Class-9 History Elective| Chapter-1| আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Class-9 History Elective| Chapter-1| আমেৰিকাৰ স্বাধীনতা যুদ্ধ. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  Class-9 History Elective| Chapter-1| আমেৰিকাৰ স্বাধীনতা যুদ্ধ, Elective History Class 9 SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

History Elective| Chapter-1| আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For Class-9 History Elective| Chapter-1| আমেৰিকাৰ স্বাধীনতা যুদ্ধ Solutions for All Subjects, You can practice these here.

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। আমেৰিকাৰত ইংৰাজ উপনিৱেশ স্থাপনৰ বিষয়ে এটি চমু বিৱৰণ দিয়া।

উত্তৰ ঃ ইউৰোপীয় বেহা-বেপাৰৰ বিপুল বিস্তাৰে ভৌগোলিক আৱিষ্কাৰত বহুতো বৰঙনি যোগায়। স্পেইনে নতুন আৱিষ্কৃত আমেৰিকাত উপনিৱেশ প্রতিষ্ঠা কৰাত ফ্রান্স, হলেণ্ড আৰু ইংলেণ্ডে নতুনকৈ আৱিষ্কৃত হোৱা দেশত উপনিৱেশ প্ৰতিষ্ঠাৰ প্ৰয়াস কৰে।

ইংৰাজসকলৰ ভিতৰত হমিফ্ৰে গিলবার্টৰ নাম উল্লেখ কৰিব পাৰি। তেওঁ ১৫৮৩ চনত নিউফাউগুলেণ্ড দখল কৰিছিল যদিও তেওঁৰ উপনিৱেশ স্থাপন কৰা নহ’ল। তাৰ পিছত ছাৰ ৱাল্টাৰ ৰেলেই ১৫৮৫ চনত ভার্জিনিয়া নামৰ এটা উপনিৱেশ স্থাপন কৰিছিল। অলপ দিনৰ ভিতৰতে তাত বেপাৰ-বাণিজ্য গঢ়ি উঠিছিল। কিছুদিনৰ ভিতৰতে ইংলণ্ডৰ পিউৰিটান সম্প্ৰদায়ৰ লোকৰ জনবসতি গঢ়ি উঠিছিল। ১৬২০ চনত পিউৰিটানসকলে মে’ফ্লাৱাৰ নামৰ জাহাজ এখনেৰে গৈ আমেৰিকাত এখন নতুন উপনিৱেশ গঢ়ি তোলে। তাৰ নাম আছিল প্লাইমাউথ। তাৰ পিছত তেওঁলোকে ১৬২৮ চনত মাছাচুছেটছ উপনিৱেশ স্থাপন কৰে। তেওঁলোকে কম দিনৰ ভিতৰতে আৰু তিনিখন পিউৰিটান উপনিৱেশ গঢ়ি তোলে। এই পিউৰিটানসকলে আমেৰিকাৰ বিপ্লৱত বহুতো অৰিহণা যোগাইছিল৷

১৬৩৪ চনত ৰোমান কেথলিক ধৰ্মৰ লোকসকলে লর্ড বাল্টিম’ৰে নেতৃত্বত মেৰিলেণ্ড নামৰ উপনিৱেশ এখনৰ গঢ় দিয়ে। ইয়াৰ পিছত কেৰ’লিনা, ১৬৮১ চনত কোৱেকাৰ, পেনছিলভেনিয়া উপনিৱেশ স্থাপন কৰে। বিখ্যাত ফিলাডেলফিয়া নগৰখন পেনছিলভেনিয়াতে অৱস্থিত। আমেৰিকাৰ ভার্জিনিয়া উপনিৱেশ আৰু নিউ ইংলেণ্ডৰ মাজতে হলেণ্ডবাসীসকলে নিউ নেডাৰলেণ্ড নামৰ এখন চহকী উপনিৱেশ স্থাপন কৰিছিল। পিছলৈ ইংৰাজসকলৰ প্রতিদ্বন্দ্বিতাত তিষ্ঠিব নোৱাৰি হলেণ্ডে ইংলেণ্ডক এৰি দিব লগা হয়।

এইদৰে ১৮ শতিকাৰ আগভাগতে ইংলেণ্ডই আমেৰিকাত ১৩ খন উপনিৱেশ স্থাপন কৰিবলৈ সক্ষম হৈছিল। ইৰাজৰ উপনিৱেশবোৰ হ’ল

(১) নিউ হেম্পছায়াৰ, 

(২) মাছাচুছেটছ, 

(৩) ৰ’ড আইলেণ্ড, 

(৪) কুনেকটিকট, 

(৫) নিউইয়র্ক, 

(৬) নিউজাৰ্ছি, 

(৭) ভেলাৱেব, 

(৮) পেনছিলভেনিয়া, 

(৯) ভার্জিনিয়া, 

(১০) মেৰিলেণ্ড, 

(১১) নৰ্থকেৰ’লিনা, 

(১২) ছাউথ কেৰ’লিনা, 

(১৩) জর্জিয়া। 

প্রশ্ন ২। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ কাৰণ আৰু ফলাফলসমূহ আলোচনা কৰা।

নাইবা, 

কি কি ঘটনাৱলীৰ ফলত আমেৰিকাৰ স্বাধীনতা যুদ্ধ আৰম্ভ হ’ল পৰীক্ষা কৰা। 

উত্তৰ ঃ আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ কেইটিমান প্রধান কাৰণ তলত আলোচনা কৰা হ’ল– 

(১) আমেৰিকাৰ উপনিৱেশবোৰৰ স্বাধীনতাৰ মনোভাব : সপ্তদশ শতিকাত ইংলেণ্ডৰ সংসদৰ ক্ষমতা ক্রমান্বয়ে বৃদ্ধি পাই যোৱাত আমেৰিকাৰ উপনিৱেশবোৰতো প্রতিনিধি সভাৰ ক্ষমতাও বৃদ্ধি পাইছিল। আনহাতে ইংলণ্ডৰ চৰকাৰে বিভিন্ন সমস্যাব বাবে আমেৰিকা শাসনৰ ক্ষেত্ৰত বেছি মনোযোগ দিব পৰা নাছিল, সেইবাবে উপনিৱেশবোবে অধিক স্বাধীনভাৱে শাসন চলাব পাৰিছিল। এনেদৰে শাসন চলোৱা উপনিৱেশৰ সংখ্যা লাহে লাহে বৃদ্ধি পাই গৈছিল। এই স্বাধীন মনোভাব কার্যকৰী কৰা ইচ্ছা সদায়ে কবি আছিল আৰু ইংৰাজ চৰকাৰৰ অনুগত্যতা মানি ল’ব পৰা নাছিল।

(২) ধর্মীয় ব্যৱধান আৰু পৃথক সমাজ ব্যৱস্থা : ইংলেণ্ড আৰু আমেৰিকাৰ ধৰ্ম আৰু সামাজিক ব্যৱস্থাৰ কিছু অমিল দেখা যায়। ইংলণ্ডত যিদৰে খ্ৰীষ্টান ধৰ্মৰ কিছু মিল আছে আমেৰিকাত সকলো উপনিবেশৰ তেনে মিল নাই। আমেৰিকাৰ মানুহৰ ধৰ্মীয় সহিষ্ণুতা আছে কিন্তু ইংলণ্ডৰ পিউৰিটানসকলৰ ধৰ্মীয় সহিষ্ণুতা নাই। আমেৰিকাৰ মানুহবোৰ সাধাৰণ খাটিখোৱা মানুহ, উচ্চ-নীচৰ বিচাৰ কম কিন্তু ইংলেণ্ডৰ সমাজ লৰ্ড, ডিউক, আর্ল কমনাৰ্ছৰ সমাজ উচ্চ-নীচৰ বাছ-বিচাৰ আছে। আমেৰিকাৰ মানুহে ইংলেণ্ডৰ সমাজ ব্যৱস্থা বা ধর্মীয় ব্যৱস্থাৰ বিভেদ নীতি পচন্দ নকৰিছিল । সকলো আমেৰিকানে ইংৰাজসকলক ভাল নাপাইছিল।

(৩) ইংৰাজ চৰকাৰৰ আর্থিক শোষণ নীতিইংৰাজ চৰকাৰৰ উপনিরেশ স্থাপনব মূল উদ্দেশ্য আছিল দেশ জয় আৰু সম্পদ আহৰণ কৰি নিজদেশক চহকী কৰা। শোষণ নীতিৰ আহিলা হিচাপে— 

(ক) নেভিগেছন এক্ট ঃ ইংলেণ্ডৰ সংসদে ১৬৬০ খ্রীঃত গৃহীত নেভিগেছন এক্ট মতে আমেৰিকাই আমদানি বা ৰপ্তানি কৰা সকলো বস্তু ইংলেণ্ডৰ জাহাজেৰে ইংলেণ্ডৰ যোগেদি যাব লাগে। ইয়াৰ উপৰি সকলো বস্তু ইংলণ্ডৰ পৰা আমদানি কৰিব লাগিছিল। এই আইনে আমেৰিকাবাসীক বিদ্রোহী কৰি তুলিছিল। কিন্তু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এই উপনিৱেশবোৰ বৰ দুৰ্বল আছিল। ফৰাচী আক্ৰমণৰ ভয়তহে ইংৰাজ চৰকাৰে এনে বিধি-বিধান মানি চলিবলৈকো বাধ্য হৈ চলিছিল।, (খ) ষ্টাম্প এক্ট: ইংলেণ্ডৰ উদং ৰাজভঁৰাল টনকিয়াল কৰিবৰ বাবে ইংলেণ্ডৰ সংসদে ষ্টাম্প এক্ট গ্রহণ করে। এই আইনমতে আমেৰিকাৰ সকলো প্ৰকাৰ লেন-দেনত ইংলেণ্ডৰ ষ্টাম্প ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰে। আমেৰিকাবাসীয়ে তেওঁলোকৰ প্রতিনিধি নথকা সংসদে তেনে আইন গ্ৰহণ কৰাৰ কোনো অধিকাৰ নাই বুলি বিৰোধিতা কৰে। তেওঁলোকে এই আইনৰ তীব্ৰ বিৰোধিতা কৰে। 

(গ) বাণিজ্য কৰঃ আমেৰিকাত উৎপাদিত বস্তু কেৱল ইংলেণ্ডকহে বেচিব আৰু ইংলেণ্ডত উৎপাদিত বস্তুহে আমেৰিকাই কিনাৰ ব্যৱস্থা নাছিল। আমেৰিকাই আমদানি কৰা বস্তুৰ ওপৰত ইংলেণ্ডে গধুৰ কৰ বহুৱাইছিল ৷ এই ব্যৱস্থাই আমেৰিকাবাসীক ক্ষুণ্ণ কৰিছিল আৰু সেইবাবে ইংলেণ্ডৰ বস্তু বৰ্জন কৰিছিল।

(৪) তৎকালীন কাৰণ ঃ ১৭৭৩ চনত আমেৰিকাৰ ব’ষ্টন বন্দৰত ইংলেণ্ডৰ পৰা অহা চাহপাতৰ জাহাজ এখনৰ পৰা কিছুমান আমেৰিকানে বহুতো চাহপাতৰ বাকচ সাগৰত পেলাই দিয়ে। ফলত ইংৰাজ চৰকাৰে এই বন্দৰ বন্ধ কৰি দি আমেৰিকাৰ ওপৰত বহুতো অন্যায়জনক কৰ বহুৱায়। বিদ্রোহীসকলৰ বিৰুদ্ধে সৈন্য পঠায়। ইয়াৰ পাছতে দুই পক্ষৰ প্রত্যক্ষ সংগ্ৰাম আৰম্ভ হয়। এয়ে আছিল আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ আৰম্ভ। 

(খ) ফলাফলঃ আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ ফলাফল—

(১) আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ ফলতেই ১৭৮৩ চনত ভাৰ্চাই সন্ধিমতে আমেৰিকাই স্বাধীনতা লাভ কৰে। জনসার্বভৌমত্ব প্রতিষ্ঠা হয়। 

(২) আমেৰিকাৰ ১৩ খন উপনিৱেশ লগ হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ গঠন কৰে আৰু পৃথিৱীৰ প্ৰথম লিখিত সংবিধান ৰচনা কৰে।

(৩) আমেৰিকাত পৃথিৱীৰ সৰ্বপ্ৰথম গণতান্ত্রিক গণৰাজ্য প্রতিষ্ঠা হয়। 

(৪) আমেৰিকাৰ লগতে আমেৰিকাৰ স্পেনিছ উপনিৱেশবোৰেও স্বাধীনতা লাভ কৰে।

(৫) এই স্বাধীনতা যুদ্ধৰ প্ৰভাৱতে ফ্ৰান্সত ফৰাচী বিপ্লৱৰ সূচনা হৈছিল। 

প্রশ্ন ৩। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ ফলাফলবোৰৰ এটা চমু আলোচনা কৰা।

উত্তর : (ওপৰৰ ২নং প্রশ্নোত্তৰটি চোরা) প্রশ্ন ৪। আমেৰিকাৰ স্বাধীনতা যুদ্ধত ইংৰাজসকলৰ পৰাজয়ৰ কাৰণবোৰ লিখা।

উত্তৰঃ আমেৰিকাৰ স্বাধীনতা যুদ্ধত বিশ্ববিখ্যাত সাম্রাজ্যবাদী পৰাক্ৰমী ইংৰাজসকল আমেৰিকাবাসীৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগীয়া হোৱাৰ কিছুমান কাৰণ আছে।

(১) ভৌগোলিক বাধা আৰু দুৰ্গম সাগৰীয় পথঃ আমেৰিকা আৰু ইংলণ্ডৰ মাজৰ আটলান্টিক মহাসাগৰ দুৰ্গম সাগৰীয় পথ অতিক্ৰম কৰি বাৰে বাৰে সৈন্যবাহিনী, ৰচদপাতি, অস্ত্র-শস্ত্র সহজে সময়মতে ইংলেণ্ডলৈ পঠোৱা বৰ কঠিন আছিল। সেইসময়ত যোগাযোগ ব্যৱস্থা সিমান উন্নত নাছিল।

(২) স্বাধীনতাৰ প্ৰয়াসী আমেৰিকাবাসী : আমেৰিকাবাসী প্ৰজাৰ গাত ইংৰাজসকলৰ স্বাধীনতাপ্রয়াসী তেজ আছিল বাবেই নিজৰ নতুন মাতৃভূমিক স্বাধীন কৰা উদ্যম আৰু দেশপ্ৰেমৰ মন্ত্ৰ ইংৰাজসকলৰ পৰাই পাইছিল।

(৩) আমেৰিকাৰ ৰণকৌশলক ইংৰাজৰ হীনমন্য জ্ঞান : ইংৰাজসকলে আমেৰিকাৰ সংগ্রামী শক্তি বৰ দুৰ্বল বুলি ভাবিছিল আৰু কমসংখ্যক সৈন্যৰে দমন কৰি ৰাখিব পাৰিব বুলি ভাবিছিল।

(৪) ইংৰাজৰ সেনাপতিসকলৰ দক্ষতাহীনতা : ইংৰাজসকলৰ সেনাধক্ষ্যসকল নিৰাপত্তাহীনতাত ভুগিছিল কাৰণ সুদূৰ ইংলেণ্ডৰ পৰা সময়মতে সহায়-সহযোগ নোপোৱা বুলি তেওঁলোকে ভালদৰে জানিছিল সেই কাৰণেই হয়তো তেওঁলোকৰ বহুতে আত্মত্মসমৰ্পণ কৰিছিল।

(৫) ইংৰাজৰ বিৰুদ্ধে বিদেশী ৰাষ্ট্ৰৰ যোগদান স্পেইন, হলেণ্ড, ফ্রান্স আদি বিদেশী ৰাষ্ট্ৰই ইংৰাজৰ বিৰুদ্ধে আমেৰিকাৰ লগত যোগদান কৰে। ইয়াৰ উপৰি ডেনমার্ক, চুইডেন, পৰ্তুগাল আৰু ৰাছিয়া আদি ৰাজ্যই সস্ত্ৰ-নিৰপেক্ষতা অৱলম্বন কৰিছিল। বিদেশী ৰাষ্ট্ৰৰ সহযোগত আমেৰিকা যথেষ্ট পৰিমাণে শক্তিশালী হৈ পৰিছিল। এনেবোৰ কাৰণতে ইংৰাজসকল আমেৰিকাৰ হাতত পৰাজিত হ’বলগীয়া হৈছিল। প্রশ্ন ৫। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ বিভিন্ন স্তৰৰ এটি চমু বিৱৰণ দিয়া। উত্তৰ ঃ আমেৰিকাত ব’ষ্টন বন্দৰত সংঘটিত ঘটনাৰ পৰাই ইংলেণ্ডৰ লগত সম্পৰ্ ক্রমান্বয়ে বেয়া হৈ আহিছিল। ইংলণ্ডৰ লগত সম্পৰ্ক ৰখা নৰখাক লৈ আমেৰিকাবাসীৰ মাজত তিনিটা ভাগ হৈছিল— 

(১) সম্পর্ক নৰখাসকল পেট্রিয়ট, 

(২) সম্পৰ্ক ৰাখিব খোজাসকল লয়েলিষ্ট বা ৰাজভক্ত আৰু 

(৩) তৃতীয় পক্ষটো আছিল নিৰপেক্ষ দল। ‘অলিভ ব্ৰান্স পিটিছন’ প্ৰেৰণ কৰি আমেৰিকাবাসী যুদ্ধৰ বাবে সাজু হৈ থাকে। যুদ্ধ পৰিচালনাৰ বাবে জর্জ ৱাশিংটনক সেনাধ্যক্ষ নিয়োগ কৰে।

ইতিমধ্যে পেট্রিয়টসকলে ব’ষ্টনৰ ওচৰত যুদ্ধৰ অস্ত্র-শস্ত্র যা যোগাৰ কৰিবলৈ আৰম্ভ কৰে। ইংৰাজ চৰকাৰে এই কথাৰ সম্ভেদ পাই নেতাসকলক গ্ৰেপ্তাৰৰ বাবে চেষ্টা কৰে। বিপ্লবীসকলে পুস্তিকাৰ মাধ্যমত বৃটিছসকলৰ বিৰুদ্ধে প্রচাৰ আৰম্ভ কৰে। থমাছ পেইনচ ‘কমনছেন্স’ নামৰ পুস্তিকাৰ মাধ্যমত আমেৰিকাবাসীক সজাগ-সচেতন কৰি তোলে।

ইংৰাজ চৰকাৰে ছাৰ উইলিয়াম হাওৰ নেতৃত্বত এটা শক্তিশালী সৈন্যবাহিনী বিপ্লবীসকলক আক্ৰমণৰ বাবে আমেৰিকালৈ পঠায়। এই বাহিনীয়ে বিপ্লবীসকলক বাংকাৰ হিলত আশ্ৰয় লৈ থকা ঠাইতে আক্ৰমণ কৰে। কিন্তু বিপ্লবীসকলে নিৰাপদে তাৰ পৰা আঁতৰি যায়। তাৰ পাছতে জর্জ ৱাশ্বিংটনে বষ্টন বন্দৰ আক্ৰমণ কৰে কিন্তু তাৰ পৰা ইংৰাজ সেনাপতি হাওৱে নাভাস্কটিয়ালৈ গুচি যায়। তাৰ পাছত ১৭৭৬ চনৰ জুলাইৰ ফিলাডেলফিয়াৰ মহাসভাত স্বাধীনতা ঘোষণাপত্র এখন গ্ৰহণ কৰা হয়। ঘোষণাপত্ৰত ৰজাৰ বিৰুদ্ধে কৰা স্বাধীনতা সংগ্ৰামৰ যুক্তিযুক্ততা দেখুৱাই তিনিটা মূল বিষয় উল্লেখ কৰা হৈছিল৷

(১) জীৱন ধাৰণ, স্বতন্ত্রতা আৰু সুখৰ সন্ধান মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ, 

(২) সকলো চৰকাৰে জনগণৰ সন্মতিক্ৰমেহে শাসন ক্ষমতা লাভ কৰে, 

(৩) স্বেচ্ছাচাৰী চৰকাৰক জনসাধাৰণে পদচ্যুত কৰাৰ অধিকাৰ দিছে। পত্ৰখনৰ শেষত বৃটিছ চৰকাৰৰ লগত সকলো ৰাজনৈতিক সম্পৰ্কৰ অৱসান ঘটোৱা বুলি কোৱা হৈছে। ১৭৭৭ চনত ছোট’গাৰ যুদ্ধত বৃটিছ সেনাপতি বাৰৰ্গনে বিপ্লবীসকলৰ হাতত পৰাজয়বৰণ কৰে। ইয়াৰ কিছুদিন পিছতে, ইংৰাজৰ শক্তিশালী শত্রু ফান্সে আমেৰিকাৰ পক্ষত যোগদান কৰে। স্পেইন আৰু হলেণ্ডেও আমেৰিকাক সহায় কৰিবলৈ আগবাঢ়ি আহে।

ইংৰাজসকলৰ আটলান্টিক মহাসাগৰত বিচৰণ কৰা জাহাজ খানতালাচী কাৰ্যই নিৰপেক্ষ দেশবোৰক অসন্তুষ্ট কৰি তোলে। তেওঁলোকেও সশস্ত্র নিৰপেক্ষ সংঘ গঢ়ি তোলে। ১৭৮১ চনত, অক্টোবৰত আমেৰিকা আৰু ফৰাচী বাহিনীৰ যুটীয়া আক্ৰমণত ইয়র্কটাউনৰ যুদ্ধত ইংৰাজ সেনাপতি কৰ্ণৱালিছে সসৈন্যে আমেৰিকাৰ হাতত আত্মসমর্পণ কৰে। এই যুদ্ধ পাছত ইংৰাজৰ জয়লাভৰ আশা নাইকিয়া হয়। ১৭৮৩ চনত ফ্ৰান্সৰ ভাৰ্চাইৰ সন্ধি মতে আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ অৱসান ঘটোৱা হয়। এই সন্ধি মতে আমেরিকার স্বাধীনতা ইংলেণ্ডে স্বীকাৰ কৰিলে। এই সন্ধিৰ পাছতে আমেৰিকাৰ ২৩ খন উপনিৱেশ লগ লাগি যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা গঢ়ি তোলে।

(চমুটোকা লিখা

(ক) আমেৰিকা নামৰ উৎপত্তি, 

(খ) স্বাধীনতা ঘোষণা পত্র, 

(গ) তীর্থযাত্রীৰ গুৰু, 

(ঘ) বষ্ট ‘নৰ টি পার্টি, 

(ঙ) ষ্টাম্প এক্ট কংগ্ৰেছ, 

(চ) সশস্ত্র নিৰপেক্ষতা, 

(ছ) অধিকাৰৰ বিধি

উত্তৰ ঃ (ক) আমেৰিকা নামৰ উৎপত্তি : ইটালি দেশৰ (জেনোৱাৰ) নাবিক খ্ৰীষ্টফাৰ কলম্বাছে ১৪৯২ চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল। তেওঁ প্রথমে বাহামা দ্বীপপুঞ্জৰ এডোখৰ ঠাইত উপস্থিত হৈছিল। তেওঁৰ পাছত আমেৰিগ’ ভেছপুজি নামৰ আন এজন ইটালীয়ান (ফ্ল’ৰেন্সৰ) সদাগবে সেই আমেৰিকাৰ সেই অঞ্চলবোৰৰ সবিশেষ তথ্য বিশ্ববাসীৰ আগত প্ৰকাশ কৰিছিল। তাৰ পিছত জাৰ্মানীৰ এজন অধ্যাপকে এখন ভূগোল বিষয়ৰ কিতাপত সেই অঞ্চলটোক ‘আমেৰিকা’ বুলি কোৱাৰ সপক্ষে যুক্তি দাঙি ধৰিছিল। ইয়াৰ কাৰণ হ’ল আমেৰিকাছে (আমেৰিগ) প্রথমে এই অঞ্চলটোৰ আৱিষ্কাৰ কৰি সবিশেষ তথ্য আগবঢ়াইছিল। লেটিন ভাষাত আমেৰিগ’ক আমেৰিকােছ বুলি কোৱা হয়। পিছলৈ লাহে লাহে আমেৰিকা নামটো জনপ্ৰিয় হৈ উঠে। এইদৰেই আমেৰিকা নামটোৰ উৎপত্তি হৈছিল।

(খ) স্বাধীনতা ঘোষণা পত্ৰ আমেৰিকাৰ ফিলাডেলফিয়াত অনুষ্ঠিত এখন মহাসভাত ১৭৭৬ চনৰ ৪ জুলাই স্বাধীনতা ঘোষণা পত্ৰ এখন গ্ৰহণ কৰে। ইয়াৰ ৰচক আছিল আমেৰিকাৰ এজন বিখ্যাত চিন্তাবিদ আৰু গণতন্ত্ৰৰ প্ৰবক্তা থমাছ জেফাৰছন। ইয়াক স্বাধীনতাৰ চনদ বুলিয়ে কোৱা হয়। ইয়াত ইংলেণ্ডৰ ৰজা তৃতীয় জৰ্জৰ বিৰুদ্ধে কিছুমান অভিযোগ উত্থাপন কৰা হৈছে আৰু স্বাধীনতা সংগ্রাম কৰাৰ যুক্তিযুক্ততা প্রতিপন্ন কৰিব বিচৰা হৈছে। ঘোষণা পত্ৰত উল্লেখ কৰা মূল বিষয় তিনিটা হ’ল—– (১) জীৱন ধাৰণ, স্বতন্ত্রতা আৰু সুখৰ সন্ধান মানব জীৱনৰ অবিচ্ছেদ্য অংগ (২) প্রত্যেক চৰকাৰে জনসাধাৰণৰ সন্মতি সাপেক্ষেহে দেশ শাসনৰ অধিকাৰ লাভ কৰে আৰু (৩) চৰকাৰ স্বেচ্ছাচাৰী হৈ পৰিলে তাক পৰিৱৰ্তন কৰিবলৈ জনসাধাৰণৰ অধিকাৰ আছে। ঘোষণা পত্রখনত দৃঢ়ভাৱে উল্লেখ কৰা হৈছে যে এই সন্মিলনৰ উপনিবেশবোৰ স্বাভাৱিকভাৱেই মুক্ত আৰু স্বাধীন ৰাষ্ট্ৰ হোৱা উচিত। উপনিবেশবোৰৰ ব্ৰিটিছ ৰজাৰ শাসনৰ পৰা অব্যাহতি দিয়া হ’ল আৰু ব্ৰিটিছৰ লগত সকলো ৰাজনৈতিক যোগাযোগৰ অৱসান ঘটোৱা হ’ল।

(গ) তীর্থযাত্ৰীৰ গুৰু : ১৫৮৫ চনত ইংৰাজসকলে প্রথমে ভার্জিনিয়াত উপনিবেশ স্থাপন কৰাৰ পিছত ক্ৰমান্বয়ে তাত ইংৰাজসকলৰ জনবসতি 

বৃদ্ধি পাবলৈ আৰম্ভ কৰে। বেপাৰ বাণিজ্যৰ উপৰিও ধর্মীয় কাৰণতে কিছুমানে তাত বসতি কৰিবলৈ লয়। ইংলণ্ডৰ গোড়া খ্ৰীষ্টান ধর্মীয় সম্প্ৰদায়ৰ, পিউৰিটান নামে জনাজাত লোকসকলে, নিজৰ দেশত ধর্ম পালনৰ অসুবিধা হোৱাত ১৬২০ চনত মে ফ্লাৱাৰ নামৰ জাহাজ এখনেৰে আমেৰিকালৈ গৈ তাত এখন উপনিবেশ স্থাপন কৰে। ইয়াৰ নাম হ’ল প্লাইমাউথ। এইখন উপনিবেশত বসবাস কৰা ইংলণ্ডৰ এই ধৰ্মীয়লোকসকলকে ‘তীর্থ যাত্ৰীৰ গুৰু’ হিচাপে জনা গৈছিল। পাছলৈ পিউৰিটানসকলে ইংলণ্ডৰ ৰজাৰ পৰা চনদ লাভ কৰি মাছাচুছেটত আৰু এখন উপনিবেশ স্থাপন কৰিছিল। ক্রমান্বয়ে কনেক্‌টিকট, ৰ’ড আইলেণ্ড আৰু নিউ হেম্পছায়াৰ নামৰ আৰু তিনিখন উপনিবেশ গঢ়ি তোলে। এই উপনিবেশবোৰক পিউৰিটানসকলে পিছত নিউ ইংলেণ্ড নাম দিয়ে আৰু ইয়ে জনাজাত হৈ পৰে৷ লাহে লাহে তেওঁলোকৰ ইংলেণ্ডৰ প্রতি আনুগত্য কমি যায় আৰু আমেরিকান হৈ পৰে আৰু ইংৰাজৰ বিৰোধী হৈ পৰে।

(ঘ) বষ্টনৰ টি-পাৰ্টি ঃ ১৭৭০ চনত বষ্টন হত্যাকাণ্ডৰ পিছত আমেৰিকাৰ পৰিস্থিতিৰ দ্রুত অৱনতি ঘটে। ঠাইয়ে ঠাইয়ে সংগ্রাম সমিতি গঠন কৰা হয়। এনে সময়তে ইংলেণ্ডৰ প্রধানমন্ত্রী লর্ড নর্থে এখন নতুন চাহ আইন প্রণয়ন কৰি, ইংলেণ্ডৰ ইষ্ট ইণ্ডিয়া কোম্পানীক কৰ নিদিয়াকৈ আমেৰিকাত ‘চাহপাত’ বিক্ৰী কৰিবলৈ অধিকাৰ দিয়ে। আমেৰিকাৰ বণিকসকল ক্ষতিগ্রস্ত হোৱাত তেওঁলোক ক্ষুব্ধ হৈ উঠে। সেই সময়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাহপাত বোজাই জাহাজ এখন ব’ষ্টন বন্দৰত উপস্থিত হয়। তাত থকা কিছুমান জনতাই বেড ইণ্ডিয়ান ছদ্মবেশ ধৰি চাহপাতৰ প্ৰায় ৩৪২ টা বাকছ সাগৰৰ পানীত পেলাই দিয়ে। এই ঘটনাকে ব’ষ্টন টি পার্টি বুলি জনা যায়। ইংৰাজ চৰকাৰে বৰ কস্তহৈ বষ্টন বন্দৰ বন্ধ কৰি দিয়ে আৰু মাছাছছেটৰ স্বায়ত্তশাসন অধিকাৰ নাকচ কৰে। চৰকাৰে ইয়াক শাসন কৰাৰ ব্যৱস্থা কৰে।

(ঙ) ষ্টাম্প এক্ট কংগ্ৰেছ : ইংলেণ্ডৰ প্রধানমন্ত্রী জর্জ গ্রেলভিনে ১৭৬৫ চনত ষ্টাম্প আইন এখন প্রণয়ন কৰে। এই আইন মতে আমেৰিকাৰ দলিল, চুক্তিপত্র, বাতৰি কাকত, পুস্তিকা আদিত এবিধ টিকট লগোৱা নিয়ম কৰা হয়। এই আইনে আমেৰিকাবাসীক বিতুষ্ট কবি তোলে। এই সময়তে আমেৰিকাৰ কেইজন মান চিন্তাশীল ব্যক্তিয়ে, বিশেষকৈ ছেমুৱেল আডম্‌ছ, পেট্রিক হেনৰিৰ নেতৃত্বত নিউয়ৰ্কত ৯ খন উপনিবেশৰ প্রতিনিধিক লৈ এখন সভা অনুষ্ঠিত কৰা হয়। এই সভাখনকে ‘ষ্টাম্প এক্ট কংগ্রেছ ১৭৬৫ বুলি জনা যায়। এই সভাই দাবী জনাইছিল যে ইংলণ্ডৰ সংসদত আমেৰিকাৰ কোনো প্রতিনিধি নাই সেইবাবে সংসদে তেওঁলোকৰ ওপৰত কৰ ধার্য কৰাৰ অধিকাৰ নাই। ইংৰাজ চৰকাৰে এই আইন বাতিল কৰে যদিও, কৰ ধার্য কৰাৰ অধিকাৰ আছে বুলি দাবী কৰে।

(চ) সশস্ত্ৰ নিৰপেক্ষতা ঃ আমেৰিকাৰ স্বাধীনতা যুদ্ধত ১৭৭৭ চনৰ পৰা যুদ্ধ চকৰি ইংৰাজৰ বিপৰ্যয়ৰ পিনে ঘূৰিবলৈ ধৰে। ছোট’গাৰ যুদ্ধত ইংৰাজৰ পৰাজয় আৰম্ভ হয়। আমেৰিকাৰ ৰাজনীতিৰ বেঞ্জামিন ফ্ৰেংকলিনৰ চেষ্টাত ইংলেণ্ডৰ পুৰণি শত্রু ফ্রান্সে আমেৰিকাৰ পক্ষত যোগদান কৰে। লগতে স্পেইন আৰু হলেণ্ডো আমেৰিকাক সহায় কৰিবলৈ আগবাঢ়ে। ইংলেণ্ডৰ অৱস্থা ক্রমে শোচনীয় হৈ আহে। এনে সময়তে ইংৰাজ বাহিনীয়ে আটলান্টিক মহাসাগৰত বিচৰণ কৰা আন দেশৰ জাহাজবোৰ খানাতালাচ কৰাৰ নিয়ম করে যাতে কোনো জাহাজে অস্ত্র-শস্ত্ৰ সৰবৰাহ কৰিব নোৱাৰে। এইকার্যত নিৰপেক্ষ দেশবোৰ ক্ষুব্ধ হৈ উঠে। এই দেশবোবে শান্তিপূর্ণ বিচৰণৰ বাবে এটা সংঘ গঠন কৰে। এই সংগঠনকে ‘সশস্ত্ৰ নিৰপেক্ষতা’ (Armed Neutrality) বুলি জনা যায়। এই সংঘত আছিল ডেনমার্ক, চুইডেন, পর্তুগাল, ৰছিয়া আদি দেশ। এই কাৰ্যৰ বাবে ইংৰাজসকলৰ ভিষণ বাধাৰ সৃষ্টি হৈছিল।

(ছ) অধিকাৰ বিধি ঃ ১৭৯১ খ্ৰীঃৰ পৰা বলৱৎ করা আমেৰিকাৰ মূল সংবিধানখনত মানুহৰ মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হোৱা নাছিল। সেই কাৰণতে সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰাৰ উদ্দেশ্যে ১৭৯১ চনৰ নবেম্বৰ মাহত দহোটা সংশোধনীৰে – সংবিধানখন সম্পূর্ণ কৰা হয়। এইদৰে সংবিধানখনত অন্তর্ভুক্ত কৰা মৌলিক অধিকাৰবোৰকে একেলগে অধিকাৰ বিধি বুলি জনা যায় (Bill of Right)। নাগৰিকৰ মৌলিক অধিকাৰ লিখিতভাৱে সংবিধানৰ দ্বাৰা প্ৰদান কৰা ব্যৱস্থা, আমেৰিকাতে পৃথিৱীত পোন প্ৰথম বাৰৰ বাবে কৰা হৈছিল। নাগৰিকসকলে সামাজিক জীৱনত সম-অধিকাৰ, ধৰ্মীয় অধিকাৰ, বাক স্বাধীনতা, সংবাদ পত্ৰৰ স্বাধীনতা, সম্পত্তি আৰু বিচাৰ অধিকাৰ আদি পাইছিল।

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। আমেৰিকাৰ ক’ত, কেতিয়া ইংৰাজসকলে প্রথম উপনিবেশ পাতিছিল। জাহাজখনৰ নাম কি আছিল?

উত্তৰঃ (ক) ইংৰাজসকল ১৬২০ খ্ৰীঃত প্রথমে আমেৰিকালৈ গৈছিল। 

(খ) ‘প্লাইমাউথত’ প্রথম উপনিবেশ পাতিছিল।

(গ) ইংৰাজসকলে প্রথমে আমেৰিকালৈ যোৱা জাহাজখনৰ নাম আছিল ‘মেফ্লাৱাৰ’।

প্রশ্ন ২। কি কাৰণত আমেৰিকাবাসীয়ে ষ্টাম্প এক্ট’ৰ বিৰোধিতা কৰিছিল। এই বিৰোধিতা সমৰ্থন কৰা ইংলেণ্ডৰ সংসদ সদস্য দুজন কোন আছিল।

উত্তৰ(১) আমেৰিকাবাসীয়ে বিৰোধিতা কৰাৰ কাৰণ হ’ল ইংলেণ্ডৰ সংসদত আমেৰিকাৰ প্রতিনিধি নাছিল। গতিকে তেনে সংসদে আমেৰিকাৰ ওপৰত ‘কৰ’ বহুৱা অধিকাৰ নাই।, 

(২) এই বিৰোধিতা সমৰ্থন কৰিছিল ইংলেণ্ডৰ সংসদ সদস্য এডমাণ্ড বাৰ্ক আৰু ডাঙৰজনা পিটে।

প্রশ্ন ৩। নেভিগেছন এক্ট কেতিয়া গ্ৰহণ কৰা হৈছিল? এই আইনমতে আমেৰিকাৰ ওপৰত কি বাধা আৰোপ কৰা হৈছিল?

উত্তৰঃ (ক) নেভিগেছন এক্টখন ১৬৬০ চনত গ্ৰহণ কৰা হৈছিল। (খ) নেভিগেছন এক্টখনে আৰোপ কৰা বাধা : (১) ইংলেণ্ডৰ বাহিৰে আন দেশৰ পৰাvআৱশ্যকীয় বস্তু আমদানি কৰিব নোৱাৰিব।, 

(২) আমেৰিকাৰ পৰা আন দেশলৈ ৰপ্তানি কৰা সকলো সামগ্ৰী ইংলেণ্ডৰ মাজেৰেহে পঠাব পাৰিছিল।

প্রশ্ন ৪। ‘ষ্টাম্প এক্ট’ গ্ৰহণ কৰাৰ মূল কাৰণ কি? সেই সময়ৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? কোনে এই আইন বাতিল কৰিছিল?

উত্তৰ ঃ (ক) ষ্টাম্প এক্ট গ্ৰহণৰ প্ৰধান কাৰণ – 

(১) আমেৰিকাৰ উপনিবেশবোৰ নিৰাপত্তাৰ বাবে স্থায়ী ফৌজ ৰখাৰ খৰচ বহনৰ বাবে। 

(২) সাত বছৰীয়া ৰণত হোৱা ইংলেণ্ডৰ অৰ্থনৈতিক ঘাটি পূৰণৰ বাবে। 

(খ) সেই সময়ৰ (১৭৬৩) ইংলেণ্ডৰ প্ৰধানমন্ত্রী আছিল জর্জ গ্রেনভিল।, 

(গ) ইংলেণ্ডৰ প্ৰধানমন্ত্রী বাকিংহামে ষ্টাম্প এক্ট বাতিল কৰিছিল।

প্রশ্ন ৫। ‘নেভিগেছন এক্ট’ৰ বিধি-বিধান কি আছিল উল্লেখ কৰা।

উত্তৰ ঃ ১৬৬০ চনত ইংলেণ্ডৰ পাৰ্লিয়ামেন্টে আমেৰিকাৰ আমদানি আৰু ৰপ্তানি কার্য নিয়ন্ত্ৰণৰ বাবে নেভিগেছন এক্ট এখন গ্ৰহণ কৰে। এই আইন মতে— (১) আমেৰিকাই ইংলেণ্ডৰ বাহিৰে আন দেশৰ পৰা কপাহ, চেনি, ধঁপাত, চামৰা, জাহাজ নিৰ্মাণৰ বস্তু আদি আমদানি কৰিব নোৱাৰিব। (২) আনহাতে আমেৰিকাই আন দেশলৈ ৰপ্তানি কৰা সকলো বস্তু-বাহানি ইংলেণ্ডৰ মাজেৰেহে পঠাব লাগিব।

এই বিধি-বিধানত আমেৰিকাবাসী অসন্তুষ্ট হৈছিল। এই আইনখনো আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ এটা কাৰণ আছিল।

প্রশ্ন ৬। আমেৰিকাবাসীৰ ওপৰত বলবৎ কৰা ষ্টাম্প এক্ট’খন ইংলেণ্ডৰ কোন দুজন প্রধানমন্ত্রীয়ে ক্রমে গ্ৰহণ আৰু বাতিল কৰিছিল নাম উল্লেখ কৰা। 

উত্তৰ ঃ (ক) ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী জৰ্জ গ্রেন্‌ভিলৰ দিনত ষ্টাম্প এক্টখন গ্ৰহণ কৰা হৈছিল। 

(খ) প্রধানমন্ত্রী বাকিংহামৰ দিনত এই আইনখন বাতিল কৰা হৈছিল। 

প্রশ্ন ৭। বৃটিছ চৰকাৰে কি কাৰণত ব’ষ্টন বন্দটো বন্ধ কৰি দিছিল।

উত্তৰ ঃ আমেৰিকালৈ পঠোৱা সামগ্ৰীৰ ওপৰত ইংৰাজ চৰকাৰে বহুৱা কৰৰ বাবে আমেৰিকাবাসীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে৷ ফলত ইংলেণ্ডৰ নৰ্থ মন্ত্রীসভাই চাহপাতৰ বাহিৰে সকলো কৰ উঠাই দিয়ে যদিও আমেরিকাবাসীয়ে কোনো কৰ দিবলৈ মান্তি নহ’ল। তাৰ কিছুদিন পিছত চাহপাত বোজাই ইংৰাজ কোম্পানীৰ জাহাজ এখন বষ্টন বন্দৰ পোৱাত কিছুমান আমেৰিকানে বেড ইণ্ডিয়ানৰ ভেশছন কৰি ৩৪০ টা চাহপাতৰ বাকচ সাগৰত পেলাই দিয়ে। এইটো কাৰণতে ইংৰাজ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে৷ ব ষ্টন বন্দৰটো বন্ধ কৰি দিয়ে আৰু মেচাচুছেটৰ শাসনভাৰ এজন ইংৰাজ কৰ্মচাৰীৰ হাতত গতাই দিয়ে৷ 

প্রশ্ন ৮। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ সমসাময়িক ইংলেণ্ডৰ প্রধানমন্ত্রীকেইজনৰ নাম ক্রমশঃ উল্লেখ কৰা।

উত্তৰঃ প্রধানমন্ত্রীকেইজন হ’ল– 

(১) জর্জ (গ্রেভিল। 

(২) বাকিংহাম। 

(৩) প্রধানমন্ত্রী পিট্। 

(৪) লর্ড নর্থ।

প্রশ্ন ৯। কি যুক্তি দেখুৱাই আমেৰিকাবাসীয়ে ষ্টাম্প এক্ট’ৰ বিৰুদ্ধে তীব্র প্রতিবাদ কৰিছিল? সেই সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্রী কোন আছিল?

উত্তৰঃ (ক) আমেৰিকাৰ প্রতিনিধি নথকা ইংলেণ্ডৰ সংসদে আমেৰিকাত ‘কৰ’ বহুওৱাৰ কোনো অধিকাৰ নাই, এই যুক্তিত ‘ষ্টাম্প এক্ট’ৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল।

(খ) প্রধানমন্ত্রী জর্জ গ্রেনভিল।

প্রশ্ন ১০। আমেৰিকা আৰু ইংলেণ্ডৰ মাজৰ দূৰত্ব অধিক হোৱাৰ বাবে আমেৰিকাৰ কি সুবিধা হৈছিল ? 

উত্তৰ ঃ দূৰত্ব অধিক হোৱাৰ সুবিধা হ’ল– (১) দূৰত্ব বেছি হোৱা বাবে ইংৰাজ চৰকাৰৰ আমেৰিকাৰ শাসন প্রণালীত নিয়ন্ত্রণ নাছিল। (২) আমেৰিকাৰ উপনিবেশবোৰে প্রায় স্বাধীনভাৱে শাসন চলাব পাৰিছিল। (৩) বিদেশী ইংৰাজ শাসনৰ পৰা স্বাধীন হ’বলৈ উৎসাহ-উদ্দীপনা পাইছিল৷

প্রশ্ন ১১। ১৭৭৬ খ্রীঃত আমেৰিকাবাসীয়ে ঘোষণা কৰা স্বাধীনতাৰ তাৎপর্য কি?

উত্তৰ : আমেৰিকাৰ ফিলাডেলফিয়া কংগ্ৰেছে ঘোষণা কৰা স্বাধীনতাৰ মূল তাৎপর্য হ’ল—

(ক) সকলো মানুহ সমান; 

(খ)সকলো মানুহৰে কিছুমান স্বাভাৱিক অধিকাৰ আছে; 

(গ) জনসাধাৰণেই শাসন-ক্ষমতাৰ মূল উৎস। এই আদর্শ‍ই পৃথিৱীৰ সকলো মানুহকে প্ৰেৰণা যোগায়। প্রশ্ন 

১২। মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক দল দুটা কি কি?

উত্তৰ : ৰাজনৈতিক দল দুটা হ’ল– 

(১) ৰিপাব্লিকান দল। (২) ডেমক্রেটিক দল।

প্রশ্ন ১৩। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ চাৰিটা কাৰণ উল্লেখ কৰা।

 উত্তৰ ঃ আমেৰিকাৰ স্বাধীনতা যুদ্ধ সংঘটিত হোৱা কাৰণ চাৰিটা হ’ল –

(১) নেভিগেচন এক্ট ঃ আমেৰিকাই আমদানি বা ৰপ্তানি কৰা সকলো বস্তু ইংলেণ্ডৰ মাজেৰে যাব লাগিছিল।

(২) ষ্টাম্প এক্ট ঃ আমেৰিকাৰ সকলো প্ৰকাৰ লেন-দেনত ইংলেণ্ডৰ ষ্টাম্প লগাব লাগিছিল।

(৩) বাণিজ্য কৰঃ আমেৰিকাই সকলো বেচা-কিনা ইংলেণ্ডৰ সৈতে কৰিব লাগিছিল 

(৪) তৎকালীন কাৰণ ঃ কিছুমান আমেরিকানে ইংৰাজৰ জাহাজৰ কিছু চাহপাত সাগৰত পেলাই দিছিল।

প্রশ্ন ১৪। ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজৰ সাত বছৰীয়া ৰণৰ সমাপ্তিয়ে আমেৰিকাবাসীক কিদৰে সহায় কৰিছিল এটি আভাস দিয়া।

উত্তৰ ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত হোৱা সাত বছৰীয়া ৰণত ইংলেণ্ডৰ নৌবাহিনীয়ে ফৰাচী চৰকাৰৰ বিৰুদ্ধে কানাডাবাসীক সহায় কৰিছিল। এনেকি যুদ্ধৰ সকলে৷ খৰচ-পাতিও বহন কৰিছিল। ১৭৬৩ চনত যুদ্ধৰ অন্ত পৰাত, সন্ধিৰ চৰ্তমতে কানাডা ইংৰাজৰ হাতলৈ যায়। এই যুদ্ধত ফৰাচীসকল পৰাজিত হোৱাৰ পিছত, আমেৰিকাত থকা ইংৰাজ উপনিবেশবোৰত ফৰাচীসকলৰ আশংকা নাইকিয়া হয়। এই আক্ৰমণৰ আশংকা নাইকিয়া হোৱা বাবে আমেৰিকাবাসীয়ে ইংৰাজৰ বিৰুদ্ধে স্বাধীনতা যুদ্ধৰ বাবে প্রস্তুতি চলাবলৈ সময়-সুবিধা পাইছিল। গতিকে সাত বছৰীয়া ৰণৰ ফলতে পৰোক্ষভাৱে আমেৰিকাবাসী উপকৃত হৈছিল।

প্রশ্ন ১৫। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ ফলাফল বর্ণনা কৰা।

উত্তৰ আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ ফলাফল— 

(১) আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ ফলতেই ১৭৮৩ চনৰ ভাৰ্চাইৰ সন্ধিমতে আমেৰিকাই স্বাধীনতা লাভ কৰে। (২) আমেৰিকাৰ ১৩ খন উপনিবেশ লগ হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ গঠন কৰে। আৰু পৃথিৱীৰ প্ৰথম লিখিত সংবিধান ৰচনা কৰে।

(৩) আমেৰিকাত পৃথিৱীৰ সৰ্বপ্ৰথম গণতান্ত্রিক গণৰাজ্য প্রতিষ্ঠা হয়।

(৪) আমেৰিকাৰ লগতে আমেৰিকাৰ স্পেনিচ উপনিবেশবোৰে স্বাধীনতা লাভ কৰে। 

(৫) আমেৰিকাৰ স্বাধীনতা যুদ্ধই ফৰাচীসকলকো অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে বিপ্লৱ কৰিবলৈ অনুপ্রাণিত কৰে। 

প্রশ্ন ১৬। আমেৰিকাৰ সংবিধান সভাখন ক’ত, কেতিয়া বহিছিল? কেতিয়াৰ পৰা এই সংবিধান বলবৎ হৈছিল?

উত্তৰ ঃ (ক) আমেৰিকাৰ সংবিধান সভাখন ফিলাডেলফিয়াত, ১৭৪৭ চনৰ মে’ মাহত বহিছিল।

(খ) আমেৰিকাৰ সংবিধানখন ১৭৮৯ চনৰ মাৰ্চ মাহৰ ৪ তাৰিখৰ পৰা বলবৎ হয়।

প্রশ্ন ১৭। আমেৰিকাৰ সংবিধানখনৰ মূল বৈশিষ্ট্যকেইটা উল্লেখ কৰা। 

উত্তৰ ঃ আমেৰিকাৰ ১৩ খন উপনিবেশে ফিলাডেলফিয়াৰ অধিবেশনত জর্জ ৱাশিংটনৰ সভাপতিত্বত যি সংবিধান ৰচনা কৰিছিল— এইখনেই আছিল পৃথিৱীৰ প্ৰথম লিখিত সংবিধান। ইয়াৰ মূল বৈশিষ্ট্য হ’ল—

(ক) আমেৰিকাৰ সংবিধানখন পৃথিৱীৰ প্ৰথম লিখিত সংবিধান। 

(খ) সংবিধানমতে জনগণই হ’ল সার্বভৌম ক্ষমতাৰ উৎস। 

(গ) আমেৰিকাখন যুক্তৰাষ্ট্ৰ বুলি ঘোষণা হয়। 

(ঘ) শাসন ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হয়। 

(ঙ) জনগণৰ ন্যায্য অধিকাৰৰ চৰ্ত মানি লোৱা হয়। 

(চ) সর্বোচ্চ ন্যায়ালয়ৰ গঠন।

প্রশ্ন ১৮। ১৭৮৩ খ্ৰীঃৰ ভাৰ্ছাইসন্ধিৰ তিনিটা চৰ্ত লিখা।

উত্তৰঃ চৰ্ত তিনিটা :

 (১) মৈত্ৰীসংঘৰ মতে দেশৰ প্ৰতিৰক্ষা আৰু বৈদেশিক নীতি পৰিচালনা কৰা হ’ব। 

(২) এক সদনীয় সদন হ’ব। 

(৩) ৯ খন উপনিবেশে সম্মতি দিলেহে কোনো সিদ্ধান্ত ল’ব পাৰিব। 

(৪) সকলো উপনিবেশৰ সন্মতি হ’লেহে সংবিধান সংশোধনী হ’ব পাৰিব।

প্রশ্ন ১৯। আমেৰিকাত থকা ইংৰাজসকলৰ যিকোনো দুখন উপনিবেশৰ নাম লিখা।

উত্তৰ : ভার্জিনিয়া আৰু প্লাইমাউথ ।

প্রশ্ন ১৯। ১৮ শতিকাৰ আদিভাগত ইংলণ্ডে উত্তৰ আমেৰিকাত স্থাপন কৰা চাৰিখন উপনিবেশৰ নাম লিখা।

উত্তরঃ ১। নিউ হেম্পছায়াৰ,

২। মাছাচুছেটছ,

৩। ৰ’ড আইলেণ্ড,

৪। কনেকটিকট।

নৱম শ্ৰেণীৰ ইতিহাস সমাধান

Sl. No.Contents
Chapter 1আমেৰিকাৰ স্বাধীনতা যুদ্ধ
Chapter 2ফৰাচী বিপ্লৱ
Chapter 3শিল্প-বিপ্লৱ
Chapter 4ৰুছ-বিপ্লৱ
Chapter 5১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ
Chapter 6উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু
ৰাজনৈতিক উত্থান

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন১। (ক) আমেৰিকা কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল ? 

(খ) ভার্জিনিয়া উপনিৱেশৰ প্রতিষ্ঠাতা কোন?

(গ) আমেৰিকা যুদ্ধৰ সময়ত ইংলেণ্ডৰ ৰজা কোন আছিল? 

(ঘ) আমেৰিকাত মুঠতে কেইখন ইংৰাজ উপনিৱেশ আছিল?

(ঙ) আমেৰিকা স্বাধীনতা ঘোষণাপত্ৰৰ ৰচক কোন? (চ) কোনখন যুদ্ধত আমেৰিকা আৰু ফৰাচী বাহিনীৰ যুটীয়া আক্ৰমণত ইংৰাজ সেনাপতি কর্ণৱালিচে পৰাজয়ৰৰণ কৰিছিল ? 

(ছ) আমেৰিকাক সহায় কৰা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা।

(জ) ‘কমন চেন্স’ পুস্তিকাখনৰ লেখক কোন?

(ঝ) কাৰ সভাপতিত্বত আমেৰিকাৰ সংবিধান ৰচনা কৰা হৈছিল। 

(ঞ) আমেৰিকাৰ প্ৰথম ৰাষ্ট্রপতি কোন আছিল?

(ট) আমেৰিকাৰ আদিম অধিবাসীসকল কি নামেৰে জনাজাত? 

(ঠ) আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কেইবছৰীয়া?

(ড) আমেৰিকাৰ প্ৰধান ৰাজনৈতিক দল দুটাৰ নাম লিখা।

(ঢ) আমেৰিকাৰ সংবিধানখন কেতিয়াৰ পৰা বলৱ কৰা হৈছিল? 

উত্তৰ(ক) খ্ৰীষ্টফাৰ কলম্বাছে, ১৪৯২ খ্ৰীষ্টাব্দত আমেৰিকা আৱিষ্কাৰ কৰিছিল। 

(খ) ছাৰ ৱাল্টৰ ৰেলে আছিল ভার্জিনিয়াৰ প্ৰতিষ্ঠাতা।

(গ) আমেৰিকাৰ যুদ্ধৰ সময়ত ইংলেণ্ডৰ ৰজা আছিল তৃতীয় জর্জ। 

(ঘ) আমেৰিকাত মুঠ ১২ খন উপনিবেশ আছিল।

(ঙ) আমেৰিকাৰ স্বাধীনতাৰ ঘোষণা পত্ৰৰ ৰচক আছিল বিখ্যাত চিন্তাবিদ আৰু গণতন্ত্ৰৰ প্রবক্তা থমাছ জেফাৰ্ছন। 

(চ) ইয়র্কটাউনৰ যুদ্ধত। (১৭৮৯ চনত) 

(ছ) স্পেইন আৰু হলেও।

(জ) ‘কমন চেন্স’ পুস্তিকাখনৰ লেখক থমাছ পেইন। (ঝ) জৰ্জ ৱাশ্বিংটনৰ সভাপতিত্বত আমেৰিকাৰ সংবিধানখন ৰচনা কৰা হৈছিল?

(৩) জর্জ ৱাশিংটন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল। 

(ট) আমেৰিকাৰ আদিম অধিবাসীসকলক ‘ইণ্ডিয়ান বা ৰেড ইণ্ডিয়ান বুলি জনা যায়।

(ঠ) আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল চাৰি বছৰ।

(ড) ডেমক্রেট আৰু ৰিপাব্লিকান। 

(ঢ) ১৭৯১ খ্ৰীঃৰ ৪ মাৰ্চৰ পৰা বলৱ কৰা হৈছিল।

প্রশ্ন ২। পৃথিৱীৰ প্ৰথম লিখিত সংবিধানখন কোন দেশৰ?

উত্তৰঃ আমেৰিকাৰ।

প্রশ্ন ৩। আমেৰিকাৰ সংবিধান কেতিয়া বলবৎ হৈছিল

উত্তৰ১৭৮৯ চনত।

প্রশ্ন ৪। খাদ্যবস্তুৰ অভাৰ কোনটো বিপ্লৱৰ তৎকালীন কাৰণ আছিল?

“উত্তৰঃ ৰুছ বিপ্লৱ।

প্রশ্ন ৫। কেতিয়া ‘নেভিগেছন এক্ট’ গৃহীত হৈছিল?

উত্তৰঃ ১৬৬০ চনত।

প্রশ্ন ৬। স্বাধীনতাৰ পাচত আমেৰিকাত কি চৰকাৰ প্ৰৱৰ্তন হৈছিল ?

উত্তৰঃ গণতান্ত্রিক চৰকাৰ।

প্রশ্ন ৭। ১৮০০ চনত কোনে আমেৰিকাত ৰাজনৈতিক দল সৃষ্টি কৰিছিল?

 উত্তৰঃ হেমিল্টন-জেফাৰছনে।

প্রশ্ন ৮। আমেৰিকাৰ ৰাষ্ট্ৰপতি কেইবছৰৰ মূৰত নিৰ্বাচিত হয়?

উত্তৰ ঃ ৪ বছৰৰ মূৰে মূৰে।

প্রশ্ন ৯। আমেৰিকাৰ কোনটো সদনৰ সদস্যক দুই বছৰৰ মূৰে মূৰে নিৰ্বাচিত কৰা

উত্তৰ : নিম্ন সদনৰ।

প্রশ্ন ১০। আমেৰিকাৰ চিনেটৰ সদস্যসকলক কিমান বছৰৰ বাবে নির্বাচিত কৰা

উত্তৰ : ৬ বছৰৰ বাবে৷

প্রশ্ন ১১। আমেৰিকাৰ তেখন উপনিবেশৰ কোনখনে ফিলাডেলফিয়াত যোগদান কৰা নাছিল ?

উত্তৰ জর্জিয়া।

প্রশ্ন ১২। ইংলেণ্ডৰ কোন ৰজাৰ দিনত আমেৰিকা স্বাধীন হয়? 

উত্তৰ ঃ তৃতীয় জৰ্জৰ দিনত।

প্রশ্ন ১৩। আমেৰিকাৰ স্বাধীনতা যুদ্ধত ইংলেণ্ডৰ বিৰুদ্ধে আমেৰিকাবাসীক সহায় প্রশ্ন ১৪। আমেৰিকাৰ ফিলাডেলফিয়াত সংবিধান সংশোধনৰ বিশেষ অধিৱেশনখন কৰা দেশখনৰ নাম কি ?

উত্তৰঃ ফ্রান্স।

উত্তৰ : ১৭৮৭ চনৰ মে’ মাহত।

প্রশ্ন ১৫। ‘ষ্টাম্প এক্ট’ কেতিয়া বিধিবদ্ধ কৰা হৈছিল?

উত্তৰ ঃ ১৭৬৫ চনত।

প্রশ্ন ১৬। কোন ৰাষ্ট্রৰ জোঁটে আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ সময়ত সশস্ত্ৰ নিৰপেক্ষতা অৱলম্বন কৰিছিল? 

উত্তৰ ঃ চুইডেন আৰু ডেনমার্ক৷

প্রশ্ন ১৭। কেতিয়া আমেৰিকাত দুটা দল সৃষ্টি হৈছিল?

উত্তৰ : ১৮০০ চনৰ পৰা।

প্রশ্ন ১৮। প্লহিমাউথ কি? 

উত্তৰ : এখন উপনিবেশ।

প্রশ্ন ১৯। আমেৰিকাৰ ইংৰাজ উপনিবেশবোৰ কি কাৰণত ইংলেণ্ডৰ শাসনৰ পৰা প্রায় স্বাধীন আছিল?

উত্তৰঃ ইংলণ্ড-আমেৰিকাৰ মাজৰ দূৰত্ব অধিক বাবে।

প্রশ্ন ২০। আমেৰিকাই কি আইনমতে আন দেশৰ পৰা বস্তু আমদানি কৰিব নোৱাৰিছিল?

উত্তৰঃ নেভিগেছন এক্ট মতে।

প্রশ্ন ২১। ব’ষ্টন বন্দৰৰ ঘটনাৰ পাছত কোন ঠাইৰ স্বায়ত্তশাসন লুপ্ত কৰিছিল?

উত্তৰ ঃ মেচাচুচেট্‌ছৰ।

প্রশ্ন ২২। কেতিয়াৰ পৰা স্বাধীনতা যুদ্ধৰ গতি আমেৰিকাবাসীৰ অনুকূলে আহিছিল ?

উত্তৰঃ সেনাপতি বাৰ্গয়েলৰ আত্মসমর্পণৰ পাছৰ পৰা।

প্রশ্ন ২৩। ইংৰাজৰ আমেৰিকাত জয়লাভৰ আশা নাইকিয়া হয় কেতিয়াৰ পৰা? 

উত্তৰ : কৰ্ণৱালিছে নিউয়ৰ্কত আত্মসমর্পণ কৰা বাবে।

প্রশ্ন ২৪। কিমান চনত ভাৰ্চাইৰ (বা পেৰিছ) সন্ধি হৈছিল ? 

উত্তৰ ১৭৮৩ চনত।

প্রশ্ন ২৫। আমেৰিকাৰ স্বাধীনতা বিপ্লৱৰ তৎকালীন কাৰণ কি? 

উত্তৰঃ বষ্টন বন্দৰৰ ঘটনা।

প্রশ্ন ২৬। কেতিয়া আমেৰিকাই স্বাধীনতা ঘোষণা কৰিছিল ?

উত্তৰ : ১৭৭৬ চনৰ ৮ জুলাইত। 

প্রশ্ন ২৭। ইংলেণ্ডে আমেৰিকাৰ স্বাধীনতাক স্বীকৃতি দিয়া সন্ধিটো কি?

উত্তৰ ভাৰ্চাই সন্ধি। 

প্রশ্ন ২৮। আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতিজন কোন?

উত্তৰঃ জর্জ ৱাছিংটন।

প্রশ্ন ২৯। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ প্ৰতিক্ৰিয়াত হোৱা বিপ্লৱটো কি ?

উত্তৰ ফৰাচী বিপ্লৱ। 

প্রশ্ন ৩০। ‘‘ষ্টাম্প এক্ট’ প্ৰৱৰ্তন কৰা বৃটিছ প্রধানমন্ত্রীজন কোন আছিল ?

উত্তৰ ঃ জৰ্জ গ্ৰেনভিল্ ।

প্রশ্ন ৩১৷ কেতিয়া আমেৰিকাৰ বিপ্লবৰ তৎকালীন কাৰণটো ব’ষ্টন বন্দৰত সংঘটিত হৈছিল?

উত্তৰ : ১৭৭৩ খ্রীঃ ত

প্রশ্ন ৩২। আধুনিক যুগত ৰজাই স্বেচ্ছাচাৰী শাসন চলাব নোৱাৰাৰ কাৰণ কি ? 

উত্তৰঃ প্রজাবৰ্গৰ সচেতনতাৰ বাবে।

প্রশ্ন ৩৩। প্রজাৰ শোচনীয় আর্থিক অৱস্থা কোনটো বিপ্লৱৰ কাৰণ নাছিল ?

উত্তৰঃ আমেৰিকান বিপ্লৱৰ। 

প্রশ্ন ৩৪। মধ্যযুগৰ বণিকসকলৰ প্ৰাচ্যদেশলৈ যাতায়াত কৰাৰ প্ৰধান পথ কোনটো আছিল?

উত্তৰঃ ভূমধ্য সাগৰৰ মাজেৰে প্ৰাচ্যৰ দেশবোৰলৈ যাতায়ত কৰিছিল।

প্রশ্ন ৩৫। দখন পিউৰিটান উপনিবেশৰ নাম লিখা। 

উত্তৰ ঃ পিউৰিটান উপনিবেশ দুখন হ’ল—

(১) প্লাইমাউথ, (২) মাছাচুছেটছ ।

প্রশ্ন ৩৬। সশস্ত্ৰ নিৰপেক্ষতা অৱলম্বন কৰা দেশ চাৰিখন কি কি?

উত্তৰঃ দেশ চাৰিখন হ’ল –(১) ডেনমার্ক (২) চুইডেন (৩) পৰ্টুগাল (৪) কছিয়া৷

প্রশ্ন ৩৭। ভাস্ক-ডা-গামা কোন দেশৰ নাগৰিক আছিল?

উত্তৰ ঃ পৰ্টুগালৰ নাগৰিক আছিল। 

প্রশ্ন ৩৮। খ্রীষ্টফাৰ আছিল ইটালি/পৰ্টুগাল/ স্পেইনৰ নাবিক।

উত্তৰ : ইটালি (জেনোৱাৰ)ৰ। 

প্রশ্ন ৩৯। “তীর্থ যাত্রী গুৰুসকল” কোন আছিল ?

উত্তৰ : ইংলণ্ডৰ গোড়া খ্রীষ্টান ধর্মী লোক আছিল। তেওঁলোকক পিউৰিটান নামে জনা যায়।

প্রশ্ন ৪০। ফ্ৰান্সৰ আমেৰিকাত স্থাপন কৰা উপনিবেশখনৰ নাম কি ?

 উত্তৰঃ কিউবেক, ১৬০৮ চনত স্থাপন কৰিছিল ৷

প্রশ্ন ৪১। কাৰ প্ৰচেষ্টাত ফ্রান্সে আমেৰিকাৰ পক্ষ গ্ৰহণ কৰি ইংৰাজৰ বিৰুদ্ধে যুদ্ধত অৱৰ্ত্তীণ হৈছিল ?

উত্তৰ : উদীয়মান ৰাজনীতিক বেঞ্জামিন ফ্রেংকলিনৰ চেষ্টাত।

প্রশ্ন ৪২। অষ্টাদশ শতিকাৰ আদি ভাগত উত্তৰ আমেৰিকাত গঢ়ি উঠা ইংলণ্ডৰ তিনিখন উপনিবেশৰ নাম লিখা।

উত্তৰ ঃ (১) নিউ হেম্পছায়াৰ, (২) মাছাচুছেটছ, (৩) ব’ড আইলেণ্ড।

শুদ্ধ উত্তৰ বাছি উলিওৱা

প্রশ্ন ১। ষ্টাম্প এক্ট বাতিল কৰা প্রধান মন্ত্রীজন—

A. জর্জ গ্রেনভিল, 

B. পিট, 

C, লর্ড নর্থ, 

D. বাকিংহাম। 

উত্তৰ C. লর্ড নর্থ।

প্রশ্ন ২। প্রধান মন্ত্রী লর্ড নর্থে তলৰ কি বস্তুত বাহিৰে কৰ উঠাই দিছিল ?

A. কপাহ, 

B. কাগজ, 

C. কাঁচ, 

D. চাহ। 

উত্তৰ: D. চাহ ।

প্রশ্ন ৩। তলব কোন ৰাষ্ট্রৰ জোঁটে আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ সময়ত সশস্ত্র নিৰপেক্ষতা অৱলম্বন কৰিছিল? 

A. ডেনমার্ক আৰু ফ্ৰান্স 

B. ফ্রান্স আৰু স্পেইন, 

C. স্পেইন আৰু চুইডেন, 

D. চুইডেন আৰু ডেনমার্ক।

উত্তৰঃ D. চুইডেন আৰু ডেনমার্ক।

প্রশ্ন ৪। ইংলেণ্ডৰ ৰজাক বৃটিছ সংসদৰ অধীনস্থ কৰা বিপ্লৱটো ?

A. সাতবছৰীয়া ৰণ 

B. ১৬৪০ খ্ৰীঃৰ গৃহযুদ্ধ, 

C. গৌৰৱময় বিপ্লৱ, 

D, পিউৰিটানসকলৰ

উত্তরঃ C. গৌৰৱময় বিপ্লৱ। 

প্রশ্ন ৫। ইংলেণ্ডত প্রাপ্তবয়স্ক মহিলাই ভোটাধিকাৰ পায়— বিপ্লৱ।

A. ১৮৩২ চনত, 

B. ১৮৮৪ চনত, 

C. ১৯২৮ চনত, 

D. ১৯২৪ চনত।

উত্তৰ : C. ১৯২৮ চনত।

প্রশ্ন ৬। পৃথিৱীৰ প্ৰথম লিখিত সংবিধানখন—

A. আমেৰিকাৰ 

B. ফ্ৰান্সৰ, 

C. কানাডাৰ, 

D. স্পেইনৰ। 

উত্তৰঃ A. আমেৰিকাৰ । 

প্রশ্ন ৭। মানুহে জন্মতে স্বাধীন হৈয়ে জন্মে, কিন্তু তেওঁলোকৰ হাত-ভৰি আজি শৃংখলিত’ এইটো কোনজন দার্শনিকৰ মন্তব্য ? 

A. মণ্টেছক’ৰ 

B, ভল্টেয়াৰৰ, 

C. ৰুছোৰ

D. এৰিষ্ট টলৰ।

উত্তৰঃৰুছোৰ

প্রশ্ন ৮৷ ‘নেভিগেচন এক্ট’ গৃহীত হৈছিল—

A. ১৬৬০ চনত, 

B. ১৬৫০ চনত, 

C. ১৫৬০ চনত, 

D. ১৬৭৫ চনত। 

উত্তৰ : A. ১৬৬০ চনত।

প্রশ্ন ৯। ভাৰ্চাইৰ বা পেৰিচ সন্ধি হৈছিল

A. ১৭৮০ চনত, 

B. ১৬৮৩ চনত, 

C. ১৭৮৩ চনত, 

D. ১৭৮১ চনত।

উত্তৰ : C. ১৭৮৩ চনত।

প্রশ্ন ১০। আমেৰিকাৰ স্বাধীনতা বিপ্ল তৎকালীন কাৰণ 

A. বৃটিছ সংসদে কৰা বহুৱা,

B. ইংলেণ্ডৰ বিপ্লৱৰ প্ৰেৰণা

D. বোষ্টন বন্দৰৰ ঘটনা।

C. ষ্টাম্প এক্ট জাৰি কৰা,

উত্তৰ : D. বোষ্টন বন্দৰৰ ঘটনা।

শুদ্ধ উত্তৰ বাছি উলিওৱা

প্রশ্ন ১। ‘ষ্টাম্প এক্ট’ বিধিবদ্ধ কৰা হৈছিল

A. ১৭৭৫ চনত, 

৪. ১৭৬৫ চনত, 

C. ১৭৫৫ চনত, 

D. ১৭৫৪ চনত।

উত্তৰ : B, ১৭৬৫ চনত

প্রশ্ন ২। আমেৰিকাৰ সংবিধান বলবৎ হৈছিল

A: ১৭৮৯ চনত, 

B. ১৭৬২ চনত, 

C. ১৭৭৬ চনত, 

D.১৭৯৮ চনত।

উত্তৰ : A. ১৭৮৯ চনত

প্রশ্ন ৩। আমেৰিকাৰ সংবিধান সভাখন বহিছিল – 

A. বাচিংটনত, 

B. নিউয়র্কত, 

c. ফিলাডেলফিয়াত, 

D. চিকাগোত।

উত্তৰ : C. ফিলাডেলফিয়াত

প্রশ্ন ৪। আমেৰিকাবাসীয়ে কেতিয়া স্বাধীনতা ঘোষণা কৰিছিল ?

A. ১৭৬৭ খ্রীঃত, 

B. ১৭৭৬ খ্ৰীঃত, 

C. ১৭৮৯ খ্ৰীঃত, 

D. ১৭৬৯ খ্ৰীঃত।

উত্তৰ : B. ১৭৭৬ খ্ৰীঃত

প্রশ্ন ৫। প্রথমে লিখিত ▬সংবিধান প্ৰৱৰ্তন কৰা হৈছিল 

A. আমেৰিকাত 

B. ইংলেণ্ডত, 

C. ফ্রান্সত, 

D. চীনদেশ।

উত্তৰ ঃঃ A. আমেৰিকাত

প্রশ্ন ৬। তলৰ কোন দুখন ৰাষ্ট্ৰ▬ই আমেৰিকাৰ স্বাধীনতা যুদ্ধত সম্পূর্ণ নিৰপেক্ষতা অৱলম্বন কৰিছিল।

A. ডেনমার্ক-ফ্রান্স 

B. ফ্রান্স-স্পেইন, 

C. স্পেইন-চুইডেন, 

D. চুইডেন-ডেনমার্ক।

উত্তরঃ D. চুইডেন-ডেনমার্ক

প্রশ্ন ৭। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ তৎ▬কালীন কাৰণ কি ? 

A. নেভিগেচন এক্ট 

B. টেম্প এক্ট, 

C. বষ্টন বন্দৰৰ ঘটনা, 

D. বাণিজ্য কৰ।

উত্তৰঃ C. বষ্টন বন্দৰৰ ঘটনা

প্রশ্ন ৮। আমেৰিকা যুক্তৰাষ্টত প্রথমে কিমান ৰাজ্য আছিল? 

A. ১৮ খন, 

B. ২১ খন, 

C. ১৫ খন, 

D. ১৩ খন।

উত্তৰ D. ১৩ খন

Leave a Reply