NIOS| Political Science(317)|Notes/Answer|Chapter-6| মৌলিক অধিকাৰসমূহ

NIOS| Political Science(317)|Notes/Answer|Chapter-6| মৌলিক অধিকাৰসমূহ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science(317)|Notes/Answer|Chapter-6| মৌলিক অধিকাৰসমূহ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science(317)|Notes/Answer|Chapter-6| মৌলিক অধিকাৰসমূহ

NIOS| Political Science(317)|Notes/Answer|Chapter-6| মৌলিক অধিকাৰসমূহ

খণ্ড ২

অধ্যায় ৬

6.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

 উপযুক্ত শব্দ / সংখ্যা বহুৱাই খালি ঠাই পূৰ কৰা— 

১। সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ তালিকাৰ পৰা বাতিল কৰা হৈছিল  ________ সংশোধনী মতে। (42 তম / 43 তম / 44 তম) 

উত্তৰ: 44 তম

২। সংবিধানৰ তৃতীয় অংশত দিয়া অধিকাৰবোৰক কোৱা হয়  ________ (বৈধ অধিকাৰ /অর্থনৈতিক অধিকাৰ/ মৌলিক অধিকাৰ) 

উত্তৰ: মৌলিক অধিকাৰ

6.2. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰ –

খালী ঠাই পূৰ কৰা ঃ

১। সমতাৰ অধিকাৰ _________ বৈষম্য আঁতৰাব বিচাৰে । (নৈতিক/সামাজিক/ৰাজনৈতিক)

 উত্তৰ: সামাজিক

২। সমতাৰ অধিকাৰ  ________ ধৰণৰ আছে। (৩/৪/৫) 

উত্তৰ:৫ 

৩। ________ৰ অধিকাৰে অস্পৃশ্যতা দূৰ কৰিব বিচাৰে ৷ (সমতা/স্বাধীনতা/ধর্ম) 

উত্তৰ: সমতা 

৪। ৰাষ্ট্ৰইশিশু আৰু মহিলাৰ শোষণৰ বিৰুদ্ধে ব্যৱস্থা  ________ কৰিব পাৰে । (প্রচলিত/বিশেষ/সাধাৰণ 

উত্তৰ: বিশেষ

৫। সমতাৰ অধিকাৰ_______সমতা প্রতিষ্ঠা কৰিব বিচাৰে। (সামাজিক/নৈতিক/ৰাজনৈতিক)

উত্তৰঃ সামাজিক 

6.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ 

প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ পচন্দ দিয়া আছে। শুদ্ধ পচন্দটো নিৰ্বাচন কৰা আৰু (~)চিন দিয়া ।

১। স্বাধীনতাৰ অধিকাৰত স্বাধীনতা দিয়া হৈছেঃ 

  1.  ৫ টা,  
  2. ৬ টা , 
  3. ৭ টা,  
  4. ৮ টা,

 উত্তৰ:(b) ৬ টা 

২। আৰক্ষীৰ দ্বাৰা আটক কৰা এজন ব্যক্তি নিকটবর্তী ন্যায়াধীশৰ ওচৰত হাজিৰ কৰাব লাগে :

  1.  12 ঘণ্টাৰ ভিতৰত, 
  2. 24 ঘণ্টাৰ ভিতৰত ‘
  3. 36 ঘণ্টাৰ ভিতৰত, 
  4. 48 ঘণ্টাৰ ভিতৰত । 

উত্তৰ: (b) 24 ঘণ্টাৰ ভিতৰত। 

৩। নিবাৰক নিৰোধক আইনৰ অধীনত আটক কৰা এজন ব্যক্তিক বিনা বিচাৰে জেলত ৰাখিব পাৰি : 

  1.  তিনি মাহ   
  2. পাঁচ মাহ
  3. বাৰ মাহ    
  4. ওঠৰ মাহ

 উত্তৰঃ (a) তিনিমাহ

৪। শিক্ষাৰ অধিকাৰক সংশোধনী অনুযায়ী মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হয় ৷ ৮৪ তম/৮৬ তম //৮৮ তম)

 উত্তৰ: ৮৬ তম। 

6.4. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ:

উপযুক্ত সংখ্যা/ শব্দৰে খালি ঠাই পূৰণ কৰা— 

১। আইনৰ দ্বাৰা______বছৰ তলৰ শিশুক নিয়োগ কৰাটো নিষিদ্ধ। (14/16/18)

 উত্তৰ: 14

6.5. পাঠ্য অন্তর্গত প্রশ্নাবলীৰে উত্তৰ:

উপযুক্ত শব্দ/ সংখ্যাৰে খালি ঠাই পূৰণ কৰা— 

১। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত ধৰ্ম______ৰ লগত জড়িত বিষয়বস্তু। (ব্যক্তি/ সমাজ/ৰাষ্ট্ৰ)

 উত্তৰ: ব্যক্তি

২। ৰাষ্ট্ৰৰ দ্বাৰা সম্পূৰ্ণ অনুদান প্রাপ্ত কোনো শিক্ষানুষ্ঠানত _______ শিক্ষা দিব নোৱাৰিব। (নৈতিক /ধৰ্মীয়/দুটাৰ এটাও নহয়)

 উত্তৰ: ধৰ্মীয় 

 6.6. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ:

বন্ধনীৰ ভিতৰত দিয়া উপযুক্ত শব্দ/ সংখ্যাৰে খালি ঠাই পূৰণ কৰা— 

১। ধর্মীয় বা ভাষিক – তেওঁলোকৰ নিজা শিক্ষানুষ্ঠান স্থাপন কৰিব পাৰে। (সংখ্যালঘু /সংখ্যাগৰিষ্ঠই) 

উত্তৰ: সংখ্যালঘু

২। ভাৰতত লেখবোৰ ________আদালতৰ দ্বাৰা জাৰি কৰা হয়। (নিম্ন তলতীয়া/উচ্চ) 

উত্তৰ: উচ্চ ন্যায়ালয় 

৩। আদালতে কর্তৃপক্ষক এজন আটকাধীন ব্যক্তিক ইয়াৰ সন্মুখত হাজিৰ কৰাবলৈ দিয়া লেখ হ’ল________ ।(পৰমাদেশ/নিষেধাজ্ঞা/বন্দী প্রত্যক্ষীকৰণ) 

উত্তৰ: বন্দী প্রত্যক্ষীকৰণ। 

৪। এজন ব্যক্তিক অকৃত্বশীলভাৱে চৰকাৰী পদবীত থকাৰ পৰা বাৰণকৰা লেখাটো হ’ল_____। (কৈফিয়ৎ তলবী/ উৎশ্লেষণ/ পমাদেশ) 

উত্তৰঃ কৈফিয়ৎ তলবী

৫। এটা বিষয়ৰ উপযুক্ত বিবেচনাৰ বাবে হস্তান্তৰ কৰিবলৈ এখন নিম্ন আদালতক দিয়া আদেশটোক কোৱা হয়______। (বন্দী প্রত্যক্ষীকৰণ নিষেধাজ্ঞা/উৎপেষণ) 

উত্তৰ: উৎপ্রেষণ ।

 পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰ ঃ

1. সংবিধানত উল্লেখ কৰা মৌলিক অধিকাৰসমূহৰ গুৰুত্ব ব্যাখ্যা কৰা।

 উত্তৰ : ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানব চাৰি (ক) নং অধ্যায়ত ইহঁতক সন্নিবিষ্ট কৰা হৈছিল। ১৯৭৬ চনৰ মে মাহত চৰণ সিং সমিতিৰ পৰামৰ্শত এই মৌলিক কৰ্তব্যসমূহক সংবিধানত সন্নিবিষ্ট কৰা হ’ল। সেই পৰামৰ্শৰ ভিত্তিত সংবিধান প্রণেতাসকলে ৫১ (ক) অনুচ্ছেদত ১০টা মৌলিক কৰ্তব্য সংযোজন কৰিলে। ২০০২ চনৰ ৮৬ তম সংবিধান সংশোধনীৰ জৰিয়তে ইহঁতৰ সংখ্যা ১১ টালৈ বৃদ্ধি কৰা হ’ল।

ভাৰতীয় সংবিধানত সন্নিবিষ্ট হৈ থকা মৌলিক কৰ্তব্যসমূহ হ’ল:

  1.  সংবিধান মালি চলা আৰু ইয়াৰ আদৰ্শ, লক্ষ্য আৰু অনুষ্ঠানসমূহ, জাতীয় পতাকা আৰু জাতীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা ৷ 
  2. ভাৰতবৰ্ষৰ জাতীয় আন্দোলনক প্ৰভাৱিত কৰা মহৎ আদর্শবোৰ পোষণ কৰা আৰু অনুসৰণ কৰা । 
  3. ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, একতা আৰু সংহতি সংৰক্ষণ কৰা ।
  4. ৰাষ্ট্ৰক নিৰাপত্তা দিয়া আৰু প্ৰয়োজন অনুসাৰে ৰাষ্ট্ৰীয় সেৱা আগবঢ়োৱা। 
  5. ধৰ্মীয়, ভাষিক আৰু আঞ্চলিক বৈষম্য নিৰ্বিশেষে সকলো ভাৰতীয় লোকৰ মাজত ভ্রাতৃত্ববোধ আৰু একতাৰ আদৰ্শক বজাই ৰখা, মহিলাৰ সন্মান হানি কৰা প্ৰথাসমূহ অগ্ৰাহ্য কৰা ৷ 
  6. ভাৰতবৰ্ষৰ সন্মিলিত সংস্কৃতিৰ শ্ৰেষ্ঠ পৰম্পৰাক সন্মান কৰা আৰু সংৰক্ষণ কৰা।
  7. প্রাকৃতিক পৰিৱেশ যেনে – – অৰণ্য, হ্রদ, নদীবোৰ আৰু বন্য জীৱনক নিৰাপত্তা দিয়া আৰু বিকাশৰ চেষ্টা কৰা আৰু জীৱিত সম্পদসমূহৰ প্ৰতি ভাল পোৱাৰ ভাব জাগ্ৰত কৰা । 
  8. বৈজ্ঞানিক দৃষ্টিভংগী আৰু অনুসন্ধিৎসু মনোভাৱৰ বিকাশ সাধন কৰা । 
  9. ৰাজহুৱা সম্পত্তিক সংৰক্ষণ কৰা আৰু সন্ত্ৰাসৰ সৃষ্টিৰ পৰা বিৰত থকা।
  10. ব্যক্তিগত আৰু সামূহিক কাৰ্যসমূহৰ শ্ৰেষ্ঠতা অৰ্জন কৰা যাতে, ৰাষ্ট্ৰখনে উচ্চ স্তৰৰ প্ৰচেষ্টা আৰু সফলতা অৰ্জন কৰিব পাৰে । 
  11. অভিভাৱক বা পিতৃ-মাতৃয়ে ছয়ৰ পৰা চৈধ্য বছৰৰ ভিতৰৰ সন্তানসকলক শিক্ষাৰ সুবিধা দিয়া।

2. সমতাৰ অধিকাৰৰ যিকোনো তিনিটা দিশ উল্লেখ কৰা ।

উত্তৰ : সমতাৰ অধিকাৰৰ অৰ্থ হ’ল সকলো নাগব্বিকে সমান সুযোগ সুবিধা ভোগ কৰিব। ইনাগৰিকসকলক জাতি, ধৰ্ম বৰ্ণ, লিংগ, জন্মস্থান আদিৰ ভিত্তিত কৰিব পৰা বৈষম্যমূলক আচৰণৰ পৰা সুৰক্ষা দিয়ে ।

ভাৰতীয় সংবিধানেও সমগ্ৰ ভাৰতীয় জনগণৰ বাবে মর্যাদা আৰু সুযোগৰ ক্ষেত্ৰত সমতা প্ৰদান কৰিছে। সেয়া হ’ল— 

  1. আইনৰ শাসনৰ দ্বাৰা সমতা নিশ্চিত কৰা হৈছে,
  2. সকলো ভাৰতীয় জনগণক আইনৰ চকুত সমান হিচাপে গণ্য কৰা হয় আৰু
  3. সকলোৱে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সম পৰিমাণৰ সুযোগ লাভ কৰিব । 

3. স্বাধীনতাৰ অধিকাৰত উল্লেখ কৰা ৬ টা মৌলিক স্বাধীনতা ব্যাখ্যা কৰা ।

উত্তৰ : ধৰ্মনিৰপেক্ষতাৰ নীতিক কাৰ্যকৰী কৰিবলৈ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰক সন্নিবিষ্ট কৰা হৈছে। ২৫ ৰ পৰা ২৮ নং অনুচ্ছেদলৈকে নাগৰিকক ধৰ্মীয় স্বাধীনতা অধিকাৰ প্ৰদান কৰা হৈছে। এই অধিকাৰসমূহ হ’ল— 

(ক) ধৰ্মৰ স্বতন্ত্ৰ চিন্তা, মুক্ত বৃত্তি, ধৰ্মৰ পালন আৰু বিকাশৰ অধিকাৰ ঃ ২৫ নং অনুচ্ছেদে ধৰ্মৰ ক্ষেত্ৰত স্বনন্ত্ৰ বিবেচনা, ধর্মমুলক মুক্ত বৃত্তি পালন আৰু বিকাশৰ অধিকাৰ প্ৰদান কৰিছে। ইয়ে বুজায় যে ভাৰতবৰ্ষত কোনো বাষ্ট্ৰীয় ধৰ্ম নাই আৰু সকলো ধৰ্মক সমান জ্ঞান কৰা হয় ।

ধৰ্মীয় কাম-কাজ নিয়ন্ত্ৰণৰ স্বাধীনতা ঃ ২৬নং অনুচ্ছেদে অধিকাৰ প্ৰদান কৰিছে যে ঃ

  1.  যিকোনো ধৰ্মৰ লোক বা সম্প্রদায়ে ধৰ্মীয় আৰু সাহাৰ্যমূলক প্রতিষ্ঠান স্থাপন কৰি তাক পৰিচালনা কৰিব পাৰিব,
  2. ধৰ্মৰ সংক্ৰান্তত নিজৰ কাম-কাজ নিজে নিয়ন্ত্ৰণ কৰিব পাৰিব,
  3. এনে প্ৰতিষ্ঠানৰ কাৰণে স্থাৱৰ বা অস্থাৱৰ সম্পত্তি ক্রয় বা ৰাখিব পাৰিব
  4. সেইবোৰ সম্পত্তিৰ বিধিগত পৰিচালনা কৰিব পাৰিব । 

যিকোনো ধৰ্মৰ উন্নতিৰ বাবে কৰ আদায়ৰ স্বাধীনতাঃ  ২৭ নং অনুচ্ছেদৰ মতে, কোনো মানুহকে ধৰ্ম বা ধৰ্মীয় অনুষ্ঠানৰ পৰিচালনা বা উন্নতি সাধনৰ বাবে কৰ – কাটল দিবলৈ বলপূৰ্বকভাৱে বাধ্য কৰিব নোৱাৰিব। 

ধর্মীয় কাম-কাজ অংশ গ্ৰহণৰ স্বতন্ত্রতা ঃ  ২৮ নং অনুচ্ছেদে তিনিটা গুৰুত্বপূৰ্ণ অধিকাৰ সন্নিবিষ্ট কৰিছেঃ

  1.  চৰকাৰী অৰ্থ বা সাহাৰ্যৰে পৰিচালিত শিক্ষানুষ্ঠানত কোনো ধৰ্মীয় শিক্ষা দিয়া নহ’ব,
  2. অৱশ্যে কোনো ধৰ্মীয় অনুষ্ঠান বা ন্যাসৰ জৰিয়তে প্রতিষ্ঠিত শিক্ষানুষ্ঠান চৰকাৰে চলালেও প্রয়োজন হ’লে তেনে অনুষ্ঠানত ধৰ্মীয় শিক্ষা দিব পৰা যাব,
  3. শিক্ষানুষ্ঠানত অধ্যয়নত কোনো ব্যক্তিকে জোৰ কৰি অনুষ্ঠানটোত চলি থকা কোনো ধর্মীয় কাৰ্যসূচীত অংশ ল’বলৈ বাধ্য কৰাব নোৱাৰিব।

 4. শোষণৰ বিৰুদ্ধে অধিকাৰ বাখ্যা কৰা ।

উত্তৰঃ ভাৰতীয় মানুহক মাত্ৰ ব্ৰিটিছ সকলেই শোষণ কৰা নাছিল, বৰং টকা ঋণ দিওঁতা আৰু জমিদাৰসকলেও শোষণ কৰিছিল। ইয়াক ‘বেগাৰ’ খতোৱা বুলি কেৱা হয়। শোষণৰ বিৰুদ্ধে থকা অধিকাৰে সকলো ধৰণৰ ‘বেগাৰ’ খতোৱা আৰু মানুহক বেচা-কিনা কৰা নিষিদ্ধ কৰিছে। এই নিয়মসমূহ ভংগ কৰিলে আইনৰ দ্বাৰা শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হয়। ৰাষ্ট্ৰই প্ৰধান প্ৰাকৃতিক দুর্যোগ যেনে—বানপানী, বনজুইবা বিদেশীৰ আগ্ৰাসন আদিৰ সময়ত নাগৰিকৰ পৰা সেৱা বিচাৰিব পাৰে । 

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

5. ধৰ্মীয় স্বাধীনতাৰ অধিকাৰে ভাৰতত ধৰ্মনিৰপেক্ষ নীতি প্রতিষ্ঠাত কেনেকৈ সহায় কৰিছে? ব্যাখ্যা কৰা । 

উত্তৰ : ধৰ্মনিৰপেক্ষতাৰ নীতিক কাৰ্যকৰী কৰিবলৈ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰক সন্নিবিষ্ট কৰা হৈছে। ২৫ ৰ পৰা ২৮ নং অনুচ্ছেদলৈকে নাগৰিকক ধৰ্মীয় স্বাধীনতা অধিকাৰ প্ৰদান কৰা হৈছে। এই অধিকাৰসমূহ হ’ল —

 (ক) ধৰ্মৰ স্বতন্ত্ৰ চিন্তা, মুক্ত বৃত্তি, ধৰ্মৰ পালন আৰু বিকাশৰ অধিকাৰ : ২৫ নং অনুচ্ছেদে ধৰ্মৰ ক্ষেত্ৰত স্বনন্ত্ৰ বিবেচনা, ধর্মমুলক মুক্ত বৃত্তি পালন আৰু বিকাশৰ অধিকাৰ প্ৰদান কৰিছে। ইয়ে বুজায় যে ভাৰতবৰ্ষত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই আৰু সকলো ধৰ্মক সমান জ্ঞান কৰা হয় ।

 ধর্মীয় কাম-কাজ নিয়ন্ত্ৰণৰ স্বাধীনতা : ২৬নং অনুচ্ছেদে অধিকাৰ প্ৰদান কৰিছে যেঃ 

  1.  যিকোনো ধৰ্মৰ লোক বা সম্প্রদায়ে ধৰ্মীয় আৰু সাহাৰ্যমূলক প্রতিষ্ঠান স্থাপন কৰি তাক পৰিচালনা কৰিব পাৰিব, 
  2. ধৰ্মৰ সংক্ৰান্তত নিজৰ কাম-কাজ নিজে নিয়ন্ত্ৰণ কৰিব পাৰিব, 
  3. এনে প্ৰতিষ্ঠানৰ কাৰণে স্থাৱৰ বা অস্থাৱৰ সম্পত্তি ক্রয় বা ৰাখিব পাৰিব, 
  4. সেইবোৰ সম্পত্তিৰ বিধিগত পৰিচালনা কৰিব পাৰিব । 

যিকোনো ধৰ্মৰ উন্নতিৰ বাবে কৰ আদায়ৰ স্বাধীনতাঃ ২৭ নং অনুচ্ছেদৰ মতে, কোনো মানুহকে ধৰ্ম বা ধৰ্মীয় অনুষ্ঠানৰ পৰিচালনা বা উন্নতি সাধন বাবে কৰ – কাটল দিবলৈ বলপূৰ্বকভাৱে বাধ্য কৰিব নোৱাৰিব ।

 ধৰ্মীয় কাম-কাজ অংশ গ্ৰহণৰ স্বতন্ত্রতা :  ২৮ নং অনুচ্ছেদে তিনিটা গুৰুত্বপূৰ্ণ অধিকাৰ সন্নিবিষ্ট কৰিছেঃ

  1.  চৰকাৰী অৰ্থ বা সাহাৰ্যৰে পৰিচালিত শিক্ষানুষ্ঠানত কোনো ধৰ্মীয় শিক্ষা দিয়া নহ’ব, 
  2. অৱশ্যে কোনো ধৰ্মীয় অনুষ্ঠান বা ন্যাসৰ জৰিয়তে প্রতিষ্ঠিত শিক্ষানুষ্ঠান চৰকাৰে চলালেও প্রয়োজন হ’লে তেনে অনুষ্ঠানত ধৰ্মীয় শিক্ষা দিব পৰা যাব,
  3. শিক্ষানুষ্ঠানত অধ্যয়নত কোনো ব্যক্তিকে জোৰ কৰি অনুষ্ঠানটোত চলি থকা কোনো ধর্মীয় কার্যসূচীত অংশ ল’বলৈ বাধ্য কৰাব নোৱাৰিব।

6. লেখ কি? লেখ কোনে জাৰি কৰিব পাৰে । 

উত্তৰঃ লেখ হ’ল জনসাধাৰণৰ অধিকাৰ সুৰক্ষাৰ কাৰণে নিম্ন আদালতলৈ দিয়া আদেশ। মৌলিক অধিকাৰ প্ৰয়োগৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ উচ্চ ন্যায়ালয়ৰ সৈতে নির্দেশ দান, আদেশ আৰু লেখ জাৰীৰ ক্ষমতা আছে। এই লেখসমূহ হৈছে বন্দী প্রত্যক্ষীকৰণ, পৰমাদেশ, নিষেধাজ্ঞা, উৎপ্ৰেৰণ আৰু অধিকাৰচ্ছা। এই লেখসমূহে উচ্চতম ন্যালায়ক মৌলিক অধিকাৰক ৰক্ষক হিচাপে স্বীকৃতি দিছে। আইন বা অধিকাৰ ভংগৰ ক্ষেত্ৰত ন্যায়ালয়ে সংবিধান অনুসৰি ব্যৱস্থা গ্ৰহণ কৰে। 

7. মৌলিক অধিকাৰবোৰৰ বাদযোগ্যতাৰ ধাৰণাটো ব্যাখ্যা কৰা ।

 উত্তৰ: আমাৰ সংবিধানে বিধানমণ্ডল বা কার্যপালিকাক আইন বা আদেশব মাধ্যমেৰে এই অধিকাৰ সমূহৰ ওপৰত বাধাদান কৰিবলৈ অনুমতি প্ৰদান কৰা নাই। উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়ালয়সমূহে মৌলিক অধিকাৰ ভংগকাৰী বা ইয়াক চুটি কৰিব পৰা যিকোনো ধৰণৰ আইন ৰদ কৰিব পাৰে। কিছুমান মৌলিক অধিকাৰ বিদেশীসকলেও ভাগ কৰিব পাৰে। উদাহৰণস্বৰূপে, আইনৰ দৃষ্টিত সমতা আৰু ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ নাগৰিক আৰু বিদেশী সকলোৱে ভোগ কৰিব পাৰে। মৌলিক অধিকাৰবোৰ বাদযোগ্য হ’লেও চৰম নহয়। সংবিধানে জনস্বাৰ্থৰ খাতিৰত আমাৰ অধিকাৰ সমূহৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰিবলৈ চৰকাৰৰ ক্ষমতা প্ৰদান কৰিছে। 

৪. স্বাধীনতাৰ অধিকাৰৰ সকলোবোৰ দিশ বৰ্ণনা কৰা ।

উত্তৰ : স্বাধীনতা এখন প্রকৃত গণতন্ত্ৰৰ মূল বৈশিষ্ট্য। আমাৰ সংবিধান নাগরিক নাগৰিক সকলৰ বাবে ৬টা ‘স্বাধীনতাৰ অধিকাৰ’ বৰ্ণনা কৰা হৈছে। সংবিধানে তলত দিয়া ৬টা মৌলিক স্বাধীনতা প্রদান কৰিছে । 

(১) বাক্ আৰু মত প্ৰকাশৰ স্বাধীনতা।

(২) বিনা অস্ত্রই শান্তিপূর্ণভাৱে সমবেত হোৱাৰ অধিকাৰ। 

(৩) সংস্থা বা সংঘ গঠনৰ অধিকাৰ ।

(৪) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ ।

(৫) ভাৰতৰ যিকোনো অঞ্চলত বসবাস কৰাৰ অধিকাৰ ।

(৬) যিকোনো বৃত্তি বা ব্যৱসায় গ্ৰহণ কৰাৰ অধিকাৰ ।

 (১) বাক্ আৰু মত প্ৰকাশৰ স্বাধীনতা ঃ 

এইটো এটা গুৰুত্বপূৰ্ণ স্বাধীনতা। এই স্বাধীনতাই মুক্ত আৰু সৰল বক্তৃতা, আলোচনা আৰু মতামত বিনিময়ৰ স্বাধনিতা নিশ্চিত কৰে। ই প্ৰেছৰ স্বাধীনতাও অন্তর্ভুক্ত কৰে। অৱশ্যে বাক্‌ আৰুমত প্ৰকাশৰ স্বাধীনতা চৰম নহয়। ৰাষ্ট্ৰীয় নিৰাপত্তা, শান্তিশৃংখলা ৰক্ষা আৰু নৈতিকতা আদি ৰক্ষাৰ ক্ষেত্ৰত এই অধিকাৰসমূহৰ ওপৰত ৰাষ্ট্ৰই কিছুমান যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে । 

(২) কোনো অপৰাধৰ বাবে অপৰাধীকৰণ কৰাৰ সুৰক্ষাঃ

 কোনো অপৰাধ অপৰাধ সংঘটিত কৰা বুলি দোষী সাব্যস্ত হোৱা ব্যক্তিৰ ক্ষেত্ৰত স্বেচ্ছাচাৰী বন্দীকৰণ তথা মাত্রাধিক শাস্তিৰ পৰা সুৰক্ষা দিব পৰা ব্যৱস্থাও সংবিধানত আছে। অপৰাধ সংঘটিত কৰা সময়ত বলবৎ হৈ থকা আইন বংগৰ বাহিৰে কোনো ব্যক্তিক শাস্তি দিব নোৱাৰিব। এজন অভিযুক্তক তেওঁৰ বিৰুদ্ধে সাক্ষী দিবলৈ বাধ্য কৰাব নোৱাৰিব। একেটা অপৰাধৰ বাবে কোনো ব্যক্তিক এবাৰতকৈ আধিকবাৰ শাস্তি দিব নোৱাৰিব। 

(৩) জীৱন আৰু ব্যক্তি স্বাধীনতাৰ সুৰক্ষা : 

সংবিধানত এইবুলি উল্লেখ আছে যে আইন সংগত পদ্ধতিৰ বাহেৰি কোনো ব্যক্তিকে তেওঁৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। ই এইবুলি উল্লেখ কৰিছে যে ‘আইনৰ অনুমোদন অবিহনে জীৱন বা ব্যক্তিগত সম্পত্তি কাঢ়ি আনিব নোৱাৰিব। ই এইবুলিও উল্লেখ কৰিছে যে কোনো কর্তৃপৰ খেয়াল খকুচিমতে কোনো ব্যক্তিক শাস্তি দিব, কাৰাবাস দিব নোৱাৰিব। একমাত্র আইন ভংগৰ অপৰাধতহে তেওঁক শাস্তি দিব পাৰিব। 

(৪) বে-আইনী আটককৰণৰ বিৰুদ্ধে প্ৰতিৰোধ : 

আমাৰ সংবিধানে আটকাধীন ব্যক্তিৰ কিছুমান অধিকাৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে। নিয়ম অনুযায়ী, কোনো ব্যক্তিকে তেওঁক আটকৰ কাৰণে নজনোৱাকৈ আটক কৰিব নোৱাৰিব নাইবা জিন্নাত ৰাখিব নোৱাৰিব। তেওঁ তেওঁৰ পচণ্ড অনুযায়ী এজন উকিলৰ সৈতে পৰামৰ্শ কৰিব পাৰে আত্মসমৰ্থন কৰিব পাৰে। এজন অভিযুক্তক আটক কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত নিকটতম দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাব লাগে। 

(৫) শিক্ষাৰ অধিকাৰ ঃ

সংবিধানৰ ৮৬ তম সংশোধনী অনুযায়ী ২১ নং অনুচ্ছেদৰ পিছত ২১ (ক) নামেৰে এটা নতুন অনুচ্ছেদ সংযোজন কৰা হয় । এই সংশোধনী আইন অনুযায়ী শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হয় আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিৰ তালিকাৰ পৰা বাদ দিয়া হয়। এই সংশোধনী অনুযায়ী “ৰাষ্ট্ৰই আইনে নিৰ্ধাৰণ কৰা অনুযায়ী ৬ ৰ পৰা ১৪ বছৰৰ সকলো শিশুলৈ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিব।”ই এইবুলিও উল্লেখ কৰে যে ৬ ৰ পৰা ১৪ বছৰৰ শিশু বা ৰক্ষণাধনি নাবালক সকলক মাক-দেউতাক বা অভিভাৱকসকলে শিক্ষা গ্ৰহণৰ সুবিধা দিয়াটো তেওঁলোকৰ দায়িত্ব ।

9. ৮৬ তম সংশোধনী মতে সংবিধানত অন্তৰ্ভুক্ত কৰা শিক্ষাৰ অধিকাৰটো উল্লেখ কৰা ৷ 

উত্তৰ ঃ সংবিধানৰ ৮৬ তম সংশোধনী অনুযায়ী ২১ নং অনুচ্ছেদৰ পিছত ২১ (ক) নামেৰে এটা নতুন অনুচ্ছেদ সংযোজন কৰা হয়। এই সংশোধনী আইন অনুযায়ী শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হয় আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিৰ তালিকাৰ পৰা বাদ দিয়া হয়। এই সংশোধনী অনুযায়ী “ৰাষ্ট্ৰই আইনে নিৰ্ধাৰণ কৰা অনুযায়ী ৬ ৰ পৰা ১৪ বছৰৰ সকলো শিশুলৈ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিব।” ই এইবুলিও উল্লেখ কৰে যে ৬ ৰ পৰা ১৪ বছৰৰ শিশু বা ৰক্ষণাধনি নাবালক সকলক মার্ক দেউতাক বা অভিভাৱকসকলে শিক্ষা গ্ৰহণৰ সুবিধা দিয়াটো তেওঁলোকৰ দায়িত্ব। 

Leave a Reply