Class-9 Geography Elective| Chapter-3| জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

Class-9 Geography Elective| Chapter-3| জনসংখ্যা বৃদ্ধি আৰু বিতৰণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  Class-9 Geography Elective| Chapter-3| জনসংখ্যা বৃদ্ধি আৰু বিতৰণ , Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Geography Elective| Chapter-3| জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For Class-9 Geography Elective| Chapter-3| জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক অনুশীলনীৰ প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পর্কে লিখা। কিয় আৰু কোন সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল?

উত্তৰ। খৃষ্টপূৰ্ব ৮০০০ত পৃথিৱীত মুঠ আনুমানিক জনসংখ্যা আছিল কেৱল ৮ নিযুত। কৃষিকাৰ্যৰ স্থায়ীকৰণৰ পাছত খাদ্যবস্তুৰ যোগান সুচল হোৱাত পৃথিৱীৰ জনসংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল৷ খ্ৰীষ্টাব্দৰ আৰম্ভণিতে পৃথিৱীৰ জনসংখ্যা বৃদ্ধি পাই ২০০ নিযুত হৈছিল। ১৮০৮ শতিকাত পৃথিৱীৰ জনসংখ্যাই ১০০০ নিযুত অতিক্ৰম কৰিছিল। পৰৱৰ্তী দুশ বছৰত পৃথিৱীৰ জনসংখ্যা ৭ গুণ বৃদ্ধি পাই প্রায় ৭০০০ নিযুত হৈছিল ৷ কুৰি শতিকাৰ মাজ ভাগৰ পৰা পৃথিৱীৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰে। ১৯৫০-ৰপৰা ২০০০ চনৰ ভিতৰত অর্থাৎ কেৱল পঞ্চাছ বছৰতে পৃথিৱীৰ জনসংখ্যা ২৫০ কোটিৰ পৰা বৃদ্ধি পাই ৬০০ কোটি হৈছিল। ৰাষ্ট্ৰসংঘৰ এক তথ্য অনুসৰি ২০১১ বৰ্ষৰ ১১ অক্টোবৰ তাৰিখে পৃথিৱীৰ জনসংখ্যা ৭০০ কোটি হৈছে।

কুৰি শতিকাৰ মাজ ভাগত পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল। ১৯৫০ চনৰ পৰা ২০০০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা ৩৫০ কোটি বৃদ্ধি হৈছিল। এই সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ আছিল । খাদ্য যোগানৰ নিশ্চয়তা আৰু খাদ্যসামগ্ৰীৰ প্ৰাচৰ্যতা, জীৱন ধাৰণৰ মানৰ উন্নয়ন আৰু চিকিৎসা বিজ্ঞানৰ উন্নয়ন। চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ ফলস্বৰূপে মৃত্যুৰ হাৰ নিম্নগামী হৈছিল কিন্তু নিৰক্ষৰতা তথা অন্ধবিশ্বাসৰ বাবে জন্মৰ হাৰ কৰা নাছিল, ফলত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হৈছিল। সিপিঠিৰ তালিকাত পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা দেখুওৱা হ’ল।

প্রশ্ন ২। পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা কিমান? জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা।

উত্তৰ। পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা ৭০০ কোটিবো অধিক। জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণসমূহ হৈছে জলবায়ু, পৰিৱৰ্তিত আৰ্থ-সামাজিক উন্নয়নৰ পাৰ্থক্য, উচ্চ জন্মৰ হাৰ, নিম্ন মৃত্যুৰ হাৰ, প্ৰব্ৰজন আদি। উষ্ণ আৰু সেমেকা জলবায়ু থকা দেশবোৰত জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধিৰ হাৰ বেছি হয়। অতিমাত্রা গৰম আৰু অতিমাত্রা সেমেকা, বৰষুণ বেছি হোৱা অঞ্চলৰ দেশবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ কম হয়। শুকান আৰু অতি শীতল মেক অঞ্চলত জনসংখ্যা বৃদ্ধিৰ স্বাভাৱিক হাৰ কম হয়। অনুন্নত বা উন্নয়নশীল দেশসমূহৰ পৰা উন্নত দেশলৈ জনসংখ্যাৰ প্ৰব্ৰজনে জনসংখ্যাৰ স্বাভাৱিক হাৰ বৃদ্ধি কৰে। উন্নত দেশৰ তুলনাত উন্নয়নশীল দেশসমূহৰ জনসাধাৰণৰ শিক্ষা-দীক্ষা কম হোৱাৰ বাবে জন্ম নিয়ন্ত্ৰণ আৰু জনসংখ্যা সীমিতকৰণৰ ওপৰত গুৰুত্ব নিদিয়াৰ ফলতেই জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি হয়। এইবিলাকৰ উপবিও ধর্ম, সমাজ ব্যৱস্থা আদিয়েও জনসংখ্যাৰ স্থানিক তাৰতম্যত প্রভাৱ পেলায়।

প্রশ্ন ৩। পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ এটি ছবি দাঙি ধৰা।

উত্তৰ। পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ প্ৰধান কাৰণ হৈছে—উচ্চ জন্মৰ হাৰ আৰু নিম্নগামী মৃত্যুৰ হাৰ, উন্নত যোগাযোগৰ ফলত বিতৰণৰ সুব্যৱস্থা, শিক্ষাৰ বহুল প্ৰচাৰ আৰু জন-প্ৰব্ৰজন। পৰিৱৰ্তিত আৰ্থ-সামাজিক উন্নয়নৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰৰ যথেষ্ট পার্থক্য পৰিলক্ষিত হয়। ১৭৫০-১৯৭০ বৰ্ষৰ কালছোৱাত উন্নত দেশসমূহৰ জনসংখ্যাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ উন্নয়নশীল দেশসমূহতকৈ যথেষ্ট বেছি আছিল। কিন্তু ১৯৫০-১৯৭০ চনৰ সময়ছোৱাত এই জনসংখ্যা বৃদ্ধিৰ হাৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত সম্পূর্ণ বিপৰীত হয়। উদাহৰণস্বৰূপে, ১৭৫০-১৮৫০ বৰ্ষৰ কালছোৱাত আফ্রিকা মহাদেশৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ইউৰোপ মহাদেশতকৈ যথেষ্ট কম আছিল। কিন্তু এই বৃদ্ধিৰ হাৰ ১৯৫০-২০০০ বৰ্ষৰ সময়ছোৱাত যথেষ্ট পৰিৱৰ্তিত হৈ আফ্রিকা মহাদেশত ২.৫৫ শতাংশ আৰু ইউৰোপ মহাদেশত ০.৬ শতাংশ হৈছিল। পৃথিৱীৰ আটাইতকৈ জনবহুল মহাদেশ এছিয়াৰ জনসংখ্যা বৃদ্ধি আটাইতকৈ বেছি। ১৭৫০-২০০০ বৰ্ষৰ সময়ছোৱাত এছিয়া মহাদেশৰ জনসংখ্যা ৪৯৮ নিযুতৰ পৰা বৃদ্ধি পাই ৩,৩৬১ নিযুত হয়গৈ। উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত এই বৃদ্ধি ২ নিযুতৰ পৰা ৩৫৪ নিযুত পর্যন্ত হয়। এছিয়া আৰু উত্তৰ আমেৰিকাৰ মাজত দেখা পোৱা জনসংখ্যা বৃদ্ধিৰ এনে পাৰ্থক্যৰ কাৰণ হৈছে এছিয়া মহাদেশৰ উচ্চ জন্মৰ হাৰ। কিন্তু উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত বৃদ্ধিৰ কাৰণটো হৈছে ইউৰোপ তথা আন আন অঞ্চলৰ পৰা হোৱা জন-প্ৰব্ৰজন। আকৌ ইউৰোপ মহাদেশৰ স্থিৰ তথা একেবাৰে নিম্ন হাৰৰ জনসংখ্যা বৃদ্ধিৰ কাৰণটো হৈছে অতি নিম্ন জন্মহাৰ আৰু আমেৰিকা তথা ওচেনিয়ালৈ ঘটা উচ্চ পৰিমাণৰ বহিঃ প্ৰব্ৰজন। সম্প্রতি জন্মহাৰ যথেষ্ট বেছি থকাৰ বাবে আফ্রিকা মহাদেশৰ প্ৰায় আটাইবোৰ দেশতে আৰু এছিয়া মহাদেশত কেইখনমান মুছলমান প্রধান দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি হোৱা পৰিলক্ষিত হয়।

প্রশ্ন ৪। পৃথিৱীৰ জনসংখ্যা বিতৰণ সম্পর্কে লিখা আৰু অসম বিতৰণৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।

উত্তৰ। পৃথিৱীৰ সকলো ঠাই মানুহৰ বসবাস উপযোগী নহয়। কিছুমান ঠাইৰ জলবায়ু অতি গৰম আৰু কিছুমান ঠাইৰ জলবায়ু অতিকৈ শীতল।আকৌ কিছুমান ঠাই পর্বত-পাহাৰৰ দ্বাৰা আবৃত আৰু কিছুমান ঠাই বিস্তীর্ণ বনভূমি। এনেবোৰ ঠাইত জীৱন নির্বাহ অতি কষ্টকৰ হয়। পার্বত্য অঞ্চলসমূহত খেতি-বাতি কৰাৰ অসুবিধা আৰু মৰুভূমি অঞ্চলবোৰত পানীৰ নাটনিৰ বাবে মানুহে বসবাস কৰিবলৈ টান পায়। অধিক ভূমিৰ উপৰি উত্তৰ গোলার্ধৰ এক বিস্তীর্ণ ভাগত বিৰাজ কৰা অনুকূল প্রাকৃতিক আৰু আর্থ-সামাজিক অৱস্থাৰ বাবে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্রায় ৯০ শতাংশ লোক এই অঞ্চলত থূপ খাই আছে। পৃথিৱীৰ মহদেশসমূহৰ ভিতৰত এছিয়াৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি আৰু ওচেনিয়া দেশৰ জনসংখ্যাৰ ঘনত্ব সবাতোকৈ কম।

জনসংখ্যা বিতৰণত বহু ভৌগোলিক কাৰকে প্ৰভাৱান্বিত কৰে। জনসংখ্যাৰ অসম বিতৰণৰ প্ৰধান কাৰকবোৰ হৈছে— জলবায়ু, ভূ-অবয়ব, মৃত্তিকা, শক্তি আৰু খনিজ সম্পদ, যাতায়ত ব্যৱস্থা, আর্থ-সামাজিক ব্যৱস্থা আদি।

প্রশ্ন ৫৷ জনসংখ্যা বিতৰণৰ ভূ-অবয়ব আৰু জলবায়ুৰ ভূমিকা সম্পর্কে উদাহৰণসহ আলোচনা কৰা।

উত্তৰ। জনসংখ্যা বিতৰণৰ ক্ষেত্ৰত প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত জলবায়ুৰ প্ৰভাৱ অতিকৈ গুৰুত্বপূৰ্ণ। কোনো এখন ঠাইৰ উষ্ণতাৰ অৱস্থা, বৰষুণৰ পৰিমাণ আৰু বছৰটোত কৃষিকাৰ্যৰ সময়সীমাই ঠাইখনৰ জলবায়ুৰ বৈশিষ্ট্য নিৰ্ধাৰিত কৰে। অতিপাত ঠাণ্ডা বা গৰম আৰু অতিবৃষ্টি বা শুকান অঞ্চলসমূহ কৃষিকাৰ্যৰ বাবে উপযোগী নোহোৱা বাবে সেই ঠাইসমূহ মানুহৰ বসবাসৰ বাবেও উপযোগী নহয়। উদাহৰণস্বৰূপে চাহাবাৰ দৰে অতি শুকান আৰু উষ্ণ মৰুভূমি অঞ্চল বসবাসৰ বাবে অনুপযোগী, সেয়ে জনসংখ্যাৰ ঘনত্ব অতি নগণ্য। একেদৰে তুন্দ্ৰাৰ দৰে বৰফাবৃত মৰুভূমি অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব নিচেই কম। আকৌ ক্রান্তীয় মৌচুমী অঞ্চলত অৱস্থিত দক্ষিণ আৰু পূৱ এছিয়াত বিৰাজ কৰা উপযুক্ত উষ্ণতা আৰু অপর্যাপ্ত বৰষুণ তথা অনুকূল জলবায়ুৰ বাবে কৃষিকাৰ্যৰ মানদণ্ড উন্নত হয় আৰু সেয়ে জনবসতি অধিক হোৱা পৰিলক্ষিত হয়।

আকৌ কোনো এখন ঠাইৰ ভূ-অবয়বৰ প্ৰকৃতিয়েও জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱ পেলায়। এই ক্ষেত্ৰত ঠাইখনৰ উচ্চতা আৰু পৃষ্ঠভাগৰ প্ৰকৃতিৰ প্ৰভাৱ অতিকৈ গুৰুত্বপূর্ণ। পার্বত্য অঞ্চল আৰু সমভূমি অঞ্চলৰ মাজত থকা ভূপ্রকৃতিৰ পাৰ্থক্যৰ বাবে জনসংখ্যা বিতৃৰণৰ পাৰ্থক্য পৰিলক্ষিত হয়। নদীগঠিত সমভূমি আৰু উপকূলৱৰ্তী নিম্নভূমি অঞ্চলবিলাকত কৃষিকার্য আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱা বাবে এনে ঠাইত জনসংখ্যাৰ ঘনত্ব অধিক হয়। আকৌ, পর্বত-পাহাৰে আবৃত উচ্চ অসমান ঠাইসমূহ কৃষিকাৰ্যৰ বাবে অনুপযোগী হোৱাৰ লগে লগে যাতায়ত তথা যোগাযোগ ব্যৱস্থা সুচল নহয়। এনে ঠাইবোৰত জনসংখ্যাৰ ঘনত্ব অতি সেৰেঙা। উদাহৰণস্বৰূপে, হিমালয় পার্বত্য অঞ্চলৰ অন্তৰ্গত অৰুণাচল প্রদেশ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্রদেশ আদিত জনবসতি অতি পাতল। আনহাতে, গংগা-ব্রহ্মপুত্র সমভূমি অঞ্চলৰ অন্তৰ্গত উত্তৰপ্ৰদেশ, বিহাৰ, পশ্চিমবংগ, অসম আদি ঠাইত জনবসতি অতি ঘন। ইয়াৰোপৰি কোনো এক ক্ষুদ্র অঞ্চলতো উচ্চতা, ঢাল, নদ-নদী, ভূগৰ্ভৰ জলপৃষ্ঠ আদিৰ পাৰ্থক্যৰ বাবেও জনসংখ্যাৰ বিতৰণ ভিন্ন হোৱা পৰিলক্ষিত হয়।

প্রশ্ন ৬। পৃথিৱীৰ প্ৰধান ঘন বসতিপূর্ণ অঞ্চলসমূহ উল্লেখ কৰি সেইবোৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰ। পৃথিৱীৰ প্ৰধান ঘন বসতিপূর্ণ অঞ্চলসমূহ হৈছে–পূৱ এছিয়া, দক্ষিণ এছিয়া, পশ্চিম ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূৱ উপকূলীয় সমভূমি অঞ্চল, দক্ষিণ আমেৰিকাৰ উপকূলৱৰ্তী অঞ্চল, আফ্ৰিকাৰ নীল অৱবাহিকা, পশ্চিম আফ্ৰিকাৰ উপকূল, দক্ষিণ-পূৱ এছিয়া আদি। এই অঞ্চলসমূহ ঘন জনবসতিপূর্ণ হোৱাৰ মূল কাৰণ হৈছে–উপযুক্ত ভৌগোলিক অৱস্থান, নদী তথা উপকূলীয় সমভূমিৰ প্ৰাচুৰ্য, যাতায়তৰ সুবিধা, অনুকূল জলবায়ু, খনিজ সম্পদৰ প্ৰাচুৰ্য, উদ্যোগ-বাণিজ্যৰ বিকাশ আদি।

সাধাৰণতে সমভূমি অঞ্চলত জনবসতি অধিক হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে—সমভূমি অঞ্চলত খেতি-বাতি কৰা, পানী যোগান ধৰা, সহজ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা থকা বাবে শিল্প উদ্যোগ গঢ়ি উঠাৰ যথেষ্ঠ সুবিধা থাকে। যিবোৰ অঞ্চলৰ মাটি সাৰুৱা আৰু পলসুৱা মাটি অধিক পৰিমাণে থাকে, তেনেবোৰ অঞ্চলত জনবসতি ঘন হয়। দক্ষিণ-পূৱ এছিয়াৰ নদী উপত্যকাৰ মাটি সাৰুৱা হোৱা বাবে তাত জনবসতি অধিক হয়। আকৌ নাতিশীতোষ্ণ জলবায়ু অঞ্চলত জনবসতি ঘন হয়। অধিক পৰিমাণে বৃষ্টিপাত হোৱা অঞ্চলসমূহত জনবসতি ঘন হয়। অর্থাৎ পানীৰ প্রাচুর্য থকা অঞ্চলত জনবসতি ঘন হয় কাৰণ জীয়াই থাকিবলৈ তথা কৃষিকাৰ্য কৰিবলৈ আদি বিভিন্ন কামত পানীৰ প্ৰয়োজন হয়।

প্রশ্ন ৭। পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূর্ণ অঞ্চলসমূহ কি কি? সেইবোৰ ঠাইত জনবসতি অতি সেৰো হোৱাৰ প্ৰধান কাৰণবোৰ কি কি?

উত্তৰ। পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূর্ণ অঞ্চলসমূহ হৈছে—উত্তৰ আমেৰিকা আৰু ইউৰোপৰ তুন্দ্ৰা অঞ্চল, চাহাৰা মৰুভূমি, কালাহাৰি, গোবি, থৰ আদি উষ্ণ মৰুভূমি অঞ্চল, অতিপাত বৃষ্টিপাত হোৱা নিৰক্ষীয় অৰণ্য অঞ্চল, হিমালয়, ৰকি, এণ্ডিচ আদি উচ্চ পার্বত্য অঞ্চলসমূহৰ লগতে বিষুবীয় অঞ্চল।

এই ঠাইসমূহত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণ হৈছে— অতিমাত্রা উত্তাপ, অতিপাত গৰম আৰু শীতল জলবায়ু, শুকান জলবায়ু, ভৌগোলিক অৱস্থান, কৃষিকাৰ্যৰ অসুবিধা, পৰিৱহণ আৰু যাতায়তৰ অসুবিধা আদি। মূলত ভৌগোলিক অৱস্থানৰ বাবে এনে অঞ্চলসমূহৰ জনবসতি সেৰেঙা। অধিকাংশ অঞ্চল পার্বত্য আৰু মালভূমি অৱস্থানৰ হোৱা বাবে জনসাধাৰণৰ বসবাস অনুপযোগী হয়। জনবসতিৰ বাবে অনুকূল নোহোৱা উত্তপ্ত মৰুভূমি আৰু শীতল মেৰু অঞ্চলত মানুহ বসবাস কৰিবলৈ কষ্ট পায় বাবে জনবসতি সেৰেঙা হয়। বিষুবীয় অঞ্চলত অতিপাত বৰষুণ হোৱা বাবে তাত জলবায়ু সেমেকা হয় আৰু ইয়াৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ-আজাৰে মানুহৰ নিৰাপদ বসতিৰ প্ৰতিবন্ধক হয়। তাৰোপৰি এনে অঞ্চলসমূহৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী নোহোৱাৰ বাবেও জনবসতি সেৰেঙা হয়।

প্রশ্ন ৮। ‘জন-প্ৰব্ৰজন’ বুলিলে কি বুজা? ই প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ। কোনো লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ বাসস্থান ত্যাগ কৰি অন্য স্থানলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কার্যক জন-প্ৰব্ৰজন (Human migration) বুলি কোৱা হয়। কোনো বিশেষ কাৰণত এজন লোক বা এটা পৰিয়াল বা বহুতো লোক এখন ঠাইৰপৰা আন এখন ঠাইলৈ প্ৰব্ৰজন কৰাকে জন-প্ৰব্ৰজন বুলি ক’ব পাৰি। অর্থাৎ জন-প্ৰব্ৰজন হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে কোনো জনসমষ্টি এক নির্দিষ্ট ভৌগোলিক স্থানৰপৰা আন এক ভৌগোলিক স্থানলৈ বাসস্থানৰ পৰিৱৰ্তন হয়। জন-প্ৰব্ৰজন প্ৰধানকৈ দুই প্ৰকাৰৰ– আন্তঃদেশীয় প্ৰব্ৰজন (Internal Migration) আৰু আস্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন (International Migration)। আকৌ ধৰণ অনুসৰি জন-প্ৰব্ৰজনক দুই ভাগত ভাগ কৰিব পাৰি৷ সেয়া হৈছে—উৎস প্রবাসন (Emigration or Out migration ) আৰু আগ্ৰবাসন (In-migration or Immigration)।

প্রশ্ন ৯। ‘জন-প্ৰব্ৰজন’ কিয় হয় চমুকৈ লিখা।

উত্তৰ। জন-প্ৰব্ৰজন হোৱাৰ চাৰিটা মূল কাৰণ হৈছে—প্রাকৃতিক, অর্থনৈতিক, রাজনৈতিক আৰু সামাজিক কাৰণ।

বিভিন্ন প্রাকৃতিক দুর্যোগ যেনে–বানপানী, গৰাখহনীয়া, ভূমিকম্প, জ্বালামুখী, আগ্নেয়গিৰিৰ উদ্‌গীৰণ আদিৰ কাৰণে বাধ্য হৈ মানুহে প্ৰব্ৰজন কৰিবলগীয়া হয়। জন-প্ৰব্ৰজনৰ মুখ্য অর্থনৈতিক কাৰণ হৈছে সংস্থানৰ অভাৱ, ঋণৰ অভাৱ, নিম্ন পৰ্যায়ৰ জীৱন ধাৰণৰ মানদণ্ড, উৎপাদন ব্যৱস্থাত থকা প্রতিবন্ধকতা আদি। আকৌ জন-প্ৰব্ৰজনৰ ৰাজনৈতিক কাৰণ হৈছে—ৰাজনৈতিক অস্থিৰতা, যুদ্ধ-বিগ্রহ, সন্ত্রাসবাদ, দেশ বিভাজন, চৰকাৰী নীতি আদি। এই ৰাজনৈতিক কাৰণবোৰৰ ফলত স্থায়ী বা অস্থায়ীভাৱে জন-প্ৰব্ৰজন হয়। জন-প্ৰব্ৰজনৰ সামাজিক কাৰণ হৈছে—শিক্ষা, সংস্কৃতি, ধৰ্ম আদি। উচ্চ শিক্ষাৰ কেন্দ্ৰ থকা ঠাইলৈ বা সংস্কৃতিসম্পন্ন স্থানলৈ সাধাৰণতে জন-প্ৰব্ৰজন হয়। আকৌ জনসংখ্যাৰ ঘনত্ব বৃদ্ধি, নগৰীকৰণ আদিৰ বাবেও জন-প্ৰব্ৰজন হয়।

প্রশ্ন ১০। জন-প্ৰব্ৰজনৰ আকৰ্ষী আৰু বিকষী কাৰকসমূহ উল্লেখ

উত্তৰ। জন-প্ৰব্ৰজনৰ আকৰ্ষী কাৰকসমূহ হৈছে— 

(ক) কর্ম সংস্থাপনৰ প্ৰাচুৰ্যতা, অনুকুল অর্থনৈতিক অৱস্থা, অধিক উন্নত আর্থিক অৱস্থাৰ সম্ভাৱনা, বর্ধিত বনুৱাৰ চাহিদা, নগৰ তথা উদ্যোগিক উন্নয়ন।

(খ) উচ্চ হাৰৰ দৰমহা, উন্নত জীৱনযাপনৰ মানদণ্ডৰ বাবে। 

(গ) নিম্ন জনসংখ্যাৰ ঘনত্ব আৰু বসবাস, উন্নত চিকিৎসা ব্যৱস্থা, উন্নত কৃষি ব্যৱস্থা।

(ঘ) অনুকূল ৰাজনৈতিক পৰিবেশ আৰু সুৰক্ষা ব্যৱস্থা।

(ঙ) অনুকূল সামাজিক অৱস্থা, বৌদ্ধিক চিন্তাৰ স্বাধীনতা, উন্নত শৈক্ষিক পৰিৱেশ।

(চ) অনুকূল প্রাকৃতিক পৰিৱেশ, সাৰুৱা তথা পলসুৱা মাটিৰ প্ৰাচুৰ্যতা। 

(ছ) উন্নত তথা আধুনিক যোগাযোগ আৰু যাতায়ত ব্যৱস্থা।

আকৌ জনপ্ৰব্ৰজনৰ বিকৰ্ষী কাৰকসমূহ হৈছে—

(ক) কর্মসংস্থাপনৰ অভাৱ, প্ৰতিকূল অর্থনৈতিক অৱস্থা।

(খ) নিম্নহাৰৰ দৰমহা, জীৱন ধাৰণৰ নিম্ন মানদণ্ড।

(গ) সম্পদৰ তুলনাত বৰ্ধিত জনসংখ্যাৰ হেঁচা, অনুন্নত কৃষি ব্যৱস্থা।

(ঘ) ৰাজনৈতিক অস্থিৰতা, উগ্ৰপন্থীৰ ভাবুকি, জীৱন সম্পত্তিৰ নিৰাপত্তাৰ অভাৱ।

(ঙ) প্রতিকূল সামাজিক পৰিৱেশ, সামাজিক বৈষম্য।

(চ) প্রাকৃতিক দুর্যোগ আৰু প্ৰতিকূল প্ৰাকৃতিক অৱস্থা।

(ছ) যোগাযোগ আৰু যাতায়ত তথা পৰিৱহণ ব্যৱস্থা অনুন্নত বা পিছপৰা।

প্রশ্ন ১১। আস্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা? উদাহৰণসহ দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফল চমুকৈ লিখা।

উত্তৰ। আন্তর্জাতিক সীমাৰেখা অতিক্ৰম কৰি এখন দেশৰ পৰা অন্য এখন দেশলৈ কোনো ব্যক্তি বা জনসমষ্টি প্রব্রজন হোৱাকে আস্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হয়। অর্থাৎ আস্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন হৈছে কোনো ব্যক্তি বা ব্যক্তিসমষ্টি আন দেশৰপৰা প্ৰব্ৰজন হয়। উদাহৰণস্বৰূপে, বাংলাদেশ, নেপাল আদি দেশৰপৰা উত্তৰ-পূৱ ভাৰতলৈ অহা লোকসকলৰ প্ৰব্ৰজনক আস্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিব পাৰি।

আস্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণসমূহ হৈছে মূলতঃ ৰাজনৈতিক আৰু অর্থনৈতিক। বিশ্বযুদ্ধ, ইউৰোপীয় উপনিৱেশৰ স্বাধীনতা, কিছুমান শক্তিশালী দেশৰ আগ্ৰাসন, ৰোপণ কৃষি আদিৰ বাবে প্ৰধানকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংঘটিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিশ্বযুদ্ধৰ বাবে কেইবা নিযুত মধ্য আৰু পূৱ ইউৰোপৰ লোক পৃথিৱীৰ বিভিন্ন দেশলৈ প্ৰব্ৰজন ঘটিছিল।

১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সময়ত ভাৰত বিভাজনৰ বাবে প্রায় ২০ নিযুত মানুহে অবিভাজিত ভাৰতবৰ্ষত এটা অংশৰপৰা আন এটা অংশলৈ প্ৰব্ৰজিত হৈছিল। আকৌ ১৯৪৮ চনত ইজৰাইল জন্মাৰ পাছত প্রায় ২ নিযুত পেলেষ্টাইন লোক ভগনীয়া হিচাপে আৰব দেশবোৰলৈ প্ৰব্ৰৰ্জিত হৈছিল। উন্নয়নশীল দেশসমূহৰ পৰা বিভিন্ন ৰাজনৈতিক তথা সামাজিক কাৰণত হোৱা প্ৰব্ৰজনে সমগ্র বিশ্বত কেইবা নিযুত শৰণাৰ্থীৰ সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ ফলস্বৰূপে কোনো এখন দেশৰ জনসংখ্যাৰ আকাৰ হঠাতে কল্পনাতীতভাৱে বৃদ্ধি পাবলৈ ধৰে। ফলস্বৰূপে সেই দেশখনৰ খাদ্য সমস্যা, কর্মসংস্থাপনৰ সমস্যাকে ধৰি নানান সমস্যা সৃষ্টি হ’ব পাৰে। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ ফলত জনসংখ্যাৰ গাঁথনিৰ যথেষ্ট পৰিৱৰ্তন ঘটে আৰু বিভিন্ন ঠাইত নানা আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি হয়।

প্রশ্ন ১২। চমুটোকা লিখা

(ক) জন বিস্ফোৰণ

(খ) জনসংখ্যাৰ ঘনত্ব 

(গ) অন্তর্দেশীয় প্রব্রজন

(ঘ) আন্তঃদেশীয় প্রব্রজন

(ঙ) জন-প্ৰব্ৰজনৰ আকৰ্ষী কাৰক

(চ) জন-প্ৰব্ৰজনৰ বিকৰ্ষী কাৰক

(ছ) বাংলাদেশ-ভাৰত জন-প্ৰব্ৰজন ৷

উত্তৰ। (ক) জন বিস্ফোৰণ : দ্রুতগতিত হোৱা জনসংখ্যাৰ বৃদ্ধিকেই জন বিস্ফোৰণ বুলি কোৱা হয়। উন্নয়নশীল দেশ বা তৃতীয় বিশ্বৰ দেশসমূহত জনসংখ্যা বৃদ্ধিৰ হাঁৰ অতি বেছি। দ্রুতগতিত হোৱা জনসংখ্যাৰ বৃদ্ধিৰ বাবে দেশৰ ঠাই বিশেষে জনসংখ্যাৰ আকাৰ বৃদ্ধি পাইছে। উন্নয়নশীল দেশসমূহত হোৱা জনসংখ্যাৰ দ্রুত বৃদ্ধিৰ বাবে পৃথিৱীত জনসংখ্যাৰ বিস্ফোৰণ হোৱা বুলি কোৱা হয়। ১৮০০–১৯৫০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা ১৫০ কোটি বৃদ্ধি পাইছিল। কিন্তু ১৯৫০ – ২০০০ চনৰ ভিতৰত কেৱল পঞ্চাশ বছৰতে পৃথিৱীৰ জনসংখ্যা ৩৫০ কোটি বৃদ্ধি পায়, যাক জন বিস্ফোৰণ (Population explosion) বোলা হয়।

(খ) জনসংখ্যাৰ ঘনত্ব : জনসংখ্যাৰ ঘনত্ব (density of population) হৈছে প্রতি বর্গকিল’মিটাৰ অঞ্চলত বসবাস কৰা মানুহৰ সংখ্যা। অর্থাৎ এটা অঞ্চলত বসবাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মুঠ মাটিকালিৰে হৰণ কৰিলে যি ফলাফল পোৱা যায় তাকে জনসংখ্যাৰ ঘনত্ব বোলা হয়। পৃথিৱীৰ নাতিশীতোষ্ণ জলবায়ু অঞ্চল আৰু নদী উপত্যকাৰ সাৰুৱা ভূমি থকা অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক। আনহাতে, পর্বত-পাহাৰ্ তথা মালভূমি আৰু উষ্ণ জলবায়ু অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম হয়।

(গ) অন্তর্দেশীয় প্রব্রজন : নিজ দেশৰ ভিতৰতে এখন ঠাইৰপৰা আন এখন ঠাইলৈ বা এখন ৰাজ্যৰপৰা আন এখন ৰাজলৈ হোৱা প্ৰব্ৰজনক অন্তর্দেশীয় প্রব্রজন (Intemal Migration) বোলা হয়। উদাহৰণস্বৰূপে বিহাৰী বনুৱাসকল অসমলৈ আহি বসতি কৰিলে বা চাহ বনুৱাসকল ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা আহি অসমত বসবাস কৰিলে তাক অন্তর্দেশীয় প্ৰব্ৰজন বুলি কোৱা হয়। সাধাৰণতে অন্তর্দেশীয় প্ৰব্ৰজনে কোনো দেশৰ জনসংখ্যা বৃদ্ধিত সমস্যাৰ সৃষ্টি নকৰে। এই প্ৰব্ৰজনৰ ফলত দেশৰ সৰ্বমুঠ জনসংখ্যা একে থাকে। অৱশ্যে এনে ধৰণৰ স্থানীয় প্ৰব্ৰজনৰ যোগেদি আন ঠাইত বসতি স্থাপন হ’লে সেই ঠাইত কিছু সমস্যা সৃষ্টি হ’বও পাৰে। অন্তর্দেশীয় প্ৰব্ৰজন চাৰিটা দিশত হ’ব পাৰে— গাঁৱৰপৰা নগৰলৈ, নগৰৰপৰা গাঁৱলৈ, নগৰৰপৰা নগৰলৈ আৰু গাঁৱৰপৰা গাঁৱলৈকে।

(ঘ) আন্তঃদেশীয় প্ৰব্ৰজন : আন্তর্জাতিক সীমাৰেখা অতিক্ৰম কৰি এখন দেশৰ পৰা অন্য এখন দেশলৈ কোনো ব্যক্তি বা জনসমষ্টিৰ প্ৰব্ৰজন হোৱাকে আস্তঃদেশীয় প্ৰব্ৰজন (International Migration) বোলা হয় অর্থাৎ আন্তঃদেশীয় প্ৰব্ৰজন হৈছে কোনো ব্যক্তি বা ব্যক্তিসমষ্টি আন দেশৰপৰা বা আন দেশলৈকে প্ৰব্ৰজন হোৱা। উদাহৰণস্বৰূপে, বাংলাদেশ, নেপাল আদিৰপৰা উত্তৰ-পূৱ ভাৰতলৈ অহা লোকসকলৰ প্ৰব্ৰজনক আন্তঃদেশীয় প্ৰব্ৰজন বুলি কোৱা হয়। এই প্ৰব্ৰজনৰ ফলস্বৰূপে কোনো দেশৰ জনসংখ্যাৰ আকাৰ যথেষ্ট সালসলনি হ’ব পাৰে আৰু নানাধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

(ঙ) জন-প্ৰব্ৰজনৰ আকৰ্ষী কাৰক : জন-প্ৰব্ৰজনৰ আকৰ্ষী বা আকর্ষণজনিত কাৰকসমূহ (Pull Factor) হৈছে–কর্মসংস্থাপনৰ প্ৰাচুর্য, অনুকূল অর্থনৈতিক অৱস্থা, অধিক উন্নত আর্থিক অৱস্থাৰ সম্ভাৱনা, বর্ধিত বনুৱাৰ চাহিদা, নগৰ তথা উদ্যোগিক উন্নয়ন, উচ্চহাৰৰ দৰমহা, উন্নত জীৱনধাৰণৰ মান, উন্নত চিকিৎসা ব্যৱস্থা উন্নত কৃষি ব্যৱস্থা, উচ্চহাৰৰ দৰমহা, অনুকূল ৰাজনৈতিক পৰিৱেশ আৰু সুৰক্ষা ব্যৱস্থা, অনুকূল সামাজিক অৱস্থা, বৌদ্ধিক চিন্তাৰ স্বাধীনতা, উন্নত শৈক্ষিক পৰিৱে সাৰুৱা ভূমিৰ প্ৰাচুৰ্য, উন্নত তথ্য আধুনিক যাতায়ত আৰু যোগাযোগ ব্যৱস্থা আৰু অনুকূল প্রাকৃতিক পৰিৱেশ। এনেবোৰ কাৰকে কোনো লোকক আকৰ্ষিত কৰে, ফলত প্ৰব্ৰজন হয়।

(চ) জন-প্ৰব্ৰজনৰ বিকৰ্ষী কাৰক : জন-প্ৰব্ৰজনৰ বিকৰী কাৰকসমূহ (Push Factor) হৈছে—প্রতিকূল অর্থনৈতিক অৱস্থা, কর্মসংস্থাপনৰ অভাৱ, নিম্নহাৰৰ দৰমহা তথা নিম্ন জীৱন ধাৰণৰ মানদণ্ড, সম্পদৰ তুলনাত অত্যাধিক জনসংখ্যাৰ হেঁচা, নিম্ন তথা অনুন্নত কৃষি উৎপাদন, ৰাজনৈতিক অস্থিৰতা, মানুহৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ অভাৱ, সামাজিক বৈষম্য, প্রতিকূল সামাজিক পৰিৱেশ, প্রাকৃতিক দুর্যোগ আৰু প্ৰতিকূল প্ৰাকৃতিক অৱস্থাৰ লগতে পিছপৰা যাতায়ত আৰু যোগাযোগ ব্যৱস্থা। প্ৰব্ৰজনৰ উৎসস্থানত এই বিকর্ষী কাৰকসমূহে ক্ৰিয়া কৰিলে মানুহে সেই স্থানৰপৰা যাবলৈ বাধ্য হয়।

(ছ) বাংলাদেশ-ভাৰত জন-প্ৰব্ৰজন : বাংলাদেশ-ভাৰত জন-প্ৰব্ৰজন হৈছে এক আন্তঃৰাষ্ট্ৰীয় জন-প্ৰব্ৰজন। ১৯৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ লগে লগে ভাৰত বিভাজন হৈ হিন্দুস্থান আৰু পাকিস্থান দুখন দেশত ভাগ হয়। পূৰ্ববংগৰ মুছলমান প্রধান অঞ্চলটো বাংলাদেশ হিচাপে চিহ্নিত হ’ল। বাংলাদেশত মুছলমান লোকৰ সংখ্যা অধিক হোৱা বাবে সেই সময়ত বাংলাদেশৰ পৰা অধিক সংখ্যক হিন্দু মানুহক ভাৰতলৈ পঠিয়াই দিয়ে। এনেদৰে ভাৰতবৰ্ষলৈ বাংলাদেশী মানুহৰ সোঁত ববলৈ লয়। বাংলাদেশখন অসমৰ সীমাৱৰ্তী হোৱা বাবে অসমত বাংলাদেশী প্ৰব্ৰজনকাৰী লোকৰ সংখ্যা অধিক। বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা এই অবিৰত অনুপ্ৰৱেশে ভাৰতবৰ্ষৰ জনগাঁথনিত বিশেষকৈ অসমৰ জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে।

প্রশ্ন ১৩। তোমাৰ অঞ্চলটোত জনসংখ্যাৰ ঘনত্ব কম-বেছি হোৱাৰ কাৰণ উল্লেখ কৰা।

উত্তৰ। কোনো এটা অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব বেছি হোৱাৰ মূল কাৰণসমূহ হৈছে—উপযুক্ত ভৌগোলিক অৱস্থান, নদী তথা উপকূলীয় সমভূমিৰ প্ৰাচুৰ্য, অনুকূল জলবায়ু, খনিজ সম্পদৰ প্ৰাচুৰ্য, যাতায়ত-পৰিৱহণৰ সুবিধা, উদ্যোগ-বাণিজ্যৰ বিকাশ, কৃষিকার্যত অধিক উৎপাদন আদি।

আকৌ কোনো অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব কম হোৱাৰ প্ৰধান কাৰণসমূহ হৈছে—পৰ্বত-পাহাৰে আবৰা ভৌগোলিক অৱস্থান, কৃষিকাৰ্যৰ অসুবিধা আৰু নিম্ন উৎপাদনশীলতা, গৰম তথা শুকান জলবায়ু, যাতায়ত-পৰিৱহণৰ অসুবিধা, পানীৰ নাটনি, উদ্যোগ-শিল্পৰ সুবিধা নথকা, শিক্ষা তথা স্বাস্থ্যসেৱাৰ অপ্ৰাচুৰ্যতা আদি। অর্থাৎ যিবোৰ ঠাই পৰ্বত-পাহাৰ আৰু মালভূমিৰ দ্বাৰা গঠিত, য’ত সমতল ভূমি নাই, আহল-বহল নদীৰ অভাৱ, ব্যৱসায়-বাণিজ্যৰ সুবিধা নাই, তেনে ঠাইবোৰত জনসংখ্যাৰ ঘনত কম হয়।

[তোমালোকে নিজৰ নিজৰ অঞ্চলৰ ভৌগোলিক অৱস্থান অনুসৰি জনসংখ্যাৰ ঘনত্ব কম-বেছি হোৱাৰ কাৰণসমূহ উল্লেখ কৰিবা।]

প্রশ্ন ১৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) কোন বছৰ পৃথিৱীৰ জনসংখ্যা প্রায় ১ মহানিযুত আছিল?

(১) ১৯৫০ চনত

(২) ১৮০৮ চনত

(৩) ১৯০৮ চনত

(৪) ১০০৮ চনত

উত্তৰ। (২) ১৮০৮ চনত।

(খ) পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো কি?

(১) জন্মহাৰ বৃদ্ধি

(২) মৃত্যুহাৰ হ্ৰাস

(৩) জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস 

(৪) প্ৰব্ৰজন

উত্তৰ। (৩) জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস ।

(গ) পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন?

(১) আফ্রিকা

(২) ওচেনিয়া

(৩) ইউৰোপ

(৪) দক্ষিণ আমেরিকা

উত্তৰ। (২) ওচেনিয়া।

(ঘ) তলৰ দেশসমূহৰ কোনখনত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি?

(১) জাপান

(২) ভাৰতবৰ্ষ

(৩) বাংলাদেশ

(৪) ইন্দোনেছীয়া

উত্তৰ। (৩) বাংলাদেশ।

নৱম শ্ৰেণীৰ ভূগোল সমাধান

Sl. No.সূচী-পত্ৰ
Chapter 1বতৰ আৰু জলবায়ু
Chapter 2পৃথিৱীৰ মানুহ
Chapter 3জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
Chapter 4জনবসতি
Chapter 5সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ
Chapter 6অর্থনৈতিক কার্য বা বৃত্তি
Chapter 7কৃষি
Chapter 8উদ্যোগ

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণবিলাক ব্যাখ্যা কৰা। উত্তৰ। জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণসমূহ হৈছে—

(ক) উচ্চ জন্মৰ হাৰ

(খ) নিম্নগামী মৃত্যুৰ হাৰ

(গ) উন্নত যোগাযোগৰ ফলত বিতৰণৰ সু-ব্যৱস্থা

(ঘ) চৰকাৰৰ জন্ম নিয়ন্ত্ৰণ আঁচনিৰ বিফলতা

(ঙ) শিক্ষাৰ বহুল প্ৰচাৰ

জন্মৰ হাৰ বেছি হোৱা বাবে জনসংখ্যা বৃদ্ধি হৈছে আৰু চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলস্বৰূপে মৃত্যুৰ হাৰ নিম্নগামী হৈছে। ইয়াৰ ফলত স্বাভাৱিক বৃদ্ধিৰ হাৰ অধিক হৈছে। ইয়াৰ উপৰিও জনসংখ্যা বৃদ্ধিৰ আন কাৰণসমূহ হৈছে—নিৰক্ষৰতা, কম বয়সতে বিয়া হোৱা, একাধিকবাৰ বিয়া কৰোৱা আদি।

প্রশ্ন ২। বর্ধিত জনসংখ্যাই মানুহৰ মাজত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে?

উত্তৰ। বৰ্ধিত জনসংখ্যাই মানুহৰ মাজত ভয়াবহ সমস্যাৰ সৃষ্টি কৰে। বৰ্ধিত জনসংখ্যাৰ ফলস্বৰূপে খাদ্য সমস্যা, বাসস্থানৰ সমস্যা, যাতায়ত আৰু পৰিবহণ সমস্যা, মূল্যবৃদ্ধি আদি বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে।

প্রশ্ন ৩। পৃথিৱীৰ উন্নত আৰু উন্নয়নশীল দেশৰ সম্বন্ধে ব্যাখ্যা কৰা আৰু কেইখনমান উন্নত দেশৰ নাম লিখা ।

উত্তৰ। পৃথিৱীৰ উন্নত দেশসমূহ হৈছে সেইবোৰ দেশ যিবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি নগণ্য আৰু জনসাধাৰণৰ জনমূৰি আয় অধিক তথা দেশসমূহ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবঢ়া।

আনহাতে পৃথিৱীৰ উন্নয়নশীল দেশসমূহ হৈছে সেইবোৰ দেশ যিবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক, জনসাধাৰণৰ জনমূৰি আয় কম, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আংশিক বিকাশ, কৃষিৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল উদ্যোগিক ক্ষেত্ৰ পিছপৰা। উন্নয়নশীল দেশসমূহত মানুহবোৰ উচ্চ শিক্ষিত নহয়, শিল্পোদ্যোগী নহয় আৰু প্ৰযুক্তিবিদ্যাত পাকৈত নহয়।

পৃথিৱীৰ কেইখনমান উন্নত দেশ হৈছে—আমেৰিকা যুক্তৰাষ্ট্ৰ, অস্ট্রেলিয়া, নিউজিলেণ্ড, পশ্চিম ইউৰোপীয় দেশসমূহ, দক্ষিণ আফ্রিকা, জাপান আদি।

প্রশ্ন ৪। উন্নত দেশবিলাকৰ তুলনাত পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ উল্লেখ কৰা ।

উত্তৰ। উন্নত দেশবিলাকৰ তুলনাত পৃথিৱীৰ উন্নয়নশীল দেশবিলাকৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ হৈছে—

(ক) কম বয়সতে বিবাহ হোৱা।

(খ) সাক্ষৰতাৰ হাৰ কম।

(গ) পৰিয়ালৰ সদস্য সংখ্যা বৃদ্ধিয়ে আর্থিকভাৱে লাভবান হোৱাৰ সপোন । 

(ঘ) জন্ম-নিয়ন্ত্রণ আঁচনি প্রয়োগত বিফলতা।

(ঙ) পৰম্পৰাগত ৰীতি-নীতি আৰু

(চ) অর্থনৈতিক অৱস্থা ।

উন্নত দেশসমূহৰ তুলনাত উন্নয়নশীল দেশসমূহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। উন্নয়নশীল দেশৰ জনসাধাৰণ উচ্চ শিক্ষিত নহয়, শিল্পোদ্যোগী নহয় আৰু প্ৰযুক্তিবিদ্যাত নিপুণ নহয়। উন্নয়নশীল দেশসমূহত জন্মৰ হাৰ অধিক আৰু মৃত্যুৰ হাৰ নিম্নগামী হোৱা বাবে স্বাভাৱিক বৃদ্ধিৰ হাৰ অধিক। তাৰোপৰি নিৰক্ষৰতা আৰু চৰকাৰী জন্মনিয়ন্ত্ৰণ আঁচনিৰ অপপ্ৰয়োগৰ ফলস্বৰূপে উন্নয়নশীল দেশবোৰত জনসংখ্যা অতি দ্রুতগতিত বৃদ্ধি পাইছে।

প্রশ্ন ৫। অসমত জনসংখ্যা বৃদ্ধিৰ গতিধাৰা কেনেকুৱা ?—ব্যাখ্যা কৰা । 

উত্তৰ। বিংশ শতিকাৰ প্ৰতিটো দশকতে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। ১৯০১ চনৰপৰা ২০০১ চনলৈকে গোটেই শতাব্দীটোত জনসংখ্যা বৃদ্ধিৰ গতি প্রতি দশকত ২০ শতাংশতকৈও অধিক পৰিমাণে বৃদ্ধি হৈছে।

তলৰ তালিকাত অসমৰ জনসংখ্যা বৃদ্ধিৰ গতিধাৰা দেখুওৱা হ’ল—

 চমু উত্তৰ দিয়া :

প্রশ্ন ১। জনসংখ্যা দ্রুত গতিত বৃদ্ধিৰ এটা কাৰণ দিয়া।

উত্তৰ। জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি হোৱাৰ এটা প্ৰধান কাৰণ হৈছে জন্মৰ উচ্চ হাৰ আৰু মৃত্যুৰ হাৰ নিম্ন। জন্মৰ সংখ্যা অধিক পৰিমাণে বৃদ্ধি পোৱা আৰু তাৰ লগে চিকিৎসা-বিজ্ঞানৰ বিকাশৰ বাবে মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ ফলত জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে।

প্রশ্ন ২। ভাৰত কোনখন বিশ্বৰ অন্তৰ্গত ?

উত্তৰ। ভাৰতবৰ্ষ ‘তৃতীয় বিশ্বৰ’ অন্তৰ্গত দেশ। 

প্রশ্ন ৩। ‘তৃতীয় বিশ্ব’ কাক কয় ?

উত্তৰ। যিবোৰ দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক, শিল্প তথা আধুনিক প্ৰযুক্তিবিদ্যাত পিছপৰা, জনসাধাৰণৰ জনমূৰি আয় কম, দেশৰ সৰহ সংখ্যক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু উদ্যোগিক বিকাশত বিশেষ অগ্ৰগতি হোৱা নাই, তেনেবোৰ দেশকে তৃতীয় বিশ্ব (Third World) বুলি কোৱা হয়। সাধাৰণতে উন্নয়নশীল দেশসমূহ য’ত পৃথিৱীৰ দুই-তৃতীয়াংশ লোকে বসবাস কৰে তেনেবোৰ দেশকে তৃতীয় বিশ্ব বুলি অভিহিত কৰা হয়।

প্রশ্ন ৪। ভাৰতত জনসংখ্যা বৃদ্ধিৰ গতিধাৰা কেনেকুৱা ব্যাখ্যা কৰা ৷ 

উত্তৰ। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ গতিধাৰা স্বাধীনতাৰ আগৰ আৰু পিছত বহুতো প্রভেদ দেখা যায়। ১৯০১ চনৰপৰা ভাৰতৰ জনসংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। ১৯০১-১১ দহকত আনকেইটা দশকতকৈ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কম আছিল। ১৯১১-২১ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা বৃদ্ধি ঋণাত্মক হয়; অর্থাৎ এই সময়ছোৱাত জনসংখ্যা বৃদ্ধি হোৱা নাছিল। ১৯২১ চনৰ পিছত প্ৰতিটো লোকপিয়লতে জনসংখ্যা বৃদ্ধি হৈয়ে আছে। ১৯৫১ চনৰ পিছৰপৰা জনসংখ্যা বৃদ্ধিৰ হাৰ দ্ৰুততৰ হয়। ১৯৩১ চনৰ পিছৰপৰা ১৯৮১ চনলৈকে ভাৰতৰ জনসংখ্যা প্রায় আঢ়ৈ গুণ বৃদ্ধি পাইছে। ১৯১১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যা ৮৪-৬৩ কোটি হয় আৰু যোৱা দশকটোত প্রায় ১৩ কোটি জনসংখ্যা বৃদ্ধিয়ে ভাৰতৰ জনসংখ্যা ১০০ কোটি সীমা অতিক্ৰম কৰে। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হৈছে মৃত্যুৰ হাৰ দ্ৰুত গতিত কমি যোৱা আৰু জন্মৰ হাৰ প্ৰায় একে থকা। তাৰোপৰি চুবুৰীয়া দেশ বাংলাদেশ, শ্রীলঙ্কা, ভূটান আদিৰপৰা হোৱা প্ৰব্ৰজনৰ ফলতো জনসংখ্যা বৃদ্ধি পাইছে। 

তলৰ তালিকাত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ গতিধাৰা দেখুওৱা হ’ল।

প্রশ্ন ৫। অসমৰ জনসংখ্যাৰ এটি সমীক্ষা লিখা। অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণবিলাক উল্লেখ কৰা ।

উত্তৰ। যোৱা কেইটামান দশকত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ তুলনাত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বহুত বেছি। স্বাভাৱিক বৃদ্ধিৰ বাবে অসমত জনসংখ্যা যিমান বৃদ্ধি হৈছে তাতকৈ অধিক হাবৰ বৃদ্ধি হৈছে প্ৰব্ৰজনৰ বাবে। তলত দিয়া তালিকাৰপৰা অসমত জনসংখ্যা বৃদ্ধিৰ গতিৰ বিষয়ে স্পষ্টকৈ বুজিব পাৰি। তলত ১৯০১ চনৰপৰা ১৯৯১ চনলৈকে অসমৰ জনসংখ্যা কেনেধৰণে বৃদ্ধি হৈছে তাক দেখুওৱা হ’ল।

অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হৈছে

১। জন্মৰ হাৰ অতি উচ্চ।

২। দ্রুত গতিত হ্ৰাস পোৱা মৃত্যুৰ হাৰ।

৩। চিকিৎসা-বিজ্ঞানৰ বহুল উন্নতি।

৪। সপৰিবহণ ব্যৱস্থা।

৫। অন্তর্মুখী প্ৰব্ৰজন।

অসমত তিনি ধৰণৰ প্ৰব্ৰজন হৈ জনসংখ্যা বৃদ্ধি কৰিছে। সেইবোৰ হৈছে চাহ বাগিচাৰ বনুৱাসকলৰ প্ৰব্ৰজন, বাংলাদেশৰপৰা অহা পমুৱা লোকসকল আৰু কিছু পৰিমাণে নেপালী প্ৰব্ৰজনকাৰীসকল। এনেকৈয়ে স্বাভাৱিক বৃদ্ধিৰ লগতে দ্রুত গতিত হোৱা প্ৰব্ৰজনৰ কাৰণে অসমৰ জনসংখ্যা অধিক হাৰত বৃদ্ধি পাইছে।

প্রশ্ন ৬। উন্নয়নশীল দেশসমূহত কৃষিৰ মাটিৰ ওপৰত বেছি হেঁচা পৰাব কাৰণ কি?

উত্তৰ। উন্নয়নশীল দেশসমূহত প্ৰযুক্তিবিদ্যাৰ পূৰ্ণ বিকাশ হোৱা নাই। এই দেশসমূহ শিল্পোদ্যোগী নহয় আৰু প্ৰযুক্তিবিদ্যাত নিপুণ নহয়। প্ৰযুক্তিবিদ্যাৰ পূৰ্ণ বিকাশ নোহোৱাৰ বাবে উন্নয়নশীল দেশসমূহত কৃষিমাটিৰ ওপৰত বেছি হেঁচা পৰিছে।

প্রশ্ন ৭। পৃথিৱীৰ জনসংখ্যা বৃদ্ধি কেনেদৰে হৈছিল চমুকৈ লিখা। 

উত্তৰ। মানুহৰ উৎপত্তিৰপৰা পৃথিৱীত জনসংখ্যা কিমান আছিল তাৰ সঠিক তথ্য পোৱা নাযায়। বৰ্তমানৰপৰা ৭০০০ বছৰ আগতে অর্থাৎ খ্ৰীষ্টপূর্ব ৫০০০ চন মানত পৃথিৱীৰ জনসংখ্যা প্ৰায় ২০ নিযুত আছিল বুলি অনুমান কৰা হৈছে। ক্রমান্বয়ে জনসংখ্যা বাঢ়ি খ্ৰীষ্ট জন্মৰ সময়ত ২০০-ৰপৰা প্ৰায় ৩০০ নিযুত হৈছিল বুলি ধাৰণা কৰা হয়। এই বৃদ্ধিৰ হাৰ ক্ৰমে বাঢ়ি ১৬৫০ খ্ৰীষ্টাব্দত প্ৰায় ৫০০ নিযুতমান হৈছিল। জনসংখ্যাৰ দ্ৰুত গতিত বৃদ্ধিৰ হাৰ আচলতে ২৫০ বছৰমান আগৰপৰাহে হৈছিল। ১৮৫০ চন আৰু ১৯৬০ চনৰ ভিতৰত জনসংখ্যা অতি দ্রুত গতিত বৃদ্ধি পাই দুগুণ হৈছে। বৰ্তমান পৃথিৱীৰ জনসংখ্যা বছৰি প্ৰায় ৮০ নিযুততকৈও অধিক হাৰত বৃদ্ধি হৈছে। ঊনৈশ শতিকাত পৃথিৱীৰ জনসংখ্যা বর্তমানেও বৃদ্ধি পাই আছে।

প্রশ্ন ৮। ১৬৫০ চনৰপৰা পৃথিৱীৰ জনসংখ্যা কেনেদৰে বৃদ্ধি হৈছিল লিখা।

উত্তৰ। ১৬৫০ চনৰপৰা পৃথিৱীত জনসংখ্যা ক্রমান্বয়ে বৃদ্ধি পাইছিল। ১৬৫০ চনত পৃথিৱীৰ জনসংখ্যা আছিল প্ৰায় ৫০০ নিযুত। ১৬৫০ চনৰপৰা ১৭৫০ চনলৈ পৃথিৱীৰ জনসংখ্যা বৃদ্ধি পাই ৭২৪ নিযুত হয়। এই সময়খিনিত জনসংখ্যা ৩১ শতাংশ হাৰত বৃদ্ধি পাইছিল। ১৭৫০ চনৰপৰা ১৯০০ চনলৈ এই সংখ্যা ক্ৰমাৎ বাঢ়ি গৈ ১৬০-১ কোটি হয় আৰু ১৯৭৭ চনত পৃথিৱীৰ জনসংখ্যা ৪১২-৪ কোটি হয় অর্থাৎ ১৬৫০ চনৰপৰা ১৯৭৭ চনলৈ পৃথিৱীৰ জনসংখ্যা ৫৪.৫ কোটিৰপৰা ৪১২.৪ কোটিলৈ বৃদ্ধি পায়। এইদৰে প্ৰায় ২৫০ বছৰ মানৰ ভিতৰতে পৃথিৱীৰ জনসংখ্যা অতি দ্রুত গতিত বৃদ্ধি পাইছে আৰু ১৯৯৯ চনৰ লোকপিয়ল মতে পৃথিৱীৰ জনসংখ্যা ৬০০ কোটি হয়গৈ ।

তলৰ তালিকাত ১৬৫০ চনৰপৰা পৃথিৱীৰ জনসংখ্যা বৃদ্ধি দেখুওৱা হ’ল-

প্রশ্ন ৯। জনসংখ্যা বৃদ্ধিৰ মূল পৰ্যায়কেইটা চমুকৈ লিখা। 

উত্তৰ। জন্ম-মৃত্যুৰ হাৰৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি জনসংখ্যা বৃদ্ধিক চাৰিটা পৰ্যায়ত ভাগ কৰা হৈছে। সেই পর্যায়কেইটা হ’ল-

১। অর্থনৈতিকভাৱে দুর্বল দেশবোৰত মৃত্যুৰ হাৰ বেছি হোৱা বাবে। এনেবোৰ দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি কম।

২। আর্থিক উন্নতিৰ লগে লগে চিকিৎসা-বিজ্ঞানৰ উন্নতি হয় আৰু ইয়াৰ ফলত স্বাস্থ্য ৰক্ষা আৰু বেমাৰ-আজাৰ প্ৰতিৰোধ পদ্ধতিৰ উন্নতি হয়। ফলস্বৰূপে মৃত্যুৰ হাৰ কমি আহে আৰু জনসংখ্যা দ্রুত গতিত বৃদ্ধি হোৱা দেখা যায়।

৩। জন্মৰ হাৰ কমি যোৱাটো উন্নয়নৰ তৃতীয় পৰ্যায়ৰ লক্ষণ বুলি ধৰা হয়। উন্নত দেশবোৰত মৃত্যুৰ হাৰ কমি যোৱাৰ লগে লগে জন্মৰ হাৰো যথেষ্ট পৰিমাণে কমি গৈছে আৰু ইয়াৰ ফলত জনসংখ্যা বৃদ্ধিৰ হাৰ কমি গৈছে।

৪। কিছুদিন উন্নত দেশত, যেনে— ইউৰোপ, আমেৰিকা, অষ্ট্ৰেলিয়া আদি দেশত জন্মৰ হাৰ অতি কম। কিছুমান দেশত জন্মৰ হাৰ আৰু মৃত্যুৰ হাব সমান হোৱা দেখা যায় আৰু তেনেবোৰ দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ শূন্য হয়। এনে পর্যায়ক জনসংখ্যা বৃদ্ধিৰ চতুৰ্থ পৰ্যায় বুলি কোৱা হয়।

প্রশ্ন ১০। সকলো দেশতে জনসংখ্যা বৃদ্ধিৰ হাৰ একে নোহোৱাৰ কাৰণবোৰ ব্যাখ্যা কৰা।

উত্তৰ। জনসংখ্যা বৃদ্ধিৰ হাৰ সকলো দেশতে একে নহয়। উন্নয়নশীল দেশসমূহত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি বেছি। ইয়াৰ প্ৰধান কাৰণসমূহ হৈছে—বেছিভাগ উন্নয়নশীল দেশ উষ্ণ জলবায়ু অঞ্চলত। উষ্ণ আৰু সেমেকা জলবায়ু থকা দেশবোৰত জনসংখ্যাৰ স্বাভাবিক বৃদ্ধিৰ হাৰ বেছি হয়। আকৌ অতিমাত্রা গৰম আৰু অতিমাত্ৰা সেমেকা বৰষুণ বেছি হোৱা অঞ্চলৰ দেশবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ কম হয়। শুকান আৰু অতি শীতল মেৰু অঞ্চলত জনসংখ্যা বৃদ্ধিৰ স্বাভাৱিক হাৰ কম হোৱা দেখা যায়।

জনসংখ্যা বৃদ্ধিৰ আন এক কাৰণ হৈছে প্ৰব্ৰজন। অনুন্নত বা উন্নয়নশীল দেশসমূহৰপৰা উন্নত দেশলৈ জনসংখ্যাৰ প্ৰব্ৰজনে জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধিৰ হাৰ বঢ়ায়। তাৰোপৰি উন্নত দেশৰ তুলনাত উন্নয়নশীল দেশসমূহৰ জনসাধাৰণৰ শিক্ষা-দীক্ষা কম হোৱাৰ বাবে জন্ম নিয়ন্ত্ৰণ আৰু জনসংখ্যা সীমিতকৰণৰ ওপৰত গুৰুত্ব নিদিয়াৰ ফলতেই জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হয়। উন্নত দেশবোৰত জনসাধাৰণ শিক্ষিত আৰু অৰ্থনৈতিক কর্মব্যস্ততাৰ বাবে তেনে দেশবোৰত জনসংখ্যা অতি কম হাৰত বৃদ্ধি পায়। এই দেশৰ লোকসকল শিক্ষিত হোৱাৰ ফলত জন্মনিয়ন্ত্ৰণৰ কৌশল সহজে বুজি পায় আৰু কম বয়সত বিয়া নাপাতে। সেইবাবে কিছুমান উন্নত দেশত (বিশেষকৈ ইউৰোপত) জনসংখ্যা বৃদ্ধিৰ হাৰ ঋণাত্মক হৈছে।

এইবোৰৰ উপৰিও ধৰ্ম, সমাজ ব্যৱস্থা আদিয়েও বিভিন্ন দেশত জনসংখ্যা – বৃদ্ধিত প্ৰভাৱ পেলায়। যিবোৰ সমাজত বাল্যবিবাহ, বহুবিবাহ আদি কুসংস্কাৰৰ প্ৰচলন আছে আৰু যিবোৰ সমাজত জন্ম নিয়ন্ত্রণ, বন্ধ্যাকৰণ আদি পাপ বুলি গণ্য কৰে তেনেবোৰ সমাজ ব্যৱস্থা থকা দেশবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। আনহাতে পশ্চিমীয়া উন্নত দেশবোৰত এনেধৰণৰ সামাজিক ব্যাধি নাই কাৰণে সেই দেশবোৰত জনসংখ্যা বৃদ্ধি অতি কম হোৱা দেখা যায়।

প্রশ্ন ১১। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু কাৰণবোৰ চমুকৈ লিখা ।

উত্তৰ। ভাৰতবৰ্ষত প্ৰতি দহ বছৰৰ মূৰে মূৰে জনসংখ্যা গণনা বা লোকপিয়ল কৰা হয়। ১৯০১ চনৰপৰা ভাৰতৰ জনসংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। অৱশ্যে ১৯১১-১৯২১ দশকটোত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিছু পৰিমাণে হ্ৰাস পাইছে। স্বাধীনতাৰ পিছৰ কালছোৱাত অর্থাৎ ১৯৫১ চনৰ পিছৰপৰা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ দ্ৰুতত হয়। ১৯৫১ চনৰ আগলৈকে জন্মৰ হাৰ বেছি আছিল যদিও মৃত্যুৰ হাৰো অধিক আছিল, ফলত স্বাভাবিক বৃদ্ধি অতি কম আছিল। সেই সময়ছোৱাত শিশু আৰু মাতৃৰ মৃত্যুৰ সংখ্যা বেছি আছিল। মহামাৰী, কলেৰা আৰু বিভিন্ন ৰোগত বহুতো মানুহৰ মৃত্যু হৈছিল। ১৯০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা আছিল ৩২.৮ কোটি কিন্তু ১৯৯১ চনৰ পিয়লত ভাৰতৰ মুঠ জনসংখ্যা প্রায় ৮৪.৬৩ কোটি হয়। যোৱা দশকটোত ভাৰতৰ জনসংখ্যাই ১০০ কোটি অতিক্রম কৰে।

ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণসমূহ হ’ল জন্মৰ হাৰ অতি বেছি, চিকিৎসা-বিজ্ঞানৰ উন্নতিৰ বাবে মৃত্যুৰ হাৰ অতি কম আৰু আন্তঃপ্ৰব্ৰজন। ভাৰতবৰ্ষলৈ চুবুৰীয়া দেশ বাংলাদেশ, ম্যানমাৰ আৰু নেপালৰ পৰা বহুতো লোক আহি ভাৰতৰ জনসংখ্যা বৃদ্ধি কৰিছে।

প্রশ্ন ১২। অসমৰ জনসংখ্যা দ্ৰুত গতিত বৃদ্ধিৰ কাৰণবোৰ চমুকৈ লিখা।

উত্তৰ। বিংশ শতিকাৰ প্ৰতিটো দশকতে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ হৈছে—জন্মৰ উচ্চ হাৰ, নিম্ন মৃত্যুৰ হাৰ, চিকিৎসা-বিজ্ঞানৰ ব্যাপক উন্নতি, পৰিবহণ ব্যৱস্থাৰ আৰু চুবুৰীয়া ৰাষ্ট্ৰৰ (বা ৰাজ্যৰ) পৰা প্ৰব্ৰজন। অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশেৰপৰা বহুতো পমুৱা লোক অসমলৈ প্ৰব্ৰজন হৈছে আৰু বর্তমানেও এই লোকসকল আহি আছে। ইয়াৰ ফলত অসমৰ জনসংখ্যা ত গতিত বৃদ্ধি পাইছে। তাৰোপৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা চাহ বনুৱাৰ প্ৰব্ৰজন আৰু নেপালৰপৰা অহা গাখীৰ ব্যৱসায়ীসকলে অসমৰ জনসংখ্যাৰ আকাৰ বৃহৎ কৰিছে; অর্থাৎ স্বাভাৱিক বৃদ্ধিৰ লগতে প্ৰব্ৰজনৰ বাবে অসমৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে।

প্রশ্ন ১৩। আদিম অৱস্থাত জনসংখ্যা বৃদ্ধিৰ হাৰ কিয় কম আছিল? 

উত্তৰ। আদিম অৱস্থাত মানুহে হাবিয়ে-জংগলে ঘূৰি ফুৰিছিল আৰু তেতিয়া সেই মানুহবোৰে চিকাৰ কৰি, মাছ মাৰি আৰু ফলমূল সংগ্ৰহ কৰি এক নিৰাপত্তাহীন জীৱন যাপন কৰিছিল। সেই অৱস্থাত মানুহবোৰ অর্থনৈতিকভাৱে দুর্বল আছিল, জন্মৰ হাৰ অধিক আছিল যদিও মৃত্যুৰ হাৰো অধিক আছিল। হিংস্ৰ জন্তুৰ আক্ৰমণ, মহামাৰী আৰু বিভিন্ন ধৰণৰ বেমাৰ-আজাৰৰ বাবে মৃত্যুৰ সংখ্যা বেছি আছিল। জন্ম আৰু মৃত্যুৰ হাৰ একে থকা বাবে আদিম অৱস্থাত জনসংখ্যা বৃদ্ধিৰ হাৰ কম আছিল। 

প্রশ্ন ১৪। জনসংখ্যা বৃদ্ধি কিহৰ ওপৰত নিৰ্ভৰ কৰে বহলাই লিখা।

উত্তৰ। জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ওপৰত। জন্মৰ হাৰ যদি বেছি হয় আৰু মৃত্যুৰ হাৰ কম হ’লে জনসংখ্যা

দ্রুত গতিত বৃদ্ধি পায়। আনহাতে জন্মৰ হাৰ কম হ’লে আৰু মৃত্যুৰ হাৰ বেছি হ’লে জনসংখ্যা বৃদ্ধি ঋণাত্মক হয়। আকৌ হাৰ মৃত্যুৰ হাৰ সমান হ’লে জনসংখ্যা বৃদ্ধি শূন্যৰ সমান হয়। জনসংখ্যা বৃদ্ধিৰ এটা কাৰক হ’ল প্ৰব্ৰজন। অন্তঃমুখী প্ৰব্ৰজন (In-migration) অধিক হ’লে জনসংখ্যা বৃদ্ধি পায় আৰু বহিঃপ্ৰব্ৰজন (Out-migration) অধিক হ’লে জনসংখ্যা হ্রাস পায়। এইদৰে বিভিন্ন কাৰকৰ ওপৰত জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে। 

প্রশ্ন ১৫। পৃথিৱীৰ জনসংখ্যা বৃদ্ধিত কোনবোৰ দেশৰ অধিক অৰিহণা আছে? 

উত্তৰ। সাধাৰণতে তৃতীয় বিশ্বৰ দেশ বা উন্নয়নশীল দেশবোৰৰ জনসংখ্যা বৃদ্ধিত অধিক অৰিহণা আছে। এই দেশসমূহৰ জনবসতি অতি খন আৰু প্ৰায়বোৰ দেশৰে আকাৰ অতি বিশাল। এনেবোৰ দেশত আর্থিক উন্নতিৰ লগে লগে স্বাস্থ্য ৰক্ষা আৰু বেমাৰ-আজাৰ প্ৰতিৰোধ পদ্ধতিৰ উন্নতি হয় আৰু ইয়াৰ ফলত মৃত্যুৰ হাৰ কমি আহে। এই দেশবোৰৰ জনসাধাৰণ উন্নত দেশবোৰৰ তুলনাত কম শিক্ষিত হোৱা বাবে জন্মৰ হাৰ উচ্চ হয় আৰু ফলস্বৰূপে জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধিৰ হাৰ অধিক হয়।

প্রশ্ন ১৬। জনসংখ্যাৰ বিস্ফোৰণ (Population Explosion) বুলিলে কি বুজা ?

উত্তৰ। দ্ৰুত গতিত হোৱা জনসংখ্যাৰ বৃদ্ধিকেই জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়। উন্নয়নশীল দেশ বা তৃতীয় বিশ্বৰ দেশসমূহত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি বেছি। এনেদৰে দ্ৰুত গতিত হোৱা বৃদ্ধিৰ বাবে দেশৰ ঠাই অনুসৰি জনসংখ্যাৰ আকাৰ বৃদ্ধি পাইছে। এনে দেশবোৰত হোৱ জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ বাবে পৃথিৱীত জনসংখ্যাৰ বিস্ফোৰণ হোৱা বুলি কোৱা হয়।

প্রশ্ন ১৭। কি কি কাৰণে জনসংখ্যা বৃদ্ধি অতি দ্রুততৰ হৈছে?

উত্তৰ। কৃষি সামগ্ৰীৰ অধিক উৎপাদনৰ ফলস্বৰূপে ব্যৱসায়-বাণিজ্যৰ উদ্ভৱ হয়। ব্যৱসায়-বাণিজ্য কৰাৰ ফলত মানুহ আর্থিকভাৱে উন্নত হ’ল আৰু অৰ্থনৈতিক উন্নতিৰ লগে লগে মানুহে অধিক নিৰাপত্তা লাভ কৰিলে। মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হোৱাৰ লগে লগে মৃত্যুৰ হাৰ যথেষ্ট পৰিমাণে কমি গ’ল আৰু ফলস্বৰূপে জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক দ্রুততৰ হ’ল।

প্রশ্ন ১৮। বর্তমান যুগত কি কাৰণে জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমাৎ কমি আহিছে?

উত্তৰ। বৰ্তমান যুগত কিছুমান দেশত জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড অধিক উন্নত হৈছে। এনেবোৰ দেশৰ লোক অতি শিক্ষিত আৰু অর্থনৈতিক কার্যত ব্যস্ত হোৱা বাবে জন্ম নিয়ন্ত্রণ ব্যৱস্থা সম্পূর্ণৰূপে প্রয়োগ কৰে আৰু সৰু পৰিয়াল পছন্দ কৰে। তাৰোপৰি এনেবোৰ দেশত মৃত্যুৰ হাৰ অধিক কম হোৱা দেখা যায়। সেইবাবে বর্তমান যুগত কিছুমান দেশত দুজনৰপৰা এটা সন্তানহে জন্ম পায় আৰু ইয়াৰ ফলত জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমাৎ কমি আহে।

প্রশ্ন ১৯। জনসংখ্যা বৃদ্ধিৰ চতুৰ্থ পৰ্যায়টো লিখা। 

উত্তৰ। জনসংখ্যা বৃদ্ধিৰ যিটো পৰ্যায়ত বৃদ্ধিৰ হাৰ শূন্য হয়, সেই পর্যায়টোক চতুর্থ পর্যায় বোলে। এই পৰ্যায়ত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ সমান হয়। উদাহৰণস্বৰূপ ইউৰোপ মহাদেশৰ অষ্ট্ৰিয়াত জনসংখ্যা বৃদ্ধিৰ হাৰ শূন্য।

প্রশ্ন ২০। জনসংখ্যা বৃদ্ধিত ধৰ্মই কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰ। ধৰ্মই জনসংখ্যা বৃদ্ধিত যথেষ্ট প্রভাৱ পেলায়। উদাহৰণস্বৰূপে ভাৰত, বাংলাদেশ আদি দেশত ইছলাম ধৰ্মীয় লোকসকলৰ মাজত জন্মৰ হাৰ হিন্দু বা খ্ৰীষ্টান ধৰ্মৰ লোকতকৈ অধিক হোৱা দেখা যায়। ইছলাম ধৰ্মাৱলম্বী লোকে সৰুতে বিয়া পতা, মহিলাসকল কম শিক্ষিত হোৱা, জন্ম নিয়ন্ত্রণ সম্পর্কে কম সচেতন বা অজ্ঞ হোৱা বাবে ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা আন ধৰ্মীয় লোকৰ সংখ্যাতকৈ অধিক হয়। তাৰোপৰি ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত অন্ধবিশ্বাস আছে। তেওঁলোকে সন্তান জন্ম হোৱাটো ভগৱান বা আল্লাৰ দান বুলি গণ্য কৰে আৰু সেইবাবে সন্তানৰ সংখ্যা বৃদ্ধি পায়। এইদৰে কিছুমান ধর্মই জনসংখ্যা বৃদ্ধিত প্ৰভাৱ পেলায়।

 চমু উত্তৰ দিয়া :

প্রশ্ন ১। মানৱ সম্পদ কি?

উত্তৰ। কোনো এখন দেশৰ মুঠ কর্মঠ জনসংখ্যাকে দেশখনৰ মানৱ সম্পদ বুলি কোৱা হয়। দেশৰ মুঠ জনসংখ্যা অর্থনৈতিকভাৱে সক্রিয় হ’লে সেই দেশখনক মানৱ সম্পদত চহকী বুলি গণ্য কৰা হয়।

প্রশ্ন ২। দেশৰ জনসংখ্যাক কিয় মানৱ সম্পদ বুলি ধৰা হয়?

উত্তৰ। দেশৰ জনসংখ্যাক মানৱ সম্পদ বুলি ধৰা হয়। কাৰণ উৎপাদনৰ এক কাৰক হিচাপে মানৱ সম্পদ ব্যৱহৃত হয়। কোনো দেশ মানৱ সম্পদত চহকী হ’লে সেই দেশৰ উৎপাদন কার্যত প্রয়োজন হোৱা মানুহৰ চাহিদা পূৰণ কৰিব পাৰে, ফলস্বৰূপে উৎপাদনৰ পৰিমাণ বৃদ্ধি পায় আৰু ইয়ে জাতীয় আয় বৃদ্ধিত সহায় কৰে। সেয়ে দেশৰ মুঠ কর্মঠ জনসংখ্যাক মানৱ সম্পদ বুলি গণ্য কৰা হয় ।

প্রশ্ন ৩। চীন দেশৰ পূর্ব অংশত জনসংখ্যা অত্যাধিক হোৱাৰ কাৰণ কি?

উত্তৰ। চীন দেশৰ পূৱ অংশত জনসংখ্যা অত্যাধিক। ইয়াৰ কাৰণ হৈছে চীন দেশৰ পূৱ অংশত অৱস্থিত হোৱাংহো, ইয়াং-চিকিয়াং নদীৰ উপত্যকা অঞ্চলসমূহ অধিক সাৰুৱা আৰু খেতি-বাতি প্ৰচুৰ পৰিমাণে হয়। জনসাধাৰণৰ জীৱনযাপনৰ সুব্যৱস্থা তথা সকলো সা-সুবিধা থকাৰ কাৰণে চীন দেশৰ পূৱ অংশ অত্যাধিক জনসংখ্যাপূর্ণ।

প্রশ্ন ৪। জনসংখ্যাৰ ঘনত্ব কেনেকৈ উলিয়াব পাৰি?

উত্তৰ। কোনো ঠাই বা দেশৰ মাটিকালিৰে সেই ঠাই বা দেশৰ মুঠ জনসংখ্যাক ভাগ কৰিলে পোৱা ভাগফলকেই জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয় আৰু এনেদৰে জনসংখ্যাৰ ঘনত্ব উলিয়াব পাৰি। অৰ্থাৎ জনসংখ্যাৰ ঘনত্ব হৈছে কোনো এখন ঠাইৰ মাটিকালি আৰু সেই ঠাইখনৰ মুঠ জনসংখ্যাৰ অনুপাত। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিল’মিটাৰত প্ৰকাশ কৰা হয়। অর্থাৎ,

জনসংখ্যাৰ ঘনত্ব =মুঠ জনসংখ্যা /দেশৰ মুঠ আয়তন

প্রশ্ন ৫। চীন দেশৰ পশ্চিম অংশত কিয় জনবসতি পাতল?

উত্তৰ। চীন দেশৰ পশ্চিম অংশত জনবসতি পাতল। কাৰণ সেই দেশ পশ্চিম অংশত নদী উপত্যকাৰ সংখ্যা কম হোৱা বাবে কৃষিভূমি অনুৰ্বৰ, যোগাযোগ তথা যাতায়তৰ ব্যৱস্থা সুচল নহয় আৰু ব্যৱসায়-বাণিজ্যৰ বাবেও কোনো সা-সুবিধা নাই। উৰ্বৰতাহীন ভূমি আৰু জনবসতিৰ বাবে অনুপযুক্ত জলবায়ু তথা অন্যান্য সা-সুবিধাবোৰৰ অনুপস্থিতিৰ বাবে চীন দেশৰ পশ্চিম অংশত জনবসতি পাতল।

প্রশ্ন ৬। অৰুণাচল প্ৰদেশত জনসংখ্যাৰ ঘনত্ব একেবাৰে কম হোৱাৰ কাৰণ কি?

উত্তৰ। অৰুণাচল প্ৰদেশত জনসংখ্যাৰ ঘনত্ব একেবাৰে কম হোৱাৰ প্ৰধান কাৰণ হৈছে ভৌগোলিক অৱস্থান, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত থকা অসুবিধা। অৰুণাচল প্ৰদেশত অত্যাধিক পৰিমাণে পাহাৰীয়া অঞ্চল থকা হেতুকে সমতল কৃষিভূমিৰ অভাৱ পৰিলক্ষিত হয় আৰু ইয়াৰ ফলস্বৰূপে স্বাভাৱিক জীৱন নিৰ্বাহ কষ্টকৰ হয়।

প্রশ্ন ৭। কি কি কাৰণত এডোখৰ ঠাইত জনবসতি ঘন হয়? 

উত্তৰ। এডোখৰ ঠাইত জনবসতি ঘন হোৱাৰ প্ৰধান কাৰণসমূহ হৈছে—ভৌগোলিক অৱস্থান, ভূ-প্রকৃতি, মৌচুমী জলবায়ু, পানীৰ সহজলভ্যতা, কৃষিভূমিৰ উৰ্বৰতা, খনিজ পদাৰ্থৰ প্ৰাচুৰ্যতা, উন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা, ব্যৱসায়-বাণিজ্যৰ সুযোগ-সুবিধা আদি। জনসাধাৰণৰ জীৱন নিৰ্বাহৰ অৰ্থে প্ৰয়োজনীয় সকলোবোৰ সা-সুবিধা কোনো ঠাইত সহজলভ্য আৰু অপর্যাপ্ত হ’লে সেই ঠাইত জনবসতি ঘন হয়।

প্রশ্ন ৮। বিষুবীয় অঞ্চলত কিয় পাতল হয় ?

উত্তৰ। বিষুবীয় অঞ্চলত উত্তাপৰ পৰিমাণ অতিমাত্ৰা হোৱা বাবে মানুহৰ জীৱন নিৰ্বাহ কৰা অতি কষ্টকৰ হয়। অত্যধিক গৰম হোৱা বাবে মানুহে স্বাভাৱিক জীৱনযাপন কৰাত ব্যাঘাত পায়। বিষুবীয় অঞ্চলত গোটেই বছৰ ধৰি অধিক বৃষ্টিপাত আৰু অত্যাধিক গৰমৰ বাবে কৃষিকাৰ্যত অসুবিধা পায় আৰু সেয়ে এই অঞ্চলত জনবসতি পাতল হয়।

 উত্তৰ লিখা :

প্রশ্ন ১। জনসংখ্যা বিতৰণত প্ৰাকৃতিক আৰু সাংস্কৃতিক কাৰকৰ প্রভাব কেনে ধৰণৰ ব্যাখ্যা কৰা ।

উত্তৰ। জনসংখ্যা বিতৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা প্ৰাকৃতিক কাৰক (Natural factor) আৰু সাংস্কৃতিক কাৰক (Cultural factor) সমূহ হৈছে—

১। প্রাকৃতিক কাৰক : প্রাকৃতিক কাৰকবোৰ হৈছে—ভূ-প্রকৃতি আৰু ইয়াৰ গঠন, ভূমি বা মাটি, জলবায়ু, পানীৰ প্ৰাচুৰ্য, খনিজ সম্পদৰ প্ৰাচুৰ্য আৰু ভৌগোলিক অৱস্থান।

পৃথিৱীত তিনিটা ভূ-প্রাকৃতিক অঞ্চল আছে— পার্বত্য অঞ্চল, মালভূমি অঞ্চল আৰু সমভূমি অঞ্চল। সমভূমি অঞ্চলত জনসংখ্যা অধিক হয়। ইয়াৰ কাৰণ হৈছে—সমভূমি অঞ্চলত খেতি-বাতি কৰা, পানী যোগান ধৰা, সহজ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা আৰু শিল্প উদ্যোগ গঢ়ি উঠাৰ যথেষ্ট সুবিধা আছে। যি অঞ্চলত মানুহৰ জীৱিকা নিৰ্বাহৰ বাবে সুবিধা থাকে তেনে অঞ্চলত জনসংখ্যা বেছি হয়; আনহাতে জীৱন নিৰ্বাহৰ বাবে কষ্টকৰ ঠাইত জনসংখ্যা কম হয়। সাধাৰণতে পাৰ্বত্য আৰু মালভূমি অঞ্চলত জনসংখ্যা কম হোৱা দেখা যায়।

যিবিলাক অঞ্চলত সাৰুৱা আৰু পলসুৱা মাটি বেছি পৰিমাণে থাকে, তাত জনসংখ্যা অধিক হয়। দক্ষিণ-পূৱ এছিয়াৰ নদী উপত্যকাৰ মাটি সাৰুৱা বাবে তাত জনসংখ্যা অধিক আৰু খেতি-বাতি কৰাৰ অসুবিধা থকা অনুৰ্বৰ মাটিত জনসংখ্যা কম হয়।

জলবায়ুৰ ওপৰত কোনো ঠাইৰ জনসংখ্যা কম-বেছি হোৱাটো নিৰ্ভৰ কৰে। অতি উষ্ণ বা অতি শীতল জলবায়ুৰ অঞ্চলত জনসংখ্যা কম হয় আৰু নাতিশীতোষ্ণ অঞ্চলত জনসংখ্যা অধিক হোৱা দেখা যায়। আকৌ অধিক বৃষ্টিপাত হোৱা ঠাইবিলাকৰ জনসংখ্যা অধিক আৰু গোটেই বছৰ জুৰি বৰষুণ হোৱা অঞ্চলৰ জনবসতি কম হয়।

পানীৰ প্ৰাচুৰ্য থকা অঞ্চলত জনবসতি ঘন হয় কাৰণ জীয়াই থাকিবলৈ বিভিন্ন কামত পানীৰ প্ৰয়োজন হয়।

খনিজ পদার্থত চহকী অঞ্চলবোৰত জনসংখ্যা অধিক হয় আৰু যিবোৰ ঠাইত খনিজ পদার্থ পোৱা নাযায় তেনেবোৰ ঠাইত জনসংখ্যা কম হয়।

জনসংখ্যা বিতৰণত ভৌগোলিক অৱস্থানৰ অধিক গুৰুত্ব আছে। ভৌগোলিক অৱস্থানৰ ধৰণসমূহ দ্বীপীয় আৰু উপদ্বীপীয়, মহাদেশীয়, উপকূলীয়, পার্বত্য, মালভূমিয়, সমভূমিয় আদি। পাৰ্বত্য আৰু মালভূমিয় অঞ্চলত জনসংখ্যা কম হয় আৰু সমভূমিয় অঞ্চলত জনসংখ্যা অধিক হয়।

২। সাংস্কৃতিক কাৰক : সাংস্কৃতিক কাৰকবোৰ হৈছে— পৰিবহণ আৰু যোগাযোগ, নগৰীকৰণ, ব্যৱসায়-বাণিজ্য, উদ্যোগ-শিল্প আৰু শক্তি আৰু প্ৰশাসনীয় অঞ্চল।

যিবিলাক ঠাইত উন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা থাকে তেনেবোৰ ঠাইত জনসংখ্যা অধিক হয়, আনহাতে পৰিবহণৰ সুবিধা নথকা ঠাইত জনসংখ্যা কম হয়। আকৌ নগৰীকৰণৰ লগে লগে নগৰবাসীয়ে বিভিন্ন সা-সুবিধা লাভ কৰাৰ ফলত নগৰত জনসংখ্যা অধিক হয়।

সুচল ব্যৱসায়-বাণিজ্য আৰু বজাৰ থকা অঞ্চলত জনসংখ্যা বেছি হোৱা, দেখা যায়। বজাৰ স্থাপনৰ লগে লগে মানুহে বজাৰৰ কেন্দ্ৰৰ ফালে আগবাঢ়ে, ফলস্বৰূপে সেই ঠাইত জনসংখ্যা অধিক হয়।

যিলিাক ঠাইত খনিজ সম্পদ যথেষ্ট পৰিমাণে পোৱা যায় তেনেবোৰ ঠাইত বিভিন্ন উদ্যোগ গঢ়ি উঠে আৰু খনিত কাম কৰা মানুহৰ সংখ্যা বৃদ্ধি পায়। ফলস্বৰূপে ঠাইখনৰ জনসংখ্যা অধিক হোৱা দেখা যায়।

আকৌ প্রশাসনীয় কার্যালয় আৰু শিক্ষাৰ কেন্দ্ৰ গঢ়ি উঠা অঞ্চলবোৰত জনসংখ্যা অধিক হয়। প্রশাসনীয় অঞ্চল গঢ় লৈ উঠাৰ লগে লগে কৰ্মচাৰীসকলৰ বাবে আবাস গৃহ নিৰ্মাণ হয় আৰু প্ৰশাসনীয় কাম-কাজত জড়িত লোকসকলো সেই ঠাইৰ ওচৰে-পাজৰে থাকিবলৈ লয় আৰু অঞ্চলটোত ক্রমান্বয়ে জনসংখ্যা বাঢ়িবলৈ ধৰে। এনেদৰে প্ৰাকৃতিক আৰু সাংস্কৃতিক কাৰকসমূহে জনসংখ্যা বিতৰণত প্ৰভাৱিত কৰে।

প্রশ্ন ২। “পৃথিৱীত এনেকুৱা কিছুমান ঠাই আছে য’ত মাটিৰ পৰিমাণ কম, কিন্তু জনসংখ্যা অধিক, আকৌ কিছুমান ঠাই আছে য’ত মাটিৰ পৰিমাণ অধিক কিন্তু জনসংখ্যা একেবাৰে নগণ্য” – উদাহৰণসহ ইয়াৰ কাৰণ দৰ্শোৱা।

উত্তৰ। জনসংখ্যাৰ ঘনত্ব নিৰ্ভৰ কৰে কিছুমান ভৌগোলিক আৰু অর্থনৈতিক কাৰকৰ ওপৰত। কিছুমান দেশত মাটিৰ পৰিমাণ কম কিন্তু জনসংখ্যা অধিক। ইয়াৰ প্ৰধান কাৰণ হৈছে ভৌগোলিক অবস্থান, জলবায়ু, মাটিৰ গুণাগুণ, পানী আৰু খনিজ সম্পদৰ প্ৰাচুৰ্যতা, উন্নত যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা, বজাৰ-ব্যৱসায় আদিৰ সুবিধা আদি ।

ভৌগোলিক অৱস্থান অনুসৰি যিবিলাক ঠাই (বা দেশ) পৰ্বত/পাহাৰ, মালভূমিৰ দ্বাৰা গঠিত আৰু য’ত আহল-বহল নদীৰ অভাৱ দেখা যায়, সেইবিলাক ঠাইত জনবসতি কম হয়। এনেকুৱা ঠাইবিলাক অর্থনৈতিক দিশত পিছপৰা আৰু জনসাধাৰণৰ জীৱন নিৰ্বাহ অতি কষ্টকৰ। উদাহৰণস্বৰূপে এছিয়া মহাদেশৰ ৰাচিয়া, বিষুবীয় অঞ্চল, গ্ৰীণলেও আদিৰ মাটিকালিৰ পৰিমাণ অধিক সত্ত্বেও জনসংখ্যাৰ ঘনত্ব অতি কম।

জলবায়ুৰ ওপৰতো জনসংখ্যাৰ ঘনত্ব কম-বেছি হোৱাটো নিৰ্ভৰ কৰে। যিবিলাক ঠাইৰ জলবায়ু অতিশয় উষ্ণ বা অতিশয় শীতল হয় তাত জনসংখ্যাৰ ঘনত্ব কম হয়। উদাহৰণস্বৰূপে গ্ৰীণলেণ্ডৰ জনসংখ্যাৰ ঘনত্ব অতি কম। আনহাতে নাতিশীতোষ্ণ জলবায়ু থকা অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি হয়। ইউৰোপ মহাদেশৰ দেশসমূহৰ জনসংখ্যাৰ ঘনত্ব অতি বেছি। আকৌ যিবিলাক ঠাইৰ মাটি সাৰুৱা, উৰ্বৰাশক্তি বেছি আৰু খেতিৰ বাবে উপযোগী, তেনেবোৰ ঠাইত জনসংখ্যাৰ ঘনত্ব বেছি হয়। উদাহৰণস্বৰূপে, ভাৰতবৰ্ষ ।

ব্যৱসায়-বাণিজ্যৰ সুবিধা থকা ঠাইসমূহত মাটিকালিৰ পৰিমাণ কম হ’লেও জনসংখ্যাৰ ঘনত্ব বেছি হয়। যিবিলাক ঠাইত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ সুবিধা নাই আৰু বজাৰ আদিৰ তেনেবোৰ ঠাইত মাটিকালি অধিক হ’লেও জনসংখ্যা কম হয়। উদাহৰণস্বৰূপে কানাডাৰ মধ্যভাগ, এছিয়াৰ মধ্যভাগৰ কিছুমান দেশৰ জনবসতি অতি পাতল।

এইদৰে বিভিন্ন কাৰকৰ বাবে কিছুমান ঠাইত মাটিকালি বেছি হ’লেও জনসংখ্যাৰ ঘনত্ব কম হয় আৰু মাটিকালি কম হ’লেও জনসংখ্যাৰ ঘনত্ব অধিক হয়।

প্রশ্ন ৩। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৱ অংশ আৰু ইউৰোপ মহাদেশৰ পশ্চিম অংশত জনসংখ্যা অধিক হোৱা ভৌগোলিক কাৰক কোনবিলাক ?

উত্তৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৱ অংশ আৰু ইউৰোপ মহাদেশৰ পশ্চিম অংশৰ জলবায়ু নাতিশীতোষ্ণ। নাতিশীতোষ্ণ জলবায়ুত জনসংখ্যাৰ ঘনত্ব অধিক হয়। মহাদেশসমূহৰ পূৱত থকা দেশবিলাক গৰমকালি আৰু পশ্চিমত থকা দেশবিলাকত শীতকালি বৰষুণ হোৱা কাৰণে এই অঞ্চলৰ জনসংখ্যা অধিক হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূৱ অঞ্চলত বহুতো বন্দৰ, পোতাশ্রয় আদি আছে। এই বন্দৰসমূহৰ যোগেদি ব্যৱসায়-বাণিজ্যৰ পথ

সূচল হয় আৰু অঞ্চলটোৰ বিকাশ সাধন হয়। সেই কাৰণেও জনসংখ্যাৰ ঘনত্ব বেছি। তাৰোপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এপেলেচিয়া পার্বত্য অঞ্চলত যথেষ্ঠ পৰিমাণে খনিজ পদার্থ পোৱা যায়। জনসংখ্যাৰ ঘনত্ব উচ্চ হোৱাৰ ইও এক প্রধান কাৰণ ।

প্রশ্ন ৪। পৃথিৱীৰ মজলীয়া জনবসতি থকা অঞ্চল কোনবিলাক ? 

উত্তৰ। পৃথিৱীৰ মজলীয়া জনবসতি থকা অঞ্চলসমূহ হৈছে—

(ক) ইউৰোপৰ কৃষ্ণ সাগৰীয় অঞ্চল। 

(খ) দক্ষিণ আফ্ৰিকাৰ ভূমধ্যসাগৰীয় অঞ্চল।

(গ) অষ্ট্ৰেলিয়াৰ মূৰে-ডার্লিং নদীৰ অৱবাহিকা অঞ্চল। মজলীয়া জনবসতি থকা অঞ্চলসমূহ প্ৰধানকৈ জলবায়ু আৰু মাটিৰ ওপৰত নিৰ্ভৰশীল।

প্রশ্ন ৫। চাইব্ৰেৰীয়াৰ ঠাইসমূহত জনসংখ্যা পাতল হোৱাৰ কাৰণ কি?

উত্তৰ। চাইবেৰীয়াৰ ঠাইসমূহৰ জনসংখ্যা পাতল হোৱাৰ মূল কাৰণ হৈছে— বাবে প্রতিকূল জলবায়ু, খেতি-বাতিৰ মাটিবোৰ অনুৰ্বৰ, যোগাযোগ তথা যাতায়ত ব্যৱস্থাৰ অসুবিধা আদি। চাইবেৰীয়াৰ সমতলভূমিবোৰত আহল-বহল নদীৰ অভাৱ, ব্যৱসায়-বাণিজ্যৰ সুবিধা নাই আৰু মানুহৰ জীৱন নিৰ্বাহ অতি কষ্টকৰ হোৱা হেতুকে জনসংখ্যা পাতল হয়।

প্রশ্ন ৬। জনসংখ্যাৰ অধিক ঘনত্ব সম্পন্ন কেইখনমান মহানগৰৰ নাম উল্লেখ কৰা ।

উত্তৰ। জনসংখ্যাৰ অধিক ঘনত্ব সম্পন্ন কেইখনমান মহানগৰ হৈছে—দিল্লী, গুৱাহাটী, কলকাতা, মুম্বাই, চেন্নাই আদি।

প্রশ্ন ৭। দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ জনসংখ্যাৰ ঘনত্ব অধিক হোৱাৰ কাৰণ কি?

উত্তৰ। দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ জনসংখ্যাৰ ঘনত্ব বেছি। ইয়াৰ প্ৰধান কাৰণ হৈছে এই দেশসমূহৰ জলবায়ু জনবসতিৰ বাবে সুবিধাজনক। মৌচুমী জলবায়ুৰ কাৰণে এই দেশসমূহত কৃষি উৎপাদন অধিক পৰিমাণে হয়। এনেবোৰ দেশত কৃষি উৎপাদন অধিক হোৱা বাবে বেহা-বেপাৰ, যাতায়ত তথা যোগাযোগ আদি যথেষ্ট সুবিধাজনক হয়। এনেবোৰ সুবিধাৰ কাৰণে এই দেশসমূহত শিল্প উদ্যোগ দিনক দিনে বাঢ়ি আহে আৰু ইয়াৰ ফলস্বৰূপে জনসংখ্যাৰ ঘনত্ব বৃদ্ধি পায়।

প্রশ্ন ৮। পৃথিৱীৰ দুখন দ্বীপীয়, দুখন উপদ্বীপীয় আৰু দুখন মহাদেশীয় অবস্থানযুক্ত দেশৰ নাম লিখা ।

উত্তৰ। দুখন দ্বীপীয় অৱস্থানযুক্ত দেশ—

(i) জাপান

(ii) ব্ৰিটিছ দ্বীপপুঞ্জ

দুখন উপদ্বীপীয় অৱস্থানযুক্ত দেশ

(i) ভাৰতবৰ্ষ

(ii) ইটালী

মহাদেশীয় অবস্থানযুক্ত দুখন দেশ হৈছে–

(i) ৰুছ দেশ

(ii) আফ্ৰিকাৰ চাদ।

প্রশ্ন ৯। বৰ্তমানলৈকে চিনাক্ত হোৱা ঘন জনবসতিৰ অঞ্চলবিলাক কি কি?

উত্তৰ। বৰ্তমানলৈকে চিনাক্ত হোৱা ঘন জনবসতিৰ অঞ্চলসমূহ হৈছে—ভাৰতবৰ্ষ, বাংলাদেশ, চীনদেশ, জাপান, পাকিস্থান, কোৰিয়া, মালয়েছিয়া, ইন্দোনেছিয়া, ফ্রান্স, গ্রেট ব্রিটেন, উত্তৰ আমেৰিকা হ্ৰদীয় অঞ্চল, চেণ্ট লৰেন্সীয় নিম্নভূমি অঞ্চল, যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূৱৰ শিল্পাঞ্চল, নীল নদীৰ নিম্ন উপত্যকা অঞ্চল, টাইগ্রীচ আৰু ইউফ্রেটিচ নদীৰ উপত্যকা অঞ্চল।

প্রশ্ন ১০। মজলীয়া জনবসতি থকা কেইটামান অঞ্চলৰ নাম লিখা । উত্তৰ। মজলীয়া জনবসতি থকা কেইটামান অঞ্চল হৈছে—

১। ইউৰোপীয় কৃষ্ণ সাগৰীয় অঞ্চল,

২। দক্ষিণ আফ্ৰিকাৰ শিল্পাঞ্চল,

৩। ভূমধ্যসাগৰীয় অঞ্চলসমূহ আৰু

৪। মূৰে-ডার্লিং নদীৰ নিম্নাঞ্চল। 

প্রশ্ন ১১। পাতল জনবসতি থকা কেইটামান অঞ্চলৰ নাম লিখা ।

উত্তৰ। পাতল জনবসতি থকা কেইটামান অঞ্চল হৈছে—

১। ক্রান্তীয় মৰুভূমি অঞ্চল,

২। মধ্য অক্ষাংশৰ মৰু অঞ্চল,

৩। তুন্দ্রা অঞ্চল,

৪। উচ্চ পার্বত্য অঞ্চল গ্রীণলেণ্ড,

৫। বিষুবীয় অঞ্চল আৰু

৬। এছিয়াত থকা ৰাচিয়া ।

প্রশ্ন ১২। জনসংখ্যা বিতৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান কাৰকসমূহ কি কি?

উত্তৰ। জনসংখ্যা বিতৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান কাৰকসমূহ হৈছে—

(ক) প্ৰাকৃতিক কাৰক (Physical Factor)

(খ) সাংস্কৃতিক কাৰক (Cultural Factor)

প্রশ্ন ১৩। প্রাকৃতিক কাৰকসমূহ কি কি?

উত্তৰ। প্ৰাকৃতিক কাৰকসমূহ হৈছে— ভূপ্রকৃতি আৰু ইয়াৰ গঠন, মাটি, জলবায়ু, পানীৰ প্ৰাচুৰ্য, খনিজ সম্পদৰ প্ৰাচুৰ্য আৰু ভৌগোলিক অৱস্থান।

প্রশ্ন ১৪। জনসংখ্যাৰ হেঁচা অত্যাধিক হোৱা অঞ্চলসমূহ কি কি? 

উত্তৰ। জনসংখ্যাৰ হেঁচা অত্যাধিক হোৱা অঞ্চলসমূহ হৈছে—

১। ভাৰতৰ সিন্ধু-গঙ্গা-ব্রহ্মপুত্র উপত্যকা,

২। উত্তৰ আমেৰিকাৰ মিছিছিপি উপত্যকা,

৩। টাইগ্রীচ-ইউফ্রেটিচ নদীৰ উপত্যকা অঞ্চল,

৪। মুৰে-ডার্লিং নদীৰ উপত্যকা অঞ্চল,

৫। চীন দেশৰ পূৱ অংশৰ হোৱাংহো, ইয়াং-চিকিয়াং আৰু চিকিয়াং নদীৰ নিম্ন গতিৰ অঞ্চল।

প্রশ্ন ১৫। নদী উপত্যকা অঞ্চলবোৰত জনসংখ্যা অধিক হোৱাৰ কাৰণ কি লিখা।

উত্তৰ: নদী উপত্যকা অঞ্চলসমূহত সাধাৰণতে জনসংখ্যা অধিক হয়। নদী উপত্যকা অঞ্চলবোৰৰ মাটি পলসুৱা আৰু সাৰুৱা হয়। নদী উপত্যকাবোৰত মানুহে খেতি-বাতি আৰু ব্যৱসায়-বাণিজ্যৰ যোগেদি অম্ল সংস্থানৰ উপায় যোগাৰ কৰি ল’ব পাৰে। এনে অঞ্চলবোৰত মানুহৰ জীৱিকা নির্বাহ অতি সহজ আৰু সুবিধাজনক হয়। এইবোৰ অঞ্চলত খাদ্যশস্য উৎপাদন অধিক হয় আৰু নদীবিলাকৰ পাৰত ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰ গঢ় লৈ উঠে। ফলত বিভিন্ন ঠাইৰ মানুহ ব্যৱসায়ত জড়িত হয় আৰু এইদৰে নদী উপত্যকাবোৰত জনসংখ্যা ক্রমান্বয়ে বৃদ্ধি পায়।

প্রশ্ন ১৬। কোনবিলাক ঠাইত জনবসতি সাধাৰণতে পাতল হয় ? 

উত্তৰ। যিবিলাক ঠাই পৰ্বত-পাহাৰ আৰু মালভূমিৰ দ্বাৰা গঠিত হয়, য’ত সমতল ভূমি নাই, আহল-বহল নদীৰ অভাৱ, ব্যৱসায়-বাণিজ্যৰ সুবিধা নাই, সেইবিলাক ঠাইত সাধাৰণতে জনবসতি পাতল হয়। সেই ঠাইবিলাকত মানুহৰ জীৱন নিৰ্বাহ অতি কষ্টকৰ আৰু ঠাইবোৰ অৰ্থনৈতিক দিশত পিছপৰা। উদাহৰণস্বৰূপে হিমালয় অঞ্চলৰ ভূটান ৰাজ্য আৰু উত্তৰ-পূৱ ভাৰতৰ অৰুণাচল প্ৰদেশত জনবসতি অতি পাতল। 

প্রশ্ন ১৭। জনসংখ্যা বিতৰণত মাটিৰ ভূমিকা কি?

উত্তৰ। জনসংখ্যা বিতৰণত মাটিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। যিবিলাক অঞ্চলৰ সাৰুৱা পলসুৱা মাটিৰ পৰিমাণ বেছি তেনেকুৱা অঞ্চলবোৰত জনসংখ্যাৰ হাৰ অধিক হয়। দক্ষিণ-পূৱ এছিয়াৰ নদী উপত্যকাৰ পলসুৱা মাটিৰ দৰে যিবোৰ অঞ্চলৰ মাটিৰ উৰ্বৰতা শক্তি বেছি তেনেবোৰ অঞ্চলত জনবসতি বেছি। আনহাতে যিবোৰ অঞ্চলৰ মাটি অনুৰ্বৰ, খেতি-বাতি কৰাৰ অসুবিধা সেইবোৰ অঞ্চলত জনবসতি পাতল হয়। এইদৰে মাটিৰ গুণাগুণে জনবসতিত প্রভাৱ পেলায়। 

প্রশ্ন ১৮। জনসংখ্যা বিতৰণত পানীৰ ভূমিকা কি লিখা।

উত্তৰ। দৈনন্দিন জীৱনত বিভিন্ন কামৰ বাবে পানীৰ আৱশ্যক। শিল্প উদ্যোগ, ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো পানীৰ অধিক গুৰুত্ব আছে। পানীৰ প্রাচুর্য থকা অঞ্চলত জনবসতি ঘন হয়। আনহাতে, যিবোৰ অঞ্চলত পানী পর্যাপ্ত পৰিমাণে পোৱা নাযায় তেনেবোৰ অঞ্চলত জনবসতি পাতল হয়। পানীৰ প্ৰাচুৰ্যতা থকা ঠাইত খেতি-বাতিত যথেষ্ট উৎপাদন হয়। উদাহৰণস্বৰূপে কৃষিৰ ওপৰত ভিত্তি কৰি চাইগ্ৰীচ আৰু ইউফ্ৰেটিচ নদীৰ অৱবাহিকাত মেছ’পটেমিয়াত প্ৰথম নগৰ স্থাপিত হৈছিল। একেদৰে পানীৰ প্ৰাচুৰ্যতাৰ বাৰে নীল নদৰ পাৰত মিছৰৰ সভ্যতা, সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকাৰ সভ্যতা আৰু ভূমধ্যসাগৰৰ পাৰত গ্ৰীক আৰু ৰোমান সভ্যতা গঢ় লৈ উঠিছিল। সেইকাৰণে জনসংখ্যা বিতৰণত পানীৰ এক উল্লেখযোগ্য ভূমিকা আছে।

প্রশ্ন ১৯। খনিজ পদাৰ্থৰ প্ৰাচুৰ্যতাই জনসংখ্যা বিতৰণত কি ভূমিকা গ্ৰহণ কৰে উদাহৰণ দি লিখা।

উত্তৰ। কিছুমান অঞ্চলৰ জলবায়ু বসবাসৰ অনুপযুক্ত হ’লেও খনিজ সম্পদৰ আবিৰ্ভাৱে সেই ঠাইৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগায়। উদাহৰণস্বৰূপে অষ্ট্ৰেলিয়াৰ মৰুভূমিত অৱস্থিত কালগুৰলাই আৰু কুলগাডাই মৰুস্থানত সোণৰ আবিৰ্ভাৱে জনসংখ্যা বৃদ্ধি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূৱ অঞ্চল খনিজ সম্পদত অতি চহকী বাবে তাত জনসংখ্যাৰ হাৰ অধিক। এনেদৰে ব্ৰিটিছ দ্বীপপুঞ্জ, ফ্রান্স, জার্মানী আৰু কৃষ্ণসাগৰৰ উপকূলস্থ অঞ্চলবোৰত অধিক পৰিমাণে খনিজ পদাৰ্থ পোৱা যায় বাবে তাত জনসংখ্যা বৃদ্ধি পাইছে। আনহাতে যিবিলাক অঞ্চলত খনিজ পদাৰ্থৰ প্ৰাচুৰ্যতা নাই বা পোৱা নাযায় তেনেবোৰ অঞ্চলত জনসংখ্যা নিম্ন হোৱা দেখা যায়। এইদৰে খনিজ সম্পদৰ প্ৰাচুৰ্যতাই জনসংখ্যা বিতৰণত প্রভাব পেলায়।

প্রশ্ন ২০। জনসংখ্যা বিতৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা সাংস্কৃতিক কাৰকবোৰ কি কি?

উত্তৰ। জনসংখ্যা বিতৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা সাংস্কৃতিক কাৰকবোৰ হৈছে— পৰিবহণ আৰু যোগাযোগ, নগৰীকৰণ, ব্যৱসায়-বাণিজ্য, বজাৰ, উদ্যোগ, শক্তি, প্ৰশাসনীয় অঞ্চল, শিক্ষাৰ কেন্দ্ৰ আদি।

প্রশ্ন ২১। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাই জনসংখ্যা বিতৰণত কিদৰে প্ৰভাৱ পেলায় ?

উত্তৰ। যিবোৰ অঞ্চলত উন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা থাকে বা যিবিলাক ঠাই ৰেলৱে, আলিবাট, নদীঘাট আৰু বিমানঘাটি আদিৰ দ্বাৰা সংযোগ স্থাপন হয়, তেনেবোৰ ঠাইত বিভিন্ন ধৰণৰ ব্যৱসায়-বাণিজ্যই গঢ় লৈ উঠে আৰু ফলস্বৰূপে অঞ্চলটো নগৰমুখী হয়। নগৰমুখী হোৱাৰ লগে লগে নগৰত বাস কৰিবলৈ আৰু লগতে ব্যৱসায়-বাণিজ্যত অংশগ্রহণ কৰিবলৈ বিভিন্ন ঠাইৰপৰা মানুহ আহে। এইদৰে জনসংখ্যা বাঢ়ি গৈ থাকে; অর্থাৎ সুচল পৰিবহণ ব্যৱস্থা থকা ঠাইত জনসংখ্যা অধিক হয়, আনহাতে পৰিবহণৰ সুবিধা নথকা ঠাইত জনসংখ্যা কম হয়।

প্রশ্ন ২২। উদ্যোগীকৰণে কেনেদৰে কোনো ঠাইৰ জনসংখ্যা অধিক হোৱাত সহায় কৰে।

উত্তৰ। খনিজ সম্পদৰ প্ৰাচুৰ্যতা থকা ঠাইত খনিৰ ওচৰে-পাজৰে নানা ধৰণৰ উদ্যোগ স্থাপন হয় আৰু এই উদোগ স্থাপনৰ জৰিয়তে নগৰবিলাক স্থাপিত হয়। বিভিন্ন অঞ্চলৰপৰা মানুহ আহি নগৰবিলাকত থাকিবলৈ লয় আৰু খনিজ কামত নিয়োজিত বনুৱাসকল খনিৰ ওচৰে-পাজৰে থাকিবলৈ লয়, ফলত ঠাইডোখৰৰ জনসংখ্যা ক্রমাৎ বৃদ্ধি পাবলৈ ধৰে। উদাহৰণস্বৰূপে অসমৰ ডিগবৈ, ভুলিয়াজান আদিৰ ঠাইত খনিজ তেল উদ্‌ঘাটনৰ পিছত জনসংখ্যা আগতকৈ বহুত বেছি বাঢ়িছে।

প্রশ্ন ২৩। উন্নয়নশীল দেশবোৰত জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ কাৰণ আৰু ফলাফল বৰ্ণনা কৰা । 

উত্তৰ। উন্নয়নশীল দেশবোৰত জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ কাৰণসমূহ হৈছে—

(ক) চিকিৎসা-বিজ্ঞানৰ উন্নতি

(খ) নিম্নগামী মৃত্যুৰ হাৰ

(গ) উন্নত যোগাযোগৰ ফলত বিতৰণৰ সুব্যৱস্থা

(ঘ) চৰকাৰৰ জন্ম নিয়ন্ত্ৰণ আঁচনিৰ বিফলতা আৰু 

(ঙ) শিক্ষাৰ বহুল প্ৰচাৰ ।

উন্নয়নশীল দেশসমূহত জন্মৰ হাৰ বেছি, চিকিৎসা-বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মৃত্যুৰ হাৰ কমি গৈছে আৰু চৰকাৰী জন্ম নিয়ন্ত্ৰণ আঁচনিৰ অপপ্ৰয়োগৰ ফলস্বৰূপে জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে। উন্নয়নশীল দেশসমূহত সাক্ষৰতাৰ হাৰ নিম্ন, কম বয়সতে রিবাহ কার্য সম্পন্ন, পৰম্পৰাগত ৰীতি-নীতি আদিয়েও জনসংখ্যা বৃদ্ধিত অৰিহণা যোগায়।

দ্রুত গতিত জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে খাদ্য, বাসস্থান, সংস্থাপন আদিৰ উপৰিও বিভিন্ন আর্থ-সামাজিক সমস্যাই দেখা দিয়ে। অতিমাত্রা হাৰত বৃদ্ধি পোৱা জনসংখ্যাই খাদ্য সমস্যাৰ সৃষ্টি কৰে আৰু কৃষি ভূমি অধিক হেঁচা প্ৰদান কৰে। জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যাৰ সৃষ্টি কৰাৰ লগতে সামাজিক পৰিৱেশ বিনষ্ট কৰে আৰু দেশৰ অৰ্থনীতিত প্রতিবন্ধকতা সৃষ্টি কৰে।

প্রশ্ন ২৪। ব্রজন কি? জন-প্ৰব্ৰজনৰ বিভিন্ন কাৰকবোৰ ব্যাখা কৰা। 

উত্তৰ। কোনো লোক বা ব্যক্তিসমষ্টি যেতিয়া নিজৰ বাসভূমি এৰি আন ঠাইলৈ স্থায়ী বা অস্থায়ীভাৱে বসবাসৰ বাবে যায়, নাইবা নিজ বাসভূমিলৈ পুনৰ উভটি আহে তাকে জনসংখ্যাৰ প্ৰব্ৰজন (Migration) বোলা হয়। অর্থাৎ প্ৰব্ৰজন হ’ল এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে কোনো জনসমষ্টিৰ এক নিৰ্দিষ্ট ভৌগোলিক স্থানৰপৰা আন এক ভৌগোলিক স্থানলৈ বাসস্থানৰ পৰিৱৰ্তন হয়।

জন-প্ৰব্ৰজন প্ৰধানকৈ আকৰ্ষক আৰু বিকৰ্ষক শক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হয়। অর্থনৈতিক স্বচ্ছলতা, ধৰ্মীয় আৰু সামাজিক নিরাপত্তা আদিয়ে কোনো এখন ঠাইৰ আকৰ্ষণ বৃদ্ধি কৰে, ফলস্বৰূপে আন ঠাইৰপৰা সেই ঠাইলৈ প্রব্রজন ঘটে। আনহাতে সাম্প্রদায়িক সংঘৰ্ষ, প্রতিকূল পৰিৱেশ, অভাৱ-অনাটন, বর্ধিত জনসংখ্যা, শিক্ষা-দীক্ষা গ্ৰহণৰ অসুবিধা আদি কাৰণেও প্ৰব্ৰজন হয়।

জন-প্ৰব্ৰজনৰ প্ৰধান কাৰকসমূহ হৈছে – সামাজিক কাৰক, জনসংখ্যাজনিত কাৰক, প্রাকৃতিক কাৰক, সাংস্কৃতিক কাৰক, যাতায়ত আৰু পৰিৱহণ, যোগাযোগ আদি। সামাজিক কাৰকবোৰ হৈছে—বিবাহ জৰিয়তে মহিলাসকলে এখন ঠাইৰ পৰা আন ঠাইলৈ স্থায়ীভাৱে গুচি যায়। একে জাতি বা ধৰ্মৰ লোকসকলৰ মাজত আশা কৰা নিৰাপত্তাৰ বাবেও মানুহৰ প্ৰব্ৰজন ঘটে। আকৌ সঘনাই হোৱা যুদ্ধ-বিগ্ৰহ আৰু গোষ্ঠী সংঘৰ্ষ আদিয়েও মানুহৰ প্ৰব্ৰজন ঘটায়। জনসংখ্যা বৃদ্ধিৰ হাৰ সকলো ঠাইতে সমান নোহোৱাৰ বাবেও প্ৰব্ৰজন ঘটে। তাৰোপৰি বানপানী, বেয়া বতৰ, খৰাং, অনুকূল জলবায়ু, ভূমিকম্প, জ্বালামুখী উদ্‌গীৰণ আদি প্ৰাকৃতিক দুৰ্যোগৰ বাবেও মানুহৰ প্ৰব্ৰজন হয়।

এনেবোৰ কাৰকৰ প্ৰভাৱত পৃথিৱীৰ বিভিন্ন দেশৰ জনসাধাৰণৰ দ্ৰুত গতিত প্ৰব্ৰজন হৈ আছে।

প্রশ্ন ২৫। পৃথিৱীৰ আদি কালৰেপৰা বৰ্তমানলৈকে কেনে ধৰণেৰে

আৰু কি কাৰণত প্ৰব্ৰজন হৈ আছে ব্যাখ্যা কৰা। উত্তৰ। আদি কালৰেপৰা বৰ্তমানলৈকে পৃথিৱীত মানুহৰ প্ৰব্ৰজন হৈ আছে। প্ৰব্ৰজন বহুতো কাৰণত হ’ব পাৰে। সেইবোৰ হ’ল—

  1.  বসবাস কৰাৰ বাবে সুবিধাজনক ঠাই বিচাৰি। 
  2. দেশ দিগ্‌বিজয়ৰ জৰিয়তে ।
  3. নতুন কোনো অঞ্চলৰ বসবাস কৰাৰ উদ্দেশ্যে।
  4. কোনো খাদ্য অনাটন, মহামাৰী আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে।
  5. আন ঠাইত চাকৰি বা নিয়োগৰ সন্ধান বিচাৰি ।
  6. খনি, উদ্যোগ, বাগান আদিত কাম কৰাবলৈ নিয়াৰ পিছত ।
  7. কোনো দেশৰ ভগনীয়া লোকৰ সংস্থাপনৰ যোগেদি আৰু
  8. অনুপ্ৰৱেশকাৰীৰ জৰিয়তে ইত্যাদি।

প্ৰব্ৰজনৰ প্রবাহ বিভিন্ন ধৰণৰ হ’ব পাবে। গ্ৰাম্য অঞ্চলৰপৰা গ্ৰাম্য অঞ্চললৈ বা গ্ৰাম্য অঞ্চলৰপৰা চহৰ অঞ্চললৈ প্ৰব্ৰজন হ’ব পাৰে। আকৌ চহৰৰ ইটো অঞ্চলৰপৰা সিটো অঞ্চললৈ আৰু চহৰ অঞ্চলৰপৰা গ্ৰাম্য অঞ্চললৈ প্ৰব্ৰজন হ’ব পাৰে।

প্রশ্ন ২৬। জন-প্ৰব্ৰজনে জনসংখ্যা বৃদ্ধিত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে? অসমৰ ক্ষেত্ৰত প্ৰব্ৰজনে সমস্যাৰ সৃষ্টি কৰিছে নেকি? বিশ্লেষণ কৰি দেখুওৱা।

উত্তৰ। জন-প্ৰব্ৰজনে জনসংখ্যা বৃদ্ধিত যথেষ্ট প্রভাৱ পেলায়। অৱশ্যে অন্তর্দেশীয় প্রব্ৰজনে (Internal Migration) কোনো এখন দেশৰ জনসংখ্যা বৃদ্ধি নকৰে কাৰণ অন্তর্দেশীয় প্ৰব্ৰজন দেশখনৰ ৰাজ্যসমূহৰ ভিতৰতে সীমাবদ্ধ। কিন্তু আন্তর্জাতিক প্ৰব্ৰজন (International Migration) কোনো দেশৰ জনসংখ্যা বৃদ্ধিত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। অন্য দেশৰপৰা প্ৰব্ৰজন হ’লে দেশত জনসংখ্যা বৃদ্ধি পায় আৰু ইয়াৰ ফলত নিবনুৱা সমস্যা, খাদ্যৰ সমস্যা আৰু থকা ঠাইৰ সমস্যাই দেখা দিয়ে।

অসমৰ ক্ষেত্ৰত প্ৰব্ৰজনে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। অসমলৈ বিভিন্ন ঠাইৰপৰা হোৱা প্ৰব্ৰজনৰ ফলত অসমৰ জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু ইয়াৰ ফলস্বৰূপে বিভিন্ন সমস্যাই দেখা দিছে। আদিম কালৰেপৰা অসমলৈ বিভিন্ন ধৰণেৰে প্ৰব্ৰজন ঘটি আহিছে। অসমৰ নদী উপত্যকা সাৰুৱা, চিৰসেউজীয়া বন্যভূমি, উপযুক্ত বৰষুণৰ পৰিমাণ, পানীয় প্ৰাচুৰ্যতাৰ বাবে বিভিন্ন ঠাইৰপৰা অসমলৈ মানুহৰ প্ৰব্ৰজন হৈছে। ইয়াণ্ডাবু সন্ধিৰ পিছৰপৰা ব্ৰিটিছসকলে অসমৰ মাটিত চাহখেতি কৰাৰেপৰা ভাৰতৰ বিভিন্ন ঠাইৰপৰা চাহবনুৱা অসমলৈ প্ৰব্ৰজন হৈছে। তাৰোপৰি বৃটিছ শাসনৰ কালছোৱাত বহুতো নেপালী সম্প্ৰদায়ৰ লোকে অসমলৈ আহিছে আৰু অসম ভূমিত বসবাস কৰি দুগ্ধ উৎপাদন আৰু খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰিছে। এই চাহবনুৱা আৰু নেপালী লোকসকলৰ প্ৰব্ৰজনে অসমৰ জনসংখ্যা বৃদ্ধিত বিশেষ সমস্যা সৃষ্টি কৰা নাছিল। কিন্তু বৃটিছ শাসনৰ দিনত যেতিয়া পূৰ্ব বংগৰ (বৰ্তমান বাংলাদেশ) ভূমিহীন মুছলমান কৃষকসকল অসমলৈ আহি ব্ৰহ্মপুত্ৰৰ প্লাৱন ভূমিত মৰাপাট, ধানখেতি আৰু নানা ধৰণৰ শাক-পাচলিৰ খেতি আৰম্ভ কৰিলে তেতিয়াৰে পৰা অসমৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পালে আৰু অসমৰ অৰ্থনৈতিক দিশত সমস্যাৰ সৃষ্টি কৰিবলৈ ধৰিলে। এইদৰে চুবুৰীয়া দেশ বাংলাদেশৰপৰা অবাধ হাৰত হোৱা প্ৰব্ৰজনে অসমৰ অৰ্থনীতিত নানা সমস্যাৰ সৃষ্টি কৰিছে।

প্রশ্ন ২৭। ১৩শ শতিকাৰ আগভাগৰ পৰা বৰ্তমানলৈকে অসমত হোৱা প্ৰব্ৰজন সোঁতৰ এটি বর্ণনা দিয়া।

উত্তৰ। ১৩শ শতিকাৰ আগভাগতে ম্যানমাৰ দেশ আৰু দক্ষিণ চীন দেশৰপৰা আহোমসকল অসমত প্ৰৱেশ কৰিছিল। এই প্ৰব্ৰজনৰ কাৰণ আছিল পৰিয়ালৰ মাজত আভ্যন্তৰীণ বিবাদ। বর্তমানো উজনি অসমৰ বেছিভাগ ঠাইত আহোমসকলে স্থায়ী বাসিন্দা হিচাপে বসতি কৰি আছে।

তাৰ পিছত মানৰ দিনত মানে অসম আক্ৰমণ কৰাৰ পিছত কিছুসংখ্যক মান অসমত থাকি যায় আৰু এই মানসকল উজনি অসমৰ কিছু কিছু ঠাইত বর্তমানো বসতি কৰি আছে।

ইয়াণ্ডাবু সন্ধিৰ পিছত বৃটিছসকলে অসমত চাহখেতি আৰম্ভ কৰাৰ লগে লগে চাহ বাগিচাৰ কামত লগাবলৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা বহুসংখ্যক জনজাতীয় লোক অসমলৈ আহিছিল। বৰ্তমান এই বনুৱা লোকসকল অসমৰ স্থায়ী বাসিন্দা হিচাপে নিজাকৈ ঘৰ-দুৱাৰ সাজি বাগিছাৰ মাটিত লৈছে। অসমৰ জনসংখ্যাৰ অধিক অংশ চাহ জনজাতিৰ লোকেৰে পূৰণ হৈছে।

বৃটিছ শাসনৰ কালছোৱাত বহুসংখ্যক নেপালী সম্প্ৰদায়ৰ লোক নেপালৰপৰা অসমলৈ আহিছিল আৰু তেওঁলোকৰ কিছু অংশক চিপাহী, পহৰীয়া চিপাহী আদি কামত নিয়োজিত কৰিছিল। ইয়াৰ পিছতো কিছু নেপালী লোক অসমলৈ আহি গাখীৰ উৎপাদন আৰু খেতি-বাতি কৰি স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছে। বৃটিছ শাসনৰ সময়তে বিভিন্ন প্ৰশাসনীয় কাম-কাজত সহায় কৰিবলৈ বঙালী লোকসকল অসমলৈ আহিছিল আৰু ৰাজস্থানৰপৰা বহুতো লোক ব্যৱসায় কৰাৰ উদ্দেশ্যে অসমলৈ আহে আৰু বৰ্তমানো এই লোকসকলে অসমত স্থায়ীভাৱে বাস কৰি আছে।

তাৰোপৰি মুছলমানসকলো কেইবাবাৰো অসম আক্ৰমণ কৰাৰ পাছত বহুসংখ্যক মুছলমান লোক অসমত থাকি যায়। ব্ৰিটিছ শাসনৰ দিনত বাংলাদেশৰপৰা বহুসংখ্যক ভূমিহীন মুছলমান খেতিয়ক অসমলৈ আহে আৰু বৰ্তমান এই লোকসকল অসমৰ স্থায়ী বাসিন্দা বুলি ক’ব খোজে। বর্তমানেও বাংলাদেশৰপৰা হোৱা এই প্ৰব্ৰজন অব্যাহত আছে। ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পিছত পাকিস্থানৰপৰা বহু সংখ্যক হিন্দু ভগনীয়া অসমলৈ আহে। এই দৰে ১৩শ শতিকাৰপৰা বিভিন্ন ধৰণে অসমলৈ প্ৰব্ৰজন হৈছে।

প্রশ্ন ২৮। কি কি কাৰণত প্ৰব্ৰজন হ’ব পাৰে ব্যাখ্যা কৰা। 

উত্তৰ। প্ৰব্ৰজন বিভিন্ন কাৰণত হ’ব পাৰে। যেনে-

(ক) বসবাসৰ সুবিধাজনক ঠাইৰ অনুসন্ধানত,

(খ) নতুন ঠাইত বসতিৰ উদ্দেশ্যে,

(গ) অন্য ঠাইত কৰ্মসংস্থান বা চাকৰিৰ জৰিয়তে, 

(ঘ) কোনো ঠাইত খাদ্যৰ নাটনি, মহামাৰী আৰু নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে,

(ঙ) বাগান, খনি, উদ্যোগ, শিল্প আদিত কাম কৰাবলৈ নিয়াৰ পিছত,

(চ) কোনো দেশৰ ভগনীয়া লোকৰ সংস্থাপনৰ যোগেদি,

(ছ) দেশ দিগ্‌বিজয়ৰ যোগেদি,

(জ) উচ্চ শিক্ষাৰ বাবে, 

(ঝ) অনুপ্ৰৱেশকাৰীৰ যোগেদি,

(ঞ) বিবাহৰ জৰিয়তে।

বসবাসৰ সুবিধা ঠাইলৈ প্ৰব্ৰজন হোৱা দেখা যায়। যিবিলাক ঠাইত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা উন্নত, উন্নত চিকিৎসা সেৱা আছে,

পঢ়া-শুনাৰ উপযুক্ত পৰিৱেশ থাকে তেনেবোৰ ঠাইলৈ পিছপৰা অঞ্চলৰ পৰা জনসংখ্যা প্রব্রজন হয়। নতুন ঠাইত বসতিৰ উদ্দেশ্যে প্ৰব্ৰজন হয়। নগৰীকৰণৰ যোগেদি গ্ৰাম্য অঞ্চলৰপৰা চহৰ অঞ্চললৈ জন-প্ৰব্ৰজন হয়। কর্মসংস্থান বিচাৰিও মানুহে ইফালৰপৰা সিফাললৈ যায় আৰু চাকৰিৰ বাবে নানা ঠাইত থাকিবলগীয়া হয়। খাদ্যৰ নাটনি থকা অঞ্চল আৰু যিবোৰ অঞ্চলত প্ৰাকৃতিক দুৰ্যোগ সঘনাই হৈ থাকে তেনেবোৰ অঞ্চলৰপৰা সুবিধাজনক বসতিৰ স্থানলৈ প্ৰব্ৰজন হয়। বিবাহৰ যোগেদিও মহিলাসকল এখন ঠাইৰপৰা আন এখন ঠাইলৈ প্ৰব্ৰজন হোৱা দেখা যায়। এইদৰে ওপৰত উল্লেখ কৰা বিভিন্ন কাৰণত প্ৰব্ৰজন (Migration) হ’ব পাৰে । 

প্রশ্ন ২৯। কোন সময়ত বাংলাদেশৰ পৰা অধিক সংখ্যক হিন্দু মানুহ ভাৰতলৈ আহিছিল ?

উত্তৰ। ১৯৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ লগে লগে ভাৰত বিভাজন হৈ হিন্দুস্থান আৰু পাকিস্থান দুখন দেশত ভাগ হয়। পূর্ববঙ্গৰ মুছলমান প্রধান অঞ্চলটো পূৱ পাকিস্থান (বর্তমান বাংলাদেশ) হিচাপে চিহ্নিত হ’ল। বাংলাদেশত মুছলিম লোকৰ সংখ্যা অধিক হোৱা বাবে সেই সময়ত বাংলাদেশৰপৰা অধিক সংখ্যক (প্রায় এক নিযুত) হিন্দু মানুহক ভাৰতলৈ পঠিয়াই দিলে। এইদৰে বাংলাদেশেৰপৰা ভাৰতলৈ হিন্দু ভগনীয়াৰ সোঁত চলিল।

Leave a Reply