NIOS| Political Science (317)| Notes/Answer| Chapter-34| কেন্দ্ৰীয় ৰাজ্যিক আৰু জিলা পৰ্যায়ত প্রশাসনীয় ব্যৱস্থাসমূহ

NIOS| Political Science (317)| Notes/Answer| Chapter-34| কেন্দ্ৰীয় ৰাজ্যিক আৰু জিলা পৰ্যায়ত প্রশাসনীয় ব্যৱস্থাসমূহ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter-34| কেন্দ্ৰীয় ৰাজ্যিক আৰু জিলা পৰ্যায়ত প্রশাসনীয় ব্যৱস্থাসমূহ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter34| কেন্দ্ৰীয় ৰাজ্যিক আৰু জিলা পৰ্যায়ত প্রশাসনীয় ব্যৱস্থাসমূহ

NIOS| Political Science (317)| Notes/Answer| Chapter-34| কেন্দ্ৰীয় ৰাজ্যিক আৰু জিলা পৰ্যায়ত প্রশাসনীয় ব্যৱস্থাসমূহ

ঐচ্ছিক মড্যুল : ২

অধ্যায় ৩৪

 34.1 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ 

 খালী ঠাই পূৰ কৰা :

 (ক) যুক্তৰাষ্ট্ৰ এখনত______ আৰু ______ৰ মাজত বিষয়বস্তুসূহৰ স্পষ্ট বিভাজন কৰা থাকে ।

উত্তৰ : যুক্তৰাষ্ট্ৰ এখনত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিষয়বস্তুসূহৰ স্পষ্ট বিভাজন কৰা থাকে।

(খ) বর্তমান ভাৰতত _______ খন ৰাজ্য আৰ _______খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। 

উত্তৰ : বৰ্তমান ভাৰতত 28 খন ৰাজ্য আৰু 7 খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।

(গ) ভাৰতীয় প্ৰশাসনীয় ব্যৱস্থা মূলতঃ____,_____,______,আৰু______ পৰ্যায়ত অধ্যয়নৰ প্ৰয়োজন । 

উত্তৰঃ ভাৰতীয় প্ৰশাসনীয় ব্যৱস্থা মূলতঃ কেন্দ্ৰীয়, ৰাজ্যিক, জিলা আৰু স্থানীয় পৰ্যায়ত অধ্যয়নৰ প্ৰয়োজন ।

(ঘ) জিলা আৰু স্থানীয় প্ৰশাসনে________আক _________ সাংবিধানিক সংশোধনৰ পিছত অধিক গুৰুত্ব লাভ কৰিছে।

 উত্তৰ : জিলা আৰু স্থানীয় প্রশাসনে 73 তম আৰু 74 তম সাংবিধানিক সংশোধনৰ পিছত অধিক গুৰুত্ব লাভ কৰিছে। 

34.2 পাঠ। অতি প্রশ্নাবলীৰ উত্তৰ 

তলত দিয়াবোৰৰ উত্তৰ দিয়া :

(ক) কেন্দ্ৰীয় সচিবালয় সকলো_______ আৰু ______ ৰে গঠিত। 

উত্তৰ: কেন্দ্ৰীয় সচিবালয় সকলো মন্ত্রণালয় আৰু বিভাগেৰে গঠিত। 

(খ) সচিবালয়ৰ মুখ্য কার্য কি? 

1. নীতি নিৰ্ধাৰণত সহায় কৰা,

2. নীতি কাৰ্যকৰী কৰা 

উত্তৰ: নীতি নিৰ্ধাৰণত সহায় কৰা।

(গ) সচিবালচৰ প্ৰশাসনীয় মূৰব্বী কোন?

 উত্তৰ: সচিব।

(ঘ) সচিবালয়ে ______দায়িত্বৰে_______ গোট হিচাপে কাম কৰে।

 উত্তৰ: সচিবালয়ে একক দায়িত্বৰে সমূহীয়া গোট হিচাপে কাম কৰে।

34.3 পাঠ অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

 তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা : 

1. তলত দিয়া কোনটো কেবিনেট সচিবালয়ৰ এট অংশ নহয় ? 

(ক) অসামৰিক অংশ.

(খ) সামৰিক অংশ,

(গ) প্রশাসনীয় অংশ, 

(ঘ) চোৰাংচোৱা অংশ।

 উত্তৰ: (গ) প্ৰশাসনীয় অংশ 

2. কেবিনেট সচিবালয়ৰ সংগঠনৰ বিষয়ে বৰ্ণনা কৰা। 

উত্তৰ : ভাৰতৰ প্ৰশাসনৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে কেবিনেট সচিবালয় দায়িত্বশীল। 1947 চনত কেবিনেট সচিবালয় প্রতিষ্ঠা কৰা হৈছিল। 

সচিবালয়ে সকলো মন্ত্ৰী আৰু বিভাগৰ গুৰুত্বপূৰ্ণ কাৰ্য্যকলাপৰ সাৰাংশ প্রদান। 

কেবিনেট সচিবালয়ৰ সদস্যসকল হ’ল — মন্ত্ৰী পৰিষদৰ সচিবালয়ৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ কৰ্মচাৰী হ’ল প্ৰধানমন্ত্রী। সচিবালয়ৰ প্ৰশাসনীয় মুৰব্বীজন হ’ল মন্ত্রী পৰিষদৰ সচিব। অন্যান্য গুৰুত্বপূৰ্ণ সদস্যসকল হ’ল কেন্দ্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, বিষ্ণু মন্ত্রী, বৈদেশিক মন্ত্ৰী আৰু গৃহমন্ত্রী।

 3. কোন চনত কেবিনেট সচিবালয় প্রতিষ্ঠা কৰা হৈছিল ?

(ক) 1947

(খ) 1961

 উত্তৰ: (ক) 1947 

34.4 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 

খালী ঠাই পূৰ কৰা ঃ

1. কেবিনেট সচিবৰ মুখ্য কাৰ্য হ’ল _______ক সহায় কৰা। 

উত্তৰ: কেবিনেট সচিবৰ মুখ্য কাৰ্য হ’ল মন্ত্ৰী পৰিষদক সহায় কৰা ।

2._______ ৰ কাৰ্যালয় 1950 চনৰ সৃষ্টি কৰা হৈছিল। 

উত্তৰ: কেবিনেট সচিবৰ কাৰ্যালয় 1950 চনৰ সৃষ্টি কৰা হৈছিল। 

3. কেবিনেট সচিবে ________ বিষয়বোৰত সম্পূর্ণ গোপনীয়তা ৰক্ষা কৰিব লাগে। 

উত্তৰঃ কেবিনেট সচিবে সচিব বিষয়বোৰত সম্পূর্ণ গোপনীয়তা ৰক্ষা কৰিব লাগে।

4. ________এ বিচৰা যিকোনো বিষয়ত তেওঁ পৰামর্শ দিয়ে।

 উত্তৰ: প্ৰধানমন্ত্ৰীয়ে বিচৰা যিকোনো বিষয়ত তেওঁ পৰামৰ্শ দিয়ে।

 34.5 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ 

খালী ঠাই পূৰ কৰা ঃ 

1. প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে প্রধানমন্ত্রীক______আৰু_______পৰামশ আগবঢ়ায়।  

উত্তৰ : প্ৰধানমন্ত্ৰীৰ কার্যালয়ে প্রধানমন্ত্রীক সচিব পর্যায়ৰ সহায় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।

2. 1977 চনত প্ৰধানমন্ত্ৰীৰ সচিবালয়ৰ নাম পৰিৱৰ্তন কৰা হৈছিল আৰু বর্তমান ই ________ হিচাপে পৰিচিত।

 উত্তৰ : 1977 চনত প্ৰধানমন্ত্ৰীৰ সচিবালয়ৰ নাম পৰিৱৰ্তন কৰা হৈছিল আৰু বৰ্তমান ই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় হিচাপে পৰিচিত। 

3. প্রধানমন্ত্ৰীৰ ________এ বিশেষ ভূমিক পালন কৰে। 

উত্তৰ : প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে বিশেষ ভূমিক পালন কৰে।

4. বৰ্তমান প্রধানমন্ত্ৰীৰ কাৰ্যালয়ত — ৰ অধিক কৰ্মচাৰী আছে।

 উত্তৰ : বৰ্তমান প্রধানমন্ত্ৰীৰ কাৰ্যালয়ত 350 ব অধিক কর্মচারী আছে।

 34.6 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ

 তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া : 

1. সচিবালয়ৰ তলত দিয়া বিষয়াসকলৰ, শুদ্ধ ক্রমাগত শৃংখলাটো কি?

(ক) যুটীয়া সচিব,

(খ) উপসচিব,

(ঘ) সচিব, 

(ঙ) অবস সচিব,

 (চ) মাগুলিক বিষয়া ।

 উত্তৰ: (চ) মাগুলিক বিষয়া।

 (ঙ) অবস সচিব,

 (খ) উপ সচিব,

 (ক) যুটীয়া সচিব,

 (গ) অতিরিক্ত সচিব, 

 (গ) সচিব, 

2. সচিবালয় হ’ল -ৰ স্নায়ুকেন্দ্ৰ। 

উত্তৰ : সচিবালয় হ’ল ৰাজ্যিক প্ৰশাসনৰ স্নায়ুকেন্দ্র। 

3. ৰাজ্যিক সচিবালয়ৰ প্ৰধান কাম দুটা হ’ল _________আৰু _______।

 উত্তৰ : ৰাজ্যিক সচিবালয়ৰ প্ৰধান কাম দুটা হ’ল ৰাজ্যিক বাজেট প্রস্তুত কৰা আৰু ৰাজ্যিক চৰকাৰৰ চিন্তাৰ ভড়াল হিচাপে কাম কৰা। 

4. মুখ্য সচীৰে ৰাজ্যিক প্রশাসন ______ত অবস্থান গ্ৰহণ কৰে। 

উত্তৰ : মুখ্য সচীৰে ৰাজ্যিক প্রশাসন উর্ধ্বতমত অৱস্থান গ্রহণ করে। 

34.7 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ

 তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া : 

1. তলৰ কোনটো উক্তি শুদ্ধ ? 

(ক) জিলা পর্যায়তেই সৰ্বসাধাৰণ ৰাইজে প্ৰশাসনৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে।

(খ) জিলা উপায়ুক্তবোৰ হ’ল ৰাজ্য চৰকাৰৰ চকু, কাণ আৰু হাত সদৃশ। 

উত্তৰ : (খ) জিলা উপায়ুক্তবোৰ হ’ল ৰাজ্য চৰকাৰৰ চকু, কাণ আৰু হাত সদৃশ।

 2. তলৰ কোনটে উক্তি অশুদ্ধ?

 (ক) ভাৰতৰ প্ৰশাসন ব্যৱস্থাত জিল হ’ল মূল আঞ্চলিক গোট। 

(খ) সামগ্রিকভাৱে ঐক্যবদ্ধ, উমৈহতীয়া ইতিহাস, ভৌগোলিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা সমৃদ্ধ এটা ডাঙৰ অঞ্চলকেই জিলা বুলি ক’ব পাৰি।

 উত্তৰ : (খ) সামগ্রিকভাৱে ঐক্যবদ্ধ, উমৈহতীয়া ইতিহাস, ভৌগোলিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা সমৃদ্ধ এটা ডাঙৰ অঞ্চলকেই জিলা বুলি ক’ব পাৰি।

 3. জিলা প্রশাসন হ’ল _________ৰ সামগ্রিক কার্যপ্রণালী।

 উত্তৰ : জিলা প্রশাসন হ’ল চৰকাৰৰ সামগ্রিক কার্যপ্রণালী। 

34.8 পাঠ্য অন্তর্গত প্ৰশাৱলিৰ উওৰ

তলত দিয়া প্ৰশ্নবোৰৰ পউত্তৰ দিয়া :

 1. জিলা উপায়ুক্তৰ কাৰ্যালয় সৃষ্ট কৰা হৈছিল : 

(ক) 1771

(খ) 1772 

(গ) 1774 

(ঘ) 1777 

উত্তৰ: (খ) 1772

 2. জিলা উপায়ুক্তজন প্রধান হ’ল :

(ক) আৰক্ষী বিভাগৰ 

(খ) ৰাজহ বিভাগৰ

(গ) ন্যায়িক বিভাগৰ । 

উত্তৰ: (খ) ৰাজহ বিভাগৰ 

3. সংসদীয় আৰু বিধানসভা নিৰ্বাচনত কোনে ৰিটার্নিং বিষয়া হিচাপে কাম কৰে?

(ক) আৰক্ষী অধিক্ষকে

(খ) জিলা বিচাৰপতিয়ে 

(গ) জিলা উপায়ুক্তই 

উত্তৰ: (গ) জিলা উপায়ুক্তই

4. জিলা উপায়ুক্তৰ ৰাজহ সম্পৰ্কীয় কাৰ্যাৱলী হ’ল ________ সংগ্ৰহ আৰু ______পৰিচালনা কৰা। 

উত্তৰ : জিলা উপায়ুক্তৰ ৰাজহ সম্পৰ্কীয় কার্যাবলী হ’ল ৰাজহ সংগ্ৰহ আৰু ভূমি তথ্যপাতি সংৰক্ষণ কৰা। 

34.9 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 

খালী ঠাই পূৰ কৰা 1. 

1.B.D.O.ৰ মুখ্য কামবোৰহ’ল ________ আৰু ______।

উত্তৰ:B.D.O.ৰ মুখ্য কামবোৰ হ’ল উন্নয়নমূলক কামৰ পৰিচালনা আৰু — পঞ্চায়ত সমিতিবোৰ পৰিচালনা । 

2. B. D. O.ই_______ বাজেট প্রস্তুত কৰে। 

উত্তৰ: B.D.O. খণ্ড পৰ্যায়ৰ বাজেট প্রস্তুত কৰে। 

1. কেন্দ্ৰীয় সচিবালয়ৰ সংগঠন বৰ্ণনা কৰা। 

উত্তৰ: ভাৰত চৰকাৰৰ কাম-কাজসমূহ কেন্দ্ৰীয় সচিবালয়ৰ অন্তৰ্গত মন্ত্রী আৰু বিভাগসমূহৰ মাজত ভাগ ভাগ কৰা হৈছে। কেন্দ্ৰীয় পৰ্যায়ৰ প্ৰশাসনীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ সকলোবোৰ মন্ত্ৰী আৰু বিভাগেবে গঠিত, কেন্দ্রীয় সচিবালয় হিচাপে উমৈহতীয়া নামাকৰণ কৰিব পাৰি। মন্ত্ৰীসকল হ’ল ৰাজনৈতিক শাসক প্ৰধান আৰু সচিব হ’ল প্ৰশাসনৰ প্ৰধান। বিভাগ হ’ল দুই বা ততোধিক অংশৰ মধ্যস্থান। এটা অংশ দুইবা ততোধিক ভাগ আৰু এটা ভাগ দুই বা ততোধিক শাখা লৈ গঠিত। নিম্নতম পর্যায়ত কার্যালয় থাকে যিটো ভালেমান সচিব লৈ গঠিত হ’ব পাৰে। এটা মন্ত্রী পদবী এক বা একাধিক বিভাগেৰে গঠিত হ’ব পাৰে। সচিবালয়ৰ প্ৰধান কাৰ্য হ’ল সংশ্লিষ্ট মন্ত্রীক নীতি-নির্দেশনা আৰু প্ৰশাসন, সম্পৰ্কীয় বিষয়ত পৰামৰ্শ আগবঢ়োৱা প্ৰতিজন মন্ত্রীয়ে সচিবালয়ৰ কৰ্মীৰ পৰা সহায় পায়। তলৰ তালিকাখনত সদস্যসকলৰ স্থান দেখুওৱা হ’ল।

 সচিবালয়ৰ সাংগঠনিক তালিকা : 

1. মন্ত্রণালয়

2. বিভাগ 

3. অংশ 

4. ভাগ 

5. শাখা 

6. প্রধানমন্ত্রী (ৰাজনৈতিক কার্যপালিকা) 

7. অতিৰিক্ত / যুটীয়া সচিব

8. উপ-সচিব

9. অৱৰ সচিব 

10. সচিব (প্রশাসনীয় প্রধান)

চৰকাৰৰ কেন্দ্ৰীয় তিনিটা আবশ্যকীয় উপাদান হ’ল: নীতিৰ সিদ্ধান্ত গ্ৰহণকাৰী মন্ত্ৰী, তেনে সিদ্ধান্তৰ ৰূপায়ণৰ চোৱাচিতা কৰিবলৈ আৰু একোটা সিদ্ধান্তত উপনিত হ’বলৈ আৰু পৰামৰ্শ দিয়া সচিবসকল আৰু প্ৰধান কাৰ্য পালিকা যিয়ে সিদ্ধান্তবোৰৰ ৰূপায়ণ তদাৰক কৰে। সচিবসকল সামগ্ৰিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ সচিব কিন্তু কোনো মন্ত্রী বিশেষৰ সচিব নহয়। সচিবালয় হ’ল চৰকাৰৰ নীতি নিৰ্ধাৰণকাৰী, সমন্বয়ৰক্ষী আৰু পৰ্যবেক্ষক সংস্থা। সচিবালয়ৰ প্ৰাথমিক দায়িত্ব হ’ল তলত দিয়া বিষয়বোৰত মন্ত্ৰীসকলক সহায় আৰু পৰামৰ্শ আগবঢ়োৱা । 

1. নীতি প্রস্তুত আৰু সময়ে সময়ে সময়োপযোগী সালসনি কৰা। 

2. আইন প্ৰণয়নৰ সম্পৰ্কীয় নীতি-নিয়ম প্ৰস্তুত কৰা। 

3. ক্ষেত্রভিত্তিক পৰিকল্পনা আৰু আঁচনি প্ৰস্তুত কৰা। 

4. বাজেট প্রস্তুত আৰু বায় নিয়ন্ত্ৰণ কৰা।

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

5. ক্ষেত্রভিত্তিক গোটসমূহৰ দ্বাৰা ৰূপায়ণ কৰা নীতি আৰু আঁচনিসমূহৰ ফলাফল মূল্যায়ন আৰু পৰ্যবেক্ষণ তথা নিয়ন্ত্ৰণ কৰা।

6. নীতি আৰু আঁচনিসমূহৰ মাজত সমন্বয় আৰু সংহতি সাধন ততা ৰাজ্য চৰকাৰৰ লগত যোগাযোগ ৰক্ষা কৰা।

7. বৃহত্তৰ সাংগঠনিক দক্ষতা বৃদ্ধি কৰা আৰু 

৪. মন্ত্ৰীসকলক সংসদীয় দায়িত্ব পালনত সহায় কৰা ।

 2. কেবিনেট সচিবালয়ৰ মূল কামবোৰ কি কি? 

উত্তৰ: কেবেনিট সচিবালয়ৰ প্ৰধান কাৰ্যসূহ হ’ ল:

(ক) অধ্যাদেশ জাৰিসহ আইন জড়িত বিষয়বোৰ, সংসনলৈ ৰাষ্ট্ৰপতিয়ে প্ৰেৰণ কৰা বাণী আৰু ভাষণ সংক্রান্তীয়; 

(খ) বিদেশী ৰাষ্ট্ৰৰ লগত কৰিবলগীয়া সন্ধি-চুক্তি জড়িত বিষয়বোৰ:

(গ) যিকোনো বিষয়ত বিদেশত পঠিয়াবলগীয়া প্ৰতিনিধিৰ প্ৰস্তাৱ সম্পর্কীয় কার্য, 

(ঘ) অনুসন্ধান ৰাজহুৱা কমিটি নিযুক্তি তথা ইয়াৰ প্ৰতিবেদন বিবেচনা কৰা 

(ঙ) বিত্তীয় বিষয় জড়িত বিষয় সংক্রান্তীয় কার্য; 

(চ) কোনো মন্ত্রীয়ে সিদ্ধান্ত ল’বৰ বাবে কেনিটেত উপস্থাপন কৰিবলগীয়া বিষয় সংক্রান্তীয় কার্য তথা বিভিন্ন মন্ত্রণালায়ৰ মাজত বিবাদ হোৱা বিষয়বোৰ,

(ছ) সিদ্ধান্ত গ্ৰহণ কৰা ৰদকৰণ সম্পৰ্কীয় প্ৰস্তাৱ; 

(জ) ৰাষ্ট্ৰপতি বা প্রধানমন্ত্রীয়ে কেবিনেটত উপস্থাপন কৰিবলগীয়া বিষয় সংক্রান্তীয় কার্য; 

(ঝ) চৰকাৰৰ দ্বাৰা তৰা গোচৰ আদি উঠাই লোৱা প্ৰস্তাৱ সম্পর্কীয় কার্য।

3. প্রধানমন্ত্ৰীৰ, প্ৰধান সচিব আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা কি ? 

উত্তৰঃ দেশৰ ৰাজনৈতিক প্ৰশাসনীয় ব্যৱস্থাত চৰকাৰৰ মূৰব্বী আৰু প্ৰকৃত কার্যবাহী কর্তৃপক্ষ হিচাপে, প্রধানমন্ত্ৰীয়ে খুবেই গুৰুত্বপূৰ্ণ আৰু বিশেষ ভূমিকা পালন কৰে। তেওঁৰ বিভিন্ন দায়িত্ব পালনৰ ক্ষেত্ৰত তেওঁ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (PMO)-ৰ পৰা সহায় পায়। ই প্রধানমন্ত্রী সচিব পৰ্যায়ৰ সহায় আৰু বিতং পৰামৰ্শ আগবঢ়ায়। ভাৰত চৰকাৰৰ শীৰ্ষতম পৰ্যায়ত সিদ্ধান্ত গ্রহণ প্রক্রিয়াত তেওঁ গুরুত্বপূর্ণ ভূমিকা পালন কৰে। অৱশ্যে এইটো এটা অতিৰিক্ত সাংবিধানিক নিকায়। ইয়াৰ লগত সংলগ্ন আৰু তলতীয়া কোনো কার্যালয় নাথাকিলেও, ই ভাৰত চৰকাৰৰ এটা বিভাগৰ সমপৰ্যায়ৰ। ই 1947 চনত ভাৰত স্বাধনি হোৱাৰ সময়তে স্থাপিত হয় আৰু ইয়াক প্ৰধানমন্ত্ৰীৰ সচিবালয় হিচাপে ইয়াক কোৱা হৈছিল। 1977 চনৰ জুনত ইয়াৰ নাম পৰিৱৰ্তন কৰা হয় আৰু বৰ্তমান ই প্রধানমন্ত্ৰীৰ কাৰ্যালয় হিচাপে পৰিচিত (PMO)। 

প্রধানমন্ত্রী হ’ল (PMO)-ৰ ৰাজনৈতিক প্ৰধান আৰু মুখ্য সচিব হ’ল প্রশাসনীয় প্রদান। ই কিছুমান অতিৰিক্ত সচিব আৰু যুটীয়া সচিৰেৰে গঠিত । 

প্রধানমন্ত্ৰীৰ বাবে থকা মুখ্য সচিবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তলত দিয়া কাৰ্যবোৰ সম্পন্ন কৰে। :

1. কাৰ্যালয়ত সকলোবোৰ চৰকাৰী ফাইল চোৱা-চিতা কৰে।

 2. আদেশ আৰু নিৰ্দেশনাৰ বাবে সকলো গুৰুত্বপূৰ্ণ নথি আৰু তথ্যপাতি প্রধানমন্ত্ৰীৰ আগত উপস্থাপন কৰে। 

3. গুৰুত্বপূৰ্ণ বিষয়ববীয়াৰে সৈতে প্ৰধানমন্ত্ৰীৰ আলোচনাৰ বিষয়বস্তুসমূহৰ টোকা প্ৰস্তুত কৰা । 

4. প্রধানমন্ত্ৰীৰ নিৰ্দেশক্রমে বিভিন্ন মন্ত্রণালয় আৰু বিভাগৰ বিষয়সমূহ চোৱা- চিতা কৰে।

5. কাৰ্যালয়ৰ বিভিন্ন বিষয়াৰ কাম-কাজৰ সমন্বয় সাধন কৰে।

 প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে আন ভালেমান কাম কৰে যেনে— কেন্দ্রীয় মন্ত্রী পৰিষদৰ লগত ৰাজ্য চৰকাৰসমূহৰ সম্পৰ্ক ৰক্ষা কৰা, পৰিকল্পনা আয়োগ আৰু ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে প্ৰধানমন্ত্রীক তেওঁৰ দায়িত্ব পালনত সহায় কৰা, প্রধানমন্ত্ৰীৰ জনসম্পর্কৰক্ষী সংস্থা কাম কৰা আৰু প্ৰধানমন্ত্রীর ‘থিংক টেংক’ হিচাপে কাম কৰা। ই আন কিছুমান এনে বিষয়ৰ লগত জড়িত যিবোৰ কোনো মন্ত্রণালয় বা বিবাগত বণ্টন কৰি দিয়া নহয়। 

4. “ৰাজ্যিক সচিবালয়” বুলিলে কি বুজা ? ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰ: কেন্দ্ৰীয় সচিবালয়ৰ দৰে ৰাজ্যিক পৰ্যায়তো প্রতিখন ৰাজ্যতে একোখন ৰাজ্যিক সচিবালয় আছে। ই হ’ল ৰাজ্যিক প্ৰশাসনৰ স্নায়ুকেন্দ্ৰ। ই ৰাজ্যিক সচিবালয়ৰ ভালেমান মন্ত্রণালয় আৰু বিভাগেৰে গঠিত। মন্ত্রণালয় আৰু বিভাগবোৰৰ ৰাজনৈতিক মূৰব্বী হ’ল মন্ত্ৰীবৰ্গ আৰু প্ৰশাসনীয় মুৰব্বী হ’ল সচিবসকল। মুখ্য সচিব হ’ল সামগ্রিকভাবে ৰাজ্যিক সচিবালয়ৰ মূৰব্বী, আনহাতে এগৰাকী সচিবে এটা বা দুটা বিভাগৰ মূৰব্বী। তেওঁ সাধাৰণতে জ্যেষ্ঠ ভাৰতীয় প্রশাসনিক বিষয়া। এইখিনিতে উল্লেখযোগ্য যে সচিবজন সামগ্রিকভাৱে ৰাজ্য চৰকাৰৰ সচিব, কোনো মন্ত্ৰীৰ সচিব নহয় । 

ৰাজ্যভেদে বিভাগৰ সংখ্যা ভিন্ন হয়। ইয়াত ৰ পৰা টা বিভাগ থাকে। কিছুমান এনে বিভাগ যিবোৰ সকলো ৰাজ্যতে একেধৰণে পোৱা যায়। এইবোৰ হ’ল— সাধাৰণ প্ৰশাসন, গৃহ, বিত্ত, কাৰাগাৰ, কন, কৃষি, শ্ৰম আৰু নিয়োগ, পঞ্চায়তৰাজ, শ্রম, শিক্ষা, পৰিকল্পনা, সমাজকল্যাণ, গৃহনির্মাণ, পৰিবহণ, জলসিঞ্চন আৰু শক্তি, আইন, স্থানীয় শাসন, স্বাস্থ্য, আবকাৰী আৰু কৰ, উদ্যোগ, জনসংযোগ আৰু তথ্য ইত্যাদি। সংসদীয় বিভাগবোৰ নিৰ্দিষ্ট কার্যকালৰ বাবে নিয়োগ কৰা বিষয়াৰে গঠিত। সচিবালয়ৰ বিষয়াসকলৰ অধিক্ৰম নীতি কেন্দ্ৰীয় সচিবালয়ৰ দৰে একে। 

ৰাজ্যিক সচিবালয়ে প্ৰধানকৈ তলত দিয়া কামবোৰ কৰে : 

(ক) মন্ত্ৰীক তেওঁৰ কাম কৰাত সহায় কৰা;

(খ) ৰাজ্য চৰকাৰৰ নীতি আৰু কৰ্মসূচী তৈয়াৰ কৰা

(গ) ৰাজ্য চৰকাৰৰ কৰ্মসূচীসমূহৰ মাজত সমন্বয় সাধন কৰা; 

(ঘ) ৰাজ্যিক বাজেট প্রস্তুত করা; 

(ঙ) আইন, নীতি-নিয়ম তৈয়াৰ কৰা

(চ) নীতি কার্যকৰি কৰাৰ পিছত ফলাফল পূণৰিক্ষণ কৰা;

(ছ) জনগণৰ অভিযোগ, আবেদন আৰু প্ৰতিনিধিত্ব গ্ৰহণ আৰু তাৰ সমাধান কৰা; 

(জ) ৰাজ্য চৰকাৰৰ থিংক টেংক হিচাপে কাম কৰা। 

মুখ্য সচিব হ’ল ৰাজ্যিক সচিবালয়ৰ মূৰব্বী। তেওঁ ৰাজ্যিক প্ৰশাসনৰ প্রসাসনীয় মূৰব্বী আৰু ৰাজ্যিক প্রশাসন ব্যৱস্থাৰ উচ্চতম পৰ্যায়ত অৱস্থানত থাকে। তেওঁ সমগ্ৰ ৰাজ্যিক প্রশাসনটো নেতৃত্ব, নির্দেশনা দিয়ে আৰু নিয়ন্ত্রণ কৰে। তেওঁ অৱশ্যে সচবিসকলৰ প্ৰধান আৰু সকলোবোৰ সংসদীয় বিভাগ তেওঁ নিয়ন্ত্রণ কৰে। তেৱেঁই হ’ল ৰাজ্যৰ জ্যেষ্ঠতম অসামৰিক বিষয়া। 

ক্ষমতা আৰু কাৰ্যাৱলী :

 মুখ্য সচিবে ভালেমান কাম কৰে। কিছুমান প্ৰধান কাম তলত দিয়া ধৰণৰ ঃ

  1. ৰাজ্যিক নীতি আৰু প্ৰশাসনৰ সকলোবোৰ বিষয়ত তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰধান উপদেষ্টা হিচাপে কাম কৰে। 
  2. ৰাজ্যিক কেবিনেট সচিব হিচাপে তেওঁ কাম কৰে। তেওঁ কেবিনেট সভাৰ আলোচ্য বিষয়বস্তু প্রস্তুত কৰে আৰু ইয়াৰ সভাৰ সিন্ধান্তবোৰ সংৰক্ষণ কৰি ৰাখে। তেওঁ হ’ল ৰাজ্যিক প্ৰশাসনৰ মুখ্য সমন্বয়ৰক্ষী আৰু তেওঁ আন্তঃবিভাগীয় বিবাদ নিষ্পত্তি কৰে। 
  3. বেছিভাগ ক্ষেত্ৰতে, সাধাৰণ প্ৰশাসন বিভাগ, বিষয়া প্রশাসন, পরিকল্পনা বিভাগ আৰু প্ৰশাসনীয় সংস্কাৰ বিভাগ আদিবোৰ মুখ্য সচিবৰ প্ৰত্যক্ষ তত্ত্বাৱধানত ৰখা হয়।
  4. খৰাং বতৰ, বানপানী, দুর্ভিক্ষ, সাম্প্রদায়িক অশান্তি ইত্যাদিৰ দৰে বিপদৰ সময়ত মুখ্য সচিবে সংকটকালীন প্রশাসকৰৰ ভূমিকা পালন কৰে। 
  5. ইয়াৰোপৰি, তেওঁ ৰাজ্য চৰকাৰৰ মুখপাত্ৰ হিচাপেকাম কৰে, এহাতে তেওঁৰ চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ যোগসূত্ৰ আৰু আনহাতে আন ৰাজ্য চৰকাৰৰ মুখ্য যোগসূত্ৰ হিচাপে কাম কৰে। ৰাজ্যত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিলে তেওঁ ৰাজ্যপালৰ প্ৰধান পৰামর্শদাতা হিচাপে কাম কৰে। ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ সভাত প্ৰতিনিধিত্ব কৰে আৰু তেওঁ ৰাজ্য চৰকাৰৰ তেওঁ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কাম কৰে। 

7. তেওঁ ৰাজ্যিক অসামৰিক সেৱাৰ প্ৰধান হিচাপেও কাম কৰে। তেওঁ ৰাজ্যিক অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়াসকলৰ নিযুক্তি, বালিকৰণ আৰু পদোন্নতি বিষয়বোৰ চোৱা-চিতা কৰে।

 5. সঞ্চালকালয়ৰ প্ৰধান কাৰ্য কি? 

উত্তৰ : মন্ত্রী, সচিব আৰু কাৰ্যবাহী মুৰব্বী— এই তিনিটা হ’ল ৰাজ্যিক পৰ্যায়ৰ চৰকাৰৰ উপাদান। মন্ত্ৰী আৰু সচিবেৰে জনাজাত সচিবালয় গঠিত হয়। কাৰ্যবাহী মুৰব্বীৰ কাৰ্যলয়ক আনহাতে সঞ্চালকালয় হিচাপে অভিহিত কৰা হয়। সঞ্চালকালয়ে ৰাজ্যিক সচিবালয়ৰ তত্বাৱধানত কাৰ্যনিৰ্বাহ কৰে। সচিবালয় নীতি নিৰ্ধাৰণৰ লগত জড়িত আৰু সঞ্চালকালয় নীতি-কাৰ্যকৰিকাৰ লগত জড়িত। এইদৰে, সঞ্চালকালয় হ’ল চৰকাৰৰ কাৰ্যবাহী আহিলা। তেওঁলোকৰ দায়িত্ব 

হ’ল সচিবালয়ে প্রস্তুত কৰা নীতিবোৰ কাৰ্যকৰি কৰা। সঞ্চালকালয় সচিবালয়ৰ বাহিৰত অৱস্থিত।

 সঞ্চালকালয়ৰ প্ৰধানৰ কাৰ্যবোৰ হ’ল : 

  1. মন্ত্ৰীসকলক কাৰ্যকৰী পৰামৰ্শ আগবঢ়োৱা ।
  2. বিভাগৰ বাজেট প্রস্তুত কৰা।
  3. জিলা পৰ্যায়ত বিভাগে কৰা কামবোৰ পৰিদৰ্শন কৰা। 
  4. ৰাজ্যিক লোকসেৱা আয়োগক পদোন্নতি আৰু অনুশাসনমূলক ব্যবস্থা। সম্পৰ্কত পৰামৰ্শদান কৰা। 
  5. বিভাগীয় বিষয়াসকলৰ সেৱা বিষয়ৰ প্ৰশিক্ষণৰ আঁচনি আদি প্ৰস্তুত কৰা। ইয়াৰোপৰি, সঞ্চালকালয়ে নিবিচ্ছিন্নভাৱে বিভাগীয় আঁচনিবোৰৰ ৰূপায়ণৰ ক্ষেত্ৰত কাৰ্যদক্ষতা বৃদ্ধিৰ চেষ্টা কৰে।

 6. জিলা উপায়ুক্তৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। 

উত্তৰ : এখন জিলা, জিলাধিপতি বা উপায়ুক্ত হিচাপে জনাজাত এজন জিলা বিষয়াৰ তত্ত্বাৱধানত ৰখা হয় যিজন হ’ল আমাৰ প্ৰশাসনৰ কেন্দ্ৰবিন্দু। তেওঁ হ’ল জিলা পৰ্যায়ত চৰকাৰৰ মুখ্য প্রতিনিধি ।

 জিলা উপায়ুক্তৰ ভূমিকা আৰু কাৰ্যাৱলী : 

ৰাজহ বিষয়ক কাৰ্যাৱলী:

 জিলা উপায়ুক্ত হ’ল জিলাখনৰ ৰাজহ প্ৰশাসনৰ প্ৰধান। তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম খাজনা নির্ধাৰণ আৰু ভূমি ৰাজহ সংগ্ৰহ কৰা । 

এইক্ষেত্ৰত তেওঁ তলত উল্লেখ কৰা কামবোৰ কৰে :

  1. ভূমি ৰাজহ সংগ্ৰহ কৰা ।
  2. অন্যান্য চৰকাৰী পাওনা সংগ্ৰহ কৰা, 
  3. ঋণ বিতৰণ আৰু ইয়াক সংগ্ৰহ কৰা,
  4. ভূমি তথ্যপাতি সংৰক্ষণ কৰা।
  5. গ্রাম্য পৰিসংখ্যা সংগ্ৰহ কৰা ।
  6. ভূমি অধিগ্ৰহণকাৰী বিষয়াৰ ক্ষমতা প্রয়োগ কৰা, অর্থাৎ কলনি স্থাপন, উদ্যোগ, বক্তি অঞ্চলৰ উন্নতি সাধন আদি কামত ভূমি অধিগ্ৰহণ কৰা । 
  7. ভূমি সংৰক্ষণ বলবৎ কৰা। 
  8. কৃষকৰ কল্যাণ সাধন কৰা। 
  9. জুই, খৰাং আৰু বানপানী আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগত হোৱা শস্যৰ ক্ষয়-ক্ষতি নিৰ্ধাৰণ আৰু সাহাৰ্যৰ ব্যৱস্থা কৰা। 
  10. কোষাগাৰ আৰু উপকোষাগাৰ পৰিদৰ্শন কৰা। 
  11. ষ্টাম্প আইন বলবৎ কৰা।
  12. পুনৰ সংস্থাপন সাহায্য প্ৰদান কৰা।
  13. চৰকাৰী সম্পত্তি পৰিচালনা কৰা । 
  14. নিম্ন কৰ্তৃপক্ষৰ আদেশৰ বিৰুদ্ধে ৰাজহ আবেদন লোৱা ।
  15. জমিদাৰী উচ্ছেদ সাধন ক্ষতিপুৰণ প্ৰদান কৰা। 

আইন শৃংখলা লক্ষা কৰা :

ইয়াৰ যোগেদি তেওঁ জিলাখনত আইন শৃংখলা নিয়ন্ত্ৰণৰ বাৰো দায়বদ্ধ। তিনিটা উপাদান ইয়াত জড়িত, অর্থাৎ আৰক্ষী, ন্যায়পালিকা আৰু কাৰাগাৰ । জিলা ন্যায়াধিশ হিচাপে তেওঁ তলৰ কামবোৰ কৰে — 

  1. নিম্ন পৰ্যায়ৰ মেজিষ্ট্ৰেট নিয়ন্ত্ৰণ আৰু তদাৰক কৰা। 
  2. ৰাজহুৱা শাস্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’লে 144ধাৰা জাৰি আদেশ কৰা।
  3. কাৰাগাৰ পৰিদৰ্শন কৰা।
  4. কাৰাবন্দীক পেৰেলত মুক্তি দিয়া।
  5. কয়দীক অধিক সা-সুবিধা প্ৰদান কৰা। 
  6. চৰকাৰক এখন বছৰেকীয়া অপৰাধৰ প্ৰতিবেদন দাখিল কৰা। 
  7. বিভিন্ন ধৰণৰ অনুজ্ঞাপত্ৰ যেনে— অস্ত্ৰ-শস্ত্ৰ, হোটেল, বিস্ফোৰক আদিৰ অনুজ্ঞাপত্ৰ প্ৰদান, বাতিল বা সাময়িকভাবে বাতিল কৰা। 
  8. জিলা আৰক্ষীৰ কাম-কাজ নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা দিয়া।
  9. প্ৰেছ আইন আৰু প্ৰমোদ কৰ আইন বলবৎ কৰা। 
  10. ট্রেড মার্ক এক্টআৰু ফেক্টৰি এক্টৰ অধিনত অপৰাধীৰ নিৰ্ব্বচ্ছিন্ন অনুসন্ধান। কৰা। 
  11. গৰাকীবিহীন সম্পত্তিৰ পৰিচালনাৰ আদেশ দিয়া । 
  12. বনাঞ্চল উন্নয়নৰ বাবে আঁচনি ঘোষণা কৰা । 
  13. স্থানীয় নিকায়বোৰ নিয়ন্ত্ৰণ আৰু তদাৰক কৰা ।

7. খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যাৱলী আলোচনা কৰা৷

 উত্তৰ: 1952 চনত সংহত উন্নয়ন আঁচনি আৰম্ভ কৰা হয় । প্ৰশাসনৰ উদ্দেশ্যে এটা টেহছিলক ভালেমান খণ্ডত বিভক্ত কৰা হয়। এই খণ্ডবোৰক গাঁওবোৰৰ লগত প্ৰত্যক্ষ যোগসূত্র আছে উন্নয়নমূলক আঁচনিবোর ক্ষিপ্ৰতাৰে আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব পাৰে। তেওঁ টেহছিলদাৰৰ তত্ত্বাৱধানত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। 

তেওঁ পঞ্চায়তীৰাজ ব্যৱস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ খণ্ড পৰ্যায়ৰ পঞ্চায়ত সমিতিবোৰৰসচিব হিচাপে কাম কৰে। কাৰ্যাৱলী: 

1. খণ্ড সমিতিৰ সভা অনুষ্ঠিত কৰা, ইয়াৰ এজেণ্ডা প্ৰস্তুত কৰা আৰু ইয়াৰ কাৰ্যবিৱৰণি সংৰক্ষণ কৰা। 

2. খণ্ড পৰ্যায়ত বাজেট প্রস্তুত কৰা। 

3. উন্নয়নমূলক কামৰ সূচী তৈয়াৰ আৰু ইয়াৰ ৰূপায়ণত সহায় কৰা ৷ 

4. কৃষি, মিন, পোহনীয় জীৱ-জন্তুৰ ৰক্ষণাবেক্ষণ আদি বিভিন্ন নিকায়ৰ কাম-কাজ তদাৰক কৰে। 

খণ্ড উন্নয়ন বিষয়াৰ মূল কাম দুটা : 

1. উন্নয়নমূলক কামৰ পৰিচালনা । 

2. পঞ্চায়ত সমিতিবোৰৰ পৰিচালনা । 

খণ্ড পৰ্যায়ত উন্নয়নমূলক কামৰ তেওঁ হ’ল মূল হাতিয়াৰ আৰু তেওঁ জিলা উপায়ুক্ত আৰু জিলা পৰিষদৰ বিষয়াসকলক ইয়াৰ প্ৰগতিৰ খতিয়ান দাখিল কৰিব লাগে। তেওঁ জলসিঞ্চন আৰু পথ নিৰ্মাণ আদি উন্নয়নমূলক আঁচনিৰ বাবে দায়বদ্ধ। অনুসূচিত জাতি আৰু জনজাতিসকলৰ বাবে থকা আঁচনবোৰ তেওঁ চোৱা-চিতা কৰিব লাগে। 

Leave a Reply