Class-9 Assamese Question Grammar| ব্যাকৰণ

Class-9 Assamese Question Grammar| ব্যাকৰণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Grammar| ব্যাকৰণ  and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Grammar| ব্যাকৰণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Grammar| ব্যাকৰণ  Solutions for All Subjects, You can practice these here.

সমাস

প্রশ্ন ১। সমাস কাক বোলে? সমান কেই বিধ? নাম লিখা। 

উত্তৰঃ দুটা নাইবা তাতকৈ বেছি পদ একেলগ হৈ এটা পদ সৃষ্টি হোৱাক সমাস বোলে। সমাস ছয় প্ৰকাৰৰ। যেনে-তৎপুৰুষ, দ্বন্দ্ব, দ্বিগু, কর্মধাৰয়, বহুব্রীহি আৰু অব্যয়ীভাৱ।

প্ৰশ্ন ২। তৎপুৰুষ সমাস কাক বোলে আৰু ই কেইবিধ? উদাহৰণ দিয়া।

উত্তৰঃ যি সমাসত পূর্বপদৰ বিভক্তি লোপ হয় আৰু পিছৰ পদৰ অৰ্থ প্ৰধান হয় তাক তৎপুৰুষ সমাস বোলে। যেনে চোৰক ধৰা — চোৰধৰা, পুথিৰ ভঁৰাল — পুথিভঁৰাল।

তৎপুৰুষ সমাস তলত উল্লেখ কৰা কেবাটাও ভাগত বিভক্ত।

(ক) দ্বিতীয়া তৎপুৰুষ — য’ত পূর্বপদত দ্বিতীয়া বিভক্তি থাকে। যেনে, বিস্ময়ক আপন্ন = বিস্ময়াপন্ন, ৰাবণক হত্যা = ৰাবণহত্যা।

(খ) তৃতীয়া তৎপুৰুষ — য’ত পূৰ্ববদত তৃতীয়া বিভক্তি থাকে। যেনে, অগ্নিৰে দগ্ধ = অগ্নিদগ্ধ, হাতেৰে বোৱা = হাতেবোৱা, বলেৰে খেলা = বলখেলা। 

(গ) চতুর্থী তৎপুৰুষ — যত পূর্বপদত চতুর্থী বিভক্তি থাকে। যেনে, ধানৰ বাবে খেতি = ধানখেতি, ডাকৰ বাবে মাচুল = ডাকমাচুল। 

(ঘ) পঞ্চমী তৎপুৰুষ — য’ত পূর্বপদত পঞ্চমী বিভক্তি থাকে। যেনে, পদৰ পৰা চ্যুত = পদচ্যুত, ৰোগৰ পৰা মুক্ত ৰোগমুক্ত।

(ঙ) ষষ্ঠী তৎপুৰুষ — য’ত প্ৰথম ব্যস্ত পদত ষষ্ঠী বিভক্তি থাকে। যেনে, ৰজাৰ পুত্ৰ = ৰাজপুত্ৰ, দেশৰ নেতা = দেশনেতা, দেৱৰ মন্দিৰ= দেৱমন্দিৰ।

(চ) সপ্তমী তৎপুৰুষ — য’ত প্ৰথম ব্যস্ত পদত সপ্তমী বিভক্তি থাকে। যেনে, বনত বাস-বনবাস, সত্যত আগ্রহ—সত্যাগ্রহ।

প্রশ্ন ৩। দ্বন্দ্ব সমাস কাক বোলে? ই কেই বিধ? উদাহৰণ দিয়া। 

উত্তৰঃ যি সমাসত সমস্যমান পদ বিলাকৰ প্ৰত্যেকটোৰ প্ৰাধান্য সমান থাকে তাক দ্বন্দ্ব সমাস বোলে। যেনে, ৰাম আৰু লক্ষ্মণ — ৰামলক্ষ্মণ, হাত আৰু ভবি — হাতভৰি, হত আৰু আহত হতাহত, ধেনু আৰু শৰ — ধেনুশৰ।

দুটা বা তাতকৈ বেছি প্রাতিপদিকৰ (বিশেষ্য বা বিশেষণ) পদৰ মাজত অব্যয় শব্দ লোপ কৰি দ্বন্দ্ব সমাস কৰা হয়।

দ্বন্দ্ব সমাস তিনি বিধ। ইতৰেতৰ দ্বন্দ্ব, সমাহাৰ দ্বন্দ্ব আৰু একশেষ দ্বন্দ্ব।

ইতৰেতৰ দ্বন্দ্ব সমাস — ৰাম আৰু লক্ষ্মণ — ৰামলক্ষ্মণ, জয় আৰু পৰাজয় — জয়পৰাজয়, জুতা আৰু মোজা — জুতামোজা আদি । 

সমাহাৰ দ্বন্দ্ব — কাঁহী, ঘাটি-বাটি আদি কাঁহিবাটি। একশেষ দ্বন্দ্ব — ৰাম, মধু, চিৰাজ, জোচেফ আদি —ৰামহঁত।

প্রশ্ন ৪। দ্বিগুসমাস কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ একতকৈ বেছি সংখ্যাবাচক পদৰ লগত আন পদৰ সমাসক দ্বিগু সমাস বোলে। যেনে চাৰি আলিৰ সংযোগ — চাৰালি বা চাৰি আলি। সাত দিন সমাহাৰ — সপ্তাহ। তিনি ফলৰ সমাহাৰ — ত্রিফলা, এশ বছৰৰ সমাহাৰ — শতিকা 

প্রশ্ন ৫। কর্মধাৰয় সমাস কাক বোলে? উদাহৰণ দিয়া। ৰূপক, উপমান আৰু উপমিত কর্মধাৰয় সমাসৰ পাৰ্থক্য দৃষ্টান্ত দি বুজাই দিয়া।

উত্তৰঃ কর্মধাৰয় সমাস : পৰস্পৰ সঙ্গতি থকা বিশেষ্য আৰু বিশেষণৰ যি সমাস হয় তাক কর্মধাৰয় সমাস বোলে। এই সমাসত পৰপদ বিশেষ্য পদৰ অৰ্থ প্রধান হয়। পদ দুটা একে বিভক্তিতে থাকিব লাগে। যেনে — নীল যি পদ্ম — নীলপদ্ম ।

ৰূপক কর্মধাৰয় : যি সমাসত উপমেয়ক উপমানৰ লগত অভেদ বুলি কল্পনা কৰা হয় তাক ৰূপক কর্মধারয় সমাস বোলে। যেনে — শোকৰূপ অগ্নি — শোকাগ্নি দুখৰূপ সাগৰ — দুখসাগৰ।

উপমান কর্মধাৰয় : যি সমাসত উপমান আৰু উপমেয় পদৰ এটা সাধাৰণ গুণ কল্পনা কৰা হয় আৰু সেয়া গুণবাচক বিশেষণ শব্দৰ লগত উপমান পদৰ সমাস হয়, তাক উপমান কর্মধাৰয় সমাস বোলে। যেনে-বজ্ৰৰ নিচিনা কঠোৰ — বজ্রকঠোৰ।

উপমিত কর্মধাৰয় : উপমান আৰু উপমিত পদৰ যি সমাসত উপমেয়ৰ অৰ্থ প্রধান ভাবে বুজায় আৰু আগত বহে তাক উপমিত কর্মধাৰয় সমাস বোলে। যেনে সিংহৰ নিচিনা পুৰুষ — পুৰুষসিংহ।

মধ্যপদলোপী কর্মধাৰয় : যি কর্মধাৰয় সমাসত মাজৰ পদ লোপ হয় তাক মধ্যপদলোপী কর্মধাৰয় সমাস বোলে। যেনে — সিংহ চিহ্নিত আসন = সিংহাসন; ঘৃত মিশ্রিত অন্ন — ঘৃতান্ন ইত্যাদি।

প্রশ্ন ৬। বহুব্রীহি সমাস কাক বোলে আৰু ই কেইবিধ, উদাহৰণ দিয়া। 

উত্তৰঃ বহুব্রীহি সমাস : যি দুই পদৰ সমাসত সমস্ত পদটো সমস্যমান শব্দবোৰৰ অৰ্থ প্ৰকাশ নকৰি আন এটা অৰ্থ বুজায় তাক বহুব্রীহি সমান বোলে।যেনে — পীত অম্বৰ যাৰ পীতাম্বৰ (শ্ৰীকৃষ্ণ)। 

বহুব্রীহি সমাসক সাধাৰণতে তিনি ভাগত ভাগ কৰা হয়। যেনে — 

(১) সমানাধিকৰণ বহুব্রীহি, ব্যধিকৰণ বহুব্রীহি আৰু ব্যতিহাৰ বহুব্রীহি।

(১) সমানাধিকৰণ বহুব্রীহি : যি বহুব্রীহি সমাসত সমস্যমান পদদুটা একে বিভক্তিতে থাকে তাক সমানাধিকৰণ বহুব্রীহি সমাস বোলে। যেনে — পীত অম্বৰ যাৰ — পীতাম্বৰ। (ইয়াত ‘পীত’ আৰু ‘অম্বৰ’ দুয়োটাই সমান ১মা বিভক্তি পদ)।

(২) ব্যধিকৰণ বহুব্রীহি : যি বহুব্রীহি সমাসত সমস্যমান পদ দুটি একে বিভক্তিতে নাথাকে তাক ব্যধিকৰণ বহুব্ৰীহি সমাস বোলে। যেনে — বীণা (১র্মা) পাণিত (৭মী) যাৰ বীণাপাণী ৷

(৩) ব্যতিহাৰ বহুৱীহি : পৰস্পৰ এক ৰকম ক্ৰিয়া বুজালে এটা শব্দৰ পুনৰুক্তিৰ দ্বাৰা ব্যতিহাৰ বহুব্ৰীহি সমাস হয়। যেনে — চুলিত ধৰি চুলিত ধৰি যি কাজিয়া — চুলিয়াচুলি। তেনে, হতাহতি । 

প্রশ্ন ৭। অব্যয়ীভাব সমাস কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যি সমাসত পূর্ব পদত অব্যয় থাকে আৰু সমস্ত পদত অব্যয়ব প্রধান ভাব থাকে তাক অব্যয়ীভাব সমাস বোলে। যেনে, কুলৰ সমীপ — উপকূল, বনৰ সমীপ — উপবন, ভিক্ষাৰ অভাব — দুর্ভিক্ষ, ৰূপৰ যোগ্য — অনুৰূপ, ঘৰে ঘৰে — প্ৰতিঘৰে, মৃত্যু লৈকে — আমৃত্যু।

প্রশ্ন ৮। একশেষ, উপপদ সমাস আৰু নঞ তৎপুৰুষ সমাস কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ একশেষ দ্বন্দ্ব : যি দ্বন্দ্ব সমাসত সমস্যমান পদ বিলাকৰ প্ৰথমটো বহু বচনান্ত পদ হৈ থাকি শেষৰ পদবোৰ লোপ পায় তাক একশেষ দ্বন্দ্ব বোলে। যেনে — তেঁও আৰু হৰি = তেওঁলোক।

উপপদ সমাস : উপপদৰ সৈতে কৃদন্ত পদৰ যি সমাস হয়, তাক উপপদ সমান বোলে। উপপদ সমাস তৎপুৰুষ সমাসৰ অন্তর্গত। যেনে — পঙ্কত জন্মে যি পঙ্কজ। ইন্দ্রকে জয় কৰে যি = ইন্দ্ৰজিৎ। 

নঞ্ তৎপুৰুষ সমাস : নঞ্ এই অব্যয়ৰ সৈতে যি সমাস হয় তাক নঞ্ তৎপুৰুষ সমাস বোলে। যেনে — ন উচিত = অনুচিত। ন সজ = অসজ। 

প্রশ্ন ৯। সমস্যমান পদ, সমস্ত পদ, ব্যাসবাক্য কাক বোলে?

উত্তৰঃ যি কেইটা পদৰ সমাস হয় সেই কেইটা পদৰ প্ৰত্যেকটোক ব্যস্তপদ বা সমস্যমান পদ বোলে।

সমাস হোৱাৰ পিছত পদকেইটা এটা পদত পৰিণত হয়। তাক সমস্তপদ বোলে। যি বিলাক পদ সানমিহলি হৈ এটা সমস্তপদ তৈয়াৰ কৰে, সেই পদ বিলাকক সমাস ব্যাসবাক্য বা সমাস বাক্য বোলে।

সন্ধি

প্রশ্ন ১। সন্ধি কাক বোলে? ই কেইবিধ আৰু কি কি?

উত্তৰঃ দুটা বৰ্ণৰ মিলনক সন্ধি বোলে। অর্থাৎ ওচৰাচৰি দুটা শব্দৰ প্ৰথম শব্দৰ শেষৰ আখৰটোৰ সৈতে পিছৰ শব্দৰ প্ৰথম আখৰটোৰ লগলাগি এটা শব্দ হয়। তাক সন্ধি বোলে। যেনে — অদ্য + অবধি = অদ্যাবধি ; নে + অন = নয়ন; মৰু + উদ্যান = মৰূদ্যান আদি।

সন্ধি দুই বিধ। স্বৰসন্ধি আৰু ব্যঞ্জনসন্ধি। স্বৰবৰ্ণৰ সৈতে স্বৰবৰ্ণৰ মিলনক স্বৰসন্ধি বোলে। ব্যঞ্জনবৰ্ণৰ সৈতে ব্যঞ্জনবৰ্ণৰ নাইবা ব্যঞ্জনবৰ্ণৰ সৈতে স্বৰবৰ্ণৰ মিলনক ব্যঞ্জনসন্ধি বোলে। যেনে — উৎ + চাৰণ = উচ্চাৰণ; তৎ + হিত = তদ্ধিত; স্ৰষ্ + তা = স্রষ্টা আদি।

বিসৰ্গ যুক্ত শব্দৰ সৈতে স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণৰ যে সন্ধি হয় তাক সন্ধি বিসৰ্গসন্ধি বোলে। বিসর্গসন্ধি ব্যঞ্জনসন্ধিৰ অন্তৰ্গত। যেনে — ধনুঃ + টঙ্কাৰ – ধনুষ্টঙ্কাৰ; নিঃ+ স = নীৰস।

পৰীক্ষাত সন্ধিবিচ্ছেদ বা ভাঙিবলৈ আৰু সন্ধি কৰিবলৈ দুয়োবিধ প্রশ্ন আহে। 

(ক) সন্ধি কৰা : বিদ্যা + আলয়, মৰু + উদ্যান, যদি + অপি, ইতি + আদি, ৰাম + এ, লৰা + ই, নমঃ + কাৰ, মহা (মহান) + আত্মা, ৰাজ + উদ্যান, চাৰ + আলি।

উত্তৰঃ বিদ্যালয়, মৰূদ্যান, যদ্যপি ইত্যাদি, ৰামে, লৰাই, নমস্কাৰ, মহাত্মা, নঞ ৰাজোদ্যান, চাৰালি।

(খ) সন্ধি বিচ্ছেদ কৰা : দেশাচাৰ, মতান্তৰ, যোগেশ্বৰ, অৰুণোদয়, বহিষ্কাৰ, বহিৰাগত, সম্প্রীতি, উচ্চাৰণ, সংস্কৃত ।

উত্তৰঃ দেশ + আচাৰ = দেশাচাৰ, মত + অন্তৰ = মতান্তৰ, যোগ + ঈশ্বৰ = যোগেশ্বৰ, অৰুণ + উদয় = অৰুণোদয়, বহিঃ + কাৰ = বহিষ্কাৰ, বহিঃ + আগত = বহিৰাগত, সম্ + প্ৰীতি = সম্প্ৰীতি, উৎ + চাৰণ = উচ্চাৰণ, সম্ + কৃত = সংস্কৃত।

বাক্য পৰিবৰ্তন

বাক্য তিনিবিধ। সৰল বাক্য, জটিল বাক্য আৰু যৌগিক বাক্য। অৰ্থৰ সলনি ন ঘটাই এবিধ বাক্য আন বিধলৈ ৰূপান্তৰ কৰিব পাৰি। যেনে —

সৰল — ‘মন দি পঢ়িলে পাছ কৰিব পাৰিবা।’ 

জটিল — ‘যদি মন দি পঢ়া তেনেহলে পাছ কৰিব পাৰিবা।’ 

যৌগিক — ‘মন দি পঢ়া, তেনেহলে পাছ কৰিব পাৰিবা।’

সৰল — ৰাতিপুৱা বৰষুণৰ কাৰণে স্কুলত আহিব পৰা নাই। 

জটিল — ৰাতিপুৱা বৰষুণ দিছিল কাৰণে স্কুলত আহিব পৰা নাই।

যৌগিক — ৰাতিপুৱা বৰষুণ দিছিল, সেইবাবে স্কুলত আহিব পৰা নাই।

সৰল — মোৰ ছিঙা ফটা এটাই কামিজ আছে।

জটিল — মোৰ হে এটা কামিজ আছে, সেইটো ছিঙা ফটা।

যৌগিক — মোৰ এটাই কামিজ আছে, সেইটো ছিঙা ফটা। 

সৰল — মোৰ হেৰুৱাই যোৱা কিতাপটো ওভোটাই পাইছো।

জটিল — মোৰ যি কিতাপটো হেৰুৱাইছিল সেইটো ওভোটাই পাইছো। 

যৌগিক — মোৰ কিতাপ এখন হেৰুৱাইছিল সেইটো ওভোটাই পাইছো।

সৰল — বিদ্বান হৈও তেখেতৰ অহংকাৰ নাই।

জটিল — যদিও তেখেত বিদ্বান তেখেতৰ অহংকাৰ নাই। 

যৌগিক — তেখেত বিদ্বান কিন্তু তেখেতৰ একো অহংকাৰ নাই।

সৰল — মানুহৰ বাহিৰে সকলো প্ৰাণীহে কেঁচা আহাৰ খায়।

জটিল — মানুহৰ বাহিৰে যিমান প্রাণী আছে সকলোৱে কেঁচা আহাৰ খায়। 

যৌগিক — মানুহ কেঁচা আহাৰ নে খায় কিন্তু বাকীবিলাক প্রাণী কেঁচা আহাৰ যায়।

সৰল — জগতত অসম্ভব বুলি একো নাই ।

জটিল — জগতত এনে একো নাই যি অসম্ভৱ।

সৰল — ৰাম তেওঁৰ বন্ধুৰ লগত আহিল।

যৌগিক — ৰাম আহিল আৰু লগতে তেওঁৰ বন্ধুও আহিল।

সৰল — জাতকৰ মৃত্যু অবশ্যম্ভাৱী।

জটিল — যি জন্মিছে তেওঁৰ মৃত্যু অবশ্যম্ভাৱী।

সৰল — মিথ্যাবাদীকে কোনেও ভাল না পায়। 

জটিল — যি মিথ্যা কথা কয় তাক কোনেও ভাল নাপায়।

সৰল — বৰ্ষষুণৰ কাৰণে খেলাটো হোৱা নাই। 

জটিল — বৰষুণ দি আছিল সেই বাবে খেলাটো হোৱা নাই।

জটিল — ইমান লিখিলোঁ কিন্তু খ্যাতি ন’হল।

সৰল — ইমান লিখিয়ো খ্যাতি নহল ।

জটিল — যদি তুমি নহা তেনেহলে মই নেযাও ।

সৰল — তুমি নাহিলে মই নেযাও।

জটিল — মানুহ ঈশ্বৰও নহয় পশুও নহয়।

যৌগিক — মানুহ যেনে ঈশ্বৰ নহয় তেনে পশুও নহয়।

জটিল — যদিও তেখেতৰ টকা আছে কিন্তু বুদ্ধি নাই।

যোগিক — তেওঁৰ বুদ্ধি নাই কিন্তু টকা আছে।

সৰল — নিয়মমতে পঢ়াশুনা কৰাৰ কাৰণে ৰাম বঁটা পায়। 

জটিল — ৰাম নিয়মমতে পঢ়াশুনা কৰে সেই কাৰণে বঁটা পায়। 

যৌগিক — ৰাম নিয়মমতে পঢ়াশুনা কৰে কাৰণে বঁটা পায়।

ণ-ত্ব বিধি

১। ৰ, ঋ, ষ-ইয়াৰ পিছত দন্ত্য-ন থাকিলে মূর্ধণ্য ণ হয়। যেনে — কাৰণ, ঋণ, ভূষণ, বিশেষণ, সমর্পণ (ৰ-অৰ ঠাইত ৰেফ আছে), তৃষ্ণা, কৃষ্ণ আদি।

২। যদি ৰ, ঋ, ষ আৰু ন-ৰ মাজত (১) স্বৰবৰ্ণ, (২) ক-বর্গ, (৩) প-বর্গ, (৪) য, ব, হ ব্যবধান থাকে তেনে হলেও ন মূর্ধণ্য ণ হয়। আন আখৰ ব্যবধান থাকিলে দন্ত্যন হয়। যেনে, কৰুণা, পৰমাণু, পৰিক্ৰমণ, কাৰণ, প্ৰাণ, বিষ্ণু, নিপুণ, নাৰায়ণ, পূর্ণ, গ্ৰহণ মন্ত্ৰণা, হৰতন।

৩। প্ৰ, পূৰ্ব অপৰ শব্দৰ পাছৰ অহ্ন শব্দৰ ন্, ণ্ হয়। যেনে, প্রাহ্ল, পৰাহ্ল অপৰাহ্ল। কিন্তু মধ্যাহ্ন, সায়াহ্ন আদি।

৪। ট-বর্গ যুক্ত ন, ণ হয়। যেনে অণ্ঠ, কণ্ঠ, লুণ্ঠন, ঘণ্টা আদি।

৫। স্বাভাবিক ণ-ত্ব — ঘিণ, বণিক, নিপুণ, কঙ্কণ, কল্যাণ, গণ, গুণ, লবণ, শোণিত, বাণ, পুণ্য, মণি, বীণা, বেণু, কোণ, চিক্কণ, বেণী, বাণী আদি।

ষত্ব বিধি

১। অ, আ ভিন্ন বাকী স্বৰবৰ্ণ, ক আৰু ৰ ইহঁতৰ পিছত প্ৰত্যয়ৰ স্ ষ্ হয়। যেনে ইষ্ট, ঈষৎ, কষ্ট কষায়, কৃষ্টি, বিশেষ্য আদি।

২। হ্র স্ব ই-কাৰান্ত (ি) আৰু হ্রস্ব উ-কাৰান্ত (ু ) উপসৰ্গৰ পিছত স্থা প্রভৃতি ধাতুৰ স্-অৰ ঠাইত ষ্ হয়। যেনে প্রতিষ্ঠান অনুষ্ঠান।

৩। পৰি নি বি, আগত থাকিলে সেৱ প্ৰভৃতি ধাতুৰ স্‌, ষ্ হয়। যেনে পৰিষেৱা। 

৪। পৰি পূৰ্বক কৃ ধাতুৰ স্ ষ্ হয়। যেনে পৰিষ্কাৰ। পৰি পূৰ্বক নহলে ন হয়। যেনে তিৰস্কাৰ সংস্কাৰ আদি।

৫। সু, বি, নিৰ্, দুৰ উপসৰ্গৰ পিছত স্বপ্ ধাতুৰ ঠাইত সুপ্ অৰ স্, ষ্, হয়। যেনে সুষুপ্তি।

৬। সমাসে অগ্নি শব্দৰ পিছত স্তোম শব্দৰ স্ ষ্ হয়। যেনে অগ্নিস্টোম 

৭। সু বি নিৰ্‌ দুৰ উপসৰ্গৰ পিছত সম শব্দৰ স্ ষ্ হয়। যেনে সুষমা, বিষম।

৮। ভূমি (আৰু দিবি) শব্দৰ পিছত স্থ শব্দৰ স্ ষ্ হয় যেনে ভূমিষ্ঠ।

৯। যুধি শব্দৰ পিছত স্থিৰ শব্দৰ স্ ষ্ হয়। যেনে যুধিষ্ঠিৰ । 

১০। সমাস হলে মাতৃ আৰু পিতৃ শব্দৰ পিছত স্বস্ (ভণী) প্রথম স্ ষ্ হয়।যেনে পিতৃস্বসা, মাতৃস্বসা।

১১। ট-বর্গ যুক্ত স ষ্ হয়। যেনে অষ্টম, অষ্ট, ৰাষ্ট্ৰ, অভীষ্ট আদি। প্রশ্নত ণ-ত্ব আৰু ষ-ত্ব হোৱাৰ কাৰণ বিচৰা হয়। 

যেনে— 

প্রশ্ন ১। ‘ণ’ আৰু ‘ষ’ হোৱাৰ নিয়ম লিখা। 

প্রণাম = ‘প্ৰ’ উপসৰ্গৰ পিছত থকা ‘নম্’ ধাতুৰ ন’ ‘ণ’ হৈছে।

বিষ্ণু = ই-‘বি’ স্বৰবৰ্ণৰ পিছত থকা ‘স’ (বিষ) হৈছে ; (‘ষ’-ৰ পিছত থকা বাবে ‘ণ’ (বিষ + ণু = বিষ্ণু) হৈছে।

অনুষ্ঠান = ‘অনু’ উপসৰ্গৰ পিছত থকা ‘স্থা’ ধাতুৰ ‘স’ ই ‘ষ’ হৈছে। 

বিশেষত্ব, শেষ = ‘এ’ (শ + ে) স্বৰবৰ্ণৰ পিছত ‘স’ ই মূৰ্দ্ধণ্য ‘ষ’ হৈছে৷ 

শ্ৰীকৃষ্ণ = ‘ঋ’ৰ পিছত থকা বাবে ‘স’ৰ : ঠাইত ‘ষ’ হৈছে আৰু ‘ষ’ৰ পিছত থকা বুলি ণ (কৃষ + ণ = কৃষ্ণ) হৈছে। 

প্রশ্ন ২। ‘ণ’ আৰু ‘ষ’ হোৱাৰ কাৰণ লিখা : 

নিষ্ঠুৰ — নি উপসৰ্গৰ পিছত থকা ‘স্থ’ শব্দৰ ‘স’ ‘ষ’ হৈছে। 

অৱশেষত — ‘এ’ স্বৰবৰ্ণৰ পিছত থকা ‘স’ ‘ষ’ হৈছে।

সন্তুষ্ট — ‘ট’ ৰ লগত যুক্ত হোৱা বাবে ‘স’ ৰ ঠাইত ‘ষ’ হৈছে। 

কাৰণ — ‘ৰ’ ৰ পিছত থকা বাবে ‘ন’ ৰ ঠাইত ‘ণ’ হৈছে।

দোষী /দোষ — স্বভাৱতে সিদ্ধ। ও-কাৰৰ পিছত থকা বাবে। 

চাক্ষুষ—আগতে ক্ষ (ক্ + ষ) থকাত ‘স’ৰ ঠাইত ‘ষ’ হৈছে। 

ঘিণ — স্বভাৱতে সিদ্ধ।

প্রশ্ন ৩। ‘ণ’ আৰু ‘ষ’ হোৱাৰ কাৰণ দশোৱা :

আৱিষ্কর্তা = ‘বি’ উপসৰ্গৰ পিছত থকা ‘স’ ‘ষ’ হৈছে। 

উৎকৃষ্ট = ‘ঋ’ৰ পিচত থকা বাবে ‘স’ ‘ষ’ হৈছে। 

দোষ = স্বাভাবিকতে ‘ব’ হৈছে। ও-কাৰৰ পিছত বাবে।

ধাৰণা = ‘ৰ’ ৰ পিছত থকা বাবে ‘ন’ ‘ণ’ হৈছে।

প্ৰতিষ্ঠাপক = প্ৰতি উপসৰ্গৰ পিছত থকা ‘স্থা’ ধাতুৰ ‘স’ ‘ষ’ হৈছে।

যথেষ্ট = ‘এ’-কাৰৰ (য+ে) পিছত থকা বাবে ‘স’ ‘ষ’ হৈছে। 

বিশেষ = ‘এ’ স্বৰবৰ্ণৰ পিছত থকা বাবে ‘স’ ‘ষ’ হৈছে।

অনুসৰণ = ‘ৰ’ ৰ পিত থকা ‘ন’ ‘ণ’ হৈছে।

যতি চিহ্নৰ ব্যৱহাৰ

প্রশ্ন ১। যতি মানে কি? ই কেই প্ৰকাৰ আৰু কি কি? 

উত্তৰঃ যতি অর্থ বিৰাম বা জিৰণি। কথা কওঁতে নাইবা লিখা পঢ়োতে তাৰ ভিতৰত কেবাবাৰ বিৰতি লাগে। এই বিৰতি ক্ষুদ্রতম সময়ৰ পৰা অলপ দীঘল হব পাৰে আৰু হয়। সেই বিৰাম বিলাকত এটা চিহ্ন দিয়া হয়। তাক যতি চিহ্ন বোলে।

যতি চিহ্ন থূলমূল ৭টা। সেইবিলাক হৈছে –

(1) পূৰ্ণ যতি বা দাঁৰি (। ) 

(2) কমা (,) 

(3) সেমি কোলন ( 

(4) কোলন (:)

(5) উদ্ধৃতিচিন [ ” ” ] 

(6) প্রশ্ন বোধক চিন [ ? ]

(7) ভাববোধক বিস্ময় আৰু সম্বোধনৰ চিন ( ! )

ইয়াৰ বাহিৰে হাইফেন, ( – ) দেস ( – ), স্বৰ্গী (ঁ), ডাঙৰ ( > ), সৰু (<) আদি চিন আছে।

প্রশ্ন ২। তলৰ লিখাত উপযুক্ত যতি চিহ্ন দিয়া।

(ক) মাধুৰী ক’লে আজি স্কুল বন্ধনে 

উত্তৰঃ মাধুৰী কলে, “আজি স্কুল বন্ধ নে?”

(খ) নেতাজনে যি কৈছে সেইখিনি ভাবি চাইছানে।

উত্তৰঃ নেতাজনে যি কৈছে, সেইখিনি ভাবি চাইছা নে?

(গ) স্কুলৰ নৱম শ্ৰেণীত উঠি ম‍ই ভাবিছিলো শিক্ষা সাং কৰি মই এজন বৈজ্ঞানিক হম নাইবা এজন প্ৰফেচৰ হম নহলে ডাক্তৰ হম কিন্তু শেষলৈকে হলগৈ স্কুল এখনতে কেৰানী এজন।

উত্তৰঃ স্কুলত নৱম শ্ৰেণীত উঠি মই ভাবিছিলো, শিক্ষা সাং কৰি মই এজন বৈজ্ঞানিক হম, নাইবা এজন প্ৰফেচৰ হম, নহলে ডাক্তৰ হম ; কিন্তু শেষলৈকে হল’গৈ — স্কুল এখনতে কেৰাণী এজন।

(ঘ) বজাৰত ভোল গলোঁ লীলা মলা চাই চাই চাকি তেল শলিতাৰে নেবেহালো হায় হায়।

উত্তৰঃ বজাৰত ভোল্ গলোঁ, লীলা মলা চাই চাই, চাকি, তেল, শলিতাৰে নেবেহালো হায়, হায়।

(ঙ) ৰণৰ আহিলা পাতিৰ ভিতৰত লোৰ বৰ হিলৈ চেঙ্গা হিলৈ সুনীয়া ৰূপীয়া বাখৰ পতোৱা ভাবেৰে হেংদান তৰোয়াল বা খাণ্ডা নাকৈ দা যাঠি খাপৰৰ নাম লব পাৰি।

উত্তৰঃ ৰণৰ আহিলা পাতিৰ ভিতৰত লোৰ বৰ হিলৈ, চেঙ্গা হিলৈ, সুনীয়া ৰূপীয়া বাখৰ-পতোৱা ভাবেৰে হেংদান, তৰোয়াল বা খাণ্ডা, নাকৈ দা, যাঠি, খাপৰৰ নাম লব পাৰি।

নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

খণ্ডবাক্য, বাক্যাংশ আৰু জতুৱা ঠাঁচ

(ক) খণ্ডবাক্য গোটেই বাক্যৰ এটা অংশ। খণ্ডবাক্যত কৰ্তা আৰু সমাপিকা ক্রিয়া থাকে। খণ্ডবাক্য নিজেই এটা বাক্য। ইংৰাজীত ইয়াক Clause বোলে। যেনে চকুত বালি মৰা এটা খণ্ডবাক্য। পৰীক্ষাত জতুৱা ঠাঁচ দি বাক্য ৰচনা কৰিবলৈ দিয়া হয়। চকুত বালি মৰা—পুলিচৰ হাতৰ পৰা খুনী আচামী চকুত বালি মাৰি পলাই গ’ল। এনেকুৱা কিছুমান উদাহৰণ তলত দিয়া হল-

1. তলত দিয়া খণ্ড বাক্যৰে যথাৰ্থ অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰা। 

মূৰে ভৰি কঢ়া (অতপালি কৰা) — ধনৰ অহংকাৰত সি গুৰু গোঁসাই নেমানি মুৰে ভৰি কাঢ়িবলৈ আৰম্ভ কৰিছে।

চকু থাকি খালত পৰা (জানি শুনিও বিপদত পৰা) — অকৃতজ্ঞ মানুহৰ লগত বন্ধুত্ব কৰা আৰু সাপৰ লগত একে ঘৰত বাস কৰাৰ অৰ্থই হৈছে চকু থাকি খালত পৰা। 

চকু মুদা কুলি (ভাও ধৰি থকা)—চোৰটোৱে পুলিছৰ আগত চকু মুদা কুলিৰ দৰে আছে।

চকুত বালি মৰা (ফাকি দিয়া, ছলনা কৰা ) — পুলিছৰ হাতৰ পৰা চোৰটো চকুত বালি মাৰি পলাল।

চকুৰ কুটা, দাঁতৰ শূল (ঘোৰ শত্ৰু) — অপ্রিয় সত্য কথাবোৰ ৰাইজৰ আগত বেকত কৰি দিয়া কাৰণে ধনীৰাম নেতা সকলৰ চকুৰ কুটা দাঁতৰ শূল হৈ পৰিল।

হাত এৰি হেতালি খেদা (সুচল হলত এৰি দি পিছত ব্যর্থ চেষ্টা কৰা) — গোটেই বছৰ সি এদিনলৈকেও পাঠ্যপুথি হাতেৰে নুচুলে, এতিয়া পৰীক্ষাৰ তিনিদিন আগত “Sure Success” খিনি লৈ হাত এৰি হেতালি খেদিছে।

মনৰ বাঘে খোৱা (কাল্পনিক ভয়ত ভয়াতুৰ হোৱা) — মাওপিত নোহোৱা মানুহক হাবিৰ বাঘে খোৱাৰ আগতে মনৰ বাঘেহে খায়। 

আঁকোৰ গজালি (ধৰা কথা বা কামত নেৰানেপেৰাকৈ লগা) — আঁকোৰ গজালি স্বভাৱৰ মানুহক উপদেশ দি লাভ নাই, সিহঁতে নিজৰ মত কেতিয়াও নেৰে। 

আধানার্জি (আধাহানি হোৱা) — দেউতাক ঢুকুৱাৰ পিছতে পুতেকে পৈত্রিক সম্পত্তি আধানাৰ্জি কৰিলে ।

চকুত লগা (শুৱনি, ৰূপহ) — আজিকালি গুৱাহাটী নগৰখন চকুত লগা হৈ উঠিছে। 

চকু পোৰা (আনৰ ভাল দেখিব নোৱাৰা) — হাজৰিকাই হঠাতে ধনী হোৱা দেখি বহুতৰ চকু পুৰিছে।

চকু গজা (ডাঙৰ বা জকাবুজা হোৱা)—মনিৰ লৰাটি এতিয়া চকু গজিল। তাক আৰু কোনেও ঠগিব নোৱাৰি।

শাল চকুৱা (ভালবেয়া অলপতে চিনিব পৰা) — শাল চকুৱা মেকুৰীটোৰ আগত কোনো বস্তু লুকাই থব নোৱাৰি।

দাঁতে ওঁঠে নলগা (কাজিয়া নলগা ) — ইমান দিন একেলগে আছো, তথাপি আমাৰ এতিয়ালৈও দাঁতে ওঁঠে লগা নাই।

হাত লৰ (চোৰ) — হাত লৰ চাকৰটোৰ কাৰণে বস্তু এটা যতে ততে থব নোৱাৰি।

হাত দীঘল (ক্ষমতাশালী) — হাত দীঘল লোকে ৰাজহুৱা কামলৈ ভয় নকৰে।

কাণ কটা (লাজ নোহোৱা) — কাণ কটা স্বভাৱৰ লৰাই একোতেই লাজ নাপায় । 

হাত উঠা (উন্নতি হোৱা) — তেওঁ যি কামত লাগে তাতেই তেওঁৰ হাত উঠে। 

হাত পৰা (লোকচান) — এইবাৰ হৰিৰ ব্যৱসায়ত হাত পৰিল।

পেট কুলি (পেটকপটীয়া) — পেট কুলি মানুহৰ আগত বিশ্বাসৰ কথা কোৱা অনুচিত।

কান-বাগৰা কথা (লোকৰ মুখৰ পৰা শুনা কথা) — কান-বাগৰা কথাত বৰকৈ পতিয়ন গলে কেতিয়াবা বিপদত পৰিব লাগে।

পানীৰ মিঠৈ (অলীক কল্পনা) — ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হোৱা কথাটো সিদিনালৈ অসমীয়া মানুহৰ মনত পানীৰ মিঠে আছিল। 

পানীত হাঁহ নচৰা (অতিপাত বিপদ হোৱা) — মানে আহি গোটেই অসমখন পানীত হাঁহ নচৰা কৰিছিল। 

ভেৰাকুটি (ধেমালিৰ নিমিত্তে কৰা মিছা ভাও) — ল’ৰাকেইটিয়ে কৰা ভেৰাকুটিৰ কাৰণতে তুমি খং কৰা নে ?

(খ) বাক্যাংশ — বাক্য এটাৰ ভিতৰত বাক্যাংশ এটা অংশ। এইটোৰ কৰ্তা, সমাপিকা ক্রিয়া না থাকে। যেনে সময়ৰ 

শৰ — সময়ৰ শৰ মাৰিব নেজানিলে শহাপহুৰ মাংস খোৱাৰ আশা কৰা মিছা। সাতঘাটৰ চেঙেলী — (অতি চালাক চতুৰ) লৰালি কালৰ শ্ৰীকৃষ্ণক মাধৱদেৱে সাতঘাটৰ চেঙেলি বুলি কৈছে। তলত কিছুমান বাক্যাংশৰ উদাহৰণ দিয়া হল । অসমীয়াত ইয়াক জতুৱা ঠাঁচ বুলি কোৱা হয় আৰু ইয়াক ইংৰাজীত Phrase বোলে। 

আকালৰ ভাত (বিপদৰ সহায়) — মোৰ বেমাৰৰ সময়ত তেওঁ দিয়া আকালৰ ভাতৰ দৰে ধনখিনিৰ কথা মই জীৱনত নেপাহৰো।

ডলাৰ বগৰী (বাগৰি ফুৰা) — ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা মানুহৰ কেতিয়াও উন্নতি নহয় ।

মনে পতা — “তুমি মোৰ মনে পতা দৰা”।

গা কৰা — হাইজা বেমাৰৰ পিচত সি গা কৰিবই পৰা নাই।

পানী কৰা — হাড়ক কাটি তেজক পানী কৰি কাম কৰাৰ সুফল আহিবই। 

হাত পাত — য’তে ত’তে পইচাৰ কাৰণে হাত পাতিলে সম্মান হানি হয়। 

সময়ৰ শৰ — সময়ৰ শৰ মাৰিব নেজানিলে শহাপহু খাবলৈ আশা কৰা মিছা। 

গা উঠে — বিহু নাচ দেখিলে বুঢ়াৰো গা উঠে।

মূৰ দি উঠ — মোৱামৰীয়াৰ বিদ্ৰোহ মূৰ দি উঠিছিল ৰাজশক্তিৰ দুৰ্বলতাৰ কাৰণেই।

কাণ থিয় — চিকাৰীৰ শব্দ পাই শহাপহুটোৱে কাণ থিয় কৰিলে।

গাই-বাই চোৱা — কোনো কাম কৰিব পৰা নহব বুলি জানিলেও গাই-বাই চোৱা (কিছু পৰিমাণে চেষ্টা কৰা) ৰাইজৰ স্বভাব।

গা নচুৱাই ফুৰা — গা- নচুৱাই ফুৰা ছোৱালীক সাধুলোক অসৎ বোলে।

বিধি পথালি দিয়া — অসমৰ উন্নয়ন পৰিকল্পনা কাৰ্যকৰী কৰাত প্ৰাকৃতিক দুৰ্যোগ বাৰুকৈয়ে বিধি পথালি দিয়ে।

টুপাই বুৰ মাৰ — শিহুৱে পানীত টুপাই বুৰ মাৰে ।

শহাকণীয়া — (সজাগ, সতৰ্ক) গুপ্তচৰবিলাক সদায় শহাকণীয়া হয়।

চকুচৰহা — চকুচৰহা লোক আনৰ উন্নতি দেখি ভাল নাপায়।

কপাল ফুটা — কপাল ফুটা মানুহক বিপদে পিচে পিচে খেদে। 

সাপে সাপৰ ঠেং দেখ্ — সমগোত্রীয়, বুজোৱাইহে বুজোতাক বুজে। 

সান্দহ খোৱা বালি তল যা — সুবিধা বা ভোগৰ ঘাটি নষ্ট হোৱা।

সাতঘাটৰ চেঙেলী — অতি চালাক-চতুৰ। সি এজন সাতঘাটৰ চেঙেলী। 

শিৰ ফুটা — নামকৰা ; মহৎ বা বিজ্ঞ হোৱা। তাৰ এতিয়া শিৰ ফুটিছে।

ঢৌটোকে ৰৌটো কৰ — একো নোহোৱাতে হোৱাৰ বোমা ফুটোৱা; তিলক তাল কৰা। ৰামে ঢৌটোকে ৰৌটো কৰিছে।

মূৰত আকাশী চৰগ ভাগি পৰা — আকস্মিক বিপর্যয় হোৱা।

ভূতৰ ওপৰত দানহ — বিপর্যয়ৰ ওপৰত অধিক বিপর্যয়। 

বিনা মেঘে বজ্রপাত — কাৰণ নোহোৱাকৈ হোৱা বিপর্যয়। 

বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী — মূল্যহীন ভেম, ভুৱাছালি। 

পৰ্বতৰ কাষত কাছৰ কণী বিচৰা — অসম্ভৱক সম্ভৱ কৰিবলৈ যোৱা। 

গাখীৰতে ম’হৰ খুটি — সুবিধাৰ উপৰি সুবিধা ; অতিপাত সুবিধা।

কুন্দত কটা — সুগঢ়িত ; বৰ ধুনীয়া ।

পিতৃক যি হত্যা কৰিছে — পিতৃঘাতী, পিতৃহন্তা — পিতৃঘাতী মানুহে জীৱনত শান্তি লাভ কৰিব নোৱাৰে।

যি উপকাৰ কৰোতাৰ অপকাৰ কৰে, কৃতঘ্ন — কৃতঘ্ন মানুহক বিশ্বাস কৰিব না লাগে। 

নিজকে যি হত্যা কৰিছে — আপোনঘাতী, আত্মঘাতী — সেই আপোনঘাতী কামটোৰ কাৰণেই সি ধ্বংস হৈ গ’ল।

যি সহ্য কৰিব পাৰে — সহনশীল — সহনশীল বাবেই সি ইমান বিপদৰ মাজেদি পাৰ হৈ গ’ল।

যি নিজকে পণ্ডিত বুলি ভাবে — পাণ্ডিত্যাভিমানী — (সংস্কৃত — পণ্ডিতম্মন্য) — পাণ্ডিত্যাভিমানী মানুহজনে সভাত হাঁহিৰ খলকনি তুলিছিল। 

গোপনীয় হৈ থকা — গুপ্ত — সেই গুপ্ত কথাটো সি এনেদৰে ফাদিল কৰি দিব নালাগিছিল।

লোপ পাই যোৱা — লুপ্ত —পুৰণি সভ্যতাবোৰৰ ভালেমান কেবাটাও লুপ্ত হৈ গৈছে।

সমার্থক শব্দ

গছ — পাদপ, বৃক্ষ, উদ্ভিদ, বিৰিখ । 

পৰ্বত — গিৰি, অদ্রি, নগ, সানুমান, অচল।

বায়ু — বতাহ, পবন, মলয়া।

সূর্য — বেলি, অংশুমান, দিনকৰ, সহস্রাংশু।

চন্দ্ৰ — চাঁদ, জোন, হিংমাশু, শীতাংশু। 

পৃথিবী — জগৎ, ভূমণ্ডল, ধৰা, ধৰণী, ভুবন।

পুস্তক — কিতাপ, গ্রন্থ, পুথি ।

অৰণ্য — হাবি, বননি, বন, জঙ্গল, অটব্য (অটবী)।

গ্রাম — গাঁও, জনপদ।

সংবাদ — বার্তা, বাতৰি, খবৰ।

পক্ষী — চৰাই, বিহগ, বিহঙ্গম, খেচৰ।

আকাশ — গগন, বিহায়স, খ।

অগ্নি — জুই, হতভুক। 

সাগৰ — সমুদ্র, অর্ণব, জলধি ।

নদী — নৈ, তৰঙ্গিনি, স্রোতস্বিনী, তটিনী।

ভগবান — ঈশ্বৰ, বিধাতা, বিশ্বস্রষ্টা, হৰি, আল্লা, সর্বশক্তিমান, God, খোদা

বিপৰীতার্থক শব্দ

পোহৰ — আন্ধাৰ।

মানবিক — পাশৱিক।

শুকান — তিতা।

প্রথম — শেষ।

আৰম্ভ — অন্ত।

চোৰ — সাধু।

মিঠা — তিতা, কটু।

সুখ — দুখ।

মৃত — জীৱিত।

ঘৰচীয়া — বনৰীয়া।

ভোজন — লঘন।

গ্রহণ — বর্জন।

অগা — পিছা।

জনা — নজনা।

স্বৰ্গ — নৰক।

উন্নতি — অধোন্নতি, অবনতি। 

অসমীয়া — অনা, অসমীয়া।

সাক্ষৰ — নিৰক্ষৰ।

অভ্যর্থনা — ককৰ্থনা। 

দেউতা — আই।

ৰাতিপুৱা — সন্ধিয়া।

গাৱঁলীয়া — নগৰীয়া।

দিন — বাতি।

তপতীয়া — চেঁচা।

ডাঙৰ — সৰু।

মতা — তিৰোতা।

গাভৰু — ডেকা।

টান — কোমল।

সাৰু — টোপনি।

আপোন — পৰ।

পতন — উত্থান।

সুন্দৰ — কুন্ধচ।

জনাজাত — অখ্যাত।

সুৰুচি — কুৰুচি।

হিন্দু — অহিন্দু।

মালিক — বনুৱা, শ্রমিক।

লৰা — ছোৱালী।

ভাল — বেয়া।

বগা — কলা।

সেনেকা — শুষ্ক, শুকান।

ৰজা — ফকিৰ।

জহ — জাৰ।

এটা শব্দত প্ৰকাশ কৰা

গঙ্গাৰ পুত্ৰ — গাঙ্গেয় । 

সুমিত্ৰাৰ পুত্ৰ — সৌমিত্ৰ । 

ৰাৱণৰ পুত্ৰ — ৰাৱণি। 

দশৰথৰ পুত্ৰ — দাশৰথি। 

দীর্ঘকাল জীয়াই থাকে যি — দীর্ঘজীৱী। 

যিটো অৱশ্যে ঘটিব — অৱশ্যত্তাৱী। 

যি নিজৰ দেশৰ বাহিৰত বাস কৰে — প্ৰবাসী। 

খুব চেচাওঁ নহয় আকৌ উতলাও নহয় — কুহুমীয়া। 

একেফালে মনদি থকা মানুহ — একাণপতীয়া। 

স্থায়ীভাৱে থাকে যি — যাউতিযুগীয়া। 

বাপৰ যি বস্তু আছিল — বাপতীয়া। 

যি ঘটনা আগেয়ে ঘটা নাই — অঘটন। 

গোটেই জীৱন ব্যাপী — আজীৱন । 

যি সমাপ্ত হোৱা নাই — অসমাপ্ত। 

মাগিলে ভিক্ষা নোপোৱা সময় — দুৰ্ভিক্ষ। 

যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে — অকৃতজ্ঞ। 

যি মাটি ভেদ কৰি ওপৰলৈ উঠে — উদ্ভিদ ৷ 

মানুহৰ গুণ বিশিষ্ট — মানবিক। 

কষ্টেৰে যাক পোৱা যায় — দুর্লভ। 

ভিতৰত থাকে যি — অন্তৰ্ভুক্ত। 

লোকৰ ভাল দেখিব নোৱাৰা — চকুচৰহা। 

শিং নথকা মানুহ — লাউমুৰা । 

বিয়া কৰোৱা নাই যি — বৰলা। 

স্বামী মৰা তিৰোতা — বিধৱা । 

সিজাই খাবলৈ অনা কলপুলি —পচলা। 

পৰিত্যাগ কৰিব নোৱাৰি যাক — অপৰিত্যাজ্য। 

ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত — প্রাতঃস্মৰণীয়। 

মাটিৰে নিৰ্মিত — মৃন্ময়। 

যাৰ মৰণকাল উপস্থিত হৈছে — মুমূর্ষু। 

বহাগত উৎপন্ন হোৱা — বহাগী। 

কোনো নাম নধৰাকৈ অপৰাধীক পৰা গালি — গুৱাল গালি। 

যি অলপতে ভয় যায় — ভয়াতুৰ। 

একে সময়তে হোৱা — সমসাময়িক।

প্রত্যয় — কৃৎ, তদ্ধিত, নির্দেশাত্মক

প্রশ্ন ১। কৃৎ প্রত্যয় কাক বলে? উদাহৰণ দিয়া

উত্তৰঃ ধাতুৰ লগত বেলেগ বেলেগ অৰ্থ বুজাবলৈ যিবিলাক প্রত্যয় যোগ কৰা হয়, সেই বিলাকক কৃৎ প্রত্যয় বোলে। কৃৎ প্রত্যয় যুক্ত হলে তাক কৃদন্ত পদ বোলে। কৃদন্ত পদ কেবাটাও বিশেষ্য হয়, কেবাটাও বিশেষণ হয়, কিছুমান ক্রিয়াপদ হয়। অসমীয়া কৃৎ প্রত্যয় এ কুৰিৰো বেছি। যেনে — খা ধাতু + অ = খাৱন । হাৰ + অ = হাঁৰ (খেলত হাৰ জিৎ আছে)।

এনেদৰে ✓গণ্‌ + অক = গণক্, ✓গণ + অতি = গন্তি, ✓জ্বল্ + অন্ত = জ্বলন্ত, ✓নাচ্ + অন্ (অনী = নাচন (নাচনী),✓মাগ্‌ + অনীয়া (অনীয়াৰ) = মগনীয়া (মগনিয়াৰ), ✓চা + আ = চোৱা, ✓খেল্‌ + আৰু = খেলাৰু আদি। 

প্রশ্ন ২। তলত দিয়া শব্দ বিলাকৰ প্ৰকৃতি প্রত্যয় উলিওৱা :

উত্তৰঃ লগতে দিয়া হল। মাৰি (✓মাৰ +ই), মাত (✓মাত্ + অ), গমন (✓গম্‌ + অন), পালক (✓পাল্ + অক), বোৱতী (✓বো + অতী), ভৰ্তি (✓ভৰ + অতি), খাওঁতা (✓খা + ওঁতা), পঢ়তী (✓পঢ় + অঁতী), খেলনা ( ✓খেল+ অনা), বান্ধনী (✓বান্ধ + অনী), ভাঙনি (✓ভাঙ্ + অনী) নাচনি (✓নাচ্ + অনী) . বিচনী (✓বিচ্ + অনী), দেখনিয়াৰ (✓দেখ্‌ + অনিয়াৰ), ভগনীয়া (✓ভাগ + অনীয়া), খাৱৰীয়া (✓খা + অৰীয়া), কটিয়া (✓কাট্ + ইয়া), আঁটিল (✓আঁট + ইল), ধোৱা (✓ধো + আ), লিখাৰু (✓লিখ্ + আৰু), খাই (✓খা + ই), কাঁহি (✓বাঁহ + ই), কটাৰী (✓কাট্‌ + আৰী), আটিল (✓আট্ + ইল), আহিলে (✓আহ্ + ইলে), কৰিবলগীয়া (কৰ + ইব = কৰিব + লাগ + ঈয়া), পঢ়োঁতে (✓পঢ় + ওঁতে), পঢ়াওঁতা (✓পঢ়া + ওঁতা = পাঁচনী ধাতু)। 

N.B. — ইয়াৰ বাহিৰে সংস্কৃত কৃৎ প্রত্যয় বহুত তৎসম শব্দ অসমীয়াত চলি আছে। যেনে — কৃ + তব্য = কর্তব্য, কৰণীয়, আচার্য, ভীত ইত্যাদি। 

প্রশ্ন ৩। তদ্ধিত প্রত্যয় কাক বোলে? দুটা উদাহৰণ দিয়া। 

উত্তৰঃ প্রাতিপদিক অৰ্থাৎ নাম শব্দৰ লগত যি বিলাক প্রত্যয় যুক্ত হয় সেই বিলাকক তদ্ধিত প্রত্যয় বোলে। যেনে – ধান + অনি = ধাননি, পিতা + ক =পিতাক।

প্রশ্ন ৪। কৃৎ প্রত্যয় আৰু তদ্ধিত প্রত্যয়ৰ পাৰ্থক্য কি?

উত্তৰঃ ধাতুৰ লগত যি বিলাক প্রত্যয় যুক্ত হয় সেই বিলাকক কৃৎ-প্রত্যয় বোলে; আৰু নাম বাচক শব্দৰ লগত যি বিলাক প্রত্যয় যোগ হয় সেই বিলাকক তদ্ধিত প্রত্যয় বোলে।

প্রশ্ন ৫। তদ্ধিত প্রত্যয়ক কেইটা ভাগত ভগাব পাৰি। প্ৰত্যেকটো উদাহৰণেৰে সৈতে লিখা।

উত্তৰঃ অসমীয়া তদ্ধিত প্রত্যয়ক দুটা ভাগত ভগোৱা হয়। তাৰে এটা হল – 

(ক) স্বার্থিক তদ্ধিত প্রত্যয়। আনটো হল- 

(খ) সাধাৰণ গঠনকাৰী তদ্ধিত প্রত্যয়। 

(ক) স্বার্থিক প্রত্যয় : স্বাৰ্থিক প্রত্যয়ৰ মানে হৈছে স্ব-অর্থ অর্থাৎ নিজা অর্থ। যিবিলাক তদ্ধিত প্রত্যয় যোগ হৈ শব্দৰ অৰ্থ পৰিবৰ্তন ন ঘটে, একেই অর্থ থাকে সেই বিলাকক স্বার্থিক প্রত্যয় বোলে। যেনে ‘ক’ প্রত্যয় : মা > মাক, ভাই > ভায়েক, চিন > চিনাকি, গিৰী > গিৰীয়েক। ‘কা’ প্রত্যয়ঃ সাৰ > সেৰেকা। ‘আ’ প্রত্যয়ঃ মামক > মামা। ‘আই’ প্রত্যয়, দাদা > দদাই, মামা > মোমাই। 

(খ) সাধাৰণ গঠনকাৰী প্রত্যয় : যি সকল তদ্ধিত প্রত্যয় যোগ হৈ গঢ় লোৱা শব্দেৰে আন অর্থ বুজায় তাক সাধাৰণ গঠনকাৰী তদ্ধিত প্রত্যয় বোলে। এনে অসমীয়া তদ্ধিত প্রত্যয় ঢেৰ আছে। তাৰে কিছুমান সংস্কৃত মূল শব্দৰ পৰা পৰিবৰ্তিত হৈ অসমীয়াত সোমাইছে। সেই বিলাকক মৌলিক তদ্ধিত প্রত্যয় বোলে। যেনে — খেতি + অক = খেতিয়ক, বুধি > বুধিয়ক ।

আকৌ আন কিছুমান বর্তমান যুগৰ বিভিন্ন ভাষাৰ পৰা অসমীয়াত সোমাইছে।

সেই বিলাকক আগন্তুক তদ্ধিত প্রত্যয় বোলে। যেনে—খীৰ + অতী = খীৰতী লাগ+ অতিয়াল = লাগতিয়াল ।

প্রশ্ন-৬। তলত দিয়া শব্দবোৰৰ তদ্ধিত প্রত্যয় (প্রকৃতি প্রত্যয়) উলওয়া। 

(উত্তৰ লগতে দিয়া হল)

জোনাক > জোন্ + ক্, কাউৰী > কোৱা > কাক + ৰী, বাতৰি > বার্তা + ৰি। 

বোৱাৰী > বধূ > বউ + ৰী, ছোৱালী > শাৱক > ছাৱা + লী। 

পোৱালী > পোত > পোৱা + লী (লি–পোৱালি), ভেকুলী > ভেক + লী।

পখিলা > পক্ষী > পখি + লা, পাহি > পাশ > পাহ + ই।

খহটা > খস্ > খহ + টা, ফিৰিঙতি > স্ফুলিঙ্গ > ফিৰিঙ্গ + তি (টি)। 

খেতিয়ক > খেতি + অক, মাজুলীয়া > মাজ + অলীয়া, বননি > বন + অনি। 

ফুলনি > ফুল + অনি, আহিনা > আহিন + আ, ফুলাম > ফুল + আম। 

বোজাই > বোজা + আই, ঠগামি > ঠগ + আমি, শুকান > শুষ্ক + আন্। 

সোণাৰী > সোণ + আৰী, খঙাল > খঙ + আল, টেঙৰালি > টেঙৰ + আলি। 

গোৱাল > গো + আল, সাহিয়াল > সাহ + ইয়াল, ধাননি > ধান + অনি। 

কাঁহী > কাঁহ + ঈ, কামিলা > কাম + ইলা, পনীয়া > পানী + ঈয়া।

দুখীয়া > দুখ + ঈয়া, কেঁচুৱা > কেঁচা + উৱা, বনুৱা > বন (কাম) + উৱা। 

ভিতৰুৱাল > ভিতৰ + উৱাল, মথাউৰি >মথৰ + আউৰি।

খেলুৱৈ > খেল + উৱৈ, ভাবুকি > ভাব + উকি, কপৌ > কপো আ + + উ। 

লাজকুৰীয়া > লাজ + কুটিত > কুৰীয়া, দাৰোয়ান > দুৱাৰ + ওৱান। 

মানব >মনু + ষ্ণ, সৌমিত্রি > সুমিত্রা + ঞ্চি, জ্ঞানবান > জ্ঞান + বতুপ্ (বান্)। 

গুণী > গুণ + ইন্‌, চিন্ময় > চিত্ + ময়, অন্যথা > অন্য + থাচ্।

প্রশ্ন-৭। তলৰ বিশেষ্য শব্দ বিলাকক কৃৎ প্রত্যয় বা তদ্ধিত প্রত্যয় যোগ কৰি বিশেষণ পদলৈ পৰিবৰ্তন কৰা ।

ধান (ধাননি), পানী (পানীয়া), মৃৎ (মৃন্ময়), ধুলা (ধুলাময়)। 

খাৰ (খাৰুৱা), দিন (দিনীয়া), সুখ (সুখী), নেপাল (নেপালী)। 

ঠাকুৰ (ঠাকুৰীয়া), কাকত (কাকতী), মাটি (মটিয়া), দুখ (দুখীয়া)। 

লৰা (লৰালি), বস (ৰসাল), আকাশ (আকাশী), বলিয়া (বলিয়ালী)।

ৰূপ (ৰূপালী), বাট (বাটৰুৱা), অঘ (অঘাইত), মাছ (মছুৱা)।

মলি (মলিয়ন), খীৰ (খীৰতী), সোণ (সোণালী), বঙ (ৰঙালী)। 

ভাঙ্ (ভাঙুৰী), দন্দ (দন্দুৰা), ঘৰ (ঘৰচীয়া), নীতি (নৈতিক)। 

প্রশ্ন ৮। তলৰ বিশেষ্য শব্দবিলাকক কৃৎ প্রত্যয় যোগ কৰি বিশেষণ পদত পৰিণত কৰা।

গমল (গন্তব্য), গোপন (গুপ্ত), গ্রহণ (গৃহীত)। 

ভোগ (ভোগ্য), সঞ্চয় (সঞ্চিত), বুদ্ধি (বুদ্ধিমত্ত)। 

খ্যাতি (খ্যাত), হত্যা (হত), মুক্তি (মুক্ত)।

দৃষ্টি (দৃষ্ট), ভোজন (ভোজনীয়, ভোজ্য), উদ্বেগ (উদ্বিগ্ন)।

নির্দেশাত্মক প্রত্যয়

৯। নির্দেশাত্মক প্রত্যয় কাক বোলে? উদাহৰণ দিয়া। 

উত্তৰঃ বস্তুবিলাকৰ আকৃতি, প্রকৃতি, লিঙ্গ আদি বুজাবলৈ কিছুমান শব্দ বা শব্দাংশ সেয়া বস্তুৰ পিছত যোগ কৰা হয়। এই শব্দ/শব্দাংশক নির্দেশাত্মক প্রত্যয় বোলে। যেনে, (ক্ষুদ্র বুজাবলৈ) ‘কণ’ খিলা, জন, আদি প্ৰত্যয় যোগ হয়। খেলকণ, পড়াশালীকণ, পাতখিলা, মানুহজন।

প্রশ্ন ১০। তলত দিয়া নির্দেশাত্মক প্রত্যয় যোগেৰে প্ৰতিটোৰ দুটাকৈ উদাহৰণ দিয়া : 

খন, জন, জনা, জনী, খিলা, কোছা, কণ, টা, টো, টাৰি, ডাল, ধাৰি।ad

উত্তৰঃ খন — গাঁওখন, চিঠিখন। 

জন — মানুহজন, দুজন (খেতিয়ক)। 

জনা (উভয়লিঙ্গ) — ডাক্তাৰজনা, মন্ত্ৰীজনা। 

জনী — তিৰোতাজনী, মানুহজনী। 

খিলা — পাতখিলা, কাকতখিলা। 

কোছা — চুলিকোছা, দুকোছা ঘাঁহ।

কণ — কবিতাকণ, লৰাকণ। 

টা — দুটা, কুৰিটা।

টো — কথাটো, সেইটো। 

টাৰি — চুলি টাৰি, ৰচিটাৰি ৷

ডাল — মাৰিডাল, পেঞ্চিলডাল। 

ধাৰি — মণিধাৰি, এধাৰি হাৰ।

‘খ’ – বিভাগ ব্যাকৰণ

ছন্দ

সংজ্ঞা : নিয়মিত লয়যুক্ত আৰু সুপৰিমিত ধ্বনি বিন্যাসেই ছন্দ। তাল ধ্বনি-স্পন্দনৰ জনক, ছন্দ আত্মা। তাল বা লয় সংৰক্ষণৰ বাবে ধ্বনি প্রবাহৰ বিৰাম বা যতি অত্যাৱশ্যক। সেইবাবেই উচ্চাৰিত ধ্বনি প্ৰৱাহৰ স্পন্দনজাত সৌন্দর্যকেই ছন্দ আখ্যা দিয়া হয়। 

ছন্দ প্ৰথমে দুটা ভাগত ভগাব পাৰি : 

(ক) মিলিতান্ত বা মিত্ৰাক্ষৰ আৰু 

(খ) অমিলিতান্ত বা অমিত্রাক্ষৰ ।

যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষ আখৰটোৰ পৰবৰ্তী চৰণৰ শেষ আখৰৰ লগত ধ্বনিগত মিল নাই তাকেই অমিত্রাক্ষৰ বা অমিলিতান্ত বোলে।

কিন্তু যিবোৰ ছন্দৰ চৰণৰ অন্ত্য আখৰটোৰ পৰৱৰ্তী চৰণৰ অন্ত্য আখৰৰ লগত ধ্বনিগত মিল আছে, তাকেই মিত্ৰাক্ষৰ বা মিলিতান্ত ছন্দ বোলে।

  ‘দুখীয়াৰ ভগা পঁজা        একোখনি তীর্থ তাত

                   একোখনি পুণ্যৰ আশ্ৰম ।

     মৰিলে পুনৰ আহি        দুখীয়া দেশতে মোৰ

                     লওঁ যেন পুনৰ জনম ।

১ম চৰণৰ তিনিটা পৰ্ব — (১) ‘দুখীয়াৰ ভগা পঁজা, (২) ‘একোখনি তীর্থ তাত উভয়তে অৰ্ধযতি পৰিছে। (৩) ‘একোখনি পুণ্যৰ আশ্ৰম’—এই পৰ্বৰ শেষত পূৰ্ণযতি পৰিছে। ‘দুখীয়াৰ ….আশ্রম’ এটি চৰণ। তেনেকৈ মৰিলে পুনৰ….. পুনৰ জনম’ আন এটি চৰণ। প্ৰথম চৰণৰ শেষ আখৰৰ লগত পৰৱৰ্তী চৰণৰ অন্ত্য পদৰ ধ্বনিগত মিল আছে, ‘আশ্রম’—’জনম’। গতিকে ই অন্ত্যানুপ্রাস থকা মিলিতান্ত ছন্দ।

কিন্তু যিবোৰ ছন্দত চৰণ অন্ত্য আখৰৰ ধ্বনিগত মিল নাই সেইবোৰেই অমিলিতান্ত বা অমিত্রাক্ষৰ ছন্দ। যেনে—

‘আৱৰ্জনাৰ দ’ম বিলাকৰ কাষে কাষে         ‌‌                    সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে

ৰস নাইকিয়া শুকান একোডোখৰ        ‌         

জাতি-বৰ্ণ বিচাৰ নোহোৱা হাড়’ ;– বৰুৱা

পয়াৰ বা পদ ছন্দ

পয়াৰ ছন্দত প্ৰতি চৰণত চৈধ্যটাকৈ আখৰ থাকে। চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে। প্রথম পর্বত আঠোটা আৰু দ্বিতীয় পৰ্বত ছয়টা আখৰ থাকে। প্ৰথম চৰণৰ দ্বিতীয় পৰ্বৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ ধ্বনিগত মিল আছে।

যথা—

প্রথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন। ক,

সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ।। ক,

তযু নাভি কমলত। ব্ৰহ্ম ভৈলা জাত।। খ,

যুগে যুগে অৱতাৰ ধৰা। (অসংখ্যাত।।খ (কীর্তন)

কেতিয়াবা প্ৰথম চৰণৰ অন্ত্য আখৰ আৰু তৃতীয় চৰণৰ অন্ত্য আখৰ, ২য় চৰণৰ অন্ত্য আখৰ, আৰু চতুৰ্থ চৰণৰ অন্ত্য আখৰৰ মিল থাকে। যেনে,

তুমিয়ে জীৱন বন্তি। ক্ষুদ্ৰ জীৱনৰ, ক,

তোমাৰ কাৰণে বেদী। ৰাখিছোঁ সজাই।। খ,

তাত নাই কাৰো ঠাই। এনেকি প্ৰভুৰ, ক,

নাই কোনো দেৱ-দেৱী। উপাস্য গোঁসাই।। খ–(প্রেমাঞ্জলি) 

কেতিয়াবা স্তৱকৰ ২য় আৰু চতুৰ্থ চৰণৰ শেষ আখৰৰ মিলৰ বাহিৰে প্ৰথম আৰু তৃতীয় চৰণৰ অন্ত্য আখৰৰ মিল নাথাকে। যথা,— 

প্ৰগতিৰ যাত্ৰী আমি। যাওঁ আগুৱাই। ক,           ‌          লক্ষ্যময় জীৱনৰ। প্ৰেম ব’ঠা ধৰি।। খ, 

স্বদেশ প্রীতিৰে আমি। গৰিমা প্ৰচাৰি। ক,

‘অসমী’ক কৰি যাওঁ। বিশ্বত সদৰি।। খ, 

কেতিয়াবা স্তৱকৰ প্ৰথম আৰু চতুৰ্থ চৰণৰ (ক, ক) আৰু দ্বিতীয় আৰু তৃতীয় চৰণৰ (খ, খ) মিল থাকে। যথা—

সৃষ্টিৰ আদিতে যিটো। সত্যৰ প্ৰকাশ।। ক,                  ‌    

তাৰো মাথোঁ প্রতিধ্বনি। বাগৰি বাগৰি ।। খ,

অনন্ত কালৰ সত্য। প্রকাশিত কৰি।।খ,

জড় বা চেতন ৰূপে। কৰিছে বিকাশ।। ক, 

চৈধ্য আখৰীয়া পয়াৰ ছন্দৰ কেতিয়াবা দীর্ঘ বা হ্রস্ব হোৱা দেখা যায়। ১৪টা অক্ষৰৰ ঠাইত ১৫টা বা ১৬টা বা ১৮টা নাইবা কমকৈ ১৩টা অক্ষৰ থাকিব পাৰে। ১৪টা অক্ষৰতকৈ বেছি হ’লে দীর্ঘ পয়াৰ আৰু ১৪টা অক্ষৰতকৈ কম হ’লে হ্ৰস্ব পয়াৰ কোৱা হয়।

ত্রিপদী ছন্দ : এইবিধ ছন্দৰ স্তৱকত দুটাকৈ চৰণ থাকে। প্ৰত্যেক চৰণত আকৌ তিনিটাকৈ পৰ্ব থাকে। দুয়ো চৰণৰ প্ৰথম পৰ্ব দুটাৰ অক্ষৰৰ সংখ্যা সমান ; চৰণৰ তৃতীয় আৰু ষষ্ঠ পৰ্বৰো অক্ষৰৰ সংখ্যা সমান আৰু অন্ত্য আখৰৰ মিল আছে। এনেকৈ তিনিটা পৰ্বৰে চৰণ গঠিত হোৱা কাৰণে এনেবিধ ছন্দক ত্রিপদী ছন্দ বোলে।

ত্ৰিপদী ছন্দক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি। যথা – 

(ক) দুলৰী।

(খ) ছবি। আৰু 

(গ) লেচাৰি।

দুলৰী ( ৬ + ৬ + ৮) : এইবিধ ছন্দত স্তৱকত দুটাকৈ চৰণ আছে। প্রত্যেক চৰণত তিনিটাকৈ পৰ্ব বা পদ আছে। স্তৱকত প্রথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বত আঠোটাকৈ অক্ষৰ থাকে। তৃতীয় আৰু ষষ্ঠ পৰ্বত ছয়টাকৈ অক্ষৰ থাকে আৰু ইহঁতৰ অন্ত্য আখৰৰ ধ্বনিগত মিল আছে। তিনিটা পৰ্ব বা পদেৰে একোটিকৈ চৰণ হয় বাবে এনে ধৰণৰ ছন্দক ত্ৰিপদী ছন্দ কোৱা হয়। 

যথা,—

     ‘পাচে ত্রিনয়ন               দিব্য উপবন

                   দেখিলস্ত বিদ্যমান।

    ফল ফুল ভৰি                জকমক কৰি

                  আছে যত বৃক্ষমান।’—কীর্তন

ছবি (৮ + ৮ + ১০) : প্ৰত্যেক স্তৱকত দুটাকৈ চৰণ থাকে। প্ৰত্যেক চৰণত তিনিটাকৈ পর্ব, বা পদ থাকে। স্তৱকৰ ১ম, ২য়, ৪র্থ আৰু ৫ম পৰ্বৰ প্ৰত্যেকৰে অক্ষৰৰ সংখ্যা আঠোটা। তৃতীয় আৰু ষষ্ঠ পর্বত দহোটাকৈ অক্ষৰ আছে আৰু ইহঁতৰ অন্ত্য আখৰৰ ধ্বনিগত মিল আছে। যথা –           ‌‌         

ভগৱন্ত ভক্তিযুক্ত         পুৰুষৰ আত্মাৰাম

              মাধৱৰ প্ৰসাদে মিলয়।

কৃষ্ণৰ কৃপাতে জানা     গুচয় সংসাৰ বন্ধ

             এহিমানে গীতাৰ নিৰ্ণয়। -নামঘোষা

লেচাৰি (১০ + ১০ + ১৪) : প্রত্যেক স্তৱকত দুটাকে চৰণ আছে। দুয়ো চৰণৰ অন্ত্য আখৰৰ মিল আছে। স্তৱকৰ ১ম, ২য়, ৪র্থ আৰু ৫ম পৰ্বৰ অক্ষৰৰ সংখ্যা দেহ। তৃতীয় আৰু ষষ্ঠ পৰ্বৰ অক্ষৰৰ সংখ্যা চৈধ্য আৰু ইহঁতৰ অন্ত্য আখৰৰ মিল আছে। সৰ্বমুঠ ৩৪টা অক্ষৰ থকা দীঘলীয়া ত্রিপদী ছন্দ।

শ্ৰীমন্ত শঙ্কৰে প্রকাশিলা  গোবিন্দৰ গুণ নাম যশ

          জগতৰ লোকে পৰম আনন্দে গাৱে।

হেনয় শঙ্কৰ গুৰু বিনে   কমন কাৰণে আনজন

           লোকৰ মাজত আপুনি গুৰু বোলাৱে।। — মাধৱদেৱ

ঝুমুৰা (৪ + ৪) : ছন্দৰ ভিতৰত আটাইতকৈ কম সংখ্যক মাত্ৰাৰ ছন্দ। স্তৱকত চাৰিটা চৰণ থাকে। প্রত্যেক চৰণত দুটাকৈ চাৰি মাত্ৰাৰ বা অক্ষৰৰ পৰ্ব থাকে। প্রত্যেক চৰণৰ অন্ত্য আখৰৰ অনুপ্রাস বা মিল আছে। যথা,

“হেন শুনি জাম্বৱও। / ধাইলা মহা’বলৱন্ত ।।

নিচিনা স্বামীক পাছে। / ধৰিলন্ত’ যুদ্ধ কাছে।।”

অমিত্রাক্ষৰ ছন্দ আৰু মুক্তক ছন্দ : পুৰণি অসমীয়াত ছন্দযতিৰ প্ৰাধান্য আছিল বাবে সদায় পৰ্ব আৰু চৰণত যতি পেলাইছিল। ছন্দযতিৰ লগতে অনুপ্ৰাসৰো সৃষ্টি কৰিছিল। সেইবাবে সেইবোৰ ছন্দময়, লয়যুক্ত আৰু শ্ৰুতিমধুৰ গীত প্ৰধান। ছন্দযতিৰ প্ৰাধান্যৰ বাবে কেতিয়াবা ভাবযতিও উপেক্ষা কৰা হৈছিল। যথা,—

“অবিদ্যাজনিত সুখ         সত্য লোক আদি কৰি

              আত নিৰপেক্ষ নিৰন্তৰ ।

কেৱল চিদাঙ্গ শুদ্ধি        কৰণেসে মাত্র জানা

              পুৰুষাৰ্থ মুমুক্ষ জনৰ।।” – নামঘোষা

এনেবোৰে ছন্দত যতিক উপেক্ষা কৰি কেৱল অর্থ বা ভাবযতিক আশ্ৰয় কৰি আবৃত্তি, কৰিব পৰা যায়। সেই বাবেই পর্ব বিভাগো অৰ্থ যতিৰ দ্বাৰা কৰা হয়। আধুনিক অসমীয়া নাট আৰু কবিতাত এইদৰে ভগ্ন অমিত্রাক্ষৰ ছন্দ ব্যৱহাৰ কৰা হয়।

এনে ছন্দ সজ্জাক মুক্তক আখ্যা দিয়া হয়। সাধাৰণতে ছন্দ বুলিলে বুজা সমসংখ্যক মাত্রা থকা পর্ব বা চৰণৰ মিল আদি নীতি বহির্ভূত হব পাৰে। অৰ্থাৎ এইবোৰৰ ক্ষেত্ৰত ই স্বাধীন বা মুক্ত সেই বাবেহে ই মুক্তক ছন্দ। গতিকে সাধাৰণ অৰ্থৰ ছন্দৰ বন্ধনৰপৰা মুক্তি প্ৰকৃততে মুক্তক ছন্দ ।

চৈধ্য শৰীয়া কবিতা — আধুনিক যুগৰ পাশ্চাত্য সাহিত্যৰ প্ৰভাৱত অসমীয়া ভাষাত চৈধ্য শাৰীৰ এইবিধ কবিতা সৃষ্টি হৈছে। সমগ্র কবিতাটো চৈধ্য শাৰীত শেষ কৰা হয় আৰু প্ৰতি শাৰীত চৈধ্যটাকৈ আখৰ থাকে। ছন্দৰ ফালেদি চালে এইবোৰ কবিতাত পয়াৰ ছন্দৰ বৈশিষ্ট্যখিনিকেই লক্ষ্য কৰা যায়। পয়াৰ ছন্দৰ দৰে প্ৰত্যেক চৰণৰ প্ৰথম পৰ্বত আঠোটা আৰু দ্বিতীয় পর্বত ছয়টাকৈ আখৰ থাকে। চৰণবোৰৰ অন্ত্যানুপ্রাস আছে।

ভুল বাক্যত-শুধৰণি

তলত দিয়া বাক্যবোৰ শুদ্ধকৈ লিখা : 

(ক) ছোৱালীজনীয়ে ভাত বনাই আছে।

উঃ ছোৱালীজনীয়ে ভাত ৰান্ধি আছে।

(খ) তোমাৰ কিতাপটো মোক দিবানে?

উঃ তোমাৰ কিতাপখন মোক দিবানে?

(গ) প্রাকৃতিক সৌন্দর্য্যতাই কবিক মুগ্ধ কৰিছে। 

উঃ প্রাকৃতিক সৌন্দৰ্য্যই কবিক মুগ্ধ কৰিছে।

(ঘ) ছোৱালীটোৰ কি বুলি নামকৰণ কৰিলা।

উঃ ছোৱালীজনীৰ কি নামকৰণ কৰিলা?

(ঙ) অনুগ্ৰহ কৰি সভাপতিত্বৰ আসন গ্রহণ কৰকহি? 

উঃ অনুগ্ৰহ কৰি সভাপতিৰ আসন গ্ৰহণ কৰকহি।

(চ) তুমি আজি স্কুল নোযোৱা নেকি?

উঃ তুমি আজি স্কুললৈ নোযোৱা নেকি?

(ছ) তুমি কালি যেনে তেনে যাবা।

উঃ তুমি কালি যেনে তেনে ভাবে নহওঁক যাবা।

(জ) মোৰ বাবে কিতাপ ও কাগজ আনিবা ।

উঃ মোৰ বাবে কিতাপ আৰু কাগজ আনিবা। 

(ঝ) অসমৰ প্ৰাকৃতিক সৌন্দৰ্যতাই কবিক মুগ্ধ কৰিছে।

উঃ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই কবিক মুগ্ধ কৰিছে।

(ঞ) সাধাৰণ মানুহৰ মনত গাওঁবুঢ়াই বৰ ডাঙৰ মানুহ।

উঃ সাধাৰণ মানুহৰ মানত গাওঁবুঢ়াই বৰ ডাঙৰ মানুহ।

(ট) ম‍ই যোৱাকালি বৰপেটালৈ গৈছিলোঁ।

উঃ মই কালি বৰপেটালৈ গৈছিলোঁ।

(ঠ) ল’ৰাটো টোপনি গৈছিল, কিন্তু সিহঁতৰ গোলমালত সি সাৰ পালে। 

উঃ ল’ৰাজনৰ টোপনি আহিছিল ; কিন্তু সিঁহতৰ গণ্ডগোলত সি সাৰ পালে।

(ড) বেছিকৈ জ্বৰ আহিলে এই বড়িটো খুৱাবা। 

উঃ বেছিকৈ জ্বৰ বাঢ়িলে এই বড়িটো খুৱাবা ।

(ণ) মই কাইলৈ গুৱাহাটী যাম।

উঃ মই কালি গুৱাহাটী যাম।

(ণ) ভেঁটফুল ৰাতি ফুটে। 

উঃ ভেঁটফুল ৰাতিত ফুটে।

(ত) মনে কৰাঁ তুমি এজন ৰজা ।

উঃ মনত কৰাঁ তুমি এজন ৰজা। 

(থ) তুমি তাৰপৰা কেতিয়াকৈ আহিলা?

উঃ তুমি তাৰপৰা কেনেকৈ আহিলা ?

(দ) আপুনি সমজুৱা সকলক কথাটো বুজাই দিব।

উঃ আপুনি সমজুৱা সকললোকক কথাটো বুজাই দিয়ক।

সমার্থক শব্দ

সমার্থক শব্দ ব্যাকৰণ ‘ক’ -অংশত চোৱা ।

পুৰণি শব্দৰ আধুনিক ৰূপ

পুৰণি — আধুনিক।

তেৰি — তোমাৰ।

আৰাধে — আৰাধনা কৰা ।

পাৱ — চৰণ।

স্মৰি — স্মৰণ কৰোঁ।

ধেনু — গৰু।

হৰিষ — হৰ্ষ, আনন্দ।

মাধৈ — মাধবীলতা।

লখি লখি — চাই চাই।

খেড়ি — খেলা। 

কিসৰ — কিহৰ ।

বোষ — থং।

সুমৰন্তে — সুৱৰি ।

তাসম্বাক — তেওঁলোকক । 

বিগুটিয়া — ঠাট্টা কৰা।

চৌপৰ — চাৰি প্ৰহৰ।

পাশ — কাষ।

খিণ্ডৱে — খণ্ডন/দূৰ কৰা ।

মৰ্ষনার্থে — মোচনার্থে।

বেহেৰুৱা — বেপাৰী।

মঞি — মই।

আগচি — আগভেটি।

তাৰাই — তেওঁৱেই। 

য়ামিও — আমিও।

দাই — (ধান) কাটি।

হামাৰ — মোৰ, আমাৰ ।

আপুনে — নিজে।

যাহাৰ — যাৰ।

সুমৰণে — স্মৰণে, সোঁৱৰণ কৰা।

কাম্পা — কঁপা।

পামৰ — পাপী।

যুকুত — যুক্ত।

শ্রীফল — বেল।

আসি — আহি।

শুতিয়া — শুই।

হাৰলি — অতি মৰমৰ 

তেজি — ত্যাগ কৰি

পুহাইল —পুৱাল।

তাৱক্ষণে — তেতিয়াই

কটাহ — আৱৰণ, ঢাকনি । 

সেৱালি — সেৱা, প্ৰণাম ।

বাপি — বোপাই ।

আতপাচে — তাৰ পাচত ।

পাচিলে — আদেশ দিলে।

পুছিলে — শুধিলে।

জেঠেৰী — ঘৈণীয়েকৰ ককায়েক।

জাঞ — যাওঁ।

তাৰাৰ — তেওঁতে।

দহো — দেখোন।

বস্ব — দামুৰী।

মাইলো — মাৰিলোঁ। 

প্রাচিত্ত — প্রায়শ্চিত্ত।

জাঙ্গি — চৰাই ধৰা ফান্দ।

আএ — আয়ে।

আখ — আখৰ।

হুই — হৈ।

মহী — চিয়াঁহী।

ৰিচ — স্তুতি।

বৈৰী — শত্ৰু।

খৈল — মৰিল ।

নক্ক — নৰক।

টামন — দুষ্ট।

আওতাই — চাফচিকুণ কৰি।

এচলা — একটা, এডোখৰ। 

তেঞ ― তেওঁ।

মৈলাম — দোৱাত ।

শিৰাও — শিকাও ৷

নুহি — নহয়, নাই।

উপসৰ্গ আৰু অনুসৰ্গ

1. উপসর্গ কাক বোলে? উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ যিবোৰ শব্দই অইন শব্দৰ আগত বহি শব্দটোৰ অৰ্থৰ লৰচৰ ঘটায়, তাক উপসর্গ বোলে। সংস্কৃত ভাষাত উপসর্গ ২০টা। যেনে— প্ৰহাৰ, আহাৰ, পৰিহাৰ, উপহাৰ ইত্যাদি। তলত দিয়া কেইটাক উপসর্গ বোলে।

উদাহৰণ :

প্ৰ — প্ৰহাৰ, প্ৰকাশ। পৰা পৰাক্ৰম, পৰাজয়। 

অপ্ — অপকাৰ, অপহৰণ। 

সম্ — সংযম, সংহাৰ। 

অণু — অনুমান, অনুৰাগ। 

অব্ — অৱকাশ, অৱসৰ। 

নিৰ্‌ — নির্ভুল, নির্দোষ। 

দূৰ — দুৰ্বল, দুৰ্জন। 

অভি — অভিশাপ, অভিনয়। 

বি — বিকাশ, বিবিধ। 

অধি — অধিকৰণ, অধিকাৰ। 

সু — সুচাৰু, সুলভ। 

অতি — অতিক্রম, অতিশয় । 

অপি — অপিৎ, অপিছ। 

নি — নিবাৰণ, নিমাত । 

প্ৰতি — প্রতিকৃতি, প্ৰতিকাৰ ৷ 

পৰি — পৰিভ্ৰমণ, পৰিত্যক্ত। 

উপ — উপহাৰ, উপকাৰ। 

আ — আধাৰ, আহাৰ। 

অসমীয়া উপসৰ্গৰ ভিতৰত উল্লেখযোগ্য হ’ল

অ — অমৰ, অসুখ। 

অন্ — অনিচ্ছা। 

অনা — অনাহূত, অনাতাঁৰ। 

অণু — অণুৰূপ, অনুচ্ছেদ। 

আ — আচৰণ, আজীৱন। 

আও — আওকাণ, আওহেলা। 

এ — এলাহী, এলাগী। 

উপ — উপহাৰ, উপহাস। 

কা — কাপুৰুষ। 

কু — কু-ধ্বনি, কুমতলব। 

নি — নিমাত, নিৱাৰণ। 

প্রতি — প্রতিযোগী, প্রতিধ্বনি। 

বি — বিশাল, বিৰাট। 

বিনা — বিনাশ্রম। 

বদ — বদহজম, বদনাম। 

বে — বেআইনি, বেনজিৰ। 

স — সজাতি, সহপাঠী।

সু — সুকুমাৰ, সুগায়ক ইত্যাদি।

2. অনুসর্গ কাক বোলে? উদাহৰণ যোগেৰে লিখা। 

উত্তৰঃ যি বিলাক শব্দই ক্রিয়া নাইবা অইন কোনো পদৰ ঠিক পাছত বহি তাৰ অর্থ বিশেষভাবে প্রকাশ কৰে। তাকেই অনুসর্গ বা পৰাসর্গ বোলে। যেনে- 

(১) চোন শব্দ যোগত — তুমি কোৱাচোন ।

উদাহৰণ : (১) চাওকচোন।

(২) ৰহিমে (ও) অংকটো কৰিব পাৰে।

(৩) এই কামটো এতিয়া থাকক (দে)।

(৪) আজিয়েই নাহিবা ।

(৫) কিতাপখনই নাই দেখোন।

(৬) তুমি ঘৰলৈকে যোৱা।

(৭) আজি বিয়াৰ নিমন্ত্রণ পোৱা হ’লে ময় গলোহেঁতেন।

(৮) তুমি হ’বলা স্কুললৈ গৈছিলা ?

(৯) তেওঁলোকে ঘৰলৈ আহিব তো? 

(১০) তাতে গলেনো কি লাভ হ’ব?

(১১) শিক্ষকজনে এই কথাষাৰ ক’লে জানোচা ৰামে ভাল পায়।

(১২) সিও তাত যাব নেকি?

(১৩) ৰামৰ পৰাও খৱৰ এটা নাপালো।

বাক্য ৰচনা

প্রশ্ন ১। যথার্থ অর্থ প্রকাশ কৰি বাক্য ৰচনা কৰা।

মূৰে ভৰি কঢ়া (অতপালি কৰা) — ধনৰ অহঙ্কাৰত সি গোঁসাই গুৰু নেমানি মূৰে ভৰি কাঢ়িবলৈ আৰম্ভ কৰিছে।

চকু থাকি খালত পৰা (জানি শুনিও বিপদত পৰা) — অকৃতজ্ঞ মানুহৰ লগত বন্ধুত্ব কৰা আৰু সাপৰ লগত একে ঘৰত বাস কৰাৰ অৰ্থই হৈছে চকু থাকি খালত পৰা।

চকু মুদা কুলি (ভাও ধৰি থকা) — চোৰটোৱে পুলিছৰ আগত চকু মুদা কুলিৰ দৰে আছে।

চকুত বালি মৰা (ফাকি দিয়া, ছলনা কৰা) — পুলিচৰ হাতৰ পৰা চোৰটো চকুত বালি মাৰি পলাল।

চকুৰ কুটা/দাঁতৰ শূল (ঘোৰ শত্ৰু) — অপ্রিয় সত্য কথাবোৰ ৰাইজৰ আগত বেকত কৰি দিয়া কাৰণে ধনীৰাম নেতাসকলৰ চকুৰ কুটা/দাঁতৰ শূল হৈ পৰিল।

হাত এৰি হেতালি খেদা (সূচল হলত এৰি দি পিছত ব্যর্থ চেষ্টা করা) — গোটেই বছৰ যি এদিনলৈকেও পাঠ্যপুথি হাতেৰে নুচুলে, এতিয়া পৰীক্ষাৰ তিনি দিন আগত “Sure Success” খনি লৈ হাত এৰি হেতালি খেদিছে।

মনৰ বাঘে খোৱা (কাল্পনিক ভয়ত ভয়াতুৰ হোৱা) — মাওপিত নোহোৱা মানুহক হাবিৰ বাঘে খোৱাৰ আগতে মনৰ বাঘেহে খায়।

আকোঁৰ গজালি (ধৰা কথা বা কামত নেৰানেপেৰাকৈ লগা) — আকোঁৰ গজালি স্বভাৱৰ মানুহক উপদেশ দি লাভ নাই, সিহঁতে নিজৰ মত কেতিয়াও নেৰে।

আধানার্জি (আধাহানি হোৱা) — দেউতাক ঢুকুৱাৰ পিছতে পুতেকে পৈত্রিক সম্পত্তি আধানার্জি কৰিলে।

চকুত লগা (শুৱনি, ৰূপহ) — আজিকালি গুৱাহাটী নগৰখন চকুত লগা হৈ উঠিছে।

চকু পোৰা (আনৰ ভাল দেখিব নোৱাৰা) — হাজৰিকাই হঠাতে ধনী হোৱা দেখি বহুতৰ চকু পুৰিছে।

চকু গজা (ডাঙৰ বা জকাবুজা হোৱা) — মনিৰ লৰাটিৰ এতিয়া চকু গজিল; তাক আৰু কোনেও ঠগিব নোৱাৰি।

শাল চকুৱা (ভালবেয়া অলপতে চিনিব পৰা) — শাল চকুৱা মেকুৰীটোৰ আগত কোনো বস্তু লুকাই থব নোৱাৰি।

দাঁতে ওঁঠে নলগা (কাজিয়া নলগা) — ইমান দিন একেলগে আছো; তথাপি আমাৰ এতিয়ালৈ দাঁতে ওঁঠে লগা নাই।

হাত লৰ (চোৰ) — হাত লৰ চাকৰটোৰ কাৰণে বস্তু এটা য’তে য’তে থব নোৱাৰি।

হাত দীঘল (ক্ষমতাশালী) — হাত দীঘল লোকে ৰাজহুৱা কামলৈ ভয় নকৰে।

কাণ কটা (লাজ নোহোৱা) — কাণকটা স্বভাৱৰ লৰাই একোতেই লাজ নাপায়।

হাত উঠা (উন্নতি হোৱা) — তেওঁ যি কামত লাগে তাতেই তেওঁৰ হাত উঠে।

হাত পৰা (লোকচান) — এইবাৰ হৰিৰ ব্যৱসায়ত হাত পৰিল ৷

পেট কুলি (পেট কপটীয়া) — পেট কুলি মানুহৰ আগত বিশ্বাসৰ কথা কোৱা অনুচিত।

কাণ-বগৰা (কথা; লোকৰ মুখৰ পৰা শুনা কথা) — কাণ-বগৰা কথাত বৰকৈ পতিয়ন গলে কেতিয়াবা বিপদত পৰিব লাগে।

পানীৰ মিঠৈ (অলীক কল্পনা) — ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হোৱা কথাটো সিদিনালৈ অসমীয়া মানুহৰ মনত পানীৰ মিঠৈ আছিল।

পানীত হাঁহ নচৰা (অতিপাত বিপদ হোৱা) — মানে আহি গোটেই অসমখন পানীত হাঁহ নচৰা কৰিছিল।

ভেৰাকুটি (ধেমালিৰ নিমিত্তে কৰা মিছা ভাও) — ল’ৰাকেইটিয়ে’ কৰা ভেৰাকুটিৰ কাৰণতে তুমি খং কৰা নে?

আকালৰ ভাত (বিপদৰ সহায়) — মোৰ বেমাৰৰ সময়ত তেওঁ দিয়া আকালৰ ভাতৰ দৰে ধনখিনিৰ কথা মই জীৱনত নেপাহৰো।

ডলাৰ বগৰী (বাগৰি ফুৰা) — ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা মানুহৰ কেতিয়াও উন্নতি নহয়।

মনে পতা — “তুমি মোৰ মনে পতা দৰা।”

গা কৰ — হাইজা বেমাৰৰ পিচত সি গা কৰিবই পৰা নাই।

পানী কৰা — হাড়ক কাটি তেজক পানী কৰি কাম কৰাৰ সুফল আহিবই।

হাত পাত — য’তে ত’তে পইচাৰ কাৰণে হাত পাতিলে সম্মান হানি হয়।

সময়ৰ শৰ — সময়ৰ শৰ মাৰিব নেজানিলে শহাপহু খাবলৈ আশা কৰা মিছা।

গা উঠে — বিহু নাচ দেখিলে বুঢ়াৰো গা উঠে।

মূৰ দি উঠ — মোৱামৰীয়াৰ বিদ্রোহ মূৰ দি উঠিছিল ৰাজশক্তিৰ দুৰ্বলতাৰ কাৰণেই।

কাণ থিয় — চিকাৰীৰ শব্দ পাই শহাপহুটোৱে কাণ থিয় কৰিলে।

গাইবাই চোৱা — কোনো কাম কৰিব পৰা নহব বুলি জানিলেও গাই-বাই চোৱা (কিছু পৰিমাণে চেষ্টা কৰা) ৰাইজৰ স্বভাৱ।

গা নচুৱাই ফুৰা — গা নচুৱাই ফুৰা ছোৱালীক সাধুলোক অসৎ বোলে।

বিধি পথালি দিয়া — অসমৰ উন্নয়ন পৰিকল্পনা কার্যকৰী কৰাত প্ৰাকৃতিক দুর্যোগ বাৰুকৈয়ে বিধি পথালি দিয়ে।

টুপাই বুৰ মাৰ — শিহুৱে পানীত টুপাই বুৰ মাৰে।

শহাকণীয়া — গুপ্তচৰবিলাক সদায় শহাকণীয়া হয়।

চকুচৰহা — চকুচৰহা লোক আনৰ উন্নতি দেখি ভাল নাপায়।

কপাল ফুটা — কপাল ফুটা মানুহক বিপদে পিচে পিচে খেদে।

অনুৰূপ শব্দ

প্রশ্ন ১। অনুৰূপ শব্দ কাক বোলে? উদাহৰণ দিয়া। কেইটামান অনুৰূপ শব্দৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা।

উত্তৰ। কিছুমান শব্দত মূল শব্দৰ অৰ্থত যোৰ দিবৰ বাবে মূল শব্দৰ নিচিনা কিছুমান অর্থহীন শব্দ যোগ কৰা হয়। সেই শব্দবোৰক অনুৰূপ শব্দ বোলে; যেনে—মাছ-তাচ, চাউল-তাউল, খোৱা-বোৱা, কথা-বতৰা, ওখ-পাখ, কাপোৰকানি, কিবা-কিবি, খেতি-বাতি, শাক-পাত আদি।

অনুৰূপ শব্দৰ বাক্য ৰচনা

কথা-বতৰা চলা — ল’ৰা আৰু ছোৱালীৰ দেউতাকে বিয়াৰ কথা বতৰা চলাই আছিল।

খবৰ-বাতৰি — ল’ৰা-ছোৱালী হঁতৰ খবৰ-বাতৰি নাপালে মাক দেউতাকৰ বৰ চিন্তা হয়।

হেতা-ওপৰা — মাছ কিনাৰ বাবে গ্ৰাহক সকলৰ মাজত হেতা-ওপৰা লাগিছিল।

টনা-আজোৰা — এখন কিতাপ লৈ দুয়ো ভনীয়েকৰ টনা-আজোৰা লাগিছিল।

যুৰীয়া শব্দ

প্রশ্ন ১। যুৰীয়া শব্দ কাক বোলে? কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা।

উত্তৰঃ অসমীয়া ভাষাত কিছুমান শব্দ যোৰা-যোৰাকৈ ব্যৱহাৰ কৰা হয়। এইবোৰ শব্দযুগ্মকে যুৰীয়া শব্দ বোলে। যেনে — গতিবিধি, বেলি-ঘড়ী, কুলি-কেতেকী, ঢাৰি-পাটী, দীঘল-চুটি, চন্দ্র-সূর্য, যন্ত্র-পাতি, দিন-ৰাতি, দেশ-বিদেশ, বৰঘৰ-মালঘৰ, দুই-চাৰি, যুদ্ধ-বিগ্ৰহ, লৰী-মটৰ, গৰু-গাড়ী, মাছে-মঙহে, নাযায়-নুপুৱায়৷

ওপৰত দিয়া যুৰীয়া শব্দবোৰেৰে তলত বাক্য ৰচনা কৰি-দেখুৱা হ’ল।

গতি-বিধি — আগৰ দিনত প্ৰাকৃতিক কাৰ্যসমূহৰ গতি-বিধি লক্ষ্য কৰি সময়ৰ ভাগ কৰা হৈছিল।

বেলি-ঘড়ী — বেলি ফুল সূৰ্য যি ফালে ঘূৰে সেই ফালেই ঘূৰে বাবে ইয়াক বেলি ঘড়ীও বোলে।

কুলি-কেতেকী — কুলি-কেতেকী আদিৰ আবিৰ্ভাৱেও একোটা সময়ৰ ভাগৰ বা ঋতুৰ সম্ভেদ্ দিয়ে।

ঢাৰি-পাটী — পাৰই ৰুণ দিলে বা কুকুৰাই ডাক দিলে ৰাতি পুৱাল বুজি মানুহে ঢাৰি-পাটী এৰে।

দীঘল-চুটি — সময় নির্ণায়ক যন্ত্র আবিষ্কাৰৰ আগেয়ে মানুহে নিজৰ ছাঁটো দীঘল চুটি লক্ষ্য কৰি সময়ৰ অনুমান কৰিছিল।

চন্দ্ৰ- সূৰ্য — চন্দ্ৰ-সূৰ্যৰ গতিলৈ লক্ষ্য কৰি দিন-মাহ আদি সময়ৰ ভাগবোৰৰ নির্ণয় হৈছিল।

যন্ত্ৰ-পাতি — ঘড়ীৰ দৰে সময়ৰ জোখ লোৱা যন্ত্র আবিষ্কাৰ হলেও সময়ৰ জোখ লোৱা প্ৰকৃত যন্ত্ৰ-পাতি হৈছে অতিবাহিত হোৱা সময়ছোৱাত কৰি তোলা কাম।

দিন-ৰাতি — মানুহৰ এক কল্প বা এহেজাৰ যুগত ব্ৰহ্মাৰ এটা দিন-ৰাতি হয়।

দেশ-বিদেশ — বিজ্ঞানে আবিষ্কাৰ কৰা যান-বাহনৰ দ্বাৰা মানুহে দেশ-বিদেশ ভ্ৰমণ কৰিব পৰা হ’ল।

বৰঘৰ-মালঘৰ — বিজ্ঞানে দিয়া সুবিধাৰে মানুহে দেশ-বিদেশকো বৰঘৰ-মালঘৰৰ দৰে বগাই ফুৰিছে।

দুই-চাৰি — নিৰ্দিষ্ট কাম সুচাৰুৰূপে কৰাৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুই-চাৰি মিনিট হলেও আগতে উপস্থিত হব লাগে।

যুদ্ধ-বিগ্ৰহ — যুদ্ধ-বিগ্ৰহৰ সময়ত সময়ৰ মূল্য অতিকৈ বেছি হৈ উঠে।

লৰী-মটৰ — ঘণ্টাত দুই মাইল অতিক্রম কৰা গৰু-গাড়ীতকৈ ঘণ্টাত ৪০-৬০ মাইল অতিক্ৰম কৰিব পৰা লৰী-মটৰৰ মূল্য অধিক।

গৰু-গাড়ী — মন্থৰ গতিৰ গৰু-গাড়ী দীঘলীয়া বাট ভ্ৰমণৰ উপযোগী বাহন নহয়।

মাছে-মঙহে — ভোক গুচাৰ পিছত মাছে-মঙহে এগাল খালেও ৰুচিবোধ নহয়।

নাযায়-নুপুৱায় — এলেহুৱা লোকৰ বাবে দিনটোৰ সময় কোনোমতে নাযায়-নুপুৱায়।

পুৰণি শব্দৰ আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ

পুৰণি — আধুনিক।

তেৰি — তোমাৰ।

আৰাধে — আৰাধনা কৰা।

পাৱ — চৰণ।

স্মৰি — স্মৰণ কৰোঁ।

ধেনু — গৰু ।

হৰিষ — হৰ্ষ, আনন্দ।

মাধৈ — মাধবীলতা।

লখি লখি — চাই চাই।

খেড়ি — খেলা

কিসৰ — কিহৰ।

ৰোষ — খং ।

সুমৰন্তে — সুৱৰি।

তাসম্বাক — তেওঁলোকক।

বিগুটিয়া — ঠাট্টা কৰা।

চৌপৰ — চাৰি প্ৰহৰ।

পাশ — কাষ।

খিণ্ডৱে — খণ্ডন/দূৰ কৰা।

মর্যনার্থে — মোচনার্থে।

বেহেৰুৱা — বেপাৰী।

মঞি — মই।

আগচি — আগভেটি।

তাৰাই — তেওঁৱেই।

য়ামিও — আমিও।

দাই — (ধান) কাটি।

হামাৰ — মোৰ, আমাৰ।

আপুনে — নিজে।

যাহাৰ — যাৰ।

সুমরণে — স্মৰণে, সোঁৱৰণ কৰা।

কাম্পা — কঁপা।

পামৰ — পাপী।

যুকুত — যুক্ত।

শ্রীফল — বেল।

আসি — আহি।

শুতিয়া — শুই।

হাৰলি — অতি মৰমৰ।

তেজি — ত্যাগ কৰি

পুহাইল — পুৱাল।

তাৱক্ষণে — তেতিয়াই।

কটাই — আৱৰণ, ঢাকনি।

সেৱালি — সেৱা, প্ৰণাম।

বাপি — বোপাই।

আতপাচে — তাৰ পাচত।

পাচিলে — আদেশ দিলে।

পুছিলে — শুধিলে ।

জেঠেৰী — ঘৈণীয়েকৰ ককায়েক!

জাঞ — যাওঁ।

তৰাৰ — তেওঁতে।

দহো — দেখোন।

বস্ব — দামুৰী।

মাইলো — মাৰিলোঁ।

প্রাচিত্ত — প্রায়শ্চিত্ত।

জাঙ্গি — চৰাই ধৰা ফান্দ।

আএ — আয়ে।

আখ — আখৰ।

হুই — হৈ।

মহী — চিয়াঁহী।

ৰিচ — স্তুতি।

বৈৰী — শত্রু।

খৈল — মৰিল ৷

নক্ক — নৰক।

টামন — দুষ্ট।

আওতাই — চাফচিকুণ কৰি।

এচলা — একটা, এডোখৰ।

তেঞ — তেওঁ।

মৈলাম — দোৱাত।

শিৰাও — শিকাও।

নুহি — নহয়, নাই।

বিপৰীত লিংগবাচক শব্দ

প্রশ্ন ১। তলৰ শব্দবোৰৰ লিংগ পৰিবর্তন করা।

খুড়ী, আইতা, বাইদেউ, আই, পিতাই, ককাই, শহু, ননন, জোঁৱাই।

উত্তৰঃ পুংলিঙ্গ – শ্রীলিঙ্গ

খুড়া – খুড়ী।

ককা – আইতা।

ভিনিহি – বাইদেউ।

পিতা – আই।

শহুৰ – শাহু।

দেৱৰ – ননন্দ।

ককাই – বৌ।

জোৱাই – জী।

ৰাজা – ৰাণী, ৰাজ্ঞী।

পুত্ৰ – কন্যা, পুত্ৰী।

স্বামী – ভার্যা।

বালক – বালিকা।

সুন্দৰ – সুন্দৰী।

মহাশয় – মহাশয়া।

নন্দন – নন্দিনী।

তনয় – তনয়া।

সুলক্ষণ – সুলক্ষণা।

দেৱ – দেৱী।

গুণৱান – গুণৱতী।

কুমাৰ – কুমাৰী।

সিংহ – সিংহী।

সাধু – সাধবী।

Leave a Reply