NIOS| Political Science (317)| Notes/Answer| Chapter-31| ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী

NIOS| Political Science (317)| Notes/Answer| Chapter-31| ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter-31| ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter-31| ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী

NIOS| Political Science (317)| Notes/Answer| Chapter-31| ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী

ঐচ্ছিক মড্যুল : ১

অধ্যায় ৩১

৩১ 31.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ : 

শুদ্ধ/অশুদ্ধ বাছি উলিওৱাঃ 

1. বিশ্বশান্তি প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসংঘ হৈছে বৰ্ত্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ সংগঠন। (শুদ্ধ/অশুদ্ধ )

 উত্তৰ: শুদ্ধ 

2. বিবাদসমূহশান্তিপূর্ণভাৱে সমাধানাৰ্থে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা ঘোষণাপত্ৰ আৰু প্ৰস্তাৱসমূহ সদস্যৰাষ্ট্ৰবোৰৰ বাবে বাধ্যতামূলক। (শুদ্ধ/অশুদ্ধ) 

উত্তৰ: অশুদ্ধ

3. সকলোদিশৰ পৰা আশ্বাস নাপালে ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাকাৰীয়ে সফলতা পোৱাৰ আশাক্ষীণ। (শুদ্ধ/অশুদ্ধ) 

উত্তৰ: শুদ্ধ

4. ২০০৩ চনত আন্তর্জাতিক ন্যায়ালয়ে পেলেষ্টাইনৰ কিছুমান অঞ্চলত ইজৰালে দেৱাল নিৰ্মাণ কৰা কাৰ্য্যক অবৈধ আৰু উত্তেজক বুলি ৰায় দিছিল। (শুদ্ধ/অশুদ্ধ) 

উত্তৰ : শুদ্ধ 

5. নিৰাপত্তা পৰিষদে জাৰি কৰা অসামৰিক প্ৰতিবন্ধকতা’ বোৰ ৰাষ্ট্ৰসংঘৰ সকলো দেশে বাধ্যতামূলকভাৱে প্ৰয়োগ কৰা নাই। (শুদ্ধ অশুদ্ধ) 

31.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

 খালী ঠাঁই পূৰ কৰা : 

1. শান্তিআৰু নিৰাপত্তা ৰক্ষাৰ বাবে, ৰাষ্ট্ৰসংঘ সদস্য ৰাষ্ট্ৰবোৰৰ অৰিহণাৰে ______ সুখজ্জিত হ’ব লাগিব। 

উত্তৰ : স্থায়ী সামৰিক বাহিনী 

2. ৰাষ্ট্ৰসংঘই _______ক উত্তৰ কোৰিয়াৰ বিৰুদ্ধে সামৰিক শক্তি প্রয়োগৰ কর্তৃত্ব প্ৰদান কৰিছিল। 

উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ 

3. ৰাষ্ট্ৰসংঘই 2003 চনত ইৰাকৰ বিৰুদ্ধে কৰিব খোজা আন এখন যুদ্ধৰ বাবে আমেৰিকাই অনুমোদন বিচাৰি কৰা অনুৰোধ _________কৰিছিল। 

উত্তৰ : ইৰাক 

4. বিশ্বৰ বিভিন্ন দেশত শাস্তি পুনৰ প্ৰতিষ্ঠা বা বাহাল ৰাখিবলৈ ৰাষ্ট্ৰসংঘই প্রায় ________টা শাস্তিমূলক অভিযান চলাইছে। 

উত্তৰ: ৬০ 

5. 1993 চনত _________ৰ প্ৰশাসন সম্পৰ্কে এটা বৃহৎ অভিযান চলোৱা হৈছিল। 

উত্তৰঃ কম্বোডিয়া

31.3. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ:

 খালী ঠাই পূৰ কৰা ঃ 

1. ______অস্ত্ৰ-শস্ত্ৰই পৃথিৱীখনক জীয়াই থাকিবলৈ বিপদজনক কৰি তুলিছে।

 উত্তৰ: পাৰমাণৱিক।

 2. অস্ত্ৰ প্ৰতিযোগিতা ৰোধ কৰাৰ প্ৰথম আৰু প্ৰধান কাৰণ হ’ল পৃথিৱীত জীৱকুলৰ সংৰক্ষণ কৰা; যাৰ অৰ্থ হ’ল ________ৰ বিকল্প প্ৰয়োগেৰে অৰ্থনৈতিক উন্নয়ন সাধন কৰা । 

উত্তৰঃ সম্পদসমূহ 

3. _________এ পাৰমাণৱিক অস্ত্ৰধাৰী আৰু পাৰমাণকি অস্ত্রহীন দেশৰ মাজত বৈষম্যৰ সৃষ্টি কৰিছে।

 উত্তৰ: পৰিক্ষণ নিষিদ্ধকৰণ চুক্তি। 

4. সাধাৰণ সভাই নিৰস্ত্ৰীকৰণৰ ওপৰত _________অধিবেশন অনুষ্ঠিত কৰিছে।

 উত্তৰ: তিনি

 5. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সৰ্বাত্মক পৰমাণু নিষিদ্ধকৰণ চুক্তি (CTBT) _________ চনত অনুমোদন জনাই ।

 উত্তৰ: ১৯৯৬ ।

 পাঠ। সপ্ত অনুশীলনীৰ উত্তৰ: 

1. আমাৰ পৃথিৱীখনক শান্তিপূৰ্ণ কৰি ৰাখিবলৈ ৰাষ্ট্ৰসঘই গ্ৰহণ কৰা কাৰ্যাৱলীৰ মূল চাৰিটা দিশ কি কি ? 

উত্তৰ : আমাৰ পৃথিৱীখনক কিছু পৰিমাণে হ’লেও শান্তিপূৰ্ণ কৰি ৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ চাৰিটা মূল দিশ আছে। সেইকেইটা হ’ল—

(১) সামৰিক শক্তিৰ প্ৰয়োগকাৰী ভূমিকা পালন।

(২) এটা গুলি নুফুটোৱাকৈ ৰাষ্ট্ৰসমূহক শান্তি বাহাল ৰাখিবলৈ দিয়া সতৰ্কীকৰণৰ মাধ্যমেৰে শাস্তি প্রতিষ্ঠাকাৰীৰ ভূমিকা পালন। 

(৩) কিছুমান সদস্য ৰাষ্ট্ৰক অশান্ত অঞ্চলত বলপূর্বক হস্তক্ষেপ কৰি তেনে অঞ্চলত শান্তিবাহাল ৰাখিবলৈ অনুমতি দিয়া । 

(৪) ৰাসায়নিক অস্ত্র, লেণ্ডমাইন আদিৰ দৰে যুদ্ধৰ সামগ্ৰীসমূহ হ্রাসকরণ বা সম্পূৰ্ণৰূপে নিষেধ কৰিবলৈ কৰা নিৰস্ত্ৰীকৰণৰ ব্যৱস্থাৱলী ইত্যাদি। 

2. ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাকাৰীৰ ভূমিকাৰ কেইটামান উদাহৰণ আলোচনা কৰা। 

উত্তৰ : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে 1950 চনত কাশ্মীৰ সমস্যাটো বন্ধুত্বপূর্ণভাবে সমাধান কৰিবলৈ মধ্যস্থতাকাৰী পঠিয়াই যদিও এই চেষ্টা বিফল হয়। 1962 চনৰ কিউবান মিছাইল সংকটটো হ’ল এটা উজ্বল উদাহৰণ য’ত সচিবপ্রধান হউ থান্টৰ মধ্যস্থতাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত প্ৰত্যক্ষ সামৰিক সংঘাট এৰাই চলিবলৈ সহায় কৰিছিল। 1987 চনত আফগানিস্তাৰ পৰা ছোভিয়েট সেনা অপসাৰণ কৰিবলৈ এখন চুক্তি স্বাক্ষৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই সফলতাৰে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল। 1991 চনত কম্বোডিয়াৰ সমস্যাটোৰ ক্ষেত্ৰতো একে ধৰণে মধ্যস্থতাকাৰীৰ ভূমি পালন কৰা হৈছিল। বৰ্তমানেও ছোমালিয়া, চাইপ্ৰাছ, পশ্চিম ছাহাৰা আদিৰ সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰায় দুই ডজন মধ্যস্থতাকাৰীয়ে কাম কৰি আছে।

সীমান্ত উলংঘন, নিষিদ্ধ অস্ত্ৰ ব্যৱহাৰ আৰু আন আন অভিযোগবোৰৰ সত উদ্ঘাটন বা নিৰপেক্ষ অনুসন্ধানৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই সহায় কৰি আহিছে। আৰু, ইজৰাল সংঘাটৰ ক্ষেত্ৰত 1967 চনত ৰাষ্ট্ৰসংঘই এটা নিৰ্দেশনা দিছিল বিয়ে ইজৰাইল আৰু পেলেষ্টাইন উভয়কে নিৰাপদ সীমাৰেখাৰ ভিতৰত বাস হার অধিকাৰক স্বীকৃতি প্ৰদান কৰিছিল। মাজে সময়ে ন্যায়িক সংগঠন, বিশ্ব আদালতেও দেশসমূহে উত্থাপন কৰা অভিযোগবোৰৰ ৰায় প্ৰদানৰ মাধ্যমেৰে শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উদাহৰণস্বৰূপে 2003 চনত এই আদালতে অধীকৃত পেলেষ্টাইনৰ অঞ্চলসমূহত ইজৰাইলৰ এখন দেৱাল নির্মাণক অবৈধ আৰু উত্তেজনা বুলি ৰায় দিছিল। সাধাৰণ সভাই পিছলৈ ইজৰাইলক আদালৰ মতামতক মানি চলিবলৈ আহ্বান জনাইছিল। 

3. ৰাষ্ট্ৰসংঘই কি কি বিভিন্ন ধৰণৰ অসামৰিক প্ৰতিবদ্ধকতা আৰোপ কৰিছে?

উত্তৰ : ৰাষ্ট্ৰসংঘই সাধাৰণতে ৰাষ্ট্ৰসমূহৰ মাজত শান্তি বাহাল ৰাখিবলৈ সাধাৰণ পৰামৰ্শমূলক পদ্ধতি অৱলম্বন কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে ৰাষ্ট্ৰসংঘই ইয়াৰ পৰামৰ্শ অমান্য কবি বিশ্ব শান্তিৰ বাবে ভাবুকিস্বৰূপ হৈপৰা দেশৰ বিৰুদ্ধে, একো কৰিব নোৱাৰে বা একো ব্যৱস্থা গ্ৰহণ কৰা নাই। অস্ত্ৰৰ প্ৰয়োগ বা সামৰিক শক্তিৰ প্ৰয়োগ অবিহনে, শান্তিৰ প্ৰতি ভাবুকিস্বৰূপ হৈপৰা দেশ বা চৰকাৰৰ বিৰুদ্ধে বাধা নিষেধ আৰোপ কৰি শান্তিবাহাল ৰখাৰ ক্ষমতা আছে। এইবোৰ “অসামৰিক বাধা-নিষেধ’ৰ নিৰাপত্তা পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰসংঘৰ সকলোবোৰ সদস্য দেশে বাধ্যতামূলকভাৱে প্ৰয়োগ কৰিব লাগে ৷ 

‘বাধানিষেদবোৰ’শান্তিৰ প্ৰতি ভাবুকি হৈ পৰা দেশক এলাগী বা শাস্তি বিহিবলৈ শক্তিশালী পদক্ষেপ। বাধানিষেধ সামৰিক শক্তি প্রয়োগক নুবুজায়। বাধানিষেদৰ অৰ্থ হ’ল— নিৰ্ধাৰিত দেশ আৰু বিশ্বৰ আন আন অংশৰ লগত কূটনৈতিক সম্পর্ক ছেদ কৰা, অস্ত্ৰ-শস্ত্ৰ আৰু খাৰ বাৰুদৰ বিক্রীত বাধা দিয়া, তেল তথা ঔষধ জাতীয় কোনো সামগ্ৰী বা আটাইবোৰ সামগ্রী আমদানি আৰু ৰপ্তানিৰ ওপৰত বাধা-নিষেধ আৰোপ কৰা, বিদেশী বেংকত থকা পুঁজি বন্ধকৰি দিয়া ইত্যাদি। এই পদক্ষেপবোৰৰ লক্ষ্য হ’ল নির্দিষ্ট দেশৰ আপত্তিজনক কাৰুকাৰ্যবোৰ বন্ধ কৰাটো নিশ্চিত কৰা। 

4. সামৰিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ কিয় নিজাববীয়া সামৰিক শক্তি নাই। 

উত্তৰ : ৰাষ্ট্ৰসংঘৰ বাবে বিশ্ব শান্তি ইমানেই গুরুত্বপূর্ণ যে এখন দেশে আন এখন দেশক কৰা আক্ৰমণ বন্ধ বা প্রতি আক্ৰমণ কৰিবলৈ এই সংগঠনটোক সামৰিক শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ক্ষমতাশীল কৰিবলৈ প্ৰতিষ্ঠাপকসকলে দ্বিধাবোধ কৰা নাছিল। এই উদ্দেশ্যে সদস্য ৰাষ্ট্ৰবোৰৰ অৰিহণাৰে ৰাষ্ট্ৰসংঘক শক্তিশালী সামৰিক সৈন্যবাহিনীৰে সুসজ্জিত কৰি তুলিব বিচৰা হৈছিল। ৰাষ্ট্ৰসংঘ আৰু সচিব প্ৰধানৰ নেতৃত্বত আক্ৰমণকাৰী দেশৰ বিৰুদ্ধে যুঁজ দিব বিচৰা এই সামৰিক কৌশল বাস্তৱৰ পৰিণত নহ’ল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ দৰে শক্তিশালী দেশবোৰৰ এই বিষয়ত তীব্ৰ মতানৈক্য আছিল। এই কাৰণেই প্ৰতিষ্ঠাৰ পাঁচ দশকৰ পিছতো আক্ৰমণকাৰী দেশৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ নিজাববীয়াকৈ সামৰিক শক্তিনাই। ৰাষ্ট্ৰসংঘৰ এই সীমাবদ্ধতাৰ বাবে আক্ৰমণকাৰী দেশৰ বিৰুদ্ধে ই স্বাধীন বা স্বাভাৱিকভাবে কোনো সামৰিক কাৰ্যব্যৱস্থা ল’ব নোৱাৰে। 

তাৰোপৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মাজত হোৱা শীতল যুদ্ধৰ বাবে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰে আক্ৰমণ দেশৰ চিনাক্তকৰণৰ ক্ষেত্ৰত ঐক্যমতত উপনিত হ’ব পৰা নাই। শীতলযুদ্ধৰ এই দুটা প্ৰতিদ্বন্দ্বী তথা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যই প্রায়ে বিবাদত লিপ্ত দেশক সমৰ্থন কৰে আৰু ‘ভেটো’ ক্ষমতাৰ সহায়ত তেওঁলোকৰ মিত্ৰশক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত বাধা দিয়ে। এইদৰে শীতল যুদ্ধৰ সময়ত বেছিভাগ সময়তেই নিৰাপত্তা পৰিষদ আচল হৈ পৰিছিল। 

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

5. শাস্তি ৰক্ষা কি? কিহৰ কাৰণে এই অভিযান চলোৱা হয় ?

 উত্তৰ : সামৰিক কাৰ্যব্যৱস্থাৰ তুলনাত বিশ্বশান্তি প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা ব্যৱস্থাৱলী অধিক গুৰুত্বপূৰ্ণ। এই গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলী অৱশ্যে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ভবা হোৱা নাছিল। অৱশ্যে ৰাষ্ট্ৰসংঘই ইয়াৰ প্ৰথম বছৰৰ পৰাই। এই কৌশলবোৰ প্ৰয়োগৰ চেষ্টা চলাইছিল ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষামূলক ব্যৱস্থালীৰ প্ৰথম আৰম্ভণি 1948 চনত হয় যেতিয়া প্ৰথম আৱৰ ইজৰাইলৰ যুদ্ধৰ পিছত শাস্তি প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসংঘই ইয়াৰ সামৰিক পৰ্যবেক্ষকৰ দল এটা পঠিয়ায়। তেতিয়াৰ পৰা আফ্ৰিকা, এছিয়া, ইউৰোপ আৰু দক্ষিণ আমেৰিকা এই চাৰিখন মহাদেশৰ দেশসমূহৰ বিভিন্ন অঞ্চলত শান্তি পুনৰ প্ৰতিষ্ঠা বা বাহাল ৰাখিবলৈ ৰাষ্ট্ৰসংঘই 60 ৰ অধিকবাৰ শাস্তিৰক্ষী বাহিনী পঠিয়াইছে। তেনে দুটা অভিযানে ভাৰত আৰু পাকিস্তানৰ মাজত শাস্তি পুনৰ প্ৰতিষ্ঠা কৰিছিল। 

6. ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ প্ৰচেষ্টাৰ কিছুমান দিশ আলোচনা কৰা।

উত্তৰ : আৰম্ভণিৰেপৰা ৰাষ্ট্ৰসংঘই নিৰস্তিকৰণত সক্রিয় ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাষ্ট্ৰসংঘইৰ প্ৰচেষ্টাত ভালেমান নিৰস্ত্ৰীকৰণ চুক্তি সম্পাদিত হৈছে। ইয়াৰে কিছুমান নিঃসন্দেহে বিতর্কিত। উদাহৰণস্বৰূপে, 1968 চনৰ ‘পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধকৰণ’ চুক্তিৰ কথা ক’ব পাৰি। এই চুক্তি অনুযায়ী পাৰমাণৱিক অন্ত নথকা দেশসমূহক এই অস্ত্ৰ আহৰণৰ পৰা বিৰত ৰাখিব বিচৰা হৈছিল, আত্মহাতে একেসময়তে, পাৰমাণৱিক অস্ত্ৰধাৰী দেশসমূহক তেওঁলোকৰ অস্ত্ৰ ভাণ্ডাৰ বৃদ্ধি কৰিব পৰা ব্যৱস্থা কৰা হৈছিল। ভাৰতৰ দৰে বহুতো দেশে এই বৈষম্যৰ বিৰোধিতা কৰি ইয়াত চহী কৰিবলৈ অস্বীকাৰ কৰিছিল। 

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে নিৰস্ত্ৰীকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কত বিশ্বৰ দৃষ্টি আকৰ্ষণৰ বাবে তিনিখন বিশেষ অধিবেশন আহ্বান কৰিছিল। সেই অধিবেশন কেইখনে পাৰমাণৱিক আৰু পৰম্পৰাগত অস্ত্ৰ-শস্ত্ৰৰ হ্ৰাসকৰণত বিশ্বৰ জনমতক সৈমান কৰিব পাৰিছিল। কিন্তু শীতল যুদ্ধৰ উত্তেজনাময় পৰিস্থিতিৰ বাবে কোনো নিশ্চিত ফলাফল লাভ কৰিব পৰা নগ’ল। 

Leave a Reply