NIOS| Political Science (317)| Notes/Answer| Chapter-13| ৰাজ্যিক কার্যপালিকা

NIOS| Political Science (317)| Notes/Answer| Chapter-13| ৰাজ্যিক কার্যপালিকা মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter-13| ৰাজ্যিক কার্যপালিকা

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter-13| ৰাজ্যিক কার্যপালিকা

NIOS| Political Science (317)| Notes/Answer| Chapter-13| ৰাজ্যিক কার্যপালিকা

খণ্ড 1

অধ্যায় ১৩

13.1. পাঠ অত প্রশ্নাৱলীৰ উত্তৰ :

তলত দিয়াবোৰৰ শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা : 

1. ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে?

  1. ৰাষ্ট্ৰপতি          
  2. উপ ৰাষ্ট্ৰপতি 
  3. প্রধানমন্ত্রী        
  4. ভাৰতৰ মুখ্য ন্যয়াধীশ 

উত্তৰ : ৰাষ্ট্ৰপতি

2. ৰাজ্যপাল ______বছৰৰ বাবে নিয়োগ কৰা হয় : 

  1. 4 বছৰ        
  2.  5 বছৰ 
  3.  6 বছৰ          
  4. 7 বছৰ 

উত্তৰ: 5 বছৰ

3. মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰীপৰিষদ সামুহিকভাৱে ___________ওচৰত দায়বদ্ধ।

  1.  বিধান সভা        
  2. বিধান পৰিষদ
  3.  ৰাজ্যৰ ৰাজ্যপাল 
  4.  ভাৰতৰ ৰাষ্ট্ৰপতি 

উত্তৰ: বিধান মণ্ডল 

4. ৰাজ্যপালে ________ পৰামৰ্শ অনুসৰি ৰাজ্যিক বিধান সভা ভংগ কৰি দিব পাৰে। 

  1.  ৰাষ্ট্ৰৰ গৃহমন্ত্ৰী
  2. উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
  3.  মুখ্যমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদ
  4. ৰাজ্যৰ মহাধিবক্তা উত্তৰ: মুখ্যমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰীপৰিষদ 

13.2. পাঠা অন্তর্গত প্রশ্নাবলীর উদ্ভব 

1. প্রশ্নবোৰৰ উত্তৰ দিয়া : 

(a) মুখ্যমন্ত্ৰীক কেনেদৰে নিয়োগ কৰা হয় ?

উত্তৰ : ৰাজ্যপালৰ জৰিয়তে সংখ্যাগৰিষ্ঠ দলৰ নেতাক নিয়োগ করে বা বিধানমণ্ডলত দলসমূহৰ সহযোগিতা।

(b) ৰাজ্যত মন্ত্ৰীসকলক কোনে নিয়োগ কৰে ? 

উত্তৰ: মুখ্যমন্ত্রী 

2. শুদ্ধ উত্তৰ বাছি উলিওৱা (বন্ধনীৰ ভিতৰত থকা শব্দৰ পৰা) ঃ 

(a) ৰাজ্যপালে ____ৰ পৰামৰ্শমতে মন্ত্ৰীসকলক নিয়োগ কৰে। (প্রধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, উপৰাষ্ট্ৰপতি) 

উত্তৰঃ মুখ্যমন্ত্ৰী 

(b) ৰাজ্যিক মন্ত্ৰীসভাৰ সভাসমূহত সভাপতিত্ব কৰে _______য়ে। (ৰাজ্যপাল, অধ্যক্ষ, মুখ্যমন্ত্রী)

 উত্তৰ: মুখ্যমন্ত্ৰী

(c) মন্ত্ৰী পৰিষদ________ ৰ ওচৰত দায়িত্বশীল। (গৱৰ্ণৰ, মুখ্যমন্ত্ৰী, বিধানমণ্ডল)

 উত্তৰ: বিধানমণ্ডল

(d) মুখ্যমন্ত্ৰী হৈছে________

  1. ৰাজ্যৰ নামমাত্র প্রধান 
  2. ৰাজ্যৰ প্ৰধান মুৰব্বী 
  3. চৰকাৰৰ নামমাত্ৰ গৰাকী 
  4. চৰকাৰৰ প্ৰধান মুৰব্বী 

উত্তৰ : চৰকাৰৰ প্ৰধান মুৰব্বী

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰ ঃ

1. ৰাজ্যপালক কেনেদৰে নিয়োগ কৰা হয় ? 

উত্তৰ : ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে। ৰাজ্যপাল সংশ্লিষ্ট ৰাজ্যৰ পৰা পুনৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো বাধা নাই। এইটোৱে প্ৰমাণ কৰে যে ৰাজ্যপালক নিৰ্বাচিত কৰা নহয়, নিযুক্তি কৰা হয়। ৰাজ্যপাল হ’ব বাবে তেওঁৰ তলত দিয়া অহতাসমূহ থাকিব লাগে— 

(ক) তেওঁ/তেখেত এজন ভাৰতীয় নাগৰিক হ’ব লাগে।

(খ) তেওঁ/ তেখেত অতি কমেও 35 বছৰ হ’ব লাগিব । 

(ক) কাৰ্যকালৰ ভিতৰত তেওঁ কোনো লাভজনক পদত জড়িত থাকিব নালাগিব। 

যি নহওক, যদি কেনো এজন ব্যক্তি সংসদৰ যিকোনো সদন বা ৰাজ্যিক বিধানমণ্ডলৰ সদস্য হয় বা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ বা ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্য। হয় আৰু ৰাজ্যপাল হিচাপে নিযুক্তি হয়, তেওঁৰ বিধানমণ্ডল বা মন্ত্ৰীপৰিষদৰ সদস্যপদ নোহোৱা হয়। ৰাজ্যপালক পাঁচ বছৰৰ কাৰণে নিয়োগ কৰা হয় কিন্তু সাধাৰণতে ৰাজ্যপালৰ সন্তুষ্টিৰ ওপৰতহে তেওঁৰ কাৰ্যকালৰ নিৰ্ভৰ কৰে। তেওঁ/তেখেত কার্যকাল শেষ হোৱাৰ আগতে পদত্যাগ কৰিব পাৰে বা পদৰ পৰা অপসাৰণ কৰিব পাৰি। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক | নিয়োগ বা অপসাৰণ কৰে। তেওঁ ৰাজভৱন নামৰ বিনামূলীয়া আৱাসৰ সুবিধা প্ৰদান কৰা হয়। আইন অনুসৰি তেওঁক সকলো সা-সুবিধা প্ৰদান কৰা হয়। তেনেদৰে, ৰাজ্যপালৰ কাৰ্যকালৰসময়ত সা-সুবিধাসমূহ কমাব নোৱাৰি ।

2. ৰাজ্যপালে কি ক্ষমতা প্রয়োগ কৰে? 

উত্তৰ : ৰাজ্যৰ ৰাজ্যপালক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ৫ বছৰ কালৰ বাবে নিযুক্তি দিয়ে ৰাজ্যপালজন ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ যোগসূত্ৰ হিচাপে কাম কৰে ।

ৰাজ্যিক কাৰ্যবাহী ক্ষমতাসমূহ ৰাজ্যপালৰ ওপৰত ন্যস্ত কৰা হৈছে। কিন্তু সাধাৰণ পৰিস্থিতিত ৰাজ্যপালজনে তেওঁৰ ক্ষমতাসমূহ ব্যৱহাৰ / প্রয়োগ নকৰে। ৰাজ্যপালে এই ক্ষমতাসমূহ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক পৰিষদৰ উপদেশ অনুসৰি ব্যৱহাৰ কৰে। 

ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্যসকলক নিয়োগ কৰে। সাধাৰণ পৰিস্থিতিত বিধানসভাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা নআভ কৰা ৰাজনৈতিক দল বা মিত্ৰজোটৰ নেতৃত্ব বহন কৰা সদস্যজনক মুখ্যমন্ত্ৰীৰূপে নিযুক্তি দিয়া হয়। কিন্তু বর্তমান সময়ত আমি দেখিবলৈ গাওঁ যে বহুতো ৰাজ্যত কোনো এটা নির্দিষ্ট ৰাজনৈতিক দল বা মিত্রজোটে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে। তেনেকুৱা পৰিস্থিতিত ৰাজ্যপালজনে নিজৰ ক্ষমতা প্রয়োগ কৰি মুখ্যমন্ত্ৰী নিযুক্তিৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমান সময়ত ৰাজ্যপালজনে এনেকুৱা পৰিস্থিতিত ৰাজনৈতিক স্বার্থসিদ্ধিৰ বাবে এই ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ শুনা দেখা যায় । 

ৰাজ্যপালে ৰাজ্যখনৰ মহাধিবক্তা (এডভোকেট জেনেবেল), ৰাজ্যিক লোকসেৱা আয়োগৰ সদস্যসমূহ, ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য ইত্যাদিক নিযুক্তি দিয়ে। ৰাজ্যপালজনে ৰাজ্যিক বিশ্ববিদ্যালয়, যেনে – – কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিকমুক্ত বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিৰ আচার্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। বিধানমণ্ডলত গৃহীত হোৱা যিকোনো বিধেয়ক ব্লি ৰাজ্যপালৰ সন্মতি অবিহনে আইনত পৰিণত নহয় ৷ 

ৰাজ্যপালৰ নিজাববীয়াকৈ কিছুমান স্ববিচাৰাধিকাৰ আছে। ৰাজ্যপালে সময়ে সময়ে ৰাষ্ট্ৰপতিক ৰাজ্যখনৰ প্ৰশাসনৰ বিষয়ে প্রতিবেদন দাখিল কৰে । সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ জৰুৰীকালীন অৱস্থাৰ ঘোষণা ৰাজ্যপালৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দাখিল কৰে। সাধাৰণতে তেনে প্রতিবেদন নিম্ন উল্লিখিত পৰিস্থিতিসমূহত দাখিল কৰা হয়—

(ক) কোনো বিধায়কে দল ত্যাগ কৰাৰ বাবে বা আন কোনো কাৰণত যদি ৰাজ্য চৰকাৰে বিধান সভাৰ সংখ্যাগৰিষ্ঠতা হেৰুৱায় আৰু আন কোনো দলে সংখ্যাগৰিষ্টতা দাবী নকৰে, তেনে পৰিস্থিতিত ৰাজ্যপালে ৰাজ্যত জৰুৰীকালীন অবস্থা ঘোষণাৰ বাবে পৰামৰ্শ দিব পাৰে। 

(খ) যেতিয়া ৰাজ্য চৰকাৰখনে সংবিধান অনুসৰি ৰাজ্যখনত আইন শৃংখলা বজাই ৰখাত ব্যৰ্থ হয় তেতিয়াও ৰাষ্ট্ৰপতিয়ে ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে মুখ্যমন্ত্রীৰ নেতৃত্বাধীন চৰকাৰখন বৰ্খাস্ত হয় আৰু ৰাষ্ট্ৰপতিৰ হৈ ৰাজ্যপালজনে সেই ৰাজ্যখনৰ শাসন ব্যৱস্থা পৰিচালনা কৰে। 

ৰাজ্যপালৰ মুখ্যমন্ত্ৰীৰ নিযুক্তিৰ ক্ষেত্ৰত স্ববিচাৰাধিকাৰ আছে যদিহে কোনো ৰাজনৈতিক দলে গৰিষ্ঠসংখ্যক আসন নাপায়। তেওঁ এই ক্ষেত্ৰত যিকোনো এজন বিধায়কক মুখ্যমন্ত্ৰীৰ পদৰ বাবে বিবেচনা কৰিব পাৰে। ৰাজ্যপালে বিধানমণ্ডলীৰ গৃহীত হোৱা কোনো কোনো বিল ৰাষ্ট্ৰপতিলৈ বিবেচনাৰ বাবে পঠিয়াব পাবে। এইক্ষেত্ৰত তেওঁৰ স্ববিচাৰাধিকাৰ আছে। 

3. ৰাজ্যপালৰ স্বেচ্ছাধীন ক্ষমতা আছেনে?

তেওৰ স্বেচ্ছাধীন ক্ষমতাসমূহ উল্লেখ কৰা । 

উত্তৰ : ৰাজ্যপালে কাৰ্যপালিকা, বিত্তীয় আৰু ন্যায়িক ক্ষমতাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নেতৃত্বত গঠিত মন্ত্ৰীপৰিষদৰ পৰামৰ্শ অনুসৰি কাৰ্যপালন কৰে। ৰাজ্যৰ মূৰব্বী হিচাপে তেওঁ এই ক্ষমতাসমূহ উপভোগ কৰে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপেও ৰাজ্যপালে মন্ত্ৰীপৰিষদৰ প্ৰয়োগ কৰে । এই ক্ষমতাসমূহক স্বেচ্ছাধনি ক্ষমতা বোলে। এনেক্ষেত্ৰত ৰাজ্যপালে মন্ত্ৰীপৰিষদৰ পৰামৰ্শ অনুসৰি কাম নকৰে। অৰ্থাৎ ৰাজ্যপাল এই ক্ষমতা প্রয়োগত নিজা ইচ্ছা প্রয়োগ কৰে। এনে ক্ষমতাসমূহ হ’ল— 

(ক) ৰাজ্যত যেতিয়া সাংবিধানিক নীতি অনুসৰি শাসন কাৰ্য পৰিচালনাত ব্যাহত হয়, এএন পৰিস্থিতিত ৰাজ্যপালে ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰিবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ কৰিব পাৰে। ৰাজ্যপালে এই ক্ষমতা নিজাকৈ কৰিব পাৰে। এই ক্ষমতাকে স্বেচ্ছাধীন ক্ষমতা বোলে। ৰাজ্যপালৰ অনুৰোধৰ বিৱৰণী অনুসৰি সংবিধানৰ 356 অনুচ্ছেদ অনুসৰি জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে আৰু ৰাজ্যিক মন্ত্রীসভা ভংগ কৰি দিয়া হয়। জৰুৰী অৱস্থাৰ সময়ত ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ হৈ ৰাজ্যৰ শাসন কাৰ্য পৰিচালনা কৰে। 

(খ) এখন বিল ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ কাৰণে ৰাজ্যপালে সংৰক্ষণ কৰিব পাৰে। এইক্ষেত্ৰত ৰাজ্যপালে নিজে সিদ্ধান্ত ল’ব পাৰে। 

4. ৰাষ্ট্ৰপতিৰ পদমর্যদা আৰু ভূমিকা কি? 

উত্তৰ : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি চৰকাৰৰ সাংবিধানিক ব্যৱস্থাৰ মুৰব্বী অথবা নামমাত্ৰ কাৰ্যপালিকা চৰকাৰৰ প্ৰকৃত মুৰব্বী হ’ল প্ৰধানমন্ত্রী। দেশৰ চৰকাৰ ৰাষ্ট্ৰপতিৰ নামত পৰিচালিত হয়। কিন্তু তেওঁ প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰীপৰিষদৰ পরামর্শ অনুসাৰেহে শাসন কার্য পরিচালনা কৰে। 

ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক পাঁচ বছৰীয়া এটি কার্যকালৰ বাবে পৰোক্ষভাবে নির্বাচন কৰা হয়। সাধাৰণ নাগৰিকে ৰাষ্ট্ৰপতি নির্বাচনত অংশ গ্ৰহণ নকৰে। তেওঁ আচলতে নির্বাচিত বিধায়ক আৰু সংসদৰ দ্বাৰা নিৰ্বাচিত হয়। সংসদৰ মনোনীত সদস্যসকলে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশ গ্ৰহণ নকৰে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এক বিশেষ পদ্ধতি আছে। ইয়াক সমানুপাতিক প্রতিনিধিত্বমূলক আৰু একক হস্তান্তরযোগ্য ভোটৰ পদ্ধতি বুলি জনা যায়।

(১) ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলী : উল্লেখ্য যে সংসদীয় পদ্ধতিৰ চৰকাৰত ৰাষ্ট্ৰপতি চৰকাৰৰ নামমাত্ৰ মুৰব্ৰীহে। সংসদীয় পদ্ধতিৰ শাসনত ব্যবস্থা কৰা ভাৰতীয় সংবিধান অনুসাৰে ৰাষ্ট্ৰপতিৰ ক্ষমতাও সীমিত। 

এই সম্পর্কত আগত উল্লেখ কৰা কথা কেইটা গুৰুত্বপূৰ্ণ ঃ

(ক) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি চৰকাৰৰ সাংবিধানিক আৰু নামমাত্ৰ মুৰব্বী।

(গ) ৰাষ্ট্ৰপতিয়ে প্রধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসাৰে কার্য সম্পাদন কৰে, 

(গ) ৰাষ্ট্ৰপতিয়ে তেওঁক দিয়া পৰামৰ্শৰ দুবাৰ বিবেচনাৰ বাবে মন্ত্ৰী পৰিষদক আহ্বান জনাব পাৰে। কিন্তু মন্ত্ৰী পৰিষদে পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখি ৰাষ্ট্ৰপতিলৈ সেইটো ঘূৰাই পঠালে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ সিদ্ধান্ত মানি ল’বলৈ বাধ্য । সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত বিধায়িনী, কার্যকৰী, ন্যায়িক তথা জৰুৰীকালীন ক্ষমতা অর্পণ কৰিছে। ৰাষ্ট্ৰপতিয়ে অৱশ্যে এই সকলোবোৰ ক্ষমতা প্রধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ সদস্য, সদস্যাসকল, ৰাজ্যসমূহৰ ৰাজ্যপালসকল, বিভিন্ন দেশত নিযুক্ত ৰাষ্ট্রদূত আৰু উচ্চাযুক্তসকল, সৈন্য বাহিনীৰ মুৰব্বীসকল উচ্চতম ন্যায়ালয়ৰ মূল ন্যায়াধীশ, ন্যায়াধীশসকল ইত্যাদি। সংসদে গৃহীত কৰা যিকোনো বিল আইনত পৰিণত কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ অনুমোদন অপৰিহাৰ্য সংসদত উত্থাপন কৰাবিত্তীয় বিলসমূহৰ বাবে ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমতি পাব লাগে। 

(২) ৰাষ্ট্ৰপতিৰ স্বেচ্চামূলক ক্ষমতা : সাধাৰণভাৱে চালে দেখা যায় যে ৰাষ্ট্ৰপতিয়ে কোনো প্রকৃত ক্ষমতা প্রয়োগ কৰিব নোৱাৰে। কিন্তু কিছুমান এনে ক্ষেত্ৰ আৰু মুহূৰ্ত আছে য’ত ৰাষ্ট্ৰপতিয়ে প্রকৃত ক্ষমতা প্রয়োগ কৰিব পাৰে। মন্ত্ৰীপৰিষদে আলোচনা কৰা বা বিবেচনা কৰা সকলোবোৰ বিষয় ৰাষ্ট্ৰপতিয়ে জনাৰ অধিকৰা আছে । ৰাষ্ট্ৰপতিয়ে বিচাৰিলে এই বিষয়সমূহ অৱগত কৰিবলৈ সাংবিধানিকভাৱে প্রধানমন্ত্রী বাধ্য । 

ৰাষ্ট্ৰপতিৰ সীমিত ভেটো ক্ষমতা আছে। এই ক্ষমতা প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে সংসদে গৃহীত কৰা কোনো বিলত কৰিবলগীয়া স্বাক্ষৰ কিছুদিনলৈ পিছুৱাই ৰাখিব পাৰে। বিলকন পুনৰ বিবেচনাৰ বাবে সংসদলৈ ঘূৰালৈ পঠাব পাবে। অৱশ্যে সংসদে যদি বিলখন পুনৰ গৃহীত কৰি ৰাষ্ট্ৰপতিৰ অনুমোদন বা স্বাক্ষৰ বাবে প্ৰেৰণ কৰে ৰাষ্ট্ৰপতিয়ে এনে বিলত স্বাক্ষৰ কৰিবলৈ বাধ্য ।

 এক অস্বাভাৱিক পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে নিজৰ স্বেচ্ছামূলক ক্ষমতা প্রয়োগ কৰিব পাৰে। আপোনালোক সকলোৱে বুজি উঠিছে যে ভাৰতীয় সংসদৰ নিম্নসদন অর্থাৎ লোকসভাত সংখ্যা গৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দল বা মিত্রগোষ্ঠীয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰে। যেতিয়া কোনো এটা ৰাজনৈতিক দল বা মিত্রগোষ্ঠীরে এনে সংখ্যা গৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয় তেতিয়া প্ৰধানমন্ত্রী তথা মন্ত্ৰী পৰিষদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে নিজৰ স্বেচ্ছামূলক ক্ষমতা প্রয়োগ কৰিব পাৰে।

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

5. ৰাজ্যত মন্ত্ৰী পৰিষদ কেনেকৈ গঠন হয় ?

 উত্তৰ : মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিয়োগ কৰে। ৰাজ্যিক বিধানমণ্ডলত যিজন ব্যক্তিয়ে সংখ্যাগৰিষ্ঠৰ সমৰ্থন পায়, তেওঁক ৰাজ্যপালে মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ৰাজ্যপালে আন মন্ত্ৰীসকলক নিয়োগ করে। কিল আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য হ’ব লাগে। ৰাজ্যিক বিধানমণ্ডলৰ সদস্য নহ’লেও এজন ব্যক্তি মন্ত্ৰী হিচাপে নিয়োগ হ’ব পাবে, কিন্তু নিযুক্তিৰ ছয় মাহৰ ভিতৰত তেওঁ ৰাজ্যিক বিধানমণ্ডলৰ সদস্য হ’ব নোৱাৰিলে তেওঁৰ মন্ত্ৰীত্ব বাতিল হ’ব। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ৰাজ্যপালে মন্ত্ৰীসকলৰ মাজত দপ্তৰসমূহ বিতৰণ কৰে।

6. মুখ্যমন্ত্ৰীৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা ৷ 

উত্তৰ : ৰাজ্য চৰকাৰত মুখ্যমন্ত্ৰীৰ ভূমিকা অতি গুরুত্বপূর্ণ। যদি মুখ্যমন্ত্ৰীজনৰ এটা নিকা ভাৱমূৰ্ত্তি থাকে আৰু লগতে নিজৰ দল, বিৰোধী দল তথা কেন্দ্রীয় চৰকাৰৰ লগত সু-সম্পর্ক বজাই ৰাখিব পাৰে তেতিয়াহ’লে তেওঁ এখন সুস্থ চৰকাৰৰ নেতৃত্ব দিব পাৰে।

 ৰাজ্যপালে মন্ত্ৰী পৰিষদক নিযুক্তি দিয়ে। তেওঁ গৰিষ্ঠ দলটোৰ দলপতি হিচাপে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে। তেওঁ মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে মন্ত্রী সভাখন গঠন কৰে। মন্ত্ৰীসকলৰ কাৰ্যনিৰ্বাহ নিৰ্ভৰ কৰে গৰিষ্ঠসংখ্যক বিধানসভার সদস্যর সমর্থনৰ ওপৰত। 

কাৰ্যাৱলী : মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন ৰাজ্যিক মন্ত্রী পরিষদে চৰকাৰখনৰ প্ৰকৃত ক্ষমতা প্রয়োগ কৰে। ৰাজ্যপালজনে ৰাজ্যিক মন্ত্রী পৰিষদৰ উপদেশমর্মে কাৰ্যনিৰ্বাহ কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ৰাজ্যপালক মন্ত্ৰী পৰিষদৰ আটাইবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাতত ৰাজ্য চৰকাৰসমূহক কিছুমান ক্ষমতা প্ৰদান কৰা হৈছে। ৰাজ্যিক মন্ত্ৰী পৰিষদে এই ক্ষমতাসমূহ প্রয়োগ কৰে। ৰাজ্যিক মন্ত্ৰী পৰিষদে চৰকাৰী বিধেয়কসমূহ বিধানসভাত উত্থাপন কৰে আৰু চৰকাৰৰ আইনসমূহ প্রণয়ন কৰে। ৰাজনৈতিক কার্যপালিকা অর্থাৎ আমোলাতন্ত্রই মন্ত্রীপৰিষদক শাসন কার্য পৰিচালনা কৰাত সহায় কৰে।

7. মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা । 

উত্তৰ : ৰাজ্যপাল হৈছে প্ৰধান। তেওঁৰ নামতেই ৰাজ্যৰ সকলো শাসন বিভাগীয় কার্যপালিকাৰ কাৰ্যসমূহ সম্পাদন কৰা হয়। ৰাজ্যপালে মুখ্যমন্ত্রীর পৰামৰ্শ মতে আন মন্ত্ৰীসকলক নিয়োগ কৰে। ৰাজ্যিক প্রশাসন সূচাে পৰিচালনা কৰিবলৈ তেওঁ দায়িত্বশীল। সংবিধান অনুসৰি ৰাজ্যিক প্রশাসন চলিছেনে নাই সেইটো চোৱাটো তেওঁৰ কৰ্তব্য। যদি তেওঁ ভাবে যে সংবিধান অনুসৰি ৰাজ্যত শাসনকাৰ্য পৰিচালনা হোৱাত ব্যাহত হৈছে তেতিয়া তেওঁ ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিব পাৰে। ৰাজ্যপালৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্রয়োগ কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে যথোপযুক্ত বুলি ভাবিলে 365 অনুচ্ছেদ অনুসৰি জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। ইয়াকে ‘ৰাষ্ট্ৰপতি শাসন’ বোলা হয়।

সংবিধানে ৰাজ্যপালক সহয়াক কৰিবলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰীপৰিষদৰ ব্যৱস্থা কৰিছে। স্বেচ্ছাধীন ক্ষমতাৰ বাহিৰে ৰাজ্যপালে মন্ত্ৰীপৰিষদৰ পৰামৰ্শ ল’ব পাগে। মুখ্যমন্ত্রীয়ে বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতাৰ আস্থাভাজন হৈ থকালৈকে ৰাজ্যপালে স্বেচ্ছাধীন ক্ষমতা প্রয়োগ কৰিব নোৱাৰে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী ৰাজ্যৰ শাসক প্রধান আৰু ৰাজ্যপাল সাংবিধানিক প্ৰধান হৈ থাকে। ৰাজ্যপালে মন্ত্ৰীপৰিষদৰ পৰামৰ্শ অনুসৰি কাৰ্য পৰিচালনা কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ প্রতিনিধি হিচাপে কাম কৰে। ৰাজ্যৰ ৰাজনৈতিক আৰু অৱস্থাৰ লগত মুখ্যমন্ত্রী আৰু ৰাজ্যপালৰ সম্পর্ক নির্ভৰ কৰে। সাধাৰণ পৰিস্থিতিত, ৰাজ্যপাল ৰাজ্যৰ সমাবোহিক প্রধান হিচাপে কাৰ্যনিৰ্বাহ কৰে, কিন্তু ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্রয়োগ হ’লে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। সাংবিধানিক ক্ষমতা অনুসৰি এনে পৰিস্থিতিত ৰাজ্যপালে কেন্দ্ৰীয় চৰকাৰৰ ‘চকু আৰু কান’ হিচাপে কাৰ্যনিৰ্বাহ কৰে। কেন্দ্ৰই নিয়োজিত কৰা হিচাপে ৰাজ্যপালে কেন্দ্ৰৰ সপক্ষে কাৰ্যনিৰ্বাহ কৰিব লাগে ৷ এজন সুদক্ষ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰাই নহয়। সাংবিধানিক ব্যৱস্থাসমূহৰ উচিত প্ৰয়োগ হৈছে নে নাই সেইটো ৰাজ্যপালে নিৰীক্ষা কৰিব লাগে। 

Leave a Reply