Class-9 Assamese Question Answer| বৈচিত্র্যময় অসম| Chapter-5| গৰিয়া মৰিয়া আৰু দেশীসকল

Class-9 Assamese Question Answer| বৈচিত্র্যময় অসম| Chapter-5| গৰিয়া মৰিয়া আৰু দেশীসকল The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Answer| বৈচিত্র্যময় অসম| Chapter-5| গৰিয়া মৰিয়া আৰু দেশীসকল  and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Answer| বৈচিত্র্যময় অসম| Chapter-5| গৰিয়া মৰিয়া আৰু দেশীসকল

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Answer| বৈচিত্র্যময় অসম| Chapter-5| গৰিয়া মৰিয়া আৰু দেশীসকল  Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। বখতিয়াৰ খিলিজিয়ে কেতিয়া অসমত প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ বখতিয়াৰ খিলিজিয়ে ১২০৫-০৬ খৃষ্টাব্দত  অসমত প্ৰৱেশ কৰিছিল ।

প্রশ্ন ২। বখতিয়াৰ খিলিজি কিহৰ বাবে অসমত প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ বখতিয়াৰ খিলিজি তিব্বত চীন জয় কৰাৰ বাবে অসমত প্ৰৱেশ কৰিছিল ।

প্রশ্ন ৩। বখতিয়াৰ খিলিজি কাৰ হাতত পৰাস্ত হৈছিল ? 

উত্তৰঃ বখতিয়াৰ খিলিজি কামৰূপৰ ৰজা পৃথুৰ হাতত পৰাস্ত হৈছিল । 

প্রশ্ন ৪। ইছলাম ধৰ্মলৈ ধর্মান্তৰিত হােৱা প্রথম জনজাতীয় ৰজাজনৰ নাম কি ? 

উত্তৰঃ ইছলাম ধৰ্মলৈ ধর্মান্তৰিত হােৱা প্রথম জনজাতীয় ৰজাজনৰ নাম হ’ল- ‘আলিমেচ ’

প্রশ্ন ৫। অসমত কাক গৰিয়া বােলা হয় ? 

উত্তৰঃ অসমত মুছলমান সকলৰ আক্ৰমণৰ পিছত অসমত থাকি যােৱা যুদ্ধ বন্দীৰ অসমীয়া হিন্দু ছােৱালীৰ লগত বৈবাহিক সম্বন্ধৰ প্ৰভাৱত আৰু অসমত ইছলাম ধর্ম প্রচাৰ কৰিবলৈ অহা পীৰ সকলৰ প্ৰভাৱত অনেক হিন্দু ধৰ্মৰ লােক ইচলাম ধৰ্মলৈ ধর্মান্তৰিত হৈছিল । এনেদৰে ধর্মান্তৰিত হােৱা খিলঞ্জীয়া লােকসকল আৰম্ভণিতে মূল সমাজখনৰ পৰা বাদ পৰি ৰোৱা সমাজখনত অন্তর্ভুক্ত হৈ ইছলাম ধর্ম গ্রহণ কৰে । এই লােক সকলেই গৰীয়া বা গিয়া বুলি পৰিচিত হ’ল ।

প্রশ্ন ৬।  আহােম ৰাজত্ব কাললৈকে অসমত একাংশ খিলঞ্জীয়া লােকে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ দুটা কাৰণ বর্ণনা কৰা । 

উত্তৰঃ বখতিয়াৰ খিলিজিকে ভিতৰ কৰি মােগল সকললৈকে এই সকলৰ অসম আক্ৰমণৰ উদ্দেশ্যে আহি তাৰে কিছুলােক অসমত যুদ্ধবন্দী হিচাপে থাকি যায় । সেই সকল লােকে অসমৰ হিন্দু ছােৱালী বিয়া কৰােৱাৰ ফলত কিছু হিন্দু লােকে ইছলাম ধর্ম গ্রহণ কৰে । একাংশ খিলঞ্জীয়া লােকে ইছলাম ধর্ম গ্রহণ কৰা আন এটা কাৰণ হ’ল ইছলাম ধর্ম প্রচাৰৰ অৰ্থে অসমলৈ অহা পীৰ সকলৰ ধৰ্মৰ বাণী শুনি মােহিত হােৱা । অসমীয়া ভাষা – সাহিত্যৰ ভঁৰাল চহকী কৰা মহান পীৰ হজৰত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ সমূহ তাৰেই জীৱন্ত উদাহৰণ । 

প্রশ্ন ৭। মৰিয়া আৰু দেশী জনগােষ্ঠীৰ বিষয়ে বর্ণনা কৰা । 

উত্তৰঃ আহােম ৰাজত্ব কালত কাহ – পিতলৰ সতে জড়িত ইছলাম ধৰ্মাৱলম্বী লােকসকলক মৰিয়া বুলি জনা যায় । মৰিয়া লােকসকলৰ অৱস্থিতি উজনি অসমৰ কিছু অঞ্চল , নগাঁও জিলা , নামনিৰ গুৱাহাটীৰ উজান বজাৰ আৰু হাজোত পােৱা যায় । 

দেশীসকল মূলতঃ অবিভক্ত গােৱালপাৰা জিলাৰ বাসিন্দা । অবিভক্ত গােৱালপাৰাৰ কোচ – ৰাজবংশী ভাষা – সংস্কৃতিসম্পন্ন ইছলাম ধৰ্মী খিলঞ্জীয়া লােকসকলক দেশী বা দেশী মুছলমান বুলি জনা যায় । দেশী সকল মূলতঃ কোচ – ৰাজবংশী , মেচ কছাৰী আদি খিলঞ্জীয়া জনগােষ্ঠীৰ পৰা ধর্মান্তৰিত হােৱা লােক । 

প্রশ্ন ৮। চমুটোকা লিখা— 

( ক ) বাঘ হাজৰিকা , ( খ ) আজান ফকীৰ চাহাব , ( গ ) চৈয়দ আব্দুল মালিক ( ঘ ) নবাব ছেহিদুৰ ৰহমান ।

( ক ) বাঘ হাজৰিকা :

উত্তৰঃ বাঘ হাজৰিকা :- প্রকৃত নাম ইছমাইল ছিদ্দিকী । বাঘৰ সৈতে যুদ্ধ কৰি পৰাভূত কৰা শক্তিৰ বাবে বাঘ নাম অর্জন কৰিছিল । অদম্য সাহস আৰু কর্মদক্ষতাৰ বাবে আহােম ৰাজত্বকালত হাজৰিকা পদবী লাভ কৰিছিল । শৰাইঘাট ৰণত লাচিত বৰফুকনৰ সহযােগী পালি সেনাপতিৰূপে প্ৰৱল পৰাক্ৰমেৰে মােগলৰ বিৰুদ্ধে যুঁজিছিল ।

( খ ) আজান ফকীৰ চাহাব :

উত্তৰঃ আজান ফকীৰ চাহাব :- যিসকল মুছলমান ধর্মগুৰুৱে পৱিত্ৰ ইছলাম ধৰ্মৰ বাণীসমূহ সহজ – সৰল ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল , তাৰ ভিতৰত আজান ফকীৰ অন্যতম । আজান ফকীৰৰ অন্য নাম শাহ মিলান । আজান ফকীৰ চাহাব সুদূৰ বাগদাদৰ পৰা ইছলাম ধর্ম প্রচাৰ কৰিবলৈ ভুমি অসমত থাকিবলৈ লৈছিল বুলি কোৱা হয় । কিন্তু তেওঁৰে ৰচিত দুই – এটা জিকিৰত থকা ‘ ভিখাৰী আজানে কয় আহাে পৰদেশ , ভাটিৰ পৰা আহিল চাহাব দাড়ি পৰ্কা’, এই বাক্যটোত পৰদেশ আৰু ভাটি শব্দই তেওঁক পশ্চিম অসমৰ কামৰূপ , গােৱালপাৰা আদি ঠাইৰ পৰা অহাও বুজাব পাৰে । আজান পীৰ বা শাহ মিলানৰ নামত প্রচলিত আঠকুৰি জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ । জিকিৰসমূহৰ ৰচনা কাল কোনাে কোনােৰ মতে ১৬৩৪ খ্রীষ্টাব্দ আৰু কোনাে কোনােৰ মতে ১৭৩৪ খ্রীষ্টাব্দ । ৰজা গদাধৰ সিংহৰ দিনত ৰূপাই গৰীয়া দা – ধৰা নামৰ এজন ইছলামধর্মী বিষয়াৰ চক্ৰান্তত পৰি ৰজাই তেওঁৰ চকু কঢ়াইছিল যদিও ৰজাই পিছত নিজৰ ভুল উপলব্ধি কৰিব পাৰি তেওঁক সৰাগুৰি চাপৰিত মাটি – বৃত্তি দি স্থায়ীভাৱে থাকিবলৈ দিয়ে । তাতেই তেওঁৰ মৃত্যু হয় । তেওঁ নিতৌ পুৱা – গধূলি মছজিদত আজান দিয়াৰ বাবে মানুহে তেওঁক আজান ফকীৰ বুলি কৈছিল । 

( গ ) চৈয়দ আব্দুল মালিক :

উত্তৰঃ চৈয়দ আব্দুল মালিক :- গােলাঘাট জিলাৰ নাহৰণি গাঁৱত চৈয়দ পৰিয়ালত ১৯১৯ চনৰ ১৬ মে তাৰিখে আব্দুল মালিকৰ জন্ম হয় । পিতৃৰ নাম চৈয়দ ৰহম্মত আলী । তেওঁ এগৰাকী স্বনামধন্য সাহিত্যিক আছিল । ১৯৩৫ চনত ‘বন্ধ কোঠা’ নামৰ গল্প এটা প্রথম প্রকাশ পােৱাৰ পিছৰে পৰা তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে লিখি যােৱা গল্প , উপন্যাস , নাটক , কবিতা – পুথিৰে অসমীয়া সাহিত্য চহকী কৰি থৈ গৈছে । তেওঁ ১৯৫৪ চনৰ পৰা ১৯৫৬ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লােক – সংস্কৃতি বিভাগৰ গৱেষণা আঁচনিৰ অধীনত অসমীয়া জিকিৰ আৰু জাৰী বিষয়ক গৱেষণা কৰে । ‘অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল । ১৯৯৭ চনত অসম সাহিত্য সভাই তেওঁক সাহিত্যাচার্য উপাধি প্রদান কৰে । ১৯৯২ চনত অসম উপত্যকা বঁটা , ১৯৯৩ চনত আজান ফকীৰ বঁটা , ১৯৮৮ চনত হার্মনী বঁটা , ১৯৯৫ চনত মহাপুৰুষ শংকৰদেৱৰ জীৱনকৰ্মৰ আধাৰত লিখা ‘ ধন্য নৰ তনু ভাল ’ নামৰ উপন্যাসখনৰ বাবে শংকৰদেৱ বঁটা লাভ কৰে । এই গৰাকী সাহিত্যিকে ২০০২ চনৰ ১৯ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে ।

( ঘ ) নবাব ছেহিদুৰ ৰহমান :

উত্তৰঃ নবাব ছেহিদুৰ ৰহমান :- সুভাষ চন্দ্র বসুৰ নেতৃত্বত গঠন হােৱা ‘আজাদ হিন্দ ফৌজ’ৰ এগৰাকী অন্যতম নেতা আছিল । ভাৰতৰ স্বাধীনতা যুদ্ধত ‘আজাদ হিন্দ ফৌজ’ৰ এইগৰাকী অসমীয়াই আছিল আজাদ হিন্দ ফৌজৰ প্ৰথম অসমীয়া শ্বহীদ । দ্বিতীয় মহাযুদ্ধৰ সময়ত মিত্র বাহিনীৰ বােমা বর্ষণত তেওঁৰ ১৯৪৫ চনৰ ৩

All the বৈচিত্র্যময় অসম Chapters

1 2 3 4 5 6 7 8 9 10

Leave a Reply