NIOS| Political Science (317)| Notes/Answer| Chapter-16| স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

NIOS| Political Science (317)| Notes/Answer| Chapter-16| স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter-16| স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter-16| স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

NIOS| Political Science (317)| Notes/Answer| Chapter-16| স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড 1

অধ্যায় ১৬

16.1. পাঠ্য অন্তৰ্গত প্রশ্নাবলীৰ উত্তৰ: 

 খালী ঠাই পূৰণ কৰা ঃ 

1. মেট্রপলিটান (ডাঙৰ) চহৰ যেনে দিল্লী আৰু মুগাইত নগৰীয়া স্থানীয় ________আছে। (পৌৰ নিগম, পৌর কমিটি, নগৰ পঞ্চায়ত 

উত্তৰ: পৌৰ নিগম 

২.________আসন স্থানীয় সংস্থাত মহিলাৰ বাবে সংৰক্ষিত থাকে।(½   ⅓  ¼)অংশ

উত্তৰঃ উত্তৰঃ ½ অংশ

3. ৰাজ্যিক নির্বাচন আয়োগে, _______নির্বাচন পৰিচালনা কৰে। ৰাজ্যৰ ৰাজ্যপাল / বিধান সভা / পৌৰ সংস্থা আৰু নিগম) 

উত্তৰ : পৌৰ নিগম আৰু কমিটিবোৰ 

4. নগৰীয়া স্থানীয় সংস্থাৰ কাৰ্যকাল হ’ল__________।(তিনি/চাৰি/ পাঁচবছৰ) 

উত্তৰ: পাঁচ 

5. পৌৰ নিগমৰ প্ৰশাসনীয় মুৰব্বীজনক ________হিচাপে জনা যায়।(সভাপতি/ মেয়ৰ পৌৰ সচিব)  

উত্তৰ : পৌৰ আয়ুক্ত

 6. নগৰীয়া স্থানীয় সংস্থাৰ বাধ্যতামূলক কাৰ্য হ’ল ____________। (অনাথালয় চোৱাচিতা কৰা/নিম্ন আয়গোটৰ বাবে গৃহ নিৰ্মাণ/ খোৱা পানীৰ যোগান) 

উত্তৰ : খোৱাপানী যোগান 

7. নগৰীয়া স্থানীয় সংস্থাৰ আয়ৰ প্ৰধান উৎস হ’ল__________। কৰ/অগ্নিৰ ওপৰত কৰ/ শিক্ষামূলক কৰকাটাল) 

উত্তৰ: সম্পত্তি কৰ 

16.2. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ ঃ 

খালী ঠাই পূৰ্ণ কৰা ঃ

 1. পঞ্চায়তৰাজৰ ধাৰণাটো ________প্রণয়ন কৰিছিল। (মহাত্মা গান্ধী জৱাহৰলাল নেহৰু / চৰ্দাৰ পেটেল) 

উত্তৰ : মহাত্মা গান্ধী 

2. তিনি খলপীয়া ব্যৱস্থা ________ নেতৃত্বত কমিটিৰ দ্বাৰা প্রথম প্রণয়ন কৰা হৈছিল। (অশোক মেহতা / বলবস্তু ৰায় মেহতা / সুৰেশ মেহতা) 

উত্তৰ: বলবন্ত ৰায় মেহতা। 

3. পঞ্চায়তৰাজৰ মধ্য খলপীয়া ব্যৱস্থাটো হ’ল_________। (জিলা পৰিষদ পঞ্চায়ত সমিতি / গাঁও পঞ্চায়ত) 

উত্তৰ: পঞ্চায়ত সমিতি 

4. 73 তম সংশোধনীয়ে এটা স্থানীয় সংস্থাৰ বিত্তীয় দিশ নিয়ন্ত্ৰণৰ বাবে _________কথা উল্লেখ কৰিছে। (ৰাজ্যিক পৰিকল্পনা বোর্ড / ৰাজ্যিক নির্বাচন আয়োগ / ৰাজ্যিক বিত্তীয় আয়োগ) 

উত্তৰ : ৰাজ্যিক বিত্তীয় আয়োগ 

5. পঞ্চায়ত সমিতি এলেকাৰ উন্নয়নমূলক কার্যবোৰ লগ লগাবৰ বাবে _______দায়িত্বশীল হয়। (জিলা দণ্ডাধীশ উপ-জিলা দণ্ডাধীশ /খণ্ড উন্নয়ন বিষয়া) 

উত্তৰ: খণ্ড উন্নয়ন বিষয়া

 6. ক্ষুদ্র কাজিয়াবোৰ গাঁও অঞ্চলত সাধাৰণতে __________সমাধান কৰা হয়। (গাওঁ পঞ্চায়ত / ন্যায় পঞ্চায়ত / পঞ্চায়ত সমিতি) 

উত্তৰ : ন্যায় পঞ্চায়ত 

7._________ প্রত্যক্ষ গণতন্ত্ৰৰ চিহ্ন। (গাঁও সভা গাঁও পঞ্চায়ত / জিলা (পৰিষদ) 

উত্তৰ : গীও সভা

8. পঞ্চায়ত সমিতিৰ সভাপতি হল____________পদেন সদস্য। (ন্যায় পঞ্চায়ত / গাঁও সভা/ জিলা পৰিষদ) 

উত্তৰ: জিলা পৰিষদ 

16.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ : 

বন্ধনীৰ ভিতৰত থকা (প্রত্যেক প্ৰশ্নৰ বিপৰীতে) সঠিক উত্তৰটো ৰাচি লোৱা:

1.কোনে গোৱৰ, জাবৰ-জোথৰ বিক্ৰীৰ পৰা আয় লাভ কৰে। (জিলা পৰিষদ / পঞ্চায়ত সমিতি / গ্রাম পঞ্চায়ত)

 উত্তৰ: গাঁও পঞ্চায়ত

2. পথকৰ (Toll Tax) কি? (ৰাজহুৱা সম্পত্তি বিক্ৰীৰ ওপৰত থকা কৰ দলং বা ৰাস্তা ব্যৱহাৰৰ বাবে লোৱা কৰ/বিদ্যুতৰ বাবে কৰ)

 উত্তৰ: দলং বা ৰাস্তা ব্যৱহাৰৰ বাবে লোৱা কৰ

3. আয়োগ প্ৰতিনিধিৰ ওপৰত কাৰ দ্বাৰা কৰ ধাৰ্য কৰা হয়। (জিলা পৰিল পঞ্চায়ত সমিতি/ ন্যায় পঞ্চায়ত 

উত্তৰ : জিলা পৰিষদ 

4. মহিলা, অনুসূচিত জাতি/ জনজাতি আৰু আন পিছপৰা জাতিৰ বাবে আসন সংৰক্ষণৰ লক্ষ্য কি? (অর্থনৈতিক উন্নয়ন/গাঁওৰ সামাজিক গাঁঠনি সলনি কৰিবলৈ লোৱা / সহযোগীত উন্নীত কৰা) 

উত্তৰ : গাঁওৰ সামাজিক গাঁঠনি সলনি কৰিবলৈ লোৱা 

5. পদ্মায়তে কিহৰ বাবে আত্ম-শাসিত সংস্থা হিচাপে ভূমিকা পালন কৰিবলৈ সক্ষম হোৱা নাই? (সম্পদৰ নাটনি/যুবশক্তিৰ অংশগ্ৰহণত অভাব / ৰাজনৈতিক শ্ৰেণীৰ হস্তক্ষেপ) 

উত্তৰ: সম্পদৰ নাটনি 

6. কোনটো সংস্থাই গণতান্ত্রিক নির্বাচিত প্রতিনিধিত্বৰ অংশ গ্ৰহণ নিশ্চিত কবে? (ৰাজ্যিক বিধান মণ্ডল / জিলা পৰিষদ / গাঁও সভা) 

উত্তৰ : গাঁও সভা 

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰ: 

1. নগৰীয়া স্থানীয় চৰকাৰ কি ? 

উত্তৰ : নগৰ আৰু চহৰত স্থানীয় চৰকাৰী অনুষ্ঠান যেনে পৌৰসভাবোৰ। আৰু পৌৰ নিগম থাকে। নগৰীয়া অঞ্চল সাধাৰণতে ঠাহখোৱা আৰু বেছিকে জনবসতিপূর্ণ অঞ্চল হয়। পৌৰ প্রশাসন বিভিন্ন সুবিধা যেনে পানী যোগান, নলা, জাবৰ নিষ্কাষণ, জনস্বাস্থ্য, প্রাথমিক শিক্ষা, নিৰ্মাণ আৰু ৰাস্তাঘাতৰ চোৱা চিটা কৰা, স্বাস্থ্যপ্ৰণালীৰ বাবে প্ৰয়োজনীয় হয়। স্থানীয় ক্ষেত্ৰত গণতান্ত্রিক চৰকাৰ, পৌৰ সংস্থাবোৰ স্থানীয় জনসাধাৰণৰ পৰা নিৰ্বাচিত হয়, কৰ বঢ়াব পাৰে, মাচুল সংগ্ৰহ কৰিব পাৰে আৰু জনসাধাৰণৰ পৰা জৰিমনাল’ব পাৰে। তেওঁলোকে চহৰীয়া জীৱনত কিছুমান নীতি প্রণয়ন কৰিব পাৰে। তেওঁলোকৰ দ্বাৰা বহু উন্নয়নমূলক কার্য যেনে মহিলা আৰু শিশু উন্নয়ন, বস্তি উন্নয়ন আদি কাম কৰা হয়। পৌৰ চৰকাৰৰ বাবে নগৰ উন্নয়ন অংশগ্রহণমূলক হৈছে আৰু মৌলিক সুবিধাবোৰ স্থানীয়ভাৱে চত্তালিব পৰা গৈছে।

2. 74 তম সংবিধান সংশোধনীয়ে কি মূল সংস্কাৰৰ কথা উনুকিয়াছিল। 

উত্তৰ: 74তম সংশোধনী অনুসৰি, পৌৰ গিমবোৰ আৰু পৌৰ সভাসমূহৰ সকলো ৰাজ্যতে সমভাৱে নিয়ন্ত্রিত। স্থানীয় আত্ম-সহায়ক চৰকাৰ এটা ৰাজ্যিক সূচীৰ বিষয়। এনেদৰে 73তম আৰু 74তম সংশোধনীয়ে স্থানীয় চৰকাৰৰ ক্ষেত্ৰত ৰাজ্যৰ বাবে আঁচনি প্রস্তুত কৰিছে। প্রত্যেক ৰাজ্যতে নিজা নির্বাচনী আয়োগ থাকে যি সকলো স্থানীয় সংস্থাৰ নিৰ্বাচন পৰিচালনা কৰে। সাধাৰণতে প্রতি পাঁচ । অনুসূচীত বছৰৰ মূৰে মূৰে ই নির্বাচন পৰিচালনা কৰা দেখা যায়। প্রত্যেক ৰাজ্যৰ স্থানীয় গোটবোৰৰ বিত্তীয় ক্ষেত্ৰত নিয়ন্ত্ৰিত কৰিবলৈ বিত্তীয় আয়োগ থাকে। জাতি আৰু জনজাতিৰ বাবে নিগম আৰু পৌৰসভাবোৰত আসন সংৰক্ষণৰ ব্যবস্থা আছে। এক-তৃতীয়াংশ আসন সংৰক্ষণ মহিলাৰ বাবে সকলো ধৰণৰ স্থানীয় সংস্থা যেনে নগৰ আৰু গ্ৰাম্য সকলোতে থাকে। 

3. নগৰীয়া স্থানীয় সংস্থাৰ আয়ৰ প্ৰধান কাৰ্য চিনাক্ত কৰা ।

উত্তৰ ঃ এইটো সাধাৰণ যে এটা নিগম বা পৌৰ সংগঠনক দুটা ভাগত ভাগ কৰিব পাৰি (ক) বিবেচনাপূর্বক আৰু (খ) কাৰ্যনিৰ্বাহক অংশ। নিগম, পৰিষদ অথবা পৌৰ পৰিষদ নির্বাচিত প্রতিনিধিৰে গঠিত হৈছে যিটোক বিবেচনাপূর্বক অংশ বুলি বিবেচনা কৰা হৈছে। ই বিধানমণ্ডলৰ দৰে কাৰ্য কৰে। ই সাধাৰণ পৌৰ নীতি আৰু ইয়াৰ দক্ষতাৰ ওপৰত আলোচনা আৰু বিতৰ্ক কৰে, নগৰীয়া স্থানীয় সংস্থাৰ বাজেট পাছ কৰে, কৰৰ লগত সম্পর্কিত বহল নীতিসমূহ তৈয়াৰ কৰে, ৰাজহ বঢ়ায়, সেবাসমূহৰ মূল্য নিৰ্ধাৰণ কৰে আৰু লোক প্ৰশাসনৰ আন ধাৰণাসমূহৰো মূল্য নিৰ্ধাৰণ কৰে। ই পৌৰ প্রসাসনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখে আৰু কাৰ্যপালিকা কিহৰ বাবে দায়িত্বশীল বা দায়িত্বশীল নহয় তাৰ ওপৰত চকু ৰাখে। 

পৌৰ কাৰ্যসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। (ক) বাধ্যতামূলক আৰু (খ) ইচ্ছাকৃত। বাধ্যতামূলক কাৰ্যসমূহ এনেধৰণৰ যিবিলাক পৌৰ সংস্থাসমূহে কৰা উচিত। এইক্ষেত্ৰত বিভিন্ন কার্য যেনে পানী যোগান, নির্মাণ কার্য, পথবিলাকৰ মেৰামতি, দলং, ৰাস্তা, উপৰাস্তা আদিৰ মেৰামতি কৰণ, জনকাৰ্য, ৰাস্তাত বিজুলী যোগান ব্যৱস্থা, নলা-নৰ্দমাৰ ব্যৱস্থা, জাৱৰ সংগ্ৰহ কৰি পেলোৱাৰ ব্যৱস্থা কৰা, মহামাৰীক বাধা দিয়া আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা, আন বাধ্যতামূলক কাৰ্যসমূহ হ’ল প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা, চিকিৎসালয়, বীমা চিকিৎসালয় তথা মাতৃমংগল আৰু শিশু কল্যাণ কেন্দ্রসমূহক চলাই নিয়া, খাদ্য বিষক্রিয়াত বাধা দিয়া, বস্তি নাইকিয়া কৰা, বিজুলী যোগান, শ্মশান আৰু পোতা ঠাইৰ ভেজালকৰণত ব্যৱস্থা কৰা, নগৰ পৰিকল্পনা কৰা। 

4. নগৰীয়া স্থানীয় সংস্থাৰ আয়ৰ প্ৰধান উৎসসমূহ উল্লেখ কৰা ।

উত্তৰঃ পৌৰ নিগম আৰু পৌৰ সভাবোৰে নিজৰ সম্পদসমূহ বিভিন্ন উৎস যিবোৰ পৌৰ আইনে যোগান ধৰে। সেইবোৰৰ পৰা ল’ব পাৰে। সেইবোৰ ৰাজহ উৎসব বিভিন্ন আয় যেনে (ক) কৰ (খ) জৰিমনা আৰু (গ) পৌৰ উদ্যোগ মেনে মাটি, পুখুৰী, ৰজাৰ দোকান আদিৰ পৰা অহা উপাৰ্জনৰ পৰা আহে। ইয়াৰোপৰি এইবোৰ সংস্থাই ৰাজ্যৰ পৰা মঞ্জুৰী পায়। 

বেছিভাগ নগৰীয়া স্থানীয় সংস্থাৰ আয়ৰ দৰকাৰী উৎস হ’ল মাটিৰ ওপৰত থকা সমপ্তি কৰ আৰু অট্টালিকাৰ ওপৰত থকা সম্পত্তি কৰ। তেওঁলোকৰ ওপৰত আৰোপিত আন কৰ হ’ল বিজ্ঞাপনমূলক কৰ, বৃত্তিগত কৰ আদি । পৌৰ দোকানসমূহ আৰু বজাৰ, পৰিদৰ্শন বা জিৰণী ঘৰসমূহৰ পৰা পৌৰসংস্থাবোৰে এক নিৰ্দিষ্ট পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰে। ৰাজ্যসমূহে সাধাৰণতে পৌৰ সংস্থাবোৰলৈ তেওঁলোকৰ ৰাজহৰ উন্নতিৰ বাবে মঞ্জবী দিয়ে। ৰাজ্যৰ মঞ্জৰী তদর্থ ভিত্তিত হয় অথবা ই কিছুমান নীতিৰ ভিত্তিত হয় যেনে জনসংখ্যাৰ আকাৰ, বস্তি আৱদ্ধকৰণ, নগৰৰ স্থান আদি।

 কিছুমান কৰ নগৰীয়া সংস্থাবোৰে সংগ্ৰহ কৰে। 

সম্পত্তি কৰ : পানী যোগান ধৰাৰ বাবে পানীৰ কৰ, জাৱৰৰ ওপৰত কৰ, অগ্নি কৰ, জন্তু আৰু যানবাহনৰ ওপৰত কৰ, নাট্য কর, সম্পত্তি বদলিকৰণৰ দায়িত্ব, চহৰলৈ অনা কিছুমান বিষয়ৰ ওপৰত কৰ বা মাচুল, শিক্ষাৰ ওপৰত কৰ বৃত্তিগত কৰ আদি । 

আন কিছুমান আয়ৰ উৎস হ’ল জৰিমনা, Tehbazrion takhats and chatretras ওপৰত মাচুল, অনুজ্ঞাপত্ৰ মাচুল, যেনে— চাইকেল, রিক্সা আদি, পৌৰ দোকানৰ পৰা ভাড়া আৰু আইনৰ দ্বাৰা পৌৰ ভংগৰ ওপৰত আৰোপিত জৰিমনী সমূহ।

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

5. পঞ্চায়তৰাজৰ তিনিটা গাঁঠনি আলোচনা কৰা। 

উত্তৰঃ এইটো পঞ্চায়ত ৰাজৰ তৃণমূল পৰ্যায়ৰ ভিত্তি। এখন গাঁও কেইবাখনো গাঁৱে (ক) প্রত্যক্ষ গণতন্ত্ৰৰ চিহ্ন হিচাপে গাঁও সভা, (খ) গ্রাম্য পঞ্চায়ত, (গ) ন্যায় পঞ্চায়তক অন্তর্ভুক্ত কৰে। 

(ক) গ্রাম্য সভা ঃ প্রত্যক্ষ গণতন্ত্ৰৰ সংস্থা হিচাপে গাঁও সভা হ’ল 73তম সংশোধনীৰ এক দৰকাৰী বৈশিষ্ট্য। এখন গাঁও বা কেইবাখনো গাঁওৰ ভিতৰত 

সকলো প্রাপ্ত বয়স্ক ব্যক্তিসকলক লৈ গ্রাম সভা গঠিত হয়। ই দেশৰ প্ৰত্যক্ষ গণতন্ত্ৰৰ একমাত্ৰ অনুষ্ঠান। 

সাধাৰণতে, গ্রাম সভাৰ দুখন মিটিং প্ৰতিবছৰে অনুষ্ঠিত হয়। এই মিটিংবোৰত, জনসাধাৰণৰ সাধাৰণ সভা হিচাপে গ্রাম সবাই জনসাধাৰণৰ সাধাৰণ সভাই হিচাবৰ বছৰেকীয়া খটিয়ান শুনে, হিচাব পৰীক্ষা কৰে অথবা পঞ্চায়তৰ প্ৰশাসনীয় প্রতিবেদন শুনে। পঞ্চায়তৰ দ্বাৰা হাতত লোৱা নতুন উন্নয়ন প্রকল্পক ই অনুমোদন জনায়। ই গাঁওৰ দুখীয়া জনসাধাৰণক চিনাক্ত কৰাত সহায় কৰে যাতে তেওঁলোকক অর্থনৈতিক সহায় দিব পাৰে।

 (খ) গাঁও পঞ্চায়ত : দেশৰ পঞ্চায়ত ৰাজৰ নিম্ন খলপত গাঁও পঞ্চায়ত থাকে। বেছিভাগ ৰাজ্যত গাঁও পঞ্চায়ত বুলি ইয়াক জনা যায়। গ্রাম পঞ্চায়তৰ সদস্য সকলক জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰে। গ্ৰাম পঞ্চায়তৰ সদস্য সংখ্যা গাঁওৰ জনসাধাৰণৰ ওপৰত ভিত্তি কৰি স্থিৰ কৰা হৈছে। তথাপি ই পঞ্চায়তৰ পৰা পঞ্চায়েতলৈ পৃথক হৈ থাকে। নির্বাচন একক সদস্য ভূ-খণ্ডৰ ভিত্তিত অনুষ্ঠিত হয়। ইতিমধ্যে উল্লেখ কৰা ধৰণে একৃ-তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত হৈ থাকে। কিছুসংখ্যক অনুসূচীত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত হৈ তাকে যিটো এক-তৃতীয়াংশ আসন অনুসূচীত জাতি, জনজাতিৰ বাবে সংৰক্ষিত হয়। 

(গ) ন্যায় পঞ্চায়ত : এইবিলাক হ’ল ন্যায়ক পঞ্চায়ত আৰু পুৰণি গাঁও পঞ্চায়তৰ অৱশিষ্টসকলে স্থানীয় কন্দল আদি সমাধান কৰে। এইবোৰক ন্যায়ক ক্ষেত্ৰত খৰতকীয়া আৰু কম খৰচী ন্যায় দিবৰ বাবে স্থাপন কৰা হয়। এই পঞ্চায়তৰ ক্ষেত্ৰ ৰাজ্য ভেদে বেলেগ বেলেগ হয়— এখন এনে ধৰণৰ পঞ্চায়ত পাঁচ বা ততোধিক গ্রাম পঞ্চায়তৰ বাবে স্থাপন কৰা হয়। সিহঁতৰ কাৰ্যকাল ৰাজ্যিক আইনে নিৰ্ধাৰণ কৰাৰ দৰে 3 ৰ পৰা 5 বছৰৰ ভিতৰত হয়। ন্যায় পঞ্চায়ত প্রধানত সৰু দেৱানী আৰু ফৌজাদাৰী গোচৰৰ সৈতে সম্পর্কিত আৰু 100 টকালৈ জৰিমনা ভৰিব পাৰে। ন্যায় পঞ্চায়তত বিচাৰ কৰিবৰ বাবে কোনো উকিল নাথাকে। সংঘৰ্ষৰ গোটবোৰে নিজৰ গোচৰবোৰ নিজে যুক্তি দৰ্শায়। 

6. ভাৰতীয় সংবিধানৰ 73তম সংশোধনীৰ মূল বৈশিষ্ট্যসমূহ চমুৈ আলোচনা কৰা ।

উত্তৰ : 1992 চনত প্ৰণয়ন কৰা 73 তম সংশোধনীয়ে পঞ্চায়তৰাজ অনুষ্ঠান স্থাপন, ক্ষাতা আৰু কাৰ্যৰ বাবে কিছুমান বিধিগত সুবিধা ৰাখিছিল। এই সংশোধনীৰ কিছুমান সুবিধা ৰাজ্যবোৰক বান্ধি ৰাখিছিল, আন কিছুমান ৰাজ্যিক বিধানমণ্ডলৰ সিদ্ধান্তৰ বাবে দিয়া হৈছিল। এই সংশোধনীৰ কিছুমান প্রধান বৈশিষ্ট্য হ’ল : 

কিছুমান (নতুন আইনৰ) বাধ্যতামূলক প্ৰয়োজনীয় হ’ল 

(১) গাঁও সভা সংগঠন 

(২) জিলা, খণ্ড আৰু গাঁও স্তৰত পঞ্চায়তৰাজ গাঁথনিৰ তিনিখলপীয়া সৃষ্টি 

(৩) প্ৰায় সকলোবোৰ পদবী (সকলো সতৰত থকা) প্রত্যক্ষ নিৰ্বাচনৰ দ্বাৰা পূৰণ 

(৪) পঞ্চায়তত থকা অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা থকা উচিত। এই ব্যৱস্থা জনসংখ্যা অনুপাতে থকা উচিত আৰু মহিলাৰ বাবে এক-তৃতীয়াংশ আসন থকা উচিত। 

(৫) ৰাজ্যিক নির্বাচনী আয়োগ প্রত্যেক ৰাজ্যতে পঞ্চায়ত ৰাজ সংস্থাৰ নিৰ্বাচন পৰিচালনাৰ বাবে থাকিব লাগে । 

(৬) পঞ্চায়ত ৰাজ সংস্থাৰ কাৰ্যকাল হ’ল পাঁচবছৰ। যদি ই আগতে ভংগ হয়, পুনৰ নিৰ্বাচন ছয়মাহৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব। 

(৭) প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে এটি ৰাজ্যিক বিত্তীয় আয়োগে স্থাপন কর হ’ব। 

(৮) মাধ্যমিক অথবা খণ্ড পৰ্যায়ত পঞ্চায়ত সমিটি। কিছুমান ব্যৱস্থা যিবোৰ ৰাজ্যক বান্ধি ৰাখিব নোৱাৰে, কিন্তু মাত্র কিছুমান নিৰ্দেশাৱলীহে।

সেইবোৰ হ’ল— 

(১) এই সংস্থাবোৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধান মণ্ডলৰ সদস্যবোৰৰ ভোট দিয়াৰ অধিকাৰ দিব লাগে । 

(২) পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা । 

(৩) পঞ্চায়তৰাজ সংস্থাবোৰক কৰ, জৰিমনা জাৰি কৰা আদি কামত বিত্তীয় ক্ষমতা দিয়া উচিত। পঞ্চায়ত স্বায়ত্ব শাসিত সংস্থা বনাবলৈ চেষ্টা করা উচিত। 

7. বলবন ৰায় মেহতা কমিটিৰ পৰামৰ্শৱলী আলোচনা কৰা। 

উত্তৰ: বলৱন্তৰায় মেহতা কমিটি (1957 চন) পঞ্চায়তৰাজৰ তিনি খলপী গাঁথনিত গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ পৰামৰ্শ দিছিল। ইয়াৰ অৰ্থ হ’ল এই যে পঞ্চায়ত ব্যৱস্থাত তিনিটা স্তৰ থাকিব। সিহঁতক যথেষ্ট সম্পদেৰে দিয়া উচিত। এই তিনিখলপীয়া পঞ্চায়তৰাজ হ’ল—

(১) জিলা পৰ্যায়ত জিলা পৰিষদ ।

(২) মাধ্যমিক অথবা খণ্ড পৰ্যায়ত পঞ্চায়ত সমিটি। 

(৩) গাঁও স্তৰত গাঁও বা গ্রাম্য পঞ্চায়ত । 

এই আঁচনিত পঞ্চায়ত সমিটি হ’ল আটাইতকৈ গুৰুত্বপূর্ণ। এই তিনিধৰণৰ সংস্থাবোৰ ইটো সিটোৰ লগত সম্পর্কিত যেনেদৰে নিম্ন সংস্থাই উচ্চ সংস্থার সভাপতিৰ মাধ্যমেৰে প্ৰতিনিধিত্ব কৰে। বলবন্ত মেহতা কমিটিৰ (পঞ্চায়ত ৰাজব) আঁচনি 1959 চনত পোনপ্ৰথমে ৰাজস্থানত আৰম্ভ কৰা হৈছিল। পিছত, আন ৰাজ্যবোৰে ইয়াক মানি লৈছিল। আৰম্ভণিতে, মানুহ আৰু ৰাজ্য দুরো পঞ্চায়তবাজ সম্পর্কে আগ্রহী আছিল। তথাপি পঞ্চায়তৰাজ সংস্থাবোৰৰ গুরুত্বতা অতি সোনকালে চৰকাৰৰ ভিন্নতা আৰু ৰাজনৈতিক ভিন্নতাৰ বাবে কমি আহিছিল। 

৪. গণতন্ত্ৰৰ তৃণমূল পৰ্যায়ৰ অনুষ্ঠান হিচাপে পঞ্চায়তৰ কাৰ্যৰ মূল্যায়ণ কৰা।

উত্তৰঃ তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰৰ ধাৰণআ দেশৰ গাঁও আৰু চহৰ দুয়ো ক্ষেত্ৰতে ভালদৰে উদ্‌গতি কৰা নাই। এই অকৃতকাৰ্যতাৰ প্ৰধান কাৰণ হ’ল প্ৰশাসনৰ ৰাজনৈতিককৰণ, নিৰ্বাচিত সংস্থাত দাগী বৈশিষ্টৰ অন্তৰ্ভুক্তি, উগ্ৰ দুৰ্নীতি, জাতি আৰু গোট বিভাজন, আত্ম-সহায়ক প্রাধান্য (বিশেষকৈ জনকল্যাণৰ ক্ষেত্ৰত) আৰু নিৰ্বাচনী কু-কৰ্ম। 73 তম সংশোধনীয়ে গাঁওত থকা ক্ষমতাৰ সম্পৰ্কৰ্ক অনুসূচীত জাতি, জনজাতি, পিছপৰা শ্ৰেণী আৰু মহিলাৰ বাবে আসন সংৰক্ষণৰ মাধ্যমেদি সলনি কৰিব বিচাৰিছে। তথাপি, সঠিক শিক্ষা, প্রশিল্প, অর্থনৈতিক 

স্বাধীনতাৰ অনুপস্থিতিৰ বাবে এই শ্রেণীবোৰে নিজকে নিশ্চিত কৰাৰ ক্ষেত্ৰত বিফল হৈছে। নিৰক্ষৰতা, দৰিদ্ৰতা আৰু নিবনুৱা অৱস্থা হ’ল প্ৰধান অন্তৰায় । অংশগ্রহণপূৰ্ণ উন্নয়নৰ বাবে এই সমস্যাসমূহৰ সৈতে সক্রিয়ভাৱে সম্পৰ্ক ৰাখি জৰুৰী পদক্ষেপ লোৱা প্ৰয়োজনীয় যদিও মহিলাৰ বাবে আসন সংৰক্ষণৰ সুবিধা আছে। ইয়াক পুৰুষ সহযোগীসকলে বিশেষকৈ তেওঁলোকৰ স্বামীসকলে কাচাজি কৰা দেখা যায়। তেওঁলোক তেওঁলোকৰ অধিকাৰ আৰু দায়িত্ব লৈ বেছিকৈ সচেতন হৈ পৰা দেখা গৈছে আৰু কিছুমান গোচৰত আত্মপ্ৰতিষ্ঠা কৰিবলৈ চেটা কৰিছে। এইটো এটা সকাত্মক উন্নতি বুলি ক’ব পাৰি। 

সংবিধান সংশোধনৰ শেহতীয়া সংযোজনে স্থানীয় স্বায়ত্তশাসিত সংস্থাৰ বিত্তীয় সম্পদ বঢ়াইছে। তথাপি তেওঁলোকে এতিয়াও পুঁজিৰ বাবে হাবাথুৰি খাব লগা হয়। যদিও কৰ আৰোপ ক্ষমতা তেওঁলোকক দিয়া হৈছে, তেওঁলোকে যথেষ্ট কৰ সংগ্ৰহ কৰিব নোৱাৰে। সম্পদৰ টনাটনিৰ বাবে পঞ্চায়তে আত্মশাসিত সংস্থা হিচাপে ভূমিকা পালন কৰিব নোৱাৰে অথবা দেশত অর্থনৈতিক উন্নয়ন অনাব ক্ষেত্ৰত সফল হোনা নাই। ৰাজ্য চৰকাৰৰ দ্বাৰা হোৱা বিভিন্ন নিয়ন্ত্ৰণত পঞ্চায়ত বিষণ্ণ হৈ আছে। ৰাজ্য চৰকাৰক তেওঁলোকক নিৰ্ধাৰণ কৰা বিষয় ৰদ কৰাৰ ক্ষেত্ৰত ক্ষমতা দিয়া হৈছে আৰু ই সিহঁতক আনকি ভংগও কৰিব পাৰে। তথাপি 73 সংবিধান সংশোধনীয়ে ৰাজ্যবোৰৰ বাবে পঞ্চায়তৰাজ সংস্থাবোৰ ভংগ হোৱাৰ নিৰ্ধাৰিত ছয় মাহৰ ভিতৰত ইয়াৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো বাধ্যতামূলক কৰিছে। গাঁওৰ সামাজিক-অর্থনৈতিক আৰু সাংস্কৃতিক উন্নয়ন শক্তিশালী পঞ্চায়তৰ ওপৰত নিৰ্ভৰশীল। তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰ হিচাপে পঞ্চায়তৰ ক্ষমতা ইয়াৰ ওপৰত থকা বিশ্বাস, ইয়াৰ ওপৰত আৰোপিত সঠিক প্ৰশাসনীয় আৰু বিত্তীয় ক্ষমতা আৰু সতর্কতাৰ ক্ষেত্ৰত উৎসাহ প্ৰদান আৰু জনসাধাৰণৰ সক্ৰিয় সহযোগিতাৰ মাধ্যমেদি বঢ়াব পাৰি ।

Leave a Reply