Class-9 Assamese Question Answer| Chapter-9| ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য

Class-9 Assamese Question Answer| Chapter-9| ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Answer| Chapter-9| ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Answer| Chapter-9| ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Answer| Chapter-9| ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাব বিষয়ক :

অতি চমু উত্তৰ দিয়াঃ

(ক) প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল?

উত্তৰঃ প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল, তেওঁলোকক আদিম অধিবাসী বোলা হৈছিল।

(খ) বুদ্ধদেৱৰ আচল নাম কি?

উত্তৰঃ বুদ্ধদেৱৰ আচল নাম সিদ্ধার্থ গৌতম আৰু শাক্যসিংহ।

(গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন?

উত্তৰঃ মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা হ’ল ব্যাস।

(ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? 

উত্তৰঃ কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ’ল কনিষ্ক

(ঙ) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ জৈন ধৰ্মৰ প্ৰৱৰ্তক হ’ল মহাবীৰ। তেওঁৰ প্ৰকৃত নাম বৰ্দ্ধমান।

২। কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা। 

উত্তৰঃ ভৌগোলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম ভাষা, আচাৰ-ব্যৱহাৰ, কলা-সংস্কৃতি আদি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি।

৩। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্র্যপূর্ণ বুলি কোৱা হৈছে লিখা। 

উত্তৰঃ ভাৰতবৰ্ষৰ চাৰিসীমা অজস্র বৈচিত্র্যৰে পৰিপূৰ্ণ। ইয়াৰ এফালে যিদৰে ওখ ওখ পর্বতমালা আছে, আনফালে আছে আকৌ সুগভীৰ সাগৰ মহাসাগৰ। বিস্তীর্ণ সমতলভূমি যিদৰে আছে, সেইদৰে মালভূমিও আছে। এফালে আছে শাৰী শাৰী দ্বীপমালা আৰু আনফালে আছে হ্রদ-জলাশয়। গ্রীষ্মৰ তীব্ৰতাই যিদৰে দহি নিয়ে শীতৰ কঠোৰতায়ো ভাৰতবৰ্ষৰ এছোৱা চেঁচা কৰি ৰাখে। মৌচুমীৰ তাণ্ডৱে যিদৰে জনজীৱন বিপন্ন কৰি তোলে সেইদৰে ভাৰতৰ বহু অঞ্চল মৰুভূমিৰ শুষ্কতাই উত্তপ্ত কৰি ৰাখে । সেয়ে পাঠটোত ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্র্যপূর্ণ বুলি কোৱা হৈছে।

8। আৰ্যসকল ভাৰতলৈ অহাৰ পাছতো পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা৷

উত্তৰঃ  ভাৰতবৰ্ষ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি। প্রাচীন কালৰেপৰাই আদিম অধিবাসীসকলৰ উপৰি দ্ৰাবিড়, অষ্ট্ৰিক, মংগোলীয় আৰু আৰ্যসকলে ভাৰতত বসবাস কৰি আহিছে। আৰ্যসকলৰ পাছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষলৈ অহা মানুহৰ সোঁত বন্ধ হোৱা নাছিল। আৰ্যসকল অহাৰ বহু বছৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্রবল পৰাক্ৰমী জাতিয়ে ৰাজনৈতিক উদ্দেশ্যেৰে ভাৰতলৈ আহি বসবাস কৰিবলৈ লয়। ৰাজ্য স্থাপন কৰি স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা এই জাতিসমূহ হৈছে– শক, কুশান, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি।

৫। ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা। 

উত্তৰঃ ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। ভৌগোলিক অৱস্থানত যিদৰে বৈচিত্র্য বিৰাজমান, একেদৰে খাদ্য প্ৰকৰণতো আছে বৈচিত্র্য। পূব, পশ্চিম, উত্তৰ, দক্ষিণ— এই চাৰিও দিশে থকা মানুহৰ খাদ্য প্ৰকৰণ একে নহয়৷ পূব ভাৰত আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতৰ মানুহৰ ৰুটিহে প্রধান খাদ্য। আকৌ, পূব ভাৰতৰ সকলো লোকেই মাছ-মাংস খায় যদিও উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ-মাংস নচলে।

৬। ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ জলবায়ু আৰু সাংস্কৃতিক ভিন্নতা অনুযায়ী ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মানুহৰ সাজপাৰো বেলেগ বেলেগ। পুৰুষ আৰু মহিলাৰ সাজপাৰৰ ভিন্নতা স্বাভাৱিকতেই থাকে। কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত পুৰুষৰ সাজপাৰৰ মাজতো পার্থক্য আছে। যেনে, পূব ভাৰতৰ মতা মানুহে পোেদ্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লোকে পোন্ধ নামাৰি লুঙীৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত আকৌ পুৰুষে পায়জামা পিন্ধি বেছি ভাল পায়। সাম্প্ৰতিক সময়ত পুৰুষ সমাজৰ মাজত জনপ্ৰিয় হৈ পৰিছে লংপেণ্ট। মহিলাৰ ক্ষেত্ৰতো অঞ্চল বিশেষে ভিন্নতা দেখা যায়। ভাৰতীয় তিৰোতাৰ প্রধান সাজ হৈছে শাৰী, কিন্তু অসমত মহিলাৰ মাজত মেখেলা-চাদৰৰ প্ৰচলন অধিক। উত্তৰ ভাৰতৰ মহিলাসকলে আকৌ বেছিকৈ পৰিধান কৰে চুড়িদাৰ, পায়জামা আদি সম্প্ৰতি ভাৰতবৰ্ষত পাশ্চাত্যৰ বিভিন্ন ধৰণৰ সাজ-পোচাকৰ বহল প্ৰচলন পৰিলক্ষিত হৈছে।

৭। আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া। 

উত্তৰঃ আৰ্যসকল ভাৰতলৈ অহাৰ পিছত কেইবাটাও পৰাক্ৰমী জাতি ভাৰতবৰ্ষলৈ আহে ৷ সেইসকলৰ ভিতৰত শক, হুন, পাঠান, মোগল আদি উল্লেখযোগ্য।

শক: এটা যাযাবৰ জাতি। পোনতে এওঁলোকে অক্ষু নদীৰ পাৰত বাস কৰিছিল৷ পিছত ইউ চি জাতিয়ে যাযাবৰী অভ্যাস এৰি গৃহস্থ বৃত্তি গ্ৰহণ কৰে। এই জাতিটো পিছত পাঁচটা শাখাত বিভক্ত হয়। সেই সকলৰ ভিতৰত কুশান সৰ্বশ্ৰেষ্ঠ জাতি।

ইংৰাজ: ইংৰাজসকল ষষ্ঠদশ শতিকাত ভাৰতলৈ আহে। সম্রাট জাহাংগীৰৰ দিনত মহাৰাণী ভিক্ট’ৰিয়াৰ অনুমতি লৈ এওঁলোকে ভাৰতত ঔপনিৱেশৰ উদ্দেশ্যে প্রবেশ কৰে৷ পাছত ইংৰাজসকলে বাণিজ্যিক দিশত উদ্‌গতি লাভ কৰি ভাৰতৰ ৰাজনৈতিক ক্ষেত্রখনো দখল কৰিবলৈ চেষ্টা চলায়।

৮।“যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্র্য আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নির্মাণ কৰি দিছে।” – এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।

উত্তৰঃভাৰতবৰ্ষত ঘাইকৈ ভাষা, ধৰ্ম আৰু আঞ্চলিক পার্থক্য থকা পৰিলক্ষিত হয়। কিছু আমোদজনক কথাটো হ’ল যে এই দিশকেইটাই আকৌ স্থান-কাল-পৰিৱেশভেদে দেশবাসীৰ মাজত ঐকাৰ সেতুও নিৰ্মাণ কৰিছে। উদাহৰণস্বৰূপে; অসমত বিভিন্ন ধৰ্মৰ মানুহে বাস কৰে। হিন্দু, ইছলাম, খ্ৰীষ্টান, জৈন আদি বিভিন্ন ধর্মাবলম্বী মানুহে কিন্তু অসমত এক পৰিচয় বহন কৰি বাসিন্দা হৈ আছে। এই ক্ষেত্ৰত ঐক্যৰ সেঁতু নিৰ্মাণ কৰিছে ভাষাই। ভিন্ন ধৰ্মৰ মানুহৰ অসমত এটাই ভাষা– অসমীয়া, তেওঁলোক অসমীয়াভাষী হিচাপে পৰিচিত। আকৌ, ধর্মই ঐঐক্যৰ সাঁকো গঢ়াৰ নিদর্শনো ভাৰতবৰ্ষত আছে। যেনে– উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ হিন্দু মানুহৰ সাজপাৰ, খাদ্যাভাস বেলেগ হ’লেও ধর্মীয় বান্ধোনে তেওঁলোকৰ মনলৈ বিভেদ অহাত বাধা দিয়ে। তেওঁলোক ভাৰতবৰ্ষৰ একে হিন্দুধর্মী লোক। আনহাতে, ধর্মপ্রাণ ব্যক্তি এজনে ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ ধৰ্মানুষ্ঠান এখনলৈ গৈ তালৈ অহা অন্যান্য ধৰ্মৰ মানুহৰ মাজত মিল অনুভৱ কৰে কিয়নো সৃষ্টিকর্তা একেজনেই। ভক্তি ভাব সকলো ধৰ্মৰ মানুহৰ মনত একেদৰেই বৈ থাকে। তেওঁলোকৰ বাবে এক ভাৰতীয়ৰ সংহতি গঢ়ি দিয়ে ভক্তি ভাবে। তদুপৰি উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ আচাৰ-নীতি বেলেগ বেলেগ হ’লেও এক হিন্দু হিচাপে উভয়ে পৰিচয় দিয়ে। তেনেদৰে বিভিন্ন ধর্মানুষ্ঠান, উৎসৱ আদিত যোগ দিও ভাৰতীয়সকলে এক ভাৰতীয়ৰ সংহতি গঢ়িব পাৰিছে। এই ক্ষেত্ৰত প্রাচীন ধর্মগ্রন্থসমূহেও একেটা চিন্তাৰে ভাৰতীয়ৰ মনত সংহতিৰ জন্ম দিছে।

৯। “ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি।’—এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা।

উত্তৰঃ ভাৰতবৰ্ষ বৈচিত্র্যময় ভূমি। বছৰষ্ঠী সুতাৰে গঁথা এখন ৰঙীন দলিচা। কিন্তু ঐক্যই যেন পদে পদে ভাৰতবৰ্ষৰ লগ নেৰে। প্ৰাচীন ঐতিহ্যৰে পৰিপূৰ্ণ এই দেশখনত এনে অলেখ উপাদান আছে, যিবোৰে ভাৰতীয়সকলক এক কৰি ৰাখিছে। এই উপাদানবোৰৰ ভিতৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি উল্লেখনীয়। কবিতা, সংগীত, চিত্রবিদ্যা,স্থাপত্য আৰু ভাস্কর্যকে একেলগে সুকুমাৰ কলা বুলি কোৱা হয়। সুকুমাৰ কলাৰ অন্তৰ্গত এই আটাইকেইটা উপাদানৰ মাজত নিহিত হৈ আছে ভাৰতীয় দৰ্শন। ভাৰতীয় সংগীতত শুনিবলৈ পোৱা যায় প্রাচীন ঋষি-মুনিসকলৰ স্বৰ। ভাৰতীয় স্থাপত্য কলাত বিভিন্ন গোষ্ঠীৰ শৈল্পিক নিদৰ্শন দৃষ্টিগোচৰ হয়। ক’ৰবাত যদি মোগল শৈলী ক’ৰবাত আকৌ দ্রাবিড়ী শৈলী। ইপিনে সমগ্ৰ অসম ভৰি আছে আহোমৰ স্থাপত্যকলাৰে৷ আকৌ অজস্তা, ইলোৰাৰ স্থাপত্যত আছে বৌদ্ধ সংস্কৃতিৰ নিদৰ্শন । ভিন ভিন ভাষা-ধৰ্মৰ নিদৰ্শনেৰে পৰিপুষ্ট সুকুমাৰ কলা কিন্তু বিশ্বত এক ভাৰতীয় কলা হিচাপেহে পৰিচিত। কিয়নো সকলোতে নিমজ্জিত হৈ আছে ভাৰতীয় দৰ্শন | যিটো উপাদানে ভাৰতবৰ্ষত ঐক্যৰ ভেটি আটাইতকৈ বেছি সুদৃঢ় কৰিছে সি হৈছে ভাৰতীয় সংস্কৃতি। বর্ণাঢ্য ভাৰতৰ সংস্কৃতিয়ে ভাৰতবাসীকে নহয়, যুগে যুগে বিশ্ববাসীকো চমক খুৱাই আহিছে। বিভিন্ন সাংস্কৃতিক উৎসৱ, ৰাষ্ট্ৰীয় দিৱস উদ্যাপন আদিত জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলোৰে অংশগ্রহণে এক সম্মিলিত ভাবৰ জন্ম দিয়ে। স্বাধীনতা দিৱস, গণৰাজ্য দিৱসৰ লগতে হোলী, দেৱালী, খ্ৰীষ্টমাছ, ঈদ উদ্‌যাপন ধৰ্ম বিশেষে সীমাবদ্ধ হৈ থকা নাই, সম্প্ৰতি এইবোৰ হৈ পৰিছে ভাৰতীয় সংস্কৃতি। সংস্কৃতিৰ অংগ হিচাপেই ই সকলোৰে মাজত উলহ-মালহেৰে উদ্‌যাপিত হয়। সেয়ে ক’ব পাৰি ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ অনবদ্য বৰঙণি আছে।

১০। “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।”— তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ বিভিন্নতাৰে পৰিপূৰ্ণ ভাৰতবৰ্ষক যিটো উপাদানে আটাইতকৈ বেছি সমৃদ্ধ কৰি তুলিছে,সিয়েই হৈছে ভাৰতীয় সংস্কৃতি। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে বিশাল আৰু গভীৰ ৷ নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, তেনেদৰে ভাৰতীয় সংস্কৃতিকো বিভিন্ন জাতি-উপজাতিৰ ভাষা-সংস্কৃতিয়ে বিশালতা দান কৰিছে। আর্য, অনার্য, মংগোলীয়, দ্রাবিড়, গ্রীক, শক, হন আদি বিভিন্ন জাতি-উপজাতিৰ এটা সময়ত ভাৰতলৈ প্ৰব্ৰজন ঘটিছিল। এই জাতি-উপজাতিবোৰ আছিল স্বকীয় সংস্কৃতিৰে সমৃদ্ধ। ইয়াৰ উপৰি নিজ নিজ সংস্কৃতি লৈ আহিছিল আফগান, পাঠান, মোগল, ব্ৰিটিছ আদি বিদেশী জাতিসকলে। এই আটাইবোৰ জাতিয়ে নিজস্ব . সংস্কৃতিবোৰ ধৰি নাৰাখি সমন্বয়ৰ বাবে মেলি দিলে। ফলত বৰ্ণাঢ্যতা লাভ কৰি ভাৰতীয় সংস্কৃতিয়ে সাগৰৰ দৰে বিশাল ৰূপ লাভ কৰিবলৈ সক্ষম হ’ল। ভাৰতবৰ্ষৰ বৈচিত্র্যময় প্রকৃতি আৰু পূৰ্বৰে পৰা চলি অহা সাংস্কৃতিক প্ৰবাহৰ সংস্পৰ্শত এয়া সম্ভৱ হৈছে।

ভাৰতীয় সংস্কৃতিত সমন্বয় কেনেদৰে হৈছে তাৰ বহুতো উদাহৰণ পোৱা যায়। যেনে— বিভিন্ন দেৱ-দেৱীৰ পূজা সম্পর্কে যি প্ৰচলিত নিয়ম আছে, তাৰ বেছিভাগেই দ্ৰাবিড়সকলৰ প্ৰভাৱ বুলি ক’ব পাৰি। তেনেদৰে, মৃতকক সৎকাৰ কৰা, লিংগ পূজা আদি অনাৰ্য যুগৰ অৱদান। তদুপৰি, কামাখ্যা দেৱীও আদিতে অনার্য দেৱী আছিল। চুফীবাদ আৰু উপনিষদৰ মাজত যি মিল দেখা যায়, তাৰ মূলতে হ’ল ইছলাম আৰু ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ প্ৰভাৱ পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ‘ফ্রম ভল্গা টু গংগা’ নামৰ গ্ৰন্থত এই সম্পর্কে বিশেষ তথ্য পোৱা যায়। হিন্দুস্থানী সংগীতত যি উচ্চাংগ দেখা যায় তাত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিলক্ষিত হয়। ভাৰতীয় ভাস্কর্য কলাৰ কাৰুকাৰ্যত ইণ্ডো-ছাৰাছেনিক ৰীতি মন কৰিব লগীয়া। তাজমহল, ফটেহপুৰ ছিক্ৰি আদিৰ শিল্পকলাত ইয়াৰ উদাহৰণ পোৱা যায়। উল্লেখনীয় যে চাহজাহানৰ সমাধিৰ পদুম ফুল আৰু কলহৰ চিত্ৰ আদিয়ে সমন্বয়ৰ কথাকে সোঁৱৰাই দিয়ে।

তেনেদৰে অজস্তা, ইলোৰাৰ ছবিবোৰে বৌদ্ধ সংস্কৃতিৰ কিছু নিদর্শন দাঙি ধৰে। ভাৰতীয় বৈষ্ণৱ ভক্তিবাদৰ আড়ম্বৰহীনতা সুদূৰ পাৰস্যৰ পৰা অহা ইছলাম ধৰ্মাৱলম্বী আউলীয়াসকলৰ ভক্তিধৰ্মৰ প্ৰভাৱৰ ফল বুলি ক’ব পাৰি।

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে ভাৰতীয় সংস্কৃতি এক সংমিশ্রিত সংস্কৃতি। ভাৰতীয় সংস্কৃতিৰ কোঁহে কোঁহে সমন্বয়ৰ ভাবাধাৰা বিদ্যমান।

নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

১১। চমু উত্তৰ লিখা

(ক) কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ।

উত্তৰঃ নগা, বড়ো, মিছিং, কাৰ্বি, গাৰো আদি লোক মংগোলীয় গোষ্ঠীৰ ।

(খ) সুকুমাৰ কলা কোনবিলাক?

উত্তৰঃ কবিতা, চিত্রবিদ্যা, সংগীত, চিত্রকলা, ভাস্কর্য, স্থাপত্য আদি।

(গ) কি কি গ্ৰন্থই প্রাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গঢ়াত সহয় কৰিছে?

উত্তৰঃ বেদ, উপনিষদ, গীতা, ভাগৱত, ৰামায়ণ, মহাভাৰত আদি।

১২। কি কি পার্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে?

 উত্তৰঃ জাতি, ধর্ম, ভাষা, আহাৰ, সাজ-পাৰ, ভৌগোলিক গাঁথনি আদিৰ পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে।

১৩। উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বর্ণনা দিয়া।

উত্তৰঃ উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ, পায়জামা পৰিধান কৰে৷

১৪। চমুটোকা লিখা :

(ক) সুকুমাৰ কলা  (গ) কুশান  (ঘ) ব্যাস 

(খ) সংগীত  (ঙ) মক্কা  (চ) বশিষ্ঠ

(ক) সুকুমাৰ কলা : সুকুমাৰ কলা হ’ল চৌষষ্ঠি কলাৰ ভিতৰত অন্যতম। কবিতা, চিত্র, সংগীত, ভাস্কর্য, স্থাপত্য চিত্রবিদ্যা আদি সুকুমাৰ কলাৰ ভিতৰত পৰে।

(খ) সংগীত : গীত, বাদ্য আৰু নৃত্যৰ সমলয়ক সংগীত বোলে। ই সুকুমাৰ কলাৰ অন্তৰ্গত।

(গ) কুশান: কুশান হ’ল এটা বংশ। কুশান বংশৰ শ্ৰেষ্ঠ ৰজা হ’ল কণিষ্ক। ইউ চি জাতি এটাৰ পাঁচটা শাখাৰ ভিতৰত কুশান বংশও এটা।

(ঘ) ব্যাস: ব্যাস হ’ল প্রাচীন ভাৰতৰ এজন মুনি। এওঁ শাস্ত্রজ্ঞ ঋষি আছিল। বেদ, পুৰাণ, মহাভাৰত আদি বিখ্যাত ধর্মীয় গ্রন্থসমূহ ব্যাসদেৱে ৰচনা কৰিছিল। 

(ঙ) মক্কা : মক্কা হ’ল আৰৱৰ ৰাজধানী। ই এখন প্রাচীন চহৰ। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম এই নগৰতেই হৈছিল।

(চ) বশিষ্ঠ ঃ বশিষ্ঠ এজন মুনি। এওঁক ব্ৰহ্মাৰ মানস পুত্ৰ বুলি কোৱা হয়। এইজনা ঋষি মন্ত্ৰদ্ৰষ্টা আছিল৷ তপস্যাৰ বলত ক্ষত্রিয় কুলৰ পৰা এওঁ ব্ৰাহ্মণত্ব লাভ কৰে৷ পিছলৈ এওঁ ৰাজর্ষি হৈছিল।

১৫। “ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূর্ণ দেশ”। — কথাষাৰ বহলাই লিখা।

উত্তৰঃ  পৃথিৱীৰ বহুতো দেশতকৈ ভাৰতৰ ঐতিহ্য অতি প্রাচীন। অতীত কালৰে পৰা ভাৰত আদৰ্শাত্মক আৰু সুসভ্য। কেইবাহাজাৰ বছৰ আগেয়ে যেতিয়া বহুতো দেশ অজ্ঞান আন্ধাৰত বুৰ গৈ আছিল, তেতিয়া ভাৰত জ্ঞান-বিজ্ঞান, সাহিত্য, দর্শন, সুকুমাৰ কলা আদি দিশত উন্নত আছিল, এই দেশৰ দৰ্শন, ভাষা, সংস্কৃতিয়ে দেশখনক বিশ্বৰ ভিতৰত মহীয়ান কৰি তুলিছে। বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত ভাৰতবৰ্ষ এখন বৈচিত্র্যময় দেশ।

১৬। তোমাৰ দৈনন্দিন খাদ্যসম্ভাৰত বাহিৰৰ কোন কোন মানৱজাতিৰ খাদ্যাভ্যাস পোৱা যায় চমুকৈ লিখা।

উত্তৰঃ আমাৰ দৈনন্দিন খাদ্য সম্ভাৰত বাহিৰৰ মানৱ জাতিৰ খাদ্যসম্ভাৰ পোৱা যায়। তাৰ ভিতৰত প্ৰথমতেইনাম ল’ব লাগিব অসমীয়া জাতিৰ পৰিচয় নিহিত হৈ থকা তামোল পাণ’ৰ। অসমীয়া জাতিলৈ এই অৱদান হৈছে অষ্ট্ৰিকসকলৰ। দৈনন্দিন জীৱনত আমি সততে ব্যৱহাৰ কৰি থকা বিস্কুট, কেক, ব্রেড, কফি, ফাষ্ট ফুডৰ কেইবাবিধো সামগ্ৰী অসমীয়া জীৱনলৈ ব্ৰিটিছসকলৰ অৱদান।

ভাষা বিষয়ক :

১৭। তলৰ শব্দবোৰৰ সন্ধি ভাঙা :

 অনুষ্ঠান: জনাকীর্ণ; স্বাধীন; জন্মাষ্টমী

উত্তৰঃ    অনুষ্ঠান  : অনু+থান

           জনাকীর্ণ   : জন + আকীর্ণ

             স্বাধীন     : স্ব+অধীন

           জন্মাষ্টমী   : জন্ম + অষ্টমী

১৮। তলৰ শব্দবোৰৰ প্ৰত্যয় নির্ণয় কৰা :শাৰীৰিক; সামাজিক; সুকীয়া, ভৌগোলকি; ফুলনি; ভাৰতীয়; ফুলাম; অবিনাশী; বাল্মীকি।

উত্তৰঃ

শাৰীৰিক  :  শৰীৰ + ঈক

সামাজিক   :সমাজ + ইক

সুকীয়া        :  সুক ঈয়া

ভৌগোলকি   : ভূগোল + ইক্

ফুলনি    :    ফুল +অনি

ভাৰতীয় : ভাৰত + ঈ + অ

ফুলাম     : ফুল+ আম 

অবিনাশী  : অবিনাশ + ঈ

১৯। প্রত্যেকৰে এটা বা দুটাকৈ সমার্থক শব্দ লিখা : হেতু; পৃথিৱী; গ্ৰন্থ; মাতা।

উত্তৰঃ :  

  হেতু  ―উদ্দেশ্যে, কাৰণে

  পৃথিৱী ― ধৰণী, ধৰিত্ৰী

  গ্ৰন্থ  ― পুথি, কিতাপ

   মাতা ― মাতৃ, জননী

২০। বিপৰীত শব্দ লিখা।পার্থক্য; ত্যাগ; বৈচিত্র্য; প্রাচীন।

উত্তৰঃ

পার্থক্য : সাদৃশ্য

ত্যাগ    : গ্রহণ

বৈচিত্র্য : ঐক্য

প্রাচীন  : নবীন

Leave a Reply