Class-9 Geography Elective| Chapter-5| সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ

Class-9 Geography Elective| Chapter-5| সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  Class-9 Geography Elective| Chapter-5| সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ , Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Geography Elective| Chapter-5| সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For Class-9 Geography Elective| Chapter-5| সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক অনুশীলনী

প্রশ্ন ১। সম্পদ বুলিলে কি বুজা?

উত্তৰ। মানুহৰ অভাৱ পূৰণ কৰিব পৰা যিকোনো প্রকৃতি প্রদত্ত বস্তু বা মানুহে সৃষ্টি কৰা সামগ্ৰীক সম্পদ বুলি কোৱা হয়। অর্থাৎ প্ৰকৃতিৰ পৰা পোৱা বা মানুহৰ দ্বাৰা সৃষ্ট যিবোৰ বস্তু বা পদার্থই পদাৰ্থই মানুহৰ কল্যাণ সাধন কৰে, সেইবোৰ বস্তুক সম্পদ বোলা হয়। চমুকৈ ক’বলৈ হ’লে সম্পদ হৈছে এক প্ৰকাৰৰ দ্ৰৱ্য বা গুণাগুণ যাক মানুহে নিজৰ বাবে উপযোগী হুলি বিবেচনা কৰে আৰু সেই অনুসৰি বিভিন্ন উদ্দেশ্যে ব্যৱহাৰ কৰে। সম্পদৰ আহৰণ আৰু ব্যৱহাৰ মানুহৰ যোগ্যতা আৰু দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে কাৰণে মানুহকো সম্পদ বুলি গণ্য কৰা হয়।

প্রশ্ন ২। প্রাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনবোৰ বিষয়ে মুখ্য ভূমিকা পালন কৰে?

উত্তৰ। প্ৰকৃতি, মানুহ আৰু প্ৰযুক্তিৰ মাজত ঘটা সম্পৰ্কৰ যোগেদিহে কোনো এক প্রাকৃতিক উপাদান সম্পদত পৰিণত হয়। প্রাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ মূখ্য ভূমিকা থকা বিষয়কেইটা হৈছে—সাংস্কৃতিক প্রমূল্য (Cultural values), প্রযুক্তিবিদ্যা (Technology) আৰু অৰ্থনৈতিক ব্যৱস্থা (Economic system)।

কোনবিলাক বস্তু বা সামগ্রী সমাজৰ বাবে গ্রহণযোগ্য হয় আৰু কোনবিলাক সামগ্রী সমাজৰ বাবে গ্রহণযোগ্য নহয়, সেই কথা সংশ্লিষ্ট সমাজখনৰ পৰম্পৰা, ৰীতি-নীতি, ধৰ্ম আদি সাংস্কৃতিক প্ৰমূল্যসমূহে নিৰূপণ কৰে। আকৌ মানুহে ‘প্ৰয়োজনীয় সামগ্ৰীসমূহ কি ধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব বা সামগ্ৰীসমূহক কিদৰে ব্যৱহাৰৰ উপযোগী কৰি তুলিব, সেয়া সমাজখনে জনা বা প্ৰয়োগ কৰা প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰে। প্রয়োজনীয় সামগ্রীসমূহ আহৰণ কৰাৰ ক্ষমতা আৰু সেইবিলাক ব্যৱহাৰ কৰিব পৰা বা নোৱাৰাটো নিৰ্ভৰ কৰে সমাজখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত। সকলো ধৰণৰ সামগ্ৰী আহৰণ আৰু ব্যৱহাৰ কৰিবৰ বাবে আৱশ্যকীয় আর্থিক সামর্থ্য প্রত্যেক সমাজৰ সমানে নাথাকে। 

প্রশ্ন ৩। সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰা কাৰকবোৰ কি?

উত্তৰ। সম্পদৰ ধাৰণাক প্রভাৱাম্বিত কৰা কাৰকসমূহ হৈছে—সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্রযুক্তিবিদ্যা, সমাজখনৰ আৰ্থিক অৱস্থা, ভৌগোলিক অৱস্থা, সময়, বর্ধিত জনসংখ্যা আদি। সময়ৰ গতিত সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্রযুক্তিবিদ্যা আৰু আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। আজি সম্পদ হিচাপে গণ্য কৰা সামগ্ৰীসমূহ বহু বছৰ পূৰ্বে মানুহে তাক অলাগতীয়াল সামগ্ৰী বুলিও কেতিয়াবা গণ্য কৰিছিল। সময়ৰ সোঁতত ঘটা সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনে একালৰ নগণ্য বস্তুও অন্য সময়ত মহামূল্যৱান হ’ব পাৰে। জনসংখ্যা বৃদ্ধিয়েও সম্পদৰ ধাৰণাক প্রভাৱান্বিত কৰে। বর্ধিত জনসংখ্যাৰ চাহিদা পূৰ্ণ কৰিবলৈ মানুহে কিছুমান সম্পদ অধিক পৰিমাণে ব্যৱহাৰ কৰিবলগীয়া হোৱাত তেনে সম্পদৰ নাটনি হোৱা পৰিলক্ষিত হৈছে।

প্রশ্ন ৪। প্রাকৃতিক সম্পদ কাক বোলে?

উত্তৰ। প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা সম্পদক প্রাকৃতিক সম্পদ বোলা হয়। অর্থাৎ প্ৰকৃতিৰ পোনপটীয়া সৃষ্টি যেনে—মাটি, পানী, উদ্ভিদ, খনিজ পদার্থ, বন্যপ্রাণী আদি প্রাকৃতিক সম্পদ। প্রাকৃতিক সম্পদৰ উৎস হৈছে প্রাকৃতিক পৰিৱেশ। প্রাকৃতিক সম্পদক দুই শ্রেণীত বিভক্ত কৰিব পাৰি—জৈৱিক সম্পদ (Biotic Resource) আৰু অজৈৱিক সম্পদ (Abiotic Resources)। জৈৱিক সম্পদ হৈছে উদ্ভিদ আৰু জীৱ-জন্তুবিলাক। অজৈৱিক সম্পদ হৈছে সোণ, ৰূপ, লো, সৌৰশক্তি, পানী আদি।

প্রশ্ন ৫। বর্ধিত জনসংখ্যাই সম্পদৰ ওপৰত কেনে ধৰণে প্রভার

পেলায় আলোচনা কৰা৷ উত্তৰ। বর্ধিত জনসংখ্যাই সম্পদৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। বর্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ কিছুমান সম্পদ অধিক পৰিমাণে ব্যৱহাৰ কৰিবলগীয়া হয়। সম্পদ পুনৰ সৃষ্টি কৰিব নোৱাৰিলে স্বাভাৱিকতে তেনে সম্পদৰ নাটনি ঘটে আৰু তেনে অৱস্থাত মানুহে বিকল্প সন্ধান কৰিবলৈ বাধ্য হয়। উদাহৰণস্বৰূপে বর্ধিত জনসংখ্যাই কয়লা, খনিজ তেল আদি জীৱাশ্ম ইন্ধনৰ ওপৰত বেচিকৈ হেঁচা প্ৰয়োগ কৰাৰ বাবে এনে সম্পদৰ ভৰাল সংকুচিত হৈ আহিছে। এই ইন্ধনৰ বিকল্প হিচাপে মানুহে জলবিদ্যুত আৰু পাৰমাণবিক শক্তিৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে। আকৌ জনসংখ্যা বৃদ্ধিৰ ফলত অৰণ্যৰ পৰিমাণ হ্রাস পাইছে আৰু ইয়াৰ ফলস্বৰূপে গৃহনির্মাণ কার্যত কাঠৰ সলনি লোহা বা তেনে কোনো ধাতৱ পদাৰ্থ ব্যৱহাৰ কৰিবলৈ মানুহ বাধ্য হৈছে। এনেদৰে বৰ্ধিত জনসংখ্যাই সম্পদৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে।

প্রশ্ন ৬। মানৱসৃষ্ট সম্পদৰ দুটামান উদাহৰণ দিয়া ৷

উত্তৰ। মানুহে সৃষ্ট কৰা সম্পদসমূহেই হৈছে মানৱসৃষ্ট সম্পদ। মানুহে সম্পদ সৃষ্টি কৰোতে প্রাকৃতিক সম্পদৰ লগতে মানৱ সম্পদো ব্যৱহাৰ কৰে। কেইটামান মানৱসৃষ্ট সম্পদৰ উদাহৰণ হৈছে–ঘৰ-দুৱাৰ, কল-কাৰখানা, উদ্যোগ, যন্ত্রপাতি, গাড়ী-মটৰ আদি।

প্রশ্ন ৭। মানৱ সম্পদ কাক বোলে লিখা।

উত্তৰ। নিজৰ লগতে আনৰো প্ৰয়োজন পূৰাবলৈ মানুহৰ যি যোগ্যতা বা দক্ষতা থাকে তাকে মানৱ সম্পদ (Human Resource) বোলা হয়। মানৱ সম্পদ বুলিলে কোনো এখন দেশৰ মানুহ আৰু তেওঁলোকৰ সংখ্যা আৰু বসতিক বুজায়। মানৱ সম্পদক অতি প্রয়োজনীয় সম্পদ বুলি গণ্য কৰা হয়। মানৱ সম্পদৰ ওপৰতেই এখন দেশৰ অৰ্থনৈতিক উন্নয়ন প্ৰধানকৈ নিৰ্ভৰ কৰে৷ শিক্ষা, প্রযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ, প্রাকৃতিক পৰিৱেশ, মানুহৰ আগ্ৰহ আৰু মনোভাৱৰ ওপৰত মানৱ সম্পদৰ বিকাশ নিৰ্ভৰ কৰে। এজন মানুহ শিক্ষা, প্রশিক্ষণ, উদ্ভাৱনী শক্তি, অভিজ্ঞতা আদিৰ যোগেদি যিমানে কাৰ্যক্ষম হয়, তেওঁক মানৱ সম্পদত চহকী বুলি ধৰা হয়। দেশৰ অৰ্থনীতি, উদ্যোগ আৰু সামাজিক বিকাশত মানৱ সম্পদৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

প্রশ্ন ৮। পুনঃসৃষ্টিক্ষম সম্পদ বুলিলে কি বুজা? ইয়াৰ দুটামান উদাহৰণ দিয়া।

উত্তৰ। যিবিলাক সম্পদ ব্যৱহাৰ কৰিলে কমি যায় কিন্তু পুনৰ সৃষ্টি হৈ কম হোৱা অংশ পূৰণ হয়, তেনে সম্পদক পুনঃসৃষ্টিক্ষম সম্পদ (Renewable Resource) বোলা হয়। পুনঃসৃষ্টিক্ষম সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়। উদাহৰণস্বৰূপে—বায়ু, পানী, উদ্ভিদ, জীৱজন্তু, মাটিৰ উৰ্বৰতা শক্তি আদি পুনঃসৃষ্টিক্ষম সম্পদ।

প্রশ্ন ৯। দুবিধমান পুনঃসৃষ্টিহীন সম্পদৰ নাম লিখা।

উত্তৰ। দুবিধমান পুনঃসৃষ্টিহীন সম্পদ হৈছে খনিজাত সম্পদ, যেনে—সোণ, ৰূপ, কয়লা, পেট্ৰ’লিয়াম আদি। পুনঃসৃষ্টিহীন সম্পদসমূহ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি নহয়। এই সম্পদবোৰ এবাৰ ব্যৱহাৰ হোৱাৰ পাছত ই চিৰকালৰ বাবে নোহোৱা হয়।

প্রশ্ন ১০। সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে?

উত্তৰ। মানুহৰ স্বাভাৱিক জীৱন যাপন সুস্থভাৱে নিয়াৰিকৈ পৰিচালনা কৰিবলৈ হ’লে আমি সম্পদৰ অপচয় ৰোধ কৰিব লাগে আৰু সম্পদসমূহ সংৰক্ষণ কৰিব লাগে। প্রাকৃতিক সম্পদ আৰু মানৱ সম্পদৰ যোগ্য আৰু বিজ্ঞানসন্মত সদ্ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুস্থ আৰু স্বাৱলম্বী কৰাৰ অৰ্থে সম্পদৰ অপচয় ৰোধ কৰাটো প্রয়োজন। প্রকৃতিৰ বুকুত থকা বিৰল জীৱজন্তু আৰু উদ্ভিদসমূহৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে সম্পদৰ অপচয় ৰোধ কৰাটো দৰকাৰ।

পৃথিৱীত থকা কিছুমান সম্পদ শেষ বা লুপ্ত হৈ যোৱাৰ সম্ভাৱনা থাকে। অবিবেচক আৰু অবিজ্ঞানসন্মতভাৱে সম্পদৰ ব্যৱহাৰ কৰিলে বহুতো সম্পদ হ্রাস পাব বা নিঃশেষ হৈ যাব। মানুহৰ জীৱন নিৰ্বাহৰ বাবে সম্পদ যিহেতু অত্যাৱশ্যকীয়, সেয়ে সম্পদৰ অপচয় ৰোধ কৰাটো আৱশ্যক। অর্থাৎ প্রাকৃতিক সম্পদৰ সুষ্ঠ ব্যৱহাৰৰ জৰিয়তে মানৱ সমাজৰ কল্যাণ সাধন কৰাৰ লগতে দেশৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰাৰ অৰ্থে সম্পদৰ অপচয় ৰোধ কৰাটো অতিকৈ প্ৰয়োজন।

প্রশ্ন ১১। সম্পদৰ আহ’ৰণ আৰু ব্যৱহাৰে পৰিৱেশ কেনেকৈ বিনষ্ট কৰিব পাৰে নিজে চিন্তা কৰি লিখা।

উত্তৰ। সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। অধিক মাত্রাত সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশ প্ৰদূষিত কৰে আৰু ই মানুহ তথা জীৱ-জন্তুৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে কৃষিক্ষেত্ৰত অধিক উৎপাদনৰ আশাত অতিমাত্ৰা পৰিমাণৰ ৰাসায়নিক সাৰ তথা কীটনাশক ঔষধ ব্যৱহাৰ কৰাৰ ফলত কৃষি ভূমিৰ লগতে দাঁতিকাষৰীয়া পানীভাগ প্ৰদূষিত হয় আৰু ইয়ে পৰিৱেশ বিনষ্ট কৰে। আকৌ বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ অত্যাধিক পৰিমাণে খনিজ সম্পদসমূহ ব্যৱহাৰ কৰাৰ ফলত ভূগৰ্ভ উদং হৈ পৰিছে আৰু ইয়ে ভৱিষ্যত প্রজন্মৰ বাবে এক অশুভ সংকেত দিছে। মানুহৰ প্ৰয়োজন পূৰাবলৈ অধিক হাৰত বনজ সম্পদ ব্যৱহাৰৰ ফলত অৰণ্যৰ পৰিমাণ কমি গৈছে আৰু ই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত বিফল হৈছে। অৰণ্য ধ্বংসৰ ফলস্বৰূপে বৰষুণৰ পৰিমাণ কমিছে আৰু ইয়ে প্রত্যক্ষভাৱে জলবায়ুৰ ওপৰত প্ৰভাৱ পেলাই পৰিৱেশ বিনষ্ট কৰিছে।

নৱম শ্ৰেণীৰ ভূগোল সমাধান

Sl. No.সূচী-পত্ৰ
Chapter 1বতৰ আৰু জলবায়ু
Chapter 2পৃথিৱীৰ মানুহ
Chapter 3জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
Chapter 4জনবসতি
Chapter 5সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ
Chapter 6অর্থনৈতিক কার্য বা বৃত্তি
Chapter 7কৃষি
Chapter 8উদ্যোগ

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। প্রকৃতি, স্থায়িত্ব, স্বামিত্ব আৰু বিতৰণৰ ওপৰত ভিত্তি কৰি সম্পদকে কি কি ভাগ কৰিব পাৰি? উদাহৰণ দিয়া।

উত্তৰ। প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি সম্পদক দুই ভাগত ভগাব পাৰি—

(ক) উপাদান বা দ্রজাত সম্পদ

(খ) অনা-উপাদান বা অদ্রব্যজাত সম্পদ।

দ্রব্যজাত সম্পদৰ উদাহৰণ – পেট্ৰ’লিয়াম, লো, তাম আদি। 

অদ্রব্যজাত সম্পদৰ উদাহৰণ –সংস্কৃতি, স্বাধীনতা, স্বাস্থ্যৰ অৱস্থা আদি আকৌ দ্রব্যজাত সম্পদক দুটা উপভাগত ভাগ কৰিব পাৰি। সেয়া হৈছে—

(ক) জৈৱিক সম্পদ : যেনে— গছ-গছনি, মাছ, জীৱ-জন্তু আদি।

(খ) অজৈৱিক সম্পদ : যেনে—লো, তাম, সোণ আদি।

জৈৱিক সম্পদক আকৌ দুই ভাগত ভাগ কৰিব পাৰি। যেনে—

  1.  প্রতিষ্ঠাপনীয় সম্পদ উদাহৰণ—অৰণ্য, জীৱজন্তু আদি। 
  2. অপ্রতিষ্ঠাপনীয় সম্পদ – উদাহৰণ—কয়লা, খনিজ তেল আদি।

স্থায়িত্বৰ ওপৰত ভিত্তি কৰি সম্পদক তিনি ভাগত ভাগ কৰিব পাৰি সেয়া হৈছে—

(ক) প্রবাহমান বা অবিনাশী সম্পদ

(খ) সঞ্চিত বা অপ্রতিষ্ঠাপনীয় বা অনবীকৰণযোগ্য সম্পদ

(গ) পুনঃপূৰক বা প্ৰতিষ্ঠাপনীয় বা নবীকৰণযোগ্য সম্পদ। 

প্রবাহমান সম্পদৰ উদাহৰণ – সূৰ্যৰ তাপ, বতাহ, পানী আদি। 

সঞ্চিত সম্পদৰ উদাহৰণ – কয়লা, লো, সোণ, ৰূপ আদি নবীকৰণযোগ্য সম্পদৰ উদাহৰণ – অৰণ্য, মাটি আদি।

স্বামিত্বৰ ওপৰত ভিত্তি কৰি সম্পদক তিনিটা ভাগত ভাগ কণিৰ পাৰি। সেয়া হৈছে—

(ক) ব্যক্তিগত সম্পদ (উদাহৰণস্বৰূপে— মাটিবাৰী, টকা-পইচা, যানবাহন, জ্ঞান, বুদ্ধি ইত্যাদি।)

(খ) ৰাষ্ট্ৰীয় সম্পদ—উদাহৰণস্বৰূপে— ভাৰতবৰ্ষৰ তাজমহল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ব্ৰহ্মপুত্ৰ নদী ইত্যাদি।

(গ) আন্তঃৰাষ্ট্ৰীয় সম্পদ— উদাহৰণস্বৰূপে – পৃথিৱীত বসবাস কৰা সকলো লোকৰ সম্পদ, সাগৰ-মহাসাগৰ, মহাকাশ আদি।

বিতৰণৰ ওপৰত ভিত্তি কৰি সম্পদক দুই ভাগত ভগাব পাৰি। সেয়া হৈছে—

(ক) সর্বব্যাপক সম্পদ – উদাহৰণ – সূৰ্যৰ পোহৰ, বতাহ, বায়ু।

(খ) স্থানীকৃত বা স্থানাবদ্ধ সম্পদ – উদাহৰণস্বৰূপে কয়লা, পেট্রলিয়াম, খনিজ পদার্থ আদি।

তলৰ তালিকাত সম্পদৰ বিভিন্ন ভাগসমূহ দেখুওৱা হ’ল

প্রশ্ন ২। উৎপত্তি আৰু অন্তর্বস্তুৰ ওপৰত নিৰ্ভৰ কৰি সম্পদক কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰ। উৎপত্তি আৰু অন্তর্বস্তুৰ কৰি সম্পাদক তিনিটা শ্ৰেণীত ভাগ কৰা হয়। সেয়া হৈছে—

  1.  প্রাকৃতিক সম্পদ (Natural Resources) 
  2. সাংস্কৃতিক সম্পদ (Cultural Resources) আৰু
  3. মানৱ সম্পদ (Human Resources) 

প্রাকৃতিক সম্পদৰ উদাহৰণ – পৰ্বত-পাহাৰ, নদ-নদী, হাবি-বননি, খনিজ পদার্থ, জলবায়ু, সূৰ্যৰ পোহৰ আদি।

সাংস্কৃতিক সম্পদৰ উদাহৰণ –জ্ঞান, বুদ্ধি, অভিজ্ঞতা, কৌশল, প্রযুক্তিবিদ্যা ইত্যাদি।

মানৱ সম্পদৰ উদাহৰণ—দেশৰ জনসাধাৰণ, মানুহৰ দক্ষতা, নিপুণতা, দেশৰ জনসংখ্যাৰ আকাৰ আদি।

তলৰ তালিকাত উৎপত্তি আৰু অন্তর্বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কৰা সম্পদৰ শ্ৰেণীবিভাগ দেখুওৱা হ’ল

প্রশ্ন ৩। সম্পদ (Resource) কাক বোলে ? সম্পদ ব্যৱহাৰৰ বিষয়ে লিখা ।

উত্তৰ। মানুহৰ অভাৱ পূৰণ কৰিব পৰা যিকোনো প্রকৃতি প্রদত্ত বস্তু বা মানুহে সৃষ্টি কৰা সামগ্ৰীক সম্পদ বুলি কোৱা হয়; অর্থাৎ প্ৰকৃতিৰ পৰা পোৱা বা মানুহৰ দ্বাৰা সৃষ্ট যিবোৰ বস্তু বা পদাৰ্থই মানুহৰ কল্যাণ (Welfare) সাধন কৰে সেইবোৰ বস্তুক সম্পদ বোলা হয়।

সম্পদ ব্যৱহাৰৰ মূল উদ্দেশ্য হৈছে মানুহৰ ব্যক্তিগত আৰু সমাজৰ অভাৱ দূৰ কৰি সমাজৰ সকলোৰে কল্যাণ সাধন কৰা। কোনো প্রাকৃতিক বস্তু সম্পদ হিচাপে গণ্য কৰিবলৈ হ’লে বস্তুবিধৰ কাৰ্যকাৰিতা গুণ থাকিব লাগে। সম্পদৰ কাৰ্যকাৰিতাই হ’ল তাৰ ব্যৱহাৰিক গুণ। বর্তমান যুগত সম্পদ বুলিলে কেৱল কোনো বস্তু বা সামগ্রীক নুবুজায়, তাৰ কাৰ্যকাৰিতা বা উপযোগিতাকহে বুজায় যাৰ জৰিয়তে মানুহ তথা সমাজৰ অভাৱ দূৰ কৰিব পাৰি। উদাহৰণস্বৰূপে – সাগৰৰ তলিত ভূ-গৰ্ভৰ কূপ খান্দি খনিজ তেল উদ্‌ঘাটন কৰাৰ কৌশল আবিষ্কাৰ কৰাৰ পাছৰেপৰা তেনে সম্পদ ব্যৱহাৰৰ উপযোগী হয় আৰু গুৰুত্ব বাঢ়ে।

প্রশ্ন ৪। সম্পদৰ কাৰ্যকাৰিতা সম্বন্ধে বুজাই দিয়া। সম্পদক শ্রেণীভূক কৰি প্ৰত্যেকৰে চমু ব্যাখ্যা দিয়া।

উত্তৰ। কোনো বস্তু সম্পদ হ’বলৈ হ’লে তাৰ কাৰ্যকাৰিতা বা ব্যৱহাৰিক গুণ থাকিব লাগে। সম্পদৰ কাৰ্যকাৰিতা হৈছে তাৰ ব্যৱহাৰিক গুণ। কোনো বস্তু বা পদার্থ সম্পদ নহয়, ইয়াৰ প্ৰাকাৰ্যহে সম্পদ। উদাহৰণস্বৰূপে ৰবৰৰ ব্যৱহাৰ জনাৰ আগলৈকে বা চাহৰ ব্যৱহাৰ জনাৰ আগলৈকে আমাজানৰ হাবিত ৰবৰ গছ, অসমৰ হাবিত চাহ গছৰ কোনো গুৰুত্ব নাছিল। কিন্তু ৰবৰ আৰু চাহৰ ব্যৱহাৰ জনাৰ পাছত এই দুয়োবিধ গছ মূল্যৱান সম্পদত পৰিণত হৈছে; অর্থাৎ কোনো বস্তু বা পদাৰ্থৰ উপযোগিতা গুণ থাকিলে, তেনে বস্তুক সম্পদ বুলি গণ্য কৰা হয়।

সম্পদক প্ৰধানকৈ তিনি শ্রেণীত ভাগ কৰা হৈছে। সেইবোৰ হ’ল প্ৰাকৃতিক সম্পদ (Natural Resources), মানৱ সম্পদ (Hu- man Resources) আৰু সাংস্কৃতিক সম্পদ (Cultural Resources)। 

প্রাকৃতিক সম্পদ : প্ৰকৃতিৰপৰা আহৰণ কৰিব পৰা সম্পদক প্ৰাকৃতিক সম্পদ বোলা হয়। এই সম্পদৰ অন্তৰ্গত সম্পদসমূহ হৈছে — সঞ্চিত সম্পাদ (Reserve Resources), পুনৰ্ভৱ সম্পদ (Renewable Resources) আৰু প্ৰবাহমান সম্পদ (Flow Resources)। সঞ্চিত সম্পদবোৰ ব্যৱহাৰৰ লগে লগে শেষ হৈ যায়। পুনৰভৱ সম্পদবোৰ ব্যৱহাৰ কৰিলে কমি যায়, কিন্তু কমি যোৱাখিনি পুনৰ পূৰণ কৰিব পাৰি। আকৌ প্রবাহমান সম্পদবোৰ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়।

মানৱ সম্পদ : মানৱ সম্পদে গতিশীল মানুহ আৰু তেওঁলোকৰ সংখ্যা আৰু বসতিক বুজায়। কোনো দেশৰ অৰ্থনৈতিক উন্নয়ন নিৰ্ভৰ কৰে দেশখনৰ মানৱ সম্পদৰ ওপৰত। সেইবাবে সকলো সম্পদতকৈ মানব সম্পাদক শ্ৰেষ্ঠ বুলি কোৱা হয়। মানৱ বিকাশ নিৰ্ভৰ কৰে শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ, প্ৰাকৃতিক পৰিৱেশ, মানুহৰ আগ্ৰহ আৰু মনোভাৱৰ ওপৰত।

সাংস্কৃতিক সম্পদ : মানুহৰ সাংস্কৃতিক কার্যকলাপ এক মূল্যবান সম্পদ। মানুহে আৱিষ্কাৰ কৰা বিভিন্ন যন্ত্রপাতি, আধুনিক কৌশল আদিয়ে কৃষি উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াইছে।

প্রশ্ন ৫। জিমাৰ্মান কোন? তেওঁ আগবঢ়োৱা সম্পদৰ সূত্ৰটো কি?

উত্তৰ। জিমাৰমান (Zimmerman) এগৰাকী প্ৰখ্যাত অর্থনীতিবিদ আৰু প্ৰফেচাৰ। তেওঁ সম্পদৰ ওপৰত ওক সূত্ৰ দাঙি ধৰিছে। প্ৰফেচৰ জিমাৰমানে আগবেঢ়াৱা সম্পদৰ সূত্ৰটো হ’ল—“সম্পদে কোনো বস্তু বা পদার্থক নুবুজায়, সম্পদে কোনো এটা বস্তু বা পদাৰ্থই কৰা প্ৰাকাৰ্যকহে বুজায়।”

প্রশ্ন ৬। অপুনৰ্ভৰ আৰু পুনৰ্ভৱ সম্পদ কোনৰিলাক? সম্পদবিলাকক এই নামাকৰণ কিয় কৰা হৈছে ব্যাখ্যা কৰা।

উত্তৰ। যিবিলাক সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে নিঃশেষ হৈ যায় তেনে সম্পদবোৰক অপুনৰ্ভৱ (Non Renewable) সম্পদ বা সঞ্চিত (Reserve) সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে খনিজ তেল, লো, কয়লা ইত্যাদি।

আকৌ যিবিলাক সম্পদ ব্যৱহাৰ কৰিলে কমি যায়, কিন্তু পুনৰ বৃদ্ধি হৈ কম হোৱা অংশ পূৰণ হয়, তেনে সম্পদক পুনৰ্ভৱ (Renewable) সম্পদ বোলা হয়। যেনে – মাটিৰ উৰ্বৰতা শক্তি, উদ্ভিদ, জীৱ-জন্তু ইত্যাদি। সম্পদবোৰ অপুনভৱ আৰু পুনৰ্ভৰ নামেৰে নামাকৰণ কৰা হৈছে, কাৰণ – অপুনৰ্ভৱ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি আৰু পুনৰ্ভৱ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছতো পুনৰ ব‍্যৱহাৰ কৰিব পাৰি; অর্থাৎ অপুনৰভৱ সম্পদ এবাৰ ব্যৱহাৰৰ পিছত নিঃশেষ হৈ যায়, দ্বিতীয়বাৰ ব্যৱহাৰ কৰাৰ সুবিধা নাথাকে। সেইবাবে সম্পদবোৰক এনে নামেৰে নামাকৰণ কৰা হৈছে।

প্রশ্ন ৭। সঞ্চিত সম্পদ আৰু প্ৰৱাহমান সম্পদৰ পাৰ্থক্য লিখা।

উত্তৰ। সঞ্চিত সম্পদ এবাৰ ব্যৱহাৰ কৰিলে নিঃশেষ হৈ যায় কিন্তু প্রবাহমান সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়।

সঞ্চিত সম্পদৰ যোগান সীমিত কিন্তু প্রবাহমান সম্পদৰ যোগানৰ কোনো নিৰ্ধাৰিত সীমা নাই। খনিজ তেল, কয়লা, লো আদি সঞ্চিত সম্পদৰ উদাহৰণ, আনহাতে সৌৰশক্তি, পানী, বতাহ আদি প্ৰবাহমান সম্পদৰ উদাহৰণ।

প্রশ্ন ৮। চমু উত্তৰ দিয়া :

(ক) অপুনৰ্ভৱ সম্পদ কোনবিলাক ?

উত্তৰ। যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি, সেইবিলাকেই অপুনভৱ সম্পদ। অপুনৰ্ভৱ সম্পদ এবাৰ ব্যৱহাৰ কৰিলেই শেষ হৈ যায়। খনিজ তেল, লো, কয়লা, প্রাকৃতিক গেছ আদি অপুনৰভৱ সম্পদ।

(খ) লো কোনবিধ সম্পদৰ অন্তৰ্গত?

উত্তৰ। লো অজৈৱিক সম্পদৰ (Abiotic Resource) অন্তর্গত।

প্রশ্ন ৯। চমুটোকা লিখা :

অৰণ্য সম্পদ, জল সম্পদ, মানৱ সম্পদ, সাংস্কৃতিক সম্পদ।

উত্তৰ। অৰণ্য সম্পদ : হাবি-বননি, গছ-লতা আৰু বনৰীয়া জীৱ-জন্তুবোৰেই হৈছে অৰণ্য সম্পদ বা বনজ সম্পদ। পৃথিৱীৰ প্ৰায় ৩০ শতাংশ ঠাই হাবি-বননিয়ে আবৰি আছে। মানুহৰ থকা ঘৰ, জুইৰ ইন্ধন আৰু বিভিন্ন শিল্পোদ্যোগ আদিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী অৰণ্যৰপৰাই পোৱা যায়। হাবি-বননিত বিভিন্ন ধৰণৰ মূল্যৱান কাঠ, আঠা, মম, ৰবৰ, সুস্বাদু আৰু ঔষধি ফলমূল, ফুল আদি থাকে। এইবোৰ মানুহৰ বাবে এক অমূল্য সম্পদ। মানৱ সভ্যতা বিকাশত অৰণ্য সম্পদে বিশেষ অৰিহণা যোগাইছে। হাবি-বননিয়ে পৰিৱেশ শোধন কৰে, আৰু মাটিৰ খননকার্য ৰোধ কৰে। সেইবাবে মানুহ জীয়াই থাকিবৰ বাবে অৰণ্যৰ এক বিশেষ প্রয়োজন আছে।

জল সম্পদ : পানী আৰু পানীৰ লগত জড়িত হৈ থকা সম্পদবোৰেই জল সম্পদ। সাগৰ-মহাসাগৰবোৰত নানা ধৰণৰ উদ্ভিদ আৰু জীৱজন্তু থাকে। এইবোৰে মানুহৰ অভাৱ পূৰ কৰে বাবে সম্পদৰূপে স্বীকৃতি পায়। মানুহ জীয়াই থাকিবলৈ পানীৰ আৱশ্যক। পানী অবিহনে গছ-গছনি, কোনো প্রাণী জীয়াই নাথাকে। মানুহৰ জীৱনত দৈনন্দিন বিভিন্ন কামত গা ধোৱা, কাপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা আদি কামত পানীৰ প্ৰয়োজন হয়। তাৰোপৰি পানীৰে জলসিঞ্চন আৰু জলবিদ্যুৎ উৎপাদন কৰা হয়। সাগৰৰ লুণীয়া পানীৰপৰা নিমখ তৈয়াৰ কৰা হয়। পানীৰ ওপৰেদি নাও, জাহাজ চলাচল কৰাত পৰিবহণ খৰচ কম হয় আৰু অতি সুবিধাজনক হয়। সেইবাবে পানীক অমূল্য সম্পদ বুলি কোৱা হয়।

মানৱ সম্পদ : সকলো সম্পদততৈ মানৱ সম্পদ অতি মূল্যবান। কোনো দেশৰ জনসংখ্যাক দেশখনৰ মানৱ সম্পদ হিচাপে গণ্য কৰা হয়। মানৱ সম্পদৰ ওপৰতেই দেশৰ অৰ্থনৈতিক উন্নয়ন প্ৰধানকৈ নিৰ্ভৰ কৰে। শিক্ষা, প্রযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ, প্ৰাকৃতিক পৰিৱেশ, মানুহৰ আগ্ৰহ আৰু মনোভাৱৰ ওপৰত মানৱ সম্পদৰ বিকাশ নিৰ্ভৰ কৰে। মানৱ সম্পদৰ যোগেদিহে প্ৰকৃতি প্রদত্ত সকলো প্রাকৃতিক সম্পাদক ব্যৱহাৰৰ উপযোগী কৰিব পাৰি। শিক্ষা আৰু প্ৰযুক্তি কৌশল উন্নত নহ’লে উদ্যোগ স্থাপন, ব্যবসায়-বাণিজ্য আদিত অসুবিধা আহি পৰে। সেইবাবে কোনো দেশৰ অৰ্থনীতি, উদ্যোগ আৰু সামাজিক বিকাশত মান সম্পদৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মানব সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি ধৰা বাবে সম্প্ৰতি মানৱ সম্পদৰ বিকাশৰ বাবে বিশ্বৰ সকলো দেশেই চেষ্টা চলাইছে।

সাংস্কৃতিক সম্পদ : মানুহৰ সাংস্কৃতিক কার্যকলাপবোৰ এক অমূল্য সম্পদ। মানুহৰ চিন্তা-চৰ্চা আৰু প্ৰচেষ্টাৰ ফলতেই আজি শিক্ষা, প্রযুক্তিবিদ্যা, বৈজ্ঞানিক চিন্তাধাৰা আদিৰ আমূল পৰিৱৰ্তন হৈছে। মানুহে সৃষ্টি কৰা সংস্কৃতি সদায় গতিশীল আৰু পৰিৱৰ্তনমুখী। মানুহে সৃষ্টি কৰা বিভিন্ন উৎপাদন আহিলা, উন্নত যন্ত্রপাতি আদিয়ে কৃষিৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। সেইবাবে কোনো দেশৰ অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে সাংস্কৃতিক সম্পদৰ বিশেষ গুৰুত্ব আছে।

প্রশ্ন ১০। সম্পদ কাক ৰোলে ? এনে সম্পদৰ দুটা উদাহৰণ দিয়া ।

উত্তৰ। যিবোৰ প্ৰাকৃতিক সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, তেনে সম্পদবোৰক প্রবাহমান সম্পদ বোলে। প্রবাহমান সম্পদবোৰ একেৰাহে অত্যাধিক ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায় বাবে ইয়াক অফুৰন্ত সম্পদ বুলিও কয়।

পানী, বতাহ, সূৰ্যৰ পোহৰ, সৌৰশক্তি আদি প্ৰবাহমান সম্পদৰ (Flow Resources) উদাহৰণ।

প্রশ্ন ১১। অপুনৰ্ভৰ সম্পদ কাক ৰোলে ? এনে সম্পদৰ দুটা উদাহৰণ দিয়া।

উত্তৰ। যিবোৰ প্ৰাকৃতিক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি বা এবাৰ ব্যবহাৰতে ক্ষয় হৈ নিঃশেষ হয়, তেনে সম্পদবোৰক অপুনৰ্ভৱ সম্পদ (Non Renewable) বোলা হয়।

অপুনৰ্ভৱ সম্পাদক সঞ্চিত সম্পদ (Reserve Resource) বুলিও কোৱা হয়।

খনিজ তেল, লো, কয়লা আদি প্ৰাকৃতিক সম্পদবোৰ অপুনৰভৱ সম্পদৰ উদাহৰণ।

প্রশ্ন ১২। বনজ সম্পদ কাক বোলে? বনজ সম্পদ সংৰক্ষণৰ প্রয়োজনীয়তা চমুকৈ ব্যাখ্যা কৰা।

উত্তৰ। হাবি-বননিত থকা বিভিন্ন গছ-লতা, জীৱজন্তু আদিয়েই বনজ সম্পদ। হাবি-বননিত বিভিন্ন ধৰণৰ মূল্যৱান কাঠ, আঠা, ফলমূল, ফুল আদি পোৱা যায়।

মানুহৰ বাবে বনজ সম্পদ এক অমূল্য সম্পদ। বনজ সম্পদৰ পৰাই মানুহৰ থকা ঘৰ, জুইৰ ইন্ধন আৰু শিল্প উদ্যোগত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্রী পোৱা যায়। মানৱ সভ্যতা বিকাশত বনজ সম্পদ বিশেষ প্রয়োজন আছে। সেইবাবে বনজ সম্পদৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। হাবি-বননিয়ে মাটিৰ খননকার্য ৰোধ কৰাত সহায় কৰে, পৰিৱেশ শোধন কৰে আৰু জীৱজন্তু, চৰাই-চিৰিকটিৰ জীৱন ধাৰণত সহায় কৰে। তাৰোপৰি মানৱ জাতি পৃথিৱীত জীয়াই থাকিবলৈ হ’লে বনজ সম্পদ বা গছ-গছনি অতি আৱশ্যক। সেইবাবে বনজ সম্পদৰ সংৰক্ষণৰ ওপৰত বৰ্তমান বিশ্বৰ বেছিভাগ দেশে গুৰুত্ব দিছে।

প্রশ্ন ১৩। মানৱ সম্পদ বুলিলে কি বুজা ? মানৱ সম্পদক কিয় অতি প্রয়োজনীয় সম্পদ বুলি ভবা হয় ?

উত্তৰ। মানৱ সম্পদ বুলিলে কোনো এখন দেশৰ মানুহ আৰু তেওঁলোকৰ সংখ্যা আৰু বসতিক বুজায়। কোনো এখন দেশৰ অৰ্থনৈতিক উন্নতিৰ মাপকাঠি সেই দেশত বাস কৰা জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।

মানৱ সম্পদক অতি প্রয়োজনীয় সম্পদ বুলি ভবা হয়। মানুহৰ শাৰীৰিক আৰু মানসিক কর্মশিক্ষা সমাজৰ বাবে অতি প্ৰয়োজনীয় সম্পদ। মানুহৰ উন্নত মগজু আৰু বিবেক-বুদ্ধিৰ লগতে শাৰীৰিক কৰ্মশক্তিৰে যিকোনো অসাধ্য কাম কৰিবলৈ সম্ভৱ হয়। কোনো দেশৰ অৰ্থনীতি, উদ্যোগ আৰু সামাজিক বিকাশত মানৱ সম্পদৰ ভূমিকা অতিকৈ গুৰুত্বপূর্ণ। মানৱ সম্পদে অর্থনেতিক বিকাশ আৰু সামাজিক বিকাশত আগভাগ লয় বাবে মানৱ সম্পদক অতি প্রয়োজনীয় বুলি গণ্য কৰা হয়।

প্রশ্ন ১৪। আধুনিক অৰ্থত সম্পদ বুলিলে কি বুজা ?

উত্তৰ। আধুনিক অৰ্থত সম্পদ বুলিলে কোনো বস্তুৰ কাৰ্যকাৰিতা বা তাৰ উপযোগিতাকহে বুজায়, যাৰ জৰিয়তে মানুহ বা সমাজৰ অভাৱ দূৰ কৰিব পৰা যায়; অর্থাৎ আধুনিক অর্থত সম্পদ হৈছে—ক্রিয়াশীল মানুহৰ ব্যৱহাৰৰ দ্বাৰা ৰূপান্তৰিত প্ৰকৃতিৰ দান।

প্রশ্ন ১৫। ক্ষয়িষ্ণুতা অনুসৰি সম্পদক কি কি ভাগত ভাগ কৰা হৈছে? 

উত্তৰ। ক্ষয়িষ্ণুতা অনুসৰি সম্পদক তিনি ভাগত ভাগ কৰা হৈছে। সেইবোৰ হ’ল—

  1. সঞ্চিত সম্পদ (Reserve Resources) বা অপুনৰভৱ সম্পদ (Non-Renewable Resources),
  2. পুনৰ্ভৱ সম্পদ (Renewable Resources) আৰু
  3. প্রবাহমান সম্পদ (Flow Resources) বা অফুৰন্ত সম্পদ।

প্রশ্ন ১৬। খনিজ সম্পদে জনবসতি ঘন কৰাত কেনেদৰে সহায় কৰে লিখা।

উত্তৰ। খনিজ সম্পদে জনবসতি ঘন কৰাত সহায় কৰে। যিবিলাক ঠাইত খনিজ সম্পদ প্ৰচুৰ পৰিমাণে পোৱা যায় তাত মানুহৰ জীৱিকা নিৰ্বাহ কৰাত সহজ হয় আৰু সেইবাবে তেনেকুৱা অঞ্চলত জনবসতি অধিক হয়। খনিজ পদাৰ্থৰ প্ৰাচুৰ্যৰ বাবে বহুতো অনুন্নত আৰু জনবিৰল ঠাই জনবসতিপূর্ণ অঞ্চললৈ ৰূপান্তৰিত হয়। যিবিলাক ঠাইত প্ৰচুৰ পৰিমাণে সোণ, ৰূপ, তাম, লো, কয়লা, খনিজ তেল আদি প্ৰচুৰ পৰিমাণে পোৱা যায় তেনেবোৰ ঠাইত জনবসতি ঘন হয় আৰু ঠাইখন অর্থনৈতিকভাৱে উন্নত হয়।

প্রশ্ন ১৭। উৎপত্তি অনুসৰি সম্পদক কি কি ভাগত ভাগ কৰা হয়? 

উত্তৰ। উৎপত্তি অনুসৰি সম্পদক বিভিন্ন ভাগত ভাগ কৰা হয়। সেইবোৰ হ’ল— স্থলজ সম্পদ, জলজ সম্পদ, বায়ু, সূৰ্যৰ পোহৰ আৰু তাপ শক্তি আৰু মানৱ সম্পদ আদি।

Leave a Reply