Class-9 Assamese Question Answer| Chapter-15| চোৰধৰা

Class-9 Assamese Question Answer| Chapter-15| চোৰধৰা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Answer| Chapter-15| চোৰধৰা and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Answer| Chapter-15| চোৰধৰা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Answer| Chapter-15| চোৰধৰা Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাব বিষয়ক :

অতি চমুকৈ উত্তৰ লিখা

(ক) কানাই বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ কানাই বুলি শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে।

(খ) লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল ? 

উত্তৰঃ লবণু-চোৰ কৃষ্ণই গোপীৰ মুখত লৱণু সানি দিছিল।

(গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?

 উত্তৰঃ ‘নামঘোষা’ গ্রন্থ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ।

(ঘ) ওহি বান্দীসৱক থানে আৱৰ নাহি।’ ‘আৱৰ নাহি’ বুলি কোনে, কাক কৈছিল।”

উত্তৰঃ ‘আৱৰ নাহি’ বুলি যশোদাই শ্ৰীকৃষ্ণক কৈছিল।

২। (ক) “হে মাই যশোদা, তোহোঁ তাপ তেজহ।’

– যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক’ব লগা হৈছিল?

উত্তৰঃ সুদীর্ঘ দিন যশোদা অপুত্রক আছিল। বহু পূণাৰ বলতহে তেওঁ কৃষ্ণক পুত্ৰ হিচাপে পাইছে৷ কৃষ্ণ যশোদাৰ আলাসৰ লাড়ু। এদিন বহু সময় ধৰি কৃষ্ণক নেদেখি যশোদা ব্যাকুল হৈ পৰিছিল। কাৰো পৰা কৃষ্ণৰ খবৰো পোৱা নাছিল। দুখে-শোকে যশোদাক খুন্দা মাৰি ধৰিছিল। তেনেতে এগৰাকী গোপী আহি যশোদাক কৃষ্ণৰ খবৰ দিলে৷ তেওঁ কৃষ্ণক দেখি আহিছে এগৰাকী গোৱালীৰ ঘৰত তেওঁৰ লগত আছে গোপবালকসকল৷ সেয়ে যশোদাই দুখ কৰাৰ কাৰণ নাই। কৃষ্ণৰ খবৰ দি প্রশ্নোঙ্কৃত কথাষাৰিৰে গোপীয়ে যশোদাক মনৰ দুখ ত্যাগ কৰি শাস্ত হ’বলৈ কৈছিল ৷

(খ) শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল?

উত্তৰঃ শ্ৰীকৃষ্ণই লৱণু খাই বৰ ভাল পাইছিল৷ দেউতাক নন্দ গুৱালৰ ৰজা, সেয়ে ঘৰত দধি-দুগ্ধ লৱণুৰ অভাৱ নাই। কিন্তু কৃষ্ণই ঘৰতে লৱণু খাই ক্ষান্ত নাথাকে, অন্যৰ ঘৰতো মনে মনে গৈ লৱণু খায়। এদিন এগৰাকী গুৱালীৰ ঘৰত লৱণু চুৰি কৰিবলৈ সোমাই কৃষ্ণ হাতে-লোটে ধৰা পৰিল। বুদ্ধিৰ ভঁৰাল কৃষ্ণই গোপীৰ মুখত নিজৰ হাতৰ লৱণু সানি দিলে যাতে মানুহে তেওঁহে লৱণু খোৱা বুলি ভাবে। কেৱল সেয়াই নহয়, সকলোৰে সন্মুখত কৃষ্ণই কৈছে যে নিজৰ ঘৰৰ লৱণু নিজে খাই গোপীয়ে তেওঁক অপযশ দিছে ৷ গোপীৰ মুখত লাগি থকা লৱণুয়েই তাৰ প্ৰমাণ ।

নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

৩। ইহা শুনি চিন্তা-শোক তেজিৱে পৰম হষিত ভেল?’- কোনে, কাৰ আৰু কি কথা শুনি হৰ্ষিত হৈছিল ?

উত্তৰঃ যশোদাই কৃষ্ণ কুশলে থকাৰ খবৰ পাই হৰ্ষিত হৈছিল।

পুত্ৰ কৃষ্ণ যশোদাৰ চকুৰ মণি। কৃষ্ণক নেদেখাকৈ এখস্তেকো যশোদাই ৰ’ব নোৱাৰে। এদিন কৃষ্ণক বহু সময় নেদেখি যশোদা ব্যাকুল হৈ পৰিল। তেনেতে এগৰাকী গোপী আহি যশোদাক খবৰ দিলে যে তেওঁ কৃষ্ণক দেখি আহিছে। এগৰাকী গোপীৰ ঘৰত লৱণু চুৰি কৰি কৃষ্ণ ধৰা পৰিছে। আৰু গোপীয়ে চুৰি কাৰ্য ধৰা পেলোৱাত কৃষ্ণই লাজ পাইছে। নিজক বচাবলৈ কৃষ্ণই নিজৰ হাতৰ লৱণু ওলোটাই গোপীৰ মুখত সানি দিছে আৰু গোপীকে চোৰ সাজিছে। এই কথাত গোপীৰ মুখৰ মাত হৰিল আৰু কৃষ্ণক কাকুতি কৰিলে তেনে নকৰিবলৈ, ইয়াকো ক’লে যে গোপীক এৰি দিলে তেওঁ কৃষ্ণক লৱণু খাবলৈ দিব। এই কথা শুনি কৃষ্ণই গোপীক এৰিলে আৰু গোপীয়ে কৃষ্ণক লৱণু দিয়াই নহয়, ভোজনো কৰালে। কৃষ্ণই আনন্দমনে সকলোৰে লগত নৃত্য কৰি আছে। এই সমস্ত খবৰ গোপীৰ মুখে পাই পুত্ৰৰ মংগল জানি যশোদা আনন্দিত হৈছিল।

৪। মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল?

উত্তৰঃ মাক যশোদাই কৃষ্ণক লগ পাই কোলাত তুলি ল’লে আৰু গালে-মুখে চুমা খালে। শ্রীকৃষ্ণ সমস্ত বৃত্তাস্ত শুনি যশোদাই গোৱালীসবক গালি পাৰিলে তেওঁৰ পুত্ৰক চোৰ আখ্যা দিয়া কাৰণে ৷ তেওঁলোকৰ মুখত ছাই পৰিব বুলি ক’লে। কৃষ্ণক ক’লে সি যাতে আৰু কেতিয়াও সেই ঠাইলৈ নাযায় ৷ নিজৰ ঘৰতে দধি-দুগ্ধৰ অভাব নাই,

কৃষ্ণই যিমান খাব পাৰে যশোদাই সিমানে দিব। কৃষ্ণ যে কোটি পুৰুষৰ দেৱতাৰো দেৱতা, মাথাৰ মুকুট, গলৰ সাতসৰী আৰু বুকুৰ শীতল চন্দন তাকো ক’লে ৷ গোৱালীসবক গালি দি যশোদাই কৃষ্ণৰ গাৰ ধূলি জোকাৰি, বুকুৰ মাজত লৈ কোলাত তুলি গালে মুখে চুমা খালে । পৰম আনন্দেৰে নিজৰ ঘৰলৈ আনি শীতল জলেৰে গা ধুৱালে আৰু পঞ্চামৃত খুৱালে। চেনেহ উজাৰি চন্দনেৰে গা ধুৱাই দিব্য-বস্ত্র অলংকাৰেৰে ভূষিত কৰালে আৰু শ্ৰীকৃষ্ণৰ সুন্দৰ শৰীৰটোলৈ চাই মোক্ষতকৈও অধিক আনন্দ লাভ কৰি পৰম সন্তোষ লভিলে।

ভাষা বিষয়ক :

৫। তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখা :তেজহ, তোহাৰি, হামু, থিক, মাখিয়ে, উনিকৰ, ফিৰত, গাৰি৷

উত্তৰঃ 

তেজহ ঃ ত্যাগ কৰা

তোহাৰি ঃ তোৰ

হামু : মই

থিক : আছে

মাখিয়ে ঃ সানি

উনিকৰ : এওঁৰ

ফিত : ঘূৰি ফুৰা

গাৰি ঃ গালি

৬। বিপৰীত শব্দ লিখা :

চোৰ, উত্তৰ, কাতৰ, পুণ্য, শোক, হৰ্ষ, শীতল।

উত্তৰঃ

চোৰ ― সাধু

উত্তৰ― প্ৰশ্ন

কাতৰ ― অকাতৰ

পূণ্য ― পাপ 

শোক ― আনন্দ

হর্ষ ― বিষাদ

শীতল ― উষ্ণ

Leave a Reply