Class-9 Assamese Question Answer| Chapter-11| যুঁজ

Class-9 Assamese Question Answer| Chapter-11| যুঁজ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Answer| Chapter-11| যুঁজ and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Answer| Chapter-11| যুঁজ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Answer| Chapter-11| যুঁজ Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাব বিষয়ক :

অতি চমুকৈ উত্তৰ লিখা :

(ক) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল?

উত্তৰঃ প্ৰশাস্তৰ বেগৰ পৰা টকা চুৰি হৈছিল।

(খ) সিদ্ধাৰ্থহঁতৰ শ্রেণী শিক্ষকগৰাকীৰ নাম কি?

উত্তৰঃ সিদ্ধাৰ্থহঁতৰ শ্রেণী শিক্ষকগৰাকীৰ নাম আছিল মহেন্দ্ৰ মাষ্টৰ৷

(গ) নির্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল?

উত্তৰঃ নির্মলে সিদ্ধাৰ্থক বিচাৰি দোকানলৈ গৈছিল।

(ঘ) সিদ্ধার্থই পেঞ্চিলৰক্সত কি সাঁচি থৈছিলে?

উত্তৰঃসিদ্ধার্থই পেঞ্চিল বক্সত দেউতাকে তালৈ অনা চকলেটৰ কাগজবোৰ সাঁচি থৈছিল।

 (ঙ) নির্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল?

উত্তৰঃ নিৰ্মলৰ শৰীৰত বাহ লোৱা দুৰাৰোগ্য ৰোগৰ চিকিৎসাৰ বাবে সি বহুদিনৰ বাবে বাহিৰলৈ যাব লগীয়া হৈছিল।

২। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

(ক) সিদ্ধার্থই কিয় প্রশান্তৰ বেগৰ পৰা পইচা চুৰি কৰিছিল?

উত্তৰঃ  স্কুলীয়া বয়সতে সিদ্ধাৰ্থ আৰু মাকক এৰি সিদ্ধাৰ্থৰ দেউতাক ক’ৰবলৈ গুচি গৈছিল। মাকেও সিদ্ধাৰ্থৰ প্ৰতি সিমান মনোযোগ নিদিছিল, ফলত সিদ্ধার্থ হতাশা আৰু নিঃসংগতাত ভুগিছিল। নিজৰ শূন্যতাখিনি পাহৰিবলৈ সিদ্ধার্থই অৱলম্বন হিচাপে আঁকোৱালি লৈছিল ড্ৰাগছৰ নিচাক। ড্ৰাগছ কিনিবলৈ সিদ্ধাৰ্থক পইচাৰ প্ৰয়োজন হৈছিল৷ প্ৰশাস্তৰ বেগৰ পৰাও ড্ৰাগছ কিনিবলৈকে সিদ্ধার্থই পইচা চুৰি কৰিছিল।

(খ) কি কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল?

উত্তৰঃ স্কুলীয়া বয়সতে সিদ্ধার্থক দেউতাকে এৰি গৈছিল আৰু মাকেও বিশেষ গুৰুত্ব নিদিছিল। ফলতু সিদ্ধার্থ আৱেগিক সম্পৰ্কৰ পৰা বঞ্চিত হৈছিল। ক্রমান্বয়ে সি হতাশা আৰু নিঃসংগতাত ভুগিছিল। লাহে লাহে স্কুল খতি কৰিবলৈ লৈছিল। অনাই বনাই ঘূৰি ফুৰিলেও অনুশাসন শিকাবলৈ সিদ্ধাৰ্থৰ যেন কোনো নাছিল। মৰম স্নেহ, আৱেগিক গুৰুত্ব ইত্যাদি সকলো হেৰুৱাই এক ধৰণৰ আশ্ৰয় বা অৱলম্বন বিচাৰি সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল।

(গ) নির্মলে সিদ্ধার্থক বিচাৰি কিয় পাণদোকানখনলৈ গৈছিল ?

উত্তৰঃ  সিদ্ধার্থই নিজৰ হাতাশা আৰু নিঃসংগতাৰ পৰা মুক্তিৰ পথ বিচাৰি থকাটো গম পাইছিল স্কুলৰ কাষৰ পাণ দোকানীজনে। এদিন তেওঁ মুক্তিৰ বাট হিচাপে সিদ্ধাৰ্থৰ হাতত গুজি দিছিল এটা চিগাৰেট ড্ৰাগছৰ চিগাৰেট। সিদ্ধার্থক চিগাৰেট ি থকা দুই-এদিন নির্মলে দেখিছিল। দোকানখনত প্ৰায়েই সিদ্ধার্থ থকাৰ্মৰ চকুত পৰিছিল। স্কুলীয়া ল’ৰা-ছোৱালীৰ প্ৰতি দোকানীজনৰ অতিৰিক্ত আগ্ৰহৰ কথা নির্মলে জানিছিল আৰু ভাল নাপাইছিল। সেইজন দোকানীৰ লগত সিদ্ধাৰ্থৰ কথা-বতৰা হোৱাটো লৈ নিৰ্মলৰ শংকা উপজিছিল। হঠাৎ সিদ্ধাৰ্থ স্কুললৈ নহা হ’ল বিচাৰি যাবলৈও তাৰ ঘৰ কোনো চিনি নাপাইছিল। উপায়ন্তৰ নাপাই নির্মলে সিদ্ধা বিচাৰি পাণ দোকানখনলৈ গৈছিল।

(ঘ) সিদ্ধার্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ’ব খোজা নাছিল?

উত্তৰঃ সিদ্ধাৰ্থ আৰু নিৰ্মল সহপাঠী মাক-দেউতাকৰ মৰম, অনুশাসন, গুৰুত্ব সকলো হেৰুৱাই সিদ্ধার্থই হতাশা আৰু নিঃসংগতাত ভুগিছে। সেইবোৰৰ পৰা উদ্ধাৰ হোৱাৰ অৱলম্বন হিচাপে সি আঁকোৱালি লৈছে ড্ৰাগছৰ নিচাক। সিদ্ধাৰ্থৰ নানা পৰিৱৰ্তনলৈ লক্ষ্য কৰি সহপাঠী নিৰ্মলে তাক ওভোতাই অনাৰ চেষ্টা কৰিলে। অপাৰ স্নেহেৰে সিদ্ধাৰ্থৰ যন্ত্ৰনাবোৰ জানিব খুজিলে। কিন্তু সিদ্ধাৰ্থ নিৰ্মলৰ সন্মুখীন হ’ব খোজা নাছিল৷ কিয়নো মৰম, আন্তৰিকতা সি কাহানিবাই হেৰুৱাইছে আৰু যন্ত্ৰণাত মৌন হৈ থাকিবলৈকে সি শিকিছে। নিৰ্মল যদি তাৰ আশ্ৰয় হৈ নাথাকে তেন্তে সি কথাবোৰ কৈয়েইবা কি লাভ! সিদ্ধার্থই জানিছিল নির্মলক কথাবোৰ কোৱা মানে ড্ৰাগছৰ আশ্ৰয় হেৰুওৱা। সকলো হেৰুৱাই থকাটো তাৰ কাৰণে সম্ভৱপৰ নহয় আৰু ইমানদিনে নোকোৱা কথাবোৰ হঠাৎ কাৰোবাক কৈ দিয়াটোও ইমান সহজ নহয়। সেয়ে সিদ্ধার্থই প্রথমতে নিৰ্মলৰ মুখামুখি হ’ব খোজা নাছিল।

(ঙ) নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধার্থই কি কৈছিল?

উত্তৰঃ  নির্মল আছিল সিদ্ধাৰ্থৰ বাবে আশাৰ প্ৰতীক, আনন্দৰ বার্তাবাহক, সপোনৰ ধ্বজাবাহক। সেই নিৰ্মলৰ জটিল ৰোগৰ খবৰে স্বাভাৱিকতে সিদ্ধার্থক বাকৰুক্ষ, নিস্পন্দ কৰি তুলিছিল। দুচকুৰে বৈছিল অবিৰাম চকুলো। সেপ ঢুকি ঢুকি কোনোমতে নিৰ্মলক সিদ্ধার্থই কৈছিল যে নিৰ্মলে বিচৰা ধৰণে ড্ৰাগছৰ পৰা আঁতৰি প্ৰকৃতি আৰু কিতাপৰ জগতখনত সি জীৱন বিচাৰিবলৈ চেষ্টা কৰিব। ইয়াকো কৈছিল যে নিৰ্মলৰ কায়িক অনুপস্থিতিৰ সিদ্ধাৰ্থৰ ভিতৰৰ মানুহজনে অর্থাৎ আত্মিক উপস্থিতিয়ে সিদ্ধাৰ্থক অনুপ্রাণিত কৰিব জীৱনৰ সপক্ষে যুঁজা যুদ্ধখনত আগ বাঢ়ি যাবলৈ ।

৩। তোৰ কি হৈছে, মোক ক’বই লাগিব সিদ্ধার্থ – নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধার্থক কেনেকৈ প্ৰভাৱিত কৰিছিল?

উত্তৰঃ সিদ্ধার্থ মৰম হেৰুওৱাৰ যন্ত্ৰণাত ছাটি-ফুটি কৰি জীয়াই থকা এজন কিশোৰ। দেউতাকে এদিন তাক এৰি ক’ৰবালৈ গুচি যায় আৰু মাকৰ তাৰ প্ৰতি বিশেষ গুৰুত্ব নাই। মাক-দেউতাকৰ মৰম আৰু অনুশাসনৰ পৰা একপ্ৰকাৰ বঞ্চিত সিদ্ধার্থ। সেয়ে নির্মলৰ অনুশাসন মিহলি কথাষাৰিয়ে তাক যেন শান্তিৰ উমান দিছিল। নিৰ্মলৰ কথাষাৰিত সোমাই থকা মৰম আৰু আস্তৰিকতাৰেইতো তাক প্রয়োজন। নির্মলৰ কথাৰ মাজত সি শুনা পায় আশাৰ সংগীত, পোৱাৰ সুৰ। আপোনত্বৰ শিকলিৰে সি যেন নিৰ্মলৰ সতে বান্ধ খাব পাৰিব – সিদ্ধাৰ্থৰ এনে লাগিছিল ৷

৪। সিদ্ধার্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা।

উত্তৰঃ সিদ্ধাৰ্থক সৰুতেই দেউতাকে এৰি গৈছিল ৷ বুজন হোৱাৰে পৰা সি মাক-দেউতাকৰ মাজত হোৱা কাজিয়াবোৰ দেখিছিল। চিঞৰ-বাখৰ, তর্ক-বিতৰ্কৰ মাজত সি অবাক হৈ থিয় দি ৰৈছিল ৷ তাৰ প্ৰতি দুয়োৰে নাছিল ভ্রূক্ষেপ। মাকৰ পৰা প্ৰয়োজনীয় গুৰুত্ব সিদ্ধার্থই নাপাইছিল৷ মাকৰ বুকুৰ উম, কোমল হাতৰ পৰশ সিদ্ধার্থই সেই বয়সতে হেৰুৱাইছিল । সাধু শুনি টোপনি যোৱা বয়সত সিদ্ধার্থই উজাগৰী নিশা কটাইছিল। ছুটীৰ পাছত সি অনাই-বনাই ঘূৰি ফুৰিছিল। কেতিয়াবা মাকে বৰ কঠোৰ ভাষাৰে তাক কথা শুনাইছিল। এনেবোৰ কথাৰ বাবেই যি বয়সত বুকু ভৰিব লাগিছিল মৰমেৰে, সিদ্ধাৰ্থৰ বুকু ভৰিছিল কেৱল নিঃসংগতাৰে।

৫। নির্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা।

উত্তৰঃ সিদ্ধাৰ্থ আৰু নিৰ্মল সহপাঠী। পঢ়া-শুনাত নিৰ্মল চোকা আৰু শ্ৰেণীতো নিয়মীয়া। সিদ্ধাৰ্থও হাঁহিমুখীয়া আৰু সকলোৰে লগত খেল-ধেমালিত ভাগ লয়। কিন্তু কেইদিনমানৰ পৰা সিদ্ধার্থ গহীন, খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰাটো নিৰ্মলে লক্ষ্য কৰিছে ৷ আনকি সিদ্ধার্থই শ্ৰেণীকোঠাত সকলোৰে পৰা আঁতৰি পিছফালে বহাও নির্মলে মন কৰিছে । ঘৰত কৰিবলৈ দিয়া কামো সিদ্ধার্থই প্রায়ে নকৰে আৰু মাজে মাজে স্কুলো ক্ষতি কৰে। কথাবোৰত কিবা খেলিমেলি থকা যেন লাগিল । নিৰ্মলৰ। সিদ্ধাৰ্থৰ দৰে হাঁহিমুখীয়া বন্ধুক হেৰুৱাব নোৱাৰি। সেয়ে সিদ্ধাৰ্থৰ পৰিৱৰ্তনক নোহোৱা কৰিবলৈ নিৰ্মল যেন উঠি পৰি লাগিল। নিৰ্মলে মন কৰিছিল যে সিদ্ধাৰ্থই স্কুলৰ নাতিদূৰত থকা পাণদোকানখনলৈ প্ৰায়ে যায়। এদিন আনকি সিদ্ধাৰ্থক চিগাৰেট হুপি থকাও সি দেখিছে। বহুদিন স্কুললৈ নহা দেখি নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি পাণদোকান পালেগৈ। ভবা মতেই দোকানখনত সিদ্ধার্থক দেখি তাৰ কি হৈছে সেই বিষয়ে এক প্ৰকাৰ জোৰ দি নিৰ্মলে সুধিলে। নিৰ্মলৰ কথাৰ সুৰত আছিল মৰমমিহলি অনুশাসনৰ সুৰ। সেই আস্তৰিকতাপূৰ্ণ ব্যৱহাৰে সিদ্ধাৰ্থৰ বুকুত জমা হোৱা বিষাদৰ শিলটোক যেন খহাই পেলাইছিল। ভিতৰি সিদ্ধার্থই অনুভৱ কৰিছিল নিৰ্মলৰ মাজেৰে তালৈ বৈ অহা আলোকৰ পৰশ । বুকুভঙা যন্ত্রণাবোৰ কৈ দীঘল উশাহ ল’ব পৰা সময় যেন নিৰ্মলে আনিছে তাৰ বাবে ৷ পৃথিৱীৰ ভাললগাখিনি যেন নিৰ্মলে তাৰ বাবে কঢ়িয়াই আনিছে । দৰাচলতে মাক-দেউতাকৰ মৰম, অনুশাসন সকলো হেৰুৱাই সিদ্ধাৰ্থ নিঃসংগতাত ভুগিছিল আৰু তাৰ পৰা পলায়নৰ অৱলম্বন হিচাপে সেই পাণদোকানীয়ে তাৰ হাতত তুলি দিছিল ড্ৰাগছ। ক্রমান্বয়ে সিদ্ধাৰ্থৰ আসক্তি বাঢ়িছিল ড্ৰাগছৰ প্ৰতি আৰু তাৰ প্ৰভাৱত বাকী সকলোৰে পৰা আঁতৰি আহিছিল সি। কিন্তু নিৰ্মলৰ আন্তৰিকতাই যেন তাক নিচামুক্তিৰ বাট দেখুৱালে। সমস্ত আস্থাৰে সি নিৰ্মলক জীৱনৰ দুখৰ কথাবোৰ ক’লে। নিৰ্মলে তাক ক’লে শৰীৰত জটিল ৰোগ লৈ সি কেনেকৈ জী থাকিবলৈ যুঁজ কৰি আছে। ইয়াকো ক’লে যে প্রত্যেকৰে জীৱনত বেলেগ বেলেগ ৰূপত যুঁজ একোখন আহেই। সিদ্ধাৰ্থৰ জীৱনতো আছে। নির্মলে যুঁজাৰ দৰে ড্ৰাগছৰূপী শত্ৰুৰ বিৰুদ্ধে সিদ্ধাৰ্থয়ো যুঁজিবই লাগিব ৷ নিৰ্মলৰ মৰম আৰু দায়িত্ববোধে সিদ্ধাৰ্থৰ অন্তৰ ওপচাই দিলে। সি কথা দিলে যে সি চেষ্টা কৰিব। সিদ্ধার্থ যেন নোপোৱাৰ দুখবোৰৰ পৰা ওলাই আহিছিল। নিৰ্মলৰ মৰমে এনেদৰেই সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল ।

নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

৬ । তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি; অস্বস্তিকৰ মৌনতাৰ মাজত মাথোঁ ছট্‌ফটাবহে পাৰি’— কথাষাৰৰ অন্তর্নিহিত ভাব বিশ্লেষণ কৰা

 উত্তৰঃ মাক-দেউতাকৰ মৰম হেৰুৱাই নিঃসংগ জীৱন কটোৱা এটি কিশোৰ সিদ্ধার্থ। নির্মল তাৰ সহপাঠী৷ সকলোৰে লগত হাঁহি-ধেমালি কৰা সিদ্ধার্থ হঠাৎ গহীন, খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিছিল। জীৱনত মৰম হেৰুৱাই সিদ্ধার্থই আশ্ৰয় লৈছিল ড্ৰাগছৰ—এই আসক্তিয়ে সিদ্ধাৰ্থক যেন সকলোৰে পৰা আঁতৰাই ৰাখিছিল। সিদ্ধার্থ শ্ৰেণীত অনিয়মীয়া হৈছিল, শিক্ষকৰ কথাতো উভতি ধৰিছিল। বৰ সন্তর্পণে কথাবোৰ মন কৰিছিল নিৰ্মলে। সি যেন বুজিব খুজিছিল সিদ্ধাৰ্থৰ খেলিমেলি জীৱনটোৰ কথা। তাৰ এনে লাগিছিল যেন সিদ্ধাৰ্থক আগৰ দৰেই কৰি তুলিব। মৰমসনা অনুশাসনৰ সুৰেৰে সেয়ে সিদ্ধাৰ্থক সি সুধিছিল তাৰ কি হৈছে। সিদ্ধার্থ চমকিত হৈছিল নিৰ্মলৰ কথাৰ আন্তৰিক সুৰত৷ মৰম, আস্তৰিকতা সিতো কাহানিবাই হেৰুৱালে৷ সি দেখা মাক-দেউতাকৰ কাজিয়াৰ বিশৃংখল দিনবোৰৰ কথা পাহৰা নাই। সাধুকথা শুনি টোপনি যাব লগা দিনবোৰত কিদৰে সি উজাগৰী নিশা কটাইছিল এতিয়াও স্পষ্টকৈ তাৰ মনত আছে। যন্ত্ৰণাত মৌন হৈ থাকিবলৈকে সি শিকিছে। কিন্তু নির্মলে যে ভাঙিব খুজিছে তাৰ মৌনতা। তাৰ ভয় হৈছে কিয়নো মৰমক আওকাণ কৰিব পৰা ল’ৰা সি নহয়, অথচ ড্ৰাগছৰ নিচা এৰাও যথেষ্ট কঠিন। সিদ্ধার্থই বুজিছিল নির্মলক সকলো কোৱা মানে তাৰ একমাত্ৰ আশ্ৰয় ড্ৰাগছ হেৰুওৱা ৷

নির্মলে যে তাক মাক-দেউতাকৰ দৰে এৰি নাযাব তাৰ কি নিশ্চয়তা আছে। সেয়ে সি নিৰ্মলৰ সন্মুখীন হোৱাতকৈ যন্ত্ৰণাত মৌন হৈ থকাই ভাল বুলি ভাবিছিল। আৰু ইমানদিনে নোকোৱা কথাবোৰ এনদৰে হঠাৎ কাৰোবাক কৈ দিয়াটো ইমান সহজো নহয়৷ তাৰ বাবে সিদ্ধার্থক লাগিব মানসিক প্রস্তুতি। প্রশ্নোদ্ধৃত কথাষাৰিৰ মাজেৰে লেখকে এই কথাকেই ক’ব খুজিছে।

৭। হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি – ইমানেই তীব্র সেই শূন্যতাৰ ভাৰ— দুখৰ দাহন’ কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা।

উত্তৰঃ প্রশ্নোঙ্কৃত কথাষাৰত সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। সিদ্ধার্থ নিঃসংগ কিশোৰ। স্কুলীয়া বয়সত সি মাক-দেউতাকৰ পৰা পাবলগীয়া প্রয়োজনীয় মৰম পোৱা নাছিল। বৰং বুজন হোৱাৰে পৰা মাক-দেউতাকৰ মাজত হাই-কাজিয়া, চিঞৰ-বাখৰহে দেখি-শুনি আহিছিল। মাক-দেউতাক কাৰ হৈ সি কথা ক’ব সেই প্রশ্নই তাৰ কোমল অস্তৰ থকা-সৰকা কৰিছিল। সাধু শুনি টোপনি যাবলগীয়া বয়সত সি উজাগৰী নিশা কটাইছিল । তাৰ চকুপানীয়ে মাক-দেউতাকক একেলগ কৰি ৰাখিব নোৱাৰিলে। এদিন দেউতাকে মাকৰ সতে তাক এৰি ক’ৰবালৈ গুচি গৈছিল। মাকৰ অন্তৰতো যেন আৱেগ, মৰম আদি শুকাই গৈছিল । তাৰ প্ৰতি নাছিল কোনো বিশেষ গুৰুত্ব। সিদ্ধাৰ্থৰ জীৱনলৈ যেন শূন্যতা নামি আহিছিল ৷ কেতিয়াবা অনাই-বনাই ঘূৰি ফুৰিছিল, স্কুললৈ নগৈছিল–কথাবোৰলৈ মাকে বিশেষ মন নিদিছিল। মৰম আৰু অনুশাসন– এইবোৰে সিদ্ধাৰ্থৰ জীৱনৰ পৰা বিদায় মাগিছিল। অসম্ভৱ শূন্যতাবোধে সিদ্ধার্থক খুলি খাইছিল। আনকি সি হাঁহিবলৈ পাহৰি গৈছিল ৷ খেলিবলৈ বা শুবলৈও তাৰ ভয় লাগিছিল। শোকে খুন্দা মৰা গধুৰ বুকুৱে তাক কেৱল সকলোৰে পৰা আঁতৰাই আনিছিল প্রশ্নোদ্ধৃত কথাষাৰেৰে লেখকে সিদ্ধাৰ্থৰ মনৰ এই দিশবোৰকেই আঙুলিয়াই দিব খুজিছে।

৮।সিদ্ধার্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল আৰু পাছত তাৰ কিয় অন্তর্দন্দ হৈছিল বুজাই লিখা।

উত্তৰঃ সিদ্ধার্থই ড্ৰাগছ কিনিবলৈ মাকৰ খাৰুযোৰ চুৰি কৰিছিল। নিঃসংগতাৰ পৰা উদ্ধাৰ পাবলৈ সিদ্ধাৰ্থই ড্ৰাগছ খাবলৈ লৈছিল । ড্ৰাগছ কিনিবলৈ বহুত পইচাৰ প্ৰয়োজন, স্কুলীয়া ল’ৰাৰ ওচৰত ইমান পইচা নাথাকে। সেয়ে প্রথমে সি মাকে অসাৱধানভাৱে থোৱা পইচাবোৰ চুৰি কৰিছিল। তাৰ পাছত স্কুলৰ সহপাঠীৰ পৰাও মনে মনে পইচা নিবলৈ ধৰিলে। এদিন মাকে গা ধুবলৈ যাওঁতে সি খাৰুযোৰ লৈ গ’ল। বিক্ৰী কৰি পোৱা ধনেৰে ড্ৰাগছ খাবলৈ সাজু হ’ল। মাকে পুতেকৰ কথা নাভাবি ঘৰৰ কাম কৰা ছোৱালীজনীয়ে চুৰি কৰা বুলি ভাবিলে আৰু পুলিচে ছোৱালীজনীক লকআপত ভৰাই থ’লে। খাৰযোৰ নিয়াৰ পাছত অৱশ্যে সিদ্ধাৰ্থৰ নিজৰ মাজতে বহু প্রশ্ন হৈছিল। অ ভুগিছিল সি। ভুল কৰি পেলালে যে সেই কথা সি বুজি উঠিছিল। কাম কৰা। ছোৱালীজনীয়ে বিনা দোষত শাস্তি খাবলগীয়া হ’ল, তাইৰ কবল মুখখনে তাক বহুত কষ্ট দিলে। ড্ৰাগছৰ প্রতি আসক্তি যে ভাল কথা নহয় সেয়াও সি বুজি উঠিছিল। নিজে কৰা দোষৰ ভাৰ অইনৰ ওপৰত দি সিদ্ধাৰ্থ সুখী হ’ব পৰা নাছিল। তাৰ সংবেদনশীল মনটোৱে সেয়ে হাহাকাৰ কৰি উঠিছিল কাম কৰা ছোৱালীজনীৰ বাবে।

৯। ‘আচলতে মন গ’লেই সুখী হ’ব পাৰি জান। – নির্মলে কি প্ৰসংগত সিদ্ধার্থ এনেদৰে কৈছিল বুজাই লিখা।

উত্তৰঃ সিদ্ধাৰ্থ আৰু নিৰ্মল সহপাঠী ৷ সৰুতে দেউতাকে সিদ্ধার্থক মাকৰ লগত এৰি ক’ৰবালৈ শুচি গৈছিল৷ সিদ্ধার্থই মাক-দেউতাক উভয়ৰে মৰম-আদৰ শৈশৱত নাপালে। নিঃসংগতাৰ পৰা উদ্ধাৰ পাবলৈ সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় ল’লে৷ ড্ৰাগছ আসক্তি বাঢ়ি যোৱাত সিন্ধাৰ্থক পইচাৰ প্ৰয়োজন হয় আৰু সি পইচা চুৰি কাৰ্যতো জড়িত হয়। ইপিনে সহপাঠী নিৰ্মল নাছোৰবান্দা। সিদ্ধাৰ্থৰ দুখৰ কাৰণ জানিহে এৰিব। নিৰ্মলৰ কথাৰ সুৰত সিদ্ধার্থই আপোন আপোন গোন্ধ এটা পালে। মনৰ দুখবোৰৰ কথা প্ৰাণখুলি নিৰ্মলক ক’বলৈ মন কৰিলে আৰু ক’লেও। জীৱনটো প্ৰবঞ্চনা যেন লাগিব ধৰিছিল সিদ্ধাৰ্থৰ। কিন্তু প্রশ্নোঙ্কৃত কথাষাৰেৰে নিৰ্মলে সিদ্ধাৰ্থক ইতিবাচক কৰি তুলিবলৈ চেষ্টা কৰিলে। নিৰ্মলৰ মতে প্রকৃতি জগতক ভাল পোৱা মানুহ কেতিয়াও নিঃসংগ নহয়। সুখী হোৱাটো নিজৰ মনৰ কথা। প্রকৃতি জগতৰ মাজতেই মানুহে সুখী হোৱাৰ উপাদানসমূহ বিচাৰি পাব পাৰে। জীৱনক ভাল পোৱা মানুহক জীবনে প্ৰবঞ্চনা নকৰে বুলিও নির্মলে ভাবে। নদী, পাহাৰ, আকাশ, জোন – প্ৰকৃতিৰ এই উপাদানবোৰেই সুখ কঢ়িওৱা কাৰক একো একোটা। মনেৰে সুখী বুলি ভাবিব পাৰিলেই সুখ সকলোতে পোৱা যায় – নির্মলে তাকেই বিশ্বাস কৰে। লেখকেও প্রশ্নোঙ্কৃত কথাষাৰিৰে তাকেই ক’ব খুজিছে।

১০। ব্যাখ্যা কৰা :

(ক) নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে।

উত্তৰঃপ্রশ্নোঙ্কৃত কথাষাৰি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° মৃণাল কলিতাৰ ‘যুঁজ’ শীৰ্ষক গল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে। 

সিদ্ধাৰ্থৰ মানসিক অৱস্থা বুজাবলৈ লেখকে প্ৰসংগক্ৰমে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।

সিদ্ধাৰ্থ আৰু নিৰ্মল সহপাঠী।হাঁহিমুখীয়া সিদ্ধার্থই সকলোৰে লগত খেলে। কিন্তু কিছুদিন ধৰি সি হৈ পৰিছিল গহীন, খিংখিঙীয়া আৰু বেপৰোৱা। স্কুলৰ হোমাবৰ্ক নকৰাকৈ থাকিছিল, আনকি সিদ্ধার্থই প্রায়ে স্কুলো ক্ষতি কৰিছিল। কথাবোৰলৈ মন কৰি এদিন নির্মলে তাক সুধিছিল আচলতে তাৰ কি হৈছে। নিৰ্মলৰ কথাৰ সুৰত সিদ্ধার্থই পাইছিল আপোনত্বৰ গোন্ধ। এনেদৰে তাৰ মনটোক জানিব খোজা মানুহ যে কোনো নাই ৷ মৰমেৰে দাবী কৰিব পৰা মানুহ দেউতাকো আঁতৰি গ’ল ঘৰৰ পৰা আৰু মাকৰ নাথাকিল তাৰ প্রতি বিশেষ গুৰুত্ব। মৰম, আৱেগ আদি কথাবোৰ সিদ্ধার্থই পাহবিয়ে পেলাইছিল। সেয়ে ইমান দিনৰ পাছত নিৰ্মলে জোৰ কৰি তাৰ খবৰ ল’বলৈ বিচৰা দেখি সিদ্ধাৰ্থ আৱেগিক হৈ পৰিছিল। সি যেন মৰমৰ ওচৰত দুৰ্বল ৷ কাৰোবাৰ ওচৰত যেন তাৰ অভিমান হয় মৰম হেৰুৱাই থাকিব লগা হোৱা কাৰণে। নিৰ্মলে তালৈ ঘুৰাই আনিব খুজিছিল হেৰুওৱা মৰম, সেয়ে তাৰ মন আশাবাদী হৈ পৰিছে।

 (খ) মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য ৷ 

উত্তৰঃ ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° মৃণাল কলিতাৰ ‘যুঁজ’ শীৰ্ষক গল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে। সিদ্ধাৰ্থৰ পৰিৱৰ্তনৰ কাৰণবোৰ জানিব খুজি নির্মলে কৰা উপলব্ধিৰ বিষয়ে ক’বলৈ লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে। নিৰ্মল সিদ্ধাৰ্থৰ সহপাঠী। পঢ়া-শুনাত সি চোকা। সিদ্ধার্থ হাঁহিমুখীয়া, সকলোৰে লগত খেলে। কিন্তু কেইদিনমানৰ পৰা সিদ্ধার্থই সকলোৰে পৰা আঁতৰি ফুৰাটো নিৰ্মলৰ চকুত পৰিল। সিদ্ধার্থ স্কুললৈও সদায় নহা হ’ল। এদিনৰ কথা। স্কুলৰ শ্ৰেণী শিক্ষক মহেন্দ্ৰ মাষ্টৰ থাকোতে শ্ৰেণীকোঠাত হুলস্থূল লাগিল। প্রশাস্তনামৰ ছাত্ৰগৰাকীৰ বেগৰ পৰা দুখন পঞ্চাশ টকীয়া নোট হেৰাইছিল। শিক্ষকে সকলোৰে বেগবোৰ চাই সিদ্ধাৰ্থৰ বেগত দুখন পঞ্চাশ টকাৰ নোট দেখিলে। তেওঁ ধমক লগোৱাত সিদ্ধার্থই সেই পইচা মাকে দিয়া বুলি ক’লে। মহেন্দ্ৰ মাষ্টৰে সাৱধানবাণী শুনায় যে যিদিনা ধৰা পেলাব পাৰিব সিদিনা সিদ্ধার্থই স্কুল এৰিব লাগিব৷ তাৰ পাছত এসপ্তাহ সিদ্ধার্থ স্কুললৈ নগ’ল। সিদিনা নিৰ্মলে তাক সুধিছিল যে তাৰ কি হৈছে৷ আৰু নিৰ্মলৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিব বুলিয়েই সিদ্ধার্থ পলাই আছিল। ইপিনে শ্ৰেণীত সিদ্ধার্থক নেদেখি দুষ্ট ল’ৰা সিদ্ধাৰ্থ চোৰ বুলি তেওঁ সকলোকে কৈছিল। কথাষাৰ নিৰ্মলে মানি ল’ব পৰা নাছিল। জীৱনত কিবা নঘটিবলগীয়া ঘটনা ঘটিছে যাৰ বাবে তাৰ বহু পৰিৱৰ্তন হৈছে। বিশেষ কোনো কথা নাথাকিলে চুৰি কাৰ্যত লিপ্ত হোৱা ল’ৰা সিদ্ধাৰ্থ নহয়। বাখ্যেয় কথাফাকিৰ দ্বাৰা লেখকে তাকেই বুজাইছে।

(গ) পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা। বিদ্রোহী অথচ কৰুণ চৰিত্ৰ।

উত্তৰঃ  ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° মৃণাল কলিতাৰ ‘যুঁজ’ শীৰ্ষক গল্পটোৰ পৰা তুলি দিয়া হৈছে। সিদ্ধাৰ্থৰ জীৱনৰ গোপন সত্য উন্মোচন কৰিব খুজি লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে। সিদ্ধার্থ নিঃসংগতাত ভোগা এজন কিশোৰ। স্কুলত পঢ়ি থাকোতে দেউতাক আঁতৰি গ’ল ৷ মাকৰ নাথাকিল তাৰ প্ৰতি কোনো বিশেষ দায়িত্ব। স্কুললৈ নগৈ অনাই-বনাই ফুৰিলেও ক’বলগীয়া মাকৰ একো নাথাকিছিল। সিদ্ধাৰ্থৰ বুকু দুখত ফাটি যাব খোজে ৷ মাক-দেউতাকৰ কাজিয়া চাই আৰু শুনি দিনবোৰত উজাগৰী নিশা কটাইছিল। কেতিয়াবা মাকে মৰমৰ সলনি অমনোযোগী সুৰতহে কথাবোৰ কৈছিল। মুঠতে মৰ্মহীন কঠোৰ জীৱন এটাক সাৱটি সিদ্ধার্থ হৈ পৰিছিল বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ। ড্ৰাগছ হৈ পৰিছিল তাৰ অৱলম্বন। সঠিক সময়ত সঠিক লালন-পালন হোৱা হ’লে সিদ্ধাৰ্থৰ পৰিৱৰ্তন বেয়াৰ দিশে । নগ’লহেঁতেন— লেখকে তাকেই ক’ব খুজিছে। 

(ঘ)  সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ। 

উত্তৰঃ উদ্ধৃত কথাষাৰ আমাৰ পাঠ্যপুথি ড° মৃণাল কলিতাৰ ‘যুঁজ’ নামৰ গল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে ৷ মানুহৰ জীৱন সংগ্ৰামৰ কথা কোৱাৰ প্ৰসংগতে লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে সিদ্ধাৰ্থ আৰু নিৰ্মল সহপাঠী। সিদ্ধার্থ নিঃসংগতাত ডুবি ড্ৰাগছ আসক্ত হৈ পৰে। এদিন নিৰ্মলে তাৰ কাৰণ জানিব বিচাৰিলে। নিৰ্মলৰ কথাৰ সুৰত সিদ্ধার্থই আপোনত্বৰ গোন্ধ পালে। কৈ পেলালে নিজৰ জীৱনৰ কৰুণ কাহিনীটো আৰু সেয়া জীৱনে কৰা প্ৰবঞ্চনা বুলি সি যে ভাবে সেয়াও ক’লে। নির্মল কিন্তু আশাবাদী ল’ৰা ৷ মৰমেৰে সিদ্ধার্থক ভাল জীৱন এটা দিব পৰা যায় বুলি সি বুজি উঠিছে৷ বৰ মৰমেৰে সি সিদ্ধাৰ্থক বুজাইছিল যে নদী, ফুল, তৰা, গান, আকাশ, জোন আদি প্ৰকৃতিৰ উপাদানবোৰৰ মাজতেই সুখ থাকে। সিদ্ধাৰ্থৰ জীৱনো সুখেৰে ভৰি পৰিব কেৱল জীৱনৰ যুঁজখনত সিদ্ধাৰ্থই ভাল খেলিব লাগিব। প্রত্যেকৰে জীৱনত যুদ্ধ থাকে, নির্মলেও আনকি শৰীৰত হোৱা জটিল ৰোগ এটাৰ লগত যুঁজি আছে৷ নিজৰ ভুল আৰু বেয়া দিশবোৰৰ লগত যুঁজি সিহঁতক পৰাস্ত কৰিব পাৰিলে জীৱনটো সুখেৰে উপচি পৰে। হবা-জিকালৈ বাট নাচাই জীৱনৰ যুঁজবোৰ কৰাটোৱেই মানৱ জীৱনৰ চিৰস্তন সত্য— ব্যাখ্যেয় কথাফাকিৰ মাজেৰে এই সত্যকেই লেখকে উন্মোচন কৰিব খুজিছে।

১১৷ ‘যুঁজ’ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা।

উত্তৰঃ ‘যুঁজ’ গল্পটোত এগৰাকী কিশোৰৰ মনস্তাত্ত্বিক দিশৰ বিশ্লেষণ কৰা হৈছে। আপোনজনৰ মৰমৰ পৰা বঞ্চিত হৈ ল’ৰাটোৰ নিচাৰ প্ৰতি আসক্তি বাঢ়ে। অন্ধকাৰময় জীৱন এটাৰ ফালে গতি কৰিবলৈ লওঁতে হঠাৎ পোহৰৰ দৰে আৱিৰ্ভাৱ হয় নিৰ্মলৰ ৷ সিদ্ধাৰ্থৰ সহপাঠী নিৰ্মল। নিৰ্মলে সিদ্ধাৰ্থৰ পৰা তাৰ জীৱনৰ কৰুণতম কথাবোৰ জানিব পাৰি বুজিছিল যে মৰমেৰেহে সিদ্ধাৰ্থক ঘূৰাই আনিব পৰা যাব সুস্থিৰ জীৱনলৈ। নির্মলে সিদ্ধাৰ্থক বুজাইছিল যে দৰাচলতে প্রত্যেক মানুহৰে জীৱনত যুঁজ একোখন থাকে ৷ বেয়া চিন্তা, অসৎ মনোবৃত্তিৰ বিৰুদ্ধে মানুহে অহৰহ যুঁজি থাকে। নির্মলেও আনকি নিজৰ শৰীৰত হোৱা জটিল ৰোগ এটিৰ লগত যুঁজি আছে। সিদ্ধার্থয়ো হতাশ নহৈ নিজৰ সিদ্ধান্ত আৰু ভুল কথাবোৰৰ লগত যুঁজিব লাগিব। হৰা-জিকাৰ কথালৈ মন নকৰি যুঁজ কৰি যোৱাটো প্ৰকৃতিৰ নিয়ম । এগৰাকী কিশোৰৰ জীৱনলৈ অহা যুঁজৰ বিষয়ে বুজাবলৈ পাঠটোৰ ‘যুঁজ’নামকৰণ সাৰ্থক হৈছে বুলি ক’ব লাগিব ৷

ভাষা-বিষয়ক :

 ১২। ব্যাসবাক্যসহ সমাসৰ নাম লিখা :

মৃত্যুশীতল; অসহনীয়; অতল, অমীমাংসিত; বেপৰোৱা; অচিনাকি।

মৃত্যুশীতল ―মৃত্যুৰ দৰে শীতল – কর্মধায় সমাস

অসহনীয়― ন সহনীয় – নঞ তৎপুৰুষ সমাস

অতল  ― তল নাই যাৰ – বহুব্রীহি সমাস

অমীমাংসিত―ন মীমাংসিত-নঞ তৎপুৰুষ সমাস

বেপৰোৱা ― পৰোৱাৰ অভাৱ -অব্যয়ীভাৱ সমাস

অচিনাকি ― ন চিনাকি নঞ তৎপুৰুষ সমাস

১৩। বাক্য ৰচনা কৰা

উজাগৰ; অবাধ্য; অৱলম্বন; খেকুটা।

উত্তৰঃ

উজাগৰ ―উজাগৰে থাকিলে শৰীৰে কষ্ট পায় ৷

অবাধ্য ―পিতৃ-মাতৃৰ অবাধ্য হোৱা উচিত নহয়

অৱলম্বন―গুৰুবাক্য অৱলম্বন কৰি চলাটো শিষ্যৰ প্রধান কর্তব্য।

খেৰকুটা ―খেৰকুটাক আশ্ৰয় কৰিয়েই পৰুৱাটো বাচি থাকিল।

১৪। সমার্থক শব্দ লিখাঃ

নীৰৱতা ; বিষাদ; প্রস্তৰ; একাকীত্ব, আন্ধাৰ।

উত্তৰঃ  নীৰৱৰ্তা ― মৌনতা

            বিষাদ  ― দুখ

             প্ৰস্তৰ  ― শিল

         একাকীত্ব  ― নিজস্ব

          আন্ধাৰ  ― তিমিৰ, অন্ধকাৰ

Leave a Reply