NIOS| Political Science (317)| Notes/Answer| Chapter-21| জনমত আৰু প্ৰভাৱগোষ্ঠী

NIOS| Political Science (317)| Notes/Answer| Chapter-21| জনমত আৰু প্ৰভাৱগোষ্ঠী মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter-21| জনমত আৰু প্ৰভাৱগোষ্ঠী

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter-21| জনমত আৰু প্ৰভাৱগোষ্ঠী

NIOS| Political Science (317)| Notes/Answer| Chapter-21| জনমত আৰু প্ৰভাৱগোষ্ঠী

খণ্ড ২

অধ্যায় ২১

২১ 21.1 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ 

খালী ঠাই পূৰ কৰা ঃ

(ক) জনগণ হৈছে সমাজৰ কিছুসংখ্যক জনসাধাৰণ যিয়ে ________(উমৈহতীয়া/নির্দিষ্ট) স্বার্থ বহন কৰে। 

উত্তৰ:জনগণ হৈছে সমাজৰ কিছুসংখ্যক জনসাধাৰণ যিয়ে উমৈহতীয়া স্বার্থ বহন কৰে।

(খ) জনমত হৈছে কিছুসংখ্যক বা বহুসংখ্যক জনসমষ্টিৰ__________ (সংঘবদ্ধ আৰু বিবেচিত /ব্যক্তিগত আৰু বিশেষজ্ঞৰ এক ৰাজহুৱা বিষয়ৰ ওপৰত ব্যক্ত কৰা মতামত।

উত্তৰ:জনমত হৈছে কিছুসংখ্যক বা বহুসংখ্যক জনসমষ্টিৰ ________ সংঘবদ্ধ আৰু বিবেচিত এক ৰাজহুৱা বিষয়ৰ ওপৰত ব্যক্ত কৰা মতামত । 

(গ) জনমত সমগ্র জনসমষ্টিৰ এক সৰ্বসন্মত মতামত________ (হয় নহয়)

উত্তৰ: জনমত সমগ্র জনসমষ্টিৰ এক সৰ্বসন্মত মতামত _______নহয়।

(ঘ) জনমতৰ বাবে এক নির্দিষ্ট এলেকা_________ (লাগে/ নালাগে) 

উত্তৰ: জনমত্ৰ বাবে এক নির্দিষ্ট এলেকা _______নালাগে। 

21.2 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ

 খালী ঠাই পূৰ কৰা ঃ 

(ক) চৰকাৰে নীতি ৰচনা কৰা আৰু আইন গ্ৰহণ কৰাৰ সময়ত_______ (জনমতক/ ৰাজনৈতিক দলৰ মতামতক) গুৰুত্ব সহকাৰে লয়। 

 উত্তৰঃ চৰকাৰে নীতি বচনা কৰা আৰু আইন গ্ৰহণ কৰাৰ সময়ত জনমতক গুৰুত্ব সহকাৰে লয়।

(খ) জনমতে চৰকাৰৰ বাবে______ (পহৰাদাৰী/বন্ধুৰ) ভূমিকা পালন কৰে।

 উত্তৰঃ  জনমতে চৰকাৰৰ বাবে পহবাদাৰীৰ ভূমিকা পালন করে।

(গ) বৰ্তমান সময়ত চৰকাৰ জনমত প্রতি সচেতন _________(হয়/নহা)

 উত্তৰঃ বৰ্তমান সময়ত চৰকাৰ জনমতৰ প্ৰতি সচেতন ________হয়। 

(ঘ) জনমত্ৰ বাবে এক নির্দিষ্ট এলেকা ________(লাগে নালাগে) 

 উত্তৰঃ  লাগে 

II. সত্য নে অসত্য চিনা দিয়া : 

(ক) চৰকাৰে জনমতক সহজে আওকাণ কৰিব পাৰে (সত্য/অসত্য) । 

উত্তৰঃঅসত্য 

(খ) জনমতে চৰকাৰৰ স্বেচ্ছাচাৰি কাৰ্যক ৰোধ কৰে। (সত্য/অসত্য)। 

উত্তৰঃ সত্য 

(গ) অধিকাৰ আৰু স্বাধীনতা ৰক্ষণাবেক্ষণত জনমত ভূমিকা নাই। (সত্য/অসত্য)। 

উত্তৰঃ অসত্য 

(ঘ) আন্তর্জাতিক সম্পৰ্ক জনমতৰ দ্বাৰা প্ৰভাৱান্বিত হয়। (সত্য / অসত্য)। 

উত্তৰঃ সত্য 

21.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ:

 I. শুদ্ধ উত্তৰত (√) চিন দিয়া ঃ 

(ক) পৰিয়াল আৰু ঘৰ জনমত প্ৰভাৱান্বিত কৰা অনানুষ্ঠানিক এজেন্সি। (সত্য /অসত্য)

(খ) জনমতে মতামত বৈচিত্র্যতা বহন নকৰে। (সত্য/অসত্য)

(গ) বয়ঃসন্ধিৰ সময়ছোৱাত ল’ৰা-ছোৱালী আনৰ মতামতৰ দ্বাৰা প্ৰভাৱাস্থিত নহয়। (সত্য/অসত্য) (ঘ) নির্বাচনী জনমত চৰকৰৰ প্ৰতি জনসাধাৰণৰ সন্তুষ্টি জোখা এি যন্ত্র । (সত্য/অসত্য) 

(ঙ) বৈদ্যুতিক মাধ্যমে সামাজিক জীৱনৰ দৰ্শন হিচাপে কাম কৰে। (সত্য / অসত্য)

(চ) জনসাধাৰণে স্থানীয় আৰু ৰাষ্ট্ৰীয় বিষয়সমূহৰ প্ৰতি মনোযোগ নিদিয়ে ৷ (সত্য/অসত্য) 

উত্তৰ : (ক) সত্য (খ) অসত্য (গ) অসত্য (ঘ) সত্য (ঙ) অসত্য

 II. খালী ঠাঁই পূৰ কৰা । 

(ক) দূৰদৰ্শন আৰু অনাতাৰ মাধ্যমে (ৰেডিঅ’) _________(শিক্ষিত/অশিক্ষিত) জনসাধাৰণৰ জনমত গঢ়ি দিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

(খ) বোলছবি আৰু তথ্যচিত্ৰৰ জনসাধাৰণৰ চিন্তাধাৰাৰ ওপৰত (স্বাভাৱিক /অস্বাভাবিক) প্ৰভাৱ থাকে।  

(গ) জনসভা সমূহহে ________-(শ্রোতা/দৰ্শকৰ) আৰু ভাষণ প্ৰদান কৰোতাৰমাজত ব্যক্তিগত যোগাযোগ স্থাপন কৰে । 

উত্তৰঃ

(ক) দূৰদৰ্শন আৰু অনাতাৰ মাধ্যমে (ৰেডিঅ’) অশিক্ষিত জনসাধাৰণৰ জনমত গঢ়ি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(খ) বোলছবি আৰু তথ্যচিত্ৰৰ জনসাধাৰণৰ চিন্তাধাৰাৰ ওপৰত স্বাভাৱিক প্রভাৱ থাকে।

(গ) জনসভা সমূহহে দৰ্শক আৰু ভাষণ প্ৰদান কৰোতাৰ মাজত ব্যক্তিগত যোগাযোগ স্থাপন কৰে।

21.4 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰ:

 খালী ঠাই পূৰ কৰা ৷ 

 (ক) শুদ্ধ জনমতৰ বাবে, সংবাদপত্র ________-(পক্ষপাতিত্ব / পক্ষপাত নোহোৱা) আৰউ (মুক্ত/নিৰপেক্ষ হ’ব) লগে। 

(খ) গণতন্ত্ৰত জনসাধাৰণ আৰু ৰাজনৈতিক দল _______(জাতি আৰু 

সম্প্ৰদায়ৰ / ধৰ্মনিৰপেক্ষতা আৰু দেশপ্রেম) ৰ উৰ্দ্ধত যাব লাগিব । 

(গ) শুদ্ধ আৰু সুস্থ জনমতে অর্থনৈতিকভাৱে_________(ভাৰসাম্য থকা / ভাৰসাম্যহীন) সমাজ এখন দাবী কৰে। 

উত্তৰ: 

(ক) শুদ্ধ জনমত বাবে, সংবাদপত্র পক্ষপাত নোহোৱা আৰু মুক্ত হ’ব লগে।

(খ) গণতন্ত্ৰত জনসাধাৰণ আৰু ৰাজনৈতিক দল জাতি আৰু সম্প্ৰদায়ৰ উৰ্দ্ধত যাব লাগিব।

(গ) শুদ্ধ আৰু সুস্থ জনমতে অর্থনৈতিকভাৱে ভাৰসাম্য থকা সমাজ এখন দাবী কৰে।

 21.5 পাঠা অন্তর্গত প্রশ্নাবলীৰ উত্তৰ :

খালী ঠাই পূৰ কৰা ।

(ক) প্ৰভাৱ গোষ্ঠীসমূহক প্ৰভাৱ গোষ্ঠী বোলা হয় কাৰণ এইবিলাকে চৰকাৰৰ ওপৰত_____ (হেঁচা / সমালোচনা) প্রয়োগ কৰে।

(খ) প্ৰভাৱ গোষ্ঠীসমূহ _______ (ৰাজনৈতিক দল / এস্বেচ্ছামূলক গোট)। সমূহতকৈ পৃথক যিহেতু এইবোৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে । 

 (গ) প্ৰভাৱ গোষ্ঠীয়ে _______(জনমত / ৰাজনৈতিক দল) গঢ় দিয়াত সহায় কৰে।

 (ঘ) প্ৰভাৱ গোষ্ঠীসমূহৰ কাম কৰাৰ পদ্ধতি আৰু কৌশল বিভিন্ন ৰাজনৈতিক ব্যৱস্থাৰ সৈতে ______(ভিন্ন/একে)।

(ঙ) ৰাজনৈতিক সংস্কৃতি, জনসাধাৰণ আৰু নেতাসকলৰ দৃষ্টিৰংগীয়ে প্ৰভাৱ গোষ্ঠীৰ কামকাজত _______(প্ৰভাব পেলায় প্রভার নেপেলায় ) ।

 উত্তৰ: 

(ক) প্ৰভাৱ গোষ্ঠীসমূহক প্ৰভাৱ গোষ্ঠী বোলা হয় কাৰণ এইবিলাকে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে । 

(খ) প্ৰভাৱ গোষ্ঠীসমূহ ৰাজনৈতিক দল সমূহতকৈ পৃথক যিহেতু এইবোৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।

(গ) প্ৰভাৱ গোষ্ঠীয়ে জনমত গঢ় দিয়াত সহায় কৰে। 

(ঘ) প্ৰভাৱ গোষ্ঠীসমূহৰ কাম কৰাৰ পদ্ধতি আৰু কৌশল বিভিন্ন ৰাজনৈতিক ব্যৱস্থাৰ সৈতে ভিন্ন। 

(ঙ) ৰাজনৈতিক সংস্কৃতি, জনসাধাৰণ আৰু নেতাসকলৰ দৃষ্টিৰংগীয়ে প্ৰভাৱ গোষ্ঠীৰ কামকাজত প্ৰভাৱ পেলায়। 

21.6 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ :

খালী ঠাই পূৰ কৰা ৷

(ক) প্ৰভাৱ গোষ্ঠীসমূহে ৰাইজক বিভিন্ন________(ৰাজহুৱা / ব্যক্তিগত) বিষয়ৰ প্ৰতি অনুভূতি প্ৰৱল কৰি তোলে। 

(খ)______আৰু ______মাজত (চৰকাৰ, নাগৰিক চৰকাৰ,  ৰাজনৈতিক দল) এইবোৰে যোগসূত্ৰ হিচাপে কাম কৰে । 

(গ) ______এখন দেশৰ প্ৰভাবগোষ্ঠীৰ কাৰ্যাৱলী আৰু লক্ষ্য নিৰ্ধাৰণ কৰে। 

উত্তৰ: 

(ক) প্ৰভাৱ গোষ্ঠীসমূহে ৰাইজক বিভিন্ন ৰাজহুৱা বিষয়ৰ প্ৰতি অনুভূতি প্ৰৱল কৰি তোলে।

(খ) চৰকাৰ আৰু নাগৰিকৰ মাজত এইবোৰে যোগসূত্ৰ হিচাপে কাম কৰে।

 (গ) ৰাজনৈতিক অনুষ্ঠান এখন দেশৰ প্ৰভাবগোষ্ঠীৰ কাৰ্যাৱলী আৰু লক্ষ্য নিৰ্ধাৰণ কৰে। 

21.7 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ:

খালী ঠাই পূৰ কৰা ৷ 

(ক) প্ৰভাৱগোষ্ঠীয়ে চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ বাবে _________কৌশল গ্ৰহণ কৰে। (উদাৰপন্থী/ চৰমপন্থী) 

(খ)_______প্ৰভাৱগোষ্ঠীসূহে নিজৰ দাবীসমূহ পূৰণ কৰাবলৈ সক্ষম (শক্তিশালী/দুর্বল)

(গ) প্রভাৱগোষ্ঠীসমূহে বিভিন্ন _______কৌশল অবলম্বন কৰি জনমতক আকৃতি দিয়াৰ চেষ্ট কৰে। (প্ৰচাৰ/গোপনীয়) 

উত্তৰ: (ক) প্ৰভাৱগোষ্ঠীয়ে চৰকাৰক হেঁচা প্ৰয়েগ কৰাৰ বাবে চৰমপন্থী কৌশল গ্ৰহণ কৰে ৷

 (খ) শক্তিশালী প্রভাৱগোষ্ঠীসুহে নিজৰ দাবীসমূহ পূৰণ কৰাবলৈ সক্ষম। 

(গ) প্রভাৱগোষ্ঠীসমূহে বিভিন্ন প্ৰচাৰ কৌশল অৱলম্বন কৰি জনমতক আকৃতি দিয়াৰ চেষ্ট কৰে৷ 

পাঠা শেহান্ত অনুশীলনীৰ উত্তৰ 

1. জনমত সংজ্ঞা দিয়া।

 উত্তৰ : সাধাৰণ অৰ্থত জনমত বুলিলে জনসাধাৰণৰ মতামতক বুজায়। Public বা জনগণৰ অৰ্থ জনসাধাৰণ নহয়। জনসাধাৰণ বুলি কেৱলমাত্র এক নিৰ্দিষ্ট কিছুমান মানুহৰ সমষ্টি নুবুজায়। প্ৰকৃততে বহুতো মানুহক একেলগে বুজাবলৈ জনগণ শব্দটো ব্যৱহাৰ কৰা হয়। সমগ্র জনসমষ্টিয়ে এটা নিৰ্দিষ্ট জনগণক প্ৰতিনিধিত্ব নকৰে যাৰ উমৈহতীয়া একে মদামত বা দৃষ্টিভংগী থাকে। ‘জনগণ’ এক স্থায়ী মানুহ কিছুমানৰ সমষ্টি নহয়। ই সমাজৰ কিছুসংখ্যক জনসাধাৰণক বুজায় যিয়ে উমৈহতীয়া স্বাৰ্থ বহন কৰে। ই ৰাজহুৱা কিছু বিষয়ত সৰ্বসন্মত মতামত ব্যক্ত কৰে।

সেয়েহে জনমত বুলিলে সকলো সাধাৰণ ৰাইজৰ মতামতক নুবুজায়। সংখ্যাগৰিষ্ঠৰ মতামতকো নুবুজায়। যিহেতু বিভিন্ন ধৰণৰ জনসাধাৰণ থাকে সেয়েহে মতামত আৰু সমস্যাও বিভিন্ন হোৱা দেখা যায়। জনমতত মতামতৰ ভিন্নতা পৰিলক্ষিত হয়। 

এইটো বোধগম্য হোৱা প্ৰয়োজন যে জনমত বুলিলে এজন ব্যক্তি বিশেষ অতি সন্মানীয় ব্যক্তিত হ’লেও মতামতক নুবুজায়। ই ব্যক্তিগত মতামতক নুবুজায়। ই কোনো বুদ্ধিজীবী অথবা আমীলোকৰ মতামতো নহয়। জনমত এটা ৰাজহুৱা বিষয়ৰ ওপৰত সংঘবদ্ধ ৰূপত ব্যক্ত কৰা আৰু কিছুমান জনসমষ্টি বিবেচিত মত। ই সঠিক ৰূপত ‘জনগণ’ আৰু ‘মতামত’। ই এক নীতি অথবা জনসম্পর্কীয় অনুশীলনী নহয়।

 2. ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত জনমত ভূমিকা। 

উত্তৰ : গণতান্ত্রিক যোগসূত্র ব্যবস্থাত জনমত অতি প্রয়োজনীয় কাৰক বুলি গণ্য কৰা হয়। জনমত হৈছে নাগৰিকৰ মতামত প্রকাশ। কোনো চৰকাৰে ইয়াক আওকাণ কৰিব নোৱাৰে। বলিষ্ঠ আৰু সুদৃঢ় জনমতে স্বেচ্ছাচারী শাসকৰ শাসন। ব্যৱস্থাৰ ভেটি লৰাবও পাৰে। গণতান্ত্রিক ব্যৱস্থাৰ সফলতা জনসাধাৰণৰ মন আৰু শক্তিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। গণতান্ত্রিক উদ্দেশ্য সফল কৰাত জনমতৰ প্ৰাসংগিকতা অধিক। ই সচেতনতা বৃদ্ধি কৰে আৰু বিষয়বোৰ পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে বেলে বেলেগ দৃষ্টিকোণৰ পৰা মত সংগ্ৰহকৰে। জনম তাৎপৰ্য আৰু ভূমিকা তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰি।

 (ক) চৰকাৰৰ পথ প্ৰদৰ্শক : নীতি নির্ধাৰণৰ ক্ষেত্ৰত জনমতে চৰকাৰৰ পথ প্ৰদৰ্শকৰ কাম কৰে। নিৰ্বাচনত বহুমত পোৱাৰ পিছত চৰকাৰে সেই সংখ্যাগৰিষ্ঠ মতৰ ভিত্তিত কাম কৰে আৰু নিৰ্বাচনৰ সময়ত কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ প্রচেষ্টা কৰে।

 (খ) আইন ৰচনা কৰাত সহায়ক : চৰকাৰ সদায়েই জনমতৰ প্রভাৱত থাকে আৰু আইন ৰচনা কৰাৰ সময়ত ই সামূহিক কল্যাণৰ বিষয়ে সদা সতর্ক থাকে। চৰকাৰী নীতিসমূহ প্ৰকৃতপক্ষে জনমতৰ দ্বাৰা বিভিন্ন দিশত প্ৰভাৱান্বিত হয়। জমনতে বিশেষ পৰিস্থিতিত চৰকাৰ নীতি নিৰ্ধাৰণ কৰোতে সহায়ক হয়। 

(গ) পহৰাদাৰীৰ ভূমিকা ঃ জনমতে সতৰ্ক পহৰাদাৰীৰ ভূমিকা পালন কৰে। ই চৰকাৰক দায়িত্বহীন হোৱাৰ পৰা বাৰণ কৰে। জনমতে যেতিয়া চৰকাৰৰ পাতিসমূহ সমালোচনা কৰে, ইচৰকাৰক সতৰ্ক কৰি ৰাখে। চৰকাৰে সদায় সজাগ হৈ থাকে যে যদি জনমতক আওকাণ কৰা যায়৷ তেনেহ’লে আকৌ ক্ষমত অহাটো সম্ভৱপৰ নহ’ব। 

(ঘ) অধিকাৰ আৰু স্বাধীনতাৰ ৰক্ষণাবেক্ষণ : জনমতে নাগৰিকৰ অধিকাৰ আৰু স্বাধীনতাৰ ৰক্ষক হিচাপে কাম কৰে। গণতন্ত্ৰত জনসাধাৰণে চৰকাৰৰ নিজৰৰ মতে সমালোচনা বা সমৰ্থন কৰাৰ অধিকাৰ আছে। ইতিবাচক আৰু ফলদায়ক অধিকাৰৰ ব্যৱহাৰে চৰকাৰক সজাগ কৰি ৰখাই নহয় ই জনসাধাৰণৰ অধিকাৰৰ প্ৰতি চৰকাৰক সক্রিয় কৰিও ৰাখে। 

(ঙ) আন্তর্জাতিক ক্ষেত্ৰত শক্তিশালী শক্তিৰ ভূমিকা পালন: জনমতে বিশ্বজুৰি এক গুৰুত্ব লাভ কৰিছে। প্ৰকৃতাৰ্থত আন্তর্জাতিক ৰাজনীতিত জনমতৰ দ্বাৰা প্রভাবান্বিত হয়। বিশ্বায়নৰ এই সময়ত, কিছুমান বিষয় যেনে- মানৱ অধিকাৰৰ সুৰক্ষা আৰু উন্নতিকৰণ, পৰিবেশ আৰু ধৰ্ম, লিংগ, প্ৰজাতিৰ নামত বৈষম্যতা, শিশু কর্মী ৰোধ, উগ্ৰপন্থী আদিৰ বিষয়ৰ ওপৰত আন্তর্জাতিক সম্প্রদায়ে জনমত ওচৰত জবাবদিহি হৈ পৰে। সেয়েহে চৰকাৰ আন্তৰ্জাতিক জনমত প্ৰতিও সদা সচেতন হৈ থাকে। প্ৰকৃততে কোনো গণতান্ত্ৰিক চৰকাৰে জনমতক আওকা কৰাৰ সাহস নকৰে। 

3. জনমত বিভিন্ন অভিকৰণ সমূহ আলোচনা কৰা ।

 উত্তৰ: জনমত গঠন হোৱা স্বতঃস্ফুত আৰু নির্দিষ্ট প্রক্রিয়া নাই। যেতিয়াই ৰাজহুৱা স্বার্থজড়িত বিষয় গা কৰি উঠে, সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে তেওঁলোকৰ মতামত দাঙি ধৰে। এই প্ৰক্ৰিয়াত কিছুমান মতামতে বিশেষ গুরুত্ব লাভ কৰে আৰু কিছুমানে নকৰে। জনমতক আকাৰ দিয়াত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক প্রক্রিয়া আছে। 

(ক) ৰাজনৈতিক সামাজিকীকৰণঃ ৰাজনৈতিক সামজিকীকৰণ এক প্রক্রিয়া যাৰ দ্বাৰা প্ৰত্যেক ব্যক্তিয়ে কিছুমান ৰাজনৈতিক বিষয়ৰ প্ৰতি অৱগত হয়। ব্যক্তি এজন পৰিয়াল এটা, ওচৰীয়া, বন্ধুবৰ্গ আৰু এখন প্ৰদেশৰ এটা এনেকার ডাঙৰ দীঘল হয়। ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি দৃষ্টিভংগী, বিশ্বাস, মূল্যবোধ আদি গোটসমূহৰ সান্নিধ্যত বিকাশ হয়। ব্যক্তিত্ব গঠন আৰু চৰিত্ৰ গঠনত পৰিয়াল আৰু বন্ধুগোটে প্ৰভাৱ বিসাতৰ কৰে। ব্যক্তিৰ মতামত আৰু আদৰ্শ গঠনত আৰু আকাৰ দিয়াত এই গোটসমূহে অৰিহণা যোগায়। 

(খ) প্ৰেছঃ ছপা মাধ্যমৰ ভিতৰত বাতৰিকাকত, সাপ্তাহিক, আলোচনী, পুস্তিকা আদিয়ে জমনত গঠন কৰাত সহায় কৰে। প্ৰচাৰ মাধ্যম বা ছপা মাধ্যমে বিভিন্ন ৰাজনৈতক আৰু বিশ্বৰ সামাজিক বাতৰিসমূহৰ যোগান ধৰে। বৰ্তমানৰ বিষয়সমূহৰ ওপৰত ই আলোকপাত কৰে। প্ৰকৃতাৰ্থত গণতান্ত্রিক ব্যৱস্থাত জনমত পহৰাদাৰীৰ ভূমিকা গ্ৰহণ কৰে। জনসাধাৰণে চৰকাৰক সমালোচনা বা সমর্থন কৰাৰ বাবে বাতৰি কাকত আদিত প্ৰৱন্ধ আদিৰ জৰিয়তে প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে চৰকাৰক দায়বদ্ধ কৰি তোলে। প্রকৃততে প্ৰচাৰ মাধ্যমৰ জৰিয়তে চৰকাৰেও আঁচনি, নীতি আদি ৰচনা কৰোতে সহায় হয়। চৰকাৰে আঁচনি, নীতি আদি ৰচনা কৰোতে সহায় হয়। চৰকাৰে আঁচনিসমূহৰ সফলতা আদি প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ পৰা দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰে।

(গ) অনাতাঁৰ আৰু দূৰদৰ্শন : বৈদ্যুতিক মাধ্যমে জীবন দর্পণ হিচাপে কাম কবে। ছপা মাধ্যমে কেৱল শিক্ষিত সকলক প্ৰভাৱান্বিত কৰে। বৈদ্যুতিক মাধ্যমে অশিক্ষিত জনগণৰ মাজত চিন্তা, দৃষ্টিভংগী আদিক প্ৰবাৱান্বিত কৰিবলৈ সক্ষম হয়। দৃশ্য-শ্রাব্য (Audio-Visual) মাধ্যমে সমাজত এক আমূল পৰিৱৰ্তন সাধন কৰি সমাজৰ পৰু কু-প্রথাসমূহ আতৰ কৰোৱাত বহুখিনি সফল হৈছে। জনসাধাৰণক কিছুমান বিশেষ বিষয় যেনে— সাম্প্রদায়িকতা, জাতিবাদ আদিৰ বিষয়েও শিক্ষা প্রদান কৰে। অনাতাঁৰ আৰু দূৰদৰ্শনৰ শিক্ষা প্রদান করে। অনাতাঁৰ আৰু দূৰদৰ্শনৰ জৰিয়তে জনগণে চৰকাৰৰ কাম-কাজ, নীতি-নিয়ম আদিৰ ওপৰত মতামত প্ৰকাশ কৰিব পাৰে। 

(ঘ) বোলছবি : বোলছবি মানুহৰ মনোৰঞ্জন আৰু সজাগতাৰ এক পুৰণি মাধ্যম। ই সংস্কৃতিবান আৰু বুদ্ধিজীৱিসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ই সমাজৰ পুৰহি ৰীতি-নীতি আঁতৰাই নতুন আদৰ্শ আৰু নীতিৰ সূচনা কৰে। বোলছবি আৰু তথ্যচিত্ৰসমূহে মানুহৰ চিন্তাধাৰাক স্বাভাৱিকতে প্ৰভাৱান্বিত কৰিব পাৰে। এই দৃশ্য-শ্রাব্য (Audio-Visual) পদ্ধতিয়ে অশিক্ষিত লোকসকলকো যথেষ্ট প্ৰভাৱান্বিত কৰা দেখা যায়।

(ঙ) জনসভা : বিভিন্ন সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, ৰাজনৈতিক কাৰ্যকলাপৰ বাবে জনমতক বা জনসভা অতি গুৰুত্বপূর্ণ। ৰাজহুৱা বিষয়সমূহ, বক্তৃতা, ভাষণ, সভা, কর্মশালা আদিৰ জৰিয়তে জনসাধাৰণৰ মতামত গ্ৰহণৰ চেষ্টা কৰে। এই জনসভাৰ জৰিয়তে জনসাধাৰণৰ সৈতে এক ব্যক্তিগত আৰু আৱেগিক সম্পর্ক স্থাপন কৰি মতামত প্ৰণোদিত কৰাৰ প্ৰচেষ্টা কৰে। 

(চ) ৰাজনৈতিক দল আৰু কার্যকলাপ : ৰাজনৈতিক দলে জনমত গটন কৰে। এই দলসমূহক জনমত সৰবৰাহী কাৰক বুলি কোৱা হয়। ৰাজনৈতিক দলসমূহে জনসাধাৰণক ৰাজনৈতিক বিষয়সমূহৰ প্ৰতি সজাগ কৰে। তেওঁলোকৰ উদ্দেশ্যটো হৈছে জনসাধাৰণক ৰাজনৈতিকভাবে সচেতন কৰাই ৰাজহুৱা বিষয়সমূহৰ বিষয়ে চিন্তা কৰোৱা ৰাজনৈতিক দলসমূহে আলোচনী, পুস্তিকা, ইস্তাহাৰ, ফলক আদি প্ৰকাশ কৰি জনসাধাৰণৰ মতামত নিজৰ পক্ষত আনিবলৈ চেষ্টা কৰে।

 (ছ) নির্বাচনী মতামত : নির্বাচনী মতামতসমূহে জনমত লোৱাৰ সময়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ই বিভিন্ন বিষয়ত যেনে— ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আদিৰ ওপৰত জনসাধাৰণৰ পৰা মতামত তথ্য সংগ্ৰহ কৰাৰ এক ফলপ্ৰসু ব্যৱস্থা। সাধাৰণতে এনে ধৰণে মতামত সংগ্ৰহ কৰে কিছুমান পেছাগত সংস্থাই, জনসাধাৰণৰ মাজৰ পৰা কিছুমান বাচনি গোট তৈয়াৰ কৰি। শেহতীয়াভাৱে এই পদ্ধতিটো জনমত সংগ্ৰহ কৰা আৰু পৰ্যালোচনা কৰাৰ বাবে অতি ফলপ্রসু প্রমাণিত হৈছে। এনেধৰণৰ ঘটনাও হৈছে য’ত নির্বাচনী মতামতসমূহে পৰিস্থিতি শুদ্ধভাৱে ব্যাখ্যা কৰিব নোৱাৰাৰ ফলত নির্বাচনী মতামত ভুল প্রমাণিত হৈছে। কিন্তু এনেধৰণৰ মতামত নিশ্চয়কৈ অতি ফলদায়ক। 

(জ) শিক্ষা অনুষ্ঠান : শিক্ষা অনুষ্ঠানসমূহে স্কুল, কলেজ, পুথিভঁৰাল, অধ্যান গোট, বিশ্ববিদ্যালয় আদি সাঙুৰি লয়। ই জনমত বহু পৰিমাণে আকাৰ দিব পাৰে। বয়ঃসন্ধিৰ সময়ছোৱাত ল’ৰা-ছোৱালী আনৰ মতামতৰ দ্বাৰা সহজে 

অনুপ্রাণিত হয়। সেয়েহে শুদ্ধ অনুশীলন এই বয়সৰ ল’ৰা-ছোৱালীৰ বাবে অতি | প্রয়োজন। প্রসিদ্ধ নেতা, পণ্ডিত আৰু শিক্ষাবিদ আদিয়ে শিশুসকলৰ নেতৃত্বশালী। গুণৰাজিৰ বিকাশ সাধনত সহায় কৰে। তেওঁলোকৰ মতামত আদর্শ আদিক অনুভূতি প্ৰৱণ কৰাৰ প্ৰচেষ্টা কৰে বিভিন্ন আলোচনা, তর্ক সভা আদিব জৰিয়তে। | বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ প্ৰতি ল’ৰা-ছোৱালীৰ মনত জ্ঞান বৃদ্ধিৰ বাবে আয়োজন কৰা নাটক, শ্লোগান, লেখনী, আলোচনা চক্র, প্রতিযোগিতা আদিৰ দৰে সহ-পাঠ্যক্ৰমী কাৰ্যাৱলীসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

4. জনমত গঠনৰ আঁসোৱাহসমূহ আলোচনা কৰা৷

উত্তৰ : যেতিয়ালৈ তলত উল্লেখ কৰা আসোঁৱাহসমূহ দূৰ কৰা নহয়। তেতিয়ালৈকে জনমত জনসাধাৰণৰ ধাৰণাৰ প্ৰকৃতি প্রতিফলন হয়।

 (ক) উদাসীন মনোভাৱ : সাধাৰণতে জনসাধাৰণে ৰাজনৈতিক কাৰ্যকলাপৰ পৰা নিজকে বিৰত ৰাখিব বিচাৰে। ৰাজহুৱা বিষয়ত তেওঁলোকে মনোযোগ নলয়। তেওলোকে ভাবে যে ৰাজনৈতিক সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত তেওঁলোকৰ জড়িত হোৱা প্ৰয়োজন নাই। এই উদাসীন মনোভাবৰ পৰিৱর্তে অংশগ্রহণ মনোভাৰ প্ৰয়োজন। নিজৰ দেশৰ বিষয়সমূহৰ ওপৰত মনোযোগ দিয়াৰ বাবে জনসাধাৰণক উদ্দেশ্যপ্ৰৱণ হোৱাৰ প্ৰয়োজন। ৰাষ্ট্ৰৰ ঐক্য, অখণ্ডতা আৰু বিকাশৰ বিষয়সমূহৰ প্ৰতি জনসাধারণ অনুভূতি প্ৰৱণ হোৱা প্ৰয়োজন।

 (খ) নিৰক্ষৰতা ঃ জ্ঞানী আৰু শিক্ষিত মানুহক ভাল ভোটদাতা আৰু নাগৰিক হ’ব বুলি আশা কৰা যায়। আনহাতে অশিক্ষিত লোকসকলে সীমিত জ্ঞানেৰে ৰাজনৈতিক সমস্যাসমূহ বুজিব সহজ নহয়। তেওঁলোকে যুক্তিপূর্ণ, ফলপ্রসূ জনমত গঢ়ি তুলিব নোৱাৰে কাৰণ তেওঁলোক অনুৰাগ, অনুভূতি আদিৰ দ্বাৰা পৰিচালিত নহয়। নিৰক্ষৰতাৰ ফলত হোৱা অজ্ঞতা সামাজিক জীৱনৰ বাবে শাওপাত স্বৰূপ । শিক্ষা আৰু জ্ঞানৰ ওপৰতহে জনমত গঢ় ল’ব পাৰে। 

(গ) দাৰিদ্ৰতা : দৰিদ্ৰ সকলক ৰাজনীতিৰ পৰা সদায় পৃথক। ৰাজহুৱা কাম কাজত অংশ গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সময়ৰ অভাৱ। ৰাজনীতিবিদসকলক ডাঙৰ ডাঙৰ ভাষণৰ দ্বাৰা এওঁলোক সহজে প্ৰভাৱান্বিত হৈ ভোটদান কৰে আৰু কেতিয়াবা ভোট বিক্ৰী কৰে। চৰকাৰী, বেচৰকাৰী সংগঠন আৰু প্ৰভাৱগোষ্ঠীসমূহ এইক্ষেত্ৰত ফলপ্রসূ ভূমিকা ল’ব পাৰে। ধনী আৰু দুখীয়াৰ মাজত ব্যবধান কম। কৰি সম্পত্তিৰ সমবিতৰণৰ ব্যৱস্থা কৰিব লাগিব। শুদ্ধ, বলিষ্ঠ জনমত গঠনৰ। বাবে দৰিদ্ৰতা নিৰ্মূলৰ প্ৰয়োজন । 

(ঘ) বিভিন্ন জাতি সম্প্ৰদায়ৰ মাজৰ অশান্তি : গণতন্ত্ৰত জনসাধাৰণ আৰু ৰাজনৈতিক দল জাতিবাদ বা সাম্প্রদায়িকতাৰ উৰ্দ্ধত গৈ কাম কৰিব লাগিব। তেওঁলোকে ধৰ্ম আৰু শ্ৰেণীৰ নামত নিজৰ মাজত বিবাজন আনিব নালাগে। ধৰ্ম আৰু ৰাজনীতিক পৃথক কৰি ৰাখিব লাগে ৷ সামাজিক শান্তিয়ে সুস্থ জনমত গঢ়ি তোলাত সহায়ক হয়। 

(ঙ) মুক্ত সংবাদপত্রঃ স্বাধনি কোনো পক্ষপাতিত্ব নথকা, উদ্দেশ্যযুক্ত নির্ভিক সংবাদ মাধ্যমে সুস্থ জনমত গঠন কৰাত প্ৰধান ভূমিকা পালন কৰে। সংবাদপত্র, ধার্মিক পুঁজিপতি অথবা আঞ্চলিক স্বাৰ্থৰ দ্বাৰা প্ৰভাৱান্বিত হ’ব নালাগে । মুক্ত প্রকাশে সদায় নিরপেক্ষ, প্রমাণিত বাতৰিহে প্ৰকাশ কৰিব লাগে ।

 5. ভাৰতবৰ্ষত কিহৰ ভিত্তিত প্ৰভাৱগোষ্ঠীসমূহক শ্ৰেণীবিভাগ কৰা হয় ? 

উত্তৰঃ নিজৰ স্বাৰ্থ পূৰণৰ অৰ্থে এই গোষ্ঠীসমূহে সিদ্ধান্ত প্রক্রিয়াত প্ৰভাৱান্বিত কৰে। বহল অৰ্থত এই গোষ্ঠীসমূহৰ উদ্দেশ্য আৰু লক্ষ্য অনুসৰি ইয়াক চাৰিটা ভাগত শ্রেণীবিভাগ কৰিব পাৰি । 

(ক) পেছাগত প্ৰভাৱগোষ্ঠী : এনেধৰণৰ প্ৰভাৱগোষ্ঠী কোনো বিশেষ পেছাৰ কৰ্মচাৰীসকলে নিজৰ স্বাৰ্থসুৰক্ষাৰ অৰ্থে গঠন কৰে। বৃহৎ ব্যৱসায়ী গোষ্ঠীসমূহৰ বৃহৎ সম্পদক উৎসৰ লগতে কাৰিকৰী আৰু পৰিচালনাৰ মানৱ সম্পদৰ প্ৰচুৰ যোগান থকা বাবে চৰকাৰৰ উচ্চ পৰ্যায়ৰ লগত গণ সংযোগ মাধ্যমৰ লগত, প্ৰশাসন আৰু বিৰোধী দলৰ লগত এক ঘনিষ্ঠ সম্পর্ক থাকে ফলত এই ব্যৱসায়ী গোষ্ঠীসমূহৰ অতি বলিষ্ঠ আৰু সাংগটনিক প্ৰভাৱ গোষ্ঠী থাকে। 

বিভিন্ন বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংসদ বা বিধানমণ্ডলত এক শক্তিশালী। বল থাকে। ইহঁতৰ নিজৰ প্ৰতিনিধি আৰু জনসংযোগকাৰী বিষয়াও থাকে যিবে প্রসাসন আৰু আমোলাতন্ত্ৰৰ সৈতে সংযোগ বজাই ৰাখে। ভাৰতবৰ্ষত FICCI হৈছে ব্যক্তিগত পুঁজিৰ এক বৃহৎ প্ৰভাৱশালী সংগঠন। ই 40,000 হাজাৰতকৈও = অধিক পামক (firm) প্রতিনিধিত্ব কৰে। ইয়াৰ এক বৃহৎ ব্যৱসায়িক প্রতিষ্ঠান ২৫ আছে। ৰাজনৈতিক দলসমূহ অনুদানৰ বাবে এইবোৰৰ ওপৰত নিৰ্ভৰশীল৷ ইয়াৰ পৰিৱৰ্তে এই পামবোৰক বাণিজ্য, বিনিয়োগ, কৰ ইত্যাদিত যথেষ্ট বেহাই আদি দিয়া হয়। এই বিশ্বায়ন আৰু উদাৰিকৰণৰ সময়ছোৱাত FICCI ৰ ভূমিকা | অতি গুৰুত্বপূৰ্ণ। চৰকাৰে গুরুত্বপূর্ণ বিষয়ত বিষয়সমূহত বিশেষকৈ অর্থনৈতিক আৰু বাণিজ্যিক বিষয়সমূহত এইবিলাকৰ পৰা পৰামৰ্শ গ্রহণ কৰে। 

আন কিছু ব্যৱসায়িক প্রতিষ্ঠান গোট হৈছে ASSOCHAM অর্থাৎ এছ’চিয়েটেড চেম্বাৰচ অব কমার্চ, কলফেডাৰেচন অব ইণ্ডিয়ান ইণ্ডাস্ট্রিজ (CII), টাটা (TATA), বিলৰা (Birla), ডি.চি.এম. (DCM), ডাৰমিয়া আৰু হিন্দুস্তান লিভাৰ ইত্যাদি। এই আটাইবোৰে চৰকাৰৰ ঔদ্যোগিক নীতি আৰু আইনক প্রভাৱান্বিত কৰিব চেষ্টা কৰে। পেছাগত প্ৰভাৱগোষ্ঠীৰ ভিতৰত শ্রমিক সংঘ, কৃষক সংঘ, শিক্ষক আৰু ছাত্র সংগঠন আৰু সৰ্বভাৰতীয় চিকিৎসক সংস্থা, সৰ্বভাৰতীয় ডাক আৰু দূৰসংযোগ কৰ্মচাৰী সংস্থা আদি। গতিকে বছৰ ধৰি এইটো দেখা গৈছে যে বিত্তীয় ক্ষেত্ৰত, ঔদ্যোগিক আৰু ব্যৱসায়িক গোষ্ঠীৰ প্রভাৱ যথেষ্ট।

 (খ) সামাজিক-সাংস্কৃতিক প্ৰভাৱগোষ্ঠী ঃ বিভিন্ন ধৰণৰ সামাজিক-সাংস্কৃতিক প্রভাৱগোষ্ঠী আছে যিবোৰ একোটা একোটা সম্প্রদায় বিভিন্ন সেরা কাৰ্য আৰু সামূহিক কল্যাণৰ সৈতে জড়িত। আন কিছুসংখ্যক আছে যিবোৰ ভাষা আৰু ধর্মীয় কল্যাণৰ সৈতে জড়িত। উদাহৰণস্বৰূপে—

 আর্য প্রতিনিধি সভা, জন সেৱা সংঘ, ৰামকৃষ্ণ মিচন, আযসমাজ, জমাত ই-ইচলামী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, বিশ্ব হিন্দু পৰিষদ, শিৰোমনী গুৰুদ্ধাৰ প্ৰৱন্ধক কমিটি, পাৰ্চী এনেমানচ, য়ং মে খ্রীষ্টান এছ চিয়েচন, বজৰং দল, সংস্কৃত সাহিত্য একাডেমী, পাঞ্জাবী একাডেমী, মাৰাঠী সংঘ, ভাৰতীয় আদিম জাতি সংঘ, শরণার্থী সমাজ। 

(গ) আনুষ্ঠানিক প্ৰভাৱগোষ্ঠী : কিছুমান প্ৰভাৱগোষ্ঠী চৰকাৰী যন্ত্ৰৰ ভিতৰত থাকি কাম কৰে। এইবোৰ সক্রিয়ভাৱে ৰাজনৈতিক ব্যৱস্থাত জড়িত নোহোৱাকৈ চৰকাৰৰ নীতি ৰচনা কৰাত প্ৰভাৱান্বিত কৰে। প্ৰশাসনিক সেৱা সংস্থা আর আৰক্ষী কল্যাণ সংগঠন, ৰেড ক্ৰচ ছ’চাইটি, চৰকাৰী বিষয়া সভা, প্ৰতিৰক্ষাৰ্থী সংগঠন, সেনাবিষয়া সংস্থা, ৰেডক্ৰচ ছ’চাইটি আদি এনে ধৰণৰ প্ৰভাৱগোষ্ঠী। বিষয়াভিত্তিক সিদ্ধান্ত ল’বৰ বাবে যেনে— বদলিকৰণ-ছুটিৰ নিয়ম, প্রযোজ্য ভাট্টা, কর্তব্য-দায়িত্ব অর্পন আদিৰ ক্ষেত্ৰত প্ৰভাৱান্বিত কৰে। যদিও এই গোটসমূহৰ কাৰ্যসমূহ ৰাজহুৱা এইবোৰে ব্যৱস্থাৰ ভিতৰতে থাকি সক্ৰিয় হৈ থাকে। 

(ঘ) অস্থায়ী প্রভাৱগোষ্ঠী : কিছুমান প্রভাৱগোষ্ঠী কিছু বিশেষ বিষয় আগত ৰাখি এটা নিৰ্দিষ্ট সময়ৰ বাবে কাম কৰে। এবাৰ কামটো সমাপ্ত হ’লে এইবোৰ বর্তি নাথাকে। যিকোনো জৰীকালিন সময়ত, প্রাকৃতিক দুৰ্যোগৰ সময়ত এনে গোটসমূহে চৰকাৰৰ নীতি, আঁচনিসমূহ এনে গোটসমূহে চৰকাৰৰ নীতি, আঁচনিসমূহ তৈয়াৰ কৰোতে প্ৰভাৱান্বিত কৰে। এনে প্রভাৱগোষ্ঠীসমূহ হ’ল— উৰিষ্যা মুক্তি সংগঠন, ভূদান অনুযোজনা, কাবেৰী জল বিকেন্দ্ৰীকৰণ সংগঠন, গুজৰাট মুক্তি সংগঠন ইত্যাদি।

 6. প্রভাবগোষ্ঠীৰ ভূমিকা আলোচনা কৰা । 

উত্তৰ : প্ৰভাৱগোষ্ঠীৰ কাৰ্যব্যৱস্থাক গোষ্ঠীকক্ষৰ সৈতে বিজোৱা হয়। গোষ্ঠীকক্ষৰ ইংৰাজী শব্দ ‘Lobby” এটা আমেৰিকাৰ শব্দ কিন্তু বৰ্তমান ইউৰোপৰ দেশসমূহত (গণতান্ত্রিক) আৰু জাপান আৰু আন আন দেশসমূহতো ব্যৱহাৰ হয়। ই সংসদৰ গোষ্ঠীকক্ষক বুজায় যত সংসদ সদস্য আৰু বিধায়কসকলে লগ হৈ সদনৰ কাম কাজ আলোচনা করে। 

প্রভাৱগোষ্ঠীয়ে ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইবোৰেৰ জনসাধাৰণ আৰু চৰকাৰৰ মাজত ভাবৰ আদান-প্রদানত যোগসূত্ৰৰ কাম কৰে। এই গোষ্ঠীসমূহে জনসাধাৰণক কোনো বিষয়ৰ প্ৰতি অনুভূতি জগাই ৰাজনৈতিক শিক্ষা প্ৰদান কৰে। ভবিষ্যত প্ৰজন্মৰ বাবে নেতৃত্ব হোৱাৰ আৰু ভৱিষ্যতৰ ৰাজনৈতিক নেতা হোৱাৰ প্ৰশিক্ষণ মঞ্চৰ আগবঢ়ায়। ই সমাজৰ বিভিন্ন পৰম্পৰাগত ভাবধাৰাৰ মাজত এক সুঁতিৰো কাম কৰে। ঐকা আৰু সংহতি প্ৰতিষ্ঠা কৰোৱাতো প্ৰভাৱগোষ্ঠীৰ মুখ্য কামৰ ফল। সেয়েহে এইটো স্পষ্ট যে প্রভাৱগোষ্ঠীয়ে চৰকাৰ আৰু প্ৰশাসনীক আঁচনিসমূহক এনেদৰে প্রভাবন্বিত কৰে।

 7. প্ৰভাৱগোষ্ঠীসমূহে গ্ৰহণ কৰা বিভিন্ন কৌশলসমূহ পর্যালোচনা কৰা । 

উত্তৰ : প্ৰভাৱগোষ্ঠীয়ে চৰকাৰী বিষয়া আৰু মন্ত্ৰী পৰিষদৰ সৈতে সম্পৰ্ক স্থাপনৰ কৰাৰ অৰহৰ প্রচেষ্টা কৰে। প্ৰভাৱগোষ্ঠীয়ে চৰকাৰৰ প্ৰক্ৰিয়াত প্রভাবান্বিত কৰিবলৈ বিভিন্ন কৌশল হাতত লয়। এই কৌশলসমূহ এখন দেশৰ সমাজ ব্যৱস্থা আৰু ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰভাৱগোষ্ঠীয়ে তেওঁলোকৰ দাবী পূৰণৰ অৰ্থে অনুৰোধ জনাই আবেদন পত্ৰ প্ৰেৰণ কৰে। জনমতক এওঁলোকৰ পক্ষত সদায় ৰাখিবৰ বাবে চেষ্টা কৰে। গণমাধ্যমক প্রভাৱগোষ্ঠীসমূহে সচৰাচৰ ব্যৱহাৰ কৰে তেওঁলোকৰ মতামতক চৰকাৰৰ ওচৰত দাখিল কৰাৰ উদ্দেশ্যে। বিভিন্ন প্ৰচাৰ মাধ্যমৰ দ্বাৰা এই গোষ্ঠীসমূহে জনমতক গঠন কৰাৰ আৰু আকৃতি দিয়াৰ চেষ্টা কৰে। প্ৰভাৱগোষ্ঠীসমূহে গোষ্ঠীকক্ষ জৰিয়তে চৰকাৰৰ ওপৰত চাপ প্রয়োগৰ চেষ্টা কৰে। প্ৰভাৱগোষ্ঠীয়ে ন্যায়পালিকাকো কিছু পৰিমাণে প্ৰভাৱান্বিত কৰাৰ সুবিধা লাভ কৰে। এইবিলাকে ন্যায়াধীশসকলৰ বাচনিত প্রভাবান্বিত কৰে আৰু ন্যায়পালিকাৰ বৰায়দনত প্রভাৱান্বিত কৰাৰ বাবে প্ৰচাৰ কাৰ্য চলায়। সেয়েহে এইটো প্ৰতিষ্ঠিত যে গণতান্ত্রিক ৰাজনৈতিক ব্যৱস্থাত প্রভাৱগোষ্ঠী এক অপৰিহাৰ্য অংশ হৈ পৰিছে। এইবোৰে এখন ৰাষ্ট্ৰৰ গণতান্ত্রিক জীবনীশক্তি আৰু সত্বাক বৰ্তাই ৰাখে। প্রভাৱগোষ্ঠী সমূহক বিভিন্ন সময়ত সমালোচনাও কৰা হৈছে বিশেষকৈ এইবিলাকৰ দুমুখীয়া চৰিত্ৰ আৰু আমোলাতন্ত্ৰক ভ্ৰষ্টাচাৰী কৰা বাবে। প্ৰভাৱশালী প্রভাবগোষ্ঠীসমূহৰ প্রভাৱ বেছি দেখা যায় আনহাতে দুর্বল প্রভাৱগোষ্ঠীসমূহৰ প্ৰভাৱ অতি সীমিত । কেতিয়াবা বাণিজ্যিক গোষ্ঠীসমূহ বা অন্য সক্তিশালী প্রভাৱগোষ্ঠীসমূহে নিজৰ প্রভাব খটুৱাই পাবলগীয়া দাবীসমূহো পৰিপূৰ্ণ কৰি লয়। প্ৰকৃততে, প্রভাৱশালী সমূহৰ প্ৰভাৱ কিছুমান উপাদানৰ ওপৰত নিৰ্ভৰ কৰে — প্ৰভাৱগোষ্ঠীৰ সাংগঠনিক গঠন, শৃংখলাবদ্ধতা, দলীয় সব্যসকলৰ আনুগত্যতা, জনসাধাৰণৰ আৱেগক

যুগ কৰাৰ দক্ষতা আৰু সমর্থন, বিত্তীয় অৱস্থা আৰু সর্বোপৰি সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাৰ ওপৰত ইয়াৰ দখল।

 প্ৰভাৱগোষ্ঠী যিবোৰে ৰাজনৈতিক বিষয় আৰু ব্যক্তিৰ বাবে কাম কৰে সেইবোৰে কিছু চৰম মাধ্যম গ্ৰহণ কৰে, যেনে ধর্ণা, সমদল, প্রতিবাদী সভা, অনশন আদি। 

যিবোৰ প্রভাৱগোষ্ঠীয়ে শান্তি, পৰিবেশ ৰক্ষণাবেক্ষণ আৰু মানৱ অধিকাৰ আদিৰ বাবে কাম কৰি আহিছে সেইবোৰ জনমত গঠন কৰা আৰু যুক্তিতর্ক, সহানুভূতি আদি কৌশল গ্ৰহণ কৰিছে। এইবিলাক গোষ্ঠীয়ে আন্তর্জাতিক, ৰাষ্ট্ৰীয় ভৰত প্ৰচাৰ আৰু সমন্বয় কার্য সাংগঠনিকভাৱে চলা ? AIDS ৰ বিৰুদ্ধে, উগ্রবাদ বিৰুদ্ধে, পাৰমাণৱিক বোমা আদিৰ বিৰুদ্ধে কৰা সংগ্ৰামসমূহ ইয়াৰ উদাহৰণ।

Leave a Reply