Class-9 Assamese Question Answer| ভাৱ সম্প্ৰসাৰণ

Class-9 Assamese Question Answer| ভাৱ সম্প্ৰসাৰণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class-9 Assamese Question Answer| ভাৱ সম্প্ৰসাৰণ  and select needs one.

SEBA CLASS 9 QUESTION ANSWER (Ass. MEDIUM)

SUBJECTSLink
EnglishClick Here
অসমীয়াClick Here
বাংলাClick Here
বিজ্ঞানClick Here
সমাজ বিজ্ঞানClick Here
हिंदी ( Elective )Click Here
ভূগোল (Elective)Click Here
বুৰঞ্জী (Elective)Click Here

Class-9 Assamese Question Answer| ভাৱ সম্প্ৰসাৰণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions From above Links . Here we have given Class-9 Assamese Question Answer| ভাৱ সম্প্ৰসাৰণ  Solutions for All Subjects, You can practice these here.

(১) প্ৰকৃতিৰ ৰাজ্যত অনিয়মৰ অস্তিত্ব নাই, সকলোতে নিয়ম, সকলোতে সৃঙ্খলা।

উত্তৰঃ এই বিশ্বত এজন সৃষ্টিকর্তাই মানৱজগত আৰু প্ৰকৃতি জগতৰ সৃষ্টি কৰিছে। কিন্তু দুয়োখন জগতৰ মাজত এক বিৰাট পার্থক্য দেখা যায়। মানৱ জীৱে সকলো জীৱতকৈ শ্ৰেষ্ঠ বুলি দাবী কৰি আহিছে। কিন্তু মানৱ জগতত কোনো নিয়মৰ স্থিৰতা নাই। মানুহে মানুহৰ প্ৰয়োজনৰ বাবে কিছুমান নিয়ম সৃষ্টি কৰে। ইয়াৰ ফলত মানুহৰ মাজত বিৰোধ ভাৱৰ সৃষ্টি হয় আৰু সেই বিৰোধৰ বাবেহে মানুহৰ মাজত বিশৃঙ্খলাৰ সৃষ্টি কৰি অশান্তি আনে। কিন্তু প্রকৃতি জগতত তেনে কোনো বেয়া নিয়মৰ সৃষ্টি, বিৰোধ ভাৱ বা বিশৃঙ্খলা নাই। বিশ্বস্রষ্টাই যি নিয়মেৰে প্রকৃতিক সৃষ্টি কৰিছে সেই নিয়মেই অনাদি কালৰে পৰা প্ৰকৃতিৰাজ্যত চলি আছে। বর্ষাকালত বৰষুণ হোৱা, বসন্ত কালত ফুল ফুলা, শীত কালত গছৰ পাত সৰা ইত্যাদি নিয়মৰ কেতিয়াও ব্যতিক্রম হোৱা নাই। সেই কাৰণে প্ৰকৃতিৰ সকলোতে শৃঙ্খলা দেখা যায় আৰু প্ৰকৃতি মানৱৰ শান্তিদায়িনী।

(২) বিজ্ঞানে মানৱ সমাজত যি দৰে উন্নতি কৰিছে, সেইদৰে ধ্বংসও আনিব পাৰে।

উত্তৰঃ বৰ্তমানৰ যুগটো বিজ্ঞানৰ যুগ। বিজ্ঞানৰ সহায়ত পৃথিৱীৰ মানুহে নানা যন্ত্র আৱিষ্কাৰ কৰি দেশৰ অৰ্থনৈতিক সমস্যাৰ সমাধান কৰিবলৈ যত্ন কৰিছে আৰু যথেষ্ট  পৰিমাণে সফলো হৈছে। যন্ত্ৰশিল্পৰ সহায়ত মানুহে কম সময়তে অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানৰ সহায়ত মানুহে বৰ্তমানত এনে কিছুমান বস্তু তৈয়াৰ কৰিছে যাক আদিতে মানুহে কল্পনাই কৰিব পৰা নাছিল। তাঁতশালত কাপোৰ বয় তাঁতীয়ে সাধাৰণভাৱে মানুহৰ চাহিদা পূৰণ কৰিছিল; কিন্তু বিজ্ঞানৰ সহায়ত মানুহে লজ্জা নিবাৰণৰ উপৰিও চখৰ বস্তু লাভ কৰিছে। আকাশী জাহাজে মানুহৰ ভ্ৰমণৰ দূৰত্ব কমাইছে 

কামৰ সময় বৃদ্ধি কৰিছে। কৃষিকার্যতো বিজ্ঞানে সহায় কৰিছে। কিন্তু বিজ্ঞানৰ সহায়ত মানুহে মাৰণাস্ত্ৰৰো আৱিষ্কাৰ কৰিছে যাৰ ব্যৱহাৰ মুহূৰ্ততে পৃথিবীক ধ্বংস কৰিব পাৰে। পৰমাণু বোমা বিজ্ঞানৰ সৃষ্টি—এই বোমা ইমান শক্তিশালী যে এটা বোমাৰ ব্যৱহাৰেই একোখন নগৰ মুহুৰ্ততে ধ্বংস কৰিব পাৰে। যোৱা দ্বিতীয় মহাযুদ্ধত জাপানৰ হিৰোচিমা আৰু নাগাচাকিত  হোৱা পৰমাণু বোমাই বিজ্ঞানৰ ধ্বংসাত্মক কার্যৰ প্ৰমাণ কৰিছে।

(৩) ছাত্ৰ জীৱনৰ কাহানিও অন্ত নাই; তুমি যিমানে শিকিবা সিমনেই শিকিবলৈ থকা দেখা পাবা।

উত্তৰঃ আমি সাধাৰণতে ভাৱো স্কুল কলেজত শিক্ষা লাভ কৰি থকা কালছোৱাতই ছাত্র জীৱন। কিন্তু দৰাচলতে মানুহৰ গোটেই জীৱনটোৱেই ছাত্রজীৱন। আজীৱন সাধনা আৰু শিক্ষা লাভ কৰাৰ পিছতো মানুহৰ শিকিব লগা বহুতো কথা থাকে স্কুল কলেজত মানুহৰ পুথিগত শিক্ষালাভ কৰা হয়। কিন্তু কার্যকৰী শিক্ষালাভ কৰিবৰ বাবে জীৱনৰ বাকীছোৱা সময়েও পর্যাপ্ত নহয়। ব্যৱহাৰিক জীৱনত মানুহৰ সন্মুখত নিতৌ একোটা সমস্যাৰ উদ্ভৱ হোৱা দেখা যায়। সেই সমস্যাবোৰৰ সমিধান কৰোতে মানুহৰ যি অভিজ্ঞতা আৰু জ্ঞান আহৰণ হয় সেয়েই প্রকৃত শিক্ষা। গতিকে শিক্ষাৰ অন্ত নাই।

(৪) ধন-সম্পত্তিৰ বিনাশ ঘটিলে তাক চেষ্টাৰে আকৌ লাভ কৰিব পাৰি  কিন্তু চৰিত্ৰৰ বিনাশ ঘটিলে তাক আৰু ঘূৰাই পোৱা নাযায়।

উত্তৰঃ মানুহৰ ধাৰণা ধন-সম্পত্তিয়ে মানুহক জীয়াই ৰাখে বাবে তাক প্ৰকৃত সম্পত্তি বোলে। কিন্তু আচলতে মানুহৰ প্রকৃত সম্পত্তি হৈছে চৰিত্ৰ। ধন-সম্পত্তি মানুহে যি কোনো প্ৰকাৰে আৰ্জিব পাৰে। কিন্তু চৰিত্রহীন হ’লে ধনী লোককো কোনোৱে সন্মান নকৰে। চৰিত্ৰ মানুহে যি কোনো প্ৰকাৰে গঠন কৰিব নোৱাৰে চৰিত্ৰ গঠনৰ বাবে সৰুৰে পৰা যত্নবান হ’ব লাগিব। চৰিত্ৰ অভ্যাসৰ দ্বাৰাহে গঠিত হয়। কোন এজন মানুহে যদি সৰুৰে পৰা ভাল কাম কৰাৰ অভ্যাস কৰে, ভাল সঙ্গত ফুৰে, ভাল কথা আলোচনা কৰে, তেন্তে, তেওঁ কেতিয়াও বেয়া কামত আগ নাবাঢ়ে। সৎকাৰ্যৰ অভ্যাসেই তেওঁক সকলো সময়তেই সহায় কৰিব। চৰিত্ৰৱান লোকৰ যি কোনো ঠাইতে সম্মান আছে। চৰিত্ৰৱান লোকক সকলোৱে মৰম চেনেহ আৰু শ্ৰদ্ধা কৰে। কিন্তু মাথোন এবাৰো চৰিত্ৰ দোষ ঘটিলে মানুহ। চৰিত্ৰহীন বুলিয়েই জনাজাত হয়—তেওঁ কেতিয়াও আকৌ সমাজত চৰিত্ৰৱান বুলি খ্যাতি লভিব নোৱাৰে।

(৫) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।

উত্তৰঃ মানুহে শাক-পাচলিৰ খেতি কৰিলে কোন ডৰা শাক ভাল হ’ব কোন ডৰা শাক বেয়া হ’ব তাক পুলিতেই চিনিব পাৰে। কাৰণ পুলিকালত যদি তাৰ গঠন ভাল হয় তেন্তে সেই শাক বা মূলা ডাঙৰ হৈ উঠিব বুলি আশা কৰিব পৰা যায়। শাক-পাচলিৰ দৰে কোন মানুহে কেনে হ’ব তাক শিশু কালতেই চিনিব পৰা যায়। যি মানুহ সৎ হ’ব সি শৈশৱ কালৰেপৰা বিনয়ী, নম্র, বাধ্য আৰু নিয়মৰ  মাজেৰে চলাফুৰা কৰে। নিয়মমতে সৰুৰেপৰা কাম কৰা অভ্যাস কৰে— পঢ়া-লিখাত মনোযোগ দিয়ে। শৈশৱ কাল ডোখৰ অবাবতে নকটায়। কিন্তু যাৰ উন্নতি হোৱাৰ আশা নাথাকে সি সৰুৰেপৰা সময়বোৰ অবাবতে কটাই উচ্ছৃঙ্খল ভাবে ফুৰা-চকা কৰে, ডাঙৰ সৰুৰ বিচাৰ নকৰে। শৈশৱত অনাই বনাই ফুৰা লোকৰ ডাঙৰত কেতিয়াও উন্নতি নহয়।

(৬) পঢ়াৰ পৰা দূৰৈৰ মাণিক হাততে পোৱা যায়। 

উত্তৰঃ মাণিক এবিধ বহুমূলীয়া বস্তু। ই ক’ত থাকে কোনো লোকেই নাজানে। কিন্তু ইয়াত কোৱা মাণিক হৈছে দেশ বিদেশৰ পণ্ডিতসকল। কোন পণ্ডিত ক’ত থাকে কোন পণ্ডিতৰ কেনে স্বভাৱ তাক জনাৰ বাবে মানুহৰ ইচ্ছা থাকিলেও ব্যক্তিগত ভাৱে লগধৰি কথা বতৰা হোৱা কোনো লোকৰ পক্ষেই সম্ভব নহয়। উদাহৰণ স্বৰূপে আমেৰিকাৰ কোনো এজন বিখ্যাত পণ্ডিতক ভাৰতীয় লোক এজনে যদি সাক্ষাৎ কৰিবলৈ যায় তেন্তে তেওঁৰ ধন আৰু সময় উভয়ৰে খৰছৰ পৰিমাণ হব বহুত বেছি। কিন্তু তাকে নকৰি যদি তেওঁৰ ৰচনাবলী আনি নিজ ঘৰতে বহি অধ্যয়ন কৰে তেন্তে তেওঁৰ বিষয়ে অধ্যয়নকাৰীজনে অনেক কথাই জানিবলৈ সমৰ্থৱান হ’ব পাৰে।

(৭) গৰুৰ আগত বজাই টোকাৰী, গৰু ঘাঁহ খাই কাণ-মূৰ জোকাৰি । 

উত্তৰঃ টোকাৰী এবিধ মিঠাসুৰীয়া বাদ্যযন্ত্ৰ— ব’ৰাগীসকলে আৰু সঙ্গীতজ্ঞ সকলে টোকাৰী বজাই গীত গাই মানুহক পৰম আনন্দ দান কৰে। কিন্তু এই টোকাৰীৰ সুৰ মিঠা নে তিতা তাক গৰুৱে নুবুজে, মানুহৰ দৰে কাণ পাতি নুশুনে; সি ঘাঁহ খাইয়ে থাকিব। সেইদৰে মূৰ্খ মানুহবিলাকৰ আগতো ভাল কথা ক’লে সিহঁতে তাৰ অৰ্থ বুজিব নোৱাৰে; সিহঁতে নিজৰ মতেৰেই গৈ থাকে বা অমূলক তৰ্ক কৰি সময় নষ্ট কৰে।

(৮) “অসমীয়াও ভাৰতীয়, আন প্ৰদেশৰ লোকবিলাকো ভাৰতীয়, গতিক ভাৰতীয়ৰ ঠাইত ভাৰতীয় আহি বসতি কৰাত আনন্দ পোৱা উদাৰতাখিনি তোমাৰ থকা উচিত।” (অম্বিকাগিৰি ৰায়চৌধুৰী)

উত্তৰঃ অসম, বঙ্গ, বিহাৰ আদি ভাৰতবৰ্ষৰ অন্তৰ্গত একো একোখন ৰাজ্য। ইয়াত বাস কৰা অসমীয়া, বঙালী, বিহাৰী প্ৰত্যেকেই ভাৰতীয় মহাজাতিৰ একোটা অঙ্গ। কিন্তু প্রাদেশিকতাৰ ঠেক গণ্ডীৰ ভিতৰত থকা হেতুকে এই বিভিন্ন জাতিবোৰৰ উদাৰতাৰ অভাৱ হৈছে, হিংসা বিদ্বেষৰ মাত্ৰা বাঢ়ি গৈছে, মিলা-প্ৰীতিৰ অভাৱ হৈছে। ইয়াৰ বাবেহে মন সংকুচিত হোৱাত আমাৰ ৰাজ্যত বসবাস কৰিবলৈ অহা আন ৰাজ্যৰ লোকক ভাল চকুৰে চাব নোৱাৰা হৈছোঁ। ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত পার্থক্য থাকিলেও অসমীয়া, বঙালী, বিহাৰী, ওৰিয়া, আদি সকলোৱে এটা ভাৰতীয় মহাজাতি। সেইবাবেই পৰস্পৰে মিলাপ্ৰীতিৰে বসবাস কৰি থকা উচিত আৰু তেতিয়া পৰস্পৰৰ উদাৰতা প্রকাশ পাব আৰু বহিৰাগত শত্ৰুৱে আমাক ভয় কৰিব

(৯) ব্যক্তিগত আৰু সামাজিক সকলো প্ৰকাৰ অভিজ্ঞতাৰ প্ৰকাশ থল হৈছে সাহিত্য। (শ্রীকৃষ্ণকান্ত সন্দিকৈ)

উত্তৰঃ এই পৃথিৱীৰ প্ৰতিটো জাতিৰেই নিজা সাহিত্য আছে। সাহিত্য হৈছে সাহিত্যিক সকলৰ জীৱনৰ বিৰাট অভিজ্ঞতা। তেওঁলোকে ব্যক্তিগত জীৱনত পোৱা সুখ, দুখ, শোক, তাপ, ভালপোৱা-নোপোৱা সাহিত্যৰ জৰিয়তে প্ৰকাশ কৰে; তাৰোপৰি সমাজত নিতৌ ঘটি থকা দুর্নীতি, অন্যায়, অবিচাৰ, ভ্ৰষ্টাচাৰ, উৎপীড়ন আদিকো সাহিত্যৰ যোগেদি প্ৰকাশ কৰে। গতিকে সাহিত্য পঢ়ি আমি যিবোৰ কথাৰ সম্ভেদ পাওঁ সেইবোৰ কথা সাহিত্যিক সকলৰ জীৱনৰ অভিজ্ঞতা। তাক তেওঁলোকে মানুহৰ আগত কৈ প্ৰকাশ কৰিব নোৱাৰে কিন্তু সাহিত্যত লিখি প্রকাশ কৰিব পাৰে।

(১০) কবিৰ মনত প্ৰেম আৰু বিশ্বশক্তি অভিন্ন পদাৰ্থ (বাণীকান্ত কাকতি 

উত্তৰঃ এই বিশ্বব্ৰহ্মাণ্ডখন এটা ঐশ্বৰিক শক্তিৰ দ্বাৰা পৰিচালিত হৈ আছে। প্রকৃতিৰ সকলো বস্তুকেই নিজৰ নিজৰ জন্মকালত আৱির্ভূত কৰিছে সেই বিশ্বশক্তিয়েই। কোনো মানুহে নিজ শক্তিৰ দ্বাৰা পৰিচালিত হ’ব পৰা নাই; সেই বিশ্বশক্তিৰ দ্বাৰাহে পৰিচালিত হৈছে; অৱশ্যে মানুহে তাক গম নাপায়। এই বিশ্বশক্তিৰ লগত তুলনা কৰিব পাৰি মানুহৰ অন্তৰত জাগি উঠা প্ৰেমক। প্ৰেমৰ প্রভাৱত মানুহে নিজৰ অস্তিত্বৰ প্ৰতি সচেতন হ’ব নোৱাৰে। প্ৰেমৰ চকৰিয়ে মানুহক যিফালে ঘূৰাই মানুহেও নজনাকৈয়ে সেইফালে ঘূৰি ফুৰে। এই কথাই কবিসকলে মনত অনুভৱ কৰে।

(১১) আমাৰ স্বপ্নৰ দৰে টোপনি জালত 

অনিত্য সকলো আমি অনিত্য মর্ত্যাত। (হিতেশ্বৰ বৰবৰুৱা)

উত্তৰঃ এই বিশ্বজগতখন অনিত্য অর্থাৎ ইয়াৰ কোনো বস্তুৱেই স্থায়ী নহয়। পৃথিৱীৰ বুকুত বিচৰণ কৰা সকলো জীৱ-জন্তু, পশু-পক্ষী আৰু প্ৰকৃতিৰ বুকুত বিৰাজ কৰা গছ-লতা -ফল- ফুল —এই সকলোবোৰেই ক্ষন্তেকৰ বাবে পৃথিৱীলৈ আহি শোভা বৃদ্ধি কৰে। কিন্তু সময়ৰ সোঁতত সকলোবোৰেই এদিন বিলুপ্ত হৈ যাব। আমি টোপনি গৈ থকা কালত কেতিয়াবা বহুতো সপোন দেখোঁ, সেই সপোনবোৰে আমাক সাময়িকভাৱে আনন্দও দান কৰে; কিন্তু সাৰ পোৱাৰ লগে লগে সকলো আনন্দই শেষ হৈ যায়। ঠিক সেইদৰে বাস্তৱ জীৱনত আমি যি সুখ দেখোঁ, যি সুখ আশা কৰোঁ, যি সৌন্দর্যই আমাক আনন্দ দান কৰে সেই সকলোবোৰেই এদিন লয় পায়।

নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Sl. No.Contents
Chapter 1 শিশুলীলা
Chapter 2 মানৱ বন্ধনা
Chapter 3গীত আৰু ছবি
Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
Chapter 5মোৰ দেশ
Chapter 6অন্যৰ প্ৰতি ব্যৱহাৰ
Chapter 7 সময়
Chapter 8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
Chapter 9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
Chapter 10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
Chapter 11যুঁজ
Chapter 12লোক সংস্কৃতি
Chapter 13হনুমন্তৰ লংকা দৰ্শন
Chapter 14সুখ
Chapter 15 চোৰধৰা
Chapter 16সন্মান
Chapter 17ঋজু ভাৰতী
Chapter 18বৈচিত্র্যময় অসম
ব্যাকৰণ
ৰচনা
ভাৱ সম্প্ৰসাৰণ

(১২) ভৰিৰে পিছন খালে নিজে দুখ পায়     

জিভাৰ পিছলে কিন্তু আপদ ঘটায়।(আনন্দচন্দ্ৰ আগৰৱালা)

উত্তৰঃ মানুহে কথা কওঁতে সদায় সাৱধান হব লাগে। যতে তাঁতে যি কোনো কথা কোৱা উচিত নহয়। যিবিলাক লোকে স্থান, কাল, পাত্ৰৰ বিচাৰ নকৰি মুখত যি আহে তাকেই কয় সেই সকল লোক প্রায়েই বিপদত পৰে। মানুহে ভৰিৰে পিছল খাই যদি কেতিয়াবা পৰে তেতিয়া শৰীৰ দুখ পায়। কিন্তু সেই দুখ স্থায়ী নহয়। চিকিৎসা আৰু শুশ্রূষাৰ দ্বাৰা সেই দুখ আঁতৰাব পাৰি। কিন্তু কথাৰ পিছলে একোজন মানুহক, একোটা পৰিয়ালক, একোটা জাতিক আনকি এটা দেশকো ধ্বংস কৰিব পাৰে। ইয়াৰ কোনো চিকিৎসা বা শুশ্রূষা নাই। সেই কাৰণে মানুহে অতি সাৱধানে মনৰ কথা ব্যক্ত কৰিব লাগে।

(১৩) পৰিছা যি অৱস্থাত তাতে হোৱা সুখী 

চেষ্টা কৰি ভাল হোৱা ৰংকৰা সখী। (লক্ষ্মীনাথ বেজবৰুৱা) 

উত্তৰঃ মানুহৰ জীৱনত সুখ নাই। সুখ-দুখৰ গৰাকী ভগৱান বুলি আমি সাধাৰণতে ভগৱানকেই দোষ দিও। আচলতে মানুহৰ সুখ-দুখৰ বাবে ভগৱান কেতিয়াও দায়ী নহয়; মানুহৰ সন্তুষ্টি নাই বাবেহে মানুহ দুখ পায়। মানুহৰ জীৱনটো বননিত থকা ফুলৰ দৰে শোভনীয় নহয়—মানুহৰ জীৱনৰ গতিপথো পোনপটীয়া নহয়। জন্মৰ দিনৰেপৰা নানাবিধ বাধা-বিঘিনি, ঘাত-প্রতিঘাত, আপদ-বিপদৰ মাজেৰে জীৱনটো মানুহে অতিবাহিত কৰে। ইয়াৰ বাবেই এই সংসাৰত সদায় হাঁহি-কান্দোনৰ ৰোল উঠি থাকে। তাৰ মূল কাৰণ হৈছে মানুহ সন্তুষ্ট নহয়। মানুহে নিজৰ জীৱনত যি পাই তাতেই যদি সন্তুষ্ট হয় তেনেহলে কাৰো জীৱনত দুখ-শোক নাহে।

(১৪) মানুহেই দেৱ মানুহেই সেৱ 

মানুহ বিনে নাই কেৱ।(চন্দ্ৰকুমাৰ আগৰৱালা) 

উত্তৰঃ এই পৃথিৱীত মানুহে নানা আশাৰে ভগৱানৰ সেৱা পূজা কৰে। আমাৰ জীৱনত ভোগ কৰা জৰা, ব্যাধি, দুখ-শোক, দৈন্যতাৰ পৰা মুক্তি লাভ কৰাৰ বাবে আৰু জীৱনটো শান্তিময়ী কৰাৰ বাবে আমি ভগৱানক পূজা কৰোঁ। ভগৱান মানুহৰ বিশ্বাসৰ বস্তু—অৱশ্যে ভগৱানক বিশ্বাস কৰি অনেক সময়ত মানুহে শান্তি লাভো কৰে। কিন্তু প্রকৃত শান্তি লাভ কৰিবলৈ হলে মানুহে মানুহৰ সেৱাহে কৰিব লাগে। মানৱ সেৱাই পৰম ধৰ্ম। মানৱ সেৱাৰ যোগেদিহে মানুহে ঐশ্বৰিক সাৰবস্তু বিচাৰি পাব পাৰে।

(১৫) বিদ্যাই পৰম ধন।

উত্তৰঃ বিদ্যা অমূল্য সম্পদ। বিদ্যাত বাহিৰে অইন সকলো সম্পদ টকা পইচাৰ বিনিময়ত কিনিব পাৰি। কিন্তু বিদ্যাই একমাত্র সম্পদ যাক অর্থেৰ বিনিময়ত লাভ কৰিব নোৱাৰি। বিদ্যাধন উপাৰ্জনৰ বাবে লাগে কঠোর সাধনা আৰু ঐকান্তিকতা। অইন ধন-সম্পদ আনে হৰণ কৰি বা চুৰ কৰি নিব পাৰে। পৈত্রিক সম্পত্তি পৰিয়ালৰ সদস্যবোৰৰ মাজত ভাগ হ’ব পাবে। কিন্তু বিদ্যাই একমাত্র সম্পদ যাকে আনে চুৰ কৰি নিব নোৱাৰে, আনক বিলাই দিলেও কেতিয়াও বিদ্যা হ্রাস নাপায়। মানুহৰ প্ৰকৃত ভূষণ বা অলঙ্কাৰ হ’ল বিদ্যা। অন্য অলঙ্কাৰে মানুহৰ মাত্ৰ শাৰীৰিক সৌন্দৰ্য্য বৃদ্ধি কৰিব পাৰে, কিন্তু বিদ্যালঙ্কাৰে মানুহৰ মানসিক সৌন্দর্য বৃদ্ধি কৰে। তৰোৱালেৰে স্থাপন কৰা সাম্ৰাজ্য অস্থায়ী, আলেকজাণ্ডাৰ, নেপোলিয়ন, বা ঔৰঙ্গজেৱ কাৰো সাম্ৰাজ্যই বৰ্তমানলৈ বৰ্তি থকা নাই, কিন্তু  চক্ৰেটিচ, ছেক্সপীয়াৰ, গৌতম বুদ্ধ আদিয়ে বিদ্যালব্ধ জ্ঞানৰ দ্বাৰা বিশ্ববাসীৰ অন্তৰত  যি সাম্রাজ্য স্থাপন কৰি গ’ল সি যুগমীয়া হৈ আছে। 

বিদ্বানলোকে সকলোতে সমাদৰ পায়। ধনৰ জোৰত লাভ কৰা শ্ৰদ্ধা কৃত্রিম। ধনহীন হলেই শ্রদ্ধাও নোহোৱা হয়। কিন্তু বিদ্যাৰ বলত লাভ কৰা শ্ৰদ্ধা আৰু আদৰ অকৃত্ৰিম আৰু স্থায়ী। সেই বাবেই বিদ্যা পৰম ধন বুলি কোৱা হয়।

(১৬) কথাত কটা যায়, কথাত বঁটা পায়।

উত্তৰঃ ভালদৰে কথা ক’ব জনাটো এটা কলা। মানুহ যিহেতু সামাজিক প্রাণী, সেইবাবে সমাজত কাৰ সৈতে কেনেদৰে কথা পাতিব লাগে, কেনে ধৰণৰ কথা কব নালাগে, আমি জানিব লাগে। কথা ক’ব নজনাৰ ফলতেই মানুহে যে বন্ধু হেৰুৱাব লগা হয়, মাথোন এনে নহয়, বহু সময়ত নানা আহুকালৰো সম্মুখীন হ’ব লগা হয় বহুতে নকবলগীয়া কথা য’তে ত’তে কৈ অনর্থক বিপদ চপায় লয়। সেইবাবেই কোৱা হয়, “মানুহ মৰে কৈ, পাখী মৰে ৰৈ।” অকল সমাজতেই নহয়, নিজৰ পৰিয়ালতো কথা কব নজনাৰ ফলত মানুহ পৰিয়ালৰ অপ্ৰিয় ভাজন হয়। কথা ক’ব নজনাৰ ফলতেই বা য’তে ত’তে নকবলগীয়া কথা কৈ ফুৰা স্বভাৱৰ বাবেই বহু জ্ঞানী বা জনা বুজা লোক আনৰ হাঁহিৰ পাত্ৰ হয়। ইয়ে তেওঁলোকৰ ব্যক্তিত্ব লঘু কৰে।

আনহাতে মিষ্টভাষী আৰু জুখি-মাখি কথা কোৱা লোক নিজেও বিপদত নপৰে বা আনৰো অপ্রিয় ভাজন নহয়। তেওঁ জানে যে জিভাৰ পিচলে কিন্তু বিপদ ঘটায়। সেইবাবে তেওঁ অলাগতীয়াল ভাবে য’তে তাঁতে বকি নুফুৰে ; সত্য হলেও অপ্রিয় কথা নকয় ; নাইবা যি কথাই আনৰ অন্তৰত আঘাট দিব পাৰে, তেনে পৰিস্থিতি এৰাই ফুৰে। ফলত তেওঁ মানুহৰ প্রিয়ভাজন হয়, তেওঁৰ ব্যক্তিত্বক মানুহে শ্রদ্ধা কৰে, তেওঁৰ কথাত আস্থা ৰাখে।

সেইবাবেই কোৱা হয়, কথাত কটা যায়, কথাট বঁটা পায়।

(১৭) শ্রম সকলো সিদ্ধিৰ অমোঘ অস্ত্ৰ।

উত্তৰঃ যিকোনো বিষয়ত সফলতা বা সিদ্ধিলাভ কৰিবলৈ হ’লে কঠোৰ সাধনা কৰিবই লাগিব। পৃথিৱীৰ বিভিন্ন ক্ষেত্ৰত যিসকল সফল মানুহ আছে সেই সকলৰ জীৱন কাহিনী অনুধাবন কৰিলে এই মহান উক্তিৰ সত্যাসত্যতাৰ প্ৰমাণ পাব পাৰি। আগৰ দিনত ঋষি মুনি সকলে সাধনাত সিদ্ধিলাভ কৰাৰ বাবে পৰ্বতৰ গুহাত বা গভীৰ অৰণ্যত বছৰৰ পিছত বছৰ একনিষ্ঠ সাধনাত বত হৈছিল। তেওঁলোকে কঠোৰ সাধনাৰ অন্তত সিদ্ধিলাভ কৰি জগতৰ মানুহক মুক্তিপথৰ নিৰ্দেশ দিছিল।

আজিৰ যুগটো তীব্ৰ প্ৰতিযোগিতাৰ যুগ। জীৱন আৰু বৃত্তি আজিকালি প্রত্যাহ্বান/চ্যালেঞ্জ স্বৰূপ হৈ পৰিছে। এই তীব্ৰ প্ৰতিযোগিতাত জয়ী হৈ ডিঙিত সফলতাৰ মালা পিন্ধিবলৈ হ’লে কঠোৰ পৰিশ্ৰম কৰি নিজকে প্রস্তুত কৰিব লাগিব। তেওঁলোকে উপলব্ধি কৰিব লাগিব যে ভুকুতে কল নপকে। সাময়িক বিফলতাত হতাশ নহৈ অবিৰতভাৱে চেষ্টা চলাই গলে এদিন নহয় এদিন তেওঁলোকে সফলতা অৰ্জন কৰিবই।

(১৮) সোণৰ জেউতি অমান্য কৰিলে নকমে।

উত্তৰঃ সোণ এবিধ মূল্যবান ধাতু। ইয়াৰ জেউতিৰ বাবেই মানুহে ইয়াক অলঙ্কাৰ হিচাবে পৰিধান কৰে। কোনোৱে অমান্য কৰিলেই সোণৰ জেউতি কমি কৰি নাযায়। সেইদৰে মানুহৰ জ্ঞান আৰু প্ৰতিভাক অনাদৰ কৰিলেই তাৰ মূল্য কমি নাযায়। পৃথিৱীত ইয়াৰ অলেখ উদাহৰণ আছে। যীশুখৃষ্টই মানুহকে সত্যৰ সন্ধান দিব বিচাৰিছিল, সেইবাবে এচামে তেওঁক ক্রুছ বিদ্ধ কৰি হত্যা কৰিলে ; ছক্ৰেটিছে মানুহক, ধর্মান্ধতাৰ বিপৰীতে যুক্তিশীল কৰি তুলিব বিচাৰিছিল, তাৰবাবে তেওঁক  বিষ খুৱাই হত্যা কৰা হ’ল; এক ধৰণে সমাজক সত্যৰ আলোকেৰে আলোকিত কৰিব বিচৰাৰ অপৰাধতেই গেলিলিঅ’ক শাস্তি ভোগ কৰিব লগা হ’ল। কিন্তু লোকে আজিও এই মহান দিগ্‌দর্শক সকলে দেখুৱাই যোৱা বাটেৰে সত্যৰ বাটবুলি সমাজ সভ্যতাৰ সোপানত আগবাঢ়িছে। কাৰোবাৰ যদি প্রতিভা আছে তাক সমসাময়িক সমাজে স্বীকৃতি নিদিলেও এদিন নহয় এদিন সি স্বীকৃতি পাবই। শক্তিৰ যেনেদৰে বিনাশ নাই প্রতিভাবো তেনেদৰে বিনাশ নাই। সেইবাবে কাৰোবাৰ অবহেলা বা  অনাদৰলৈ কেৰেপ নকৰি নিৰবচ্ছিন্ন অধ্যবসায়ৰ যোগেৰে আগবাঢ়ি গ’লে প্ৰতিভাধৰ মানুহৰ প্ৰতিভাই এদিন সমাজক উপকৃত কৰিব।

(১৯) দুখ কৰিলেহে মুখ ভৰে।

উত্তৰঃ এই পৃথিৱীত জীয়াই থাকিবলৈ হলে মানুহে সংগ্ৰাম কৰিবই লাগিব। সভ্যতাৰ অৰুণোদয়ৰ সময়ৰ পৰাই মানুহৰ এই সংগ্রাম অব্যাহত আছে। আদিতে  মানুহৰ এই সংগ্ৰাম আছিল প্ৰকৃতিৰ বিৰুদ্ধে। আজি এই সংগ্রাম জীয়াই থকাৰ প্রয়োজনীয় আহিলা সমূহ সংগ্ৰহ কৰাৰ বাবে। জীৱনত সিদ্ধিলাভ কৰিবলৈ হলে মানুহে পৰিশ্ৰম কৰিবই লাগিব। হাত সাৱটি বহি থাকিলে জীৱন ধাৰণৰ আহিলা সমূহ আহি মানুহৰ হাতত নপৰেহি। জীৱনত সফলতা লাভ কৰিবলৈ হ’লে, জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ হলে মানুহে সাধনা কৰিবই লাগিব। এই সাধনাৰ পথ সহজ মসৃণ নহয়। বহু সময়ত নিজৰ জীৱন বিপন্ন কৰি হলেও, সাধনাত অবিচল হৈ থাকিব লগীয়া হয়। এই সাধনাৰ অন্য নামেই চেষ্টা বা পৰিশ্রম। সেইবাবেই কোৱা হয়, দুখ কৰিলেহে মুখ ভৰে।

(২০) এশ গৰু মাৰিলে বাঘৰো মৰণ।

উত্তৰঃ প্ৰতিটো বস্তুৰেই বা প্ৰতিটো কাৰ্য্যৰেই একোটা সীমা আছে। কিন্তু লক্ষ্য কৰা যায় বেয়া কাম কৰোঁতালোকে বেয়া কামৰ নিচাত এটাৰ পিছত আন এটাকৈ বেয়া কাম কৰি যায়। কিন্তু এনে এটা সময় অৱশ্যই আহে যেতিয়া তেওঁ সেই কুকৰ্মৰ বিষস পৰিণতি ভোগ কৰিবলগীয়া হয়। বাঘে গৰু মাৰে, কিন্তু এটাৰ পিছত এটা গৰু নিধন কৰিগৈ থকাৰ পিছত গৰুৰ গৰাকীৰ হাততেই বাঘৰ নিধন হয়। কু-কর্ম কৰোঁতাজনৰো একেই পৰিণতি হয়। ইতিহাসৰ পাতে পাতে ইয়াৰ অলেখ উদাহৰণ আছে। হিটলাৰৰ ইহুদী নিধন ঘৰ পাতি বিভীষিকাৰ সৃষ্টি কৰিছিল। কিন্তু সেই হিটলাৰেও শেষত শত্ৰুৰ চৰম শাস্তিৰ পৰা নিজক বচাবৰ বাবে আত্মহত্যাৰ পথ বাচি ল’ব লগা হৈছিল। আমাৰ সমাজতো দেখা যায় এচাম লোকে আনৰ ওপৰত উৎপীড়ন আদি চলাই যায়। বর্তমান সময়ত ইয়াৰ প্ৰাদুৰ্ভাব অতি প্রকটৰূপে হৈছে৷ কিন্তু বেছি ভাগেই হয় ৰজাঘৰ ভাত খাই নাইবা নিজৰ জীৱন দি নিজৰ কু-কাৰ্যৰ বাবে প্রায়শ্চিত্ত কৰিব লগীয়া হৈছে। ইয়াৰ কাৰণ হ’ল মানুহৰ সহ্যৰ এটা সীমা আছে, সেই সীমা পাৰ হৈ গ’লেই মানুহে নিজৰ জীৱনৰ কথা চিন্তা নকৰি অত্যাচাৰ বা কু-কৰ্মকাৰীৰ ওপৰত জঁপিয়াই পৰে।

(২১) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰঃ এই পৃথিৱীতে অসাধ্য বুলি কোনো কাম নাই। মানুহে ইচ্ছা কৰিলে যিকোনো কামেই সমাধা কৰিব পাৰে। অৱশ্যে কিছুমান কাম গাইগুটীয়াভাবে কৰাটো সম্ভৱ নহয়। তেনে ক্ষেত্ৰত সমূহীয়াভাবে কামত আগ বাঢ়িলে অসাধ্য যেন লগা কামো সহজ হয়। প্রকৃতি ৰাজ্যত ইয়াৰ অলেখ উদাহৰণ, পোৱা যায়। পিপৰা, মৌমাখি আদিয়ে লগে ভাগে কাম কৰি এনে কিছুমান কাম কৰে যাক দেখিলে আশ্চর্য্য বোধ হয়। পিপৰাই পর্বত খহাব পাৰে বুলি এটা কথা আছে। কিন্তু কোনো পিপৰাই গাইগুটীয়াভাবে পর্বত খহাব নোৱাৰে। নখৰ ওপৰত সামান্য পানী ৰাখিব পাৰি, কিন্তু অলেখ মানুহে একেলগে নখৰ পানী জোকাৰিলে পানীৰ সোঁতৰ সৃষ্টি হব। বিশেষকৈ ৰাজহুৱা কাম আদিত এই কথাষাৰ বাৰুকৈয়ে খাটে। ৰাজহুৱা বাটপথ নিৰ্মাণ, পুখুৰী খন্দা, মন্দিৰ, পুথি ভঁৰাল আদি নিৰ্মাণ কৰা কাৰ্যত গাৱঁৰ ৰাইজ একগোট হৈ কাম কৰিলেহে কামটো সহজে সম্পাদন কৰিব পাৰি।

(২২) আপোন ভালে জগৎ ভাল।

উত্তৰঃ এই জগতত অগণন মানুহ আছে। তাৰে কিছুমান সদায় বিমোৰত থকা দেখা যায়। তেওঁ আন মানুহক কেতিয়াও বিশ্বাস নকৰে, কাকো ভাল বুলি নাভাবে। তেওঁ ভাবে তেওঁত বাহিৰে জগতৰ সকলো মানুহেই অসজ আৰু বেয়া। তেওঁৰ বাবে জগতখনেই বেয়া যেন লাগে।

কিন্তু আনফালে আন কিছুমান মানুহ আছে যিসকলে সদায় আনন্দৰ মাজত দিন  নিযায়। কোনোবাই তেওঁৰ ক্ষতি কৰিলেও তেওঁ তাক খঙ নকৰে; তেওঁ ভুল কৰিছে ভাবি হাঁহি এটা মাৰে। মুঠতে তেওঁ সকলোকে ভাল পায় বাবে তেওঁৰ শত্ৰু একো নাই। দৰাচলতে তেওঁ নিজে ভাল বুলি গোটেই জগতখন তেওঁৰ বাবে ভাল। আনহাতে বেয়া মানুহৰ বাবে জগতখনেই বেয়া। সেই দেখি আমি সকলোৱে। নিজে ভাল হবলৈ চেষ্টা কৰিব লাগে। তেনেহলে মাথোন জগতখন নহয়, নিজৰ জীৱনটো আমাৰ বাবে সুখৰ আৰু আনন্দৰ জীৱন এটা হৈ পৰিব। 

(২৩) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ।

উত্তৰঃ উদ্যোগী নাইবা পৰিশ্ৰমী মানুহে জীৱনত সাফল্য লাভ কৰে। উদ্যোগী নোহোৱা হলে কোনোবাই জীৱনত উন্নতি কৰিব নোৱাৰে। আনকি দিনৰ দিনটো শিক্ষক নিয়াবলৈ অলপ অচৰপ কাম কৰিবই লাগিব। এলেহুৱা হৈ শুই থাকিলে মানুহে  জীৱনত দুখ পোৱাত বাহিৰে একো পন্থা নাই। আমি জানো শিয়ালে হাঁহ ধৰিবলৈ আৰু মাৰি খাবলৈ খুবেই পাৰ্গত। কিন্তু তাৰ বাবে হাঁহ বিচাৰি বিচাৰি তাক হাবিৰ এমূৰৰ পৰা আনটো মূৰলৈ দৌৰিব লাগে। তেনে উদ্যোগ আৰু শ্ৰম কৰিহে সি খাব পায়। তেনেদৰে কোৱা হৈছে ন হি সুপ্তস্য সিংহস্য মুখে প্রবিশন্তি মৃগাঃ’— অর্থাৎ টোপনিত লাল-কাল দি শুই থকা সিংহৰ মুৰ্খত হৰিণা আহি নিজেই কেতিয়াও নোসোমায়। তাক হৰিণা বিচাৰি চিকাৰ কৰি হৰিণা মাৰিব লাগে।

(২৪) অলপ অর্জন, বিস্তৰ ভোজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ।

উত্তৰঃ ইংৰাজীত এটা ফকৰা আছে-Cut your coat according to your cloth অর্থাৎ কাপোৰখিনিৰ জোখেৰে কোটটো কটা (তৈয়াৰ কৰা)। অকল কোট চোলা নহয়, জীৱনৰ সকলো ক্ষেত্ৰত এই ফকৰাটো সমানে উপযোগী/ লাগতীয়াল। মানুহৰ আয় যিমান তেওঁ সেই হিচাবে খৰছ কৰিব লাগে। তাতকৈ বেছি খৰছ কৰি থাকিলে অলপতেই তেওঁ ধাৰত পোত খাই যাব। পিছত আৰু ধাৰ না পাব। তেতিয়া দৰিদ্ৰতাই তেওঁক গ্ৰাস কৰিব। গতিকে আয় মতে ব্যয় অবশ্যই কৰিব লাগিব ।

(২৫) মিছা কথাৰ ঠেং চুটি।

উত্তৰঃ মিথা কথা কেতিয়াও সঁচা হব নোৱাৰে। পোন প্ৰথমে মিছা কথা এটা সঁচা বুলি মানুহে পতিয়ন যাব পাৰে। কিন্তু সেইটো সঁচা বুলি প্ৰতিপন্ন কৰিবলৈ আন দহটা মিছা কব লাগে। আকৌ সেই দহটা মিছাক সঁচা বুলি প্ৰমাণ কৰিবলৈ প্ৰতিটোৰ বাবে দহটা মিছা কথা কব লাগে। এনেকৈ কওঁতে মিছা কথা সকলোবোৰ ধৰা পৰিব। পোন কথাটো যে মিছা আছিল সেইটো উদং হৈ পৰিব। সেইবাবে কাৱা হৈছে মিছা কথা বেছি দূৰ যাব নোৱাৰে, তাৰ ঠেং চুটি।

Leave a Reply