Class-9 Assamese Question Answer| Chapter-16| সন্মান

Class-9 Assamese Question Answer| Chapter-16| সন্মান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Answer| Chapter-16| সন্মান and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Answer| Chapter-16| সন্মান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Answer| Chapter-16| সন্মান Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাব বিষয়ক :

১।অতি চমু উত্তৰ দিয়া ঃ

(ক) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনত মানুহে কেনেকুৱা আচৰণ কৰে?

উত্তৰঃ অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনত মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে।

(খ) ছাত্ৰই শিক্ষকৰ ধাৰ শুদিব পাৰেনে?

উত্তৰঃ ছাত্ৰই শিক্ষকৰ ধাৰ শুদিব নোৱাৰে।

(গ) তেওঁ দেবতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ – ‘তেওঁ’ কোন ?

উত্তৰঃ প্রশ্নোঙ্কৃত বাক্যটোত ‘তেওঁ’ বুলি ঈশ্বৰক বুজোৱা হৈছে।

(ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল।

(ঙ) ‘হেমকোষ’ কি?

উত্তৰঃ ‘হেমকোষ’ হৈছে অসমীয়া ভাষাৰ প্ৰথম বুৎপত্তিগত অভিধান।

(চ) ‘কানীয়াৰ কীৰ্তন’ৰ ৰচক কোন?

উত্তৰঃ ‘কানীয়াৰ কীৰ্তন’ৰ ৰচক হৈছে হেমচন্দ্ৰ বৰুৱা।

২। ‘ঈশ্বৰৰ পাছতে পিতৃ-মাতৃ আমাৰ মাননীয়’ – কথাষাৰ বুজাই লিখা।

উত্তৰঃ আমি পৃথিৱীৰ পোহৰ দেখাৰ মূলতে যি কাৰণ, সেই কাৰণৰ নাম হৈছে ঈশ্বৰ ৷ তেওঁ সকলোৰে মান্য, কিয়নো তেওঁৰ বাবেই চৰাচৰ জগত বৰ্তি আছে।

ঈশ্বৰ কাৰণ হ’লেও আমাক জন্ম দিছে আমাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ বাবেহে আমি পৃথিৱীত বাস কৰিব পাৰিছোঁ। কেঁচুৱা অৱস্থাত কোলাত তুলি, খুৱাই-ধুৱাই আমাক নিজে নিজৰ কাম কৰিব পৰা তেওঁলোকেই কৰিছে। ডাঙৰ হোৱাৰ পাছতো বেমাৰ-আজাৰ হ’লে তেওঁলোকে আমাক সুস্থ কৰি তুলিবলৈ অপ্ৰাণ চেষ্টা কৰে। আমাৰ দুখত দুখী আৰু সুখত সুখী হ’বলৈ পিতৃ-মাতৃ অহৰহ সাজু হৈ থাকে। আমাৰ বুদ্ধিবৃত্তিৰ কৰ্ষণৰ বাবে উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে কিমান যে দুখ কষ্ট সহে ! আমাৰ দুৰ্যশে তেওঁলোকৰ মনোকষ্ট বঢ়ায়। প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে। তেওঁলোক অবিহনে আমি জীৱনত প্ৰতিষ্ঠিত হ’ব নোৱাৰোঁ আৰু জীৱন যুঁজত আগ বঢ়াটোও কঠিন হৈ পৰে। আমাৰ বাবে অত দুখ-কষ্ট সহিও আমাক জীৱন যাত্ৰাৰ সফল সৈনিকৰূপে গঢ়িবলৈ চেষ্টা কৰা বাবে তেওঁলোক আমাৰ বাবে সকলোতকৈ মান্য।

৩।শিক্ষকৰ প্ৰতি ছাত্ৰই মান-সৎকাৰ কিয় ৰাখিব লাগে ?

উত্তৰঃ শিক্ষক হৈছে প্ৰতিগৰাকী ছাত্ৰৰ পথ নির্দেশক। চকু নথকা মানুহ আৰু শিক্ষক নথকা ছাত্ৰ সমপৰ্যায়ৰ। ছাত্ৰৰ বাবে শিক্ষক হৈছে অন্তদৃষ্টিৰ যোগান ধৰোঁতা। বহু কথা চকুৰে দেখিও ছাত্ৰই উপলব্ধি কৰিব নোৱাৰে, সেইবোৰৰ মৰ্মার্থ বুজাব পাৰে কেৱল শিক্ষকেহে। শিক্ষকেহে আমাক জীৱনৰ সঠিক বাটৰ দিক নির্দেশনা দিব পাৰে। শিক্ষকৰ ঋণ কোনো ছাত্ৰই কাহানিও পূৰ কৰিব নোৱাৰে। নিজৰ জ্ঞানেৰে শিক্ষকে ছাত্ৰৰ বুদ্ধিৰ কৰ্ষণ কৰায়। তেনে কামত তেওঁলোকে অশেষ পৰিশ্ৰম কৰিব লগীয়া হয় আৰু বহু সময়ত নিজৰ ভাল লগাবোৰো ত্যাগ কৰিব লগাত পৰে। তথাপি ছাত্ৰৰ উন্নতিয়েই পৰম প্রাপ্তি বুলি

শিক্ষক আনন্দিত হয়। সেয়ে শিক্ষকৰ ত্যাগৰ প্ৰতি ছাত্রসমাজৰ সন্মান থকা উচিত। ঋণ শুজিব নোৱাৰিলেও মান-সৎকাৰ কৰি শিক্ষক আনন্দ দিব পাৰি আৰু ছাত্ৰসকলে সেয়া কৰা উচিত।

নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

৪। ‘সন্মান’ পাঠটোৰ পৰা কি কি শিকিলা, চমুকৈ লিখা। প্ৰকৃত সন্মানৰ গৰাকী কোন সেই বিষয়ে পাঠটোত বৰ্ণনা কৰা হৈছে।

উত্তৰঃ চৰাচৰ জগতৰ উৎপত্তিৰ কাৰণ হৈছে ঈশ্বৰ। তেওঁ সৃষ্টি আৰু পালকর্তা। তেওঁক সকলোৱে সন্মান কৰা উচিত কিয়নো তেওঁৰ অবিহনে এই পৃথিৱীত নাথকিলোঁহেঁতেন আমি।

ঈশ্বৰৰ পাছতে সন্মান কৰা উচিত আমাৰ জন্মদাতা পিতৃ-মাতৃক। ল’ৰা-ছোৱালীৰ সুখৰ বাবে নিজৰ সুখকো নেওচা পিতৃ-মাতৃ সদায় সন্মানৰ যোগ্য। কেঁচুৱা কালৰে পৰা আমাক তুলি-তালি ডাঙৰে কৰাকে ধৰি উপযুক্ত সময়ত আমাক শিক্ষা-দীক্ষাৰে আগ বঢ়াই নিবলৈ পিতৃ-মাতৃয়ে যথেষ্ট দুখ-কষ্ট সহিব লগা হয়, অথচ ল’ৰা-ছোৱালীৰ সুনামে তেওঁলোকক সকলো দিয়ে। আমি নিজে নোৱাৰা অৱস্থাত তেওঁলোকে নিজৰ কোলাত আমাক আশ্রয় দিয়াৰ দৰে বৃদ্ধাৱস্থাত তেওঁলোককো আমি নিৰাপদে ৰখা উচিত।

ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সঠিক দিক নির্দেশক হৈছে শিক্ষকসকল। ছাত্ৰ-ছাত্ৰীৰ বুদ্ধি-বৃত্তি আৰু সম্ভাৱনাৰ কৰ্ষণ কৰি শিক্ষকে তেওঁলোকৰ জীৱনক গঢ় দিয়ে। এনে কৰিবলৈ যাওঁতে তেওঁলোকে অশেষ শ্ৰম আৰু ত্যাগ কৰিব লগীয়া হয়। গভীৰ জ্ঞানেৰে অস্তদৃষ্টি দান কৰে শিক্ষসকলেই৷ সেয়ে শিক্ষকক আটায়ে সন্মান কৰা উচিত। শাসনকর্তা অবিহনে দেশত অৰাজকতাৰ সৃষ্টি হয়। কোনেও কাৰো কথা নুশুনা বা নমনা হয়, চোৰ-ডকাইতৰ উপদ্ৰৱ হয়, অন্যায়-অবিচাৰ বাঢ়ে। এইবোৰৰ পৰা মানুহক ৰক্ষা কৰিব পাৰে দেশৰ শাসনৰ গুৰিয়ালসকলে। তেওঁলোকে দুষ্টক দমন কৰি শাস্তক পালন কৰে। সেয়ে তেওঁলোকক সন্মান কৰিব লাগে।

গুণ, পদমর্যাদা, জ্যেষ্ঠতা, জ্ঞান আদিৰ শ্ৰেষ্ঠতাৰ ভিত্তিত সকলোকে সন্মান কৰা উচিত— পাঠটোৰ পৰা এই বহুমূলীয়া কথাই শিকিলোঁ।

ভাষা বিষয়ক:

তলৰ শব্দবোৰৰ সমার্থক শব্দ লিখা : নৰিয়া; জগত; লোতক; চকু; হেতু; মান ৷

উত্তৰঃ

 নৰিয়া  ― ৰোগ, বেমাৰ, অসুখ

জগত  ― পৃথিৱী, ধৰিত্ৰী, বসুমতী

লোতক  ― চকুলো, অশ্রু, চকুপানী 

চকু      ― নয়ন, অক্ষি, নেত্র

মান    ― সন্মান, শ্রদ্ধা

হেতু    ― কাৰণ

২। বিপৰীত শব্দ লিখা :

শ্রদ্ধা; শলাগ; আদি; দুষ্ট; জ্যেষ্ঠ; ন্যায় ৷

উত্তৰঃ

      শ্রদ্ধা   ― অশ্রদ্ধা

      শলাগ   ―অশলাগ

      আদি  ―অন্ত

        দুষ্ট   ― শান্ত

      জ্যেষ্ঠ   ― কনিষ্ঠ

       ন্যায়    ―অন্যায়

Leave a Reply