NIOS| Political Science (317)| Notes/Answer| Chapter-9| জৰুৰীকালীন ব্যৱস্থাসমূহ

NIOS| Political Science (317)| Notes/Answer| Chapter-9| জৰুৰীকালীন ব্যৱস্থাসমূহ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter-9| জৰুৰীকালীন ব্যৱস্থাসমূহ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter-9| জৰুৰীকালীন ব্যৱস্থাসমূহ

NIOS| Political Science (317)| Notes/Answer| Chapter-9| জৰুৰীকালীন ব্যৱস্থাসমূহ

খণ্ড 1

অধ্যায়   ৯

9.1. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ 

খালী ঠাই পুৰণ কৰা ঃ

 ১। জাতীয় জৰুৰী অৱস্থা ঘোষণাই_______ক বৰ্দ্ধিত ক্ষমতা প্রদান কৰে। (কেন্দ্ৰীয় চৰকাৰ / ৰাষ্ট্ৰপতি /উচ্চতম ন্যায়ালয়) 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰ

২।_________অনুচ্ছেদৰ অধীনত জাতীয় জৰুৰী ঘোষণা কৰিব পাৰি । (232/352/360) 

উত্তৰ: 352

৩। জাতীয় জৰুৰী অৱস্থাৰ সময়ত লোকসভাই ইয়াৰ কাৰ্যকাল এবাৰত_________ বঢ়াব পাৰে। (এবছৰ / তিনিবছৰ /পাঁচবছৰ) 

উত্তৰঃ এবছৰ 

৪। জাতীয় অৱস্থাৰ সময়ত________ৰ অধিকাৰৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰিব পাৰি। (সমতা/স্বাধীনতা/সাংবিধানিক প্ৰতিকাৰৰ)

 উত্তৰ: স্বাধীনতা 

৫। 1975 চনৰ 25 জুনত _________ৰ ভিত্তিত জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল। (বহিঃ আগ্রাসন/আভ্যন্তৰীণ অশান্তি/ বিত্তীয় সংকট) 

উত্তৰ: আভ্যন্তৰীণ অশান্তি 

৬। ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰী ঘোষণা কৰিব পাৰে, যদি 

(ক) প্রধান মন্ত্ৰীয়ে লিখিত পৰামৰ্শ দিয়ে, 

(খ) কেবিনেটে লিখিতভাৱে অনুমোদন জনায়। (গ) তেওঁ নিজেই যদি অনুভৱ কৰে। 

উত্তৰ: মন্ত্রীসভাৰ লিখিত পৰামৰ্শ 

৭। সংসদৰ দ্বাৰা এবাৰ অনুমোদিত হোৱাৰ পিছত জাতীয় জৰুৰী অৱস্থা সাধাৰণতে______ সময়ৰ বাবে কাৰ্যকৰি হৈ থাকে। (6 মাহ/1 বছৰ / 2 বছৰ) 

উত্তৰ: 6 মাহ 

9.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ) 

খালী ঠাই পুৰণ কৰা ঃ

১। এখন ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ কাৰণে জাৰি কৰা জৰুৰী অৱস্থা________অনুচ্ছেদৰ ভিতৰত পৰে। (352/356/360) 

উত্তৰ: 356 নং অনুচ্ছেদ 

২। এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন সংসদৰ অনুমোদন অবিহনে_________ মাহলৈ চলিব পাৰে । (এক /দুই / ছমাহ)

 উত্তৰঃ ২ মাহ 

৩। এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন সর্বাধিক __________সময়লৈ বৃদ্ধি কৰিব পাৰি। (এবছৰ / দুবছৰ / তিনিবছৰ)

 উত্তৰঃ এবছৰ 

৪। সাংবিধানকি ব্যৱস্থাৰ ব্যৰ্থতাৰ বাবে এখন ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা_______ ৰ পৰামৰ্শমতে কৰা হয়। (মুখ্যমন্ত্ৰী / ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ/ৰাজ্যপাল) 

উত্তৰ : ৰাজ্যপাল 

৫। সংসদে এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন এবাৰত _________সময়ৰ বাবে অনুমোদন জনাব পাৰে।(তিনিমাহ/ছমাহ/নমাহ 

উত্তৰঃ ছমাহ

 9.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ 

খালী ঠাই পুৰণ কৰা ঃ

 ১। বিত্তীয় জৰুৰী অৱস্থা _______নং অনুচ্ছেদৰ অন্তৰ্ভুক্ত।(252/356/360) 

উত্তৰ: 356 নং অনুচ্ছেদ 

২৷ আমাৰ দেশত বিত্তীয় জৰুৰী মাত্র।_____বাৰ ঘোষণা কৰা হৈছে। (এবাৰ / দুবাৰ / কেতিয়াও নাই)

উত্তৰঃ কেতিয়াও নাই 

৩। বিত্তীয় জৰুৰী এবাৰত________ সময়ৰ বাবে ঘোষণা কৰিব পাৰি। (দুমাহ / ছমাহ /যিমান সময় প্রয়োজন হয়)

 উত্তৰ: প্ৰয়োজন অনুসাৰে

৪। বিত্তীয় জৰুৰী অৱস্থাৰ ঘোষণা____________ সময়ৰ ভিতৰত সংসদে অনুমোদন জনাব লাগে। (দুমাহ/চাৰিমাহ/ছমাহ) 

উত্তৰ: দুমাহ 

৫। বিত্তীয় জৰুৰী অৱস্থাৰ অধীনত ৰাষ্ট্ৰপতিয়ে___________ ৰ দৰমহা আৰু ভাট্টা হ্ৰাস কৰিবলৈ নিৰ্দেশ দিব পাৰে । (কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ/ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী/ সকলো কৰ্মচাৰীৰে আনকি ন্যায়াধীশ সকলকো অন্তর্ভুক্ত কৰি

উত্তৰ ঃ ন্যায়াধীশকে আদি কৰি সকলো চৰকাৰী কৰ্মচাৰী 

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰ ঃ 

1. ভাৰতবৰ্ষৰ সংবিধানত থকা জৰুৰী ব্যৱস্থাসমূহ চমুকৈ বৰ্ণনা কৰা ৷

 উত্তৰঃ 

(১) যুদ্ধ, বহিঃ 

আক্ৰমণ ইত্যাদিৰ ফলত ঘোষণা কৰা জৰুৰী অৱস্থাঃ দেশত বা দেশৰ যিকোনো অংশত নিৰাপত্তা, সুস্থিৰতা বা শাসন ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা বিশেষ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সংবিধানত ব্যৱস্থা উল্লেখ কৰা আছে। বিশেষ পৰিস্থিতি বা জৰুৰী পৰিস্থিতি তিনি ধৰণৰ হ’ব পাৰে। প্ৰথমতে, যুদ্ধ বা বহিঃ আক্ৰমণৰ ভাবুকি আহিলি নাইবা সশস্ত্ৰ বিদ্ৰোহৰ ফলত আভ্যন্তৰিণ অশান্তিয়ে দেখা দিলে, দ্বিতীয়তে, কোনো ৰাজ্যৰ শাসন ব্যৱস্থা সংবিধান অনুযায়ী পৰিচালনা কৰিব নোৱাৰিলে আৰু তৃতীয়তে, ৰাষ্ট্ৰত আৰ্থিক মণ্ডাৱস্থাই দেখা দিলে। 

(২) জাতীয় জৰুৰী অৱস্থা ঘোষণা (352 নং অনুচ্ছেদ) :

ও ভাৰতবৰ্ষৰসংবিধানত যুদ্ধ, বহিঃ আক্ৰমণ নাইবা আভ্যন্তৰিণ বিদ্ৰোহৰ বাবে সৃষ্টি হ’বপৰা পৰিস্থিতিৰ বাবে জৰুৰী অৱস্থা ঘোষণাৰ ব্যৱস্থা কৰিছে। হায়ক জাতীয় জৰুৰী অৱস্থা হিচাপে জনা যায়। এইধৰণৰ জৰুৰী অৱস্থা ৰাষ্ট্ৰপতিয়ে তেতিয়া ঘোষণা কৰিব পাৰে, যেতিয়া তেওঁ অনুভৱ কৰে যে দেশখনে (১) বহিঃ আক্রমণ বা যুদ্ধৰ সন্মুখীন হৈছে, বা (২) আভ্যন্তৰিণ সশস্ত্ৰ বিদ্ৰোহৰ ফলত দেশৰ নিৰাপত্তা বিঘ্নিত হৈছে বা বিঘ্নিত হ’ব পাৰে। ৰাষ্ট্ৰপতিয়ে তেনে ঘোষণা যুদ্ধ বা আক্ৰমণৰ ভাবুকিৰ পৰিপ্ৰেক্ষিততো কৰিব পাৰে। সংবিধানৰ 44তম সংশোধনী অনুযায়ী, একমাত্র কেবিনেটৰ লিখিত পৰামৰ্শ পালেহে ৰাষ্ট্ৰপতিয়ে তেনে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। 

তেনে জৰুৰী অৱস্থা ঘোষণাৰ এমাহৰ ভিতৰত সংসদৰ উভয় সদনৰ একত সংখ্যাগৰিষ্ঠতাৰেতথা সদনত উপস্থিত থাকি ভোটদান কৰা সদস্যৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে অনুমোদন প্রাপ্ত হ’ব লাগে, অন্যথা তেনে ঘোষণা কার্যকৰিকৰণৰ অন্ত পৰে। যদিহে জৰুৰী অৱস্থা ঘোষণাৰ সময়ত লোকসভা ভংগ হৈ থাকে। নাইবা ইয়াৰ অধিবেশন অনুস্থিত নহয়, এমাহৰ ভিতৰত ৰাজ্যসভাইইয়াক অনুমোদন জনাব লাগে আৰু পিছত লোকসভাই ইয়াৰ পৰৱৰ্তী অধিবেশন বহাৰ এমাহৰ ভিতৰত অনুমোদন জনাব লাগে। সংসদে এবাৰ অনুমোদন জনোৱাৰ পিছত জৰুৰী অৱস্থা ঘোষণাৰ তাৰিখৰ পৰা ছমাহলৈ ই কাৰ্যকৰি হৈ থাকে । যদি ইয়াক ছমচাহতকৈ বৃদ্ধি কৰিব লগা হয়, সংসদে অন্য এটা প্রস্তাৱেৰে ইয়াক আগতিয়াকৈ অনুমোদন কৰাই ল’ব লাগে। এই ধৰণে, তেনে ঘোষণা অনির্দিষ্ট কাললৈ চলি থাকে কিন্তু যদি পৰিস্থিতি উন্নতি হয় ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অন্য এক ঘোষণাৰ যোগেদি জৰুৰী অৱস্থা বাতিল কৰিব পাৰে । 

সংবিধানৰ 44 তম সংশোধনী অনুযায়ী দেহ শতাংশ বা তাতকৈ অধিক লোকসভাৰ সদস্যই লোকসভাৰ বৈঠক আহ্বান কৰিব পাৰে আৰু সেই বৈঠকত ই জৰুৰী অৱস্থাৰ অনুমোদন সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ ভিত্তি উঠাই ল’ব পাৰে বা ইয়াক বাতিল কৰিব পাৰে। তেনে ক্ষেত্ৰত জৰুৰী অৱস্থা তাৎক্ষণিকভাবে অকাৰ্যকৰি হৈপৰে। 

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

(৩) ৰাজ্য এখনত সাংবিধানিক অচলাৱস্থাৰ বাবে ঘোষণা কৰা জৰুৰী অৱস্থাঃ 

এখন ৰাজ্যৰ শাসন ব্যৱস্থা সাংবিধানিক বিধি অনুযায়ী পৰিচালনা কৰাৰ নিশ্চয়তা প্ৰদান কৰাটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্তব্য। 365 নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যত জৰুৰী অৱস্থা জাৰি কৰিব পাৰে যদিহে তেওঁ ৰাজ্যপালৰ পৰা পোৱা প্ৰতিবেদনত পতিয়ন যায়, নাইবা পৰিস্থিতিৰ সৃষ্টি হয় যে ৰাজ্যখনত চৰকাৰ ব্যৱস্থা ঠিকভাৱে পৰিচালনা কৰিব পৰা নাযায়। তেনে পৰিস্থিতিত ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষণা কৰা জৰুৰী অৱস্থাক ‘সাংবিধানিক ব্যৱস্থাৰ ব্যৰ্থতা বা সাংবিধানিক অচলাৱস্থাৰ ফলত সৃষ্টি হোৱা জৰুৰু অৱস্থা বুলি কোৱা হয় ৷ জনপ্ৰিয় ভাষাত ইয়াক ৰাষ্ট্ৰপতি শাসন বুলি কোৱা হয় ৷ 

জাতীয় জৰুৰী অৱস্থাৰ দৰে, তেনে ঘোষণাও সংসদৰ উভয় সংসদত অনুমোদনৰ কাৰণে উত্থাপন কৰিব লাগে ৷ এইক্ষেত্ৰত অনুমোদন দুমাহৰ ভিতৰত দিব লাগে, অন্যথা জৰুৰী অৱস্থাৰ অন্ত পৰে। যদি সংসদে অনুমোদন জনায়, জৰুৰী অৱস্থা ঘোষণা এবাৰত ছমাহলৈ বৈধ হৈ থাকে। ইয়াক আন ছমাহলৈ বৃদ্ধি কৰিব পাৰি, কিন্তু এবছৰতকৈ অধিক নোৱাৰি। অৱশ্যে এখন ৰাজ্যত জৰুৰী অৱস্থা এবছৰতৈ বৃদ্ধি কৰিব পাৰি; যদিহে—

 (ক) এটা জাতীয় জৰুৰী অৱস্থা আগৰ পৰাই বাহাল থাকে। নাইবা যদি

 (খ) নির্বাচন আয়োগে প্ৰমাণ পত্ৰ দিয়ে যে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি। 

2. জাতীয় জৰুৰী অৱস্থা জাৰি কৰিলে নাগৰিকৰ জীৱন কেনেকৈ প্ৰভাৱিত হয়?

উত্তৰ ঃ জাতীয় জৰুৰী অৱস্থা ঘোষণাই ব্যক্তি স্বাধীনতা আৰু ৰাজ্যসমূহৰ স্বায়ত্ব শাসনত তলত দিয়া ধৰণে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায় ঃ

 (১) সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিণাম হ’ল যুক্তৰাষ্ট্ৰীয় সংবিধানখন এককেন্দ্রীয়য় সংবিধানলৈ পৰিৱৰ্তন হয়। কেন্দ্ৰৰ কৰ্তৃত্ব বৃদ্ধি পায় আৰু সংসদে সমগ্ৰ দেশৰ বাবে ইয়াৰ যিকোনো অংশৰ বাবে আইন প্রণয়ন কৰিবলৈ, আনকি ৰাজ্যিক সূচীভূক্ত বিষয়ত আইন প্রণয়ন কৰিবলৈক্ষমতা লাভ কৰে। 

(২) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক প্রশাসন সম্পৰ্কে ৰাজ্যসমূহক নির্দেশ দিব পাৰে।

(৩) এই সময়ছোৱাত, লোকসভাই ইয়াৰ কাৰ্যকাল এবচৱলৈ বৃদ্ধি কৰিব পাবে। কিন্তু জৰুৰী অৱস্থা বাতিলকৰণৰ 6 মাহৰ পিছত একেধৰণে বৃদ্ধি কৰিব নোৱাৰে। ৰাজ্যিক বিধান সভাসমূহৰ কাৰ্যকালো একে ধৰণে বৃদ্ধি কৰিব পাৰি ।

(৪) জৰুৰী অৱস্থাৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ৰাজহ বিতৰণ সম্পৰ্কীয় ব্যৱস্থাসমূহ ৰদবদল কৰিবলৈ ৰাষ্ট্ৰপতিক ক্ষমতা প্ৰদান কৰা হৈছে।

(৫) 19 নং অনুচ্ছেদৰ মৌলিক অধিকাৰসমূহ স্বয়ংক্রিয়ভাৱে বাতিল হৈ যায় আৰু এই বাতিলকৰণ জৰুৰী অৱস্থা শেষ নোহোৱালৈ থাকে। কিন্তু সংবিধানৰ 44 তম সংশোধন অনুযায়ী 11 নং অনুচ্ছেদত উল্লেখ কৰা স্বাধীনতাবোৰ একমাত্র যুদ্ধ বা বহিঃ আগ্ৰাসনৰ ফলত ঘোষণা কৰা জৰুৰী অৱস্থাতহে বাতিল কৰিব পাৰি। 

জৰুৰী অৱস্থাৰ ফলত ৰাজ্যসমূহৰ স্বায়ত্বতাই বাতিল নকৰে,বৰং ভাৰতৰ যুক্তৰাষ্ট্ৰীয় গাঁঠনিটো এককেন্দ্ৰীকলৈ পৰিৱৰ্তন কৰে। তথাপি ইয়াক প্ৰয়োজনীয় বুলি গণ্য কৰা হয় কিয়নো ই অস্বাভাৱিক পৰিস্থিতিৰ সন্মুখীন হ’বলৈ কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰি তোলে। 

3. কি চৰ্তত এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰি ? 

উত্তৰ : এখন ৰাজ্যৰ শাসন ব্যৱস্থা সাংবিধানিক বিধি অনুযায়ী পৰিচালনা কৰাৰ নিশ্চয়তা প্ৰদান কৰাটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্তব্য। 365 নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যত জৰুৰী অৱস্থা জাৰি কৰিব পাৰে যদিহে তেওঁ ৰাজ্যপালৰ পৰা পোৱা প্ৰতিবেদনত পতিয়ন যায়, নাইবা পৰিস্থিতিৰ সৃষ্টি হয় যে ৰাজ্যখনত চৰকাৰ ব্যৱস্থা ঠিকভাৱে পৰিচালনা কৰিব পৰা নাযায়। তেনে পৰিস্থিতিত ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষণা কৰা জৰুৰী অৱস্থাক ‘সাংবিধানিক ব্যৱস্থাৰ ব্যর্থতা বা সাংবিধানিক অচলাৱস্থাৰ ফলত সৃষ্টি হোৱা জৰুৰ’ অৱস্থা বুলি কোৱা হয়। জনপ্রিয় ভাষাত ইয়াক ৰাষ্ট্ৰপতি শাসন বুলি কোৱা হয় ৷ 

জাতীয় জৰুৰী অৱস্থাৰ দৰে, তেনে ঘোষণাও সংসদৰ উভয় সংসদত অনুমোদনৰ কাৰণে উত্থাপন কৰিব লাগে ৷ এইক্ষেত্ৰত অনুমোদন দুমাহৰ ভিতৰত দিব লাগে, অন্যথা জৰুৰী অৱস্থাৰ অন্ত পৰে। যদি সংসদে অনুমোদন জনায়, জৰুৰী অৱস্থা ঘোষণা এবাৰত ছমাহলৈ বৈধ হৈ থাকে। ইয়াক আন ছমাহলৈ বৃদ্ধি কৰিব পাৰি, কিন্তু এবছৰতকৈ অধিক নোৱাৰি। অৱশ্যে এখন ৰাজ্যত জৰুৰী অৱস্থা এবছৰতৈ বৃদ্ধি কৰিব পাৰি; যদিহে—

(ক) এটা জাতীয় জৰুৰী অৱস্থা আগৰ পৰাই বাহাল থাকে। নাইবা যদি

(খ) নির্বাচন আয়োগে প্ৰমাণ পত্ৰ দিয়ে যে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি। 

4. ৰাষ্ট্ৰপতি শাসনৰ সময়ত ৰাজ্যৰ কাৰ্যপালিকাৰ আৰু আইনগত ক্ষমতাবোৰ কেনেকৈ পালন কৰা হয় ? 

উত্তৰ : (ক) ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক প্ৰশাসনৰ সকলো বা কোনো এটা কার্য নিজৰ হাতলৈ নিব পাৰে নাইবা, তেওঁ সকলো বা যিকোনো কাৰ্য ৰাজ্যপালৰ হাতত অৰ্পণ কৰিব পাৰে বা আত্ত কোনো কাৰ্যকৰি কৰ্তৃপক্ষক দিব পাৰে ৷

 (খ) ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক বিধানসভা ভংগ কৰিব পাৰে বা সাময়িকভাৱে নিলম্বিত কৰিব পাৰে । তেওঁ সংসদক ৰাজ্যিক বিধানমণ্ডলৰ হকে আইন প্রণয়ন কৰিবলৈ কৰ্তৃত্ব দিব পাৰে ৷ 

(গ) ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা সফল কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । বিভিন্ন সময়ত ৰাষ্ট্ৰপতি শাসন যিধৰণে প্ৰয়োগ কৰা হৈছে ই বহুতো প্ৰশ্নৰ উদ্ৰেক কৰিছে। কেতিয়াবা পৰিস্থিতিয়ে ইয়াৰ দাবী কৰিছিল। কিন্তু আন কেতিয়াবা কেন্দ্ৰত এক ধৰণৰ চৰকাৰ আৰু ৰাজ্যত আন এক ধৰণৰ চৰকাৰ থাকিলে তেনে চৰকাৰ ক্ষমতাচ্যুত কৰিবলৈ সম্পূৰ্ণ ৰাজনৈতিক স্বার্থত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়। আনকি যিকোনো বিশেষ দলে ৰাজ্যিক বিধান সবাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰি থাকিলেও ইয়াক প্ৰয়োগ কৰা হয়। বিধানসভাৰ নিলম্বিতকৰণ বা ভংগ আৰু আন ৰাজনৈতিক দলক কোনো ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ নিদিয়াটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ পক্ষপাতিত্বমূলক আচৰণ, যাৰ বাবে 365 নং অনুচ্ছেদ অপপ্ৰয়োগ কৰা হয় ৷ 

5. বিত্তীয় জৰুৰী অৱস্থাৰ ফলাফলবোৰ উল্লেখ কৰা । 

উত্তৰ : বিত্তীয় জৰুৰী অৱস্থা ঘোষণাৰ ফলাফল তলত দিয়া ধৰণে হ’ব পাৰে —

(ক) কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক বিত্তীয় বিষয়ত নিৰ্দেশ দিব পাৰে।

(খ) ৰাষ্ট্ৰপতিয়ে ৰাজ্যসমূহক ইয়াৰ চৰকাৰী সেৱাৰ সকলো নাইব যিকেনো কৰ্মচাৰীৰ দৰমবা বা ভাট্টা হ্ৰাস কৰিবলৈ নিৰ্দেশ দিব পাৰে।

(গ) ৰাষ্ট্ৰপতিয়ে ৰাজ্যসমূহক বিত্তীয় বিধেয়ক ৰাজ্যিক বিধানমণ্ডলে পাছ কৰাৰপিছত সংসদৰ অনুমোদনৰ বাবে সংৰক্ষণৰ বাবে নিৰ্দেশ দিব পাৰে। 

(ঘ) ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়ালয়সমূহৰ ন্যায়াধীশকে আদি কৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু ভাট্টা হ্ৰাস কৰিবলৈ নিৰ্দেশ দিব পাৰে ।

Leave a Reply