Class-9 Assamese Question Answer| Chapter-7| সময়

Class-9 Assamese Question Answer| Chapter-7| সময় The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Answer| Chapter-7| সময় and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Answer| Chapter-7| সময়

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Answer| Chapter-7| সময় Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক প্রশ্নোত্তৰ

১।চমু উত্তৰ দিয়াঃ

(ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?

 উত্তৰঃ সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি৷

(খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? 

উত্তৰঃ কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় ।

(গ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি?

 উত্তৰঃ সময়ৰ ডাঙৰ ভাগবোৰ হ’ল – যুগ, কল্প আৰু শতাব্দী।

(ঘ) সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়?

 উত্তৰঃ সময়ৰ সৰু ভাগবিলাকৰ ভগ্নাংশই হৈছে দণ্ড, পল, অনুপল আদি।

(ঙ) সময় কি গতিত ঘুৰে?

 উত্তৰঃ সময় বৃত্তাকাৰ গতিত ঘুৰে।

২। তাৎপর্য ব্যাখ্যা কৰাঃ

(ক) এলেহুৱাৰ দিন নাযায় নুপুৱায়৷

উঃ লিখকে সময়ৰ সদ্ব্যৱহাৰ আৰু ইয়াৰ মূল্যায়নৰ দিশটোৰ কথা ক’বলৈ গৈ উক্ত কথাষাৰ উল্লেখ কৰিছে। সময় গতিশীল। ই কাৰো বাবে ৰৈ নাথাকে। কৰ্মী মানুহে কেতিয়া সময় পাৰ হৈ যায় গমেই নাপায় ৷ চকুৰ পচাৰতে দিনটো গুচি যায়। সেয়ে হয়তো কোৱা হৈছে মানুহৰ এবছৰ দেৱতাৰ বাবে এদিন। কিন্তু এলেহুৱা লোকৰ বাবে দিনটো কোনোমতে যেন নাযায় নুপুৱায়। এই ক্ষেত্ৰত এলেহুৱাবোৰৰ আয়ুস কম বুলি কোৱা হয় । তেওঁলোক সকলো ক্ষেত্ৰতে বিফল হ’ব লগীয়া হয়। এলেহুৱা লোকৰ মনত এটা দিন এবছৰ যেন লাগে। কিন্তু মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্ৰহ্মাৰ বাবে মাত্ৰ এদিন বা এৰাতি বুলি কোৱা হৈছে। সৃষ্টিৰ অব্যাহতি ৰাখিবলৈ ব্ৰহ্মাই বিৰাট কর্মক্ষেত্র পাতিব লগীয়া হৈছিল। ইয়াৰ জৰিয়তে কৰ্মী লোকৰ কথা অৱতাৰণা কৰা হৈছে। কৰ্মী লোকৰ সময়ো ব্ৰহ্মাৰ দৰে বিৰাট কর্মক্ষেত্র।

(খ) মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন।

উত্তৰ: সময়ৰ যিমানেই ভাগ কৰা নহওক আচলতে কৰ্মৰ জৰিয়তেহে প্ৰকৃত সময় নিৰূপণ

কৰা হয়৷ এজন মানুহে যদি ১০০ বছৰ কাল জীয়াই থাকিও জীৱনত একো সফল কাম কৰিব নোৱাৰে, তেন্তে তেওঁৰ সেই ১০০ বছৰ জীয়াই থকাৰ কোনো চিন-চাবেই নাথাকে। তেনেদৰে, আন এজন মানুহে যদি ২০ বছৰতে ১০০ বছৰীয়া মানুহ এজনৰ জীৱনজুৰি কৰা কামৰ সমানে কৰে, তেন্তে দ্বিতীয় মানুহজনৰ আয়ুসৰ মূল্যও এশ বছৰীয়া মানুহজনৰ সমানেই হ’ব। এলেহুৱা লোকৰ দিনটো নাযায় নুপুৱায়। আকৌ, কর্মব্যস্ত লোকৰ বাবে দিনটো চকুৰ পচাৰতে পাৰ হৈ যায়। সেয়েহে, কোৱা হয় মানুহৰ এহাজাৰ যুগ ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি।

(গ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।

উত্তৰঃ সময়ৰ যিমানেই ভাগ কৰা নহওক আচলতে কৰ্মৰ জৰিয়তেহে প্ৰকৃত সময় নির্ণয় কৰা হয়। এজন মানুহে যদি ১০০ বছৰ কাল জীয়াই থাকিও জীৱনত একো কামত সফল হ’ব নোৱাৰে, তেন্তে তেওঁৰ সেই ১০০ বছৰ কালৰ কোনো চিনেই নাথাকে ৷ আকৌ কোনো এজন মানুহে ২০ বছৰ থাকিও বহু কাম কৰিব পাৰে, কাৰণ কৰ্মইহে মানুহৰ প্ৰকৃত আয়ুস নিৰ্দ্ধাৰণ কৰে৷ কৰ্মক্ষেত্ৰত সময়ৰ অলপ ইফাল-সিফাল হ’লেই আউল লাগে ৷ দিগ্বিজয়ী নেপোলিয়নে পাঁচ মিনিট সময় পলম কৰা বাবে ৱাটাৰ্ল যুদ্ধত পৰাজয় বৰণ কৰিব লগীয়া হৈছিল। শৰাইঘাটৰ যুদ্ধত গড়ৰ কামত অৱহেলা কৰাৰ বাবে মোমায়েকে লাচিতৰ হাতত মূৰ দিব লগা হৈছিল৷ সেইদৰে পৰীক্ষাৰ আগত নপঢ়ি বহু ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা গৃহত কলম কামুৰি বহি থাকিব লগীয় অবস্থাও হয়। প্রশ্নকাকত পিটিকি সময় ব্যয় কৰিলে ভাল ফল পাব নোৱাৰি।জেঠৰ খৰত কঠীয়া সিঁচিলে ভাল ফল নধৰে ৷ ৰোগীক উপযুক্ত সময়ত চিকিৎসা নকৰিলে, পিছত ধন ভাগিও ব্যর্থ হ’ব লগীয়া হয়।

গতিকে, ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে সময়ৰ মূলা বুজি তাৰ সদ্‌ব্যৱহাৰ কৰিলেহে প্ৰকৃততে সময়ে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে আমি ঘড়ীৰ দ্বাৰা সময়ৰ মূল্য নিৰূপণ কৰিব নোৱাৰোঁ। কাৰণ, ঘড়ীৰ কাঁইটকেইডালে মানুহৰ কৰ্মজীৱন নিৰ্ণয় নকৰে।

৩। পাঠটিৰ লিখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া৷ 

উত্তৰঃ  নীলমণি ফুকনে সাহিত্য জগতত প্ৰৱেশ কৰে ভাটি বয়সতহে৷ তেওঁ একেধাৰে

কবি, সাহিত্যিক আৰু এজন সুবক্তাও আছিল। ১৯৩১ চনত তেওঁ যোৰহাটৰ পৰা প্ৰকাশ পোৱা সাপ্তাহিক বাতৰি কাকত এখন সম্পাদনা কৰে। ইয়াৰ পাছত ‘ নিক বাতৰি’ আৰু ‘ন-জোন’নামৰ এখন শিশু আলোচনী সম্পাদনা কৰিছিল। তেখেতৰ মৌলিক পুথিসমূহ দ্বিতীয় মহাযুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা প্ৰকাশ পাবলৈ ধৰে। 

গদ্য বা প্রবন্ধ পুথি : গদ্য বা প্ৰবন্ধ পুথিৰ ভিতৰত ‘চিন্তামণি’ (১৯৩৯) আৰু ‘সাহিত্য কলা’ (১৯৪২) উল্লেখনীয়।

কবিতা পুথি : ‘মানসী’, ‘গুটিমালি’, ‘জিঞ্জিৰি’, ‘সন্ধানী’, ‘অমিত্রা’, ‘আহুতি’, ‘শতধাৰা’, ‘মৰডালৰ কুঁহিপাত’ আৰু ‘মানস প্রতিমা হৈছে ফুকনদেৱৰ দ্বাৰা ৰচিত উল্লেখনীয় কবিতা পুথি।

ফুকনদেৱৰ কবিতাত অতীন্দ্রিয়বাদ (Mysterism)ৰ প্ৰাধান্য দেখা যায়। ৰহস্য সদ্ধানী কবিয়ে ক্ষুদ্ৰৰ মাজত বিৰাটক, প্রাকৃতিক সৌন্দৰ্যৰ মাজত চিৰসুন্দৰৰ ৰূপ দেখিবলৈ পায়। ইয়াত সুন্দৰৰ প্ৰতিফলন ঘটিছে এই কবিগৰাকীৰ ‘মানসী’ আৰু ‘সন্ধানী’ (বিশেষকৈ) নামৰ কবিতা পুথি দুখনৰ মাজত। ফুকনদেৱৰ দুই এটি কবিতাত স্বদেশপ্ৰেম আৰু গ্ৰাম্য জীৱনৰ সৰলতাৰ প্ৰতিচ্ছবিও দেখিবলৈ পোৱা যায়।

8। চাৰিটা-পাঁচটা বাক্যত উত্তৰ দিয়া :

(ক) প্রাকৃতিক জগত বুলিলে কাক বুজায় ?

উত্তৰঃ প্রাকৃতিক জগত বুলিলে আকাশ, বায়ু,পানী, গছ-গছনি, চৰাই-চিৰিকটি,সাগৰ, মহাসাগৰ আদিকে বুজা যায় । চন্দ্ৰ, সূৰ্য, ৰ’দ, বতাহ, বৰষুণ এই সকলোবোৰেই প্রাকৃতিক উপাদান। প্ৰকৃতিৰ এই উপাদানবোৰৰ নৈমিত্তিক কাম-কাজৰ দ্বাৰাও আদিতে সময় নিৰূপণ কৰিছিল।

(খ) কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?

উত্তৰঃ  একো একোটা বিশেষ ঘটনা বা মানুহৰ কার্যকলাপ অৱলম্বন কৰি সময়ক ভাগ কৰিব পাৰি। যেনে – শংকৰদেৱৰ জন্মৰ তাৰিখৰ পৰা আৰম্ভ হৈছে শংকৰাব্দ। তেনেকৈ হজৰত মহম্মদ মক্কাৰ পৰা মদিনালৈ পলাই যোৱাৰ পিছৰ পৰা হিজৰি চন আৰম্ভ হৈছে ইত্যাদি। সময়ৰ ডাঙৰ ভাগবোৰক কোৱা হয় – যুগ, কল্প, শতাব্দী আদি ৷ সৰু ভাগবোৰক কোৱা হয় ঋতু, বছৰ, মাহ, দিন আদি ।

(গ) লক্ষণাক্রান্ত মানে কি?

উত্তৰঃ সময়ৰ ভাগবিলাক কিছুমান লক্ষণযুক্ত। পৃথিৱীৰ প্ৰায়ভাগ সমাজতে কিছুমান ধর্ম, মহাপুৰুষ, বিশেষ ঘটনা আদিৰ প্ৰভাৱ লক্ষ্য কৰিয়েই সময়ক বিভক্ত কৰে। যেনে – হিন্দুধৰ্মৰ কল্কি অৱতাৰৰ পাছত সত্য যুগ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মিলেনিয়াম (হাজাৰ বছৰ) বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব আদি ঘটনাৱলীয়েই একো একোটা যুগৰ লক্ষণ । তেনেদৰে, অসমত শংকৰদেৱৰ সময়খিনিক ‘শংকৰী যুগ’, অসমীয়া সাহিত্যৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সময়খিনিক ‘বেজবৰুৱাৰ যুগ’, ব্ৰিটিছৰ শাসনৰ কালছোৱাক ভাৰত বুৰঞ্জীত ‘ব্ৰিটিছ যুগ’ আখ্যা দিয়া হৈছে। তেনেদৰেই সৃষ্টি হৈছে – শকাব্দ, হিজী, চৈতন্যাব্দ আদি। বিভিন্ন লক্ষণৰ ওপৰত ভিত্তি কৰি সময় বিভাজিত হোৱাৰ বাবে লক্ষণাক্রান্ত বুলি কোৱা হৈছে।

(ঘ) বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পর্কে অৱগত হৈছিল?

উত্তৰঃ পূৰ্বতে মানুহে দুই প্রকাৰে সময় সম্পর্কে ধাৰণা কৰিব পাৰিছিল – প্ৰকৃতিৰ গতিবিধি চাই আৰু জীৱ-জন্তুৰ আচৰণ চাই ।

প্ৰকৃতিৰ গতিবিধি চাই : সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্রকৃতিও সলনি হয়। শীতৰ শেষত বসন্ত ঋতু আহে ৷ গছে কুঁহিপাত মেলিলে, আমে মলিয়ালে, কুলিয়ে কুউ কুউ কৰিলে আৰু কপৌফুল ফুলিলে বসন্ত কাল অহা বুলি ধৰা হয়। তেনেকৈ বাঁহে গঁজালি মেলিলে, কঁঠালে মুচি পেলালেও বসন্ত কালৰ আগমনৰ কথা জানিব পাৰি । আকৌ শেৱালি ফুলিলে, নিয়ৰ পৰিলে শীতৰ আগমনৰ কথা জানিব পাৰি । জীৱ-জন্তুৰ আচৰণ চাই : ঋতু পৰিৱৰ্তনৰ লগে লগে কিছুমান জীৱ-জন্তুৰ আচৰণ বিধিও সলনি হয়। বাৰিষা আহিলে পথাৰত শামুক ওলায়, কেকোৰা ওলায়, মাছে কণী পাৰে, ভেকুলীয়ে টোব্ টোৰায়৷ তেনেদৰে, এন্দুৰ গাঁতত সোমালে, কেঁচু গাঁতত সোমালে শীত পৰা বুলি জানিব পাৰি। আকৌ পাৰই ৰুণ দিলে, ফেঁচাই কুৰুলি দিলে, ৰাতি প্ৰহৰৰ কথা জানিব পাৰি। কুকুৰাই ডাক দিলে, ফেঁচুৱে জালি দিলে ৰাতি পুওৱাৰ হোৱাৰ উমান পাব পাৰি। এনেদৰে বিজ্ঞানৰ আৱিষ্কাৰৰ আগেয়ে অর্থাৎ ঘড়ী নোহোৱাকৈও মানুহে সময়ৰ উমান পাব পাৰিছিল ৷

নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

৫।তলৰ প্ৰশ্নকেইটাৰ অন্তর্নিহিত ভাব বিশ্লেষণ কৰা

(ক) সময়ৰ এই ভাগবিলাক ভাব বিশেষ বিশেষ লক্ষণাক্রান্ত। 

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱে লিখা ‘সময়’নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। প্রকৃত সময় নিৰূপণ ঘড়ীৰ দ্বাৰা নকৰি কামৰ হিচাপেৰেহে কৰিব লাগে। এনে অৰ্থতেই কথাষাৰ ব্যৱহৃত হৈছে। ঘড়ী হ’ল বিজ্ঞানৰ এক অভূতপূর্ব সৃষ্টি। ঘড়ী মানুহে নিজৰ কামৰ সুবিধাৰ বাবেহে উলিয়াইছে। আচলতে ই প্রকৃত সময়ৰ মূল্য নিৰূপণ কৰিব নোৱাৰে। যান্ত্রিক বিজুতি ঘটিলে ঘড়ী বন্ধ হৈ যাব কিন্তু সময় ৰৈ নাথাকে। ৰাতি-দিন-বছৰ বাগৰি সময় পাৰ হৈ যাব। কৰ্মৰ জৰিয়তেহে এজন মানুহৰ গুণ নিৰূপণ কৰিব পাৰি। কামেহে মানুহৰ জীৱনৰ নিৰ্দিষ্ট সময়খিনিকো যুগ যুগ বছৰলৈ ৰূপান্তৰ

কৰিব পাৰে। কোনোবা মানুহে ২০/২৫ বছৰীয়া জীৱন কালতে সৎ কাম কৰি পৃথিৱীত অমৰ হৈ ৰ’ব পাৰে আৰু আন কোনোৱে হয়তো ১০০ বছৰ জীয়াই থাকিলেও পৃথিৱীৰ পৰা তেওঁৰ নাম নিঃচিহ্ন হৈ যাব পাৰে। এলেহুৱা মানুহৰ বাবে এদিন সময়টোৱেই এবছৰ যেন লাগে, আকৌ কর্মব্যস্ত লোকৰ বাবে চকুৰ পচাৰতে দিনটো গুচি যায়। সেয়েহে কোৱা হয় মানুহৰ এহেজাৰ যুগ ব্ৰহ্মাৰ এদিন আছিল। মুঠতে সময় অমূল্য ধন। ইয়াক ঘড়ীৰ কাঁইটৰ লগত তুলনা কৰিব যোৱাটো মূৰ্খামিৰ বাহিৰে আন একো নহয়। ভাল কামেৰেহে সময়ৰ গতিবিধি নিৰূপিত হয়।

(খ) সময়ৰ টিকনিডাল হেনো আগফালে।

উঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ ককা নীলমণি ফুকনদেৱে লিখা ‘সময়’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ জৰিয়তে লেখকে সময়ৰ সৎ ব্যৱহাৰৰ কথা ক’ব বিচাৰিছে৷ মানুহৰ মূৰৰ চুলিখিনি বান্ধি ৰাখিলে তাক টিকনি বুলি কোৱা হয় আৰু এই টিকনিডাল সাধাৰণতে পিছফালে থাকে। টিকনিত ধৰি টানি দিলে মানুহজন পিছফালে হালি যায়। অর্থাৎ মানুহজনৰ সন্মুখলৈ যোৱা গতিত বাধা পৰে। কিন্তু প্রচলিত ফকৰা যোজনাটোত সময়ৰ টিকনিডাল সদায় আগফালে থাকে অর্থাৎ ইয়াক টানিলেও পিছলৈ হালি ই ৰৈ নাযায়, বৰং বেছি জোৰেৰে আগুৱাবহে। কথাষাৰৰ দ্বাৰা স্পষ্ট হৈ উঠিছে যে সময় নৈৰ সোঁতৰ দৰে গতিশীল। নৈৰ সোঁত যিদৰে উভতি নবয় ঠিক তেনেদৰে সময়েও কাৰো বাবে মৰয় বা উভতি নাচায়৷ কেৱল মানুহে নিজৰ সুবিধাৰ বাবেহে সময়ক কিছুমান অংশত ভাগ কৰি লৈছে। যেনে— যুগ, কল্প, শতাব্দী, বছৰ, ঋতু, মাহ, দিন, ঘণ্টা, পল, অনুপল আদি। সময় আগে আগে দৌৰে। ইয়াক লগ ধৰাটো বৰ কঠিন। সেয়েহে কেতিয়াবা মানুহে এক মিনিট সময় পলম হোৱা বাবে ৰে’লখন ধৰিব নোৱাৰে। সময়ৰ লগত ফেৰ মাৰিবলৈ হ’লে নির্দিষ্ট সময়ৰ আগেয়ে আমি কাম সম্পন্ন কৰিব লাগিব। কাৰণ, সময় সদায় এক নিৰ্দিষ্ট চক্ৰাকাৰ গতিত ঘূৰি আছে। ঘড়ী বন্ধ হ’লেও সময় ৰৈ নাযায়। পৃথিৱী ঘূৰিয়েই থাকিব। দিন-ৰাতি হৈয়েই থাকিব। সেয়েহে, সময়ৰ টিকনিডাল আগফালে বুলি কোৱা হয়।

(গ) সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই ৷

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱে লিখা ‘সময়’নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। প্রকৃত সময় নিৰূপণ ঘড়ীৰ দ্বাৰা নকৰি কামৰ হিচাপেৰেহে কৰিব লাগে। এনে অৰ্থতেই কথাষাৰ ব্যৱহৃত হৈছে। ঘড়ী হ’ল বিজ্ঞানৰ এক অভূতপূর্ব সৃষ্টি। ঘড়ী মানুহে নিজৰ কামৰ সুবিধাৰ বাবেহে উলিয়াইছে। আচলতে ই প্রকৃত সময়ৰ মূল্য নিৰূপণ কৰিব নোৱাৰে। যান্ত্রিক বিজুতি ঘটিলে ঘড়ী বন্ধ হৈ যাব কিন্তু সময় ৰৈ নাথাকে। ৰাতি-দিন-বছৰ বাগৰি সময় পাৰ হৈ যাব। কৰ্মৰ জৰিয়তেহে এজন মানুহৰ গুণ নিৰূপণ কৰিব পাৰি। কামেহে মানুহৰ জীৱনৰ নিৰ্দিষ্ট সময়খিনিকো যুগ যুগ বছৰলৈ ৰূপান্তৰ

কৰিব পাৰে। কোনোবা মানুহে ২০/২৫ বছৰীয়া জীৱন কালতে সৎ কাম কৰি পৃথিৱীত অমৰ হৈ ৰ’ব পাৰে আৰু আন কোনোৱে হয়তো ১০০ বছৰ জীয়াই থাকিলেও পৃথিৱীৰ পৰা তেওঁৰ নাম নিঃচিহ্ন হৈ যাব পাৰে। এলেহুৱা মানুহৰ বাবে এদিন সময়টোৱেই এবছৰ যেন লাগে, আকৌ কর্মব্যস্ত লোকৰ বাবে চকুৰ পচাৰতে দিনটো গুচি যায়। সেয়েহে কোৱা হয় মানুহৰ এহেজাৰ যুগ ব্ৰহ্মাৰ এদিন আছিল। মুঠতে সময় অমূল্য ধন। ইয়াক ঘড়ীৰ কাঁইটৰ লগত তুলনা কৰিব যোৱাটো মূৰ্খামিৰ বাহিৰে আন একো নহয়। ভাল কামেৰেহে সময়ৰ গতিবিধি নিৰূপিত হয়।

(ঘ) সময় অমূল্য ধন বোলা কথাষাৰ সঁচা।

উত্তৰঃ লিখকে ইয়াৰ মাজেৰে সময়ৰ সদ্ব্যৱহাৰৰ কথা কৈছে। সময় পাখি লগা কাঁড়ৰ দৰে গতিশীল। ই কাৰো বাবে ৰৈ নাথাকে। আচলতে সময়ক মূল্যৰে কিনিব নোৱাৰি বা ধৰি ৰাখিব নোৱাৰি। সময়ৰ যথোপযুক্ত ব্যৱহাৰ যিয়ে জানে তেওঁহে জীৱনত সকলো কামতে সফল হ’ব পাৰে। উদাহৰণস্বৰূপে; ঘনাই মাকো মাৰা এগৰাকী শিপিনীয়ে দিনটোত বহুখিনি আৰু ধন কুবেৰ এজনে এক মিনিটতে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে। কিন্তু সময়ৰ মোল বুজি নোপোৱা মানুহে তেনে কাম কৰিব নোৱাৰে। এজন পৰীক্ষাৰ্থীয়ে তিনি ঘণ্টাতে এশ নম্বৰৰ উত্তৰ কৰিব; কিন্তু সময়ৰ মোল বুজি নোপোৱাজনে কলম কামুৰি থাকোঁতে সময় অতিবাহিত হয়৷ গতিকে ক’ব পাৰি যে ‘সময় অমূল্য ধন’ সেই কথা বুজাজনেহে জীৱনত উন্নতি কৰিব পাৰে।

৬।“প্রাকৃতিৰ জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়”– প্রাকৃতিক জগতৰ গতি-বিধিবোৰ কি কি? কেনেকৈ এই গতি-বিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি?

উত্তৰঃ বিজ্ঞানৰ আৱিষ্কাৰ নোহোৱালৈকে ঘড়ী অর্থাৎ সময় নিৰূপক যন্ত্ৰৰো উদ্ভাৱন হোৱা নাছিল৷ সেই সময়ত মানুহে প্রাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিহে সময় নিৰূপণ কৰিছিল৷ সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্রকৃতিও সলনি হয়। শীতৰ শেষত বসস্ত ঋতু আহে। গছে কুঁহিপাত মেলিলে, আমে মলিয়ালে, কুলিয়ে কুউ কুউ কৰিলে আৰু কপৌফুল ফুলিলে বসস্ত অহা বুলি ধৰা । তেনেকৈ বাঁহে গঁজালি মেলিলে, কঁঠালে মুচি পেলালেও বসন্ত কালৰ আগমনৰ কথা জানিব পাৰি। আকৌ শেৱালি ফুলিলে, নিয়ঁৰ পৰিলে শীতৰ আগমনৰ কথা জানিব পাৰি।

আকৌ, ঋতু পৰিৱৰ্তনৰ লগে লগে কিছুমান জীৱ-জন্তৰ আচৰণ বিধিও সলনি হয়। বাৰিষা আহিলে পথাৰত শামুক ওলায়, কেকোৰা ওলায়, মাছে কণী পাৰে, ভেকুলীয়ে টোৰ্ টোৰায়৷ তেনেদৰে, এন্দুৰ গাঁতত সোমালে, কেঁচু গাঁতত সোমালে শীত পৰা বুলি জানিব পাৰি। আকৌ পাৰই কল দিলে, ফেঁচাই কুকলি দিলে, বাড়ি প্ৰহৰৰ কথা জানিব পাৰি। কুকুৰাই ডাক দিলে, ফেঁচুৱে জালি দিলে ৰাতি পোহৰ হোৱাৰ উমান পাব পাৰি।

৭। “নিয়মানুবর্তিতা আৰু সময়ৰ সদব্যৱহাৰ’— ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা।

উত্তৰঃ নিয়মানুবর্তিতা আৰু সময়ৰ সদব্যৱহাৰ মানৱ জীৱনৰ দুটা কৰ্তব্য নিষ্ঠাবান দিশ । দুয়োটাৰে মূল্য অপৰিসীম।

নিয়মানুবর্তিতা নাথাকিলে অযথা সময় নষ্ট হয়। নিয়মানুবর্তিতা বজাই ৰাখি দৈনন্দিন কাম কৰিলে সময় নষ্ট নহয় আৰু মত আউল নালাগে। ছাত্ৰাৱস্থাত বা কর্ম জীৱনত নিয়মানুৱৰ্তিতাৰ অতি প্রয়োজন। তেনেদৰে সময়ৰ সদ্‌ব্যৱহাৰো এক উচিত কাম। আমি অযথা সময় নষ্ট নকৰি সৎ কামত সময় কটাব লাগে। কাৰণ সময়ে কেতিয়াও কাৰো বাবে ৰৈ নাথাকে। ৱাটাৰ্ল যুদ্ধত পাঁচ মিনিট সময় নষ্ট কৰা বাবে দিগ্বিজয়ী নেপোলিয়নে পৰাজয় বৰণ কৰিব লগীয়া হৈছিল। গতিকে আমি অবাবত সময় নষ্ট নকৰি সদৃকামত সময় দিলে জীৱনত সফলতা লাভ কৰিব পাৰিম৷

ভাষা বিষয়ক :

ভাব সম্প্ৰসাৰণ কৰা :

(ক) আইৰো বাৰ্তা গংগাৰো যাত্ৰা ৷

উত্তৰঃ উক্ত কথাষাৰ অসমীয়া সমাজত অতি প্রাচীন কালৰে পৰা চলি অহা এষাৰ লোকবচন।

ইয়াৰ মাজেৰে একেলগে দুটা কাম সিদ্ধি হোৱাৰ কথা কৈছে৷ ছোৱালী বিয়া দিয়াৰ পাছত মাকৰ ঘৰলৈ যাবলৈ বৰ হেঁপাহ কৰে। গতিকে মাকৰ ঘৰলৈ যাওঁতে যদি একে ৰাস্তাতে গংগা নদী পায়, তেন্তে তাতো এবাৰ স্নান কৰি অহাৰ সুবিধা পায় ৷ এবাৰতে দুয়োটা কাম সিদ্ধি হয় ৷ তেনেদৰে সমাজ জীৱনতো একেটা অৱস্থাতে দুটা কাম সিদ্ধি হ’লে সুবিধা অধিক পোৱা যায়। এই কথাকে ইয়াৰ মাজেৰে ক’বলৈ বিচৰা হৈছে।

(খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰঃ এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনো এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্ৰচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বোৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়। কিন্তু গোটেই ৰাইজ মিলি যদি কামটো আৰম্ভ কৰা হয়, নৈ এখন বোৱাই নিয়াটো একো টান কাম নহয় ৷ ৰাইজৰ নখৰ আগৰ এটোপা এটোপা পানীৰে নৈ বোৱাব পৰাৰ দৰে, এপইচা, দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্রতিষ্ঠান গঢ়াৰ দৰে মহৎ কার্যও অনায়াসে সম্পাদন কৰিব পাৰি ৷

গতিকে, উক্ত বাক্যটিৰে সন্মিলিত শক্তিৰ মহত্ব তথা ক্ষমতাৰ কথাকেই আঙুলিয়াইদিয়া হৈছে ৷

(গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।

উত্তৰঃ উক্ত কথাফাকি ককা নীলমণি ফুকনদেৱৰ দ্বাৰা ৰচিত ‘সময়’ নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে।

সময়ৰ সদব্যৱহাৰৰ প্ৰসংগত লেখকে কথাষাৰ ব্যক্ত কৰিছে।

সময় অমূল্য ধন। ই গতিশীল। এবাৰ পাৰ হৈ যোৱা সময়ক পুনৰাই ঘূৰাই পাব নোৱাৰি।

শৰ হ’ল এবিধ পহু। ইয়াৰ মঙহ বৰ সোৱাদযুক্ত। চিকাৰীয়ে শৰ নিক্ষেপ কবি ইয়াক বধ কৰে। কিন্তু শৰ বধ কৰা বৰ কঠিন কাম ৷ কাৰণ, ই বৰ চঞ্চল আৰু শব্দ শুনা মাত্রেই দৌৰ মাৰে। তথাপি, চিকাৰীয়ে তাৰ পিছ নেৰে। লক্ষ্যভেদৰ উপযুক্ত সময়ত যদি শৰ নিক্ষেপ কৰা হয়, তেন্তে শৰ বধ হোৱাটো নিশ্চিত আৰু যদি সেই নির্দিষ্ট সময়ত শৰ বা কাঁড় এৰি দিয়া নহয়, তেতিয়া হ’লে লক্ষ্যভ্রষ্ট হয়। তেনে ক্ষেত্ৰত শৰ পহুৰ মঙহ খাবলৈ পোৱাৰ আশা নাথাকে। অর্থাৎ সকলো কাম উপযুক্ত সময়ত নকৰিলে কোনো ফল পোৱা নাযায়। নেপোলিয়নে পাঁচ মিনিট সময় পলম কৰা বাবে ৱাটাৰ্ল যুদ্ধত পৰাজিত হ’ব লগীয়া হৈছিল। কেতিয়াবা এক মিনিট সময় পলম কৰা বাবে আমি যিকোনো গাড়ী এখন লগ ধৰিব নোৱাৰিলে পাছত গোটেই দিনটো আন গাড়ীৰ বাবে পাং পাতি ৰৈ থাি লগীয়া হয়৷ মুঠতে উপযুক্ত সময়ত কাম সম্পন্ন নকৰিলে কেতিয়াও সুফল পোৱা নাযায়।

৯৷ সন্ধি ভাঙা :

শকাব্দ, খ্ৰীষ্টাব্দ, শংকৰাব্দ, চৈতন্যাব্দ, লক্ষণাক্রান্ত, কল্পান্তৰ, কৰায়ত্ত, মনস্তাপ।

উত্তৰঃ

      শব্দ                    সন্ধি

      শকাব্দ               : শক +অব্দ

     খ্ৰীষ্টাব্দ।               : খ্ৰীষ্ট+ অব্দ

     শংকৰাব্দ            : শংকৰ + অব্দ

     চৈতন্যাব্দ            : চৈতন্য + অব্দ

      লক্ষণাক্রান্ত        : লক্ষণ + আক্রান্ত

      কল্পান্তৰ             : কল্পনা + অন্তৰ

      কৰায়ত্ত             : কৰ + আয়ত্ত

       মনস্তাপ            : মনঃ + তাপ

১০। পাঠটিত থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা ৷

উত্তৰঃ

 দিন-ৰাতি : মানুহজনে দিন-ৰাতি নোহোৱাকৈ পথাৰত কাম কৰিছে।

যুদ্ধ-বিগ্রহঃ যুদ্ধ-বিগ্রহে দেশলৈ অশান্তি আনে।

দীঘল-চুটি : ঋতু পৰিৱৰ্তনৰ লগে লগে দিন দীঘল-চুটিহয়।

নাযায়-নুপুৱায়: এলেহুৱাৰ বাবে দিনটো নাযায়-নুপুৱায়।

জীৱন-যাপন ঃ মানুহজনে সুখেৰে

জীৱন-যাপনকৰিছে। 

Leave a Reply