NIOS| Political Science (317)| Notes/Answer| Chapter-17| সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু প্রতিনিধিত্বৰ পদ্ধতিসমূহ

NIOS| Political Science (317)| Notes/Answer| Chapter-17| সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু প্রতিনিধিত্বৰ পদ্ধতিসমূহ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter17| সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু প্রতিনিধিত্বৰ পদ্ধতিসমূহ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter-17| সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু প্রতিনিধিত্বৰ পদ্ধতিসমূহ

NIOS| Political Science (317)| Notes/Answer| Chapter-17| সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু প্রতিনিধিত্বৰ পদ্ধতিসমূহ

খণ্ড ২

অিধ্যায় ১৭

17.1 পাঠ্য অন্তর্গত অনুশীলনীৰ উত্তৰ 

1. সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰত কোনে ভোটদানৰ অধিকাৰ ভোগ কৰিব পাৰে ? 

  1.  সকলো প্রাপ্তবয়স্ক লোকে     
  2. মাত্ৰ পুৰুষে
  3. মাত্ৰ মহিলাই      
  4. সৰু ল’ৰা-ছোৱালীয়ে 

উত্তৰ : (a) সকলো প্রাপ্তবয়স্ক লোকে 

2. তলৰ কাৰ ভোটাধিকাৰ নাথাকে?

  1.  সৰু ল’ৰা-ছোৱালীৰ    
  2. বিদেশী সকলৰ
  3. বলিয়া লোকৰ       
  4. ওপৰোক্ত সকলোৰে 

উত্তৰ : (d) ওপৰোক্ত সকলোবে 

3. ভাৰতবৰ্ষত ভোটদানৰ নিম্নতম বয়স হ’ল— 

  1.  16 বছৰ       
  2. 21 বছৰ 
  3. 18 বছৰ      
  4.  25 বছৰ 

উত্তৰ: (b) 21 বছৰ 

4. ছুইজাৰলেণ্ডত কিমান চনত সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ব্যৱস্থা কৰা হৈছিল ? 

  1.  1914  
  2. 1945 
  3. 1928 
  4.  1971 

উত্তৰ: (d) 1971 

17.2 পাঁঠা অন্তর্গত অনুশীলনীৰ উত্তৰ 

1. খালী ঠাই পুৰণ কৰা :

(a) First-past-the-Post ব্যৱস্থাটোক__________ নামেৰেও জনা যায়। 

উত্তৰ : First-past-the-Post ব্যৱস্থাটোক সাধাৰণ সংখ্যা গৰিষ্ঠ ব্যবস্থা নামেৰেও জনা যায়। 

(b) বহু প্রতিনিধিত্বমূলক সমষ্টিক ____________নামেৰেও জনা যায়। 

উত্তৰ : বহু প্রতিনিধিত্বমূলক সমষ্টিক সাধাৰণ টিকে ব্যবস্থা নামেৰেও জনা যায়।

(c) ভাৰতবৰ্ষত লোকসভা আৰু ৰাজ্যিক বিধানমণ্ডলসমূহৰ নিৰ্বাচনবিলাক ______________ব্যবস্থামতে অনুষ্ঠিত হয়। 

উত্তৰ : ভাৰতবৰ্ষত লোকসভা আৰু ৰাজ্যিক বিধানমণ্ডলসমূহৰ নিৰ্বাচনবিলাক ভৌগলিক ব্যৱস্থামতে অনুষ্ঠিত হয়। 

(d) আনুপাতিক প্রতিনিধিত্বৰ ব্যৱস্থা কৰা পদ্ধতি দুটা হ’ল আৰু___________।

উত্তৰ : আনুপাতিক প্রতিনিধিত্বৰ ব্যৱস্থা কৰা পদ্ধতি দুটা হ’ল একক হস্তান্তৰযোগ্য ভোট ব্যৱস্থা আৰু তালিকা পদ্ধতি। 

(e) বিধানমণ্ডলত সংখ্যালঘু শ্ৰেণীক প্ৰতিনিধিত্বৰ সুবিধা প্ৰদান কৰা ব্যৱস্থা দুটা হল __________।

উত্তৰ : বিধানমণ্ডলত সংখ্যালঘু শ্ৰেণীক প্ৰতিনিধিত্বৰ সুবিধা প্ৰদান কৰা ব্যৱস্থা দুটা হ’ল সামূহিক ভোট ব্যৱস্থা আৰু সীমিত ভোট পৰিকল্পনা । 

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ:

(a) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ অৰ্থ আৰু তাৎপর্য লিখা । 

উত্তৰ : নিৰ্বাচনত ভোটদান কৰিনিজৰ পচন্দৰ প্ৰাৰ্থী নির্বাচন কৰিব পৰাৰ অধিকাৰকে ভোটাধিকাৰ বুলি কোৱা হয়। ফৰাছী ভাষাৰ ‘Franc’ শব্দৰ পৰাই ইংৰাজী ‘Franchise’ শব্দটোলোৱা হৈছে। ফৰাছী ভাষাত ‘Franc” মানে

হ’ল ‘Free’ বা মুক্ত আৰু ইংৰাজীত ‘Franchise’ মানে হ’ল ‘ভোটাধিকাৰ । প্রাপ্তবয়স্ক ভোটাধিকাৰ মতে জাতি, বর্ণ, ভাষা, ধর্ম ইত্যাদি নির্বিশেষে সকলো প্রাপ্তবয়স্ক নাগরিককে ভোটাধিকাৰ দিয়া উচিত। এইধৰণৰ ভোটাধিকাৰ গণতন্ত্রের এটা মূল নীতি সমতাৰ ওপৰত প্ৰতিষ্ঠিত। প্রাপ্তবয়স্ক ভোটাধিকাৰ মাতে সকলো লোকৰ বাবে একে ধৰণৰ ভোটাধিকাৰ থকা উচিত। কোনো এক বিশেষ শ্রেণীৰ লোকক ভোটাধিকাৰ সাব্যস্ত কৰিব নিদিয়াটোৱে তেওঁলোকৰ সমতাৰ অধিকা অৰ্ব কৰাটোকে সূচায়। প্রকৃতার্থত কোনো বৈষম্য নকৰাকৈ সকলো লোককে ভোটদানৰ অধিকাৰ প্ৰদান কৰিহে গণতন্ত্ৰৰ প্ৰকৃত আত্মা প্রতিষ্ঠা কৰিব পাৰি। প্রাপ্তবৱস্ক ভোটাধিকাৰে নাগৰিকসকল আত্ম সন্মান, আত্ম মর্থনা, দারিত্ববোধ আৰু পৌৰ নিশক্ষা বৃদ্ধি কৰিব পাৰে। আন অর্থত কবলৈ হ’লে প্রাপ্ত ভোটাধিকাৰ হ’ল গণতন্ত্ৰৰ মূল ভেটি। ইয়াত জনসাধাৰণক ৰাজনৈতিক সার্বভৌমত্ব’ বুলি ধৰা হয় কিয়নো জনসাধাৰণেই ভোটদানৰ জৰিয়তে এটা দলক শাসনত অধিষ্ঠিত কৰিব পাৰে অথবা শাসনৰ পৰা ওফৰাই পেলাব পাবে। ভাৰতৰ সংবিধান অনুসৰি এক নিয়মীয়া সময়ৰ ব্যৱধানত জনসাধাৰণে নিৰ্বাচনত ভোটদান কৰি সংসদ, ৰাজ্যিক বিধানমণ্ডলসমূহ আৰু গণতান্ত্রিক ব্যৱস্থাটোৰ অন্যান্য ক্ষমতাৰ আধাৰ অংগসমূহৰ প্রতিনিধি নির্বাচন কৰি উলিয়াব লাগে। এই অনুষ্ঠানসমূহক জন প্রতিনিধিত্বৰ অনুষ্ঠান বুলি কোৱা হয় কিয়নো ইবিলাকে জনসাধাৰণৰ ইচ্ছাক প্ৰতিনিধিত্ব কৰে। 

(b) সাধাৰণ সংখ্যাগৰিষ্ঠ ব্যৱস্থা কি? ব্যাখ্যা কৰা। 

উত্তৰ : সাধাৰণতে একক প্রতিনিধিত্ব সমষ্টিত সাধাৰণ সংখ্যাগৰিষ্ঠ ব্যৱস্থাৰে প্রতিনিধি নির্বাচন কৰা হয়। যিজন প্রতিনিধিয়ে অটাইতকৈ বেছি ভোট লাভ কৰে তেওঁকেই বিজয়ী বুলি ঘোষিত কৰা হয়। বহুক্ষেত্ৰত এনেকুৱা ব্যৱস্থাত বহুকেইজন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা দেখা যায়। তেনেকুৱা পৰিস্থিতি কেতিয়াবা 50% তকৈও কম ভোটত জয়ী হোৱা প্রাতী এজনকো নির্বাচিত ঘোষিত কৰা হয়। ভাৰতবৰ্ষত প্রায় সঘনে এনেকুৱা দেখা যায়। ভাৰতৰ বাহিৰেও ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু আন কিছুমান দেশত এই সাধাৰণ ব্যৱস্থাৰ প্রচলন আছে। 

(c) আনুপাতিক প্রতিনিধিত্ব ব্যৱস্থাটো আলোচনা কৰা। আনুপাতিক প্রতিনিধিত্বৰ অন্তৰ্ভুক্ত পদ্ধতি দুটা কি কি ?

 উত্তৰ : সমাজৰ সকলো শ্ৰেণী গোষ্ঠীৰ লোককে কম বেছি পৰিমাণে সিহঁতৰ সংখ্যাৰ অনুপাতত প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰাকে আনুপাতিক প্রতিনিধিত্ব বুলি কোৱা হয়। জে.এচ. মিল এই আনুপাতিক প্রতিনিধিত্বৰ এজন বোৰ সমৰ্থন আছিল। তেওঁ কৈছিল, “In any really equal democracy every of any section would be represented not disproportionately, but proportionately. A majority of the electors would always have a majority of representatives; but a minority of electors would always have a minority of representatives, ” – এই ব্যৱস্থাটোরে এটা ৰাজনৈতিক দলে বিধানমণ্ডলত লাভ কৰা আসন জনসাধাৰণৰ ভোটাৰ আনুপাতিক হোৱাটো নিশ্চিত কৰে। সাধাৰণ সংখ্যাগৰিষ্ঠ ব্যবস্থাত কেতিয়া দেখা যায় যে এটা ৰাজনৈতিক দলে 50% তকৈও কম ভোট লাভ কৰিও বিধানমণ্ডলত বেছি আসন লাভ কৰে। আনুপাতিক প্রতিনিধিত্ব ব্যৱস্থাত এই দোষবিলাক সাধাৰণতে নাথাকে। ইয়াত সমাজৰ সকলো শ্রেণীয়ে প্রায় সমভাবে প্রতিনিধিত্ব কৰিবলৈ সুবিধা পায়। দুটা বিশেষ পদ্ধতিৰ জৰিয়তে আনুপাতিক প্রতিনিধিত্ব নিশ্চিত কৰা হয় —

(1) একক হস্তান্তৰযোগ্য ভোট ব্যবস্তা ঃ একক হস্তান্তরযোগ্য ভোট ব্যবস্থার ‘হেয়াৰ ব্যৱস্থা’ বা আন্দ্রেই আঁচনি (Andrae Scheme) বুলিও জনা যায়। একক হস্তান্তৰযোগ্য ভোট ব্যৱস্থাত এজন ভোটাৰে মাত্ৰ এটা ভোট প্রদান কৰিব পাৰে যিটো ভোটাৰজনৰ পচন্দ অন্য প্রার্থীলৈ প্রয়োজন সাপেক্ষে হস্তান্তৰ কৰিব পাৰি। সেইকাৰণে এই ব্যৱস্থাটোক অগ্ৰাধিকাৰ ব্যৱস্থা (Preferential System) বুলিও কোৱা হয় । 

এই ব্যৱস্থাটোৱে তলত দিয়া চৰ্ত সাপেক্ষে কাম কৰে— 

  1. প্ৰত্যেকটো সমষ্টিয়ে এটা বহু প্ৰতিনিধিত্বৰ সমষ্টি হোৱা উচিত য’ৰ পৰা তিনিজন বা ততোধিক প্রার্থী নির্বাচিত হ’ব পাৰে। 
  2. এজন ভোটাৰৰ মাত্ৰ এটা ভোট থাকে যিটো তেওঁ পচন্দৰ শৃংখল অনুসৰি প্ৰদান কৰিব পাৰে। উদাহৰণ হিচাপে যিমানজন প্রার্থী থাকে সেই অনুসৰি ভোটাৰজনে প্ৰথম, দ্বিতীয়, তৃতীয় ইত্যাদিকৈ তেওঁৰ পচন্দৰ ক্ৰম দিব পাৰে। প্ৰাৰ্থীৰ নামৰ বিপৰীতে ভোটাৰজনে এক, দুই, তিনি ইত্যাদিকে পচন্দৰ ক্ৰম লিখিব লাগে। 
  3. ভোটাৰজনে মাত্ৰ এজন প্ৰাৰ্থীৰ সপক্ষে আটাইবোৰ পচন্দ্ৰ ক্ৰম দিব নোৱাৰে। 
  4. নির্বাচিত হ’বৰ কাৰণে এজন প্ৰাৰ্থীয়ে ভোটৰ এটা নিৰ্দিষ্ট কোটা লাভ কৰিব লাগে। এই কোটাটো তলত দিয়া পদ্ধতি মতে নিৰ্ধাৰণ কৰা হয় 

  নিৰ্বাচনত প্ৰদান কৰা মুঠ ভোটৰ সংখ্যা

কোটা= ______________________ +১

            এটা সমষ্টিৰ মুঠ আসনৰ সংখ্যা

 উদাহৰণ হিচাপে এটা সমষ্টিত প্ৰদান কৰা মুঠ ভোটৰ সংখ্যা 20,000 আৰু সেই সমষ্টিটোৰ মুঠ আসনৰ সংখ্যা 4 হ’লে তাৰ কোটা হ’ব— 

20,000 

_______+1=5001

   4

এই ব্যৱস্থাত প্ৰথমতে প্রথম পচন্দৰ ভোটবিলাক গণনা কৰা হয়। যিজন প্রার্থীয়ে নির্দিষ্ট কোটা লাভ কৰে তেওঁকে নির্বাচিত ঘোষণা কৰা হয় আৰু তেওঁৰ অতিৰিক্ত ভোটসমূহ দ্বিতীয় পচন্দৰ প্ৰাৰ্থীবিলাকৰ ভোটৰ সংখ্যাৰ লগত যোগ দিয়া হয়। যদি নির্দিষ্ট কোটা লাভ কৰিব নোৱাৰাৰ ফলস্বৰূপে এটা বা ততোধিক আসন খাল থাকে তেতিয়া আটাইতকৈ কম ভোট পোৱা প্ৰাৰ্থীজনক প্ৰত্যাহাৰ কৰি তেওঁৰ ভোটবিলাক পচন্দৰ শৃংখলা অনুসৰি অন্যান্য প্রার্থীৰ নামত বিতৰণ কৰা হয়। নিৰ্দিষ্ট কোটা লাভ নকৰালৈকে এই প্ৰক্ৰিয়াটো চলাই ৰখা হয় । ভাৰতবৰ্ষতৰাজ্য সভা আৰু ৰাজ্যিক বিধান পৰিষদৰ সদস্যবিলাকৰ নিৰ্বাচনত এই পদ্ধতি প্ৰয়োগ কৰা হয় ৷ 

ভাৰতৰ ৰাষ্ট্ৰপতিজজনাৰ নিৰ্বচেনাত এই পদ্ধতিটো অনুসৰণ কৰা হয়।

(2) তালিকা পদ্ধতি : আনুপাতিক প্রতিনিধিত্ব ব্যৱস্থাৰ অন্তৰ্ভুক্ত আন এক ব্যৱস্থা হ’ল তালিকা পদ্ধতি বা ‘লিষ্ট ব্যবস্থা’। এই পদ্ধতিত একোটা ডাঙৰ বহু প্ৰতিনিধিত্বৰ সমষ্টিৰ পৰা বহুতো প্ৰতিনিধি নিৰ্বাচন কৰা হয়। তেনেকুৱা এটা নির্দিষ্ট সমষ্টিত প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ দলীয়া প্ৰাৰ্থী কিছুমানৰ এখন তালিকা দাখিলকৰে। এজন ভোটাৰে এজন নির্দিষ্ট প্ৰতিনিধিৰ সপক্ষে ভোটজান কৰাৰ সলনিৰ প্ৰত্যেকটো ৰাজনৈতিক দলে দাখিলকৰা প্রার্থী তালিকাৰ প্রত্যেকজন প্ৰাৰ্থীৰ সপক্ষে পচন্দৰ শৃংখলা প্ৰদান কৰে। এই ভোটবিলাক অবিভাজ্য হয়। যদি এটা সমষ্টিৰ পৰা চাৰিজন প্রার্থী নির্বাচন কৰিব লাগে । তেনেহ’লে এজন ভোটাৰে প্ৰত্যেকটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ তালিকাত পচন্দৰ শৃংখল প্ৰদান কৰিব লাগে। ইয়াতো এটা নিৰ্দিষ্ট ‘কোটা’ (Quota) নিৰ্ধাৰণ কৰা হয় আৰু সেইমতে যিজন প্রার্থীয়ে নির্ধারিত কোটা লাভ কৰে তেওঁকে নির্বাচিত ঘোষণা কৰা হয়। যদি এটা ৰাজনৈতিক দলৰ তিনিজন প্রার্থীয়ে কোনো সংখ্যক ভোট লাভ কৰে তেনেহ’লে সেই ৰাজনৈতিক দলটোৰ তিনিওজন প্রার্থীকে নিৰ্বাচিত ঘোষণা কৰা হ’ব। 

এই তালিকা পদ্ধতি দুই ধৰণৰ দেখিবলৈ পোৱা যায়। ইয়াৰে এবিধক ‘বাধ্যতামূলক তালিকা আৰু আনবিধক ‘মুক্ত তালিকা’ বুলি কোৱা হয়। বাধ্যতামূলক তালিকা পদ্ধতিত এজন ভোটাৰে ৰাজনৈতিক দল এটাই দাখিল। কৰা তালিকাৰ হয় আটাইকেইজন প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিব লাগিব নহয়। আটাইকেইজন প্রার্থীকে প্রত্যাহাৰ কৰিব লাগিব। কিন্তু মুক্ত তালিকাৰ ক্ষেত্ৰত ভোটাৰ এজনে প্রার্থী তালিকাত পচন্দ শৃংখল প্ৰদান কৰিব পাৰে। ছুইজাৰলেণ্ডত এই ‘তালিকা পদ্ধতি’ অনুসৰণ কৰা হয় । 

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

(d) সংখ্যালঘু প্রতিনিধিত্বৰ ব্যৱস্থা কৰা পদ্ধতিসমূহ ব্যাখ্যা কৰা। 

উত্তৰ : আনুপাতিক প্রতিনিধিত্বৰ বাহিৰেও সংখ্যালঘুসকলৰ যথোপযুক্ত প্রতিনিধিত্বৰ ব্যৱস্থা কৰিবলৈ অন্যান্য কিছুমান প্ৰতিনিধিত্বৰ পদ্ধতি অনুসৰণ কৰা দেখা যায়। তেনেকুৱা কিছুমান ব্যৱস্থা তলত আলোচনা কৰা হ’ল —

(i) সামূহিক ভোট ব্যৱস্থা : এই ব্যৱস্থাত এজন ভোটাৰৰ এটাতকৈ বেছি ভোট থাকিব পাৰে। সাধাৰণতে এটা সমষ্টিৰ পৰা যিমানজন প্রার্থী নির্বাচিত হ’ব পাৰে ভোটাৰ এজনৰ ভোটৰ সংখ্যাও সিমানেই হয়। ভোটাৰ এজনে আটাইকেইজন প্ৰাৰ্থীৰ সপক্ষে ভোট দান কৰিব পাৰে অথবা এজন প্রার্থীকে তেওঁৰ আটাইকেইটা ভোট প্রদান কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি এটা সমষ্টিৰ পৰা 5 জন প্রার্থী নিৰ্বাচিত হ’ব পাৰে তেনেহ’লে এজন ভোটাৰে তেওঁৰ ভোট কেইটা মাত্ৰ এজন প্ৰাৰ্থীকে দিব পাৰে নতুবা গোটেই মাত্ৰ এজন প্রার্থীকে দিব পাৰে নতুবা গোটেই কেইজন বা কেইজনাম প্ৰাৰ্থীৰ মাজত বিতৰণ কৰিব দিব পাৰে। এই ব্যৱস্থাটোৱে সমাজৰ সংখ্যালঘু শ্রেণী বা সম্প্রদায়ক নিজৰ সম্প্ৰদায়ৰ প্ৰতিনিধি নির্বাচিত কৰিবলৈ সুবিধা প্ৰদান কৰে।

 (ii) সীমিত ভোট পৰিকল্পনা : এটা বহু প্ৰতিনিধিত্বমূলক সমষ্টি য’ৰ পৰা কমপক্ষেও তিনিজন প্রার্থী নির্বাচিত হ’ব লাগেক তাত এই পদ্ধতিটো গ্ৰহণ কৰা দেখা যায়। এই পদ্ধতিমতে এজন ভোটাবে এজনতকৈ অধিক প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিব পাৰে, কিন্তু তেওঁ সকলো প্ৰাৰ্থীকে ভোটদান কৰিব নোৱাৰে। সেইকাৰণেই এই পদ্ধতিটোক সীমিত ভোট পৰিকল্পনা হিচাপে জনা যায়। উদাহৰণ হিচাপে এটা সমষ্টিত ছয়খন আসন থাকিলে এজন ভোটাৰে চাৰিজন প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিব পাৰি কিন্তু তেওঁ আটাইকেইজন প্রার্থীকে ভোটদান কৰিব নোৱাৰে।

Leave a Reply