Class-9 Assamese Question Answer| Chapter-4| প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

Class-9 Assamese Question Answer| Chapter-4|  প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Answer| Chapter-4|  প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Answer| Chapter-4|  প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Answer| Chapter-4|  প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাব বিষয়ক :

চমু উত্তৰ দিয়া :

(ক) কৰিয়ে কাক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে? 

উত্তৰঃ কবিয়ে আকাশক সংকীর্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।

(খ) কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্রশ্ন কৰিছিল?

উত্তৰঃ কবিৰ প্ৰাপ্য কি তাক সুধি প্রচণ্ড ধুমুহাই প্রশ্ন কৰিছিল।

(গ) কবিক বিশাল দৃষ্টি কোনে দিলে?

উত্তৰঃকবিক বিশাল দৃষ্টি মহাকাশে দিলে।

(ঘ) ‘মুমূর্ষু’ মানৱক জীৱনৰ বিদ্যুৎ

   কিঞ্চিতো যদি দিব পাৰোঁ’—ইয়াত ‘বিদ্যুৎ’ শব্দই কি বুজাইছে? 

উত্তৰঃ ইয়াত ‘বিদ্যুৎ’ শব্দই পোহৰ বুজাইছে। অর্থাৎ জীৱনক আলোকময় কৰাৰ কল বুজাইছে।

(ঙ) প্রচণ্ড ধুমুহাই কৰিক কি প্রশ্ন কৰিছিল ? 

উত্তৰঃ প্রচণ্ড ধুমুহাই কবিক তেওঁৰ প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল।

২। বজ্রই কবিক কি কি দিলে?

উত্তৰঃ বজ্রই কবিক উদাত্ত কণ্ঠ আৰু সাহস দিলে।

৩। কবিয়ে ‘সঁচা উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?

উত্তৰঃ কবিয়ে ‘সঁচা উদাৰতা’ কথাষাৰেৰে স্বাৰ্থহীন দানৰ কথা বুজাব খুজিছে।

৪। কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাৰলৈ মন মেলিছে চমুকৈ বুজাই লিখা।

উত্তৰঃ কবিয়ে বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গান গাই দিগন্ত কঁপাবলৈ মন মেলিছে।

 ৫। কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?

উত্তৰঃ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে।

৬। আকাশ, ধুমুহা আৰু বজ্ৰক কৰিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।

উত্তৰঃ মানৱপ্রেমী কবিক সমাজত মানৱতা সিঁচিবলৈ এনে কিছুমান উপাদানৰ প্ৰয়োজন যাৰ গৰাকী হৈছে আকাশ, ধুমুহা আৰু বজ্ৰ আকাশৰ বিশালতা, ধুমুহাৰ প্ৰচণ্ড শক্তি, বজ্ৰৰ উদাত্ত কণ্ঠ আৰু সাহস – এইবোৰেৰে শক্তিশালী হৈ কবিয়ে সিঁচিবলৈ সক্ষম হৈছে দানৱীয় সমাজত মানৱীয়তা। প্রকৃতিপ্ৰদত্ত স্বকীয় শক্তিসমূহ প্রদান কৰি কবিৰ মনোবাঞ্ছা পূৰণ কৰাৰ বাবে কবিয়ে আকাশ, ধুমুহা আৰু বজ্রপাতক প্ৰণিপাত জনাইছে।

৭। ব্যাখ্যা কৰা

(ক) বজ্ৰৰ গর্জনে বক্ষ উজাৰি ক’লে,তোমাৰ কাম্য কি কোৱা?

 মই ক’লোঁ, বজ্ৰ তোমাৰ

শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।

উত্তৰঃ ব্যাখ্যেয় কথাফাকিৰ দ্বাৰা বজ্ৰৰ শক্তিশালী উদাত্ত কণ্ঠ যে কবিৰো কাম্য তাকে বুজাব খোজা হৈছে।

কবি মানুহৰ প্ৰেমিক। সমাজৰ কলুষতা, অমানৱীয়তাই কবিক ব্যথিত কৰে। সকলো মলিনতা নোহোৱা কৰিবলৈ কবিৰ দূৰস্ত ইচ্ছা। কিন্তু তাকে কৰিবলৈ বহু কিবাকিবিৰ প্রয়োজন যি নিজৰ মাজত নথকা যেন কবিয়ে অনুভৱ কৰিছে। কবি কণ্ঠশিল্পী৷ সুৰেৰে তেওঁ পৃথিৱী সুৰীয়া কৰিব খোজে। গানৰ মাজেৰেই তেওঁ মানৱতাৰ কথা ক’ব খোজে। কিন্তু তেওঁ বাৰুকৈয়ে উপলব্ধি কৰিছে যে সাধাৰণ কণ্ঠেৰে মানৱতাৰ সেই গান যেন শক্তিশালী নহ’ব। তেনে হ’ব পাৰে কেৱল ব্ৰজসম শক্তিশালী কণ্ঠেৰে। প্ৰকৃতিসৃষ্ট হৈও বজ্ৰৰ মাজত থকা উদাত্ত কণ্ঠ কবিৰ নাই। সেয়ে তেওঁ বজ্ৰক কৈছে সেই কণ্ঠ তেওঁকো লাগে। বজ্রসম উদাত্ত কণ্ঠেৰেহে কৰিয়ে সিঁচিব পাৰিব দানৱীয় সমাজতো মানৱীয় উদাৰতা।

নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

(খ) সেয়েহে আকাশ তুমি দিব যদি খুজিছাই                     সংকীর্ণতা এৰি দিয়া 

অৱদান-ৰূপে তোমাৰ পূৰ্ণ বিশালতা

 দিয়া যদি আজিয়েই দিয়া।

উত্তৰঃ ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা আকাশৰ বিশালতা যে কবিকো লাগে তাকেই ক’ৰ খোজা হৈছে।

মানুহক ভাল পোৱাটোৱেই কবিৰ প্ৰধান কাম। মনৰ বিশালতাৰে পূৰ্ণ মানৱ। সমাজ কবিৰ কাম্য। তাৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিব খোজে। কিন্তু তাৰ বাবে যেন কবিৰ নিজৰ মাজতে কিছু গুণৰ অভাৱ।

আকাশৰ বিশালতা কেৱল ব্যক্তিবিশেষৰ বাবে নহয়, সকলোৰে বাবে। বিশালতাই বিশাল ৰূপত থাকিলেহে মানুহক আকৰ্ষণ কৰিব পাৰে, সংকীৰ্ণৰূপে বিশালতাৰ উপলব্ধি নকৰায়। সেয়েহে, মহাকাশৰ পূৰ্ণ বিশালতা কবিৰ কাম্য। মানৱ সমাজ সংকীর্ণ চিন্তাৰে, কলুষ-কালিমাৰে ছানি ধৰিছে৷ কেৱল বিশাল মানৱীয়তাই, উদাৰতাইহে নাশ কৰিব পাৰে সমাজৰ এই ক্ষয়িষ্ণুতা। সকলো ভাল অনুভূতিৰে ভৰা গানেৰে কবিয়ে মানুহৰ অন্তৰ বিশালতাৰে পূৰ্ণ কৰিব খোজে। আকাশৰ বিশালতাই পৃথিৱীক চুই আছে, কবিয়েও এনে বিশাল অন্তৰেৰে পৃথিৱীৰ মানুহক চুব খোজে, বিয়পাব খোজে মানৱীয় উদাৰতা। কাৰণ মানুহে মানুহক ভাল পালেহে এই সমাজ বৰ্তি থাকিব।

(গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি 

      আৰু ধুমুহাই প্ৰচণ্ড শক্তি

      বজ্রই দিলে মোক উদাত্তকণ্ঠ

      আৰু দিলে সাহসৰ যুক্তি।

উত্তৰঃ প্রকৃতি প্রদত্ত শক্তিৰে পৃথিৱীত জ্ঞানৰ পোহৰ সিঁচিব পৰাকৈ কবি শক্তিশালী হৈ উঠিছে— ব্যাখ্যেয় কবিতাফাকিৰে এনে কথাকেই বুজাব খোজা হৈছে।

কবি মানৱদৰদী। সমাজৰ বেয়া চিন্তা, হিংসা, মলিনতা আদি দূৰ কৰি সুন্দৰ সমাজ এখন প্রতিষ্ঠা হোৱাটো কবিয়ে বিচাৰে। কিন্তু এয়া হ’লৈ যে কবিৰ কিছুমান গুণ নিজৰ মাজত নাই যি প্ৰকৃতিৰ অন্যান্য উপাদানৰ মাজত আছে। সেই গুণবোৰ নিজৰ মাজত আহৰণ কৰিব পাৰিলে কবিয়ে কাংক্ষিত মানৱ সমাজখন পাব পাৰে। সেয়ে তেওঁ প্ৰকৃতিৰ সেই সমূহ উপাদানৰ পৰা গুণবোৰ বিচাৰিছে।

কবিৰ একান্ত ইচ্ছাক নেওচিব যেন নোৱাৰিলে আকাশ, ধুমুহা আৰু বজ্ৰই । কিয়নো কবিও একে প্রকৃতিৰেই সন্তান। কবিৰ প্ৰাৰ্থনাক আঁকোৱালি লৈ মহাকাশে কবিক প্ৰদান কৰিলে পূর্ণ বিশালতা, ধুমুহাই দিলে প্রচণ্ড শক্তি আৰু বজ্ৰই দিলে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি। এই উপাদানবোৰেৰে কবি হৈ পৰিল প্ৰচণ্ড শক্তিশালী যাৰ সহায়ত দানৱীয় পৃথিৱীত তেওঁ সিঁচিব পাৰে মানৱীয়তা।

(ঘ) মুমুধু মানৱক জীৱনৰ বিদ্যুৎ 

কিঞ্চিতো যদি দিব পাৰোঁ 

আকাশ, ধুমুহা আৰু বজ্ৰক

তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ।

উত্তৰঃব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা প্ৰকৃতিপ্রদত্ত শক্তি বিভিন্ন উপাদানৰ পৰা লাভ কৰি কবি যে সেইবোৰৰ প্রতি কৃতজ্ঞ হৈ পৰিছে তাকেই ক’ব খোজা হৈছে। মানৱ সমাজ আজি কলুষতা, মলিনতাৰে দানৱৰ সমাজলৈ ৰূপান্তৰ হৈছে।

সমাজহে মানৱৰ কিন্তু মানৱীয়তা যেন লুপ্তপ্রায়। সমাজৰ এই স্খলনে কবিক চিন্তিত কৰি তুলিছে। মৃতপ্রায় মানৱীয়তাক পুনৰ প্ৰতিষ্ঠাৰ বাবে কবি মন হাহাকাৰ কৰি উঠিছে। কবিয়ে সমাজত প্রতিষ্ঠা কৰিব খোজা এই কাৰ্যৰ বাবে তেওঁক যে বহু কিবাকিবিৰ প্ৰয়োজন ৷ সেই সকলো যাৰ ওচৰত আছে সেইবোৰ হৈছে আকাশ, ধুমুহা আৰু বজ্ৰ ৷ আকাশৰ বিশালতাৰে, ধুমুহাৰ প্ৰচণ্ড শক্তিৰে, বজ্ৰৰ উদাত্ত কণ্ঠ আৰু সাহসেৰে কবিয়ে মানৱ সমাজত সুন্দৰতা সিঁচিব খোজে। কবিৰ আকুল আহ্বানক নেওচিব নোৱাৰি প্ৰকৃতিপ্রদত্ত ক্ষমতাসমূহ সংশ্লিষ্ট উপাদানবোৰে কবিক দান কৰে।

কবিয়ে প্রচণ্ড শক্তি, উদাত্ত কণ্ঠ আৰু সাহস আৰু আকাশৰ বিশালতাৰে সমাজত প্ৰতিষ্ঠা কৰিব খোজে উদাৰ মানৱীয়তা। মৃতপ্রায় মানৱক উজ্জীৱিত কৰিব খোজে৷ তেওঁ আশাবাদী। সেয়ে যি ধুমুহা বজ্ৰ আৰু আকাশে তেওঁক নিজস্ব বৈশিষ্ট্যসমূহ প্ৰদান কৰি শক্তিশালী কৰি তুলিলে সেই আটাইবোৰলৈ কবিয়ে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰণিপাত জনাইছে।

Leave a Reply