Class-9 Geography Elective| Chapter-2| পৃথিৱীৰ মানুহ

Class-9 Geography Elective| Chapter-2| পৃথিৱীৰ মানুহ. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  Class-9 Geography Elective| Chapter-2| পৃথিৱীৰ মানুহ , Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Geography Elective| Chapter-2| পৃথিৱীৰ মানুহ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For Class-9 Geography Elective| Chapter-2| পৃথিৱীৰ মানুহ Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক অনুশীলনীৰ প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। ‘মানৱ ভূগোল’ৰ এটি সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।

উত্তৰ। ভূগোলৰ যিটো বিভাগত প্রাকৃতিক পৰিৱেশৰ সৈতে থকা মানুহন সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহৰ দ্বাৰা সৃষ্ট মানৱ পৰিৱেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকেই বহল অর্থত মানৱ ভূগোল (Human Geography) বোলা হয়। 

মানৱ ভূগোলৰ প্রধান শাখাবোৰ হৈছে

(ক) বসতি ভূগোল, 

(খ) সমাজ ভূগোল, 

(গ) অর্থনৈতিক ভূগোল, 

(ঘ) সাংস্কৃতিক ভূগোল, 

(ঙ) ৰাজনৈতিক ভূগোল, 

(চ) নগৰীয় ভূগোল, 

(ছ) জনসংখ্যা ভূগোল, 

(জ) স্বাস্থ্য ভূগোল, 

(ঝ) ঐতিহাসিক ভূগোল,

(ঞ) আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা ভূগোল।

প্রশ্ন ২। মানৱ ভূগোলৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।

উত্তৰ। মানৱ ভূগোলৰ বিষয়বস্তুসমূহ হৈছে—পৃথিৱীৰ উপৰিভাগত মানুহৰ বসতি, সাংখ্যিক বৃদ্ধি, বিতৰণ, সামাজিক বিকাশ, আর্থিক অৱস্থা, ব্যৱসায়-বাণিজ্য, যাতায়ত, পৰিৱহণ ব্যৱস্থা আদি বিভিন্ন মানৱসৃষ্ট উপাদান। মানৱ ভূগোল হৈছে প্ৰাকৃতিক পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত প্ৰকৃতিৰ ওপৰত মানুহে সৃষ্টি কৰা পৰিৱেশৰ বিষয়ে কৰা এক অধ্যয়ন। মানৱ ভূগোলে মানৱ সমাজ, মানুহৰ কাৰ্যাৱলীৰ লগতে মানুহে গঢ় দিয়া উপাদানবোৰৰ বিষয়ে আলোচনা কৰে। মানৱ ভূগোল অধ্যয়নৰ মূল উদ্দেশ্য হৈছে – মানুহৰ ওপৰত প্ৰকৃতিৰ প্ৰভাৱ সম্পর্কে অধ্যয়ন কৰা, পৰিৱেশৰ সৈতে খাপ খোৱাকৈ মানুহৰ জীৱন নির্বাহ প্রণালী প্রস্তুত কৰা আৰু প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মানুহে নিজৰ কাৰ্যৰ যোগেদি পেলোৱা প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। মানুহৰ গঠন, বৃদ্ধি, মানুহৰ বিতৰণ, বৈশিষ্ট্য, বিভিন্ন কার্যকলাপ, আচাৰ-ব্যৱহাৰ আদিও মানৱ ভূগোল অধ্যয়নৰ বিষয়বস্তু।

প্রশ্ন ৩। ‘মানৱ জাতি’ বুলিলে কি বুজা চমুকৈ লিখা।

উত্তৰ। বংশানুক্ৰমে দেখিবলৈ পোৱা একে শাৰীৰিক বৈশিষ্ট্যযুক্ত মানুহৰ একো একোটা গোটক মানৱ জাতি (Human Race) বোলা হয়। অর্থাৎ সুকীয়া সুকীয়া আৱয়বিক বৈশিষ্ট্যযুক্ত মানৱ গোষ্ঠীক মানৱ জাতি বুলি কোৱা হয়। মানৱ জাতিৰ ধাৰণাটো সম্পূৰ্ণৰূপে প্রাণীবিদ্যাগত। একে দৈহিক গঠন আৰু ছালৰ ৰংবিশিষ্ট এক থূপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্রমে একে বৈশিষ্ট্যবোৰ কঢ়িয়াই আনে, তাক মানৱ জাতি বুলি অভিহিত কৰিব পাৰি।

প্রশ্ন ৪। কি কি ভিত্তিত মানৱ জাতিক বিভাজন কৰা হয় চমুকৈ লিখা।

উত্তৰ। মানুহৰ দেহৰ ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠনৰ পার্থক্যৰ ভিত্তিত মানৱ জাতিক বিভাজন কৰা হয়। পৃথিৱীত বসবাস কৰা মানুহৰ শ্ৰেণীগতভাৱে ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন  যেনে–চুলিৰ ধৰণ, উচ্চতা, নাক আৰু মুখৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। নৃতত্ত্ববিদ্‌সকলে মুখমণ্ডলৰ আকৃতি, চুলিৰ ধৰণ আৰু শাৰীৰিক গঠনৰ ওপৰত ভিত্তি কৰি সমগ্ৰ পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা মানৱ জাতিত বিভক্ত কৰিছে। সেই ভাগকেইটা হৈছে— (ক) ককেছীয় (Caucasoid), (খ) নিগ্র’ইড (Negroid) আৰু (গ) মঙ্গোলীয় (Mongoloid)।

প্রশ্ন ৫। মানুহ আৰু মানৱ জাতিৰ সৃষ্টি সম্পর্কে চমুকৈ আলোচনা

উত্তৰ। মানুহ আৰু মানৱ জাতিৰ সৃষ্টি সম্পর্কে বহুতো মতামত পোৱা যায়। জীৱবিজ্ঞানীসকলৰ বিবৰ্তন সূত্রমতে প্লিষ্টচিন যুগৰ প্ৰায় মাজভাগত জলবায়ুকে ধৰি এক অনুকূল প্রাকৃতিক পৰিৱেশ বিৰাজ কৰা বাবে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি স্তন্যপায়ী প্ৰাণীৰ বিবৰ্তন প্ৰক্ৰিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হোম’চেপিয়েন্স (Homo sapiens) নামৰ মানৱ প্ৰাণীৰ জন্ম হৈছিল। হোমচেপিয়েন্স হৈছে পৃথিৱীৰ সকলো জনগোষ্ঠী লগ কৰি কৰা মানৱ জনগোষ্ঠীৰ বৈজ্ঞানিক নাম।

জীৱবিজ্ঞানী আৰু নৃতত্ত্ববিদ্‌সকলৰ মতে আদিতে প্ৰধানকৈ আফ্রিকা মহাদেশৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল। পাছলৈকে প্রাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন আৰু জৈৱ বিবৰ্তনৰ বাবে পৃথিৱীৰ ভিন্‌ ভিন্‌ ঠাইত মানুহৰ গাৰ বৰণ, চুলিৰ গঠন আৰু অন্যান্য দৈহিক বৈশিষ্ট্যবোৰৰ মাজত যথেষ্ট পার্থক্য দেখা যায়। এনেদৰে পৃথিৱীৰ ভিন্ন ভিন্ অঞ্চলত বসবাস কৰা ভিন্ন শাৰীৰিক গঠন তথা আকৃতিৰ ভিত্তিত মানৱ জাতিক ভিন্ন ভাগত ভাগ কৰা হৈছে।

প্রশ্ন ৬। চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পার্থক্য অনুসৰি পৃথিৱীৰ মানুহক বিভক্ত কৰা।

উত্তৰ। চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি। সেই ভাগকেইটা হৈছে—

(ক) ককেছীয় (Caucasoid)

(খ) নিগ্র’ইড (Nigroid

(গ) মঙ্গোলীয় (Mongoloid)।

ককেছীয়সকলৰ চুলি কেকোৰা, নাক দীঘল আৰু ঠেক, শৰীৰ ওখ, মুখমণ্ডল সুদৃঢ় আৰু সুগঠিত, মূৰৰ আকৃতি মধ্যমীয়া হয়।

ইডসকলৰ নাক বহল আৰু চেপেটা, গাৰ বৰণ ক’লা, চুলি খহটা, ঘন আৰু কেঁকোৰা, শৰীৰ হৃষ্টপুষ্ট, মুখমণ্ডল সন্মুখলৈ জোঙা।

মঙ্গোলীয়সকলৰ চুলিৰ ৰং ক’লা, গাৰ নোম পাতল, মুখমণ্ডল বহল, দেহৰ আকৃতি চুটি চাপৰ গাৰ বৰণ পীত বা হালধীয়া, মূৰটো ডাঙৰ।

প্রশ্ন ৭। পৃথিৱীৰ প্ৰধান মানব জাতি তিনিটাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰ। পৃথিৱীৰ প্ৰধান মানৱ জাতি তিনিটা হৈছে – ককেছীয়, নিগ্র ইড আৰু মঙ্গোলীয়। এই মানৱ জাতি তিনিটাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল

ককেছীয় মানৱ জাতিৰ লোকসকলৰ দেহৰৰ ছালৰ বৰণ ইউৰোপীয়সকলৰ মাজত অতি বগা আৰু ভাৰতীয় তথা দক্ষিণ-পশ্চিম এছিয়াৰ লোকৰ ক্ষেত্ৰত বাদামী ৰঙৰ। ককেছীয়সকলৰ চুলিবোৰ সাধাৰণতে পোন বা কিছু পকোৱা আৰু ইয়াৰ বৰণ ক’লা বা বাদামী হয়। ককেছীয়সকলৰ নাকটো সাধাৰণতে জোঙা আৰু ঠেক হয়।

নিগ্রইড জাতিৰ লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ ক’লা বা বাদামী-ক’লা বৰণৰ, চুলিবোৰ কেঁকোৰ। আৰু নাকটো বহল আৰু চেপেটা আকৃতিৰ হয়। নিগ্র ইডসকলৰ অধিকাংশই যথেষ্ট ওখ হয়।

মঙ্গোলীয় জাতিৰ লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ হালধীয়া বৰণৰ, চকুবোৰ সৰু সৰু আৰু চুলিবিলাক পোন বা থিয় হয় আৰু চুলিৰ ৰং ক’লা। এই জাতিৰ লোকসকলৰ দাড়ি, গোফ আৰু গাৰ নোম পাতল, মূৰ ডাঙৰ আৰু বহল, চকুত ভাজ থকা বাবে চকু বহলকৈ মেলিব নোৱাৰে। এই লোকসকলৰ মুখমণ্ডল বহল আৰু আকৃতি চুটি-চাপৰ।

প্রশ্ন ৮। পৃথিৱীৰ কোন কোন অঞ্চলত প্ৰথমতে মানুহৰ সৃষ্টি হোৱা বুলি ধৰা হয়? চিত্রসহ প্রধান মানৱ গোষ্ঠীসমূহৰ বিস্তাৰ আৰু বিতৰণ সম্পর্কে চমুকৈ লিখা। 

উত্তৰ। পৃথিৱীৰ মানুহৰ সৃষ্টি কোন অঞ্চলত কেতিয়া প্রথমে হৈছিল তাক সঠিকভাৱে নিশ্চিত কৰাটো কঠিন। আধুনিক পুৰাতত্বৰ তথ্য অনুসৰি মানুহৰ আবিৰ্ভাৱ হৈছিল পুৰণি পৃথিৱী খণ্ডৰ ক্ৰান্তীয় আফ্ৰিকাৰ পূৱ অংশত প্রায় এক লাখ বছৰ পূৰ্বে। আকৌ জীৱবিজ্ঞানীৰ বিবর্তন সূত্রমতে প্লিষ্ট’চিন যুগৰ প্ৰায় মাজভাগত অৰ্থাৎ ৫-৬ লাখ বছৰ আগতে জলবায়ুকে ধৰি এক অনুকূল প্রাকৃতিক পৰিৱেশ বিৰাজ কৰা বাবে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি স্তন্যপায়ী প্রাণীৰ বিবর্তন প্ৰক্ৰিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হম’চেপিয়েন্স নামৰ মানৱ প্ৰাণীৰ জন্ম হৈছিল। জীৱবিজ্ঞানী আৰু নৃতত্ত্ববিদ্‌সকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল। সেই সময়ত মানুহৰ দৈহিক গঠন তিনিওটা প্রধান মানৱ জাতি— ককেছীয়, নিগ্ৰ’ইড আৰু মঙ্গোলীয়ৰ এক সংমিশ্ৰিত ৰূপ আছিল বুলিহে ধাৰণা কৰা হয়।

পূৱ আফ্ৰিকাৰ ক্রান্তীয় অঞ্চলৰ পৰাই আজিৰ পৰা প্ৰায় ২৫-৩০ হাজাৰ বছৰ পূৰ্বে পৃথিৱীৰ বিভিন্ন অংশলৈ মানুহৰ বিস্তাৰ সংঘটিত হৈছিল। ফলস্বৰূপে জলবায়ু তথা আন প্রকৃতিষ্ঠ পৰিৱৰ্তনক নিৰ্ভৰ কৰি মানুহৰ দৈহিক গঠনৰ যথেষ্ট পৰিৱৰ্তন হৈছিল। তাৰোপৰি প্ৰাকৃতিক নির্বাচন বা বংশানু প্ৰক্ৰিয়াৰ বাবে লাহে লাহে মানুহৰ দৈহিক গঠনৰ পৰিৱৰ্তন ঘটিছিল। পৰৱৰ্তী সময়ছোৱাত দক্ষিণ-পশ্চিম এছিয়াৰ পৰা ককেছীয় জনগোষ্ঠী, মধ্য এছিয়াৰ পৰা মঙ্গোলীয় জনগোষ্ঠী আৰু মধ্য আফ্ৰিকাৰ পৰা নিগ্র’ইড জনগোষ্ঠীয় লোকৰ পৃথিৱীৰ বিভিন্ন দিশলৈ প্ৰব্ৰজন হৈছিল। তলৰ চিত্ৰত মানুহৰ প্ৰব্ৰজন আৰু বিস্তাৰ দেখুওৱা 

হিমযুগৰ অন্তত জলবায়ুৰ অৱস্থা সুচল হোৱাত আফ্ৰিকাৰ মধ্যভাগৰ পৰা মানুহৰ সংমিশ্ৰণ আৰু বিস্তাৰ আৰম্ভ হৈছিল। এই ক্ষেত্ৰত বিশাল সাগৰে কিছু বাধা সৃষ্টি কৰা বাবে মানুহে দ্বীপশ্রেণীসমূহৰ আঁত ধৰিয়েই আদিতে প্ৰব্ৰজন কৰিছিল। প্লিষ্ট চিন যুগত সমুদ্ৰবোৰ বৰফাবৃত হোৱাৰ ফলত ভূমিখণ্ডবোৰৰ মাজত সংযোগ স্থাপন হৈছিল। চাইবেৰিয়া আৰু আলাস্কাৰ মাজত সৃষ্টি হোৱা বৰফাবৃত বেৰিং প্রণালীয়েদি মানুহৰ প্ৰব্ৰজন ঘটিছিল। মঙ্গোলীয় জাতিৰ মানুহ মধ্য এছিয়াৰ পৰা পূৱৰ পিনে এনেদৰে প্ৰব্ৰজন হৈ উত্তৰ, মধ্য আৰু দক্ষিণ আমেৰিকালৈ বিস্তাৰিত হৈছিল। আকৌ, দক্ষিণ-পশ্চিম এছিয়াৰ পৰা ককেছীয় মূলৰ মানুহ উত্তৰ আৰু পশ্চিম ইউৰোপ আৰু উত্তৰ আৰু পূৱ আফ্ৰিকালৈ আৰু মধ্য আফ্ৰিকাৰ পৰা দক্ষিণ আৰু পূৱ আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ কিছু অংশলৈ বিস্তাৰিত হৈছিল। আগত পৃষ্ঠাৰ চিত্ৰত পৃথিৱীৰ প্ৰধান মানৱ গোষ্ঠীসমূহৰ বিতৰণ দেখুওৱা হৈছে।

প্রশ্ন ৯। পৃথিৱীৰ প্ৰধান ধৰ্মবোৰ কি কি? এই ধর্মসমূহৰ জনসংখ্যাকে ধৰি বিতৰণ আৰু মূল বৈশিষ্ট্য সম্পর্কে আলোচনা 

উত্তৰ। পৃথিৱীৰ উল্লেখযোগ্য ধৰ্মবোৰ হৈছে—হিন্দু ধর্ম, খ্রীষ্টান ধর্ম, ইছলাম ধৰ্ম, জুদাই (জিউ-হিব্রু) ধর্ম, বৌদ্ধ ধর্ম, জৈন ধর্ম, শিখ ধর্ম, বাহাই ধৰ্ম, কনফুছিয়াছ, চীনদেশীয় লোক ধর্ম আদি।

জনসংখ্যাৰ ওপৰত ভিত্তি কৰি খ্ৰীষ্টান ধৰ্ম, ইছলাম ধর্ম, হিন্দু ধর্ম আৰু বৌদ্ধ ধৰ্মক পৃথিৱীৰ প্ৰধান ধৰ্ম বুলি ক’ব পাৰি। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ লোক এই চাৰিটা ধৰ্মৰ অন্তৰ্গত।

হিন্দু ধর্ম হৈছে সমগ্র বিশ্বৰে প্রাচীনতম ধর্ম। আজিৰ পৰা কমেও পাঁচ হাজাৰ বছৰ পূৰ্বে বৈদিক যুগত হিন্দু ধৰ্মৰ সূত্ৰপাত হৈছিল। হিন্দু ধর্ম বহু দেৱ-দেৱী বিশ্বাসৰ ওপৰত প্রতিষ্ঠিত। এই ধৰ্ম ভাৰতবৰ্ষৰ ভৌতিক-আধ্যাত্মিক আৰু সংস্কৃতিৰ বাহকস্বৰূপ। ২০০৬ চনৰ এক তথ্যমতে সমগ্র বিশ্বত ৯০ কোটি হিন্দু ধর্মাৱলম্বী লোক আছে আৰু ই হৈছে বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৪ শতাংশ।

খ্ৰীষ্টান ধৰ্ম একেশ্বৰবাদত বিশ্বাসী। আজিৰ পৰা প্ৰায় দুহাজাৰ বছৰ আগতে ইউৰোপৰ গ্ৰীক আৰু ৰোমান সভ্যতাক কেন্দ্ৰ কৰি খ্ৰীষ্টান ধৰ্মৰ আবিৰ্ভাৱ হৈছিল। পিছলৈকে এই ধৰ্ম মিছনেৰী পদ্ধতিৰে সমগ্ৰ বিশ্বতে বিয়পি পৰে। জনসংখ্যা হিচাপে খ্রীষ্টান ধর্মই পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্ম। বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় এক-তৃতীয়াংশ লোক খ্রীষ্টান ধর্মাবলম্বী। ২০০৬ চনৰ এক তথ্য অনুসৰি সমগ্ৰ বিশ্বত ২১৩ কোটি খ্রীষ্টান ধৰ্মাৱলম্বী লোক বসবাস কৰে।

ইছলাম ধর্মও খ্রীষ্টান ধৰ্মৰ দৰে একেশ্বৰবাদী। আজিৰপৰা প্ৰায় ১৪০০ বছৰ আগতে মধ্যপ্রাচ্যৰ মৰুভূমি অঞ্চলত ইছলাম ধৰ্মৰ জন্ম হৈছিল। এই ধৰ্মৰ সৃষ্টিকর্তা আছিল হজৰত মহম্মদ। তেওঁৰ নেতৃত্বত মিছনেৰী পদ্ধতিৰে মধ্যপ্রাচ্যৰ লগতে আফ্রিকা, দক্ষিণ এছিয়া, দক্ষিণ-পূৱ এছিয়া আদি দেশত ইছলাম ধৰ্মৰ প্ৰসাৰ ও প্ৰচাৰ চলিছিল। ইছলাম ধৰ্ম পৃথিৱীৰ দ্বিতীয় বৃহত্তম ধর্ম। ২০০৬ চনৰ এক তথ্য অনুসৰি ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা সমগ্র বিশ্বতে ১৩৫ কোটি, অর্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ২১ শতাংশ।

বৌদ্ধ ধৰ্মৰ জন্ম হয় গৌতম বুদ্ধৰ নেতৃত্বত ভাৰতবৰ্ষৰ বৌদ্ধগয়া অঞ্চলত। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ লোক বৌদ্ধ 

ধৰ্মাৱলম্বী। হিন্দু ধৰ্মৰ অন্য এক নতুন ৰূপ হিচাপে বৌদ্ধ ধৰ্মৰ দ্বাৰা আকৃষ্ট হৈ ভাৰতবৰ্ষৰ লগতে ভুটান, চীন দেশৰ কিছু অংশ, শ্রীলংকা, দক্ষিণ-পূৱ এছিয়া আদিত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ ঘটে। তলৰ তালিকাত পৃথিৱীৰ প্ৰধান ধৰ্মীয় গোষ্ঠীসমূহৰ জনসংখ্যাৰ বিতৰণ দেখুওৱা হ’ল

• মধ্য আৰু দক্ষিণ আমেৰিকা সামৰি

খ্রীষ্টান ধর্মাবলম্বী লোকসকল পশ্চিমৰ উত্তৰ আৰু দক্ষিণ ‘আমেৰিকাৰ পৰা ইউৰোপ, এছিয়াৰ কিছু অংশ, আফ্ৰিকাৰ দক্ষিণ অংশ আৰু ওচেনিয়ালৈকে বিস্তৃত হৈ আছে। খ্ৰীষ্টান ধৰ্মৰ দুটা প্ৰধান ভাগ হৈছে ৰোমান কেথ’লিক আৰু প্রোটেষ্টান্ট প্রোটেষ্টান্টসমূহ প্ৰধানকৈ গ্রেট ব্রিটেইন, উত্তৰ আয়াৰলেণ্ড, উত্তৰ নেদাৰলেণ্ড, স্কেণ্ডিনেভিয়া, ফিন্‌লেণ্ড, ডেনমার্ক আদি দেশত বসবাস কৰে। আকৌ ইছলাম ধৰ্মাৱলম্বী লোকসকল প্ৰধানকৈ আফ্ৰিকাৰ উত্তৰ অংশ, মধ্যপ্রাচ্য, দক্ষিণ এছিয়াৰ পাকিস্তান আৰু বাংলাদেশৰ লগতে দক্ষিণ-পূৱ এছিয়াৰ কিছু অংশত বিস্তৃত হৈ আছে। হিন্দু ধর্মাৱলম্বী লোকসকল মূলতঃ ভাৰতবৰ্ষ আৰু নেপালৰ লগতে মৰিচাচ, ফিজি, গুৱেনা, চুৰিনাম, ত্রিনিদাদ, শ্রীলংকা আদি দেশত আছে। বৌদ্ধ ধর্মীয় লোকসকল প্ৰধানকৈ শ্রীলংকা, ম্যানমাৰ, থাইলেণ্ড, লাওচ, কম্বোডিয়া আদি দেশত বসবাস কৰে।

প্রশ্ন ১০। ভাৰতবৰ্ষৰ জনসংখ্যাৰ ধৰ্মীয় গাঁথনি আৰু বিতৰণ সম্পর্কে চমুকৈ লিখা।

উত্তৰ৷ ভাৰতবৰ্ষত বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰে। ভাৰতবৰ্ষৰ প্ৰায় ৮১ শতাংশ লোক হিন্দু ধৰ্মাৱলম্বী। বাকী অন্যান্য ধৰ্মসমূহৰ ক্ষেত্ৰত ১২.৪ শতাংশ লোক ইছলাম ধৰ্মাৱলম্বী, ২.৩ শতাংশ লোক খ্রীষ্টান ধর্মাৱলম্বী, ১৯ শতাংশ লোক শিখ আৰু ০.৮ শতাংশ লোক বৌদ্ধ ধর্মাবলম্বী। স্থানিক বিতৰণৰ ক্ষেত্ৰত ভাৰতৰ অধিকাংশ ৰাজ্যতে হিন্দু ধৰ্মাৱলম্বী লোকৰ প্রাধান্য পৰিলক্ষিত হয়। ভাৰতৰ কেৱল জম্মু আৰু কাশ্মীৰ ৰাজ্যখন ইছলাম প্রধান, পাঞ্জাব ৰাজ্যখন শিখ প্রধান, আৰু মেঘালয়, মিজোৰাম আৰু নাগালেণ্ড ৰাজ্যখন খ্ৰীষ্টান প্রধান। ভাৰতবৰ্ষত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল প্ৰধানকৈ চিকিম, অৰুণাচল প্ৰদেশৰ পশ্চিমাংশ, পশ্চিমবংগৰ উত্তৰ অংশ আৰু বিহাৰৰ উত্তৰ অংশত বসবাস কৰে। আকৌ শিখ ধৰ্মাৱলম্বী লোকসকল বিশেষকৈ পাঞ্জাব আৰু হাৰিয়াণাত বসবাস কৰে আৰু জৈন ধৰ্মাৱলম্বী লোকসকলৰ সৰহভাগেই ৰাজস্থানত বসবাস কৰে। 

প্রশ্ন ১১। চমুটোকা লিখা :

(ক) মানুহ আৰু মানৱ ভূগোল

(খ) মানৱ জাতি

(গ) নিগ্রইড গোষ্ঠী

(ঘ) ধর্মীয় গাঁথনি

(ঙ) বৌদ্ধ ধর্ম

(চ) ভাৰতবৰ্ষত খ্ৰীষ্টান ধর্মীয় লোক।

উত্তৰ। (ক) মানুহ আৰু মানৱ ভূগোল : সকলো মানুহৰ দেহ গঠন কৰা কোষ মূলতঃ একে। জীৱবিদ্যামতে সকলো মানুহ হ’ম’চেপিয়েন্স নামে এটা বিশেষ প্ৰজাতিৰ অন্তৰ্গত। নৃতত্ববিদ্‌সকলৰ মতে জলবায়ু আৰু অন্যান্য ভৌগোলিক অৱস্থাৰ পাৰ্থক্যৰ বাবে মানৱ সৃষ্টিৰ আৰম্ভণিৰে পৰা পৃথিৱীত কেইবাটাও ভিন্ ভিন্ দৈহিক গঠনসম্পন্ন মানুহ পৃথিৱীত আছে। ভূগোলৰ যিটো বিভাগত প্রাকৃতিক পৰিৱেশৰ সৈতে থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহল অৰ্থত মানৱ ভূগোল বোলা হয়। মানৱ ভূগোলে অধ্যয়ন কৰা বিষয়বস্তু হৈছে— পৃথিৱীৰ উপৰিভাগত মানুহৰ বসতি, সাংখ্যিক বৃদ্ধি, বিতৰণ, সামাজিক বিকাশ, আর্থিক অৱস্থা, ব্যৱসায়-বাণিজ্য, যাতায়ত পৰিবহণ ব্যৱস্থা আদি বিভিন্ন মানৱসৃষ্ট উপাদান। প্রাকৃতিক পৰিৱেশৰ বিভিন্নতা, জনসংখ্যাৰ তাৰতম্য আৰু মানুহৰ গুণাগুণৰ পাৰ্থক্যৰ বাবে মানৱসৃষ্ট পৰিৱেশৰ বৈশিষ্ট্য পৃথিৱীৰ সকলো ঠাইতে ভিন্ ভিন্ হয়।

(খ) মানৱ জাতি : বংশানুক্রমে দেখিবলৈ পোৱা একে শাৰীৰিক বৈশিষ্ট্যযুক্ত মানুহৰ একো একেটা গোটক মানৱ জাতি বুলি কোৱা হয়। অর্থাৎ সুকীয়া সুকীয়া আৱয়বিক বৈশিষ্ট্য থকা মানৱ গোষ্ঠীক মানৱ জাতি বুলি ক’ব পাৰি। মানৱ জাতিৰ ধাৰণাটো প্রাণীবিদ্যাগত। প্রায় একে দৈহিক গঠন আৰু ছালৰ ৰংবিশিষ্ট এক থূপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্রমে একে বৈশিষ্ট্যবোৰ কঢ়িয়াই আনে তাকে ‘মানৱ জাতি’ বা ‘মানৱ গোষ্ঠী’ বুলি অভিহিত কৰিব পাৰি। মানুহৰ দেহৰ ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন যেনে চুলিৰ ধৰণ, উচ্চতা, নাক আৰু মুখৰ গঠন আদিত থকা পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ মানুহক মূলতে তিনিটা মানৱ জাতিত ভাগ কৰা হৈছে। মানৱ জাতিৰ সেই ভাগকেইটা হৈছে— ককেছীয়, নিগ্রইড আৰু মঙ্গোলীয় গোষ্ঠী।

(গ) নিগ্রইড গোষ্ঠী : নিগ্রইড গোষ্ঠীৰ লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ ক’লা বা বাদামী ক’লা বৰণৰ, চুলিবোৰ কেঁকোৰা, নাকটো বহল আৰু চেপেটা। এই জনগোষ্ঠীৰ লোকসকলৰ অধিকাংশই যথেষ্ট ওখ হয়। নিগ্র’ইড জাতিৰ লোকসকল প্ৰধানকৈ আফ্রিকা মহাদেশ, এছিয়া মহাদেশৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকা, দক্ষিণ-পূৱ এছিয়াৰ কিছু অংশৰ লগতে ওচেনিয়া মহাদেশৰ কিছু ঠাইত বসবাস কৰে। পূৱ আফ্ৰিকাৰ নিল’টিক আৰু হেমিটিক, মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ বান্টু, পশ্চিম আফ্ৰিকাৰ বুছমেন আৰু পিগ্‌মী, দক্ষিণ ভাৰত আৰু দক্ষিণ-পূৱ এছিয়াৰ নেগ্রিটো, দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰীয় অঞ্চলৰ মেলানেচীয় আৰু ওচেনিয়াৰ অষ্ট্ৰেলইডসকল নিগ্ৰ ইড জনগোষ্ঠীৰ অন্তৰ্ভূক্ত একো একোটা উপজাতি। নিগ্র ইড জনগোষ্ঠীৰ লোকসকল বৰ পৰিশ্ৰমী আৰু কষ্টসহিষ্ণু, গ্রীষ্ম প্রধান অঞ্চলত বসবাস কৰা বাবে এই লোকসকলৰ দেহৰ বৰণ ক’লা হয়। 

(ঘ) ধর্মীয় গাঁথনি : জীৱন নিৰ্বাহৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইৰ বা গোটৰ মানুহে যিবোৰ ধৰা-বন্ধা নিয়মাৱলী আৰু নীতিৰ মাজেৰে পৰিচালিত হয় তাকেই সাধাৰণ অৰ্থত ধৰ্ম বুলি কোৱা হয়। সমগ্র পৃথিৱীত বহু ধর্মাবলম্বী লোকে বসবাস কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য ধর্মসমূহ হৈছে–হিন্দু, ইছলাম, খ্ৰীষ্টান, জুদাই (জিউ-হিব্রু), বৌদ্ধ, কনফুচিয়াছ, জৈন, শিখ, বাহাই আদি। এই ধৰ্মসমূহৰ ভিতৰত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি। বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় এক-তৃতীয়াংশ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী। বিশ্বৰ দ্বিতীয় বৃহত্তম ধর্ম হিচাপে পৰিগণিত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা প্রায় ১৩৫ কোটি। আকৌ বিশ্বৰ মুঠ জনসংখ্যাৰ ১৪ শতাংশ অর্থাৎ প্রায় ১০ কোটি লোক হিন্দু ধৰ্মাৱলম্বী। ইয়াৰ বাহিৰে বাকী থকা ২৫ শতাংশ লোক শিখ, জৈন, কনফুচিয়াছ, বাহাই, জুদাই, চীনদেশীয় লোক ধর্ম, ছিণ্টো, বৈষ্ণৱ আদি ধৰ্মৰ বিশ্বাসী।

(ঙ) বৌদ্ধ ধর্ম : সাম্প্ৰতিক সময়ৰ পৰা প্ৰায় ২৬০০ বছৰ পূর্বে ভাৰতবৰ্ষৰ বৌদ্ধগয়া অঞ্চলত গৌতম বুদ্ধৰ নেতৃত্বত হিন্দু ধৰ্মৰ কিছু সংস্কাৰ সাধনেৰে বৌদ্ধ ধৰ্মৰ জন্ম হৈছিল। বৌদ্ধ ধৰ্মৰ প্ৰধানকৈ দুটা ভাগ আছে— হিনায়ন আৰু মহায়ন। হিন্দু ধৰ্মৰ এক নতুন ৰূপ হিচাপে বৌদ্ধ ধৰ্মৰ দ্বাৰা আকৃষ্ট হৈ ভাৰতবৰ্ষৰ লগতে ভূটান, চীনদেশ, শ্রীলংকা, দক্ষিণ-পূৱ এছিয়া আদি দেশত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ ঘটে। বৌদ্ধ ধৰ্মৰ মূল ধর্মগ্রন্থখন হৈছে ত্রিপিটাকা। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্রায় ৬ শতাংশ লোক বৌদ্ধ ধর্মাবলম্বী। ২০০৬ বৰ্ষৰ এক তথ্য অনুসৰি সমগ্ৰ বিশ্বত প্রায় ৩৮ কোটি বৌদ্ধ ধর্মাবলম্বী লোক আছে।

(চ) ভাৰতবৰ্ষত খ্ৰীষ্টান ধর্মীয় লোক : সমগ্র বিশ্বতে খ্রীষ্টান ধর্মীয় লোকৰ সংখ্যা সর্বাধিক যদিও ভাৰতবৰ্ষত এই ধৰ্মৰ লোকৰ সংখ্যা মুঠ ৰাজ্যসমূহত খ্ৰীষ্টান ধর্মীয় লোকৰ সংখ্যা তেনেই নগণ্য। অসমত মুঠ জনসংখ্যাৰ মাত্র ৩.৭ শতাংশ লোকহে খ্রীষ্টান ধৰ্মাৱলম্বী। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত মুঠ জনসংখ্যাৰ প্ৰায় ৮১.৪ শতাংশ লোকেই হিন্দু ধৰ্মত বিশ্বাসী।

জনসংখ্যাৰ মাত্ৰ ২-৩ শতাংশ। ভাৰতবৰ্ষৰ কেৱল নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় ৰাজ্যকেইখন হৈছে খ্ৰীষ্টান প্রধান। ভাৰতবৰ্ষৰ অন্যান্য

প্রশ্ন ১২। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) পৃথিৱীত মানুহৰ সৃষ্টি কেতিয়া হৈছিল?

(১) ৫-৬ লাখ বছৰ পূৰ্বে

(৩) ৫০-৬০ লাখ বছৰ পূৰ্বে

(২) ১-২ লাখ বছৰ পূৰ্বে

(৪) ১০-১২ লাখ বছৰ পূৰ্বে

উত্তৰ। (১) ৫-৬ লাখ বছৰ পূৰ্বে। 

(খ) জনসংখ্যা হিচাপে পৃথিৱীৰ বৃহত্তম ধর্মীয় গোষ্ঠীটো কি?

(১) ইছলাম ধৰ্ম

(২) হিন্দু ধর্ম

(৩) খ্রীষ্টান ধর্ম

(৪) চীনদেশী লোক ধর্ম

উত্তৰ। (৩) খ্ৰীষ্টান ধর্ম।

(গ) মানুহৰ সৃষ্টি প্রথমে কোন মহাদেশত হৈছিল?

(১) এছিয়া মহাদেশ

(২) আফ্রিকা মহাদেশ

(৩) ইউৰোপ মহাদেশ

(৪) ওচেনিয়া মহাদেশ

উত্তৰ। (২) আফ্রিকা মহাদেশ। 

(ঘ) চীনদেশৰ লোকসকল কোন মানৱ গোষ্ঠীৰ অন্তৰ্গত?

(১) কাছীয় গোষ্ঠী 

(২) নিগ্রইড গোষ্ঠী

(৩) মঙ্গোলীয় গোষ্ঠী

(৪) অষ্ট্রেল ইড গোষ্ঠী

উত্তৰ। (৩) মঙ্গোলীয় গোষ্ঠী।

প্রশ্ন ১৩। শিক্ষকৰ তত্ত্বাৱধানত তোমাৰ গাঁও বা চুবুৰীৰ জনসংখ্যাৰ ধর্মীয় গাঁথনিৰ তথ্য সংগ্ৰহ কৰা আৰু এখন তালিকা প্রস্তুত কৰা। 

উত্তৰ। (শিক্ষকৰ সহায় লৈ কৰিবলৈ চেষ্টা কৰা।)

প্রশ্ন ১৪। চুলিৰ বৰণ, নাক আৰু মুখৰ গঠন, উচ্চতা আৰু ছালৰ ৰঙৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহৰ শ্ৰেণী বিভাজন কৰা।

উত্তৰ। (নিজে নিজে কৰিবলৈ চেষ্টা কৰা।) 

প্রশ্ন ১৫। পৃথিৱীৰ এখন নক্সা মানচিত্র অংকন কৰি মানুহৰ আদিম জন্মস্থানৰ পৰা প্ৰব্ৰজন চিনাক্ত কৰা।

উত্তৰ।

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। প্রজাতিসকলক কিহৰ ভিত্তিত চিনাক্ত কৰিব পৰা যায় তোমাৰ ধাৰণাৰ যুক্তি দর্শোৱা।

উত্তৰ। প্ৰজাতিসকলক সাধাৰণতে আনুবংশিক লক্ষণসমূহৰ দ্বাৰা চিনাক্ত কৰিব পৰা যায় ৷ এই আনুবংশিক লক্ষণসমূহ হৈছে— ছালৰ ৰং, মূৰৰ আকৃতি, মুখমণ্ডলৰ আকৃতি, নাকৰ আকৃতি, চুলিৰ ধৰণ, চকু, শৰীৰৰ উচ্চতা ইত্যাদি। বিভিন্ন মানৱ গোটৰ এই লক্ষণসমূহ ভিন্‌ ভিন্‌। সকলো মানুহৰে শাৰীৰিক লক্ষণ বেলেগ বেলেগ। এই ভিন্‌ ভিন্‌ লক্ষণসমূহৰ ওপৰত ভিত্তি কৰিয়েই প্ৰজাতিসকলক চিনাক্ত কৰিব পাৰি ।

প্রশ্ন ২। প্রজাতিসকলক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে, প্ৰত্যেকৰে একোটাকৈ বৰ্ণনা দিয়া।

উত্তৰ। নৃতত্ত্ববিসকলে মুখমণ্ডলৰ আকৃতি, চুলিৰ ধৰণ আৰু শাৰীৰিক গঠনৰ ওপৰত ভিত্তি কৰিয়েই প্ৰজাতিসকলক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিছে। সেই ভাগবোৰ হ’ল–১। ককেছীয় (Caucasoid), 

২। মঙ্গোলীয় (Mongoloid), ৩। নিগ্রইড (Negroid)।

ককেছীয় : ককেছীয় প্ৰজাতিৰ লোকসকলৰ গাৰ ৰং সাধাৰণতে শ্বেতবর্ণ, চকু সৰল, নাক সাধাৰণতে দীঘল আৰু ঠেক, চুলি কেঁকোৰা, শৰীৰ ওখ। এই প্ৰজাতিৰ লোকসকলৰ দাড়ি, গোফ আৰু গাৰ নোম সাধাৰণতে বেছি, খুঁতৰি সুদৃঢ় আৰু সুগঠিত, মূৰৰ আকৃতি মধ্যমীয়া, দীঘলীয়া আৰু বহল ধৰণৰ থাকে। এই প্ৰজাতিৰ বিভিন্ন উপ-প্রজাতি আছে আৰু এই উপ-প্ৰজাতিবোৰৰ শাৰীৰিক লক্ষণসমূহৰ কিছুমান পার্থক্য আছে। ককেছীয় প্ৰজাতিৰ লোকসকলৰ প্ৰধান বসতিস্থল হ’ল ইউৰোপ, উত্তৰ আমেৰিকা, উত্তৰ ভাৰত, অষ্ট্ৰেলিয়া, উত্তৰ আফ্ৰিকা আদি দেশত।

মঙ্গোলীয় : মঙ্গোলীয়সকলৰ গাৰ বৰণ পীত বা হালধীয়া, চুলিৰ বং ক’লা। এই প্ৰজাতিৰ লোকসকলৰ দাড়ি, গোফ আৰু গাৰ নোম পাতল, মূৰ ডাঙৰ আৰু বহল, চকুত ভাজ থকা বাবে চকু বহলকৈ মেলিব নোৱাৰে। এওঁলোকৰ মুখমণ্ডল বহল আৰু আকৃতি চুটি-চাপৰ। মঙ্গোলীয়সকল যথেষ্ট পৰিশ্ৰমী, কষ্টসহিষ্ণু আৰু সভ্যতাৰ ক্ষেত্ৰত আগবঢ়া। মধ্য এছিয়াৰ তৃণাবৃত সমভূমি অঞ্চলত মঙ্গোলীয়সকলৰ উৎপত্তি হোৱা বুলি কোৱা হয়। ভৌগোলিক বিস্তৃতি অনুসৰি মঙ্গোলীয়সকলক চাৰিটা প্ৰধান ভাগত ভাগ কৰা হৈছে।

নিগ্রইড : নিগ্র ইডসকলৰ নাক বহল আৰু চেপেটা, নাকৰ সম্মুখভাগ বেছি চেপেটা আৰু বহল ধৰণৰ। এওঁলোকৰ গাৰ বৰণ ক’লা, চুলি খহটা, ঘন আৰু কেঁকোৰা। এই লোকসকলৰ শৰীৰ হৃষ্টপুষ্ট আকৃতিৰ, মুখমণ্ডল সন্মুখলৈ জোঙা, গাৰ নোম কম আৰু ওঁঠ মোটা, চকুৰ ৰং গাঢ় পিংগলৰপৰা ক’লা। নিগ্র ইডসকল বাস কৰা ঠাইসমূহ মণ্ডলত পৰে। এই লোকসকল প্ৰধানকৈ আফ্রিকা মহাদেশৰ অধিবাসী। নিএইডসকল অতি পৰিশ্ৰমী আৰু কষ্টসহিষ্ণু। নিগ্রইড প্রজাতিক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে—আফ্ৰিকাৰ নিগ্ৰইড আৰু ওচেনীয় নিগ্রইড।

প্রশ্ন ৩। পৃথিৱীত প্ৰজাতিসকলৰ ভৌগোলিক বিতৰণ সম্পর্কে এটি বর্ণনা দিয়া।

উত্তৰ। প্ৰজাতিৰ প্ৰধান ভাগসমূহ হৈছে ককেছীয়, মঙ্গোলীয় আৰু নিগ্রইড। ককেছীয় প্ৰজাতিৰ প্ৰধান বসতিস্থল হৈছে ইউৰোপ, উত্তৰ আমেৰিকা, মধ্যপ্রাচ্য, ইজিপ্ত, উত্তৰ ভাৰত, অষ্ট্ৰেলিয়া, দক্ষিণ-পশ্চিম এছিয়া, দক্ষিণ আফ্রিকা আদি দেশসমূহ। ককেছীয় প্ৰজাতিৰ কিছুমাन উপ-প্রজাতি আছে। সেইবোৰ হৈছে নর্ডিক (Nordic), আল্‌পাইন (Alpine), ভূমধ্যসাগৰীয় (Mediterrarean), ডিনারিক (Dinaric), আর্মেনীয় (Armenio) ইত্যাদি। এই উপ-প্রজাতিসমূহ প্ৰধানকৈ ইউৰোপ আৰু মধ্যপ্রাচ্যত বসবাস কৰে। বাল্টিক অঞ্চল, উত্তৰ ফ্ৰান্স, উত্তৰ জার্মেনি, আমেৰিকা যুক্তৰাষ্ট্ৰত নর্ডিক লোকসকলৰ বসতি দেখিবলৈ পোৱা যায়।

মঙ্গোলীয় প্ৰজাতিৰ লোকসকল প্ৰধানকৈ এছিয়া মহাদেশৰ পূৱ, উত্তৰ-পূৱ আৰু দক্ষিণ-পূৱ অঞ্চলত বসবাস কৰে। এই প্ৰজাতিৰ লোকসকল আৰম্ভণিত আমেৰিকাৰ অধিবাসী আছিল। ভৌগোলিক বিস্তৃতি অনুসৰি মঙ্গোলীয়সকলক প্ৰধানকৈ চাৰিটা ভাগত ভগোৱা হৈছে। সেইবোৰ হ’ল– প্রকৃত মূল বা মধ্য মঙ্গোলীয়, উত্তৰ মেৰুৰ মঙ্গোলীয় বা এস্কিমো, ইন্দোনেছীয়-মালয়ী মঙ্গোলীয় আৰু আমেৰিকাৰ মঙ্গোলীয় বা আমেৰিকাৰ ইণ্ডিয়ান ।

নিগ্রইড প্ৰজাতিৰ লোকসকল প্ৰধানকৈ আফ্রিকা মহাদেশৰ অধিবাসী। কুৰি শতিকাত নিগ্রইড প্ৰজাতিৰ বহুতো লোক উত্তৰ আৰু দক্ষিণ আমেৰিকাত বসবাস কৰিবলৈ লৈছে। নিগ্রইড প্রজাতিক প্ৰধানকৈ দুটা ভাগত ভগোৱা হৈছে। আফ্ৰিকাৰ নিগ্ৰইড আৰু ওচেনীয় নিগ্রইড। আফ্রিকার নিএইডসকলক আকৌ আঠোটা সৰু সৰু ভাগত ভাগ কৰা হৈছে। সেইবোৰ হৈছে— প্রকৃত নিগ্রইড, জংঘল, নাইলটিক নিগ্রইড বা নাইলট, বান্টু, বুছমেন, হটেনটট, নেগ্ৰিট’ (আফ্ৰিকাৰ পিগমি) আৰু অৰ্দ্ধহেমোইট। আনহাতে ওচেনীয় নিগ্র ইডসকলর নেগ্ৰিট’, মেলানেছীয়া আৰু পাপুৱান ভাগত ভাগ কৰা হৈছে। এইদৰে বিভিন্ন প্ৰজাতিৰ লোকসকল পৃথিৱীত সিঁচৰিত হৈ আছে।

প্রশ্ন ৪। মঙ্গোলীয়সকলৰ লগত ককেছীয়সকলৰ পাৰ্থক্য ক’ত বৰ্ণনা কৰা।

উত্তৰ। মঙ্গোলীয়সকলৰ লগত ককেছীয়সকলৰ বহুতো পার্থক্য আছে। মঙ্গোলীয়সকলৰ গাৰ বৰণ হালধীয়া বা মুগা কিন্তু ককেছীয়সকলৰ গাৰ বৰণ বগা। মঙ্গোলীয়সকলৰ চকু বেঁকা, মুখমণ্ডল বহুল আকৃতিৰ আৰু শৰীৰ চুটি-চাপৰ ধৰণৰ, চুলি, দাড়ি, ক’লা, গোফ আৰু নোম পাতল ।

ককেছীয়সকলৰ চকু সৰল, চুলি ঈষৎ কেঁকোৰা আৰু নাক দীঘল আকৃতিৰ। এই লোকসকলৰ দাড়ি, গোফ আৰু নোম সাধাৰণত বেছি, কপাল ওখ, ওঁঠ পাতল আৰু সৰু নাক থাকে।

মঙ্গোলীয় লোকসকলৰ প্ৰধান বসতিস্থল হৈছে এছিয়া মহাদেশৰ পূব, উত্তৰ-পূৱ আৰু দক্ষিণ-পূৱ অঞ্চলত। মঙ্গোলীয় লোকসকল পৰিশ্ৰমী আৰু কষ্টসহিষ্ণু। ককেছীয় লোকসকলৰ প্ৰধান বসতিস্থল হৈছে ইউৰোপ, উত্তৰ আমেৰিকা, মধ্যপ্রাচ্য, উত্তৰ ভাৰত, দক্ষিণ-পশ্চিম এছিয়া, ইজিপ্ট আৰু উত্তৰ আফ্ৰিকা দেশ। ককেছীয় লোকসকল স্বভাৱতে অধ্যৱসায়ী, কর্মকুশলী, বুধিয়ক আৰু উদ্যোগী।

এইদৰে শাৰীৰিক গঠনৰ বিভিন্নতা, বসতিস্থলৰ বিভিন্নতা আদিৰপৰা মঙ্গোলীয়সকলক ককেছীয় লোকসকলৰপৰা পৃথক কৰিব পাৰি।

প্রশ্ন ৫। নিগ্রইড প্রজাতিসকলৰ গাৰ বৰণ ক’লা হোৱাৰ আৰু ককেছীয়সকলৰ বগা হোৱাৰ ভৌগোলিক কাৰণসমূহ ব্যাখ্যা কৰা। 

উত্তৰ। নিগ্র’ইড প্ৰজাতিৰ লোকসকলৰ গাৰ বৰণ ক’লা হোৱাৰ প্ৰধান কাৰণ হ’ল এই লোকসকল বাস কৰা অঞ্চলসমূহ প্ৰধানকৈ গ্ৰীষ্ম মণ্ডলত পৰে। নিগ্ৰইড লোকসকল বৰ পৰিশ্ৰমী আৰু কষ্টসহিষ্ণু, গ্রীষ্ম প্রধান অঞ্চলত বাস কৰা বাবে এই লোকসকলৰ গাৰ বৰণ ক’লা হয়। 

আনহাতে ককেছীয় লোকসকল প্রধানকৈ শীত প্রধান অঞ্চলত বসবাস কৰে। এই অঞ্চলৰ জলবায়ু অনুকূল। সেইবাবে ককেছীয় অঞ্চলৰ লোকসকলৰ গাৰ বৰণ বগা হয়।

প্রশ্ন ৬। ককেছীয়সকলৰ বসতিস্থান ঘাইকৈ কোন কোন অঞ্চলত ? 

উত্তৰ। ককেছীয়সকল ঘাইকৈ ইউৰোপ, উত্তৰ আমেৰিকা, মধ্যপ্রাচ্য, ইজিপ্ট, অষ্ট্ৰেলিয়া, উত্তৰ আফ্ৰিকা আদি দেশত বসবাস কৰে। ককেছীয়সকলৰ নর্ডিক উপ-প্ৰজাতিটো প্ৰধানকৈ বাল্টিক অঞ্চল, উত্তৰ ফ্রান্স, উত্তৰ জাৰ্মানী, হলেণ্ড আদি দেশত বাস কৰে।

প্রশ্ন ৭। নিগ্ৰইডসকলৰ চুলিৰ ধৰণ কেনেকুৱা ?

উত্তৰ। নিএইডসকলৰ চুলি খহটা, ঘন আৰু কেঁকোৰা ধৰণৰ। নিগ্ৰ’ইড প্ৰজাতিৰ লোকসকলৰ চুলি ক’লা, উলকেশী আৰু কুঞ্চিত।

প্রশ্ন ৮। অসমৰ কোন প্রজাতিসকল মঙ্গোলীয় গোষ্ঠীৰ ?

উত্তৰ। মঙ্গোলীয় প্রজাতিৰ লোকসকল সাধাৰণতে চুটি-চাপৰ আকৃতিবিশিষ্ট আৰু এওঁলোকৰ দাড়ি, গোফ আৰু নোম পাতল হয়। অসমত পাহাৰ অঞ্চলত বসবাস কৰা লোকসকল আৰু বড়ো জনগোষ্ঠীৰ লোকসকল মঙ্গোলীয় গোষ্ঠীৰ লোক বুলি অনুমান কৰিব পাৰি।

প্রশ্ন ৯। ভাৰতৰ দ্ৰাবিড় মানুহৰ লগত আৰ্যসকলৰ পাৰ্থক্য কিহত দেখা যায় ?

উত্তৰ। ভাৰতৰ দ্রাবিড় মানুহৰ লগত আৰ্যসকলৰ ছালৰ পাৰ্থক্য দেখা যায়। প্রাক্-দ্রাবিড় লোকসকলৰ ছালৰ ৰং প্রায় ক’লা, চুলি ক’লা আৰু গাৰ নোম বৰ পাতল

প্রশ্ন ১০। মঙ্গোলীয়সকল আদিতে ক’ৰ মানুহ আছিল ?

উত্তৰ। মঙ্গোলীয়সকল আদিতে আমেৰিকাদ্বয়ৰ বাসিন্দা আছিল। মধ্য এছিয়াৰ ষ্টেপ বা তৃণাবৃত সমভূমি অঞ্চলত মঙ্গোলীয়সকলৰ উৎপত্তি হোৱা বুলি জনা যায়।

প্রশ্ন ১১। বান্টু নিগ্র ইডসকল আফ্ৰিকাৰ কোন ঠাইৰ ?

উত্তৰ। বান্টু (Bantus) নিএইডসকল আফ্ৰিকাৰ মধ্যভাগৰ অধিবাসী। বান্টু লোকসকল মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ কিছু অংশত বসবাস কৰে।

প্রশ্ন ১২। মানৱ প্ৰজাতি বুলিলে কি বুজা? এটা প্ৰজাতিৰ আনুষংশিক লক্ষণবোৰ কি কি?

উত্তৰ। সুকিয়া আৱয়বিক বৈশিষ্ট্য থকা মানৱ গোষ্ঠীক এটা মানৱ প্ৰজাতি বুলি কোৱা হয়। প্রজাতি হৈছে এটা মানৱ গোট। ইয়াক আনুবংশিক লক্ষণৰ দ্বাৰা আন এটা মানৱ গোষ্ঠীৰপৰা পৃথক কৰিব পাৰি।

এটা প্ৰজাতিৰ আনবংশিক লক্ষণবোৰ হৈছে- ছালৰ ৰং, চুলি, মূৰৰ আকৃতি, চকু আদি।

প্রশ্ন ১৩। মানুহ প্ৰজাতিৰ প্ৰধান শ্ৰেণী কেইটা আৰু কি কি? 

উত্তৰ। মানুহ প্ৰজাতিক প্ৰধানকৈ তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। সেই শ্ৰেণীকেইটা হ’ল- 

১। ককেছীয় (Caucasoid), 

২। মঙ্গোলীয় (Mongoloid), 

৩। নিগ্রইড (Negroid)।

প্রশ্ন ১৪। মঙ্গোলীয়সকলৰ প্ৰধান শ্ৰেণী কেইটা আৰু কি কি? 

উত্তৰ। ভৌগোলিক বিস্তৃতি অনুসৰি মঙ্গোলীয়সকলক প্ৰধানকৈ চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে। সেই শ্ৰেণীকেইটা হৈছে— 

১। প্রকৃত মূল বা মধ্য মঙ্গোলীয়, 

২। উত্তৰ মেৰুৰ মঙ্গোলীয় বা এস্কিমো, 

৩। ইন্দোনেছীয়-মালয়ী মঙ্গোলীয় আৰু 

৪। আমেৰিকাৰ মঙ্গোলীয় বা আমেৰিকাৰ ইণ্ডিয়ান। 

প্রশ্ন ১৫। নিগ্রইড প্ৰজাতিৰ জনগোষ্ঠীৰ লোকসমূহৰ দৈহিক বৈশিষ্ট্যবোৰ কি কি?

উত্তৰ। নিগ্রইড প্ৰজাতিৰ জনগোষ্ঠীৰ লোকসমূহৰ ছালৰ ৰং গাঢ় পিংগলৰ পৰা ক’লা। কোনো কোনো নিগ্ৰইডৰ ছালৰ ৰং পীতাভ হোৱা দেখা যায়। নিগ্র ইডসকলৰ চুলি ক’লা, উলকেশী আৰু কেঁকোৰা ধৰণৰ, চকুৰ ৰং গাঢ় পিংগলৰপৰা ক’লা। নিগ্রইড জনগোষ্ঠীৰ লোকসমূহৰ নাক বহল আৰু চেপেটা, মুখমণ্ডল সন্মুখলৈ জোঙা, মোটা ওঁঠ আৰু গাত কম পৰিমাণৰ নোম থাকে। এই লোকসকলৰ শৰীৰ হৃষ্টপুষ্ট আকৃতিৰ

প্রশ্ন ১৬। ককেছীয় প্ৰজাতিসকলৰ উপজাতিবোৰৰ নাম লিখা। 

উত্তৰ। ককেছীয়সকলৰ বিভিন্ন উপজাতিবোৰৰ নাম হৈছে— নর্ডিক, আল্পাইন, ভূমধ্যসাগৰীয়, ডিনাৰিক, আর্মেনীয়, পূৱ বাল্টিক, কেল্টিক, লাপ, ইণ্ড’দ্রাৱিড়, আইনু, পলিনেছীয়, অষ্ট্ৰেলীয় বা প্রাচীন ককেছীয়।

ভূমধ্যসাগৰীয় উপ-প্ৰজাতিটোৰ আকৌ তিনিটা ভাগ আছে। সেইবোৰ হৈছে— প্ৰকৃত বা মূল ভূমধ্যসাগৰীয়, আটলান্ট ভূমধ্যসাগৰীয়, ইঙ-আফগান বা ইৰাণ-আফগান।

প্রশ্ন ১৭। নর্ডিকসকল কোন প্ৰজাতিৰ লোক? এই লোকসকলৰ প্রধান বসতিস্থল ক’ত?

উত্তৰ। নর্ডিকসকল প্ৰধানকৈ ককেছীয় প্ৰজাতিৰ লোক। এই লোকসকল স্কেণ্ডিনেভিয়াৰ অধিবাসী। নর্ডিকসকলৰ প্ৰধান বসতিস্থল হৈছে—বাল্টিক অঞ্চল, উত্তৰ ফ্ৰান্স, উত্তৰ জাৰ্মানী, হলেও, বেলজিয়াম, ব্ৰিটিছ দ্বীপপুঞ্জৰ বিভিন্ন অঞ্চল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ।

প্রশ্ন ১৮। আল্পাইন উপ-প্ৰজাতিৰ লোকসকলৰ বসতিস্থল ক’ত লিখা ।

উত্তৰ। আল্পাইন উপ-প্ৰজাতিৰ লোকসকলৰ বসতিস্থল সমগ্ৰ ইউৰোপ মহাদেশতে। ডেনমার্ক, নৰৱে, উত্তৰ ইটালি, ৰাচিয়া, ছাইবেৰিয়া আৰু এছিয়া মাইনৰ পাৰ্বত্য অঞ্চলত আল্পাইন উপ-প্ৰজাতিৰ লোকসকল বসবাস কৰা দেখা যায়।

প্রশ্ন ১৯। ভূমধ্যসাগৰীয় লোকসকল পৃথিৱীৰ ক’ত সিঁচৰিত হৈ আছে?

উত্তৰ। ভূমধ্যসাগৰীয় উপকূল অঞ্চলৰ বাসিন্দা ককেছীয়সকল পৃথিৱীৰ বহুতো দেশত সিঁচৰিত হৈ আছে। এই লোকসকল থকা প্রধান দেশসমূহ হৈছে—পর্তুগাল, স্পেইন, ফ্রান্স, ইটালি, গ্রীচ, টার্কি, উত্তৰ আফ্ৰিকা, আৰব, ইৰাণ, আফগানিস্থান, পাকিস্থান আৰু উত্তৰ ভাৰত।

 তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া 

প্রশ্ন ১। নৃ-গোষ্ঠীয় গোট কাক বোলে?

উত্তৰ। যি জনসমষ্টিৰ জাতি, ধৰ্ম, ভাষা, কৃষ্টি, সভ্যতা আৰু ৰাষ্ট্ৰীয়তা আদিৰ সাদৃশ্য থাকে, তেনে জনসমষ্টিক নৃ-গোষ্ঠীয় গোট বোলা হয়। অর্থাৎ নৃ-গোষ্ঠীয় গোটৰ এক স্বকীয় বৈশিষ্ট্য থাকে। কোনো নৃ এক নৃ-গোষ্ঠীয় গোটৰ সংস্কৃতি সাধাৰণতে আন এখন সমাজৰ পৰা পৃথক হয়।

প্রশ্ন ২। মানৱ গোষ্ঠীৰ বৈজ্ঞানিক নাম কি?

উত্তৰ। মানৱ গোষ্ঠীৰ বৈজ্ঞানিক নাম হৈছে—“হম’ চেপিয়েন্স” (Homo sapiens)।

প্রশ্ন ৩। ভূমধ্যসাগৰীয় অঞ্চলৰ ককেছীয়সকলৰ শাৰীৰিক গঠন কেনে ধৰণৰ ?

উত্তৰ। ভূমধ্যসাগৰীয় অঞ্চলৰ ককেছীয়সকলৰ মূৰ দীঘল, চুলি ক’লা আৰু ছালৰ বৰণ জলফাইৰ পৰা মুগা বৰণৰ।

প্রশ্ন ৪। আফ্রিকা মহাদেশৰ পিগ্‌মিসকলৰ শাৰীৰিক বৈশিষ্ট্য কি?

উত্তৰ। আফ্রিকা মহাদেশৰ পিগ্‌মিসকলৰ প্ৰায় প্ৰত্যেকৰে শৰীৰৰ ছাল ক’লা, নাক চেপেটা, ওঁঠ আগলৈকে বাঢ়ি অহা, মূৰটো ঠেক আৰু দাঁতবোৰ উজলা প্ৰকৃতিৰ ।

প্রশ্ন ৫। ভাৰতীয় জনগোষ্ঠীসকলক মূলতঃ কেইটা নৃ-গোষ্ঠীয় গোটত ভাগ কৰিব পাৰি?

উত্তৰ। ভাৰতীয় জনগোষ্ঠীসকলক মূলতঃ তিনিটা নৃ-গোষ্ঠীয় গোটত ভাগ কৰিব পাৰি। সেই গোটকেইটা হৈছে

১। নেগ্রিটো-দ্রাবিড়ীয়ান (Negrito Dravidian)

২। ইন্দো-আর্য (Indo-Aryan) আৰু

৩। মঙ্গোলীয়ান (Mongolian)।

প্রশ্ন ৬। অসমৰ মিচিং, দেউৰী জনগোষ্ঠীসকলে অসমৰ কেনেকুৱা ঠাইত বাস কৰে?

উত্তৰ। অসমৰ মিচিং আৰু দেউৰী জনগোষ্ঠীসকলে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানী মুক্ত অঞ্চলসমূহত বিশেষকৈ পূৱ অংশত বসবাস কৰে। মিচিং জনগোষ্ঠীৰ লোকসকল প্ৰধানকৈ লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ বসবাস কৰিছে। আনহাতে, দেউৰী জনগোষ্ঠীৰ লোকসকল প্ৰধানকৈ শিৱসাগৰ আৰু ডিব্ৰুগড় অঞ্চলত অধিক পৰিমাণে বসবাস কৰে ।

প্রশ্ন ৭। উত্তৰ কাছাৰ জিলাত কোন কোন জনগোষ্ঠীৰ মানুহে বাস কৰে ?

উত্তৰ। উত্তৰ কাছাৰ জিলাত ডিমাছা, বর্মণসকল (বড়ো আৰু কছাৰী), কুকি জনগোষ্ঠী, ৰেংমা নগা জনগোষ্ঠী আৰু কমসংখ্যক হাজং জনগোষ্ঠীর লোকে বসবাস কৰে।

প্রশ্ন ৮। অসমত নিগাজীকৈ বসবাস কৰি থকা বৌদ্ধ ধর্মীয় জনগোষ্ঠীসকলৰ পৰিচয় কি?

উত্তৰ। অসমত নিগাজীকৈ বসবাস কৰি থকা বৌদ্ধ ধর্মীয় জনগোষ্ঠীৰ হৈছে—টাই বৌদ্ধ ধর্মীয় লোকসকল। এই লোকসকলৰ ভিতৰত টাই-খামতি, টাই-ফাকে, টাই-খাম-য়াং আৰু টাই-আইতনসকল মুখ্য। এই বৌদ্ধ ধর্মীয় লোকসকল মূলতঃ কৃষিজীৱী আৰু এওঁলোকৰ

নিজস্ব একো একোটা সংস্কৃতি আছে। অসমত বসবাস কৰা এই বৌদ্ধ ধর্মীয় লোকসকলক প্ৰধানকৈ চাই-আহোম বুলি পৰিচিত। এই লোকসকল নানা কাৰণত উত্তৰ ব্ৰহ্মাৰ টাই ৰাজ্যসমূহৰ পৰা অসমলৈ প্ৰব্ৰজনহৈ অসমৰ আহোমসকলৰ সৈতে লগ লাগিছিল ।

প্রশ্ন ৯। চমুটোকা লিখা :

হম’ চেপিয়েন্স, শ্বেত আদিম, নেগ্রিটো দ্রাবিড়ীয়ান, আহোমসকল, কাৰ্বি, মৰাণ-মটকসকল।

উত্তৰ। হম’ চেপিয়েন্স : হম’ চেপিয়েন্স হৈছে পৃথিৱীৰ সকলো জনগোষ্ঠী লগ কৰি কৰা এক মানৱ জনগোষ্ঠীৰ বৈজ্ঞানিক নাম । হম’ চেপিয়েন্স (Homo sapiens) জীৱগোষ্ঠীটোক প্রধানত চাৰিটা মুখ্য প্ৰজাতিত বিভক্ত কৰা হৈছে। সেইবোৰ হ’ল— ককেছীয়, মঙ্গোলীয়, নিগ্ৰইড আৰু অষ্ট্ৰেলীয়।

শ্বেত আদিম : হ’ম’ চেপিয়েন্স জনগোষ্ঠীৰ অন্তৰ্ভূক্ত অষ্ট্ৰেলীয় (Austroloids) লোকসকলক শ্বেত আদিম বোলা হয়। এই লোকসকলক এক সুকীয়া গোটত ধৰা হয়। শ্বেত আদিম জনগোষ্ঠীয় লোকসকলৰ জাতি, ধৰ্ম, ভাষা, কৃষ্টি, সভ্যতা, ৰীতি-নীতি, চাল-চলন, আচাৰ-ব্যৱহাৰ আদি সকলো ক্ষেত্রতে আন জনগোষ্ঠীসমূহৰ পৰা বৈসাদৃশ্যতা পৰিলক্ষিত হয়।

নেগ্রিটো দ্ৰাৱিড়ীয়ান : ভাৰতীয় জনসাধাৰণৰ এটা মুল নৃ-গোষ্ঠীয় ভাগ হৈছে নেগ্রিটো দ্রাবিড়ীয়ান। আৰ্যসকল মধ্য এছিয়াৰ পৰা ভাৰতবৰ্ষলৈ আহি আগতেই নেগ্রিটো দ্রাৱিড়ীয়ান ভাৰতবৰ্ষত বসবাস কৰিছিল। অসমত থকা কৈবর্তসকলৰ শাৰীৰিক গঠন নেগ্ৰিটো দ্রাবিড়ীয়ানসকলৰ সৈতে কিছু সাদৃশ্য থকা বুলি বহুতো নৃতত্ত্ববিদে মত পোষণ কৰে।

আহোমসকল : আহোমসকল আছিল অসমলৈ প্ৰব্ৰজন কৰা শেষ প্ৰব্ৰজনকাৰী। তেওঁলোকে অসমত বহু দিন ধৰি বসবাস কৰিছিল। দীৰ্ঘদিন ধৰি অসমত বসবাস কৰা আহোমসকলে তেওঁলোকৰ নিজ ভাষা পাহৰি অসমীয়া ভাষাক নিজৰ ভাষা হিচাপে গ্ৰহণ কৰিছিল। প্ৰায় ছয়শ বছৰ ধৰি অসমত ৰাজত্ব কৰা আহোমসকলে পূর্বৱ নিজ ধর্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। আহোমসকলৰ পুৰণি ভাষা আছিল শানং। বর্তমানে উজনি অসমৰ অধিকাংশ ঠাইত আহোম লোক সিঁচৰিত হৈ আছে।

কার্বি : অসমত বসবাস কৰা এটি প্রাচীন অধিবাসী হৈছে কাৰ্বি জনগোষ্ঠীৰ লোকসকল। এওঁলোক মূলত চীন-তীব্বতীয় ভাষাগোষ্ঠীৰ লোক। কাৰ্বি জনগোষ্ঠীৰ লোকসকলে প্ৰধানকৈ অসমৰ কাৰ্বি আংলঙত বসবাস কৰে। উত্তৰ কাছাৰ জিলাত ভালে সংখ্যক কার্বি লোকে বসবাস কৰে। কাৰ্বিসকলে নিজকে আৰলেং বুলি কয়। আৰলেং শব্দৰ অর্থ হৈছে মানুহ। অসমত বাস কৰা অন্যান্য জনজাতিৰ তুলনাত কাৰ্বিসকল শিক্ষা-দীক্ষাত পিছপৰা কাৰ্বি সমাজত নিজস্ব আচাৰ-অনুষ্ঠান, সমাজ-সংস্কৃতি বৰ্তি থকাৰ উপৰিও বর্তমান প্রতিবেশী অসমীয়া সমাজৰ আচাৰ-অনুষ্ঠান, সমাজ-সংস্কৃতিৰ প্রভাৱেও ইয়াক প্ৰভাৱান্বিত কৰিছে। ইয়াৰ ফলত কাৰ্বি সমাজৰ অনেক পৰিৱৰ্তন সাধিত হৈছে। কাৰ্বি সংস্কৃতিত কিছু পৰিমাণে খাচী সংস্কৃতিৰ প্ৰভাৱো পৰিলক্ষিত হয়। অৱশ্যে খাচীসকলৰ সংস্কৃতিত মাতৃপ্রধান সমাজৰ প্ৰাধান্যৰ পৰিৱৰ্তে কাৰ্বিসকলৰ সংস্কৃতিত পিতৃপ্রধান সমাজে প্রাধান্য লাভ কৰা দেখা যায়।

মৰাণ-মটকসকল : অসমত বসবাস কৰা এটি ইতিহাস প্রসিদ্ধ জনগোষ্ঠী হৈছে মৰাণ-মটকসকল। ভাষাতত্ত্বৰ ফালৰপৰা বিচাৰ কৰিলে এওঁলোক চীন-তিব্বতীয় ভাষা পৰিয়ালৰ বৱোমূলীয় আৰু নৃতত্ত্বৰ ফালৰপৰা বিচাৰ কৰিলে এওঁলোক মঙ্গোলীয় জনগোষ্ঠীৰ অন্তর্গত। মৰাণ-মটকসকলে তিব্বত-চীনৰ পাদদেশৰ পৰা প্ৰব্ৰজন কৰি অসমত প্ৰৱেশ কৰে আৰু তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু যোৰহাট জিলাত বসতি স্থাপন কৰে। এওঁলোকে নিজস্ব সামাজিক আৰু সাংস্কৃতিক ঐতিহ্যৰে বৰ্তমান বসবাস কৰি আছে।

নৱম শ্ৰেণীৰ ভূগোল সমাধান

Sl. No.সূচী-পত্ৰ
Chapter 1বতৰ আৰু জলবায়ু
Chapter 2পৃথিৱীৰ মানুহ
Chapter 3জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
Chapter 4জনবসতি
Chapter 5সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ
Chapter 6অর্থনৈতিক কার্য বা বৃত্তি
Chapter 7কৃষি
Chapter 8উদ্যোগ

চমু ব্যাখ্যা দিয়া :

প্রশ্ন ১। অসমলৈ কোন কোন দিশৰ পৰা মানুহৰ প্ৰব্ৰজন হৈছিল? 

উত্তৰ। অতি প্রাচীন কালৰেপৰা অসমলৈ মানুহৰ প্ৰব্ৰজন ঘটিছিল আৰু অসমলৈ প্ৰৱেশ কৰা পথ চাৰিওদিশৰপৰা আছে। পশ্চিম দিশে থকা ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্যকাৰ বহল পথেৰে ককেছীয় লোকসকল অসমত প্ৰৱেশ কৰিছিল। উত্তৰ দিশৰ পশ্চিম কোণত তিব্বত, নেপাল আৰু ভূটানৰ গিৰিপথবোৰেদি মঙ্গোলীয় লোকসকলৰ প্ৰব্ৰজন হৈছিল। উত্তৰ-পূৱ দিশত থকা পাটকাই পৰ্বতৰ মাজৰ গিৰিপথসমূহেদি মঙ্গোলীয় লোকসকল অসমত সোমাইছিল। অসমৰ চুবুৰীয়া দেশ বাংলাদেশৰপৰা পূৰ্বৰে পৰা বৰ্তমানলৈকে নানা পথেদি অসমলৈ আহিছিল আৰু এই ধাৰা বৰ্তমানেও অব্যাহত আছে।

প্রশ্ন ২। ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্যকাইদি কোন লোকসকল অসমলৈ আহিছিল?

উত্তৰ। ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্যকাইদি ককেছীয় লোকসকল অসমলৈ আহিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানী মুক্ত অঞ্চলসমূহত প্ৰধানকৈ অ-জনজাতীয় ইণ্ডো-এৰিয়ান লোকসকলে বসবাসৰ স্থল হিচাপে বাচি লৈছিল। 

প্রশ্ন ৩। উজনি অসমৰ ফালে বাস কৰি থকা লোকসকল ক’ৰ পৰা আৰু কেনেকৈ অসমলৈ আহিছিল ?

উত্তৰ। উজনি অসমৰ ফালে বসবাস কৰি থকা লোকসকল হৈছে প্ৰধানকৈ— আহোম, চুতীয়া, টিৱা, দেউৰী, মিচিং, কছাৰী, সোনোৱাল আদি জনগোষ্ঠীৰ লোক। এই লোকসকলৰ অধিকাংশই উত্তৰ-পশ্চিমৰ পৰা বিহাৰ, উত্তৰবংগ হৈ অসমত প্ৰৱেশ কৰিছিল। চুতীয়াসকলে উত্তৰ-পূৱ দিশৰ গিৰিপথেৰে অসমত সোমাইছিল আৰু শদিয়াত ৰাজ্য স্থাপন কৰিছিল। টিৱা জনগোষ্ঠীয় লোকসকলে তিব্বতৰ পৰা আহি ব্রহ্মপুত্র উপত্যকাত বসবাস কৰিছিল। উজনি অসমত বসবাস কৰা মিচিং লোকসকল অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ আহি সোৱণশিৰি নদীৰ পাৰত বসতি স্থাপন কৰিছিল। আকৌ, উজনি অসমত বসবাস কৰা চাহ বনুৱাসকল বিহাৰ আৰু উত্তৰ প্ৰদেশৰপৰা অসমলৈ আহিছিল। এনেদৰে বিভিন্ন ঠাইৰ পৰা অসমলৈ আহি ভিন্ন ভিন্ন গোষ্ঠীৰ লোকসকলে উজনি অসমত বসবাস কৰিছিল।

প্রশ্ন ৪। আফ্রিকা মহাদেশৰ মানুহবিলাকৰ শাৰীৰিক বৈশিষ্ট্য কি? 

উত্তৰ। আফ্রিকা মহাদেশৰ মানুহবোৰ সাধাৰণতে কিছু চাপৰ বা মধ্যমীয়া ওখ হয়, গাৰ ৰং গাঢ় ক’লা; চুলিবোৰ ঘন, চুটি আৰু কেঁকোৰা হয়। আফ্রিকা মহাদেশেৰ মানুহবোৰৰ নাক চুটি আৰু চেপেটা হয়, ওঁঠৰ আকৃতি ডাঙৰ আৰু ঘোৰখোৱা, গাৰ নোম বৰ কম। এই মহাদেশৰ লোকসকলৰ মুখমণ্ডল সন্মুখলৈ জোঙা, নাকৰ সন্মুখভাগ বেছি চেপেটা আৰু বহল।

প্রশ্ন ৫। ইউৰোপ মহাদেশৰ মানুহৰ শৰীৰৰ গঠন কেনেকুৱা ?

উত্তৰ। ইউবোপ মহাদেশৰ মানুহবোৰ সাধাৰণতে ওখ হয়। এই মহাদেশৰ লোকসকলৰ গাৰ ছালৰ ৰং বগা, চুলি পোন, নাক ওখ আৰু দীঘল, ওঁঠ মধ্যমা বা দীঘল আকৃতিৰ। ইউৰোপ মহাদেশৰ লোকসকলৰ দাড়ি, গোফ আৰু গাৰ নোম সাধাৰণতে বেছি হয়, চকু পাতল বৰণব, মূৰৰ আকৃতি দীঘলীয়া, মধ্যমীয়া আৰু বহল হোৱা দেখা যায়।

প্রশ্ন ৬। ড° গুহৰ মতে ভাৰতীয় মানুহক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰ। ড° গুহৰ মতে ভাৰতীয় মানুহক ছয়টা ভাগত ভাগ কৰিছে। সেই ভাগকেইটা হৈছে

নেগ্রিটো, প্রাক্-অষ্ট্ৰেলীয়, মঙ্গোলীয়, ভূমধ্যসাগৰীয়, পশ্চিমীয়া প্রশস্ত-মস্তকী আৰু নর্ডিক। মঙ্গোলীয় ভাগটোক আৰু চাৰি ভাগত ভাগ কৰা হৈছে— প্রত্ন-মঙ্গোলীয়, দীর্ঘ-মস্তকী, প্রশস্ত-মস্তকী আৰু তিব্বতো-মঙ্গোলীয়। সেইদৰে ভূমধ্যসাগৰীয়ক প্রত্ন-ভূমধ্যসাগৰীয়, ভূমধ্যসাগৰীয় আৰু প্ৰাচ্য ভাগত ভাগ কৰিছে। আকৌ পশ্চিমীয়া প্রশস্ত-মস্তকীক আল্পাইনীয়, আর্মেনীয় আৰু ডিনাৰিক ভাগত ভাগ কৰিছে।

প্রশ্ন ৭। অসমত বড়ো জনগোষ্ঠীৰ লোক কোন কোন অঞ্চলত বেছিকৈ বাস কৰিছে?

উত্তৰ। অসমত বড়ো জনগোষ্ঠীৰ লোকসকল প্ৰধানকৈ কোকৰাঝাৰ, অবিভক্ত কামৰূপ আৰু দৰং জিলাত বেছিকৈ বাস কৰিছে। অসমৰ পশ্চিম অঞ্চলত বড়ো জনগোষ্ঠীৰ লোকসকল বিশেষকৈ বসবাস কৰিছে।

প্রশ্ন ৮। চাহ বাগিচাৰ বনুৱাসকল কোন কোন ঠাইৰপৰা অসমলৈ আহিছে?

উত্তৰ। চাহ বাগিচাৰ বনুৱাসকল বিহাৰ আৰু উত্তৰপ্ৰদেশৰপৰা অসমলৈ আহিছে। অসমত থকা কছাৰী জনগোষ্ঠীয় লোকৰ বাহিৰে আন লোকসকলে চাহ বাগিচাত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল। সেইবাবে বনুৱাৰ অভাৱ হোৱাত বিহাৰ আৰু উত্তৰপ্ৰদেশৰপৰা কিছু সংখ্যক বনুৱা চাহ বাগিছাত কাম কৰিবলৈ আগবাঢ়ি আহে আৰু তেতিয়াৰেপৰা এই বনুৱাৰ আগমন হৈ আছে।

প্রশ্ন ৯। প্ৰফেচৰ তাহেৰৰ নৃ-গোষ্ঠীয় মডেলৰ মতে অসমৰ জনগোষ্ঠীৰ চমু ব্যাখ্যা দিয়া ।

উত্তৰ। উত্তৰ-পূৱ ভাৰতৰ এজন প্রখ্যাত ভূগোলবিদ প্ৰফেচৰ তাহেৰে উত্তৰ-পূৱ ভাৰতৰ জনগোষ্ঠীৰ বিষয়ে অধ্যয়ন কৰি এক মডেল আগবঢ়াইছে। প্রফেচব তাহেৰে আগবঢ়োৱা মডেল অনুসৰি বিভিন্ন প্রজাতীয় উপাদান তথা জাতি, উপজাতিৰ উমৈহতীয়া সংমিশ্ৰণেৰে অসমৰ নৃ-গোষ্ঠী গঢ় লৈ উঠিছে। অসমৰ জনসাধাৰণৰ মাজত বড়ো, কছাৰী, মিচিং, দেউৰী, ৰাঙা, টিৱা, টাই আৰু বেংগলী আদিও আছি।

অসমৰ বিভিন্ন বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰে যদিও একে জনগোষ্ঠীৰ মানুহ আন আন জনগোষ্ঠীৰ সান্নিধালৈ আহি এক বহৎ অসমীয়া সমাজ গঠন কৰিছে।

সিপিঠিত নৃগোষ্ঠীয় মডেলৰ ধাৰণা দিয়া হৈছে 

প্রশ্ন ১০। জনগোষ্ঠীৰ সংজ্ঞা দিয়া।

উত্তৰ। এটা নিৰ্দিষ্ট অঞ্চলত বাস কৰা একে ভাষা আৰু সংস্কৃতি সম্পন্ন একক শাসনতন্ত্ৰেৰে শাসিত এটা সামাজিক গোটক এটা জনগোষ্ঠী বুলি কোৱা হয়।

প্রশ্ন ১১। অসমৰ মূল জনগোষ্ঠীসমূহৰ নাম লিখা ।

উত্তৰ। অসমৰ মূল জনগোষ্ঠীসমূহৰ নাম হৈছে – বড়ো, ৰাঙা, টিৱা, কাৰ্বি, সোণোৱাল, চুতিয়া, কুকি, হাজং, মেছ, গাৰো, বৰ্মন, ডেউৰী, মিচিং আদি।

প্রশ্ন ১২। বৰাক উপত্যকাৰ মূল জনগোষ্ঠীবোৰৰ নাম লিখা।

উত্তৰ। বৰাক উপত্যকাৰ মূল জনগোষ্ঠীসমূহ হৈছে—ডিমাছা, বৰ্মন আৰু কুকিসকল! বৰাক উপত্যকাৰ প্লাৱনভূমিত অ-জনজাতীয় ইণ্ডো-এৰিয়ান খেতিয়কসকলে বসবাস কৰিবলৈ লয়। বৰ্তমান উত্তৰ কাছাৰ জিলাৰ প্ৰধান জনগোষ্ঠী হৈছে ডিমাছা কছাৰীসকল। কাৰ্বি আংলং জিলাৰ কিছু অঞ্চলত ৰেমাং নগা গোষ্ঠীৰ লোকসকল বসবাস কৰে। বৰাক উপত্যকাত থকা আন এক জনগোষ্ঠী হ’ল হাজং জনগোষ্ঠী।

(কাঁড় চিনে আগৰ পৰিয়িডৰ অন্তঃপ্ৰব্ৰজনৰ কথা সূচাইছে।

উৎস : নথ ইষ্টার্ণ জিঅ’গ্ৰাফাৰ ভল্যুম—১৯নং ১ আৰু ২, ১৯৮৭ 

প্রশ্ন ১৩। অসমৰ এখন মানচিত্র আঁকি মূল জনগোষ্ঠীৰ লোকসকলে বসবাস কৰা ঠাইসমূহ দেখুওৱা।

উত্তৰ: 

প্রশ্ন ১৪। অসমৰ মাজেৰ কি কি জনগোষ্ঠীৰ লোক ভাৰতবৰ্ষৰ অন্য ৰাজ্যলৈ প্ৰব্ৰজন হৈছিল ?

উত্তৰ। অসমৰ মাজেৰে ভাৰতবৰ্ষৰ অন্য ৰাজ্যলৈ প্ৰব্ৰজন কৰা প্ৰথম জনগোষ্ঠী আছিল মনখেৰ আৰু শেষত অহা লোকসকল আহোম আছিল । মঙ্গোলীয় লোকসকল উত্তৰ-পূৱ দিশৰপৰা দল হৈ আহি অসমৰ মাজেৰে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ প্ৰব্ৰজন হৈছিল। আৰ্যসকলে উত্তৰ পশ্চিমৰপৰা বিহাৰ হৈ অসমত সোমাইছিল।

প্রশ্ন ১৫। অসমৰ বড়ো জনগোষ্ঠীৰ লোক বেছিকৈ পোৱা অঞ্চলসমূহ কি কি?

উত্তৰ। অসমৰ বড়ো জনগোষ্ঠীৰ লোক বেছিকৈ পোৱা অঞ্চলসমূহ হৈছে— কোকৰাঝাৰ জিলা, দৰং জিলা, নলবাৰী জিলাৰ বিভিন্ন অঞ্চল আৰু অবিভক্ত কামৰূপৰ বিভিন্ন অঞ্চলত। নলবাৰী জিলাৰ বৰমা, তামুলপুৰ আদি ঠাইত বড়ো জনগোষ্ঠীৰ লোক অধিক পৰিমাণে বসবাস কৰা দেখা যায়। সেইদৰে কোকৰাঝাৰ জিলাৰ সকলো অঞ্চলতে বড়ো জনগোষ্ঠীৰ লোক বাস কৰে।

প্রশ্ন ১৬। চাহ বাগিছাত নিয়োজিত বনুৱাসকল কোন কোন ঠাইৰপৰা কেতিয়া অসমলৈ আহিছিল চমুকৈ লিখা।

উত্তৰ। ১৮৫৮-৫৯ চনত বিহাৰ আৰু উত্তৰপ্ৰদেশৰপৰা প্ৰায় ৪০০ চাহ বনুৱাক অসমলৈ অনা হৈছিল। সেই সময়ত কিছু সংখ্যক বড়ো-কছাৰী লোকৰ বাদে আন জনগোষ্ঠীৰ লোকসকলে চাহ বাগিছাত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিছিল অর্থাৎ ঊনৈশ শতিকাৰ মাজ ভাগৰপৰা বিহাৰ আৰু উত্তৰপ্ৰদেশৰপৰা অসমলৈ চাহ বনুৱাৰ আগমন চলি আছে। ১৯৫১ চনৰ লোকপিয়ল অনুসৰি চাহ বনুৱাৰ সংখ্যা ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ১২ শতাংশ হয়।

প্রশ্ন ১৭। বাংলাদেশ আৰু নেপালৰপৰা অহা বিভিন্ন জনগোষ্ঠীৰ লোকসকল ক’ত কেনেদৰে বসবাস কৰিছে চমুকৈ লিখা

উত্তৰ। বাংলাদেশৰপৰা বহুতো মুছলমান সম্প্রদায় আৰু কৃষিজীবী হিন্দু লোক অসমলৈ আহিছিল। বাংলাদেশৰপৰা প্ৰব্ৰজন হোৱা লোকসকল অসমৰ গোৱালপাৰা, ধুবুৰী, বৰপেটা, নগাওঁ, মৰিগাওঁ আৰু দৰং জিলাত বসবাস কৰিবলৈ লৈছিল। গোৱালপাৰা জিলা, ধুবুৰী জিলা আৰু শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত এই পমুৱা লোকসকলে খেতি-বাতি কৰি স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছে। বৰাক উপত্যকাৰ বিভিন্ন ঠাইতো এই লোকসকলে বসবাস কৰি আছে।

নেপালৰপৰা অহা লোকসকল অসমৰ প্ৰধানকৈ দৰং, শোণিতপুৰ আৰু লখিমপুৰ জিলাত বসতি স্থাপন কৰে। নেপালৰপৰা অহা লোকসকল প্ৰধানকৈ পশুপালক। গৰু, ম’হ আৰু বিভিন্ন ধৰণৰ জীৱ-জন্তু পোহ-পালন কৰি এই নেপালী জনগোষ্ঠীৰ লোকসকলে জীৱিকা নিৰ্বাহ কৰে।

Leave a Reply