NIOS| Political Science (317)| Notes/Answer| Chapter-20| আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল

NIOS| Political Science (317)| Notes/Answer| Chapter-20| আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter20| আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter-20| আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল

NIOS| Political Science (317)| Notes/Answer| Chapter-20| আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল

খণ্ড ২

অধ্যায় ২০

20.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

খালী ঠাই পূৰ কৰা ঃ

1. যোগাত্মক অৰ্থত আঞ্চলিকতাবাদ হৈছে জনসাধাৰণৰ আৰু _________প্রতি ভালপোৱা ।

উত্তৰঃ 1. যোগাত্মক অৰ্থত আঞ্চলিকতাবাদ হৈছে জনসাধাৰণৰ ধৰ্ম, সংস্কৃতি আৰু ভাষাৰ প্ৰতি ভালপোৱা ।

2. আঞ্চলিক দলৰ অৰ্থ হৈছে যিটো দলে এক বিশেষ__________ এলেকাৰ ভিতৰত কাৰ্যকলাপ কৰে। 

উত্তৰঃ আঞ্চলিক দলৰ অৰ্থ হৈছে যিটো দলে এক বিশেষ ভৌগোলিক এলেকার ভিতৰত কাৰ্যকলাপ কৰে ।

3. ভাৰতবৰ্ষত ________সংখ্যক আঞ্চলিক দল আছে। 

উত্তৰঃ ভাৰতবৰ্ষত বৃহৎ সংখ্যক আঞ্চলিক দল আছে। 

20.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

সত্য নে অসত্য লিখা : 

1. আঞ্চলিকতাবাদে সদায় এটা দাবী কৰে যিটোৱে ৰাজ্যসমূহে কেন্দ্ৰৰ পৰা অধিক স্বায়ত্ততা বিচাৰে। (সত্য/অসত্য)

উত্তৰঃ সত্য।

2. জলবিবাদ, সংখ্যাগৰিষ্ঠসকলে প্ৰয়োগ কৰা ভাষাৰ প্ৰতি প্ৰাধান্যতা আদিয়েও আঞ্চলিকতাবাদৰ ভাবৰ জন্ম দিয়ে। (সত্য/অসত্য) 

উত্তৰঃ সত্য। 

20.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ:

খালী ঠাই পূৰ কৰা ঃ

1. ________ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত এক নতুন ধাৰণা নহয় ৷

উত্তৰ: আঞ্চলিকতাবাদ ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত এক নতুন ধাৰণা নহয় ।

 2. ভাৰতীয় জাতীয় কংগ্ৰেছে_________চনৰ সময়ছোৱাত ক্ষমতাৰ একচেটীয়াভাৱে উপভোগ কৰিছিল। 

উত্তৰ:  ভাৰতীয় জাতীয় কংগ্ৰেছে 1947-1967 চনৰ সময়ছোৱাত ক্ষমতাব একচেটীয়াভাৱে উপভোগ কৰিছিল ।

3. ______আৰু _______নেতৃত্বৰ মাজত হোৱা নিবিড় সম্পর্কই আঞ্চলিকতাবাদ বিকাশত উদ্‌গনি যোগাইছিল।

উত্তৰ:কেন্দ্ৰীয় আৰু আঞ্চলিক নেতৃত্বৰ মাজত হোৱা নিবিড় সম্পর্কই আঞ্চলিকতাবাদ বিকাশত উদ্‌গনি যোগাইছিল। 

4. শাসনাধিষ্ঠ দলৰ একেৰাহে কৰি অৱহেলা আঞ্চলিকতাবাদৰ এটা —।

উত্তৰ: 

  1.  আঞ্চলিকতাবাদ ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত এক নতুন ধাৰণা নহয়।
  2.  ভাৰতীয় জাতীয় কংগ্ৰেছে 1947-1967 চনৰ সময়ছোৱাত ক্ষমতাৰ একচেটীয়াভাৱে উপভোগ কৰিছিল। 
  3. কেন্দ্ৰীয় আৰু আঞ্চলিক নেতৃত্বৰ মাজত হোৱা নিবিড় সম্পর্কই আঞ্চলিকতাবাদ বিকাশত উদ্‌গনি যোগাইছিল।
  4. শাসনাধিষ্ঠ দলৰ একেৰাহে কৰি অৱহেলা আঞ্চলিকতাবাদৰ এটা কাৰণ ৷ 

20.8 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ :

1. যিটো দলে এটা নির্দিষ্ট ভৌগোলিক পৰিসীমাৰ ভিতৰত কাম কৰে, সেই দলক বোলা হয় ।

(ক) ৰাজনৈতিক দল    

(খ) ৰাষ্ট্ৰীয় দল

(গ) আঞ্চলিক দল     

(ঘ) ওপৰৰ আটাইকেইটা 

উত্তৰ : (গ) আঞ্চলিক দল

2. আঞ্চলিক দল গঠনত অৱদন আগবঢ়োৱাকাৰকসমূহ হ’ল—

(ক) সামাজিক 

(খ) গোষ্ঠীগত 

(গ) সংস্কৃতি আৰু ভৌগোলিক 

(ঘ) ওপৰৰ আটাইকেইটা

উত্তৰ: (ঘ) ওপৰৰ আটাইকেইটা 

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ:

1. আঞ্চলিকতাবাদৰ অৰ্থ ব্যাখ্যা কৰা । ই কিহৰ বাবে বিপদজনক ? 

উত্তৰ : আঞ্চলিকতাবাদৰ দুটা অর্থ আছে। নকাত্মক অৰ্থত ৰাষ্ট্ৰ বা দেশতকৈও যেতিয়া নিজ ৰজ্যৰ প্ৰতি অতি বেছি আত্মীয়তা গঢ়ি উঠে। সকাত্মক অৰ্থত এইটো হৈছে এক ৰাজনৈতিক চেতনা যিটো জনসাধাণৰ নিজ ৰাজ্যৰ প্ৰতি, ভাষাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি ভালপোৱাৰ সৈতে জড়িত হৈ থাকে, নিজৰ এক পৃথক পৰিচয়ৰ বাবে। আঞ্চলিকতাবাদৰ সকাৰাত্মকবা যোগাত্মক দিশটো আদৰণীয় যিহেতু ই উমৈহতীয়া ভাষা,ধর্ম,ইতিহাসৰ লোকসকলৰ মাজত ভাতৃত্ববোধ বা একাত্মবোধৰ ভাব বজাই ৰখাত উদ্‌গনি জগায়। নকৰাত্মক বা বিয়োগাত্মক দিশটো আকৌ দেশৰ অখণ্ডতা আৰু একতাৰ প্ৰতি এক ভাবুকি স্বৰূপ। ভাৰতবৰ্ষৰ ক্ষেত্ৰত আঞ্চলিকতাবাদ বিয়োগাত্মক দিশত ব্যৱহাৰ হৈ আহিছে। 

আঞ্চলিকতাবাদৰ ভাবধাৰা শাসকীয় পক্ষৰ পৰা ক্ৰমশঃ এলাগীৰ ব্যৱহাৰ ব অৱহেলা, অনাদৰ পাই অহাৰ পৰা জন্ম পায়। কেতিয়াবা শোধিত শ্ৰেণীৰ ৰাজনৈতিক সচেতনতা বৃদ্ধিৰ বাবেও আঞ্চলিকতাবাদ গঢ় লৈ উঠে। প্রায়ে দেখা যায় কিছুসংখ্যক ৰাজনৈতিক নেতাই এক বিশেষ এলেকাৰ মানুহসকলৰ ওপৰত এক আধিপতা বিস্তাৰ কৰাৰ অৰ্থে আঞ্চলিকতাবাদৰ ভাবধাৰাক উদ্‌গণি দিয়ে ।

 2. আঞ্চলিকতাবাদৰ বিভিন্ন ধৰণবোৰ আলোচনা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষত আঞ্চলিকতাবাদে বিভিন্ন ৰূপ ধাৰণ কৰিছে।

(ক) ৰাজ্যিক স্বায়ত্ততাৰ দাবী ঃ আঞ্চলিকতাবাদ প্ৰায়েই ৰাজ্যসমূহৰ কেন্দ্ৰৰ পৰা অধিক স্বায়ত্ততাৰ দাবীৰ সৈতে জড়িত হৈ পৰে। কেন্দ্ৰৰ ৰাজ্যিক বিষয়সমূহৰ ওপৰত বৰ্ধিত হস্তক্ষেপৰ বাবে এনে আঞ্চলিকতাবাদৰ ভাবৰ সৃষ্টি হয়। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় গাঁঠনিত ৰাজ্যসমূহে প্ৰায়ে স্বায়ত্ত শাসনৰ দাবী কৰি অহাতো দিনে দিনে বৃদ্ধি পাই আহিছে। 

(খ) কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হোৱা : এনেধৰণৰ আঞ্চলিকতাবাদ ভয়াবহ। এনেধৰণৰ আঞ্চলিকতাবাদ গঢ়ি উঠে যেতিয়া ৰাজ্যই কেন্দ্ৰ পৰা বিচ্ছিন্ন হৈ নিজৰ সুকীয়া স্বাধীন পৰিচয় স্থাপন কৰিব বিচাৰে। 

ৰাজ্যসমূহৰ মাজত হোৱা জল বিবাদ, সংখ্যাগৰিষ্ঠ সকলে প্ৰয়োগ কৰা ভাষাক ৰাষ্ট্ৰই দিয়া প্ৰাধান্যতা, সংস্থাপনৰ ক্ষেত্ৰত দিয়া সা-সুবিধা আদিয়েও আঞ্চলিকতা ভাৱৰ বৃদ্ধি কৰাত সহায়ক হয়। অনুন্নত এলেকাৰ পৰা উন্নত এলেকালৈ কৰ্ম সংস্থাপন বিচাৰি হোৱা প্ৰব্ৰজন আৰু এই প্ৰব্ৰজনকাৰীসকলৰ প্ৰতি হোৱা বিদ্বেষে এনে আঞ্চলিকতাবাদৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশত এনে সমস্যা চলি আছে। 

3. আঞ্চলিক দলৰ ভূমিকা আলোচনা কৰা । 

উত্তৰঃ যদিও আঞ্চলিক দলে এটি সীমিত পৰিসীমাৰ মাজত আৱদ্ধ থাকি কাম কাজ সম্পাদন কৰে, উদ্দেশ্য সাধন করে কিন্তু ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনীতিত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আঞ্চলিক দলে কেইবাখনো ৰাজ্যত নিজৰ চৰকাৰ গঠন কৰিছে আৰু নিজৰ আঁচনিসমূহ ৰূপায়িত কৰাৰ প্ৰয়াস কৰিছে। কিছু গুৰুত্বপূৰ্ণ আঞ্চলিক ৰাজনৈতিক দল, যিবোৰ ইতিমধ্যে বিভিন্ন ৰাজ্যত চৰকাৰ গঠন কৰিব সক্ষম হৈছে সেইকেইটা হ’ল— তামিলনাডুত ডি এম কে (DMK) আৰু এ আই ডি এম কে (AIDMK), জন্মু কাশ্মীৰত নেশ্বনেল কনফাৰেন্স, অন্ধ্ৰপ্ৰদেশত তেলেগু দেশম, অসমত অসম গণ পৰিষদ, গোৱাত মহাৰাষ্ট্ৰবাদী গোমাণ্টক পার্টি (MGP), মিজোৰামত মিজো নেশ্বনেল ফ্রন্ট, চিকিমত চিক্ৰিম সংগ্ৰাম পৰিষদ, মেঘালয়ত অল পার্টি হিল লিডাৰজ কনফাৰেন্স (All Party Hill Leaders Conference), হাৰিয়ানাত ভাৰতীয় ৰাষ্ট্ৰীয় লোকদল (INLD) ইত্যাদি। 1967 চত্তর্থ চথুর্থ সাধাৰণ নিৰ্বাচনৰ পাছত বহুকেইটা আঞ্চলিক দল মৰ্চা চৰকাৰৰ অংশীদাৰ হৈ বিভিন্ন ৰাজ্যত চৰকাৰ গঠন কৰিছিল। বৰ্তমান পৰিস্থিতিত আঞ্চলিক দলসমূহে কংগ্ৰেছ চৰকাৰৰ মাৰ্চা চৰকাৰ গঠন কৰাৰ উদ্দেশ্যে সমর্থন দি জটিল ভূমিকা পালন কৰি আহিছে। 1969 চনত কংগ্ৰেছ বিভক্ত হোৱাৰ পাচত সংসদত সংখ্যাগৰিষ্ঠতা পোৱাত অসুবিধা হোৱাত ডি এম কে দলে শ্ৰীমতী ইন্দিৰা গান্ধীক সমর্থন দি চৰকাৰ গঠন কৰাত সহায়ক হৈছিল। সংযুক্ত মৰ্চা আৰু ৰাষ্ট্ৰীয় গণতান্ত্রিক মিত্রজোট (NDA) চৰকাৰৰ সময়ত তেলেগু দেশম এক প্ৰকাৰ স্তম্ভৰ দৰে আছিল। 

আঞ্চলিক দলৰ প্ৰনিধিসকলে সংসদৰ মজিয়াত নিজৰ ৰাজ্যৰ বিষয়সমূহ আলোচনা কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰু আঁচনিসমূহ প্ৰভাৱান্বিত কৰিবলৈ যত্ন কৰে।

কিন্তু আঞ্চলিক দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সেৱা হৈছে ই দূৰৰ অঞ্চলৰ এলেকাৰ বিভিন্ন আর্থসামাজিক বিষয়সমূহৰ ওপৰত আলোকপাত কৰি জনসাধাৰণৰ ৰাজনৈতিক সচেতনচা বৃদ্ধি কৰাৰ প্ৰয়াস কৰে। তাৰোপৰি আঞ্চলিক দলসমূহে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় দলসমূহক প্ৰদেশসমূহৰ প্ৰতি বৈষম্যমূলক আচৰণ নকৰিবলৈ আৰু ৰাজ্যসমূহৰ প্ৰতি গুৰুত্ব দিয়াত ৰাষ্ট্ৰীয় দলসমূহক বাধ্য কৰাইছে।

চমুকৈ, আঞ্চলিক দলসমূহে কেৱল ৰাজ্যসমূহতে ইয়াৰ প্ৰভাৱ সীমিত কৰা নাই; ৰাষ্ট্ৰীয় ৰাজনীতিতো ইয়াৰ ভীষণ প্ৰভাৱ দেখা যায়।

Leave a Reply