NIOS| Political Science (317)| Notes/Answer| Chapter-14| ৰাজ্যিক বিধানমণ্ডল

NIOS| Political Science (317)| Notes/Answer| Chapter-14| ৰাজ্যিক বিধানমণ্ডল মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter-14| ৰাজ্যিক বিধানমণ্ডল

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter-14| ৰাজ্যিক বিধানমণ্ডল

NIOS| Political Science (317)| Notes/Answer| Chapter-14| ৰাজ্যিক বিধানমণ্ডল

খণ্ড 1

অধ্যায় ১৪

14.1. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ :

খালী ঠাই পূৰণ কৰাঃ 

1. ভাৰতীয় সংঘ _________খন ৰাজ্যৰে গঠিত। (18, 25, 28 খন)

উত্তৰ: 28 খন। 

2. বিধানসভাৰ সদস্য হ’বলৈ এজন সদস্যৰ ন্যূনতম বয়স _________বছৰ। (21, 25, আৰু 30 বছৰ) 

উত্তৰ: 25 বছৰ 

3. ৰাজ্যৰ ৰাজ্যপালে বিধানসভাৰ এজন _________সদস্যক মনোনীত কৰিব পাৰে। অনুসূচীত জাতি, অনুসূচীত জনজাতি, এংলো ভাৰতীয় সম্প্রদায় বা ঈঙ্গ ভাৰতীয় সম্প্রদায়)

উত্তৰ : ইঙ্গ ভাৰতীয় (Anglo-Indian)

4. বিধানসভাৰ কাৰ্যকাল হ’ল_______ ( 4, 5, 6, বছৰ) 

উত্তৰ: পাঁচ বছৰ

5. কোনো এক ক্ষেত্ৰত সিদ্ধান্ত ল’ব নোৱাৰিলে নির্ণায়ক ভোট _________প্ৰদান কৰিব পাৰে।)

উত্তৰ : বিধানমণ্ডলৰ সভাপতি 

14.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ : 

খালী ঠাই পূৰণ কৰা ঃ

1. বিধান পৰিষদৰ সদস্য হ’বৰ বাবে ন্যূনতম বয়স হ’ল__________ বছৰ। (25, 30, 35) 

উত্তৰ: 30 বছৰ 

2. বিধানসভাৰ সদস্যৰ কাৰ্যকাল _________বছৰ। ( 4, 5, 6 বছৰ)

উত্তৰ: 6 বছৰ

3. বিধান পৰিষদৰ 1/3 অংশ সদস্যই প্রত্যেক__________ বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰে। (2, 4, 6 বছৰ) 

উত্তৰ: 2 বছৰ

4. ___________বিধান পৰিষদ সৃষ্টি বা নাইকীয়া কৰাৰ ক্ষমতা দিয়া হৈছে। (ৰাষ্ট্ৰপতি, ৰাজ্যপাল, সংসদ)।

উত্তৰ: সংসদ 

5. ___________ৰাজ্যৰ দ্বি-সদনীয় বিধানমণ্ডল আছে। (পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্রদেশ)।

উত্তৰ: উত্তৰ প্ৰদেশ। 

14.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

(ক) খালী ঠাই পূৰ্ণ কৰা ঃ 

1. ৰাজ্যিক বিধানমণ্ডলে। _________তালিকাৰ বিষয়ৰ ওপৰত আইন বনাৰ নোৱাৰে। (কেন্দ্ৰীয়, ৰাজ্যিক, সমবর্তীসূচী) 

উত্তৰ: কেন্দ্ৰ 

2. বিত্তীয় বিধেয়ক ৰাজ্যিক বিধানমণ্ডলত __________অনুমোদন ক্রে উত্থাপন কৰিব পাৰি। (ৰাষ্ট্ৰপতি, ৰাজ্যপাল, মুখ্যমন্ত্রী)

উত্তৰ: ৰাজ্যপাল 

3. বিধান পৰিষদে বিত্তীয় বিধেয়ক __________দিনৰ ভিতৰত ঘূৰাই পঠিয়াব লাগে। (14, 30, 90 ) 

উত্তৰ: 14 দিন 

4. মন্ত্ৰী পৰিষদ কার্যত অধিষ্ঠিত থাকিব পাৰে যেতিয়ালৈকে ই__________ আস্থা লাভ কৰে। (ৰাজ্যপাল, বিধানসভা, বিধান পৰিষদ) 

উত্তৰঃ বিধানসভা 

(খ) তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। (Answer the following questions)

1. ৰাজ্যত এখন বিধেয়ক বিত্তীয় বিধেয়ক বুলি কোনে নিৰ্দ্ধাৰণ কৰে? 

উত্তৰ : ৰাজ্য বিধানসভাৰ অধ্যক্ষ 

2. ৰাজ্যত কোনে অধ্যাদেশ জাৰি কৰে?

 উত্তৰ : ৰাজ্যপালে 

3. কাৰ নিৰ্বাচনত ৰাজ্য বিধানসভাৰ সদস্যসকলে ভোট দিব পাৰে?

 উত্তৰ : ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ সদস্য আৰু বিধান পৰিষদৰ /, অংশ সদস্য। 

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰ ঃ 

1. বিধান সভাৰ গঠন বর্ণনা কৰা । 

উত্তৰ: ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰে নিজাকৈ বিধানমণ্ডল থাকে। ভাৰতবৰ্ষত ৰাজ্যিক বিধানমণ্ডল ৰাজ্যপাল আৰু এখন বা দুখন সদনেৰে গঠিত হয়। ইয়াব নিম্ন সদনক বিধানসভা আৰু উচ্চ সদনক বিধান পৰিষদ বুলি কোৱা হয়। 

সংবিধান মতে বিধানসভাৰ সদস্য ৫০০ জনতকৈ বেছি হ’ব নেলাগিব আৰু ৬০ জনৰ কম হ’ব নালাগিব। সদস্যবোৰ ৰাইজে নিৰ্বাচিত কৰে। বিধানসভাৰ কিছু আসন অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত থাকে। 

বিধানসভাৰ সদস্য পাঁচ বছৰৰ কাৰণে নিৰ্বাচিত হয়। কিন্তু ৰাজ্যপালে বিধানসভাখন ৫ বছৰ সম্পূৰ্ণ নোহোৱাকৈ ভংগ কৰি নতুনকৈ নিৰ্বাচন পাতিব পাৰে ।

 বিধানসভাৰ সদস্য হ’বলৈ ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু বয়স কমেও ২৫ বছৰ হ’ব লাগিব। তেওঁ দুয়োটা সদন আৰু সংসদ সদস্য একেলগে হ’ব নোৱাৰে। 

বিধানসভাৰ অধ্যক্ষই বিধানসভাৰ অধিষ্ঠাতা হয় আৰু তেওঁৰ অবিহনে উপাধ্যক্ষই ইয়াৰ পৰিচালনা কৰে ৷ 

2. ৰাজ্যিক বিধানমণ্ডলৰ গঠন আৰু ক্ষমতা আলোচনা কৰা ।

উত্তৰ : ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজাবে নিজাকৈ বিধানমণ্ডল থাকে। ভাৰতবৰ্ষত ৰাজ্যিক বিধানমণ্ডল ৰাজ্যপাল আৰু এখন বা দুখন সদনেৰে গঠিত হয়। ইয়াব নিম্ন সদনক বিধানসভা আৰু উচ্চ সদনক বিধান পৰিষদ বুলি কোৱা হয়। 

সংবিধান মতে বিধানসভাৰ সদস্য ৫০০ জনতকৈ বেছি হ’ব নেলাগিব আৰু ৬০ জনৰ কম হ’ব নালাগিব। সদস্যবোৰ ৰাইজে নির্বাচিত কৰে। বিধানসভাৰ কিছু আসন অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত থাকে। 

বিধানসভাৰ সদস্য পাঁচ বছৰৰ কাৰণে নির্বাচিত হয়। কিন্তু ৰাজ্যপালে বিধানসভাখন ৫ বছৰ সম্পূৰ্ণ নোহোৱাকৈ ভংগ কৰি নতুনকৈ নিৰ্বাচন পাতিব পাৰে। 

বিধানসভাৰ সদস্য হ’বলৈ ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু বয়স কমে ও ২৫ বছৰ হ’ব লাগিব । তেওঁ দুয়োটা সদন আৰু সংসদ সদস্য একেলগে হ’ব নোৱাৰে। 

বিধানসভাৰ অধ্যক্ষই বিধানসভাৰ অধিষ্ঠাতা হয় আৰু তেওঁৰ অবিহনে উপাধ্যক্ষই ইয়াৰ পৰিচালনা কৰে । 

বিধানসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী : বিধান সভাৰ প্ৰধান কাম হ’ল ৰাজ্যৰ বাবে আইন প্ৰস্তুত কৰা। জৰুৰীকালীন অৱস্থা ঘোষণাৰ পাছত বিধানসভাই কোনো বিধায়িনী ক্ষমতা ব্যৱহাৰ কৰিব নোৱাৰে।

 বিধানসভাই মন্ত্ৰীসকলক পৰিচালনা কৰে। মন্ত্রী মণ্ডলে বিধানসভাত তেওঁলোকৰ কাম-কাজৰ বিষয়ে প্রয়োজন সাপেক্ষে উত্তৰ দিব লাগিব। বিধানসভাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব পাৰে। এই প্ৰস্তাৱ গৃহিত হ’লে মন্ত্ৰী মণ্ডলৰ পতন ঘটে। 

বিধানসভাই ৰাজ্যৰ বিত্তীয় দিশৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ ৰাখে। বিত্তীয় বিল কেৱল বিধানসভাৰ মজিয়াতহে উপস্থাপন কৰে। চৰকাৰে বিধানসভাৰ অনুমতি নোলোৱাকৈ কৰ লগাব, কমাব, বঢ়াব বা গুচাব নোৱাৰে। 

নির্বাচিত বিধানসভাৰ সদস্যসকলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ আৰু ৰাজ্যসভাৰ প্ৰতিনিধিৰ নিৰ্বাচনত ভাগ ল’ব পাৰে।

বিধানসভাই ভাৰতীয় সংবিধানৰ কিছু সাল-সলনি ঘটোৱাৰ সময়ত অংশ ল’ব পাৰে। 

3. ৰাজ্যিক বিধানমণ্ডলৰ ক্ষমতাৰ ক্ষেত্ৰত সীমাবদ্ধতাসমূহ আলোচনা কৰা ৷ 

উত্তৰ : তলত উল্লেখ কৰা ধৰণৰ বিধানমণ্ডলৰ আইন প্ৰণয়ন সম্পৰ্কীয় ক্ষমতাৰ সীমাবদ্ধতা আছে। 

ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীৰ বিষয়বোৰৰ ওপৰত বিধানমণ্ডলে আইন প্রণয়ন কৰিব পাৰে। সমৱৰ্তী সূচীৰ কোনো এক বিষয়ৰ ওপৰত আইন বনোৱা লৈ ৰাজ্যিক আইন আৰু কেন্দ্ৰীয় আইনৰ মাজত সংঘাটৰ সৃষ্টি হ’লে সংসদে প্ৰণয়ন কৰা আইন বাহাল থাকে। 

ৰাজ্যিক বিধানমণ্ডলে পাচ কৰা বিধেয়ক এখন ৰাজ্যৰ ৰাজ্যপালৰ চহীৰ বাবে সংৰক্ষণ কৰা হয় আৰু ইয়াক ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে পঠোৱা হয়। এইটো বাধ্যতামূলক যে উচ্চ ন্যায়ালয়ৰ ক্ষমতা কিছুমান ক্ষেত্ৰত কমাই দিয়া হৈছে। আন কিছুমান গোচৰত, বিধানমণ্ডলত বিধেয়ক এখন উত্থাপন কৰিবৰ বাবে ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমোদনৰ প্ৰয়োজন হয়। বিশেষকৈ ৰাজ্যৰ ভিতৰত আৰু আন ৰাজ্যৰ সৈতে বেহা-বেপাৰ আৰু ব্যৱসায় কৰাৰ স্বাধীনতাৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰা হয় । 

352 নং অনুচ্ছেদৰ অধীনত জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰাৰ সময়ত ৰাজ্যিক সূচীৰ বিষয়ৰ ওপৰত যদিও ৰাজ্যিক বিধানমণ্ডলৰ ইয়াৰ স্থিতি আৰু কার্যগত অৱস্থাত থাকে সংসদে সম্পূর্ণ নিয়ন্ত্ৰণ কৰিব পাৰে। 356 নং অনুচ্ছেদৰ অধীনত সাংবিধানিক অচলা অবস্থা ঘোষণাৰ ঘোষণাৰ ফল হিচাবে ৰাজ্যৰ জনপ্ৰিয় চৰকাৰৰ পতন হিচাপে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়। ৰাষ্ট্ৰপতিয়ে সাংবিধানিক জৰুৰী অৱস্থাৰ সময়ছোৱাত সেই বিশেষ ৰাজ্যখনৰ বাবে আইন বনোৱা ক্ষমতা লাভ কৰে। 

আন্তর্জাতিক দায়িত্ব পালন কৰি নিয়াৰ উদ্দেশ্যে সংসদে ৰাজ্যিক সূচীৰ বিষয়ত আইন বনাব পাৰে। দুই বা ততোধিক ৰাজ্যৰ অনুৰোধমর্মে যদি ৰাজ্যসভাই দুই তৃতীয়াংশ গৰিষ্ঠসংখ্যক সদস্যৰ দ্বাৰা সমৰ্থিত প্ৰস্তাৱ গ্ৰহণ কৰে, তেতিয়া সংসদে ৰাজ্যিক সূচীৰ বিশেষ বিষয়ৰ ওপৰত আনি বনাব পাৰে। ৰাজ্যিক বিধানমণ্ডলে প্ৰণয়ন কৰা আইন যদি অসাংবিধানিক হৈ নাগৰিকৰ অধিকাৰ ভঙ্গ কৰে তেতিয়া উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে ইয়াক নাকচ কৰিব পাৰে।

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

Leave a Reply