NIOS| Political Science (317)| Notes/Answer| Chapter-24| সু-শাসন

NIOS| Political Science (317)| Notes/Answer| Chapter-24| সু-শাসন মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter-24| সু-শাসন

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter-24| সু-শাসন

NIOS| Political Science (317)| Notes/Answer| Chapter-24| সু-শাসন

খণ্ড ২

অধ্যায় ২৪

 24.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 

খালী ঠাই পূৰ কৰা ঃ

1. শাসন জড়িত হৈ থাকে_______সংগঠনৰ লগত যাতে মানুহৰ জীৱনৰ ______উন্নতি কৰিব পৰা যায়। (কৌশলৰ ৰাজৰ সংগ্ৰহৰ আঁচনিৰ ঃ মানদণ্ড / পৰিবাৰিক সম্পৰ্ক)

উত্তৰ : শাসন জড়িত হৈ থাকে কৌশলৰ সংগঠনৰ লগত যাতে মানুহৰ জীৱনৰ মানদণ্ড উন্নতি কৰিব পৰা যায়। 

2. কৌটিল্যৰ সু-শাসনৰ ভিত্তি হ’ল ________প্রশাসন। (যত্নবান মানুহৰ/কৰ্তৃত্বশালী আৰু স্বেচ্ছাচাৰী) 

উত্তৰঃ কৌটিল্যৰ সু-শাসনৰ ভিত্তি হ’ল যত্নবান মানুহৰ প্ৰশাসন ৷ 

3. সু-শাসনৰ ধাৰণাটো প্রশাসনিক আলোচনাত জনপ্ৰিয় হৈ উঠিছে________(বিশ্ব বেংকৰ প্রতিবেদন 1989 আৰু 1992 | মেকিয়ভেলিত ‘দ্যা প্রিন্স’) 

উত্তৰ : সু-শাসনৰ ধাৰণাটো প্ৰশাসনিক আলোচনাত জনপ্ৰিয় হৈ উঠিছে বিশ্ব বেংকৰ প্ৰতিবেদন 1989 আৰু 1992। 

4. এক শাসন ভাল হ’ব পাৰে যদিহে সি নিৰ্ভৰ কৰে _______। (মানুহৰ সন্মতিৰ ওপৰত/প্রশাসনিক বিষয়াসকলৰ অভিভাৱক সদৃশ আচৰণৰ ওপৰত) 

উত্তৰঃ এক শাসন ভাল হ’ব পাৰে যদিহে সি নিৰ্ভৰ কৰে মানুহৰ সন্মতিৰ ওপৰত। 

24.2 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাঁই পূৰ কৰা ঃ

1. দুর্নীতি হ’ল ব্যক্তিগত লাভালাভৰ বাবে কৰ্তৃত্বৰ _______প্রয়োগ। (আইনগত বৈধ/ বৈ-আইনী অবৈধ) 

উত্তৰঃ দুৰ্নীতি হ’ল ব্যক্তিগত লাভালাভৰ বাবে কৰ্তৃত্বৰ বৈ-আইনী অবৈধ প্রয়োগ। 

2. দুৰ্নীতি ৰাজহুৱা জীৱনৰ ______লগত জড়িত। (গোপনীয়তা / সাধুতা ) 

উত্তৰ : দুৰ্নীতি ৰাজহুৱা জীৱনৰ সাধুতাৰ লগত জড়িত।

 3. দুৰ্নীতি হ্ৰাস কৰিব পাৰি ________(সৰলীকৰণৰ নীতি-নিৰ্দেশনাৰ পুনৰ উত্থানৰ দ্বাৰা)

উত্তৰঃ দুৰ্নীতি হ্ৰাস কৰিব পাৰি- -সৰলীকৰণৰ দ্বাৰা ।

4. জনসংখ্যা সুস্থিৰ কৰা হৈছে— (উত্তৰ প্ৰদেশ/ কেৰেলাত)

 উত্তৰ : জনসংখ্যা সুস্থিৰ কৰা হৈছে— কেৰেলাত।

 5. ______হিংসা হ’ল এক বৃহৎ ভাবুকি । (আইনৰ শাসনৰ/আৰক্ষীৰ) 

উত্তৰ: আইনৰ শাসনৰ হিংসা হ’ল এক বৃহৎ ভাবুকি । 

24.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

 খালী ঠাই পূৰ কৰা ঃ

1. সুশাসন পাব পাৰি______ মাজেৰে। (মানুহৰ অন্তৰ্ভুক্তিৰ / কেৱল প্রশাসনিক বিষয়াৰ)

উত্তৰঃ সু-শাসন পাব পাৰি মানুহৰ অন্তৰ্ভুক্তিৰ মাজেৰে ।

2. কম্পিউটাৰ প্ৰয়োগে সেৱাসমূহৰ আহৰণ ________কৰে। (খৰছী/ সহজলভ্য) 

উত্তৰঃ কম্পিউটাৰ প্ৰয়োগে সেৱাসমূহৰ আহৰণ সহজলভ্য কৰে ৷ 

3. ভাৰতৰ মধ্যপ্ৰদেশত মানুহক এক সেৱাৰ যোগান ধৰা হৈছে________ মাজেদি। (জ্ঞানদৃত কাৰ্যসূচীৰ /জ্ঞান দৰ্শনৰ )

উত্তৰঃ ভাৰতৰ মধ্যপ্ৰদেশত মানুহক এক সেৱাৰ যোগান ধৰা হৈছে রোনত কাৰ্যসূচীৰ মাজেদি ।

 পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ 

1. সুশাসনৰ অৰ্থ আৰু ধাৰণাৰ ব্যাখ্যা কৰা । 

উত্তৰঃ সু-শাসনৰ ধাৰণাটো বুজি উঠিবলৈ আমি প্রথমে শাসন’ শব্দৰ অৰ্থ উপলব্ধি কৰাটো প্ৰয়োজনীয়। শাসন কি? ইয়াক ক্ষমতাৰ প্ৰয়োগ আৰু কৰ্তৃত্বৰ লগত ব্যাখ্যা কৰা হয়, যিসকল চৰকাৰত থাকে আৰু ব্যক্তিৰ উমৈহতীয়া কল্যাণ আৰু সৰ্বসাধাৰণৰ প্ৰয়োজনীয়তা তথা আশা-আকাংক্ষা পূৰণৰ বাবে কিছুমান সামগ্ৰী তথা সেৱাৰ যোগান ধৰে। শাসন, সেয়েহে, ক্ষমতা, যুদ্ধ-কৌশল, আঁচনি, নীতি, প্ৰকল্প ইত্যাদিৰ লগত জড়িত, যাৰ উদ্দেশ্য হ’ল জীৱনৰ গুণগত মানৰ উন্নতি কৰা । মানুহে আশা কৰে যে তেওঁলোকৰ চৰকাৰে এনে এক দিশত তাৰ কাৰ্য সম্পাদন কৰে য’ত সৰ্বনিমান খৰছৰ বাবদ সৰ্বোচ্চ সুফল লাভ কৰিব পৰা যায়।শাসন তেতিয়াহে উৎকৃষ্ট/উত্তম হয়, যেতিয়া চৰকাৰৰ সিদ্ধান্ততথা কাৰ্যাৱলী মানুহৰ সন্মতি, বৈধতা আৰু দায়বদ্ধতাৰ ভিত্তিত গঢ়ি উঠে। এইদৰেই ক’ব পাৰি যে, সু-শাসন, উচ্চ গুণমানবিশিষ্ট শাসনৰ লগত সাঙোৰ খাই আছে। সমাজৰ সকলো অংশই আজি তেওঁলোকৰ সাসনৰ ভিত্তিত তেওঁলোকৰ চৰকাৰ বিচাৰ কবে। পূৰ্বতে, জোৰ-জবৰদস্তি বল প্রয়োগ কৰা ৰাষ্ট্ৰক সু-শাসনৰ সৰ্বোকৃষ্ট কাৰ্য্যকৰী আহিলা হিচাপে চিহ্নিত কৰা হৈছিল ৷ 

আধুনিক সময়ত, সু-শাৰনে সুনিশ্চিত/জ্ঞানোজ্বল নাগৰিকত্ব আৰু দায়বদ্ধ তথা সাংবিধানিক চৰকাৰক আঙুলিয়াইছিল। সু-শাসন আজিৰ ‘উন্নয়নমূলক’ অৱধাৰণাৰ এটা প্ৰধান দিশ। বিতৰ্ক কেৱল কিদৰে উন্নয়ন কঢ়িয়াই আনিব লাগে, সেই প্রশ্নৰ লগতে ই জড়িত। এইটো এটা প্রকৃতিগতভাৱে অন্তৰ্ভুক্তিকাৰী আৰু সকাৰাত্মক ধাৰণা। ই অন্তৰ্ভুক্তিকাৰী, যিহেতু উন্নয়নৰ প্ৰক্ৰিয়াত মানুহক সাঙুৰি লোৱাটো ইয়াৰ উদ্দেশ্য। এনেকৈয়ে ক’ব পৰা যায় যে, উন্নয়ন কেৱল মানৱমুখী নহয় কিন্তু ই মানৱকেন্দ্ৰীক। এক নতুন পর্যায়লৈ কৌশল, জ্ঞান আৰু উন্নয়নৰ প্রতি সন্মতি লাভ পর্যন্ত ই সকাৰাত্মক। 

2. সুশাসনৰ বৈশিষ্ট্যৰাজিৰ চিনাক্তকৰণ কৰা। সু-শাসনত দায়বদ্ধতাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ সু-শাসনৰ বৈশিষ্ট্য : সু-শাসনৰ আলোচনাত পৰৱৰ্তী গুৰুত্বপূর্ণ প্রশ্নটি হ’ল—সু-শাসনৰ বৈশিষ্টৰাজি বা প্ৰধান উপাদানসমূহ কি? এইক্ষেত্ৰত বিভিন্ন অধ্যয়ন তথা প্রতিবেদনে বহুতো বেশিষ্ট্য চিনাক্তকৰণ কৰিছে। উদাহৰণস্বৰূপে, কৌটিল্যৰ আলোচনাত তলত উল্লেখিত বৈশিষ্টসমূহে সু-শাসনৰ সংগঠনৰ কথা কৈছে— 

‌(ক) আইন আৰু শৃংখলা 

(খ) মানুহে যত্ন লোৱা প্ৰশাসন 

(গ) সিদ্ধান্তৰ ভিত্তি হ’ল ন্যায় আৰু যুক্তিসিদ্ধতা    ‌        ‌    

(ঘ) দুর্নীতিমুক্ত শালন 

বিশ্ব বেংকে তাৰ 1989 আৰু 1992 চনৰ প্ৰতিবেদন, গোলকীয় শাসন সংক্ৰান্তীয় 1995 চনৰ আয়োগ = অর্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংগঠন শীর্ষক, (The Organisation for Economic Co-operation and Development (OECD) Commission on Global Governance, 1995) ৰাষ্ট্ৰসংঘৰ উন্নয়ন প্রগ্রেম/আঁচনি (UNDP), 1997, এই সকলোবোৰে সু-শাসনৰ বৈশিষ্ট্যৰাজিৰ বিষয়ে বিষদভাৱে আলোচনা আগবঢ়াইছিল।

সু-শাসনৰ লগত সংশ্লিষ্ট বিষয়সমূহ এছিয়ান উন্নয়নৰ মৌলিক প্রতিবেদনে (Asian Development Basic Report), নিম্নলিখিত প্রশ্নকেইটিৰ ৰূপত স্পষ্টকৈ প্ৰকাশ কৰিছিল— 

(ক) মানুহে সম্পূৰ্ণকৈ শাসনত অংশগ্ৰহণ কৰেনে?

(খ) মানুহে এই বিষয়ে সুম্পূৰ্ণকৈ অৱগত নে?

(গ) মানুহে সিদ্ধান্ত গ্ৰহণ কৰেনে? অথবা সিদ্ধান্ত গ্ৰহণকাৰীক তেওঁলোকে দায়বদ্ধ কৰিব পাৰেনে ? 

(ঘ) শাসনত পুৰুষৰ মানে মহিলাও অংশীদাৰ নে? 

(ঙ) দুখীয়া আৰু অসুবিধাজনক অৱস্থাত থকা ব্যক্তিৰ প্ৰয়োজনসমূহ পূৰণ হৈছে নে ? 

(চ) ব্যক্তিৰ মনৰ অধিকাৰ নিশ্চিত নে?

(ছ) চলিত বৰ্তমানৰ আঁচনিত ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনসমূহ সাঙুলি লোৱা হৈছেনে?

(জ) মানুহে তেওঁলোকৰ শাসনৰ গাঁঠনি/সংৰচনা তৈয়াৰ কৰেনে ?

সু-শাসনত দায়বদ্ধতা ঃ প্রায় সর্বসন্মতভাৱে এটা দিশত গুৰুত্ব প্ৰদান কৰা হৈছে যে, শাসন দায়ব্ধতা নীতিৰ ভিত্তিত গঢ়ি উঠিব লাগে, যিসকলে তাৰবাবে দায়ী হয়। দায়বদ্ধতাই দৰাচলতে উনুকিয়াই যে, আমোলাতন্ত্ৰই তেওঁলোকৰ কাম কি কৰিছে আৰু কি নাই কৰা, সেইক্ষেত্ৰ জবাবদেহী হোৱা উচিত । প্রশ্ন, বিতর্ক, আলোচনা,বাজেট সম্বন্ধয়ী সন্মতি, কমিটি আৰু অন্যান্য সংসদীয় পদ্ধতিৰ যোগেদি এই দায়বদ্ধতা বা জবাবদেহী অৱস্থাক সংসদীয় ব্যৱস্থাত পৰিচালনা ততা কাৰ্যকৰী কৰা হয়। কাৰ্যপালিকাই তেওঁলোকৰ প্ৰতিনিধিৰ যোগেদি জনগণৰ আগত দায়বদ্ধ হ’ব লাগে। যেই হওঁক এইটোও সঁচা যে, এই কৌশলক্রমে অকার্যকাৰীৰূপে প্ৰমাণিত হৈছে কাৰণ বিতৰ্ক আৰু প্ৰতিনধিৰ গুণমান আৰু বৈশিষ্ট্য নিম্নগামী হৈছে, সংসদীয় ব্যৱস্থা ক্ৰমাৎ কেবিনেট ব্যৱস্থাৰ চৰকাৰলৈ ৰূপান্তৰিত হৈছে, সমাজ তথা ৰাজনীতি টুকুৰা-টুকুৰ হৈছে আৰু ৰাজনীতি অপৰাধসিক্ত হৈ পৰিছে। দ্বিতীয়তে, চৰকাৰী সিদ্ধান্ত তথা আইনৰ বৈধ বিচাৰৰ ক্ষমতাৰ যোগেদি এই দায়বদ্ধতাৰ নিশ্চিতকৰণ কৰা হয়। জনসাধাৰণে ৰাজহুৱা স্বার্থজনিত গোচৰ’ (PIL) ৰ যোগেদি ন্যায়ক হস্তক্ষেপৰ দাবী জনাই, যাতে ৰাজহুৱা জীৱন প্ৰভাৱিতকৰা কিছুমান বিশেষ বিষয়ত কাৰ্যপন্থা হাতত ল’ব পৰা যায়। এই কাৰ্যসমূহ প্রত্যক্ষ আৰু পৰোক্ষভাৱে বহুত দেশ যেনে— নিউজিলেণ্ড, কানাডা, অস্ট্রেলিয়া আৰু ভাৰতত প্ৰচলিত। অলপতে নকৈ প্ৰকাশ্য, নাগৰিক চনদ ব্যৱস্থা (System of citizen’s chooter) হৈছে ৰাজহুৱা দায়বদ্ধতাৰ এক অধিক কাৰ্যকৰী পন্থা। নাগৰিকৰ পুৰুষতান্ত্রিক/পিতৃতান্ত্রিক, আওকণীয়া, আকস্মিক আৰু কাঠচিতীয়া 

ধাৰণা হাতত লোৱা হৈছে। আমোলাতন্ত্ৰত সকলো পুৰণি সামন্ত মূল্যৰ স্থান নতুন গণতান্ত্রিক মূল্যেৰে পূৰণ কৰিব লাগে । 

এক দায়বদ্ধ শাসন ব্যৱস্থাই সেয়েহে প্ৰশাসনীক বিষয়াসকলৰ নিম্নলিখিত আচৰণগত আৰু কাৰ্যগত বৈশিষ্ট্যৰাজিক ঠাৱৰ কৰে— 

(ক) আৰ্জিত আচৰণ । 

(খ) কর্তৃত্বৰ ন্যায়সংগত প্রয়োগ। 

(গ) মানুহৰ আনন্দ প্ৰদানৰ চেষ্টা কৰা । 

(ঘ) সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত যুক্তি আৰু অভিজ্ঞতাক ভিত্তি হিচাপে প্ৰয়োগ । 

(ঙ) কৰ্মৰ গাফিলতি চিনাক্তকৰণ কৰি শাস্তিৰ বিধান। 

(চ) সময় নিৰ্ধাৰিত পৰিকল্পনা তথা আঁচনিৰ কাৰ্যকৰীকৰণ ৷ 

(ছ) প্রশাসনিক বিষয়াসকলৰ চৰিত্ৰ, বুদ্ধিমত্তা, অধ্যাবসায় শক্তিশালী তথা বিস্তাৰিত কৰা 

(জ) আনৰ লগত লেন-দেনৰ ক্ষেত্ৰত বন্ধুত্বপূৰ্ণ, কৰ্মদঢ়তা আৰু পোনপটীয়া স্বভাৱ পোষণ কৰিব লাগে ৷ 

(ঝ) কোনো কাৰ্য সম্পাদনৰ যোগ্যতা, কৰ্মৰ পৰিপক্কতা পৰিপূৰ্ণতাৰ প্ৰশ্ন আৰু কৰ্ম-কৌশল পৰিপূৰক হোৱাটো বাঞ্ছনীয়।

প্রত্যেক দেশতে বিভিন্ন সংস্থাগত আৰু আইনী ব্যৱস্থাৰ জৰিয়তে দায়বদ্ধ প্ৰশাসনৰ বৈশিষ্ট্যসমূহ পূৰণৰ ব্যৱস্থা কৰা হৈছে।

উদাহৰণস্বৰূপে, ভাৰতে কেন্দ্ৰীয় তদাৰক আয়োগ চেন্ট্ৰেল ভিজিলেন্স কমিছন আৰু মহিলা, অনুসূচীত জাতি, অনুসূচীত জনজাতি, সংখ্যালঘু আৰু পিছপৰা পৰিচালনাৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ। ই প্ৰশাসনিক পক্ষপাতিত্ব, দুৰ্নীতি, গোপনীয়তা, পৃথকীকৰণ ইত্যাদি প্ৰবৃত্তিসমূহ আঁতৰোৱাৰ প্ৰচেষ্টা চলায় । ইয়াৰ উদ্দেশ্য হ’ল প্ৰশাসনক দুখীয়াৰ প্ৰতি সংবেদনশীল, (লিংগৰ প্ৰতি) মহিলাৰ শ্ৰেণীৰ বাবে ৰাষ্ট্ৰীয় আয়োগ, ৰাষ্ট্ৰীয় শ্রমিক আয়োগ, মানৱ অধিকাৰ আৰু সংখ্যালঘুৰ বাবে ৰাষ্ট্ৰীয় আয়োগ, বাবতীয় কম্পট্রোলাৰ আৰু অডিটৰ জেনেৰেল ইত্যাদি আমোলাতন্ত্ৰত সামাজিক, আইগত-সাংবিধানিক আৰু শৃংখলাবদ্ধ সন্মতিৰ 

প্রতি সংবেদনশীল আৰু ৰাইজৰ দাবী তথা দুখৰ, অসন্তোষৰ প্ৰাত অধিক সংবেদনশীল কৰি তোলা। ইয়াৰ উদ্দেশ্য হ’ল প্রশাসনিক বিষয়াসকলৰ কাৰ্যদক্ষতা আৰু সহযোগিতাৰ (সংহতি) উন্নতি কৰা আৰু অবাঞ্ছনীয় কাৰ্য তথা আচৰণক বাধা প্ৰদান কৰা । চৰকাৰে আকৌ, বিভিন্ন ব্যৱস্থাৰ যোগেদি প্রকৃত প্রশাসনত, কার্যত দায়বদ্ধতা অনাৰ চেষ্টা কৰে।

 তলত দিয়া ধৰণে এই ক্ষেত্ৰত এক প্ৰসংগৰ সৃষ্টি কৰিব পৰা যায়— 

(১) উদ্দেশ্যৰ ব্যৱস্থাপন

(২) ৰাজহুৱা ওজৰ-আপত্তি/অসন্তোষৰ ক্ষতিপূৰণৰ কৌশল ।

(৩) তথ্য জনাৰ অধিকাৰৰ পুনৰ সংগঠন ।

(৪) ইলেকট্রনিক শাসন আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ । 

(৫) ক্ষমতাৰ গণতান্ত্ৰিকীকৰণ আৰু বিকেন্দ্ৰীকৰণ।

(৬) পাশ্বস্থ গোটৰ, বিশেষকৈ মহিলাৰ সবলীকৰণ 

(৭) ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজত ন্যায় প্রতিযোগিতা। 

(৮) বিভিন্ন নীতি, আইন তথা নিৰ্দেশনাৰ বৈধতাৰ বিচাৰ । 

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

3. সু-শাসনৰ মূল প্রতিবন্ধকতাসমূহ আলোচনা কৰা ।

উত্তৰ : ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশসমূহে সু-শাসনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। কিন্তু সকলো নাগৰিকৰ বাবে এক ন্যার্য, সাম্য তথা মুক্ত সামাজিক শৃংখলা প্রতিষ্ঠা কৰাটো তেওঁলোকৰ বাবে বৰ সহজসাধ্য নহয়। সেয়েহে প্রশ্ন উঠে, সু-শাসনৰ পথত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা কাৰকসমূহ কি? আশানুৰূপ ফলাফল লাভত ব্যর্থতা, প্রকৃতাৰ্থত বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হৈ পৰে। তলত সু-শাসনৰ দিশত প্ৰধান ভাবুকি কেইটামানৰ উল্লেখ কৰা হ’ল—

    (ক) দুর্নীতি 

    (খ) জনসংখ্যা বৃদ্ধি

 ‌‌  (গ) হিংসাৰ সংস্কৃতি

(ক) দুর্নীতিঃ ব্যক্তিগত লাভলাভৰ বাবে কৰ্তৃত্বৰ বে-আইনী অবৈধ প্রয়োগেই হ’ল দুর্নীতি। দুর্নীতি এক সার্বজনীন ৰোগ, যিয়ে প্ৰায় পৃথিৱীৰ সকলো ঠাইতে, মানুহ আৰু চৰকাৰৰ ক্ষতিসাধন কৰিছে। যেই হওক ভাৰতৰ দৰে দেশত, ই কৰ্কট ৰোগৰ আকাৰ ধাৰণ কৰিছে। কৌটিল্যৰ দিনৰে পৰা, নীতিশাস্ত্ৰৰ বিষয়টো আৰু চৰকাৰৰ সংহতি বা সহযোগিতা এক প্রধান বিচার্য বিষয়। সময়ত, ৰাজনৈতিক নেতাসকলে দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত তেওঁলোকৰ অসহায় অৱস্থাৰ প্ৰকাশ কৰিছিল আৰু দুর্নীতিক এক বিশ্বব্যাপী অৱস্থাৰূপে স্বীকৃতি দিছিল। কিন্তু সাধুতা আৰু দুৰ্নীতিৰ প্ৰশ্নই পূৰ্বৰ তুলনাত আজি সামান্য বেছি পৰিমাণে মনোযোগ আকর্ষণ | কৰিবলৈ সক্ষম হৈছে। দুৰ্নীতিৰ প্ৰকাশ তথা তাৰ বিৰুদ্ধে কার্য আঁচনি হাতত লোৱাৰ দাবী এতিটা বৃদ্ধি পাইছে। কিন্তু, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াব সকলো পদক্ষেপ ব্যৰ্থ হ’ব যেতিয়ালৈ, ৰাজনৈতিক, অর্থনৈতিক, নৈতিক তথা প্রশাসনিক, এই সকলো ধৰণৰ দুৰ্নীতি, সদিচ্ছা তথা সমৰ্পনৰ ভাৱেৰে প্ৰতিৰোধৰ ব্যৱস্থা কৰা নহয়। দুৰ্নীতিৰ ভাবুকিৰ পৰা এক সু-শাসন লাভ কৰিবলৈ, তলত দিয়া পদক্ষেপসমূহ প্রয়োজনীয়- 

(১) ৰাজনীতিকাৰী, প্ৰশাসক আৰু অপৰাধীৰ মাজৰ সম্পৰ্ক ছিন্ন কৰা ।

(২) এক মূল্য-কাৰ্যকৰী প্ৰশাসনিক ন্যায়ৰ ব্যৱস্থা কৰা ।

(৩) ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় পৰ্যায়ত ৰাজহুৱা স্বার্থজনিত গোচৰৰ বাবে আদালত স্থাপন কৰা ৷

(৪) তথ্য জনাৰ অধিকাৰ অধিক কাৰ্যকৰী কৰা । 

(৫) স্বায়ত্ব শাসন সংক্রান্তীয় স্বাধীনতা, কৌশল, ভাৱধাৰাগত পৰিৱৰ্তন, সামাজিক সমস্যাৰ দিশত সজাগতা ইত্যাদি ক্ষেত্ৰত আইন বলবৎকাৰী অভিকৰণসমূহ শক্তিশালী কৰা ৷ 

(৬) দুৰ্নীতিৰ অভিযোগ গ্রহণ কৰি ততালিকে দুৰ্নীতিত লিপ্তসকলৰ সম্পত্তিসমূহ বাজেয়াপ্ত কৰিব লাগে ৷ যেতিয়া ব্যক্তিজন নির্দোষী বুলি প্রমাণিত হয়, তেতিয়াহে সেই সম্পত্তিসমূহ ঘূৰাই দিব লাগে । 

(৭)নীতি, নিৰ্দেশনা আৰু কৰ্ম পদ্ধতি সৰলীকৰণ কৰি প্ৰশাসনিক কাৰ্যাৱলীৰ উন্নতি সাধন কৰিব লাগে ৷ 

(৮) সমাজক আইন শাসন’ ব্যৱস্থাত সন্মতি প্ৰদান কৰাৰ দিশত চালিত কৰা/আগবঢ়াই নিয়া।

(খ) জনসংখ্যা বৃদ্ধিঃ সু-শাসন কেৱল কাৰ্যকৰী আইন, পদ্ধতি তথা ৰীতি- নীতিত লগৰেই সংযুক্ত হয়, ই দেশৰ আৰ্থিক, সামাজিক সম্পদৰাজি এনেভাৱে আগবঢ়াই নিয়া ততা ব্যৱহাৰ কৰাত লগতো সংযুক্ত যাতে সমাজৰ সকলো সদস্যইতাৰপৰা উপকৃত হ’ব পাৰে। ততাপি,আমি দেখিবলৈ পাইছো যে, উন্নয়নৰ পদক্ষেপসমূহে দৰিদ্ৰতা দূৰীকৰণ, নিবনুৱা সমস্যা, নিৰক্ষৰতা আৰু সমাজৰ সকলো নাগৰিকৰ বাবে ন্যায্য প্রাথমিক শিক্ষা, স্বাস্থ্য, খাদ্য পানী আৰু এক আশ্রয়স্থল ইত্যাদিৰ দিশত ব্যৰ্থ হৈছে। ভাৰতৰ স্বাধীনতাৰ সময়ৰ 35 কৌটি জনসংখ্যাৰ পৰা আজি 100 কৌটিতকৈও অধিক জনসংখ্যা এক বিচার্য বিষয় হৈ উঠিছে। যদিও ভাৰতৰ কিছুমান ৰাজ্য যেনে— কেৰেলা, তামিলনাড়ু, গোৱা আৰু মণিপুৰে ইতিমধ্যেই জনসংখ্যাৰ দিশত সুস্থিৰতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, এতিয়াও কিছুমান ৰাজ্য যেনে— উত্তৰ প্ৰদেশ, মধ্য প্রদেশ, ৰাজস্থান, বিহাৰ, যিয়ে তাৰ জনসংখ্যাৰ দিশত সুস্থিৰতা প্রাপ্ত কৰিবলৈ এক দীর্ঘ সময়ৰ প্রয়োজন হ’ব। 

আচর্যজনকভাৱে বর্ধিত এই জনসংখ্যাৰ ভাৰ বহন কৰিবলৈ এক বৃহৎ আকাৰৰ সম্পদৰ প্ৰয়োজন হয়। সেয়েহে মাটি, বায়ু আৰু জল সম্পদৰ চাহিদাও ক্রমাৎ বৃদ্ধি পাইছে। এই বর্ধিত জনসংখ্যাক সমুচিত শৈক্ষিক আৰু স্বাস্থ্যজনতি সা সুবিধা, খাদ্য, বাসস্থান আৰু নিয়োগৰ সুবিধা প্ৰদান কৰাটো ভাৰতৰ যিকোনো চৰকাৰৰ বাবে এক কঠিন কাম। তাৎক্ষণিকভাৱে বৃদ্ধি পোৱা জনসংখ্যা, প্রকৃততে, সু-শাসন বিনষ্ট কৰাৰ এক কাৰক। শিক্ষাৰ বিস্তাৰ প্ৰসাৰ, সজাগতা, স্বাস্থ্যজনিত শিক্ষা, মানুহৰ অন্তৰ্ভুক্তি তথা উন্নয়ন ইত্যাদিৰ যোগেদি জনসংখ্যা সুস্থিৰ কৰিব পৰা যায় ৷

(গ) হিংসাৰ সংস্কৃতি ঃ অবৈধ শক্তিত আশ্ৰয় লোৱাটো এক আইন-শৃংখলাৰ সমস্যা হিচাপে গণ্য কৰা হয়। কিন্তু যেতিয়া আমি তাক সু-শাসনৰ নীতিৰ দৃষ্টিভংগীৰে পৰীক্ষা কৰো, তেতিয়া স্পষ্ট হৈ পৰে যে, শান্তি আৰু শৃংখলা হৈছে 

উন্নয়নৰ প্ৰথম খোজ। ধর্ণা-অৱৰোধ, গোলমাল, সন্ত্রাসবাদী আক্রমণ এইসমূহে ক্ষতিকাৰক হিংসাৰ সংস্কৃতিৰ বাৰ কঢ়িয়ায়। জনগণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা তথা সুৰক্ষাৰ দিশত শংকামুক্ত হ’ব পাৰিলেহে এখন চৰকাৰে অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক উন্নয়নত চকু দিব পাৰিব । তদুপৰি, সন্ত্ৰাসবাদ আইনগত শাসনৰ দিশত এক বৃহৎ ভাবুকি, কাৰণ সন্ত্রাসে আইনৰ স্থান সলনি কৰে আৰু আইন উৎখাত কৰিব বিচাৰে। সন্ত্ৰাসবাদ প্ৰগতিৰ এক প্ৰতিবন্ধক। কোনো উদ্যোগপতিয়ে এনে এক এলেকাত টকা খটুৱাব নিবিচাৰে, যি হিংসা আৰু সন্ত্রাসবাদী কার্যকলাপে গ্ৰাহ কৰি আছে। এই কাৰ্যই অৱশেষত, নিয়োগ, স্বাস্থ্য, শিক্ষা আৰু মানুহৰ অন্যান্য সেৱাৰদিশত বিৰূপ প্ৰভাৱ পেলায়। এইক্ষেত্ৰত মানুহৰ সামাজিক জীৱন থমকি ৰয় আৰু মানুহ প্রায় গৃহবন্দী হৈ পৰে আৰু যদি তেওঁলোকে হিংসা আৰু সন্ত্ৰাসৰ ছাঁত জীৱন নিয়াই, তেতিয়া বিভিন্ন প্ৰকাৰৰ মানসিক যন্ত্ৰণাত ভুগে। মানৱ অধিকাৰৰ বিষয়টোও এইক্ষেত্ৰত আগলৈ আহে ৷ সৰ্বসাধাৰণৰ মানৱ অধিকাৰক কাচিৎহে সন্ত্রাসবাদীয়ে সন্মান কৰে। কিন্তু যেতিয়া চৰকাৰে সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ পাশবিক নাৰকীয় বল প্রয়োগ কৰে, সেই সময়ত, ৰাজ্যিক আৰক্ষীয়ে সৰ্বসাধাৰণ নাগৰিকৰ মানৱ অধিকাৰ ভংগ কৰে ৷ আইন ভংগকাৰীৰ সৈতে কথোপকথন, আলোচনা, প্রকৃত ওজব-আপত্তি প্ৰতিকাৰ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ওচৰচুবুৰীয়া আৰু বহলভাৱে আন্তৰ্জাতিক চৰকাৰসমূহৰ অন্তৰ্ভুক্তি, ইত্যাদিৰ যোগেদি এই তীব্ৰ ভাবুকিটো (সন্ত্রাসবাদ) স্পষ্ট দৃষ্টিভংগী, সাহস তথা উপলব্ধিৰে মেকাবিলা কৰাটো আৱশ্যকীয়। 

4. ভাৰত চৰকাৰে হাতত লোৱা সুশাসনৰ উপায়সমূহ বর্ণনা কৰা ৷ 

উত্তৰঃ সু-শাসনৰ লক্ষ্যত উপনীত হোৱাৰ দিশত হাতত ল’ব পৰা পৰিমাণৰ আমি এক দীঘল সূচী যুগুত কৰিব পাৰো। এক সৎ, স্বচ্ছ, উপযুক্ত কাৰ্যকৰী, আইনৰ প্ৰতি আনুগত্যশীল শাসন ব্যৱস্থা লাভ কৰিবলৈ জনগণৰ অংশগ্ৰহণ নিশ্চিতকৰণ আৰু কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ, এই দুই উপায় বিষয়ে আলোচনা কৰা হ’ল। 

(১) সু-শাসনৰ বাবে জনগণৰ অংশগ্রহণ : শাসন প্ৰক্ৰিয়াত, জনগণৰ অংশগ্রহণে এক অগ্ৰণী স্থান দখল কৰিবলৈ সক্ষম হৈছে। সিদ্ধান্ত গ্ৰহণৰ আৰু সিদ্ধান্ত কাৰ্যকৰীকৰণত জনগণৰ মানুহৰ অন্তৰ্ভুক্তিয়ে নিম্নোক্ত কাৰ্যৰ স্বীকৃতি প্ৰদান কৰে। 

(ক) আওকণীয়া আৰু নিষ্ফল আমোলাতন্ত্ৰক আটক কৰে। অন্য অৰ্থত মানুহে প্ৰশাসনক কাৰ্যক্ষম আৰু সময়োপযুক্ত কৰাৰ দিশত হেঁচা প্ৰদান কৰে।

(খ) ই দায়িত্বশীল আৰু জবাবদেহী প্ৰশাসনৰ আহিলা। 

(গ) ইস্ব-শাসন আৰু উন্নয়নমুখী প্রসাসনৰ এক মাধ্যম।

(ঘ) ই স্থানীয় উন্নয়নৰ বাবে স্থানীয় সম্পদৰাজিৰ আহৰণ তথা প্ৰয়োগকাৰী হিচাপে কাৰ্য কৰে। 

মানুহে এই ভূমিকা পালন কৰিব পাৰে এফালে যিকোীনো সামাজিক সংগঠন, প্রভাৱ গোষ্ঠী, আগ্রহ-গোষ্ঠী, কল্যাণকামী সংগঠন, ৰাজনৈতিক দল আদিৰ সদস্য হৈ বা আনফালে স্থানীয়, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত চৰকাৰ বা আমোলাতন্ত্ৰৰ অংশ হৈ। চৰকাৰে গণতান্ত্রিক বিকেন্দ্ৰীকৰণ পঞ্চায়ত আৰু মিউনিচিপালিটিসমূহ, পৰামৰ্শমূলক সংস্থা আৰু আলোচক কমিটি আৰু সংগঠন ইত্যাদিৰ জৰিয়তে জনগণৰ অন্তৰ্ভুক্তি বিচাৰে। 

নাগৰিকৰ আশা-আকাংক্ষা পূৰণৰ বাবে এক নীতিৰ দাবী তুলিবলৈ মানুহে তেওঁলোকক সংগঠিত কৰিব লাগে। তেওঁলোকে সমূহৰ ৰূপত সংগঠিত হ’ব লাগে যাতে চৰকাৰৰ গণ-সৌহাদ্যপূর্ণ সিদ্ধান্তত সন্মতি প্ৰদান আৰু জনবিৰোধী কাৰ্যৰ বিৰোধিতা কৰিব পাবে। এইক্ষেত্ৰত নর্মদা বচাও আন্দোলন, পিপুলদ ইনিছিয়েটিভ, হেল্প এজ ইণ্ডিয়া, ক’মন কজ শিক্ষা বচাও আন্দোলন ইত্যাদি সংগঠনৰ নাম উল্লেখ কৰিব পাৰো। মানুহে সেয়েহে, চৰকাৰ আৰু প্ৰশাসনৰ সপক্ষে তথা বিপক্ষে মত গঠনৰ দিশত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। এই সময়ত ব্যক্তিয়ে সমাজৰ ভিতৰৰ বা সমাজ আৰু ৰাষ্ট্ৰৰ মাজৰ সংঘাত মীমাংসাৰ বাবে ক্ৰিয়া কৰে। ব্যক্তিয়ে মানুহৰ ক্রিয়া-প্রতিক্ৰিয়া আৰু তেওঁলোকৰ ভূমিকাৰ বিষয়ে তথ্য যোগান ধৰে, মানুহ আৰু আমোলতন্ত্ৰৰ মাজত এক যোগসূত্র  হিচাপেও ক্ৰিয়া কৰে। এই প্ৰত্যুত্তৰৰ পৰা প্ৰশাসনিক বিষয়াসকলে সেই অৱস্থাৰ প্ৰতিকাৰৰ চেষ্টা কৰে। আগেয়ে শিক্ষাৰ স্তৰ, তথ্য, চৰকাৰ সম্পৰ্কীয় জ্ঞান মানুহৰ অংশগ্ৰহণৰ ৰাজনৈতিক আৰু অর্থনৈতিক প্ৰস্থিতি/অৱস্থানৰ বাবে এক বৃহৎ সংখ্যক স্থানীয় শাসন ব্যৱস্থাৰ বাহিৰত অৱস্থান কৰিছিল। সেয়েহে, উন্নয়ন | তথা সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত দুখীয়া স্তৰক অন্তৰ্ভুক্ত কৰিবলৈ আমাৰ দেশে এক বিবেচনাপূৰ্ণ প্ৰচেষ্টা হাতত লৈছে। পঞ্চায়তীৰাজ আৰু চহৰাঞ্চলৰ স্থানীয় শাসনত মহিলাৰ বাবে 33.3 শতাংশ আসন আৰক্ষণ, এই দিশৰ এক প্ৰচেষ্টা। স্থানীয় শাসন এলেকাত তেওঁলোকৰ জনসংখ্যাৰ ভিত্তিত (SC/ST-ৰ বাবে) অনুসূচীত জাতি-জনজাতিৰ বাবে আৰক্ষণৰ ব্যৱস্থা আছে। উদাহৰণস্বৰূপে যদি এখন জিলাৰ 20 শতাংশ অনুসূচীত জাতিৰ মানুহ থাকে, তেতিয়া তাৰ জিলা পৰিষদত 20 শতাংশ আসন তেওঁলোকৰ বাবে আৰক্ষণ কৰা হয়। একেদৰে যদি, এখন গাঁওত অনুসূচীত জনজাতিৰ মানুহৰ সংখ্যা 1 শতাংশ হয়, তেতিয়া তাৰ গাঁও পঞ্চায়তত 1 শতাংশ আসন অনুসূচীত জনজাতিৰ বাবে আৰক্ষণ কৰা হয় ৷ পিছপৰা শ্ৰেণীৰ বাবে আৰক্ষণৰ দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰে।

(২) সুশাসনৰ এক আহিলাস্বৰূপে কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ

ভূমিকাঃ সু-শাসনৰ ক্ষেত্ৰত এফালে জন-সৌহহাদ্যপূৰ্ণ আৰু ক্ষমতাৰ বিভাজন ব্যৱস্থা আৰু অন্যহাতে দায়িত্বশীল, সুগম, নৈতিক, স্বচ্ছ আৰু দুৰ্নীতিমুক্ত ব্যৱস্থা আৱশ্যক। কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ, সু-শাসনৰ এক অধিক কাৰ্যকৰী কৌশলৰূপে দৃশ্যমান হৈছে। ই উন্নতি কৰিব বিচাৰে— 

(ক) কম খৰচত (জনসাধাৰণলৈ মানুহলৈ সেৱাৰ ব্যৱস্থা কৰা ।

(খ) তথ্যৰ বিস্তাৰৰ যোগেদি মানুহৰ সবীলকৰণ কৰা ।

(গ) চৰকাৰৰ কাৰ্যত মুক্ততা আৰু স্বচ্ছতা কঢ়িয়াই অনা ।

(ঘ) চৰকাৰ আৰু মানুহৰ (কাৰ্যৰ যোগেদি) কার্যত নতুন ধ্যান-ধাৰণাৰ আৱিষ্কাৰ তথা প্ৰাৰম্ভণি ৷ 

(ঙ) নাগৰিক আৰু প্ৰশাসনৰ মাজত কাৰ্যকৰী যোগসূত্র স্থাপন ।

(চ) চৰকাৰৰ কাৰ্যৰ ব্যাপক সমীক্ষা, চোৱা-চিতা আৰু অৱলোকন । 

কম্পিউটাৰে, সেয়েহে নীতি, নির্দেশনা আৰু পদ্ধতিৰ লগত জড়িত তথ্য, চৰকাৰৰ কল্যাণকামী আৰু উন্নয়নমূলক আঁচনিসমূহৰ তথ্য আৰু নাগৰিক তথা খেতিয়কসকলে প্ৰয়োগ কৰা বতৰ-জলবায়ু সংক্রান্তীয় তথ্যসমূহ ক্ৰমান্বয়ে মানুহৰ সংস্পলৈ আনে। ইও কোৱা হয় যে, সিদ্ধান্ত প্ৰদানকাৰী আৰু গ্ৰহণকাৰীৰ মাজত মুখা-মুখী যোগাযোগে সংস্পৰ্শই দুৰ্নীতিৰ বাহক। দুৰ্নীতি বশ কৰিবলৈ, কম্পিউটাৰে তেওঁলোকৰ মাজৰ ব্যক্তিগত সম্পৰ্ক হ্ৰাস কৰে। উদাহৰণস্বৰূপে কম্পিউটাৰত এজন খেতিয়কে তেওঁৰ মাটিৰ হিচাপৰ নকল লাভ কৰিব পাৰে, এক দীঘলীয়া শাৰীত থিয় হোৱাৰ যাতনাত নুভুগাকৈ অথবা এদিনৰ উপাৰ্জনৰ ক্ষতি নকৰাকৈ, কেছ কাউণ্টাৰলৈ প্ৰকৃততে নোযোৱাকৈ এজন নাগৰিকে তেওঁৰ যিকোনো বিল বা কৰ কম্পিউটাৰৰ যোগেদি পৰিশোধ কৰিব পাৰে।

Leave a Reply