Class-9 History Elective| Chapter-2| ফৰাচী বিপ্লৱ

Class-9 History Elective| Chapter-2| ফৰাচী বিপ্লৱ. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  Class-9 History Elective| Chapter-2| ফৰাচী বিপ্লৱ Elective History Class 9 SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

History Elective| Chapter-2| ফৰাচী বিপ্লৱ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For Class-9 History Elective| Chapter-2| ফৰাচী বিপ্লৱ Solutions for All Subjects, You can practice these here.

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ফৰাচী বিপ্লৱৰ জন্মদাতা কোন? তেওঁৰ লিখনিৰ প্ৰভাৱ কি আছিল?

উত্তৰঃ (ক) ফৰাচী বিপ্লৱৰ জন্মদাতা আছিল ৰুছ।

(খ) ফৰাচী বিপ্লৱত ‘কছ’ৰ প্ৰভাৱ বিশেষভাবে উল্লেখযোগ্য। দার্শনিক বছ’ৰ লিখনিৰ প্রভাৱ অতি বেছি আছিল। তেওঁ মানুহৰ মাজত সমতাৰ ধ্বনি প্রচাৰ কৰিছিল। তেওঁ জন সাৰ্বভৌমত্বৰ সমৰ্থক আছিল। তেওঁৰ মতে ৰজাই প্ৰজাৰ পৰাহে ক্ষমতা পায়। ৰজা স্বেচ্ছাচাৰী হ’ব নালাগে ৷ প্ৰজাৰ সুখ-সুবিধাৰ প্ৰতি লক্ষ্য ৰখাই ৰজাৰ প্ৰথম আৰু প্ৰধান কাম। তেওঁ ফ্ৰান্সৰ শাসনৰ দোষবোৰ আঙুলিয়াই দি তাৰ পৰিৱৰ্তনৰ বাবে জনসাধাৰণক উদগনি দিছিল৷ তেওঁৰ লিখনিয়ে প্রজাক বৰ প্ৰভাৱিত কৰিছিল। সেইবাবে তেওঁক ফৰাচী বিপ্লৱৰ জন্মদাতা আখ্যা দিয়া হয়।

প্রশ্ন ২। ফৰাচী বিপ্লৱৰ উদ্‌গনি যোগোৱা বিপ্লৱ দুটা কি? কেতিয়া এই বিপ্লৱ দুটা সংঘটিত হৈছিল?

উত্তৰঃ ১৭৮৯ চনৰ ফৰাচী বিপ্লৱৰ আগতে বিদেশত সংঘটিত হোৱা কেইটামান বিপ্লবেও এই বিপ্লৱক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। এই বিপ্লৱ হ’ল– (ক) ১৬৮৮ চনত সংঘটিত ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱ। এই বিপ্লৱে স্বেচ্ছাচারী শাসনৰ ওৰ পেলাই গণতন্ত্র প্রতিষ্ঠা কৰে।

(খ) ১৭৭৬ চনৰ আমেৰিকাৰ স্বাধীনতা যুদ্ধ। এই বিপ্লৱেও আমেৰিকাত গণতান্ত্রিক সংবিধানৰ প্রতিষ্ঠা কৰে৷ এইবোৰ পৰিৱর্তনে ফৰাচীবাসীক বিপ্লৱৰ কাৰণে উদ্‌গনি যোগায়।

 প্রশ্ন ৩। ফৰাচী বিপ্লৱ কেতিয়া হৈছিল? এই বিপ্লৱৰ দুটা ৰাজনৈতিক কাৰণ উল্লেখ কৰা।

উত্তৰঃ (ক) ফৰাচী বিপ্লৱ ১৭৮৯ খ্রীঃত হৈছিল।

(খ) (১) ৰজাই নিজকে ৰাষ্ট্ৰ হিচাপে চিনাকি দি, স্বেচ্ছাচাৰী শাসন চলাইছিল।

(২) ৰাজ বিষয়াসকলৰ শোষণ আৰু তোষণ নীতিৰে শাসনযন্ত্র ভৰি পৰিছিল।

প্রশ্ন ৪। ফৰাচী বিপ্লৱৰ দুটা তাৎপর্য উল্লেখ কৰা।

 উত্তৰ ঃ (১) ফৰাচী বিপ্লব এটা অতি তাৎপর্যপূর্ণ বিপ্লৱ। এই বিপ্লৱৰ ফলতে প্রচলিত পুৰণিকলীয়া ৰীতি নীতি লোপ পাইছিল। ভূমি-সম্পত্তিৰ সামন্ত প্ৰথাৰ অৱসান ঘটে। আইনৰ চকুত সকলে৷ সমান হৈ পৰে।

(২) পৰাক্ৰমী নেপোলিয়নৰ দিনতে ফ্রান্সত গণৰাজ্য প্রতিষ্ঠা হৈছিল। এই বিপ্লৱৰ ফলতে দেশত গণতন্ত্রৰ প্ৰতিষ্ঠা হৈছিল আৰু জাতীয়তাবাদী ভাবধাৰাও সৃষ্টি হৈছিল।

প্রশ্ন ৫। ফৰাচী বিপ্লৱৰ সৰ্বাধিক সামাজিক গুৰুত্বপূর্ণ ফল এটি উল্লেখ কৰা।

 উত্তৰঃ ফৰাচী বিপ্লৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফল হ’ল- সকলো শ্ৰেণীৰ প্ৰজাৰ মাজত সমতা প্রতিষ্ঠা হোৱা আৰু আইনৰ চকুত সকলো সমান বুলি পৰিগণিত হোৱা৷

প্রশ্ন ৬। ফৰাচী বিপ্লৱৰ বিষয়ে দার্শনিকসকলৰ ভূমিকা কি উল্লেখ কৰা।

নাইবা,

ফৰাচী বিপ্লৱৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা দার্শনিক তিনিজনৰ নাম লিখা।

উত্তৰ : ফ্রান্সত দার্শনিকসকলৰ লিখনিয়ে জনসাধাৰণক জগাই তোলাত যথেষ্ট অৰিহণা যোগাইছিল। দার্শনিকসকলে লিখনিৰ মাজেৰে সামাজিক দুর্নীতি আৰু বৈশিষ্ট্যসমূহ স্পষ্টকৈ দেখুৱাই দিছিল। মণ্টেচকিউ স্বেচ্ছাচাৰী ৰাজতন্ত্রক নিন্দা কৰিছিল। ভল্টেয়াৰে যাজকসকলক সমালোচনা কৰিছিল। ৰুছ ই প্ৰজাক জন্ম-স্বত্বৰ প্ৰতি সজাগ কৰি ন্যায্য দাবী আদায় কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল। তেওঁৰ মতে, জনসাধাৰণৰ সন্মতি লৈহে ৰাজ্য শাসিত হ’ব লাগে৷ এইবোৰে প্ৰজাক বিপ্লৱমুখী হ’বলৈ অনুপ্রাণিত কৰিছিল।

প্রশ্ন ৭। ফৰাচী বিপ্লৱৰ চাৰিটা সুফল উল্লেখ কৰা। 

উত্তৰ: ফৰাচী বিপ্লৱৰ ফলত –

(১) ফ্রান্সত গণতান্ত্রিক প্রজাতন্ত্র স্থাপন হয়।,

(২) সামস্ত প্ৰথাৰ অৱসান হয়।,

(৩) দাস প্রথাৰ উচ্ছেদ হয়।

(৪) প্রাপ্তবয়স্কৰ ভোটাধিকাৰ প্ৰৱৰ্তন।

প্রশ্ন ৮। ফৰাচী বিপ্লৱৰ সুদূৰপ্ৰসাৰী ফলাফলসমূহ উল্লেখ কৰা৷ নাইবা, ফৰাচী বিপ্লৱৰ তাৎপর্য আলোচনা কৰা।

উত্তৰ ঃ (১) ফৰাচী বিপ্লৱৰ ফলত সামন্ত প্ৰথাৰ অৱসান হয় আৰু সুবিধাভোগী শ্ৰেণীৰ সকলো সা-সুবিধাৰ অন্ত পৰে।

(২) সকলো শ্ৰেণীৰ প্ৰজাৰ মাজত ৰাজনৈতিক আৰু সামাজিক সমতা প্রতিষ্ঠা

(৩) দাস প্রথাৰ অন্ত পৰে, আইনৰ চকুত সকলো লোক সমান বুলি পৰিগণিত হয়।

(৪) ফ্ৰান্সৰ ৰাজতন্ত্ৰৰ অৱসান ঘটে আৰু তাৰ ঠাইত গণতন্ত্রৰ প্ৰতিষ্ঠা হয়।

(৫) ফ্রান্সত জাতীয়তাবাদী ভাবধাৰাৰ সৃষ্টি হয়।

(৬) ফৰাচী বিপ্লৱৰ প্রভার অন্যান্য দেশতো পৰিছিল যাৰ ফলত সেই দেশবোবে। প্ৰজাক ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধা দিবলৈ বাধ্য হৈছিল।

প্রশ্ন ৯। ফৰাচী বিপ্লৱৰ জন্মদাতা কোন আছিল। তেওঁৰ দুটা অৱদান উল্লেখ কৰা।

উত্তৰ ঃ (ক) দার্শনিক বছ’ আছিল ফৰাচী বিপ্লৱৰ প্ৰকৃত জন্মদাতা।

(খ) তেওঁৰ উল্লেখযোগ্য অৱদান হ’ল–

(১) তেৱেঁই মানুহৰ মাজত সমতাৰ ধ্বনি প্ৰচাৰ কৰিছিল।

(২) তেওঁ জন-সার্বভৌমত্ব সমৰ্থন কৰিছিল।

প্রশ্ন ১০। ১৭৮৯ চনৰ ফৰাচী বিপ্লৱৰ আগৰ ফৰাচী লোকৰ তিনিটা সামাজিক শ্রেণী কি কি?

উত্তৰ : সামাজিক শ্ৰেণী তিনিটা হ’ল–

(১) অভিজাত শ্ৰেণী— বেৰণ,জমিদাৰসকল।,

(২) যাজক সম্প্রদায়— বিচপ, আর্ক-বিচপ ধর্মীয় যাজকসকল।

(৩) সাধাৰণ শ্রেণী – বুজোৱা, কাৰিকৰ, বনুৱা আৰু খেতিয়কসকল।

 প্রশ্ন ১১। ফৰাচী বিপ্লৱৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰ ফৰাচী বিপ্লৱৰ চাৰিটা কাৰণ হ’ল–

(১) ৰাজনৈতিক কাৰণ — স্বেচ্ছাচাৰী শাসন।,

(২) সামাজিক কাৰণ— শ্রেণী বিভাজন আৰু শোষণ।

(৩) ৰাজহ ব্যৱস্থ — বৈষম্যমূলক ৰাজহ ব্যৱস্থা।

(৪) ৰাজনৈতিক পণ্ডিতৰ লিখনিৰ প্ৰভাৱ মণ্টেচকিউ, ভল্টেয়াৰ আৰু ৰুছ’ৰ লিখনিৰ প্ৰভাৱ। 

প্রশ্ন ১২। ১৭৮৯ চনৰ বিপ্লৱৰ আগেয়ে ফৰাচী সমাজত থকা সামাজিক শ্রেণী

তিনিটা কি কি?

উত্তৰ : (ক) অভিজাত শ্রেণী, (খ) যাজক সম্প্রদায়, (গ) সাধাৰণ প্ৰজা৷

প্রশ্ন ১৩। ফৰাচী বিপ্লৱৰ মূলমন্ত্ৰ কি আছিল?

উত্তৰঃ ফৰাচী বিপ্লৱৰ মূলমন্ত্ৰ আছিল— ‘সাম্য, মৈত্ৰী আৰু স্বাধীনতা।”

প্রশ্ন ১৪। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ প্ৰতিক্ৰিয়াত স্বাধীনতা লাভ কৰা জাতি দুটা কি ? 

উত্তৰ ঃ আমেৰিকা স্বাধীন হোৱাৰ পিছত আমেৰিকাৰ অনুকৰণত স্বাধীনতা লাভ কৰা জাতি দুটা হ’ল—

(১) স্পেইনৰ লোকসকল স্পেনিছ চৰকাৰৰ পৰা স্বাধীন হয়।

(২) ফৰাচীসকল স্বেচ্ছাচাৰী ৰজাৰ শাসনৰ পৰা মুক্ত হয়।

 প্রশ্ন ১৫। ফ্রান্সত আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ প্রতিক্রিয়া কিদৰে প্ৰকাশ পাইছিল।

উত্তৰঃ আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ পৰা ফৰাচী বিপ্লৱীসকলে যথেষ্ট উৎসাহ-উদ্দীপনা পাইছিল। ফৰাচীসকলে ইংলেণ্ডৰ বিৰুদ্ধে আমেৰিকানসকলক যুদ্ধত সহায় কৰিছিল। এনেকি যুদ্ধৰ খৰচো বহন কৰিছিল। এই যুদ্ধৰ খৰচৰ ঘাটি পূৰাবলৈ ৰজা ষষ্ঠদশ লুইয়ে ‘ষ্টেটছ জেনেৰেল’ আহ্বান কৰিবলৈ বাধ্য হয়। এই সভা আহ্বানৰ ফলতে ফ্রান্সত বিখ্যাত ফৰাচী বিপ্লৱ আৰম্ভ হৈছিল। এইদৰে ফ্ৰান্সত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

 প্রশ্ন ১৬। ফ্ৰান্সৰ নিম্ন শ্রেণীৰ অন্তর্ভুক্ত লোকৰ ভাগ চাৰিটা কি কি?

উত্তৰ ভাগ চাৰিটা হ’ল –

  1. বুজোৱাসকল।
  2. কাৰিকসকল।
  3. বনুৱাসকল।
  4. খেতিয়কসকল।

প্রশ্ন ১৭। চমুটোকা লিখা।

(ক) ষ্টেটছ জেনেবেল,

(খ) বেষ্টিলৰ পতন,

(গ) মানৱ আৰু নাগৰিকৰ অধিকাৰ ঘোষণা

(ঘ) মহিলাৰ সমদল।

উত্তৰ : (ক) ষ্টেটছ জেনেৰেল ষ্টেটছ জেনেৰেল সভাখন অতি পুৰণিকলীয়া সভা। এই সভাখন তিনিটা সম্প্রদায়ৰ প্রতিনিধিক লৈ গঠন হয়। সুবিধাভোগীৰ শ্ৰেণীটোৰ ভোট দুটা। আন সম্প্ৰদায়ৰ ভোট প্রত্যেকৰে এটাকৈ। এই সভাখন ১৬১৪ চনৰ পৰা আহ্বান কৰা নাছিল। ৰজা যোড়শ লুইয়ে ১৭৮৯ চনত দেশৰ আৰ্থিক অৱস্থা অতি শোচনীয় হোৱাত, মন্ত্রী দুজনে দিয়া পৰামর্শ মতে ষ্টেটচ জেনেৰেলৰ সভা আহ্বান কৰে। ১৭৮৯ চনৰ ৫ মে তাৰিখে সভাৰ অধিৱেশন আৰম্ভ হয়। এই সভাৰ তৃতীয় সম্প্রদায়ৰ লোকসকলৰ সংখ্যাই আছিল বেছি। সভাত কোনো কাৰ্যসূচী নথকা বাবে এই বিশৃংখলতাৰ সৃষ্টি হয়।

ষ্টেট্‌চ জেনেৰেলৰ সভাত কোনো সঠিক কাৰ্যসূচী নথকা আৰু সম্প্রদায়কেইটাৰ একেলগে বহা বা নবহা সম্পর্কে কোনো সিদ্ধান্ত ৰজাই দিব নোৱৰাত তৃতীয় সম্প্ৰদায়ৰ প্রতিনিধিসকলে নিজৰ সভাখনকে জাতীয় সভা বুলি ঘোষণা কৰিলে আৰু আন সকলো সম্প্রদায়কে যোগদান কৰিবলৈ আহ্বান কৰে।

(খ) বেষ্টিলৰ পতন : তৃতীয় সম্প্রদায়ৰ প্রতিনিধিসকলে জাতীয়সভা গঠন কৰি কামত অগ্ৰসৰ হোৱা কার্যকলাপত ৰজা বৰ অসন্তুষ্ট হৈছিল। তেওঁ যদিও সকলো সম্প্রদায়কে একেলগে বহাৰ কথাত সন্মতি প্রদান কৰে আৰু প্রত্যেক সম্প্রদায়কে একোটা ভোট দিয়াৰ কথা ঘোষণা কৰে। তথাপি ষ্টেটছ জেনেৰেলৰ বিৰুদ্ধে সামরিক বাহিনী মতায়ন কৰে। এই কথাত ফাটী বিপ্লবীসকল ভীষণ উত্তেজিত হৈ পৰে। পেৰিচৰ চাৰিওফালৰ পৰা সকলো ওলাই আহি প্ৰচণ্ড হুলস্থূলৰ সৃষ্টি কৰে। বহুতো সৈনিকে জনতাৰ লগত যোগদান কৰে। ১৭৮৯ চনত ১৪ জুলাইৰ দিনা পেৰিচৰ উন্মত্ত জনতাই বেষ্টিলৰ দুৰ্গ ধ্বংস কৰি সকলো বন্দীকে মুক্ত কৰি দিয়ে। এই দুর্গ পতনৰ ঘটনা ফৰাচী বিপ্লৱৰ এটা প্ৰসিদ্ধ ঘটনা।

(গ) মানৱ আৰু নাগৰিকৰ অধিকাৰ ঘোষণা : জাতীয় সভাৰ এটা অতি উল্লেখযোগ্য কাম হ’ল – জনসাধাৰণক মৌলিক অধিকাৰ প্ৰদান কৰা। মৌলিক অধিকাৰৰ ঘোষণা পত্ৰখনত ‘আমেৰিকাৰ দৰে কিছুমান অধিকাৰ নাগৰিকক প্ৰদান কৰা হয়। এইবোৰৰ ভিতৰত আইনৰ চকুত ক্ষমতা, বাক স্বাধীনতা, সংবাদ পত্ৰৰ স্বাধীনতা, ধর্ম পালনৰ স্বাধীনতা, নিয়মমতে বিচাৰ পোৱাৰ স্বাধীনতা আদি অধিকাৰ সন্নিবিষ্ট কৰা হয়। এই অধিকাৰবোৰক পবিত্র আৰু অলংঘনীয় বুলি গণ্য কৰা হয়।

(ঘ) মহিলা সমদল : ফ্রান্সত বিপ্লৱ আৰম্ভ হোৱাৰ পিছত প্ৰায় সকলো ঠাইতে কমিউন আৰু জাতীয় বাহিনী গঠন কৰা হয়। চাৰিওফালে অৰাজক অৱস্থাই দেখা দিয়ে। কৃষকসকলে জমিদাৰসকলৰ ঘৰদুৱাৰ ধ্বংস কৰি, মাটিবাৰীৰ দলিল পত্ৰত জুই লগাই দিয়ে। কর্মচাৰীসকলে নিজৰ কৰ্মস্থানৰ পৰা পলায়ন কৰে। এনে অৱস্থাত ৰজাই ভাছাইত সৈন্য বাহিনীৰ সমাবেশ  ঘটাই, ভোজমেলৰ ব্যৱস্থা কৰে। অথচ পেৰিছত মানুহে কটি এটুকুৰাৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। ৰজাৰ এনে কাৰ্যৰ বিপক্ষে পেৰিছবাসী ক্ষুব্ধ হৈ পৰে। ৫ অক্টোবৰ তাৰিখে প্রায় ৮০০০ হাজাৰ ক্ষুধাতুৰ মহিলাই হাতত লাখুটি লৈ কটি বিচাৰি ৰজা-বাণীৰ বাসস্থানলৈ (ভাছাই নগৰলৈ) যাত্ৰা আৰম্ভ কৰে। এই সমদলটো ইতিহাসত ‘মহিলা সমদল’ নামে জনা যায়৷ ভাৰ্ছাইত উপস্থিত হৈ এই দলটোৱে ৰাজপ্রাসাদ ঘেৰাও কৰিছিল। সেই সময়তে জাতীয় সৈন্যবাহিনীৰ সেনাপতি লেফায়েট তাত উপস্থিত হৈ, বজা-ৰাণী আৰু ৰাজকোৱৰসকলক লৈ গৈ, পৰিয়ালটোক পেৰিছৰ টুইলাৰি প্ৰাসাদত নজৰ বন্দী কৰি ৰাখিছিল। ৰজাৰ ক্ষমতা একেবাৰে অৱসান ঘটিবলৈ ধৰে।

(ঙ) পেৰিচ কমিউন ১৭৪৭ চনৰ ১৪ জুলাইৰ দিনা বেষ্টিল দুৰ্গৰ পতন ফৰাচী বিপ্লবৰ এটা গুৰুত্বপূৰ্ণ ঘটনা। বেষ্টিলৰ এই ঘটনাৰ পিছৰে পৰা পেৰিচ ফৰাচী বিপ্লবৰ প্ৰাণকেন্দ্ৰ হৈ পৰে। পেচিত ৰজাৰ শাসনৰ অন্ত পৰে। নগৰবাসীয়ে সেই নগৰৰ শাসন চলাবলৈ ‘পেৰিচ কমিউন’ নামৰ এক স্বায়ত্ব শাসনৰ অনুষ্ঠানৰ জন্ম দিয়ে। শাস্তি ৰক্ষাৰ কাৰণে এক জাতীয় সেনাবাহিনীও গঠন কৰে। বিপ্লবীসকলে ৰঙা, বগা আৰু নীলা ৰঙৰ তিনি বৰণীয়া এখন পতাকাও গ্রহণ করে। এই দৰে সমগ্ৰ ফ্ৰান্সতে ‘কমিউন’ আৰু জাতীয় বাহিনী গঠন কৰা হয়। ফ্ৰান্সৰ ৰজাই এই শাসন মানিবলৈ বাধা হয়।

(চ) ছেপ্টেম্বৰ হত্যাকাণ্ড : ১৭৯২ চনৰ ৯-১০ আগষ্টত পেৰিচ চহৰত ব্যাপক অশাস্তিয়ে দেখা দিলে। ৰজা ৰাণীয়ে ৰাজপ্রাসাদৰ পৰা পলাই গৈ বিধান সভাগৃহত আশ্রয় লব লগা হ’ল। ১০ আগষ্টৰ দিনা ৰজা ষষ্ঠদশ লুইক সিংহাসনচ্যুত কৰি বন্দী কৰা হ’ল। আনহাতে বিপক্ষৰ বাহিনী পেৰিচৰ ফালে আগবাঢ়ি অহাৰ সময়তে ২ ছেপ্টেম্বৰৰ পৰা পাঁচ দিন ধৰি পেৰিচৰ চাৰিওফালে ব্যাপক হত্যাকাণ্ড সংঘটিত হ’ল। ৰজাৰ সমর্থক বুলি যাকে য’তে পালে নামত বিচাৰ কৰা দেখুৱাই হত্যা কৰা হৈছিল। আনুমানিক প্রায় ২০০০ মানক হত্যা কৰা হৈছিল। এই হত্যাকাওকে ছেপ্টেম্বৰৰ হত্যাকাণ্ড বোলে।

(ছ) সন্ত্ৰাসৰ ৰাজত্ব : ফ্ৰান্সৰ সন্ত্ৰাসৰ ৰাজত্ব প্রায় এবছৰতকৈ বেছি কাল (১৭৯৩ ৯৪) বৰ্তি আছিল। সন্ত্ৰাসৰ কালছোৱাত উগ্রবাদী জেকবিন দলৰ প্রধানা বৃদ্ধি পাইছিল। কেইখনমান সমিতৃিয়ে এই শাসন চলাইছিল। উচ্চ পর্যায়ত আছিল “লোক ৰক্ষা সমিতি”। এই সমিতিৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ আৰু দুখন সমিতি আছিল– (১) জন সুৰক্ষা সমিতি, আৰু এখন বিপ্লবী আদালত। সন্দেহতে যিকোনো মানুহক আটক কৰি নামত বিচাৰ কৰি, “গিলোটাইন” পদ্ধতিৰে শিৰচ্ছেদ কৰি হত্যা কৰা হৈছিল। ফ্ৰান্সৰ ৰজা ষোড়শ লুইক এই গিলোটাইন পদ্ধতিৰে প্ৰাণদণ্ড বিহা হৈছিল। ইয়াৰ উপৰিও ফ্ৰান্সৰ ৰাণী, আন বহুতো ৰাজনৈতিক নেতা, সমাজ কর্মীক শিৰচ্ছেদ কৰা হৈছিল। মুঠতে অকল পেৰিচ চহৰতে ৫০০০ লোকক মৃত্যুদণ্ড দিয়া হৈছিল। পিছলৈ ক্ৰমে নেতাসকলৰ মাজত এই মৃত্যুদণ্ডক লৈ মতানৈক্য ঘটিবলৈ আৰম্ভ হ’ল। নেতাসকলৰ মাজৰে কিছুমানে গিলোটিনৰ দণ্ড ভুগিব লগা হৈছিল। শেষত ববছপিয়েৰ নামৰ নেতাজনৰ শিৰচ্ছেদৰ পাছত ১৭৯৪ জুলাই মাহৰ পৰা সন্ত্ৰাসৰ অৱসান ঘটে।

(জ) কনছুলেট : পৰাক্ৰমী নেপোলিয়নে ইংৰাজ সেনাপতি লর্ড নেলছনৰ হাতত নীলনদীৰ যুদ্ধত পৰাজিত হৈ বহুদিন অন্তর্ধান হৈ আছিল। পাছত ১৭৯৯ চনত হঠাৎ ফ্ৰান্সত উপস্থিত হৈ ডাইৰেক্টৰিৰ কুশাসনৰ বাবে, তেওঁলোকক পদচ্যুত কৰি ফ্ৰান্সত কনছুলেট নামৰ এক নতুন শাসন ব্যৱস্থাৰ প্রৱর্তন কৰে। নেপোলিয়ানৰ বলপূর্বক ক্ষমতা দখলৰ কাৰ্যক ১৮ ক্ৰমেয়াৰৰ ঘটনা নামে জনা যায়। ক্রমেয়াৰৰ ঘটনাৰ পাছত এখন নতুন সংবিধান প্ৰৱৰ্তন কৰা হয়। এই সংবিধান মতে তিনিজন কনছালৰ হাতত দেশৰ সর্ব্বোচ্চ ক্ষমতা অর্পণ করা হয়। তিনিজনৰ ভিতৰত নেপোলিয়ান প্রথম কনছাল হয়। পাছত তেওঁৰ ক্ষমতা বৃদ্ধি পাই ১৮০৪ চনত ফ্রান্স সম্রাট হিচাপে প্রতিস্থিত হয়।

নৱম শ্ৰেণীৰ ইতিহাস সমাধান

Sl. No.Contents
Chapter 1আমেৰিকাৰ স্বাধীনতা যুদ্ধ
Chapter 2ফৰাচী বিপ্লৱ
Chapter 3শিল্প-বিপ্লৱ
Chapter 4ৰুছ-বিপ্লৱ
Chapter 5১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ
Chapter 6উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু
ৰাজনৈতিক উত্থান

বচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। ১৭৮৯ খ্রীষ্টাব্দৰ ফৰাচী বিপ্লৱৰ মূল কাৰণবোৰ আলোচনা কৰা। নাইবা, ফৰাচী বিপ্লৱৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰ ঃ (ক) ফৰাচী বিপ্লৱৰ কাৰণবোৰ

(১) ৰাজনৈতিক কাৰণ ঃ ফ্ৰান্সৰ ৰজা চতুৰ্দশ লুই আৰু পঞ্চদশ লুইৰ স্বেচ্ছাচাৰী শাসনেই আছিল ৰাজনৈতিক কাৰণ৷ ৰজা আছিল দেশৰ সৰ্বোচ্চ ক্ষমতাশালী ব্যক্তি। দেশৰ শাসনভাৰ কৰ্মচাৰীৰ হাতত দি তেওঁ ভোগ-বিলাসত মত্ত আছিল। কৰ্মচাৰীৰ অত্যাচাৰত প্ৰজাৰ দুখ দুর্গতিৰ সীমা নাছিল। ফলত প্ৰজাসকল অতিষ্ঠ হৈ বিপ্লৱৰ পথ লয়

(২) সামাজিক কাৰণ: সামন্ত প্রথাই আছিল বিপ্লৱৰ সামাজিক কাৰণ। দেশৰ জনসাধাৰণ দুটা ভাগত বিভক্ত আছিল। জমিদাৰ আৰু যাজকসকলে কৰ-কাটলৰ পৰা মুক্ত থাকি দেশৰ সকলো সা-সুবিধা লৈ ভোগ-বিলাসত কাল কটাইছিল৷ আনহাতে মধ্যবিত্ত শ্রেণীৰ ব্যৱসায়ী, কৃষক, শ্রমিক, শিল্পীসকলে সকলো সুবিধাৰ পৰা বঞ্চিত হৈ কৰৰ সকলো বোজা কঢ়িয়াবলগীয়া হৈছিল। এই সামাজিক বৈষম্যও বিপ্লৱৰ এটা কাৰণ।

(৩) ৰাজহ ব্যৱস্থাঃ কৰ-কাটলৰ বোজা আৰু আদায়ৰ ত্রুটিপূর্ণ পদ্ধতিয়ে আছিল বিপ্লৱৰ অৰ্থনৈতিক কাৰণ। সাধাৰণ প্ৰজাই ৰাজহ দিয়াৰ উপৰি গীৰ্জাৰ কৰ দিব লাগিছিল আৰু জমিদাৰৰ ঘৰত বিনামূলীয়া শ্রমদান কৰিব লাগিছিল। এনে পৰিস্থিতিত সাধাৰণ প্ৰজা অতিষ্ঠ হৈ পৰিছিল।

(৪) দার্শনিক প্ৰভাৱঃ ফৰাচী দেশৰ এই অন্যায়-অত্যাচাৰৰ কথা কেইজনমান দার্শনিক পণ্ডিতে সমাজত প্ৰচাৰ কৰে। তাৰ ভিতৰত মণ্টেচকু’ই স্বেচ্ছাচাৰী ৰজাক নিন্দা কৰিছিল, ভল্টেয়াৰে অত্যাচাৰী যাজক-জমিদাসকলক সমালোচনা কৰিছিল। ৰুছই প্রথমে প্ৰচাৰ কৰে ‘স্বাধীনতা মানুহৰ জন্মগত অধিকাৰ’। ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা প্রজাৰ হাতত। এই প্রচাৰে সাধাৰণ মানুহক সচেনত কৰি তোলে।

(৫) তৎকালীন কাৰণ ঃ অযথা যুদ্ধ-বিগ্রহ আৰু শাসনৰ ভোগ-বিলাসত ৰাজভঁৰাল উদং হৈ পৰিল। বাধ্য হৈ ষোড়শ লুইয়ে উদং ভঁৰাল পূৰ্ণ কৰাৰ বাবে প্ৰজাৰ দ্বাৰা গঠিত ‘ষ্টেট্‌ছ জেনেৰেল’ আহ্বান কৰে। লগে লগে বিপ্লৱ আৰম্ভ হয়।

প্রশ্ন ২। ফ্রান্সৰ জাতীয় সভাৰ কার্যাৱলীৰ এটি চমু বিৱৰণ দিয়া।

উত্তৰ ঃ ফ্ৰান্সৰ তৃতীয় সম্প্ৰদায়ৰ নেতৃত্বত গঠন হোৱা জাতীয় সভাই তলত দিয়া কামবোৰ কৰে ঃ

  1. ফ্ৰান্সৰ সামন্তবাদৰ অৱসান ঘটালে। তৃতীয় সম্প্রদায়ৰ শ্ৰেণীটোৱে কৰৰ বোজাৰ পৰা মুক্ত হ’ল। কৃষকসকলে মাটিৰ অধিকাৰ লাভ কৰে। ফ্ৰান্সত সকলো শ্ৰেণীৰ মাজত সমতা স্থাপন হয়।
  2. জাতীয় সভাই ফ্রান্সত মৌলিক অধিকাৱৰ ঘোষণা কৰে। আইনৰ চকুত সকলোকে সমতা, বাক স্বাধীনতা, সংবাদ পত্ৰৰ স্বাধীনতা, ধর্মর স্বাধীনতা আদি দিয়াৰ ব্যৱস্থা কৰে।
  3. তৃতীয়তে জাতীয়সভাই সমগ্র ফ্রান্সখনক ৮৩ টা ভাগত ভাগ কৰি প্ৰদেশ নাম দিয়ে। প্রদেশবোৰক কিছুমান ‘কেণ্টনত’ ভাগ কৰে আৰু প্রত্যেক কেণ্টনক কিছুমান কমিউনত ভাগ কৰি শাসনৰ ব্যৱস্থা করে।
  4. জাতীয় সভাই আর্থিক সংস্কাৰ সাধন কৰে। গীৰ্জাবোৰৰ অত্যাধিক সম্পত্তি বাজেয়াপ্ত কৰে। এছাই নেট নামৰ কাগজী মুদ্ৰাৰ প্ৰচলন কৰে।

প্রশ্ন ৩। ফৰাচী বিপ্লৱৰ ফলাফলবোৰ চমুকৈ আলোচনা কৰা৷

উত্তৰ ফৰাচী বিপ্লৱৰ ফলাফল:

  1. ফৰাচী বিপ্লৱৰ ফলত চৰম ৰাজস্তুৰ অৱসান ঘটে আৰু তাৰ ঠাইত গণতন্ত্ৰৰ প্ৰতিষ্ঠা হয়।
  2. এই বিপ্লৱৰ ফলতে সকলো প্ৰজাই সমান সুযোগ-* সুবিধা পায়। আইনৰ চকুত সকলো সমান হয়।
  3. সকলো শ্ৰেণীৰ প্ৰজাৰ মাজত ৰাজনৈতিক আৰু সামাজিক সমতাৰ প্ৰতিষ্ঠা হয়।
  4. ফ্ৰান্সত সামস্ত প্ৰথাৰ অৱসান হয় আৰু সুবিধাভোগী শ্ৰেণীৰ বিশেষ সা-সুবিধাৰ অন্ত পৰে।
  5. ফ্রান্সত জাতীয়তাবাদী ভাবধাৰাৰ সৃষ্টি হয়,ফলত নেপোলিয়নৰ নেতৃত্বত ফ্রান্সত গণৰাজ্যৰ প্ৰতিষ্ঠা হয়।

প্রশ্ন ৪। নেপোলিয়নে কেনেকৈ ফ্ৰান্সত ক্ষমতা হস্তগত কৰিছিল সেই বিষয়ে চমু আভাস দিয়া।

উত্তৰ ঃ ফ্ৰান্সৰ অধীনত থকা ভূমধ্যসাগৰৰ বাসিন্দা নেপোলিয়ান বোনাপার্টে শিক্ষা • সাং কৰি ফৰাচী সৈন্যবাহিনীত যোগদান কৰিছিল। তেওঁ নিজৰ দক্ষতা আৰু সাহসৰ বাবে সকলোৰে নজৰ পৰি দোপতদপে উন্নতিৰ পথত আগবাঢ়ে। তেওঁ ১৭৯৩ চনত টুলৰ পৰা ইংৰাজবাহিনীক খেদি পঠায়। তাৰ পিছত পেৰিছ কমিউনৰ হাতৰ পৰা কনভেনচন চৰকাৰক ৰক্ষা পৰে। এই সাহসিকতাৰ বাবে তেওঁক ইটালী অভিযান দায়িত্ব দিয়ে। ইটালীত তেওঁ আক্ৰমণকাৰী অষ্ট্ৰিয়াক খেদি পঠাবলৈ সক্ষম হয়। কিন্তু তেওঁ ইজিপ্তত ইংৰাজৰ সৈন্য বাহিনীৰ হাতত পৰাজয়বৰণ কৰে। কিন্তু ডাইৰেক্টৰৰ শাসনৰ ফলত ফ্রান্সত ক্ৰমে শাসন ব্যৱস্থাৰ অবনতি ঘটাত জনসাধাৰণ বিভুক্ত হৈ পৰিছিল। তেনে সময়তে, বহু বছৰৰ অন্তত নেপোলিয়ান ফ্রান্সলৈ আহে। পেৰিচবাসী তেওঁক স-সন্মানে আদৰণি জনায়। নেপোলিয়ানে ফৰাচীসকলৰ বিতৃষ্টিৰ কথা জানি ডাইৰেক্টৰসকলক পদচ্যুত কৰি কনছলেট নামৰ নতুন শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। প্ৰথম কনছাল হ’ল নেপোলিয়ান নিজে। এইদৰে তেওঁ ১৮০৪ চনত ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰি সম্রাট নেপোলিয়ান হিচাপে পৰিগণিত হয়। এইদৰেই তেওঁ সর্বোচ্চ ক্ষমতাৰ গৰাকী হৈ পৰে।

প্রশ্ন ৫। ৰজাৰ স্বেচ্ছাচাৰিতা আৰু দার্শনিক বুদ্ধিজীৱীসকলৰ লেখনিয়ে কেনেকৈ ফৰাচী বিপ্লৱীসকলক প্ৰভাৱিত কৰিছিল আলোচনা কৰা।

উত্তর : (১) ৰাজনৈতিক কাৰণ ঃ ফ্ৰান্সৰ ৰজা চতুৰ্দশ লুই আৰু পঞ্চদশ লুইৰ স্বেচ্ছাচাৰী শাসনেই আছিল ৰাজনৈতিক কাৰণ৷ ৰজা আছিল দেশৰ সৰ্বোচ্চ ক্ষমতাশালী ব্যক্তি। দেশৰ শাসনভাৰ কৰ্মচাৰীৰ হাতত দি তেওঁ ভোগ-বিলাসত মত্ত আছিল। কৰ্মচাৰীৰ অত্যাচাৰত প্ৰজাৰ দুখ দুর্গতিৰ সীমা নাছিল। ফলত প্ৰজাসকল অতিষ্ঠ হৈ বিপ্লৱৰ পথ লয়

(2) দার্শনিক প্ৰভাৱঃ ফৰাচী দেশৰ এই অন্যায়-অত্যাচাৰৰ কথা কেইজনমান দার্শনিক পণ্ডিতে সমাজত প্ৰচাৰ কৰে। তাৰ ভিতৰত মণ্টেচকু’ই স্বেচ্ছাচাৰী ৰজাক নিন্দা কৰিছিল, ভল্টেয়াৰে অত্যাচাৰী যাজক-জমিদাসকলক সমালোচনা কৰিছিল। ৰুছই প্রথমে প্ৰচাৰ কৰে ‘স্বাধীনতা মানুহৰ জন্মগত অধিকাৰ’। ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা প্রজাৰ হাতত। এই প্রচাৰে সাধাৰণ মানুহক সচেনত কৰি তোলে।

প্রশ্ন ৬। নেপোলিয়ান বোনাপৰ্টৰ আভ্যন্তৰীণ সংস্কাৰসমূহৰ বিৱৰণ দিয়া।

উত্তৰঃ নেপোলিয়ান সৰুৰে পৰা কঠোৰ পৰিশ্ৰমী, আত্মকেন্দ্ৰিক আৰু গহীন প্ৰকৃতিৰ লোক আছিল। তেওঁ শিক্ষা সাং কৰি ফৰাচী সৈন্য বাহিনীত যোগদান কৰিছিল। তেওঁ সাহসিকতা আৰু দক্ষতাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ পেৰিছ কমিউনৰ হাতৰ পৰা কনভেনচন চৰকাৰক ৰক্ষা কৰে। তেওঁ ইটালী অভিযানতো সফলতা অর্জন কৰে কিন্তু তেওঁ ইজিপ্তত ইংৰাজ সেনাপতি নেলছনৰ হাতত পৰাজিত হৈ বহুদিন সন্ধানহীন হৈ আছিল। কিন্তু পিছত দেশলৈ ঘূৰি আহি, কুশাসন চলোৱা ডাইৰেক্টৰসকলক পদচ্যুত কৰি তেওঁ কনছ্লেট নামৰ এক নতুন শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। ফলত নেপোলিয়ানে বলপূর্বক শাসন ক্ষমতা দখল কৰে। ইয়াকে ১৮ ব্রুমেয়াৰৰ ঘটনা বুলি জনাজাত হয়৷ এই ঘটনাৰ পাচত এখন নতুন সংবিধান ৰচনা কৰি তিনিজন কনছালৰ ভিতৰত তেওঁ প্ৰথম কনছালৰ হৈ সকলো ক্ষমতা নিজৰ হাতলৈ আনে আৰু ১৮০৪ চনত ৰজাৰ মুকুট গ্রহণ কৰি সম্রাট নেপোলিয়ান হয়। তেওঁ শাসন কার্যত দেখুওৱা কৃতিত্ব আৰু বৈদেশিক যুদ্ধৰ সফলতাৰ বাবে ফৰাচীবাসীয়ে তেওঁক বিপ্লৱৰ সন্তান বুলি আকোৱালি লৈছিল।

তেওঁ নিজৰ দক্ষতা আৰু সাহসৰ প্ৰতিভাৰে শাসনৰ ক্ষমতা দখল কৰিছিল। তেওঁ আনকো প্ৰতিভাৰ বাবে স্বীকৃতি দিছিল। তেওঁ ফ্রান্স আইন সংশোধন কৰি সমাজত ন্যায় প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ আইনসমূহক ইউৰোপত বৰ সমাদৰ কৰিছিল।

তেওঁৰ বৈদেশিক নীতি ত্রুটিৰ বাবেই সমগ্ৰ ইউৰোপৰ দেশসমূহক শত্ৰুত পৰিণত কৰি লৈছিল। তেওঁ প্ৰায়বোৰ দেশৰ লগতে যুদ্ধত লিপ্ত হৈ পৰিছিল। ফলত ইংলণ্ডৰ নেতৃত্বত ইউৰোপৰ সকলো দেশৰ সংঘবদ্ধ শক্তি সমবায় সৈন্য বাহিনীৰ হাতত ১৮১৫ চনত ৱাটাৰলুৰ যুদ্ধত নেপোলিয়ানৰ চৰ্ম পৰাজয় ঘটে। শেষত ইংৰাজৰ হাতত আত্মসমর্পণ কৰিব লগা হয়। বাকী জীৱনৰ কালছোৱা বন্দী অৱস্থাত থাকি এটা শিলাময় দ্বীপত ১৮২১ চনৰ ৫ মে’ত মৃত্যুক আকোৱালি লয়।

প্রশ্ন ৭। ফৰাচী সমাজৰ সম্প্ৰদায় তিনিটাই লাভ কৰা সুবিধা আৰু অসুবিধাসমূহ লিখা।

উত্তৰঃ ফৰাচীসমাজখন তিনিটা সম্প্রদায়ক লৈ গঠিত হৈছিল। প্রথম সম্প্রদায় আছিল উচ্চ পৰ্য্যায়ৰ যাজকসকল, দ্বিতীয় পর্যায়ত আছিল- বংশ গৌৰৱৰ অধিকাৰী অভিজাত ডা-ডাঙৰীয়াসকল। তৃতীয় সম্প্রদায়ত আছিল-কৃষক, বুর্জোৱা, আন শ্রমজীৱী লোকসকল প্রথম দুয়োটা সম্প্ৰদায়ৰ লোক আছিল বিভিন্ন সুবিধাভোগী শ্ৰেণীৰ লোক। তেওঁলোকে ৰজাৰ সকলো ৰাজনৈতিক আৰু আৰ্থিক সুবিধাবোৰ ভোগ কৰিছিল। তৃতীয় সম্প্ৰদায়ৰ লোকসকলে, উক্ত সুবিধাবোৰৰ পৰা বঞ্চিত আছিল। তেওঁলোকৰ কোনো বংশ মর্যাদাও নাছিল। বেছি সংখ্যক লোকৰ কোনো সুবিধা নাছিল। ফ্ৰান্সৰ অভিজাতসকলে যুদ্ধ কৰিব

আৰু যায়কসকলে প্ৰাৰ্থনা কৰিব আৰু সাধাৰণ মানুহে কৰৰ বোজা বা দায়িত্ব পালন কৰিব লাগিছিল। মুঠতে সৰ্বসাধাৰণ লোকসকলেই সমস্ত কৰৰ বোজা বহন কৰিছিল আৰু আন দুটা সম্প্রদায়ে নিজৰ কৰ্তব্য পালন নকৰি ভোগ বিলাসতে জীবন অতিবাহিত কৰিছিল। যাজকসকল আৰু উচ্চ বর্গ অভিজাতসকাল সকলো সুবিধাৰ উপৰিও, বিস্তৰ ধন সম্পদৰ গৰাকী হ’লেও কোনো প্ৰকাৰৰ কৰ দিব নালাগিছিল। কৃষকসকল আছিল সকলোতকৈ নির্যাতিত দেশৰ সংখ্যাগৰিষ্ঠ লোক।

অনুশীলনৰ প্ৰশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। (ক) ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্রাট কোন আছিল ?

(খ) কেইআৰ কি?

(গ) দ্য রেলথ অব্ নেশন্‌ছ’ৰ লেখক কোন?

(ঘ) সম্রাট ষোড়শ লুইক কোন বছৰত ফাচি দিয়া হৈছিল?

(ঙ) ভিয়েনা কংগ্ৰেছ কোন চনত অনুষ্ঠিত হৈছিল?

(চ) কোনে কৈছিল ‘ময়েই ৰাষ্ট্র’?

(ছ) কোনে নিজকে ‘বিপ্লৱৰ সন্তান’ বুলি অভিহিত কৰিছিল ?

(জ) কোনে কৈছিল, ফ্রান্সে যেতিয়া হাঁচি মাৰে, ইউৰোপৰ পানী লাগে??

(ঝ) ‘টেনিছ ক’টৰ শপত’ কাৰ সভাপতিত্বত গ্ৰহণ কৰা হৈছিল?

(ঞ) ‘ছ’চিয়েল কন্ট্রেক্ট’ গ্রন্থখন কোনে ৰচনা কৰিছিল?

(ট) ফ্রান্সত কেতিয়া প্রথমে গণৰাজ্য স্থাপন কৰা হৈছিল?

(ঠ) ১৮ ব্রুমেয়াৰ্ট কি ঘটনা ঘটিছিল?

(ড) ফৰাচী বিপ্লৱর বাণী কি আছিল?

উত্তৰঃ (ক) ৰজা ষোড়শ লুই।

(খ) ১৭৮৯ চনৰ মে মাহত বহা ষ্টেটছ জেনেৰেলত প্রতিনিধিসকলে দাখিল কৰা নিজৰ নিজৰ সমষ্টিৰ অভাৱ অভিযোগৰ লিখিত প্রতিবেদন।

(গ) ইংলেণ্ডৰ অর্থনীতিবিদ আডাম স্মিথ (১৭২৩-১৭৯০) (ঘ) ১৭৯৩ চনৰ ২১ জানুৱাৰী তাৰিখত ৷

(চ) ফ্ৰান্সৰ ৰজা চতুৰ্থ লুইয়ে।

(জ) অষ্ট্ৰিয়াৰ চেঞ্চেলৰ প্রিন্স মেটানিকে। (ঞ) দার্শনিক জা জেক কছো।

(ঠ) নেপোলিয়নে বলপূর্বকভাৱে কনছলেটৰ দখল কৰিছিল। এই কাৰ্যকে ১৮ ক্ৰমেয়াবৰ

(ঙ) ১৮১৫ চনৰ অনুষ্ঠিত হৈছিল। (ছ) নেপোলিয়ান বোনাপার্টে।

(ঝ) বিজ্ঞানী তথা বিপ্লৱী বেইলী।

(ট) ১৯৯২ চনৰ ২২ ছেপ্টেম্বৰত। ডাইৰেক্টৰসকলক পদচ্যুত কৰি ক্ষমতা ঘটনা বোলে।

(ড) ফৰাচী বিপ্লৱৰ বাণী আছিল সাম্য, মৈত্ৰী আৰু স্বাধীনতা।”

ওপৰঞ্চি অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ফৰাচী বিপ্লৱৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ ফল কি?

উত্তৰঃ ৰাজতন্ত্ৰৰ অৱসান।

প্রশ্ন ২। ১৭৮৯ চনত ফ্ৰান্সৰ ষষ্ঠদশ লুইয়ে ষ্টেটচ জেনেৰেল আহ্বান নকৰাহেঁতেন তাত কি হ’লহেঁতেন?

উত্তৰঃ পুঁজিৰ অভাৱ।

প্রশ্ন ৩। ফৰাচী বিপ্লৱৰ ‘জন্মদাতা’ কোন?

উত্তৰঃ কছো।

প্রশ্ন ৫। বিপ্লৱৰ বৈশিষ্ট্য এটা উল্লেখ কৰা।

উত্তৰঃ হঠাতে উদ্ভৱ হয়।

প্রশ্ন ৬। সকলো ৰাজনৈতিক বিপ্লৱৰ মূল উদ্দেশ্য কি?

উত্তৰঃ সমতা স্থাপন কৰা।

প্রশ্ন ৭। ‘মানুহ জন্মতে স্বাধীন হৈয়ে জন্মে, কিন্তু তেওঁলোকৰ হাত-ভৰি আজি শৃংখলিত’ এইটো কোনজন দার্শনিকৰ মস্তব্য?

উত্তৰঃ ৰুছোৰ।

প্রশ্ন ৮। ফৰাচী বিপ্লৱৰ সময়ত ফ্রান্সত কি শাসন চলিছিল?

উত্তৰঃ চৰম ৰাজতান্ত্রিক শাসন।

প্রশ্ন ৯। ফ্রান্সৰ কোনজন ৰজাই নিজকে ‘ৰাষ্ট্ৰ’ বুলি চিনাকি দিছিল?

উত্তরঃ চতুর্দশ লুইয়ে।

প্রশ্ন ১০। ফ্রান্সৰ কোন ৰজাই ‘ষ্টেট্‌ছ জেনেৰেল’ আহ্বান কৰিছিল?

উত্তৰঃ ষষ্ঠদশ লুই।

প্রশ্ন ১১। ফৰাচী বিপ্লৱ সংঘটিত কেতিয়া হৈছিল?

উত্তৰঃ ১৭৮৯ খ্ৰীঃত।

প্রশ্ন ১২। স্বাধীনতা, সমতা আৰু ভাতৃত্ব’ কোন বিপ্লৱৰ বাণী?

উত্তৰঃ আমেৰিকাৰ স্বাধীনতা বিপ্লৱৰ।।

প্রশ্ন ১৩। কোনজন চিন্তাবিদে ‘সমতাৰ ধ্বনি’ প্ৰচাৰ কৰিছিল?

উত্তৰঃ ৰুছোৱে।

প্রশ্ন ১৪। আমেৰিকাৰ স্বাধীনতা যুদ্ধত ইংলণ্ডৰ বিৰুদ্ধে আমেৰিকাবাসীক কি?

কৰা দেশখনৰ নাম উত্তৰঃ ফ্রান্স।

প্রশ্ন ১৫। ফৰাচী বিপ্লৱে অনা দুটা সুফল উল্লেখ কৰা।

উত্তৰঃ সুফল দুটা ঃ (১) ফৰাচী বিপ্লৱে চৰম ৰাজতন্ত্ৰৰ অৱসান ঘটাই, গণতান্ত্রিক শাসনৰ প্ৰবৰ্তন কৰে।

(২) এই বিপ্লৱৰ ফলত সকলো প্ৰজাই সমান সুযোগ সুবিধা পায়। আইনৰ চকুত সকলো সমান হয়।

প্রশ্ন ১৬। দার্শনিকৰ লিখনীয়ে প্ৰভাৱিত কৰা দুটা বিপ্লৱৰ নাম লিখা।

উত্তৰঃ দার্শনিকৰ লিখনীৰ প্ৰভাৱ পৰা বিপ্লৱ দুটা (১) ফৰাচী বিপ্লৱ (২) ৰুচ বিপ্লৱ।

প্রশ্ন ১৭। ফৰাচী বিপ্লব আৰু ৰুচ বিপ্লব কেতিয়া হৈছিল ? 

উত্তৰঃ (১) ফৰাচী বিপ্লৱ হৈছিল-১৭৮৯ চনত। (২) ৰুছ বিপ্লৱ হৈছিল- ১৯১৭ চনত।

প্রশ্ন ১৮। দ্য স্পিৰিট অৱ দ্য লজ গ্ৰন্থখনৰ ৰচক কোন? [KD-2014. Dhe-2019]

 উত্তৰঃ ফৰাছী দার্শনিক মণ্টেস্ক’।

প্রশ্ন ১৯। ফৰাচী দার্শ ভলটেয়াৰৰ প্রকৃত নাম কি ?

উত্তৰঃ মেৰী অৰুৱে।

প্রশ্ন ২০। “সাম্য, মৈত্রী আৰু স্বাধীনতাৰ” কোনটো বিপ্লবৰ মহামন্ত্ৰ আছিল? কাৰ সৃষ্টি আছিল ?

উত্তৰঃ (ক) ফৰাচী বিপ্লৱৰ, (খ) দার্শনিক ৰুচ’ৰ।

 প্রশ্ন ২১। ফৰাচী বিপ্লৱক প্ৰভাৱিত কৰা বিপ্লৱ দুটা কি কি?

উত্তৰঃ বিপ্লৱ দুটা ঃ (ক) গৌৰৱময় বিপ্লৱ আৰু (খ) আমেৰিকাৰ স্বাধীনতা সংগ্রাম।।

 প্রশ্ন ২২। ফৰাচীসমাজৰ সম্প্রদায় তিনিটা কি কি আছিল?

উত্তৰঃ সম্প্রদায় তিনিটা হ’ল–

(ক) উচ্চ পর্যায়ৰ যায়কসকল।

(খ) অভিজ্যাত ডা-ডাঙৰীয়াসকল

(গ) কৃষক, বুর্জোৱা, শ্রমজীৱীসকল।

প্রশ্ন ২৩। ফৰাচী সংসদখনৰ নাম কি আছিল?

উত্তৰঃ ষ্টেটছ জেনেৰেল ৷

প্রশ্ন ২৪। ৰুছোই লিখা এখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ছচিয়েল কন্ট্রেক্ট (Social Contract)

প্রশ্ন ২৫। ফৰাচী বিপ্লৱৰ তৎকালীন কাৰণটো কি আছিল?

 উত্তৰঃ ফ্ৰান্সৰ ৰজা ষোড়শ লুইৰ ষ্টেটছ জেনেৰেল আহবান। 

প্রশ্ন ২৬। ফৰাচী বিপ্লৱৰ গুৰি ধৰা সম্প্রদায়টো কি আছিল?

উত্তৰঃ বুর্জোৱা শ্ৰেণীটোৱে ফৰাচী বিপ্লবৰ গুৰি ধৰিছিল। 

প্রশ্ন ২৭। ফ্ৰাচীসকলে কোনটো দিন স্বাধীনতা দিবস হিচাপে পালন কৰে?

উত্তৰঃ ১৪ জুলাইৰ দিনটো জাতীয় দিৱস (স্বাধীনতা দিবস) হিচাবে পালন কৰে। এই দিনটোতে পেৰিচত বেষ্টিলৰ দুৰ্গ জনতাই ধ্বংস কৰিছিল। ইয়াকে বেষ্টিল দুৰ্গৰ পতন

বুলি জনা যায়।

প্রশ্ন ২৮। ছচিয়েল কন্ট্রেক্ট গ্ৰন্থখনৰ ৰচক কোন? গ্ৰন্থখনৰ প্ৰথমতেই উল্লেখ কৰা বাক্য শাৰী লিখা।

উত্তৰঃ ক) গ্ৰন্থখনৰ ৰচক ‘দার্শনিক জাঁ জেক্ ৰুছ”।

খ) গ্ৰন্থখনৰ প্ৰথমতে তেওঁ উল্লেখ কৰিছে যে “মানুহ স্বাধীন হৈয়ে জন্ম গ্রহণ কৰে; কিন্তু শিকলিৰ বান্ধোনৰ পৰা মুক্ত নহয়”।

A. শুদ্ধ উত্তৰ বাছি উলিওৱা।

প্রশ্ন ১। কছদেশত ১৮৬১ চনত ছাৰ্ফসকলক ‘মুক্তিৰ আজ্ঞা’ দি স্বাধীন নাগৰিকৰ অধিকাৰ দিয়া ৰজাজন কোন?

A. ৰজা পিটাৰ,

B. জাৰ প্রথম নিকোলাচ,

C. জাৰ দ্বিতীয় আলেকজেণ্ডাৰ,

D, জাৰ প্রথম আলেকজেণ্ডাৰ।

উত্তৰ : C. জাৰ দ্বিতীয় আলেকজেণ্ডাৰ।

 প্রশ্ন ২। ফৰাচী বিপ্লৱ সংঘটিত হৈছিল— 

A. ১৭৮৯ খ্ৰী:ত,

B. ১৮৮৯ খ্ৰীঃত,

C. ১৭৯৮ খ্রীঃত,

D. ১৭৮৭ খ্রীঃত।

উত্তৰ : A. ১৭৮৯ খ্রীঃত।

প্রশ্ন ৩। ফৰাচী বিপ্লৱৰ সর্বাধিক গুৰুত্বপূর্ণ ফল—

A. ৰাইজৰ জয়,

B. ৰাজতন্ত্রৰ অৱসান,

C. গণতন্ত্রৰ প্রতিষ্ঠা,

D. সমতাৰ প্রতিষ্ঠা।

উত্তৰ : D. সমতাৰ প্ৰতিষ্ঠা।

প্রশ্ন ৪। স্বাধীনতা, সমতা আৰু ভ্রাতৃত্ব কোন বিপ্লৱৰ বাণী?

A. কছ বিপ্লৱৰ,

B. আমেৰিকাৰ স্বাধীনতা বিপ্লৱৰ,

C. গৌৰৱময় বিপ্লৱৰ,

D. ফ্ৰাচীবিপ্লৱৰ।

উত্তৰঃ D. ফৰাচী বিপ্লৱৰ।

প্রশ্ন ৫। ১৭৮৯ চনত ফ্ৰান্সৰ ষষ্ঠদশ লুইয়ে ষ্টেটচ জেনেৰেল আহ্বান নকৰাহেঁতেন তাত হ’লহেঁতেন—

A. গণ-অশান্তি,

B. পুঁজিৰ অভাৱ,

C. বৈদেশিক আক্রমণ,

D.ৰাজনৈতিক দলসমূহৰ অসন্তুষ্টি।

উত্তৰ : B. পুঁজিৰ অভাৱ।

. প্রশ্ন ৬। নিম্নোক্ত কোনজনে ‘সমতাৰ ধ্বনি’ প্ৰচাৰ কৰিছিল?

A. মণ্টেছকিউয়ে,

B. ভল্টেয়াৰে,

C. ৰুছোৱে,

D. প্লেটোৱে।

উত্তৰ ঃ C. ঝছোৱে।

প্রশ্ন ৭। ফৰাচী বিপ্লৱৰ জন্মদাতা

A. মণ্টেছকিউ,

B. ঝছো,

C. ভল্টেয়াৰ,

D. ষষ্ঠদশ লুই।

উত্তৰঃ B. ৰুছো।

 প্রশ্ন ৮। ৰুছোৱে সমর্থন কৰিছিল —

A. সাংবিধানিক ৰাজতন্ত্র,

B. জনসার্বভৌমত্ব,

C. শ্রেণীহীন সমাজৰ,

D. বুর্জোরা নেতৃত্ব।

উত্তৰঃ B. জনসার্বভৌমত্ব। 

প্রশ্ন ৯। নিম্নোক্ত কোনটো বিপ্লৱৰ বৈশিষ্ট্য নহয় ?

A. হঠাতে সংঘটিত হয়,

B. জীৱনধাৰাৰ পৰিৱৰ্তন আনে,

C. সাধাৰণভাৱে প্ৰভাৱশালী,

D. উদ্দেশ্যবিহীন।

উত্তৰ : D. উদ্দেশ্যবিহীন।

প্রশ্ন ১০। সকলো ৰাজনৈতিক বিপ্লৱৰ মূল উদ্দেশ্য—

A. স্বেচ্ছাচাৰী শাসন উচ্ছেদ কৰা,

B, আর্থিক অৱস্থা টনকিয়াল কৰা,

C. সমতা স্থাপন কৰা,

D. শাসক পৰিৱৰ্তন কৰা। 

উত্তৰ ঃ C. সমতা স্থাপন কৰা।

প্রশ্ন ১১। এবিষ্ট টলৰ মতে বিপ্লৱৰ ঘাই কাৰণ —

A স্বেচ্ছাচাৰী শাসন

B. মানুহৰ মাজত অসমতা,

C. ন্যায্য প্রাপাৰ পৰা বঞ্চিত,

D. অতিমাত্ৰা কৰৰ বোজা।

উত্তৰঃ B. মানুহৰ মাজত অসমতা।

 প্রশ্ন ১২। বিপ্লৱৰ সাধাৰণ কাৰণ দিয়া গ্রীক দার্শনিক—

A. চক্রেটিচ.

B এৰিষ্টটল,

C. গ্লাউকন,

D. ট্ৰেচিমাকাছ। 

উত্তৰ : B. এৰিষ্টটল।

প্রশ্ন ১৩।▬ আজিৰ যুগত ৰাষ্ট্ৰবোৰ গঢ়ি উঠিছে—

A. সমাজবাদী আদর্শত

B. ব্যক্তিবাদীআদর্শত,

C. কল্যাণকামী আদর্শত

D. সাম্যবাদী আদর্শত। 

উত্তৰ : C. কল্যাণকামী আদৰ্শত।

প্রশ্ন ১৪। ১৭৮৯ চনত ফ্রান্সৰ ষষ্ঠদশ লুইয়ে জেনেৰেল আহ্বান নকৰাহেঁতেন তাত হ’লহেঁতেন-

A. গণ-অশান্তি,

B. পুঁজিৰ অভাৱ,

C. বৈদেশিক আক্রমণ,

D. বাজনৈতিক দলসমূহৰ অসন্তুষ্টি

উত্তৰB. পুঁজিৰ অভাৱ।

প্রশ্ন ১৫। ফৰাচী বিপ্লৱত কোনজনৰ লিখনীয়ে প্রভাৱ পেলোৱা নাছিল –

A. টলষ্টয়,

b. মণ্টেছকিউ,

C. ঝছো,

D. ভল্টায়াৰ

উত্তৰ : A টলষ্টয়।

প্রশ্ন ১৬। ভল্টেয়াবে সমালোচনা কৰিছিল –

A. গীর্জা,

B. আমোলাতন্ত্র,

C. ৰাজস্ব নীতি,

D. ৰাজতন্ত্র

উত্তৰ : A, গীর্জা।

প্রশ্ন ১৭। ফৰাচী বিপ্লৱৰ সৰ্বাধিক গুৰুত্বপূৰ্ণফল

A. ৰাইজৰ জয়,

B. ৰাজতন্ত্রৰ অৱসান,

C. গণতন্ত্রৰ প্রতিষ্ঠা,

D. সমতাৰ প্ৰতিষ্ঠা

উত্তৰ : C. গণতন্ত্র প্রতিষ্ঠা।

প্রশ্ন ১৮। ফ্ৰাচী বিদ্ৰোহৰ সময়ত ফ্ৰান্সৰ ৰজা কোন আছিল –

A. চতুর্দশ লুই.

B. পঞ্চদশ লুই.

c. ষষ্ঠদশ লুই.

D. মেৰি এণ্টয়নেট

উত্তৰ ঃ A. চতুর্দশ লুই।

প্রশ্ন ১৯। করাচী বিপ্লৱ হৈছিল

A. ১৭৯৮ চনত,

B. ১৭৮৯ চনত,

C. ১৭৫৬ চনত,

D. ১৭৬৫ চনত

উত্তৰ : B. ১৭৮৯ চনত 

প্রশ্ন ২০। ফৰাচী বিপ্লৱৰ তৎকালীন কাৰণটো –

A. ৰাজহ বৃদ্ধি,

B. শোচনীয় বিত্তীয় অৱস্থা,

C. ষ্টেচ্ জেনেৰেল আহ্বান,

D. ৰুচোৰ লিখনি

উত্তৰ ঃ C. ষ্টেটচ জেনেৰেল আহ্বান।

 প্রশ্ন ২১। কছোই সমৰ্থন কৰিছিল –

A. সাংবিধানিক ৰাজতন্ত্র,

B. জন-সার্বভৌমত্বৰ,

C. শ্রেণীহীন সমাজৰ,

D: বুর্জোৱা

উত্তৰ: B. জন-সার্বভৌমত্বৰ।

প্রশ্ন ২২। “স্বাধীনতা, সমতা, ভ্রাতৃত্ব কোন বিপ্লৱৰ বাণী’ কোন A. ৰুছ বিপ্লৱ. B. আমেৰিকাৰ স্বাধীনতা বিপ্লৱ, C. ফৰাচী বিপ্লৱ, D. গৌৰৱময় বিপ্লৱ।

উত্তৰC. ফৰাচী বিপ্লৱ।

প্রশ্ন ২৩। ফ্রান্সত গণৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল

A. ৰুছোই. B. নপোলিয়ানে, C. ষষ্ঠদশ লুইয়ে, D. জনসাধাৰণে উত্তৰ : B. নপোলিয়ানে।

প্রশ্ন ২৪। বেষ্টিল দুৰ্গৰ পতন হৈছিল। A. ১৭৮৯ চনৰ ১৪ জুলাইত, ৪. ১৭৮৯ চনৰ ১ অক্টোবৰত, C, ১৭৮৯ চনৰ ২০ জুনত, D. ১৭৯২ চনৰ ২ আগষ্টত

[Dhe-2019]

উত্তৰ ংঃ A. ১৭৮৯ চনৰ ১৪ জুলাইত।

Leave a Reply