Class-9 Assamese Question Answer| Chapter-6| অন্যৰ প্ৰতি ব্যৱহাৰ

Class-9 Assamese Question Answer| Chapter-6| অন্যৰ প্ৰতি ব্যৱহাৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Answer| Chapter-6| অন্যৰ প্ৰতি ব্যৱহাৰ and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Answer| Chapter-6| অন্যৰ প্ৰতি ব্যৱহাৰ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Answer| Chapter-6| অন্যৰ প্ৰতি ব্যৱহাৰ Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাব বিষয়ক :

১। (ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা ৷

(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ? 

উত্তৰঃসমাজত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সস্তোষে কাল নিয়াব পাৰি, তাক নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিবলৈ পায় ৷

(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ।

উত্তৰঃ ভৱিষ্যত নুগুণি মানুহৰ লগত কেটেৰা মাৰি কথা কোৱা নির্বোধ খিংখিঙীয়া মানুহৰ শত্ৰু সৰহ ৷

(ঘ) সজ ব্যৱহাৰৰ অনুপান কি?

উত্তৰঃ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান ৷

(ঙ) মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক কি কৰা হয়?

উত্তৰঃ মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক ছল কৰা হয় ।

(চ) ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল।’—ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?

উত্তৰঃ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল’ – ইয়াত সেইটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে৷ যিসকলে লগ লগৰীয়াক হুঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰে।

(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?

 উত্তৰঃ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।

(জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?

 উত্তৰঃ ‘বহল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।

২।চমুকৈ বুজাই লিখা :

(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?

উত্তৰঃ মানুহ সামাজিক প্রাণী। সমাজ পাতি বাস কৰোঁতে বিভিন্ন মানুহৰ সৈতে নানা সম্বন্ধত বান্ধ খাই থকা যায়। এই সম্বন্ধবোৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে মানুহৰ ব্যৱহাৰৰ ওপৰত ৷ কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে জীৱন সুখকৰ হয় সেই কথা সমাজৰ প্ৰত্যেক মানুহে জনা উচিত ৷ তাক নজনাৰ বাবেই মানুহে নানা ধৰণৰ দুখ-কষ্ট ভুগিব লগা হয়। সাধাৰণতে সব্জ চৰিত্ৰৰ লোকৰ ব্যৱহাৰো সজ হয় বুলি ভবা যায় যদিও বাস্তব জীৱনত দেখা যায় যে অনেক চৰিত্ৰৱান মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ পাত্ৰ হয়৷ আকৌ অনেক কপটীয়া-ইলাহী মানুহো ব্যৱহাৰৰ গুণত সকলোবে আদৰৰ পাত্ৰ হয়৷ সেয়ে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি।

(খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? 

উত্তৰঃ দান মানেই হৈছে কাৰোবাৰ উপকাৰৰ বাবে কিবা দিয়া। মনত কপটতা বাখি কাৰোবাক কিবা দান কৰিলে একো ফল পোৱা নাযায়। কিয়নো কপট আচৰণ বা চিন্তাই মানুহৰ ওপৰত নেতিবাচক প্রভাৱ পেলায়। দানো তেতিয়া অশুভ বুলি ভাবি সন্দেহৰ চকুৰে চায় ৷ যদি কাৰো উপকাৰেই নহয়, তেন্তে দান কৰাটো অনৰ্থক। সেয়ে জ্ঞানী লোকে বিনয় ভাবত দান কৰিব কৈছে। বিনয় বচন, বিনয় ব্যৱহাৰে মানুহক আশ্বস্ত কৰে. অস্তৰ শাত পেলায়। উপনিষদেও সেয়ে ত্যাগ কৰি দান দিয়াৰ কথা কৈছে। বিনয়ী হৈ কৰা দান মানুহে কাহানিও নাপাহৰে, সেয়ে ই ফলৱতী। ব্যৱহাৰত বিনয়ৰ মিশ্ৰণে ব্যক্তিত্বৰ ৰহণ দুগুণে চৰায় – কথাষাৰে এই তাৎপৰ্যই বহন কৰিছে।

৩। তাৎপর্য ব্যাখ্যা কৰা :

(ক) নম্ৰতা সজ ব্যৱহাৰৰ অনুপান ।

উত্তৰঃ ব্যৱহাৰেই মানুহৰ পৰিচয় কঢ়িয়ায়। প্রথম দৃষ্টিতে এজন মানুহৰ চৰিত্ৰ তেওঁৰ ব্যৱহাৰৰ দ্বাৰাহে জানিব পাৰি। সুন্দৰ ব্যৱহাৰৰ গৰাকীজনক সকলোৱে শলাগে। সুন্দৰ, সজ ব্যৱহাৰৰ লোক এজন যদি নও হয়, তেন্তে তেওঁ নিঃসেেহ প্রশংসাৰ পাত্ৰ হয়। তেওঁৰ ব্যক্তিত্বত যেনসোণত সুৱগা চৰে। উচিত অনুপানেৰে ঔষধ খালে যেনেদৰে তত্ক্ষণাৎ গুণ দিয়ে, একেদৰে নম্রতাযুক্ত সব্জ ব্যৱহাৰে সততে উপকাৰ কৰে। মানুহজনৰ উচ্চ চিন্তা বা ভাল মনটোহে ফুটি উঠে। মনত নম্ৰতাৰ ভাব ৰাখি সব্জ ব্যৱহাৰ কৰা উচিত, মনত নম্ৰতাৰ ভাব নাথাকিলে লোকক দেখুৱাবলৈ তেনে ভাব মুখলৈ অনাটো অনুচিত। নম্ৰ হৈ কথা ক’লে মানুহে নিজক আনৰ আগত লঘু কৰা নহয়, বৰংনিজৰ ব্যক্তিত্বৰ সৌন্দৰ্যহে বিয়পোৱা হয়। সেয়ে নম্রতাযুক্ত সজ ব্যৱহাৰ ব্যক্তিত্ব আৰ্জনৰ অন্যতম গুণ।

(খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।

উত্তৰঃ সোণ উজ্জ্বল ধাতু। সোণৰ লক্ষণেই হৈছে জিলিকি থকা । মানুহে পেলাই থ’লেও তাৰ উজ্জ্বলতা বা জেউতি নকমে। ব্যৱহাৰ নহ’লেও বা নকৰিলেও ধাতুৱে তাৰ মূল চৰিত্ৰ নেৰে। একেদৰে সন্মান মনৰ বস্তু। যিগৰাকী সন্মান পাবৰ যোগ্য তেওঁ মান্যৱন্ত। তেওঁক দেখুৱাই সন্মান নকৰিলেও যি কাম বা কৃতিত্বৰ বাবে তেওঁ সন্মান পাবৰ যোগ্য সেয়া নোহোৱা হৈ নাযায়। তেওঁ যি গুণেৰে গুণী কোনোবাই স্বীকৃতি নিদিলেও সেয়া লুপ্ত নহয় ৷ মানুহৰ চৰিত্ৰ কাৰোবাৰ স্বীকৃতিৰ ওপৰত গঢ়ি নুঠে। যিকোনো ভাল চিন্তা বা কৰ্মৰ মূল্য কোনোবাই অমান্য কৰিলেই নকমে। কিয়নো সজ কথা, সজ চিন্তা, সজ কর্ম সদায়েই অমূল্য। যিদৰে সোণৰ জেউতি চৰোৱা গুণটো অৱশ্যম্ভাৱী, তেনেদৰে মান্যৱন্তৰ মানো অমান্য কৰি কমাব নোৱাৰি। মান্যৱস্তক অপমান কৰিব খোজাজনৰ কাৰ্যৰ দ্বাৰা নিজস্ব দুর্বলতাহে প্রকাশ পায় । 

নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

8। বিপৰীতার্থক শব্দ লিখা :

সুখ, সন্তোষ, সজ, চৰিত্ৰবন্ত,  কপটীয়া, মিঠা, বিনয়, নম্রতা,লঘু, উচ্চ, নিন্দা, গুপ্ত, দোষ, গহীন, আঢ্যৱস্ত।

উত্তৰঃ   সুখ             :   দুখঃ

            সন্তোষ        :  অসন্তোষ

             সজ           :   শঠ 

            চৰিত্ৰবন্ত     :   চৰিত্ৰহীন

            কপটীয়া      :   পৰোপকাৰী

             মিঠা          :    তিতা

             বিনয়         :    উদ্ধতালি

             নম্রতা        :    শঠতা

             লঘু           :      গুৰু

              উচ্চ         :       নীচ

             নিন্দা        :     প্ৰসংশা

               গুপ্ত       :    ব্যক্ত 

               দোষ      :     গুণ

               গহীন      :   চেলেপু

             আঢ্যৱস্ত    :   দৰিদ্ৰ

৫) বাক্য ৰচনা কৰা ঃ

চকুৰ কুটা; পেটত কথা ৰাখ্ ।

উত্তৰঃ

চকুৰ কুটাঃ নতুন বোৱাৰীয়েকজনী দিনক দিনে শাহুৱেকৰ চকুৰ কুটা হৈ পৰিছে।

পেটত কথা ৰাখ্ : পেটত কথা ৰাখিব পৰা মানুহ সকলোৰে প্রিয়পাত্র হয়।

Leave a Reply