Class-9 Geography Elective| Chapter-8| উদ্যোগ

Class-9 Geography Elective| Chapter-8| উদ্যোগ. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  Class-9 Geography Elective| Chapter-8| উদ্যোগ , Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Geography Elective| Chapter-8| উদ্যোগ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For Class-9 Geography Elective| Chapter-8| উদ্যোগ Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। শ্রেণীবিভাজনৰ ভিত্তি উল্লেখ কৰি উদ্যোগক শ্রেণী বিভক্ত কৰা৷

উত্তৰ। আমাৰ প্ৰয়োজন পূৰ কৰাৰ হেতু আমাক বিভিন্ন ধৰণৰ বস্তু বা সামগ্রী লাগে। এই সামগ্ৰীবোৰ আমি উদ্যোগৰ পৰা পাওঁ। একোটা উদ্যোগত যিহেতু কিছুমান নির্দিষ্ট বস্তুহে উৎপাদন কৰা হয় সেয়েহে প্রয়োজন বাঢ়ি যোৱাৰ লগে লগে বিভিন্ন ধৰণৰ উদ্যোগৰ আৱশ্যকতাও বৃদ্ধি পাইছে।

প্রতিষ্ঠানৰ আকাৰ, ব্যৱহাৰ হোৱা কেঁচামাল, উৎপাদন আৰু মালিকীস্বত্বৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক তলত দিয়া ধৰণে শ্ৰেণী বিভক্ত কৰিব পাৰি।

১। আকাৰ অনুসৰি উদ্যোগক প্ৰধানকৈ তিনি শ্ৰেণীত ভগাব পাৰি—

(ক) ঘৰুৱা উদ্যোগ

(খ) ক্ষুদ্র উদ্যোগ আৰু

(গ) বৃহৎ উদ্যোগ।

২। ব্যৱহৃত কেঁচামাল অনুসৰি উদ্যোগসমূহক প্ৰধানকৈ পাঁচ ভাগত ভগাব পাৰি—

(ক) কৃষিভিত্তিক উদ্যোগ

(খ) খনিজ সম্পদভিত্তিক উদ্যোগ

(গ) ৰসায়নিক দ্রব্যভিত্তিক উদ্যোগ

(ঘ) বনজ সম্পদভিত্তিক উদ্যোগ আৰু

(ঙ) প্রাণীভিত্তিক উদ্যোগ।

৩। উৎপাদিত দ্রব্যৰ ভিত্তিত উদ্যোগসমূহক দুটা ভাগত ভগাব পাৰি 

(ক) মৌলিক উদ্যোগ আৰু

(খ) উপভোগ্য বস্তুৰ উদ্যোগ।

৪। প্ৰতিষ্ঠানৰ মালিকানা অনুসৰি উদ্যোগসমূহক তিনি শ্রেণীত ভগাব পাৰি—

(ক) ৰাজহুৱা খণ্ডৰ উদ্যোগ

(খ) ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু

(গ) যৌথ খণ্ডৰ উদ্যোগ।

প্রশ্ন ২। ঘৰুৱা উদ্যোগ কি? এই উদ্যোগৰ যোগেদি সাধাৰণতে কেনেধৰণৰ সামগ্ৰী তৈয়াৰ কৰা হয়?

উত্তৰ। সাধাৰণতে ঘৰতে পৰিয়ালৰ সসদ্যসকলে গঢ়ি তোলা অতি ক্ষুদ্ৰ আকাৰৰ উদ্যোগকে ঘৰুৱা উদ্যোগ বুলি কোৱা হয়। থলুৱা কেঁচামাল ব্যৱহাৰ কৰি অতি সাধাৰণ যন্ত্রপাতি বা পৰম্পৰাগত কৌশল প্ৰয়োগৰ দ্বাৰা এই উদ্যোগসমূহৰপৰা বস্তু উৎপাদন কৰা হয়।

এই উদ্যোগৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ সাধাৰণতে ঘৰতে ব্যৱহাৰ কৰা হয় নতুবা স্থানীয় বজাৰত বিক্ৰী কৰা হয়। ঘৰুৱা উদ্যোগৰ দ্বাৰা তৈয়াৰ হোৱা সামগ্ৰীসমূহ হৈছে—মাটিৰ বা ধাতুৰ সাজ-বাচন, শালত বোৱা কাপোৰ, খাদ্যবস্তু, আচবাব, আ-অলংকাৰ আদি।

প্রশ্ন ৩। ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ এটি তুলনামূলক আলোচনা দাঙি ধৰা।

উত্তৰ। ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ এটি তুলনামূলক আলোচনা দাঙি ধৰা হ’ল— সীমিত সংখ্যক শ্রমিকেৰে কম মূলধন বিনিয়োগ কৰি যিবোৰ উদ্যোগ গঢ়ি তোলা হয় সেইবোৰাক ক্ষুদ্র উদ্যোগ বোলে। চীন, ভাৰত আদি ঘনবসতিপূর্ণ দেশত ক্ষুদ্র উদ্যোগ সর্বাধিক গুৰুত্ব লাভ কৰে। অৱস্থান যন্ত্রপাতিৰ প্ৰয়োগ আৰু উৎপাদনক্ষেত্ৰত এই উদ্যোগ ঘৰুৱা উদ্যোগকৈ কিছু বেলেগ। সাধাৰণতে থলুৱা কেঁচামাল আৰু শ্ৰমিকৰ উৎপাদন ক্ষমতাৰ ওপৰত এই উদ্যোগৰ উৎপাদন নিৰ্ভৰ কৰে। ক্ষুদ্র উদ্যোগে স্থানীয় লোকৰ আৰ্থিক বিকাশ আৰু ক্রয় ক্ষমতা বৃদ্ধিত সহায় কৰে। এই উদ্যোগ প্ৰতিষ্ঠাৰ যোগেদি উদ্যোগৰ বিকেন্দ্ৰীকৰণ সম্ভৱপৰ হয়।

আনহাতে বৃহৎ উদ্যোগৰ কাৰণে বৃহৎ পৰিমাণৰ মূলধন, নানা প্ৰকাৰৰ কেঁচামাল, প্রশিক্ষণপ্রাপ্ত শ্রমিক, অত্যাধুনিক প্রযুক্তি, যথেষ্ট ইন্ধন আৰু বৃহৎ বজাৰৰ প্ৰয়োজন। বৃহৎ উদ্যোগসমূহ আন্তর্জাতিক বজাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে ইয়াৰ পৰিচালনাৰ প্ৰক্ৰিয়াও জটিল। সাধাৰণতে ইউৰোপ আৰু আমেৰিকাৰ উন্নত ৰাষ্ট্ৰবোৰতে বৃহৎ উদ্যোগসমূহ কেন্দ্রীভূত হৈ আছে। বৃহৎ উদ্যোগসমূহক কেন্দ্ৰ কৰি অঞ্চলটোত আন আন বহুতো মজলীয়া আৰু সৰু সুৰা উদ্যোগ গঢ় লৈ উঠিব পাৰে। জাপান, চীন আৰু ভাৰত আদি দেশতো ভালেমান বৃহৎ উদ্যোগ আছে। বৃহৎ উদ্যোগসমূহ প্রতিষ্ঠা হোৱা অঞ্চলসমূহ কালক্ৰমত ঔদ্যোগিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হয়।

প্রশ্ন ৪। কৃষিভিত্তিক উদ্যোগ কি উদাহৰণেৰে বুজোৱা । 

উত্তৰ। কৃষিজাত শস্য বা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগবোৰক কৃষিভিত্তিক উদ্যোগ বোলা হয়। সাধাৰণতে ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বা সাঁচি ৰাখিবলৈ হ’লে কৃষিজাত সামগ্ৰীবোৰক কিছু হ’লেও শোধন কৰাৰ আৱশ্যক হয়। কেতবোৰ কৃষিভিত্তিক উদ্যোগ হৈছে—ধান কল, ঘেঁহু কল, চেনি কল, পানীয় (চাহ, কফি আদি) উদ্যোগ, তেল উদ্যোগ, মছলা উদ্যোগ আদি। কিছুমান শস্যৰ উৎপাদন বছৰটোৰ এটা বিশেষ ঋতুত ব্যাপক পৰিমাণে হয়। এই শস্যবোৰ অন্য ঠাইলৈ ৰপ্তানি কৰিবৰ বাবেও কৃষিভিত্তিক উদ্যোগসমূহ গঢ়ি উঠা দেখা যায়। পৃথিৱীৰ প্ৰায় সকলো কৃষিপ্রধান দেশতে কৃষিভিত্তিক উদ্যোগৰ প্ৰাধান্য থকা দেখা যায়।

প্রশ্ন ৫। খনিজ সম্পদভিত্তিক উদ্যোগৰ এটি চমু আভাস দিয়া।

উত্তৰ। খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি যিবোৰ উদ্যোগ গঢ়ি উঠিছে সেইবোৰক খনিজ সম্পদভিত্তিক উদ্যোগ বোলে। পৃথিৱীৰ যিবোৰ অঞ্চল খনিজ সম্পদত চহকী স্বাভাৱিকতে সেইবোৰ অঞ্চলতেই এনে ধৰণৰ উদ্যোগ গঢ় লৈ উঠিছে। আজিকালি পৰিবহণৰ সুবিধা বৃদ্ধি পোৱাৰ ফলত অৱশ্যে খনিজ সম্পদ নথকা ঠাইতো খনিজ সম্পদভিত্তিক উদ্যোগ গঢ়ি উঠাটো সম্ভৱপৰ হৈছে। কেতবোৰ খনিজ সম্পদভিত্তিক উদ্যোগ হৈছে লো- তীখা, এলুমিনিয়াম, তাম, পেট্ৰ’লিয়াম আদি।

প্রশ্ন ৬। মৌলিক উদ্যোগ বুলিলে কি বুজা উদাহৰণ দি লিখা। 

উত্তৰ। মৌলিক উদ্যোগ বুলিলে লো-তীখাৰ উদ্যোগক বুজোৱা হয়। এই প্ৰকাৰৰ উদ্যোগে মূলতঃ অন্য উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদন কৰে। মৌলিক উদ্যোগে যন্ত্রপাতি তৈয়াৰ কৰা উদোগবোৰক কেঁচামাল যোগান ধৰে। যন্ত্রপাতিবোৰে আকৌ অন্য বস্তু বা সামগ্রী উৎপাদনত সহায় কৰে। সেয়েহে লো-তীখাৰ উদ্যোগক এবিধ মৌলিক উদ্যোগ বুলি কোৱা হয়।

প্রশ্ন ৭। উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণকাৰী কাৰসমূহৰ এটি আভাস দিয়া৷

উত্তৰ। এখন দেশৰ কিছুমান অঞ্চলত উদ্যোগ সহজে গঢ় লৈ উঠিব পাৰে আৰু কালক্ৰমত তেনে ঠাই ঔদ্যোগিক অঞ্চলত পৰিণত হ’ব পাৰে। সাধাৰণতে নানা ধৰণৰ প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকে উদ্যোগৰ প্ৰতিষ্ঠা আৰু অৱস্থান নির্ণয় কৰে। উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণকাৰী কাৰকসমূহৰ এটি চমু আভাস দাঙি ধৰা হ’ল—

কেঁচামাল :

সকলো উদ্যোগৰ বাবে কেঁচামাল আৱশ্যক। বিভিন্ন উৎসৰপৰা কেঁচামাল আহৰণ কৰা হয়। কেঁচামালৰ উৎস স্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্রণ কৰে। লো-তীখাৰ প্ৰধান কেঁচামাল গধুৰ লো-আকৰ হোৱাৰ বাবে ইয়াৰ উদ্যোগ সাধাৰণতে লো-আকৰৰ উৎস স্থানৰ ওচৰতে প্ৰতিষ্ঠা কৰা হয়। ফলত কেঁচামাল পৰিবহণৰ ব্যয় যথেষ্ট কমি থাকে। আনহাতে বয়ন শিল্পৰ প্ৰধান কেঁচামাল কপাহৰ ওজন লঘু হোৱাৰ লগতে উৎপাদন প্রক্রিয়াত ই বিশেষ ওজন নেহেৰুবায়। সেয়েহে কপাহ উদ্যোগ কেঁচামালৰ উৎসস্থানত অৱস্থিত নহ’বও পাৰে। এইদৰে কেঁচামালৰ গুণাগুণ আৰু উৎস স্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্রণ করে।

শক্তি বা ইন্ধন :

সকলো উদ্যোগৰ বাবে শক্তি বা ইন্ধনৰ প্ৰয়োজন। ইন্ধনৰ প্ৰধান উৎসসমূহ হৈছে–কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ, জলবিদ্যুৎ, আণৱিক শক্তি আদি। কয়লা শক্তিৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ সাধাৰণতে কয়লাক্ষেত্ৰৰ কাষত প্ৰতিষ্ঠা কৰা হয়। কাৰণ গধূৰ কয়লাৰ পৰিবহণ অতি ব্যয়সাপেক্ষ। অন্যান্য ইন্ধনৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ ইন্ধনৰ উৎসৰপৰা কিছু দূৰৈতো অৱস্থিত হ’ব পাৰে। মুঠতে ইন্ধন বা শক্তিয়ে উদ্যোগ প্রতিষ্ঠাৰ ক্ষেত্ৰত নিৰ্ণায়কৰ ভূমিকা ল’ব পাৰে।

শ্রমিক :

উদ্যোগসমূহ পৰিচালনাৰ বাবে কম-বেছি সংখ্যক প্রশিক্ষণপ্রাপ্ত শ্রমিকৰ প্রয়োজন। চাহ শিল্পৰ দৰে কিছুমান উদ্যোগক কম ব্যয়সাপেক্ষ বহুতো শ্রমিকৰ দৰকাৰ। আনহাতে কেতবোৰ উদ্যোগত যান্ত্রিকীকৰণ ইমান বেছি যে তাত সাধাৰণ শ্রমিকৰ প্ৰয়োজন কম। গতিকে উদ্যোগৰ অৱস্থান নিয়ন্ত্রণকাৰী কাৰকবোৰৰ ভিতৰত শ্রমিকৰ কথাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ।

যাতায়ত পৰিবহণ

উদ্যোগ প্রতিষ্ঠাৰ বাবে উপযুক্ত যাতায়ত-পৰিবহণ ব্যৱস্থাৰ

আৱশ্যক। উদ্যোগলৈ কেঁচামাল অনা আৰু বজাৰলৈ উৎপাদিত সামগ্রী কঢ়িয়াবৰ বাবে যাতায়ত আৰু পৰিবহণ ব্যৱস্থা উন্নত হ’ব লাগে। তদুপৰি শ্ৰমিক আৰু অন্যান্য বয়-বস্তু কঢ়িয়াবলৈও পৰিবহণ ব্যৱস্থা সুচল হ’ব লাগে। এইদৰে সুচল যাতায়ত আৰু পৰিবহণ ব্যৱস্থায়ো উদ্যোগৰ অৱস্থান যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰে।

বজাৰ :

উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণত বজাৰে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। উদ্যোগ বজাৰৰ ওপৰত অৱস্থিত হ’লে উৎপাদিত সামগ্ৰীৰ পৰিবহণ ব্যয় কমি যায়। বহুতো উদ্যোগ নগৰত বা নগৰৰ আশে পাশে গঢ় লৈ উঠা দেখা যায়। ইয়াৰ প্ৰধান কাৰণ হৈছে নগৰাঞ্চলৰ কাষত থকা বিশাল নগৰীয়া বজাৰ। গতিকে ক’ব পাৰি যে বজাৰৰ সুবিধাই উদ্যোগৰ অৱস্থানত মূখ্য কাৰক হিচাপে ভূমিকা পালন কৰে।

মূলধন :

ঘৰুৱা উদ্যোগৰ বাহিৰে অন্যান্য উদ্যোগসমূহ প্ৰতিষ্ঠাৰ বাবে যথেষ্ট পৰিমাণৰ মূলধনৰ আৱশ্যক। উদ্যোগ প্রতিষ্ঠাৰ বাবে প্রয়োজনীয় মাটি, ঘৰ-বাৰী, যন্ত্ৰ-পাতি, ইন্ধন, শ্রমিক, যাতায়ত আৰু পৰিবহণ আদি সকলো ব্যৱস্থা যথেষ্ট ব্যয়বহুল। সেয়েহে কেঁচামাল বা শ্রমিকৰ ক্ষেত্ৰত চহকী হ’লেও কেৱল মূলধনৰ নাটনিৰ বাবেই একোটা অঞ্চল উদ্যোগৰ ক্ষেত্ৰত পিছ পৰি থকা দেখা যায়। মূলধনেই ব্যক্তি বা চৰকাৰক উদ্যোগ প্ৰতিষ্ঠাৰ দিশত প্ৰথম উদ্‌গণি যোগায়।

চৰকাৰী নীতি :

উদ্যোগ স্থাপন আৰু ইয়াৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰী নীতিৰ প্ৰয়োজন আছে। পৃথিৱীৰ সকলো দেশতে অর্থনৈতিক পৰিচালনাৰ বাবে ঔদ্যোগিক নীতি আছে। ব্যক্তিগত খণ্ডত প্রতিষ্ঠিত উদ্যোগেও এই ক্ষেত্ৰত চৰকাৰী নীতি নির্দেশনা পালন কৰিবলগীয়া হয়। চৰকাৰী নীতি নির্দেশনাই ক’ত কি উদ্যোগ কেনেধৰণে স্থাপন কৰিব পাৰি তাৰ ওপৰত প্রত্যক্ষ প্রভাৱ পেলাব পাৰে।

প্রশ্ন ৮। উদ্যোগৰ অৱস্থানত কেঁচামালৰ ভূমিকা সম্বন্ধে উদাহৰণ দি লিখা।

উত্তৰ। উদ্যোগৰ অৱস্থানত কেঁচামালে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সকলো উদ্যোগকে কেঁচামাল লাগে। কেঁচামাল বিভিন্ন উৎসৰ পৰা পাব পাৰি। কিছুমান কেঁচামাল গধূৰ, কিছুমান পাতল, আনহাতে কিছুমান কেঁচামাল সোনকালে নষ্ট হৈ যায়। অন্য কিছুমান কেঁচামাল উৎপাদন প্ৰক্ৰিয়াৰ মাজেৰে যাওঁতে পূৰ্বৰ ওজন বহু পৰিমাণে কমি যায়। কেঁচামালৰ উৎস স্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্রণ কৰে। লো-তীখাৰ প্ৰধান কেঁচামাল গধুৰ লোৰ আকৰ হোৱাৰ কাৰণে ইয়াৰ উদ্যোগ সাধাৰণতে লোৰ আকৰৰ উৎস স্থানৰ ওচৰতে প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ফলত কেঁচামাল পৰিবহণৰ ব্যয় যথেষ্ট পৰিমাণে কমি যায়। আনহাতে বয়ন শিল্পৰ প্ৰধান কেঁচামাল কপাহৰ ওজন কম হোৱাৰ লগতে ই উৎপাদন প্রক্রিয়াত বিশেষ ওজন নেহেৰুৱায়। সেইবাবে কপাহ উদ্যোগ কেঁচামালৰ উৎস স্থানৰ ওচৰত অৱস্থিত নহ’বও পাৰে।

সেইদৰে চেনী শিল্পৰ প্ৰধান কেঁচামাল কুঁহিয়াৰ সোনকালে নষ্ট হোৱাৰ সম্ভাৱনা থকাৰ বাবে ইয়াক বেছি দূৰলৈ কঢ়িয়াব নোৱাৰি। গতিকে চেনী শিল্প কুঁহিয়াৰ উৎপাদন ক্ষেত্ৰৰ ওচৰতে অৱস্থিত হ’লে অধিক সুবিধা হয়। এইদৰে কেঁচামালৰ গুণাগুণ আৰু উৎস স্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে।

প্রশ্ন ৯। ভাৰতৰ লো-তীবা উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ। লো-তীখাৰ উদ্যোগ এবিধ মৌলিক উদ্যোগ। এই উদ্যোগৰ কেঁচামাল হৈছে–লোৰ আকৰ, কয়লা, মেংগানিজ আৰু চূনশিল। লো-তীখাৰ বৃহৎ উদ্যোগসমূহ সাধাৰণতে কেঁচামালসমূহৰ উৎস স্থানৰ ওচৰত প্ৰতিষ্ঠা কৰা হয়। এই উদ্যোগসমূহ প্ৰতিষ্ঠাৰ বাবে বৃহৎ পুঁজিৰ প্রয়োজন হোৱাৰ বাবে এই উদ্যোগসমূহ পৃথিৱীৰ উন্নত দেশবোৰত কেন্দ্ৰীভূত হৈ আছে।

অতি প্রাচীন কালৰে পৰা ভাৰতত লো-তীখাৰ শিল্পৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা গৈছে। পুৰণিকালত থলুৱা পৰম্পৰাগত পদ্ধতিৰে লোৰ সামগ্ৰী প্ৰস্তুত কৰা হৈছিল। ভাৰতত লোৰ আধুনিক উদ্যোগিক উৎপাদন আৰম্ভ হয় ১৯০৭ চনত বৰ্তমানৰ জামছেদপুৰত। জে. এন. টাটাই ইয়াত লো-তীখাৰ উদ্যোগ প্রতিষ্ঠা কৰি আধুনিক লো-তীখা উদ্যোগৰ আৰম্ভণি কৰে।

ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, উৰিষ্যা আৰু ছাট্টিচগড়ত লো-তীখাৰ উদ্যোগ গঢ় লৈ উঠিছে। লো-তীখা উদ্দ্যোগৰ বাবে প্রয়োজন হোৱা কেঁচামালবোৰ এই অঞ্চলটোত সহজে পোৱা যায় বাবে এইবিধ উদ্যোগ কেন্দ্রীভূত হৈ আছে। বর্তমান দক্ষিণ ভাৰতৰ কর্ণাটক আৰু তামিলনাড়ুতো লো-তীখাৰ উদ্যোগ গঢ়ি উঠিছে। ভাৰতব প্রধান লো-তীখাৰ উদ্যোগিক কেন্দ্রবোৰ হৈছে— দুর্গাপুৰ, বাৰ্ণপুৰ, জামছেদপুৰ, আছানছোল, বোকাৰো, ৰুৰকেলা আৰু ভিল্লাই। দক্ষিণ ভাৰতৰ ছালেম আৰু ভদ্ৰাৱতীতো লো-তীখাৰ উদ্যোগ গঢ়ি উঠিছে।

লো-তীখা উৎপাদনৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰতে এক উল্লেখযোগ্য দেশ। ভাৰতত বছৰি ৩০ নিযুত মেট্রিক টনৰো অধিক তীখা উৎপাদিত হয়। বছৰি দেশখনত চাৰি নিযুত মেট্রিক টনৰো অধিক কেঁচা লো উৎপাদন হয়। লোৰ আকৰৰ বৃহৎ ভঁৰাল, আপেক্ষিকভাৱে সস্তীয়া শ্রমিকৰ সহজলভ্যতা আৰু বৃহৎ দেশীয় বজাৰে অদূৰ ভৱিষ্যতে ভাৰতৰ লো-তীখা উদ্যোগৰ দ্রুত বিকাশ সম্ভৱ কৰি তুলিব বুলি ক’ব পাৰি।

প্রশ্ন ১০। ভাৰতৰ কপাহী বয়ন শিল্পৰ এটি বিৱৰণ দিয়া।

উত্তৰ। ভাৰতৰ এক উল্লেখযোগ্য উদ্যোগ হৈছে কপাহী বয়ন উদ্যোগ। কপাহী বয়ন উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে উচ্চমানসম্পন্ন কপাহ। কপাহ হৈছে এবিধ ওজনৰ বিশেষ পৰিৱৰ্তন নোহোৱা কেঁচামাল। সেইবাবে ইয়াৰ উদ্যোগৰ অৱস্থান কেঁচামালৰ উৎস স্থানতেই হওঁক বা বজাৰৰ কাষতেই হওঁক, পৰিবহণ ব্যয়ৰ বিশেষ পার্থক্য নঘটে।

গতিকে শক্তি, শ্রমিক, অনুকূল প্রাকৃতিক পৰিৱেশ, বজাৰ, পৰিবহণৰ সুব্যৱস্থা আদি অন্যান্য কাৰকে এই উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। কপাহী বয়ন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া দেশকেইখনমান হৈছে—আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাচিয়া, যুক্তৰাজ্য, চীন, জাপান, ভাৰত আদি। ইজিপ্ত,

আধুনিক যন্ত্রচালিত বয়ন উদ্যোগ প্রতিষ্ঠা হোৱাৰ আগতে এই উদ্যোগে ঘৰুৱা শিল্প হিচাপে গোটেই ভাৰততে বিয়পি আছিল। বর্তমান আধুনিক যন্ত্রচালিত বয়ন উদ্যোগে ভাৰতৰ প্ৰায় ভাগ ৰাজ্যতে প্ৰসাৰ লাভ কৰিছে যদিও প্ৰধানকৈ মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্রদেশ, উত্তৰপ্ৰদেশ, কৰ্ণাটক আৰু তামিলনাড়ু ৰাজ্যত কপাহী বয়ন উদ্যোগ কেন্দ্রীভূত হৈ আছে। বর্তমান অন্ধ্রপ্রদেশ আৰু পশ্চিমবংগতো কিছু সংখ্যক এই উদ্যোগ আছে।

প্রশ্ন ১১। ভাৰতৰ এখন মানচিত্র আঁকি তাত তিনিটা লো-তীখাৰ উদ্যোগ আৰু তিনিটা কপাহী বয়ন উদ্যোগৰ অৱস্থান দেখুওৱা।

 উত্তৰ। ভাৰতৰ তিনিটা লো-তীখাৰ উদ্যোগ— 

(i) দুৰ্গাপুৰ, 

(ii) জামছেদপুৰ, 

(iii) কৰকেলা। 

ভাৰতৰ তিনিটা কপাহী বয়ন উদ্যোগ—

(i) মহাৰাষ্ট্ৰ, 

(ii) গুজৰাট, 

(iii) মধ্যপ্রদেশ৷

নৱম শ্ৰেণীৰ ভূগোল সমাধান

Sl. No.সূচী-পত্ৰ
Chapter 1বতৰ আৰু জলবায়ু
Chapter 2পৃথিৱীৰ মানুহ
Chapter 3জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
Chapter 4জনবসতি
Chapter 5সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ
Chapter 6অর্থনৈতিক কার্য বা বৃত্তি
Chapter 7কৃষি
Chapter 8উদ্যোগ

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। উদ্যোগ কাক বোলে? উদ্যোগ স্থাপিত হ’বলৈ হ’লে কি কি ভৌগোলিক কাৰকৰ আৱশ্যক? উদাহৰণসহ ব্যাখ্যা কৰা। 

উত্তৰ। যি পদ্ধতিৰে প্ৰকৃতিৰপৰা পোৱা বস্তুবোৰ মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়, সেই পদ্ধতিক উদ্যোগ বোলা হয়।

উদ্যোগ স্থাপিত ভৌগোলিক কাৰকৰ আৱশ্যক। সেইবোৰ হৈছে—কেঁচামাল (Raw material), শক্তি (Power), জলবায়ু (Climate), শ্রমিক (Labour), পৰিবহণ (Transportation), বজাৰ (Market)। এইবোৰৰ উপৰিও আন অর্থনৈতিক কাৰক হৈছে—মূলধন (Capital), চৰকাৰী শিল্পনীতি (Govt. Industrial Policy) আদি।

শিল্পোদ্যোগ গঢ়ি তোলাৰ বাবে কেঁচামালৰ প্রয়োজন। যিবোৰ উদ্যোগত অধিক পৰিমাণে কেঁচামাল প্রয়োজন হয় তেনে উদ্যোগ কেঁচামাল পোৱা ঠাইত স্থাপন কৰা হয়। উদাহৰণস্বৰূপে লো-তীখা উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে—লো, আকৰ, কয়লা আৰু বস্ত্ৰ উদ্যোগৰ বাবে কপাহ হৈছে কেঁচামাল।

সকলো উদ্যোগতে শক্তি প্রয়োজন। এই শক্তি প্ৰধানকৈ কয়লা, খনিজ তেল আৰু জল-বিদ্যুত্ৰপৰা পোৱা হয়। যিবোৰ উদ্যোগত শক্তি বেছিকৈ প্রয়োজন হয় তেনে উদ্যোগ শক্তিৰ উৎসৰ লগতে স্থাপন কৰা হয়। উদাহৰণস্বৰূপে—সিংভূম, ময়ূৰভঞ্জ আদি ঠাইত পোৱা লোৰ আকৰ আৰ’ ৰাণীগঞ্জত পোৱা কয়লাৰ ওপৰত ভিত্তি কৰি জামছেদপুৰত লো-তীখা উদ্যোগ স্থাপন হৈছে।

শিল্পোদ্যোগ গঢ়ি উঠাৰ বাবে ভাল জলবায়ুৰ প্ৰয়োজন। জলবায়ু ভাল হ’লে শ্ৰমিকৰ কর্মশক্তি বাঢ়ে আৰু তাৰ ফলত উৎপাদন বৃদ্ধি পায়। আর্দ্র জলবায়ুৰ বাবে মহাৰাষ্ট্ৰত অধিক সংখ্যক’ বস্ত্ৰ উদ্যোগ গঢ়ি উঠিছে। সেইদৰে হলিউদৰ ফৰকাল উজ্জ্বল বতৰৰ কাৰণে চিনেমা শিল্পৰ সহায়ক হৈছে।

সুলভ আৰু সুদক্ষ শ্রমিক উদ্যোগৰ বাবে অতি প্রয়োজন। নিপুণ শ্ৰমিকৰ অভাৱত কিছুমান ঠাইত আন সুবিধাবিলাক থকা সত্ত্বেও উদ্যোগ গঢ়ি নুঠে। উদাহৰণস্বৰূপে–উৰিষ্যা, বিহাৰ আদি ঠাইৰপৰা অহা নিপুণ শ্রমিকসকলে অসমৰ চাহ উদ্যোগৰ সৰহভাগ কাম চলাই আছে।

সেইদৰে শিল্প-বাণিজ্যৰ ক্ষেত্ৰত সস্তীয়া পৰিবহণ অতি প্রয়োজন। সোনকালে নষ্ট হোৱা কেঁচামাল বা উৎপাদিত বস্তু সৰবৰাহৰ বাবে দ্রুত পৰিবহণৰ প্ৰয়োজন। আকৌ উৎপাদিত বস্তুবোৰ বেচা-কিনা কৰিবৰ বাবে শিল্পদ্যোগৰ ওচৰত বৃহৎ বজাৰৰ প্ৰয়োজন। এনেবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰিয়েই উদ্যোগ স্থাপন হয়।

প্রশ্ন ২। উদ্যোগসমূহক কেইটা ভাগত ভগাব পাৰি? বিভক্তিকৰণৰ কাৰণবোৰ ব্যাখ্যা কৰা।

উত্তৰ। উদ্যোগসমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। যেনে-

১। গুৰু উদ্যোগ (Heavy Industry) আৰু

২। লঘু উদ্যোগ (Light Industry ) ।

যিবোৰ উদ্যোগত প্ৰচুৰ পৰিমাণে কেঁচামাল আৰু মূলধন ব্যৱহাৰ কৰা হয়, তেনেবেৰ উদ্যোগকে গুৰু উদ্যোগ বোলা হয়। উদাহৰণস্বৰূপে—মটৰ-গাড়ী, লো-তীখা আদি উদ্যোগ।

আনহাতে যিবোৰ উদ্যোগত আপেক্ষিকভাৱে কম কেঁচামাল ব্যৱহাৰ কৰা হয় আৰু দৈনিক প্রয়োজনীয় সামগ্রী উৎপাদন কৰা হয়, তেনেবোৰ উদ্যোগক লঘু উদ্যোগ বোলা হয়। উদাহৰণস্বৰূপে—বয়ন শিল্প, চামৰা শিল্প, প্রসাধন সামগ্রী প্রস্তুতি শিল্প আদি উদ্যোগ।

উদ্যোগসমূহক ব্যৱহৃত যন্ত্রপাতি, প্ৰয়োগ কৰা মূলধন, উদ্যোগৰ আকাৰ আদিৰ ওপৰত ভিত্তি কৰি বিভক্তিকৰণ কৰা হয়। আকৌ উৎপাদিত সামগ্ৰীৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগক বিভক্তিকৰণ কৰা হয়। যেনে—মূল শিল্প (Basic Industry), গৌণ শিল্প (Non- Basic Industry) আৰু নিজ ব্যবহার্য সামগ্রী শিল্প (Consumer Goods Industry)।

আকৌ আকাৰ আৰু বিনিয়োগৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগসমূহক বিভক্তিকৰণ কৰা হয়। যেনে- ৫ লাখতকৈ কম বিনিয়োগ কৰা উদ্যোগক অতি ক্ষুদ্র শিল্পোদ্যোগ (Tiny Industry); বিনিয়োগৰ পৰিমাণ ৫ লাখৰপৰা ৬০ ৬০ লাখলৈকে ক্ষুদ্র শিল্পোদ্যোগ (Small Industry); বিনিয়োগৰ পৰিমাণ ৫ কোটিলৈকে মধ্যমীয়া শিল্পদ্যোগ (Medium Scale Industry) আৰু বিনিয়োগৰ পৰিমাণ ৫ কোটিতকৈ অধিক হ’লে তাক বৃহৎ শিল্পোদ্যোগত (Large Scale Industry) ধৰা হয়।

মালিকীস্বত্বৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগসমূহ বিভক্তিকৰণ কৰা হয়। যেনে—ৰাজহুৱা খণ্ড, সমবায় খণ্ড, ব্যক্তিগত খণ্ড আৰু যুটীয়া খণ্ড। আকৌ উদ্যোগত ব্যৱহাৰ কৰা কেঁচামালৰ ধৰণৰ অনুসৰিও উদ্যোগক বিভক্তিকৰণ কৰা হয়।

এইদৰে বিভিন্ন কাৰণত উদ্যোগসমূহক বিভক্তিকৰণ কৰা হয়। 

প্রশ্ন ৩। গুৰু উদ্যোগ কোনবিলাক? কিয় সিহঁতক গুৰু উদ্যোগ বোলা হয় লিখা।

উত্তৰ। যিবিলাক ডাঙৰ শিল্প উদ্যোগ, যিবোৰত প্ৰচুৰ পৰিমাণে কেঁচামাল, যন্ত্রপাতি আৰু যথেষ্ট মূলধন খটুৱাই স্থাপন কৰা হয়, সেইবোৰ উদ্যোগেই গুৰু উদ্যোগ (Heavy Industry)। গুৰু উদ্যোগবিলাকে প্রতিপোষক (Subsidiary) বহু উদ্যোগক সহায় কৰে।

এই গুৰু উদ্যোগ বোলাৰ কাৰণ হ’ল এই উদ্যোগত বিনিয়োগৰ পৰিমাণ পাঁচ কোটিতকৈ অধিক আৰু এই উদ্যোগত যথেষ্ট পৰিমাণে কেঁচামাল ব্যৱহৃত হয় আৰু এইবোৰ উদ্যোগত বহুতো শ্রমিক নিয়োজিত হয়। এইবোৰ উদ্যোগৰ উৎপাদন

অধিক হয়। মটৰগাড়ী, এৰোপ্লেন, লো-তীখা আদি কাৰখানা শুরু উদ্যোগৰ উদাহৰণ, য’ত এক বৃহৎ পৰিমাণৰ মূলধন আৰু কেঁচামালৰ প্রয়োজন।

প্রশ্ন ৪। উদ্যোগীকৰণে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত কেনেদৰে অৰিহণা যোগায় লিখা।

উত্তৰ। উদ্যোগীকৰণে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়। দ্রুত উদ্যোগীকৰণৰ ফলতেই দেশত নিয়োগৰ পৰিমাণ বৃদ্ধি পায়, বিনিয়োগৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলতেই মূলধন গঠনত সহায় হয়। উদ্যোগীকৰণৰ ফলত সেই অঞ্চলত জনবসতি বৃদ্ধি পায়, পৰিবহণ ব্যৱস্থা উন্নত হয়, বজাৰ বা ব্যৱসায় প্রতিষ্ঠানবোৰ স্থাপন হয় আক বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান গঢ়ি উঠে। উদ্যোগীকৰণৰ ফলত অঞ্চলটোত বিজুলী শক্তি, উন্নত যোগাযোগ ব্যৱস্থা, চিকিৎসালয় আদি গঢ়ি উঠে আৰু ইয়াৰপৰা জনসাধাৰণৰ উপকাৰ হয়। কোনো অঞ্চলত উদ্যোগ স্থাপন হ’লে সেই ঠাইত বহুতো লোকে সংস্থান পায়, ফলত তেওঁলোকৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত হয়। দ্রুত উদ্যোগীকৰণৰ ফলত জনমূৰি আয় বৃদ্ধি পায় আৰু লগে লগে জাতীয় আয়ো বৃদ্ধি পাবলৈ ধৰে। জনমূৰি আয় বৃদ্ধি পালে দেশখনৰ প্ৰগতি (বা উন্নতি) হোৱা বুলি ক’ব পাৰি। এইদৰে উদ্যোগীকৰণ দেশৰ প্ৰগতিত অৰিহণা যোগায়।

প্রশ্ন ৫। উদ্যোগ স্থাপনৰ ভৌগোলিক কাৰকবোৰ চমুকৈ লিখা ।

উত্তৰ। উদ্যোগ স্থাপনৰ বাবে আৱশ্যকীয় ভৌগোলিক কাৰকবোৰ হৈছে—জলবায়ু, কেঁচা সামগ্ৰী, শক্তি, শ্রমিক, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা, উপযুক্ত বজাৰ ইত্যাদি।

কিছুমান উদ্যোগ স্থাপনৰ ক্ষেত্ৰত জলবায়ুৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। উদাহৰণস্বৰূপে— কপাহী বস্ত্ৰ উদ্যোগৰ বাবে মৃদু জলবায়ুৰ আরণ্যক কারণ সেমেকা শুকান জলবায়ুরে সূতাবিলাক নষ্ট হোৱাৰপৰা সুৰক্ষিত রাখে। আকৌ কেঁচা সামগ্রী উদ্যোগ স্থাপনৰ বাবে অতি আৱশ্যকীয়। উদাহৰণস্বৰূপে–লো- তীখা উদ্যোগৰ বাবে কেঁচা সামগ্রী যেনে—আকৰিক লো, চুণশিল, মেংগানিজ, কয়লা আদি, বস্ত্ৰ উদ্যোগৰ বাবে কেঁচা কপাহ, চেনিৰ বাবে কুঁহিয়াৰ ইত্যাদি উদ্যোগ স্থাপনৰ বাবে প্রয়োজনীয় কেঁচা সামগ্ৰী। কেঁচা সামগ্ৰীবোৰ উদ্যোগৰ ওচৰত সহজলভ্য হ’লে উদ্যোগ স্থাপনত সুবিধা হয় আৰু পৰিবহণ ব্যয় হ্রাস পায়।

উদ্যোগ বিকাশৰ মূল উপাদান হৈছে শক্তি। সকলো উদ্যোগ পৰিচালনা কৰিবলৈ বিভিন্ন শক্তি, যেনে— কয়লা, পেট্রলিয়াম, জলবিদ্যুৎ আদিৰ প্ৰয়োজন। ইয়াৰোপৰি উদ্যোগত কাম কৰিবলৈ শ্ৰমিকৰ প্রয়োজন। উদ্যোগৰ বিভিন্ন যন্ত্রপাতি ব্যৱহাৰ, চালন কাৰ্য, মেৰামতি কৰা কাৰ্য আৰু সুচাৰুৰূপে কাম-কাজ পৰিচালনা কৰিবলৈ সুদক্ষ শ্রমিকৰ প্ৰয়োজন হয়। উদ্যোগ স্থাপনৰ ক্ষেত্ৰত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ অধিক গুৰুত্ব আছে। পৰিবহণ ব্যৱস্থা অনুন্নত হ’লে উৎপাদিত সামগ্ৰীৰ মূল্য ধাৰ্য কৰিবলগীয়া হয় আৰু ইয়াৰ ফলস্বৰূপে সামগ্রীর চাহিদা হ্রাস পায়। পৰিবহণ ব্যৱস্থা উন্নত হ’লে উৎপাদিত সামগ্ৰীসমূহ সহজে ৰপ্তানি কৰা, বাৰ্তা বিনিময় কৰা আৰু আমদানিকৃত সামগ্ৰীসমূহ সুন্দৰভাৱে বিতৰণ কৰিব পাৰি। আকৌ উদ্যোগত উৎপাদিত সামগ্রীসমূহ বিক্ৰী কৰিবলৈ ভাল বজাৰৰ আৱশ্যক। উপযুক্ত বজাৰ অবিহনে উদ্যোগবোৰে বিকাশ সাধন কৰিব নোৱাৰে। সেয়ে কোনো উদ্যোগ স্থাপন কৰিবলৈ হ’লে সেই ঠাইৰ ভৌগোলিক অৱস্থান আৰু ভৌগোলিক কাৰকসমূহ বিবেচনা কৰাটো প্রয়োজন।

প্রশ্ন ৬। নির্মাণ শিল্প কি?

উত্তৰ। মূলধন বিনিয়োগ কৰি বিভিন্ন ধৰণৰ কেঁচামাল অধিক শ্ৰমৰ দ্বাৰা ৰূপান্তৰিত কৰি মূল্যৱান আৰু ব্যৱহাৰৰ উপযোগী সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগক নিৰ্মাণ উদ্যোগ (Manufacturing industry) বোলা হয়। অর্থাৎ নিৰ্মাণ শিল্প হৈছে একপ্ৰকাৰ গুৰু উদ্যোগ। উদাহৰণস্বৰূপে—লো-তীখা উদ্যোগ।

প্রশ্ন ৭। পানীৰপৰা আহৰণ কৰা শক্তি কি?

উত্তৰ। পানীৰপৰা আহৰণ কৰা শক্তি হৈছে জলবিদ্যুৎ শক্তি। 

প্রশ্ন ৮। লো-তীখা শিল্প কেনে শ্রেণী উদ্যোগৰ অন্তৰ্ভূক্ত?

উত্তৰ। লো-তীখা শিল্প গুৰু উদ্যোগৰ অন্তৰ্ভূক্ত। অৱশ্যে লো-তীখা শিল্প মূল শিল্প (Basic Industry) শ্ৰেণীৰ ভিতৰতো পৰে। 

প্রশ্ন ৯। কেনে ধৰণৰ পৰিবহণ ব্যৱস্থা অতি সস্তীয়া ?

উত্তৰ। বিভিন্ন প্ৰকাৰ পৰিবহণৰ ভিতৰত জল পৰিবহণ (Water ব্যৱস্থা অতি সস্তীয়া। আকৌ পথ-পৰিবহণৰ ভিতৰত ৰেল পৰিবহণত খৰচ কম।

প্রশ্ন ১০। পৰিচালনা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগসমূহক

কি কি ভাগত ভাগ কৰা হৈছে চমুকৈ লিখা । উত্তৰ। পৰিচালনা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগসমূহক দুটা ভাগত ভাগ কৰা হয়। সেইবোৰ হৈছে—

১। কুটিৰ শিল্প (Cottage Industry) আৰু

২। নির্মাণ শিল্পোদ্যোগ (Manufacturing Industry ) । 

(১) কুটিৰ শিল্প : নিজ পৰিয়ালৰ সদস্যৰ দ্বাৰা ঘৰতে স্থাপন কৰা উদ্যোগক কুটিৰ শিল্প উদ্যোগ বোলা হয়। বাঁহ-বেত শিল্প, কাঁহ-পিতল শিল্প, মৃৎ-শিল্প আদি কুটিৰ শিল্পৰ উদাহৰণ।

(২) নির্মাণ শিল্পোদ্যোগ : মূলধন খটুৱাই বিভিন্ন ধৰণৰ কেঁচামাল অধিক শ্ৰমৰ দ্বাৰা ৰূপান্তৰিত কৰি মূল্যৱান আৰু ব্যৱহাৰৰ উপযোগী সামগ্রী নিৰ্মাণ কৰা উদ্যোগক নির্মাণ শিল্পোদ্যোগ বোলা হয়। লো-তীখা, জাহাজ নির্মাণ আদি নিৰ্মাণ শিল্পোদ্যোগৰ উদাহৰণ।

প্রশ্ন ১১। কেঁচামালৰ প্ৰকৃতি আৰু উৎপাদিত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগক কেই ভাগত ভাগ কৰা হৈছে?

উত্তৰ। কেঁচামালৰ প্ৰকৃতি আৰু উৎপাদিত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগক চাৰিটা ভাগত ভাগ কৰা হয়। সেইবোৰ হৈছে—

১। মৌলিক উদ্যোগ (Basic Industry)

২। অমৌলিক উদ্যোগ (Non-basic Industry)

৩। গুৰু উদ্যোগ (Heavy Industry)

৪। লঘু উদ্যোগ (Light Industry)।

প্রশ্ন ১২। মৌলিক উদ্যোগ কি? উদাহৰণ দি লিখা ।

উত্তৰ। যিবোৰ উদ্যোগত উৎপাদন হোৱা সামগ্ৰীবোৰ আন উদ্যোগৰ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয় তেনেবোৰ উদ্যোগক মৌলিক উদ্যোগ (Basic Industry) বুলি কোৱা হয়। উদাহৰণস্বৰূপে, লো-তীখা উদ্যোগত উৎপাদিত তীখা আন উদ্যোগত ব্যৱহাৰ কৰা উদ্যোগবোৰ মৌলিক উদ্যোগৰ উদাহৰণ।

প্রশ্ন ১৩। অমৌলিক উদ্যোগ কাক বোলে উদাহৰণ দি লিখা।

উত্তৰ। যিবিলাক শিল্পোদ্যোগত মৌলিক উদ্যোগৰ উৎপাদিত সামগ্ৰীসমূহ ব্যৱহাৰ কৰি মানুহৰ ব্যৱহৃত প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰা হয়, তেনেবোৰ উদ্যোগক অমৌলিক উদ্যোগ (Non-basic Industry) বোলা হয়। উদাহৰণস্বৰূপে – গাড়ী-মটৰ নিৰ্মাণব যন্ত্ৰপাতিবোৰ প্ৰয়োজনীয় লো-তীখা উদ্যোগ আৰু ৰবৰ উদ্যোগত নিৰ্মাণ কৰা হয়।

প্রশ্ন ১৪। গুৰু উদ্যোগ কাক বোলে উদাহৰণ দি লিখা।

উত্তৰ। যিবোৰ উদ্যোগত প্ৰচুৰ পৰিমাণে মূলধন, কেঁচামাল আৰু যন্ত্রপাতি প্ৰয়োগ কৰি স্থাপন কৰা হয়, তেনে উদ্যোগবোৰক গুৰু উদ্যোগ (Heavy Industry) বোলা হয়। উদাহৰণস্বৰূপে—এৰোপ্লেন নিৰ্মাণ কাৰখানা, লো-তীখা কাৰখানা, ৰেল ইঞ্জিন নিৰ্মাণ কাৰখানা আদি গুৰু উদ্যোগ।

প্রশ্ন ১৫। লঘু উদ্যোগ কি উদাহৰণসহ লিখা

উত্তৰ। যিবোৰ উদ্যোগ গুৰু উদ্যোগত উৎপাদিত সামগ্ৰী আৰু কম পৰিমাণৰ মূলধন খটুৱাই স্থাপন কৰা হয়, তেনেবোৰ উদ্যোগক লঘু উদ্যোগ (Light Industry) বোলা হয়। উদাহৰণস্বৰূপে—বয়ন শিল্প, চামবা শিল্প, প্রসাধন সামগ্রী শিল্প আদি লঘু উদ্যোগ।

প্রশ্ন ১৬। আকাৰ আৰু বিনিয়োগৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগক কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰ। আকাৰ আৰু বিনিয়োগৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগক চাৰিটা ভাগত ভাগ কৰা হৈছে। সেইবোৰ হ’ল—

১। অতি ক্ষুদ্র শিল্পোদ্যোগ (Tiny Industry)

২। ক্ষুদ্র শিল্পোদ্যোগ (Small Industry)

৩। মধ্যমীয়া শিল্পোদ্যোগ (Medium Scale Industry) আৰু

৪। বৃহৎ শিল্পোদ্যোগ (Large Scale Industry) ।

প্রশ্ন ১৭। কোনো উদ্যোগ স্থাপনত চৰকাৰী নীতিৰ ভূমিকা কি?

উত্তৰ। কোনো শিল্পোদ্যোগ স্থাপনত চৰকাৰী নীতির এক বিশেষ ভূমিকা আছে। কোনো অঞ্চলত কেনেকুৱা ধৰণৰ শিল্প উদ্যোগ গঢ়ি তোলা হ’ব তাৰ সিদ্ধান্ত প্ৰধানকৈ চৰকাৰে গ্ৰহণ কৰে। চৰকাৰী শুল্ক-নীতি, কৰণ-নীতি, উদ্যোগৰ অনুমতি প্রদান নীতি, উদ্যোগক যোগান ধৰা ঋণ নীতি আদি চৰকাৰে কেনে ধৰণে গ্ৰহণ কৰে তাৰ ওপৰত উদ্যোগীকৰণ কেনেদৰে আগবাঢ়িব, সেই কথা নিৰ্ভৰ কৰে। মুঠৰ ওপৰত উদ্যোগীকৰণৰ সকলো ৰীতি-নীতি চৰকাৰৰ হাতত থাকে। চৰকাৰে ইচ্ছা কৰিলে উদ্যোগ স্থাপনৰ অনুমতি দিব পাৰে আৰু ইচ্ছা কৰিলে চলি থকা কোনো উদ্যোগ বন্ধ কৰি দিব পাৰে।

Leave a Reply