NIOS| Political Science (317)| Notes/Answer| Chapter-35| ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ

NIOS| Political Science (317)| Notes/Answer| Chapter-35| ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter-35| ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter35| ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ

NIOS| Political Science (317)| Notes/Answer| Chapter-35| ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ

ঐচ্ছিক মড্যুল : ২

অধ্যায় ৩৫

35.1 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰা :

(ক) সংসদীয় ব্যৱস্থা ______ আৰু _______কাৰ্যপালিকাৰ খুটিৰ ওপৰত নিৰ্ভৰ কৰে। (সামাজিক/ৰাজনৈতিক/অর্থনৈতিক /প্রশাসনীয়) 

উত্তৰ : সংসদীয় ব্যৱস্থা ৰাজনৈতিক আৰু প্ৰশাসনীয় কাৰ্যপালিকাৰ খুটিৰ ওপৰত নিৰ্ভৰ কৰে। 

(খ) প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ_____ বিভাগৰ অন্তৰ্গত। (সামাজিক / ৰাজনৈতিক/অর্থনৈতিক / প্রশাসনীয়) 

উত্তৰ : প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ ৰাজনৈতিক বিভাগৰ অন্তৰ্গত ।

(গ) ৰাজনৈতিক কাৰ্যপালিকাৰ মূল কাম হ’ল______  । (সিদ্ধান্ত গ্রহণ / কথাছবি নিৰ্মাণ/নীতি নিৰ্ধাৰণ) 

উত্তৰ : ৰাজনৈতিক কাৰ্যপালিকাৰ মূল কাম হ’ল নীতি নিৰ্ধাৰণ। 

(ঘ) প্রশাসনীয় কার্যকলাপৰ মূল কাৰ্য হ’ল ______। (নীতি ৰূপায়ণ / নির্বাচনী প্ৰচাৰ কাৰ্য) 

উত্তৰ : প্ৰশাসনীয় কাৰ্যকলাপৰ মূল কাৰ্য হ’ল নীতি ৰূপায়ণ । 

-ৰ ভিত্তিত নিৰ্বাচিত কৰা হয়। 

(ঙ) আমোলাতন্ত্রক________ৰ ভিত্তিত নিৰ্বাচিত কৰা হয়।কেৰিয়াৰ (সম্পদ / মেধা) 

উত্তৰ : আমোলাতন্ত্ৰক মেধাৰ ভিত্তিত নিৰ্বাচিত কৰা হয়।

(চ) আমোলাতন্ত্ৰৰ ধাৰণাটো প্ৰথমতে জার্মান দার্শনিক য়ে বিকাশ সাধন কৰিছিল। (সিদ্ধান্ত গ্রহণ / মেক্স বেবাৰে) 

উত্তৰ : আমোলাতন্ত্ৰৰ ধাৰণাটো প্ৰথমতে জার্মান দার্শনিক মেক্স বেবাৰে বিকাশ সাধন কৰিছিল। 

(ছ) মেক্সৱেবাৰে আমোলাতন্ত্ৰক চৰকাৰৰ ________আৰু _______ৰূপ হিচাপে বৰ্ণনা কৰিছে। (কাৰ্যদক্ষ/মন্থৰ / যুক্তিগত)

 উত্তৰ: মেক্সৱেবাৰে আমোলাতন্ত্ৰক চৰকাৰৰ যুক্তিগত আৰু দক্ষ হিচাপে বৰ্ণনা কৰিছে।

 35.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

 খালী ঠাই পূৰ কৰা ঃ 

(ক) ৰাষ্ট্ৰই ইয়াৰ উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰা_______হ’ল‌ প্ৰধান  ব্যবস্থাপনা। 

উত্তৰ : ৰাষ্ট্ৰই ইয়াৰ উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰা আমোলাতন্ত্ৰ হ’ল প্রধান ব্যবস্থাপনা।

(খ) আমোলাতন্ত্রই _______ কাৰ্যই নকৰে, ই ________কাৰ্যবোৰও কৰে।

 উত্তৰ: আমোলাতন্ত্ৰই পৰিচলনামূলক কাৰ্যই নকৰে, ই কল্যাণকামী কাৰ্যবোৰও কৰে। 

35.3 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ

। – আৰু ৰ ওপৰত 

(ক) লোকপ্ৰশাসনৰ পৰম্পৰাগত মতবাদটো______ আৰু_____ ৰ ওপৰত 

প্ৰতিষ্ঠিত।

উত্তৰ: লোকপ্রশাসনৰ পৰম্পৰাগত মতবাদটো প্ৰশাসন আৰু ৰাজনীতিৰ ওপৰত প্ৰতিষ্ঠিত।

(খ) _______ নীতিয়ে অসামৰিক সেৱাক যিকেনো _______ৰ‌ পৰা বৰ্ণনা কৰে। 

উত্তৰ : নিৰপেক্ষ নীতিয়ে অসামৰিক সেৱাক যিকেনো ৰাজনীতিকৰণৰ পৰা বৰ্ণনা কৰে।

(গ) ভাৰতত, অসামৰিক সেৱাৰ চাকৰিৰ চতই চৰকাৰী কৰ্মচাৰীসকলক ৰাজনীতিত অংশগ্রহণ_______।

উত্তৰ : ভাৰতত, অসামৰিক সেৱাৰ চাকৰিৰ চৰ্তই চৰকাৰী কৰ্মচাৰীসকলক ৰাজনীতিত অংশগ্রহণ নিষেধ।

 (ঘ) এইটো বৰ্তমান গ্ৰহণ কৰা হৈছে যে আমোলাতন্ত্ৰই নীতি ______আৰু নীতি _______উভয়তে অৰিহণা যোগায়। 

উত্তৰ : এইটো বৰ্তমান গ্ৰহণ কৰা হৈছে যে আমোলাতন্ত্রই নীতি প্ৰস্তুত আৰু নীতি ৰূপায়ণ উভয়তে অৰিহণা যোগায় ।

(ঙ) মন্ত্ৰীসকল খুব কমসংখ্যকহে নিজ নিজ ক্ষেত্ৰৰ বিশেষজ্ঞ হয়; সেয়ে তেওঁ কাৰ্য আৰু পৰামৰ্শৰ বাবে – ওপৰত নিৰ্ভৰ কৰিবললৈ বাধ্য। 

উত্তৰ : মন্ত্ৰীসকল খুব কমসংখ্যকহে নিজ নিজ ক্ষেত্ৰৰ বিশেষজ্ঞ হয়। সেয়ে তেওঁ কাৰ্য আৰু পৰামৰ্শৰ বাবে আমোলাতন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য ।

(চ) ________ ভাৰতীয় আমোলাতন্ত্ৰক প্ৰগতিৰ পথত হেঙাৰ হিচাপে অভিহিত কৰিছিল আৰু _______আমোলাতন্ত্ৰ গঠনৰ পোষকতা কৰিছিল।

 উত্তৰ : ইন্দিৰা গান্ধী ভাৰতীয় আমোলাতন্ত্ৰক প্ৰগতিৰ পথত হেঙাৰ হিচাপে অভিহিত কৰিছিল আৰু প্রতিশ্রুতিবদ্ধ আমোলাতন্ত্ৰ গঠনৰ পোষকতা কৰিছিল। 

(ছ) আমোলাতন্ত্রক উন্নয়নমূলক কাম-কাজ আৰু আঁচনিত _______নোহোৱাৰ বাবে সমালোচনা কৰা হৈছিল।

 উত্তৰ: আমোলাতন্ত্ৰক উন্নয়নমূলক কাম-কাজ আৰু আঁচনিত প্রতিশ্রুতিবদ্ধতা নোহোৱাৰ বাবে সমালোচনা কৰা হৈছিল। 

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ

 1. আমোলাতন্ত্ৰৰ সংজ্ঞা দিয়া।

উত্তৰ : আমোলাতন্ত্ৰৰ সৰ্বজনগ্রাহ্য এটা সংজ্ঞা দিয়া টান। আমোলাতন্ত্রক বহুসময়ত তাচ্ছিল্য কৰি কল্পনাশক্তিহীন কঠোৰ আৰু অযোগ্য চৰকাৰী প্ৰশাসক হিচাপে অভিহিত কৰা হয়। ইয়াৰ লগত ৰঙা ফিটাৰ মেৰপেছ, পলম হোৱা আৰু অপব্যয় জড়িত হৈ থাকে। বহুতো সমাজ বিজ্ঞানীয়ে আমোলাতন্ত্ৰক নিৰপেক্ষভাৱে প্ৰশাসনৰ লগতে জড়িত এটা বিশেষ প্ৰকাৰৰ সামাজিক সংগঠন হিচপে বর্ণনা কৰে।

 এইটো হ’ল চৰকাৰৰ দৈনন্দিন কার্যপৰিচালনা কৰা এটা যন্ত্র। প্রশাসন চলাবলৈ যিকেনো আধুনিক চৰকাৰৰ ই হ’ল একমাত্র ব্যৱস্থা। কিছুমান চিন্তবিদে আমোলাতন্ত্ৰক চৰকাৰৰ চতুৰ্থ অংগ’ৰ মৰ্যাদা দিব বিচাৰে। সেয়ে আমোলাতা এৰাই চলিব পৰা নাযায়। 

জার্মান সাজবিজ্ঞানী মেক্স ৱেবাৰে, যিয়ে প্রথম আমোলাতন্ত্রক পদ্ধতিগতভাবে অধ্যয়ন কৰিছিল ইয়াক সংগঠনৰ আটাইতকৈ যুক্তিসংগত আৰু নিপুণ ৰূপ হিচাপে বৰ্ণনা কৰিছে। তেওঁ এটা আদৰ্শৰূপী আমোলাতন্ত্ৰৰ বৈশিষ্ট্যবোৰ নিম্নলিখিত ধৰণে বৰ্ণনা কৰিছে। 

1. বিষয়াসকলক নির্দিষ্ট ক্ষেত্ৰাধিকাৰ ভিত্তিত সংগঠিত কৰা হয়। 

2. কাৰ্যালয়ত এটা অধিক্রমিক ব্যৱস্থাপনা থাকে। নিম্ন বৰ্গৰ বিষয়াসকলক উচ্চতম কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণত ৰাখি এটা পিৰামিড আকৃতিৰ সংগঠন কৰা হয়।

 3. প্ৰতিটো ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰাকৈ থকা লিখিত দলিল (নথি) 

4. নীতি প্ৰয়োগৰ ক্ষেত্ৰত থকা নৈর্বক্তিকতা। 

5. ৰাজনৈতিক নিৰপেক্ষতা। 

এনেবোৰ আনুষ্ঠানিক বৈশিষ্টৰে আমোলাতন্ত্ৰক যিকোনো বৃহৎ আকৃতিৰ সংগঠন পৰিচালনাৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হয়। মেক্স বেবাৰৰ মতে— “আন যিকোনো সংগঠনৰ ওপৰত আমোলাতান্ত্রিক সংগঠন অগ্রগতি লাভ কৰাৰ মূল কাৰণ হ’ল ইয়াৰ কাৰিকৰি শ্ৰেষ্ঠত্ব, নিশ্চয়তা, গতিশীলতা, স্পষ্টতা, নিম্নতম, সংঘাটৰ অল্পতা আৰু বস্তুগত আৰু ব্যক্তিগত ব্যয় — এইবোৰ গাঠনিগত আমোলাতান্ত্ৰিক প্ৰশাসনত চকুত লগাকৈ বৃদ্ধি হয়।” 

2. উন্নয়নত আমোলাতন্ত্ৰৰ ভূমিকা ব্যাখ্যা কৰা । 

উত্তৰ : আমোলাতন্ত্ৰ এটা সাৰ্বজনীন বিষয় হৈ পৰিছে। প্ৰত্যেক সমাজৰ আধুনিকীকৰণৰ ই প্ৰাথমিক চর্ত। প্ৰায়বোৰ উন্নয়নশীল দেশেই ৰাষ্ট্ৰ নিৰ্মাণ আৰু দ্রুত আৰ্থ-সামাজিক বিকাশৰ প্ৰক্ৰিয়াত জড়িত হৈ পৰিছে, অৰ্থাৎ, স্বাস্থ্য, শিক্ষা, পথ, বিজুলীযোগান, কৃষিক্ষেত্ৰত উৎপাদনমূলক কামকাজ উদ্যোগ আদি সামাজিক সেৱা তথা আন্তঃগাঠনি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। উন্নয়নৰ লগত জড়িত তেনেধৰণৰ জটিল কাম-কাজবোৰ সমাধান কৰাটো চৰকাৰৰ দায়িত্ব। ইয়াতে বিকাশৰ বাবে লোকপ্রশাসনে মূল সংগঠন হিচাপে পৰিগণিত হয়। আমোলাতন্ত্রই পৰামৰ্শদাতা, উদ্ভাৱক আৰু নীতি নিৰ্ধাৰক হিচাপে উন্নয়নৰ ক্ষেত্ৰত অশেষ অৰিহণা যোগাব পাৰে । ই প্ৰশাসনিক দায়িত্বপূর্ণ সামাজিক পৰিবেশ সৃষ্টিত উৎসাহ যোগাই, স্বাস্থ্যকৰ প্ৰতিযোগিতা আৰু স্ব-উন্নয়নক উদ্‌গণি যোগাই, কৰ্তৃত্বসম্পন্ন আৰু প্ৰগতিশীল নেতৃত্বৰ মাধ্যমেৰে গাঠনিগত পৰিচালনাৰ সংগঠন কৰি আৰু উন্নয়নৰ বাবে তৃণমূল স্তৰত কৰ্তৃত্ব অৰ্পণেৰে কাৰ্যক্ষম কৰিব পাৰে।

 আমোলাতন্ত্ৰই ৰাষ্ট্ৰই ইয়াৰ উদ্দেশ্য সাধন কৰা হাতিয়াৰ আৰু কৌশল তৈয়াৰ কৰে। এইটো সঠিকভাৱে কোৱা হয় যে এখন ৰাষ্ট্ৰৰ জীৱন বহু পৰিমাণে প্ৰশাসনৰ মানদণ্ডই গঢ় দিয়ে । এটা পৰিকল্পনা সফল হয় যদিহে ইয়াৰ প্ৰশাসনীয় ৰূপায়ণ সঠিক হয়। এইকাৰণে ক্ষীপ্ৰ উন্নয়নৰ বাবে এটা উচ্চ মানবিশিষ্ট আমোলাতন্ত্ৰৰ প্রয়োজন। বেছিভাগ উন্নয়নশীল ৰাষ্ট্ৰতেই যুক্তিসংগত উন্নয়নৰ আঁচনি প্রস্তুত কৰাটো চৰকাৰৰ সমস্যা নহয়; বৰং এইবোৰ ৰূপায়ণৰ ক্ষেত্ৰত থকা অসমর্থতাহে সমস্যা। 

3. বেবেৰিয়ান আৰ্হিৰ আমোলাতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্য কি কি ?

 উত্তৰ: বেবেৰিয়ান আৰ্হিৰ আমোলাতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্য হ’ল : 

1. বিষয়াসকলক নির্দিষ্ট ক্ষেত্ৰাধিকাৰ ভিত্তিত সংগঠিত কৰা হয়।

 2. কাৰ্যালয়ত এটা অধিক্রমিক ব্যৱস্থাপনা থাকে। নিম্ন বৰ্গৰ বিষয়াসকলক উচ্চতম কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণত ৰাখি এটা পিৰামিড আকৃতিৰ সংগঠন কৰা হয়। 

3. প্ৰতিটো ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰাকৈ থকা লিখিত দলিল (নথি) 

4. নীতি প্ৰয়োগৰ ক্ষেত্ৰত থকা নৈর্বক্তিকতা।

5. ৰাজনৈতিক নিৰপেক্ষতা।

4. ৰাজনীতি প্ৰশাসনৰ পৃথকীকৰণ নীতিটো ব্যাখ্যা কৰা ।

 উত্তৰ: লোক প্ৰশাসনৰ পৰম্পৰাগত মতবাদটো ৰাজনীতি আৰু প্ৰশাসনৰ বৈপৰিত্যৰ ওপৰত প্ৰতিষ্ঠিত অর্থাৎ প্ৰশাসন আৰু ৰাজনীতি পৃথককৈ ৰাখিব লাগে। ৰাজনীতি বা নীতি নিৰ্ধাৰণ হ’ল বিধানমণ্ডলৰ প্ৰকৃতি, কাৰ্য আৰু প্ৰশাসন  হ’ল প্ৰশাসকৰ প্ৰকৃত কাৰ্য যিয়ে নীতি কার্যকৰী কৰে। 

কোনো অসামৰিক বিষয়াহি ৰাজনৈতিক ভূমিকা পালন কৰাটো বাঞ্চনীয়। সুস্পষ্ট শ্রম বিভাজনেৰেই প্ৰশাসক আৰু ৰাজনীতিকৰ মাজত সম্পৰ্ক প্ৰতিষ্ঠা কৰে — ৰাজনীতিকে নীতি অৱ কৰে আৰু প্ৰশাসকে ইয়াক কার্যকৰি কৰে। আমোলাসকলে ৰাজনৈতিক নেতাসকলৰ প্ৰকৃত পৰামৰ্শদাতা হিচাপে কাম কৰে, বিষয়বস্তুবোৰ উপস্থাপন কৰে, ব্যৱস্থাপনাৱলী পৰামৰ্শ আগবঢ়া আৰু বিকল্প নীতিৰ ফলাফলবোৰৰ পৰামৰ্শ আগবঢ়ায়। নীতি নিৰ্ধাৰণ কৰাটো ৰাজনৈতিক নেতাসকলৰ বিশেষ অধিকাৰ। সিদ্ধান্ত অনুসৰি, আমোলাসকলে নীতিবোৰ ফলপ্রসূভাৱে ৰূপায়ণ কৰিব লাগে। তেওঁ তেওঁৰ কৰ্তবা পালনত বেনামী আৰু নিৰপেক্ষ হ’ব লাগে। তেওঁ শংকা বা পক্ষপাতিত্ব অবিহনে সঠিক পৰামৰ্শ আগবঢ়োৱাটো বাঞ্চনীয়। নিৰপেক্ষতা আৰু নামবিহীনতা হ’ল আমোলাতন্ত্ৰৰ বেবেৰিয়ান আৰ্হিৰ অন্যতম প্রধান ধাৰণা। ই আমোলাসকলক ৰাজনীতিকৰণৰ পৰা আঁতৰাই ৰাখে আৰু তেওঁক তেওঁৰ বৃত্তিত সচেতন কৰি তোলে। ভাৰতবৰ্ষৰ পৰিকল্পনাকাৰীসকলেও বেবেৰিয়ান আৰ্হিৰ নিৰপেক্ষ অসামৰিক সেৱাৰ পোষকতা কৰিছিল। আমাৰ দেশত অসামৰিক সেৱাৰ আচৰণবিধিয়ে চৰকাৰী কৰ্মচাৰী সকলৰ সক্ৰিয় ৰাজনীতিত অংশগ্রহণ কৰাটো নিষিদ্ধ কৰিছে। গোপন ভোটদানৰ অধিকাৰৰ বাহিৰে, এজন চৰকাৰী কৰ্মচাৰীয়ে নির্বাচনী প্ৰচাৰ কাৰ্যকে ধৰি যিকোনো ধৰণৰ ৰাজনৈতিক আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰে। তেওঁ আনকি কোনো ৰাজনৈতিক দলৰ পৰোক্ষভাবেও যোগ দিব নোৱাৰে নাইবা ইয়াৰ পুঁজিলৈ অৰ্থ যোগান ধৰিব নোৱাৰে, তেওঁ ৰাজনৈতিক বিষয়সমূহত কোনো মতামত দাঙি ধৰিব নোৱাৰে আৰু তেওঁ বিধানমণ্ডলৰ কোনো নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰে। 

5. নিৰপেক্ষতাৰ ধাৰণাটোৰ পতনৰ কাৰণবোৰ আলোচনা কৰা ।

উত্তৰ: পৰম্পৰাগত নিৰপেক্ষতাৰ ধাৰণাটো বিভিন্ন দিশৰ পৰা প্ৰত্যাহ্বানৰ সম্মুখনি হৈছে। ৰাজনীতি আৰু প্ৰশাসনৰ মাজৰ পুৰণি পৃথকীকৰণ ধাৰণাটো এতিয়া বৈধ বুলি গণ্য কৰা নহয়। ৰাজনৈতিক কাৰ্যপালিকাৰ লগত জড়িত আৰু ইয়াৰ প্ৰতিনিধি হিচাপে অসামৰিক সেৱাৰ ভূমিকাৰ পৰিৱৰ্তন হৈছে। 

আমোলাতন্ত্ৰই ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হোৱাটো এতিয়া সকলোতে পৰিলক্ষিত হয়। 

নিৰপেক্ষতা তত্ত্বটোৰ পতন ভালেমান কাৰণত হৈছে। প্ৰথমতেই, নীতি নির্ধাৰণ পদ্ধতি এতিয়া মাত্ৰ ৰাজনৈতিক কাৰ্যপালিকাৰ ওপৰত ন্যস্ত হৈ থকা নাই। সত্যটো হ’ল আমোলাসকলে নীতি প্ৰস্তুতকৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, নিৰ্বাচিত ৰাজনীতিক সকলৰ একমাত্ৰ ভৰষাৰ থল হিচাপে কাম কৰে। এইটো হোৱাৰ মূলতেই হ’ল সংসদৰ দ্বাৰা প্ৰণয়ন কৰা আইন স্পষ্ট নহয়। বিধান মণ্ডলৰ আচৰণে কোনো স্থিৰ আৰ্হি অনুসৰণ নকৰে। কিছুমান ব্যৱস্থাপনাই বিস্তৃত ৰূপত থকাৰ পৰিবৰ্তে, কিছুমানে একমাত্র সমস্যাবোৰেহে চিনাক্তকৰণ কৰিছে। মন্ত্ৰী এজন তেওঁৰ বিভাগীয় কাম-কাজত এজন বিশেষজ্ঞৰ দৰে বা লোক প্ৰশাসনৰ কৌশলবোৰৰ বিশেষজ্ঞৰ দৰেহে। তেওঁ তেওঁৰ দলীয় ৰাজনৈতিক আদৰ্শৰ লগত মিল থকা ধাৰণাবোৰৰ লগতহে পৰিচিত, কিন্তু বহুসময়ত কোনো এটা বিশেষ সমস্যার উপযুক্ত সমাধান সম্পর্কে তেওঁ নিশ্চিত নহয়। এইকাৰণেই তেওঁ, পৰামৰ্শ আৰু কাৰ্যব্যৱস্থাৰ বাবে তেওঁৰ স্থায়ী কৰ্মচাৰী সকলৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য। ঘটনাক্রমে এইজন প্রশাসকজনেই, যি নীতি প্ৰস্তুতকৰণত প্রধান ভূমিকা পালন কৰে। 

দ্বিতীয়তে, মৰ্চা ৰাজনীতিৰ দাবী আৰু হেচায়ো নিৰপেক্ষতা ভংগত অৰিহণা যোগাইছে বুলি ক’ব পাৰি। মৰ্চা চৰকাৰত মন্ত্ৰীসকলে ক্ষমতাৰ প্ৰতিযোগিতা আৰু তেওঁলোকৰ গাদী ৰক্ষা কৰা কামত ব্যস্ত থাকে আৰু তেওঁলোকৰ বিভাগ বা আমেলাসকলক নিয়ন্ত্রণ, নির্দেশ বা বাট দেখুৱাবলৈ সময় বা ধাউতি নাই। আনকি বহুসময়ত, আইন প্রণয়ন পদ্ধতি ইমানেই ক্ষীপ্ৰ আৰু মতবিৰোধপূর্ণ হয় যে প্রণয়ন কৰা আইনখন ভালেমান বিতর্কিত নীতি নিৰ্দেশনাৰে পৰিপূৰ্ণ হৈ থাকে। মৰ্চাক একত্রিত কৰি ৰখাৰ স্বাৰ্থত উপনীত হোৱা বুজাবুজিৰ সিদ্ধান্তই আইন প্রস্তুতকাৰকসকলক অস্পষ্ট পৰিভাষা ব্যৱহাৰ কৰিবলৈ বাধ্য কৰায় আৰু প্রশাসকসকলে নীতিবোৰ নিজস্ব বিচাৰ বিবেচনাৰে বুজি ল’ব লাগে। এইকাৰণেই আমোলাসকলে নীতি প্ৰস্তুতকৰণত স্পষ্টকৈ জড়িত হৈ পৰে আৰু অসামৰিক বিষয়া সকলক পৰিচালনা কাৰা নীতি-নিয়ম থকা স্বত্বেও তেওঁলোক তাৎপর্যপূর্ণভাৱে ৰাজনীতিকৰণ হৈছে। 

তৃতীয়তে, কিছুমান ৰাজনৈতিক বিশ্লেষকৰ মতে, অসামৰিক বিষয়াসকলৰ নিৰপেক্ষতাৰ সনাতন তত্ত্বই গণতন্ত্ৰৰ মৌলিক ধাৰণাবোৰৰ বুজাবুজিৰ পূৰ্বানন কৰে। আন কথাত, নিৰপেক্ষ, মূল্যবোধ নিরপেক্ষ আমোলাতন্ত্র এনে এখন সমাজতেহে সম্ভব হয় যত মূল্যবোধৰ ওপৰত সহমত থাকে, কিন্তু ভাৰতৰাৰে এখন পৰম্পৰাগত সমাজত, য ত মতভেদ আৰু সংঘাট থাকে, যিকোনো ক্ষেত নিৰপেক্ষতা আশা কৰাটো প্ৰায় অবাস্তব যেন লাগে । 

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

6. ‘প্রতিশ্রুতিবদ্ধ আমোলাতন্ত্ৰ’ বুলিলে কি বুজ? ভাৰতবৰ্ষত ই প্রয়োজনীয়নে?

 উত্তৰ: ভালেমান উন্নয়নশীল দেশত সামাজিক পৰিৱৰ্তন সাধনত বেবেৰিয়ান। আৰ্হিৰ আমোলাতন্ত্ৰ অসমর্থ হয়। সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বৰ্ধিত দাবী পূৰণত ব্যর্থ হোৱা বাবে ভাৰতত ই প্ৰচুৰ পৰিমাণে সমালোচিত হয়। স্বাধীনতাৰ দুটা দশক পিছত তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়ে প্ৰতিশ্ৰুতিবদ্ধ আমোলাতন্ত্ৰৰ পোষকতা কৰিছিল। তেওঁ আমোলাতন্ত্ৰৰ পাৰদৰ্শিতা সম্পর্কতে অসন্তুষ্টি ব্যক্ত কৰা নাছিল, তেওঁ ভাৰতীয় আমেলাতন্ত্ৰৰ নিৰপেক্ষতা, পক্ষপাতিত্বহীনতা, নামবিহীনতা ইত্যাদি মৌলিক অৱধাৰণাবোৰৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছিল আৰু তেওঁ অভিযোগ কৰিছিল যে আমোলাসকলৰ অৱধাৰণাবোৰৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছিল আৰু তেওঁ অভিযোগ কৰিছিল যে আমোলাসকলৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অভাৱ। তেওঁ তাৎপর্যপূর্ণভাবে প্রশাসনীয় ব্যৱস্থাক দেশৰ প্ৰগতিৰ পথত হেঙাৰ হিচাপে বৰ্ণনা কৰিছিল আৰু জাতীয় উদ্দেশ্য আৰু ভাৰতৰ সামাজিক প্ৰয়োজনীয়তাৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতিশ্ৰুতিবদ্ধ এটা প্ৰশাসনীয় বাহিনী গঠনৰ পোষকতা কৰিছিল। তেওঁ ‘প্রতিশ্রুতিবদ্ধ আমোলাতন্ত্ৰৰ’ মাজত ভাৰতৰ উন্নয়নমূলক পদ্ধতিত আউল লগোৱা নিৰপেক্ষতাৰ অভাৱৰ সঠিক উত্তৰ বিচাৰি পাইছিল। তেওঁৰ গভীৰ বিশ্বাস আছিল যে একমাত্র এটা প্ৰতিশ্ৰুতিবদ্ধ আমোলাতন্ত্ৰইহে পৰম আকাংক্ষিত পৰিৱৰ্তন আনিব পাৰিব। 

প্রতিশ্রুতিবদ্ধ আমোলাতন্ত্ৰৰ ধাৰণাটোৱে ৰাজনৈতিক আৰু প্ৰশাসনীয় দিশৰ (চৱৰ পৰা যথেষ্ট প্ৰতিৰোধৰ সন্মুখীন হৈছিল। এইবুলি অভিযোগ কৰা হৈছিল যেই স্থায়ীভাবে চাকৰিবৰ কাৰুকাৰ্য নষ্ট কৰিব। ই এচাম অহেতুক অসামরিক সেৱাৰ চাকৰিয়াল সৃষ্টি কৰিব যি সদায় ক’ব “হয় মন্ত্রীমহাশয়” আৰু তেওঁলোকে ৰাজনৈতিক প্রভুসকলে কোৱাৰ দৰে সকলো সময়তে চুচৰি যাবলৈ সাজু থাকিব। এইবুলিও অভিযোগ কৰা হৈছিল যে প্ৰতিশ্ৰুতিবদ্ধতাৰ নামত শাসকীয় দলে সদায় ইয়াৰ শাসন দীর্ঘস্থায়ী কৰিবলৈ আমোলাসকলক দলৰ মতাদর্শ প্রতার কার্যত ব্যৱহাৰ কৰিব। অৱশ্যে চৰকাৰে পিছত এইবুলি স্পষ্টীকৰণ দিছিল যে প্রতিশ্রুতিবদ্ধতাই ক্ষমতাৰ ৰাজনীতিত দলীয় মতাদৰ্শৰ লগত সংযোগকৰণ নুবুজায়, বৰং দেশৰ প্ৰগতি আৰু উন্নয়নমূলক কামকাজত ব্যক্তিগতভাবে জড়িত হোৱাৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু ৰাজনীতিৰ পৰা আঁতৰত থকা বুজায়।

 7. মন্ত্রী – অসামৰিক বিষয়াৰ সম্পৰ্কৰ অৱনতিৰ কাৰণবোৰ ব্যাখ্যা কৰা ।

 উত্তৰ: বাস্তব ক্ষেত্ৰত অৱশ্যে প্রতিশ্রুতিবদ্ধ তাই ৰাজনীতিকৰা আৰু চতি বিপথগামী পথ লৈছে। সামাজিক উদ্দেশ্যবোৰৰ প্রতি দায়বদ্ধতা এটা বস্তু আৰু ৰাজনৈতিক দলৰ কথামতে চলাটো আন এটা কথা। প্রায়েই দেখা যায় যে আমোলাতন্ত্রই বিষয়বস্তুসমূহত নিজৰ বিচাৰ বিবেচনা নোহোৱাকৈ ৰাজনৈতিক কাৰ্যপালিকাৰ শ্ৰুতিলিপিমতে কাম কৰে। এই প্রবণতা সৃষ্টি হৈছে প্রশাসন বিষয়বোৰত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা ৰাজনৈতিক হস্তক্ষেপৰ বাবে। ৰাজনৈতিক হস্তক্ষেপ আৰু নিৰপেক্ষ প্রশাসন সহাৱস্থান কৰিব নোৱাৰে। 

যিসময়ত প্রশাসকসকলে তেওঁলোকৰ জ্ঞান আৰু বুদ্ধিমত্তাৰে ৰাজনৈতিক নেতাসকলক নীতি নিৰ্ধাৰণত সহায়কাৰীৰ ভূমিকা পালন কৰে, তথাপিও তেওঁলোকে প্রতিনিধিত্বমূলক ৰাজনীতিৰ লগত জড়িত হ’ব লাগে। ৰাজনৈতিক নেতাসকলে জনগণৰ প্ৰকৃত প্রতিনিধি বুলি দাবী কৰে আৰু তেওঁলোকৰ বাবে ভাল কি সেয়া জানে আৰু তেওঁলোকৰ শ্ৰেষ্ঠ স্থানৰ কাৰণে বিষয়া আমোলাসকলক শুনোৱাত সফল হয়। যিসকল আমোলা একান্ত বাধ্য হয় শীঘ্ৰে সমস্যাৰ সন্মুখীন হয়। ৰাজনৈতিক নেতা সকলৰ মুক্ত আৰু গুপ্ত— দুয়ো ধৰণে হেচা প্ৰয়োগৰ ভালেমান পথ আছে। অসামৰিক বিষয়াসকলৰ স্বচিা ক্ষমতা সহিতে সকলোবোৰ বিষয়ত ৰাজনৈতিক হস্তক্ষেপ এটা চিৰপৰিচিত বিষয়। ৰাজনৈতিক নেতাসকলৰ দ্বাৰা ভিন্নমতাৱলম্বী আৰু পৃথক মতামত প্রকাশ করা কণ্ঠৰোধ কৰাৰ ভালেমান উপায় যেনে— বদলিকৰণ, পদোন্নতি, সেৱাৰ পৰা বাধ্যতামূলক অৱসৰ দিয়া আদি ভালেমান উদাহৰণ আছে। 

ৰাজনীতিকৰণে অন্যভাৱেও কাম কৰে। বহুতো প্রশাসকে ৰাজনৈতিক প্রভাব বা ৰাজনীতিৰ সৈতে ভেৰোণীয়া বাহিনী, তেওঁলোকৰ নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে ব্যৱহাৰ কৰে। তেওঁলোকে উদাৰ ৰাজনীতিৰ পৰা সুবিধা লয়, তেওঁৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰে, বিশেষকৈ প্ৰতিকূল ৰাজনৈতিক পৰিস্থিতিত স্বাধীন আৰু অবাধ্য হৈপৰে। এইটো সমানে এটা ভয়ংকৰ দৃশ্যও। 

৪. আমোলাতন্ত্ৰৰ ৰাজনীতিকৰণে ৰাজনৈতিক পদ্ধতিক কেনেকৈ প্রভাবিত কৰে?

উত্তৰ : বাস্তৱ ক্ষেত্ৰত অৱশ্যে প্রতিশ্রুতিবদ্ধতাই ৰাজনীতিকৰণ আৰু চাটুক্তিৰ বিপথগামী পথ লৈছে। সামাজিক উদ্দেশ্যবোৰৰ প্ৰতি দায়বদ্ধতা এটা বস্তু আৰু ৰাজনৈতিক দলৰ কথামতে চলাটো আন এটা কথা। প্রায়েই দেখা যায় যে আমোলাতন্ত্রই বিষয়বস্তুসমূহত নিজৰ বিচাৰ বিবেচনা নোহোৱাকৈ ৰাজনৈতিক কাৰ্যপালিকাৰ শ্ৰুতিলিপিমতে কাম কৰে। এই প্ৰৱণতা সৃষ্টি হৈছে প্ৰশাসনীয় বিষয়বোৰত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা ৰাজনৈতিক হস্তক্ষেপৰ বাবে। ৰাজনৈতিক হস্তক্ষেপ আৰু নিৰপেক্ষ প্রশাসন সহাৱস্থান কৰিব নোৱাৰে।

 যিসময়ত প্রশাসকসকলে তেওঁলোকৰ জ্ঞান আৰু বুদ্ধিমত্তাবে ৰাজনৈতিক নেতাসকলক নীতি নির্ধাৰণত সহায়কাৰীৰ ভূমিকা পালন কৰে, তেওঁলোকে প্রতিনিধিত্বমূলক ৰাজনীতিৰ লগত জড়িত হ’ব লাগে। ৰাজনৈতিক নেতাসকলে জনগণৰ প্ৰকৃত প্রতিনিধি বুলি দাবী কৰে আৰু তেওঁলোকৰ বাবে ভাল কি সেয়া জানে আৰু তেওঁলোকৰ শ্ৰেষ্ঠ স্থানৰ কাৰণে বিষয়বস্তুবোৰ আমোলাসকলক শুনোৱাত সফল হয়। যিসকল আমোলা একান্ত বাধ্য নহয়, শীঘ্ৰে সমস্যাৰ সন্মুখীন হয়। ৰাজনৈতিক নেতা সকলৰ মুক্ত আৰু গুপ্ত— দুে তথাপিও ধৰণে হেচা প্ৰয়োগৰ ভালেমান পথ আছে। 

অসামৰিক বিষয়াসকলৰ স্ববিচাৰ ক্ষমতা সহিতে সকলোবোৰ বিষ্যাত ৰাজনৈতিক হস্তক্ষেপ এটা চিৰপৰিচিত বিষয়। ৰাজনৈতিক নেতাসকলৰ দ্বাৰা ভিন্নমতাবলম্বী আৰু পৃথক মতামত প্ৰকাশ কৰা কণ্ঠৰোধ কৰাৰ ভালেমান উপায় যেনে— বদলিকৰণ, পদোন্নতি, সেৱাৰ পৰা বাধ্যতামূলক অৱসৰ নিয়া আদি ভালেমান উদাহৰণ আছে। 

ৰাজনীতিকৰণে অন্যভাবেও কাম কৰে। বহুতো প্রশাসকে ৰাজনৈতিক প্রভাব বা ৰাজনীতিৰ সৈতে ভেৰোগীয়া বাহিনী, তেওঁলোকৰ নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে ব্যৱহাৰ কৰে। তেওঁলোকে উদাৰ ৰাজনীতিৰ পৰা সুবিধা লয়, তেওঁৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰে, বিশেষকৈ প্ৰতিকূল ৰাজনৈতিক পৰিস্থিতিত স্বাধীন আৰু অবাধ্য হৈপৰে। এইটো সমানে এটা ভয়ংকৰ দৃশ্যও।

9. মন্ত্ৰী – অসামৰিক বিষয়াৰ সম্পৰ্ক উন্নত কৰিবলৈ প্ৰশাসনীয় সংস্কাৰ আয়োগৰ বিভিন্ন পৰামৰ্শবলী উল্লেখ কৰা। 

উত্তৰ : প্ৰশাসনীয় মানদণ্ড ক্রমান্বয়ে নিকৃষ্ট হ’ব ধৰা বিষয়টোত উদ্বেগ প্ৰকাশ কৰি, প্ৰশাসনীয় পদ্ধতিটোৰ বিস্তারিত অধ্যয়ন আৰু সংস্কাৰৰ পৰামৰ্শ দিবলৈ 1966 চনত চৰকাৰে প্ৰশাসনীয় সংস্কাৰ আয়োগ নিয়োগ কৰে। ইয়াৰ প্রতিবেদনত আয়োগে যে দুটা মূল গুৰুত্বপূর্ণ বিষয় আঙুলিয়াই নিছিল : (ক) মন্ত্রী অসামৰিক বিষয়াৰ সম্পর্ক, য’ত আয়োগে বিষয়াসকলক ৰাজনীতিৰ পৰা আঁতৰ ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, আৰু (খ) প্ৰশাসনত এটা পৰিবেশ আৰু সংস্কৃতি সৃষ্টি কৰা যিয়ে অসামৰিক বিষয়া আৰু মন্ত্ৰীৰ মাজৰ অস্বাস্থ্যকৰ সম্পৰ্কৰ চিহ্নিত কৰিব।

 প্ৰশাসনীয় সংস্কাৰ আয়োগে এই বিষয়টো চিনাক্ত কৰিছিল যে চৰকাৰৰ প্ৰশাসনীয় পাৰদৰ্শিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰৰ মাজৰ প্ৰকৃত সম্পর্ক। ই মত প্ৰকাশ কৰিছিল যে প্রচলিত সম্পৰ্কৰ ধাৰণাটো নিৰ্ধাৰিত ধাৰণাতকৈ পৃথক। অবৈধ কৰ্মৰ প্ৰমাণ ক্ৰমান্বয়ে অধিক হৈ পোহৰলৈ আহিছিল। উদাহৰণস্বৰূপে য’ত আমোলাতন্ত্র চকুত লগাকৈ ৰাজনীতিত জড়িত আছিল, তাত দুৰ্নীতিগ্ৰস্ত আমোলাসকলৰ প্রায়ে বনলিকৰণ আৰু নিযুক্তিকৰণ হৈছিল, তাত ৰাজনীতিক আৰু আমোলাসকলৰ অবৈধ সম্পৰ্কৰ গঢ় লৈ উঠিছিল যিয়ে প্ৰশাসনীয় কাম কাজত সুৰুৱাৰ সৃষ্টি কৰিছিল। সেইকাৰণে পদ্ধতিটোৰ অৱস্থা সুস্থিৰ কৰিবলৈ শুধৰণিমূলক ব্যবস্থা গ্ৰহণৰ আৱশ্যক হৈছিল ।

 আয়োগে আমোলাসকলক ৰাজনীতিত সক্রিয় ভূমিকা পালনৰ পৰা বা কৰাৰ ওপৰত জোৰ দিছিল আৰু ৰাজনীতিকসকলে প্ৰশাসনীয় বিষয়শ্রে অহেতুক হস্তক্ষেপ কৰাটো বন্ধ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও হেচা নিছিল । বিশ্বাস কৰিছিল যে মন্ত্ৰী আৰু অসামৰিক বিষয়া উভয়ে পৰস্পৰৰ কাম-কাজ উপলুঙা কৰাৰ পৰিৱৰ্তে সন্মান প্ৰদৰ্শন কৰিব লাগিব আৰু পৰস্পৰৰ মতবা সৰ্বাধিক গুৰুত্ব প্ৰদানৰ চেষ্টা কৰিব লাগিব। আয়োগৰ মতে, ৰাজনৈতিক কাৰ্যকলাপৰ ফালৰ পৰা—

 (ক) প্রশাসনীয় কার্যাবলী বুজিব লাগিব আৰু ইয়াৰ বৃত্তিগত চৰিত্ৰ স্বীকৃতি দিব লাগিব । 

(খ) চাকৰিৰ বিষয়বোৰত অৰ্থাৎ, বদলিকৰণ, পদোন্নতিত যিমান সম্ভব নিম্নস্তন হস্তক্ষেপ কৰিব লাগিব । 

(গ) ব্যক্তিগত লাভালাভ হোৱাকৈ, ঘোষিত আৰু অনুমোদিত নীতিৰ পৰা আঁতৰি আহিব নোৱাৰিব। 

একেধৰণে, অসামৰিক বিষয়াসকলৰ ফালৰ পৰা — 

(ক) ৰাজনৈতিক মূৰব্বীয়ে কি বিচাৰে সেয়া নিষ্ঠা আৰু সততাৰে বিচাৰি উলিয়াব লাগিব আৰু তেওঁৰ ইচ্ছা অনুযায়ী নীতি আৰু পদ্ধতিবোৰৰ প্ৰয়োজনীয় সমন্বয় সাধন কৰিব লাগিব। 

(খ) ৰাজনৈতিক প্ৰধানৰ লগত সকলো সময়তে থিয় দিব লাগিব, যদিহে বিৰোধৰ শক্তিশালী কাৰণ নাথাকে ৷

 অন্য অৰ্থত, চৰকাৰী নীতিবোৰ ইয়াৰ দ্বাৰা কাৰ্যকৰি কৰিব লাগিব, সো আমোলাসকলে আৱেগিত আৰু মানসিকভাৱে গ্ৰহণ কৰিব লাগিব।

10. মেক্স ওৱেবাৰৰ আমোলাতন্ত্ৰৰ বৈশিষ্ট বিতংভাবে আলোচনা কৰা।

উত্তৰ : মেক্স ওৱেবাৰেই প্ৰথমে শৃংখলাবদ্ধভাৱে আমোলান্তাৰ সূএটো আলোচনা কৰিছিল। তেওঁৰ মতে প্ৰতিটো সংগঠনৰ কাৰ্যদক্ষতা বৃদ্ধি কৰিবৰ কাৰণে কামৰ বিশিষীকৰণৰ প্ৰয়োজন আছে। তেওঁৰ মতে আমোলাতন্ত্রই কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ লগতে মানুহক নিয়ন্ত্ৰণ কৰিব পৰা যুক্তিবাদী আৰু মানৱীয় উপায়। সুস্থিৰতা, শৃংখলাবদ্ধতা আৰু আস্থাশীলতাৰ ক্ষেত্ৰত ই অন্যান্য সংগঠনতকৈ শ্রেষ্ঠ। সংগঠনৰ মূৰব্বী আৰু সাংগঠনিক কাম কৰা ব্যক্তিসকলৰ বাবে ই পৰিমাণভিত্তিক ফলাফল নিৰ্দ্ধাৰণভিত্তিক ফলাফল নিৰ্দ্ধাৰণত সহায় কৰে। 

আমোলাতন্ত্ৰৰ বৈশিষ্ট্যঃ

 মেক্স ওৱেবাৰৰ আমোলতন্ত্র তত্ত্বৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল:

 (ক) এই পদ্ধতিত কোনো এজন বিষয়া-কৰ্মচাৰীয়ে সকলো দায়িত্ব বহন কৰিব নালাগে । বিভিন্ন প্রশাসনীয় কার্য বিভিন্ন কৰ্মচাৰীক ভগাই দিয়া হয়।

(খ) আমোলাসকলে নিৰপেক্ষ আচৰণ কৰিব লাগিব। কোনো কথা বা কামৰ ক্ষেত্ৰত আমোলাতন্ত্রই পক্ষপাতিত্ব অৱলম্বন কৰিব নালাগিব। জনসাধাৰণৰ প্রতিনিধিসকলৰ বা কাৰ্যপালিকাৰ নীতিসমূহ আমোলাসকলে নিৰপেক্ষভাৱে পালন কৰিব লাগে।

 (গ) ৰাষ্ট্ৰৰ শাসন কার্য চলাবলৈ বিভিন্ন কৰ্তৃপক্ষৰ মাজত ক্ষমতা স্পষ্টভাবে বিভাজন হ’ব লাগে।

(ঘ) প্রশাসনীয় কার্য পালন কৰিবলৈ বিভিন্ন নীতি, পদ্ধতি আৰু ব্যৱস্থা দৃঢ়তাৰে মানি চলিব লাগে। বিষয়াসকলে যাতে স্বেচ্ছাচাৰিতা আৰু স্বজন প্ৰীতিৰ আশ্ৰয় ল’ব নোৱাৰে আৰু কাৰ্যদক্ষভাৱে কাম কৰিব পাৰে তাৰ বাবেই নীতিৰ প্রয়োজন আছে।

 (ঙ) ওৱেবাৰৰ মতে সংগঠন জখলা পদ্ধতিত হ’ব লাগে। প্রত্যেক জ্যেষ্ঠ। বিষয়াৰ নির্দেশ কনিষ্ঠ বিষয়াই মানি চলিব লাগে। নিম্ন পর্যায়ৰ বিষয়াই যথাবিহিত প্ৰক্ৰিয়াৰ যোগেদি উচ্চস্তৰলৈ আবেদন কৰিব লাগে।

(চ) ওৱেবাৰৰ মতে ব্যক্তিয়ে নিজৰ ধ্যান-ধাৰণা, আবেগ-অনুভূতিৰ দ্বাৰা কাম কৰিব নোৱাৰে। নিঃস্বার্থভাৱে নিজৰ দায়িত্ব পালন কৰিব লাগিব। 

(ছ) আমোলা বিষয়াসকলৰ বাছনি আৰু নিযুক্তি গুণ পদ্ধতি বা প্ৰতিভাৰ ভিত্তিত হ’ব লাগে ।

 (জ) নিৰ্দিষ্ট নীতি অনুসৰি আমোলাসকলৰ বেতন, পেঞ্চন, ভাট্টা আমি নিৰ্দ্ধাৰণ কৰিব লাগে । 

11. আমোলাতন্ত্ৰ কাক বোলে ? ইয়াৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা । 

উত্তৰ : সাধাৰণতে আমোলাতন্ত্র প্রশাসন এদল অহতাসম্পন্ন অসামৰিক বৃত্তিগত শ্ৰেণীৰ দ্বাৰা অধিক্ৰমভাৱে গঠিত হৈ চলোৱা প্রশাসন কার্য। Bureaucracy শব্দটো ফৰাচী শব্দ Bureau ৰ পৰা আহিছে। ইয়াৰ অৰ্থ Desk Government. কাৰ্যালয়ৰ লগত জড়িত চাকৰিয়ালৰ কথাকে ইয়াত বুজোৱা হয়। প্ৰশাসনীয় ক্ষমতা দপ্তৰৰ হাতত কেন্দ্ৰীভূত হৈ থকা আৰু ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বাহিৰেও চৰকাৰী বিষয়াসকলে অযথা হস্তক্ষেপ কৰাটোক আমোলাতন্ত্ৰ বুলিব পাৰি।

 ই হ’ল এক প্ৰকাৰৰ সংগঠন যাৰ যোগেদি প্রশাসন পরিচালনা কৰা হয়। ই ভাল পৰিচালনাত বাধা প্ৰদান কৰা ৰীতিনিষ্ঠ সংগঠন। ই হৈছে বৃহৎ চৰকাৰৰ অৰ্থত বর্তমান যুগত বৃহত্তৰ অনুষ্ঠান, চৰকাৰ, নিগম, শ্রমিক সংগঠন আদিৰ কামৰ ব্যাপকতা বৃদ্ধি পাইছে। বৃহৎ প্রশাসন যন্ত্ৰৰ যোগেদি অজস্ৰ আৰু ভিন্নমুখী কাম সমাধান কৰিব লাগে। সেইবাবেই বৃহৎ উদ্যোগসমূহত আমোলাতন্ত্র আছে। আমোলাতন্ত্ৰৰ আন এটা অৰ্থ হ’ল বেচৰকাৰী আমোলাসকলে নিজৰ সুবিধাৰ বাবে আৰু জনসাধাৰণৰ স্বাধীনতাৰ বিৰুদ্ধে কৰা সংগঠন। আমোলাতন্ত্ৰই নীতি- নিয়ম মানি দেশৰ শাসনকার্য চলোৱা অসামৰিক বৃত্তিগত শ্ৰেণীটোক বুজায়। 

আমোলাতন্ত্ৰৰ বৈশিষ্ট্যঃ

 আমোলাতন্ত্ৰৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল ঃ

 (ক) আমোলাতন্ত্ৰত আমোলাসকলে অৱসৰ গ্ৰহণ নকৰালৈকে আমোলাসকলে দায়িত্ব পালন কৰিব লাগে।

 (খ) আমোলাতন্ত্ৰত আমোলাসকলে নিজ নিজ ধ্যান-ধাৰণা আৰু আৱেগ- অনুভূতিৰ দ্বাৰা পৰিচালিত হ’ব নোৱাৰে ৷ 

(গ) আমোলাতন্ত্ৰত আমোলাসকলে দলীয় ৰাজনীতিৰ পৰা মুক্ত হৈ তেওঁলোকে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াব লাগে ।

 (ঘ) আমোলাতন্ত্ৰত নীতি নিৰ্দ্ধাৰণত আমোলাসকলে সহায় কৰে। 

(ঙ) আমোলাতন্ত্ৰৰ আমোলাসকলে পক্ষপাতিত্ব অৱলম্বন কৰিব নালাগিব। জনসাধাৰণৰ কল্যাণৰ হকে তেওঁলোকে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব লাগে । 

(চ) আমোলাতন্ত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ যোগেদিহে আমোলাসকলক নিযুক্তি দিয়া হয় । 

(ছ) আমোলাতন্ত্ৰত এজন বিষয়াই সকলো দায়িত্ব পালন কৰিব নালাগে। প্রশাসনীয় কার্যসমূহ বিভিন্ন কৰ্মচাৰীৰ মাজত ভগাই দিয়া হয়।

 (জ) সংগঠনসমূহ জখলা পদ্ধতিত হ’লে কনিষ্ঠ বিষয়াই জ্যেষ্ঠ বিষয়াৰ আদেশ মানি চলিব পাৰে । নিম্ন পৰ্যায়ৰ বিষয়াই যথাবিহিত প্ৰক্ৰিয়াৰ যোগেদি উচ্চস্তবলৈ আবেদন কৰিব পাৰে। 

(ঝ) আমোলাতন্ত্ৰত চৰকাৰৰ নীতিসমূহ আমোলাসকলে কার্যকৰী কৰে। অভিজ্ঞ হোৱাৰ বাবে আমোলাসকলে দক্ষতাৰে নীতিসমূহ কাৰ্যকৰী কৰিব পাৰে। 

(ঞ) আমোলাতন্ত্রই প্ৰশাসনৰ ধাৰাবাহিকতা ৰক্ষা কৰে। মন্ত্ৰীসকল সঘন লগত নতুন চৰকাৰৰ নীতিৰ যোগসূত্ৰ ৰক্ষা কৰে । পৰিৱৰ্তন হয়। আমোলাসকলে পূৰ্বৰ চৰকাৰৰ কাৰ্যকলাপ আৰু নীতিসমূহৰ 

Leave a Reply