Class 12| Anthropology| Chapter-2| প্রাগঐতিহাসিক নৃতত্ত্ব

Class 12| Anthropology| Chapter-2| প্রাগঐতিহাসিক নৃতত্ত্ব। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12| Anthropology| Chapter-2| প্রাগঐতিহাসিক নৃতত্ত্ব পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदी Click Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12| Anthropology| Chapter-2| প্রাগঐতিহাসিক নৃতত্ত্ব

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12| Anthropology| Chapter-2| প্রাগঐতিহাসিক নৃতত্ত্ব ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

অতি চমু প্রশ্নোত্তৰ

১। মানবে ব্যৱহাৰ কৰা প্ৰথম মজুলি কি?

উত্তৰঃ শিলগুটিৰ অস্ত্র।

2। মূল শিলাখণ্ডৰ পৰা তৈয়াৰ কৰা সঁজুলিক কি বোলে?

উত্তৰ: স্থূল সজুলি।

৩। স্থুল সঁজুলি তৈয়াৰ কৰিবলৈ কি পদ্ধতি প্রয়োগ কৰা হয়?

উত্তৰঃ চলিয়ন পদ্ধতি।

8। হস্ত কুটীৰ কোন সংস্কৃতিৰ পৰা আৰম্ভ হয় ?

উত্তৰঃ চেলিয়ান সংস্কৃতিৰ পৰা।

৫। অলভোৱান সংস্কৃতিৰ প্ৰধান সজুলিবিধ কি ?

উত্তৰ।  শিলগুটি অস্ত্র।

৬। সজ্জিত প্ৰহাৰ মঞ্চ বা লেভালোৱা কৌশল প্রয়োগ কৰি সজুলি নিৰ্মাণ কোন যুগত কৰা হৈছিল ?

উত্তৰ: মধ্য প্রত্ন প্রস্ত যুগৰ

৭। উচ্চ প্ৰত্ন প্ৰস্তৰ যুগৰ সজুলিসমূহ কি পদ্ধতিৰ দ্বাৰা নিৰ্মাণ কৰা হয়। 

উত্তৰ: চাপ চলিয়ন পদ্ধতি দ্বাৰা।

৮। মধ্য প্ৰত্ন প্ৰস্তৰ যুগৰ প্ৰধান সজুঁলিসমূহ কি কি ?

উত্তৰঃ ৰূকণি, জোঙাল অস্ত্র।

৯। ঘঁহি পিহি মিহি কৰা পদ্ধতি কোন সাংস্কৃতিক যুগত আবিষ্কৃত হয়?

উত্তৰঃ নৱ প্ৰস্তৰ সাংস্কৃতিক যুগত।

১০। প্রভুপ্রস্তৰ যুগৰ লোকসকলৰ প্ৰধান জীবিকা কি?

উত্তৰঃ চিকাৰ।

১১। ক্ষুদ্রাকৃত্তিৰ সঁজুলিসমূহ কোন যুগৰ সাংস্কৃতিক বৈশিষ্ট্য?

উত্তৰঃ মধ্য প্রস্তৰ যুগৰ।

১২। মধ্যপ্ৰস্তৰ যুগত ব্যৱহাৰ হোৱা সজুলিসমূহক কি বোলে?

উত্তৰ ক্ষুদ্ৰানা।

১৩। ক্ষুদ্রানাসমূহ প্ৰধানত কি কামত ব্যৱহাৰ হৈছিল?

উত্তৰঃ মাছ মাৰিবৰ কাৰণে।

১৪। বকনি এবিধ চলিনে স্কুল সজুলি?

উত্তৰঃ চলি সজুলি।

১৫। হস্তকুঠাৰ স্থূল নে চলি সজুলি? 

উত্তৰঃ স্থূল সজুলি।

১৬। হাড়ৰ সজুলিসমূহ কোন সাংস্কৃতিক যুগৰ প্ৰধান বৈশিষ্ট্য?

উত্তৰ: উচ্চ প্রত্ন প্রস্তৰ যুগৰ।

১৭। হাড়ৰ বেজি, ৰাজদণ্ড, হাড়ৰ বল্লস নিক্ষেপক কোন সাংস্কৃতিক যুগৰ ? 

উত্তৰ: উচ্চ প্রত্নপ্রস্তৰ যুগৰ।

১৮। ভাৰতবৰ্ষ সর্বপ্রথম সভ্যতা বুলিলে কোন সভ্যতাক বুজায় ?

উত্তৰ: হৰপ্পা সভ্যতা।

১৯। নবপ্রস্তৰ যুগৰ প্ৰধান সজুলিসমূহ কি কি ?

উত্তৰঃ কুঠাৰ, বাৰ্চলা, বাটালী, শিলৰ কাচি আদি প্রধান। 

২০। মানুহে ব্যৱহাৰ কৰা সৰ্বপ্ৰথম ধাতুটোৰ নাম কি?

উত্তৰঃ তাম।

২১। নৱপ্ৰস্তযুগৰ বিপ্লৱ আখ্যা দিয়া ব্যক্তি গৰাকী কোন?

উত্তৰঃ গৰ্ডন চাইল্ড।

২২। যিবোৰ ৰুকনিৰ এটা মূৰৰ পৰাহে চলি নিৰ্গত কৰা হয় তেনেকুৱা ৰুকণিক বি বোলে?

উত্তৰঃ এমুৰীয়া ৰুকনি।

২৩। পার্শ ককনি কোন সংস্কৃৰি বৈশিষ্ট্যপূর্ণ সজুলি ?

উত্তৰঃ সুস্তেৰিয়ান সংস্কৃতিৰ।

২৪। দ্বিমেক কৌশল প্রথমে কোন মানুহে প্রয়োগ কৰিছিল?

উত্তৰঃ পিকিং মানবে।

২৫। মুস্তেৰিয়ান সংস্কৃতিৰ সৃজিকৰ্ত্তা কোন?

উত্তৰঃ নিয়েনভাবথেল মানৱ।

২৬। ভাৰতীয় এচুলীয়ান শিল্পৰ বৈশিষ্টপূৰ্ণ সজুলিবিধ কি? 

উত্তৰ: বহল মুখৰ হস্তকুঠাৰ বা ক্লিভাৰ।

২৭। মানব ইতিহাসত কোন শৈল সংস্কৃতি সুদীর্ঘ কাল বৰ্ত্তি আছিলে ?

উত্তৰ : এচুলীয়ান শিল্প সংস্কৃতি।

২৮। Eos শব্দৰ অৰ্থ কি?

উত্তৰ: দোক মোকলি।

২৯। Eolithic শব্দটো কোন ভাষাৰ পৰা আহিছে?

উত্তৰঃ গ্ৰীক ভাষাৰ পৰা।

৩০। মানব জীৱনৰ প্ৰায় শতকৰা কিমান ভাগ সময় প্ৰত্ন প্ৰস্তৰ যুগত অতিবাহিত হৈছিল।

উত্তৰঃ ৯৯ ভাগ।

৩১। প্রত্নপ্ৰস্তৰ যুগ আজিৰ পৰা কিমান বছৰ আগতে আৰম্ভ হৈছিল ?

উত্তৰঃ প্ৰত্নপ্রস্তৰ যুগ প্রায় ২ ১/২ নিযুত বছৰৰ আগতে আৰম্ভ হৈছিল আৰু শেষ হৈছিল প্রায় ২০০০০ বছৰৰ আগতে।

৩২। বৃহৎ তুষাৰ যুগৰ সূচনা কোণ যুগত সূচনা হৈছিল?

উত্তৰ: তুষাৰ যুগ।

৩৩। সজুলি আবিস্কৃত ঠাই অনুযায়ী প্রত্ন প্রস্তৰ যুগক কেইটা ভাগত ভাগ কৰা হৈছে।

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে— 

(ক) নদী সম্প্রবাহ কাল 

(খ) গুহাকাল।

৩৪ আদিস যুগৰ সংস্কৃতি প্রথমে কোন দেশত আবিস্কৃত হয় ?

উত্তৰ : আফ্ৰিকাৰ টানজানিয়া দেশৰ অলভাই নামে দ্বডু গহৰ্বৰ এটাত পৃথিৱীত আটাইতকৈ পুৰণি মানৱ সংস্কৃতিৰ অৱশেষ কিছুমান শিলৰ সজুলি পোৱা গৈছে।

৩৫। আদিম সংস্কৃতিৰ সজুলিসমূহ প্রথমে কোনে আৱিষ্কৃত কৰিছিল? 

উত্তৰঃ ডঃ লিকি আৰু তেওঁৰ পত্নীয়ে ।

৩৬। এচুলীয়ান কৃষ্টিৰ সজুলি সমূহৰ প্ৰধান বৈশিষ্ট্য কি আছিল?

উত্তৰ: ডিম্বাকৃত্তিৰ হস্তকুঠাৰ।

৩৭। এলীয়া সংস্কৃতিৰ শ্ৰষ্টা কোন?

উত্তৰ: পিথেকে নগ্ন পাছ গোষ্ঠীৰ লোকসকল।

৩৮। ক্রেকটনীয়ান কৃষ্টিৰ প্ৰধান বৈশিষ্ট্য কি?

উত্তৰঃ এমুখীয়া চলি সজুলি। 

৩৯। হস্তকুঠাৰৰ আন এটা নাম কি ?

উত্তৰ: কুদাপু।

৪০। মুস্তেৰিয়ান সংস্কৃতিৰ বিশেষত্ব কি ?

উত্তৰঃ চলি শিল্পৰ প্ৰাধান্য, জোঙাল শিলৰ অস্ত্ৰ আৰু পাৰ্শ্ব ৰুকণি ।

৪১। হেম নিপিয়েন্স আবির্ভাব কোনটো যুগত হয় ?

উত্তৰ: উচ্চ প্রত্ন প্রস্তৰ যুগত।

৪২। বল্লাহৰিণ যুগ কোনটো যুগৰ বিশেষত্ব?

উত্তৰ: উচ্চ প্রত্নপ্রস্তৰ যুগৰ ।

৪৩। চিত্ৰকলাৰ আবিৰ্ভাৰ কোন যুগত প্ৰয়াস হৈছিল ?

উত্তৰ: উচ্চ প্রত্ন প্রস্তৰ যুগত।

৪৪। প্ৰভু প্ৰতৰ যুগৰ চিত্ৰকলাক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?

উত্তৰ দুটা ভাগত ভাগ কৰা হৈছে। যেনে— 

(ক) গৃহ কলা আৰু 

(খ) গুহা কলা।

৪৫। ক্লিভাৰ কোন দেশৰ এচুলীয় সংস্কৃতিৰ বৈশিষ্ট ?

উত্তৰ: গ্রেইট ব্ৰিটেইন।

৪৬। মধ্যপ্ৰস্তৰ সংস্কৃতি কোন যুগৰ অন্তৰ্গত ? 

উত্তৰ হল চিন।

৪৭। আঘাত স্মৃতি কোন সঁজুলিত দেখা যায় ?

উত্তৰ চলি সঁজুলি ।

৪৮। চাপ দি চকলা এৰুওৱা পদ্ধতিৰে তৈয়াৰ কৰা দুটা সঁজুলিৰ নাম লিখা ।

উৰেঃ ললে পত্ৰ সদৃশ জোঙাল অস্ত্ৰ আৰু উইল পত্ৰ সদৃশ জোঙাল অস্ত্র।

৪৯। চপৰ-চপিং-জাতীয় সজুলি কোণ সংস্কৃতিৰ প্ৰধান বৈশিষ্টপূর্ণ হাতিয়াৰ ? 

উত্তৰঃ অলডুৱান সংস্কৃতি।

৫০। সজ্জিত প্ৰহাৰ মঞ্জ কোণ পদ্ধতিৰ প্ৰধান লক্ষণ ?

উত্তৰ: লেভালোৱা ।

৫১। গাৰো পাহাৰত পোৱা নৱ প্ৰস্তৰ যুগৰ শিলৰ সজুলি বোৰ কি শিলাৰে তৈয়াৰী ?

উত্তৰ: ড’লাৰাইট।

(খ) চমু প্রশ্নোত্তৰ : ২/৩ নম্বৰ কৈ

১। সলি বুলিলে কি বুজা

উত্তৰ: প্ৰাক-ঐতিহাসিক যুগত সেইসময়ৰ মানব গোষ্ঠী সমুহে পৰিৱেশৰ পৰা খাদ্য সংগ্ৰহ কৰিবৰ কাৰণে তথা দৈনন্দিন জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ সেইসময়ত পৰিবেশত পোৱা বিভিন্ন সামগ্রী সমূহক নানা প্রয়োগ কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিছিল। এইদৰে বিভিন্ন ধৰণে প্ৰয়োগ কৰিব পৰাকৈ বিভিন্ন বস্তুক আহিলাৰ আকাৰত তৈয়াৰ কৰা সা- একেলগে সজুলি বোলা হয়। প্রত্ন প্রস্তৰ যুগত মানুহে শিলেৰে তৈয়াৰী সজুলি ব্যৱহাৰ কৰিছিল। বিভিন্ন প্ৰকাৰৰ শিলৰ সজুঁলিসমূহ হৈছে- হস্তকুঠাৰ, ককণি, জোঙাল অস্ত্র, ক্ষুদ্ৰনাথ, শিলৰ কাচি আদি ।

২। মানুহৰ সজুঁলি নিৰ্মাণকাৰী প্ৰাণী বুলি কিয় কোৱা হয় ?

উত্তৰ মানুহে যেতিয়া পোণ হৈ দুইভৰিৰ ওপৰত থিয় হৈ খোজ কাঢ়িব পাৰা হ’ল তেতিয়া মানুহৰ হাত দুখন মুকলি হৈ গ’ল। ফলত মগজুৰ বিকাশ ঘটাৰ ফলস্বৰূপে মানুহৰ প্ৰকৃতিৰ ওপৰত থকা নিৰ্ভৰশীলতা কিছু পৰিমাণে কমি আহিল। অনসকলো গুণীৰ ভিতৰত মানুহেই হৈছে একমাত্ৰ জীৱ, যি আহিলা তৈয়াৰ আৰু ব্যৱহাৰ কৰিব পাৰে। বুদ্ধিমত্তাৰ প্ৰয়োগৰ ফলত জীৱনধাৰণাৰ বাবে প্ৰায়াজনীয় সা সজুঁলিসমূহ মানুহে তৈয়াৰ কৰি লৈ দৈনন্দিন জীৱনত প্রয়োগ কৰিব পৰা হ’ল।

উক্ত কাৰণতেই মানুহৰ সস্কৃতি সম্পন্ন জীৱ বা সগুলি নির্মাতা সংস্কৃতি সম্পন্ন সামাজিক জীৱ বুলিও আখ্যা দিয়া হয়।

২। স্থল সজুঁলি কাক বোলে ?

উত্তৰ: প্ৰভু প্ৰস্তৰ যুগৰ মানুহে শিলাখণ্ড, শিলগুটি অথবা ফ্লিন্ট জাতীয় শিলাখণ্ডৰ টেমুনা এটাক সজুলি তৈয়াৰ কৰা কাৰণে আৱশ্যকীয় গঢ় দিবলৈ চলিয়ন প্ৰক্ৰিয়াৰে চলি নিৰ্গত কৰি অনাবশ্যকীয় অংশ বোৰ এৰৱাই পেলায় অর্থাৎ এনেদৰে চকলা একৱাৰ ফলত শিলাখণ্ডৰ মাজৰ বা মধ্য অংশৰ পৰা তৈয়াৰ কৰা সঁজুলিকে স্কুল সজুলি বোলে। স্কুল সলিসমুহ হ’ল – হস্তকুঠাৰ বহল মুখৰ হস্তকুঠৰ বা ক্লিভাব, চপাৰ ইত্যাদি ।

৪। চলি সজুঁলি কাক বোলে ? 

উত্তৰ: স্কুল সজুলি তৈয়াৰ কৰোতে নিৰ্গত হোৱা চলিব পৰা মিহি চলি উঠাই চিকুণ কাম কৰি সজুলি তৈয়াৰ কৰাকে চলি সজুলি বোলা হয়। চলি সজুলিবোৰ আকাৰত সৰু আৰু মিহি হয়। বিভিন্ন চলি সজুঁলিসমূহ হ’ল- বিভিন্ন প্ৰকাৰৰ বকণি, জোঙাল অস্ত্ৰ, ফুলনাস্ত্র ইত্যাদি

৫। নিয়াবি পদ্ধতি কাক বোলে ?

উত্তৰ সজুলি নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা শিলাখণ্ড আন এটা স্থিৰ ডাঙৰ শিলৰ ওপৰত থৈ আন এটা শিলেৰে খুন্দিয়াই গঢ় দিয়া পদ্ধতিকে নিয়াবি পদ্ধতি বোলা হয়। এই পদ্ধতিৰে একৱা শিলৰ চকলাবোৰ সাধাৰণতে আকৃতিত ডাঙৰ হয়। আদিম অবস্থাত নিম্ন প্রত্ন প্রস্ত যুগৰ ক্লেকটনীয়ান।

নামে চলি প্রস্তব শিল্পত এনেকোৱা শিলৰ চকলা ব্যবহ্যত হৈছিল।

৬। হস্ত কুঠাৰ কাক বোলে ? ইয়াৰ ব্যৱহাৰ কি ?

উত্তৰ: নিম্ন প্ৰস্তৰ যুগৰ সময়ত মানুহে প্ৰথম হস্তকুঠাৰ নিৰ্মাণ কৰিবলৈ লৈছিল। এইবোৰ হৈছে স্কুল সজুলি। ইংৰাজীত হস্তকুঠাৰ নিৰ্মাণ কৰিবলৈ লৈছিল। ইংৰাজীত হস্তকুঠীৰক (Handcaxe) আৰু ফ্ৰান্স ভাষাত কুদাপু (coup-de-poing) বুলি কোৱা হয়। দক্ষিণ -পূব এছিয়া আৰু চিনৰ বাহিৰে পৃথিৱীৰ প্ৰায় আটাইবোৰ দেশত এইবিধ শিল্পৰ আৱিস্কাৰ হৈছিল। আদি প্ৰায় প্ৰস্তৰ যুগত এইবিধ অস্ত্ৰৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এই যুগক হস্তকুঠাৰ সংস্কৃতিসম্পন্ন যুগ বুলিও কোৱা হয়। হস্তকুঠাৰ শিল্পৰ প্ৰধান বিশেষত্ব হল এই যে মূল শিলাখণ্ডৰ দুই পিঠিৰ পৰা হাতুৰীৰে বুন্দিয়াই চলি নিৰ্গত কৰি সজুলি তৈয়াৰ কৰা হয়। সেইকাৰণে ইয়াৰ দুমুখীয়া সজুলি বুলিও কোৱা হয়।

ইয়াৰ ব্যৱহাৰ ঃ হস্তকুঠাৰবোৰ সাধাৰণতে সকলো কাৰ্য্য সম্পাদন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। হাবিৰ পৰা আলু – কচু, ফলমুল আৰু অনান্য আহাৰ সংগ্ৰহ কৰিবলৈ, গাঁত খান্দিবলৈ, মাংস টুকুৰা টুকুৰ কৰিবলৈ, ফান্দ পাতি জন্তু মাৰিবলৈ, জন্তুৰ চাল আৰু হাড়ৰ পৰা মাংস গুচোৱা আদি বিভিন্ন কামৰ কাৰণে এইবিধ সজুলি ব্যৱহাৰ হৈছিল। 

৭। ৰুকণি কাক বোলে ? ইয়াৰ ব্যৱহাৰ কি ?

উত্তৰঃ ৰুকণিবোৰ হৈছে চলি সজুলি। মূল সজুলিৰ পৰা নিৰ্গত হোৱা চলিসমূহৰ পৰা চলিয়ণ পদ্ধতিৰে সৰু সৰু চলি নিৰ্গত কৰি ককণি তৈয়াৰ কৰা হয়। ৰুকণিবোৰ আদি প্ৰত্ন প্ৰস্তৰ যুগৰ পৰা আৰম্ভ কৰি নবপ্ৰস্তৰ যুগলোক ব্যৱহাত হৈছিল। আদি প্ৰত্ন প্ৰস্তৰ যুগৰ শেষৰ ফালে ইয়াৰ ব্যৱহাৰ কিছু পৰিমাণে হৈছিল যদিও মধ্য প্রত্নপ্রস্তৰ যুগৰ পৰাও ব্যাপকভাৱে ব্যৱহাৰ হ’বলৈ ধৰে। বিভিন্ন প্ৰকাৰৰ ৰুকণি দেখিবলৈ পোৱা যায়। যেনে- কাশৰীয়া বা এমুখীয়া ক. কণী, এমুৰিয়া করুণি, গোলাকাৰ ৰুকণি ইত্যাদি। মুক্তেবিয়ান সংস্কৃতিৰ সময়ত পার্শ্ব ককপি ব্যাপক ব্যৱহাৰ আছিল।

ইয়াৰ ব্যৱহাৰ: জীৱ জন্তুৰ চাল এৰুৱাবলৈ আৰু অনান্য সজুলিৰ ওপৰৰ মূৰটো জোঙাল কৰিবলৈ ব্যৱহাৰ কৰা হয়। 

৮। আঘাত স্ফীতি কি? আঘাত স্ফীতি ক’ত দেখা যায় ?

উত্তৰ: চলি সজুলি তৈয়াৰৰ বাবে মূল শিলাখণ্ডত তৈয়াৰ কৰা প্ৰহাৰ মঞ্চত হেলনীয়াকৈ প্ৰহাৰ কৰাৰ ফলত নিৰ্গত চলিত এটা টেমুনা সদৃশ অংশ দেখা যায়। ইয়াকে আঘাত ক্ষীতি বোলা হয়। আঘাত স্ফীতি চলি সজুলিত দেখা যায়।

৯। চাপ চলিয়াণ পদ্ধতিৰে তৈয়াৰ কৰা দুবিধ সজুলিৰ নাম কি ? 

উত্তৰ: ল’ৰেল পত্ৰ সদৃশ জোঙাল অস্ত্র, উইল’ পত্ৰ সদৃশ জোঙাল অস্ত্র।

১০। মুক্তেৰিয়ান সংস্কৃতিৰ দুবিধ আহিলাৰ নাম লিখা ?

উত্তৰ: মস্তেৰিয়ান জোঙাল অস্ত্ৰ আৰু পাৰ্শ্ব ৰুকণি ।

১১। কুদাপু মানে কি ? এই শব্দৰ উৎপত্তি কৰ পৰা হৈছে ?

উত্তৰ: কুনাপু মানে হৈছে হস্তকুঠাৰ । এই শব্দটো ফৰাচী ভাষাৰ পৰা উৎপত্তি হোৱা।

১২। ফলকচুৰী কোন সাংস্কৃতিক স্তৰৰ ? বিভিন্ন প্ৰকাৰৰ ফলক চুৰীৰ নাম উল্লেখ কৰা ?

উত্তৰ: উচ্চ প্রত্ন প্রস্তৰ যুগৰ অৰ্গিনেচিয়ান সংস্কৃতিৰ সময়ত ফলক চুৰী কটাৰীৰ ব্যৱহাৰ হৈছিল। বিভিন্ন প্ৰকাৰ ফলক চুৰী সমূহ হ’ল – আদি ফলক চুবী, চেটলপেবন চুবী আৰু প্রেভেচিয়ান ইত্যাদিয়েই প্রধান।

১৩। উচ্চ প্রত্ন প্রস্তৰ যুগৰ সময়ত পোৱা বিভিন্ন হাড়ৰ আৰু শিলৰ অস্ত্ৰ বোৰৰ নাম লিখ ?

উত্তৰ: উচ্চ প্রত্ন প্রস্তৰ যুগৰ সময়ত শিলৰ হাতীয়াৰৰ ওপৰিও জন্তুৰ হাড়, শিং আৰু দাঁতৰ পৰাও বিভিন্ন প্ৰকাৰৰ আহিলা তৈায়ৰ কৰা হৈছিল। এইবোৰ হ’ল- হাড়ৰ শেল, হাড়ৰ বল্লম, হাড়ৰ বেজি, বল্লম নিক্ষেপক আৰু শিশুৰ পৰা তৈয়াৰ কৰা বাজদণ্ড আদিয়েই প্রধান।

১৪। ক্ষুদ্রাস্ত্র কি? ইয়াক কিদৰে ব্যৱহাৰ কৰা হৈছিল ? 

উত্তৰ: মধ্যপ্ৰস্তৰ যুগৰ সজুলিমূহক ক্ষুদ্রাস্ত্র বোলে। এই ক্ষুদ্রাস্ত্র সমূহ আকাৰত যথেষ্ট সৰু। আৰু বিভিন্ন আকৃতিৰ। এই অস্ত্ৰবোৰ ইমানেই আকাৰত সৰু যে ইয়াক হাতেৰে ধৰি কাম কৰিব নোৱাৰি। সেয়েহে এই ধৰণৰ হাতিয়াৰ একাধিক একেলগে শাৰী শাৰীকৈ সজাই হাড়ৰ বা কাঠৰ নালত সুমুৱাই খুৰী, কটাৰী, কাচী, কাৰাগু বা বল্লম হিচাপে ব্যৱহাৰ কৰা হৈছি ইয়াৰ বিভিন্ন আকৃতিৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভগোৱা হৈছে। 

(ক) জ্যামিতিক ক্ষুদ্রাস্ত্ৰ আৰু 

(খ) অজ্যামিতিক ক্ষুদ্রাস্ত্র।

ইয়াক মাছ তথা অনান্য সাগৰীয় মাছ জাতীয় প্ৰাণীৰ চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। 

১৫। চমু টোকা লিখা ?

(ক) লেভালোৱা কৌশল : 

এই কৌশলটো প্ৰথমে ফৰাচী দেশৰ লেভালোৱা নামে ঠাইত আৰম্ভ হোৱা বুলি জনা যায়। কাৰণ প্ৰথমে তাত এই কৌশলেৰে নিৰ্মিত শিলৰ সগুলি পোৱা গৈছিল। এই পদ্ধতি অনুযায়ী প্রথমে মূল শিলাখণ্ড বা স্কুলৰ পৰা চলি এক গুৱা হয় আৰু পূর্ব পরিকল্পিত ভাবে সেইটোক প্রয়োজন অনুসৰি উপযুক্তভাৱে গঢ় দিয়া হয়। এই

মূল শিলাখণ্ডৰ যিটো মূৰত আঘাত কৰি চলি এৰুৱা হয় সেয় মূৰটো সমান আৰু বহলকৈ সজাই লোৱা হয়। ইয়াক নিৰ্মিত প্ৰহাৰ মঞ্চ বোলে। এই অঞ্চলৰ দাঁতিত হতুৰীৰে চলিয়ণ কোনটো প্ৰায় সমকোণৰ (৯০°) ৰ সমান। প্রয়োজন অনুসৰি এই চলিটোৰ দাঁতিত বা আগমূৰৰ ফালে চিকূণ-কাম কৰি ইয়াৰ পৰা নানা প্ৰকাৰৰ অস্ত্ৰ বা হাতিয়াৰ তৈয়াৰ কৰা হয়। লেভালোৱাত এই কৌশলেৰে নিৰ্মিত অস্ত্র প্রথম আবিষ্কৃত হোৱা বাবে ইয়াক লেভালোৱা কৌশল বোলে।

(খ) দ্বিমেরু কৌশল 

শিলাখণ্ড এটাক সজুলিলৈ ৰূপান্তৰিত কৰিবলৈ প্রথমে শিলাখণ্ডটো আন এটা শিলৰ ওপৰত থৈ, এটা শিলৰ হাতুৰীৰে আঘাত কৰি চকলা নির্গত কৰা হয়। এনেকুৱাকৈ নিৰ্গত হোৱা চকলাবিলাকৰ তলপিনিৰ দুয়োমুখে আঘাত স্ফীতি পৰিলক্ষিত হয়। ইয়াকে রিমেক কৌশল বোলা হয়। চীন দেশত আৱিষ্কৃত হোৱা পিকিং মানৱে এনে পদ্ধতিৰে অস্ত্ৰ তৈয়াৰ কৰিছিল।

(গ) নিয়াৰি পদ্ধতি ঃ 

সজুলি নিৰ্মান কৰিবলৈ জোঙাল শিলাখণ্ড এটা আন স্থিৰ হৈ থকা শিলৰ ওপৰত খুন্দিয়াই খুন্দিয়াই চলি নিৰ্গত কৰা হয়। এই নির্গত চলিবোৰক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক নিয়াৰি পদ্ধতি বোলে। এই চলিবোৰ আকাৰত ডাঙৰ হয়। আদিম অৱস্থাত প্রত্নপ্রস্তৰ যুগৰ ক্লেক্টনিয়ান নামে চলি প্রস্তৰ শিল্পত এনেকোৱা শিলৰ চকলা ব্যৱহাৰ মেছিল।

(ঘ) গোটা হাতুৰী কৌশল : 

প্ৰৱপ্ৰস্তৰ এচুলিয়ান সংস্কৃতিৰ সময়ৰ পৰা এইটো কাৰিকৰী কৌশলৰ প্ৰচলন হয় বুলি জনা যায়। সৰু, পাতল, মিহি আৰু মসৃণ হাতিয়াৰ তৈয়াৰ কৰিবলৈ শিলৰ গধুৰ হাতুৰী ব্যৱহাৰ কৰাৰ পৰিবৰ্ত্তে দীঘলীয়া, গোলাকৃত্তিৰ জন্তুৰ ভৰিৰ হাড় বা কতিৰ সাৰি হাতুৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল। এনে হাতুৰী প্ৰয়োগ কৰিলে চিকূণ চকলা উঠুরাত সহজ হয়। ইয়াকে গোটা হাতুৰী কৌশল বোলে। ফ্লিড, অৰচিডিয়ান আদি শিলৰ পৰা অস্ত্ৰ কৰিবলৈ এনে পদ্ধতি ব্যৱহাৰ কৰা হৈছিল।

(ঙ) নিয়ন্ত্রিত চলিয়াণ পদ্ধতি ঃ 

কেতিয়াবা কেতিয়াবা ক্ষুদ্র ক্ষুদ্র চলিবোৰ একরাতে হাতুৰীৰ আঘাতবোৰ নিয়ন্ত্ৰণ কৰিব লগা হয়। ফলত কেতিয়াবা কিছুমান চলি সম্পূর্ণভাৱে উঠি নগৈ ঠায়ে ঠায়ে ভাগি যায় আৰু ইয়াৰ ফলত অস্ত্ৰপাতৰ গাত খলপা খলপী চিহ্ন কিছুমানৰ সৃষ্টি হয়। শিলাখণ্ডৰ দাঁতিভাগত হাতুৰীৰে আঘাত কৰি এইপ্ৰকাৰৰ চকলা নিৰ্গত কৰা হয়। ইয়াকে চলিয়া পদ্ধতি বোলা হয়। এনে পদ্ধতিৰে চলি একবা সজুলিৰ ব্যৱহাৰিক ক্ষেত্ৰত সহজে পাতল আৰু ধাৰযুক্ত কৰিব পাৰি।

(চ) ক্লেকটনিয়ান কৌশল : 

ক্লেকটানিয়ান চলি সাজিবৰ কাৰণে প্ৰাগৈতিহাসিক মানুহে সজুলি নিৰ্মাণ কৰিবলগীয়া শিলাখণ্ড ডাঙৰ এটা স্থিৰ শিলাখণ্ডৰ ওপৰত নলি মাৰি খুন্দিয়াই চলি নিৰ্গত কৰিছিল। এইদৰে এৰুগুৱা চলি বা চকলাবোৰ সাধাৰণতে ডাঙৰ আছিল। এইদৰে খুন্দা মৰাৰ ফলত এটা চকলা চিহ্ন থকা প্ৰহাৰ মঞ্চৰে এটা চলি নির্গত হয়। বিশেষ মনকৰিব লগীয়া কথা যে ক্লেকটেনিয়ান কৌশলত প্ৰহাৰ মঞ্চ তৈয়াৰ কৰি লোৱা হয়। এই কৌশলত প্ৰহাৰ মঞ্চ আৰু মূল চলি সমতলৰ মাজৰ কোনটো লেভা লোৱা অৰ্থাৎ চলিয়ণ কোণটো প্রায় ১২০° হয়। কৌশলৰ দৰে ক্লেকটনিয়ান কৌশল দেখাত প্রায় কচ্ছপ সদৃশ মূল তৈয়াৰ নহয়।

(ছ) ফলক শিল্প কৌশল 

এই কৌশলটো উচ্চ প্ৰত্ন প্ৰস্তৰ যুগতহে প্রয়োগ কৰা হয়। ইয়াৰ দ্বাৰা সমান্তৰাল দাঁতি সম্পন্ন দীঘলীয়া পাতল চলি উঠোৱা হৈছিল। এনেকুৱা চলি এৰুৱাবৰ বাবে প্রথম মূল শিলাখণ্ডক সজাই পৰাই লোৱা হয় আৰু প্ৰহাৰ মঞ্চখনৰ দাঁতিৰ ভোহৰ জাতীয় জোঙান অস্ত্ৰ এটাৰ দ্বাৰা হাতুৰীৰে প্ৰহাৰ কৰি ধাৰযুক্ত চলি উঠোৱা হয়। ওপৰোক্ত মূল শিলাখণ্ডৰ বৰ্হিভাগত ইমূৰৰ পৰা সিমূৰলৈ দীঘলীয়া চলি-চিহ্ন দেখা যায়। ইয়াক ফুটিং পদ্ধতি আৰু মূলটোক ফ্লটেড মূল বোলা হয়।

(জ) চাপ চলিয়াণ কৌশল  : 

সাধাৰণতে মিহি ধাযুক্ত সরু সৰু আটকধুনীয়া সভুলিবোৰ নিৰ্মাণ কৰিবলৈ চাপ চলিয়ণ পদ্ধতি উচ্চ প্রত্ন-প্ৰস্তৰ যুগৰ ছলুটিয়ান সংস্কৃতিৰ সময়ৰ পৰা প্ৰচলিত হয়। ইজিপ্তৰ নবপ্রস্তৰ যুগৰ সময়ত এই পদ্ধতিৰে নানা তৰহৰ শিলৰ অস্ত্ৰ তৈয়াৰ কৰা হৈছিল।

(ঝ) ঘঁহি পিহি মিহি কৰা পদ্ধতি  ঃ 

এই কৌশল বা পদ্ধতিটো নব প্রস্তৰ যুগত আৰম্ভ হয়। নব প্রস্তৰ যুগতেই মানুহে চিকাৰ জীৱিকা বাদ দি খাদ্য উৎপাদন কৰিবলৈ আৰম্ভ কৰে। খাদ্য উৎপাদন কৰাৰ উপৰিও আন বহুতো লক্ষ্যণীয় পৰিবৰ্তন হৈছিল। যেনে- কৃষি আৰু পশু পালনৰ জৰিয়তে খাদ্য উৎপাদন, ঘঁহি পিহি মিহি কৰা পদ্ধতিৰে শিলৰ সজুলি নিৰ্মাণ, মৃত পাত্ৰ তৈয়াৰ কৰা প্ৰথা প্রচলন, তাঁত শিল্প আৰু বাঁহ বেতৰ সজুলি তৈয়াৰ কৰাৰ কুটিৰ শিল্পৰ আৰম্ভ, স্থায়ী গাওঁ পাতি বাস কৰা সমাজ আৰম্ভ, বিনিময় প্রথাৰ জৰিয়তে বেহা বেপাৰ সূত্ৰপাত আদি প্ৰধান। কিছুমান শিলক বিশেষকৈ কটু শিলৰ পৰা চলি উঠুৱা পদ্ধতিৰে প্রয়োজনী সজুলি তৈয়াৰ কৰিব নোৱাৰি। তেনে প্ৰকাৰৰ শিলক এটা শিলৰ হাতুৰীৰে ঠুকুচি সুগ্ধ চলি নিৰ্গত কৰি প্ৰয়োজনীয় আকৃতিলৈ নিয়া হয়। এই প্ৰধাৰে সজুলিৰ মুখখন ধানযুক্ত কৰিব নোৱাৰি। সেই কাৰণে বালি, শিল আদিৰ সহায়ত হাঁহি পিহি ক্ষয় কৰা কৰা হয় আৰু জন্তুৰ চালৰ সহায়ত ইয়াৰ ওপৰৰ পিঠিখন মসৃণ কৰা হয়।

(ট) হাড়ৰ শেল : 

প্রশ্ন প্ৰস্তৰ যুগৰ ‘মেগডালেনিয়ান’ কৃষ্টিৰ সময়ৰ পৰা সাগৰৰ জ আৰু মাছ ধৰিবৰ কাৰণে এক প্ৰকাৰৰ হাড়ৰ শেল ব্যৱহাৰ কৰা হৈছিল। এটুকুৰা হাড়ৰ ওপৰত মূৰটো জোঙা কৰি ইয়াক দুয়ো গাঁতিত কিছুমান মাত কাটি একপ্ৰকাৰৰ শেল তৈয়াৰ কৰা হৈছিল। পিছৰ পৰ্য্যায়ৰ ক্ৰমন্বয়ে হাড়ৰ গাত কটা ঘাতবোৰ দ কৰি কিছুমান জোঙাল কাইট বা স্থূল কটা হয়। এই হলবোৰ শেলৰ ওৰিৰ ফালে হেলনীয়া কৰি দিয়া হয় যাতে ইয়াৰ দ্বাৰা বিদ্ধ হ’লে মাছ আৰু সাগৰৰ জন্তু সহজে ওলাই যাব নোৱাৰে। শেষত কটা হলৰ সংখ্যা একে নহয়, কিছুমান শেলত এডাল হল থাকে, কিছুমানত এটা দাঁতিত তিনি বা চাৰিডাল হলৰ এটা শাৰী থাকে। শেলবোৰ ব্যৱহাৰ কৰোঁতে ইয়াৰ তৰিত এডাল ৰছী লগাই লোৱা হয়। চেকাৰীয়ে শেলডাল নিক্ষেপ কৰি ৰছীডালস হাতেৰে ধৰি তাকে আৰু ইয়াৰ সহায়ত শেলবিদ্ধ চিকাৰক নাৱৰ ওপৰলৈ তুলি আনে। তুন্দ্ৰ অঞ্চলত বাস কৰা এদ্ধিস সকলে এতিয়াত সাগৰৰ জন্তু চিকাৰ কৰিবলৈ এনে শেল ব্যৱহাৰ কৰে।

(ঠ) হাড়ৰ ৰাজদণ্ড 

দুটা ফেৰেঙণি থকা বহুৰ শিঙৰ পৰা ইয়াক তৈয়াৰ কৰা হয়। প্রত্নতত্তৰ যুগৰ মেগডেলেনিয়ান সাংস্কৃতিক স্তৰত ইয়াক ব্যৱহাৰ কৰা হৈছিল। থকা পহুৰ শিঙৰ শকত মূৰটোৰ ফালে এটা ছিদ্র থাকে। জন্তু বা মাছৰ চিত্ৰ খোদিত কৰি ইয়াক অলংকৃত কৰা হয়। কিছুমান জন্তুৰ এটাতকৈ অধিক ছিদ্র তাকে। ইয়াৰ ব্যৱহাৰ সম্পর্কে নানা মত আছে। কোনো কোনোৱে কয়, ক্ষমতাত অধিষ্ঠিত প্রাগৈতিহাসিক যুগৰ দলপতিসকলে ইয়াক দণ্ড হিচাপে ব্যৱহাৰ কৰিছিল আৰু কিছুমানে ইয়াক জন্তুৰ ছাল আঁৰি খবলৈ ব্যৱহাৰ কৰা হৈছিল বুলি মত পোষণ কৰে। এস্কিমসকলে এনে এটা ছিদ্ৰ থকা হাড়ৰ আহিলা কাঁড়ৰ পাল পোন কৰিবৰ বাবে ব্যৱহাৰ কৰে। সেই কাৰণে কিছুমান প্রত্নপ্রস্তবিদে ইয়াক ‘কাড় পোনোৱা’ আহিলা বোলে।

(ড) ক্লিভাৰ ঃ 

ক্লিভাৰ বা বহুল মুখৰ হস্তকুঠাৰ এবিধ স্কুল সঁজুলি। এইবিধ হস্তকুঠাৰণ মযখন বহল আৰু ধাৰাযুক্ত। দক্ষিণ আফ্রিকা, চাহৰা অঞ্চল আৰু ভাৰতবৰ্ষত ইয়াৰ ব্যৱহাৰ এৰ পৰিমাণে আছিল। কিন্তু ইউৰোপ আৰু পশ্চিম এছিয়াত ইয়াৰ ব্যৱহাৰ অতি বিল নছিল। ক্লিভাৰ সাধাৰণতে চাৰিকোণীয়া আকৃতিৰ বহলমুখৰ হস্তখুঠাৰ সাধাৰণতে ডাঙৰ ৰ পৰা তৈয়াৰ কৰা হয়। কিভাৰ কোনো গোটা বস্তুক দুফালে কৰিবলৈ, মাংস টুকুৰা টুকুৰ | আৰু আন কটা কামত ব্যৱহৃত হৈছিল।

(ঢ) গোলাকাৰ ৰোকনী : 

বোকনী হৈছে এবিধ চলি সঁজলি। মধ্য প্রত্নপ্রস্তৰ যুগৰ সময়ত হাৰ বহুল পৰিমাণে হৈছিল। এই বিধ ৰোকনী দেখাত ঘূৰণীয়া আরু আকৃতিত থাল সদৃশ। হাতিয়াৰ পাতৰ দুয়োপিঠিৰ চাৰিওপালে সমানে চলি এৰুৱাই ইয়াক তৈয়াৰ কৰা হয় । ইয়াক সাধাৰণতে জন্তুৰ চাল এৰুৱাবলৈ ব্যৱহাৰ হয়।

(ণ) মুছটেৰিয়ান জোং : 

মুছটেৰিয়ান সংস্কৃতিৰ সময়ত ইয়াক বহুল ভাবে ব্যৱহাৰ কৰা হৈছিল। ছিদ্ৰ কৰা, চিলাই কৰা আদি কামৰ কাৰণে জোং থকা আহিলাৰ প্ৰচলন মধ্যপ্রত্নপ্রস্তৰ যুগৰ পৰা আৰম্ভ হয়। এই সময়ৰ জোঙাল অস্ত্ৰপাতক মূৰটো মুছটেৰিয়ান জোং’ নামে জনা যায়। ই এটা ত্ৰিভূজ আকৃতিৰ শিলৰ চকলা আৰু ইয়াৰ মূৰটো তীক্ষ্ণ জোঙাল।

(ত) বিন্ধনা বা ভোঁহৰ : 

ভোঁহৰবোৰ মধ্যপ্রত্নপ্রস্তৰ যুগৰ সময়ৰ সজুলি। এইবোৰ কাঠ হাড়ৰ সজুলি আদি ফুটাবলৈ ব্যৱহাৰ কৰা হয়। ভোঁহৰ বোৰ সাধাৰণতে লম্বা আৰু পাতল হয়। এইবোৰ ফলক আৰু চলি দুয়োটা উদ্যোগতে পোৱা যায়। সাধাৰণতে বিন্ধনাবোৰ চলিব পৰা অতি সাবধানেৰে তৈয়াৰ কৰা হয় ।

(থ) আঘাত বেদী ঃ 

চলি সজুলি সমূহ তৈয়াৰ কৰাৰ বাবে মূলশিলাখণ্ডৰ পৰা চলি এৰুৱাই লোৱা হয়। চলি এৰুৱাৰ সুবিধার্থে মূল শিলাখণ্ডৰ এটা মূৰ সমানকৈ সজাই লোৱা হয়। এই সজাইলোৱা মূৰাটোত আঘাট কৰি আৱশ্যকীয় চলি মূৰটোৰে পৰা বিচিন্ন কৰা হয়। সেয়ে এই সমানকৈ সজাই লোৱা অংশ, য’ত আঘাত কৰি সঁজুলিৰ বাবে চলি নিৰ্গত কৰা হয় তাকে সজ্জিত প্ৰহাৰ মঞ্চ বা আঘাত বেদী বোলা হয়। বিশেষকৈ লেভালোৱা কৌশলৰে তৈয়াৰে কৰা সঁজুলিত আঘাত বেদী স্পষ্টকৈ দেখা যায়।

(দ) ক্ষোদ্রনাস্ত্র : 

বোদনাস্ত্ৰবোৰ শিলৰ পৰা এটা বিশেষ কাৰুকাৰ্যৰ দ্বাৰা তৈয়াৰ কৰা হয়। শিলৰ পাতল চলি এটা থিয়কৈ ধৰি তাক ওপৰৰ মূৰৰ দাঁতিত লম্বভাবে হাতুৰীৰে আঘাত কৰিলে, দীঘলীয়াকৈ সূক্ষ্ম চলি এটা উঠি আহে আৰু এই চলিটোৰ শীৰ্ষত সৰু কিন্তু তীক্ষ্ণ ধাৰাযুক্ত মুখ এখা উৎপন্ন হয়। আকৃতি আৰু নিৰ্মাণ কৌশল অনুসৰি ক্ষুদ্ৰনাবোৰক কেইবাটাও ভাগত ভাগ কৰা হৈছে। যেনে সাধাৰণ খোদনাস্ত্ৰ, কৌণিক যোদনাস্ত্র, বহুমুখীয়া যোননাত্ৰ, চৰাইচুটীয়া যোদনার ইত্যাদি। হাড়, শিং বা হাতী দাঁতৰ সজুলিবোৰ ফুটা কৰিবলৈ, খাঁজ কটিবলৈ, হাড় বা শিলৰ হাতিয়াৰাবোৰৰ ওপৰত খোদাই কৰি বিভিন্ন চিত্ৰ অংকন কৰিবলৈ গুহাবোৰত চিত্ৰাংকণ কৰিবলৈ ইত্যাদি বিভিন্ন কামত খোদনাস্ত্ৰবোৰ ব্যবহৃত হৈছিল।

(ধ) দ্বি-স্কন্ধ চেল্ট : 

নৱপ্ৰস্তৰ যুগৰ বিশেষ সজুলি। নৱপ্ৰস্তৰ যুগৰ কুঠাৰ বা বাচল দৰে স্বন্ধযুক্ত চেল্টবোৰো এই যুগৰ প্ৰধান আহিলা। এই সজুলিৰ বিশেষত্ব হ’ল ইয়াত থ স্কন্ধ। নাল নলগোৱাৰ সুবিধাৰ্থে চেণ্টত এই স্কন্ধবোৰ তৈয়াৰ কৰা হৈছিল। এই ধৰণৰ সাধাৰণতে দুই ধৰণৰ দেখা যায় যেনে এক প্ৰকাৰত মাত্ৰ এটাহে স্তন্ধ দেখা যায়। ইয়াে স্তন্ধযুক্ত চেস্ট বোলা হয় আন বিধত দুটাকৈ স্কন্ধ দেখা যায়। ইয়াক দ্বি-স্তন্ধযুক্ত বোলা অ’লডাবান কৃষ্টিঃ-আদি প্রত্নপ্রস্তৰ যুগৰ পৃথিৱীৰ বিভিন্ন ঠাইত শিলৰ সজুলি আবিস্তৃত হৈছে। ইউৰোপত আদিম যুগৰ সাংস্কৃতিক অবশেষ আবিষ্কাৰৰ প্ৰায় এক শতাব্দীৰ পাছত আফ্ৰিকাৰ টানজানিয়া দেশত প্রাগঐতিহাসিক যুগৰ অতি আদিম যুগৰ সংস্কৃতি আবিস্কৃত হয়। টানজানিয়াৰ অলডুভাই নামে দ গহবৰ এটাত পৃথিৱীৰ আটাইতকৈ পুৰণি মানৱ সংস্কৃতিৰ অবেশেষ কিছুমান শিলৰ সজুলি পোৱা গৈছে। অ’লডুৱাইত পোৱা সঁজুলিবোৰ ভূতাত্তিক নিম্নস্তৰত পোৱা গৈছিল আৰু এইবোৰ শিলৰ হাতিয়াৰ মানুহৰ অতি আদিম সংস্কৃতিৰ পৰিচায়ক। এই হাতিয়াৰবোৰ শিলগুটিৰ পৰা তৈয়াৰ কৰা হৈছিল। এই বিলাক চপাৰ জাতীয় অস্ত্ৰৰ পৰা কালক্ৰমত হস্তকুঠাৰৰ জন্মহয়। অ’লডুৱাই গহ্বৰৰ চপাৰ জাতীয় অস্ত্ৰৰে গঠিত কৃষ্টিটোক অ’লভাৱান সংস্কৃতি বোলা হয়। এই সংস্কৃতিয়েই মানৱ ইতিহাসৰ আদিম কৃষ্টি।

(ন) মুছটেৰিয়ান সংস্কৃতি : 

ফৰাছী দেশৰ ভৰ্ডন- ৰাজ্যৰ লা মুছটিয়াৰ নামে গুহা এটাত এই কৃষ্টিৰ সামগ্ৰী পোৱা গৈছে। এই কৃষ্টিৰ বিশেষত্ব হ’ল – এই যে এই কৃষ্টিৰ সময়ত চলি শিল্পৰ প্ৰধান্য, জোঙাল শিলৰ অস্ত্ৰ আৰু পাৰ্শ্ব ৰোকনী। এই কৃষ্টি সামগ্ৰীবিলাকৰ স্তৰ এচুলিয়ান কৃষ্টিৰ সামগ্ৰীৰ স্তৰৰ ওপৰত আছিল। এই সামগ্ৰীবিলাকৰ অৱশেষৰ পৰা জনা যায় যে সেই সময়ত ইউৰোপৰ জলবায়ু-শীতপ্রধান আছিল। সেই সময়ৰ জন্তবিলাক হ’ল মেমথ, নোমাল গড়, আৰু বন্ধা হৰিণ আদি। মুছাটৰিয়ান কৃষ্টি মধ্য এছিয়া, ইউৰোপ আৰু উত্তৰ আফ্ৰিকাৰ নানা ঠাইত প্ৰচলিত হৈ আছিল।’

(প) কিছেন-মিডেন সংস্কৃতি : 

ইউৰোপৰ বল্টিক অঞ্চলত বাস কৰা লোকসকলৰ ৰান্ধনী ঘৰৰ দমবোৰত এই সংস্কৃতিৰ সমলবোৰ পোৱা গৈছে। এইবোৰত বহুতো – শামুকৰ খোলা আবিষ্কৃত হৈছে। সেইকাৰণে দমাবাৰক শমুক খোলাৰ ডিপ বুলিও কোৱা হয়। ইয়াৰ অধিবাসীসকলৰ শামুকেই প্ৰধান আহাৰ আছিল বুলি অনুমান হয়। ব্যবহাত আহিলাবোৰ আছিল শিলৰ বহল মুখৰ কুঠাৰ পথালিমুখীয়া তীৰা, নানা তৰহৰ ৰোকনী, মিহিকৈ সজা জোঙাল অস্ত্ৰ, ভোহৰ আদি। সেই সময়ত মাটিৰ বাচন তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।

HS Second Year Anthropology Solutions নৃতত্ত্ব

Chapter No.Chapter Name
Chapter 1আবয়বিক নৃতত্ব
Chapter 2প্রাগঐতিহাসিক নৃতত্ত্ব
Chapter 3বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব
Chapter 4সামাজিক নৃতৃত্ব
Chapter 4নৃগোষ্ঠী বর্ণনাতত্ত্ব
Chapter 5পৰিস্থিতি বিজ্ঞান

(গ) কনাধর্মী প্রশ্নোত্তৰ : ৪/৫ নম্বৰ কৈ

১। প্রাথমিক চলিয়ন পদ্ধতি কি ? এনে চলিয়ন পদ্ধতি কোনকুৱা সঁজুলিত দেখা যায়?

উত্তৰ: সঁজুলি নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা শিলাখণ্ডক এটা নিৰ্দিষ্ট জোখৰ শিলৰ হাতুৰীৰে শিলটুকুৰাৰ দুয়োপিঠিৰ মাজৰ পৰা দাঁতিলৈ খুন্দিয়াই খুন্দিয়াই কিছুমান চকলা একরা হয়।

এইদৰে চকলা একৱাই শিলাখণ্ড টুকুৰাক এটা নিৰ্দিষ্ট আকৃতি দিয়া হয়। এইদৰে প্ৰথমে এৰুৱা চকলা বোৰক প্ৰাথমিক বা প্ৰাৰম্ভিক চলি আৰু পদ্ধতিটোক প্ৰাথমিক চলিয়ান পদ্ধতি বুলি কোৱা হয়। স্থূল সঁজুলি যেনে হস্তকুঠাৰ ক্লিভাৰ চপাৰ আদি সজুলি সমূহত প্ৰাথমিক চলি চিহ্ন দেখিবলৈ পোৱা যায় আৰু এই স্কুল সঁজুলি সমূহৰ পৰা চলি নিৰ্গত কৰিবলৈ প্ৰাথমিক চলিয়ন পদ্ধতি ব্যৱহাৰ কৰা হয়।

২। ক্ষুদ্রাকৃতি শিলৰ অস্ত্ৰ কোন সংস্কৃতিক যুগৰ ? ইয়াৰ বিভিন্ন আকাৰবোৰ উল্লেখ কৰা ?

উত্তৰঃ মধ্যপ্ৰস্তৰ যুগৰ বিভিন্ন সাংস্কৃতিক স্তৰৰ ক্ষুদ্ৰাকৃতিৰ শিলৰ অস্ত্ৰ উদ্ধাৰ কৰা হৈছে আৰু এইবোৰৰ প্ৰচলনৰ ব্যৱস্থা থকাৰ প্ৰমাণ পোৱা গৈছে। এইবোৰ আকৃতিত সৰু আৰু এইবোৰ মাছ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল।

আকৃতি আৰু নিৰ্মাণ কৌশল অনুসৰি ক্ষুদ্ৰাকৃতিৰ অস্ত্ৰ কেইবাটাও ভাগত ভগাব পাৰি। যেনে অর্ধচন্দ্রাকৃতি (lunate or cresunt) ত্রিভূজাকৃতি (triangle), চতুর্ভূজাকৃতি (trapeze), ক্ষুদ্রাকায় ফলক (micropoint) আৰু ক্ষুদ্রাকায় খোদনাস্ত্র (microburin)।

৩। চাপ চলিয়ন কৌশল কি? এনেকুৱা কৌশলৰ বাবে কেনেকুৱা শিলৰ প্ৰয়োজন ? কোন সংস্কৃতি পৰ্যায়ত জ্ঞানে কৌশল প্রচলিত হয় ?

উত্তৰ: সাধাৰণতে মিহি, ধাৰাযুক্ত সক সক আটকধুনীয়া সঁজুলিবোৰ নিৰ্মাণ কৰিবলৈ চাপ চলিয়ন কৌশল ব্যৱহাৰ কৰা হয়। শিলৰ যাঠি, কাড় আদি তৈয়াৰ কৰিবলৈ এই পদ্ধতি প্রয়োগ কৰা হৈছিল। যি কোনো জোঙাল আহিলা সহায়ত চাপ বা হেচা দি অতি পাতল আৰু সুক্ষ্ম চলি উঠোৱা হয় ইয়াকে চাপ চলিয়ণ কৌশল বোলা হয়।

এনেকুৱা কৌশলৰ বাবে ফ্লিন্ট, অৱস্থিজিয়ান কেলদি, গুলি ৰাইট আদি চনকা শিলবোৰ এই কামৰ কাৰণে উপযুক্ত। নির্মাণ সঁজুলিৰ কাৰণে শিলৰ বাহিৰেও টান কাঠ, হাতীৰ হাড়, সক সৰু জন্তুৰ দাঁত আদিও ব্যৱহৃত হৈছিল।

চাপ চলিয়ন কৌশল উচ্চ প্রত্ন প্রস্তৰ যুগৰ চলুট্ৰিয়ান সাংস্কৃতিৰ সময়ৰ পৰা প্ৰচলিত হয়। ইজিপ্তৰ নৱপ্ৰস্তৰ যুগৰ সময়ত এই পদ্ধতিৰে নানা তৰহৰ শিলৰ অস্ত্ৰ তৈয়াৰ কৰা হৈছিল। চাপ চলিয়ণ কৌশল উচ্চ প্ৰৱ প্ৰস্তৰ যুগৰ চলুট্রিয়ান সংস্কৃতিৰ সময়ৰ পৰা প্ৰচলিত হয়। ইজিপ্তৰ নৱপ্ৰস্তৰ যুগৰ সময়ত এই পদ্ধতিৰে নানা তৰহৰ শিলৰ অস্ত্ৰ তৈয়াৰ কৰা হৈছে।

8। খোদনাস্ত্ৰ বোৰ কোন সাংস্কৃতিক যুগৰ ? কি কি বিভিন্ন প্ৰকাৰৰ খোদনাস্ত্ৰ পোৱা গৈছিল উল্লেখ কৰ?

উত্তৰ: উচ্চ প্রত্ন প্রস্তৰ যুগৰ আৰম্ভ হোৱাৰ লগে লগে ৰোকনী, জোঙাল অস্ত্ৰ আদিৰ ব্যৱহাৰ কিছুপৰিমানে কমি আহিলে আৰু তাৰ ঠাই ল’লে আন এবিধ সঁজুলি খোদনাস্ত্রই। এই খোদনাস্ত্ৰবোৰ শিলৰ পৰা একে বিশেষ কাৰুকাৰ্য্যৰ দ্বাৰা তৈয়াৰ কৰা হয়।

আকৃতি আৰু নিৰ্মাণ কৌশল অনুসৰি খোদনাস্ত্ৰবিলাকৰ কেইবাটাও শ্ৰেণীত বিভক্ত কৰা হৈছে। যেনে সাধাৰণ খোদনান্ত (Ordinary graver), কৌশিক খোদনান্ত (Angle graver), বহুমুখী খোদনাস্ত্র (Polyhydric graver) আৰু চৰাইঠুটীয়া খোদনাস্ত্ৰ ইত্যাদি।

৫। প্রস্তুৰ যুগৰ সময়ৰ মানুহে সঁজুলি নিৰ্মাণ কৰিবলৈ কেনেকুৱা শিল ব্যৱহাৰ কৰিছিল ? 

উত্তৰ: প্ৰস্তৰ যুগত মানুহে ধাতুৰ ব্যৱহাৰ নাজানিছিল। তেওঁলোকে হাতিয়াৰ তৈয়াৰ কৰিবৰ কাৰণে প্ৰস্তৰ ব্যৱহাৰ কৰিছিল। প্ৰথমে পৰিবেশত পোৱা প্ৰস্তৰৰে তেওঁলোকে জন্তু চিকাৰ কৰিছিল এইদৰে শিলৰ পৰা সঁজুলি নিৰ্মাণ কৰোতে তেওঁলোকে বুজি পালে যে যি কোনো ধৰণৰ শিলৰ পৰা সঁজুলি তৈয়াৰ কৰিব নোৱাৰি। উক্ত কাৰণতে তেওঁলোকে সঁজুলি নির্মাণ কৰিবলৈ কিছুমান বিশেষ শিল বাচি ল’লে। এই শিলবোৰৰ জান শিলতকৈ চলিয়ন পদ্ধতিৰ বাবে উপযোগী। তেওঁলোকে সাধাৰণতে মিহি দানাযুক্ত সমাংগিক শিলবোৰকহে হাতিয়াৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিছিল। তাৰ ভিতৰত ছিলিৰছিয়াছ জাতীয় শিল যেনে ফ্লিন্ট শার্ট, অবস্থিনিয়ান, জেছপাৰ, বেলছেনি আদিয়েই প্রদান।

৬। নৱ প্ৰস্তৰ যুগৰ কেইবিধ মান সঁজুলিৰ নাম উল্লেখ কৰা আৰু এই সঁজুলিবোৰৰ নির্মাণ কৌশল উল্লেখ কৰা ?

উত্তৰ: নৱপ্ৰস্তৰ যুগত ছেণ্টৰ ব্যৱহাৰ হৈছিল। ব্যৱহাৰিক দিশৰ ওপৰৰ ভিত্তি কৰি নৱপ্ৰস্তৰ সঁজুলিবোৰক তলত দিয়া ধৰণে নামাকৰণ কৰা হৈছে। সেইবোৰ হ’ল- কুঠাৰ (Axe), বাচলা (Adze), টালী (Chisel), খন্তি (Hoe), শিলৰ কাচি (Stone Sickle), শিলৰ যঠি (Stone spear head), শিলৰ কাঁড় (Stone arrow-head) ইত্যাদি। এই সঁজুলিবোৰ চলিয়ণ পদ্ধতি চলিয়ন আৰু ধৰ্ষণ পদ্ধতি আৰু ঘহি পিহি মিহি কৰা পদ্ধনি প্ৰয়োগ কৰি তৈয়াৰ কৰা হয়।

৭। প্ৰত্ন প্ৰস্তৰ যুগৰু কেইটা ভাগত ভাগ কৰা হৈছে। প্ৰত্যেক ভাগৰে অন্তৰ্গত সঁজুলি সমূহৰ নাম লিখা।

উত্তৰ : প্ৰত্ন প্ৰস্তৰ যুগক তিনিটা ভাগত ভাগ কৰা হৈছে। ভাগ কেইটা হ’ল— 

(ক) আদি প্ৰত্ন প্রস্তৰ যুগ 

(খ) মধ্য প্ৰত্ন প্ৰস্তৰ যুগ 

(গ) উচ্চ প্রত্ন প্রস্তৰ যুগ।

আদি প্ৰশ্ন প্রস্তুৰ যুগৰ সঁজুলি সমূহ হ’ল – 

(ক) শিলগুটিৰ অস্ত্ৰ 

(খ) হস্তকুঠাৰ 

(গ) বহল মুখৰ হস্তকুঠাৰ বা ক্লিভাৰ।

মধ্য প্রত্ন প্রস্তৰ যুগৰ সঁজুলি সমূহ হ’ল – 

(ক) বিভিন্ন প্ৰকাৰ ৰোকনী 

(খ) মুছটেৰিয়ান জোং। 

উচ্চ প্রশ্ন প্ৰস্তৰ যুগৰ সঁজুলিবোৰ হ’ল – 

(ক) ফলক চুৰি, 

(খ) শিলৰ ভোঁহৰ আৰু বিছনা

(গ) খোদনাস্ত্র।

৮। কোন সংস্কৃতিক যুগত সঁজুলিত নাল লগোৱা পদ্ধতি প্রচলিত হয়। বিভিন্ন নাল লগোৱা পদ্ধতি সমূহ উল্লেখ কৰা ।

উত্তৰ: নৱপ্ৰস্তৰ যুগত কুঠাৰ, বাচলা আদি নানা প্ৰকাৰে নালত সালি ব্যৱহাৰ কৰিছিল।

চুইজাৰলেণ্ডৰ হ্ৰদ নিবাস বোৰৰ ধ্বংসাৱশেষবোৰৰ মাজত নালৰ সৈতে কিছুমান সঁজুলি উদ্ধাৰ হৈছে।

সঁজুলিত নাল লগোৱা বিভিন্ন পদ্ধতি সমূহ হ’ল – 

(ক) পেটি লগোৱা পদ্ধতি (Belted haft), 

(খ) আচুভিৰীয়া নাল (Knee Haft), 

(গ) ছিদ্রিত প্রথা (Socketed method), মোহানা পদ্ধতি (Sleeve method)।

৯। এখন হস্তকুঠাৰৰ প্ৰণালীবোৰ বৰ্ণনা লিখা।

বা

হস্তকুঠাৰ বা কুদাপু মানে কি ? চিত্ৰৰ সহায়ত ইয়াৰ ব্যৱহাৰিক দিশসমূহ লিখা। 

উত্তৰ: হস্তকুঠাৰ হৈছে এবিধ স্কুল সঁজুলি। আদি প্ৰত্ন প্ৰস্তৰ যুগৰ বিভিন্ন সাংস্কৃতিক স্তৰত বহুতো হস্তকুঠাৰ উদ্ধাৰ হৈছে। হস্তকুঠাৰত ইংৰাজীত হেও এক্স আৰু ফৰাছী ভাষাত কুদাপু বুলি কোৱা হয় (loup-de-poing) হস্তকুঠাৰেই হৈছে আদিম তম স্কুল সঁজুলি। ইয়াৰ প্ৰধান বিশেষত্ব হ’ল এই যে মূল শিলাকগুৰ দুয়ো পিঠিৰ পৰা হাতুৰী কৌশল প্রয়োগ কৰি চলি নিৰ্গত কৰা হয়। দুয়ো পিঠিতে নির্মাণ কৌশল সমানে প্রয়োগ কৰাৰ বাবে ইয়াক দুমুখীয়া অস্ত্র বোলা হয়। আকৃতি আৰু গুণৰ ওপৰত ভিত্তি কৰি হস্তকুঠাৰক কেইবাটাও ভাগত ভাগ কৰা । হৈছে।

তলত এখন নাচপতি আকৃতিৰ হস্তকুটাৰৰ বৰ্ণনা দিয়া হ’ল—

এই প্ৰকাৰৰ হস্তকুঠাৰৰ পশ্চাৎ ভাগটো শকত আৰু গধুৰ আৰু আগফালটো ক্ৰমান্বয়ে জোঙা আৰু কৰ্তনমুখ ঘূৰণীয়া হয়। ইয়াৰ আকৃতি নাচপতি আকাৰৰ হোৱাৰ কাৰণে ইয়াক নাচপতি আকৃতিৰ হস্তকুঠাৰ বোলা হয়। এই হতিয়াৰ বিধৰ পৰা হাতুৰীৰে প্ৰাথমিক চলি নিৰ্গত কৰাৰ ওপৰৰিও কিছু কিছু ঠাইত চিকুণ চলিয়ণ চিহ্নও দেখিবলৈ পোৱা যায়। পশ্চাৎ মূৰটোৰ কিছু অংশত মুখ্য পৃষ্ঠ বা প্রাথমিক পৃষ্ঠ দেখিবলৈ পোৱা যায়। এই সঁজুলি হৈছে প্লিষ্ট ‘চিন ভূতাত্ত্বিক যুগৰ। ইয়াক সাধাৰণতে সকলো কাৰ্য্যৰ সম্পাদনাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। হাবিৰ পৰা আলু-কচু, ফল-মূল আৰু অন্যান্য আহাৰ সংগ্ৰহ কৰিবলৈ গাঁত খান্দিবলৈ মাংস টুকুৰা টুকুৰা কৰিবলৈ ফান্দ পাতি জন্তু চিকাৰ কৰিবলৈ জন্তুৰ ছাল আৰু হাড়ৰ পৰা মাংস গুচোৱা আদি বিভিন্ন কামৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। 

১০। ৰোৱনী কাক বোলে ? ইয়াৰ ভাগসমূহ কি কি? কোন সাংস্কৃতিৰ সময়ৰ পৰা ইয়াৰ প্রচলন হয় ?

উত্তৰ: ৰোৱনী হৈছে এবিধ স্থূল সদ্গুলি। এই ৰোকনীজাতিয় সজুলি সাধাৰণ চলিয়ণ বা ফলক চলিয়াগৰ পৰা তৈয়াৰ কৰা হয়। বোকনী জাতীয় শিলৰ অন্তৰ প্ৰধান বিশেষত্ব হ’ল ইয়াৰ চিকুন কামেৰে তৈয়াৰ কৰা ধাৰযুক্ত মুখ এখন থাকে। ইয়াৰ ওপৰৰ পিঠিখন অনেক সৰু ডাঙৰ চলিয়ন চিহ্নৰে আগুৰি থাকে। তলপিঠিখন মিহি আৰু সমান কেতিয়াবা ধনুতিৰীয়া হয়। বোকনী জাতীয় সঁজুলি ব্যৱহাৰিক ধাৰাযুক্ত মুখখন আকৃতি আৰু গঠন অনুসাৰে কেইবাটাও ভাগত ভাগ কৰা হৈছে। এই ভাগ সমূহ হ’ল যথাক্রমে

  1.  কাষৰীয়া বা এমুখীয়া ৰোকনী (Side scraper)
  2. এমুৰীয়া ৰোৱনী (Core scraper)
  3. স্থূল ৰোকনী (Core scraper) 
  4. গোলাকাৰ বোকনী (Round scraper)
  5. নাসিকাসদৃশ ৰোকনী (Nose scraper)
  6. অবতল ৰোকনী (Concave scraper )
  7. উত্তল ৰোকনী (Convex scraper) 

১১। হস্তকুঠাৰৰ বিভিন্ন আকাৰ অনুযায়ী ভাগ কৰা ?

উত্তৰ: আকাৰ আৰু গঠন অনুযায়ী হস্তকুঠাৰবোৰক কেইবাটাও ভাগত ভাগ কৰা হৈছে। এইবোৰ তলত বৰ্ণনা কৰা হ’ল- 

  1. নাচপতি আকৃতিৰ (Peariform) : এইবিধ কুঠাৰৰ আকৃতি নাচপতিৰ দৰে হোৱা বাবে ইয়াক নাচপতি আকৃতিৰ হস্তকুঠাৰ বোলে। এইবিধ কুঠাৰৰ পশ্চাৎ ভাগটো (butt-end) বৰ শকত আৰু ডাঠ। আগ ফালটো ক্রমান্বয়ে জোঙা।
  2. ডিম্বাকৃতি হস্তকুঠাৰ (Ovate type hand axe) : ইয়াৰ আকৃতি হাঁহকনীৰ নিচিনা। কিন্তু চেপেটা আৰু পাতল। কাৰিকৰী দিশৰ পৰা ই এবিধ উন্নত প্ৰকাৰৰ হস্তকুঠাৰ। চলি চিহ্নবোৰৰ দীঘল, সৰু, পাৰিপাটি আৰু তৰাং।
  3. ৰহল মুখৰ হস্তকুঠাৰ (Cleaver) : এইবিদ কুঠাৰৰ মুখখন বহল, চাৰিকোণীয়া আৰু ধাবমুক্ত (sharp )। দক্ষিণ আফ্ৰিকা, চাহাৰা অঞ্চল আৰু ভাৰতবৰ্ষত ইয়াৰ ব্যৱহাৰ
  4. পিসকাৰ হাৰ (Cordifarm hand ave) : এইবিধ হস্তকুঠাৰ আকাৰত হুগপিণ্ডৰ নিছিনা। ই দেখাত হাঁহ কণীটোৰ নিচিনা, কিন্তু আকাৰত সৰু আৰু ডাঠ । এইবিধ হস্তকুঠাৰ মুছটেৰিয়ান বৃষ্টিৰ সময়ৰ পৰা প্ৰচলন হোৱাৰ প্ৰমাণ পোৱা যায়।
  5. মিক কিয়ান হুস্তকুঠাৰ এইবিধ হস্তকুঠাৰ আদি প্রশ্ন প্ৰস্তৰ যুগৰ শেষৰ পিনে হৈছিল বুলি জনা যায়। এইবিধ হস্তকুঠাৰ সাধাৰণতে দীঘল, আগফালটো ঠেক আৰু অতি জোড়া পশ্চাৎ ফালটো শকত ।

জোঙাল অস্ত্র ঃ এই জোঙাল অস্ত্ৰবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। যেনে – 

(a) সাধাৰণ জোঙাল অস্ত্র-(Simple point) আৰু 

(খ) ঋদ্ধ বা নাহিযুক্ত জোঙাল অস্ত্র- (Tanged paint) নাহিযুক্ত জোঙাল অস্ত্ৰক আকৌ দুভাগত ভগাব পাৰি। যেনে –

(a) একক গ্ধযুক্ত জোঙাল অস্ত্র (Singls shouldered point) আৰু 

(b) দ্বিস্কন্ধযুক্ত জোঙাল অস্ত্ৰ (Double shouldered point)

ৰোকনী (Point) : আবৃতি আৰু প্ৰকৃতি অনুসৰি ৰোণীক সাতটো ভাগত ভাগ কৰা হৈছে। যেনে – এমুখীয়া ৰোৱনী (Side scraper), এমুৰীয়া ৰোৱনী (End scraper), স্থল ৰোকনী (Core scraper) গোলাকাৰ ৰোৱনী (Round scraper) নীসিকা সদৃশ্য ৰোকনী (Nose scraper) অবতল ৰোকনী (Concane scraper) আৰু উত্তল ৰোকনী (Conver scraper).

বিন্ধনা (Borer) বা ভোঁহৰ (AwI) : ভোহঁৰবোৰ সাধাৰণতে লম্বা আৰু পাতল হয়। ইয়াৰ কাৰ্য্যক্ষম মুখখন জোঙা। কাঠ, হাড়ৰ সঁজুলি আদি ফুটা কৰিবলৈ বিভিন্ন আকৃতিৰ বিন্ধনা। পোৱা যায়।

১২। উচ্চ প্ৰত্ন প্ৰস্তৰ যুগক কিয় সোনালী যুগ বুলি কোৱা হয় ? 

উত্তৰ: উচ্চ প্রত্ন প্রস্তৰ যুগত কাৰিকৰী দ্যিাৰ ফলৰ পৰা সঁজুলিবোৰ অতি উন্নত স্তৰত উপনিত হৈছিল। শিলৰ সজুলিৰ উপৰিও এই যুগত জন্তুৰ হাড়, শিং, হাতীৰ দাঁত আদিৰ পৰা চমক প্ৰদ হাতিয়াৰ তৈয়াৰ হৈছিল। ইয়াৰ উপৰিও হাড়, শামোকৰ খোল আদিৰে নিৰ্মিত আ অলংকাৰ, চারুকলা শুহাকলা ভাস্কৰ্য্য ইত্যাদিৰ নিদৰ্শন পোৱা যায়। এই যুগৰ প্ৰস্তৰ নিৰ্মিত আতাইবোৰ হাতিয়াৰেই ঠেক, সামান্তৰাল দাতিযুক্ত ফলকৰ পৰা তৈয়াৰী এই যুগৰ উল্লেখযোগ্য হতিয়াৰৰ ভিতৰত ফলক সগুলি (blade) এমুৰীয়া ৰোধনী (end scraper), ঘোদনাস্ত্র (burin) আদিয়েই প্ৰধান। ইয়াৰ উপৰিও বহল পাতল দুমুখীয়া জোং, কটাৰী আদিও আছে। সেই কাৰণে এই যুগটোক সোগলী যুগ বোলা হয়।

১৩। উচ্চ প্ৰত্ন প্ৰস্তৰ যুগৰ সংস্কৃতিৰ বিশেষত্ব সমুহ কি ? উত্তৰঃ উচ্চপ্রত্ন প্রস্তৰ যুগৰ সংস্কৃতিৰ বিশেষত্ব সমুহ হ’ল—

  1. হম চেপিয়েন্স মানৱৰ আৱিৰ্ভাৱ।
  2. উচ্চপ্রত্ন গ্ৰস্তৰ যুগটো শীত প্রধানে তুষাৰ যুগীয় আছিল। 
  3. বল্পাহৰিণৰ সংখ্যা বাঢ়িছিল বাবে জৈৱিক প্ৰধান্যৰ ফালৰ পৰা এই যুগটোক বলগা হৰিণ যুগ বোলা হয়। 
  4. ফলক জাতীয় সঁজুলিৰ প্রচলণ। লগতে ৰোৱনী আৰু খোদনাস্ত্ৰৰ (graver) প্রচলন বৃদ্ধি।
  5. হাড়, শিং, হাতীৰ দাঁত আদিৰ সা সজুলি নির্মাণ।
  6. সর্বপ্রথম চিত্ৰকলাৰ প্ৰৱৰ্তন।

১৪। উচ্চ প্রত্ন প্রস্তৰ যুগৰ সংস্কৃতিৰ বিভিন্ন পৰ্য্যায় সমুহ আলোচনা কৰা। 

উত্তৰ : কৃষ্টিমূলক কৌশল আৰু ঔৰীয়ক্রম অনুসৰি এই যুগটোক তিনিটা প্ৰধান সাংস্কৃতিক স্তৰত ভগাব পাৰি। যেনে – (ক) অগিনেছিয়ান, (খ) ছলুট্রিয়ান আৰু (গ) মেগডালেনিয়ান । 

(ক) অগিনেছিয়ান সংস্কৃতি : 

ফৰাছী দেশৰ লা এজি নামে ঠাইৰ ওচৰৰ অ’ডি (Audi) নামে এটা প্ৰস্তৰ আবাসত চলি শিলৰ ওপৰত তৈয়াৰ কৰা এটি নতুন সংস্কৃতিৰ উমান পোৱা যায়। এই কৃষ্টিৰ উদ্যোগিক বিশেষত্ব হ’ল চকলা শিলৰ ওপৰত তৈয়াৰ কৰা এক প্ৰকাৰৰ ফলক কটাৰী শিল্প। অ’ডি নামে ঠাইত পোৱা হেতুকে ইয়াৰ নাম দিয়া হৈছে অ’ডিফলক কটাৰী ( Audi knife blade) ফ্ৰান্সৰ আন এঠাইত আৰু এটি বিশেষ বৈশিষ্ট্য সম্পন্ন কৃষ্টি আৱিস্কৃত হয়।

ইয়াৰ প্ৰধান বিশেষত্ববোৰ হ’ল—

  1.  ফলক জাতীয় চলি শিলৰ ওপৰত তৈয়াৰ কৰা ডাঠ পিঠিয়া কটাৰী,
  2. খোদনাস্ত্র জাতীয় সজুলি ব্যৱহাৰ আৰু
  3. হাড়ৰ পৰা তৈয়াৰ কৰা সঁজুলি প্ৰচলন।

(খ) ছলুরিয়ান কৃষ্টি ঃ 

পশ্চিম ইউৰোপৰ উত্তৰ ফ্ৰান্সৰ ছলিউটাৰ নামে ঠাইত ১৮৬৮ চনত এই বৃষ্টিটো আবিষ্কৃত হয়। এই কৃষ্টিৰ বৈশিষ্ট্য সম্পন্ন আহিলা বিলাকৰ ভিতৰত আছে চাপ দি চলি উঠোৱা পদ্ধতিৰে তৈয়াৰ কৰা পত্ৰসদৃশ কিছুমান জোঙাল অস্ত্র। যেনে-ল’বেল পত্ৰসদৃশ জোঙাল অস্ত্র, ইউল’ পত্ৰ সদৃশ জোঙাল অস্ত্ৰ। ইয়াৰ ওপৰিও ‘ফলক বোকনী’ আৰু ‘খোদনাস্ত্ৰ’ ও ব্যৱহাৰ হৈছিল। এই কৃষ্টিৰ শেষৰ ফালে হাড়ৰ বেজি ব্যৱহাৰ কৰা প্ৰমাণ পোৱা যায়।

(গ) মেগডালেনিয়ান বৃষ্টি : 

এই কৃষ্টিটো প্ৰথমে উত্তৰ ফ্ৰান্সৰ লা সেভেলিন নামে ঠাইত প্রায় ৫০০০ বছৰ প্ৰচলিত হৈ আছিল মেগডালেনিয়ান সংস্কৃতিৰ বিশেষত্ব হ’ল- (ক) হাড়ৰ অস্ত্ৰত চৰম উন্নতি (খ) শিলৰ ফলক বোকনী, খোদনাস্ত্ৰ, ভোঁহৰ আদিৰ প্ৰাধান্য। (গ) ক্ষুদ্ৰাকৃত্তি শিলৰ অস্ত্ৰ নিৰ্মাণ আৰম্ভণি। (ঘ) কাইটীয়া যুক্ত হাড়ৰ শেল বিভিন্ন প্ৰকাৰৰ শেল নিক্ষেপক ৰাজদণ্ড (ঙ) গৃহকলা আৰু গুহাকলাৰ প্ৰচলন।

১৫। ইউৰোপৰ মধ্যপ্ৰস্তৰ যুগৰ সংস্কৃতিবোৰ চমু বিবৰণী দিয়া।

উত্তৰ: মধ্যপ্ৰস্তৰ যুগত ইউৰোপত প্ৰচলিত সংস্কৃতিবোৰ হ’ল : 

(ক) আজিলিয়ান 

(খ) টাৰডেনুছিয়ান 

(গ) এইটুৰিয়ান 

(ঘ) কিছেন মিডেন আৰু

(ঙ) কেমপগনিয়ান।

(ক) আজিলিয়ান সংস্কৃতিঃ ফ্ৰান্সৰ মাছ ডি-আজিল নামে গুহাত এই সংস্কৃতিৰ সমলবোর উদ্ধাৰ হৈছিল। আজিলিয়ান সংস্কৃতিৰ অৱশেষ দক্ষিণ স্পেইনৰ পৰা উত্তৰে গ্ৰেট ব্ৰিটেইন আৰু পূবপালে বেলজিয়ামলৈ পোৱা যায় ৷

(খ) টাৰভেনুছিয়ান সংস্কৃতি : ফ্রান্সব ফোৰ-এন-টাৰভেন নামে ঠাইত এই সংস্কৃতিৰ সমল প্রথমে চিনাক্তকৰণ কৰা হৈছিল। ইউৰোপৰ এক সুবিস্তৃত অঞ্চলত সুদীর্ঘকাল ব্যাপী এই সংস্কৃতি প্রচলিত আছিল।

(গ) মোগলেমছিয়ান সংস্কৃতি : বাল্টিক সাগৰৰ মোহনত আৰু জিলাও দ্বীপৰ মেগালম ছ অঞ্চলত প্ৰথমে এই সংস্কৃতিৰ অৱশেষ আৱিস্কৃত হৈছিল। মধ্যপ্ৰস্তৰ যুগত উত্তৰ ইউৰোপত উৎপত্তি হোৱা সংস্কৃতিবোৰৰ ভিতৰত মেগলেমছিয়ান সংস্কৃতি অন্যতম।

(ঘ) এটুৰিয়ান সংস্কৃতি :  স্পেইনৰ এছটুৰিয়ান প্রদেশত এই সংস্কৃতি প্রথমে চিনাক্তকৰণ কৰা হৈছিল। এই সংস্কৃতিৰ অৱশেষ পর্তুগালটো পোৱা গৈছে। 

(ঙ) কিছেন মিডেন সংস্কৃতি : কিছেন-মিডেন শব্দৰ অৰ্থ হৈছে ৰান্ধনীঘৰৰ অৰ্বজনাৰ দ’ম। ইউৰোপৰ বাল্টিক সাগৰৰ উপকূল অঞ্চলত বাসকৰা মধ্যপ্ৰস্তৰ যুগৰ আধিবাসীসকলে খাদ্য হিচাপে ব্যৱহাৰ কৰা শামুকবিলাকৰ খোলাবোৰ বাসস্থানৰ চৌপাসে দ ম কৰিছিল। এই দ’মৰ মাজৰ পৰাই আবিস্কৃত সমলবোৰক কিছেন-মিডেন সংস্কৃতি বুলি নামাকৰণ কৰা হৈছিল।

(চ) কেসপিগ ‘নিয়ান সংস্কৃতি ঃ ফৰাচী দেশৰ লা-কেমপিগনি নামে ঠাইত আৱিষ্কৃত সংস্কৃতিৰ সমলবোৰক কেসপিগ নিয়ান সংস্কৃতি হিচাপে জনা যায়।

১৬। প্রাকৃতিক কাৰণত খন্দিত হোৱা শিলাখণ্ড আৰু প্ৰস্তুৰ যুগত মানুহে বনোৱা সঁজুলিৰ মাজৰ পাৰ্থক্য কেনেকৈ দেখুৱাক ? 

উত্তৰ মানুহে তৈয়াৰ কৰা সঁজুলি আৰু প্ৰাকৃতিক কাৰণত খন্দিত হোৱা শিলাখণ্ডৰ মাজত অনেক পার্থক্য পরিলক্ষিত হয়। মানুহে যেতিয়া অস্ত্ৰ তৈয়াৰ কৰিবৰ কাৰণে শিল এটুকুৰা ভাঙে তাত এটা উদ্দেশ্য নিহিত হৈ থাকে যেতিয়া এটা শিলাখণ্ডক টুকুৰীয়াই ভাগি প্রয়োজনীয় অস্ত্ৰ বা সঁজুলি তৈয়াৰ কৰিবলৈ প্ৰয়াস কৰে তেতিয়া তাক এটা আকৃতিত গঢ় নি লোৱা হয়। ইয়াৰ উপৰিও হাতুৰীৰে খুন্দিয়াই কৃত্রিম উপায় উৎপন্ন কৰা শিলৰ চকলাবোৰৰ তলপিঠিখন শামুকৰ পিঠিৰ নিচিনা মিহি আৰু মসৃণ হয়। এনে চলিবোৰত আঘাতস্ফীতি দেখা যায়।

আনহাতে আঘাতস্ফীতি সৃষ্টি হোৱা চলিটোৰ অনুৰূপ আনটো ফালৰ সেই একে অংশটো তললৈ বহি যায়। ইয়াক আঘাতস্ফীতি শূন্যাঞ্চল বোলে। আনহাতে আঘাতস্ফীতিক কেন্দ্র কৰি তৰংগসদৃশ সমকেন্দ্ৰীয় অর্ধবৃত্তকাৰ ৰেখা কিছুমান বিত্তীর্ণ হোৱা দেখা যায়।

আনহাতে প্ৰাকৃতিক কাৰণত উৎপন্ন হোৱা শিলৰ চলিবোৰৰ কোনো অৰ্ন্তনিহিত আকৃতি নাথাকে। ইয়াৰ গাত থকা চলি চিহ্নবোৰ যেনি-তেনি নিৰৰ্থক কাৱে সিঁচৰতি হৈ থাকে। প্রধান চকলা পিঠিখন ওখোৱা মোখোৰা বা খহতা হয়। গতিকে শিলগুটি বা শিলাঞ্চলৰ পৰা তৈয়াৰ কৰা সঁজুলিলিকাৰ চলি নিৰ্গত পদ্ধতি পৰীক্ষা কৰি সেইবোৰ শিল্পভাগত নে প্রাকৃতিক শিলাঞ্চল তাৰ সহজে অনুমান কৰিব পাৰি।

১৭। এখন ৰোকনীৰ প্ৰণালীবদ্ধ বর্ণনা দিয়া।

বা

এটা চলি সঁজুলিৰ প্ৰণালীবদ্ধ বর্ণনা দিয়া। 

উত্তৰঃ ৰোকনীবোৰ আদি প্ৰত্ন প্ৰস্তৰ যুগৰ পৰা আৰম্ভ কৰি নৱ প্রস্তুৰ যুগলৈকে ব্যৱহৃত হৈছিল। আদি প্ৰত্ন প্রস্তৰ যুগত ৰোকনীৰ ব্যৱহাৰ সাময়িক আৰু অস্থায়ী আছিল। গতিকে ইয়াৰ

ব্যৱহাৰ মধ্য প্ৰভু-প্ৰস্তৰ যুগৰ পৰাহে ব্যাপকভাৱে ব্যৱহাৰ হ’বলৈ ধৰে। চিত্ৰত দেখুওৱা ৰোকনী খনৰ ঘূৰণীয়া আৰু আকৃতিত থাল সদৃশ চাৰিওফালে সমানে চলি এৰুৱাই ইয়াক তৈয়াৰ কৰা হয়। এই সঁজুলিবিধ মিষ্টচিন ভূতাত্ত্বিক যুগৰ ইয়াক চিকুন কামেৰে তৈয়াৰ কৰা মুখ এখন থাকে। ইয়াৰ ওপৰৰ পিঠিখনত অনেক সৰু বৰ চলিয়ন চিহ্নৰে আগুৰি থাকে। ইয়াক জীৱজন্তুৰ ছাল এৰুৱাবলৈ মাংস কাটিবলৈ ব্যৱহাৰ কৰা হয়। প্রত্ন প্রস্তৰ যুগৰ চিকাৰজীৱী সকলে চিকাৰ কৰিবলৈ ৰোৱনী ব্যৱহাৰ কৰিছিল।

১৮। নৱপ্ৰস্তৰীয় বিপ্লব বুলিকে কি বুজা ? নৱপ্ৰস্তৰ যুগত মানৱ সমাজত ঘটা পৰিবৰ্তন সমূহ কি কি ?

উত্তৰঃ খ্রীঃ পূৰ্ব প্ৰায় ৭০০০ বছৰৰ আগতে মধ্যপ্ৰস্তৰ যুগ অন্ত পৰাৰ পিছত মানৱ ইতিহাসত এটা মুখ্য পৰিবৰ্তন ঘটে। গর্ডন চাইলেড মানৱ ইতিহাসত ঘটা এই পরিবর্তনক নৱ প্ৰঞ্জৰীয় বিপ্লৱ বা মুখ্য আন্দোলন বুলি অভিহিত কৰে। নৱপ্ৰস্তৰ যুগৰ মানুহে খাদ্য উৎপাদন কৰি এটা বৈপ্লবিক (revolution) পৰিবৰ্তন আনিলে।

এই পৰিবৰ্তনীয় লক্ষণসমূহ হ’ল—

(ক) কৃষি আৰু পশুপালনৰ জৰিয়তে খাদ্য উৎপাদন।

(খ) ঘহি-পিহি-মিহি কৰা পদ্ধতিৰে শিলৰ সজুলি।

(গ) মৃৎপাল তৈয়াৰ কৰা প্ৰথা প্রচলন।

(ঘ) তাত শিল্প আৰু হাঁহ বেতৰ সজুলি তৈয়াৰ কৰা কৃটিৰ শিল্পৰ আৰম্ভ।

(ঙ) স্থায়ী গাওঁপাতি বাস কৰা সমাজ আৰম্ভ।

(চ) বিনিময় প্ৰথাৰ জৰিয়তে বেহাবেপাৰৰ সূত্ৰপাত।

(ছ) বৃহৎ শিলেৰে স্মৃতি স্তম্ভ নির্মাণ কৌশল আৰম্ভ।

(জ) লিপিৰ প্ৰচলন।

(ঝ) সা-সম্পতিতি ওপৰত স্বত্বাধীকাৰ ইত্যাদি।

১৯। শিলগুটি অস্ত্র কি ? এই আহিলাবোৰ কোন সংস্কৃতিৰ নিদৰ্শন? চিত্ৰ আকি দেখুওৱা।

উত্তৰ: এটা গোটা শিলগুটিৰ এমুৰে আন এটা শিলগুটিৰ খুন্দিয়াই চকলা নিৰ্গত কৰি সেই অংশটো সাধাৰণভাৱে ধাৰ কৰি লোৱা হয়। এই ধাৰযুক্ত মুখখনেৰে জন্তু চিকাৰ বা অইন কোনো কামত ব্যৱহাৰ কৰিছিল। এই চকলা নিৰ্গত কৰা কাৰ্য্যকৰী মূৰটোৰ বাহিৰে বাকী অংশটো স্বাভাৱিক প্ৰচ্ছদৰে ঢাক খাই পৰা। শিলগুটিৰ পৰা এনে সঁজুলি তৈয়াৰ কৰা বাবে ইয়াক শিলগুটি সঁজুলি বোলা হয়।

এইধৰণ শিলগুটি সঁজুলি পূৰ আফ্ৰিকাৰ অলডুৱান ভাৰতবৰ্ষৰ চোহান, চীনদেশৰ ছায়োচিয়ান আৰু ব্ৰহ্মদেশৰ আনিয়াযিয়ান সংস্কৃতিৰ নিদৰ্শন।

২০। নবপ্ৰান্তৰ যুগৰ কেইটামান শিলৰ সঁজুলিৰ নাম লিখা আৰু সেইবোৰৰ নিৰ্মাণ কৌশল বৰ্ণনা কৰা

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ কেইবিধমান শিলৰ সজুলি হ’ল—

(ক) কাঠ

(খ) বাচুলা

(গ) বটালী

(ঘ) কাঁচ

(ঙ) অন্ধযুক্ত কুঠাৰ

(চ) শিলৰ হাড় ইত্যাদি।

এই প্ৰস্তৰ যুগৰ হাতিয়াৰসমূহ প্ৰধানত তিনিধৰণে তৈয়াৰ কৰা হৈছিল। 

(ক) চলিয়ন কৌশল প্রয়োগ কৰি আৰ 

(খ) ঘহি-পিহি-মিহি কৰা অৱশ্যে ঘঁহি-পিহি-মিহি কৰা পদ্ধতিয়ে নৱপ্ৰস্তৰ যুগৰ বহুল প্রচলিত আৰু উন্নত পদ্ধতিৰ সঁজুলি নিৰ্মাণ কৌশল।

(ক) চলিয়ন কৌশলৰ প্ৰয়োগ : নৱপ্ৰস্তৰ যুগৰ আদি অৱস্থাৰ হাতিয়াৰবোৰ প্ৰৱপ্ৰস্তৰ যুগৰ নিচিনাকৈ চলিয়ন কৌশল প্ৰয়োগ কৰি তৈয়াৰ কৰা হৈছিল। এই হাতিয়াৰবোৰ দেখাত যুগৰ হস্তকুঠাৰৰ নিচিনা হলেও ইয়াৰ মূলগত পার্থক্য আছে।

(খ) চলিয়া আৰু ঘৰ্ষণ কৌশলৰ প্ৰয়োগ : এই যুগতেই প্রথমে ঘর্ষণ কৌশলৰ দ্বাৰা হাতিয়াৰ নিৰ্মাণ কৰা দেখা যায়। চলিয়ন পদ্ধতিৰে চলি এৰুৱাই মোটামুটিকে হাতিয়াৰ আকৃতিত সজাই মৃদুভাৱে ঘৰ্ষণ শিলত ঘঁহি ঘঁহি হাতিয়াৰ কাৰ্য্যক্ষম কৰা হয়। এই শ্ৰেণীৰ হাতিয়াৰৰ ওপৰত ঘৰ্ষন কৌশল প্রয়োগৰ স্পষ্ট চিহ্ন দেখা যায়।

(গ) ঘহি-পিহি মিহি কৰা কৌশলৰ প্ৰয়োগ : এইটো নৱপ্ৰস্তৰ যুগৰ হাঁতিয়াৰ নিৰ্মাণৰ শেষ। তথা তৃতীয় স্তব। এই পদ্ধতিত হাঁতিয়াৰ পাট সম্পূৰ্ণৰূপে ঘৰ্ষণ শিলৰ ওপৰত ঘহি- পিহি তৈয়াৰ কৰা হয়। প্রয়োজন আৰু কাৰ্য্য অনুযায়ী কর্তন মুখ বিশেষভাৱে ঘঁহি ঘঁহি তৈয়াৰ কৰাও দেখা যায়।

২১। কি কি বিষয়ত উচ্চ প্ৰশ্ন প্রস্তুৰ যুগৰ উদ্যোগবোৰ ইয়াৰ আগৰ উদ্যোগবোৰতকৈ অধিক আগবঢ়া আছিল ?

উত্তৰ: মিষ্টচিন ভূতাত্বিক যুগৰ শেষছোঁৱাত ইউৰোপত এটি নতুন সাংস্কৃতিক যুগ আৰম্ভ হয়। এই যুগটোক উচ্চ প্রত্ন প্রস্তব যুগ বোলা হয়। এই যুগৰ সঁজুলিবোৰ এনেধৰণৰ কাৰিকৰী বিশেষত্বসম্পন্ন যে এইবোৰক নিম্ন বা সবী প্রত্ন প্রস্তৰ যুগৰ শিলৰ সজুলিবোৰৰ পৰা সহজে পৃথক কৰিব পাৰি। আনহাতে এই সংস্কৃতিৰ সৃষ্টিকর্তা প্রাগৈতিহাসিক মানুহবিলাকো ইয়াৰ পূর্ববর্তী যুগৰ আদিম মানুহ বিলাকতকৈ বেলেগ। এই যুগৰ মানৱগোষ্ঠীক বৰ্তমান কালৰ মানৱৰ আদিপুরুষ হিচাপে অভিহিত কৰা হয়।

মুঠতে এই উচ্চ প্ৰত্ন প্ৰস্তৰ যুগটো নানা দিশৰ পৰা নিম্ন বা মধ্য প্রত্ন প্রস্তৰ যুগতকৈ অধিক আগবঢ়া।

এই যুগৰ প্ৰধান সাংস্কৃতিক বিশেষত্ব হ’ল—

(ক) শিলৰ সঁজুলি নিৰ্মাণৰ বাবে চাপ চলিয়ন কৌশল নামে এটি নতুন চলিয়ন পদ্ধতি প্রচলন।

(খ) মানৱ সমাজত সৰ্বপ্ৰথম চিত্ৰকলাৰ চিন্তাধাৰা প্ৰচলন।

২২। প্রশ্ন প্ৰস্তৰ যুগ আৰু নৱপ্ৰস্তু যুগৰ প্ৰধান পার্থক্যসমূহ লিখা। 

উত্তৰ: প্ৰত্ন প্ৰস্ত আৰু নৱপ্ৰস্ত যুগৰ মূল পার্থক্যসমূহ হ’ল-

(ক) ভূতাত্ত্বিক গুৰু প্ৰস্তৰ যুগ প্লাইট চিন যুগৰ সমসাময়িক আনহাতে নবপ্রস্তুৰ যুগ হ’ল ছিন যুগৰ অন্তৰ্গত ।

(খ) জনসংখ্যা প্ৰত্ন প্ৰস্তৰ যুগত খুব কম আছিল আনহাতে নবপ্রস্তৰ যুগত জনসংখ্যা ক্ৰমাগত বৃদ্ধি হৈছিল।

(গ) বসবাস- প্রত্ন প্রস্তৰ যুগৰ মানুহে মুক্ত আকাশৰ তলত গুহাত আৰু প্ৰস্তৰ আবাসত বাস কৰিছিল আনহাতে নবপ্রস্তৰ যুগৰ মানুহে প্রাকৃতিক গুহা আৰু প্ৰস্তৰ আবাসত উপৰিও পজা আৰু হৃদ নিবাসত বসবাস কৰিছিল।

(ঘ) অর্থনীতি- প্রশ্ন প্রস্তৰ যুগৰ অৰ্থনীতি সংগ্ৰহ কৰি, চিকাৰ কৰি আৰু মাছ মাৰি জীৱন ধাৰণ কৰিছিল আনহাতে নবপ্রস্তৰ যুগৰ অৰ্থনীতি উৎপাদন অর্থনীতি। কৃষি আৰু পশুপালনৰ দ্বাৰা জীৱন নিৰ্বাহ কৰিছিল।

(6) উদ্ভিদ – প্ৰত্ন প্ৰস্তৰ যুগত ঠাণ্ডা জলবায়ুৰ কাৰণে ডাঙৰ গছ গছনিৰ উৎপত্তি নহয় আনহাতে নবপ্ৰস্তৰ যুগত প্ৰচুৰ পৰিমাণে উৎপত্তি হয়। 

(চ) সমূহীয়া জীবন প্রশ্ন প্রস্তৰ যুগত দলগত সমাজৰ প্ৰচলন আছিল আনহাতে নব প্ৰস্তৰ যুগত স্বনিয়ন্ত্ৰিত সমূহীয়া সমাজ সংগঠন আৰু গাৱলীয়া জীৱনৰ আৰম্ভণি ।

(ছ) মূৰৰ আকৃতি প্রত্ন প্রস্তৰ যুগৰ মানুহবিলাক সাধাৰণতে দীর্ঘমস্তকী আছিল। আনহাতে নব প্ৰস্তৰৰ যুগত দীর্ঘমস্তকী আৰু প্ৰশস্তমস্তকী প্ৰকাৰৰ লোকৰেই সমবেশ আছিল ।

(জ) সা-সম্পত্তি প্রত্ন প্রস্তৰ যুগৰ মানুহৰ সম্পত্তিৰ ধাৰণা নাছিল । ইয়াৰ প্ৰতি উদাসীন আছিল। আনহাতে নবপ্রস্তৰ যুগৰ মানুহবোৰ সা-সম্পত্তি আৰু ধন অৰ্জনৰ প্ৰতি আগ্ৰহ আছিল।

(ঝ) প্রত্ন প্রস্তৰ যুগত ব্যৱসায় বাণিজ্য নাছিল আনহাতে নবপ্ৰস্তৰ যুগৰ বাণিজ্যৰ বিনিময়ৰ ব্যৱস্থা নাছিল।

(ঞ) ধৰ্ম প্ৰত্ন প্ৰস্তৰ যুগত ধৰ্ম সমাজ স্পষ্ট ধাৰণা নাছিল। আনহাতে নবপ্রস্তৰ যুগত জটিল ধর্মভার গঢ়ি উঠিছিল।

Leave a Reply