আৰু কাৰণৰ মাজত সময়ৰ ব্যৱধান বেছি হ’ব নোৱাৰে। কাৰণ, সময়ৰ ব্যৱধান বেছি হলে, সেইসময়ৰ ভিতৰত আন বহুতো ঘটনা অন্তর্ভুক্ত হৈ পৰি কাৰণক প্ৰভাৱন্বিত কৰি তুলিৱ পাৰে আৰু ফলত কাৰণটো চৰ্তসাপেক্ষ হৈ পৰিব। যেনে, এবছৰ আগতে শ্বিলঙৰ বৰষুণত তিতি, আজি মোৰ পানী লাগিব নোৱাৰে।

কাৰণৰ পৰিমাণগত লক্ষণ : পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য পৰস্পৰ সমান। কাৰণৰ গুমগত স্বভাৱৰ পৰা বিভাজনৰ ‘দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতা নিয়ম’ৰ পৰা এই পৰিমাণগত লক্ষণটো পোৱা যায়। কাৰণৰ গুণগত লক্ষণ আলোচনা কৰিলে দেখা যায় যে কাৰণ কাৰ্যৰ পৰ্যান্ত হেতু আৰু কাৰ্য কাৰণৰ অৱশ্যাম্ভাবী পৰিণাম। কাৰণ যিহেতু কাৰ্য উৎপাদনৰ বাবে পর্যাপ্ত হেতু সেই হেতুকার্য কাৰণৰ ৰূপান্তৰ মাত্ৰ। গতিকে পৰিমাণৰ কালৰ পৰা কাৰণ আৰু কাৰ্য সমান হ’বই লাগিব। যদি নহয়, তেনেহলে সেই কাৰণ কাৰ্যৰ প্ৰকৃত কাৰণ হ’ব নোৱাৰে। দ্বিতীয়তে ‘দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতা’ বিজ্ঞানৰ এই নিয়ম অনুসাৰে এই বিশ্বজগতত “দ্ৰব্য আৰু ‘শক্তি’ৰ পৰিমাণৰ কোনো হ্রাস-বৃদ্ধি নহয়।

(ক) ‘দ্ৰব্যৰ অবিনশ্বৰতা নিয়ম’ মতে এই জগতত বস্তুৰ পৰিমাণ যি আছে সেয়েই থাকিব। ইয়াৰ কোনো হ্ৰাস বৃদ্ধি নহয়। কালৰ কৱলত এটা বস্তুৰ নাম আৰু ৰৰূপ ধ্বংস হৈ আন কোনো নতুন বস্তুৰ সৃষ্টি হ’ব পাৰে। কিন্তু তাৰ ফলত ইয়াৰ পৰিমাণৰ কোনো পৰিবৰ্তন নহয়। পৰীক্ষণৰ দ্বাৰা দেখা গৈছে যে নির্দিষ্ট পৰিমাণৰ হাইড্ৰজেন আৰু অকিজেন মিশ্রিত কৰা হয় ঠিক সেই পৰিমাণৰে পানী পোৱা যায়। গতিকে বস্তুৰ ৰূপ বা আকাৰৰ পৰিবৰ্তন হলেও ইয়াৰ পৰিমাণৰ কোনো হাস বৃদ্ধি নহয়। ই অবিনশ্বর।

(খ) শক্তির অবিনশ্বৰতা নিয়ম’ এই জগতত শক্তিৰ পৰিমাণ যি আছে সেয়ে থাকিব। ইয়াৰ কোনো হ্রাস-বৃদ্ধি নহয়। একপ্রকাৰৰ শক্তি আন প্ৰকাৰৰ শক্তিলৈ ৰূপান্তৰিত হ’ব পাৰে। কিন্তু এই ৰূপান্তৰৰ ফলত ইয়াৰ পৰিমাণৰ কোনো হ্রাস-বৃদ্ধি নহয়।

কাৰ্য আচলতে কাৰণৰ ৰূপান্তৰ মাত্ৰ। গতিকে পৰিমাণৰ দিশৰ পৰা কাৰণ আৰু কাৰ্য সমান। 

৩। উপকাৰণ কি?উপকাৰণৰ প্ৰকাৰবোৰ কি কি লিখি উদাহৰণৰ সৈতেব্যাখ্যা কৰা।

উত্তৰঃ কাৰণৰ অন্তৰ্ভুক্ত বিভিন্ন ঘটনাবোৰৰ প্ৰত্যেকটোৱেই একো একোটা উপকাৰণ। কাৰভেথ ৰীডৰ মতে, উপকাৰণ হৈছে কাৰণৰ অপৰিহাৰ্য অংশ।

উপকাৰণ দুই প্রকাৰৰ ঃ (ক)অনুকূল বা সদৰ্থক উপকাৰণ আৰু (খ) প্রতিকূল বা নঞর্থক উপকাৰণ।

যি উপকাৰণৰ সহায়ত কাৰ্যটো ঘটে তাক অনুকূল উপকাৰণ বোলে। অনুকূল উপকাৰণৰ উপস্থিতিত কাৰ্যটো ঘটে। আকৌ, যি উপকাৰণৰ সহায় অবিহনে কাৰ্যটো ঘটে তাক প্রতিকূল উপকাৰণ বোলে। প্রতিকূল উপকাৰণৰ অনুপস্থিতিতহে কাৰ্যটো ঘটে। প্রতিকূল উপকাৰণে কাৰ্য উৎপাদনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টিতহে কোনো এটা কার্য সংঘটিত হয়।

উদাহৰণ— কোনো এজন মিস্ত্রী কাম কৰি থাকোতে চাদৰ পৰা পৰি মৃত্যু হ’ল। এইক্ষেত্ৰত মিস্ত্ৰীজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত চাদৰ উচ্চতা, মাটিৰ কঠিনতা, বুকুত দুখ পোৱা আদিবোৰেই হ’ল মৃত্যুৰ বাবে অনুকূল উপকাৰণ। আনহাতে তেওঁৰ শাৰীৰিক ক্ষমতা, কোনো ব্যক্তিৰ পৰা পোৱা সহায়, সুচিকিৎসা পোৱা আদিবোৰ হ’ল মৃত্যুৰ বাবে প্ৰতিকূল উপকাৰণ৷

৪। কাৰণ আৰু উপকাৰণৰ মাজত পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃকাৰণ কাৰ্যৰ চৰ্তবিহীন, নিয়ত, অৱবহিত পূর্ববর্তী ঘটন’। আনহাতে উপকাৰণ হৈছে কাৰণৰ অন্তৰ্ভূক্ত বিভিন্ন ঘটনাবোৰৰ প্ৰত্যেকটোৱে উপকাৰণ, গতিকে কাৰণ এটা বিশেষ, ঘটনা নহয়। ই ঘটনা সমবায় । আনহাতে উপকাৰণ।

ই প্ৰকাৰৰ – (ক) অনুকূল আৰু (খ) প্রতিকূল। লৌকিক দৃষ্টিত যিকোনো এটা উপকাৰণেই কাৰণ যেন লাগে। গতিকে কাৰণ হৈছে অনুকূল আৰু প্ৰতিকূল কাৰণৰ সমষ্টি।

কাৰণ কোনো এটা বিশেষ ঘটনা নহয়, ই ঘটনা সমবায় – ই ঘটনাৰ সমষ্টি। কাৰণৰ অন্তৰ্ভূক্ত এই বিভিন্ন ঘটনাৰ প্ৰত্যেকটোৱেই একো একোটা উপকৰণ।

উদাহৰণ হিচাপে আমি ক’ব পাৰো যে- গছৰ পৰা পৰি মানুহ এজনৰ মৃত্যু হোৱা ক্ষেত্ৰতগছৰ উচ্চতা, মাটিৰ কঠিনতা, আঘাতৰ গুৰুত্ব আদি অনুকূল উপকাৰণ আৰু আশ্ৰয়ৰ অভাৱ, আঘাত সহ্য কৰিব পৰা দৈহিক শক্তিৰ অভাৱ আদি প্ৰতিকূল উপকাৰণ। এই দুয়োবিধ উপকাৰণ . মিলিয়েই মানুহজনৰ মৃত্যু হ’ল। ইয়াৰ পৰা বুজা গ’ল যে অনূকুল উপকাৰণৰ উপস্থিতি আৰু প্রতিকূল উপাকৰণৰ অনুপস্থিতিয়েই কাৰ্য উৎপাদনৰ কাৰণ। সেয়েহে তর্কবিদ মিলে উল্লেখ কৰে যে “কাৰণ হৈছে অনুকূল আৰু প্ৰতিকূল উপকাৰণ ‘সমূহৰ সমষ্টি।”

৫। নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ পৰ্যবেক্ষণৰ দুটা ভাগ নিৰীক্ষণ আৰু পৰীক্ষণ। কোনো এটা নির্দিষ্ট উদ্দেশ্য অনুযায়ী প্রাকৃতিক পৰিৱেশত ঘটনাৰ উদ্ঘাটন কৰি কাৰণ নিৰ্ণয় কৰা। কিন্তু সুনিয়ন্তিৱত স্বৰচিত পৰিৱেশত ঘটনাৰ উদ্ঘাটন হৈছে পৰীক্ষণ। প্ৰকৃতিত উদ্ভৱ হোৱা ভূমিকম্পৰ কাৰণবোৰ উদ্ঘাটন হোৱা নিৰীক্ষণ। আনহাতে বিজ্ঞানগত কৃত্রিম উপায়ে ভূমিকম্প বনায় তাৰ কাৰণ সম্পর্কে পর্যবেক্ষণ হৈছে পৰীক্ষণ।

দুয়োটাতে মনক উদ্দেশ্য প্রনোদিত কৰি বিষয়টোক প্রত্যক্ষ কৰা হয় । দুয়োটাই সুনিয়ন্ত্রিত প্রত্যক্ষ নিৰীক্ষণ বিষয়বস্তু প্রকৃতিক ঘটনা। কিন্তু পৰীক্ষণত কৃত্ৰিম পৰিৱেশত তৈয়াৰ কৰা ঘটনা। প্ৰকৃতিৰ নিয়ম অনুসৰে ভূমিকম্প হ’ব। আমি তাক আমাৰ সুবিধামতে দিন বাৰ চাই ভূমিকম্প নিৰীক্ষণ কৰিব নোৱাৰো। আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। প্রকৃতিৰ ওপৰত নিৰ্ভৰশীল।

কিন্তু পৰীক্ষণৰ ক্ষেত্ৰত পৰিৱেশ আমাৰ সম্পূর্ণ নিয়ন্ত্রণত থাকে। যেতিয়াই ইচ্ছা তেতিয়াই আমি বিজ্ঞানগত ভূমিকম্প তৈয়াৰ কৰি প্ৰত্যক্ষ বা পর্যবেক্ষণ কৰিব পাৰো।

ইয়াৰ মূল পার্থক্য এইখিনিতেই যে পৰীক্ষণত পৰীক্ষণৰ বিষয়বস্তু আৰু পৰিবেশ পৰীক্ষকে নিজেই প্রস্তুত কৰে; কিন্তু নিৰীক্ষণত সাধাৰণ প্ৰকৃতিক অৱস্থাত ঘটা ঘটনা সমূহ যেনেভাৱে পোৱা যায় তেনেভাৱইে নিৰীক্ষণ কৰা হয়। এইবাবেই বেইনে মন্তব্য কৰিছে যে “নিৰীক্ষণ হৈছে ঘটনাৰ আৱিস্কাৰ আৰু পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি।”

আচলতে নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত কোনো মৌলিক বা গুণগত পার্থক্য নাই। প্ৰকৃতিৰ কোনো ৰহস্য বা সমস্যা সমাধানৰ বাবে থকা অনুসন্ধানকাৰীৰ বৌদ্ধিক স্পৃহাই হ’ল দুয়োবিধ স্পৃহাৰেই অনুপ্ৰেৰণা।

দুয়োবিধ প্রক্রিয়াতেই ঘটনাৰ প্ৰকৃতি অধ্যায়নকৰি সেইবোৰৰ কাৰণ নিৰ্ণয় কৰা হয় আৰু তাৰ দ্বাৰা ঘটনাৰ ব্যাখ্যা পোৱা যায়।কিন্তু আমি ক’ব পাৰো যে পৰীক্ষণ আৰু নিৰীক্ষণক আচলতে পৃথক কৰিব নোৱাৰি। সেয়েহে জেভন্সে কৈছে যে নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত থকা পার্থক্য গুণগত নহয় পৰিমাণগতহে।

৬। নানাকাৰণবাদ আৰু কাৰণ সমন্বয়ৰ মাজৰ বৈসাদৃশ্য নির্ণয় কৰা।

উত্তৰঃ একেই কার্য বিভিন্ন সময়ত বিভিন্ন কাৰণত বেলেগ বেলেগ সময়ত উৎপন্ন হ’ব পাবে— এইটোয়ে নানা কাৰণবাদৰ তার্থ। একে পোহৰ, কেতিয়া বা জুইৰ দ্বাৰা, চন্দ্ৰৰ দ্বাৰা সূৰ্যৰ দ্বাৰা চাকি বা মমবাতিৰ দ্বাৰা উৎপাদিত হ’ব পাৰে। অর্থাৎ বিভিন্ন কাৰণ থাকিব পাৰে একেতা কাৰ্যৰ।

আনহাতে একাধিক কারণ একেলগে সংযোজিত হৈ এটা মিশ্র বা জটিল কার্য উৎপাদন কৰে, তেতিয়া সেইটো কাৰণ সমন্বয় বা কাৰণ সংযোজন বুলি কোৱা হয়। তিনিওজন মানুহৰ সংযোজিত বল প্রয়োগৰ দ্বাৰা শিল এটা ওপৰলৈ উঠালে। এই তিনিজনৰ সন্মিলিত শক্তিয়ে কাৰণ সমন্বয়।

প্রথম দৃষ্টিত দুয়োটা ক্ষেত্ৰতে (পোহৰ আৰু শিল উপৰলৈ উঠোৱা) একে যেন লাগিলেও, দুয়োৰে মাজত পার্থক্য আছে। নানাকাৰণবাদ এটা ভ্রান্ত ধাৰণা। কিন্তু কাৰণ সমন্বয় কোনো ভ্রান্ত ধাৰণা নহয়। নানা কাৰণবোৰৰ মতে এটা জটিল কার্যর নানা কাৰণ থাকিব পাৰে আৰু এই কাবণবোৰৰ প্রত্যেকে পৃথক পৃথক ভাৱে কাৰ্যটো সম্পাদন কৰিব নোৱাৰে।

কাৰণ সম্বন্ধয়ৰ মতেও এটা জটিল কার্যৰ নান কারণ থাকিব পাৰে; কিন্তু এই কাৰণবোৰৰ প্রত্যেকে পৃথক পৃথক ভাৱে কাৰ্যটো সম্পাদন কৰিব নোৱাৰে। আনহাতে নানাকাৰণবাদ কাৰণ সম্বন্ধীয় এটা ভ্রান্ত ধাৰণা। কিন্তু কাৰণ সমন্বয় কোনো ধারণা নহয়।

৭। আগমনৰ বিৰোধাভাসৰ বিষয়ে চমু টোকা লিখা।

উত্তৰঃ মিলৰ মতে প্রকৃতির একৰূপতা বিধিটো সকলো আগমনৰে এক আকারগত ভিত্তি আৰু পূর্বস্বীকার্য। এই বিধিটো সকলো আগমনৰ সার্বিক সিদ্ধান্ত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগতীয়াকৈ স্বীকাৰ কৰি লোৱা হয়। প্রকৃতিৰ আচৰণ এক বুলি ধৰি নল’লে আমি বিশেষ বিশেষ জ্ঞানৰ ভিত্তিত সামান্য বচন প্রতিষ্ঠা কৰিব নোৱাবো, প্ৰকৃতিৰ একৰূপৰ বিধিটো এক স্বতঃসিদ্ধ নিয়ম, কিন্তু এই বিধির ওপৰত নিৰ্ভৰ কৰিয়েই সকলো আগমনৰ সিদ্ধান্ত প্রমাণিত হয়। এই বিধিটো সকলো আগমনৰ মূল আশ্রয়বাক্য।

মিলে প্ৰকৃতিৰ একৰূপতা বিধিটোক যদিও পূর্বস্বীকার্য স্বতঃসিদ্ধ বুলি কৈছে, তথাপিও অন্য এক প্ৰসংগত সৰল গণনাভিত্তিক আগমনৰ ফল বুলি অভিহিত কৰিছে। অবৈজ্ঞানিক আগমনত যেতিয়া সামান্য বচনটো প্রতিষ্ঠা কৰা হয় তেতিয়া কোনো ধৰণৰ কাৰ্যকৰণ সম্বন্ধ প্রতিষ্ঠা কৰাৰ চেষ্টা কৰা নহয়। অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিয়েই এনে সিদ্ধান্ত কৰা হয়। অভিজ্ঞতাৰ জৰিয়তে আমি বিশেষ বিশেষ একৰূপতা পাওঁ। এক বিশেষ বিশেষ দৃষ্টান্তৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি সাধাৰণ একৰূপতাত উপনীত হ’ব পাৰো। এনেদৰে আমি প্ৰকৃতিৰ একৰূপতা

বিধিটো প্ৰতিষ্ঠা কৰে৷ আৰু প্ৰতিষ্ঠা হোৱাৰ পিছত ই সকলো প্ৰকাৰৰ আগমনৰে ভিত্তি হয়। গতিকে আগমনৰ ভিত্তিয়েই আগমনৰ ফল। মিলৰ এই প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কীয় পৰস্পৰ বিৰোধী উক্তিকেই আগমনৰ বিৰোধভাস বুলি কোৱা হয়।

৮। কাৰণ সমন্বয় আৰু কাৰ্য সংমিশ্ৰণৰ মাজত পাৰ্থক্য নির্ণয় কৰা ।

উত্তৰঃকেতিয়াবা এটা কার্য উৎপাদন কৰিবৰ বাবে তাত বস্তুটো কাৰণযুক্ত থাকে। এনে জটিল কার্য কেতিয়াবা কোনো এটা কাৰণে অকলে সম্পাদন কৰিব নোৱাৰে। একাধিক কারণ সংযোজিত হৈ একেলগে ক্ৰিয়া কৰি কোনো এটা জটিল কার্য সম্পাদন কৰিলে কাৰণবোৰক কাৰণ সমন্বয় বুলি কোৱা হয়।

আনহাতে, সংযোজিত কাৰণৰ দ্বাৰা উৎপাদিত বিভিন্ন কাৰ্যৰ সংমিশ্রণক কার্য সংমিশ্রণ বোলে।

যেনে পানী, চেনি, চাহপাত, গাখীৰ আদি কেইবাটাও উপাদান মিহলাই চাহ প্ৰস্তুত কৰিব পাৰি।

দীঘলীয়া প্রশ্ন ঃ (আৰ্হি নং ২)

১। প্ৰকৃতিৰ একৰূপতা বিধি বুলিলে কি বুজা? ইয়াক আগমন অনুমানৰ আকাৰৰ্গত ভিত্তি বুলি কিয় কোৱা হয় ?

উত্তৰঃ প্ৰকৃতিৰ একৰূপতাৰ মূল অৰ্থ হৈছে যে একে অবস্থাত প্রকৃতিয়ে সদায় একে দৰে আচৰণ কৰে। যি অৱস্থাত যি ঘটিছিল সেই একে অৱস্থাৰ যদি পুনৰাবৃত্তি ঘটে তেনেহ’লে সেই ঘটনা পুনৰাবৃত্তি হ’লৈ ভৱিষ্য তও জুই পুলি৷ ইয়াত কোনো ব্যতিক্রম নহয়। সাধারণ দৃষ্টিত একক পতা নাই যেন বোধহলেও, এনে ধারণা নিতান্ত অসম্পূর্ণ আৰু অজ্ঞানতাপ্রসূত। গতিকে দেখা যায় প্রকৃতির একরূপী শত একে অৱস্থাত যি ঘটনা ঘটে সেই অৱস্থার পুনরাবৃত্তি হলে, সেই ঘটনা আকৌ ঘটিব – প্রকৃতি নিয়মৰ ৰাজত্ব। প্রকৃতির একরূপতা নিধি আগমনৰ যথার্থ সার্বিক বচনৰ সিদ্ধান্ত প্রতিষ্ঠিত কৰাত সহায় করে। সেইবাবে প্রকৃতিৰ এক ৰূপতা বিধি আগমণৰ আকাৰ্গত ভিত্তি।

আগমনৰ আকাৰ্গত ভিত্তিদুই প্ৰকাৰৰ— (ক) প্ৰকৃতিৰ একৰূপতা বিধি আৰু (খ) কাৰ্য্যকাৰণ বিধি। 

আগমন অনুমানৰ মূল উদ্দেশ্যই হ’ল— এটা যাথার্থ সামান্য বচন প্রতিষ্ঠা কৰা। এই সামান্য বচনেই আগমনৰ আকাৰ।

আগমনে যথার্থ সার্বিক বচন প্রতিস্থা কিদৰে কৰিব পাৰি তাৰ বাবে পর্যবেক্ষণৰ দ্বাৰা কেতবোৰ দৃষ্টান্ত সংগ্ৰহ কৰে। কিন্তু পৰ্য্যবেক্ষণৰ দ্বাৰা বিশেষ বিশেষ বস্তুৰহে জ্ঞান দিয়ে; সামান্য বচন প্ৰতিষ্ঠা কৰিব নোৱাৰি কাৰণ ভূত, বৰ্তমান আৰু ভৱিষ্যত্ৰ সকলো মানুহৰ মৰন কোনো মানুহৰ পক্ষেই পৰ্য্যবেক্ষণ কৰা সম্ভৱ নহয়। পৰ্য্যবেক্ষণে এই সমস্যা সমাধান কৰিব নোৱাৰে বাবে অন্য সিদ্ধান্ত কৰো এই বিবিধ এক আশ্ৰয়ৰ দৰকাৰ হয়। সেয়েহে প্ৰকৃতিৰ একৰূপতা বিধিক মানি লৈ আমি বৈজ্ঞানিক আগমনত আশ্ৰয় কৰিয়েই আগমনে মাত্র কেইজনমান মানুহৰ মৃত্যু লক্ষ্য কৰি ‘সকলো মানুহ মৰণশীল’— এনে নিশ্চিত সার্বিক সিদ্ধান্তত উপনীত হয় আৰু নিশ্চিত ভাবে এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। সেয়েহে প্ৰকৃতিৰ একরূপতা বিধিক আগমনৰ আকাৰগত ভিত্তি বোলা হয়।

২। কাৰণ কি? কাৰণৰ গুণগত লক্ষণসমূহ কি কি?

উত্তৰঃ কাবডেথ ৰীডৰ মতে, গুণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্যৰ অন্য নিৰপেক্ষ, অর্থাৎ চৰ্তহীন, নিয়ত, অৱ্য্যবাহিত, পূৰ্বৱৰ্তী ঘটনা। পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সমপৰিমাণৰ বা সমান।

কাৰণৰ গুণগত লক্ষণ–

(ক) কাৰণ আৰু কাৰ্য পৰস্পৰ সাপেক্ষ অর্থাৎ পৰস্পৰ নিৰ্ভৰশীল। কাৰণ নাথাকিলে কাৰ্যৰ কোনো অর্থ নহয়। আকৌ কার্য নাথাকিলে কাৰণ অৰ্থহীন। অর্থাৎ এটাৰ অবিহনে আনটো নিৰৰ্থক। সেইবাবে কৰ্য আৰু কাৰণ পৰস্পৰ সাপেক্ষ।

(খ) কাৰণ আৰু কাৰ্য দুয়োটাই কোনো বিশেষ সময়ত সংঘটিত হোৱা ঘটনা। প্রকৃতি পৰিবৰ্তনশীল। পৰিবৰ্তনৰ কাৰণ অনুসন্ধান কৰি আমি উত্তৰ বিচাৰি ফুৰো। বৈজ্ঞানিক সকলে পৰিবৰ্তনৰ কাৰণ অনুসন্ধান কৰি বিভিন্ন নিয়ম আবিস্কাৰত প্ৰবৃত্ত কৰাইছিল। 

(গ) কাৰণ কাৰ্যৰ পূৰ্বৱৰ্তী ঘটনা। কাৰণ আৰু কাৰ্যৰ যিকোনা এটা আগত আৰু আনটো পাঠত হব নোৱাৰো। কাৰণ সদায় আগে ঘটে আৰু কাৰ্য তাৰ অনুৱৰ্তী হয়। অর্থাৎ কাৰণ হবলৈ ই কাৰ্যৰ পূৰ্বৱর্তী ঘটনা হ’ব লাগিব।

(ঘ) কাৰণ কার্যৰ নিয়ত পূৰ্বৱর্তী ঘটনা। যি ঘটনা কাৰ্যৰ পূর্বে কেতিয়াবা উপস্থিত থাকে আৰু কেতিয়াবা নাথাকে অর্থাৎ পৰিবর্তনীয় তাক অনিয়ত পূৰ্বৱৰ্তী ঘটনা বোলে। আনহাতে যি ঘটনা কাৰ্যৰ পূৰ্বে কোনো ব্যতিক্রম নোহোৱাকৈ সদায় উপস্থিত থাকে তাক নিয়ত পূর্ববর্তী ঘটনা বোলো। কোনো কাৰ্যৰ আগত ঘটা অসংখ্যা ঘটনাৰ সকলোবোৰ কাৰণ হ’ব নোৱাৰে। কেৱল নিয়ত পূৰ্বৱৰ্তী ঘটনাটোৱেই সেই কাৰ্যৰ কাৰণ।

(ঙ) কাৰণ কাৰ্যৰ অন্যনিৰপেক্ষ অর্থাৎ চৰ্তবিহীন নিয়ত পূর্ববর্তী ঘটনা। কিন্তু যিকোনো নিয়ত পুৰ্বৱৰ্তী ঘটনা কাৰণ হ’ব নোৱাৰে। সেইবাবে নিয়ত পূৰ্বৱৰ্তী ঘটনা হৈও বাতি দিনৰ কাৰণ নাইবা দিন ৰাতিৰ কাৰণ হ’ব নোৱাৰে। প্ৰকৃততে দিন আৰু ৰাতি কোনোটোৱেই এটা আনটোৰ কাৰণ নহয়। দুয়োটা সহোপজাত কার্য যি সূৰ্যৰ স্থিৰ অৱস্থান আৰু পৃথিৱীৰ আৱৰ্তন এই দুটা চৰ্তৰ ওপৰত নিৰ্ভৰশীল। গতিকে কাৰণ সদায় চৰ্তনিৰপেক্ষ নিয়ত পূৰ্বৱৰ্তী ঘটনা হ’ব লাগিব।

(চ) কাৰণ কাৰ্যৰ চৰ্তবিহীন, নিয়ত অব্যৱহিত পূর্বৱর্তী ঘটনা কাৰণ যিহেতু চৰ্তবিহীন পূর্বৱর্তী ঘটনা গতিকে কাৰ্য আৰু কাৰণৰ মাজত সময়ৰ ব্যৱধান বেছি হ’ব নোৱাৰে। কাৰণ, সময়ৰ ব্যৱধান বেছি হলে, সেইসময়ৰ ভিতৰত আন বহুতো ঘটনা অন্তৰ্ভূক্ত হৈ পৰি কাৰণক প্ৰভাৱন্বিত কৰি তুলিব পাৰে আৰু ফলত কাৰণটো চৰ্তসাপেক্ষ হৈ পৰিব। যেনে, এবছৰ আগতে শ্বিলঙৰ বৰষুণত তিতি, আজি মোৰ পানী লাগিব নোৱাৰে।

৩। নানাকাৰণবাদ বুলিলে কি বুজা? ইয়াক বৈজ্ঞানিক দৃষ্টিৰ পৰা সমৰ্থন কৰিব পাৰি নে? 

উত্তৰঃ নানাকাৰণবাদ মতে, এটা কাৰ্যৰ কাৰণ এটা নহৈ বহুতো হ’ব পাৰে। জগতৰ ঘটনাবোৰ বৰ জটিল। ঘটনাৰ কাৰণবোৰ কেতিয়াবা এনেভাৱে জড়িত হৈ থাকে যে ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাত অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা নানাকাৰণবাদক সমর্থন কৰিব নোৱাৰি। কাৰণ প্ৰথমতে, নানাকাৰণবাদত ঘটনাৰ অন্তৰ্গত থকা বিভিন্ন কাৰণবোৰ সাধাৰণ লক্ষণৰ ওপৰত গুৰুত্ব দিয়া নহয়। মৃত্যু নানা কাৰণত হ’ব পাৰে (বেমাৰ, দুৰ্ঘটনা, আত্মহত্যা, হত্যা, পানীত পৰি ইত্যাদি)। কিন্তু মৃত্যুৰ সাধাৰণ আৰু অপৰিহাৰ্য কাৰণ হ’ল হৃদযন্ত্ৰৰ ক্রিয়া বন্ধ হোৱা৷ গতিকে হৃদযন্ত্ৰৰ ক্রিয়া বন্ধ হোৱাটো আচলতে মৃত্যুৰ একমাত্ৰ কাৰণ।

দ্বিতীয়তে, নানাকাৰণবাদত কাৰণৰ বিশিষ্ট স্বভাৱবোৰৰ ওপৰতহে গুৰুত্ব দিয়া হয়। কাৰ্যৰ বিশিষ্ট স্বভাৱবোৰৰ ওপৰত গুৰুত্ব দিয়া নহয়। বেমাৰত হোৱা মৃত্যু, দুঘটনাত হোৱা মৃত্যুৰ লগত নিমিলে। আকৌ হত্যা কৰি কৰা মৃত্যুৰ লগত আত্মহত্যা কৰি হোৱা মৃত্যুৰ লগত নিমিলে। প্ৰতিটো ক্ষেত্ৰতে যদি মৃত্যুৰ স্বভাৱ একে হ’লহেঁতেন, তেনেহ’লে মৰণোত্তৰ পৰীক্ষাৰ দ্বাৰা মৃত্যুৰ কাৰণ নিৰ্ণয় কৰা অসম্ভৱ হ’লহেতেন। কার্যৰ বিশিষ্ট স্বভাব লক্ষ্য নকৰি কাৰণৰ বিশিষ্ট স্বভার লক্ষ্য কৰাৰ বাবেহে এনে ভুল ধাৰণা হয় আৰু নানা কাৰণৰ ধাৰণাটো মনলৈ আহে। আচলতে কাৰ্যৰ কাৰণ মাত্ৰ এটাই, নানা কাৰণ হ’ব নোৱাৰে।

তৃতীয়তে, কাৰণ কাৰ্যৰ চৰ্তহীন, নিয়ত, অব্যৱহৃত পূর্ববর্তী ঘটনা। কিন্তু নানাকাৰণবাদ মতে, একে কাৰ্যৰ নানা কাৰণ থাকিব পাৰে। বিভিন্ন সময়ত যদি একোটা কাৰ্য বিভিন্ন কাৰণৰ দ্বাৰা উৎপাদিত হ’ব পাৰে তেতিয়া সেই কাৰণ নিয়ত নহৈ অনিয়ত হৈ পৰিব। কিন্তু প্রকৃত কাৰণ কেতিয়াও অনিয়ত হ’ব নোৱাৰে।

8। এৰিষ্ট’টলৰ মতে কাৰণ কেই প্ৰকাৰৰ? উদাহৰণৰ সৈতে প্ৰতিটোৰ ব্যাখ্যা কৰা।

উত্তৰঃএৰিষ্ট’টলৰ মতে, কাৰণ চাৰি প্ৰকাৰৰ। যেনে— (ক) উপাদান কাৰণ, (খ) আকাৰ্গত কাৰণ (গ) নিমিত্ত কাৰণ, আৰু (ঘ) পৰিণাম কাৰণ। 

(ক) উপাদান কাৰণ ঃ যি উপাদানৰ সহায়ত অৰ্থাৎ যি দ্রব্য পদাৰ্থৰে কাৰ্য উৎপাদন করা হয়। তাক উপাদান কাৰণ বোলে। উদাহৰণস্বৰূপে, কাপোৰখন তৈয়াৰ কৰোতে শিপিনীয়ে ব্যৱহাৰ কৰা সূঁতাখিনিয়েই হৈছে উপাদান কাৰণ। উপাদানৰ ওপৰত কাৰ্যৰ প্ৰকৃতি নিৰ্ভৰ কৰে কাৰণে উপাদান কাৰণক এক প্ৰধান আৰু অত্যন্ত আৱশ্যকীয় কাৰণ বুলি ক’ব পাৰি।

(খ) আকাৰৰ্গত কাৰণ : কোনো কাৰ্য উৎপন্ন কৰোতে উপাদান বা দ্ৰব্যৰ ওপৰত যি নতুনৰূপ দিয়া হয় তাকে আকাৰ্গত কাৰণ বোলে। বস্তু এটা উৎপন্ন হোৱাৰ পিছত সেই বস্তুটোত এটা নতুন ৰূপ দেখা যায়। উদাহৰণস্বৰূপে, শিপিনীয়ে সুঁতাৰ পৰা এক বিশেষ ধৰণৰ ৰূপ দিহে কাপোৰখন তৈয়াৰ কৰে। এই ক্ষেত্ৰত কাপোৰখনত যি আকাৰ দিয়া হয় সেয়ে কাপোৰখনৰ আকাৰৰ্গত কাৰণ৷

(গ) নিমিত্ত কাৰণ : এটা কাৰ্য উৎপন্ন কৰিবলৈ যি শ্রম বা শক্তিৰ প্ৰয়োজন হয় তাকে নিমিত্ত কাৰণ বোলে। উদাহৰণস্বৰূপে, কাপোৰখন তৈয়াৰ কৰিবলৈ যাওঁতে শিপিনীয়ে সূঁতাখিনিত প্রয়োগ কৰা শক্তি বা দক্ষতাই হৈছে কাপোৰখনৰ নিমিত্তকাৰণ।

(ঘ) পৰিণাম কাৰণ : যি উদ্দেশ্য আগত ৰাখিয়েই কোনো এটা কাৰ্য উৎপন্ন কৰা হয় তাকে পৰিণাম বা উদ্দেশ্য কাৰণ বোলে। এক আদৰ্শ আগত ৰাখিয়েই কোনো এটা কাৰ্য উৎপন্ন কৰা হয়। সেয়েহে আদর্শ হিচাপে উদ্দেশ্যটো কাৰণটোত অন্তর্নিহিত হৈ থাকে।

উদাহৰণস্বৰূপে, কাপোৰখন যেতিয়া সুঁতাব পৰা তৈয়াৰ কৰা হয়, তেতিয়া ব্যৱহাৰৰ উদ্দেশ্যৰেহে কৰা হয়।

৫। পর্যবেক্ষণ কাক বোলে? পর্যবেক্ষণৰ বৈশিষ্ট্যবোৰ কি কি? 

উত্তৰঃ পর্যবেক্ষণ হ’ল এক নির্দিষ্ট উদ্দেশ্যেবে সুনিয়ন্ত্রিত সুস্পষ্ট প্রত্যক্ষ। উদ্দেশ্য, স্পষ্টতা আৰু নিয়ন্ত্রণ নাথাকিলে প্রত্যক্ষক পর্যবেক্ষণ বুলি ক’ব নোৱাৰি।

পর্যবেক্ষণৰ বৈশিষ্ট্যবোৰ হ’ল—

(ক) পর্যবেক্ষণ এক প্ৰকাৰৰ প্ৰত্যক্ষ : পর্যবেক্ষণত জ্ঞানেন্দ্ৰিয়ৰ লগত বস্তুৰ পোনপটীয়াকৈ বা প্রত্যক্ষভাৱে সংযোগ হয়। এই সংযোগৰ ফলত বস্তুটো সম্বন্ধে আমাৰ এটা ধাৰণা হয় আৰু তাৰপৰা প্ৰত্যক্ষভাৱে আমাৰ জ্ঞান জন্মে।

(খ) পর্যবেক্ষণ এক উদ্দেশ্যযুক্ত প্রত্যক্ষ : যিকোনো প্রত্যক্ষ পর্যবেক্ষণ হ’ব নোৱাৰে। কেৱলমাত্র উদ্দেশ্য প্রণোদিত প্রত্যক্ষহে পর্যবেক্ষণ। যি প্রত্যক্ষত আমাৰ মনটো সম্পূর্ণভাৱে উদ্দেশ্য সম্বন্ধে সচেতন থাকে তেনে প্রত্যক্ষক পর্যবেক্ষণ বোলে। 

(গ) পর্যবেক্ষণ নির্বাচনাত্মক : বাস্তৱ জীৱনত বহুতো বস্তু প্রত্যক্ষ কৰিলেও আমি সমানে গুৰুত্ব নিদিওঁ। যিবিলাক প্ৰত্যক্ষত এটা উদ্দেশ্য নিহিত হৈ থাকে তেনেবোৰ প্ৰত্যক্ষকহে গুৰুত্ব সহকাৰে লোৱা হয়। গতিকে উদ্দেশ্য প্রণোদিত বস্তু বা ঘটনাকহে নির্বাচন কৰি পর্যবেক্ষণ কৰা হয়।

(ঘ) পর্যবেক্ষণ সদায় সুনিয়ন্ত্রিত : পর্যবেক্ষণ কৰোতে, অলাগতিয়াল বিষয়ৰ পৰা মনক আঁতৰাই আনি সতর্কতাৰে আৰু সুনিয়ন্ত্রিতভাৱে কেৱল নির্বাচিত বিষয়বস্তুক প্রত্যক্ষ কৰা হয়। এনে প্রত্যক্ষই পর্যবেক্ষণ।

৬। পৰীক্ষণ কাক বোলে? সবল পর্যবেক্ষণৰ তুলনাত ইয়াৰ সুবিধাসমূহ কি কি ? 

উত্তৰঃ কৃত্রিম পৰিৱেশত নিদিষ্ট উদ্দেশ্যৰে কোনো কৃত্রিম ঘটনাক প্রস্তুত কৰি প্ৰত্যক্ষ কৰাই হৈছে পৰীক্ষণ।

সকল পৰ্যবেক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধা সমূহ হ’ল

(ক) পৰীক্ষণত ঘটনাৰ পুনঃ পুনঃ প্রত্যক্ষ কৰিব পাৰি। কৃত্রিম পৰিৱেশত ঘটনা প্রস্তুত কৰা হয় বাবে, পৰিবেশ আৰু ঘটনা দুয়োটাই পৰীক্ষাকৰ নিয়ন্ত্রণাধীন। প্রয়োজন সাপেক্ষে পৰীক্ষকে একাধীকবাৰ ঘটনাটো প্ৰস্তুত কৰি বিভিন্ন পৰিবেশত বিভিন্ন দিশৰ পৰা পুনঃ পুনঃ পৰীক্ষা কৰিব পাৰে। নিৰীক্ষণত প্ৰাকৃতিক পৰিবেশত ঘটনাটো ঘটিলেহে নিৰীক্ষণ কৰাটো সম্ভৱ। নিরীক্ষকে প্রকৃতিক নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

(খ) পৰীক্ষণত পৰীক্ষণীয় ঘটনাক পৰীক্ষাকে অপ্রাসঙ্গিক ঘটনাৰ পৰা সম্পূর্ণরূপে পৃথক কৰিব পাৰে। প্ৰকৃতিৰ ঘটনাবোৰ বৰ জটিল। মিশ্ৰিত ৰূপতহে সেইবোৰ পৰ্যবেক্ষকৰ আগত উপস্থাপিত হয়। পৰীক্ষকে নিজৰ সুবিধামতে ঘটনা বিশ্লেষণ কৰিবলৈ অপ্রাসঙ্গিক ঘটনাৰ পৰা পৃথক কৰি ঘটনা পর্যবেক্ষণ কৰে।

(গ) পৰীক্ষণত পৰীক্ষকেধীৰ স্থিৰভাৱে পৰীক্ষণ কার্য চলাই যাব পাৰে। যিহেতু পৰিৱেশ আৰু ঘটনা পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে। কিন্তু নিৰীক্ষত নিৰীক্ষকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল কাৰণে ততাতৈয়াকৈ ঘটনাবোৰ প্ৰত্যক্ষ কৰিব লগাত পৰে। 

(ঘ) নিৰীক্ষণৰ সিদ্ধান্ত সম্ভাৱনামূলক কিন্তু পৰীক্ষণৰ সিদ্ধান্ত নিশ্চিত। 

৭। “নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত গুণগত পার্থক্য নাই, পৰিমাণগত পার্থক্যহে” কথাষাৰ

ব্যাখ্যা কৰা।

উত্তৰঃ জেভঞ্চৰ মতে, নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত কোনো গুণগত পার্থক্য নাই। পার্থক্য মাত্ৰ পৰিমাণতহে। নিৰীক্ষণত প্ৰকৃতিৰ দয়াৰ ওপৰত নিৰ্ভৰতাৰ পৰিমাণ বেছি কাৰণে সক্ৰিয়তাৰ পৰিমাণ কম। আনহাতে পৰীক্ষণৰ ক্ষেত্ৰত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰতাৰ পৰিমাণ কম কাৰণে সক্ৰিয়তাৰ পৰিমাণ বেছি। বৈজ্ঞানিক অনুসন্ধানত নিৰীক্ষণ আৰু পৰীক্ষণ উভয়ৰেই অৱদান উল্লেখযোগ্য। পৰীক্ষণতো নিৰীক্ষণ থাকে আৰু উল্লেখযোগ্য। পৰীক্ষাণতো নিৰীক্ষণ থাকে আৰু নিৰীক্ষণতো পৰীক্ষণৰ দৰকাৰ হ’ব পাৰে। মুঠতে দুয়োটাই এটা আনটোৰ পৰিপূৰক।

৮। নিমিত্ত কাৰণৰ উদাহৰণসহ সংজ্ঞা দিয়া। 

উত্তৰঃকোনো কাৰ্য উৎপাদন কৰিবলৈ যি শক্তি, দক্ষতা বা কৌশলৰ প্ৰয়োজন হয়, সেই শক্তি, কৌশল বা দক্ষতাই নিমিত্ত কাৰণ। শ্ৰমিকৰ দক্ষতা আৰু পৰিশ্ৰমেই কিতাপখনৰ নিমিত্ত কাৰণ।

Leave a Reply