NIOS| Political Science (317)| Notes/Answer| Chapter-12| ভাৰতৰ উচ্চতম ন্যায়ালয়

NIOS| Political Science (317)| Notes/Answer| Chapter-12| ভাৰতৰ উচ্চতম ন্যায়ালয় মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science (317)| Notes/Answer| Chapter-12| ভাৰতৰ উচ্চতম ন্যায়ালয়

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science (317)| Notes/Answer| Chapter-9| জৰুৰীকালীন ব্যৱস্থাসমূহ

NIOS| Political Science (317)| Notes/Answer| Chapter-12| ভাৰতৰ উচ্চতম ন্যায়ালয়

খণ্ড 1

অধ্যায়  ১২

১২ 12.1. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ :

খালী ঠাঁই পূৰণ কৰা :

(i) উচ্চতম ন্যায়ালয়ৰ বিচাৰকসকলক________নিযুক্তি দিয়ে। (ৰাষ্ট্ৰপতি / প্রধানমন্ত্রী / আইন মন্ত্রী)

 উত্তৰ : ৰাষ্ট্ৰপতি

(ii) ভাৰতৰ উচ্চতম ন্যায়ালয় এজন মুখ্য ন্যয়াধীশ আৰু ________জন আন নায়াধীশৰ দ্বাৰা গঠিত। ( 23/25/27) 

উত্তৰ: 25 

(iii) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনে_________ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে। (60/62/65) 

উত্তৰ: 65 

(iv) ৰাষ্ট্ৰপতিয়ে এজন বিশেষ ________লোকক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিয়োগ কৰে ।

 উত্তৰ : আইনজ্ঞ

12.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ 

খালী ঠাই পুৰ কৰা : 

1. দুখন বা ততোধিক ৰাষ্ট্ৰৰ মাজত হোৱা বিবাদ উচ্চতম ন্যায়ালয়ৰ __________ বিচাৰক্ষেত্ৰৰ অধীন। (মৌলিক/আপীল/পৰামৰ্শদানমূলক)

 উত্তৰ: মৌলিক 

2. ৰাষ্ট্ৰপতিক পৰামৰ্শ দিবলৈ উচ্চতম ন্যায়ালয়_________ হয়। (বাধ্য বাধ্য নহয়) 

উত্তৰ : বাধ্য নহয় 

3. সংবিধান ব্যাখ্যাৰ চূড়ান্ত ক্ষমতা __________আছে। (উচ্চ ন্যায়ালয়/তিন ন্যাচালার / ছেছন আদালত)

উত্তৰ : উচ্চতম ন্যায়ালয় 

12.3. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ 

(i) ন্যায়িক সমীক্ষা কি ?

উত্তৰ : এখন আইনৰ সাংবিধানিক বৈধতা প্ৰদানৰ ক্ষমতা। 

(ii) PIL বুলিলে কি বুজা ?

উত্তৰ: PIL জনসাধাৰণৰ স্বাৰ্থসম্পৰ্কীয় বিষয় গুরুত্ব দিয়া।

(iii) উচ্চতম ন্যায়ালয়ৰ কোনটো ক্ষমতাই জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষণা-বেক্ষণ কৰিব পাৰে ?

 উত্তৰ : ন্যায়িক সমীক্ষা। 

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰ ঃ 

1. উচ্চতম ন্যায়ালয়ৰ গঠন বর্ণনা কৰা। 

উত্তরঃ উচ্চতম ন্যায়ালয় ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ শিখৰত অৱস্থিত আপীল ন্যায়ালয়। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিভিন্ন দিশসমূহ এনেধৰণৰ—

গঠন : ই এজন মুখ্য ন্যায়াধীশ আৰু ২৫ জন অথবা তাতোকৈ কম সংখ্যক ন্যায়াধীশ লৈ গঠিত। মুখ্য ন্যায়াধীসৰ অনুৰোধ মৰ্মে ৰাষ্ট্ৰপতিয়ে এজন অর্ধ ন্যায়াধীশ নিয়োগ কৰিব পাৰে।

নিয়ুক্তিঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ৰাজ্যিক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ লগত আলোচনা কৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকলক নিয়োগ। কৰে। মুখ্য ন্যায়াধীশৰ বাদে অন্যান্য ন্যায়াধীশসকলৰ নিয়োগৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰিবলৈ ৰাষ্ট্ৰপতি বাধ্য।

যোগ্যতা : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল – (ক) ভাৰতীয় নাগৰিক হ’ব লাগিব । 

(খ) তেওঁৰ কোনো উচ্চ ন্যায়ালয়ত পাঁচ বছৰ ন্যায়ধীশ হিচাপে কাম কৰা অভিজ্ঞতা থাকিব লাগিব, অথবা 

(গ) তেওঁৰ কোনো উচ্চ ন্যায়াললয়ত একেলেথাৰিয়ে দহ বছৰ অধিবক্তা হিচাপে কাম কৰাৰ অভিজ্ঞাতা থাকিব লাগিব। 

(ঘ) ৰাষ্ট্ৰপতিৰ মতে তেওঁ এজন বিশিষ্ট আইনজ্ঞ হ’ব লাগিব ।

কার্যকালঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬৫ বছৰ পূৰ্ণ হ’লে অৱসৰ গ্ৰহণ কৰে। তেওঁ নিজেও পদৰ পৰা পদত্যাগ কৰিব পাৰে। 

অপসাৰণ ঃ ন্যায়াধীশ এজনৰ বিৰুদ্ধে অসদাচৰণ নাইবা অসমৰ্থতাৰ অভিযোগ সংসদৰ উভয় সদনত উত্থাপিত হ’লে আৰু উভয় সদনত উপস্থিত সদস্যৰ দুই তৃতীয়াংশ আৰু মুঠ সদস্যৰ গৰিষ্ঠসংখ্যক ভোটত গৃহীত হ’লে ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ গৰাকীক অপসাৰণ কৰিব পাৰে। ই এজন মুখ্য ন্যায়াধীশ আৰু ২৫ জনতকৈ কম ন্যায়াধীশ লৈ গঠিত। মুখ্য ন্যায়াধীশৰ অনুৰোধ মৰ্মে ৰাষ্ট্ৰপতিয়ে এজন অর্ধ ন্যায়াধীশ নিয়োগ কৰিব পাৰে। 

আপীল বিচাৰ ক্ষেত্ৰাধিকাৰ : এই ক্ষমতাৰ অধীনত উচ্চতম ন্যায়ালয়ে। তলত দিয়া গোচৰসমূহ আপীল কৰিব পাৰে –

(ক) সাংবিধানক আপীল : সংবিধান বলবত সম্পৰ্কীয় মোকদমা উচ্চতম ন্যায়ালয়ে আপীল কৰিব পাৰে।

(খ) দেৱানী গোচৰ : উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দেৱানী গোচৰ আপীল কৰিব পাৰে। এই গোচৰত উচ্চ ন্যায়ালয়ে প্রমাণ পত্ৰ দিব লাগিব যে আপীল কৰিব বিচৰা বিষয়বস্তুৰ লগত সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ আইনৰ প্ৰশ্ন জড়িত আছে। 

(গ) ফৌজদাৰী গোচৰঃ উচ্চ ন্যায়ালয়ে দিয়া ৰায়, চূড়ান্ত সিদ্ধান্তবা আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি। সাধাৰণতে ফৌজদাৰী বিষয়ত উচ্চ ন্যায়ালয় চূড়ান্ত আপীল আদালত। কিন্তু সংসদে উচ্চতম ন্যায়ালয়ক উচ্চ ন্যায়ালয়ৰ ফৌজদাৰী গোচৰৰ বিৰুদ্ধে আপীল কৰিবৰ বাবে বিশেষ ক্ষমতা দিছে।

পৰামৰ্শ দানৰ ক্ষমতা ঃ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদানৰ ক্ষমতায় আছে। ৰাষ্ট্ৰপতিৰ ওচৰত আইন নাইবা তথ্য সংক্রান্ত বিষয় উদ্ভব হলে বা উদ্ভৱ হোৱাৰ সম্ভাবনা থাকিলে, তেওঁ তেনে বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত বিচাৰিব পাৰে। উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিৰ প্ৰচাৰ পৰামৰ্শ দিয়ে কিছুই কোনো দলৰ ওচৰত বাধা নহয়। 

অভিলেখ আদালত ঃ উচ্চতম ন্যায়ালয়ে অভিলেখ আদালত হিচাপেও কাম কৰে। উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা সিদ্ধান্ত আৰু গোচৰ সমূহ আইন আৰু কাৰ্যবিৱৰণী হিচাপে সংৰক্ষণ কৰা হয়। এই অভিলেখৰ বৃহৎ প্ৰামাণিক মূল্য আছে। 

নিদেশ, আদেশ বা হুকুম ঃ উচ্চতম ন্যায়ালয় নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক বুলি আখ্যা দিয়া হয়। এই উদ্দেশ্য ইয়াক কিছুমান নিৰ্দিষ্ট ম দিয়াৰ অধিকাৰ দিয়া হৈছে, যেনে – হাজোতত ৰখা মানুহক বিচাৰকৰ ওচৰলৈ নিয়াৰ আদেশ, ওপৰ আদালতৰ হুকুম, নিষেধাজ্ঞা ইত্যাদি। ই আদেশ আৰু নিৰ্দেশ দিব পারে।

আদালতৰ অপমান : আদালতক অপমান কৰা ব্যক্তিক উচ্চতম ন্যায়ালয়ে শাস্তি দিব পাৰে। আদালতৰ অপমানে ন্যায়ালয়ৰ বিচাৰক সমালোচনা কৰা, ন্যায়াধীশ আৰু আদালক সমালোচনা কৰা, আদালত সিদ্ধান্ত মানিবলৈ অস্বীকাৰ কৰা, আদালতৰ বিৰুদ্ধে ক্ষতকাৰী মন্তব্য প্ৰেৰণ কৰা আদিক সূচায় । 

বিচাৰৰ সিদ্ধান্ত আৰু আদেশৰ সমীক্ষা : উচ্চতম ন্যায়ালয়ে আগতে দিয়া সিদ্ধান্তসমূহৰ ওপৰত সমীক্ষা চলাব পাৰে । ই –

(ক) কিছুমান নতুন বিষয় বা প্ৰমাণ আহে

(খ) ইয়াৰ অভিলেখৰ মতে কোনো ভূল পালে আৰু

(গ) পর্যবেক্ষণৰ যথাযোগ্য কাৰণ পালে এই কাম কৰে। 

সংবিধানৰ অভিভাৱক : ভাৰতৰ উচ্চতম ন্যায়ালয়ক সংবিধানৰ অভিভাৱক বুলি আখ্যা দিয়া হয় । ই সংবিধানৰ সৰ্বোচ্চ বা শেষ ব্যাখ্যাকী। উচ্চতম ন্যায়ালয়ে দিয়া সংবিধানৰ ব্যাখ্যা সম্মানযোগ্য। ন্যায়িক সমীক্ষাঃ উচ্চতম ন্যায়ালয়ে সংসদ, ৰাজ্যিক বিধানমণ্ডলে প্রণয়ন । 

কৰা আইন আৰু কাৰ্যপালিকাই গ্ৰহণ কৰা সিদ্ধান্ত সংবিধান সম্মত হয়নে নহা পৰ্যবেক্ষণ কৰে । যদি তেনেকুৱা আইন বা কার্যকরী সিদ্ধান্ত অসাংবিধানিক বুি প্রমাণিত হয় তেতিয়া তাক অবৈধ বুলি ঘোষণা কৰে। 

ৰাজহুৱা স্বাৰ্থননিত গোচৰ ঃ যদি পীড়িত পক্ষই আদালতত কোনো গোল নতৰে কিন্তু সেই গোচৰৰ লগত জড়িত নথকা কোনো ব্যক্তিয়ে গোচৰ তৰে আৰু গোচৰটো যদি জনস্বার্থজনিত হয় তেতিয়া ৰাজহুৱা স্বার্থজনিত গোচৰ পোষন কৰা বা নকৰাটো উচ্চতম ন্যায়ালয়ৰ ক্ষমতাৰ ভিতৰত পৰে।

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

2. উচ্চতম ন্যায়ালয়ৰ বিচাৰক এজন কেনেকৈ অপসাৰণ কৰা হয় ? 

অপসাৰণ ঃ ন্যায়াধীশ এজনৰ বিৰুদ্ধে অসদাচরণ নাইবা অসমর্থতার অভিযোগ সংসদৰ উভয় সদনত উত্থাপিত হ’লে আৰু উভয় সদনত উপস্থিত সদস্যৰ দুই তৃতীয়াংশ আৰু মুঠ সদস্যৰ গৰিষ্ঠসংখ্যক ভোটত গৃহীত হ’লে ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ গৰাকীক অপসাৰণ কৰিব পাৰে। ই এজন মুখ্য ন্যায়াধীশ আৰু ২৫ জনতকৈ কম ন্যায়াধীশ লৈ গঠিত। মুখ্য ন্যায়াধীশৰ অনুৰোধ মনে ৰাষ্ট্ৰপতিয়ে এজন অর্ধ ন্যায়াধীশ নিয়োগ কৰিব পাৰে।

3. উচ্চতম ন্যায়ালয়ৰ মৌলিক আৰু আপীল ক্ষমতা আলোচনা কৰা।

উত্তৰ: মৌলিক ক্ষমতা : কিছুমান মীমাংসা কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়াল বিচাৰক্ষেত্ৰ স্বাধীন। অর্থাৎ এনেকুৱা গোচৰসমূহ কেৱল উচ্চতম ন্যায়ালতন্ত্রে উত্থাপন কৰিব পাৰি। ই এইটোও বুজায় যে, এনেকুৱা গোচৰসমূহ অন ন্যায়পালিকাই উত্থাপন কৰিব নোৱাৰে। মৌলিক অধিকাৰ ক্ষেত্ৰৰ অন্তর্ভুক্ত বিবাদ বা গোচৰসমূহ হ’ল—

(১) (ক) এফালে ভাৰত চৰকাৰ আৰু আনফালে এক বা একাধিক ৰাজৰ মাজত হোৱা বিবাদ 

(খ) এফালে ভাৰত চৰকাৰ আৰু এক বা একাধিৰ ৰাজ্য আৰু আনপালে এক বা একাধিক ৰাজ্যৰ মাজত হোৱা বিবাদ ।

 (গ) দুখন বা ততোধিক ৰাজ্যৰ মাজত হোৱা বিবাদ।

(২) মৌলিক অধিকাৰসমূহ বলবৎ কৰাৰ কাৰণে উচ্চতম ন্যায়লয়ক ক্ষমত প্ৰদান কৰা হৈছে । এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ক নির্দেশনা বা লেখ জাবীৰ ক্ষমতা প্ৰদান কৰিছে। 

(৩) জনস্বার্থ সম্পৰ্কীয় গোচৰসমূহ পোনপটীয়াকৈ বিচাৰ কৰিব পাৰে । 

আপীল ক্ষমতা ঃ এই ক্ষমতাৰ অধীনত উচ্চতম ন্যায়ালয়ে তলত দিয়া গোচৰসমূহ আপীল কৰিব পাৰে – 

(ক) সাংবিধানক আপীল ঃ সংবিধান বলবত সম্পর্কীয় মোকদমা উচ্চতম ন্যায়ালয়ে আপীল কৰিব পাৰে।

(খ) দেৱানী গোচৰ : উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দেৱানী গোচৰ আপীল কৰিব পাৰে। এই গোচৰত উচ্চ ন্যায়ালয়ে প্রমাণ পত্ৰ দিব লাগিব যে আপীল কৰিব বিচৰা বিষয়বস্তুৰ লগত সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ আইনৰ প্ৰশ্ন জড়িত আছে। 

(গ) ফৌজদাৰী গোচৰ : উচ্চ ন্যায়ালয়ে দিয়া ৰায়, চূড়ান্ত সিদ্ধান্তবা আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি। সাধাৰণতে ফৌজদাৰী বিষয়ত উচ্চ ন্যায়ালয় চূড়ান্ত আপীল আদালত। কিন্তু সংসদে উচ্চতম ন্যায়ালয়ক উচ্চ ন্যায়ালয়ৰ ফৌজদাৰী গোচৰৰ বিৰুদ্ধে আপীল কৰিবৰ বাবে বিশেষ ক্ষমতা দিছে। 

4. উচ্চতম ন্যায়ালয় সংবিধানৰ অভিভাৱক আৰু মৌলিক অধিকাৰৰ বক্ষক’ ব্যাখ্যা কৰা । 

উত্তৰ : সংবিধান হৈছে দেশৰ সৰ্বোচ্চ আইন আৰু সংবিধানৰ ৰক্ষক হ’ল উচ্চতম ন্যায়ালয়। ই কার্যপালিকা বা সংসদে সংবিধানৰ কোনো অংশভঙ্গ কৰিব নিদিয়ে ৷ মৌলিক অধিকাৰ ভঙ্গসম্পৰ্কীয় চৰকাৰৰ কোনো কাৰ্যৰ পুনৰীক্ষণ কৰিব পাৰে। উচ্চতম এই ক্ষমতাক ন্যায়িক সমীক্ষাৰ ক্ষমতা বোলে। সংবিধানৰ কোনো অংশ ভংগ হোৱা বুলি গণ্য কৰিলে, ন্যায়ালয়ে তেনে আইন অবৈধ বা বাতিল কৰিব পাৰে। এই ক্ষমতাৰ ভিত্তিত উচ্চতম ন্যায়ালয়ক সংবিধানৰ অভিভাৱক বুলি কোৱা হয়। উচ্চতম ন্যায়লক ‘স্বাধীনতাৰ বীৰপুৰুষ’ আৰু ‘গণতন্ত্ৰৰ জনসাধাৰণৰ ৰক্ষক’ বোলা হয়। 

মৌলিক অইথকাৰ প্ৰয়োগৰ ক্ষেত্ৰত উচ্চতম ন্যালায়ৰ উচ্চ ন্যায়ালয়ৰ সৈতে নির্দেশ দান, আদেশ আৰু লেখ জাৰীৰ ক্ষমতা আছে। এই লেখসমূহ হৈছে বন্দী প্রত্যক্ষীকৰণ, পৰমাদেশ, নিষেধাজ্ঞা, উৎপ্ৰেৰণ আৰু অধিকাৰচ্ছা। এই লেখসমূহে উচ্চতম ন্যায়ালয়ক মৌলিক অধিকাৰৰ ৰক্ষক হিচাপে স্বীকৃতি দিছে। আইন বা অধিকাৰ ভংগৰ ক্ষেত্ৰত ন্যায়ালয়ে সংবিধান অনুসৰি ব্যৱস্থা গ্রহণ কৰে।

 মৌলিক অধিকাৰ বিৰোধী আইন উচ্চতম ন্যায়ালয়ে বাতিল কৰিব পাৰে। ই মৌলিক অধিকাৰ ভঙ্গকাৰী আইন বাতিল কৰিছে। এইটোৱে দেখুৱায় যে উচ্চতম ন্যায়ালয়ে সদায় মৌলিক অধিকাৰৰ অভিভাৱক হিচাবে কাম কৰে। 

5. আমাৰ দৈনন্দিন জীৱনত PIL-ৰ ভূমিকা ব্যাখ্যা কৰা । 

উত্তৰ : প্ৰথমতে উচ্চতম ন্যায়ালয়েকে ধৰি ন্যায়পালিকা ইয়াৰ আইনৰ দ্বাৰা সম্পর্কীত পক্ষসমূহৰ লগতহে জড়িত আছিল। মৌলিক আৰু আপীল সম্পৰ্কীয় গোচৰৰ বিবাদসমূহৰ বিচাৰ কৰিছিল। কিন্তু, আদালতে জনস্বার্থ সম্পৰ্কীয় গোচৰৰ বিবাদ মীমাংসাৰ বাবে অনুমতি জনায়। কোনো গোচৰত জড়িত নথকা ব্যক্তি এজনেও ৰাজহুৱা স্বাৰ্থৰ খাতিৰত আদালতৰ ওচৰ চাপিব পাৰে ৷ জনসাধাৰণৰ স্বাৰ্থৰ বাবে ই এক জনস্বার্থ সম্পৰ্কীয় আইন (PIL)। PILৰ ধাৰণআটো ন্যায়াধীশ পি.এন. ভাগৱতীয়ে প্ৰৱৰ্তন কৰিছিল ।

PIL বহুত প্রয়োজনীয় কাৰণ ন্যায় ব্যৱস্থাটো সমাজৰ দুখীয়া আৰু দূৰ্বল শ্ৰেণীৰ কাৰণে সহজে উপভোগৰ যোগ্য। উচ্চতম ন্যায়ালয়ে সাংবাদিকৰ পৰা পোৱা চিঠি, উকীল, সামাজিক কৰ্মী, বাতৰি কাকতৰ খবৰৰ জৰিয়তে জনস্বার্থ সম্পর্কীয় বহুতো কাম কৰিছে।

PILৰ অধীনত অবৈধভাৱে আটক কৰা লোকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হয়। উচ্চতম ন্যায়ালয়ে ব্যক্তিগত স্বাধীনতা ৰক্ষাৰ হকে ব্যৱস্থা গ্ৰহণ কৰে যি ন্যায়ক বা আমোলাতান্ত্রিক অসামৰ্থতাৰ বাবে বন্ধ কৰা নহয় ।

 উচ্চতম ন্যায়ালয়ে বন্ধকী শ্ৰমিকৰ মুক্তি, জনজাতি, বস্তী অঞ্চলৰ উন্নতি, মহিলাৰ গৃহৰ পৰা মুক্তি, শিশু শ্ৰমিক বন্ধ আদিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। প্রাকৃতিক প্ৰদূষণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কাণপুৰ, দিল্লী আৰু আন আইৰ কিছুমান ফেক্টৰী বন্ধ কৰিবলৈ আদেশ দিছে। 

উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তসমূহৰ ভিত্তিত PIL-ৰ পৰিসৰো বৃদ্ধি হৈছে এতিয়া এজন ব্যক্তিয়ে এখন আবেদনৰ জৰিয়তে আদালতৰ ওচৰ চাপিব পাৰে তুমি উচ্চতম ন্যায়ালয়ে বিষয়টি ৰাজহুৱা স্বাৰ্থৰ লগত জড়িত বুলি গণ্য কৰে PIL-ৰ প্ৰক্ৰিয়াটোৱে ন্যায়িক সক্রিয়তা বৃদ্ধিকৰিছে।

Leave a Reply