Class-9 Assamese Question Grammar| ৰচনা| Easy In Assamese

Class-9 Assamese Question Grammar| ৰচনা| Easy In Assamese The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Grammar| ৰচনা| Easy In Assamese  and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Grammar| ৰচনা| Easy In Assamese

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Grammar| ৰচনা| Easy In Assamese  Solutions for All Subjects, You can practice these here.

আমাৰ পঢ়াশালীখন

মই পঢ়া পঢ়াশালীখনৰ নাম মাণিকচন্দ্র উচ্চমাধ্যমিক স্কুল। ১৯০১ চনত এই স্কুলখন স্থানীয় ৰাইজে চাঁন্দা তুলি স্থাপন কৰিছিল। ৰাইজৰ শিক্ষাৰ প্ৰতি আগ্রহ দেখি অসমৰ খ্যাতনামা ব্যৱসায়ী মাণিকচন্দ্ৰ বৰুৱাই এই স্কুলখনৰ বাবে এটা শকত পুঁজি দান কৰিছিল। সেই কাৰণে এই স্কুলখন তেওঁৰ নামেৰেই নামাকৰণ কৰা হৈছিল। তাৰ পিছত অসম চৰকাৰে প্ৰয়োজনীয় সকলো অনুদান দি স্কুলখন মঞ্জুৰ কৰে। তেতিয়াৰেপৰা এই স্কুলখনে উন্নতি কৰি স্থানীয় ৰাইজৰ মাজত শিক্ষিত লোকৰ সংখ্যা বৃদ্ধি কৰিছে।

আমাৰ স্কুলখনৰ বৰ্তমান চাৰিটা ঘৰ আছে। তাৰে দুটা ঘৰ দীঘলে ১৮০ ফুট লাৰু দহোটাকৈ কোঠালি আছে। এই ঘৰ দুটাৰ এটা উত্তৰফালে আৰু আনটো দক্ষিণফালে সজা হৈছে। এই ঘৰ দুটাক সংযোগ কৰাকৈ পশ্চিমফালে ৯০ ফুট দীঘলৰ পাঁচটা কোঠালীৰে সৈতে আন এটা ঘৰ সজা হৈছে। এই ঘৰটোৰ ঠিক মাজৰ কোঠাটোত আমাৰ প্ৰধান শিক্ষকৰ কাৰ্যালয়। তাৱেৰ উত্তৰ কাষৰ কোঠাটো শিক্ষকসকলৰ কমনৰুম। প্রধান শিক্ষকৰ কাৰ্যালয়তে লগা দক্ষিণ ফালৰ কোঠাটোত, দশম মান শ্ৰেণীৰ ছাত্র-ছাত্রী বহে। দশম মান শ্ৰেণীটো আমাৰ প্ৰধান শিক্ষক মহোদয়ে সদায় তেখেতৰ ওচৰতে ৰাখে। এই ঘৰটোৰ ঠিক পূৱ ফালে উত্তৰ দক্ষিণৰ ঘৰ দুটাক সংযোগ কৰি ৯০ ফুট দীঘল আন এটা ঘৰ আছে। এই ঘৰটোত বিজ্ঞানৰ সাঁ-সঁজুলি আছে আৰু বিজ্ঞানৰ শ্ৰেণীবোৰ তাতেই বহে। স্কুল চৌহদত চৈধ্য বিঘা মাটি আছে আৰু চাৰিওফালৰ পৰা দেৱালেৰে আগুৰা, যাতে বাহিৰৰ কোনো কথাই ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰিব নোৱাৰে।

আমাৰ স্কুলত সৰ্বমুঠ আঠাইশজন শিক্ষক আছে। এই শিক্ষকসকলে আমাক তেখেতসকলৰ নিজ নিজ বিষয়সমূহ নিয়মিতভাৱে শিকায়। শিক্ষক-সকল আমাৰ গুৰু। আমি কেতিয়াও কোনো অৱস্থাতেই তেখেতসকলৰ অবাধ্য হোৱা নাই। শিকক্ষসকলে আমাক পুত্রবৎ স্নেহ কৰে। অৱশ্যে কর্তব্যত অৱহেলা কৰাত তেখেতসকলে আমাক বুজনিৰে কেতিয়াবা তিৰস্কাৰো কৰে। এইদৰে তিৰস্কাৰ কৰাত কোনোবা ছাত্রই বেয়া পাব পাৰে; কিন্তু শিক্ষকৰ তিৰস্কাৰক মই আশীৰ্বাদ বুলি গ্ৰহণ কৰোঁ। কাৰণ তেখেতসকলে আমাৰ মঙ্গলৰ বাবেহে কয়।

আমাৰ স্কুলখন, ছাত্ৰ-ছাত্ৰী উভয়ৰে বিদ্যালয়। ছাত্র-ছাত্রীৰ মুঠ সংখ্যা সাতশ জন। এই সাতশ ছাত্র-ছাত্ৰীৰ মাজত একতা আৰু মিলা প্রীতি অসীম। প্রতি শনিবাৰে আমাৰ বিদ্যালয়ত প্ৰীতি সন্মিলন বহে। এই সন্মিলনৰ আমাৰ সহপাঠী সকলৰ মাজত ভ্ৰাতৃভাৱ গাঢ় হৈ উঠে। প্রীতি সন্মিলনত গীত-মাত, ৰচনা প্রতিযোগিতা, তর্ক প্রতিযোগিতাও হয়। ম‍ই পার্যমানে সকলোবোৰতে অংশগ্রহণ কৰোঁ।

আমাৰ বিদ্যালয়ত এটা ডাঙৰ পুথিভঁৰাল আছে। এই পুথিভঁৰালত নানা বিষয়ক পুথিৰ উপৰিও তিনিখন বাতৰি কাকত আৰু কেইবাখনো আলোচনী কাকত আহে। এই পুথিভঁৰালটো আমাৰ নিজা সম্পত্তি। ইয়াৰ পুথি, বাতৰি কাকত আদি মই নিয়মিত ভাবে পঢ়োঁ। কিন্তু এই সম্পত্তিৰ এখিলা পাতো যাতে নষ্ট নহয় তাৰ বাবে আমি সদায় সচেতন থাকোঁ। ডাঙৰ ডাঙৰ লোকসকলৰ জীৱন কাহিনী পঢ়ি মোৰ বৰ ভাল লাগে, সেই কাৰণে ম‍ই বেছি ভাগ জীৱনী আৰু ভ্ৰমণমূলক গ্ৰন্থহে পঢ়োঁ। ভ্রমণমূলক গ্ৰন্থৰপৰা নানা দেশৰ কাহিনী জানিব পাৰোঁ। 

আমাৰ বিদ্যালয়ত ছাত্ৰ সকলৰ বাবে এটা আৰু ছাত্ৰীসকলৰ বাবে এটা কমনৰুম আছে। আজৰি পৰত আমি তাত নানা প্রকাৰ খেল খেলোঁ। খেলৰ সঁজুলিবোৰ যাতে কোনো প্ৰকাৰে নষ্ট না হয় তাৰ প্ৰতি মই বৰ সচেতন আছিলোঁ। প্রতিজন ছাত্র-ছাত্রীয়ে বছৰত এবাৰকৈ খেলৰ সঁজুলিবোৰৰ বাবে বৰঙণি দিওঁ। সেই কাৰণে বছৰটোত যাতে কোনো সঁজুলি দুবাৰ কিনিব লগা নহয় তাৰ বাবে মই বৰ যত্নবান। বিজ্ঞানৰ সঁজুলিবোৰ লৰাচৰা কৰা সময়তো ম‍ই বৰ সাৱধান হওঁ। কাৰণ বিজ্ঞানৰ সঁজুলিবোৰ কাঁচৰ ; অলপ আঘাততেই ভাঙি যাব পাৰে। মোৰ হাতত আজিলৈ কোনো এবিধ সঁজুলিয়েই নষ্ট হোৱা নাই।

আমাৰ বিদ্যালয়ত ফুটবল, ভলিবল, বেডমিণ্টন আদি নানা খেল খেলা হয়। খেল বিভাগৰ সম্পাদকে এই খেলবোৰ পৰিচালনা কৰে। মই আটাইবোৰ খেলেই খেলোঁ ; কিন্তু কেৰমবোর্ড খেলি আনন্দ পাওঁ। সেই কাৰণে জিৰণিৰ সময়ত মই সদায় আন সহপাঠীৰ লগত কেৰম খেলোঁ। ঘণ্টা পৰিলে আকৌ ম‍ই নিজেই খেলৰ সঁজুলিবোৰ নিৰ্দিষ্ট ঠাইত যতনাই থৈ আহোঁ। 

আমাৰ বিদ্যালয় আমাৰ নিজা সম্পত্তিৰ দৰে মাই জ্ঞান কৰোঁ। সেই বাবে আমি বহা ডেস্ক-বেঞ্চ অথবা শিক্ষক বহা চকী মেজবোৰ যাতে কোনো প্ৰকাৰে নষ্ট নহয় তাৰ বাবেও সচেতন হও। এই সম্পর্কে কোনো কোনো সময়ত মই ছাত্ৰ-ছাত্ৰীৰ আগত বক্তৃতাও দিওঁ। মোৰ কথা শুনি ছাত্ৰ-ছাত্ৰীয়ে চকী মেজবোৰ চাফ-চিকুনকৈ ৰখাৰ ব্যৱস্থা কৰে। বিদ্যালয়ৰ দুৱাৰ-খিৰিকিবোৰৰ প্ৰতিও মই লক্ষ্য ৰাখোঁ। কেতিয়াবা উই পৰুৱাই মাটি তোলা দেখিলে তাক ততালিকে বাধা দিওঁ। নিজে নোৱাৰিলে চৌকিদাৰক বা প্রধান শিক্ষকক জনাওঁ। শনিবাৰে ছুটীৰ পিছত যেতিয়া চাফাই কাম কৰোঁ তেতিয়া মই গোটেই চৌহদটো এবাৰ পৰিভ্ৰমণ কৰি আৱৰ্জনাবোৰ আঁতৰাই পেলাওঁ।

মোৰ মনত বিদ্যালয়ৰ ঘৰ ডাঙৰ মন্দিৰ আৰু শিক্ষকসকল ভগৱান প্ৰেৰিত দেৱতা। মোৰ ব্যৱহাৰত, মোৰ কথাত শিক্ষকসকল যাতে কেতিয়াও অসন্তুষ্ট হয়, কোনো দুখ বা আঘাত নাপায় তাৰ প্ৰতি ম‍ই সদায় সতর্ক থাকোঁ। কাৰণ তেখেতসকল আমাৰ প্ৰকৃত গুৰু; তেওঁলোকে কোনো কৃপণালি নকৰাকৈয়ে আমাক জ্ঞান দান কৰে। কেতিয়াবা কোনো কথা বুজি নাপালে অতি নম্রভাবে পুনৰ বুজাবৰ বাবে ম‍ই সবাতোকৈ আগেয়ে অনুৰোধ কৰোঁ। তাৰ বাবে আমাৰ শিক্ষকসকলে মোক ভাল পায়।

বৃক্ষ ৰোপণ আমাৰ বিদ্যালয়ত প্ৰতি বছৰে কৰা হয়। চৰকাৰে বন মহোৎসৱৰ জাননী দিলেই আমি বিদ্যালয়ত নতুন নতুন বৃক্ষ ৰোৱাৰ দিহা কৰো। নাৰিকল, কল আদি ফলৰ গছবোৰ নানা যত্নেৰে আমি ৰোপণ কৰোঁ। তাৰোপৰি সেই গছবোৰৰ যাতে কোনো হানি-বিঘিনী নঘটে তাৰ বাবে গোটেই বছৰেই যত্ন কৰোঁ।

প্ৰতি বছৰে আমাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে লগ লাগি সৰস্বতী পূজা পাতোঁ। আমাৰ বাবে এইটো এটা ডাঙৰ উৎসৱ। আমি সকলোৱে ছাত্ৰ-ছাত্ৰীয়ে পূজাৰ অন্তত এটা প্রীতি-ভোজ খাওঁ। অৱশ্য মূর্তি পূজা নিষেধৰ বাবে ইচলাম-ধৰ্মী ছাত্ৰসকলে এই পূজাত যোগদান নকৰে। কিন্তু শংকৰ-মাধৱৰ তিথি পালন কৰাত তেওঁলোকে যোগদান কৰে। স্বাধীনতা দিৱস পালনত আমি সকলো ধৰ্মৰ ছাত্ৰই একগোট হওঁ আৰু সাধাৰণ জলপান খাই একতাৰ বান্ধোন গাঢ় কৰোঁ ।

অসমৰ এজন খ্যাতনামা সাহিত্যি (লক্ষ্মীনাথ বেজবৰুৱা)

আমাৰ অসমত বৰ্তমানলৈকে বহুতো সাহিত্যিক সুখ্যাতি অর্জন কৰিছে। কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে সৰ্বগুণী, বহুমুখী প্রতিভাৰ সাহিত্যিক পোৱা টান। আধুনিক সাহিত্যৰ আটাইকেইটা দিশকেই তেওঁ পুৰঠ কৰিছিল। তেওঁ আছিল এগৰাকী কবি, নাট্যকাৰ, প্ৰৱন্ধকাৰ, ঔপন্যাসিক, সাংবাদিক, সমালোচক আৰু চুটি গল্পৰ জন্মদাতা। সেই কাৰণে লোকে তেওঁক সাহিত্যৰথী বেজবৰুৱা নামেৰে শ্ৰদ্ধা কৰে। তেওঁৰ কালচোৱাক ‘বেজবৰুৱা যুগ’ বুলি আমি কওঁ।

১৮৬৮ খ্ৰীষ্টাব্দৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা বেজবৰুৱাৰ জন্ম হৈছিল বাবে দেউতাকে তেওঁৰ নাম লক্ষ্মীনাথ ৰাখিছিল। লক্ষ্মীনাথৰ পিতৃ দীননাথ বেজবৰুৱাই মুঞ্চিফ কাম কৰি অৱসৰ লৈ শিৱসাগৰত বসবাস কৰিছিল। তাতেই প্রথমে বেজবৰুৱাই শিক্ষা আৰম্ভ কৰে। ১৮৮৬ চনত এণ্ট্ৰেন্স (বৰ্তমানৰ স্কুল লিভিং) পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কলিকতালৈ পঢ়িবলৈ যায়। কলিকতাৰ চিটি কলেজৰ পৰা তেওঁ বি.এ. পাছ কৰি এম.এ. আৰু আইন পঢ়িবলৈ লৈছিল। কিন্তু সেই বিষয়ক পৰীক্ষা তেওঁৰ পাছ কৰা নহল।

সেই সময়ত চন্দ্ৰকুমাৰ আগৰৱালা প্ৰমুখ্যে কেইবাগৰাকীও খ্যাতিমন্ত ছাত্রই কলিকতাত অধ্যয়ন কৰিছিল। তেওঁলোকে অধ্যয়ন কৰা কালত ভাৰতৰ অন্যান্য ভাষা-সাহিত্যই যথেষ্ট উন্নতি কৰি গৈছিল। কিন্তু তেতিয়াও অসমীয়া ভাষা-সাহিত্য একেবাৰে পিছ পৰি আছিল। সেই কৃতী ছাত্ৰসকলে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে দেহেকেহে যত্ন কৰিবলৈ ললে। তেওঁলোকে কলিকতাতে ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ নামেৰে এখন সভা স্থাপন কৰে আৰু সেই সভাৰ যোগেদি জোনাকী নামৰ এখন আলোচনী প্ৰকাশ কৰে। এই জোনাকীয়ে অসমীয়া সাহিত্যিক সকলক যথেষ্ট অনুপ্ৰেৰণা যোগায় আৰু পাশ্চাত্যৰ আদৰ্শত ৰোমান্টিক ভাৱধাৰাক আদৰি আনে। সেই কাৰণে এই কালছোৱাক ‘জোনাকী’ যুগ বুলি কোৱা হৈছে।

জোনাকী কাকতৰ যোগেদি বেজবৰুৱাই সাহিত্য জগতত আত্মপ্রকাশ কৰে। তেওঁৰ প্ৰথম ৰচনা ‘লিতিকাই” নাটক। এই নাটকখন লিখি তেওঁ জোনাকী কাকতত প্ৰথমে প্ৰকাশ কৰে। তাৰ পিছত তেওঁ নানা বিষয়ক ৰচনা লিখি তেওঁৰ বহুমুখী প্রতিভাৰ পৰিচয় দিয়ে। তেওঁৰ প্ৰায় ডেৰকুৰিখন ৰচিত গ্ৰন্থ আৰু অলেখ প্রবন্ধ নানা আলোচনী কাকতত প্ৰকাশ হৈছিল।  

বেজবৰুৱাৰ সাহিত্য মূলতঃ দুই শ্ৰেণীত প্ৰকাশ হৈছিল—গভীৰ চিন্তাশীল ভাৱত আৰু হাস্যৰসত। খুহুতীয়া ব্যঙ্গাত্মক সাহিত্য ৰচনাত বেজবৰুৱাক আজিও কোনোৱে চেৰ পেলাব পৰা নাই। সেই কাৰণে তেওঁক আমি ‘ৰসৰাজ বেজবৰুৱা’ বোলো। তেওঁ কৃপাবৰ বৰবৰুৱা চখ নামেৰে অলেখ ব্যঙ্গ সাহিত্য ৰচনা কৰিছিল। এই সাহিত্যবোৰৰ মাজেৰে বেজবৰুৱাই অসমীয়া সমাজৰ কেৰোণ, অসমীয়া লাকৰ ভেম, অসমীয়াৰ সংকীৰ্ণ দুৰৱস্থাক প্ৰকাশ কৰি জাতি আৰু সমাজ সংস্কাৰৰ বাবে চেষ্টা কৰিছিল। সেই কাৰণে আমি তেওঁক সংস্কাৰধৰ্মী সাহিত্যিক  বুলি আখ্যা দিছো। 

অসমীয়া সাহিত্যত বেজবৰুৱাই চুটি গল্পক জন্ম দিছিল। তেওঁৰ আগতে কোনেও অসমীয়াত চুটি গল্প ৰচনা কৰা নাছিল। দীঘলীয়া ৰচনাই বহু সময়ত পাঠকক আমনি দিয়ে বাবে বেজবৰুৱাই কম সময়তে পঢ়ি শেষ কৰিব পৰাকৈ চুটি গল্প পশ্চিমীয়া সাহিত্যৰ আদৰ্শত ৰচনা কৰে। এই গল্পসমূহ পুৰণি সাধু কথাৰ আৰ্হিত লিখি আমাৰ সমাজ আৰু ব্যক্তিৰ বিভিন্ন বিষয়ৰ চিত্ৰ দাঙি ধৰে। এই চুটি গল্প সমূহো গভীৰ আৰু ব্যঙ্গাত্মক এই দুই শ্ৰেণীত ৰচনা কৰিছিল। 

বেজবৰুৱাই জীৱিকাৰ বাবে অসমৰ বাহিৰত নানা ঠাইত কাঠৰ কাৰবাৰ কৰিছিল। উৰিষ্যাৰ সম্বলপুৰত তেওঁ ব্যৱসায়ৰ কেন্দ্ৰ কৰিছিল। ব্যৱসায়ত নানা ঠাই ভ্রমণ কৰি যি অভিজ্ঞতা তেওঁ অৰ্জন কৰিছিল তাকো সাহিত্যৰ যোগেদি প্ৰকাশ কৰিছিল। তেওঁৰ সাহিত্যত উৰিষ্যা গ্ৰামীণ জীৱনৰ আভাসো আমি পাওঁ। সেই সময়ত আমাৰ দেশ ইংৰাজৰ অধীন আছিল। ইংৰাজ চাহাবসকলৰ অতপালিৰ কথা ৰচনা কৰি বেজবৰুৱাই অসমীয়া জাতিক স্বাধীনতাৰ অনুপ্ৰেৰণা যোগাইছিল। তেওঁৰ ৰচনাত স্বদেশপ্ৰেম পৰিস্ফুট। বিদেশত ব্যৱসায় কৰিলেও তেওঁ অসম আৰু অসমীয়াৰ মাজৰপৰা আঁতৰি যোৱা নাছিল। গভীৰ স্বদেশপ্রীতি তেওঁৰ সাহিত্যৰ সকলো ঠাইতে প্রকাশ পাইছে। অসমীয়া জাতিৰ দুখ-দুৰ্গতি অভাব-অনাটনৰ কথা কওঁতে বেজবৰুৱাই সদায় অতীত অসমৰ শৌর্য-বীর্য বল-বিক্ৰমৰ বৰ্ণনা দি অসমীয়া মানুহক স্বদেশ-প্রেমিক জাতীয় ভাৱাপন্ন কৰিবলৈ যত্ন কৰিছিল। তেওঁৰ ৰচিত ‘বীণ-ব’ৰাগী’ আৰু ‘অ-মোৰ আপোনাৰ দেশ’ কবিতা দুটাই এই কথাৰ সম্পূর্ণ প্রমাণ দিয়ে। বেজবৰুৱাৰ ৰচিত নাটক ‘বেলিমাৰ’ আৰু চক্রধৃজ সিংহ’ত অসমীয়া জাতিৰ বীৰত্বৰ কথা, স্বাধীনতাৰ কথা সোঁৱৰাই দি কানীয়া ভঙুৱা অসমীয়া জাতিক প্রাণৱন্ত কৰিবলৈ তেওঁ চেষ্টা চলাইছিল।

বেজবৰুৱা এগৰাকী সাংবাদিকো আছিল। তেওঁ জোনাকী কাকতৰ উপৰিও ‘বাঁহী’ নামৰ এখন আলোচনী কাকত ১৯০৯ চনৰ পৰা কিছু বছৰৰ বাবে চলাইছিল। জোনাকী, বাঁহী আদি আলোচনী কাকতৰ যোগেদি তেওঁ এদল শক্তিশালী লেখক সমাজ সৃষ্টি কৰিবলৈ যত্ন কৰিছিল আৰু সফলো হৈছিল। বেজবৰুৱাৰ আদৰ্শ আৰু অনুপ্ৰেৰণাই অসমীয়া সাহিত্য আৰু সাহিত্যিক সকলক সাহস আৰু শক্তি যোগাইছিল।

বেজবৰুৱাই এগৰাকী সুদক্ষ বক্তাও আছিল। সদৌ অসম ছাত্ৰ সন্মিলনত ১৯২৪ চনত তেওঁ সভাপতিত্ব কৰিছিল। তাত তেওঁ যি শক্তিশালী ভাষণ দিছিল তাত অসমীয়া সাহিত্য আৰু সাহিত্যিকৰ দুৰ্দশা আৰু দুৰ্বল জীৱনৰ ছবি হুবহুকৈ দাঙি ধৰিছিল। তেওঁ অসম সাহিত্য সভাৰো সভাপতি আছিল। ভাৰতীয় বৈষ্ণৱ ধৰ্মৰ ওপৰত তেওঁৰ গভীৰ জ্ঞান আছিল। সেইবাবে বৰোদাৰ মহাৰাজে তেওঁক নিমন্ত্ৰণ কৰি নিছিল আৰু এখন মুকলি সভাত তেওঁ বৈষ্ণৱ ধৰ্মৰ ওপৰত বক্তৃতা দিছিল।

কলিকতাত থাকোঁতেই বেজবৰুৱাই সাংসাৰিক জীৱনত প্ৰবেশ কৰে। বঙ্গদেশৰ প্ৰখ্যাত ঠাকুৰ পৰিয়ালৰ প্ৰজ্ঞাসুন্দৰী দেৱীক বিয়া কৰিছিল। ইয়াৰ পিছত তেওঁ ব্যৱসায়ত নামিছিল। প্ৰথমতে তেওঁ অসমৰ প্ৰখ্যাত ব্যৱসায়ী সদগৰা ভোলা বৰুৱাৰ লগত ব্যৱসায় কৰিছিল। তাৰ পিছত ৱাৰ্ড নামক এটা ইংৰাজ ক’ম্পানীৰ লগত ব্যৱসায় কৰে। শেষত সম্বলপুৰত নিজাকৈ ব্যৱসায় কৰিছিল। এই স্বাধীন ব্যৱসায়ে তেওঁৰ স্বাধীন মনৰ পৰিচয় দিছিল। বৃদ্ধ কালত তেওঁ অসমলৈ উভতি আহে আৰু ডিব্ৰুগড়ত বসবাস কৰে। ১৯৩৮ চনৰ ২৬ মাৰ্চ তাৰিখে ডিব্ৰুগড়ত এই সাহিত্যিক গৰাকীয়ে ইহলীলা সম্বৰণ কৰে।

ছাত্ৰৰ কৰ্তব্য

ছাত্ৰৰ কৰ্তব্য বুলিলে আমি সাধাৰণতে অধ্যয়নেই বুলি ভাবোঁ। ‘ছাত্রাণাম্ অধ্যয়নং তপঃ’ বুলি সংস্কৃতত কথা এটাও আছে। কিন্তু অধ্যয়ন বোলোতে কেইখনমান পুথি অধ্যয়ন কৰাকেই কর্তব্য বুলি ভাবি লোৱা উচিত নহয়। ‘অধ্যয়নং তপঃ শব্দটোৰ অৰ্থ ব্যাপক। সেই কাৰণে ছাত্র কর্তব্য কেবল পুথি অধ্যয়নেই নহয়—ই বহুমুখী। অৱশ্যে পুথি-অধ্যয়ন মুখ্য কর্তব্য। ছাত্ৰই নিজৰ পাঠ্য নিয়মিত ভাবে অধ্যয়ন কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগে। ইয়াৰ উপৰিও ছাত্ৰৰ মন সদায় অনুসন্ধিৎসু হ’ব লাগে। কোনো এটা বিষয় আগত পৰাৰ লগে লগে সেই বিষয়টোৰ ওপৰত সম্যক জ্ঞান আহৰণ কৰিব লাগে। তাৰ বাবে ছাত্ৰই কৰিব লাগিব তন্ন তন্ন বিশ্লেষণ। 

ছাত্ৰ-কালচোৱা প্ৰকৃততে অতি মধুময় আৰু গুৰুত্বপূৰ্ণ কাল। কাৰণ এই কালচোৱাতেই প্রকৃত মানুহৰ গঢ় লৈ উঠিব লাগিব। সেইবাবে এই কালচোৱাত সুশিক্ষা লোৱাৰ বাবে ছাত্ৰৰ আগ্ৰহ থকা উচিত। ছাত্ৰ শব্দটোৰ অৰ্থও ব্যাপক। আমি সাধাৰণতে ভাবোঁ যে স্কুল কলেজত পঢ়ি থকা সকলেই ছাত্র। প্রকৃততে ছাত্ৰৰ অৰ্থ তেনে নহয়—কলেজীয়া জীৱনৰ অন্তত গৱেষণা, কল-কাৰখানাৰ কাৰিগৰী শিক্ষা লোৱা আদি কালচোৱাকো ছাত্রজীৱনকেই বোলা হয়। এই শিক্ষাৰ কৰে কালচোৱাতেই মানুহৰ ভৱিষ্যত জীৱন আৰু দেশৰ, সমাজৰ ভৱিষ্যত উন্নতিৰ কল্পনা কৰিব পৰা যায়। সেই কাৰণে নজনা কথা জানিবলৈ, নিশিকা কথা শিকিবলৈ গভীৰ আগ্ৰহী হোৱা উচিত। আগ্রহ নাথাকিলে কোনো কামেই সিদ্ধ  নহয়। পুথিগত জ্ঞান আহৰণ কৰা ছাত্ৰৰ যেনে কর্তব্য ঠিক তেনে কর্তব্য বহির্জগতৰ জ্ঞান আহৰণ কৰা। নিয়মিতভাৱে অধ্যয়ন কৰা আৰু অধ্যয়নৰ পৰা অৰ্জা জ্ঞান লিখি প্ৰকাশ কৰা এই দুয়োটাই ছাত্ৰৰ কৰ্তব্য। ইয়াৰ বাবে ছাত্ৰক লাগে অভ্যাস । 

নিয়মানুবর্তিতা পালন কৰা ছাত্ৰৰ প্ৰধান কৰ্তব্য। কাৰণ নিয়মানুবর্তিতাৰ জৰিয়তে ছাত্ৰই কৰিব লগা সকলো কাম সহজে আৰু নিয়াৰিকৈ কৰিব পাৰে। কিছুমান ছাত্রক দেখা যায় বছৰৰ বেছি ভাগ সময় নানা প্ৰকাৰে হৈ চৈ কৰি কটায় আৰু পৰীক্ষা ওচৰ চাপিলে দিন ৰাতি নোহোৱাকৈ পঢ়ি হাহাকাৰ কৰে। কোনো কোনো সময়ত তেনে ছাত্ৰই পৰীক্ষাত অকৃতকার্য হোৱাও দেখা যায়। কিন্তু যি ছাত্রই নিতৌ পাঠ্যক্রম অনুসৰি পঢ়ে, বিশেষকৈ শিক্ষকে স্কুলত শিকোৱা পাঠক ঘৰত পুনৰালোচনা কৰে আৰু আগদিনা পিছদিনৰ পঢ়িবলগীয়া পাঠ অধ্যয়ন কৰি স্কুললৈ যায় তেনে ছাত্ৰৰ বাবে পাঠ্যক্ৰম বা পৰীক্ষা পাছ কৰা কেতিয়াও টান নহয়; বৰং বেছি উজুহে হয়। একান্ত অধ্যৱসায়ৰ ফলত সকলো শাস্ত্ৰকে সহজে আয়ত্ত কৰিব পাৰি বুলি ঋষি সকলে উদাহৰণ দি গৈছে।

পাঠ্যক্ৰমৰ উপৰিও পাঠ্যক্ৰমক সহায় কৰা নানা পুথি ছাত্রই অধ্যয়ন কৰা কৰ্তব্য।

শৃঙ্খলা পৰায়ণতা ছাত্ৰৰ প্ৰধান অনুকৰণীয় কর্তব্য। যিহেতু ছাত্র জীবনটোৱেই মানুহৰ ভৱিষ্যত জীৱনটো নিৰ্ণয় কৰে সেই বাবেই ছাত্রছাত্রীসকলক শৃঙ্খলাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ছাত্ৰাৱস্থাৰে পৰা সকলো কাম শৃঙ্খলাৰে কৰি যোৱা অভ্যাস কৰিলে মানুহৰ জীৱনত কেতিয়াও আউল নালাগে। কিছুমান ছাত্রক উচ্ছৃঙ্খল জীৱন যাপন কৰা দেখা যায়। তেনে ছাত্রই জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে। ছাত্ৰ নাম লৈ কেইদিনমান বিদ্যালয়লৈ অহা-যোৱাত বাহিৰে তেওঁলোকৰ জীৱনত আৰু কোনো কাম নহয় । 

ছাত্ৰ সকল সাধাৰণতে বিনয়ী আৰু শিক্ষকৰ বাধ্য হোৱা উচিত। বিনয়ী ছাত্ৰ সকলোৰে প্রিয় হয়। স্বভাৱত নম্রতা থাকিলে মানুহৰ জীৱনলৈ কষ্ট কম আহে। এই নম্ৰতাৰ অভ্যাস ছাত্র-জীৱনৰে পৰা অভ্যাস কৰা অতি দৰ্কাৰ। শিক্ষকৰ বাধ্য হোৱা ছাত্ৰৰ প্ৰধান কৰ্তব্য। শিক্ষকৰ দোষ-ত্রুটীৰ কথা ছাত্রই কোনো দিনেই আলোচনা কৰিব নাপায়। শিক্ষকক সদায় গুৰু জ্ঞান কৰি সততাৰে শ্ৰদ্ধা কৰিব লাগে।

ad

খেলাধূলা ছাত্ৰ জীৱনৰ এটা অঙ্গ। শাৰীৰিক পৰিশ্ৰম আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে খেল-ধেমালিৰ ডাঙৰকৈ প্ৰয়োজন আছে। কাৰণ ছাত্ৰই আন ভাবে শাৰীৰিক পৰিশ্ৰম কৰা টান। খেল-ধেমালিতো ছাত্রই সদায় নিয়মানুবর্তিতা পালন কৰিব লাগে। আজৰি পৰত আৰু পাঠ্যক্ৰমৰ ভিতৰুৱাকৈ খেল ধেমালিত মনোযোগ দিব লাগে। কিন্তু ছাত্ৰই সদায় এই কথা মনত ৰাখিব লাগিব যে খেল-ধেমালি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হলেও সি গৌণহে-মুখ্য নহয়। বর্তমান বিশ্বত নানা প্ৰকাৰ খেলৰ উদ্ভৱ আৰু প্ৰতিযোগিতা পতা হয়। ইয়াত কৃতিত্ব অর্জন কৰাও সুখকৰ কথা।

স্বাস্থ্য পৰন ধন। স্বাস্থ্যৰ প্ৰতি ছাত্ৰই সদায় মনোযোগ দিব লাগে। কাৰণ ছাত্ৰাৱস্থাৰে সুস্থ-সবল আৰু নীৰোগী স্বাস্থ্য তৈয়াৰ নকৰিলে পিছলৈ স্বাস্থ্য ভালে নাথাকে। ইয়াৰ বাবেও প্রয়োজন নিয়মানুবর্তিতাৰ। খোৱা-শোৱা, ফুৰা-চকা, খেলাধূলা সকলোতে নিয়মানুবৰ্তিতা ৰক্ষা কৰি চলিলে কেতিয়াও স্বাস্থ্যহানি নহয়। ছাত্ৰই কেতিয়াও বেছি সময় শোৱা অভ্যাস কৰিব নালাগে। আমাৰ এজন প্ৰধানমন্ত্ৰীৰ মতে ছ’ ঘণ্টা শোৱনেই যথেষ্ট। ই কামৰ সময়ো বঢ়ায় আৰু স্বাস্থ্যও ভালে ৰাখে। কিছুমান ছাত্ৰই বেছি ৰাতিলৈকে পঢ়ে। সিও এটা বেয়া অভ্যাস। সদায় মাজনিশাৰ আগতে শোৱা অভ্যাস কৰি শেষ নিশা শুই উঠি পঢ়া অভ্যাস কৰা ভাল।

পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰা ছাত্ৰৰ প্ৰধান কৰ্তব্য। নিজৰ শৰীৰ, কোঠালী, শ্ৰণীৰ কোঠালী, গাওঁখন আৰু পাৰিপার্শ্বিক সকলো দিশলৈ যাতে পৰিচ্ছন্নতা আহে তাৰ বাবে ছাত্ৰই আগ ভাগ লব লাগে। গাৱঁৰ পুখুৰীত থকা দলনি-পিতনি, লেতেৰা নৰ্দমা, ঘোলা বন্ধ পানীয়ে অনেক সময়ত গাওঁ বোৰত মহামাৰীক আদৰি আনে। গাৱঁৰ মানুহ যাতে মহামাৰীৰ মুখত নপৰে তাৰ বাবে ছাত্রসমাজৰ সতৰ্ক হোৱা উচিত। অর্থাৎ সেই লেতেৰা ঠাইবোৰ তেওঁলোকে চাফ-চিকুনকৈ ৰখাৰ দিহা কৰিলে গাৱঁত বেমাৰ আহিব নোৱাৰে।

পিতৃ-মাতৃক ঘৰুৱা কামত সহায় কৰি দিয়াও ছাত্ৰৰ কৰ্তব্য। কিছুমান ছাত্ৰই । এই নিয়মিত পাঠ্যক্ৰমৰ অনুশীলন কৰি মাক দেউতাকক সহায় কৰে। ইয়াৰ ফলত ঘৰৰ উন্নতি বৃদ্ধি পায় আৰু কাম কৰা অভ্যাসো হয়। ফলত ঘৰুৱা কোনো কামেই তেওঁলোকৰ বাবে জটিল হৈ নপৰে।

সমাজৰ প্ৰতিও ছাত্ৰ সকলৰ কৰ্তব্য আছে। সমাজক বাদ দি কোনো লোক থাকিব নোৱাৰে বাবে আজি-কালি সমাজ সেৱাক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰি লোৱা হৈছে। সমাজৰ সুখ-দুখ সকলোতে ছাত্র সকলে অংশ গ্ৰহণ কৰা উচিত। নানা প্রাকৃতিক দুৰ্যোগত আমাৰ সমাজ জুৰুলা হোৱা দেখা যায়। এই জুৰুলা সমাজখনক সহায় কৰি দিয়া ছাত্ৰৰ কৰ্তব্য। আমাৰ গাওঁত এতিয়াও অশিক্ষিত লোকেই সৰহ। সেই লোকসকলক প্রকৃত শিক্ষা দি সুনাগৰিক কৰাও ছাত্ৰৰ কর্তব্য। ছাত্রই লাভ কৰা জ্ঞানবোৰ তেওঁলোকৰ মাজত প্ৰচাৰ কৰিলে সহজে  তেওঁলোকক সুশিক্ষিত আৰু সুনাগৰিক কৰা যায় ৷

সকলোৰে মূলতেই হ’ল সজ চৰিত্ৰ। ছাত্ৰই নিজৰ চৰিত্ৰৰ প্ৰতি সদায় সচেতন হ’ব লাগে। কোনো প্ৰকাৰ অসততাই যাতে ছাত্ৰক স্পৰ্শ কৰিব নোৱাৰে তাৰ প্রতি লক্ষ্য কৰিব লাগিব নিজেই। মনৰপৰা এলাহ দুৰ্নীতিক আঁতৰাই যি ছাত্ৰই অন্তৰ পৰিষ্কাৰ কৰি ৰাখে তেওঁ ডাঙৰতো সকলোৰে পূজা আৰু শ্ৰদ্ধাৰ ভাজন হয়। গতিকে দেশৰ-ভৱিষ্যত ছাত্ৰসকলৰ চৰিত্ৰলৈ যাতে কোনো প্ৰকাৰ হীনতা-নীচতা নাহে তাৰ বাবে সচেতন হ’ব লাগে ।

আমি বাতৰি কাকত পঢ়োঁ কিয়

আধুনিক জগতৰ মানুহৰ বাবে বাতৰি কাকত এবিধ মানসিক খাদ্য। শৰীৰৰ পুষ্টি সাধনাৰ বাবে আমি যিদৰে খাদ্য খাওঁ ঠিক সেইদৰে মানসিক জ্ঞানবিকাশৰ বাবেও আমি বাতৰি কাকত পঢ়োঁ। মানৱ জীৱনৰ সভ্যতা, জ্ঞানৰ বিকাশ, সংস্কৃতিৰ প্ৰচাৰ ৰাজনৈতিক-অৰ্থনৈতিক জ্ঞানৰ সন্ধান, বিশ্বৰ পৰিচয় বাতৰি কাকতে দিয়ে বাবেই আমি পঢ়োঁ। নিয়মিত ভাবে যি লোকে বাতৰি কাকত পঢ়ে তেওঁৰ বাবে সিও এবিধ নিচাৰ দৰে হয়। ৰাতিপুৱা বাতৰি কাকত হাতত লৈ পঢ়িব নাপালে বহুতো লোকে দিনটোৰ বাবেই অশান্তি ভোগ কৰে।

পোন প্ৰথমে বাতৰি কাকতৰ জন্ম আৰু প্ৰচাৰ হৈছিল চীন দেশত। কিন্তু সেয়ে প্রকৃত বাতৰি কাকতৰ ঠাই দখল কৰিব পৰা নাছিল। তাৰপিছত ইটালীৰ ভেনিচ নগৰত ‘গেজেট’ নামেৰে বাতৰি কাকতৰ প্ৰচলন হোৱাত সমগ্ৰ ইউৰোপতেই বাতৰি কাকতৰ প্ৰচলন হবলৈ ধৰিলে। তাৰ পিছত পৃথিৱীৰ চাৰিওফালে বাতৰি কাকতৰ প্ৰচলন হয়।

আমাৰ ভাৰতবৰ্ষত ইংৰাজসকল অহাৰ পিছৰপৰা বাতৰি কাকতৰ প্ৰচল হয়। ইংৰাজ সকলে ভাৰতত ৰাজত্ব কৰিবলৈ আহি ‘দি ইণ্ডিয়া গেজেট’ নামেৰে প্রথম বাতৰি কাকত এখন উলিয়াইছিল। অসম দেশ ভাৰতৰ আন ৰাজ্যতকৈ পিছত ইংৰাজৰ অধীন হয়। অসম ইংৰাজৰ হাতলৈ যোৱাৰ পিছত আমেৰিকাৰ পৰা পাদুৰীসকল খৃষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ অসমত আহে। ১৮৪৪ চনত সেই পাদুৰী সকলে শিৱসাগৰৰপৰা ‘অৰুণোদয়’ নামৰ এখন আলোচনী ককত উলিয়াইছিল। এই কাকতখনেই অসমীয়া ভাষাৰ প্রথম আলোচনী কাকত আছিল। খৃষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ বাবে এই কাকতখনৰ যোগেদি নানা দেশ-বিদেশ বাতৰি যোগাইছিল। তাৰ পিছত অসমত পাশ্চাত্যশিক্ষাৰ বহুল প্রচলন হোৱাত আমাৰ অসমীয় লোকেও নানা নামেৰে বাতৰি কাকত উলিয়াইছিল। এতিয়াও আমাৰ দেশত কেইবাখনো বাতৰি কাকত নিয়মিত ভাবে চলি আছে।

বাতৰি কাকত পঢ়াৰ প্রধান উদ্দেশ্য হৈছে দেশ বিদেশৰ খবৰ জনা। কোন দেশত কি ৰাজনৈতিক আন্দোলন বা বিপর্যয় ঘটিছে, কোন দেশত প্ৰাকৃতিক দুৰ্যোগ হৈছে, কোন দেশত কোন বিজ্ঞানীয়ে নতুন আৱিষ্কাৰ কৰিছে ইত্যাদি খবৰ আমি ঘৰত বহিয়েই বাতৰি কাকতৰ যোগেদি পাব পাৰোঁ। নিতৌ এনেকুৱা বা নতুন নতুন খবৰ পাওঁ বাবেই আমি বাতৰি কাকত পঢ়োঁ।

মুহূৰ্তৰ ভিতৰতে দূৰ দূৰণিৰ বা-বাতৰি সংগ্ৰহ কৰি আমাক যোগান ধৰাতো এটা আচৰিত কথা যেনেই লাগে। প্ৰায়বোৰ বাতৰি কাকতে ঠায়ে ঠায়ে সংবাদদাতা, নিজা প্রতিনিধি আদি থাকে। সেই সংবাদদাতাই তেওঁ থকা অঞ্চলৰ বাতৰি 

সংগ্ৰহ কৰি কাকতলৈ পঠিয়াই। ইয়াৰ উপৰিও দেশত বিদেশৰ বাতৰি যোগানৰ বাবে কিছুমান প্রতিষ্ঠান ডাঙৰ ডাঙৰ চহৰবোৰত থাকে। সেই প্রতিষ্ঠান সমূহলৈ তেওঁলোকৰ প্ৰতিনিধিয়ে বাতৰিবোৰ পঠায় আৰু প্ৰতিষ্ঠানবোৰে সেই বাতৰিবোৰ সংগ্ৰহ কৰি বাতৰি কাকতক বিক্ৰী কৰে। ৰয়টাৰ, পি.টি.আই (Press Trust of  India), পি.আই.বি. (Press Information Bureau) আদি বিভিন্ন প্রতিষ্ঠানে গোটেই পৃথিৱীলৈ বৰ্তমান ইন্টাৰনেট, ফেক্স, টেলিগ্রাফ, টেলিফোন আদিৰ যোগেৰে বাতৰি যোগান ধৰে। এতিয়া বিভিন্ন ছ’ছেল মিডিয়া আৰু ম’বাইল ফোনৰ জৰিয়তে দৈনিক বাতৰি কাকত বোৰে কম সময়ৰ ভিতৰতেই সহজে বাতৰি সংগ্ৰহ কৰে। সেই বাবেই পৃথিৱীৰ যি কোনো ঠাইত ঘটা ঘটনাৰ বিবৰণ আমি অতি সোনকালে পাব পাৰোঁ।

বাতৰি কাকত পঢ়নৰ ফলত নানা জ্ঞান আমি আহৰণ কৰিব পাৰোঁ। সাহিত্য চৰ্চা আৰু প্ৰচাৰৰ বাহনৰূপে এই বাতৰি কাকতবোৰ সদায় আগ ভাগ লৈছে। বাতৰি কাকতৰ যোগেদি সাহিত্যিক সকলে তেওঁলোকৰ ৰচিত গল্প, কবিতা, উপন্যাস, প্রৱন্ধ, সমালোচনা আদিক প্রকাশ কৰিব পাৰে আৰু আমি পঢ়োঁতা সকলে তাৰ সোৱাদ লব পাৰোঁ। ইয়াৰ ফলত সাহিত্য, সংস্কৃতিৰ নতুন ভাৱধাৰাৰ আদান প্রদান কৰিব পৰা যায়।

বাতৰি কাকতক আমি দুটা ভাগত ভগাই লওঁ— সেয়া হৈছে আলোচনা আৰু বাতৰি কাকত। আলোচনী কাকতত সাধাৰণতে সাহিত্যৰ প্ৰচাৰ অৰ্থাৎ গল্প, কবিতা, উপন্যাস, প্রবন্ধ, নানা বিষয়ক সমালোচনাই স্থান পায়। সেই কাৰণে ইয়াৰ প্ৰকাশ কাল অলপ দীঘলীয়া – যেনে, সাতদিনীয়া, পষেকীয়া বা মাহেকীয়া।

কোনো অনুষ্ঠানৰপৰা ছমহীয়া বা বছৰেকীয়া ভাবেও পত্রিকা প্রকাশ হয়। সাধাৰণতে শিক্ষানুষ্ঠানৰপৰা যিবোৰ আলোচনী কাকত প্রকাশ হয় সেই আটাইবোৰেই বছৰেকীয়া প্ৰকাশ। বাতৰি কাকতো সেইদৰে দৈনিক, তিনি দিনিয়া, সাপ্তাহিক আদি থাকে। বাতৰি কাকতবোৰত সাধাৰণতে ৰাজনৈতিক, প্রাকৃতিক, কৃষি-বাণিজ্য বিষয়ক, শিল্প, বিজ্ঞান, অর্থনীতি বিষয়ক, কথাছবি, খেল আদি কৰি নানা তৰহৰ বাতৰি থাকে। সেই বাতৰি সমূহৰ পৰা আমি সেই সেই বিষয়ত জ্ঞান লাভ কৰিব পাৰোঁ।

বাতৰি কাকতে জনমত গঠন কৰি এখন দেশৰ মানুহৰ মাজত ঐক্যসাধন কৰিব পাৰে। এই কথাৰ প্ৰমাণ আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামতেই পোৱা যায়। মহাত্মা গান্ধীৰ বাণী, বালগঙ্গাধৰ তিলকৰ বক্তৃতা, চিত্তৰঞ্জন দাশৰ দেশপ্ৰেম, সুভাষচন্দ্ৰ বসুৰ সাহস বাতৰি কাকতে প্ৰচাৰ কৰি বাতৰি কাকতে ভাৰতীয় লোকক একত্ৰিত কৰি তুলিছিল। গাৱেঁ ভূঞে সকলো লোকেই মহাত্মা গান্ধীৰ অহিংস নীতিৰে স্বাধীনতা যুঁজত যোগদান দি একমত প্ৰকাশ কৰিছিল। জাতি গঠন, সমাজ গঠন, দেশবাসীৰ ঐক্য স্থাপন, মানুহৰ মাজত সাহস প্ৰচাৰ কৰাত বাতৰি কাকতেই আগ ভাগ লৈ আছে। সেইবাবে বাতৰি কাকতক গণতন্ত্ৰৰ চতুৰ্থ শক্তি কোৱা হয়।

বাতৰি কাকতত নানা প্ৰকাৰ বিজ্ঞাপণো প্ৰকাশ কৰা হয়। এই বিজ্ঞাপণ বোৰে প্ৰয়োজন থকা লোকক প্ৰয়োজন বিচাৰি উলিওৱাত সহায় কৰে। চাকৰি বা ব্যৱসায়ৰ বিজ্ঞাপণে সকলো সময়তে মানুহক সহায় কৰি আহিছে বাবেই আমাৰ বহুতো কথা সহজ হৈ পৰে। এই বিলাক সহায়ৰ বাবেই আমি বাতৰি কাকত পঢ়োঁ। বাতৰি কাকত আমাক নানা তৰহৰ জ্ঞান দান কৰে বাবেই আমি বাতৰি কাকত পঢ়োঁ।

অসমৰ প্ৰাকৃতিক সম্পদ

প্রাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ অসম প্রাকৃতিক সম্পদতো চহকী। অসমৰ জাতীয় জীৱন বৈচিত্র্যপূৰ্ণ কৰিব পৰা জোখেৰে প্ৰাকৃতিক সম্পদ আছে। ভৌগোলিক দিশৰ পৰা অসমৰ উত্তৰে হিমালয় পর্বতমালা, পূর্ব-দক্ষিণত পাটকাই চিংফৌ পৰ্বতৰ লগতে ব্ৰহ্মদেশ, পশ্চিম দিশত বাংলাদেশ আৰু পশ্চিমবঙ্গ। এই ৰত্ন-গৰ্ভা অসম দেশৰ পূব মূৰৰ পৰা পশ্চিমলৈ ব্ৰহ্মপুত্র নদ প্রবাহিত হৈ গোটেই দেশখনকেই উৰ্বৰা কৰি তুলিছে। ইজিপ্তক নীল নদৰ দান বুলি কোৱাৰ দৰে অসমকো ব্ৰহ্মপুত্ৰৰ দান বুলি কব পাৰি। ব্ৰহ্মপুত্ৰই দেশখনক পলসুৱা আৰু সাৰুৱা কৰি তোলা বাবে বনজ সম্পদত অসম ভাৰতৰ আন ৰাজ্যতকৈ বেছি চহকী।

অসমৰ প্ৰাকৃতিক সম্পদবোৰক ঘাইকৈ তিনিটা ভাগত ভগাব পাৰি। যেনে— নিজ খনিজ সম্পদ, বনজ সম্পদ আৰু প্ৰাণীজ সম্পদ। এই তিনিওবিধ সম্পদেই অসমক একালত আত্মনিৰ্ভৰশীল কৰি ৰাখিছিল। মানৱ সমাজত জনসংখ্যা বৃদ্ধিৰ লগতে অভাৱ অনাটন অহাত অৱশ্যে আজি অসমৰ সেই আত্মনিৰ্ভৰশীলতা নাই যদিও তুলনামূলক ভাবে চহকীৰ শাৰীতেই আছে।

খনিজ সম্পদ : খনিজ সম্পদৰ ভিতৰত অসমৰ তেল সম্পদৰ কথা সবাতোকৈ আগতেই কব লাগিব। অসমৰ খনিজ তেলৰ উৎপাদন ভাৰতবৰ্ষৰেই এটা সম্পদ হৈ পৰিছে। ১৯১৮ চনত পোন প্ৰথমে অসমত খাৰুৱা তেলৰ খনি আৱিষ্কৃত হৈছিল। তেতিয়া আমাৰ দেশ ইংৰাজৰ অধীন আছিল। ইংৰাজ বিলাকে এই তেল উৎপাদন কৰি শোধন কৰাৰ বাবে ডিগবয়ত এটা শোধনাগাৰ স্থাপন কৰিছিল। সেই শোধনাগাৰৰ তেলেই সেই সময়ত দেশেৰ চাহিদা পূৰণ কৰিছিল।

ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসমৰ বুকুত নানা প্ৰকাৰ জৰীপ আৰু অনুসন্ধান চলোৱা হ’ল। এই অনুসন্ধানৰ ফলত খাৰুৱা তেলৰ কেইবাটাও খনি এই আৱিষ্কৃত হোৱাত অসম খনিজ তেলৰ বাবে প্ৰখ্যাত হৈ উঠিল। উজনি অসমৰ নাহৰকটীয়া, দুলিয়াজান, লাকোৱা, মৰান আৰু ৰুদ্রসাগৰত যথেষ্ট পৰিমাণৰ খাৰুৱা তেল জমা হোৱাৰ প্ৰমাণ হ’ল। বিশেষজ্ঞসকলৰ মতে সমগ্ৰ উজনি অসমতেই তেল ব্যাপী আছে বুলি মত প্ৰকাশ কৰিছে। এই তেলৰ খনি উদঘাটিত হোৱাৰ পিছত বঙ্গাইগাওঁ আৰু নুনমাটিত তেল শোধনাগাৰ স্থাপিত হৈছে।

অসমৰ তেলে যথেষ্ট পৰিমাণে অর্থনৈতিক সমস্যাৰ সমাধান কৰিছে। শোধনাগাৰত কাম কৰাৰ সুবিধা পোৱাৰ ফলত ভাৰতৰ নিবনুৱা সমস্যাৰো যথেষ্ট সমাধান হৈছে। অলাগতীয়াল পদাৰ্থবোৰৰ পৰা নানা প্ৰকাৰ উদ্যোগ স্থাপন হোৱাৰ সুবিধা হৈছে। খাৰুৱা তেলৰ পৰাই গেছ উৎপাদন হোৱাত বহুতো লোক উপকৃত হৈছে। তেলৰ লগতে গেছৰ ব্যৱসায়ো বৃদ্ধি পাইছে।

কাজেই বাণিজ্যিক দিশটোৰ পৰিসৰ বৃদ্ধি কৰাত দেশৰ অৰ্থনৈতিক সমস্যাৰ ভালেখিনি উপকাৰ হৈছে

অসমৰ আন এবিধ বহুমূলীয়া খনিজ সম্পদ হৈছে কয়লা। কয়লাৰ সহায়ত নানা কলকাৰখানা চলোৱা হয়। অসমৰ লিডু আৰু মাৰ্ঘেৰিটাই কয়লাৰ উৎপাদন কেন্দ্র। এই দুই ঠাইৰ কয়লাই অসমৰ চাহিদা পূৰণ কৰি আছে। অসমত কয়লাৰ লগত গন্ধকো পোৱা যায়। গন্ধক বৰ প্ৰয়োজনী বস্তু। অসমৰ ভূ-গৰ্ভস্থ লোণ, গন্ধক, চুণ, সোণ আদিৰ খনি আছে বুলিও বহুতে অনুমান কৰে।

বনজ সম্পদ : বনজ সম্পদত অসম ভাৰতৰ ভিতৰত শ্ৰেষ্ঠত্বৰ দাবী কৰি আহিছে। অসমৰ পৰ্বত-ভৈয়াম সকলোতেই ডাঙৰ হাবি আছে। সেই হাৰিবোৰত বিভিন্ন ধৰণৰ মূল্যৱান কাঠ, বাঁহ, বেত আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। শাল, বনচুম, তিতা চঁপা, চেগুন, সৰল, সোণাৰু, খৈৰা আদি মূল্যৱান কাঠ অসমৰ হাবিত আছে। এই কাঠবোৰ অসমৰ চাহিদা পূৰণ কৰাৰ উপৰিও ভাৰতৰ আন আন ৰাজ্যৰ চাহিদা পূৰণ কৰিব পাৰিছে। ঘৰ-দুৱাৰ নিৰ্মাণ, মানুহৰ প্ৰয়োজনীয় আচৱাবৰ বাবে ব্যৱহৃত হোৱা এই কাঠবোৰ অসমক যথেষ্ট পৰিমাণৰ ৰাজহ দিয়ে। অসমৰ প্লাইউদ্ কাৰখানাই যথেষ্ট ধন উপাৰ্জন কৰি বহুতো বনুৱাক অন্ন-বস্ত্ৰৰ সংস্থান দিব পাৰিছে। অসমৰ হাবিত অগৰু, চন্দন আদি নানা সুগন্ধি গছো আছে। এই গছবোৰৰ পৰা নানা সুগন্ধি আতৰ আদি তৈয়াৰ কৰিব পাৰিলে দেশখনৰ উপকাৰ হব।

চাহ পাত অসমৰ এবিধ মূল্যবান সম্পদ। অসমৰ আটাইকেইখন জিলাতেই চাহ খেতি হয়। বর্তমান অসমত সৰ্বমুঠ প্রায় এহেজাৰ এখন চাহ বাগীছা আছে। আদিতে এই চাহ বাগীছাবোৰ ইংৰাজৰ হাতত আছিল। চাহপাতৰপৰা অসমে যথেষ্ট ৰাজহ লাভ কৰে।

প্রাণীজ সম্পদ : অসমৰ হাবিবোৰত যথেষ্ট পৰিমাণে মূল্যবান জীৱজন্তু পোৱা যায়। অসমৰ গঁড় পৃথিৱী বিখ্যাত। ইয়াৰ উপৰিও হাতী, হৰিণা, বাঘ-ভলুক আদি নানাবিধ জন্তু আছে। আমাৰ দেশৰ পৰা চৰকাৰে জীৱজন্তুৰ বাবেও যথেষ্ট ৰাজহ আদায় কৰে। কাজিৰঙা অভয়াৰণ্যত গঁড় আছে। গঁড় পৃথিবীৰ ভিতৰত আটাইতকৈ মূল্যৱান সম্পদ। গঁড়ৰ মূৰত থকা খড়্গ অতি মূল্যবান বস্তু। অসমৰ গঁড় পৃথিবীৰ অন্যান্য দেশলৈকো ৰপ্তানী কৰা হৈছে। নানাবিধ চৰাই চিৰিকতিৰে অসমে ভৰপুৰ। বিদেশৰ বহু লোক অসমৰ জীৱজন্তু দর্শন কৰিবলৈ আৰু সেই সম্পর্কে অধ্যয়ন কৰিবলৈ আহে। হাতীৰ দাঁতৰ পৰা, জন্তুৰ হাড়ৰপৰা নানা প্ৰকাৰ বস্তু তৈয়াৰ কৰা হয়। চামৰা বিক্ৰী কৰিও চৰকাৰে ধন অর্জে। এই জীৱজন্তুৰ চৰ্বিৰ পৰা নানা প্ৰকাৰ ঔষধো তৈয়াৰ কৰা হয়। 

আমাৰ অসমত পৰ্বত-পাহাৰ, নদ-নদী যথেষ্ট আছে। অসমৰ নদীবোৰ পাহাৰ-পৰ্বতৰ পৰা ওলাই অহা বাবে খৰস্ৰোতা। তাৰোপৰি প্ৰায়বোৰ নদীতেই বাৰ মহে পানী থাকে। ইয়াৰ ফলত অসমত জলবিদ্যুৎ উৎপাদন কৰিব পৰা যায়। নদীবোৰৰপৰা পানীৰ যোগান ধৰিব পাৰিলে খেতিৰ উন্নতিও সাধন কৰা সম্ভব হৈ উঠে। অসমৰ প্ৰায় প্ৰতিটো নদীতেই বহুমুখী নদী পৰিকল্পনা গ্ৰহণ কৰিব পৰা যায়। কাছাৰৰ বৰাক নদী আৰু অসমৰ বুকুৱেদি বৈ যোৱা ব্ৰহ্মপুত্ৰই অসমক পায় শস্য-শ্যামলা কৰি ৰাখিছে। অকল সেয়েই নহয় বিশাল ব্রহ্মপুত্রই বাণিজ্যিক উন্নতি সাধনতো সহায় কৰিছে।

অসমৰ কুটিৰ শিল্প

কোনো যন্ত্র বা শক্তিৰ সহায় নোলোৱাকৈ হাতেৰে বা আত্মশ্ৰমেৰে যি শিল্প পৰিচালিত হয় তাকেই কুটিৰ শিল্প বোলে। কুটিৰ শিল্পবোৰ সাধাৰণতে পৰিয়ালৰ ভিতৰতেই সীমাৱদ্ধ হৈ থাকে। যন্ত্র শিল্পৰ আবিষ্কাৰ হোৱাৰ পিছতো অসমত নানা  প্ৰকাৰ কুটিৰ শিল্প অসমৰ আৰু বাহিৰৰ লোককো সহায় কৰিব পাৰিছে। অৱশ্যে যন্ত্রশিল্প আৰু কুটিৰ শিল্পৰ মাজত এক বিৰাট পার্থক্য আছে। যন্ত্রশিল্পবোৰ প্ৰতিষ্ঠা হৈছে সম্পূর্ণ ব্যৱসায়িক মনোবৃত্তিত ; কিন্তু কুটিৰ শিল্প প্ৰতিষ্ঠা হৈছিল। কেৱল জীৱিকাৰ বাবে। কমাৰ, কুমাৰ, সোণাৰী, শিপিনী আদিয়ে আজিও নিজৰ জীৱিকাৰ বাবে কুটিৰ শিল্পক আশ্ৰয় কৰি আছে। এই শিল্প পৰিচালনা কৰাৰ বাবে শ শ বনুৱাৰ প্ৰয়োজন নাই, কয়লা পেট্রল বা বিজুলি শক্তিৰো প্রয়োজন নাই। ই পৰিয়ালৰ ভিতৰতেই বেছি পৰিশ্ৰমৰ দ্বাৰা পৰিচালিত হয়। সেইবাবে ইয়াৰ উৎপাদন ক্ষমতা কম আৰু বেছি ফেছনো নাই। তথাপি কুটিৰ শিল্পজাত বস্তুৰে অসমীয়া লোক চহকী হ’ব পাৰিছে। অতীতৰ পৰা অসমীয়া লোকে কুটিৰ শিপ্লজাত বস্তুৰে ব্যৱসায় কৰি ধন উপাৰ্জন কৰিছে। 

অসমৰ কুটিৰ শিল্পৰ বিষয়ে আলোচনা কৰিবলৈ গ’লে প্রথমে শিপিনী সকলৰ কথাকেই ক’ব লাগিব। অতীতৰে পৰা অসমীয়া শিপিনীয়ে কপাহৰ পৰা সূতা তৈয়াৰ কৰি কাপোৰ বৈ পৰিয়ালৰ লজ্জা নিবাৰণ কৰিছিল। আহোম ৰাজত্বৰ দিনাত অসমীয়া শিপিনীয়ে ৰাতিৰ ভিতৰতে কপাহৰ সূতা তৈয়াৰ কৰি কাপোৰ বৈ গিৰিয়েকক যুদ্ধলৈ পঠোৱাৰ কথা বুৰঞ্জীত আছে। তাঁত শালত মিহিকৈ বনোৱা। ফুলাম গামোছাই আজিও ভাৰতবৰ্ষতেই নহয়, সমগ্র পৃথিবীতেই এক চমৎকাৰিত্ব প্ৰদৰ্শন কৰিছে। অসমৰ প্ৰতিজনী তিৰোতাই তাঁত শালত মিহিকৈ। কাপোৰ বব জানে। তাৰোপৰি তেওঁলোক একোখন কাপোৰক নানা ফুল বাচি উলিয়াই গৌৰৱ অৰ্জন কৰি আছে। অসমীয়া শিপিনীয়ে কাপোৰত নানা দেৱ দেৱীৰ মূৰ্তি তৈয়াৰ কৰি সাত বৈকুণ্ঠৰ পট ৰচনা কৰিব পাৰে বুলিও সদনাম আছে।

পাট, মুগা আৰু এড়ি কাপোৰৰ বাবে অসমীয়া শিপিনীৰ সুখ্যাতি চাৰিওফালে বিয়পি পৰিছে। মুগা, পলু, আদি পোকৰ পৰা এই সূতাবোৰ অসমীয়া শিপিনীয়ে নিজেই তৈয়াৰ কৰে। এই পোক-পলুবোৰ পুহিবৰ বাবে তেওঁলোকে চুঙ, কৰিঙা এৰা আদি গছৰ খেতিও কৰে। পাট মুগাৰ কাপোৰৰ বাবে শোৱালকুছিৰ শিপিনীক জগত বিখ্যাত বুলিয়েই কব লাগিব। শোৱালকুছিৰ প্ৰতি গৰাকী শিপিনীয়েই যথেষ্ট ধন উপাৰ্জন কৰে এই বিধ কুটিৰ শিল্পতেই। গুণাৰ ফুল ৰচা শোৱালকুছিৰ উৎপাদিত পাট কাপোৰ পৃথিৱী বিখ্যাত। বিয়াত দৰা কইনাই পাটৰ কাপোৰ পিন্ধা অসমীয়া সমাজৰ এটা ডাঙৰ নিয়ম।

অসমৰ দক্ষিণ কামৰূপ আৰু বড়ো-কছাৰী সমাজৰ মাজত এড়ি কাপোৰৰ শিপিনী যথেষ্ট আছে। তেওঁলোকে পলুৰ লেটাৰ পৰা নিজে সূতা কাটি কাপোৰ বয়। অসমৰ এড়ি চাদৰ ভাৰতৰ সকলো লোকেই বিচাৰে। এইবিধ কাপোৰে জাৰৰ দিনত মানুহক শীতৰ পৰা ৰক্ষা কৰে।

বহাগৰ বিহুত অসমৰ সকলো তিৰোতাই নিজহাতে ফুলাম গামোছা বৈ পৰিয়ালৰ লোকক দিয়া এটা ৰীতি । বহুত শিপিনীয়ে এই সময়ত ফুলাম গামোছা বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰে। বৰ্তমান যন্ত্রযুগতো অসমৰ প্ৰতিটো পৰিয়ালতে অতি কমেও একোখনকৈ তাঁতশাল আছে। আমাৰ অসমত ৫ লাখতকৈও বেছি তাঁতশাল আছে, যেতিয়া সমগ্ৰ ভাৰতৰ সংখ্যা ৩০ লাখ।

অসমৰ আন এবিধ কুটিৰ শিল্পৰ উৎপাদন কাঁহ-পিতলৰ বাচন-বৰ্তন। কামৰূপ সৰ্থেবাৰী আৰু হাজোৰ শিল্পীয়ে নানাবিধ ফুল কটা বা চিত্ৰিত বাচন তৈয়াৰ কৰিব পাৰে। মানুহৰ ব্যৱহাৰ্য কাঁহী বাতিৰ উপৰিও মনোৰম শৰাই, ভোগজৰা, বটা, সঁফুৰা, বান-বাতি, তাল আদি তৈয়াৰ কৰি জীৱিকা নিৰ্বাহ কৰিছে। প্ৰতিঘৰ অসমীয়া লোকৰ ঘৰত কাঁহ পিতলৰ নানাবিধ বাচন দেখিবলৈ পোৱা যায়।

অসমত কাঠৰ অভাৱ নাই। সেইবাবে অসমীয়া বাঢ়ৈৰো অভাৱ নাই । অসমীয়া বাঢ়ৈয়ে কাঠেৰে নানাবিধ প্রয়োজনীয় আচৱাব, বহা আসন, আলমীৰা আদি তৈয়াৰ কৰিব পাৰে। কুণ্ডত কটা, মনোৰম ফুল তোলা, নানা চিত্র কাটি উলিয়াব পৰা কাঠ শিল্পক আজিও যন্ত্র শিল্পই আয়ত্ত কৰিব পৰা নাই।

দা-কটাৰী, কোদাল, কুঠাৰ আদি তৈয়াৰ কৰোঁতা শিল্পীসকল হ’ল কমাৰ। তেওঁলোকে লোৰ নানাবিধ সঁজুলি তৈয়াৰ কৰি অসমীয়া সমাজৰ নিত্য ব্যৱহার্য দ্ৰব্যৰ সহায় কৰি আহিছে।

 বাঁহ বেতৰ নানাবিধ আচবাব, বহা আসন, জপা আৰু জাপি অসমৰ কুটিৰ  শিল্পৰ আন এবিধ শ্রেষ্ঠ উৎপাদন। ছাটিৰ ব্যৱহাৰ হোৱাৰ আগতে অসমীয়া ক. লোকে জাপি ব্যৱহাৰ কৰিয়েই ৰ’দ বৰষুণৰ পৰা ৰক্ষা পৰিছিল। অসমীয়া কৃষক  সমাজত আজিও জাপি নহলে নচলে।

অসমীয়া কুমাৰ সকলে নানাবিধ মাটিৰ বাচন তৈয়াৰ কৰি আজিও জীৱিকা নিৰ্বাহ কৰি আছে। তেওঁলোকে বাচনৰ উপৰিও মাটিতে নানা ৰং দি চৌখিন বস্তু তৈয়াৰ কৰি ড্রইংৰুম সজাই থবৰ বাবে সমৰ্থ হৈছে। ইয়াতে তেওঁলোকৰ আধুনিক ৰুচিসম্পন্ন মনোবৃত্তিৰ পৰিচয় পোৱা যায়।

হাতী দাঁতৰ নানাবিধ বস্তু তৈয়াৰ কৰাৰ বাবে বৰপেটাৰ শিল্পীসকলে প্রসিদ্ধ তেওঁলোকে আধুনকি ৰুচিদায়ক নানাবিধ চৌখিন বস্তু তৈয়াৰ কৰি তেওঁলোকৰ কুটিৰ শিল্পক জীয়াই ৰাখিছে।

পাশ্চাত্য সভ্যতাৰ আমদানীয়ে মানুহৰ পিন্ধা উৰা আদি সকলো কথাতেই বিদেশীক অনুকৰণ কৰিলে। মূলধনৰ অভাৱত পৰিও অসমীয়া শিল্পীয়ে জীৱিকাৰ আন পথ বিচাৰি উলিয়াব লগা হ’ল। এনেবোৰ কাৰণতে অসমৰ কুটিৰ শিল্পৰ অৱনতি ঘটিল।

কিন্তু এইটোৱেই অসমীয়াৰ গৌৰবৰ কথা যে বস্ত্ৰ শিল্পৰ বহুল প্রচলন হোৱা | স্বত্ত্বেও অসমৰ কুটিৰ শিল্পসমূহ আজিও জীয়াই আছে। তাঁত শিল্পৰ পাট, মুগা এৰি কাপোৰ আগতকৈ বেছি উন্নতি কৰিছে আৰু বৰ্তমানত সকলো লোকৰ পৰা আগ্রহ লাভ কৰিবলৈ সমৰ্থৱান হৈছে। অসমৰ বাহিৰতো এই বিধ শিল্পই আধিপত্য বিস্তাৰ কৰিব লাগিছে। অৱশ্যে দেশৰ অৰ্থনৈতিক দুৰাৱস্থাৰ বাবে জনসাধাৰণে কম দামী যন্ত্ৰশিল্পজাত বস্তু বিচাৰি ফুৰা স্বাভাৱিক। কাঁহ পিতলৰ বাচনৰ ব্যৱহাৰ  আজিও আছে। অসমৰ প্ৰচলিত কোনো এটা কুটিৰ শিল্পই আজিলৈ নিশ্চিহ্ন হৈ  যোৱা নাই। নানা আপদ বিপদৰ মাজতো প্ৰতিটো কুটিৰ শিল্পই জীয়াই আছে।

নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

অসমৰ খাদ্য সমস্যা আৰু তাৰ প্ৰতিকাৰ

অসম দেশত অতীততে কেতিয়াও খাদ্য সমস্যাৰ উদ্ভৱ হোৱা নাছিল। অসম এখন কৃষিপ্রধান ৰাজ্য আৰু ইয়াৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত। অসমৰ বুকুৱেদি বৈ যোৱা ব্ৰহ্মপত্ৰ আৰু ইয়াৰ উপনদী সমুহে গোটেই অসমকেই সাৰুৱা কৰি ৰাখে। সুজলা সুফলা শস্য-শ্যামলা অসমৰ বুকুত চিৰ সেউজ বিৰাজমান। অসমীয়া খেতিয়কৰ মুখ চিৰ আনন্দ-মুখৰ আছিল। প্রাকৃতিক দুর্যোগ, ৰ’দ-বৰষুণক আওকান কৰি অসমীয়া কৃষকে উৎপাদন কৰা শস্য অসমবাসীক খুৱাইও অসমৰ বাহিৰৰ লোকক সহায় কৰিব পৰা ক্ষমতা একালত আছিল। কিন্তু বৰ্তমান নানা কাৰণত এই ৰাজ্যই খাদ্য সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে।

অসমৰ খাদ্য সমস্যাৰ উদ্ভৱ হোৱাৰ মূল কাৰণ হ’ল জনসংখ্যা বৃদ্ধি। অসমীয়াৰ স্বাভাৱিক গতিত জনসংখ্যা বৃদ্ধি হৈ আছে। তাৰোপৰি নানা ঠাইৰ পৰা লোক অসমলৈ আহিয়েই আছে। অকল ইমানেই নহয়, চৰকাৰে ভালেমান ভগনীয়াক অসমতেই সংস্থাপন কৰিছে। ভাৰত বিভাজনৰ ফলত উদ্ভৱ হোৱা ভগনীয়াৰ ভালেমান ভাগকেই অসমত ঠাই দিয়া হৈছে। ব্যৱসায়-বাণিজ্যই প্ৰসাৰতা লাভ কৰাত নানা ঠাইৰ বেপাৰী লোক আহিও অসমত ব্যৱসায় কৰিব লাগিছে শিল্পানুষ্ঠানবোৰত বনুৱা নিয়োগ আৰু সৰ্বভাৰতীয় ভিত্তিত হোৱা চাকৰিয়ালৰ  আগমনে অসমৰ জনসংখ্যা বহুতগুণে বৃদ্ধি, কৰিছে। ভগনীয়া পমুৱা সকল সংস্থাপিত হোৱাৰ ফলত অসমৰ খেতি মাটিৰ পৰিমাণ কমি যোৱা এটা স্বাভাৱিক কথা। খেতিৰ বাবে মাটি কম হোৱা বাবেই উৎপাদন কম হয়।

খেতিয়কে খেতি কৰাৰ বাবে সদায় প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। অসমত সাধাৰণতে ধান খেতি আৰম্ভ কৰে বৰ্ষাকালত। এই কালচোৱাত প্ৰয়োজন অনুসাৰে বৰষুণ নহলে শস্য উৎপাদন সম্ভৱ নহয়। অসম ৰাজ্য মৌচুমী অঞ্চলত বাবে আমাৰ খেতিয়ক আগতে পানীৰ অসুবিধা ভোগ কৰা নাছিল; যথেষ্ট বৰষুণ হৈছিল। কিন্তু বর্তমানত তুলনামূলক ভাবে বৰষুণ কমিছে। ইয়াৰ কাৰণ ডাঙৰ ডাঙৰ গছ গছনিবোৰ মানুহে কাটিছে, পর্বত পাহাৰ বোৰ ভাঙি দি মাটি বাম কৰাৰ ফলত মৌচুমী বতাহে বাধাহীন ভাবে প্রবাহিত হ’ব পাৰিছে। তাৰ ফলত অসমৰ কিছুমান ঠাইত বৰষুণ কমি গৈছে।

১৯৫০ চনত অসমত হোৱা প্রলয়ঙ্কাৰী ভূমিকম্পই ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদী সমূহ তৰাং কৰি পেলাইছে। মথাউৰি নিৰ্মাণৰ ফলতো প্ৰায়বোৰ নদীয়ে তৰাং হৈছে। ইয়াৰ ফলত অসমত বানপানীৰ উপদ্রব বৃদ্ধি পাইছে। অনেক সময়ত অনেক ঠাইত বানপানীয়ে খেতিৰ যথেষ্ট ক্ষতি কৰাৰ বাবে প্ৰয়োজনীয় উৎপাদনৰ হ্ৰাস হৈছে। মথাউৰি হোৱাৰ আগতে বাৰিষাকালত নদীবোৰৰ পানী চাৰিওফালে বাগৰি গৈ খেতি পথাৰত পলস পেলাইছিল। তেতিয়া কম পৰিশ্ৰমতে খতিয়কে অধিক শস্য উৎপাদন কৰিছিল। নদীৰ পলস মথাউৰিৰ দ্বাৰা বাধাপ্রাপ্ত হাৱাত খেতি পথাৰ অসাৰুৱা হৈছে আৰু উৎপাদন কমি গৈছে। এইবোৰ কাৰণত অসমত বৰ্তমান খাদ্য সমস্যাই ভীষণৰূপে দেখা দিছে।

অসমৰ খাদ্য সমস্যাৰ প্ৰতিকাৰ কৰিবলৈ হ’লে জনসংখ্যা বৃদ্ধিত বাধা প্রদান কৰি অধিক শস্য উৎপাদনত মনোযোগ দিব লাগিব। জন্মনিয়ন্ত্ৰণৰ দ্বাৰা অকল জনসংখ্যা বৃদ্ধিত বাধা দিয়াই নহয়, বহিৰাগত লোকৰ আগমনকো বাধা দিব লাগিব। তাৰোপৰি অসমৰ উৎপাদিত শস্য যাতে কোনো প্রতিবেশীৰ ওচৰলৈ চোৰাং ব্যৱসায়ীৰ যোগেদি নাযায় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব।

শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে প্ৰথমতে বান নিয়ন্ত্রণ আৰু জলসিঞ্চন এই দুটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। অসমৰ কৃষকৰ মতে বান নিয়ন্ত্ৰণৰ বাবে কৰা মথাউৰিয়ে কৃষিৰ অৱনতিহে ঘটাইছে। কিয়নো মথাউৰিৰ দ্বাৰা বাধাপ্ৰাপ্ত হোৱাৰ বাবে নদীবোৰৰ পলসুৱা সাৰ খেতি পথাৰে নোপোৱা হৈছে। আনহাতে দীৰ্ঘদিন ধৰি পথাৰত বন্ধ হৈ থকা পানীবোৰে এবিধ খাৰ উৎপাদন কৰে আৰু সেই খাৰেই কৃষিৰ অনিষ্ট সাধন কৰে। গতিকে পথাৰত জমা হৈ থকা বা বন্ধ হৈ থকা পানীবোৰ উলিয়াই দিয়াৰ ব্যৱস্থা কৰিলেহে খেতিৰ উন্নতি সাধন হ’ব।

অসমত জলসিঞ্চনৰ ব্যৱস্থা একেবাৰে নাই বুলিয়েই কব পাৰি। খৰাং বতৰত যদি নলাৰে পানীৰ যোগান ধৰিব পৰা যায় তেতিয়া হলে খেতিৰ উন্নতি সাধন হয়। ভাৰতৰ অন্যান্য ৰাজ্যত বহুমুখী নদী পৰিকল্পনাৰ দ্বাৰা বান নিয়ন্ত্ৰণ আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। অসমতো তেনে ব্যৱস্থা কৰিব লাগিব।

ভাল বীজ আৰু সাৰৰ প্ৰয়োজন অসমীয়া খেতিয়কৰ দৰ্কাৰ হৈছে। পুৰণি কলীয়া নীতি-নিয়মক এৰি আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিলে উৎপাদন বৃদ্ধি পাব। অৱশ্যে আমাৰ বহুতো খেতিয়কে বিদেশী বীজ ৰোপণ কৰি আধুনিক পদ্ধতিৰে খেতি কৰি লাভৱান হৈছে। আধুনিক যন্ত্রপাতি কিনা আৰু নতুন প্ৰণালীৰে খেতি কৰাৰ বাবে কৃষকৰ মূলধনৰ আৱশ্যক। তাৰ বাবে কৃষকৰ  আর্থিক উন্নতি সাধনৰ ব্যৱস্থাও হ’ব লাগিব। উৎপাদিত শস্য বিতৰণৰ ব্যৱস্থাও  কৰিব লাগিব।

অকল ধানৰ খেতি কৰিলেই আমাৰ খাদ্য সমস্যাৰ সমাধান নহয়। ধান খেতিৰ দৰে গম খেতি আদিৰো প্ৰচলন অসমত হোৱা উচিত। তাৰ লগতে শাক-পাচলি অর্থাৎ ৰবি শস্যৰ উৎপাদনৰ বাবেও মনযোগ দিব লাগিব। প্রতিজন খেতিয়কেই তেওঁৰ সকলো মাটিতে সকলো প্ৰকাৰ খেতি কৰিলে খাদ্য সমস্যা সমাধানৰ লগতে তেওঁলোকৰ আৰ্থিক উন্নতিও সাধন হব। পুষ্টিকৰ খাদ্যই শৰীৰ ভাল ৰাখে। পুষ্টিকৰ খাদ্যৰ বাবে গৰু ম’হ পোহা, মাছ পোহা, হাঁহ কুকুৰা পোহাৰ ব্যৱস্থাও কৰিব লাগে। এনেবোৰ খাদ্য উৎপাদন যে কেৱল কৃষকেই কৰিব তেনে নহয়; সকলো লোকেই কম বেছি পৰিমাণে কৰিব পাৰে।

আধুনিক পদ্ধতিত কৃষি কৰাৰ বাবে প্ৰতিজন কৃষকেই প্রশিক্ষণ প্রাপ্ত হ’ব লাগে। উপযুক্ত শিক্ষাৰ অভাৱতো বহুতো কম ভাল নহয়। কৃষিৰ উন্নতি সাধনৰ  বাবে চৰকাৰ আৰু ৰাইজ সমানে সচেতন হব লাগিব। সুখৰ কথা যে আমাৰ  চৰকাৰে কৃষক সকলক সহায় কৰাৰ বাবে যথেষ্ট চেষ্টা কৰিছে। অকৃষক ৰাইজেও  যদি কৃষকসকলক সহায় কৰে তেন্তে অসমৰ খাদ্য সমস্যা শীঘ্ৰেই সমাধান হোৱাৰ আশা কৰিব পাৰি।

ৰাগিয়াল বস্তু

মানুহে জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন। পিছে প্রয়োজনীয় আহাৰখিনিৰ বাহিৰেও আৰু কিছুমান বস্তু খোৱা, পিয়া বা হোপা মানুহৰ অভ্যাস আছে। এই বস্তুবোৰৰ অধিকাংশই নিচাকাৰক আৰু শৰীৰৰ পক্ষে অপকাৰী; এনে অপকাৰী আৰু ৰাগি ধৰা বস্তুকে ৰাগিয়াল বস্তু বুলি কোৱা হয়। মদ, ভাং আৰু ধঁপাতকেই প্ৰধানকৈ ৰাগিয়াল বস্তু বুলি কোৱা হয়। ইয়াৰ উপৰিও তামোলকো একপ্ৰকাৰৰ ৰাগিয়াল বস্তু বুলি কোৱা হয়।

ৰাগিয়াল বস্তু খোৱা এটা বেয়া অভ্যাস; এই অভ্যাসবোৰ সাধাৰণতে সঙ্গদোষৰপৰা ওপজে। ইয়াৰ পৰা কোনো উপকাৰ নহয়, বৰং ইয়াৰ পৰা মানুহৰ শৰীৰত নানাবিধ দুৰাৰোগ্য ব্যাধি, হাওঁফাওঁ নষ্ট কৰা, লগতে মানুহৰ যক্ষ্মা,  কেনচাৰ, হৃদৰোগ আৰু অন্যান্য ৰোগ হোৱা দেখা যায়।

মদপীৰ দ্বাৰাই বহুতো হত্যাকাণ্ড সংঘটিত হোৱা দেখা যায়। মদপীৰ পৰিয়ালত কোনো শান্তি নাথাকে। মদৰ নিচাত যতে ততে পৰি যিহকে তিহকে বকি পাছত ৰাগি এৰাত লাজ পোৱা মানুহো দেখা যায়।

কানিয়ে মানুহৰ উৎসাহ উদ্দীপনা নাইকিয়া কৰি জীৱন্ততে মৰাৰ নিচিনা কৰি পলায়। 

ভাঙে মানুহৰ উৎসাহ উদ্দীপনা নাইকিয়া কৰাৰ লগতে কামৰ প্ৰতি থকা আগ্রহো কমাই আনে। 

ধঁপাতত থকা “নিকোটিন” নামৰ বিহে সৰু লৰা ছোৱালীৰ কিছু অপকাৰ কৰে। ধঁপাত আৰু তামোল খোৱা মানুহৰ ডিঙি, হাওঁফাওঁ আৰু পেটত কৰ্কট ৰোগ হোৱা দেখা যায়। ধুমপান কৰা তিৰোতাৰ সন্তান বিকলাঙ্গ, নির্বোধ আৰু মুজুৰা হয়। মদপী, কানীয়া, ভাঙুৱা লোকৰ আৰ্থিক ক্ষয়-ক্ষতিৰ পৰিমাণ কম নোহোৱাৰ উপৰিও সমাজত কোনো ধৰণৰ আদৰ নাপায়।

ৰাগিয়াল বস্তুৰ এই অপকাৰিতালৈ লক্ষ্য কৰি আমাৰ দেশৰ সমাজ সংস্কাৰক সকল সমাজৰ পৰা ইয়াৰ ব্যৱহাৰ নাইকিয়া কৰিবলৈ দেহে কেহে চেষ্টা কৰি অহা দেখা যায়। স্বাধীনতা আন্দোলনৰ লগে লগে বিলাতী বস্তু আৰু ৰাগিয়াল বস্তু বৰ্জনৰো আন্দোলন চলোৱা হৈছিল। অসমতো ৰাগিয়াল বস্তু বৰ্জন কৰিবলৈ দেহে কেহে খটা হৈছিল।

স্বাধীনতা লাভৰ আগতে আমাৰ দেশত ৰাগিয়াল বস্তুসমূহৰ বেপাৰ প্রত্যক্ষভাবে হৈছিল, কিন্তু স্বাধীনতা লাভৰ পিছত জাতীয় চৰকাৰে দেশৰ পৰা ৰাগিয়াল বস্তু নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিল যদিও নানা কাৰণত কৃতকার্য হব পৰা নাই। এনে বস্তুৰ বেপাৰ এতিয়া গোপনে চলি আছে। আৰু মদ, ভাং আদিৰ প্ৰচলন আগতকৈ বৃদ্ধিহে পাইছে। তাৰোপৰি এতিয়া হেৰোইন আদি ড্রাগৰ নিচা আৰম্ভ হৈছে। এই নিচা ক্ৰমাৎ মাৰি মৰকৰ আকাৰলৈ আমাৰ সমাজৰ মাজত বিয়পিবলৈ ধৰিছে।

আমাৰ চৰকাৰে সুৰাপানকে ধৰি সকলো ৰাগিয়াল বস্তু বৰ্জন কৰিবলৈ প্ৰচেষ্টা চলাইছে—যদিহে সকলো ৰাইজে সর্বান্তঃকৰণে এই কার্যত সহায় কৰে তেতিয়াহলে ইয়াৰ ফলৱতী হোৱাৰ সম্ভাৱনা আছে।

মদ, ভাং বা বিহৰ ব্যৱসায়ী সকলে ৰাইজক মদ ভাং খুৱাই অকল্যাণ মূলক কামবিলাক নকৰি দেশৰ কল্যাণৰ কাম কৰাহে উচিত। আৰু ইয়াৰ বাবে দেশৰ ৰাইজ তথা চৰকাৰো সজাগ হোৱা উচিত।

অসমৰ জাতীয় উৎসৱ

কোনো এখন ৰাজ্যৰ সকলো ধৰ্মৰ, সকলো বৰ্ণৰ মানুহ স্বতঃস্ফূৰ্ত ভাৱে পালন কৰা উৎসৱকে জাতীয় উৎসৱ বোলা হয়। বিহু অসমীয়াৰ জাতীয় উৎসৱ। জাতি-ধৰ্ম-নির্বিশেষে অসমীয় মাত্রেই বিহু উৎসৱ পালন কৰে। বিহু বুলিলেও অসমীয়াৰ মনত আনন্দৰ সীমা নোহোৱা হয়। সেয়ে অসমীয়াৰ জাতীয় উৎসৱ বুলি বিহুকহে কোৱা যায়। কিন্তু দুৰ্গাপূজা, বৰদিন, ঈদ, মহৰম আদিক অসমীয়াৰ জাতীয় উৎসৱ বুলি কোৱা নহয়, কিয়নো ই মূলতঃ হিন্দু,

মুচলমান বা খৃষ্টানৰহে ধৰ্মীয় উৎসৱ। বিহু হ’ল জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো অসমীয়াৰ উৎসৱ ।

বিহু কেতিয়াৰ পৰা অসমত প্রচলন হয় তাক জনা নাযায় যদিও অসমত বাস কৰা নানান প্রজাতিৰ মানুহৰ আচাৰ-বিচাৰ, সভ্যতা সংস্কৃতিৰ সমন্বয়হে বিহুৰ মাজত পোৱা যায়। প্ৰধানকৈ বিহুক তিনিটা ভাগত ভগাব পাৰি—

(i) বহাগ বা ৰঙালী বিহু। 

(ii) মাঘ বা ভোগালী বিহু। 

(iii) কাতি বা কাঙালী বিহু। 

দুটা মাহৰ সংক্ৰান্তিৰ দিনা হয় কৰণে বিহুক “দোমাহীও” বোলে। 

বহাগ বিহুঃ চতৰ শেষৰ দিনাখনৰ পৰা বহাগৰ ছয় তাৰিখলৈ এই সাতদিন জুৰি বহাগ বিহু। বহাগ বিহুৰ প্ৰথম দিনটোক গৰুবিহু বোলে। সেইদন ৰাতিপুৱা দীঘলতিৰ নুফুলা ঠাৰিৰে কোবাই কোবাই গৰুবোৰক খেদি নি নি, বিল বা পুখুৰীৰ পানীত গা ধোৱাই লাউ বেঙেনা খাবলৈ দিয়ে। দীঘলতিৰ ঠাৰিৰে গৰুবোৰ কোবাই কোবাই পথাৰলৈ নিওতে গৰুৰখীয়াহঁতে একলগ হৈ বিহু গান গায়—

“দীঘলতিৰ দীঘল পাত, গৰু কোবাও জাত জাত। 

 মাক সৰু, বাপেক সৰু তাই হবি বৰ গৰু।

লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা।”        

গধূলি মৰাপাটেৰে উলিওৱা ন পঘাৰে 

গৰুবোৰ বন্ধা হয় ; বিচনীৰে বিচ্‌ দিয়া হয়।

দ্বিতীয় দিনা মানুহ বিহু। সেইদিনা বন্ধু-বান্ধৱ মিতিৰ কুটুম্বক নিমন্ত্ৰণ কৰি আনি খুওৱা বুওৱা কৰা হয়। ৰাতিপুৱা গা মূৰ ধুই নাম ঘৰত নাম গোৱা হয়। পিছত সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। আৰু পাছত ঘৰলৈ আহি জা-জলপান কৰে।

উজনিৰ ফালে ঘৰে ঘৰে হুচৰি গীত গাই বিহুৰ কাৰণে পইচা তোলে আৰু মুকলি পথাৰত দিনে নিশাই ডেকাগাভৰুৱে একেলগে বিহু গীত গাই নাচ গান কৰে।

বহাগ বিহুত হিল দল ভাহি ধুমুহা অহাকে “বৰদৈচিলা” বুলি বিশ্বাস কৰা হয়।

বিহু উপলক্ষে মৰমৰ চিন স্বৰূপে প্ৰিয় পৰিজনক ন-গামোচা দিয়া হয় ; ইয়াকে বিহুৱান দিয়া বুলি কোৱা হয়। আনন্দমুখৰ নাচ গানেৰে উদ্‌যাপিত হয় বাবে এই বিহুকে ৰঙালী বিহু বোলা হয়।

কাতি বিহুঃ আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু উদযাপন কৰা হয়। কাতি বিহুত উলহ আলহ বেছি নাথাকে, ভোগ প্ৰাচুৰ্যও নাথাকে বাবে এই বিহুক কঙালী বিহুও বোলা হয়। এই বিহুৰ দিনা মানুহে আকাশ বন্তি জ্বলায়; তুলসীৰ তলত নাম গায়। পথাৰত, ভঁৰাল, ঢেকীশাল আদিত চাকি জ্বলোৱা হয়। এই বিহুৰ গোটেই মাহটোৱেই নাম কীৰ্তন কৰি কটোৱা হয়।

মাঘ বিহুঃ কাতি বিহুৰ পিছতে হয় মাঘ বিহু। এই সময়ত পথাৰৰ শস্য চপোৱা হয়। নতুন ফচল ওলাই সাময়িক ভাবে দুখীয়াৰো অভাব গুচে। খেতিবাতি চপোৱা শেষ হয় বাবে মানুহে এই সময়ত জিৰণি পায়। আনকি এতিয়া দুখীয়া মানুহেও ভালকৈ এসাজ খাবলৈ পায়। সেয়ে এই বিহুক “ভোগালী বিহু” বোলা হয়। পিঠা-পনা, নাড়ু, গাখীৰ, পায়স, সন্দেশ, আদি খুৱাই মানুহে এই বিহু পালন কৰে। এই উৎসৱত খেল ধেমালিৰ পয়োভৰও বেছি।

মাঘ বিহুৰ কেইদিনমান আগৰেপৰা ডেকালৰাবোৰ কাঁহ বাঁহ গোটাই মুকলি পথাৰ বা আলি দাঁতিত একোটা প্ৰকাণ্ড দম কৰে ; ইয়াকে মেজি বোলে। কোনো কোনো ঠাইত পথাৰৰ নৰা আনি কেচা বাঁহ পুতি মেজি সাজে ; ইয়াকে “ভেলাঘৰ”, বোলে। ডেকা লৰাবোৰে বিহুৰ দিনা নিশা ভোজ ভাত খাই ওৰে নিশা উজাগৰে থাকি গীত বাজনা কৰি মেজিৰ কাষতে থাকি কটাই দিয়ে। পাছদিনা ৰাতি নৌপুৱাতেই মানুহবোৰে গা পা ধুই আহি মেজিত জুই লগাই দিয়ে। মেজিলৈ মাহ চাউল, তিল আদি দলিয়াই অগ্নিদেৱতাক সেৱা কৰে। এই বিহুতো সৰুৱে ডাঙৰৰ ওচৰত আঠুলৈ আশীৰ্বাদ বিচাৰে আৰু ডাঙৰেও সৰু সকলক মৰম দিয়ে।

আমাৰ তিনিওটা বিহুৱেই সূৰ্যৰ তিনি বিশেষ অৱস্থান কালত উদযাপিত হয় সেই বাবে কোনো কোনো পণ্ডিতে বিষুৱ শব্দৰ পৰাই বিহু শব্দটোৰ উৎপত্তি হোৱা বুলি কয়। বিহুত ডেকা গাভৰুৰ মুকলি মূৰিয়া নৃত্য গীতৰ মাজত মুক্তিৰ সহাৰি পোৱা যায় বাবে বিহু অসমীয়াৰ মুক্তি আৰু শান্তিৰ প্ৰতীক।

ছাত্ৰ-ছাত্ৰী আৰু সমাজ

সমাজক বাদ দি মানুহ থাকিব নোৱাৰে, সিহতুে মানুহ সামাজিক জীৱ। যি কাম কৰিলে সমাজৰ হিতসাধন হয়, সেই কাম কৰিলে ব্যক্তিৰো হিতসাধন হয়। সেইবাবে সমাজ সেৱা কৰা ব্যক্তিৰো কৰ্তব্য। ছাত্ৰ-ছাত্ৰী সকলো সমাজৰ অংশ বিশেষ ছাত্ৰৰ প্ৰধান কাম হ’ল অধ্যয়ন কিন্তু অধ্যয়নত বিঘিনি নোহোৱাকৈ ছাত্ৰই সমাজৰ হিতকাম কৰিব লাগে। সেইবাবে আজিকালি স্কুল কলেজ বোৰত Social Service-ৰো এটা বিভাগ ওলোৱা হৈছে।

আমাৰ দেশত সঘনে প্রাকৃতিক দুর্যোগ মাৰিমৰক আদি হৈ থাকে। এইবোৰৰ প্ৰতিকাৰ আৰু প্ৰতিবিধানৰ বিষয়ে সৰ্বসাধাৰণ লোকৰ কোনো জ্ঞান নাই। ছাত্র সকলে সেইবোৰৰ বিষয়ে মানুহক উপদেশ দিব পাৰে, দান বৰঙনি তুলি দুৰ্গত সকলক ছাত্ৰ সকলে সাময়িকভাবে সাহায্য আগবঢ়াব পাৰে। নিজৰ শ্ৰম দানেৰেও ছত্ৰসকলে গাওঁ ভূঁইত আলি পদুলী, বাট-ঘাট-পুখুৰী আদিৰ মেৰামতি কৰি সমাজৰ মঙ্গল সাধন কৰিব পাৰে।

গাঁৱৰ প্ৰায়ভাগ মানুহেই নিৰক্ষৰ। পঢ়াশালি বন্ধৰ সময়ত ছাত্ৰসকলে এই নিৰক্ষৰ মানুহবোৰক শিক্ষাদান কৰিব পাৰে। দুখীয়া ছাত্ৰবোৰক সাহায্য কৰি পঢ়াত সুবিধা কৰি দিব লাগে।

মাৰি মৰকৰ সময়ত ছাত্ৰসকলে ৰোগীবোৰৰ শুশ্রূষাও কৰিব পাৰে। কিন্তু এনেবোৰ কাম গাইগুটিয়া ভাবে নকৰি দলবদ্ধ হিচাপে কৰিলে উপকাৰ পোৱা যাব। ইয়াৰ পৰা পৰস্পৰৰ মাজত সহযোগিতাৰ ভাব ওপজি ছাত্ৰ সকলৰ একতাৰ বান্ধও কপকপীয়া হব।

সমাজৰ হিতসাধন কৰা অথবা সমাজ সেৱা কৰা এটা মহৎ কাম। “জীৱৰ দেৱাই শিৱৰ সেৱা” বুলি আমাৰ শাস্ত্ৰত কোৱা হয়। মহৎ লোকে কোনো কামেই নিজ স্বাৰ্থৰ বাবে নকৰে। তেওঁলোকে দেশ আৰু দহৰ কাৰণে কাম কৰি ভাল পায়। সৎকামৰ পৰাই মানুহে যশস্যা পায়। সমাজ সেৱাই মানুহৰ মাজত প্ৰেম আৰু ভ্ৰাতৃত্বৰ ভাব জগাই তোলে। সমাজ সেৱাৰ কামেই মানুহক উদাৰ ভাবাপন্ন কৰি মহৎ হবলৈ শিকায়। বৰ্তমান আমাৰ দেশৰ সকলো লোকেই নিজ স্বার্থৰ কামতে ব্যস্ত। স্বাৰ্থপৰতাই অধোন্নতিৰ ঘাই হেতু। সৰুৰে পৰা অৰ্থাৎ 

ছাত্ৰ -ছাত্ৰী কালৰে পৰা সমাজ সেৱাৰ ভাব অন্তৰত জগাব নোৱাৰিলে পৰবৰ্তী জীৱনত আমি সমাজৰ অন্যায় কৰিবলৈ সঙ্কুচিত নহম। আমি যদি ছাত্র-ছাত্রীসকলে আমাৰ সমাজৰ কথা কোনোদিনেই নাভাবো তেতিয়াহলে আমাৰ সমাজৰ কোনো দিনেই উন্নতি হোৱা দেখা নাযাব। সেইবাবেই সমাজ সেৱাৰ আদৰ্শ সৰুৰে পৰা ছাত্ৰ-ছাত্ৰী সকলৰ অন্তৰত জাগ্ৰত কৰা উচিত।

অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ

অসম এখন নদীপ্রধান দেশ। এই দেশৰ মাজেদি ব্ৰহ্মপুত্র নদ বৈ গৈছে। মৌচুমী বায়ুৰ প্ৰভাৱত অসমত প্ৰচুৰ বৃষ্টিপাত হয় আৰু তেতিয়া নদ-নদীয়ে পানীৰে উপচি পৰে। পৰ্বতৰ পৰা নদীয়েদি প্ৰবল পানীৰ সোঁত বাগৰি আহে।

১৯৫০ চনত হোৱা অসমৰ ভূমিকম্পৰ ফলত অসমৰ নদ-নদীবোৰৰ বুকু তৰাং হৈ অহা হেতুকে নদীয়ে বেচি পানী ধৰি ৰাখিব নোৱাৰে। ফলত পানী চাৰিওফালে বাগৰি গৈ বানপানী সৃষ্টি কৰে।

সৰুসুৰা বানপানীৰ ফলত মানুহৰ অপকাৰ নহৈ কিছু উপকাৰহে হয়। বানপানীত পোক পৰুৱা আৰু বেয়া আবৰ্জনাবোৰ উটি ভাহি যায়, পলস পৰি শস্যৰ পথাৰবোৰ সাৰুৱা হয় আৰু মাছ পুঠি বৃদ্ধি হয়। কিন্তু যদিহে বানপানী ডাঙৰ হয় তেতিয়া ইয়াৰপৰা আমাৰ অপকাৰহে হয়।

কোনো কোনো বছৰত অসমত বাৰিষাত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ ফলত একোটা বছৰতে ৪/৫ বাৰ বানপানী হোৱা দেখা যায়।

বানপানীৰ ফলত পথাৰৰ শস্য হানিৰ উপৰিও পোহনীয়া গৰু, ম’হ, হাঁহ, কুকুৰা আৰু লগতে ঘৰদুৱাৰ উঠি ভাহি যায়। মানুহো মৃত্যু মুখত পৰিবলগীয় হয়। ফলত মানুহ, গৰু আৰু পোহনীয়া জীৱজন্তুৰ দুখৰ ওৰ নাথাকে।

আগৰ দিনত বানপানী প্রায় সকলোতে সমানভাৱে হৈছিল। সেয়েহে আগৰ দিনত বানপানীত হোৱা মানুহৰ মৃত্যুৰ হাৰ কম আছিল আৰু এতিয়া বানপানী সকলোতে সমানভাৱে নোহোৱা বাবে বর্তমান বানপানীৰ মানুহৰ মৃত্যুৰ হাৰ বাঢ়ি আহিছে।

আজিকালি অপৰিকল্পিত ভাবে দিয়া বান্ধ মথাউৰি আদিৰ বাবে কাল-অকাল যেতিয়াই তেতিয়াই বানপানী হয়। বানপানীৰ গৰাখহনীয়াই বিশেষকৈ ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ কেবাখনো নগৰ নিশ্চিহ্ন হবৰ উপক্ৰম হৈছে।

বানপানী হৈ যোৱাৰ পিছতে সচৰাচৰ আকাল আৰু নানা মাৰি মৰক দেখ দিয়ে। বানপানীয়ে কৰা শস্যৰ ক্ষতিয়ে গোটেই কৃষক তথা গোটেই দেশক অভাৱগ্রস্ত কৰে।

অসমীয়া মানুহৰ প্ৰধান খেতি হ’ল ধান। আহু আৰু শালি দুয়োবিধ ধানৰ খেতিৰ বতৰ হল বাৰিষাৰ চাৰি মাহ । গতিকে প্রবল বানপানীত দুয়োবিধ ধান খেতিৰ অনিষ্ট হয়।

কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি বিশেষে বানপানীত আক্রান্ত লোকৰ সাহায্যাৰ্থে বৰঙনি দিয়ে যদিও সিয়ে দুৰ্গতি মোচনৰ বাবে যথেষ্ট নহয়। ইয়াৰ উপৰিও বানপানী ঘনাই হোৱাৰ ফলত দেশৰ উন্নতিমূলক কাৰ্য-সমূহৰ কোনো উন্নতি হোৱা দেখা নাযায় । ইয়াৰো উপৰিও নদীবোৰত মথাউৰি বান্ধ দিয়া হেতুকে বাৰিষাৰ পানীয়ে—মথাউৰি ভাঙি কোনো কোনো ঠাইত প্রবল বানপানীৰ সৃষ্টি কৰে। ১৯৮৮ চনত ধুবুৰীত এনে হৈছিল।

এটা আশাৰ কথা কেন্দ্ৰীয় চৰকাৰে আগৰ তুলনাত সার্বিক সাহায্য আগবঢ়াইছে।

অসমত স্থায়ীভাবে বান নিয়ন্ত্ৰণ কৰিবলৈ হলে প্ৰধানকৈ নদীসমূহ নিয়ন্ত্রণ কৰিব লাগিব। ভাৰতৰ অন্যান্য ৰাজ্যত বহুমুখী নদীপৰিকল্পনাৰ জৰিয়তে নদী নিয়ন্ত্ৰণৰ কাম হাতত লোৱা হৈছে আৰু ইয়াৰ পৰা জনসাধাৰণ উপকৃত নোহোৱাকৈ থকা নাই। গতিকে অসমত তেনে পৰিকল্পনাৰে নদী নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কোনো কাৰণ নাই। বৰ্তমান কেন্দ্ৰীয় চৰকাৰে নদী সংযুক্তিকৰণৰ যি প্ৰকল্পৰ পৰিকল্পনা কৰিছে। সেই প্ৰকল্পৰ ৰূপায়ণ হলে আমি আশা কৰোঁ সমগ্ৰ দেশৰ সৈতে অসমৰো বান নিয়ন্ত্ৰণ কাৰ্যসূচী অধিক ফলৱতী হ’ব।

গৰাখহনীয়া আৰু ভূমিৰ ক্ষয় প্ৰতিৰোধৰ কাৰণে বৃক্ষৰোপণত অধিক মনোযোগ দিব লাগিব। অসমৰ নদ নদীবোৰৰ পাৰত শিমলু গছ ৰুই দিলে গৰাখহনীয়াৰ লগত জুইশলা কাৰখানাৰো উপকাৰ হব।

অসমৰ হাবি বননিবোৰ ভালদৰে সংৰক্ষণ কৰি মৌচুমী বায়ুৰ গতি স্থিৰ কৰিলে কিছু পৰিমাণ অকাল বানপানীৰ পৰা হাত সাৰিব পৰা যাব।

“চীনৰ চকুলো” বুলি বৰ্ণনা কৰা হোৱাংহো নদী আজি চীনাসকলৰ বহতীয়া হৈছে। গতিকে প্ৰকৃতিৰ কোনো বস্তুৱে ধ্বংসকাৰী অথবা অপকাৰী নহয় ৷ প্ৰকৃতিক আয়ত্বাধীন কৰি তাৰ কল্যাণকৰ গুণক কামত লগাব পৰাটোতে হৈছে মানুহৰ কৃতিত্ব ।

অসমৰ প্ৰাকৃতিক শোভা

প্রকৃতি দেৱীয়ে অকৃত্রিম ভাবে অসমৰ মাটি পানীত অনাবিল সৌন্দৰ্য্যৰ বীজ সিঁচিছে। অসমৰ যেনিয়েই চকু যায় তেনিয়েই থমকিৰোৱা প্ৰাকৃতিক শোভাই যুগে যুগে দূৰ-দূৰান্তৰৰ মানুহক অসমৰ বুকুলৈ হাত বাউল দি আমন্ত্রণ জনাইছে।

বিভিন্ন ঋতুত প্রকৃতি ৰাণীয়ে অসমী আইক বিবিধ উপাদানেৰে সজাই পৰাই চিকুন কৰি তোলে । প্ৰতিটো দিনৰ প্ৰতি পল অনুপলে অসমী আই বিবিধ সাজেৰে অলঙ্কৃত হয়। দোক-মোকালিতে নতুন প্রভাতে নিয়ৰ স্নাতা অসমী আইৰ কপালত হেঙুলী ফোঁট আঁকি দিয়াৰ লগে লগে, বিবিধ বিহঙ্গৰ কলতানে —মৰতত সৰগ নমায়। সূৰ্য্যোদয়ৰ অপৰূপ ৰূপ সুষমাই শ্রান্ত-ক্লান্ত হিয়াত তোলে আনন্দৰ মৃদু শিহৰণ। হৃদয়ৰ আহেঁ আহেঁ বাজে ৰুণু জুনু ৰুণু জুনু ধ্বনি। সন্ধিয়া সময়ত সূৰুয দেৱতাই অস্তাচলৰ হেঙুলী মেঘৰ মাজত মুখ লুকুৱাই মেলানি মাগে। ব্ৰহ্মপুত্ৰৰ কজলা পানীত অস্তগামী সূৰ্য্যৰ হেঙুলি আভাই ফাঁকুগুৰি সানে। দিনটোৰ পৰিশ্ৰমত ক্লান্ত অসমীয়াই সেই অমৃত সুধা পান কৰি স্বস্তিৰ উশাহ লয়। পথাৰৰ পৰা গধূলিৰ ধূলি গালে মুখে সানি গৰখীয়া ঘৰলৈ উভতে। কণ্ঠে কণ্ঠে বিয়পি পৰে লোকগীত, বৰগীতৰ ধ্বনি। পদূলিতে গধূলি গোপালে গৰখীয়াক আচল পাতি আদৰে ।

লাহে লাহে সন্ধিয়া হয়। জোনাকৰ নিবিড় মৰমে আই অসমীক আলিঙ্গন কৰে। চোতালত আইতাকৰ কোলাত সাধু শুনি টোপনি যোৱা নাতিয়েকৰ চকুত সৰগৰ পৰীয়ে বা-দি যায়।

অসমৰ চৌপাশে পৰ্বত পাহাৰ। উত্তৰে হিমালয়ৰ ঠাল-ঠেঙুলি ভোট অকা ডফলা মিৰি মিচিমি আদি পাহাৰ ; দক্ষিণত আছে পাটকাই, নগা লুচাই আদি পাহাৰমালা। সময়ৰ সোঁতত ৰাজনৈতিক পাক্‌চক্ৰত পৰি পূৰ্বৰ বৰ অসম ভাঙি ঠান বান হৈছে যদিও অসমৰ প্ৰকৃতিক ভাগ কৰি চাব নোৱাৰি। এই পৰ্বত পাহাৰ সমূহে অসমী আইৰ সৌন্দৰ্য্যত ৰহণ চৰাইছে।

এই পৰ্বত পাহাৰত বিবিধ বৰণৰ বনৰীয়া ফুল ফুলি অসমৰ বতাহত মুঠি মুঠি সিচি দিয়ে চিনাকি সৌৰভ । 

অসমৰ বুকুৰে কুলু কুলু ধ্বনিৰে প্ৰবাহিত হৈছে অসংখ্য জানজৰি নদী-নিজৰা ।

শিলে শিলে ঠেকা খাই পৰ্বতীয়া নিজৰাই নিচুকনি গীত গায়। সেই গীতৰ তালে তালে পাহাৰীয়া গাভৰুৱে খোপাত বনৰীয়া ফুল গুজি লয়। জুৰিৰ হাঁহিৰ শব্দ, গাভৰুৰ হাঁহিৰ শব্দ একাকাৰ হৈ যায়। মানুহৰ তো কথাই নাই, বনৰ পশু পক্ষীয়েও এই অনাবিল সৌন্দৰ্য্য থমকি ৰৈ উপভোগ কৰে।

বসন্তকালত অসমী আই অপৰূপা হৈ পৰে। গছে গছে কুঁহি পাত, পাতৰ আঁৰে আঁৰে কুলি কেতেকীৰ মৌবৰষা মিঠা মাত, মলয়াৰ বা ৰিব্ ৰিব্ মলয়াৰ বোকোচাত উটি ফুৰা বিবিধ ফুলৰ সুঘ্রাণ আদিয়ে প্ৰতিজন অসমীয়াৰ তনমন হৰে। ফুলে ফুলে পখিলাই মনৰ কথা পাতে।

বৰ্ষাকালত প্ৰকৃতিৰ ৰূপ সলনি হয়। কলহৰ কানে ঢলা বৰষুণে তৃষিত প্ৰকৃতিৰ তাপিত হৃদয় শীতল কৰে। পানীৰ পৰশ লাগি মাছ পুঠিয়ে ৰূপালী হাঁহি হাঁহে। নৈৰ বুকু জাক্ জাক্‌ মাছমৰীয়া নাৱৰীয়াৰ বঠাৰ চাবেৰে মুখৰ হয়। সন্ধিয়া লুইতৰ বুকুত ঢিমিক ঢামাক পোহৰে লুকু ভাকু খেলে। এই সময়ত কিছুমান ঠাইত নাওঁখেলৰ আয়োজন কৰা হয়। প্ৰকৃতিৰ শক্তিৰ সৈতে যেন উদ্যমী পুৰুষৰ বাহুৰ শক্তিৰ পৰীক্ষা হয়।

গাত কুহৱাৰ বা লৈ শেৱালি ফুলৰ পাহি গচকি আহে শৰৎ। শৰতৰ নিৰ্মল আকাশৰ তলেদি ডেউকা কোবাই উৰি যায় জাক জাক ৰাজহাঁহ। শেৱালি ফুলৰ সতে ৰাতিৰ নিয়ৰে মিতিৰালি পাতে।

গাখীৰতি ধানৰ ঠোকত ভৰ দি আহে হেমন্ত। কাতি বিহুৰ আকাশ বন্তিয়ে আকাশৰ তৰাৰ সতে যেন কি কথা পাতে। লাহে লাহে ধাননী সোণোৱালী হয়। সোণোৱালী ধানৰ অপৰূপ ৰূপ সৌন্দৰ্য্য কেবল উপভোগৰ বস্তু, বৰ্ণনাৰ নহয়।

তাৰ পিছতে সৰহিয়ৰ ফুলে অসমৰ প্ৰকৃতিক হালধীয়া বসন পিন্ধায়। প্রকৃতি আই যেন হালধীয়া সৌন্দৰ্য্যৰ সেঁউতা ফালি মিতিৰৰ ঘৰলৈ যায়।

এই দৰে দেখা যায় প্ৰতিটো ঋতুতে অসমী আই সৌন্দৰ্য্যৰ বিবিধ উপাদানেৰে বৰ্ণাঢ্য হৈ পৰে। অসমৰ হাবিত থকা বিবিধ বৰণৰ চৰাই, চিৰিকতি জন্তু আদিয়েও যেন অসমৰ প্ৰাকৃতিক শোভাক আৰু বেছি মনোমোহা কৰি তুলিছে। অসমৰ প্ৰকৃতিৰ সেউজীয়া বা সোণোৱালী ধাননিৰ যেনেদৰে সুকীয়া আবেদন আছে  তেনেদৰে চাহ বাগিচা। সমূহৰ উচ্চাবচ ঢৌতোলা চিৰ সেউজ সৌন্দৰ্য্যৰো সুকীয়া এক আবেদন আছে।

পুথি ভঁৰাল

মানুহৰ জীবদ্দশাত নানা ধৰনৰ অভিজ্ঞতা সঞ্চয় কৰে। কেতিয়াবা আকৌ বিৰল প্ৰতিভাধৰ ব্যক্তিয়ে জ্ঞানৰ বিশেষ শাখাত নতুন নতুন তথ্য আবিষ্কাৰ কৰে। মানুহে প্ৰথমে মুখে মুখে সেই জ্ঞান এটা যুগৰ পৰা আন এটা যুগলৈ হস্তান্তৰ কৰাৰ চেষ্টা কৰিলে । প্ৰতিটো জাতিৰ মৌখিক সাহিত্য সমূহ এনেদৰেই সৃষ্টি হৈছিল। কিন্তু মৌখিক সাহিত্য সমূহ এটা সময়ত হেৰাই যোৱাৰ বা বিকৃত হোৱাৰ সম্ভাবনা থাকে। গতিকে এই বিলাক সাহিত্যক লিখিত ৰূপত ধৰি ৰখাৰ তাগিদত ক্ৰমাৎ বর্তমান সাহিত্যৰ উদ্ভাবন হ’ল। মানুহৰ অভিজ্ঞতালব্ধ জ্ঞান সঞ্চয়ৰ চেষ্টাতেই কিতাপৰ জন্ম হয়।

বিভিন্ন বিষয়ৰ ওপৰত ৰচনা কৰা গ্ৰন্থ এঠাইত থূপ খুৱাই থোৱাকে পুথি ভঁৰাল বোলে। পুথি ভঁৰাল দুই ধৰনৰ হ’ব পাৰে—ব্যক্তিগত আৰু ৰাজহুৱা পুথি ভঁৰাল। ব্যক্তিগত পুথি ভঁৰাল কোনো এজন ব্যক্তিৰ নিজা সম্পত্তি। মুখ্যত তাৰে নিজৰ ব্যৱহাৰৰ বাবে গাঁঠিৰ ধন ভাঙি তেওঁ এই পুথি ভঁৰাল সাজে। আনহাতে ৰাজহুৱা পুথি ভঁৰালৰ জন্ম হয় জেনো ঠাইৰ উদ্যমী লোকৰ সামূহিক প্ৰচেষ্টাত। চৰকাৰী প্ৰচেষ্টাতো কিছুমান ঠাইত ৰাজহুৱা পুথি ভঁৰালে গঢ় লয়। কেতিয়াবা কেতিয়াবা ব্যক্তিগত পুথি ভঁৰাল একোটা এটা জাতিৰ বাবেও অমূল্য সম্পদ হৈ পৰে। অসমৰ কৃষ্ণকান্ত সন্দিকৈ আৰু নন্দেশ্বৰ তালুকদাৰৰ ব্যক্তিগত পুথি ভঁৰাল দুটাৰ কথাকেই আঙুলিয়াব পাৰি। দুয়োটা পুথি ভঁৰালতে দেশ বিদেশৰ অলেখ ভাল ভাল কিতাপ ঠাহ খাই আছে। তেখেত সকলৰ মৃত্যুৰ পিছত পৰিয়াল বৰ্গই পুথি ভঁৰাল দুটা জাতিৰ উদ্দেশ্যে দান কৰিছে।

জ্ঞানৰ পৰিধি অসীম অনন্ত। জ্ঞান অৰ্জনৰ বাবে যিমান কিতাপৰ প্ৰয়োজন নিজা ধনেৰে সিমান কিতাপ সংগ্ৰহ কৰাটো সহজ নহয়। বহু সময়ত ধন থাকিলেও কিতাপ পোৱাটো সম্ভব নহয়। বহু ধনী মানুহে কিতাপ কিনিব পাৰে যদিও অধ্যয়নত ৰাপ নথকাৰ বাবে তেওঁলোকৰ দ্বাৰা কিতাপ কিনা নহয়। বিশেষকৈ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ বাবে বহুত প্রাসঙ্গিক পুথিৰ প্ৰয়োজন হয়। শিক্ষক বা ছাত্ৰ-ছাত্ৰীৰ বাবে নিজা বৰিয়াকৈ এই সকলো কিতাপ কিনাটো সম্ভব নহয়। ৰাজহুৱা পুথি ভঁৰালে এই ক্ষেত্ৰত বিশেষ উপকাৰ সাধন কৰে। 

কিতাপ সঞ্চয় কৰি পুথি ভঁৰাল স্থাপনৰ ইতিহাস বহু দিনীয়া। পুৰণি কালত ৰজা মহাৰজা সকলে নিজৰ ব্যৱহাৰৰ বাবে বিভিন্ন বিষয়ৰ পুথি সংৰক্ষণ কৰিছিল । তেওঁলোকৰ সভাৰ পণ্ডিত আৰু পাৰিষদ বৰ্গই সেই পুথি ভঁৰাল ব্যৱহাৰ কৰিব পাৰিছিল। অসমৰ ৰজা নৰনাৰায়ণৰ এটা বৃহৎ পুথি ভঁৰাল আছিল বুলি বুৰঞ্জী সমূহত পোৱা যায়। সেইদৰে আগৰ যুগৰ শিক্ষানুষ্ঠান, মঠ-মন্দিৰ আদিতো একোটা পুথি ভঁৰাল আছিল।

প্রথম অৱস্থাত সামূহিক প্রচেষ্টাত গঠন হোৱা পুথি ভঁৰাল সমূহক পিছত চৰকাৰে বছৰেকীয়া অনুদানৰ মাধ্যমত টনকীয়াল কৰে। আজিকালি চৰকাৰে মহকুমা আৰু জিলা ভিত্তিত ৰাজহুৱা পুথি ভঁৰাল স্থাপন কৰিছে।

পুথি ভঁৰালৰো আকৌ কেবাটাও ভাগ আছে। যেনে সাধাৰণ পুথি ভঁৰাল, বিশেষ পুথি ভঁৰাল, হাতে লিখা পুথি ভঁৰাল, চলন্ত পুথি ভঁৰাল ইত্যাদি। সাধাৰণ পুথি ভঁৰাল এটাত সকলো ধৰণৰ কিতাপ থাকে। আনহাতে বিশেষ পুথি ভঁৰালত কোনো এক বিশেষ বিষয়ৰ কিতাপহে ৰখা হয়। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পুথি ভঁৰালখন এনে ধৰনৰ বিশেষ পুথি ভঁৰাল। আনহাতে চলন্ত পুথি ভঁৰালৰ ধাৰণা আধুনিক যুগৰ সৃষ্টি। চলন্ত যানৰ সহায়ত এনে পুথি ভঁৰাল ঠায়ে ঠায়ে ঘূৰাই ফুৰোৱা হয়।

হাতে লিখা পুথি ভঁৰালত পূৰ্বৰ দিনৰ হাতে লিখা অমূল্য গ্রন্থ সমূহ সংৰক্ষণ কৰা হয়। এই পুথি ভঁৰাল সমূহত মূলতঃ সাঁচিপতীয়া পুথি সমূহ আছে।

পুথি ভঁৰালৰ পৰিচালনাৰ মুখ্য বিষয়াজনক গ্রন্থাগাৰিক বোলা হয়। গ্রন্থাগাৰিক জনৰ নানা বিষয়ত জ্ঞান থকাৰ প্ৰয়োজন। পঢ়ুৱৈৰ যোগ্যতা অনুসাৰে কিতাপ নির্বাচন কৰি দিব পৰা গুণ থকাটো তেওঁৰ বিশেষ ভাবে প্রয়োজনীয়। পুথি ভঁৰালত কিতাপৰ ওপৰিও বাতৰি কাকত আৰু আলোচনী আদিও থাকে। এই বিলাক পুথি ভঁৰালতেই পঢ়াৰ ব্যৱস্থা কৰিব লাগে।

ইংলণ্ড, ফৰাচী, জার্মানী, আমেৰিকা আদি উন্নত দেশ সমূহত বৃহৎ বৃহৎ পুথি ভঁৰাল আছে। ফৰাচী দেশৰ ফৰাচী জাতীয় পুথি ভঁৰালটো পৃথিৱীৰ সৰ্ব বৃহৎ পুথি ভঁৰাল। সেইদৰে ইংলণ্ডৰ বৃটিছ মিউজিয়াম পুথি ভঁৰাল, অক্সফোর্ড আৰু কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পুথি ভঁৰাল বিশ্ব বিখ্যাত। ভাৰততো কলিকতাৰ জাতীয় পুথি ভঁৰালৰ লগতে বিভিন্ন বিশ্ববিদ্যালয় সমূহত থকা পুথি ভঁৰাল সমূহ জাতিৰ অমূল্য সম্পদ।

পুথি ভঁৰাল একোটা মানব সভ্যতাৰ অবিচ্ছেদ্য অঙ্গ। পুথি ভঁৰাল অবিহনে মানব সভ্যতাও পঙ্গু আৰু বিকলাংগ হব। সেই বাবে পুথি ভঁৰাল স্থাপন আৰু সেই বিলাকৰ উন্নতি সাধনত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে।

ভাৰতৰ জাতীয় সংহতি

ভাৰতবৰ্ষত বিভিন্ন ধর্ম, বিভিন্ন ভাষা তথা বিভিন্ন আচাৰ অনুষ্ঠান মানি চলা লোক বাস কৰে। এই ভিন্নতা স্বত্বেও সকলো ভাৰতীয়ই এখন সমাজত শান্তি আৰু সম্প্ৰীতিৰে বাস কৰিবলৈ বিচাৰে যদিও কিছুমান ৰাজনৈতিক ধূৰন্ধৰ লোকে নিজৰ ক্ষুদ্ৰ বা দলীয় স্বাৰ্থ পূৰণৰ বাবে এই বিভিন্ন ভাগ সমূহক মূলধন কৰি। সমাজত বিভেদৰ বীজ সিচাৰ বাবে উঠি পৰি লাগে । ফলত দেশৰ বিভিন্ন ঠাইত ভ্রাতৃঘাটী সংঘৰ্ষৰ সূত্ৰপাত হয়, ৰাজপথ আত্মীয়ৰ তেজেৰে ৰাঙলী হয়। বৰ্তমান কালত এনে সংঘর্ষ সঘনাই সংঘটিত হ’ব ধৰিছে। এই বিলাকে দেশৰ প্ৰগতিত প্রধান হেঙাৰ ৰূপে থিয় দিছে। ৰাষ্ট্ৰীয় সংহতি বিনষ্ট কৰা শক্তি সমূহক তলত দিয়া ধৰণে চিনাক্ত কৰিব পাৰি।

জাতিভেদ প্রথা : ভাৰতৰ বিশেষকৈ হিন্দুধৰ্মী লোক সকলৰ মাজত প্রচলিত জাতিভেদ প্রথাই ভাৰতীয় সমাজক আজিও পঙ্গু কৰি ৰাখিছে। অতীতত বৃত্তিৰ ওপৰত ভিত্তি কৰি হিন্দু সকলৰ মাজত ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা গোটৰ সৃষ্টি কৰা হৈছিল। তেতিয়া জাতি জন্মগত নাছিল। কিন্তু তথাকথিত উচ্চজাতিৰ লোক সকলে সমাজত নানা সা-সুবিধা ভোগ কৰিবলৈ পোৱাৰ বাবে তেওঁলোকে এই জাতিভেদ প্রথাক জীয়াই ৰাখি ইয়াক জন্মগত প্ৰথাৰ ৰূপ দিলে। কিছুমান বিশেষ জাতিৰ লোকক সমাজত অস্পৃশ্য বুলি ঘোষণা কৰা হ’ল। তেওঁলোকৰ সৈতে মিলা-মিছা, বৈবাহিক সম্পর্ক আদি নিষেধ কৰা হ’ল। ফলত সমাজৰ ঐক্যৰ ভেটিত ফাট মেলিলে। আইনৰ দৃষ্টিত, সংবিধানৰ দৃষ্টিত জাতিভেদ প্রথা কেতিয়াবাই উঠি গৈছে যদিও বর্তমানেও বিভিন্ন ৰূপত ই আমাৰ সমাজত বৰ্ত্তী আছে। এই বিলাকে আমাৰ সমাজক বহুদূৰ পিচুৱাই ৰাখিছে।

সাম্প্রদায়িকতা : জাতিভেদ প্রথাৰ দৰে সাম্প্রদায়িকতাও ভাৰতৰ ঐক্য সংহতিৰ বাবে এটা মাৰাত্মক অভিশাপ। ভাৰতবৰ্ষত বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ লোক বাস কৰে। দেখাত এনে বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত কোনো বিভেদ নাই যদিও কিছুমান প্রতিপত্তিশালী ধূৰন্ধৰ লোকে নিজৰ সংকীৰ্ণ স্বাৰ্থ পূৰণৰ বাবে এটা সম্প্ৰদায়ৰ বিৰুদ্ধে অইন এটা সম্প্ৰদায়ৰ লোকক উচতাই দি ভাতৃঘাটী সংঘৰ্ষৰ সৃষ্টি কৰে। দূৰ অতীতৰ পৰাই এই বিষৰ প্ৰক্ৰিয়া চলি আহিছে। পৰাধীন ভাৰতবৰ্ষত ভাৰতবাসীৰ অন্তৰত জাতীয়তাবোধ উদয় হোৱা দেখি চতুৰ ইংৰাজ সকলে কেইজন মান সুবিধাবাদীক হাত কৰি লৈ ভাৰতৰ মুচলমান সকলক হিন্দুৰ বিৰুদ্ধে উচতাই ছিল। এই কাৰ্য্যত বহু পৰিমাণে তেওঁলোকে সফলো হৈছিল। তাৰে পৰিণতিতেই ভাৰতবৰ্ষই হিন্দুস্থান আৰু পাকিস্তান এই দুই ভূখণ্ডত বিভক্ত হৈ স্বাধীন হছিল। আজিৰ স্বাধীন ভাৰততো কিছুমান সাম্প্রদায়িক সংগঠনে বিশেষ ৰাজনৈতিক দলৰ  পৃষ্ঠপোষকতা লাভ কৰি বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত বিভেদ অনাৰ চেষ্টা চলাই আছে। ইয়ে ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতিৰ মাৰাত্মক ভাবে ক্ষতি সাধন কৰিছে। 

ভাষা : ভাৰতবৰ্ষত দেব হাজাৰৰো অধিক ভাষা ভাষীৰ লোক বাস কৰে। প্রত্যেকেই নিজৰ মাতৃভাষাক অইন ভাষাতকৈ শ্রেষ্ঠ বুলি ভাবে। কিন্তু যেতিয়া অইন এটা ভাষা তেওঁলোকৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰা হয় তেতিয়াই সংঘৰ্ষৰ সূত্ৰপাত হয়। হিন্দী ভাষাক ৰাজভাষাৰ মৰ্য্যাদা দিয়া হৈছে। যদিও দাক্ষিণাত্যৰ লোকে আজিও এই ভাষাকে আঁকোৱালি লব পৰা নাই। সেইদৰে পূব আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজতো এতিয়াও ইংৰাজীয়েই যোগাযোগৰ মাধ্যম হৈ আছে। এনে ভাষাৰ ব্যৱধানেও বহু সময়ত ৰাষ্ট্ৰীয় ঐক্য সংহতি বিনষ্ট কৰিছে।

ভাৰতবৰ্ষৰ গণতন্ত্ৰ সুৰক্ষিত কৰিবলৈ হলে আমি যি কোনো ত্যাগৰ বিনিময়ত হলেও ৰাষ্ট্ৰীয় ঐক্য আৰু স্পৰ্শকাতৰ বিষয় সমূহক লৈ ৰাজনৈতিক দল সমূহে খেলা অশুভ খেল বন্ধ কৰিবই লাগিব। দেশৰ অৰ্থনৈতিক উন্নয়ন সম্ভব কৰি তোলাৰ বাস্তব সম্মত আঁচনি হাতত ল’ব লাগিব। দেশৰ অৰ্থনৈতিক উন্নয়নৰ সুফল যাতে অর্থনৈতিক ভাবে পিচপৰা শ্ৰেণীসমূহে ভোগ কৰিবলৈ পায় তাৰ প্রতি চকু ৰাখিব লাগিব। তেতিয়াহে প্ৰকৃত অৰ্থত আমাৰ ৰাষ্ট্ৰীয় সংহতিৰ ভেটি মজবুত হ’ব।

মোৰ জীৱনৰ লক্ষ্য

সকলো কামৰে এটা সুনির্দিষ্ট উদ্দেশ্য বা লক্ষ্য থাকিব লাগে। লক্ষ্যহীন জীৱন গুৰিয়াল হীন নাৱৰ দৰে আদবাটতে ঢলং পলং কৰি অবাধে যায়। মোৰ জীৱনৰো এটা সুনির্দিষ্ট লক্ষ্য আছে। মোৰ জীৱনৰ লক্ষ্য হ’ল এজন সৎ সাংবাদিক হোৱাটো।

লিখা মেলাৰ প্ৰতি মোৰ সৰুৰে পৰাই চখ। ম‍ই সপ্তমমান শ্ৰেণীলৈ উত্তীর্ণ হোৱাৰ পিছৰে পৰা বিভিন্ন বাতৰি কাগজলৈ আমাৰ অঞ্চলটোৰ খবৰ বাতৰি পঠাই আছোঁ, প্রকাশো হৈছে। বহু কেইটা বিষয়ৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈছে আৰু ইতিমধ্যে আমাৰ অঞ্চলত ভালে কেইটা উন্নয়নমূলক আঁচনিৰ কাম হাতত লোৱা হৈছে। আমাৰ অঞ্চলটোত ইমান দিন কোনো স্থানীয় সংবাদদাতা নাছিল বাবে ইমান দিন অঞ্চলটোৰ সমস্যা সমূহ পোহৰলৈ অহা নাছিল। লাহে লাহে অঞ্চলটোৰ ৰাইজে মোৰ ওপৰত ভৰষা ৰখা হৈ আহিছে। 

মই স্নাতক হোৱাৰ পিছত বিশ্ববিদ্যালয়ৰ সাংবাদিকতাৰ পাঠ্যক্রম সম্পূর্ণ কৰিম। তাৰ পিছতেই কোনোবা এখন আগশাৰীৰ বাতৰি কাকতত সাংবাদিক জেৰ বিবে হিচাপে যোগ দিম। এতিয়াৰ পৰাই ম‍ই বাতৰি কাকতৰ সৈতে সম্পৰ্ক ৰাখি চলিছো, যেতিয়া এই ক্ষেত্ৰত মোৰ বিশেষ অসুবিধা হ’ব নালাগে।

ভাৰতবৰ্ষৰ দৰে গণতান্ত্রিক দেশ এখনত সাংবাদিক সকলৰ গধূৰ দায়িত্ব আৰু কৰ্তব্য আছে। সচাঁ কথা ক’বলৈ হ’লে আমাৰ ৰাজনৈতিক দল সমূহৰ সততাৰ অভাব বর্তমান। তেওঁলোকে আমাৰ জনতাৰ অজ্ঞতাৰ সুযোগ লৈ তেওঁলোকৰ মাজত নানা ধৰনৰ বিভেদৰ বীজ সিঁচি ৰাজনৈতিক তথা দলীয় লাভ আদায় কৰিবলৈ যত্নপৰ হয়। ফলত জনসাধাৰণৰ বিস্তৰ ক্ষতি হয়। সৎ সাংবাদিকে এই ক্ষেত্ৰত জনসাধাৰণৰ স্বাৰ্থৰ স্বপক্ষে প্ৰহৰীৰ ভূমিকাত অবতীর্ণ হ’ব পাৰে। তেওঁলোকে তেওঁলোকৰ লিখনিৰ মাধ্যমেৰে ৰাজনৈতিক দল সমূহৰ কু-অভিসন্ধিৰ স্বৰূপ উদঙাই দি দেশৰ মহৎ কল্যাণ সাধন কৰিব পাৰে। আনহাতে চৰকাৰেও বহু সময়ত দেশৰ প্ৰতিপত্তিশালী শ্ৰেণী নাইবা কোনো আন্তর্জাতিক সংস্থাৰ হাতৰ পুতলা হৈ তেওঁলোকৰ শ্ৰুতলিপি মতে আঁচনি প্রস্তুত কৰি তলে তলে জনসাধাৰণৰ সৰ্বনাশ কৰাৰ পাঙ পাতে। সৎ সাংবাদিক এই ক্ষেত্ৰতো জনসাধাৰণৰ স্বাৰ্থৰ স্বপক্ষে থিয় হৈ চৰকাৰক এনে ক্ষতিকাৰক আঁচনি কাৰ্য্যত পৰিণত কৰাৰ পৰা বিৰত ৰখাব পাৰে। ম‍ই নিজকে এনে ধৰণৰ সৎ সাংবাদিক ৰূপে গঢ়ি তুলিম।

জনমত গঠনত সাংবাদিক সকলৰ বিশেষ ভূমিকা আছে। ৰাজ্য বা দেশৰ সমুখত দেখা দিয়া যি কোনো সমস্যাৰ ওপৰত জনমত গঠন কৰি সংবাদপত্ৰ সমূহ তেনে সমস্যাৰ প্ৰতি উপযুক্ত কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। বহু সময়ত সাংবাদিক সকলে নিৰপেক্ষ ভাবে সমস্যা বিশ্লেষণ কৰি তেওঁলোকৰ লিখনিত জনতাৰ মনৰ ভাবৰ প্ৰতিফলন ঘটায়। ফলত সামগ্রিক ভাবে দেশ তথা জাতিৰ কল্যাণ সাধন কৰে। এজন সৎ সাংবাদিকৰ বাবে ইয়াতকৈ গৌৰব আৰু আনন্দৰ বিষয় কি হ’ব পাৰে। ম‍ই নিজকে এনে বিমল আনন্দৰ অধিকাৰী হাৱাৰ বাবে প্ৰস্তুত কৰিম।

অসৎ সাংবাদিকতাৰ বাবে বা পক্ষদুষ্ট সাংবাদিকতাৰ বাবে দেশ তথা জাতিৰ কি মাৰাত্মক ক্ষতি হ’ব পাৰে সেই সম্পৰ্কেও মই সম্পূর্ণভাবে সচেতন। বহু সময়ত বহু সাংবাদিকে ধনৰ লোভত বা সাময়িক সস্তীয়া জনপ্ৰিয়তাৰ লোভত নিজৰ বিবেকক বিক্ৰি কৰিছে জানি বুজিও জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰে। এওঁলোকৰ বাবেই কেতিয়াবা জাতীয় জীৱনলৈ ভয়াবহ বিপদ নামি আহে। এই সাংবাদিক সকলে জানি বুজি কৰা ভুলৰ মাচুল জাতিক ভবিষ্যতে বহুদিন ধৰি দিব লগা হয়। এওঁলোকে জনসাধাৰণৰ আবেগৰ ঢৌক নিজৰ স্বাৰ্থৰ অনুকূলে ঢাল খুৱাই জাতিৰ সৰ্বনাশ সাধন কৰে। অইন সামাজিক অপৰাধীৰ দৰে এনে ধৰনৰ সাংবাদিকো সামাজিক অপৰাধী। এওঁলোকে দেশ তথা জাতিৰ অনিষ্ট সাধন কৰি  সমাজৰ প্ৰগতিত বাধা জন্মায়। এনে সাংবাদিকক মই মনে প্রাণে ঘৃণা কৰোঁ। মই  সাংবাদিকতাক বৃত্তি হিচাবে গ্ৰহণ কৰাৰ পিছত কোনো ধৰণৰ তোষামোদ বা প্রলোভনৰ বলি নহব’লৈ চেষ্টা কৰিম। জনসাধাৰণৰ স্বাৰ্থই হ’ব মোৰ স্বাৰ্থ ।

সাংবাদিকতাৰ জীৱন স্বাধীন আৰু ৰোমাঞ্চকৰ জীৱন। বহু সময়ত সাংবাদিকে জানি বুজিয়েই বিপদৰ স’তে যুঁজ দিব লগা হয়। সংবাদ সংগ্ৰহ কৰিবলৈ গৈ বহু সাংবাদিকে আনকি মৃত্যু বৰণ কৰিবলগীয়াও হয়। কিন্তু সেই মৃত্যু অপৰাজেয়। মই সাংবাদিক হোৱাৰ পিছত যদি তেনে মৃত্যুবৰণ হয় মই বৰং তাক গৌৰৱৰ বিষয় বুলিহে ভাবিম।

মোৰ প্ৰিয় গ্ৰন্থ

অধ্যয়নৰ প্ৰতি মোৰ সৰুৰে পৰা ৰাপ। ভালদৰে পঢ়িব হোৱাৰ পিছৰে পৰা মই অসমীয়া আৰু বঙলা ভাষাৰ ভালেমান কিতাপ পঢ়িছোঁ। পিছৰ পিনে‌ দুই এখন ইংৰাজী আৰু হিন্দি কিতাপো পঢ়িছোঁ। মই পঢ়া এই কেইটা ভাষাৰ কিতাপৰ ভিতৰত যিখন কিতাপে মোৰ হৃদয়ত আটাইতকৈ গভীৰ সাঁচ বহুৱাইছে সেই কিতাপখন হ’ল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা ৰচিত ‘কীৰ্ত্তন ঘোষা’।

আজিৰ পৰা পাঁচশ বছৰ আগতে অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশে শঙ্কৰদেৱে কাপমৈলাম হাতত তুলি লৈছিল। ধৰ্ম প্ৰচাৰৰ বাবেই আৰু ৰাজৰোষত পৰি শঙ্কৰদেৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। তেওঁৰ কীৰ্তন পুথিখনৰ বিভিন্ন অংশ এনেদৰে ঘূৰি ফুৰণ অৱস্থাতেই ৰচনা কৰা সেইবাবে পুথিখনৰ খণ্ড সমূহ বিভিন্ন ঠাইত সিঁচৰিত হৈ পৰি আছিল। গুৰুজনাৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে বিভিন্ন ঠাইত থকা কীৰ্তনৰ অংশসমূহ সংগ্ৰহ কৰি সম্পাদনা কৰি উলিয়ায়।       ‌      

কীর্তন ঘোষাত মুঠতে ২৯খন স্বয়ংসম্পূর্ণ খণ্ড আছে। এই খণ্ডসমূহ সুপৰিকল্পিত ভাবে সজোৱা হৈছে। প্রথম খণ্ডটোত ভগবানৰ চতুৰ্বিংশতি অবতাৰ বৰ্ণনা কৰা হৈছে। তাৰ পিছতে সন্নিবিষ্ট কৰা হৈছে নাম অপৰাধ। তাৰ পিছত পাষণ্ড মর্দন….। অজামিল উপাখ্যানত গুৰুজনাই হৰি নামৰ দ্বাৰা কেনেদৰে মহা পাপীৰো মুক্তি লাভ হয় তাকে দেখুৱাইছে। প্ৰহ্লাদ চৰিত খণ্ডৰ জৰিয়তে হৰিনামৰ ইয়াত মাহাত্ম্য প্ৰকাশ কৰিছে; ইত্যাদি ধৰনে এটাৰ পিছত আন এটাকৈ খণ্ডসমূহ সজোৱা হৈছে। 

শঙ্কৰদেৱ নিজে সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত আছিল। সংস্কৃত ভাষাৰ গ্ৰন্থ ৰচক সকলেহে সেই সময়ত কৌলিন্য পাইছিল। কিন্তু শঙ্কৰদেৱে বুজি পাইছিল যে সংস্কৃত ভাষা সৰ্বসাধাৰণৰ বোধগম্য ভাষা নহয়। গতিকে ভাষাৰ ভালে মাধ্যমেৰে জনসাধাৰণৰ মাজত ধৰ্ম প্ৰচাৰ কৰিবলৈ হ’লে জনসাধাৰণৰ ভাষাতেই গ্ৰন্থ ৰচনা কৰিব লাগিব। সেইবাবেই তেওঁ ভাগবত, পুৰাণ, সংহিতা আদি সংস্কৃত শাস্ত্ৰ মথি অসমীয়া ভাষাত তেওঁৰ জীৱনৰ কীৰ্তি স্তম্ভ ‘কীৰ্ত্তন ঘোষা’ গ্ৰন্থখন ৰচনা কৰিছিল।

কীৰ্তন গ্ৰন্থখনক মোৰ প্ৰিয় গ্ৰন্থ হিচাপে নিৰ্ধাৰণ কৰাৰ কাৰণ বহুতো। আমাৰ ঘৰৰ সমুখতে এটা ৰাজহুৱা নামঘৰ আছে। তাতে নিতৌ পুৱা-গধূলি আয়তী সকলৰ মুখত কীৰ্তনৰ পদ ঘোষা শুনি আৰু সন্ধিয়া আইতাৰ মুখত কীৰ্তনৰেই সাধু শুনি অতি সৰু কালিৰে পৰা কীৰ্তনৰ প্ৰতি মোৰ দুৰ্বলতা উপজিছিল। ভাল দৰে আখৰ চিনা হোৱাৰ পিছত ম‍ই বাৰে বাৰে কীৰ্তন পঢ়িছোঁ। প্রতি বাৰে নতুনত্বৰ সোৱাদ পাইছোঁ।

কীৰ্তনত নবৰসৰ সমাবেশ ঘটিছে। ইয়াত হাস্য, বীৰ, ভয়ানক, শৃঙ্গাৰ আদি বিভিন্ন ৰস মই পান কৰিছোঁ। যদুকুল ধ্বংস হোৱাত ব্ৰজনাৰী সকলৰ কৰুণ বিননি শুনি ম‍ই নীৰবে চকুলো টুকিছোঁ, হিৰণ্যকশিপুক সংহাৰ কৰিবলৈ স্তম্ভৰ পৰা ওলাই অহা নৰসিংহৰ বৰ্ণনা পঢ়ি ভয়ত বিতত হৈছোঁ, অজামিলৰ উপাখ্যান পঢ়ি ভক্তি ভাবত আপ্লুত হৈছোঁ, হৰমোহন খণ্ড পঢ়ি হাস্য ৰসৰ লগতে বীভৎস চাৰো ৰসৰো সোৱাদ লৈছোঁ।

কীৰ্তন পঢ়াৰ পূৰ্বে ধৰ্মৰ প্ৰতি মোৰ বিশেষ ধাউতি নাছিল। কিন্তু কীর্তন অধ্যয়ন কৰাৰ পিছৰ পৰা ভগবানৰ অপাৰ কৰুণা আৰু শক্তিৰ কথা উপলব্ধি কৰি মই বিস্ময়াভিভূত হৈছোঁ। ম‍ই এতিয়া বিশ্বাস কৰিছোঁ ভগবান সর্বব্যাপী আছে।

কীর্তন পঢ়ি যে অকল হিন্দুধর্মাবলম্বী লোকেই আনন্দ পাব তেনে নহয়, ধৰ্মৰ দিশটো বাদ দিলেও অকল উৎকৃষ্ট সাহিত্য হিচাবেই যি কোনো লোকেই ইয়াত আনন্দৰ খোৰাক পাব। সেই কাৰণতে কীর্তন যুগজয়ী কালজয়ী এক সাহিত্য কীর্তি।

অসমৰ নিবনুৱা সমস্যা

অসমৰ জ্বলন্ত সমস্যা সমূহৰ ভিতৰত নিবনুৱা সমস্যা অন্যতম। সামগ্রিক ভাষাৰ ভাবে ভাৰতবৰ্ষতেই নিবনুৱা সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিছে, যদিও বিভিন্ন কাৰণত অসমত এই সমস্যাৰ গভীৰতা আৰু জটিলতা ক্ৰমাগত বৃদ্ধি পাই আহিছে। খোলোচাকৈ ক’বলৈ গলে অসমত বৰ্তমানে দেখা দিয়া সামাজিক  অস্থিৰতা আৰু বিচ্ছিন্নতাবাদী প্রবণতাৰ মূল কাৰণ নিবনুৱা সমস্যা। বিশেষকৈ শিক্ষিত নিবনুৱা সমস্যাই এচাম যুবকক হতাশ কৰি তুলিছে আৰু এই হতাশাগ্ৰস্থ যুবক সকলেই ক্ষোভত সমাজত নানা সমস্যাৰ সৃষ্টি কৰিছে বুলি কলেও বঢ়াই কোৱা নহ’ব। গতিকে নিবনুৱা সমস্যাৰ কাৰণসমূহ বিজ্ঞানসম্মত ভাবে অনধাবন কৰি তাৰ সমাধানৰ কাৰ্য্যকৰী পন্থা হাতত নললে অচিৰেই ই আৰু বেছি ভয়াবহ ৰূপ পৰিগ্ৰহ কৰিব।

দেশত ক্রমাগত ভাবে বৃদ্ধি পাই অহা জনসংখ্যা নিবনুৱা সমস্যাৰ এটা অন্যতম প্ৰধান কাৰণ। দেশৰ বৰ্দ্ধিত জনসংখ্যাৰ সৈতে সংগতি ৰাখি আমাৰ দেশত কমসংস্থানৰ দিহা কৰাটো সম্ভব হোৱা নাই । আনহাতে যোৱা দুটা দশকত অসমৰ জনসংখ্যা অস্বাভাবিক ভাবে বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধিৰ এই দ্ৰুত হাৰৰ মূল কাৰণ হ’ল চুবুৰীয়া দেশৰ পৰা অসমলৈ হোৱা প্ৰব্ৰজন। এই ব্যাপক প্ৰব্ৰজনে নিবনুৱা সমস্যাৰ লগতে অইন বহুতো সামাজিক সমস্যাৰো সৃষ্টি কৰিছে।

আমাৰ ক্ৰটিপূৰ্ণ শিক্ষা ব্যৱস্থাও প্ৰত্যক্ষ ভাবে নিবনুৱা সমস্যাৰ বাবে দায়ী। বৰ্তমানৰ শিক্ষাই ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বী হ’বলৈ নহয়, চৰকাৰী চাকৰি বিচাৰিবলৈহে শিকায়, কাৰিকৰী শিক্ষাৰ সম্প্ৰসাৰণ নোহোৱাৰ বাবে এহাতেদি উপযুক্ত অৰ্হতা সম্পন্ন লোকৰ অভাব আনহাতে নিবনুৱাৰ ক্ৰমাৎ সংখ্যা বৃদ্ধি হৈ আছে। 

আমাৰ সামাজিক ৰুচি আৰু সামাজিক মূল্যবোধো নিবনুৱা সমস্যাৰ এটা কাৰণ। আমাৰ সমাজত শাৰীৰিক পৰিশ্ৰমৰ মৰ্য্যাদা নাই। খেতিত কাম কৰা লোকক অসমীয়াই এতিয়াও অৱহেলাৰ চকুৰে চাই। এই ৰুগ্ন সামাজিক ৰুচিৰ বাবে অসমৰ চাহবাগিচা, ধানবানা ক’ল, কাঠফলা কল আদিত অসমৰ বাহিৰৰ লোকৰ হে পয়োভৰ।

আমাৰ অসমৰ পৰম্পৰাগত কুটিৰ শিল্পৰ অৱনতি আৰু বিলুপ্তিও অসমৰ নিবনুৱা সমস্যাৰ এটা কাৰণ। অতি প্ৰাচীন কালৰে পৰাই অসমত বাঁহ-বেতৰ শিল্প, কাঁহ পিতলৰ শিল্প, তাঁত শাল আদিৰ বৰ সমাদৰ আছিল ৷ কিন্তু আজিকালি এই আটাইকেইটা শিল্প হয় মৃত নাইবা কলপে কলঢপকৈ জীয়াই আছে।

অসমৰ নিবনুৱা সমস্যাৰ অন্যতম প্ৰধান কাৰণ হ’ল অসমত উদ্যোগীকৰণ প্রক্রিয়া এতিয়াও ভালদৰে আৰম্ভ হোৱা নাই। অসমৰ খাৰুৱা তেল, মৰাপাট আন বনজ সম্পদৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় উদ্যোগ এতিয়াও গঢ়ি উঠা নাই।

নিৱনুৱা সমস্যা সমাধান কৰিবলৈ হলে একেলগে বিভিন্ন দিশত কাৰ্য্যকৰী ব্যৱস্থা হাতত ল’ব লাগিব। জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে পৰিয়াল কল্যাণ আঁচনি জনপ্ৰিয় কৰি তোলাৰ লগতে প্ৰব্ৰজনৰ সোঁত ৰোধ কৰিব লাগিব। কাৰিকৰী  শিক্ষাৰ বহুল প্ৰসাৰ হ’ব লাগিব। বিশেষকৈ গ্ৰামাঞ্চলত কাৰিকৰী মহাবিদ্যালয়, ৰাসায়নিক কেন্দ্ৰ আদি স্থাপনৰ আঁচনি হাতত ল’ব লাগিব। বৈজ্ঞানিক পদ্ধতিতে সমবায় ভিত্তিত কৃষিৰ উন্নয়নৰ আঁচনি হাতত লব লাগিব। আটাইতকৈ ডাঙৰ কথা অসমত সামাজিক ৰুচি আৰু সামাজিক মূল্যবোধৰ পৰিবর্তন ঘটাবই লাগিব। 

অসমত কর্ম-সংস্কৃতি গঢ়ি তুলিবই লাগিব। সমাজৰ বাবে লাগতিয়াল কোনো কামেই হীন বা নীচ নহয়, এই মূল্যবোধ যদি গঢ়ি উঠে তেতিয়াহলে বিভিন্ন ধৰনৰ কামৰ বাবে অসমীয়া ডেকা আগবাঢ়ি ওলাই আহিব। তাৰোপৰি অসমীয়া ডেকা ঘৰগোনা বুলি এটা কুবাদ আছে। নিজৰ ঘৰখন এৰি নিজৰ ৰাজ্যখন এৰি অসমীয়া ডেকা বাহিৰ ওলাব নোখোজে। আজিৰ অসমীয়া ডেকাই এই ধাৰণা ভুল বুলি প্ৰমাণ কৰিব লাগিব। তেওঁলোক অসমৰ বাহিৰতো কাম কৰিবলৈ যোৱাৰ বাবে আগবাঢ়ি ওলাই আহিব লাগিব। তেতিয়াহে অসমৰ নিবনুৱা সমস্যা লাঘব কৰিব পৰা যাব। আমি মনত ৰখা প্রয়োজন যে নিবনুৱা সমস্যা কেবল এটা চৰকাৰী ভাবে সমাধান কৰাটো সম্ভব নহয়। ইয়াৰ বাবে জনজাগৰণৰ ভিত্তিত এটা কর্ম সংস্কৃতি গঢ়ি তুলিব লাগিব।

দূৰদৰ্শন

মানুহৰ বিস্ময়কৰ আবিষ্কাৰ সমূহৰ ভিতৰত দূৰদৰ্শনো এটা। মানুহৰ সভ্যতাৰ ইতিহাস, প্রকৃতিক জয় কৰাৰ বাবে কৰা দুৰ্বাৰ চেষ্টাৰ ইতিহাস। এইটোৱেই দেখুৱায় যে মানুহ কেতিয়াও স্থিতাৱস্থাক লৈ সন্তুষ্ট নহয়। অর্থাৎ মানুহে বৰ্তমানতকৈ এটা উন্নততৰ জীৱন বিচাৰে। ইয়েই মানুহক অইন জীৱ জন্তুৰ পৰা পৃথক কৰি শ্ৰেষ্ঠ জীৱ হোৱাৰ স্বীকৃতি প্ৰদান কৰিছে। এই ধাৰণাৰ বাবে বিজ্ঞানৰ ন’—ন’ আৱিষ্কাৰ সমূহ সম্ভব হৈছে। দূৰত্বক ওচৰ চপাই অনাৰ তাগিদতেই টেলিফোন আৰু টেলিগ্ৰাফৰ আবিষ্কাৰ হৈছে।

কিন্তু টেলিগ্রাফ আৰু টেলিফোন আৱিষ্কাৰ কৰিয়েই মানুহ ক্ষান্ত হৈ নাথাকিল। লাহে লাহে বেতাৰ বাৰ্তা আৱিষ্কাৰ কৰিলে। বেতাৰ বা অনাতাঁৰ যোগে দূৰ দূৰণিৰ মানুহৰ কণ্ঠস্বৰ কোনো তাঁৰৰ সহায় নোলোৱাকৈ শুনিব পৰা হ’ল। এইবাৰ মানুহে দূৰণিৰ মানুহৰ কণ্ঠস্বৰ শুনাৰ লগতে তেওঁলোকক জীৱন্তৰূপে নিজৰ ঘৰত বহি দেখাৰ চেষ্টা চলালে। ইয়াৰ ফলতেই আৱিষ্কাৰ হ’ল দূৰদৰ্শন। টেলিৰ অৰ্থ হ’ল দূৰ আৰু ভিছনৰ অৰ্থ হ’ল দর্শন। গতিকে দূৰদৰ্শনৰ অৰ্থ হ’ল দূৰৰ বস্তু দেখা। দূৰদৰ্শনৰ আৱিষ্কাৰক হ’ল ইংলণ্ডৰ জন লগি বেয়ার্ড।

ইথাৰ তৰংগৰ জৰিয়তে শব্দ তৰংগ এঠাইৰ পৰা আন এঠাইলৈ পঠোৱা হয়। উচ্চ শক্তিসম্পন্ন প্ৰেৰক যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ পৰা শব্দ তৰংগ ইথাৰ মহাসমুদ্রলৈ পঠোৱা হয়। লগে লগে উচ্চ শক্তিসম্পন্ন কেমেৰাৰ সহায়ত ইথাৰ সমুদ্ৰলৈ আলোক চিত্ৰ পঠোৱা হয়। তাৰ পিছত এক বিশেষ প্ৰকাৰৰ গ্ৰাহক যন্ত্ৰৰ দৰ্পণত সেই আলোক চিত্ৰৰ প্ৰতিবিম্ব ফুটি উঠে। লগে লগে গ্ৰাহক যন্ত্ৰই দূৰণিৰ পৰা পঠোৱা শব্দও গ্ৰহণ কৰে। এই দৰেই আমি দূৰদৰ্শনত ছবি আৰু শব্দ একেলগে পাওঁ।

দূৰদৰ্শন আৱিষ্কাৰৰ পিছত আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন উন্নয়নশীল দেশত ই ব্যাপক জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হয়। বর্তমানে ই সমগ্ৰ পৃথিৱীতেই জনপ্রিয়তা লাভ কৰিছে। ১৯৮২ চনৰ দিল্লীৰ এছিয়ান গেমচৰ পিছত ভাৰতত দূৰদৰ্শন জনপ্ৰিয় হৈছে। আজিকালি ভাৰতৰ গাৱেঁ ভূঞে দূৰদৰ্শনে শ্রোতা দর্শকক পুলকিত কৰিছে। আমাৰ অসমতো দূৰদৰ্শন ইতিমধ্যে জনপ্রিয় হৈ উঠিছে।

দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠানে শ্রোতা দর্শকক আমোদৰ খোৰাক দিয়ে। তাৰোপৰি শিক্ষা, ব্যৱসায় বাণিজ্য আদিকো প্রভূত ধৰণে উপকৃত কৰিছে। আজিকালি শিক্ষানুষ্ঠান সমূহত চৰকাৰী ভাবে দূৰদৰ্শন যোগান ধৰা হৈছে। ইয়াৰ জৰিয়তে ছাত্র-ছাত্রী সকলে দেশ বিদেশৰ বিভিন্ন ঘটনাৰ চাক্ষুষ জ্ঞান লাভ কৰিব পাৰিব। বহু সময়ত কোনো বিদগ্ধ পণ্ডিত বা গৱেষকে দিয়া লেকচাৰ ছাত্ৰ-ছাত্ৰী সকলে নিজৰ শ্ৰেণী কোঠাত বহি শুনিব পাৰে। ইয়াৰ বাবে প্ৰয়োজনীয় কাৰিকৰী কৌশল আদি ওলাইছে। বাণিজ্যৰ ক্ষেত্ৰতো ই প্ৰভূত পৰিমাণে সহায় কৰে। দূৰদৰ্শনত দিয়া বিজ্ঞাপনৰ জৰিয়তে বহুতো নতুন বস্তু জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰিছে। মহাকাশ অভিযানত ইয়াৰ সাহায্য অতি কাৰ্য্যকৰী হৈছে। ইয়াৰ জৰিয়তে মহাকাশযাত্রীয়ে নানা চিত্র বিশ্ববাসীক উপহাৰ দিবলৈ সক্ষম হৈছে ; চন্দ্ৰলোকলৈ যোৱা লোকসকলে এটা অতি শক্তিশালী দূৰদৰ্শন প্ৰেৰক যন্ত্ৰ চন্দ্ৰপৃষ্ঠত স্থাপন  কৰি হে আহিছে। ইয়ে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত নতুন নতুন দিশ মুকলি কৰিব। 

বৰ্তমান কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে দূৰদৰ্শনৰ কাৰ্যসূচী এঠাইৰ পৰা আন এঠাইলৈ পঠোৱা হয়। সেই বাবেই আজি ব্রাজিলত অনুষ্ঠিত বিশ্বকাপ ফুটবল বা অষ্ট্ৰেলিয়াত  অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ নাইবা বিশ্বকাপ পঠো ক্রিকেট খেল আমি ঘৰত বহিয়েই উপভোগ কৰিবলৈ সক্ষম হৈছোঁ। আটাইতকৈ ডাঙৰ কথা দূৰদৰ্শনে আমাৰ সমাজত থকা অসংখ্য শিল্পী প্রতিভাক পোহৰলৈ উলিয়াই আনিছে। ই জাতিৰ বাবে অত্যন্ত শুভ লক্ষণ।

কিন্তু দূৰদৰ্শনৰ উপকাৰিতা যেনেদৰে আছে অপকাৰিতাও তেনেদৰে আছে। দূৰদৰ্শনে অনেক ক্ষেত্ৰত ৰাজনৈতিক নেতা সকলৰ প্ৰচাৰ মাধ্যমৰ ভূমিকা লৈছে। আমি ই বহু সময়ত প্ৰকৃত ঘটনাক বিকৃত ভাবে প্ৰচাৰ কৰে। তাৰোপৰি দূৰদৰ্শনে বহু সময়ত অতি সস্তীয়া কাৰ্য্যসূচী প্ৰচাৰ কৰে। ই দৰ্শকৰ ৰুচি নিম্নগামী কৰাৰ লগতে তেওঁলোকৰ বহুমূলীয়া সময়ো অপচয় কৰে। দূৰদৰ্শনৰ অইন এটা অপকাৰিতা হ’ল ই মানুহক অলস কৰি সৃষ্টিশীল কর্মোদ্যমৰ বিপুল ক্ষতি সাধন কৰিছে। আগতে মানুহ আজৰি সময়ৰ বেছিভাগেই গ্ৰন্থ অধ্যয়নত কটাইছিল। কিন্তু আজিকালি দূৰদৰ্শনৰ ব্যাপক প্ৰচলনৰ ফলত মানুহে অধ্যয়নৰ প্ৰতি প্ৰায় পিঠি দিয়াৰ নিচিনাই হৈছে।

কিন্তু অপকাৰতকৈ ইয়াৰ উপকাৰ নিশ্চয় বেছি। বিজ্ঞানৰ বেছিভাগ আৱিষ্কাৰৰ উপকাৰ আৰু অপকাৰ দুয়োটা দিশেই আছে। বিদ্যুত আমাৰ উপকাৰী কিন্তু বিদ্যুতৰ ব্যৱহাৰ নাজানিলে মানুহৰ মুহূৰ্তত মৃত্যু ঘটিবও পাৰে। গতিকে দূৰদৰ্শনৰ অপকাৰৰ প্ৰতি সজাগ থাকি ইয়াৰ উপকাৰী দিশটো কামত লগাব পাৰিলে ই সমগ্ৰ বিশ্ববাসীৰ প্ৰভূত মঙ্গলসাধন কৰিব।

ব্ৰহ্মপুত্ৰ

‘মহাবাহু ব্রহ্মপুত্র মহা মিলনৰ তীৰ্থ

কত যুগ ধৰি আহিছা প্ৰকাশি সমন্বয়ৰ অৰ্ঘ’ 

অসমৰ জনপ্ৰিয় গায়ক ভূপেন হাজৰিকাৰ গীতৰ এই কলিটোতেই মহাবাহু ব্ৰহ্মপুত্ৰৰ গুৰুত্ব আৰু মহত্ত্ব সুন্দৰভাবে প্রকাশ পাইছে। সৃষ্টিকর্তা ব্ৰহ্মাৰ পুত্ৰ খ্যাত ব্ৰহ্মপুত্ৰ দূৰ অতীতৰ পৰা পুণ্যতীর্থ বুলি খ্যাতি লাভ কৰি আহিছে।

অশোকাষ্টমীৰ দিনা ব্ৰহ্মপুত্ৰত স্নান কৰি পুণ্য অৰ্জন কৰাৰ বাবে দূৰ দূৰণিৰ ঠাইৰ পৰা মানুহ আহে। কালিকাপুৰাণত উল্লেখ থকা মতে সেইদিনা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সকলো তীৰ্থৰ মিলন হয়।

ব্ৰহ্মপুত্ৰৰ উৎপত্তি সম্পর্কে কালিকাপুৰাণত এটা মজাৰ কাহিনী আছে। অসমৰ পূব ফালে মিচিমি পৰ্বতত ব্ৰহ্মকুণ্ড নামে এটা কুণ্ড আছে। পিতৃ আদেশ পালন কৰি পৰশুৰামে কুঠাৰেৰে মাতৃক বধ কৰাৰ পিছত কুঠাৰখন হাততেই লাগি ধৰে। কুঠাৰখন হাতৰ পৰা এৰাবৰ বাবে নানা তীর্থস্থান ভ্রমণ কৰিও বিফল হৈ পৰশুৰামে অৱশেষত পবিত্র তীর্থস্থান ব্ৰহ্মকুণ্ডত উপস্থিত হ’লহি। ইয়াত স্নান কৰাৰ লগে লগেই হেনো পৰশুৰাম পাপ মুক্ত হয়। পিছত ইয়াৰ দ্বাৰা মানুহৰ উপকাৰৰ বাবে তেওঁ এই পবিত্ৰ কুণ্ডৰ পাৰটো কাটি দিয়ে। এই কুণ্ডৰ পানীৰ সোঁতৰ দ্বাৰাই ব্ৰহ্মপুত্ৰৰ সৃষ্টি হয়।

অৱশ্যে বৈজ্ঞানিক দৃষ্টি ভঙ্গীৰে বিচাৰ কৰিলে এই কাহিনীৰ সত্যতা নাই যেন লাগে। ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থল তিব্বত মালভূমিত অবস্থিত মানস সৰোবৰ হ্রদ। ইয়াৰ পৰাই চম্পু নামে এটা নদী পূৱৰ ফালে বৈ গৈছে। পিছত ই দক্ষিণ ফালে ঘূৰি দিহং নাম লৈ অৰুণাচল প্ৰদেশৰ মাজেদি বৈ আহি অসমত প্রবেশ কৰে। ঠিক এই খিনিতেই দিবং নামে এখন নৈ আৰু লোহিত নামে আন এখন নৈ আহি লগ লাগিছেহি। তেতিয়াৰ পৰা এই ত্ৰিধাৰা একত্ৰিত হৈ ব্ৰহ্মপুত্ৰ নামেৰে অসমৰ মাজেৰে পূব ফালে গতি কৰিছে। অসম পাৰ হোৱাৰ পিছত ব্ৰহ্মপুত্র দক্ষিণফালে গৈ বাংলাদেশৰ মাজেদি গৈ বঙ্গোপসাগৰত পৰিছে।

ব্ৰহ্মপুত্ৰ অসমৰ সভ্যতা সংস্কৃতিৰ সৈতে নিবিড়ভাবে সাঙোৰ খাই আছে। অসমৰ সংস্কৃতি, লুইতপৰীয়া সংস্কৃতি। প্রাচীনকালত এই ব্ৰহ্মপুত্ৰৰ পাৰত প্রাগজ্যোতিষপুৰ, শোণিতপুৰ, ধুবুৰী আদি চহৰ গঢ় লৈ উঠিছিল। বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ পাৰত গুৱাহাটী, ডিব্ৰুগড়, শিলঘাট, খাৰুপেটীয়া, গোৱালপাৰা আদি ব্যৱসায়ৰ কেন্দ্ৰ চহৰ গঢ় লৈ উঠিছে। প্রাচীন কালত ব্ৰহ্মপুত্ৰই অসমৰ প্ৰধান জলপথ আছিল। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বাণিজ্য আৰু যুদ্ধ ৰ নাও জাহাজ চলিছিল। ১৯৫০ চনৰ প্ৰবল ভূমিকম্পৰ ফলত উজনিৰ ফালে ব্ৰহ্মপুত্ৰৰ তলী বাম হয়। ফলত পূৰ্বতে ধুবুৰীৰ পৰা ডিব্ৰুগড়লৈ নাও জাহাজ চলাৰ পৰিবৰ্তে আজি কালি নিমাতি ঘাটলৈহে জাহাজ চলে। অবিভক্ত ভাৰতত ব্ৰহ্মপুত্ৰ কলিকতাৰ সৈতে একমাত্র জলপথ আছিল। বর্তমানে বাংলাদেশৰ মাজেৰে পুনৰ এই জলপথ মুকলি কৰা হৈছে। আগতে অসমৰ উৎপন্ন বস্তু জাহাজেৰেই অসমৰ বাহিৰলৈ পঠোৱা হৈছিল। অসমৰ বাবে প্রয়োজনীয় খাদ্য সামগ্ৰী আৰু যন্ত্রপাতি আদিও জাহাজেৰে অসমলৈ অনা হৈছিল।

ব্যৱসায় বাণিজ্যৰ ব্যৱস্থা সুচল হোৱাৰ লগতে ব্ৰহ্মপুত্ৰই অসমীয়াক মাছ কাছ আদিৰো যোগান ধৰে। অসমৰ অসংখ্য লোকে ব্ৰহ্মপুত্ৰত মাছ মাৰিয়েই জীবিকা নির্বাহ কৰে।

ব্ৰহ্মপুত্ৰৰ গতি ধীৰ। সোঁতৰ গতি ধীৰ হোৱাৰ বাবে পলস জমা হৈ নদীৰ মাজত অসংখ্য নদী দ্বীপৰ সৃষ্টি হৈছে। এই নদী দ্বীপ সমূহৰ ভিতৰত মাজুলী পৃথিৱীৰ ভিতৰতে সর্ববৃহৎ নদী দ্বীপ।

অতীত কালৰ পৰাই ব্ৰহ্মপুত্র নানা ঐতিহাসিক ঘটনাৰ সাক্ষী। ইয়াৰে শৰাইঘাটত আহোম সেনাপতি লাচিত ভাৰত বিজয়ী মোগলৰ সেনাপতি ৰাম সিংহক পৰাস্ত কৰি কাললৈ খিয়াতি ৰাখিছিল। 

যোৱা ভূমিকম্পৰ পিছৰ পৰা ব্ৰহ্মপুত্ৰৰ বানপানী আৰু গৰাখহনীয়া অসমৰ বাবে প্ৰধান সমস্যা ৰূপে দেখা দিছে। বাৰিষা কালত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহ ফেনে ফোটোকাৰে উদ্ভণ্ডি আহি ভৈয়াম অঞ্চলত বানপানীৰ প্ৰলয় লীলা আৰম্ভ কৰে। এইদৰে বছৰি তিনি চাৰিবাৰ পৰ্য্যন্ত অহা বানপানীত ঘৰ দুৱাৰ খেতি পথাৰ আদি নষ্ট কৰাৰ লগতে অনেক জীৱ জন্তু ধ্বংস কৰে। ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰাৰ বাবে ব্ৰহ্মপুত্ৰ আয়োগ নামেৰে এটা আয়োগ গঠন কৰা হৈছে। এই আয়োগে ব্রহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে এখন ব্যয়বহুল আঁচনি গ্রহণ কৰিছে। এই আঁচনিত সোৱণশিৰ, জীয়াভৰলী মানাহ, বেঁকী, গদাধৰ আদি উপনৈ আদিকো সামৰি লৈছে। এই আঁচনিৰ জৰিয়তে ইতিমধ্যে ব্ৰহ্মপুত্ৰ আৰু উপনৈ সমূহত মথাউৰি বন্ধাৰ লগতে ঠায়ে ঠায়ে শ্লুইচ গেট সাজি নদীৰ পানী নিয়ন্ত্ৰণ কৰাৰ কাম সম্পন্ন কৰিছে। ইয়াৰ দীৰ্ঘম্যাদী আঁচনিত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ উৎসত কৃত্রিমভাবে পানী জমা কৰি ভৈয়ামলৈ নামি অহা পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাৰ লগতে জলবিদ্যুৎ উৎপাদন কৰা, জল সিঞ্চনৰ ব্যৱস্থা আদি কৰি খেতি বাতিৰ উন্নতি সাধন কৰাৰ ব্যৱস্থা কৰা হৈছে।

এই আঁচনি সমূহ সঠিকভাবে কাৰ্য্যকৰী কৰিব পৰা হলে বানপানীৰ সমস্যাৰ স্থায়ী সমাধান হোৱাৰ লগতে অসমৰ অৰ্থনীতিৰো প্রভূত উন্নতি হ’ব।

অসমৰ যাতায়ত ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত তিনিখন দলং নিৰ্মাণ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থ দলংটোৰ কাম সম্পূর্ণ হলে ব্ৰহ্মপুত্ৰ অসমৰ সুখ আৰু সমৃদ্ধিৰ কাৰণ হৈ উঠিব।

বিজ্ঞানৰ অবদান

ৰাতিপুৱা বিচনাৰ পৰা উঠি টুথ ব্ৰাচ ডাল হাতত লোৱাৰ পিছৰ পৰা ৰাতি বিচনাত পৰা লৈকে আমি বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰৰ মাজত এনেদৰে বুৰ গৈ আছোঁ যে মাছে পানীত থাকি পানীৰ অস্তিত্বৰ কথা উপলব্ধি নকৰাৰ দৰে বা মানুহক ধৰি অইন জীৱ জন্তুই বায়ুৰ সমুদ্ৰৰ মাজত বুৰ গৈ থাকি বায়ুৰ অস্তি‍ত্ত্বৰ কথা উপলব্ধি নকৰাৰ দৰে আমিও বিজ্ঞানৰ এই বিস্ময়কৰ অবদান সমূহৰ কথা উপলব্ধি কৰিব নোৱাৰোঁ।

ক্ষুধা আৰু সৌন্দৰ্য্যৰ তাড়না মানুহৰ জন্মগত তাড়না। অর্থাৎ মানুহে সদায় নিজৰ বৰ্তমানৰ অৱস্থাতকৈ এটা সুন্দৰ অৰ্থাৎ উন্নততৰ অৱস্থা সৃষ্টি কৰিবলৈ বিচাৰে। মানুহৰ এই তাড়নাৰ বাবেই মানৱ সভ্যতাৰ অগ্ৰগতি সম্ভব হৈছে। দৰাচলতে জুইৰ আৱিষ্কাৰ বা কৃষি পদ্ধতিৰ আৱিষ্কাৰেই প্ৰকৃত অৰ্থত বিজ্ঞানৰ প্রথম আৱিষ্কাৰ বুলি ক’ব পাৰি। তেতিয়াৰ পৰাই ধীৰে ধীৰে বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হ’ল ৷

কিন্তু আধুনিক অৰ্থত বিজ্ঞানৰ যুগৰ আৰম্ভণি হয় অষ্ঠাদশ শতিকাৰ বাষ্পযন্ত্ৰৰ আৱিষ্কাৰৰ লগে লগে। যন্ত্রচালিত জাহাজ আটলাণ্টিকৰ ইপাৰ সিপাৰ হোৱাটোৱেই বিজ্ঞানৰ প্ৰথম বিস্ময় বুলি গণ্য কৰা হৈছিল। তাৰ পিছৰ বিস্ময়কৰ আৱিষ্কাৰ হ’ল ৰেলৰ ইঞ্জিন। তাৰ পিছত আহিল বিদ্যুতৰ যুগ। মেঘে মেঘে খুন্দা খাই সৃষ্টি হোৱা বিজুলীৰ চিকমিকনি দেখি মানুহে ধৰাৰ বুকুতো সেই বিজুলীৰ সৃষ্টি কৰাৰ বাবে তৎপৰ হ’ল। বিজুলী শক্তিৰ আৱিষ্কাৰে শিল্প উদ্যোগ আৰু যোগাযোগৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন সাধন কৰিলে। তাঁৰৰ মাজেদি মানুহে এঠাইৰ পৰা আন ঠাইলৈ কথা পঠাব পৰা হ’ল। এটা সময়ত মার্কনিয়ে তাঁৰ নোহোৱাকৈয়ে বাতৰি পঠোৱাৰ কৌশল আৱিষ্কাৰ কৰি পুনৰ এক বিস্ময়ৰ সূচনা কৰে। তাৰ পিছতে আবিষ্কাৰ হ’ল দূৰদৰ্শনৰ । উৰাজাহাজৰ আৱিষ্কাৰে মানুহক চৰাইৰ দৰে নীলাকাশৰ বুকুত উৰি ফুৰাৰ সপোন বাস্তবত ৰূপায়িত কৰাৰ সুযোগ দিলে।

সেই দৰে মহাকাশ গবেষণাৰ ক্ষেত্ৰতো যুগান্তকাৰী আবিষ্কাৰ সম্ভব হৈছে। চন্দ্ৰলৈ মানুহ যোৱা কথাটো এতিয়া তাহানিৰ কথা। মহাকাশত নিক্ষেপ কৰা কৃত্রিম উপগ্রহ সমূহে অহোৰ্নিশে মানুহৰ সেৱা কৰিব লাগিছে।

চিকিৎসা বিজ্ঞানৰ ক্ষেত্রতো অভাবনীয় উন্নতি সাধন হৈছে। আগতে দুৰাৰোগ্য বুলি ভবা বহু ধৰণৰ বেমাৰ সদ্যহঁতে অনায়াসে আৰোগ কৰিব পৰাটো সম্ভৱ হৈছে। কিছুমান বেমাৰ চিৰদিনলৈ নিৰ্মূল কৰা হৈছে। প্ৰতিষেধক ছিটা আদিৰ জৰিয়তে অইন কিছুমান বেমাৰ মানুহৰ শৰীৰত দেখা দিব নোৱাৰা কৰা হৈছে।

বিজ্ঞানৰ আৱিষ্কাৰ সমূহে মানুহৰ কায়িক শ্রম লাঘব কৰাৰ বাবে মানুহৰ অবসৰৰ সময় বাঢ়িছে। গতিকে মানুহে অবসৰৰ সময় সাহিত্য সংস্কৃতিৰ সাধনা কৰাত নিয়োগ কৰিব পৰা হৈছে। ফলত বিজ্ঞানৰ উন্নতিৰ লগে লগে সাহিত্য সংস্কৃতিৰো উন্নতি সাধন হৈছে।

এইদৰে দেখা যায় বিজ্ঞানৰ বিস্ময়কৰ আবিষ্কাৰ সমূহে মানুহৰ সভ্যতা সংস্কৃতিক ধাপে ধাপে আগবঢ়াই লৈ গৈছে। সেইবাবেই বিজ্ঞানক মানুহে আশীর্বাদ বুলি অভিহিত কৰে।

কিন্তু একে সময়তে মানুহে বিজ্ঞানৰ ধ্বংসাত্মক দিশটোও প্রত্যক্ষ কৰিছে। বিজ্ঞানৰ জৰিয়তে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই তৈয়াৰ কৰি উলিওৱা নানা ধৰণৰ আণবিক মাৰু ৰাসায়নিক মাৰণাস্ত্ৰ আৰু সিবোৰৰ সহায়ত বিশ্বৰ বিভিন্ন শক্তি সমূহে শীতল যুদ্ধত অৱতীৰ্ণ হৈছে। উদাহৰণ স্বৰূপে আমি দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহ ধ্বংসলীলাৰ কথাই কব পাৰোঁ। 

ঠিক এই দৰে বৈজ্ঞানিক আৱিষ্কাৰ সমূহে মানুহৰ মনক অধিক বস্তুবাদী কৰি তোলাৰ বাবে মানুহৰ মন অধিক ৰূঢ় আৰু কঠোৰ হৈছে। ফলত মানুহৰ অন্তৰৰ পৰা দয়া মমতা আদি স্বাভাবিক আৰু সহজাত প্রবৃত্তি সমূহ অন্তর্হিত হৈছে। সেই বাবেই আজিৰ পৃথিৱীখন ঠগ, প্রবঞ্চনা, হত্যা, আদিৰে ভৰি পৰিছে । 

কিন্তু সূক্ষ্মভাবে বিচাৰ কৰিলে দেখা যায় বিজ্ঞানৰ ধ্বংসাত্মক দিশটোৰ বাবে বিজ্ঞান নহয়, মানুহহে, দায়ী। উদাহৰণ স্বৰূপে মাৰণাস্ত্ৰ সমূহৰ কথাকেই কব পাৰি। সত্য সন্ধানী বৈজ্ঞানিক সকলে মানুহৰ ধ্বংস যজ্ঞ অনুষ্ঠিত কৰাৰ বাবে এই বিলাকৰ আৱিষ্কাৰ কৰা নাছিল। আলফ্ৰেড ডিনামাইট আৱিষ্কাৰ কৰিছিল পৰ্বত পাহাৰ ভাঙি ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ বাবে। কিন্তু সেই ডিনামাইট যদি নগৰ চহৰ ধ্বংস কৰা কাৰ্য্যত ব্যৱহাৰ কৰা হয় তাৰ বাবে জানো বৈজ্ঞানিক দায়ী? দা বা চুৰি আদি তৈয়াৰ কৰা হৈছে মূলতঃ মানুহৰ কল্যাণ সাধনৰ বাবে। সেই দা বা চুৰিৰে যদি প্ৰাণীক বা মানুহক হত্যা কৰা হয় তাৰ বাবে দা বা চুৰি কটাৰী আদি দায়ী নহয়। গতিকে কব পৰা যায় বিজ্ঞানৰ আৱিষ্কাৰ সমূহ নিঃসন্দেহে মানুহৰ বাবে আশীর্বাদ। বিজ্ঞানেই মানৱ সভ্যতাৰ জন্ম দিছে, ইয়াক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে আৰু ভবিষ্যতে এই সভ্যতাক অধিক সমৃদ্ধিশালী কৰাৰ দায়িত্বও বিজ্ঞানৰ।

দেশ ভ্রমণ

নজনাক জনাৰ হেপাহ, নেদেখাক দেখাৰ হেপাহ মানুহৰ সহজাত প্রবৃত্তি। এই প্ৰবৃত্তিৰ দ্বাৰা তাড়িত হৈয়েই মানুহে মেৰু অঞ্চলত পাৰি দিছে, এভাৰেষ্ট ভৰি দিছে, নানা ভয়ঙ্কৰ জীৱজন্তুৰে পৰিপূৰ্ণ আফ্ৰিকাৰ অটব্য হাবিত খোজ পেলাইছে। আমাৰ প্ৰাচীন ঋষি মুনি সকলে তীর্থ ভ্রমণ জীৱনৰ এটা অৱশ্য পালনীয় কৰ্তব্য বুলি কৈ গৈছে। এই বাবেও মানুহে নানা ঠাই ভ্ৰমণ কৰে। আনহাতে দেশ ভ্ৰমণৰ অইন এটা উদ্দেশ্য হল বেহা-বেপাৰ। এই উদ্দেশ্যেই কলম্বাচে আমেৰিকা আৱিষ্কাৰ কৰিছিল, পর্তুগীজ নাবিক ভাস্ক-ডা-গামাই ভাৰতবৰ্ষত আহি উপস্থিত হৈছিল। বেহা-বেপাৰৰ উদ্দেশ্যেই ইংৰাজ আৰু পর্তুগীজ সকল ভাৰতলৈ আহিছিল। ৰাজনৈতিক কাৰণতো বহুলোক ইখন ঠাই পৰা অইন এখন ঠাইলৈ যায়। গ্রীক কটকী মেগাস্থিনিচে ৰাজনৈতিক কাৰণত ভাৰতবৰ্ষলৈ আহিছিল। আন কিছুমানে দেশ ভ্রমণ কৰে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অশোক আৰু কণিষ্কৰ দিনত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে বহু লোকে শ্রীলঙ্কা তিব্বত, চীন, ব্রহ্মদেশ আদি ভ্ৰমণ কৰিছিল। চীনা পৰিব্ৰাজক হিউয়েন চাঙ আৰু ফাহিয়ানে বৌদ্ধ তীর্থ দৰ্শন আৰু বৌদ্ধ ধৰ্ম গ্ৰন্থ অধ্যয়নৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল।

অতীত কালত যাতায়ত অনুন্নত আছিল বাবে দেশ ভ্রমণ কষ্ট-সাধ্য আছিল। বহু সময়ত জীৱনলৈ টনাটনি হৈছিল। কিন্তু আজিকালি যাতায়ত ব্যৱস্থাৰ উন্নতি সাধন হোৱাৰ বাবে ভ্ৰমণৰ সুবিধা হৈছে। ভ্ৰমণকাৰীৰ সুবিধাৰ বাবে চৰকাৰৰ তৰফৰ পৰাও যান বাহনৰ ব্যৱস্থা, থকা খোৱাৰ ব্যৱস্থা আদিৰ দিহা কৰা হৈছে। আজিকালি দেশ ভ্রমণ শিক্ষাৰ এটা অঙ্গ হিচাবে পৰিগণিত হৈছে। ছাত্ৰ-ছাত্ৰী সকলক শিক্ষানুষ্ঠানৰ তৰফৰ পৰা বিভিন্ন ঠাই দৰ্শনৰ বাবে লৈ যোৱা হয়। আনকি আজিকালি প্ৰগতিশীল খেতিয়কেও চৰকাৰী খৰচত কৃষি  বিষয়ক অভিজ্ঞতা অৰ্জনৰ বাবে নানা ঠাই ভ্ৰমণ কৰাৰ সুবিধা পাইছে।

দেশ ভ্ৰমণৰ ফলত মানুহ নানা ধৰণে উপকৃত হয়। ঘৰৰ পৰা বাহিৰ নোলোৱা লোকৰ দৃষ্টিভঙ্গী কূপমণ্ডুকৰ দৰে সংকীৰ্ণ হয়। কিন্তু বাহিৰ দেখা লোকৰ মন উদাৰ হয়। তেওঁলোকৰ মনত বিশ্ব ভ্রাতৃত্ব ভাৱৰ উদয় হয়। দেশ ভ্রমণে মানুহৰ মনৰ পৰা ভ্ৰান্ত ধাৰণা, অন্ধবিশ্বাস, কুসংস্কাৰ আদি আঁতৰাই উদাৰতা, দয়া, ক্ষমা, সংযম আদি গুণৰ জন্ম দিয়ে।

দেশ ভ্ৰমণকাৰী লোকৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা হয়। তেওঁলোকে প্রতিকূল পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ শিকে। অইন দেশৰ আচাৰ-ব্যৱহাৰ, ৰীত-নীতিৰ লগত পৰিচিত হ’লেহে মানুহে নিজৰ বেয়া দিশটোৰ প্ৰতি সচেতন হয়। শাসক সকলে বিদেশ ভ্ৰমণ কৰি লাভ কৰা জ্ঞানৰ সহায়ত নিজ দেশৰ শাসন পদ্ধতি, ৰীতি-নীতি আদিৰ আসোঁৱাহ আঁতৰাই উন্নতি সাধন কৰিব পাৰে।

দেশভ্ৰমণৰ দ্বাৰা অকল ভ্ৰমণকাৰীৰেই সুবিধা হয় এনে নহয়; যি দেশলৈ ই ভ্ৰমণকাৰী যায় সেই দেশৰো উপকাৰ হয়। সেই দেশৰ মানুহে নিজৰ দেশৰ মাটিত থাকিয়েই অইন দেশৰ আচাৰ-ব্যৱহাৰ বা ৰীতি-নীতিৰ আভাস পাব পাৰে। দেশ ভ্রমণে এই দৰে ভাষা-সংস্কৃতিৰ আদান প্ৰদানৰো সুবিধা দিয়ে।

পৃথিবীৰ কেবাখনো ঠাই পৰ্য্যটকৰ ৰম্যপুৰী। ইউৰোপৰ চুইজাৰলেণ্ড প্ৰকৃতিৰ অপৰূপ ৰূপ সুষমাৰে সুশোভিত। ইয়ালৈ বছৰি দেশ বিদেশৰ অসংখ্য পৰ্য্যটক আহে। ভাৰতৰ চিমলা, কাশ্মীৰ, অসমৰ কাজিৰঙা, মানাহ, ওহাং আদি পৰ্য্যটকৰ আকৰ্ষণৰ বস্তু। এই ঠাই বিলাকত পৰ্য্যটকৰ থকা মেলা খোৱা আদিৰ বাবে হোটেল, দোকান, পোহাৰ আদি স্থাপিত হৈছে। ভ্ৰমণকাৰীৰ আগমনৰ ফলত দেশে বহুমূলীয়া বৈদেশিক মুদ্রাও অর্জন কৰে।

ভ্ৰমণকাৰী সকলে ভ্রমণকালত লাভ কৰা অভিজ্ঞতা লিপিবদ্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। তাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা গ্ৰন্থই যুগে যুগে বিশ্ববাসীক উপকৃত কৰিব পাৰে। ফাহিয়েন, হিউয়েন চাঙ, মেগাস্থিনিচ আদিয়ে ভাৰত ভ্ৰমণৰ ওপৰত লিখি যোৱা টোকাৰ ওপৰত ভিত্তি কৰি সেই সময়ৰ ভাৰতৰ সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, শাসন পদ্ধতিৰ বিষয়ে বহু কথা জানিব পাৰি। আমাৰ অসমৰো হেম বৰুৱা, চৈয়দ আব্দুল মালিক, অনু বৰুৱা আদিয়ে কেবাখনো ভ্রমণ মূলক সাহিত্য ৰচনা কৰি থৈ গৈছে।

অসমৰ চাহ শিল্প

চাহ শিল্প অসমৰ অতি প্রাচীন আৰু উল্লেখযোগ্য শিল্প। পৃথিবীত চাহৰ জনপ্রিয়তা বৃদ্ধিৰ ক্ষেত্ৰত অসমৰ চাহৰ এক উল্লেখযোগ্য ভূমিকা আছে। আজিৰ বিশ্বৰ অধিকাংশ লোকৰ আৱশ্যকীয় পানীয় হৈছে চাহ।

ভাৰতৰ উপৰিও চীন, জাপান, ৰাচিয়া, শ্রীলঙ্কা, আদি দেশত চাহ উৎপন্ন হয়। ভাৰতৰ ভিতৰত অসম, পশ্চিমবঙ্গ আৰু দক্ষিণ ভাৰতৰ নীলগিৰি অঞ্চলত চাহ খেতি হয়। ভাৰতত উৎপন্ন হোৱা চাহৰ শতকৰা ৬০ ভাগ অসমে উৎপন্ন কৰে। 

পাহাৰৰ দাঁতিৰ এঢলীয়া মাটি চাহ খেতিৰ বাবে উপযোগী। ছাঁ দিয়াৰ বাবে চাহ গছৰ মাজে মাজে শিৰীষ আদি গছৰ প্ৰয়োজন। অসমত চাহ খেতিৰ উপযুক্ত মাটি পৰ্য্যাপ্ত পৰিমাণে পোৱা যায়। চাহ খেতি কৰা ঠাইত প্ৰচুৰ পৰিমাণে বৰষুণ হ’ব লাগে কিন্তু বৰষুণৰ পানী আৱদ্ধ হৈ থাকিব নালাগে। অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

ইংৰাজ সকলেই পোনতে অসমত চাহ গছৰ আবিষ্কাৰ কৰে। প্ৰথমতে তেওঁলোকে পৰীক্ষামূলক ভাবে অসমত চাহৰ খেতি কৰিছিল। কিন্তু প্রথমাৱস্থাতেই প্ৰচুৰ লাভ হোৱাৰ বাবে তেওঁলোকে এই শিল্পত একাণপতীয়া ভাবে মন দিয়ে। লাহে লাহে এই শিল্পৰ সম্প্ৰসাৰণ ঘটে। প্ৰথমাৱস্থাত চাহ শিল্পৰ বাবে প্রয়োজন হোৱা বনুৱাৰ অভাব হৈছিল। কিয়নো অসমীয়া খেতিয়কে ধান খেতি বাদ দি চাহবাগানত বনুৱা হৈ যাবলৈ নিবিচাৰিছিল। সেইবাবেই ইংৰাজ সকলে বিহাৰ, উত্তৰপ্ৰদেশ, মধ্যপ্রদেশ আদিৰ পৰা লাখে লাখে বনুৱা অসমলৈ আনিছিল— এওঁলোকে হাড়ভাঙ্গা পৰিশ্ৰম কৰি চাহ খেতি নদন’ বদন কৰি গঢ়ি তোলে। বর্তমান অসমীয়া জাতি শিল্পৰ প্ৰতি মনোনিবেশ কৰিছে। চাহ পাত ৰপ্তানী কৰি প্ৰচুৰ বিদেশী মুদ্ৰা অৰ্জন কৰাটো সম্ভৱ হৈছে।

বছৰত চাৰিবাৰকৈ চাহ পাত সংগ্ৰহ কৰা হয়। বনুৱা সকলে চাহ পাত তোলা দৃশ্য বৰ মনোৰম। তাৰ পিছত চাহ পাত সমূহ ৰদত শুকাই মেচিনত গুৰি কৰা। হয়। পানী উতলাই তাত এই চাহ পাত দি লগতে অনুপাতত গাখীৰ চেনি দি চাহ খোৱা হয়। কিছুমানে গাখীৰ চেনি নিদিয়াকৈয়ো চাহ খায়। আন কিছুমানে ফিকা চাহত নেমুৰ ৰস চেপি খায়। চাহে দেহ আৰু মনৰ অবসাদ দূৰ কৰে। চাহ অতিথি আপ্যায়নৰ সমল। ঘৰলৈ অহা আলহিক চাহ একাপ দিব নোৱাৰাটো লাজৰ কথা। অসমীয়া মানুহে চাহ, পিঠাৰেই ৰাতি পুৱাৰ আহাৰ কৰে। চাহ অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অঙ্গ হৈ পৰিছে। কিন্তু অধিক চাহ খোৱাটো স্বাস্থ্যৰ কাৰণে বেয়া। অধিক চাহে ভোক নাইকীয়া কৰাৰ লগতে নানা ধৰণৰ বেমাৰৰ জন্ম দিয়ে। তাৰোপৰি খালি পেটত কেতিয়াও চাহ খাব নালাগে ।

অসমৰ অৰ্থনীতি আৰু সাংস্কৃতিক দিশত চাহ শিল্পৰ অবিস্মৰণীয় অৱদান আছে। অসমত থকা প্রায় সাতশখন চাহ বাগিছাৰ বনুৱা সকলে তেওঁলোকৰ নিজা সংস্কৃতি সংৰক্ষণ কৰিও অসমীয়া সংস্কৃতিক আপোন বুলি আঁকোৱালি লৈছে। ঝুমুৰ নাচ আৰু ঝুমুৰ গীত অসমীয়া সংস্কৃতিৰ এখন অবিচ্ছেদ্য অঙ্গ।

কিন্তু চাহ বাগিছাৰ বনুৱা সকলৰ অৱস্থা অতি শোচনীয়। তেওঁলোকৰ থকা খোৱা বা চিকিৎসা ব্যৱস্থা দেখিলে পুতৌ লাগে। আজিও কৌশলেৰে তেওঁলোকৰ লৰা ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। তাৰোপৰি ইমান দিন চাহ  বাগিচাৰ মালিক সকলে তেওঁলোকৰ বৃহৎ পৰিমাণৰ উপাৰ্জনেৰে অসমৰ আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত কোনো অৰিহণা যোগোৱা নাছিল। ফলত ডেকা চাম লাহে লাহে বিক্ষুব্ধ হৈ আহিছে। ঠায়ে ঠায়ে বিক্ষুব্ধতাৰ বিস্ফোৰণো ঘটিছে। শেহতীয়া ভাবে চাহ বাগিচা সমূহে অসমৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত,  মনোনিবেশ কৰাটো শুভ লক্ষণ। কিন্তু ই ক্ষন্তেকীয়া প্ৰচেষ্টা হোৱা অনুচিত। লগতে অসমীয়া মানুহ সকলেও চাহ বাগিচাত অংশগ্ৰহণ কৰাৰ বাবে আগবাঢ়ি অহা উচিত।

পৰিৱেশ প্ৰদূষণ

পৰিৱেশ বুলিলে আমি সাধাৰণতে বুজোঁ আমাৰ চাৰিওফালৰ মাটি, পানী, বায়ু আদি আৰু এইবোৰে দেখুৱা দোষ গুণ। পৰিৱেশৰ ওপৰত প্ৰকৃতিয়ে অহৰহ প্ৰভাৱ বিস্তাৰ কৰে।

দৰাচলতে মানুহকে ধৰি সমস্ত প্রাণীজগত আৰু 

মাটি পানীৰ লগতে উদ্ভিদ জগত প্ৰকৃতিৰ অংশ মাথোন। প্ৰকৃতিৰ বুকুত থকা ভাৰসাম্য অটুত থকালৈকে — পৃথিবীখনৰ পৰিবেশ অনুকূলে থাকে। আৰু ইয়াৰ বিপৰীত হলেই প্রতিকূল অৱস্থাই দেখা দিয়ে। লাহে লাহে অঞ্চল বা দেশ একোটা মানুহৰ বাসৰ অনুপযোগী হৈ পৰে।

এটা সময়ত মানুহ প্ৰকৃতিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল আছিল। গছ গছনিৰে ভৰা হাবি- অৰণ্য আৰু চিৰহৰিত পৰ্বতমালাই জলবায়ু বিশুদ্ধ কৰি ৰখাৰ লগতে ৰ’দ বৰষুণ আদি নিয়ন্ত্ৰণ কৰি মানুহকে সম্ভাব্য প্রাকৃতিক বিপর্যয়ৰ পৰা ৰক্ষা কৰিছিল। দৰাচলতে জীৱজগত আৰু উদ্ভিদ জগত পৰস্পৰে পৰিপূৰক। মানুহে উশাহত অম্লজান (অক্সিজেন) গেছ ভিতৰলৈ নিয়ে আৰু নিশাহত অঙ্গাৰ গেছ (কার্বন-ডাই-অক্সাইড) এৰি দিয়ে। অম্লজান গেছ মানুহৰ জীৱন ধাৰণৰ বাবে অপৰিহাৰ্য্য, তেনেদৰে অঙ্গাৰ গেছ বিষাক্ত। দেখাত ইমান দিনে অঙ্গাৰ গেছেৰে আমাৰ বায়ুমণ্ডল ভৰি পৰিব লাগিছিল। আৰু তেতিয়া হলে মানুহ নামৰ প্ৰাণীবিধ কাহানিয়াই পৃথিবীৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ যাব লাগিছিল। কিন্তু তাকে নোহোৱাৰ একমাত্ৰ কাৰণ হ’ল মানুহে এৰি দিয়া অঙ্গাৰ গেছ গছ-গছনিয়ে শুহি লয়। আৰু গছে অম্লজান গেছ এৰি দিয়ে। ইয়াৰ ফলত বায়ুৰ ভাৰসাম্য ৰক্ষা হয়। সেই “বাবেই গছ আমাৰ পৰম বান্ধৱ। কিন্তু মানুহে নিজৰ সংকীৰ্ণ স্বাৰ্থ পূৰণৰ বাবে গছ-গছনি কাটি অৰণ্যভূমি ধ্বংস কৰি বায়ুমণ্ডলত ইমান দিন চলি অহা ভাৰসাম্য নষ্ট কৰিছে।

বিভিন্ন কাৰণত আজি আমাৰ জনসংখ্যা দ্রুত গতিতে বৃদ্ধি পাইছে। আন হাতে আমাৰ সভ্যতা ক্রমাগত নগৰমুখী হোৱা বাবে বৰ্তমান যুগটো যন্ত্ৰৰ যুগ হৈ পৰিছে। চহৰ নগৰ সমূহত বৃহৎ বৃহৎ কলকাৰখানা সমূহৰ চিমনিৰ দূষিত ধোৱাৰ কুণ্ডলী এটা সময়ত পুনৰ পৃথিবীৰ বুকুলৈ ঘূৰি আহি নানা ৰোগৰ সৃষ্টি কৰিছে। এই শিল্প উদ্যোগ সমূহৰ আশে পাশে লেতেৰা বস্তি এলেকা গঢ় লৈ উঠিছে। এই শিল্প উদ্যোগবোৰ চলাবৰ বাবে বাষ্প শক্তি আৰু বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে যি দহন কাৰ্য্য সংগঠিত হয়, তাৰ ফলত ক্রমাগত ভাবে বায়ুমণ্ডলত অম্লজানৰ পৰিমাণ হ্রাস পাই আহিছে। লগতে চহৰ নগৰ আৰু আজিকালি গাৱেঁ ভূঞে অহ-ৰহ চলা যানবাহনৰ পৰা নিৰ্গত হোৱা বিষাক্ত থকা কাৰ্বন মনোক্সাইড গেছে আমাৰ পৃথিবীৰ ওপৰভাগ ইতিমধ্যে বিষাক্ত কৰি তুলিছে। এই বিলাকৰ পৰা শব্দ প্ৰদূষণৰো সৃষ্টি হৈ মানুহক তিলে তিলে মৃত্যুৰ মুখলৈ আগবঢ়াই নিছে।

বিভিন্ন উদ্যোশ যেনে, তেল শোধনাগাৰ, কাগজৰ উদ্যোগ, চিমেণ্ট কাৰখানা আদিৰ পৰা অহৰহ ওলাই থকা পৰিত্যক্ত পদাৰ্থবোৰে সেই অঞ্চল সমূহৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে খেতি বাতি আদিৰ প্ৰভূত ক্ষতি সাধন কৰিছে। ১৯৮৪ চনৰ কুখ্যাত ভূপাল ট্ৰেজেডীৰ কথা সকলোৱে জানে। তাত সংঘটিত হোৱা ইউনিয়ন কাৰ্বাইড কোম্পানীৰ ভয়াবহ গেছ দুৰ্ঘটনাত কেবা হেজাৰ  লোকে প্রাণ হেৰুৱাৰ উপৰিও বহু হেজাৰ লোক চিৰ জীৱনলৈ পঙ্গু হৈ গৈছে। প্ৰায় প্ৰতিখন বৃহৎ চহৰতে তেনে দুৰ্ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা অমূলক নহয়।

পৰিৱেশ প্ৰদূষণৰ বাবে আটাইতকৈ বেছি পৰিমাণে দায়ী পৰমাণু দহন। দ্বিতীয় মহাসমৰৰ সময়ৰ পৰাই পৰমাণু যুগৰ সূচনা হোৱা বুলি কব পাৰি। জাপানৰ হিৰোচিনা আৰু নাগাচাকি নামৰ চহৰ দুখনত হোৱা পৰমাণু বোমা বিস্ফোৰণৰ ফলত অকল যে চহৰ দুখন বিধ্বস্ত হৈছিল এনে নহয়, তাৰ পৰিৱেশ সপূৰ্ণৰূপে নষ্ট হৈ গৈছিল। বোমা বর্ষণৰপৰা ৩২ বছৰ লৈকে বায়ুমণ্ডলত হাৱা তেজষ্ক্রিয় বিকিৰণৰ ফলত এক লাখ মানুহৰ মৃত্যু হয়, তাতকৈয়ো বেছি সংখ্যক লোক নানা অচিন ৰোগৰ বলি হয়। কিন্তু ভয়াবহ ধ্বংসলীলাই বৰ্বৰ মানুহৰ বিবেকক অকণো আলোড়িত কৰিব পৰা নাই। আজিও মানুহে তাতকৈ শতগুণে শক্তিশালী পাৰমাণবিক বোমা প্রস্তুত কৰাৰ উপৰিও তাৰ বিস্ফোৰণ ঘটাই বায়ুমণ্ডল বিষাক্ত কৰি তুলিছে।         ‌   ‌    ‌    ‌        আটাইতকৈ ভয়াবহ বিপদৰ কথা হৈছে বায়ুমণ্ডলত মহামূল্যবান অজ’ন স্তৰৰ সমতা নাইকিয়া হোৱাটো। ৰকেট নিক্ষেপণ, কৃত্রিম উপগ্রহ নিক্ষেপণ, বিভিন্ন মহাকাশ অভিযান সমূহ, অহৰহ বিমান চলাচল আদিৰ বাবে বায়ুমণ্ডলত থকা মহা মূল্যবান অজ’ন স্তৰৰ মাত্ৰা আৰু সমতা নাইকিয়া কৰি তুলিছে। মূলত সূৰ্য্যৰ ‘আলট্রা ভায়োলেট-ৰে’ অবাধে ভূ-পৃষ্ঠত পতিত হৈ প্ৰাণী জগত আৰু উদ্ভিদ জগতৰ মাৰাত্মক ক্ষতি সাধন কৰিছে।

শিল্প উদ্যোগৰ অগ্ৰগতি মানুহৰ প্ৰগতিৰ অবিচ্ছেদ্য অঙ্গ। কিন্তু এইবিলাক অবৈজ্ঞানিক ভাবে স্থাপন আৰু পৰিচালনা কৰাৰ ফলতেই মানৱ সভ্যতাৰ ধ্বংসৰ কাৰণো হৈ পৰিছে। এই ক্ষেত্ৰত মানুহ সজাগ হ’লে ভবিষ্যতে নিশ্চয় ভয়াবহ পৰিণামৰ পৰা হাত সৰাটো সম্ভৱ হ’ব।

ৰাষ্ট্ৰসংঘৰ উদ্যোগত, প্ৰদূষণ সম্পর্কে মানৱ জাতিক সচেতন কৰাৰ বাবে প্ৰতি বছৰ জুনৰ ৫ তাৰিখটো ‘বিশ্ব পৰিৱেশ দিবস’ হিচাপে পালন কৰা হয়। এই দিৱসৰ গুৰুত্ব সকলোৱে উপলব্ধি কৰিব পাৰিলেহে মানৱ সভ্যতা পৃথিবীৰ বুকুৰ পৰা লোপ নোহোৱাকৈ থকাটো সম্ভৱ হ’ব।

বিশ্বকাপ ফুটবল

আমাৰ পৃথিৱীত প্ৰায় ২০০ খন ৰাষ্ট্ৰ আছে। তাত ৬০০ কোটিতকৈ অধিক মানুহ বাস কৰে। এই প্ৰায় ২০০ খন ৰাষ্ট্ৰৰ মানুহৰ খোৱা-লোৱা, পোষাক-কাপোৰ, কাম-কাজ বেলেগ বেলেগ। কিন্তু সকলোৱেই তেওঁলোকৰ আজৰি সময়ত এটা নহয় আন এটা খেল-ধেমালিৰ মাজতে সময় নিয়ায়।

খেল পৃথিবীত বহুত আছে। ক্রিকেট, হকি, ফুটবল, টেনিছ আদি এশ বিধতকৈ খেল আছে। কিন্তু এই সকলোবিধ খেলৰ ভিতৰত সকলোতকৈ জনপ্ৰিয় খেল হৈছে ফুটবল খেল— সেইটো ন দি কব পাৰি। পৃথিবীৰ প্ৰায় ১৫০ খনতকৈ অধিক ৰাষ্ট্ৰত ফুটবল খেল পতা হয়।

দক্ষিণ বা লেটিন আমেৰিকা আৰু ইউৰোপ এই খেলত আন আন মহাদেশতকৈ আগৰণুৱা। ফুটবল খেলত এই উন্নত দেশবিলাক এখন বিশ্বপ্রতিযোগিতা পতাৰ আঁচনি লৈছিল। সেইমতে ১৯৩০ চনৰ পৰা বিশ্বকাপ ফুটবল প্রতিযোগিতা পাতনি মেলে। প্রথমতে, এই প্রতিযোগিতাৰ নাম আছিল জুলে ৰিমে কাপ। ১৯৭০ চনত ব্ৰাজিল তৃতীয় বাৰ এই বঁটা পোৱাৰ ফলত কাপটো ব্ৰাজিলৰ নিজাবৰীয়া হৈ যায়। তাৰ পিছত তাৰ নাম হয় ফিফা ট্ৰফি বা বিশ্বকাপ ফুটবল।

এই খেলৰ প্ৰতিযোগিতাটো ১৯৩০ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মুৰে, এটা এটা দেশত পতা হয়। ১৯৩৮ চনত খেলৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাত প্ৰতিযোগিতাটো বন্ধ আছিল। আকৌ ১৯৫০ চনৰ পৰা আৰম্ভ হৈছেহি। 

আমাৰ ভাৰত এই খেলটো জাতীয় ক্রীড়া হিচাবে লোৱা নাই। ভাৰতৰ জাতীয় ক্রীড়া হকী। পূর্ব, উত্তৰ-পূৰ্ব, পশ্চিম ভাৰত, গোয়া আৰু পঞ্জাৱ এই খেলটো ভাল পায়। কিন্তু বিশ্বমানত আমাৰ অবস্থান নিচেই তলখাপত।

মূল প্রতিযোগিতাত যাতে অলপ সংখ্যক দেশ থাকে সেই বাবে বিশ্বকাপৰ প্ৰাথমিক পৰ্যায়ৰ খেল প্রতিযোগিতা পতা হয়। এচিয়াৰ পৰা ৩ খন  দেশ সুযোগ পায়। যোৱা ২০১৪ চনত দক্ষিণ কোৰিয়া আৰু আৰু আৰৱ আমীৰচাহী সুযোগ পাইছিল। কিন্তু তেওঁলোকে একো কৰিব পৰা নাই।

বিশ্বকাপ ফুটবল খেলটো এতিয়া টকাৰ খেল হৈ গৈছে। ৰোনাল্ড ৰোনাল্ডিনহ’, নেইমাৰ, ৰুনি, মেচি আদি প্ৰতিজন খেলুৱৈ বছৰেকীয়া কেবা কৌটি টকা ক্লাবৰ পৰা পায়। খেল T.V. ত Live দেখুৱাই হেজাৰ হেজাৰ অধিক কৌটি টকা লাভ কৰে। খেলটো এনেকৈ খেলতকৈ ব্যৱসায়ৰ ফালে ঢাল লৈছে। অৱশ্যে সকলো খেল ধেমালীহে নাইবা কানে আজি টকা অৰ্জাৰ উপায় এটা।

বিশ্বকাপ ফুটবলৰ ফলাফল

Leave a Reply