Class-9 Assamese Question Answer| Chapter-5| মোৰ দেশ

Class-9 Assamese Question Answer| Chapter-5| মোৰ দেশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Answer| Chapter-5| মোৰ দেশ and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Answer| Chapter-5| মোৰ দেশ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Answer| Chapter-5| মোৰ দেশ Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাব বিষয়ক :

১। (ক) হীৰেন ভট্টাচাৰ্যৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ হীৰেন ভট্টাচাৰ্যৰ জন্ম যোৰহাটত হৈছিল ।

(খ) হীৰেন ভট্টাচাৰ্ষই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।

উত্তৰঃ হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকত হ’ল ‘চিত্ৰবন’ আৰু ‘মনন’।

(গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাৰে কি লুকাই আনিছে?

উত্তৰঃ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনে ঐশ্বৰ্ষৰ বিপুল সম্ভাৰ ।

২। ‘মোৰ দেশ’ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ  স্বদেশৰ প্ৰতি থকা ভালপোৱা কবিতাটোৰ শাৰীয়ে শাৰীয়ে উপচি আছে। কবিৰ বাবে স্বদেশ প্ৰাণতকৈও আপোন যেন এটা সুৱদী সুৰীয়া গান ৷ কবিৰ চিন্তা আৰু কাম দেশৰ বাবেই সমর্পিত। দেশৰ ভৱিষ্যত উন্নতিৰ চিন্তা কবিৰ শিৰা-উপশিৰাই প্ৰবাহিত। দেশৰ প্ৰগতিয়েই হৈছে তেওঁৰ মনক জীপাল কৰি ৰখা সেউজ সপোন।

পৃথিৱীৰ বহু দেশৰ অৰঙে দৰঙে কবিয়ে বন্ধুত্বৰ সময় পাৰ কৰিছে। কিন্তু প্রেম-বন্ধুত্বৰ উমাল স্পর্শ করিয়ে যেন কেৱল স্বদেশতহে পাইছে। খদেশৰ সুৰ্যোদয়ত আছে জীৱনৰ নতুন অর্থ জীয়াই থকাৰ মৰণৰ্পণ কবিয়ে সেয়ে এই দেশৰ বাবে কৰিছে। নানা জাতি-জনগোষ্ঠীৰ মিলনভূমি কবিব স্বদেশ। ভিন ভিন সংস্কৃতি কঢ়িয়াই অনা এই জাতি জনগোষ্ঠীৰ মাজত মিলনৰ সেতু কবিয়ে নিজেই গঢ়িব খোজে, সংহতিৰ জয়গান গাব খোজে।

দেশৰ শত্ৰু-মিত্ৰ সকলোৰে অন্তৰ বিশ্বাসেৰে জয় কৰি কবিয়ে দেশলৈ কঢ়িয়াই আনে শাস্তিৰ বতৰা। ইয়াতকৈ বেছি কবিয়ে দেশৰ বাবে কৰিব নোৱাৰে। জীৱনে মৰণে, শয়নে সপোনে দেশৰ শাস্তিয়েই তেওঁৰ কাম্য। জীৱন দিও তেওঁ দেশৰ শান্তি-সম্প্রীতি অক্ষুণ্ণ ৰখাৰ আদৰ্শ মনত ৰোপন কৰিছে। তাৰ বাবেই তেওঁ অহোপুৰুষাৰ্থও কৰিছে। কবিৰ এই আদৰ্শক গভীৰ কৰি তোলে স্বদেশৰ প্ৰতি থকা তেওঁৰ আকুণ্ঠ প্ৰেমে। স্বদেশপ্ৰেমৰ ঢৌৱে তেওঁৰ জীৱন সমুদ্র উত্তাল কৰি ৰাখে। কবিতাটোৰ পাঠককো এই ঢৌৱে উটুৱাই লৈ যায় স্বদেশৰ বুকুলৈ।

৩। ব্যাখ্যা কৰাঃ

(ক) অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।

উত্তৰঃসংগতি : ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হীৰেন ভট্টাচাৰ্য ৰচিত

‘মোৰ দেশ’ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। 

প্ৰসংগ : কবিয়ে তেওঁৰ দেশৰ বাবে কি কি কৰিব বিচাৰে তাকেই ক’বলৈ গৈ ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে ৷

ব্যাখ্যা : কবিৰ বাবে তেওঁৰ দেশ প্ৰাণতকৈও আপোন। স্বদেশেই কবিক দিয়ে জীৱনৰ নতুন অর্থ। প্ৰতিটো পূৱাই কবিলৈ লুকাই আনে ঐশ্বর্যর বিপুল সম্ভাব, প্রতিটো ঋতুৱে কবিক দিয়ে জীৱনৰ আশীর্বাদ। এনে এখন দেশৰ বাবেই তবিয়ে জীয়াই থাকিবলৈ মৰণপণ কৰিছে। যিকোনো প্ৰকাৰে কৰিৱে তেওঁৰ দেশৰ উন্নতি বিচাৰে৷ কবিৰ দেশ নানা জাতি-জনগোষ্ঠীৰ মিলনভূমি। স্বাভাৱিকতে সাময়িক অশান্তি হ’ব পাৰে। কবিয়ে কিন্তু সেই অশান্তি নিবিচাৰে। নিজে হাতে-কামে লাগি দেশৰ জনতার মাজত থকা অসূয়া-অপ্ৰীতি দূৰ কৰিব খোজে। বিৰোধ নাইকিয়া কৰি সংহতি গঢ়িব খোজে। তেৱেঁই যেন শান্তি-সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিব কবিতাফাকিত স্পষ্ট হৈ উঠিছে।

(খ) মোৰ জীৱনৰ আঁহে আঁহেমোৰ যৌৱনৰ কোঁহে কৌহে সেই সপোনৰ কলৰোল৷

উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হীৰেন ভট্টাচার্য ৰচিত ‘মোৰ দেশ’ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। প্ৰসংগ : স্বদেশৰ প্ৰতি থকা গভীৰ প্ৰেমৰ কথা ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যা ঃ কবিৰ বাবে স্বদেশ প্রাণতকৈও আপোন। শয়নে সপোনে কবিয়ে দেশৰ উজ্জ্বল ভবিষ্যতৰ বাবেই চিন্তা কৰে। তেওঁৰ প্ৰত্যেকটো কামেই হয় দেশৰ প্ৰগতিৰ হকে। দেশৰ বাবেই কবিয়ে জীয়াই আছে। দেশৰ প্ৰগতিয়েই তেওঁৰ আটাইতকৈ উজ্জ্বল সপোন। এই সপোনক বাস্তৱ কৰাৰ বাবেই যেন কবিৰ অহৰহ চেষ্টা। কবিৰ শিৰা-উপশিবাই বৈ আছে এই সপোনৰ বীজ। যৌৱনৰ সমস্ত উদ্দীপনা এই সপোনৰ সতেই যেন জড়িত। যি দেশৰ বায়ু-পানীয়ে কবিক দিছে জীৱনৰ অৰ্থ । সেই দেশক উন্নতিৰ শিখৰলৈ নিয়াটোৱেই কবিৰ সেউজ সপোন আৰু এই সপোনেই কবিক জীয়াই ৰাখিছে।

নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

8। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে, বুজাই লিখা।

উত্তৰঃ ‘মোৰ দেশ’ কবিতাটিত কবিৰ স্বদেশপ্ৰেমৰ নিৰ্ভাঁজ ৰূপ ফুটি উঠিছে।

দেশখন কবিৰ বাবে এটা গানৰ দৰে চিত্তাকর্ষক। তেওঁ সপোন দেখে দেশক লৈ কেৱল। জীৱনৰ নতুন অর্থ, তেওঁ কেৱল দেশৰ সূর্যোদয়তহে দেখে। দেশৰ শাস্তিয়েই তেওঁ জীৱনে মৰণে, শয়নে-সপোনে দেখে। দেশৰ প্ৰগতিৰ বাবেই তেওঁ জীয়াই আছে। বৈচিত্র্যৰ মাজত ঐক্য স্থাপন কৰিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰে আৰু সেয়াই তেওঁৰ বাবে উজ্জ্বল সপোন। যি দেশৰ বায়ু-পানীয়ে কবিৰ জীৱনক ভাল পাবলৈ শিকাইছে, সেই দেশৰ সৰ্বাংগীন উন্নতিয়েই কবিৰ কাম্য। কবিতাটোত

স্পষ্ট ৰূপত প্ৰকাশি উঠিছে যে কবিৰ বাবে স্বদেশ প্রাণতকৈও আপোন।

৫।প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?

উত্তৰঃ প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। 

৬। শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে কি দিছে?

উত্তৰঃ শান্তিৰ চৰাইজনীক কবিয়ে আঁজলি ভৰাই ভঁৰালৰ এমুঠি ধান আৰু পৰাণৰ একোটা গান দিছে ৷ তাৰ বাহিৰে কবিয়ে তেওঁৰ আৰু দিবলৈ একো নাই বুলি কৈছে।

ভাষা বিষয়ক :

৭। সমার্থক শব্দ লিখা :

দেশ, কাম, কলৰোল, সাগৰ, সপোন, বন্ধু, শেষ, সম্ভাৰ, শইচ, ৰুকু, তৰংগ,কল্লোল।

উত্তৰঃ

দেশ : ৰাজ্য, প্রদেশ

কাম : কর্ম, কার্য, বন

কলৰোল : কোলাহল, কোহাল, হাই-উৰুমি, কলৰৱ

সাগৰ : সমুদ্র, জলধি

সপোন : সামাজিক, স্বপ্ন

 বন্ধু :  মিত্র, সখা

শেষ : অস্ত, ইতি, সমাপ্ত, যৱনিকা

সম্ভাৰ : সামগ্ৰী, সমূহ, ৰাজি

শইচ : শস্য, শহ

বুকু : বক্ষ, হৃদয়

তৰংগ ঃ টৌ, উর্মি

কল্লোল : কলৰৱ, কলৰোল

৮। বিপৰীতার্থক শব্দ লিখাঃ

সপোন, দেশ, জীৱন, পাহাৰ, ঐক্য, সংহতি, শয়ন, বিশ্বাস, শত্রু।

উত্তৰঃ

সপোন :   দিঠক

দেশ     :   বিদেশ

জীৱন  :   মৰণ

ঐক্য   :   অনৈক্য

সংহতি  :  বিৰোধ

শয়ন     :  জাগ্ৰত

শত্রু     :  মিত্ৰ

বিশ্বাস :    অবিশ্বাস

Leave a Reply