NIOS| Political Science (317)| Notes/Answer| Chapter-32| ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ

NIOS| Political Science (317)| Notes/Answer| Chapter-32| ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter-32| ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter-32| ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ

NIOS| Political Science (317)| Notes/Answer| Chapter-32| ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ

ঐচ্ছিক মড্যুল : ১

অধ্যায় ৩২

32.1. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ:

 তলত দিয়াবোৰৰ উত্তৰ কৰা : 

1. ৰাষ্ট্ৰসংঘই প্রথম উন্নয়ন দশক আৰম্ভ কৰিছিল________। 

উত্তৰ: 1960 ।

 2. প্রথম UNCTAD অনুষ্ঠিত হৈছিল ______।

উত্তৰ : 1964।

 3. ৰাষ্ট্ৰসংঘৰ সম্পদৰ সৰহভাগ অর্থনৈতিক আৰু সামাজিক উন্নয়নমূলক কামকাজত ব্যৱহাৰ কৰা হৈছে। (শুদ্ধ/অশুদ্ধ)

 উত্তৰ: শুদ্ধ

 4. G-77 গোটটো হ’ল ধনী উন্নত ৰাষ্ট্ৰসমূহৰ গোট। (শুদ্ধ/অশুদ্ধ) 

উত্তৰ: অশুদ্ধ

 32.2. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ 

খালী ঠাই পুৰ কৰা : 

1. সামাজিক আৰু অৰ্থনৈতিক কামকাজত আগভাগ লোৱা ৰাষ্ট্ৰসংঘৰ প্রধান অংগবোৰ হ’ল. _______আৰু_______। 

উত্তৰ: সাধাৰণ সভা আৰু অর্থনৈতিক আৰু সামাজিক পৰিষদ।

2. FAO -ৰ প্ৰধান কাৰ্যালয়ত________ত। 

উত্তৰ: ৰোম। 

3. ৰাষ্ট্ৰসংঘই পদ্ধতিৰ আঞ্চলিক অর্থনৈতিক আয়োগবোৰ হ’ল______ৰ অংশ। 

উত্তৰ : অৰ্থনৈতিক আৰু সামাজিক পৰিষদ । 

4. পুনৰনিৰ্মাণ আৰু বিকাশৰ আন্তৰ্জাতিক বেংকৰ সংক্ষিপ্ত নাম হ’ল________।

 উত্তৰ: বিশ্ববেংক। 

5. তলত দিয়াবোৰ শুদ্ধ অশুদ্ধ বাচি উলিওৱা : 

(ক) ৰাষ্ট্ৰসংঘৰ উন্নয়নমূলক বিবৰণেই হ’ল উন্নয়নমূলক আঁচনিসমূহৰ অর্থযোগানকাৰী মূল সংস্থা। (শুদ্ধ /অশুদ্ধ) 

উত্তৰ: অশুদ্ধ

(খ) IMF- ৰ সম্পূৰ্ণ অৰ্থ হ’ল ভাৰতী অৰ্থৰ ভঁৰাল। (শুদ্ধ/অশুদ্ধ)

 উত্তৰ: অশুদ্ধ

 (গ) বিশ্ববেংকে উন্নয়নশীল দেশসমূহক পৰিশোধৰ উদ্ধৃত্বৰ ঘাটি পূৰাবলৈ সহায় কৰে। (শুদ্ধ/অশুদ্ধ ) 

উত্তৰ: অশুদ্ধ

 পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. অর্থনৈতিক আৰু সামাজিক উন্নয়নমূলক কাম কাজৰ বাবে ৰাষ্ট্ৰসংঘৰ গঠন বর্ণনা কৰা ।

 উত্তৰ : আকাৰ আৰু অৰ্থনৈতিক শক্তিৰ ওপৰত বিত্তি কৰি ৰাষ্ট্ৰসমূহক সাধাৰণতে উন্নত বা উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে শ্ৰেণীবিভাজন কৰা হয়। উন্নত দেশসমূহ ইউৰোপৰ উত্তৰাংশত আৰু উত্তৰ আমেৰিকাত অৱস্থিত। এই দেশসমূহৰ (যেনে— আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, গ্রেট ব্রিটেইন, ফ্রান্স, জার্মানী ইত্যাদি) জনমুৰি আয়ৰ হাৰ উচ্চ তথা ঔদ্যোগিক বিকাশ, শিক্ষা আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়া। তেওঁলোকে বিশ্ব অর্থনীতি শাসন করে। উন্নয়নশীল দেশসমূহত বিশ্ব জনসংখ্যাৰ তিনি-চতুর্থাশৰ দুই বা তৃতীয়াংশই কৰে। উল্লেখযোগ্য যে আফ্ৰিকা, এচিয়া আৰু দক্ষিণ আমেৰিকা এই উন্নয়নশীল দেশসমূহ বিস্তৃতভাবে। থকা দৰিদ্ৰতা, অশিক্ষা, খাদ্যসংগট আৰু বেমাৰ-আজাৰৰ সমস্যাৰে আক্ৰান্ত। 

বিশ্ব জনসংখ্যাৰ তিনি-চতুর্থাংশই উন্নয়নশীল ৰাষ্ট্ৰৰ 130 খন দেশত বাস কৰে, কিন্তু ব্যক্তিগত আয় ইয়াত সাংঘাটিক ধৰণে নিম্নস্তৰৰ। এইবোৰে শতিকাজুৰি ঔপনিবেশিক সাসনৰ তলত আছিল। ঔপনিবেশিক শাসকসকলে এই দেশসমূহৰ জনসাধাৰণৰ বাবে কোনো ধৰণৰ অৰ্থনৈতিক আৰু ঔদ্যোগিক উন্নয়নত মনোযোগ দিয়া নাছিল। তেওঁলোকে উন্নয়নশীল দেশসমূহৰ প্ৰাকৃতিক সম্পদবোৰ তেওঁলোকৰ অৰ্থনৈতিক লাভালাভৰ বাবে শোষণ কৰিছিল। 

1960 চনৰ পৰা আৰম্ভ কৰি এই উপনিবোৰৰ বেছিভাগেই স্বাধীন ৰাষ্ট্ৰৰূপে আত্মপ্ৰকাশ কৰে আৰু ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ কৰে। ৰাষ্ট্ৰসংঘত তেওঁলোকৰ ক্ৰমবৰ্দ্ধমান সংখ্যাগৰিষ্ঠতাৰ বাবে তেওঁলোকে কিছুমান সংস্তা গঠন কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰসংঘই প্রথমটো বিকাশ দশক আৰম্ভণি কৰে। 1960 চনত আগুৰাষ্ট্ৰীয় অনুষ্ঠান যেনে— ৰাষ্ট্ৰসংঘৰ উন্নয়নৰ আঁচনি আৰম্ভ কৰে। ৰাষ্ট্ৰসংঘৰ ঔদ্যোগিক উন্নয়ন সংস্থা আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা 1960 চনত প্ৰতিষ্ঠা কৰা হয়। 

2. অর্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰধান ব্যৱস্থাসমূহ কি কি ? 

উত্তৰ: উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ লাভৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক উদগণি যোগাৰলৈ 1964 চনত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু বিকাশ শীর্ষক সন্মিলন (UNCTAD) গঠন কৰা হয়। ইউন্নয়নশীল ৰাষ্ট্ৰসমূহক বিভিন্ন ধৰণে সহায় কৰি আহিছে। 

আঞ্চলিক আৰু উপআঞ্চলিক পৰ্যায়ত উন্নয়নশীল ৰাষ্ট্ৰসমূহক তেওঁলোকৰ মাজতে বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবে লোৱা প্ৰচেষ্টা UNCTAD এ গুরুত্বপূর্ণ সহায় সমর্থন আগবঢ়াই আহিছে। ই কাৰিকৰী সাহায্য ও আগবঢ়াইছে। 

UNCTAD ত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ এটা গোট গঠন কৰা হৈছিল। এই গোটত বর্তমান 132 খন দেশ আছে। উন্নত দেশসমূহৰ লগত অৰ্থনৈতিক আৰু বাণিজ্যিক সমস্যাসমূহৰ ক্ষেত্ৰত কৰা আলাপ-আলোচনাত ই উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ একতা আৰু সংহতিৰ প্ৰতিনিধিত্ব কৰে। 

উদাহৰণস্বৰূপে, উন্নত দেশসমূহর বজাৰবোৰলৈ উন্নয়নশীল দেশবোৰে ৰপ্তানী কৰা প্রাথমিক সামগ্রীসমূহ যেনে- কটন, কফি আদিৰ যুক্তিসংগত দৰৰ বাবে ই দাবী উত্থাপন কৰিছে। 

আকৌ উন্নয়নশীল দেশসমূহে উন্নত দেশসমূহৰ লগত প্ৰতিশ্ৰুতিবদ্ধ হো বিষয়বোৰত মনোজ্ঞ সহায় আৰু মাচুল নিৰিখৰ ৰেহাই, কম আয়ৰ দেশবোৰৰ চৰকাৰী উন্নয়নমূলক সাহায্য আৰু ঋণ সাহায্য তথা গবেষণা আৰু বিকাশমূলক কাম-কাজত আৰ্থিক সহায়ৰ ক্ষেত্ৰত UNCTAD য়ে প্ৰচেষ্টা চলাই আহিছে। 

UNCTAD আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই আৰু এখোপ আগবাঢ়ি যায় আৰু অসংগত আন্তর্জাতিক অর্থনৈতিক শৃংখলাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। উন্নয়নশীল ৰাষ্ট্ৰবোৰৰ অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ, ৰাষ্ট্ৰসংঘই 1947 চনত এটা নতুন আন্তজাতিক অর্থনৈতিক শৃংখলাৰ (NIEO) প্রতিষ্ঠা করে য’ত ধনী-দুখীয়া সকলো দেশৰ মাজত সমতা আৰু ন্যায় প্রতিষ্ঠা কৰিব বিচা হৈছে। 

3. উন্নয়নৰ বাবে বিশ্ববেংকক ৰাষ্ট্ৰসংঘৰ প্ৰধান আর্থিক সংস্থা হিচাবে ইয়াৰ কাৰ্যাৱলী বর্ণনা কৰা।

উত্তৰ : ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আর্থিক সংস্থাসমূহৰ ভিতৰত হ’ল। পুনৰনিৰ্মাণ আৰু বিকাশৰ আন্তৰ্জাতিক বেংক (IBRD), বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি (IMF) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেমস্পায়াৰত 1945 চনৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা ব্রিটান উড কনফাৰেন্সৰ পৰা এই সংস্থাবোৰ। কাৰ্যকৰী হোৱা বাবে এইবোৰক ব্রিটান উড্ সংস্থা বুলিও কোৱা হয়। IMF চৰকাৰসমূহলৈ পৰিশোদৰ উদ্বৃত্বৰ ঘাটি পূৰাবলৈ হ্ৰস্বম্যাদী পুঁজিৰ যোগান ধৰে।

 বিশ্ববেংক গোটটোৱেই হ’ল আন্তঃগাঠনিৰ উন্নয়নৰ বাবে কৰা উন্নয়নমূলক আঁচনিবোৰৰ আটাইতকৈ ডাঙৰ পুঁজিৰ উৎস । এতিয়ালৈকে প্রায় 300 মিলিয়ন ডলাৰ পৰিমাণ অনুদান উন্নয়নমূলক আঁচনিৰ বাবে দিয়া হৈছে। 

বিশ্ববেংকৰ ঋণ দুটা ভাগত ভাগ কৰিব পাৰি। বিনিয়োজিত ঋণবোৰ দীৰ্ঘম্যাদী আৰু এইবোৰ দৰিদ্ৰতা দূৰীকৰণৰ আৰু প্ৰৱৰ্তনযোগ্য বিকাশৰ বাবে প্ৰয়োজন হোৱা কায়িক আৰু সামাজিক আন্তঃগাঠনি সৃষ্টিৰ উদ্দেশ্যে দিয়া হয়। 

বিশ্ব থেকে ঋণে উন্নয়নশীল দেশসমূহক প্ৰাথমিক শিক্ষাৰ বিদ্যালয় স্থাপনত সহায় কৰি আহিছে। অন্যান্য আঁচনিয়ে দৰিদ্ৰতা হ্ৰাসকৰণ, গ্ৰাম্য উন্নয়ন, পানী আৰু স্বাস্থ্য প্রণালী, প্রাকৃতিক সম্পদৰ পৰিচালনা আৰু স্বাস্থ্যক সামৰি লয়। বিনিয়োজিত ঋণত বিশ্ব বেংকৰ সকলোবোৰ লেনদেন 75 ৰ পৰা 80 শতাংশ খৰচ কৰা হয় । শৃংখলাবদ্ধ ঋণ বিশ্ব বেংকৰ ঋণৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান হৈ পৰিছে আৰু এই হ্রস্যম্যাদী ঋণ যিবোৰ বজাৰৰ গাঁথনি আৰু ৰাজনৈতিক অনুষ্ঠানবোৰৰ সংস্কাৰ সাধনৰ বাবে উদগণিমূলক কামত নিয়া হয়। বিগত 20 বছৰত শৃংখলাবদ্ধ বিশ্ব বেংকৰ ক্ষণৰ মুঠ পৰিমাণৰ 20 ৰ পৰা 25 শতাংশলৈ দিয়া হৈছে।

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

4. ৰাষ্ট্ৰসংঘৰ উন্নয়নমূলক আঁচনিৰ (UNDP) কাম কাজ ব্যাখ্যা কৰা। 

উত্তৰ : (১) UNDP ৰ আঁচনিবোৰৰ এটা প্রধান বিষয় হ’ল লিংগবৈষম্য আঁতৰ কৰি সমতা প্রতিষ্ঠা কৰা। ভাৰতৰ দৰে নিৰাপত্তা আঁচনিেেয় কৃষিক্ষেত্র এখন সহজ কৰি তুলিছে আৰু প্ৰবৰ্তন যোগ্য মানৱীয় বিকাশৰ বাবে মহিলা সৱলকীৰণৰ ব্যৱস্থা কৰিছে।

 (২) পেলেষ্টাইনৰ অঞ্চলবোৰৰ বাবে জৰুৰীকালীন সাহায্য হিচাপে UNDP এ 1.5 মিলিয়ন ডলাৰ নিৰ্ধাৰণ কৰিছে। 

(৩) ৰাজহুৱা খণ্ডৰ সংস্কাৰ, সংসদীয় পদ্ধতিৰ উন্নতি সাধন, সংঘৰ্ষ প্ৰতিৰোধ আৰু শান্তি স্থাপনৰ অৰ্থে অল্প উন্নত দেশবোৰৰ বাবে 2001 চনৰ মে মাহত UNDP এ এটা নতুন UNDP গণতান্ত্রিক শাসন ন্যায় পুঁজি প্ৰতিষ্ঠাৰ ঘোষণা কৰিছে। 

(৪) UNDP এ ভাৰত চৰকাৰৰ সহযোগত 2004 চনৰ জুলাই মাহত, গুজৰাট কুটছ জিলাত পৰিবৰ্তনযোগ্য শক্তিৰ ফলোৎপাদক ব্যৱস্থাৰ বাবে এটা চাৰিবছৰীয়া আঁচনি আৰম্ভ কৰিছে। 

(৫) UNDP এ ভাৰতত সমীৰায় স্বাস্থ্যসেৱাৰ আৰ্থিক সাহায্য শীৰ্ষক আঁচনিত সমর্থন আগবঢ়াইছে, যিহেতুকে স্বাধীনতাৰ 50 বছৰৰ পিছতো ইয়াৰ গ্ৰাম্য আৰু চহৰৰ বস্তি অঞ্চলৰ জনসাধাৰণৰ বেছিভাগেই স্বাস্থ্যসেবা পদ্ধতিৰ পৰা বঞ্চিত হৈ আহিছে। 

(৬) উন্নয়নশীল বিশ্বৰ দেশসমূহৰ সামুহিক শিক্ষা কেন্দ্ৰবোৰত কাৰিকৰী প্রশিক্ষণ দিবৰ বাবে 2004 চনৰ 23 জানুৱাৰীত UNDP এ এটা নতুন আঁচনি আৰম্ভ কৰিছে। 

5. শিশু কল্যাণৰ ক্ষেত্ৰত UNICEFৰ ভূমিকা আলোচনা কৰা।

উত্তৰ: 1946 চনত প্ৰতিষ্ঠিত UNICEF এ অনগ্ৰসৰ শিশুসকলৰ উন্নয়নত একানপতীয়াকৈ মনোনিবেশ কৰি আহিছে।

 UNICEF এ স্বাস্থ্য, শিক্ষা, মেলেৰিয়া নিৰ্মূলকৰণ, পুষ্টিকৰণ, গ্রাম্য বিকাশ, পৰিয়াল আৰু শিশু কল্যাণ আৰু শিশু কল্যাণ বৃদ্ধি কৰিবলৈ আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ সামাজিক আৰু মানৱতাবাদী প্ৰচেষ্টাৰ স্বীকৃতি হিচাপে 1963 চনত নোবেল শান্তি পুৰস্কাৰ পায়। ভাৰতত শিশুৰ বাবে উৎকৃষ্টতম পৰিবেশৰ বাবে UNICEF এ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে আৰু ভূ-জলৰ উৎসবোৰত অতিৰিক্ত ফ্ল’ৰাইড সমস্যাটো চিনাক্তকৰণ কৰিছে। ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ আদিবোৰ হ’ল আটাইতকৈ অধিক পৰিমাণৰ ক্ষতিগ্ৰস্ত ৰাজ্য।

Leave a Reply