Class-9 Assamese Question Answer| Chapter-14| সুখ

Class-9 Assamese Question Answer| Chapter-14| সুখ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Answer| Chapter-14| সুখ and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Answer| Chapter-14| সুখ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Answer| Chapter-14| সুখ Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাব বিষয়ক :

অতি চমু উত্তৰ দিয়াঃ

(ক) মানুহৰ সুখ-দুখৰ আচল কথা কি?

উত্তৰঃ মানুহৰ সুখ-দুখৰ আচল কথা হৈছে মন।

(খ) কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে?

উত্তৰঃ ‘মই’, ‘মোৰ’ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে।

(গ) নিঃস্বার্থৰ বাট কেনেকুৱা?

উত্তৰঃ নিঃস্বাৰ্থৰ বাট হৈছে সুগন্ধি কুসুম ফুলা সেন্দুৰীয়া আলি ৷

(ঘ) কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ‘ভাঙনি কেঁাৱৰ’ বুলি কোৱা হয় ?

উত্তৰঃ কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ শুৱলাকৈ ভাঙনি কৰা বাবে আনন্দ চন্দ্ৰ আগৰৱালাক ‘ভাঙনি কোঁৱৰ’ বুলি কোৱা হয়।

(ঙ) কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে?

উত্তৰঃ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে।

(চ) কবিৰ মতে প্রকৃত সুখ কেনেকৈ পাৰ পাৰি?

উত্তৰঃ  নিঃস্বার্থ মনোভাবেৰে বিশ্বপ্ৰেমৰ বাণী বিলোৱাৰ মাজতহে প্ৰকৃত সুখ পাব পাৰি।

২। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা।

উত্তৰঃ সুখ মানুহৰ মনৰ পৰা উদ্ভুত এক অৱস্থা। মনৰ সন্তুষ্টি আৰু তৃপ্তিৰ অনুভৱেই সুখ। সুদীৰ্ঘ জীৱনৰ বিভিন্ন কৰ্মৰ মাজেদি মানুহে কেৱল সুখী হ’বলৈ বিচাৰে। কাৰণ দুখৰ সংজ্ঞা কেৱল যন্ত্রণা; ই জীৱন দুর্বিসহ কৰি তোলে।

সুখৰ সন্ধানত মানুহ ব্যাকুল হ’লেও ইয়াক সহজে পাব নোৱাৰি সুখৰ পথ নিষ্কণ্টক নহয়। সুখ পাবলৈ হ’লে মানুহে নিঃস্বার্থভাৱে কাম কৰিব লাগিব।

সেই কাম কেৱল নিজৰ বা আপোনজনৰ বাবে নহয়। স্বার্থ ত্যাগ কৰি, আনৰ হিত সাধন কৰি আৰু পৰক আপোন কৰি তেওঁলোকৰ দুখ মোচনৰ বাবে আগুৱাই গৈ কৰ্মত নিজক নিয়োগ কৰিব লাগে। তেনে কৰ্মৰ ফল অন্যজনৰ বাবে ফলদায়ক হয়৷ তেওঁলোকৰ মুখত হাঁহি বিৰিঙি উঠা দেখিলেও সুখ অনুভৱ কৰিব পাৰি৷ আত্মকেন্দ্ৰিক লোকক কোনেও ভাল চকুৰে নাচায়৷ পৃথিৱীৰ সকলো লোক আপোন ভাই-ভনীৰ দৰে এনে প্রেমময় ভাব আৰু উদাতা সুখ আহৰণৰ উৎস। সেই বিশ্বপ্ৰেমতহে সুখ বিচাৰি পোৱা যায় বুলি কবিয়ে কৈছে।

৩। ব্যাখ্যা কৰা :

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিত থকা আনন্দ চন্দ্ৰ আগৰৱালাৰ ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

মানৱ জীৱনত সুখৰ উৎসৰ বিষয়ে ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

মানুহ মাত্রেই সুখৰ সন্ধানী। আজীৱন মানুহে সুখ বিচাৰে সকলোতে৷ প্ৰকৃত সুখৰ কোনো নির্দিষ্ট ধাৰণা নথকা বাবে মানুহে সুখ বিচাৰি হাবাথুৰি খায়। সুখৰ বাট বুলিবলৈ গৈ মানুহে পায় দুখৰ উপৰি দুখ। মানুহক সুখৰ সন্ধান দিবলৈ কবিয়ে চেষ্টা কৰিছে। তেওঁ বুজি পাইছে যে কেৱল নিজৰ নিমিত্তে সুখ বিচাৰি থাকিলে সুখে আহি ধৰা নিদিয়ে। পৰৰ উন্নতিৰ মাজতহে বিচাৰি পোৱা যায় সুখ। পৰৰ উন্নতি বা হিতৰ কাৰণে খাটিৰ পৰাজনেহে নিজৰ মনত সুখ অনুভৱ কৰে। পৰৰ দুখত দুখী হৈ তেওঁলোকক সহায় কৰোঁতাজনহে সুখী হয়। পৰৰ অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰোঁতাজনৰহে সুখৰ অভাৱ নোহোৱা হয়। পৰৰ সুখৰ কাৰণে চকুলো টুকিব পাৰিলেহে নিজৰ সুখলৈ ঠাই হয়। ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে কবিয়ে এই কথাকেই ক’ব খুজিছে।

(খ) গাই-গোটা পেটে         ভঁৰাল নহ’বা

                লোকৰ দুখলৈ চোৱা,

        মানুহৰ সেৱা            মানুহৰ পূজা

              পৱিত্ৰ বৰত লোৱা।

উত্তৰঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

মানুহৰ সেৱাৰ মাজত কিদৰে সুখৰ সন্ধান পোৱা যায় তাকে ক’বলৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে। সুখ বিচাৰি মানুহে ওৰে জীৱন অতিবাহিত কৰে। নিজৰ সুখৰ বাবেই ঘাইকৈমানুহে কষ্ট কৰে৷ বহু সময়ত মানুহ নিজৰ পাৰ্থিৱ সুখক লৈ ইমান ব্যস্ত থাকে যে পৃথিৱীৰ অইন মানুহৰ কথা পাহৰিয়েই থাকে। তেওঁলোকৰ মনত অহং ভাবে ক্রিয়া কৰে আৰু দুখীহে হৈ পৰে। কিয়নো নিঃস্বার্থভাৱে লোকৰ উন্নতিৰ চিন্তা কৰাজনেহে সুখৰ বাট বিচাৰি পায়। স্বাৰ্থপৰ লোকৰ জীৱনৰ বাট কাঁইটীয়া হয় ৷ সেয়ে কবিয়ে অইনৰ দুখক উপলব্ধি কৰি সেই দুখ নিৰাময়ৰ হকে খাটিবলৈ কৈছে। নিঃস্ব বা আতৰ্জনৰ সেৱা কৰাটোতহে সুখ লুকাই থাকে। মানৱ ধৰ্মহে পৰম ধৰ্ম, মানুহৰ পূজা কৰিলেহে সুখী হোৱাৰ আশীষ পাব পাৰি। তাকে নকৰি কেৱল নিজৰ কথা ভাবিলে মায়া-মোহত বন্দী মানুহে দুখী জীৱন কটোৱাৰ বিকল্প নাথাকে। ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা কবিয়ে ক’ব খুজিছে যে মানুহৰ সেৱাই মানুহৰ পবিত্ৰ ব্ৰত হোৱা উচিত আৰু তাৰ মাজতেই নিহিত থাকে জীৱনৰ সুখ ৷

(গ)  স্বাৰ্থৰ বাটত          দুখৰ কাঁইট

           খোজেপতি বিন্ধে হুলে,

    নিস্বাৰ্থৰ বাট       সেন্দুৰীয়া আলি

            সুগন্ধি কুসুম ফুলে।

উত্তৰঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। প্রকৃত সুখৰ কাৰণৰ বিষয়ে ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে। মানুহ মানেই সুখবলিয়া। সুখৰ সন্ধানেই মানুহৰ জীৱনৰ মুখ্য উদ্দেশ্য। পিচে সুখ বিচাৰি থাকোতে মানুহে অইনৰ কথা পাহৰিয়েই থাকে, কেৱল নিজৰ সুখৰ নিমিত্তেহে অহোপুৰুষাৰ্থ কৰে। মানুহে বুজি নুঠে যে পৰৰ হিততহে লুকাই থাকে নিজৰ সুখ-আনন্দ ৷ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ মানুহে দুখহে পায় কেৱল। কবিয়ে সেয়ে জীৱনৰ কাঁইটীয়া বাট পৰিহাৰ কৰিবলৈ মানুহক নিঃস্বার্থ ভাবেৰে মানৱৰ পূজা কৰিবলৈ কৈছে। আত্মকেন্দ্ৰিক মানুহে সুখী হ’ব নোৱাৰে কিয়নো পৰৰ সুখতহে লুকাই থাকে নিজৰো সুখ। পৃথিৱীৰ সকলো লোকক আপোন ভাই-ভনী জ্ঞান কৰি তেওঁলোকৰো উন্নতিৰ নিমিত্তে চিন্তা কৰিলেহে মানুহে সুখ বিচাৰি পাব পাৰে। আনকি বিশ্বপ্ৰেমৰ বাণী বিলোৱাজনৰ কোনোদিন সুখৰ ওৰ নপৰে বুলিও কবিয়ে কৈছে।

নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

ভাষা বিষয়ক :

১। উদাহৰণটো চাই বাকীকেইটা কৰা ঃ উদাহৰণ: আপোন – পৰ

দুখ, স্বার্থ, অভাৱ, সন্তোষ, হাঁহি।

উত্তৰঃ

    দুখ ― সুখ

     স্বাৰ্থ ― নিঃস্বাৰ্থ

     অভাৱ ― উভৈনদী

      সন্তোষ ― অসন্তোষ

      হাঁহি  ― কান্দোন

২। উদাহৰণটো চাই বাকীকেইটা কৰা ঃ উদাহৰণ: সামৰ্থ : সামর্থ্য 

ধৰম, কৰৰ্ম, বিৰিখ, যতন, মুকুতি

উত্তৰঃ 

ধৰম ― ধৰ্ম

কৰম ― কৰ্ম

বিৰিখ ― বৃক্ষ

যতন  ― যত্ন

মুকুতি ― মুক্তি

Leave a Reply