Class-9 History Elective| Chapter-3| শিল্প-বিপ্লৱ

Class-9 History Elective| Chapter-3| শিল্প-বিপ্লৱ. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  Class-9 History Elective| Chapter-3| শিল্প-বিপ্লৱ Elective History Class 9 SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

History Elective| Chapter-3| শিল্প-বিপ্লৱ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For Class-9 History Elective| Chapter-3| শিল্প-বিপ্লৱ Solutions for All Subjects, You can practice these here.

বচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। ইংলেণ্ডত প্রথমে উদ্যোগ বিপ্লৱৰ সূচনা হোৱাৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা। নাইবা আন ঠাইত নহৈ প্ৰথমে ব্ৰিটেইনতে কিয় শিল্প বিপ্লৱ হ’বলৈ পালে? নাইবা, ইংলেণ্ডত শিল্প বিপ্লৱৰ জন্মভূমি বুলি কিয় আখ্যা দিয়া হয়, কাৰণসমূহ বর্ণনা

উত্তৰ ইংলেণ্ডত প্রথম শিল্প বিপ্লৱ আৰম্ভ হোৱাৰ প্ৰধান কাৰণ হ’ল তাত শিল্প বিপ্লৱ হোৱাৰ কিছুমান সুবিধা আছিল। সেই সুবিধাবোৰ হ’ল—

(১) মূলধন যোগান : বৃহৎ উদ্যোগ আদি গঢ়ি উঠিবৰ বাবে যথেষ্ট পৰিমাণৰ ধনৰ আৱশ্যক। ইংলেণ্ড এখন ধনী দেশ। ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি তুলিবৰ বাবে আৱশ্যকীয় মূলধন যোগান ধৰিবলৈ বহুতো পুঁজিপতি ইংলেণ্ডত আছিল।

(২) খনিজ সম্পদ : উদ্যোগ প্রতিষ্ঠাৰ বাবে আৱশ্যক হোৱা কেঁচা সামগ্রী যেনে— লো, কয়লা আদি ধাতু ইংলেণ্ডত যথেষ্ট পৰিমাণে পোৱা গৈছিল। 

(৩) ব্যক্তিবাদী অর্থনীতি ঃ ইংলেণ্ডৰ ব্যক্তিবাদী অর্থনীতিতে পুঁজিপতিসকলে অধিক লাভৰ আশাত মুক্তভাৱে উদ্যোগ স্থাপন কৰি দেশত শিল্প উদ্যোগৰ উন্নতি সাধন কৰে। 

(৪) বজাৰৰ সুবিধা : ইংলেণ্ডৰ উদ্যোগবোৰত যথেষ্ট পৰিমাণে উৎপন্ন হোৱা সামগ্ৰীবোৰ বিক্ৰীৰ বাবে দেশ-বিদেশৰ বজাৰত বাণিজ্যৰ জৰিয়তে ৰিক্ৰীৰ সুবিধা আছিল ইংলেণ্ডৰ পৃথিৱীব্যাপি থকা উপনিবেশৰপৰা কেঁচা সামগ্রী বিক্ৰীৰ সুবিধাও আছিল ৷

(৫) মানৱ শক্তিঃ ইংৰাজসকল আছিল উদ্যমী, বেপৰোৱা, সাহসী, পৰিশ্ৰমী আৰু কষ্টসহিষ্ণু। তেওঁলোকে পৃথিৱীৰ বিভিন্ন দেশতো কেঁচামাল সংগ্রহ কৰি উৎপাদিত বস্তুবোৰ বিক্ৰী কৰি নিজঁ দেশক সমৃদ্ধিশালী কৰি তুলিছিল। 

(৬) অনুকূল জলবায়ু ইংলেণ্ডৰ জলবায়ু শিল্প উদ্যোগ গঢ়ি উঠাৰ বাবে অনুকূল আছিল৷ ইয়াৰ জলবায়ু অতিপাত গৰম বা শীতল নহয়, সেইবাবে ইয়াৰ অধিবাসীসকল পৰিশ্ৰণী আৰু কষ্টসহিষ্ণু, দক্ষ আছিল। এইবোৰ কাৰণতে ইংলেণ্ডত প্ৰথমে শিল্প বিপ্লৱ গঢ়ি উঠিছিল।

প্রশ্ন ২। কোনো এখন দেশত শিল্পবিপ্লৱ আৰম্ভ কৰিবলৈ প্ৰয়োজন হোৱা উপাদান চাৰিটাৰ বিষয়ে লিখা।

উত্তৰ: (১) মূলধন যোগান : বৃহৎ উদ্যোগ আদি গঢ়ি উঠিবৰ বাবে যথেষ্ট পৰিমাণৰ ধনৰ আৱশ্যক। ইংলেণ্ড এখন ধনী দেশ। ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি তুলিবৰ বাবে আৱশ্যকীয় মূলধন যোগান ধৰিবলৈ বহুতো পুঁজিপতি ইংলেণ্ডত আছিল।

(২) খনিজ সম্পদ : উদ্যোগ প্রতিষ্ঠাৰ বাবে আৱশ্যক হোৱা কেঁচা সামগ্রী যেনে— লো, কয়লা আদি ধাতু ইংলেণ্ডত যথেষ্ট পৰিমাণে পোৱা গৈছিল। 

(৩) ব্যক্তিবাদী অর্থনীতি ঃ ইংলেণ্ডৰ ব্যক্তিবাদী অর্থনীতিতে পুঁজিপতিসকলে অধিক লাভৰ আশাত মুক্তভাৱে উদ্যোগ স্থাপন কৰি দেশত শিল্প উদ্যোগৰ উন্নতি সাধন কৰে। 

(৪) বজাৰৰ সুবিধা : ইংলেণ্ডৰ উদ্যোগবোৰত যথেষ্ট পৰিমাণে উৎপন্ন হোৱা সামগ্ৰীবোৰ বিক্ৰীৰ বাবে দেশ-বিদেশৰ বজাৰত বাণিজ্যৰ জৰিয়তে ৰিক্ৰীৰ সুবিধা আছিল ইংলেণ্ডৰ পৃথিৱীব্যাপি থকা উপনিবেশৰপৰা কেঁচা সামগ্রী বিক্ৰীৰ সুবিধাও আছিল ৷

প্রশ্ন ৩। ইংলেণ্ডৰ শিল্প বিপ্লৱৰ ফলাফলসমূহ কি কি?

উত্তৰ : ইংলেণ্ডৰ শিল্প বিপ্লৱ এটা যুগান্তকাৰী বিপ্লৱ। এই বিপ্লৱৰ ফলাফল সুদূৰপ্ৰসাৰী।

তলত ইয়াৰ প্ৰধান ফলাফলবোৰ উল্লেখ কৰা হ’ল– 

(১) বৃহৎ উদ্যোগ প্রতিষ্ঠা : শিল্প বিপ্লৱৰ ফলতে ইংলেণ্ডত কুটীৰ শিল্পৰ ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠে। ইয়াৰ ফলত উৎপাদন পদ্ধতিৰ পৰিৱৰ্তন হয়। উৎপাদনৰ মাত্ৰা অত্যাধিক বৃদ্ধি পায়।

(২) বৈদেশিক বাণিজ্যৰ প্ৰসাৰণ : বৃহৎ উদ্যোগবোৰত কেঁচামালৰ চাহিদা যথেষ্ট বৃদ্ধিপায় আৰু অত্যাধিক পৰিমাণে উৎপাদিত সামগ্রী বিদেশলৈ ৰপ্তানি কৰিব লগা হয়। এই দুটা কাৰণতে কেঁচামাল আমদানি আৰু উৎপাদিত বস্তু ৰপ্তানিৰ বাবে বৈদেশিক বাণিজ্যৰ যথেষ্ট উন্নতি হয়।

(৩) ৰাজনৈতিক উদ্দেশ্য সাধন : বৈদেশিক বাণিজ্যৰ উন্নতিয়ে ইংলেণ্ডৰ আৰ্থিক উন্নতি আনে। ইয়াৰ ফলতে সামৰিক শক্তিৰ যথেষ্ট বৃদ্ধি পায়। এই শক্তিৰ বলতে ইংলেণ্ডে ফ্ৰান্সৰ বীৰ নেপোলিয়নক যুদ্ধত পৰাস্ত কৰি সমগ্ৰ ইউৰোপত আধিপত্য বিস্তাৰ কৰে।

(৪) নিবনুৱা সমস্যাৰ সৃষ্টিশিল্প বিপ্লৱে নিবনুৱা সমস্যার সৃষ্টি কৰে। যন্ত্রপাতি, কল-কাৰাখানাৰ দ্বাৰা কম পৰিশ্ৰমতে কম মানুহৰ দ্বাৰা অধিক উৎপাদন কৰা ব্যৱস্থা প্ৰচলন হোৱাত মানুহৰ কাম নাইকিয়া হয়। 

(৫) নগৰ চহৰ সৃষ্টিবৃহৎ উদ্যোগবোৰে গঢ়ি উঠা ঠাইবোৰত, গাঁও-ভূঁইৰ পৰা কাম বিচৰা মানুহ আহি নতুন নতুন নগৰ চহৰৰ সৃষ্টি কৰে। গাঁৱৰ মানুহ চহৰমুখী হয়। চহৰৰজনসংখ্যা বৃদ্ধি পায়।

(৬) ভিন্নমুখী ৰাজনৈতিক আদৰ্শৰ সৃষ্টিশিল্প বিপ্লৱে দুটা বিপৰীতধর্মী ৰাজনৈতিক আদৰ্শ সৃষ্টি কৰে ৷ বৃহৎ উদ্যোগবোৰৰ মালিকসকলে দিনকদিনে ধনী হৈ পুঁজিপতিত পৰিণত হয়, আনহাতে শ্রমিকসকলে শোষিত সর্বহাৰা শ্ৰেণীত পৰিণত হয়। আর্থিকভাৱে শক্তিশালী শ্ৰেণীটোৰ উৎপাদনৰ সকলো আহিলা নিজৰ হাতত ৰাখিবলৈ পুঁজিবাদী আদর্শ সমর্থন কৰে আৰু আনহাতে সংখ্যাগৰিষ্ঠ শ্রমিক শ্রেণীয়ে বিচাৰে আৰ্থিক সমতা, সমাজবাদী আদর্শ৷ গতিকে এইদৰে পুঁজিবাদ আৰু সমাজবাদৰ সৃষ্টি হয়।

(৭) বনুৱা সংস্থাৰ সৃষ্টি ঃ বৃহৎ উদ্যোগবোৰত কাম কৰা বনুৱা শ্ৰেণীৰ অৱস্থাৰ উন্নতি সাধনৰ বাবে শ্রমিকসকল একগোট হৈ বনুৱা সংগঠনৰ সৃষ্টি কৰে। চৰকাৰৰ প্ৰচলিত নীতি সংস্কাৰৰ দাবী কৰে। ফলত বনুৱাৰ অৱস্থা উন্নয়নৰ বাবে নানা সংস্কাৰমূলক আইন গৃহীত হয়।

প্রশ্ন ৪। ইংলেণ্ডৰ অৰ্থনৈতিক ক্ষেত্ৰত উদ্যোগ বিপ্লৱৰ ফল কি?নাইবা, শিল্প বিপ্লৱৰ ফলত ইংলেণ্ডত হোৱা অৰ্থনৈতিক পৰিৱৰ্তনসমূহ আলোচনা কৰা

উত্তৰ : ইংলেণ্ডৰ অৰ্থনীতিত উদ্যোগ বিপ্লৱে আমূল পৰিৱৰ্তন সাধে। এই পৰিৱৰ্তনসমূহ সুদূৰপ্ৰসাৰী আছিল। তলত সেইবোৰৰ আলোচনা কৰা হ’ল।

(১) শক্তিৰ দ্বাৰা চালিত যত্ন-পাতিৰ সহায়ত ডাঙৰ কল-কাৰাখানাত উদ্যোগজাত বস্তু উৎপাদন হয় আৰু মালিক, শ্রমিক – এই দুটা শ্ৰেণীৰ সৃষ্টি হয়। 

(২) গাঁৱৰ পৰা বহুতো লোক আহি কাৰখানাত কাম কৰিবলৈ লয় আৰু কাৰখানাবিলাকৰ ওচৰতে বাস কৰিবলৈ লয়। ফলস্বৰূপে উদ্যোগসমূহত কৃষিতকৈ বেছি লোক নিয়োজিত হয়। 

(৩) বনুৱা বা শ্রমিকসকলৰ স্বাৰ্থৰক্ষাৰ বাবে বনুৱা সংঘ স্থাপিত হয় আৰু শ্রমিক আইন প্রণয়ন হয়। লগে লগে শ্ৰমিকসকলৰ অধিকাৰসমূহ প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে গণতন্ত্রৰ ভেটি স্থাপন কৰে। 

(৪) উদ্যোগ বিপ্লৱৰ ফলত পৰিবহণ আৰু কৃষি পদ্ধতিৰ উন্নতি হয়। 

(৫) নতুন নতুন চহৰে গঢ় লৈ উঠে আৰু চহৰবিলাক অর্থনৈতিক ক্ষমতার কেন্দ্রস্থল হয়। ভূমি মালিকৰ প্রতিপত্তি হ্রাস হয়, লগে লগে পুঁজিপতিসকল প্রতিপত্তিশালী হৈ উঠে। 

(৬) সমাজত আর্থিক বৈষমা বৃদ্ধি পায়। পুঁজিপতি শ্রেণীয়ে শ্রমিক শ্রেণীক অতিমাত্রাভাৱে শোষণ কৰিবলৈ লয়। 

(৭) বিভিন্ন দেশৰ লগত বাণিজ্যিক, সাংস্কৃতিক আৰু সামাজিক আদান-প্রদানো উদ্যোগ বিপ্লৱে বৃদ্ধি কৰে।

প্রশ্ন ৫। ভাৰতৰ অৰ্থনীতিত শিল্প বিপ্লৱে কি প্ৰভাৱ পেলাইছিল। নাইবা, ইংলেণ্ডৰ শিল্পবিপ্লৱে ভাৰতবৰ্ষক কিদৰে প্ৰভাৱিত কৰিছে?

উত্তৰ : অষ্টাদশ শতিকাৰ শেষভাগত ইংৰাজসকলে ভাৰতত এক বিশাল সাম্রাজ্য গঢ়ি তুলিছিল আৰু শোষণৰ পূৰ্ণ পয়োভৰ চলাই আছিল। ঠিক সেই সময়তে ইংলেণ্ডত গঢ়ি উঠা শিল্প বিপ্লৱে ভাৰততো যথেষ্ট পৰিমাণে প্রভাৱ পেলাইছিল।

(১) ইংৰাজসকলৰ বাবে ভাৰত আছিল এখন বিশাল লাভজনক বজাৰ। তেওঁলোকে ভাৰতৰ পৰা অতি কম দামত কৃষিজাত কেঁচা সামগ্রী কিনি ইংলেণ্ডলৈ ৰপ্তানি কৰিছিল। আৰু ইংলেণ্ডৰ বৃহৎ উদ্যোগবোৰৰ উৎপাদিত বিভিন্ন সামগ্রী ভাৰতৰ বজাৰত উচ্চদামত বিক্ৰী কৰিছিল। এই ব্যৱসায়ত ভাৰত শোষিত হৈছিল।

(২) ভাৰতৰ কুটীৰ শিল্পৰ অৱনতি ঘটে। ভাৰতৰ হস্তশিল্পৰ কাপোৰে ইংলেণ্ডৰ বৃহৎ কল-কাৰাখানাত তৈয়াৰী মিহি কাপোৰৰ লগত ফেৰ মাৰিব নোৱাৰা হ’ল । ভাৰতীয় মানুহেও কম দামত ধুনীয়া ভাল কাপোৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। লাহে লাহে ভাৰতবাসী পৰমুখাপেক্ষী হ’বলৈ আৰম্ভ কৰে।

(৩) কিছুমান ইংৰাজে ভাৰতৰ কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি ভাৰততে বস্তু উৎপাদন কৰি আৰু বেছি লাভবান হ’বলৈ উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰে। এয়ে আছিল ভাৰতৰ উদ্যোগীকৰণৰ প্রথম প্রয়াস। এই নিদর্শনে ভাবতীয় লোককো উদ্যোগ স্থাপনত উৎসাহ প্রদান কৰে। এইদৰেই ভাৰতত উদ্যোগীকৰণ আৰম্ভ হয়৷ এইদৰেই শিল্প বিপ্লৱে ভাৰতক অর্থনৈতিকভাৱে প্ৰভাৱিত কৰিছিল।

প্রশ্ন ৬। শিল্প বিপ্লৱে কিদৰে পুঁজিপতি শ্ৰেণী আৰু উপনিবেশবাদ গঢ়াত সহায় কৰিছিল চমুকৈ আলোচনা কৰা। 

উত্তৰ : (ক) পুঁজিপতি শ্রেণীৰ সৃষ্টি১৮ শতিকাত ইংলেণ্ডৰ অৰ্থ ব্যৱস্থা আছিল উগ্র-ব্যক্তিবাদী। এই নীতিমতে, ব্যক্তিৰ অর্থনৈতিক স্বাধীনতা আছিল অবাধ; স্ব-উপার্জিত লাভ নিজে ভোগ কৰাত সুবিধা দিয়া হৈছিল। শিল্প বিপ্লৱৰ ফলত ধনী শ্ৰেণীৰ লোকসকলে বৃহৎ আকাৰৰ শক্তিৰে চালিত যন্ত্রপাতি প্রয়োগ কৰি বৃহৎ মাত্ৰাত উৎপাদন কার্য চলার পৰা হ’ল। উৎপাদিত বস্তু দেশ-বিদেশত বিক্ৰী কৰি মালিকসকলে তেওঁলোকৰ ধনৰ মাত্রা বৃদ্ধি কৰিছিল৷ এই অৱস্থাৰ ফলতে ‘পুঁজিপতি’ বা মালিক আৰু উদ্যোগত কাম কৰা ‘শ্রমিক’ এই দুটা শ্ৰেণীৰ সৃষ্টি হ’ল। দেশৰ উৎপাদনৰ আহিলাসমূহৰ মালিক আছিল পুঁজিপতিসকল। উদ্যোগ বিপ্লৱে এইদৰে পুঁজিপতি শ্ৰেণীৰ সৃষ্টি কৰিছিল।

(খ) উপনিবেশবাদ১৮শ শতিকাত ইংলেণ্ডত প্রতিষ্ঠা হোৱা ডাঙৰ ডাঙৰ উদ্যোগবোৰত যথেষ্ট পৰিমাণে কেঁচামালৰ আৱশ্যক হৈছিল। আনহাতে এই উদ্যোগবোৰত উৎপাদিত অপর্যাপ্ত বস্তু বিক্ৰীৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ আৱশ্যক হৈছিল। এই দুটা কাৰণতে নৌবিদ্যাত পাৰ্গত, দুঃসাহসী আৰু উদ্যমী ইংৰাজসকলে কেঁচামাল বিচাৰি আৰু বিক্ৰীৰ বাবে বজাৰ বিচাৰি দেশ-বিদেশত উপনিবেশ স্থাপন কৰিছিল। ইউৰোপৰ উদ্যোগপ্ৰধান দেশবোৰে পৃথিৱীৰ দেশসমূহত বজাৰ বিচাৰি ঔপনিবেশিক আন্দোলন ঘনীভূত কৰি তোলে। দেশবোৰৰ ঔপনিবেশিক প্রতিদ্বন্দ্বিতাৰ ফলত মহাযুদ্ধৰ সূত্ৰপাত হৈছিল।

প্রশ্ন ৭। শিল্প বিপ্লৱ বুলিলে কি বুজা? এই বিপ্লৱ হোৱাৰ কাৰণ কি? • 

উত্তৰ : মানুহ আৰু পশুৰ কায়িক শ্ৰমৰ উপশম ঘটাবলৈ যান্ত্রিকভাৱে উপায় উদ্ভাবন কৰি উৎপাদন প্ৰক্ৰিয়াত ব্যাপক পৰিৱৰ্তন আনি, মানৱ জাতিৰ সামগ্ৰিক জীৱন আমূল পৰিৱৰ্তন সাধন কৰা ব্যৱস্থাটোকে শিল্প বিপ্লৱ বুলি কোৱা হয়। এই শিল্প বিপ্লর নামটো বিখ্যাত ঐতিহাসিক আর্নল্ড টয়নবিয়ে প্রথমে দিয়ে।

শিল্প বিপ্লৱ হোৱাৰ কাৰণ হ’ল মানব জাতিৰ সৃষ্টিশীল মনোভাব। অৱশ্যে এই মনোভাব অৰিহণা যোগোৱা কিছুমান কাৰণো আছে। এইকাৰণবোৰ—সমাজত মূলধনৰ প্ৰাপ্তি; উদ্যমী, সাহসী, পৰিশ্ৰমী কষ্টসহিষ্ণু মানৱ সম্পদ; অনুকূল জলবায়ু; খনিজ সম্পদ; আৰু বজাৰৰ সুবিধা। এনেবোৰ পৰিস্থিতিৰ বাবেহে কোনো এখন দেশত শিল্পবিপ্লর সংঘটিত হোৱাৰ সম্ভাৱনা থাকে। শিল্প বিপ্লৱ হঠাতে হোৱা বিপ্লৱ নহয়। ই ক্রমান্বয়ে মন্থৰ গতিৰে আগবাঢ়ে।

প্রশ্ন ৮। পৰিবহণৰ ক্ষেত্ৰত শিল্প বিপ্লৱে কেনেকৈ অৰিহণা যোগাইছিল?

 উত্তৰ ঃ পৰিবহণৰ ক্ষেত্ৰত শিল্প বিপ্লৱে অশেষ অৰ্হিণা যোগাইছে। এই পৰিবহণ আৰু শিল্প বিপ্লৱ পৰস্পৰ নিৰ্ভৰশীল উপাদান। পৰিবহণ উন্নত নহলে শিল্পবিপ্লৱ গঢ়ি নুঠে, আনহাতে শিল্প উদ্যোগৰ উন্নত আৱিষ্কাৰ নহলেও পৰিবহণ উন্নত নহয়। পথ পৰিবহণ, জল পৰিবহণৰ বাবে ৰাস্তা-ঘাট উন্নতি, খাল নদ-নদীৰ নাব্য কৰাৰ ব্যৱস্থা, ভাপ ইঞ্জিন, ৰেল ইঞ্জিনৰ আৱিষ্কাৰ, মটৰ গাড়ী বেল গাড়ীৰ আৱিষ্কাৰ, এই যাতায়াত পৰিবহণ অতি সহজ হৈ পৰে। তীব্র বেগেৰে যাব পৰা বিভিন্ন গাড়ী মটৰে, ৰেল পথ পৰিবহণৰ উন্নতি সাধন কৰে। উন্নত ৰাস্তা নির্মাণ পদ্ধতিয়ে মানুহৰ যাতায়াত পৰিবহণ কষ্টবিহীন কৰি তোলে। 

এৰোপ্লেনৰ আৱিষ্কাৰে পৰিবহণ যাতায়াত যথেষ্ট উন্নতি সাধন কৰে। কম সময়তে, কম কষ্টতে মানুহে পৃথিৱীৰ যিকোনো ঠাইলৈ যাব পাৰ হ’ল। মুঠতে শিল্পবিপ্লৱৰ আটাইতকৈ বিস্ময়জনক ফল হ’ল দূৰত্বৰ অভাৱনীয় সংকোচন। বেল, মটৰ গাড়ী, জাহাজ, টেলিফোন, এবোপ্লেন আদিয়ে গোটেই পৃথিৱীখনকে ক্ষুদ্রতম কবি, সহজে ঢুকি পোৱা কৰি পেলাইছে।

প্রশ্ন ৯। কৃষিৰ ক্ষেত্ৰত শিল্প বিপ্লৱৰ প্ৰভাৱ কেনেকুৱা আছিল?

উত্তৰ ? কৃষি আৰু শিল্প দুয়োটা পৰস্পৰ নিৰ্ভৰশীল। জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষিৰ ওপৰত হেচা বৃদ্ধি হয়। পৃথিৱীত উদ্যোগিক শিল্পৰ উন্নতিয়ে সাধারণ কৃষকসকলক নিবনুৱা কৰি তুলিছিল। পিছলৈ উদ্ভিদৰ মূল আহাৰ আৰু বিভিন্ন ৰাসায়নিক সাৰ আৱিষ্কাৰ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰি তোলে। আৰু অধিক শস্য উৎপাদনৰ ব্যৱস্থা কৰে। জলসিঞ্চন, মাটি চহোৱা ট্ৰেক্টৰ, যান্ত্রিক উপায়ে ধান কটা মৰণা মৰা যন্ত্ৰৰ আৱিষ্কাৰ কৰি কৃষি কাম সহজ সাধ্য কৰি তোলে। মুঠতে কৃষি কার্যত যান্ত্রিক ব্যৱস্থাৰে অধিক শস্য উৎপাদন কৰি, সমাজৰ যথেষ্ট উন্নতি সাধন কৰে।

প্রশ্ন ১০। খনিজ শিল্প বিকাশৰ বিৱৰণ দিয়া।

উত্তৰ : খনিজ ক্ষেত্ৰত বিশেষকৈ কয়লা আৰু তীখাৰ ক্ষেত্ৰত শিল্প বিপ্লৱে যথেষ্ট বৈজ্ঞানিক আৱিষ্কাৰ ঘটায়। এই দুই খনিজ পদাৰ্থৰ উন্নতি নহ’লে আন আন যান্ত্রিক আবিস্কাৰৰ কোনো উন্নতি সাধন নহলেহেঁতেন। জন স্মিটনে লো-গলোৱা চুল্লা বা চৌকা আৱিষ্কাৰ কৰে। লো সহজে গলাই বিভিন্ন তীখা উৎপাদন কৰিব পৰা হয়। মুঠতে শিল্প বিপ্লৱৰ উন্নতিৰ ক্ষেত্ৰত খনিজ পদাৰ্থৰ ভিতৰত কয়লা, তীখাই হ’ল উদ্যোগৰ মূল উপাদান। কয়লা আৰু তীখা উৎপাদনৰ বাবে ইংলেণ্ডত নানা বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হৈছিল। হামফ্ৰি ডেভিয়ে নিৰাপদ চাকি আৱিষ্কাৰ কৰি কয়লা উৎপাদনৰ ব্যৱস্থাৰ উন্নতি সাধন কৰে।

প্রশ্ন ১১। বস্ত্ৰ শিল্পৰ ক্ৰমবিকাশৰ এটি চিত্র দাঙি ধৰা।

উত্তৰ : ইংলেণ্ডৰ বস্ত্র শিল্প পৃথিৱী বিখ্যাত। ইংলেণ্ডত তৈয়াৰী কাপোৰে পৃথিৱীৰ উপনিবেশবোৰৰ আৱশ্যকীয় চাহিদা পূৰাব নোৱাৰা হয়। অভাৱেই আৱিষ্কাৰৰ মূল। উৎপাদন বৃদ্ধিৰ বাবে ইংলেণ্ডত নানা বৈজ্ঞানিক যন্ত্রপাতিৰ আৱিষ্কাৰ হয়। হাভিছে স্পিনিং জেনি নামৰ সূতা কটা যঁতৰ আৱিষ্কাৰ কৰে। বিছাৰ্ড আর্কবাইটে আন এটা যন্ত্র তৈয়াৰ কৰে। ক্রমটনে মিউল নামৰ সূতা কটা যন্ত্ৰ এটা তৈয়াৰ কৰে। জন কে’ উৰণীয়া মাঁকো আৱিষ্কাৰ কৰে। কাৰ্টৰাইটে যন্ত্রচালিত তাঁতশাল আৱিষ্কাৰ কৰে। পাচলৈ উলৰ কাপোৰ তৈয়াৰ কৰা যন্ত্রও আৱিষ্কাৰ কৰে। এইদৰে ইংলেণ্ডে উপনিবেশবোৰৰ চাহিদা পূৰণ কৰিছিল।

প্রশ্ন ১২। ৰাজনৈতিক ক্ষেত্রত শিল্প বিপ্লৱে কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল?

 উত্তৰঃ শিল্প বিপ্লৱে ৰাজনৈতিক পৰিৱৰ্তনো আনে। উদ্যোগৰ পুঁজিপতি মালিকসকলে ব্যক্তিবাদী নীতি সমর্থন কৰে আৰু আনহাতে শ্রমিকসকলে আর্থিক সমতাৰ সমাজবাদীনীতি সমর্থন কৰে। এইক্ষেত্ৰত দুটা পৰস্পৰ বিৰোধী মতবাদৰ সংঘৰ্ষৰ উপক্রম হয়। আধুনিক সমাজবাদৰ সৃষ্টিকাৰী কাৰ্লমার্ক্সৰ লিখনিয়ে পৃথিৱীৰ শ্রমিক শ্রেণীক একত্রিত কৰাৰ সম্ভাৱনাই দেখা দিয়ে। সমাজত সমতা বিচাৰি শ্ৰমিকসকল সাম্যবাদী ভাবধাৰাৰে পৰিচালিত হয় আৰু পুঁজিপতি মালিকসকলে ব্যক্তিবাদী ভাবধাৰাৰে পৰিচালিত হৈ দুটা বিৰোধী ৰাজনৈতিক মতবাদৰ সৃষ্টি হয়। দুয়োটাৰ মাজত শীতলযুদ্ধৰ সৃষ্টি হয়। শিল্প বিপ্লৱে সৃষ্টি কৰা মার্ক্সবাদী চিন্তাধাৰাই পৃথিৱীৰ মানব সমাজক দুটা শ্ৰেণীত ভাগ কৰে।

সাম্রাজ্যবাদৰ সৃষ্টি : শিল্প বিপ্লৱে পৃথিৱীত সাম্রাজ্যবাদৰ সৃষ্টি কৰে। শিল্প উদ্যোগত যথেষ্ট আগবঢ়া দেশবোৰে বৃহৎ উদ্যোগত উৎপাদিত অপর্যাপ্ত সামগ্রী বিক্ৰীৰ বাবে বৈদেশিক বজাৰৰ সন্ধান কৰিব লগা হয়। ফলত এই দেশবোৰে পৃথিৱীৰ বিভিন্ন দেশত উপনিবেশ স্থাপন কৰি সাম্রাজ্য স্থাপন কৰিবলৈ লয়। ইংলেণ্ডৰ সমগ্র পৃথিৱীতে সাম্রাজা থকা বাবে ‘বৃটিছ সাম্ৰাজ্যত বেলি মাৰ নাযায়’ বুলি কোৱা হৈছিল। পিছলৈ ইংলেণ্ড, ফ্রান্সক দেখি জার্মান আদি দেশেও ঔপনিবেশিক প্রতিদ্বন্দ্বিতাত নামে। শক্তিশালী ৰাষ্ট্ৰৰ প্রতিদ্বন্দ্বিতাৰ ফলত এটা সময়ত মহাসমৰ সৃষ্টি হয়। এইদৰে শিল্প বিপ্লৱে পৃথিৱীত অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক পৰিবৰ্তন ঘটাইছিল ।

প্রশ্ন ১৩। ‘শিল্প বিপ্লৱ’ এক আশীৰ্বাদ আৰু এক অভিশাপ – ব্যাখ্যা কৰা।

উত্তৰঃ শিল্প বিপ্লৱ প্ৰগতিৰ ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা। মানব সমাজত প্রসাৰিত শিক্ষা আৰু বৈজ্ঞানিক চিন্তা চৰ্চাৰ উন্নতিয়ে মানুহে আদিম যুগৰে পৰা চলাই অহা কায়িক শ্রম লাঘৱৰ চেষ্টা আৰু উৎপাদন বৃদ্ধিৰ বাবে কৰা যতুক এটা সময়ত সফল কৰি তুলিলে। ১৮ শতিকাত নানা যন্ত্রপাতিৰ আৱিষ্কাৰ, বৈজ্ঞানিক জ্ঞানৰ প্ৰয়োগৰ ফলত শিল্প বাণিজ্য। আৰু উৎপাদন পদ্ধতিৰ এক আমূল পৰিৱৰ্তন আনে। মানুহে আবিষ্কাৰ কৰা নানা যন্ত্র পাতি ব্যৱহাৰ কৰি কম পৰিশ্ৰমতে, কম খৰচতে, কম সময়তে অধিক উৎপাদন কৰিব পৰা হ’ল। ১৮ শতিকাত ইউৰোপত হোৱা শিল্প বাণিজ্য আৰু উৎপাদন পদ্ধতিত হোৱা এই আমূল পৰিৱৰ্তনে মানৱ সমাজৰ সকলো দিশতে দুখ কষ্টৰ লাঘব সাধন কৰি এক সুখময় জীৱন যাপনৰ পথ মুকলি কৰে। এই শিল্প বিপ্লৱে ক্রমান্বয়ে পৃথিৱীৰ সকলো দেশতে বিয়পি পৰিবলৈ ধৰে ৷ ই শিল্প-বাণিজ্য, অর্থনীতি, ৰাজনীতি, পরিবহণ, যাতায়াত, যোগাযোগ, আমোদ-প্রমোদ সকলো দিশৰ উন্নতি সাধন কৰিবলৈ সক্ষম হ’ল। মানুহে এক সুখময় জীৱন যাপন কৰিবলৈ সক্ষম হ’ল। অতি কম সময়তে এঠাইৰ পৰা আন ঠাইলৈ যাবপৰা সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰিব পৰা হ’ল মানুহে আকাশত উৰি ফুৰিব পৰা হ’ল । এটা গ্ৰহৰ পৰা আন এটা গ্ৰহলৈও যাব পৰাৰ উপক্ৰম হৈছে। মানুহৰ প্ৰয়োজনীয় সকলো সামগ্রী সহজে উৎপাদন কৰিব পৰা হ’ল। মুঠতে মানৱ জীৱনটো অতি সুখময় কৰি তুলিবলৈ আবশ্যকীয় সকলোবোৰ বস্তু মানুহে উদ্ভাৱন কৰিব পৰা হ’ল। মানুহৰ আহাৰ, যান-বাহন, পানী-লাইট, ৰাস্তা-ঘাট, সার্জ পোছাক আমোদ-প্রমোদ, পৰিবহণ, যোগাযোগ, শীত-তাপ নিয়ন্ত্রণ, শিক্ষা দীক্ষা আদিৰ বাবে নানা তৰহৰ যন্ত্রপাতি, সামগ্ৰী আদিৰ উদ্ভাৱন কৰিব পাৰিছে৷ গতিকে এই শিল্প বিপ্লৱক মানব জীৱনলৈ অহা এক আশীৰ্বাদ বুলিয়ে গণ্য কৰিব পাৰি।

কিন্তু শিল্প বিপ্লৱৰ ইমানবোৰ গুণ আৰু সুবিধা থকা সত্ত্বেও ই মানৱ জীৱনলৈ ইমান সুখ সম্ভোগ, আনন্দ কঢ়িয়াই আনিছে যদিও আনফালে শিল্প বিপ্লবে উদ্ভাৱন কৰা যন্ত্রপাতিৰ লগতে ই মানৱ সমাজলৈ অনেক দুখ-দুর্গতি, যন্ত্রণাও কঢ়িয়াই আনিছে। শিল্প বিপ্লৱৰ ফলতে সমাজত আজি নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে। মানুহে জীৱন নিৰ্বাহৰ বাবে কর্মসংস্থাপন নোহোৱা হৈ পৰিছে। বৃহৎ বৃহৎ উদ্যোগৰ যন্ত্রপাতিয়ে হেজাৰ হেজাৰ মানুহৰ কাম-কাজ কৰিব পাৰিছে। কল-কাৰাখানাৰ ধোঁৱা, আৱৰ্জনা আদিয়ে পৰিৱেশ প্ৰদূষিত কৰি মানুহৰ জীৱন দুর্বহ কৰি তুলিছে, পৃথিৱীত নানা বেমাৰ আজাৰৰ সৃষ্টি কৰিছে। অকল সেইয়ে নহয় বৈজ্ঞানিকসকলে সাম্রাজ্যবাদী নীতি কার্যকৰী কৰি তুলিবলৈ নানা ধ্বংসাত্মক অস্ত্র পাতি আৱিষ্কাৰ কৰি মহাযুদ্ধৰ সূচনা কৰিছে। এই মহাযুদ্ধৰ ফলতে মানৱ সমাজত নানা ধ্বংসলীলা সংঘটিত হৈছে। হিৰোচিমা নাগাচাকিত আণরিক বোমাৰে হেজাৰে হেজাৰ মানুহৰ প্ৰাণ নাশ কৰি অলেখ সা-সম্পদ ধ্বংস কৰি মানৱ সভ্যতাক বহু হাজাৰ বছৰলৈ পিছুৱাই পঠিয়াইছে। গতিকে শিল্প বিপ্লৱে যিদৰে মানব সভ্যতাক এক উচ্চশিখৰলৈ তুলি নিব পাৰিছে ঠিক তেনেদৰে ই মানৱ জাতিক আদিম সভ্যতাৰ অটল গহ্বৰলৈও অবনমিত কৰিব পাৰে। মানুহৰ সুখ-শাস্তিক ধ্বংস কৰিব পাৰে। মানুহৰ জীৱন দুর্বহ কৰি তুলিব পাৰে। অকল সেয়ে নহয় ই সমস্ত মানৱ জাতিটোকে হয়তো এদিন সমূলঞ্চে ধ্বংস কৰিবও পাৰে। সেই বাবেই শিল্প বিপ্লৱক মানৱ জাতিৰ বাবে যিদৰে এক আশীর্বাদ আনহাতে ই তেনেদৰে অভিশাপ বুলিও কব পাৰি। 

প্রশ্ন ১৪। শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত শিল্প বিপ্লৱৰ অবদান কি?

উত্তৰঃ শিল্প বিপ্লৱৰ আন এটা উপকাৰী দিশ হ’ল চিকিৎসা বিজ্ঞানৰ সুদূৰ প্ৰসাৰী উন্নতি। শিল্প বিপ্লৱৰ যুগত বহুতো যুগান্তকাৰী আবিষ্কাৰৰ দ্বাৰা মানুহৰ জীৱন আগতকৈ বহুগুণে সুখ-স্বাচ্ছন্দ্যৰে পূৰ্ণ কৰিছিল। ৰঞ্জনৰশ্মি, ৰেডিয়াম, বিভিন্ন ৰোগৰ প্ৰতিৰোধক ছিটা, ইঞ্জেকচন, সূক্ষ্মাতি সূক্ষ্ম শল্য চিকিৎসাৰ যন্ত্রপাতি, চেতনাহীন কৰা দৰব, জীৱানু নাশক ঔষধ আবিষ্কাৰে মানুহৰ জীৱনলৈ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কঢ়িয়াই আনিছে। কেন্সাৰকে আদি কৰি ভালেমান দূৰাৰোগ্য ব্যাধি নিৰাময়ৰ ক্ষেত্ৰত ৰেডিয়ামে গুরুত্বপূর্ণ অৰিহণা আগবঢ়াইছে।

এইদৰে বৰ্তমান জগতত শিল্প বিপ্লৱে বৈপ্লৱিক পৰিবৰ্তন আনিছে। শিল্পবিপ্লবে সৃষ্টি কৰা শ্রমিক কষ্টকৰ জীৱনৰ আনটে। দিশত স্বাস্থ্য, পৰিৱেশ, শিক্ষা আদিৰ ক্ষেত্ৰত অভাৱনীয় অগ্রগতি সাধন কৰি মানৱ জীৱনলৈ স্বাচ্ছন্দ্য, সুখ কঢ়িয়াই আনি মানব জীৱন অধিক উপভোগ্য কৰি তুলিছে।

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। শিল্প বিপ্লৱৰ আৰম্ভণিতে সূতা কটাৰ ক্ষেত্ৰত কি কি আৱিষ্কাৰ হৈছিল। সেইবোৰত কাৰ কাৰ অবিহণা আছিল ?

উত্তৰ ঃ সূতা কটাৰ ক্ষেত্ৰত আৱিষ্কাৰ হোৱা যন্ত্ৰকেইটা

(১) ১৭৬৪ চনত জেমছ হাৰাপ্ৰিভছে স্পিনিং জেনি আৱিষ্কাৰ কৰে।, 

(২) ১৭৬৮ চনত আৰ্ক ৰাইটে ওৱাটাৰ ফ্ৰেম আৱিষ্কাৰ কৰে।, 

(৩) ১৭৭৯ চনত ক্রম্পটনে মিউল যন্ত্ৰ আৱিষ্কাৰ কৰে।

প্রশ্ন ২।ঃ কাপোৰ বোৱাৰ ক্ষেত্ৰত কোনে কি অবিহণা আগবঢ়াইছিল?

উত্তৰ ঃ কাপোৰ বোৱাৰ ক্ষেত্ৰত : 

(১) ১৭৩৩ চনত ইংলেণ্ডৰ ‘জন কেয়ে’, ‘ফ্লাইং ছাটল’ নামৰ যন্ত্ৰ আৱিষ্কাৰ কৰে। 

(২) ১৭৮৫ চনত এডমাণ্ড কাৰ্টৰাইটে ‘পাওয়াৰ লুম’বা যন্ত্র চালিত তাঁতশাল উদ্ভাবন কৰে৷

প্রশ্ন ৩। শিল্প বিপ্লৱলৈ জেমছ ওৱাটৰ অৰিহণা কি আছিল?

উত্তৰ ঃ জেমছ ৱাটে বাষ্পচালিত ইঞ্জিন আৱিষ্কাৰ কৰি বস্ত্রশিল্প আৰু খনিজ শিল্পৰ ব্যাপক অগ্ৰতিত অৰিহণা যোগায়।

প্রশ্ন ৪। ৰাস্তা আৰু খাল নির্মাণত শিল্প বিপ্লৱৰ অৰিহণা কি?

উত্তৰ : ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত জন মেকাডেম কেবাটাও স্তৰত ক্ৰমে ডাঙৰ সৰু শিল দি, তাৰ ওপৰত আলকেতেৰা দি মজবুত ৰাস্তা তৈয়াৰ কৰা পদ্ধতিৰ আৱিষ্কাৰ কৰে৷ শিল্প বিপ্লৱৰ সময়তে ফ্রান্স আৰু আমেৰিকা আদি ৰাষ্ট্ৰত খাল কাটি লৈ আৰু হ্রদ আদি সংলগ্ন কৰি জলপথেৰে মালবস্তু কঢ়িওৱাৰ সুবিধা কৰাৰ উপৰিও যাত্ৰী আদি অহাযোৱা কৰাৰ ব্যৱস্থা কৰা হৈছিল।

প্রশ্ন ৫। সমবায় প্রথা কি?

উত্তৰ : ১৮৪৪ চনত ইংলেণ্ডৰ ৰক্‌ডেলত সমবায় আন্দোলন আৰম্ভ হৈছিল । সমবায় প্ৰথা হ’ল সমাজত কিছুসংখ্যক লোকে মিলি কৰা উৎপাদন, বিতৰণ কৰা এক ব্যৱসায়িক প্ৰথা বুলি কব পাৰি। এই প্ৰথাৰে অংশীদাৰসকলে মিলিতভাৱে কৰা ব্যৱসায়িক ব্যৱস্থাটো অতি লাভজনক। ইয়াৰ লাভাংশ অনুপাতিক হাৰত অংশীদাৰসকলৰ মাজত ভাগ কৰি দিয়া হয় গতিকে সমবায় হ’ল ‘অংশীদাৰসকলে যৌথভাবে কৰা উৎপাদন আৰু বিতৰণৰ এক ব্যৱসায়িক আৰু লাভজনক প্ৰথা।

প্রশ্ন ৬। শ্রমিক সংগঠনৰ প্ৰয়োজনীয়তা কি?

উত্তৰ ঃ শ্রমিকসকলে সমাজত নিজৰ প্ৰাপ্য অধিকাৰ, স্বাধীনতা, আৰু বিভিন্ন সমস্যাৰাজি সমাধানৰ উদ্দেশ্যে সংগঠন অতি প্রয়োজন। শ্রমিকসকল কাৰখানাৰ মালিক বা কৃষিভূমিৰ গৰাকীৰ অন্যায় কার্যৰ বিৰুদ্ধে সংঘবদ্ধভাৱে থিয় দিবলৈ, তেওঁলোকৰ মাজত সংগঠনৰ প্ৰয়োজন৷ সমাজৰ মানুহ হিচাপে নিজৰ প্ৰাপ্য সন্মান, অধিকাৰ, স্বাধীনতা আদি পাবৰ বাবে সংগঠনৰ দৰকাৰ। ৰাজনৈতিকভাৱে হেঁচা প্ৰয়োগ কৰি আৱশ্যকীয় আইন আদি প্ৰণয়ন কৰাৰ বাবে শ্রমিকসংগঠনৰ অতি প্রয়োজন।

প্রশ্ন ৭। ‘ৰঞ্জন ৰশ্মি’ৰ আৱিষ্কাৰক কোন? [Dhemaji-2018] কি কামত ইয়াৰ ব্যৱহাৰ হয়।

উত্তৰ : ৰঞ্জন ৰশ্মিৰ’ আৱিষ্কাৰক জার্মান বিজ্ঞানী উইলহেম বোয়েণ্টজেন। ৰঞ্জন ৰশ্মিৰ সহায়ত মানব দেহৰ আভ্যন্তৰীণ বোগৰ বিষয়ে বহুতো তথ্য জানিব পৰা যায়৷ 

প্রশ্ন ৮। জেথুটুলৰ উপযোগিতা কি?

উত্তৰঃ জেঞ্চুটুলৰ ব্যৱহাৰ কৰি নিৰ্দিষ্ট দূৰত্বত নলা কাটি বীজ সিঁচাৰ ব্যৱস্থা কৰিব পৰা যায়। এইদৰে বীজ সিঁচিলে অধিক ফল লাভ কৰাৰ সম্ভাৱনা থাকে।

প্রশ্ন ৯। আধুনিক ৰাস্তা বনোৱাৰ নিৰ্মাণ কৌশল কি? আৱিষ্কাৰ কোনে কৰিছিল? 

উত্তৰ আধুনিক বাস্ত৷ বনোৱাৰ ক্ষেত্ৰত বিভিন্ন স্তৰত ক্রমান্বয়ে ওপৰলৈ ডাঙৰ শিলৰ পৰা সৰু শিল, বালি ব্যৱহাৰ কৰি, তাৰ ওপৰত আলকাতাৰা প্ৰয়োগ কৰি মজবুত ৰাস্তা নির্মাণ কৰা হয়। এই পদ্ধতিটো আৱিষ্কাৰ কৰিছিল স্কটলেণ্ডৰ বাসিন্দা জন মেকাডেমে।

প্রশ্ন ১০। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বুলিলে কি বুজা?

উত্তৰঃ প্রাচীন কালৰে পৰা মানুহে শাৰীৰিক পৰিশ্ৰম লাঘৱ কৰিবৰ বাবে নানা যন্ত্র পাতি ব্যৱহাৰ কৰি আহিছে। সভ্যতাৰ পৰিবৰ্তনৰ লগে লগে মানুহে কায়িক শ্রম লাঘর আৰু উৎপাদন বৃদ্ধিৰ বাবে যন্ত্রপাতিৰ উপৰি নানা পৰীক্ষা-নিৰীক্ষাও চলাই আহিছে। শিক্ষাৰ প্ৰসাৰ আৰু বিজ্ঞানৰ উন্নতিয়ে মানুহৰ চেষ্টা ফলৱতী কৰি তুলিছে। ১৮ শতিকাত নানা যন্ত্ৰ-পাতিৰ আৱিষ্কাৰ, বৈজ্ঞানিক জ্ঞানৰ প্ৰয়োগৰ ফলত শিল্প-বাণিজ্য আৰু উৎপাদন পদ্ধতিৰ আমূল পৰিবৰ্তন হয়। মানুহে যন্ত্রপাতি ব্যৱহাৰ কৰি কম পৰিশ্ৰমতে, কম খৰচতে, কম সময়তে অধিক উৎপাদন কৰা সম্ভৱ কৰি তুলিছে। ১৮ শতিকাত ইউৰোপত হোৱা শিল্প-বাণিজ্য আৰু উৎপাদন পদ্ধতিত হোৱা এই আমূল পৰিবর্তনকে শিল্প বিপ্লর বোলে।

শিল্প বিপ্লৱ প্ৰগতিৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা। বিপ্লৱ বুলিলে, বিভিন্ন বিপ্লৱৰ কথা মনলৈ আহে। কিছুমান আছে ৰাজনৈতিক বিপ্লর; যেনে— ফৰাচী বিপ্লৱ, ৰুছ বিপ্লৱ আদি। এই বিপ্লৱবোৰ হঠাতে হোৱা বিপ্লৱ, ই হিংসাত্মকো হ’ব পাবে। কিন্তু শিল্প বিপ্লর হঠাতে হোৱা বিপ্লৱ নহয়, নাইবা ই হিংসাত্মকো নহয়, শান্তিপূর্ণ বিপ্লৱ। ই ক্রমান্বয়ে লাহে লাহে হোৱা বিপ্লৱ। ই শিল্প-বাণিজ্য, অর্থনীতি, রাজনীতি সকলো দিশতে আমূল পৰিবৰ্তন

আনে। সেইবাবে ইয়াক শিল্প বিপ্লৱ বোলে।

 প্রশ্ন ১১। সামাজিক আন্দোলন কাক বোলে?

উত্তৰঃ যেতিয়া সমাজৰ কিছুসংখ্যক লোকে প্রচলিত কোনো সামাজিক, আর্থিক নাইবা ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন সাধনৰ উদ্দেশ্যে নাইবা স্থিতাৱস্থা বাহাল ৰাখিবৰ বাবে সংঘবদ্ধ হৈ কাৰ্যব্যৱস্থা হাতত লয় তাকে সামাজিক আন্দোলন বোলে।

প্রশ্ন ১২। বিপ্লৱৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ বিপ্লৱৰ বৈশিষ্ট্য— 

(১) বিপ্লৱ হঠাতে সৃষ্টি হয়। 

(২) সমাজৰ সকলো লোককে প্রভাৰিত কৰে৷ 

(৩) সামাজিক জীৱনধাৰাৰ পৰিবৰ্তন আনে। 

প্রশ্ন ১৩। শিল্প বিপ্লৱ আৰু ৰাজনৈতিক বিপ্লৱৰ মাজত তিনিটা পার্থক্য দেখুওৱা।

উত্তৰঃ পাৰ্থক্য তিনিটা— 

(১) ৰাজনৈতিক বিপ্লৱে শাসন ব্যৱস্থাৰ পৰিবৰ্তন আনে কিন্তু শিল্প বিপ্লৱে উৎপাদন ব্যৱস্থাৰহে পৰিবৰ্তন আনে। 

(২) শিল্প বিপ্লৱ সাধাৰণতে শান্তিপূর্ণ কিন্তু ৰাজনৈতিক বিপ্লব বেছিভাগেই হিংসাত্মক। 

(৩) শিল্প বিপ্লৱ লাহে লাহে হোৱা বিপ্লৱ, ৰাজনৈতিক বিপ্লৱ হঠাতে হোৱা বিধৰ

প্রশ্ন ১৪৷ পৃথিৱীৰ উল্লেখযোগ্য ৰাজনৈতিক বিপ্লৱ তিনিটা কি কি, কেতিয়া হৈছিল উল্লেখ কৰা।

উত্তৰঃ (১) আমেৰিকাৰ ১৭৭৩ চনত

(২) ফ্ৰান্সৰ ১৭৮৯ চনত

(৩) ৰুছিয়াৰ স্বাধীনতা বিপ্লৱ ফৰাচী বিপ্লৱ ৰুছ বিপ্লৱ ১৯১৭ চনত

প্রশ্ন ১৫। শিক্ষাৰ প্ৰসাৰণ আৰু বিজ্ঞানৰ উন্নতিয়ে মানুহৰ শাৰীৰিক শ্রম লাঘর কৰাৰ প্ৰচেষ্টা কিদৰে সাফল্যমণ্ডিত কৰিছে দুটা উদাহৰণ দিয়া। 

উত্তৰঃ উদাহৰণ দুটা 

(১) মানুহৰ প্ৰচেষ্টাতে নানা ধৰণৰ যন্ত্ৰ-পাতিৰ আবিষ্কাৰ হৈছে। মানুহৰ কায়িক শ্ৰমৰ পৰিৱৰ্তে উৎপাদন পদ্ধতিত যন্ত্রপাতি প্রয়োগ কৰা হৈছে। 

(২) যন্ত্ৰ-পাতিৰ সহায়ত কম সময়ত, কম পৰিশ্ৰমত, কম খৰছত অধিক বস্তু উৎপাদন কৰা বস্তু-বাহানি হাতেৰে কৰা বস্তু-বাহানিতকৈ উচ্চ স্তৰৰ হয়।

প্রশ্ন ১৬। ইংলেণ্ডৰ ওপৰত শিল্প বিপ্লৱৰ তিনিটা প্রভার লিখা

 উত্তৰঃ (১) কৃষিজীৱীৰ পৰা উদ্যোগজীৱী হয়। 

(২) কুটীৰ শিল্পৰ পৰা উদ্যোগৰ শ্রমিক হয়। 

(৩) মধ্যবিত্ত শ্রেণীৰ সৃষ্টি হয়।

প্রশ্ন ১৭। শিল্প বিপ্লৱৰ গতি খৰতকীয়া কৰি তোলা পৰিবহণ আৰু যোগাযোগৰক্ষেত্ৰত প্ৰযোজিত দুটা বৈজ্ঞানিক আৱিষ্কাৰৰ নাম উল্লেখ কৰা।

 উত্তৰঃ বাষ্পচালিত ইঞ্জিন আৰু 

(২) টেলিগ্রাফ।

প্রশ্ন ১৮। ইংলেণ্ডত শিল্প বিপ্লবৰ প্রভাব প্রথমে কি উদ্যোগৰ ওপৰত পৰিছিল? এই উদ্যোগৰ ওপৰত পৰা শিল্প বিপ্লবৰ প্রভাবৰ এটি আভাস দিয়া।নাইবা, বস্ত্ৰ-শিল্পৰ ওপৰত শিল্প বিপ্লৱৰ প্রভাব চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ (১) ইংলেণ্ডত শিল্প বিপ্লৱৰ প্রভাব প্রথমে বস্ত্ৰ উদ্যোগৰ ওপৰতে পৰিছিল। 

(২) ইংলেণ্ডৰ বস্তু শিল্প পৃথিৱী বিখ্যাত। ইংলেণ্ডত তৈয়াৰী কাপোৰে পৃথিৱীৰ উপনিবেশবোৰৰ আৱশ্যকীয় চাহিদা পূৰাব নোৱাৰা হৈ পৰিছিল। যিহেতু অভাবেই আবিষ্কাৰৰ মূল। বৰ্দ্ধিত চাহিদাৰ হেচাত উৎপাদন বৃদ্ধিৰ বাবে ইংলেণ্ডত নানা বৈজ্ঞানিক যন্ত্র-পাতিৰ আবিষ্কাৰ হ’বলৈ ধৰে। হার্থিভছে স্পিনিংজেনি নামৰ এটা বেছি সূতা কাটিব পৰা যঁতৰ আবিষ্কাৰ কৰে। বিচাৰ্ড আৰ্কৰাইটে আন এটা যন্ত্র তৈয়াৰ কৰে। ক্ৰমটনে মিউল নামৰ সূতা কটা যন্ত্র এটা তৈয়াৰ কৰে। যন্ত্র চালনাৰ বাবে জলশক্তি ব্যৱহাৰ কৰা হৈছিল। পাচত জেমছ রাটে বাষ্প শক্তিৰ দ্বাৰা চলোৱা ইঞ্জিন আৱিষ্কাৰ কৰিছিল। এইদৰে প্ৰথমে বস্ত্ৰ শিল্পত ব্যৱহৃত যন্ত্রপাতিয়ে ইংলেণ্ডৰ বস্ত্ৰৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰিছিল। 

প্রশ্ন ১৯। ইংলেণ্ডত শিল্প বিপ্লব প্রথমে আৰম্ভ হোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ কাৰণ চাৰিটা ?

(১) মূলধনৰ যোগানশিল্প বিপ্লব গঢ়ি উঠিবৰ বাবে আৱশ্যকীয় মূলধনৰ যোগান ইংলেণ্ডৰ পুঁজিপতিসকলে সহজে কৰিব পাৰিছিল।

(২) কেঁচা সামগ্ৰীৰ যোগানউদ্যোগীকৰণৰ বাবে আৱশ্যকীয় কেঁচা সামগ্ৰী আৰু খনিজ পদাৰ্থৰ যোগান ইংলেণ্ডত অপর্যাপ্ত পৰিমাণে আছিল। 

(৩) ব্যক্তিবাদী নীতি : ইংলেণ্ডৰ অর্থনীতি ব্যক্তিবাদী হোৱা বাবে তাৰ সকলে ব্যক্তিগত মালিকীস্বত্বত উদ্যোগবোৰ সহজে গঢ়ি তুলিব পাৰিছিল।

(৪) সাম্রাজ্যবাদী নীতিইংলেণ্ড সাম্রাজ্যবাদী দেশ হোৱা বাবে গোটেই যথেষ্ট পৰিমাণে উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে ঔপনিবেশিক বিশাল বজাৰ এখন পুঁজিপতি পৃথিবীতে আছিল

প্রশ্ন ২০। শিল্প বিপ্লৱ আৰু ৰাজনৈতিক বিপ্লৱৰ পাৰ্থক্য দেখুওৱা।

উত্তৰঃ পাৰ্থকাবোৰ – 

(১) ৰাজনৈতিক বিপ্লৱ হঠাতে সংঘটিত হয়; কিন্তু শিল্প বিপ্লৱ লাহে লাহে ক্রমান্বয়ে হৈ আহে।

(২) ৰাজনৈতিক বিপ্লরত হিংসাৰ আশ্রয় লোৱা হয় আৰু এই বিপ্লৱতে অনেক প্রাণ হানিও হোৱা দেখা যায়। শিল্প বিপ্লৱ শান্তিপূর্ণ বিপ্লৱ, ইয়াত হিংসা বা প্রাণহানিৰ আশংকা নাই। 

(৩) ৰাজনৈতিক বিপ্লৱে কোনো এক নির্দিষ্ট সীমাৰ ভিতৰত আবদ্ধ থাকি বিপ্লৱৰ সূচনা কৰে; কিন্তু শিল্প বিপ্লৱ কোনো নিৰ্ধাৰিত সীমাৰ ভিতৰত থাকি বৈপ্লৱিক পৰিবর্তন নকৰে, ই ক্রমান্বয়ে সকলো ঠাইলৈ বিয়পি পৰে। 

(৪) ৰাজনৈতিক বিপ্লৱে নিৰ্ধাৰিত অঞ্চলত সকলো লোকৰে কল্যাণ সাধন নকৰে, কিন্তু শিল্প বিপ্লৱে সকলো লোকৰে কল্যাণ সাধন কৰে। 

(৫) ৰাজনৈতিক বিপ্লৱে শাসন ব্যৱস্থাৰ পৰিবৰ্তনহে বিচাৰে আন পৰিবৰ্তন মুখ্য উদ্দেশ্য নহয়; কিন্তু শিল্প বিপ্লৱৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ’ল অর্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনহে ৰাজনৈতিক পৰিবৰ্তন নহয়।

প্রশ্ন ২১। ফৰাচী বিপ্লৱ আৰু কছ বিপ্লৱ কোন চনত হৈছিল?

উত্তৰঃ ফৰাচী বিপ্লৱ হৈছিল – ১৭৮৯ চনত। 

(২) ৰুছ বিপ্লৱ হৈছিল – ১৯১৭

প্রশ্ন ২২। তলত উল্লেখ কৰা উদ্যোগবোৰলৈ অৱদান যোগোৱা আবিষ্কাৰক একোজনৰ নাম লিখা।

(ক) বস্ত্র শিল্প 

(খ) কৃষি উদ্যোগ, 

(গ) পৰিবহণ উদ্যোগ, 

(ঘ) খনি উদ্যোগ।

উত্তৰঃ

(ক) বস্ত্ৰ শিল্পলৈ অৱদানকাৰী – হাভিছ

(খ) কৃষি উদ্যোগলৈ অৱদানকাৰী – বেকওৱেল

(গ) পৰিবহণ উদ্যোগলৈ অৱদানকাৰী – ষ্টিফেনছন

(ঘ) খনি উদ্যোগলৈ অৱদানকাৰী – হামফ্রি ডেভি

নৱম শ্ৰেণীৰ ইতিহাস সমাধান

Sl. No.Contents
Chapter 1আমেৰিকাৰ স্বাধীনতা যুদ্ধ
Chapter 2ফৰাচী বিপ্লৱ
Chapter 3শিল্প-বিপ্লৱ
Chapter 4ৰুছ-বিপ্লৱ
Chapter 5১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ
Chapter 6উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু
ৰাজনৈতিক উত্থান

প্রশ্ন ২৩। কেনেকুৱা জলবায়ু শিল্প উদ্যোগ গঢ়ি উঠাৰ বাবে উপযোগী?

উত্তৰঃ শিল্প উদ্যোগ গঢ়ি উঠিবলৈ জলবায়ু উপযোগী হ’ব লাগে। সাধাৰণতে জলবায়ু অতিপাত গৰমো হ’ব নালাগে আৰু অতিপাত শীতলো হ’ব নালাগে এনেকুৱা জলবায়ুৰ লোক কষ্টসহিষ্ণু হোৱা দেখা যায়। সহজে শ্ৰান্ত হৈ নপৰে। এনেকুৱা জলবায়ুত সেইকাৰণে সহজতে শিল্প উদ্যোগ গঢ়ি উঠিব পাৰে। ইংলেণ্ডৰ জলবায়ু শিল্প উদ্যোগৰ বাবে অনুকূল হোৱা বাবেই পৃথিৱীত তাতেই প্রথমে শিল্প বিপ্লৱ হৈছিল।

প্রশ্ন ২৪। শিল্প বিপ্লৱক ত্বৰান্বিত কৰা পৰিবহন যোগাযোগ ক্ষেত্ৰত দুজন আবিষ্কাৰকৰ নাম উল্লেখ কৰা।

উত্তৰঃ (১) পৰিবহনৰ ক্ষেত্ৰত জেমছ ৱাটে বাষ্পচালিত ইঞ্জিন আবিষ্কাৰ কৰি ৰেলগাড়ী আদি চলাচলত সহায় কৰে। 

(২) যোগাযোগৰ ক্ষেত্ৰত বোলেও হিল্চিঠি-পত্র আনা নিয়া কৰা কাৰ্য আবিষ্কাৰ কৰে।

প্রশ্ন ২৫। শিল্প বিপ্লৱৰ সময়ত আৱিষ্কাৰ হোৱা সূতাকটা যন্ত্ৰ দুটাৰ নাম লিখা। আৱিষ্কাৰক দুজনৰ নাম উল্লেখ কৰিবা।

উত্তৰঃ (ক) সূতা কটা যন্ত্ৰ দুটা

(১) স্পিনিং জেনি – আৱিষ্কাৰক হার্ভিছ। 

(২) মিউল আবিষ্কাৰক ক্রম্পটন।

প্রশ্ন ২৬। যন্ত্রচালিত তাঁতশাল আৰু ইয়াৰ উৰন্ত মাকোৰ আৱিষ্কাৰক দুজন কোন?

 উত্তৰঃ (১) যন্ত্রচালিত তাঁতশালৰ আৱিষ্কাৰক হ’ল কাৰ্টৰাইট।

(২) উৰণীয়া মাকোৰ আৱিষ্কাৰক হ’ল জন কেই।

প্রশ্ন ২৭। ইংলেণ্ডত প্রথমে কি উদ্যোগত বিপ্লৱ আৰম্ভ হৈছিল? এই উদ্যোগৰপ্রথমে আৱিষ্কৃত যন্ত্র দুবিধৰ নাম উল্লেখ কৰি আৱিষ্কাৰক দুজনৰ নাম লিখা।

উত্তৰঃ (ক) শিল্প বিপ্লৱ আৰম্ভ হোৱা উদ্যোগ হ’ল – বস্ত্ৰ উদ্যোগ । 

(খ) যন্ত্র দুবিধ হ’ল – 

(১) স্পিনিং জেনি আৱিষ্কাৰক হাৰ্গিৰ্ভছ। 

(২) মিউল— আবিষ্কাৰক ক্রম্পটন।

প্রশ্ন ২৮। বস্ত্র শিল্পৰ ক্ষেত্ৰত তিনিজন আৱিষ্কাৰক নাম লিখা।

উত্তৰঃ ইংলেণ্ডৰ বস্তু শিল্পৰ আবিষ্কাৰক তিনিজন হ’ল—–

(১) হাৰ্গিৰ্ভছ 

(২) ক্রম্পটন আৰু 

(৩) জন কেই।

প্রশ্ন ৩০। হঠাৎ আৰম্ভ হোৱা দুটা ৰাজনৈতিক বিপ্লৱৰ উদাহৰণ দিয়া ৷ 

উত্তৰঃ ৰাজনৈতিক বিপ্লৱ দুটা –

(১) ১৭৮৯ চনৰ ফৰাচী বিপ্লৱ আৰু 

(২) ১৯১৭ চনৰ ৰুছিয়াৰ বিপ্লৱ।

প্রশ্ন ৩১। নিৰাপদ চাকি’ কোনে আৱিষ্কাৰ কৰিছিল আৰু কি কামৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ নিৰাপদ চাকি হামফ্রি ডেভিয়ে আৱিষ্কাৰ কৰিছিল। ইয়াক খনিৰ নলগাকৈ নিৰাপদে কাম কৰাত ব্যৱহাৰ কৰা হৈছিল।

প্রশ্ন ৩২। শিল্প বিপ্লৱে অনা দুটা ৰাজনৈতিক ফল উল্লেখ কৰা।

ভিতৰত জুই

উত্তৰঃ (১) দুটা বিপৰীতধর্মী রাজনৈতিক আদৰ্শৰ সৃষ্টি পুঁজিবাদ আৰু সমাজবাদ।

(২) সাম্যবাদী ভাবধাৰাৰ সৃষ্টি।

প্রশ্ন ৩৩। শিল্প বিপ্লৱে জন্ম দিয়া বিপৰীতধর্মী ৰাজনৈতিক মতবাদ দুটা কি কি?

উত্তৰঃ (১) পুঁজিবাদ, 

(২) সমাজবাদ।

প্রশ্ন ৩৪। উদ্যোগ বিপ্লৱৰ চাৰিটা কুফল উল্লেল্লখ কৰা।

উত্তৰঃ (১) সমাজখন দুটা ভাগত বিভক্ত হয়– 

(ক) মালিক শ্রেণী বা পুঁজিপতি শ্ৰেণী আৰু 

(খ) শ্রমিক শ্রেণী।

(২) সমাজত ধনী আৰু দুখীয়াৰ মাজৰ আৰ্থিক বৈষম্য বৃদ্ধি পায়। 

(৩) ডাঙৰ নগৰ-চহৰবোৰত অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হয় ।

(৪) উদ্যোগ বিপ্লৱৰ ফলত দেশ-বিদেশত উপনিবেশৰ সৃষ্টি হয়, ফলত শোষণৰ মাত্রা বৃদ্ধি পায়।

প্রশ্ন ৩৫। উদ্যোগ বিপ্লৱৰ দুটা ফল উল্লেখ কৰা।

উত্তৰঃ (ক) শক্তিচালিত বৃহৎ উদ্যোগ প্রতিষ্ঠা হোৱাত সেইবোৰত বৃহৎ পৰিমাণৰ উৎপাদন হ’বলৈ ধৰে৷ আনহাতে সমাজত পুঁজিপতি আৰু শ্রমিক শ্রেণীৰ সৃষ্টি হয়। 

(খ) বৃহৎ উদ্যোগবোৰে গাওঁ অঞ্চলৰ পৰা বহুলোক কাৰখানাৰ কামৰ বাবে আকৰ্ষিত কৰি চহৰৰ জনসংখ্যা বৃদ্ধি কৰে আৰু অস্বাস্থ্যকৰ পৰিবেশ গঢ়ি তোলে।

প্রশ্ন ৩৬। শিল্প বিপ্লৱৰ দুটা আর্থিক পৰিবৰ্তন উল্লেখ কৰা। 

উত্তৰঃ (১) বৃহৎ উদ্যোগ প্রতিষ্ঠা হয়। 

(২) বৈদেশিক বাণিজ্যৰ প্ৰসাৰণ হয়।

প্রশ্ন ৩৭। শিল্প বিপ্লৱৰ ৰাজনৈতিক ফলাফল উল্লেখ কৰা।

উত্তৰঃ শিল্প বিপ্লৱৰ ফলত জন্ম পোৱা ৰাজনৈতিক-অর্থনৈতিক ভাবধাৰাবোৰ হ’ল—

(১) সমাজত ধনী-দুখীয়াৰ সৃষ্টি।

(২) মালিক (পুঁজিপতি) আৰু শ্রমিক (সৰ্বহাৰা জনগণ)

(৩) পুঁজিবাদ আৰু সমাজবাদ। (৪) শ্রেণী সংগ্রাম।

(৫) সাম্যবাদৰ সৃষ্টি।

(৭) সাম্রাজ্যবাদী ভাবধাৰাৰ সৃষ্টি।

(৬) উপনিবেশবাদৰ সৃষ্টি। 

(৮) শীতল যুদ্ধৰ সৃষ্টি।

প্রশ্ন ৩৮। কি দুই ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শৰ অৰিয়াঅৰিয়ে শীতল যুদ্ধৰ সৃষ্টি কৰিছে?

উত্তৰঃ (১) সাম্যবাদী আৰু 

(২) পুঁজিবাদী ৰাজনৈতিক আৰু অৰ্থনৈতিকআদর্শব অৰিয়াঅৰিয়ে।

প্রশ্ন ৩৯। কয়লাৰ খনিত নিৰাপদে কাম কৰিবলৈ কোনে কি বস্তু আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ কয়লাৰ খনিত নিৰাপদে কাম কৰিবলৈ হামফ্রি ডেভিয়ে ‘নিৰাপদ চাকি’ নামৰ এবিধ নতুন চাকি আৱিষ্কাৰ কৰিছিল।

প্রশ্ন ৪০। শিল্প বিপ্লৱে ভাৰতবৰ্ষৰ বস্ত্ৰ শিল্পৰ অৱনতি ঘটোৱা দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ বস্ত্ৰ শিল্পৰ অৱনতি ঘটাৰ কাৰণ দুটা— 

(১) ইংলেণ্ডৰ বৃহৎ বস্তু উদ্যোগবোৰত উৎপাদিত কল-কাৰখানাৰ কাপোৰে ভাৰতৰ বজাৰ দখল কৰে। 

(২) কুটীৰ শিল্পজাত ভাৰতীয় কাপোৰে ইংলেণ্ডত তৈয়াৰী কাপোৰৰ লগত ফেৰ মাৰিব নোৱাৰা হয়। ভাৰতৰ মানুহে কম দামত দেখিবলৈ ধুনীয়া, মেচিনত তৈয়াৰী কাপোৰৰ প্রতি বেছি আকৃষ্ট হয়।

এনে কাৰণতে ভাৰতৰ বস্ত্ৰ শিল্পৰ অৱনতি ঘটে।

প্রশ্ন ৪১। কৃষিত প্ৰয়োগ কৰা যিকোনো দুটা বৈজ্ঞানিক পদ্ধতিৰ নাম লিখা।

উত্তৰঃ কৃষিকার্যত প্ৰয়োগ কৰা বৈজ্ঞানিক পদ্ধতি দুটা – (১) বাসায়নিক সার প্রয়োগ। (২) বৈজ্ঞানিক যন্ত্রপাতিবে মাটি চহোৱা আৰু পানীৰ যোগান ধৰা।

প্রশ্ন ৪২। মিউল কি? এই যন্ত্ৰটোৰ আৱিষ্কাৰক কোন?

 উত্তৰঃ (ক) মিউল এবিধ সূতা কটা যন্ত্র (খ) ইয়াৰ আৱিষ্কাৰক হ’ল— ক্রম্পটন’। 

প্রশ্ন ৪৩। ইংলেণ্ডৰ ডাক ব্যৱস্থাৰ আৱিষ্কাৰজন কোন আছিল? তেওঁ কেতিয়া ডাক ব্যৱস্থা আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ (১) বোলেণ্ড হিল নামৰ লোক এজনে ইংলেণ্ডত ডাক ব্যৱস্থাৰ আৱিষ্কাৰ কৰিছিল। 

(২) ১৮৪০ চনত তেওঁ ডাক ব্যৱস্থাৰ আৱিষ্কাৰ কৰিছিল। 

প্রশ্ন ৪৪। টেলিগ্রাফ কোনে, কেতিয়া আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ইংলেণ্ডৰ এফ. বি. মোর্চে, ১৮৪৪ চনত টেলিগ্রাফ আৱিষ্কাৰ কৰিছিল।

প্রশ্ন ৪৫। ভাৰতৰ শিল্প বিপ্লৱৰ প্ৰসাৰণ কি ভাৱে ঘটিছিল ?

উত্তৰঃ ইংলেণ্ডৰ শিল্প বিপ্লৱৰ প্ৰভাৱ ভাৰততো পৰে। ভাৰতত ইংৰাজৰ ব্যৱসায়ৰ প্ৰসাৰণ হোৱাত আৰু আনহাতে ভাৰত ইংৰাজৰ লাভজনক বজাৰলৈ ৰূপান্তৰিত হোৱাত বহুতো ইংৰাজ বণিকে ভাৰতত উদ্যোগ স্থাপন কৰিবলৈ আৰম্ভ কৰে। ফলত ভাৰতত ঔদ্যোগীকৰণ আৰম্ভ হয়। এই উৎসাহতে ভাৰতীয় মহাজন কিছুমানেও উদ্যোগ স্থাপনত মন মেলে। স্বদেশী আন্দোলনে ভাৰতীয় মহাজনসকলক উদ্যোগ প্রতিষ্ঠা কৰিবলৈ উৎসাহ প্রদান করে। এইদৰে শিল্প বিপ্লৱে ভাৰতত প্ৰসাৰতা লাভ কৰে।

প্রশ্ন ৪৬। মার্ক্সীয় ভাবধাৰাই পৃথিৱীখনক কি দুটা ভাগত ভাগ কৰিছে?

উত্তৰঃ (১) পুঁজিবাদী আদৰ্শৰ সমৰ্থক ৰাষ্ট্ৰগোষ্ঠী। 

(২) সাম্যবাদী আদৰ্শৰ সমৰ্থক ৰাষ্ট্ৰগোষ্ঠী।

প্রশ্ন ৪৭। ভাৰতত দেখা দিয়া শিল্প বিপ্লৱৰ ফলাফল দুটা উল্লেখ কৰা। নাইবা, ভাৰতৰ অৰ্থনীতিৰ ওপৰত পৰা শিল্প বিপ্লৱৰ দুটা প্ৰভাৱ উল্লেখ কৰা।

উত্তৰঃ ভাৰতত দেখা দিয়া শিল্প বিপ্লৱৰ আর্থিক ফলাফল দুটা হ’ল – 

(১) ভাৰতত কুটীৰ শিল্পৰ অৱনতি। 

(২) ভাৰতত ঔদ্যোগীকৰণৰ আৰম্ভ।

প্রশ্ন ৪৮। ইংলেণ্ডত শিল্প-বাণিজ্যৰ আমূল পৰিৱৰ্তনে অনা ফলাফল চাৰিটা উল্লেখ কৰা।

উত্তৰঃ ফলাফল চাৰিটা হ’ল – 

(১) কুটীৰ শিল্পৰ পৰিবৰ্তে বৃহৎ উদ্যোগবোৰ গঢ়ি উঠে। 

(২) নতুন নগৰ চহৰৰ সৃষ্টি হয়। 

(৩) নিবনুৱা সমস্যাৰ সৃষ্টি হয়। 

(৪) মাজত শ্রেণী বিভাজনৰ সৃষ্টি হয়— মালিক বা পুঁজিপতি শ্ৰেণী আৰু শ্রমিক বা সর্বহাৰা শ্ৰেণীৰ। 

প্রশ্ন ৪৯। শিল্প বিপ্লৱৰ ফলত সৃষ্টি হোৱা দুটা সামাজিক পৰিবৰ্তন উল্লেখ কৰা।

 নাইবা, 

শিল্প বিপ্লৱৰ ফলত সমাজত সৃষ্টি হোৱা ভাগ দুটা কি?

উত্তৰঃ সামাজিক পৰিৱৰ্তন দুটা  – 

(১) সমাজখনক দুটা শ্ৰেণীত বিভক্ত কৰে— 

(ক) পুঁজিপতি শ্রেণী,বৃহৎ উদ্যোগৰ মালিকসকল আৰু 

(খ) শ্রমিকশ্রেণী, উদ্যোগবোৰত কাম কৰি জীৱন নিৰ্বাহ কৰা লোকসকল। 

(২) শ্ৰমিকসকলৰ মাজত একতা গঢ়ি উঠে আৰু বনুৱা সংস্থা গঠন হয়। মালিক আৰু বনুৱাৰ মাজৰ বিৰোধ বৃদ্ধি পায়। শ্রেণী সংগ্রাম গঢ়ি উঠে।

প্রশ্ন ৫০। উদ্যোগ বিকাশৰ লগত নগৰীকৰণ কিদৰে সংযোজিত তাৰ তিনিটা উদাহ দি বুজাই লিখা।

উত্তৰঃ (১) শিল্প উদ্যোগ বিকাশৰ ফলত বৃহৎ উদ্যোগ ব্যৱস্থাৰ প্রবর্তন হয়। বৈজ্ঞানিক যন্ত্ৰ-পাতি, কল-কাৰখানা, ফেক্টৰী আদি প্ৰতিষ্ঠাৰ ফলত শ্রমিকৰ সমাবেশ হয়। মানুহবোৰ উদ্যোগজীৱী হয়। 

(২) ঔদ্যোগীক কেন্দ্ৰবোৰক কেন্দ্ৰ কৰি যাতায়াত ব্যৱস্থাৰ উন্নতি হয়— কেঁচামাল আমদানি আৰু উৎপাদিত মাল ৰপ্তানি কৰাত যাতায়াত পৰিবহণ ব্যৱস্থাৰ উন্নতি হৈ নগৰীয়া পৰিবেশ গঢ়ি উঠে। 

(৩) উদ্যোগবোৰৰ আৱশ্যকীয় কেঁচামাল আমদানি আৰু ৰপ্তানি কার্যৰ বাবে বাণিজ্যৰ উন্নতি হয়। ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰ হৈ পৰে৷ মানুহৰ সমাবেশ হয়। মধ্যবিত্ত শ্রেণীৰ সমাগম হৈ বাসস্থান আৰু নগৰীয়া পৰিৱেশৰ সৃষ্টি হয়। 

প্রশ্ন ৫১। শীতল যুদ্ধ বুলিলে কি বুজা?

উত্তৰঃ দুটা বিৰোধী ৰাজনৈতিক আৰু অৰ্থনৈতিক নীতিৰ ভিত্তিত গঢ়ি উঠা সাম্যবাদী আৰু পুঁজিবাদী ৰাষ্ট্ৰগোষ্ঠীৰ মাজত পৰস্পৰৰ প্ৰতি থকা অবিশ্বাস সংশয়ব ভাবেৰে নীৰৱে তলে তলে চলি থকা প্রতিযোগিতা, অৰিয়াঅবি, প্রতিদ্বন্দ্বিতা আদিকে শীতল যুদ্ধ বুলি কোৱা হয়।

 প্রশ্ন ৫২। শিল্প বিপ্লৱৰ ফলত প্ৰতিষ্ঠা হোৱা বৃহৎ উদ্যোগৰ পৰা পোৱা সুবিধাবোৰউল্লেখ কৰা। নাইবা, শিল্প বিপ্লৱৰ সুফলবোৰ কি কি?

উত্তৰঃ ইংলেণ্ডত প্রতিষ্ঠিত বৃহৎ উদ্যোগবোৰে – 

(১) মানুহৰ কায়িক শ্ৰমৰ লাঘৱ কৰায়। 

(২) কম খৰচতে কম সময়ত অধিক উৎপাদন কৰিব পাৰে। 

(৩) ডাঙৰ ডাঙৰ নগৰ-চহৰ গঢ়ি তোলে। 

(৪) যাতায়াত ব্যৱস্থা গঢ়ি তোলে। 

(৫) বাণিজ্যিক উন্নতি হয়। 

প্রশ্ন ৫৩। বৃহৎ উদ্যোগ স্থাপনৰ পৰা হোৱা দুটা অসুবিধা উল্লেখ কৰা। 

উত্তৰঃ অসুবিধা দুটা হ’ল 

(1) নিবনুৱা সমস্যাৰ সৃষ্টি হয়। 

(2) শ্রমিক শ্রেণীক শোষণ কৰাৰ ব্যৱস্থা গঢ়ি উঠে।

প্রশ্ন ৫৪। উদ্যোগ বিপ্লৱে ইংলণ্ডত সংসদী গণতন্ত্র প্রতিষ্ঠা কৰাত কিদৰে সহায় কৰিছিল?

উত্তৰঃ বৃহৎ উদ্যোগবোৰ চলাবলৈ গাঁৱৰ পৰা যথেষ্টসংখ্যক শ্রমিক আহি চহৰৰ জনসংখ্যা বৃদ্ধি কৰিছিল। এই শ্রমিকসকল বনুৱা সংঘৰ দ্বাৰা সংগঠিত হৈ ন্যায্য মজুৰি আৰু বিভিন্ন অধিকাৰ পূৰণৰ বাবে দাবী কৰিছিল। এই দাবীসমূহ পূৰ্ণ কৰিবলৈ যাওঁতে ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিবলগা হৈছিল। শ্রমিকক ৰাজনৈতিক অধিকাৰ প্ৰদান কৰাত গণতন্ত্রব বীজ ৰোপণ কৰা হৈছিল। এইদৰেই উদ্যোগ বিপ্লৱৰ ফলতে গঢ়ি উঠা শ্রমিক সংগঠনবোৰ অধিকাৰৰ দাবীৰ বাবেই ইংলেণ্ডত সংসদীয় গণতন্ত্র প্রতিষ্ঠা কৰাত যথেষ্ট সহায়ক হৈছিল।

প্রশ্ন ৫৫। উদ্যোগ বিপ্লৱৰ চাৰিটা কুফল উল্লেখ কৰা।

উত্তৰঃ (১) সমাজখন দুটা ভাগত বিভক্ত হয়। 

(ক) মালিক শ্রেণী বা পুঁজিপতি শ্ৰেণী আৰু 

(খ) শ্রমিক শ্রেণী। 

(২) সমাজত ধনী আৰু দুখীয়াৰ মাজৰ আৰ্থিক বৈষম্য বৃদ্ধি পায় ৷ 

(৩) ডাঙৰ নগৰ-চহৰবোৰত অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হয়। 

(৪) উদ্যোগ বিপ্লৱৰ ফলত দেশ-বিদেশত উপনিবেশৰ সৃষ্টি হয়, ফলত শোষণৰ মাত্রা বৃদ্ধি পায়। 

প্রশ্ন ৫৬। ভাৰতত প্রথমে শিল্প বিপ্লৱ আৰম্ভ নোহোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভাৰতত শিল্প বিপ্লৱ প্রথমে নোহোৱাৰ কাৰণ : 

(১) বৃহৎ পৰিমাণৰ মূলধন যোগানৰ বাবে আৱশ্যকীয় ধনী সম্পদশালী উদ্যোগপতিৰ অভাৱ আছিল। 

(২) বৃহৎ উদ্যোগ গঢ়িব পৰাকৈ সেই সময়ত খনিজ পদার্থ উদঘাটন হোৱা নাছিল। কেঁচা সামগ্ৰীৰ অভাৱ আছিল। 

(৩) ভাৰতৰ যাতায়াত ব্যৱস্থা উন্নত নাছিল। বস্তু-বাহানি পৰিবহণৰ সুবিধা নাছিল। 

(৪) ভাৰতত কুটীৰ শিল্পৰ প্ৰাধান্য বেছি আছিল। ভাৰতীয় লোকসকল বৰ উদ্যমী, বেপেৰুৱা, কষ্টসহিষ্ণু নাছিল। ভাৰতৰ জলবায়ুও কঠোৰ পৰিশ্ৰমৰ বাবে উপযোগী নহয়। 

৫৭। কোনো এখন দেশত শিল্প বিপ্লৱ আৰম্ভ কৰিবলৈ প্ৰয়োজন হোৱা চাৰিট উপাদান লিখা।

উত্তৰঃ শিল্প বিপ্লৱৰ আৱশ্যকীয় উপাদান চাৰিটা : 

(১) মূলধনৰ যোগান। 

(২) কেঁচা সামগ্ৰীৰ যোগান। 

(৩) খনিজ সম্পদ। 

(৪) আৱশ্যকীয় মানৱ সম্পদ। 

(৫) যাতায়াত ব্যৱস্থাৰ সুবিধা।

প্রশ্ন ৫৮। যাতায়াতৰ (পৰিবহণ) ক্ষেত্ৰত শিল্প বিপ্লৱৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ যাতায়াত ব্যৱস্থাৰ উন্নতি উদ্যোগীকৰণৰ এক অপবিহার্য অংগ। উদ্যোগবোৰলৈ কেঁচা সামগ্ৰী অনা আৰু উৎপাদিত সামগ্ৰী নিয়াৰ বাবে ৰাস্তা-ঘাট উন্নত হব লাগে। বেল পথ, জল পথ আৰু স্থলপথৰ উন্নতি হোৱা দৰকাৰ। ইংলেণ্ডত এই সকলো ব্যৱস্থা গঢ়ি উঠিছিল। সাগৰীয় বন্দৰবোৰৰ পৰা কল-কাৰখানাবোৰলৈ ৰাস্তা-ঘাট উন্নত কৰা হৈছিল। যাতায়াতৰ লগতে যোগাযোগ ব্যৱস্থাও উন্নত হৈছিল। ১৮৪০ চনত বোলেণ্ড হিলে কম খচতে এঠাইৰ পৰা আন ঠাইলৈ চিঠি-পত্ৰ অনা নিয়া কৰিছিল। ইংলণ্ডত এইবোৰ ব্যৱস্থাই শিল্প উদ্যোগৰ উন্নতি সাধন কৰিছিল।

প্রশ্ন ৫৯। কৃষিৰ ওপৰত উদ্যোগ বিপ্লৱৰ কি কি প্ৰভাৱ পৰিছিল লিখা।

উত্তৰঃ অষ্টাদশ শতিকাৰ শেষ ভাগত কৃষি পদ্ধতিৰ আমূল পৰিবর্তন হয়। কৃষি খণ্ডতো নতুন আবিষ্কাৰৰ প্রভাব যথেষ্ট পৰিমাণে পৰিছিল। আগৰ কাঠৰ নাঙলৰ ঠাইত লোৰে তৈয়াৰী নাঙলৰ প্ৰৱৰ্ত্তন কৰা হৈছিল। একেডৰা মাটিতে এটাৰ পাচত এটাকৈ কেবাটাও খেতি কৰা হৈছিল ইয়াৰ ফলত খাদ্য শস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছিল। উন্নত প্ৰজনন ব্যৱস্থাৰ যোগেদি আগতকৈ শক্তিশালী স্বাস্থ্যবান আৰু অধিক উৎপাদনশীল পশুপালন কৰা সম্ভৱ হয়। বেক ওৱেল নামৰ কৃষক এজনে বৈজ্ঞানিক পদ্ধতিৰে ঘৰচীয়া জীৱ জন্তুৰ উন্নতি সাধন কৰিছিল। এইবোৰ কাৰণতে কম পৰিশ্ৰমত, কম মাটিত, কম খচত অধিক শস্য উৎপাদন কৰিবলৈ সক্ষম হৈছিল। ভাৰতে এতিয়া ব্যৱহাৰ কৰা বৈজ্ঞানিক পদ্ধতি ইংলেণ্ডত ১৮ শতিকাতে হৈছিল। তেতিয়াই ৰাসায়নিক পদ্ধতিৰে খেতিবাতি কৰা হৈছিল। কৃষিৰ উন্নতিয়ে শিল্প-বাণিজ্যৰ উন্নতি সাধন কৰিছিল। 

প্রশ্ন ৬০। কোনে আৰু কেতিয়া ৰেল ইঞ্জিন আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ১৮১৪ খ্রীঃত জর্জ ষ্টিফেনছনে।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। 

(ক) কৃষি ক্ষেত্ৰত প্ৰথম আৱিষ্কাৰটো কি ?

(খ) ‘ৰেডিয়াম’ৰ আৱিষ্কাৰক কোন?

(গ) নিৰাপদ চাকি’ কাৰ আৱিষ্কাৰ?

(ঘ) ‘‘শিল্প বিপ্লৱ’ আখ্যাটো কোনে দিয়ে ?

(ঙ) ‘ডাছ কেপিটেল’ কাৰ ৰচনা?

(চ) বিচাৰ্ড আর্কাইট কোন?

(ছ) চালৰ্ছ গুড ইয়াৰে কি আৱিষ্কাৰ কৰে?

(জ) স্পিনিং জেনি’ কাৰ আৱিষ্কাৰ?

(ঝ) ‘ওৱাটাৰ ফ্ৰেম’ৰ আৱিষ্কাৰক কোন?

উত্তৰ ঃ 

(ক) ‘জেথু টুলে’ আৱিষ্কাৰ কৰা ‘ড্রিল’ নামৰ যন্ত্ৰটো। 

(খ) ফৰাচী বিজ্ঞানী পিয়াৰী কুৰী আৰু তেওঁ পত্নী মেৰী কুৰীয়ে ‘ৰেডিয়াম’ আৱিষ্কাৰ কৰিছিল।

(গ) হামফ্রে ডেভিয়ে ‘নিৰাপদ চাকি’ আৱিষ্কাৰ কৰিছিল।

(ঘ) ‘শিল্প বিপ্লৱ’ আখ্যাটো ঐতিহাসিক আর্নল্ড টয়নবিয়ে দিয়ে।

(ঙ) ‘ডাছ কেপিটেল’ কার্ল মাক্স আৰু ফেডেৰিক এঞ্জেলছে ৰচনা কৰিছে।

(চ) ১৭৬৮ চনত, ওরাটার ফ্রেম নামৰ সূতা কটা যন্ত্ৰ এবিধৰ আবিষ্কাৰক। 

(ছ) চাৰ্লছ গুড ইয়াৰে ১৮৩৯ চনত ৰবৰক গন্ধকৰ সৈতে মিহলাই তাক কঠিনতৰ কৰাৰ প্ৰক্ৰিয়া আৱিষ্কাৰ কৰে, ফলত গাড়ীৰ চকা তৈয়াৰ পদ্ধতিৰ উন্নতি হয়। 

(জ) ‘স্পিনিং জেনি’ জেমছ হাৰাগ্রিভছে ১৭৬৪ চনত আৱিষ্কাৰ কৰিছিল। 

(ঝ) ‘ওৱাটাৰ ফ্ৰেম’ৰ আৱিষ্কাৰক আৰ্ক ৰাইট (১৭৬৮ চনত)

ওপৰঞ্চি অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। প্রথম ‘বাষ্প ইঞ্জিন’ কোনে আবিষ্কাৰ কৰিছিল ?

উত্তৰঃ জেমছ ওৱাটে।

প্রশ্ন ২। শিল্প বিপ্লৱে সমাজত কি সামাজিক বিভাজন আনিছিল ?

উত্তৰঃ বনুৱা আৰু উদ্যোগপতিসকলৰ মাজত। কাৰণ

প্রশ্ন ৩। ভাৰতীয় কুটীৰ শিল্প বেয়াকৈ ক্ষতিগ্রস্ত হোৱাৰ 

উত্তৰঃ কল-কাৰখানাত উৎপাদিত বস্তু কাৰণে।

প্রশ্ন ৪। স্পিনিং জেনি কোনে আৱিষ্কাৰ কৰিছিল–

উত্তৰঃ হাগিভছে (১৭৬৪ খ্ৰীঃ)।

প্রশ্ন ৫। হামফ্রি ডেভিয়ে কি আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ নিৰাপদ চাকি।

প্রশ্ন ৬। কোনে বেল ইঞ্জিন আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ষ্টিফেনছনে (১৮১৪)।

প্রশ্ন ৭। শিল্প বিপ্লৱ প্ৰথমে ক’ত আৰম্ভ হৈছিল ?

উত্তৰঃ ইংলেণ্ডত।

প্রশ্ন ৮। নিৰাপদ চাকি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ হামফ্রি ডেভিয়ে।

প্রশ্ন ৯। কেতিয়া টেলিগ্রাফ আৱিষ্কাৰ হয়?

উত্তৰঃ, ১৮৪৪ চনত।

প্রশ্ন ১০। মিউল নামৰ সূতা কটা যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ ক্রম্পটানে।

প্রশ্ন ১১। ইউৰোপীয় দেশবিলাকৰ ভিতৰত কোনখন দেশত শেষত শিল্প বিপ্লৱ হৈছিল?

উত্তৰঃ বাছিয়াত।

প্রশ্ন ১২। কম খৰচতে চিঠি-পত্র অনা-নিয়াৰ ব্যৱস্থা উদ্ভাৱনকাৰীজন কোন ?

উত্তৰঃ বোলেণ্ড হিল। 

প্রশ্ন ১৩। শিল্প বিপ্লৱৰ বৈশিষ্ট্য এটা উল্লেখ কৰা।

উত্তৰঃ ক্রমান্বয়ে লাহে লাহে আৰম্ভ হয়।

প্রশ্ন ১৪। ইংলেণ্ডৰ অৰ্থনীতিৰ আদৰ্শ কি?

উত্তৰঃ ব্যক্তিবাদী।

প্রশ্ন ১৫। শিল্প বিপ্লৱ কেতিয়া হৈছিল?

উত্তৰঃ অষ্টাদশ শতিকাৰ শেষ ভাগত ৷

প্রশ্ন ১৬। ইংলেণ্ড কি অর্থনৈতিক আদৰ্শৰ দেশ?

উত্তৰঃ পুঁজিবাদী দেশ

প্রশ্ন ১৭। শিল্প বিপ্লৱ আৰু ৰাজনৈতিক বিপ্লৱৰ পাৰ্থক্য এটা লিখা।

উত্তৰঃ শিল্প বিপ্লৱ ক্রমবিকশিত, কিন্তু ৰাজনৈতিক বিপ্লৱ হঠাতে আৰম্ভ হয়।

প্রশ্ন ১৮। ইংলেণ্ডত প্রথমে শিল্প বিপ্লৱ হোৱাৰ এটা কাৰণ লিখা।

উত্তৰঃ মূলধন যথেষ্ট হোৱা বাবে।

প্রশ্ন ১৯। বেলি মাৰ নোযোৱা সাম্রাজ্য কাৰ আছিল?

উত্তৰঃ ইংলেণ্ডৰ।

প্রশ্ন ২০। ঘৰচীয়া জন্তুৰ উন্নতি সাধন কৰিবলৈ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা ব্যক্তিগৰাকী কোন?

উত্তৰঃ বেকওৱেল।

প্রশ্ন ২১। ফ্লাই-ছাটলৰ আৱিষ্কাৰক কোন?

উত্তৰঃ জন কেই।

প্রশ্ন ২২। ষ্টিফেনছনে কি আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ ৰেল ইঞ্জিন।

প্রশ্ন ২৩। যন্ত্রচালিত তাঁতশাল কোনে আৱিষ্কাৰ কৰিছিল?

 উত্তৰঃ কাৰ্টৰাইটে।

প্রশ্ন ২৪। হাভিছে স্পিনিং জেনি কেতিয়া আৱিষ্কাৰ কৰিছিল।

উত্তৰঃ ১৭৬৪ চনত।

প্রশ্ন ২৫। স্পিনিং জেনি কি?

উত্তৰঃ সূতা কটা যন্ত্র।

প্রশ্ন ২৬। শিল্প বিপ্লৱৰ আগতে যন্ত্রপাতিবোৰ কিহেৰে তৈয়াৰ কৰা হৈছিল?

উত্তৰঃ কাঠেৰে।

প্রশ্ন ২৭। ভাৰতৰ বস্ত্ৰ শিল্পৰ অৱনতি ঘটাৰ কাৰণটো কি ?

উত্তৰঃ ইংলেণ্ডৰ কল-কাৰখানাত তৈয়াৰী কাপোৰৰ বাবে।

প্রশ্ন ২৮। শিল্প বিপ্লৱে সমাজত কি দুই শ্রেণী মানুহৰ সৃষ্টি কৰে? 

উত্তৰঃ মালিক-বনুৱা।

প্রশ্ন ২৯। প্ৰগতিৰ ইতিহাসৰ উল্লেখযোগ্য বিপ্লৱটো কি?

উত্তৰঃ শিল্প বিপ্লৱ।

প্রশ্ন ৩০। কৃষি কার্যত বৈজ্ঞানিক পদ্ধতি প্রথমে অৱলম্বন কৰোতাজন 

উত্তৰঃ বেকওরেল।

প্রশ্ন ৩১। ক্রম্পটনে আৱিষ্কাৰে কৰা যন্ত্ৰটো কি?

উত্তৰঃ মিউল।

প্রশ্ন ৩২। উৰণীয়া মাঁকো (ফ্লাই-ছাটল) কোনে আৱিষ্কাৰ কৰে?

উত্তৰঃ জন কেই।

প্রশ্ন ৩৩। ভাপ ইঞ্জিন কেতিয়া আৱিষ্কাৰ হৈছিল?

 উত্তৰঃ ১৭৬৯ চনত।

প্রশ্ন ৩৪। প্রথমে বস্ত্ৰ উদ্যোগৰ যন্ত্ৰ আৱিষ্কাৰকজন কোন ?

উত্তৰঃ হাৰ্থিৰ্ভছ। 

প্রশ্ন ৩৫। কয়লা উৎপাদন বৃদ্ধিত সহায়কাৰী আৱিষ্কাৰটো কি ?

উত্তৰঃ নিৰাপদ চাকি। 

প্রশ্ন ৩৬। আদর্শব ভেটিত পৃথিৱীখনক কিহে দুভাগ কৰি পেলালে?

উত্তরঃ মার্ক্সীয় সমাজবাদী ভাবধাৰাই।

প্রশ্ন ৩৭। কেতিয়া জাৰ্মানীৰ ঐক্য সাধন হৈছিল?

উত্তরঃ ১৮৭০ চনত।

প্রশ্ন ৩৮। শিল্প বিপ্লৱে অনা ৰাজনৈতিক-অর্থনৈতিক’ আদর্শটো কি?

উত্তৰঃ সমাজবাদী আদর্শ।

প্রশ্ন ৩৯। উদ্যোগ বিপ্লৱে অনা এটা সামাজিক পৰিবৰ্তন কি?

উত্তৰঃ শ্ৰেণী সংগ্ৰামৰ সৃষ্টি।

প্রশ্ন ৪০। শিল্প বিপ্লৱে সৃষ্টি কৰা সমস্যা এটা লিখা।

 উত্তৰঃ নিবনুৱা সমস্যা।

প্রশ্ন ৪১। উদ্যোগৰ উন্নতিৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদানটো কি?

 উত্তৰঃ মানৱ সম্পদ।

প্রশ্ন ৪২। শীতল যুদ্ধ শিল্প বিপ্লৱৰ কেনেকুৱা ফলাফল?

উত্তৰঃ ৰাজনৈতিক ফলাফল।

প্রশ্ন ৪৩। শিল্প বিপ্লৱক ‘বিৱৰ্তন’ বোলাৰ কাৰণ কি ?

উত্তৰঃ ক্রমান্বয়ে হোৱা বাবে।

প্রশ্ন ৪৪। ‘শিল্প বিপ্লৱ’ নামটোৰ উদ্ভাৱনকাৰীজন কোন?

উত্তৰঃ আনল্ড টয়েনবি।

প্রশ্ন ৪৫। শিল্প বিপ্লৱ কেতিয়া হৈছিল? 

উত্তৰঃ অষ্টাদশ শতিকাত।

প্রশ্ন ৪৬। কি উদ্যোগৰ দ্বাৰা ‘শিল্প বিপ্লৱ’ আৰম্ভ হৈছিল

উত্তৰঃ বস্ত্ৰ উদ্যোগৰ দ্বাৰা।

প্রশ্ন ৪৭। কোনবোৰ বিপ্লৱ হঠাৎ আৰম্ভ হয়?

উত্তৰঃ ৰাজনৈতিক বিপ্লৱবোৰ। 

প্রশ্ন ৪৮। কার্লমার্ক্সে সৃষ্টি কৰা মতবাদটো কি ?

উত্তরঃ মার্ক্সবাদ বা আধুনিক সমাজবাদ। 

প্রশ্ন ৪৯। জেমছ ৱাটে কি আবিষ্কাৰ কৰিছিল ?

উত্তৰঃ বাষ্পচালিত ইঞ্জিন।

প্রশ্ন ৫০। শিল্প বিপ্লৱে উদ্ভৱ কৰা প্রথম মহাসমৰৰ কাৰণটো কি ? 

উত্তৰঃ ঔপনিবেশিক প্রতিদ্বন্দ্বিতা।

প্রশ্ন ৫১। ইংলেণ্ডৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অগ্রগামীজন কোন?

উত্তৰঃ মেক্ এডাম।

প্রশ্ন ৫২। যাতায়াত (পৰিবহণ) ব্যৱস্থাত পৰিবৰ্তন অনা আৱিষ্কাৰটো কি?

উত্তৰঃ বাষ্পচালিত ইঞ্জিন।

প্রশ্ন ৫৩। কাৰ লিখনিয়ে শ্রমিক আন্দোলনক বিশেষভাৱে অনুপ্রাণিত কৰিছিল? 

উত্তৰঃ কালমার্ক্সব।

প্রশ্ন ৫৪। শিল্প বিপ্লৱৰ ফলত সমাজত কেইটা শ্ৰেণীৰ সৃষ্টি হৈছিল?

উত্তৰঃ দুটা শ্ৰেণীৰ।

প্রশ্ন ৫৫। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি কোনে প্ৰমাণ কৰিছিল?

উত্তৰঃ কপাৰনিকাছে। 

প্রশ্ন। শুদ্ধ উত্তৰ বাছি দিয়া প্রশ্নোত্তসমূহ

প্রশ্ন ১। শিল্প বিপ্লর প্রথমে আৰম্ভ হৈছিল

  1.  ইটালীত
  2.  গ্ৰীচত
  3.  ইংলণ্ডত
  4.  জার্মানীত।

উত্তৰ : C. ইংলণ্ডত।

প্রশ্ন ২। ইংলণ্ডত প্রথমে শিল্প বিপ্লৱ হোৱাৰ কাৰণ নহয়—

  1.  মূলধন অপর্যাপ্ত
  2. গণতান্ত্রিক শাসন
  3. অধিক খনিজ পদার্থ
  4. পুঁজিবাদী অর্থনীতি।

উত্তৰ : B. গণতান্ত্রিক শাসন। 

প্রশ্ন ৩। ‘শিল্প বিপ্লৱ’ নামটোৰ উদ্ভাৱনকাৰীজন—

  1.  আর্নল্ড টয়েনবি
  2. হাগ্ৰাভছ
  3. চেমুৱেল ক্রম্পটন
  4. হামফ্রি ডেভিয়ে।

উত্তৰ : A. আর্নল্ড টয়েনবি।

প্রশ্ন ৪। ‘শিল্প বিপ্লৱ’ হৈছিল

  1.  সপ্তদশ শতিকাত
  2. ঊনবিংশ শতিকাত
  3. অষ্টাদশ শতিকাত
  4. কুৰি শতিকাত ৷

উত্তৰ : C. অষ্টাদশ শতিকাত।

প্রশ্ন ৫। হঠাৎ আৰম্ভ হোৱা বিপ্লৱটো—

  1. শিল্প বিপ্লৱ
  2. সামাজিক বিপ্লৱ
  3. ৰাজনৈতিক বিপ্লৱ
  4. সাংস্কৃতিক বিপ্লৱ ৷

উত্তৰ : C. ৰাজনৈতিক বিপ্লৱ।

প্রশ্ন ৬। শিল্প বিপ্লৱক ‘বিৱৰ্তন’ বোলাৰ কাৰণ —

  1.  ক্রমান্বয়ে হোৱাৰ বাবে
  2. হিংসাত্মক নোহোৱা বাবে
  3. হঠাতে হোৱা বাবে
  4. পুঁজিবাদী হোৱা বাবে।

উত্তৰ : A. ক্রমান্বয়ে হোৱাৰ বাবে। 

প্রশ্ন ৭। ইংলণ্ডৰ অর্থনীতি –

  1.  ব্যক্তিবাদী
  2.  সমাজবাদী
  3. জাতীয়তাবাদী
  4. উগ্রবাদী।

উত্তৰ ঃ A. ব্যক্তিবাদী। 

প্রশ্ন ৮। শিল্প বিপ্লৱ আৰু ৰাজনৈতিক বিপ্লৱৰ পাৰ্থক্যটো

  1.  ক্রমবিকশিত
  2. গতিশীলতা
  3. সৃষ্টিকাৰী
  4. পৰিৱৰ্তনকাৰী।

উত্তৰ ঃ A. ক্রমবিকশিত।

Leave a Reply