Class-9 History Elective| Chapter-4| ৰুছ-বিপ্লৱ

Class-9 History Elective| Chapter-4| ৰুছ-বিপ্লৱ. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  Class-9 History Elective| Chapter-4| ৰুছ-বিপ্লৱ Elective History Class 9 SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

History Elective| Chapter-4| ৰুছ-বিপ্লৱ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For Class-9 History Elective| Chapter-4| ৰুছ-বিপ্লৱ Solutions for All Subjects, You can practice these here.

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। ৰুছ বিপ্লৱৰ আগৰ ৰুছিয়াৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ এটি সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰঃ (ক) ৰাজনৈতিক ব্যবস্থা : ৰুছ বিপ্লৱৰ আগৰ ৰাজনৈতিক ব্যৱস্থা আছিল ৰাজতান্ত্রিক শাসন। ই আছিল চৰম স্বেচ্ছাচাৰী শাসন আৰু সম্পূর্ণ এককেন্দ্ৰীক ৰাষ্ট্ৰ যাৰ সম্রাট আছিল সর্বময়কর্তা। তেওঁ নিজকে ঈশ্বর প্রদত্ত ক্ষমতাৰ গৰাকী বুলি ভাবিছিল। তেওঁৰ ইচ্ছাই আছিল আইন। তেওঁৰ শাসনৰ কেইখনমান অনুষ্ঠান আছিল ৰাজ্য পৰিষদ, প্রদেশ, পুলিচ বাহিনী আদি। পুলিচে আবশ্যক মতে গ্ৰেপ্তাৰ বা হত্যাও কৰিব পাৰিছিল। প্রত্যেক প্রদেশতে একোজন গৱৰ্ণৰ নিযুক্ত কৰিছিল। এটা গুপ্তচৰ বিভাগো আছিল। বিচাৰ বিভাগ ত্রুটিপূর্ণ আছিল। এই ব্যৱস্থাৰ প্রজাবর্গ অসন্তুষ্ট আছিল।

১৯ শতিকাৰ ভিতৰত কেইজমান ৰজাই ৰুছিয়াৰ সন্মান বৃদ্ধি কৰিছিল। জাৰ প্ৰথম আলেকজেণ্ডাৰে ফ্ৰান্সৰ নেপোলিয়ানৰ বিৰুদ্ধেও যুজ দিছিল। তেওঁ সাম্রাজ্য সীমা বৃদ্ধি কৰিছিল। তেওঁ যথেষ্ট উদাৰ আছিল। জাৰ প্রথম নিকোলাছে ৰুছ দেশৰ বিপৰ্যয় আৰু অপমান আনিছিল। জাৰ দ্বিতীয় আলেকজেণ্ডাৰে সাম্ৰাজ্যৰ সীমা আফগানিস্থানলৈ বৃদ্ধি কৰে। জাৰ দ্বিতীয় নিকোলাছে জাপানৰ লগত পৰাজিত হৈছিল। 

(খ) সমাজ ব্যৱস্থা কছিয়াৰ সমাজ ব্যৱস্থা মধ্যযুগীয়া আৰু শোচনীয়। আছিল। ৰুছ সমাজ দুটা ভাগত ভগাব পাৰি। অভিজাত বা ধনীশ্রেণী আৰু কৃষক বা দুখীয়া শ্ৰেণী মুঠ জনসংখ্যাৰ আধাতকৈ বেছি কৃষক, তাৰে সৰহ সংখ্যক ছার্ফ বা ভূমিদাস। ছার্ফসকল আছিল একেবাৰে নিম্নশ্রেণীৰ লোক। মুঠতে হেজাৰত ৮৫৩ তকৈও কৃষক। ছাৰ্যসকলে সম্রাট, জমিদাৰ, গির্জাৰ যাজকৰ মাটিত খেতি কৰাৰ উপৰিও ঘৰত বনুৱা হিচাপে কাম কৰিব লাগিছিল। চাৰ্যসকল মালিকৰ সম্পত্তি স্বৰূপ। মালিকে মাটিবিক্ৰী কৰিলে চার্ফসকলো বিক্ৰী হৈ যায়। মুঠতে চাৰ্যসকলৰ অৱস্থা অতি শোচনীয় আছিল।

প্রশ্ন ২। ১৯০৫ চনৰ পৰা বলছেভিক বিপ্লৱলৈকে ৰুছিয়াৰ আভ্যন্তৰীণ অৱস্থা বর্ণনা কৰা।

উত্তৰঃ ৰুছ সম্রাট জাৰ দ্বিতীয় নিকোলাছৰ ৰাজত্ব কালত প্ৰজাৰ ওপৰত অত্যাচাৰ উৎপীড়ণ যেতিয়া বৰ বেছি হৈছিল সেই সময়তে সকলো প্রজা অতিষ্ঠ হৈ বিপ্লৱৰ বাবে সাজু হৈছিল। কিন্তু ১৯০৪ চনত জাপানৰ লগত ৰুছিয়াৰ যুদ্ধ আৰম্ভ হয় আৰু পৰাজয় বৰ্ণ কৰিব লগা হয়। জনসাধাৰণে পৰাজয়ৰ বাবে সকলো দোষ চৰকাৰক দিয়ে। এনে সময়তে অত্যাচাৰী মন্ত্ৰী এজনক হত্যা কৰা হয়। এই ঘটনাৰ বাবে পাঁচ হাজাৰ বিপ্লৱীক নির্বাসন দিয়ে। এই কাৰণত দেশ ব্যাপী তীব্র আন্দোলন আৰম্ভ হয়। মন্ত্রী প্রিন্স মিবাস্তিয়ে সকলো ৰাজনৈতিক দলকে অভিযোগ আৰু দাবীবোৰ লিখিতভাৱে চৰকাৰক দাখিল কৰিব দিয়ে৷ প্ৰজাই ১১ দফীয়া দাবী পত্র দাখিল কৰে। দাবীৰ ভিত্তিত আন্দোলন তীব্ৰ হৈ উঠে ১৯০৫ চনৰ ২২ জানুৱাৰীত এটা শোভাযাত্ৰাৰ ওপৰত চৰকাৰৰ সৈন্যবাহিনীয়ে গুলী কৰি বহুতো প্ৰজাৰ প্ৰাণ নাশ কৰে। ইয়াকে বক্তাক্ত দেওবাৰ নামে জনা যায়। আন্দোলন হিংসাত্মক হৈ উঠে। জমিদাৰ শ্ৰেণীৰ ঘৰ-দুৱাৰ ভাঙি, পুলিচ, কৰ্মচাৰীক হত্যা কৰে, ৰজাৰ পৰিয়ালৰ লোককো হত্যা কৰে। ৰজাই ১৯০৫ চনৰ ৩ জানুৱাৰীত ডুমা আহ্বান কৰে। জাৰ নিকোলাছে এই ডুমা আলোচনাত কোনো সিদ্ধান্ত আৰু মীমাংসা নহ’ল। পুনৰ ধর্মঘট আৰম্ভ হয়। ১৯০৫ চনৰ ৩০ অক্টোবৰত নিকোলাছে ডুমাক আইন প্রণয়নৰ সম্পূৰ্ণ ক্ষমতা দিয়ে আৰু সকলো প্রজাকে ভোটাধিকাৰ দি চৰকাৰী ঘোষণা কৰে। প্ৰথম পৰ্যায়ৰ বিপ্লৱ ইয়াতে সামৰণি পৰে।

১৯০৬ চনত ১০ মে’ত জাতীয় সভা ডুমা বহে। ডুমাত প্রজাৰ হকে কোনো ফলবতী সিদ্ধান্ত নহ’ল। দুমাহ ধৰি ডুমা আৰু জাৰৰ মাজত বিবাদ চলিছিল। জাৰে একো উপায় নাপাই ডুমা ভাঙি দিয়ে। ১৯০৭ চনৰ পৰা ১৯১২ চনলৈ তৃতীয় ডুমাখন চলিল যদিও, আগেয়ে প্রতিশ্রুতি দিয়া মতে কৃষকসকলে মাটিৰ মালিকী স্বত্ব নালাগে। ১৮১৬ চনত ‘প্রোগ্রেছিভ ব্লক’ নামে এটা দল গঠন হৈ আন্দোলন অধিক তীব্র কৰে।

প্রথম বিশ্বযুদ্ধত পৃথিৱীৰ বৃহত্তম সৈন্য দল থকা সত্ত্বেও, যুদ্ধত ১০ লাখ সৈন্যৰ মৃত্যু হয়, ১ লাখ ৫০ হাজাৰ বন্দী হয়। খাদ্য আৰু অস্ত্ৰৰ অভাৱতে এই বিপর্যয় হৈছিল বুলি জনা যায়। অকর্মন্য জাৰ তন্ত্ৰৰ বিৰুদ্ধে প্রচণ্ড বিদ্বেষ আৰু বিক্ষোভ আৰম্ভ হয়। পেট্রোগ্রেড চহৰ বিক্ষোভ আৰম্ভ হয়। যুদ্ধ আৰু জাৰৰ শাসনৰ অৱসান, কটি, মাটি আৰু শাস্তির দাবীত জনতা উত্ৰাৱল হ’ল। সেনাবাহিনীত এই আন্দোলনত যোগদান কৰিলে। ১৯১৭ চনৰ ১৫ মার্চত দ্বিতীয় নিকোলাছে পদত্যাগ কৰিবলৈ বাধ্য হ’ল। ৰাজপৰিয়ালক বন্দী কৰি অৱশেষত ১৯১৮ চনৰ ১৬ জুলাইত মৃত্যুদণ্ড দিয়া হয়৷ এইদৰেই জাৰ তন্ত্রৰ ওৰ পৰে।

প্রশ্ন ৩। ১৯১৭ চনত ৰুছ বিপ্লৱৰ কাৰণবোৰ আলোচনা কৰা। 

উত্তৰ : ১৯১৭ চনত ৰাছিয়াত সংঘটিত সাম্যবাদী বিপ্লৱৰ প্ৰধান কাৰণবোৰ হ’ল—

(১) ৰাজনৈতিক কাৰণঃ ৰুছিয়াৰ অকর্মণ্য জাৰ সম্রাট নিকোলাচৰ নিষ্ক্রিয়তাৰ বাবে তেওঁৰ পত্নী, ৰাজপুতিন নামৰ সন্ন্যাসী এজনৰ অত্যাচাৰ-উৎপীড়নে প্ৰজাৰ জীৱন দুর্বহ কৰি তোলে আৰু প্ৰজাক বিপ্লৱমুখী হ’বলৈ বাধ্য কৰে। 

(২) সামাজিক কাৰণঃ স্পষ্ট দুটা ভাগত বিভক্ত কৰি ৰুছিয়াৰ সমাজখনৰ সম্ভ্রান্ত শ্ৰেণীটোৱে সমুদায় ধন-সম্পদৰ গৰাকী হৈ সকলো সা-সুবিধা উপভোগ কৰিছিল। আনহাতে সাধাৰণ শ্ৰেণীৰ সংখ্যাগৰিষ্ঠ প্ৰজাসকল সা-সম্পদৰ পৰা বঞ্চিত হৈ, উৎপাদনৰ বাবে সমুদায় কায়িক শ্রম কৰিব লাগিছিল। এই বৈষম্যই সমাজৰ সংখ্যাগৰিষ্ঠ ছাৰ্ফ শ্ৰেণীটোক বিদ্রোহী কৰি তোলে। 

() অর্থনৈতিক কাৰণ : কছিয়াৰ পুঁজিবাদী ব্যৱস্থাই সমাজখনক দুটা ভাগত ভাগ কৰিছিল মালিক আৰু শ্রমিক। মালিক শ্রেণীয়ে লাভৰ মাত্রা বৃদ্ধি কৰাৰ লগে লগে শ্রমিকৰ মজুৰি কমি যায়। মালিক শ্ৰেণীৰ শোষণৰ মাত্রা বৃদ্ধিৰ লগে লগে শ্রমিক শ্রেণীৰ আৰ্থিক অৱস্থা শোচনীয় হয়। ৰুছিয়াৰ সমগ্ৰ শোষিত শ্রেণীয়ে বলছেভিক দলৰ দ্বাৰা সংগঠিত হৈ বিপ্লৱৰ সূচনা কৰে। 

(৪) লেখকৰ প্ৰভাৱ : ফ্ৰান্সৰ দৰে ৰুছিয়াতো লেখকৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। টলষ্টয়, টুগেনিভ আৰু দুষ্টয়েভস্কিৰ নিচিনা লেখকে কছবাসীক জগাই তুলিছিল। কালমার্ক্সব বৈজ্ঞানিক সমাজবাদৰ তত্ত্বই যুৱকসকলক প্ৰভাৱিত কৰি বিপ্লৱমুখী কৰি তোলে। 

(৫) তৎকালীন কাৰণ : খাদ্যবস্তুৰ অনাটনেই আছিল এই বিপ্লৱৰ তৎকালীন কাৰণ। ১৯১৭ চনত ৰুছিয়াৰ পেট্রোগ্রেড চহৰত উৎকট খাদ্যাভাবৰ বাবে শ্রমিক-পত্নীসকলে বিক্ষোেভ আৰম্ভ কৰাত শ্ৰমিসকলেও ধর্মঘট কৰি তাত যোগ দিয়ে। বিক্ষোভকাৰীক দমন কৰিবলৈ পঠিওৱা সৈন্যসকলেও এই আন্দোলনত যোগদান কৰে আৰু কাৰাগাৰ ভাঙি সকলো বন্দীক মুক্ত কৰি সমগ্ৰ দেশতে বিদ্রোহ ঘোষণা কৰি জাৰ সম্রাটক উচ্ছেদ কৰে আৰু শ্রমিক শ্ৰেণীৰ শাসন প্ৰৱৰ্তন কৰে।

প্রশ্ন ৪। বিপ্লৱৰ আৰম্ভণিতে গঠিত অস্থায়ী চৰকাৰৰ কাৰ্যকালৰ এটি চমু বিৱৰণ দিয়া।

উত্তৰঃ ১৯১৭ চনৰ ১৫ মাৰ্চত জাৰ নিকোলাছৰ পদত্যাগৰ পিছত ডুমাই পেট্টোগ্ৰাডৰ ছোভিয়েটৰ লগত আলোচনা কৰি এখন অস্থায়ী চৰকাৰ গঠন কৰে। প্রথমে এই চৰকাৰৰ প্রধান মন্ত্রী আছিল প্রিন্স জর্জ বব। এইজন মন্ত্রী সাংবিধানিক গণতন্ত্রৰ সমর্থক আছিল। এই চৰকাৰে ভোটাধিকাৰ আৰু আন কিছুমান অধিকাৰৰ ঘোষণা কৰে আৰু লগতে নতুন উদ্যমেৰে যুদ্ধ চলাই যোৱাৰ সিদ্ধান্ত কৰে।

চৰকাৰৰ সৈন্য বাহিনীয়ে যুদ্ধ চলাই যোৱা সিদ্ধান্তৰ বিৰোধিতা কৰে। চৰকাৰৰ মন্ত্ৰীসকল একমত হ’ব নোৱাৰাত বৈদেশিক আৰু যুদ্ধমন্ত্ৰীয়ে পদত্যাগ কৰে। সৈনিক, শ্রমিক, কৃষকসকলে আমূল সংস্কাৰ দাবী কৰে। তেওঁলোকে শান্তি, খাদ্য আৰু মাটিৰ দাবীত উত্তেজিত হৈ উত্ৰাৱল হৈ পৰে। প্ৰধান মন্ত্ৰী প্রিন্স ববে ১৯১৭ চনৰ আগষ্টত পদত্যাগ কৰে। তাৰ পিছতে নেছেভিক দলৰ নেতা আলেকজেণ্ডাৰ কেনেস্কি প্রধান মন্ত্রী হয়।

১৯১৭ চনৰ জুনমাহত ৰুছিয়াৰ সকলো ছোভিয়েট ঐক্যবদ্ধভাৱে প্রথম বাৰৰ বাবে ভ্লাডিমিৰ লেনিনৰ নেতৃত্বত পেট্রোগ্রেদত বহিছিল। লেনিনে চুইজাৰলেণ্ডৰ পৰাই নিৰ্বাসনত থাকি বলছেভিক দলৰ আন্দোলন চলাই আছিল। লেনিনে এই অধিৱেশনত নেতৃত্ব লৈ ঘোষণা কৰিলে যে সকলো ক্ষমতা ছোভিয়েটৰ হস্তগত হব লাগিব। আমেৰিকাত নির্বাসিত হৈ থকা ট্রাটাস্কিয়ে কলে যে বলছেভিকসকলৰ নেতৃত্বত প্রলেটেৰিয়েটৰ একনায়কত্ববাদ প্রতিষ্ঠা হ’ব লাগে। অস্থায়ী চৰকাৰে বিচাৰে সাংবিধানিকভাৱে গণতন্ত্র প্রতিষ্ঠা কৰিব লাগে৷ বলছেভিকসকলে যুদ্ধ বন্ধ আৰু বলেৰে শাসন দখল কৰাৰ পক্ষপাতি আছিল৷ কেনেস্কিয়ে সোপন্থীসকলৰ লগলাগি বামপন্থীসকলক দমন কৰাৰ চেষ্টা কৰে। কিন্তু যুদ্ধ চলাই যোৱা সিদ্ধান্তৰ বিৰুদ্ধে কছ সৈন্যসকলে বলছেভিকসকলৰ লগ লাগি অস্থায়ী চৰকাৰৰ কাৰ্যালয় ‘শীতপ্ৰাসাদ’ অৱৰোধ কৰে। মন্ত্ৰীসকলক বন্দী কৰে। ১৯১৭ চনৰ ৬ নৱেম্বৰত কেৰেনস্কি চৰকাৰৰ পতন ঘটে। এই বিপ্লৱকে অক্টোবৰ বিপ্লৱ বা বলছেভিক বিপ্লৱো বোলে। 

প্রশ্ন ৫। কমিউনিষ্ট সংবিধানৰ বৰ্ণনা কৰা।

উত্তৰঃ কছ বিপ্লৱৰ পাছত বলছেভিকদলে ৰুছিয়াত এখন শ্রেণীহীন সমাজ প্রতিষ্ঠাব পথত আগবাঢ়ে। ১৮১৮ চনত ৰচনা কৰা সংবিধানমতে সমগ্ৰ ৰুছিয়াত নতুন ৰাষ্ট্ৰীয় গাঠনি কৰে। প্ৰতিখন চহৰত আৰু জিলাতে একোখন শ্রমিক পৰিষদ বা ছোভিয়েট গঠন কৰে। আঞ্চলিক ছোভিয়েটে প্রাদেশিক ছোভিয়েটলৈ প্রতিনিধি পঠায় আৰু প্ৰাদেশিক ছোভিয়েটে নিখিল কছ ছোভিয়েটলৈ প্রতিনিধি পঠার লাগে। সর্বোচ্চ ছোভিয়েটৰ বা কংগ্ৰেছৰ হাততে চূড়ান্ত বা সর্বোচ্চ ক্ষমতা ন্যস্ত কৰা হৈছে। ১৮ বছৰৰ ওপৰৰ সকলো নাগৰিককে ভোটাধিকাৰ দিয়া হয়। অৱশ্যে অভিজাত আৰু যাজকসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা হয়। ১৯২২ চনত কচ্ছ দেশক নতুন নামেৰে সংযুক্ত সমাজতান্ত্রিক ছোভিয়েট প্রজাতন্ত্র’ (USSR) নামাকৰণ কৰা হয়। সমগ্ৰ বচদেশৰে (USSR) ৰাজ্যসমূহতে এই সংবিধান প্ৰৱৰ্তন কৰা হয়।

বলছেভিক চৰকাৰে জাৰ্মানীৰ লগত যুদ্ধৰ পৰা আতৰি থাকিব বুলি প্ৰতিশ্ৰুতি দিছিল। সেইমৰ্মে ১৮১৮ চনত জার্মানীৰ লগত ব্রেষ্টলিটস্কিত প্রথম চুক্তি স্বাক্ষরিত হয়। চুক্তি মতে বলছেভিক চৰকাৰে সকলো চৰ্ত মানি লয়।

প্রশ্ন ৬। বলছেভিক বিপ্লৱৰ ফলাফলসমূহ আলোচনা কৰা।

উত্তৰঃ ফলাফলবোৰ

(১) ৰুছ বিপ্লৱৰ ফলত ৰুছিয়াত জাৰৰ অত্যাচাৰী শাসনৰ অন্ত পৰে আৰু সৰ্বহাৰাৰ একনায়কত্ববাদৰ সূচনা হয়। 

(২) বিপ্লৱৰ পিছত জার্মানীৰ লগত সন্ধি হয় আৰু ফলত কছিয়াই যথেষ্ট ক্ষতি স্বীকাৰ কৰিবলগীয়া হয়। 

(৩) লেনিনৰ বলছেভিক দলে ৰুছিয়াত কমিউনিষ্ট চৰকাৰ গঠন কৰে আৰু সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আমূল পৰিৱৰ্তন সূচনা কৰে। 

(৪) দেশৰ উৎপাদনৰ সকলো আহিলা, কল কাৰখানা আদি ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ইয়াৰ ভাৰ শ্রমিকৰ ওপৰত দিয়া হয়। 

(৫) শাৰীৰিক শ্রম বাধ্যতামূলক কৰা হয়। 

(৬) ৰুছিয়াৰ সকলো লোককে সমান মর্যাদা, কৰ্মস্বাধীনতা আৰু সা-সুবিধা দিয়া হয়। কছিয়াত এখন শ্রেণীহীন সমাজ গঠনৰ প্ৰচেষ্টা কৰা হয়। 

(৭) পৃথিৱীৰ প্ৰথম সমাজবাদী ৰাষ্ট্ৰ ৰুছিয়াত প্রতিষ্ঠা কৰা হয় আৰু শ্রমিক কৃষকৰ একনায়কত্ববাদ প্ৰৱৰ্তন কৰা হয়।

প্রশ্ন ৭। ৰুছ বিপ্লৱৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰ : ৰুছ বিপ্লৱৰ কাৰণ চাৰিটা : (১) স্বেচ্ছাচাৰী শাসন : কছিয়াৰ অকর্মণ্য ৰজা নিকোলাচৰ শাসন কালত প্ৰজাৰ ওপৰত নানা অত্যাচাৰ উৎপীড়ন চলিছিল। তেনে শাসনে প্ৰজাক অতিষ্ঠ কৰি তুলিছিল।, (২) সামাজিক শ্রেণী বিভাজনজাৰৰ শাসন কালত কছিয়াত সমাজখন দুটা ভাগত বিভক্ত আছিল। সংখ্যালঘিষ্ঠ এটা শ্ৰেণী আছিল সম্পদশালী, সকলো সম্পত্তিৰ মালিক আনটো সংখ্যাগৰিষ্ঠ শ্রেণী আছিল সর্বহাৰা, শাৰীৰিক শ্ৰমৰ ওপৰত জীয়াই থকা শ্ৰেণী। দুয়োটা শ্ৰেণীৰ মাজত শ্রেণী সংগ্রাম চলিছিল।, (৩) অর্থনৈতিক শোষণ ঃ সমাজৰ এটা শ্ৰেণীয়ে আনটো শ্রেণীক অমানুষিকভাৱে আর্থিক শোষণ কৰাৰ বাবেই ৰুছিয়াত বিপ্লৱে দেখা দিছিল।, (৪) খাদ্য বস্তুৰ নাটনি ঃ কছিয়াত দুর্ভিক্ষই দেখা দিছিল৷ ৰুছিয়াৰ সাধাৰণ প্ৰজাই খাদ্যৰ অভাৱত ৰাজপথলৈ ওলাই আহি বিদ্রোহ, বিক্ষোভত লিপ্ত হৈ চৰকাৰক উচ্ছেদ কৰিবলৈ বাধ্য হৈ পৰিছিল৷ এইদৰে বিদ্রোহে দেখা দিছিল।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। (ক) ‘মুক্তিদাতা জাৰ’ কোন?

(খ) ‘ৰক্তাক্ত দেওবাৰ’ কোন তাৰিখে ঘটে?

 (গ) প্রথম বিশ্বযুদ্ধৰ সময়ত ৰুছ জাৰ কোন আছিল?

(ঘ) সৰ্বশেষ ৰুছ জাৰ কোন যাজকৰ আজ্ঞাধীন আছিল?

(ঙ) কাৰ ৰাজত্বকালক ‘অগাষ্টিয়ান যুগ’ বোলা হয়।

(চ) বলছেভিক দলৰ জন্ম কোন চনত হৈছিল ? [Dhe-2018 ] (ছ) ‘ডাছ কেপিটেল’ কাৰ বচনা ?

(জ) ৰুছ-জাপান যুদ্ধ কোন চনত হৈছিল?

(ঝ) ‘ডুমা’ কি?

(ঞ) ৰুছিয়াৰ ‘অস্থায়ী চৰকাৰ’ৰ নেতৃত্বত কোন আছিল?

 (ট) কছ অর্থনৈতিক উন্নয়নৰ বাবে লেনিনে কি নীতি গ্রহণ কৰিছিল?

উত্তৰ ঃ (ক) ‘মুক্তিদাতা জাৰ’ আছিল জাৰ সম্রাট দ্বিতীয় আলেকজেণ্ডাৰ৷

(খ) ১৯০৫ চনৰ ২২ জানুৱাৰী দেওবাৰটোক ৰক্তাক্ত দেওবাৰ বোলে। (গ) জাৰ সম্রাট দ্বিতীয় নিকোলাছ।

(ঘ) সৰ্বশেষ ৰুছজাৰ নিকোলাছ, ৰাজপুৰোহিত ৰাজপুটিনৰ আজ্ঞাধীন আছিল ৷

(ঙ) ৰুছসম্রাট জাৰ নিকলাছৰ ৰাজত্বকালক (১৮৯৪-১৯১৭ চন)

(চ) ১৯০৩ চনত বলছেভিক দল জন্ম হৈছিল।

(ছঁ) বৈজ্ঞানিক সমাজবাদৰ জন্মদাতা কার্লমার্ক্স। .

(জ) বছ জাপান যুদ্ধ ১৯০৪ চনত হৈছিল। 

(ঝ) ‘ডুমা’ হ’ল নির্বাচিত প্রতিনিধিৰে গঠিত কছিয়াৰ জাতীয় কেৰেনস্কি।

(ঞ) মানছেভিক দলৰ নেতা আলেকজেণ্ডাৰ

*(ট) নতুন অর্থনৈতিক নীতি।

নৱম শ্ৰেণীৰ ইতিহাস সমাধান

Sl. No.Contents
Chapter 1আমেৰিকাৰ স্বাধীনতা যুদ্ধ
Chapter 2ফৰাচী বিপ্লৱ
Chapter 3শিল্প-বিপ্লৱ
Chapter 4ৰুছ-বিপ্লৱ
Chapter 5১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ
Chapter 6উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু
ৰাজনৈতিক উত্থান

অতিৰিক্ত অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। কেতিয়া ৰুছিয়াৰ প্ৰথম সংবিধান গ্ৰহণ কৰা হয়?

উত্তৰঃ ১৯১৮ চনত।

প্রশ্ন ২। কোনজন ব্যক্তিৰ লিখনিয়ে বিশ্বৰ সংগঠিত শ্রমিক আন্দোলন গঢ়ি তোলাত সর্বাধিক প্ৰভাৱ বিস্তাৰ কৰিছিল ?

উত্তৰঃ কার্লমার্ক্স।

প্রশ্ন ৩। সামাজিক আন্দোলনে পৰিবৰ্তন সাধন নাইবা স্থিতাৱস্থা কিদৰে কাৰ্য ব্যৱস্থা হাতত লয় ?

উত্তৰঃ সংঘবদ্ধভাৱে কাৰ্যব্যৱস্থা হাতত লয়।

প্রশ্ন ৪। ‘ন্যায্য প্রাপ্যৰ পৰা বঞ্চিত হ’লেও বিপ্লৱ হ’ব পাৰে — এই ধাৰণা কাৰ আছিল?

উত্তৰঃ এৰিষ্ট ‘টলৰ

প্রশ্ন ৫। মার্ক্সৰ মতে বিপ্লৱ কেতিয়া হয়?

উত্তৰঃ শ্রেণী সংগ্রাম তীব্র হলে।

প্রশ্ন ৬। ৰুছ বিপ্লৱ ক’ত আৰম্ভ হৈছিল ?

উত্তৰঃ পেট্রোগ্রেড চহৰত

প্রশ্ন ৭। ৰুছিয়াত কি বিপ্লৱৰ পাছত শাৰীৰিক শ্রম বাধ্যতামূলক কৰা হৈছিল?

উত্তৰঃ ৰুচ বিপ্লৱৰ।

প্রশ্ন ৮। ‘ৰাষ্ট্ৰৰ ক্ষমতা যথাসম্ভৱ কম হ’ব লাগে’–এই মতবাদ কাৰ?

উত্তৰঃ ব্যক্তিবাদীসকলৰ।

প্রশ্ন ৯। কোনটো বিপ্লৱৰ ফলত উৎপাদন ব্যৱস্থাৰ ব্যক্তিগত মালিকী স্বত্বৰ উচ্ছেদ কৰা হৈছিল?

উত্তৰঃ ৰুছ বিপ্লৱত।

প্রশ্ন ১০। কার্লমার্ক্সে লিখা বিশ্ববিখ্যাত গ্রন্থখন কি ?

উত্তৰঃ ডাছ কেপিটেল।

প্রশ্ন ১১। ৰুছিয়াৰ বিপ্লৱ কেতিয়া হৈছিল?

উত্তৰঃ ১৯১৭চনত।

প্রশ্ন ১২। দুই শ্ৰেণীৰ মানুহৰ সৃষ্টি কিহে কৰিছিল ?

উত্তৰঃ কছ বিপ্লৱে।

প্রশ্ন ১৩। ৰুছিয়াৰ ৰাজ-ৰাণীৰ পৰামৰ্শদাতাজন কোন আছিল?

উত্তৰঃ ৰাছপুতিন নামৰ সন্ন্যাসী এজন।

প্রশ্ন ১৪। ১৯১৭ খ্রীষ্টাব্দৰ ৰুছিয়াৰ বিপ্লৱৰ তৎকালীন কাৰণ কি আছিল?

উত্তৰঃ উৎকট খাদ্যসংকট।

প্রশ্ন ১৫। লেনিন কোন দলৰ নেতা আছিল?

উত্তৰঃ বলচেভিক দলৰ।

প্রশ্ন ১৬। কেেছাই কি সার্বভৌমত্ব সমর্থন কৰিছিল ? উত্তৰঃ জন-সার্বভৌমত্বৰ।

প্রশ্ন ১৭। সর্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠা কৰা দলটো কি?

উত্তৰঃ কছদেশৰ বলছেভিক দল।

প্রশ্ন ২। চমুটোকা লিখা : 

(ক) মুক্তিৰ অধ্যাদেশ, ১৮৬১, 

(খ) ৰক্তাক্ত দেওবাৰ, 

(গ) মুক্তিদাতা জাব, 

(ঘ) বলছেভিক আৰু মেনছেভিক দলৰ মতভেদৰ কাৰণ,

(ঙ) ইউনিষ্ট মেনিফেষ্টো 

(চ) নৱেম্বৰত অনুষ্ঠিত বিপ্লৱক ‘অক্টোবৰ বিপ্লৱ’ কিয় বোলা হয় 

উত্তৰ : (ক) মুক্তিৰ অধ্যাদেশ, ১৮৬১ঃ কছ সম্রাট জাৰ দ্বিতীয় আলেকজেণ্ডাৰে ১৮৬১ চনত তেওঁৰ বিখ্যাত মুক্ত আজ্ঞাৰ জৰিয়তে ছাফসকলক ভূমি দাসত্বৰ পৰা মুক্তি দি স্বাধীন নাগৰিকৰ মর্যাদা দান কৰে। এই স্বাধীনতা দ্বিতীয় আলেকজেণ্ডাবে ১৮৬১ চনৰ এখন মুক্তিৰ অধ্যাদেশৰে ঘোষণা কৰিছিল।

(খ) ৰক্তাক্ত দেওবাৰঃ ৰছ বিপ্লৱৰ সময়ত ১৯০৫ চনৰ ১৫ জানুৱাৰীত ব্যাপক ধর্মঘট আৰম্ভ হয়। ২২ জানুৱাৰী, দেওবাৰ, ফাদাৰ গেপন নামৰ ধর্মযাজক এজনৰ নেতৃত্বত পেট্রোগ্রেড চহৰত ধৰ্মঘটকাৰী শ্ৰমিকসকলৰ এটা বিশাল শোভাযাত্ৰা হৈছিল। এই শোভাযাত্ৰাৰ ওপৰত ৰাজকীয় সৈন্যবাহিনীয়ে গুলি চলোৱাত বহু শ্রমিক নিহত আৰু আহত হয়। সেইকাৰণে এই দিনটোকে বিপ্লৱৰ ইতিহাসত ‘ৰক্তাক্ত দেওবাৰ’ বুলি জনা যায়।

(গ) মুক্তিদাতা জাৰঃ ৰুছ সম্রাট জাৰ দ্বিতীয় আলেকজেণ্ডাৰক মুক্তিদাতা জাৰ বুলি জনা যায়। তেওঁ সিংহাসনত উঠিয়ে ৰুছ দেশৰ দৰিদ্ৰ নিপীড়িত, শোষিত ছাফসকলক মুক্ত কৰাৰ উদেশ্যেৰে বিখ্যাত মুক্তি আজ্ঞাৰ জৰিয়তে (Edict of Emancipation) ছাৰ্যসকলক ভূমিদাসৰ পৰা মুক্তি দি স্বাধীন নাগৰিকৰ মৰ্যাদা দিয়ে। মাটিৰ মালিকসকলৰ পৰা কিছু মাটি ভূমিহীন ছাৰ্যসকলৰ মাজত ভগাই দি তাৰ বিনিময়ত মাটিৰ মূল্য পৰিশোধ কৰিবলৈ তেওঁলোকক ৪৯ বছৰৰ বাৰে ‘মিৰ’ নামৰ পঞ্চায়তৰ অধীনত ৰখা হৈছিল। এনে কাৰণতে জাৰ দ্বিতীয় আলেকজেণ্ডাৰক ছাৰ্ফসকলে মুক্তি দাতা জাৰ বুলি কৃতজ্ঞতা জনাইছিল।

(ঘ) বলছেভিক আৰু মেনছেভিক দলৰ মতভেদৰ কাৰণঃ ১৯০৩ চনত ‘ৰাছিয়ান ছোচিয়েলিষ্ট ডেমোক্রেটিক লেবাৰ পাৰ্টি নামৰ দলটো কাৰ্যপস্থা সম্পর্কে মতভেদ হোৱা বাবে দুটা দলত বিভক্ত হয়। এটা হ’ল বলছেভিক আৰু আনটো হ’ল মেনছেভিক। বলছেভিক দলে শাসন ক্ষমতা হস্তগত কৰিব খোজে বল প্রয়োগভাৱে শাসক শ্রেণীক সম্পূর্ণ উচ্ছেদ কৰি। আনহাতে মেনছেভিক দলে শাসনৰ ক্ষমতা হস্তগত কৰিব বিচাৰে নিয়মতান্ত্রিকভাৱে আইন-কানুনৰ দ্বাৰা। এনেকুৱা পার্থক্য থকা বাবেই নৱেম্বৰ বিপ্লৱে মেনচেভিকৰ হাতৰ পৰা ক্ষমতা হস্তান্তৰ কৰি বলছেভিক দলক দিয়াৰ ব্যৱস্থা কৰে।

(ঙ) কমিউনিষ্ট মেনিফেষ্টো : বিখ্যাত বৈজ্ঞানিক সমাজবাদৰ জন্মদাতা কালমাঝর্ক্সৰ সমাজবাদী চিন্তাধাৰা প্ৰথম প্ৰকাশিত গ্ৰন্থখন হ’ল— ‘কমিউনিষ্ট মেনিফেষ্টো’। এই গ্ৰন্থখনৰ জৰিয়তে তেওঁ বিশ্বৰ সমগ্র শ্রমিকশ্রেণী একত্রিত হবলৈ আহ্বান জনায়। ফৰাচী চৰকাৰে ১৮৪৫ চনত মার্ক্সক বহিষ্কাৰ কৰাৰ পিছত তেওঁ ব্ৰুছেলছলৈ গৈ তাতেই এই গ্ৰন্থখন প্রকাশ কৰিছিল ৷ তেওঁৰ মতে শ্রমেই অৰ্থৰ মূল বুলি মত প্ৰকাশ কৰে। শ্রমিকেহে মূল্য সৃষ্টি কৰিব পাৰে বুলি বিশ্বাস কৰে।

(চ) নৱেম্বৰত অনুষ্ঠিত বিপ্লৱক অক্টোবৰ বিপ্লৱ কিয় বোলে?

বলছেভিক দলে মানছেভিক দলৰ অস্থায়ী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰচাৰ চলাবলৈ ধৰে। চৰকাৰী সৈন্যবাহিনীয়ে চৰকাৰে যুদ্ধ চলাই যোৱাৰ সিদ্ধান্ত লোৱা বাবে বিপ্লৱী বলছেভিক দলৰ লগ লাগি চৰকাৰৰ কাৰ্যালয় ‘শীতপ্রাসাদ’ অৱৰোধ কৰে। মন্ত্রীসকলক বন্দী কৰে। ১৯১৭ চনৰ ৬ নৱেম্বৰ তাৰিখে চৰকাৰৰ পতন ঘটে। কেৰেনস্কি পলাই আমেৰিকালৈ যায়। বলছেভিক দলে কৰা এই বিপ্লৱকে অক্টোবৰ বিপ্লব বোলে। এই বিপ্লৱ যদিও নৱেম্বৰ মাহৰ ৬ তাৰিখে ঘটে তথাপি ইয়াক অক্টোবৰ বিপ্লৱ বোলে৷ ইয়াৰ কাৰণ হ’ল— বস্তু দেশৰ প্ৰচলিত গ্ৰীক অর্থোডস্ক গির্জাৰ কেলেণ্ডাৰ, ইংলেণ্ডৰ গ্ৰেগৰীয়ান কেলেণ্ডাৰতকৈ ১৩ দিন পিছপৰা। গতিকে ৰুছ কেলেণ্ডাৰ মতে বলছেভিক বিপ্লৱৰ তাৰিখ হ’ব ২৪ অক্টোবৰ৷ সেই কাৰণেই এই বিপ্লৱক অক্টোবৰ বিপ্লৱ বোলে ৷

চমু প্রশ্নোত্তৰসমূহ

প্রশ্ন ১। কার্লমার্ক্স কোন আছিল?

উত্তৰ : কার্লমার্ক্স এজন জার্মান দার্শনিক। তেওঁ আধুনিক সমাজবাদী বা বৈজ্ঞানিক সমাজবাদী তত্ত্বৰ উদ্ভাৱক। তেওঁৰ এই তত্ত্বই আছিল শ্রমিক শ্রেণীৰ ‘একনায়কত্ববাদ’ প্ৰতিষ্ঠাৰ মূল ভেটি। তেওঁৰ সাম্যবাদী তত্ত্বই আছিল ৰুছ বিপ্লৱৰ জৰিয়তে ৰাছিয়াত সাম্যবাদী ৰাষ্ট্ৰ গঠনৰ মূলমন্ত্ৰ। তেওঁ পৃথিৱীৰ শ্ৰমিকক নতুন পথৰ সন্ধান দিওঁতা।

 প্রশ্ন ২। সমাজবাদ কি ? এই মতবাদৰ সমৰ্থনত হোৱা বিপ্লৱৰ নেতৃত্ব কোনে দিছিল ?

উত্তৰঃ (ক) সমাজবাদ এটা ৰাজনৈতিক তথা অর্থনৈতিক ব্যৱস্থা। সমাজবাদী অর্থনৈতিক ব্যৱস্থাত উৎপাদনৰ আহিলাবোৰৰ মালিকীস্বত্ব সমাজৰ হাতত অৰ্থাৎ চৰকাৰৰ হাতত ন্যস্ত থাকে, কোনো ব্যক্তি বা কোম্পানীৰ হাতত নাথাকে।,

(খ) সমাজবাদী মতবাদৰ সমৰ্থনত ১৯১৭ চনত ৰুছ বিপ্লৱ সংঘটিত হৈছিল। এই বিপ্লৱৰ নেতৃত্ব দিছিল লেনিনে। 

প্রশ্ন ৩। পুঁজিবাদী আৰু সমাজবাদী ব্যৱস্থাৰ পার্থক্য দেখুওৱা।

উত্তৰ ঃ যি ৰাজনৈতিক তথা অর্থনৈতিক ব্যৱস্থা ৰাষ্ট্ৰৰ উৎপাদনৰ আহিলাসমূহৰ মালিকীস্বত্ব সমাজৰ হাতত বা সমাজৰ প্রতিনিধি স্বৰূপ ৰাষ্ট্ৰৰ হাতত থাকে তাকে সমাজবাদী ব্যৱস্থা বোলে। আনহাতে, যেতিয়া ৰাষ্ট্ৰৰ উৎপাদনৰ আহিলাসমূহৰ মালিকীস্বত্ব ব্যক্তি বা কোম্পানীৰ হাতত থাকে তাকে পুঁজিবাদী ব্যৱস্থা বোলে।

প্রশ্ন ৪। ৰুছ বিপ্লৱ কেতিয়া আৰম্ভ হৈছিল? এই বিপ্লৱৰ তৎকালীন কাৰণ কি?

 উত্তৰ ঃ (ক) ১৯১৭ চনত ৰুছ বিপ্লৱ আৰম্ভ হৈছিল। (খ) খাদ্যবস্তুৰ অনাটনতে ইয়াত বিপ্লৱৰ আৰম্ভ হৈছিল। ৰুছ বিপ্লৱৰ আন বহুতো কাৰণ আছে যদিও ১৯১৭ ত পেট্রোগ্ৰেদ চহৰত কিছুমান বনুৱাই খাদ্যবস্তুৰ অভাৱৰ কাৰণে ধর্মঘট আৰম্ভ কৰে। এই ধর্মঘটেই আছিল ৰুছ বিপ্লৱৰ আৰম্ভণি ।

প্রশ্ন ৫। বলছেভিক আৰু মেনছেভিক দলৰ কোনটোৱে কি নীতি অনুসৰণ কৰিছিল?

উত্তৰ ঃ (১) বলছেভিক দলে সমাজবাদ প্রতিষ্ঠাৰ বাবে উগ্ৰনীতি অৱলম্বন কৰিছিল। 

(২) মেনছেভিক দলে সমাজবাদ প্রতিষ্ঠাৰ বাবে লাহে লাহে পর্যায়ক্রমে প্রতিষ্ঠা কৰা নীতি অনুসৰণ কৰিছিল।

প্রশ্ন ৬। ‘স্বেচ্ছাচাৰী শাসন’ কোনকেইটা বিপ্লৱৰ উমৈহতীয়া এটা কাৰণ? এই বিপ্লৱকেইটাৰ সমসাময়িক ৰজাকেইজনৰ নাম উল্লেখ কৰা। 

উত্তৰ ঃ (ক) ‘স্বেচ্ছাচাৰী শাসন’ ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱ, ফ্ৰান্সৰ ফৰাচী বিপ্লৱ আৰু ৰুছিয়াৰ ৰুছ বিপ্লৱৰ উমৈহতীয়া কাৰণ আছিল।

(খ) ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱৰ সময়ত ৰজা আছিল দ্বিতীয় জেমছ। 

২। ফ্ৰান্সৰ ফৰাচী বিপ্লৱৰ সময়ত ৰজা আছিল ষষ্ঠদশ লুই।

৩। ৰুছিয়াৰ ৰুছ বিপ্লৱৰ সময়ৰ ৰজা আছিল দ্বিতীয় নিকোলাছ।

প্রশ্ন ৭। ৰুছ বিপ্লৱত অৰিহণা যোগোৱা লেখকসকলৰ তিনিজন বিখ্যাত লেখকৰ নাম লিখা।

উত্তৰঃ বিখ্যাত লেখক তিনিজন হ’ল—

(১) টলষ্টয়,

(২) টুর্গেনিভ,

(৩) দষ্টয়েভস্কি।

প্রশ্ন ৮। ‘ডাছ কেপিটেল’ গ্ৰন্থৰ ৰচক কোন? [Dhe-2019 ইয়াৰ মূল ভিত্তি কি?

উত্তৰঃ (ক) ‘ডাছ কেপিটেল’গ্ৰন্থৰ ৰছক হ’ল ‘কার্লমাক্স’। (খ) ডাছ কেপিটেলৰ মূল ভিত্তি হ’ল পুঁজিবাদী অর্থনীতিত পুঁজিপতিসকলে সর্বহাৰা শ্রমিকক কৰা অন্যায় শোষণৰ বিৰুদ্ধে পৃথিৱীৰ শ্রমিকক সংগঠিত কৰি, এই ব্যৱস্থাৰ উচ্ছেদ সাধন কৰাৰ চেষ্টা।

প্রশ্ন ৯। ‘শ্রেণী সংগ্রাম’ কাক বোলে?

উত্তৰ ঃ সমাজত ধনী-দুখীয়া দুই শ্ৰেণীৰ মানুহ থাকে। ধনীলোকৰ শোষণৰ ফলত এই দুই শ্রেণী লোকৰ মাজৰ অৰ্থনৈতিক ব্যৱধান বৃদ্ধি পাই গৈ থাকে। ধনী ধনী হৈ গৈ থাকে, দুখীয়া দুখীয়া হৈ গৈ থাকে। ধনীৰ শোষণৰ প্ৰকোপত অতিষ্ঠ হৈ, তিষ্ঠিব নোৱাৰি সংখ্যাগৰিষ্ঠ দুখীয়াবোৰে বিপ্লৱৰ আশ্রয় বলৈ বাধ্য হয়। ই শ্রণী সংগ্রাম বোলে।

প্রশ্ন ১০। কছ বিপ্লৱৰ ফলাফল কি? নাইবা, ৰুছ বিপ্লৱে ৰাছিয়াৰ ৰাজনৈতিক ক্ষেত্ৰত কি পৰিৱৰ্তন আনিছিল?

উত্তৰঃ কছ বিপ্লৱৰ প্ৰধান ফলাফলবোৰ হ’ল–

(১) ৰুছ দেশত জাৰৰ স্বেচ্ছাচাৰী শাসনৰ অস্ত পৰে আৰু সমাজবাদী শাসনৰ প্ৰতিষ্ঠা হয়।

(২) কছিয়াত এখন শ্রেণীহীন সমাজ গঠন হয়।

(৩) দেশৰ উৎপাদনৰ সকলো আহিলা ৰাষ্ট্ৰীয়কৰণ হয়।

(৪) কছিয়াৰ সকলো লোককে সমান মর্যাদা সা-সুবিধা দিয়া হয়।

(৫) পৃথিৱীৰ প্ৰথম সমাজবাদী ৰাষ্ট্ৰ কছিয়াত প্ৰতিষ্ঠা হয় আৰু শ্রমিকৰ একনায়কত্ব প্ৰৱৰ্তন হয়।

প্রশ্ন ১১। ১৯১৭ চনৰ ৰুছিয়াৰ বিপ্লৱে সাধন কৰা মূল পৰিৱৰ্তনসমূহৰ যিকোনো তিনিটা উল্লেখ কৰা।

উত্তৰঃ কছ বিপ্লৱৰ প্ৰধান ফলাফলবোৰ হ’ল –

(১) কছ দেশত জাৰৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পৰে আৰু সমাজবাদী শাসন প্রতিষ্ঠা হয়।

(২) ৰুছিয়াত এখন শ্রেণীহীন সমাজ গঠন হয়।

(৩) ৰুছিয়াত উৎপাদনৰ সকলো আহিলা ৰাষ্ট্ৰীয়কৰণ কৰা হয়।

 প্রশ্ন ১২। USSR ৰ সম্পূর্ণ নামটো কি?

উত্তৰঃ সম্পূৰ্ণ নাম হ’ল United Sovier Socialist Republic (সম্মিলিত চোভিয়েট ছোচিয়েলিষ্ট প্রজাতন্ত্র)

 প্রশ্ন ১৩। ৰুছ বিপ্লৱৰ সময়ত ৰুছিয়াৰ দুটা ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰ : বলছেভিক আৰু মেনছেভিক।

Leave a Reply