Class 12| Anthropology| Chapter-4| নৃগোষ্ঠী বর্ণনাতত্ত্ব

Class 12| Anthropology| Chapter-4| নৃগোষ্ঠী বর্ণনাতত্ত্ব। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12| Anthropology| Chapter-4| নৃগোষ্ঠী বর্ণনাতত্ত্ব পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदी Click Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12| Anthropology| Chapter-4| নৃগোষ্ঠী বর্ণনাতত্ত্ব

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12| Anthropology| Chapter-4| নৃগোষ্ঠী বর্ণনাতত্ত্ব ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

সামাজিক নৃতত্ব আৰু নৃগোষ্ঠী বর্ণনাতত্ত্ব

(ক) অতি চমু প্রশ্নোত্তৰ:

১। গাৰোসকলৰ মাজত থকা ডেকা চাংৰ নাম লিখা।

উত্তৰঃ নকপান্তে। 

২। গাৰোসকলৰ এটা প্ৰধান কৃষি উৎসৱৰ নাম লিখা

উত্তৰঃ বানগালা।

৩। মিছিংসকলৰ এচা প্রধান কৃষি উৎসৱৰ নাম লিখা। 

উত্তৰঃ আলি-আই-লিগাং।

৪। গাৰোসকলে খেতি কৰা প্ৰধান শস্যবোৰ কি কি? 

উত্তৰঃ ধান, কণীধান আৰু গোমধান।

৫। গাৰোসকলৰ জীৱিকা নির্বাহৰ প্ৰধান উৎস কি? 

উত্তৰঃ ঝুমখেতি।

৬। মিচিংসকলৰ জীবিকা নির্বাহৰ প্ৰধান উৎস কি? 

উত্তৰঃ ধানখেতি।

৭। আপাটানিসকল ক’ত বাস কৰে?

উত্তৰঃ অনাচল প্ৰদেশত।

৮। উত্তৰ পূব ভাৰতৰ এটি ঝুম কৃষক সম্প্ৰদায়ৰ নাম লিখা। 

উত্তৰঃ গাৰো।

৯। গাৰোসকলৰ প্ৰধান খাদ্য কি?

উত্তৰঃ ভাত।

১০। আওঁনগাসকল কত বাস কৰে?

উত্তৰঃ নাগালেণ্ডত।

১১। গাৰোসকল ক ত বাস কৰে?

উত্তৰঃ গাৰোসকল প্রধানত মেঘালয়ৰ পশ্চিম অঞ্চলত বাস কৰে। ইয়াৰ উপৰিও খাচী পাহাৰ, অসমৰ কামৰূপ, গোৱালপাৰা, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, দৰং, কাৰ্বি আলং জিলাত আৰু পুশ্চিমংগ আৰু ত্ৰিপুৰাত বাস কৰে।

১২। আচিক মান্দেৰ অৰ্থ কি?

উত্তৰঃ সাহাৰৰ মানুহ।

১৩। ঝুম খেতিক গাৰোসকলে কি বুলি কয়?

উত্তৰঃ আবংগা গামা বা আগাচাআ।

১৪। গাৰোসকলে ঝুমখেতিৰ বাবে হাবি কাটি সীমা থিক কৰি লোৱা কাৰ্য্যক কি বোলে?

উত্তৰঃ ওফাতা।

১৫। গাৰোৰ প্ৰধান উৎসৱ কি?

উত্তৰঃ বানগালা।

১৬। গাৰোসকলৰ প্রিয় খাদ্য কি?

উত্তৰঃ শিমলু আলু, পানীয় চু (লাওপানী)।

১৭। ভৈয়ামত বাস কৰা এটা জনজাতিৰ নাম লিখা।

উত্তৰঃ মিছিং, ৰাভা, বড়ো।

১৮। মিছিং পুৰুষৰ সাজপোচাকসমূহ কি কি?

উত্তৰঃ গালুক বা মিবু গালুক, ডমেৰ, ইউগণ, টঙলি। 

১৯। নিছিং তিৰোতাসকলৰ সাজপোছাকসমূহ কি কি?

উত্তৰ: বিবি, গাছ্যে, গেৰো, এগে, ছেক্ৰেক।

২০। আওসকলৰ তিনিটা খেলৰ নাম লিখা।

উত্তৰ: আওসকলৰ তিনিটা খেলৰ নাম হ’ল চোংলি, মাংছে আৰু চাংকি

২১। আওসকল কোন প্ৰজাতিৰ?

উত্তৰঃ মংগোলীয় প্রজাতিৰ।

২২। আপাটানিসকলৰ প্ৰধান জীৱিকাৰ উপায় কি?

উত্তৰঃ ধানখেতি।

২৩। আপাটানিসকলৰ মুখ্য ভাগ দুটা কি কি?

উত্তৰঃ মিতে আৰু মুৰা।

২৪। বুলিয়াং কি?

উত্তৰঃ আপাটানিসকলৰ অনানুষ্ঠানিক গাওঁ পৰিষদ।

২৫। বুলিয়াং কেইপ্ৰকাৰৰ?

উত্তৰঃ বুলিয়াং তিনিপ্ৰকাৰৰ – আকা বুলিয়াং, যাপা বুলিয়াং, আজাং বুলিয়াং।

২৬। আপাটানিসকলৰ মাজত কেনেকুৱা বিবাহ প্রথা প্রচলিত? 

উত্তৰঃ একক পতি পত্নী বিবাহ প্রচলিত।

২৭। ইংৰাজী কাষ্টশব্দটো ক’ৰ পৰা আবিৰ্ভাৱ হৈছিল?

উত্তৰঃ পর্তুগীজ ভাষাৰ কাষ্ট শব্দৰ পৰা।

২৮। জাত বা জাতিৰ অৰ্থ কি? 

উত্তৰঃ জন্ম বা বংশানুক্রম।

২৯। জাতি কাক বোলে?

উত্তৰঃ এটা বিশেষ জন্মগত সামাজিক গোটক জাতি বোলা হয়।

৩০। গাৰোসকল পতি স্থানিক নে পত্নী স্থানিক ?

উত্তৰঃ গাৰোসকল পত্নীস্থানিক।

৩১। আওঁনগাসকলে ঝুমখেতি নে নাঙল খেতি কৰে? 

উত্তৰঃ ঝুমখেতি কৰে।

৩২। মিছিংসকল চিকাৰজীৱী নে কৃষিজীবি? 

উত্তৰঃ কৃষিজীবি।

৩৩। গাৰো সমাজত পৰিয়ালক কি বুলি জনা যায় ? 

উত্তৰঃ নোক।

৩৪। আও নগাসকলৰ ভাষা বা উপভাষা নাগামী/তিব্বতবর্মীয়।

উত্তৰঃ তিব্বত বর্মী। 

৩৫। বর্তমান জাতি প্ৰথা কৰ্মৰ/জন্মস্বত্বৰ ওপৰত সৃষ্টি হয়।

উত্তৰঃ জন্মস্বত্বৰ ওপৰত সৃষ্টি হয়।

৩৬। গাৰোসকলে কৰা খেতিক কি বুলা হয়? 

উত্তৰঃ ঝুমখেতি।

৩৭। গাৰোসকলে চাংঘৰত নে মাটিৰে সজোৱা ভেটিৰ ওপৰত ঘৰ সাজে ? 

উত্তৰ : চাংঘৰত বাস কৰে।

৩৮। গাৰোসকল মাতৃসূত্রী নে পিতৃসূত্রী? 

উত্তৰঃ মাতৃসূত্ৰী।

৩৯। মিচিংসকল কেনেকুৱা ঘৰত থাকে?

উত্তৰঃ চাংঘৰত।

৪০। মিচিংসকলে কি পদ্ধতিৰে খেতি কৰে? 

উত্তৰঃ নাঙল খেতি।

৪১। মিচিংসকলে কিহেৰে খেতি কবে?

উত্তৰঃ গৰু বা ম’হবে।

৪২। ডেকা চাঙৰ প্ৰচলন গাৰোসকলৰ মাজত নে মিচিংসকলৰ মাজত আছে। 

উত্তৰঃ গাৰোসকলৰ মাজত।

৪৩। আওঁসকলৰ মাজত প্ৰচলিত বয়স ভিত্তিত গঢ়ি উঠা গোটাটো কি?

উত্তৰঃ মোৰাং (Morang)

৪৪। আওঁনগাসকলৰ মোৰাং সংগঠণত কিমাজন উপদেষ্টা থাকে।

উত্তৰঃ ২০ জনসদস্য থাকে। 

৪৫। বুলিয়াং কেইপ্ৰকাৰৰ?

উত্তৰঃ তিনিপ্ৰকাৰৰ – 

(ক) আকা বুলিয়াং, 

(খ) য়াপা বুলিয়াং, 

(গ) আজং বুলিয়াং

৪৬। আপাটানিসকল কোন?

উত্তৰঃ আপাটানিসকল উত্তৰ-পূব ভাৰতত অৱস্থিত অবনাচল প্ৰদেশৰ এটা জনজাতি।

৪৭। আপাটানিসকলৰ মুখ্য জীৱিকা কি? তেওঁলোকে কৰা খেতিক কি কয়? 

উত্তৰঃ আপাটানিসকলৰ মুখ্য জীৱিকা হ’ল ধান খেতি। এই খেতি তেওঁলোকে পাহাৰৰ এঢলীয়া অংশত খাপ কাটি কৰে। সেইবাবে ইয়াক খাপ খেতি বুলি কোৱা হয়।

৪৮। আপাটানিসকলৰ মাজত থকা গোত্ৰসমূহক কেইটা ভাগত ভাগ কৰা হৈছে? 

উত্তৰঃ আপাটানিসকলৰ মাজত থকা গোত্রসমূহক দুটা শ্ৰেণীত ভাগ কৰা হৈছে যেনে— 

(ক) মিকে উচ্চ বংশীয় আৰু 

(খ) মুৰা দাস বংশীয় বা নিম্ন বংশীয়।

শুদ্ধ উত্তৰ বাছি উলিওৱা

১। গাৰো/আপাটানিসকলে স্থানান্তৰিত কৃষি কৰে । 

উত্তৰঃ গাৰোসকলে স্থানান্তৰিত কৃষি কৰে।

২। নগাভূমিৰ লোকসকলে সাধাৰণতে ঝুম/নাঙল কৃষি অবলম্বন কৰে। 

উত্তৰঃ নগাভূমিৰ লোকসকলে ঝুম কৃষি অবলম্বন কৰে।

৩। উত্তৰ-পূব ভাৰতৰ ছেৰডুকাপনসকলে কৃষিজীবি/পশুপালক 

উত্তৰঃ পশুপালক।

৪। আওঁনগাসকলৰ মোৰাংও উপদেষ্ঠাৰ সংক্ষা ২০/৪০ জন। 

উত্তৰঃ ২০ জন।

৫। অসমৰ জনজাতিবোৰ প্ৰধানকৈ মঙ্গোলীয় / ক’কেছীয় প্ৰজাতিৰ। 

উত্তৰঃ মংগোলীয় প্রজাতিৰ।

৬। খাচীসকলে অষ্টিক/আর্য ভাষা ব্যৱহাৰ কৰে।

উত্তৰ: অটিক ভাষা।

৭। ইন্দ’আর্য উপাদান বড়ো/অসমীয়া জাতিগোটৰ মাজত দেখা যায়। 

উত্তৰঃ অসমীয়া জাতি গোটৰ মাজত।

৮। মিচিংসকল পিতৃস্থানিক নে মাতৃস্থানিক? 

উত্তৰঃ মাতৃস্থানিক।

৯। খাচী জনজাতীয় স্বামীয়ে নিজৰ ঘৈণীয়েকৰ মাকৰ ঘৰত বাস কৰে। 

উত্তৰঃ ঘৈণীয়েকৰ মাকৰ ঘৰত।

১০। আওঁনগাসকলে যাদুবিদ্যা চৰ্চা কৰে / নকৰে।

উত্তৰঃ কৰে।

১১। গাৰোসকল অসম / মেঘালয়ৰ জনজাতি।

উত্তৰঃ মেঘালয়ৰ জনজাতি।

১২। খাচীসকলে বংশানুক্ৰম পিতা/মাতা/ভনীৰ যোগে চিনাক্তকৰণ কৰে।

উত্তৰঃ মাতাৰ যোগে।

১৩। নোকপাত্তে খাচীসকলৰ/গাৰোসকলৰ ডেকাচাং 

উত্তৰঃ গাৰোসকলৰ

১৪। আলি আই লিগাং গাৰোসকলৰ/আহোমসকলৰ/মিচিমসকল কৃষিভিত্তিক উৎসৱ।

উত্তৰঃ মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ।

HS Second Year Anthropology Solutions নৃতত্ত্ব

Chapter No.Chapter Name
Chapter 1আবয়বিক নৃতত্ব
Chapter 2প্রাগঐতিহাসিক নৃতত্ত্ব
Chapter 3বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব
Chapter 4সামাজিক নৃতৃত্ব
Chapter 4নৃগোষ্ঠী বর্ণনাতত্ত্ব
Chapter 5পৰিস্থিতি বিজ্ঞান

চমু প্রশ্নোত্তৰ : ২/৩ নম্বৰকৈ

১। গাৰোসকল কত বাস কৰে? তেওঁৰ আবাস ভূমিৰ বৰ্ণনা দিয়া।

উত্তৰঃ গাৰোসকল প্রধানত মেঘালয়ৰ পশ্চিম অঞ্চলত বাস কৰে। তেওঁলোকৰ কিছুমানে খাড়ি পাহাৰ, অসমৰ কামৰূপ, গোৱালপাৰা, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, দৰং, কাৰ্বিআলং জিলাত, পশ্চিমবংগ আৰু ত্ৰিপুৰাত বাস কৰে।

গাৰোসকল পাহাৰ আৰু ভৈয়াম উভয় অঞ্চলত বাস কৰে। পাহাৰ আৰু ভৈয়ামৰ প্ৰাকৃতিক পরিবেশ বেলেগ বেলেগ। গাৰোসকলৰ বেছিভাগ লোকেই গাঁৱত বাস কৰে। অলপ সংখ্যক গাৰো পাহাৰ জিলাৰ সদৰ ঠাই তৃৰা চহৰত বাস কৰে।

গাৰোসকলৰ বাসভূমির বর্ণনা তলত দিয়া হ’ল: পাহাবৰ গাৰোসকলে পাহাবৰ এঢলীয়া ঠাইত ঘৰ সাজে। ঘৰোৱাৰ দীঘলে প্রায় ১৮ মিটাৰ মান আৰু বহলে প্রায় ৪/ মিটার। ঘৰবোৰ চাক্তৰ ওপৰত সাজে। চাংখন মাটিৰ সমানে সমানে আৰম্ভ কৰি একেবাৰে নামনিৰ ফালে প্রায় ৪ মিটাৰ মান ওখ হয়। চাঙৰ পৰা মুখলৈ প্রায় ২৫০ মিটাৰ মান হয়। ঘৰৰ খুঁটা আৰু মাৰলিবোৰ বৰ ডাঙৰ ডাঙৰ। ঘৰৰ বোবোৰ বাঁহেৰে কেইবাতৰপীয়া কৰি সাজে। ঘৱৰ সন্মুখৰ ফালে সোমাজত এখন দুবাৰ থাকে। এই দুৱাৰখনৰ প্ৰায় ২ মিটাৰমান দুৰতহে ঘৰৰ চাংখন আৰম্ভ হয়। এইখিনি ঠাই চাং নোহোৱা এটা খোটালীৰ স্বৰূপ। ই খোটালিৰ দুয়োফালে সৰু সৰু চাং পাতি খাদ্যৰ বাবে ৰখা গৰু বান্ধি থোৱা হয়। বেলেগ চাঙত ঘাঁহ বাঁহতপাত ৰাখি খুওৱা হয়। চাং দুখনৰ মাজত ঠাইখিনি বৰষুণৰ দিনত উৰলেৰে ধান বানিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। এই ঠাইখিনিক ‘নোয়া’ বোলা হয়। এইখিনি ঠাই আৰু ঘৰৰ চাংখনৰ মাজত আৰু এখন দুৱাৰ থাকে। এইখনহে প্রধান দুৱাৰ দুবাৰখনেৰে গ’লে ঘৰৰ প্ৰধান খোটালীটো পোৱা যায়। এই খোটালীটোক ‘দোংবামা’ বোলা হয়। এই খোটালীৰ সোমাজত জুইশালখন থাকে। চাঙৰ ওপৰত মাটি লিপি জুইশাল খন বনোৱা হয়। এই খোটালীটো চ’ৰঘৰ হিচাপে ব্যৱহৃত হয়। চুও এই খোটালীতে ৰখা হয়। ইয়াৰ ওচৰতে এটা কোঠালী স্বামী-স্ত্ৰীৰ শোৱাৰ কাৰণে ৰখা হয় যাক ‘দুন’ বুলি কোৱা হয়। তাত আন মানুহে সোমোৱা নিষেধ। ‘দুনৰ’ বিপৰীত ফালে প্রায় ৯০ চেন্টিমিটাৰমান বহল এটা সৰু পথ ভিতৰলৈ গৈ চাংখনৰ শেষ ভাগত ওলায়। চাংখনৰ এই অংশটোক ‘খালদিক’ বোলা হয়। খালদিকৰ চাং অংশটোৰ বাঁহবোৰ পাতলকৈ ৰখা হয় কাৰণ এই অংশটো প্রস্তাব কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। কোনো কোনো ঘৰৰ ‘দোংৰানা এফালে আন এখন দুৱাব থাকে। এই দুৱাৰখনৰ বাহিৰত ছালবোৰ নোহোৱা এখন চাং থাকে। এই চাংক ‘আলেং’ বোলা হয়। দোৰাংমা খোটালীটোৰ মাজত এডাল খুটা থাকে। এই খুটাডালৰ ওপৰৰ ঠাইখিনিক পূজা পাতলৰ বাবে পবিত্র স্থান বুলি গণ্য কৰা হয়।

ভৈয়ামৰ গাৰোসকলে ওচৰৰ অসমীয়ালোকৰ ঘৰৰ নিচিনা ঘৰ সাজে। বৰ্ত্তমান যুগত গাৰো সকলৰো থকা মেলাৰ মান বাঢ়িছে বিশেষকৈ খৃষ্ট ধৰ্মত দীক্ষিত লোকসকলৰ।

২। গাৰোসকলৰ কৃষি পদ্ধতি বর্ণনা কৰা । 

উত্তৰঃ গাৰোসকলৰ জীৱিকাৰ প্ৰধান সম্বল হ’ল ঝুম খেতি। ইয়াৰ উপৰিও তেওঁলোকে চিকাৰ আৰু মাছ মাৰিও জীৱিকা নির্বাহ কৰে। খেতিৰ পৰা উৎপাদিত প্রধান শস্যবোৰ হ’ল। ধান, কণীধান আৰু গোমধান। ঝুমখেতিক তেওঁলোকে আৰংগা গামা বা আগাচা আ বোলে। ঝুমখেতিৰ বাবে আঘোন পুহ মাহত এখন গাঁৱৰ গোটেই বাসিন্দাসকলে এটা অঞ্চল বাচি লয়। গাঁৱৰ প্ৰত্যেক পৰিয়ালে নিজ নিজ মাটিৰ অলপ অচৰপ হাবি কাটি সীমা থিক কৰি লয়। এই কাৰ্য্যক ‘ওফাতা’ বোলা হয়। মাঘ মাহত হাবি কাটি শেষ কৰা হয়। কাটি থোৱা হাবিবোৰ শুকোৱাৰ পিছত চ’ত মাহত বৰঘুণ পৰাৰ আগে আগে গাঁৱৰ খেতিয়কসকলে একেলগে গৈ গধূলি কাটি থোৱা শুকান হাবি কানিত জুই লগাই দিয়ে। ইয়াৰ পিছত মানুহখিনিয়ে গাঁৱলৈ উভতি আহি ‘আকাল মাক’ নামেৰে উৎসৱ পালন কৰে। এই উৎসৱত সকলো মানুহেই ‘চু’ খায় আৰু ডেকা-গাভৰুসকলে গান গাই গাই ৰাতি ঘুৰি ফুৰে। উৎসৱৰ সামৰণিক ‘দামা গো গাতা’ বোলে। ইয়াৰ পিছত ধান নপকালৈ ঢোল-শিঙা আদি বাদ্য যন্ত্ৰবোৰ বজোৱা নহয়।

আগাল মাকৰ উৎসৱৰ পিছৰে পৰা শস্যৰ গুটিৰ সিচিবলৈ আৰম্ভ কৰে। খৰি বন পুৰি শেষ হোৱা উৎপন্ন হোৱা ঠাইখিনি মাটিৰ ওপৰত ভালকৈ ছটিয়াই দিয়া হয়। তাৰ পিছত কণীধান, বেঙেনা, জলকীয়া, পাহাৰী লাই শাক (মেজাক) আদিৰ গুটি মিহলাই । মাটিৰ ওপৰত ছটিয়াই দিয়া হয়। কচুৰ আগবোৰ, শিমলু, আলুৰ গা-গছৰ টুকুৰাবোৰ কোৰেৰে মাটি খান্দিৰোৱা হয়। ধান, গোমধান, লাউ ৰঙালাউ আদিৰ গুটি এডালল বাঁহ বা কাঠৰ জোঙোৰ মাটিত সামান্য এটা গাঁত কৰি পেলোৱা হয়। চ’ত বহাগ বৰষুণ পৰাৰ লগে লগে সকলোবোৰ গজি উঠে। শাওণ মাহৰ শেষৰ ফালে কণীধানত গুটি ধৰে। ভাদ মাহত কণীধান পকিবলৈ ধৰে। তেতিয়া বনৰীয়া জন্ত আৰু চৰাইৰ পৰা শস্যবোৰ ৰক্ষা কৰিবলৈ সাবধানতা অবলম্বন কৰা হয়। গাঁৱৰ পৰা খেতিপথাৰত দূৰিত হ’লে গাঁৱৰ গোটেইখিনি মানুহ গাওঁ এৰি খেতি পথাৰত খাকিবলৈ লয়। এই কাৰ্য্যক ‘আবাখাতা’ বোলে। তেওঁলোকে পথাৰত থাকিবলৈ অস্থায়ী ঘৰ সাজি লয়। ইয়াক ‘আবা জামাদনে’ বোলে। ধান পকিবলৈ আৰম্ভ কৰিলে ‘ৰংগালা’ অর্থাৎ চিৰা খোৱা উৎসব পালন কৰা হয়। এই উৎসব পালন কৰাৰ আগতে খেতিব শস্য খোৱা নিষেধ। আহিন কাতি মাহত ধান চপোৱা শেষ হ’লে মানুহখিনি আকৌ ঘৰলৈ ঘূৰি আহে। আৰু তেতিয়া এটা আহায়া নামে উৎসব পালন কৰে।

এই সমছোৱাত বিভিন্ন বস্তু দেব দেৱীলৈ আগবঢ়ায়। লগতে ঘৰে ঘৰে চু’’লাওপানী বনায়। এই উৎসৱটো গাৰোসকলৰ প্ৰধান উৎসৱ বানগালাৰ’ আগজাননী হিচাপে পালন কৰা হয়। এই আহায়া উৎসৱৰ দুসপ্তাহমান পিছৰ পৰাই ‘বানগালা’ উৎসব পালন কৰা হয় এই উৎসৱত অন্যান্য গাওঁৰ পৰা ইট কুটুম্ববোৰ আহি গাওঁবোৰ ‘চু’ পান কৰি নাচ গান কৰি ভোজ ভাত খায়। এই পৰ্ব ৩/৪ দিন ধৰি চলে। ডেকা ল’ৰা-ছোৱালীবোৰে নাচ-গান কৰি গাওঁবোৰ ঘূৰি ফুৰে। প্ৰত্যেক ঘৰৰ ‘চু’ শেষ হোৱাৰ লগে লগে বানগালা পৰ্বৰো শেষ হয়। এইদৰেই গাৰোসকলৰ ঝুম খেতিৰ বছৰ শেষ হয়। ঝুম খেতি এবাৰ কৰাৰ পিছত সেই মাটি ডখৰ হাবি জংঘলেৰে ভৰি নপৰে পৰ্যন্ত ৩/৪ বছৰলৈ পেলাই থোৱা হয়। সেই কাৰণে খেতিক স্থানান্তৰিত কৃষি বুলিও কোৱা হয়।

৩। গাৰোসকলৰ সাজ-পাৰৰ বিষয়ে লিখা।

উত্তৰঃ গাৰোসকলৰ সাজ-পাৰ অতি সাধাৰণ ধৰণৰ। মতা মানুহে আগতে কেৱল কৌপিন ব্যৱহাৰ কৰিছিল। মাইকী মানুহে এখন এহাততকৈ কম বহলৰ গামোছা আকৃতিৰ কাপোৰ ককাঁলৰ তলপিনে মেৰিয়াই লৈছিল। তেওঁলোকৰ কৰ্কালৰ ওপৰ ভাগ গা খোলা ৰাখিছিল। গাৰোসকলৰ কৌপিনক ‘গানদো’ আৰু তিৰোতাৰ কাপোৰ খনক’ৰেখিং’ বা গামৰেথিং বোলা হয়। পুৰণিকলীয়া সম্ভ্ৰান্ত লোক সকলে একোটা ডাঙৰ পাগুৰি মাৰিছিল। ডেকা-গাভৰুসকলেও উৎসৱ আদিত পাগুৰি মাৰিছিল। কিন্তু আজিকালি এনেকুৱা ধৰণৰ পোছাক পৰিধান কৰা দেখা নাযায়। আজিকালি মাইকী মানুহে ভৰিৰ গোৰোহালৈকে আবৰা ৰং বিৰঙৰ ফুল থকা কাপোৰ কঁকালত মেৰিয়াই পিন্ধে। এই খনক ‘দাকমান্দা’ বোলা হয়। পুরুষে শৰীৰৰ ওপৰ অংশ ঢাকিবলৈ গেঞ্জী পিন্ধে। গাঁৱৰ সাধাৰণ পুৰুষ সকলে হাফপেন্ট আৰু গেঞ্জী ব্যৱহাৰ কৰে। ভৈয়ামৰ ওচৰে পাজৰে থকা মতা মানুহে ধূতি নোলা পিন্ধে আৰু মাইকী মানুহে মেখেলা চাদৰ ব্যৱহাৰ কৰে।

আধুনিক সংস্কৃতিৰ প্ৰভাৱৰ ৰূপৰেখা গাৰোসকলৰ সাজ-পোছাকৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও অসমীয়া সংস্কৃতিৰ লগত সংস্কৃতিক উপাদানৰ সংমিশ্ৰণৰ ফলস্বৰূপে ভৈয়ামত বাস কৰা গাৰোসকলে তেওঁলোকৰ পৌৰাণিক সাজপাৰ ত্যাগ কৰি বহু ক্ষেত্ৰত অসমীয়া সাজ-পাৰ পৰিধান কৰা দেখা যায়।

৪। মিছিংসকল কোন? তেওঁলোক কতবাস কৰে? তেওঁলোকৰ প্ৰধান জীৱিকা কি ?

উত্তৰঃ মিছিংসকল অসমৰ ভৈয়ামত বাস কৰা এটা জনজাতি এওঁলোকে অবিভক্ত লক্ষীমপুৰ, শিৱসাগৰ আৰু দৰং জিলাত বাস কৰে আৰু শদিয়াৰ পৰা তেজপুৰলৈ বিস্তৃত হৈ আছে তেওঁলোকৰ জনসংখ্যা তিনি লাখৰো ওপৰ। সাধাৰণতে মিছিংসকল নদীৰ পাৰত চাংঘৰ সাজি বসবাস কৰে। চাংঘৰবিলাক বহতি নৈৰপৰা লম্ব ৰেখাৰ দৰে সজা হয়। নদীৰ পাৰত বাস কৰাৰ কাৰণে প্ৰতি বছৰে মিছিৎসকল বানপানীৰ কবলত পৰে। মিছিংসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি।

৫। উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যত বসবাস কৰা একোটিকে জনজাতিৰ নাম লিখা।

উত্তৰঃ সাতখন ৰাজ্যৰ একোটিকে জনজাতিৰ নাম হ’ল –

  • অসম : ৰাভা, মিছিং, কাৰ্বি
  • মেঘালয় : গাৰো, খাছি,জয়ন্তীয়া
  • মিজোৰাম : মিজো, লুচাই
  • ত্ৰিপুৰা : ত্ৰিপুৰী, ৰিয়াং, কুকী
  • মণিপুৰ : মাও, পুৰুসকুকী, মেইটি
  • নগভূমি : আংগামী, আও, দেমা
  • অবনাচল প্রদেশ : আদি, আপাটানি, বাব্বু

৬। আওঁনগাসকল ক’ত বাস কৰে?

উত্তৰঃ আওঁনগাসকল নাগালেণ্ডত বাস কৰা এটা মূখ্য জনজাতি। তেওঁলোকৰ বেছিভাগেই মোককচাং জিলাত বাস কৰে। আওঁসকলৰ তিনিটা খেল আছে। যেনে- চোংলি, মংছেগ আৰু চাংকি। প্রত্যেক খেলবে ভাষা বোলেগ বেলেগ। তেওঁলোকৰ চৰকাৰী ভাষা হ’ল চোংলি। আওঁনগাসকল মংগোলীয় প্রজাতিৰ। অতীজত আওঁসকল এটা নৰমুণ্ড চিকাৰী জনজাতি আছিল। শত্ৰুৰ মূৰ কাটি অনাটো তেওঁলোকৰ মাজত এটা সাহসিকতাৰ দৃষ্টান্ত আছিল আৰু ব্যক্তিগতভাৱে গৌৰৱ অনুভৱ কৰিছিল। সমাজে মুণ্ড চিকাৰীজনক নায়ক হিচাপে স্বীকৃতি দিছিল। কিন্তু বৃটিছৰ শাসন কালত এই প্ৰথাৰ প্ৰচলন অবৈধ বুলি উঠাই দিয়া হয়। আওঁসকল এটা পিতৃ প্রধান জনজাতি।

,৭। আওঁনগাসকলৰ বয়স্তৰ পদ্ধতিৰ বিষয়ে কি জনা লিখা।

বা

আওঁনগাসকলৰ বয়সভিত্তিক স্তৰ গাঁঠনি কি? ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ আওঁনগাসকলৰ মাজত এটা নিৰ্দিষ্ট বয়সৰ সীমা অতিক্রম কৰা ডেকাসকলক লৈ এটা বয়সভিত্তিক সামাজিক গোট গঠন কৰা হয়। আওঁসকলৰ ভাষাত ইয়াক মোৰাং বোলা হয়। সাধাৰণতে ১৩/১৪ বছৰ অতিক্ৰম কৰা ডেকাসকলেহে মোৰাংৰ সদস্য ভুক্ত হ’ব পাৰে। সেয়ে ইয়াক আওঁ নগাসকলৰ ডেকা চৰ হিচাপেও জনা যায়। প্রকৃততে মোবাং হৈছে ডেকাসকলে বাস কৰা এটা ঘৰ। ইয়াৰ দৈৰ্ঘ্য ১৫ মিটাৰ আৰু বহল ৬ মিটাৰ। ঘৰটোৰ সন্মুখত মাটিৰ পৰা প্রায় ৯ মিটাৰ উচ্চতাত এখন মঞ্চ থাকে। ইয়াতেই বহি ডেকাসকলে বিভিন্ন আলাপ আলোচনা কৰে। মোৰাংত মহিলাৰ প্রবেশ নিষেধ। পৰম্পৰাগত নীতি অনুযায়ী প্রতি তিনি বছৰে এনাম ডেকা মোবাংৰ ভৰ্ত্তি করা হয়। নতুনকৈ সোমারা সদস্যসকলক পুৰণি বয়োজ্যেষ্ঠ ডেকাসকলে বিভিন্ন কামত খটুবায় লগে লগে সমাজত সংগঠনৰ পদ্ধতিবোৰো শিকিবলৈ ধৰে। পুৰণি তিনিবছৰৰ মূৰত নতুন এচাম ডেকা মোবাংত সোমায় আৰু পুৰণি চামৰ পদোন্নতি পোৱাৰ তিনিবছৰ পিছত এইচামা ডেকাৰ মোৰাঙত থকাৰ অধিকাৰ নাথাকে ফলত মোৰাঙৰ পৰা ঘৰলৈ আহি বিয়া বাৰু কৰাই নিজ পৰিয়াল তথা গোত্ৰৰ কামত নিজকে নিয়োজিত কৰে। যথাসময়ত এই চামৰ পৰাই কিছুমানে পুৰোহিতৰ কাৰ্য্য হাতত লয় আৰু আন কিছুমানে শাসনব্যবস্থা পৰিচালনা কৰাত সহায় কৰে। তেওঁলোকৰ তিনিতা খেল আছে। যেনে — ছোংলি, মংচেন আৰু চাংকি। এটা খেলত ১ বা ২ গোত্ৰৰ ডেকাসকল অন্তর্ভূক্ত হ’ব পাৰে। মোৰাতে ভর্তি হ’বলৈ বিভিন্ন খেলৰ মাজত ভিভিন্ন বয়সৰ সীমা নিৰ্ধাৰিত কৰা থাকে। মোৰাঙত ডেকাসকলে সমাজৰসকলো কাৰ্য্যৰ প্ৰশিক্ষণ লাভ কৰে। সেয়েহে দেখা যায় যে আও নগাসকলৰ সমাজ সংগঠণত মোৰাঙৰ যথেষ্ঠ ভূমিকা আছে। মোৰাং হৈছে গাওঁ শাসনৰ এটা স্বায়ত্বশাসিত গোট। এই মোৰাং সংগঠণ আওঁসকলৰ পৰম্পৰাগত ভাৱে চলি অহা সাংস্কৃতিক সংস্থা বুলিও ক’ব পাৰি মোৰাং হ’ল ডেকাসকলৰ গাওঁ প্ৰতিৰক্ষা আৰু অৱসৰ বিনোদৰ তথা সামাজিক প্ৰশিক্ষণৰ শিবিৰ তথা কেন্দ্রস্থল। 

৮। আওঁনগাসকলৰ চাংকি খেলৰ মাজত থকা বয়সভিত্তিক মোৰাং সংগঠনৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ চাংকি খেলৰ মোৰাঙত প্রতি তিনি বছৰে ১২/১৪ বছৰ বয়সৰ দেওঁনা পাৰ হোৱাৰ লগে লগে ডেকাসকলে মোৰাঙত নতুন সদস্যভূক্ত হয়। নতুনকৈ ভর্তি হোৱা ডেকা চামক অপৰিপক্ক দল বা নোজাবৰি হোৰিব বুলি কোৱা হয়। এওঁলোকে মোৰাঙত শুব লাগে আৰু বয়োজেষ্ঠ ডেকাবিলাকৰ আলপৈচান ধৰা আৰু যাবতীয় কাম-কাজ কৰিব লাগে। তিনিবছৰ পিছত পুনৰ এই দলটোৱে আন এটি পর্যায়ত উপনীত হয় আৰু তাৰ ঠাইত নতুন এচাম ডেকা অপৰিপক্ক দলত ভৰ্ত্তি হয়। তেতিয়া পুৰণি দলটোক পৰিপক্ক দলটোৱে ইচ্ছা কৰিলে মোবাস্তুত নেওবও পাৰে আৰু তেওঁলোকৰ মোৰাঙৰ দায়িত্ব শেষ হ’লৈ বিয়া-বাৰু কৰাই ঘৰ সংসাৰ পাতিব পাৰে। তাৰ পিছত তেওঁলোকৰ কৰ্ত্তব্য হ’ব বিভিন্ন খা-খবৰ কঢ়িওৱা আৰু গাঁৱৰ বিভিক্ত কামৰ বাবে শ্রমদান কৰা। তিনিবছৰৰ পিছত তেওঁলোকক ‘চুচেনবাহোবি’ (মোৰাং নায়কৰ দল) আখজ দিয়া হয়। তেতিয়া তেওঁলোকে মোৰাঙৰ শাসন ভাব লয়। তিনিবছৰ অতিবাহিত হোৱাৰ পিছত তেওঁলোকক ‘ওকচাং ছামিচাৰিহোৰি’ (গোহৰিৰ ঠেং থোৱা) বুলি আখ্যা দিয়া হয়। ইয়াৰ অৰ্থ হ’ল মোৰাঙত ভোজৰ বাবে মৰা গাহৰিৰ ঠেং তেওঁলোকে পায়। আগৰ তিনিবছৰৰ দৰে তেওঁলোকে একেই কামেই কৰিব লাগে। ইয়াৰ পাছত তিনিবছৰত তেওঁলোক কিছৎ মাৰাং গোত্ৰৰ নেতা হয়। এই সময়ছোৱাত মোৰাঙত তেওঁলোকৰ কৰিবলগীয়া একো কাম নাথাকে। তেতিয়া তেওঁলোকে ডেকাকাল অতিক্রম কৰি বয়স্থ সম্প্ৰান্ত গাওঁলীয়া হৈ পৰে। ইয়াৰ পিছত তেওঁলোক তিনিবছৰ কাৰণে ‘থোনৰি’ (বোজা) কঢ়িওৱা বুলি জনাজাত হয়। তেওঁলোকে গাঁৱৰ পৰিষদৰসদস্যৰ মাংসৰ অংশীদাৰ হ’ব পাৰে। ইয়াৰ পিছত তেওঁলোকে তিনিবছৰৰ কাৰণে গাঁৱৰ পৰিষদৰসদস্য (টোটাৰি) হয় আৰু বয়োজেষ্ঠসকলৰ পৰামৰ্শ অনুযায়ী গাওঁৰ কাম-কাজ পরিচালনা কৰে। এই সময়ত তেওঁলোকে সকলোতকৈ অধিক মাংসৰ ভাগ। পায়। ইয়াৰ পিছৰ তিনিবছৰত তেওঁলোকে মুজাম্বা টেমাম্বা হিচাপে পৰিগণিত হয়। তেওঁলোকৰ কোনো কোনোৰে পাটিব (পুরোহিত) হিচাপে নিয়োজিত হয়। টাটাৰিসকলে প্রয়োজন বিশেষে এওঁলোকৰ পৰামৰ্শ সময়ে সময়ে লৈ থাকে।

৯। মিছিংসকলৰ মাজত প্ৰচলিত কৃষি পদ্ধতি সম্বন্ধে এটি চমু আভাষ দিয়া।

উত্তৰঃ মিছিংসকলে খেতি পথাৰত নাঙল ব্যৱহাৰ কৰে। তেওঁলোকে খেতি পথাৰত গৰুবে কেতিয়াবা ম’হবেও হাল বায়। এওঁলোকৰ খেতিৰ প্ৰধান শস্য হ’ল ধান। বিশেষকৈ এওঁলোক আহুধানৰ ওপৰত নিৰ্ভৰশীল। শালিধানৰ খেতিও সময়ে সময়ে কৰা দেখা যায়। ধানখেতিৰ উপৰিও তেওঁলোকে অন্যান্য খেতি কবে যেনে – সৰিয়হ, গোমধান, মাটিমহ, মিঠা আলু, আলু, তিয়হ, জলকীয়া, আদা, হালধী, কল, কপাহ ইত্যাদি।

খেতিপথাৰত হালবোৱা, নিৰনি কৰা আদি পৰিশ্ৰমৰ কামবোৰ মতা মানুখিনিয়ে কৰে। মাইকী মানুহেও খেতি পথাৰত কিছুমান কামত মাতা মানুহক সহায় করে। যেনে – বোৱা পুতা শস্যৰ মাজত গজা অলাগতিয়াল বনবোৰ চাফা কৰা, চাহ জলপানৰ যোগান ধৰা ইত্যাদি। ল’ৰা-ছোৱালীবোৰেও খেতি পথাৰত কিছু সহায় কৰি দিয়ে। তেতিয়া শসাবোৰ ৰোপন কৰা হয় তেতিয়া ল’ৰা-ছোৱালীবোৰে ৰাতি পুৱাই খেতি পথাৰলৈ গৈ গৰু, চৰাইৰ পৰা শস্যবোৰ ৰক্ষা কৰে।

আছখেতি সাধাৰণতে ‘ফেব্ৰুৱাৰী’ মাহত আৰম্ভ কৰে আৰু ‘আগষ্ঠ’ মাহত এই খেতি চপায়। এই সময়ছোৱাত তেওঁলোকে আলি আই লিগাং নামে উৎসব পালন করে। এই উৎসৱটোকে কৃষিভিত্তিক উৎসৱ বুলিও জনা যায়। শালি খেতি ‘মে’ মাহৰ পৰা আৰম্ভ কৰে আৰু ‘ডিচেম্বৰত এই খেতিব চপোৱা কাম সমাধান হয়। এতিয়া মিচিংসকলৰ মাজত শালি খেতিয়েই বা প্ৰিয়হৈ পৰিছে। খেতি কৰা পদ্ধতি অন্যান্য অজনজাতিয় লোকৰ নাঙল খেতিৰ নিচিনা একে। এতিয়া কপাহৰ খেতিটো মিচিং সকলে বৰ গুৰুত্ব দিছে। কপাহৰ পৰা তেওঁলোকে নিজে কাপোৰ তৈয়াৰ কৰি লয়। বিশেষকৈ মিৰিজম (গাডু) তৈয়াৰ কৰি সেইবোৰ নিজেও ব্যৱহাৰ কৰে আৰু বজাৰত বিক্ৰী কৰি কিছু আর্থিকভাবে লাভবান হয়। আগতে মিচিংসকলে আয়াক নামেৰে এবিধ খেতি কৰিছিল আৰু তাৰ পৰা আপং তৈয়াৰ কৰিছিল। এতিয়া ইয়াৰ প্ৰচলন কম। খেতিৰ উপৰিও মিচিংসকলে চিকাৰ আৰু মাছ মৰা কাৰ্য্যতো ব্যস্ত থাকে। দলবদ্ধ ভাবে চিকাৰ কৰা কাৰ্য্য তেওঁলোকৰ মাজত প্ৰচলিত আছে। মাছ মৰা কাৰ্য্য খৰালি মাহত বেছিকৈ হয়। মিছিংসকলৰ মুখ্য খাদ্য হ’ল ভাত। তেওঁলোকৰ মাজত গাহৰি আৰু কুকুৰাৰ মাংস বৰ প্রিয়। শুকান মাছো তেওঁলোকে খায় আৰু আলহী অতিথিৰ বাবে শুকাই থৈ দিয়ে। মিছিংসকলে দিনত দুৱাৰ ভাত গ্ৰহণ কৰে। প্রত্যেক পৰিয়ালেই আপং (লাওপানী) ঘৰতেই তৈয়াৰ কৰে। আপং তেওঁলোকে ঘৰত চাহৰ নিচিনা খায়, আপংৰে অতিথিসকলক অল্যায়িত করে। আপং সাধাৰণতে তিৰোতাসকলে তৈয়াৰ কৰে।

বচনাধর্মী প্রশ্নোত্তৰ : ৪/৫ নম্বৰকৈ

১। উত্তৰ-পূব ভাৰতত থকা ৰাজ্যসমূহৰ নামবোৰ লিখা। 

উত্তৰঃ উত্তৰ-পূব ভাৰতত সাত খন ৰাজ্য আছে। যেনে—অসম, মেঘালয়, অবনাচল প্রদেশ, নাগালেও, মিজোৰাম, মণিপুৰ আৰু ত্রিপুৰা।

২। ঝুম খেতি কৰা দুটা জনজাতিৰ নাম লিখা।

উত্তৰঃ দুটা ঝুম খেতি কৰা জনজাতিৰ নাম হ’ল – মেঘালয়ৰ গাৰো আৰু অৰুণাচলৰ বাচ্চু।

৩। মিচিংসকলে খেতি কৰা প্ৰধান শস্যসমূহৰ নাম লিখা। 

উত্তৰঃ মিচিংসকলে প্রধানত ‘পাহু’ ধানৰ খেতি কৰে যদিও মাজে মাজে শালি খেতিও কৰে। ইয়াৰ উপৰিও তেওঁলোকে সৰিয়হ, মিঠাআলু, তিয়হ, মাটিমাহ, কপাহ, গোমধান, আদা, হালধী, জলকীয়া আদিৰো খেতি কৰে।

৪। গাৰোসকলে খেতি কৰা প্ৰধান শস্যবোৰৰ নাম লিখা।

উত্তৰঃ গাৰোসকলে খেতি কৰা শস্যসমূহ হ’ল বলীধান, মাকৈ, শিমলু আলু, আদা, জলকীয়া, ৰঙালাও, বেঙেনা, কচু, গোমখান, লাইশাক, মিঠাআলু, আহুজাতীয় ধান ইত্যাদি।

৫। মিচিংসকল কোন? তেওংলোকে বসবাস কৰা অঞ্চলসমূহ কি কি?

উত্তৰঃ মিচৎসকল অসমৰ ভৈয়ামত বাস কৰা এটা জনগোষ্ঠী। তেওঁলোকে অসমৰ অবিভক্ত জিলা লক্ষীমপুৰ, শিৱসাগৰ দৰং জিলা আৰু শদিয়াৰ পৰা তেজপুৰলৈ বিয়পি আছে।

৬। আওঁনগাসকলৰ মাজত থকা খেলসমূহ কি কি? 

উত্তৰঃ আওঁসকলৰ মাজত তিনিতা খেল আছে যেনে— নোংলি, মংছেন আৰু চাংকি।

৭। উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিটা ঝুম খেতিয়ক সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিটা ঝুম খেতিয়ক সম্প্ৰদায়ৰ নাম হ’ল – গাৰো, বাচ্চু, নবটে, ডফলা।

৮। চমুটোকা লিখাঃ

(ক) বুলিয়া সংগঠন : 

আপাটানি সমাজত প্ৰচলিত বুলিয়াং সংগঠণ হৈছে এটা অনানুষ্ঠানিক গাওঁ পরিষদ। আপাটানি সমাজ কোনো কেন্দ্রীয় শাসিত কৃপক্ষৰ দ্বাৰা পৰিচালিত নোহোৱাৰ বাবে এনে গাওঁ পৰিষদ গঠন কৰা হয়। এই পৰিষদে গাওঁৰ উন্নয়নৰ বাবে কাৰ্য্য পৰিচালনা কৰে। বুলিয়াং হৈছে সমাজৰ কিছুমান গুণী জ্ঞানী, কর্মঠ আৰু সামাজিক পদমর্যদা থকা ব্যক্তিৰ দ্বাৰা গঠিত এটি গোট। আপাটানিসকলৰ মাজত তিনি ধৰণৰ বুলিয়াং দেখা যায়। যেনে – আকা বুলিয়াং, য়াপা বুলিয়াং, আজাং বুলিয়াং আকা বুলিয়াৎ সমাজৰ প্ৰখ্যাত লোকসকলৰ দ্বাৰা গঠিত তেওঁলোক জ্ঞান, অভিজ্ঞতা আৰু বয়সৰ কাৰণে আকা বুলিয়াৰে স্থায়ীসদস্য হয়। য়াপা বুলিয়াঙৰ সদস্যসকল কর্মনিষ্ঠ। সামজিক সিদ্ধান্তবোৰ লোৱাটো তেওঁলোকৰ দায়িত্ব কিন্তু সকলো ক্ষেত্ৰতে আকা বুলিয়াঙৰ পৰামৰ্শ লয়। আজাং বুলিয়াং যুবকসকলৰ দ্বাৰা গঠিত। আজাং বুসিলাঙে যুবকসকলৰ চাহিদাসমূহ দাঙি ধৰে আৰু য়াপা বুলিয়াঙক সহায় কৰে। আজাং বুলিয়াপ্তৰ সদস্যই নিজৰ একনিষ্ঠ আৰু দক্ষ নেতৃত্বৰ কাৰণে য়াপা বুলিয়াভৰসদস্যলৈ উন্নতি হ’ব পাৰে।

(খ) আওনগাৰ ডেকা চাং: 

নগাভূমিৰ বাসিন্দা আও নগাসকলৰ মাজত বয়সৰ ভিত্তিত গঢ়ি উঠা সামাজিক গোটসমূহৰ প্ৰাধান্য যথেষ্ঠ আৰু সুস্পষ্টভাবে দেখা যায়। প্রতিখন আওঁ গাঁৱৰে সন্মুখভাগত একোতা অতি চকুত লগাকৈ সুন্দৰভাৱে সজ্জিত ঘৰ দেখা যায়। এই ঘৰটোক মেৰাংঘৰ বা ডেকা হিচাপে জনা যায়। আওঁনগাসকলৰ ভাষাত ইয়াক অবিচু নামে জনাজাত। মেবাংঘৰ বা ডেকা চাঙেই হৈছে আওঁ ডেকাহঁতৰ নৈতিক শিক্ষা আৰু সামাজিক দায়িত্ববোধ অনুশীলনৰ স্থান। সেয়ে আওঁ সমাজে কোনো মুখিয়াল বা ৰজা নথকাকৈয়ে সুচাৰুৰূপে গাঁৱৰ সমাজ ব্যৱস্থা মেবাংৰ জৰিয়তে পৰিচালিত হৈয়ে থাকে এই শাসন ব্যৱস্থা সম্পূর্ণ গণতান্ত্রিক পদ্ধতিৰে হয়।

(গ) গাৰোসকলৰ এটা কৃষি উৎসৱ: 

গাৰোসকল মূলতঃ ঝুম খেতিয়ক। ঝুম পেতিয়েই তেওঁলোকৰ জীৱন নিৰ্বাহৰ প্ৰধান উপায়। গাৰোসকলে ঝুমখেতিৰ আৰম্ভণিৰ পৰাই কৃষিৰ লগত জড়িত উৎসৱসমূহ পালন কৰা দেখা যায়। পৰ্য্যায়ক্রমে এওঁলোকৰ কৃষি উৎসৱসমূহ হ’ল– (ক) ওফাতা, (খ) আগাল মাছা. (গ) বংচুগালা, (ঘ) আহায়া আৰু (ঙ) বানগালা। ৱানগালা উৎসৱেই হৈছে কৃষিৰ গলত জড়িত প্রধান তথা শেষ উৎসব। ঝুম পথাৰৰ পৰা শস্যসমূহ চপাই গাওঁলৈ আহি গাৰোসকলে আহায়া উৎসব পালন কৰে আৰু ইয়াৰ পিছত কৃষিকাৰ্যাৰ সামৰণি উৎসৱ হিচাপে ৱানগালা পালন কৰে। সকলো গাওঁবাসী মিলি তেওঁলোকৰ পৰম্পৰাগত বাদ্যযন্ত্র ব্যৱহাৰ কৰি নাচ গানেৰে এই উৎসৱ পালন কৰা দেখা যায়। বানগালাৰ এটি প্রধান অংগ হৈছে ঘৰতে তৈয়াৰী চু’বে সকলোকে আপ্যায়িক কৰাটো।

(ঘ) আলি আই লিগাং : 

মিচিংসকলে বসন্ত কালত উদযাপন কৰা এটি। কৃষি ভিত্তিক উৎসব। প্রাচীন কালত কোনো নির্দিষ্ট দিনত এই উৎসব অনুষ্ঠিত কৰা নহৈছিল যদিও আজিকালি মিচিং সকালে ফাণ্ডন মাহৰ প্ৰথম বুধবাৰটো আলি-আই-লিগাং পালন কৰে।

আলি-আই লিগাং মানে হ’ল বীজ মূল ৰোপন উৎসৱ। মিচিংসকলে আখেতিৰ আগে আগে ফাগুণ মাহৰ এই উৎসব পালন করে। ফাগুণ মাহৰ প্ৰথম বুধবাৰটোত মদপান করি, নাচি বাগি, ভগবানন ওচৰত প্রার্থনা জনাই ধৰিত্ৰী আইৰ কোলাত মুঠি মুঠি আধানৰ বীজ সিচিদিয়াই এই উৎসৱৰ মূল বিষয়বস্তু। সাধাৰণতে আলি-আই-লিগাং উৎসৱ দুপৰীয়া আহাৰ দুপ পৰীয়া আহাৰ আৰু মাছৰ বজনেৰে আৰম্ভ কৰা হয় আৰু গাওঁবাসীয়ে পৰম্পৰাগত বাদ্য সামগ্রীকে তেওঁলোকৰ লোক সংগীতৰে অঞ্চলটি মুখৰিত কৰি তুলে। যথাসময়ত গাওঁৰ মুৰব্বীয়ে আৰু প্ৰতিঘৰৰ পৰিয়ালৰ মুৰব্বীয়ে সৰু এডৰা মাটিত আহ্বানৰ বীজ বোপন কৰে। এই উৎসৱ সচৰাচৰ তিনিদিন ধৰি চলি থাকে। এই সময়ছোৱাত মিচিংসকলে অইন কাম-কাজ কৰাব পৰা সম্পূর্ণভাবে বিরত থাকে।

(ঙ) মোৰাং সংগঠন : 

আওঁসকলৰ মোৰাং সংগঠণ এটা প্ৰধান সংস্থা। প্ৰতিৰক্ষাৰ বাবে প্ৰত্যেক আওগাঁৱৰ চাৰিওফালে বেব থাকে আৰু এখন প্ৰৱেশদ্বাৰা থাকে। প্রবেশদ্বাৰৰ ওপৰত এটা মোৰাং থাকে। আওঁসকলৰ মোৰাং সংগঠণ এটা পৰম্পৰাগত সংস্কৃতি। মোবাং হ’ল এটা ডেকাসকলৰ গাওঁৰ প্ৰতিৰক্ষা আৰু অৱসব বিনোদনৰ স্থায়ী শিবিব ই ডেকাসকলৰ প্ৰশিক্ষণ কেন্দ্রও। গতিকে সামাজিক জীৱনত মেৰাংৰ এটা বিশেষ ভূমিকা আছে। ৰোডং ডেকা চাং বুলিও কোৱা হয়।

মেৰাং হ’ল প্রায় ১৫ মিটাৰ (৫০ ফুট) দীঘল আৰু ৬ মিটাৰ (২০ ফুট) বহলৰ এটা ঘৰ। ইয়াৰ সন্মুখৰ ফালে মাটিৰ পৰা প্ৰায় ৯ মিটাৰ (৩০ ফুট) উচ্চতাত এখন ডাঙৰ মঞ্চ থাকে আৰু তাতে আঙাগতসকলৰ লগত বহি আলাপ আলোচানা কৰা হয়। মেৰাংত মহিলাৰ প্ৰবেশ নিষেধ। ডেকাসকলৰ বয়সৰ ভিত্তিতহে মেৰাঙত ভৰ্তি হ’ব পাৰে। মোৰাং সংগঠনটোকে বয়সভিত্তিক গোট ব্যৱস্থা বুলিও কোৱা হয়।

(চ) মিচিংসকলৰ নাঙল খেতি : 

মিচিংসকল অসময় ভৈয়াম অঞ্চলৰ জনজাতি। এওঁলোকৰ মুখখ জীৱিকা হ’ল কৃষি। কৃষি পদ্ধতিত এওঁলোকে নাঙল ব্যৱহাৰ কৰে বাবে এওঁলোকক নাঙল খেতিয়ক বোলা হয়। এওঁলোকৰ খেতিৰ প্ৰধান উৎপাদিত শস্য হৈছে যান। এওঁলোক বিশেষকৈ আধানৰ ওপৰত নির্ভরশীল। শালিধানৰ খেতি মাজে সময়েহে কৰা দেখা যায়। ধান খেতিৰ বাহিৰেও তেওঁলোকে করা অন্যান্য খেতিসমূহ হ’ল, সৰিয়হ, গোমধান, মাটিমাহ, মিঠাআলু, আলু, তিয়হ, জলকীয়া আদা হালধী, কল, কপাহ আদি। খেতিৰ মূল কামসমূহ পুৰুষৰ দ্বাৰা কৰা হয় যদিও সৰু সৰু কামত মহিলা আৰু ল’ৰা-ছোৱালীয়ে সহায় কৰা দেখা যায়। এওঁলোকৰ আহুধানৰ খেতি সচৰাচৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হয় আৰু আগষ্ট মাহত খেতি চপোৱা হয়। খেতি উঠাৰ পিছত এওঁলোকে আলি আয় লিগাং নামৰ এক কৃষি উৎসৱৰ আয়োজন কৰে।

(ছ) খাপ খেতি: 

নাঙলবিহীন কৃষিৰ বিভিন্ন পদ্ধতিৰ ভিতৰত থাপ খেতি অন্যতম। পাহাৰৰ গাত সুবিধা অনুযায়ী বহলকৈ কোৰেৰে খাপ কাটি লৈ শস্য উৎপাদন কৰা কৃষি পদ্ধতিকে খাপ খেতি বা বেদিকা কৃষি বোলা হয়। খাপৰ দাঁতিবোৰ শিল, জীৱৰ আদিৰে সুন্দৰকৈ বান্ধি লোৱা হয়। দূৰৈৰ নিজৰাৰ পৰা বাই জোৰা দি নলীৰ সৃষ্টি কৰি খাপবোৰত পানীৰ যোগান ধৰা হয়। গৰুৰ গোবৰ যোগান ধৰি মাটিৰ উৰ্বৰতা বঢ়োৱা হয়। এই খেতিৰ প্রধান আহিলা হৈছে চুটি নালযুক্ত লোৰ কোৰ। আংগামী নগাসকল পাকৈত বেদিকা কৃষক। এওঁলোকে একেডা মাটিতে বছৰৰ পিছত বছৰ ধৰি খাপ খেতি কৰি শস্য উৎপাদন কৰে।

৯। আপাটানিসকলৰ সামাজিক সংগঠণ বুলিলে কি বুজা?

উত্তৰঃ আপাটানিসকল হৈছে অবণাচল প্ৰদেশত বাস কৰা এটা জন-জাতি। আপাটানিসকলক দুটা শ্ৰেণীত ভগাব পাৰি। মিতে আৰু মুৰা। মিতেসকল উচ্চ বংশীয় আৰু মুৰাসকল দাস বংশীয় বা নিম্ন বংশীয়। মুৰাসকল দৰাচলতে দাস বুলি পৰিগণিত। মুক্তি পায় নিজব্বীয়াকৈ ঘৰ বাৰী কৰিলেও তেওঁলোকক নিম্ন শ্ৰেণীৰ বুলি গণ্য কৰা হয়। মিতে আৰু মূৰাৰ মাজত বিয়া আৰু নিষিদ্ধ। মুৰাসকলে ডফলা আৰু মিৰিব লগত বৈবাহিক সম্বন্ধ কৰিব পাৰে। কিন্তু মিতেসকলে তেনে কৰিলে সমাজে শাস্তি বিহে।

আপাটানিসকলৰ সকলোৰে ওপৰত কৰ্তৃত্ব লাভ কৰিবলৈ কোনো কেন্দ্ৰীয় কৃতপক্ষ নাই। কিন্তু বুলিয়াং নামে এটা অআনুষ্ঠানিক গাওঁ পৰিষদ আছে। এই পৰিষদে গাঁৱৰ সাধাৰণ কাম কৰ্মবোৰ পৰিচালনা কৰে। বুলিয়াং গঠিত হয় কিছুমান দক্ষ আৰু গুণীলোকৰ দ্বাৰা। সাধাৰণতে উচ্চ বংশৰ ধণী, প্রভাৱশালী আৰু সামাজিক পদ মৰ্য্যদা থকা লোকৰ পৰা এজন বা দুজন বুলিয়াংৰসদস্য লোৱা হয়। বুলিয়াং তিনিপ্ৰকাৰৰ আছে। যেনে—আকা বুলিয়াং, য়াপো বুলিয়াং, আজাং বুলিয়াং। আকা বুলিয়াং সমাজৰ প্ৰখ্যাত লোকসকলৰ দ্বাৰা গঠিত। তেওঁলোকৰ জ্ঞান অভিজ্ঞতা আৰু বয়সৰ কাৰণে আকা বুলিয়াংৰ স্থায়ী সদস্য হয়। য়াপা বুলিয়াংৰ সদস্যসকলে কর্মনিষ্ঠ। সামাজিক সিদ্ধান্তবোৰ লোৱা তেওঁলোকৰ দায়িত্ব। কিন্তু তেওঁলোকে সকলো ক্ষেত্ৰতে আকা বুলিয়াংৰ পৰামৰ্শ লয়। আজাং বুলিয়াংৰ যুৱকসকলৰ দ্বাৰা গঠিত হয়। আজাং বুলিয়াং যুৱকসকলৰ চাহিদাসমূহ দাঙি ধৰে আৰু য়াপা বুলিয়াংক সহায় কৰে। আজাং বুলিয়াংৰসদস্যই নিজৰ একনিষ্ঠতা আৰু দক্ষ নেতৃত্বৰ কাৰণে য়াপা বুলিয়াংৰসদস্যলৈ উন্নতী হ’ব পাৰে।

১০। আপাটানিসকলৰ বিবাহ পদ্ধতিৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ আপাটানিসকলৰ ল’ৰা-ছোৱালীয়ে নিজে নিজে দৰা বা কইনা বাছি লয়, তাৰ পিছত অভিভাৱকক জনায়। পিছত সামাজিক প্রথা অন্ধসাৰে অভিভাৱকে বিয়াৰ ব্যৱস্থা কৰে। বিয়াৰ সময়ত দৰাই ছোৱালীৰ দেউতাক বা অভিভাৱকক গা ধন দিয়ে। ছোৱালীৰ পৰিয়ালৰ বংশ মর্যদাৰ ওপৰত গা-ধণৰ মূল্য নির্ভৰ কৰে। গা-ধন হিচাপে মেথোন, গাহৰী, তিব্বতীয় ঘন্টা, তিব্বতীয় তৰুৱাল, এড়ি চাদর দিয়ে। বিয়াৰ সময়ত ছোৱালীয়ে ঘৰৰ পৰা লগত উপযুক্ত পৰিমাণৰ চাউল, ঘেঁছ, মঙহ আৰু কানি কাপোৰ আনিব লাগে।

আপাটানিসকলৰ মাজত সাধাৰণতে একক পতি-পত্নী বিবাহ প্রচলিত। অর্থাৎ এজন পুরুষে এজনী নাৰীকহে বিয়া কৰায়। তেওঁলোকৰ মাজত বহুপত্নী বিবাহৰো প্ৰচলন আছে। কিন্তু বহুপতি বিবাহ নিষিদ্ধ। সাধাৰণতে সন্তান সন্ততি নাথাকিলে বহুপত্নী বিবাহ সম্পাদিত হয়।

আপাটানিসকলৰ মাজত গোত্ৰ বৰ্হিবিবাহ অতি কঠোৰ ভাবে পালন কৰা দেখা যায়। তেওঁলোকৰ মাজত শ্রেণী অস্তবিবাহহে প্রচলিত। অগ্রগণ্য বিলিংগ সথেদৰৰ সন্ততি বিবাহ (Preferential cross consin marriage) আপাটানি সমাজত দেখা যায়। পত্নীৰ বায়েক বা ভনীয়েকৰ লগত বিবাহ সম্পাদিত হ’ব পাৰে। ভায়েকৰ বিধবা পত্নীকো বিয়া কৰোৱাত কোনো বাধা নাই।

১১। জাতিৰ সংজ্ঞা দিয়া।

উত্তৰঃ জাতিক ইংৰাজী কাষ্ট (Cost) বুলি কোৱা হয়। পর্তুগীজ ভাষাত কাষ্ট শব্দৰ পৰা ইংৰাজীত কাষ্ট শব্দটো ওলাইছে বুলি কোনো কোনো পণ্ডিতে কয়। ইয়াৰ অৰ্থ হৈছে পবিত্র বা জাতি। এটা বিশেষ জন্মগত সামাজিক গোটক জাতি বুলিব পাৰি। এই গোটটোৱে বিবাহ আৰু খাদ্য সংক্রান্তত কিছুমান নীতি-নিয়ম পালন কৰি চলে। ভাৰতবৰ্ষত জাত বা জাতিৰ অৰ্থ হ’ল জন্ম বা বংশানুক্রম গতিকে কোনো এটা জাতিৰ সদস্যসকলক কোনো এজন পূৰ্বপুৰুষৰ সতি সন্ততি বুলি বিশ্বাস কৰা হয়। আৰু তেওঁলোকৰ ব্যৱসায়ও একে।

জাতিৰ সংজ্ঞা হ’ল জাতি এটা অন্তবৈবাহিত গোট বা এনেকুৱা বিভিন্ন গোটৰ সমষ্টি যাব এটা বিশেষ নাম আৰু পৰম্পৰাগত ব্যৱসায় থাকে, যাৰ বংশানুক্ৰমৰ উৎস একেটা আৰু যাৰ মাজত একাত্মবোধ আৰু সমাজত এটা বিশেষ পদমর্যদা থাকে, তদুপৰি যাৰ খাদ্য, পানীয় বস্তু আৰু সামাজিক চলন ফুৰণত কিছু নিয়ন্ত্রণ থাকে।

Leave a Reply