NIOS| Political Science(317)|Notes/Answer|Chapter-3| সমাজ জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য

NIOS| Political Science(317)|Notes/Answer|Chapter-3| সমাজ জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Political Science(317)|Notes/Answer|Chapter-3| সমাজ জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

এই অধ্যায়টোৱে আপোনাক আপোনাৰ পৰীক্ষাৰ আধাৰত সকলো প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁ To-The point Answer of NIOS| Political Science(317)|Notes/Answer|Chapter-3| সমাজ জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য

NIOS| Political Science(317)|Notes/Answer|Chapter-3| সমাজ জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য

খণ্ড ১

অধ্যায় ৩

3.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ

খালী ঠাঁই পূৰ কৰা ঃ

1. পলিছ, প্রাচীন কালৰ গ্ৰীকসকলৰ স’তে নগৰ আৰু____________

উত্তৰ : ৰাষ্ট্ৰ

2. সমাজ, উৎপত্তিৰ ফালৰ পৰা ৰাষ্ট্ৰতকৈ____________

উত্তৰ : পূৰ্বৰ

3. সমাজ স্বভাবজাতভাবে, ____________ সংস্থা, ৰাষ্ট্ৰখন যান্ত্ৰিক হিচাপে এটা ____________অনুষ্ঠান।

উত্তৰ: প্ৰাকৃতিক, কৃত্রিম

4. ৰাষ্ট্ৰ সমাজৰ ____________কামৰ বাবে বৰ্তি আছে।

 উত্তৰ: উপায়

5. সমাজে ৰাষ্ট্ৰৰ কাৰণে এটা____________প্ৰদান কৰে।

উত্তৰ: উদ্দেশ্য

6. সমাজৰ পৰিধি হ’ল ____________ সহযোগিতা: ৰাষ্ট্ৰৰ পৰিধি হ’ল,____________কার্য।

উত্তৰ: ঐচ্ছিক, যান্ত্ৰি

3.2. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ :

খালী ঠাঁই পূৰ কৰা :

1. সংস্থাৰ বৈশিষ্ট্যবোৰ (a) জনসাধাৰণৰ সংগঠিত গোট (b) ________স্বাৰ্থ আৰু (c) যৌথ প্রচেষ্টা (সামূহিক, বিশেষ)।

উত্তৰ: বিশেষ

2. ৰাষ্ট্ৰ সদস্যপদ________(ঐচ্ছিক, বাধ্যতামূলক)।

উত্তৰ : বাধ্যতামূলক

3 . পৰিয়াল, এটা সংস্থা হিচাপে ৰাষ্ট্ৰতকৈ ________(পূৰ্বৰ পাছৰ)

উত্তৰ: পূৰ্বৰ

4. আন সংস্থাসমূহৰ ৰাষ্ট্ৰৰ নিচিনাকৈ ________নাই। (সার্বভৌমত্ব, জনসংখ্যা, নির্দিষ্য ভূ-খণ্ড)।

উত্তৰ : সার্বভৌমত্ব

3.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

খালী ঠাই পূৰ কৰা ঃ

1. চৰকাৰৰ কোনটো অংগই আইন প্রণয়ন কৰে।

উত্তৰ: বিধানমণ্ডল 

2. চৰকাৰৰ কোনটো অংগই আইন প্রয়োগ কৰে ৷

উত্তৰ: কাৰ্যপালিকা 3. সার্বভৌমত্ব কাৰ লগত থাকে ?

উত্তৰঃ ৰাষ্ট্ৰ

4. কোনটো অংগৰ জৰিয়তে ৰাষ্ট্ৰই নিজৰ ইচ্ছা প্ৰকাশ কৰে ?

উত্তৰ: চৰকাৰ

5. যদি ৰাষ্ট্ৰ এখন জটিল হয়, ইয়াৰ প্ৰকৃত ৰূপটো কি ?

উত্তৰ: চৰকাৰ

3.4. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ:)

খালী ঠাই পূৰ কৰা :

1. প্রথম বিশ্বযুদ্ধৰ আগতে অষ্ট্ৰীয়া-হাংগেৰী ৰাষ্ট্ৰ আছিল, কিন্তু________নাছিল।

উত্তৰ: জাতি

2. যেতিয়া জাতিয়ে ৰাষ্ট্ৰত্ব পায়, ________ হয়।

উত্তৰ : জাতি-ৰাষ্ট্ৰ

3________ জনসাধাৰণক এখন ৰাষ্ট্ৰক বান্ধি ৰাখে ।

উত্তৰ: আইনসমূহ

4. য’ত ৰাষ্ট্ৰ ________ ধাৰণা, জাতি সাংস্কৃতিক সত্তা।

উত্তৰ : ৰাজনৈতিক

5.________ সাংস্কৃতিকভাৱে সামাজিক গোট গঠন কৰে। 

উত্তৰ: সদৃশ

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. সংজ্ঞা দিয়া

(a) জাতি, (b) চৰকাৰ (c) সংস্থা।

(a) জাতি

উত্তৰ : জাতীয়তা শব্দটি লেটিন শব্দ (Natus) নেচো ৰ পৰা আহিছে, যি “জন্ম হোৱা” বুজায়। সেয়েহে ইয়াৰ বিস্তৃত অৰ্থত, জাতীয়তা মানে এনে জাতিগত গোটত অন্তৰ্ভুক্ত হোৱা বুজায় য’ত জন্মগতভাৱে তেজৰ সম্পৰ্কৰ দ্বাৰা সম্পর্কিত জাতি নাই যি একে জনগোষ্ঠীৰ অন্তৰ্ভুক্ত। প্রত্যেক জাতিতে বিভিন্ন জনগোষ্ঠীৰ লোকৰ মানুহ থাকে। প্ৰব্ৰজনৰ কাৰণে, জাতিৰ আভ্যন্তৰীণ সম্পর্ক, আন্তঃজাতিগত বিবাহৰ কাৰণে জাতিগতৰ বিশুদ্ধতা বিচাৰি উলিয়াবলৈ কঠিন । জাতীয়তাৰ বিকাশ এটি মানসিক ধাৰণা, ই ৰাজনৈতিক বা গোটক বুজায়। জে ডব্লিউ গাৰ্ণাৰৰ মতে, জাতীয়তাই সাংস্কৃতিকভাৱে একোটা গোটক বুজায় যাৰ ঐক্যতাৰ সচেতনতা আছে।

ৰামছে মুইৰৰমতে, জাতি বুলিলে মানুহৰ এটা গোটক বুজায়, যিসকল প্রাকৃতিকভাৱে বিশেষ সাদৃশ্যৰ দ্বাৰা সম্পর্কিত, যেতিয়া একে গোটৰমাজত সহযোগিতা বা ঐক্যতা নাথাকিলে অসন্তুষ্ট হয়। জাতীয়তাৰ বিকাশ নিশ্চয়কৈমানসিক ধাৰণা যেনেকৈ হেইছে কৈছে, ই প্ৰধানকৈ সাংস্কৃতিক, ঐক্যতার সচেতনতা।

(b) চৰকাৰ

উত্তৰ : যেতিয়ালৈকে জনসাধাৰণে নির্দিষ্ট নীতি-নিয়ম নামানে বা সংগঠিত। নহয়, তেতিয়ালৈ জনসাধাৰণ একেলগ হৈ থকাৰ উদ্দেশ্য অনুভৱ নহয়। আচৰণ বা শৃংখলাবদ্ধতা বজাই ৰাকিভলৈ সৃষ্টি হোৱা মাধ্যমটোক চৰকাৰ বোলে। নির্দিষ্ট সীমাৰ ভিতৰত চৰকাৰেও সমূহীয়া উদ্দেশ্য নিৰ্ধৰণ কৰে। ইয়াৰ জৰিয়তে সমূহীয়া নীতি নিৰ্ধাৰণ, সামূহিক কাৰ্যবোৰ সামূহিক মংগলৰ কাৰণে কৰা হয়। চৰকাৰ অবিহনে জনসাধৰণৰ সামূহিক সংঘবদ্ধকৰণ নোহোৱা হ’ব আৰু সামূহিক কাৰ্যবোৰ অসফল হ’ব। বিভিন্ন গোট, দল আৰু যুদ্ধান্বেষী সংগঠন আৰু যুদ্ধ বা বিবাদ। সম্পন্ন পৰিস্তিতিৰ সৃষ্টি হ’ব। সেয়েহে, য’ত জনসাধাৰণ বাসকৰে তাত এটা সামূহিক কৰ্তৃপক্ষৰ প্ৰয়োজন। এইটো মানৱ জীৱনৰ প্ৰাথমিক প্ৰয়োজন । চৰকাৰ অবিহনে ৰাষ্ট্ৰ জীয়াই থাকিব নোৱাৰে, যিকোনো ধৰণৰ চৰকাৰ হ’ব পাৰে। চৰকাৰখন জৰুৰী, যদিও ই যিকোনো ধৰণৰ হ’ব পাৰে। ই ভাৰতৰ নিচিনা আৰু ইংলেণ্ডৰ নিচিনা সংসদীয় চৰকাৰ বা আমেৰিকাৰ নিচিনা ৰাষ্ট্ৰপতীয় চৰকাৰ হ’ব পাৰে

(c) সংস্থা

উত্তৰ ঃ সংস্থা হৈছে কিছুমান সামূহিক উদ্দেশ্য, সমূহীয়াভাৱে পাবলৈ হোৱা জনসাধাৰণৰ এটা সংগঠিত গোট। সংস্থাৰ সেয়েহে দিনিটা বৈশিষ্ট্য আছে—

(ক) জনসাধাৰণৰ সংগঠন।

(খ) কিছুমান সামূহিক/বিশেষ উদ্দেশ্য।

(গ) যৌথপ্রচেষ্টা। 

গতিকে, পৰিয়াল এটা সংস্থা। তেজৰ সম্বন্ধেৰে সংগঠিত, পৰিয়ালৰ সামূহিক উদ্দেশ্য সাধনৰ বাবে সকলো সদস্যই কাম কৰে। সংস্থাৰ উদাহৰণ হিচাপে ক্ৰিকেট ক্লাব,বেড ক্রচ ছচাইটি, গৃহকল্যাণ সংস্থা আদি। সংস্থাই সমাজৰ সৃষ্টি কৰে। ৰাষ্ট্রও সমাজৰ আন সংস্থাসমূহৰ নিচিনা এটা সংস্থা। কিন্তু ৰাষ্ট্ৰ সংস্থা হিচাপে আন সংস্থাতকৈ বেলেগ।

2. ৰাষ্ট্ৰ আৰু সমাজৰ পাৰ্থক্য লিখা ।

উত্তৰ : মানুহৰ সামাজিক আৰু ৰাজনৈতিক প্ৰাণী। মানুহে প্রতি ক্ষেত্ৰতে পাৰস্পৰিক ভাৱে নিৰ্ভৰশীল হৈ থাকে। ইয়াৰ উপৰি মানুহে প্রয়োজনীয়তা পূৰণ কৰিবৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰাৰ ওপৰিও সমাজৰ ওপৰতো নিৰ্ভৰশীল হয়। সমাজৰ প্ৰত্যেক মানুহে আন আন ব্যক্তিৰ সহায় সহানুভূতিৰ ওপৰত নিৰ্ভৰশীল। কোনো লোকেই আত্মনিৰ্ভৰশীল হ’ব নোৱাৰে। ইয়াৰ উপৰি ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবেও মানুহে সমাজ পাতি বাস কৰে। মানুহে যেতিয়াই সমূহীয়া উদ্দেশ্য পূৰণৰ বাবে সংঘৱদ্ধ হৈ বাস কৰে তেতিয়াই সমাজ গঠিত হয়। ঠিক সেইদৰেই ব্যক্তি স্বার্থ, আশা, আকাংক্ষা পূৰণৰ বাবেই ৰাষ্ট্ৰ গঠন হয় ।

সেইবাবেই ৰাষ্ট্ৰকো একোখন সমাজ বোলা হয় । 

গ্রীক দার্শনিক এৰিষ্টট’ল আৰু প্লেটোৱে ৰাষ্ট্ৰ আৰু সমাজৰ মাজত কোনো পার্থক্য ৰখা নাছিল। তেওঁলোকৰ মতে সমাজ আৰু ৰাষ্ট্ৰ প্ৰায় একে ৷

সমাজত বসবাস কৰা ব্যক্তিৰ যেনেকৈ সামাজিক অনুষ্ঠান, প্ৰতিষ্ঠানৰ প্ৰতি, সামাজিক পৰম্পৰা, বিশ্বাস আদিৰ প্ৰতি আনুগত্য থাকে তেনেকৈ ৰাষ্ট্ৰৰ আইন কানুন মানি চলে গতিকে এই দিশৰ পৰা সমাজ আৰু ৰাষ্ট্ৰ নিবিড়ভাৱে সম্পর্কযুক্ত।

আদর্শবাদী দার্শনিক হেগেলও ব্যক্তিসত্বাক গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে সকলো ব্যক্তি সমাজ বা ৰাষ্ট্ৰ সত্বাৰ ওপৰতহে গুৰুত্ব দিছিল। তেওঁৰ মতে ৰাষ্ট্ৰ বা সমাজেই সর্বেসর্বা।

ৰাষ্ট্ৰ আৰু সমাজৰ ওপৰিউক্ত সম্বন্ধ দেখা পালেও ইয়াৰ মাজত কিছুমান পার্থক্য পৰিলক্ষিত হয়। যেনে—

  1.  ৰাষ্ট্ৰৰ বাবে ভৌগোলিক পৰিসীমা অপৰিহাৰ্য। কিন্তু সমাজৰ কোনো ভৌগোলিক পৰিসীমা নাই।
  2. ৰাষ্ট্ৰত জনসংখ্যা, নিৰ্দিষ্ট ভূ-খণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্বৰ প্ৰয়োজন। কিন্তু সমাজত চৰকাৰ আৰু সাৰ্বভৌমত্ব নাই ।
  3. ৰাষ্ট্ৰৰ তুলনাত সমাজ অতি প্রাচীন। প্রথমে সমাজ সৃষ্টি হয় আৰু তাৰ বহু দিনৰ পাছতহে ৰাষ্ট্ৰৰ সৃষ্টি হয়।
  4. সামাজিক গোটসমূহ স্বাধীন নহয় ৰাষ্ট্ৰৰ অধীনহে।
  5. ৰাষ্ট্ৰৰ উদ্দেস্য বহুমুখী আৰু বিস্তৃত। কিন্তু সমাজৰ উদ্দেশ্য সীমিত। 
  6. ৰাষ্ট্ৰই বল প্রয়োগ কৰি কাম কৰিব পাৰে। কিন্তু সমাজে শক্তি প্রয়োগ কৰি কাম কৰিব নোৱাৰে।
  7. ৰাষ্ট্ৰ এক সু-সংগঠিত অনুষ্ঠান। কিন্তু সমাজ সু-সংগঠিত অনুষ্ঠান নহয়।

3. ৰাষ্ট্ৰ আৰু আন সংস্থাসমূহৰ পাৰ্থক্য লিখা ।

উত্তৰ : ৰাষ্ট্ৰ আৰু আন সংস্থাসমূহৰ মাজত থকা পাৰ্থক্যসমূহ হ’ল—

  1.  সকলো সংগঠন, আনকি ৰাষ্ট্ৰও জনসাধাৰণৰ দ্বাৰা গঠিত। কিন্তু ৰাষ্ট্ৰৰ সদস্যপদ বাধ্যতামূলক আৰু সংস্থাৰ সদস্যপদ ইচ্ছাকৃত ৷ এজন ব্যক্তি ৰাষ্ট্ৰৰ সদস্য হ’ব লাগে। কোনো প্রাপ্তবয়স্ক ব্যক্তি দুখন ৰাষ্ট্ৰৰ নাগৰিক হ’ব নোৱাৰে, সি বা তাইৰ ৰাষ্ট্ৰৰ সদস্য পদ বাধ্যতামূলক। গীর্জা, ক্রিকেট ক্লাব, ৰেড ক্ৰছ ছচাইটি আদিৰ সদস্যপত ঐচ্ছিক অর্থৎ ই জনসাধাৰণৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। এজন ব্যক্তিয়ে সংস্থাত যোগ দিবও পাৰে নিদিবও পাৰে ।
  2. এজন ব্যক্তি এখন ৰাষ্ট্ৰত এবাৰ সদস্য হয়; সি বা তাই একে সময়তে দুখন ৰাষ্ট্ৰৰ সদস্য হ’ব নোৱাৰে। কিন্তু এজন ব্যক্তি একে সময়তে বিভিন্ন সংস্থাৰ সদস্য হ’ব পাৰে। একে সময়তে ক্রিকেট ক্লাব, গীর্জা আৰু ৰেচিডেন্স কল্যাণ সংস্থাৰ সদস্য হ’ব পাৰে ।
  3. সকলো সংস্থাই নির্দিষ্ট সীমাতকাম কৰে। কিন্তু ৰাষ্ট্ৰ এটা সংস্থা হিচাপে ভূ-খণ্ড নির্দিষ্ট, আন সংস্থাসমূহৰ নিৰ্দিষ্ট স্থায়ী ভূ-খণ্ড নাই। আস্তু সংস্থাসমূহক কাম কৰিবৰ কাৰণে স্থান লাগে। কিন্তু সেই স্থান নিৰ্দিষ্ট হোৱাৰ প্ৰয়োজন নাই। সেই ঠাই আজি হয়তো সেউজীয়া পখৰা পিছৰ বছৰ নীলা পথ হ’ব পাৰে। ৰাষ্ট্ৰীয় পৰিসীমা কেতিয়াও সলনি নহয়, ই সৰ্বকালৰ বাবে নিৰ্দিষ্ট ।
  4. ৰাষ্ট্ৰৰ লগতে সকলো সংস্থা নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে সৃষ্টি হৈছে। ৰাষ্ট্ৰৰ কাৰণে উদ্দেশ্য সদায় সামৰিক (উদাহৰণস্বৰূপে আইন শৃংখলা পৰিচালনা । আন সংস্থাসমূহৰ কাৰণে উদ্দেশ্য সাধাৰণতে নির্দিষ্ট, বিশেষ। ক্রিকেট সংস্থা এক নিৰ্দিষ্ট লক্ষ্য ক্রিকেট খেলাৰ কাৰণে গটন কৰা হয়। আমি ক’ব পাৰো যে ৰাষ্ট্ৰৰ কৰ্মৰ পৰিধি সদায় বিস্তৃত আনহাতে আন সংস্থাসমূহৰ কাৰ্যপৰিধি সীমিত । 
  5. ৰাষ্ট্ৰ বৈশিষ্ট্য জাতীয়। আন সংস্থাসমূহৰ বৈশিষ্ট স্থানীয়, প্রাদেশিক, ৰাষ্ট্ৰীয় আনকি আন্তঃৰাষ্ট্ৰীয় (উদাহৰণস্বৰূপে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ বৈশিষ্ট্য ৰাষ্ট্ৰীয়) ৰেছিডেণ্ট ওৱেলফাৰ সংস্থা হৈছে স্থানীয় প্ৰকৃতিৰ ।
  6. আন সংস্থাবোৰ ৰাষ্ট্ৰতকৈ বেলেগ কাৰণ ৰাষ্ট্ৰ স্বাধীন সংস্থাবোৰ স্বাধীন নহয়। সংস্থাবোৰ নিজৰ ক্ষেত্ৰত স্বাধীন হ’লেও ৰাষ্ট্ৰৰ নীতি-নিয়মৰ আধাৰতহে কাৰ্য পৰিচালনা কৰিব লাগে। ৰাষ্ট্ৰ সাৰ্বভৌম কাৰণ ই সকলো সংস্থা বা ৰাজ্যৰ ওপৰত চৰম ।
  7. ৰাষ্ট্ৰৰ আইন ভংগ কৰাজনক শাস্তি হিচাপে কাৰাবন্দী কৰা হয়। কোনো সংগঠনে ইয়াৰ সদস্যক দৈহিকভাৱে শাস্তি প্ৰদান কৰিব নোৱাৰে। তেওঁলোকে তেনে সদস্যক বহিষ্কাৰ বা হেঁচা প্ৰয়োগৰ বাহিৰে একে কৰিব নোৱাৰে।

NIOS|Class-12 Political Science(317)| Notes| Questions Answer|

খণ্ড : ১

অধ্যায়বিষয়বস্তু
অধ্যায় ১ৰাজনীতি বিজ্ঞানৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ
অধ্যায় ২জাতি আৰু ৰাষ্ট্ৰ
অধ্যায় ৩সমাজ, জাতি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য
অধ্যায় ৪প্ৰধান ৰাজনৈতিক তত্ত্বসমূহ
মড্যুল : ২
অধ্যায় ৫প্ৰস্তাৱনা আৰু সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ
অধ্যায় ৬মৌলিক অধিকাৰসমূহ
অধ্যায় ৭ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আৰু মৌলিক কৰ্তব্য
অধ্যায় ৮ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
অধ্যায় ৯জৰুৰীকালীন ব্যৱস্থাসমূহ
মড্যুল : ৩
অধ্যায় ১০কেন্দ্রীয় কার্যপালিকা
অধ্যায় ১১ভাৰতৰ সংসদ
অধ্যায় ১২ভাৰতৰ উচ্চতম ন্যায়ালয়
অধ্যায় ১৩ৰাজ্যিক কার্যপালিকা
অধ্যায় ১৪ৰাজ্যিক বিধানমণ্ডল
অধ্যায় ১৫উচ্চ ন্যায়ালয় আৰু তলতীয়া আদালতসমূহ
অধ্যায় ১৬স্থানীয় চৰকাৰ : নগৰ আৰু গ্ৰাম্য

খণ্ড : ২

মড্যুল : ৪
অধ্যায় ১৭সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু
প্রতিনিধিত্বৰ পদ্ধতিসমূহ
অধ্যায় ১৮ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যবস্থা
অধ্যায় ১৯ৰাষ্ট্ৰীয় ৰাজনৈতিক দল
অধ্যায় ২০আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল
অধ্যায় ২১জনমত আৰু প্ৰভাৱগোষ্ঠী
মড্যুল : ৫
অধ্যায় ২২সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ
অধ্যায় ২৩পাৰিপাৰ্শ্বিক সচেতনতা
অধ্যায় ২৪সু-শাসন
অধ্যায় ২৫মানৱ অধিকাৰ
মড্যুল : ৬
অধ্যায় ২৬ভাৰতৰ বৈদেশিক নীতি
অধ্যায় ২৭আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ
সৈতে ভাৰতৰ সম্পৰ্ক
অধ্যায় ২৮ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ : চীন,
পাকিস্তান আৰু শ্রীলঙ্কা

ঐচ্ছিক মড্যুল : ১

অধ্যায় ২৯সমসাময়িক বিশ্ব শৃংখলা
অধ্যায় ৩০ৰাষ্ট্ৰসংঘ
অধ্যায় ৩১ৰাষ্ট্ৰসংঘৰ শাস্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী
অধ্যায় ৩২ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ
নাইবা
ঐচ্ছিক মড্যুল : ২
অধ্যায ৩৩লোকসেৱা আয়োগ
অধ্যায় ৩৪কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত
প্রশাসনীয় ব্যৱস্থাসমূহ
অধ্যায় : ৩৫ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰ
অধ্যায় : ৩গণ অভিযোগ আৰু মৰিষণৰ উপায়

4. ৰাষ্ট্ৰ আৰু চৰকাৰৰ পাৰ্থক্য লিখা ।

উত্তৰ : ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজত থকা পাৰ্থক্যসমূহ হ’ল—

  1.  ৰাষ্ট্ৰৰ কৰ্তৃত্বই নিজে জন্মগত য’ত চৰকাৰৰ জন্মগত ক্ষমতা নাই।চৰকাৰে ইয়াৰ গাঁঠনি, কৰ্তৃত্ব আৰু ক্ষমতা ৰাষ্ট্ৰৰ সংবিধানৰ জৰিয়তে পায়।
  2. ৰাষ্ট্ৰ হৈছে বিশাল সত্তা যিয়ে সকলো নাগৰিকক সামৰি লয়; চৰকাৰখন তুলনামূলকভাৱে সৰু গোট যি কাৰ্য পৰিচালনা কৰা লোকসকলক সামলি ৰয় ৷ 
  3. ৰাষ্ট্ৰৰ ধাৰণা সম্পূৰ্ণ বিমূর্ত । চৰকাৰ ৰাষ্ট্ৰৰ সত্য ধাৰণা। আমি চৰকাৰখন নিৰীক্ষণ কৰো কিন্তু ৰাষ্ট্ৰখন নহয়
  4. ৰাষ্ট্ৰ এখন স্থায়ী অনুষ্ঠান, কাৰণ আনৰ দ্বাৰা আক্ৰমণ বা আন ৰাষ্ট্ৰৰ অংশ নোহোৱালৈকে ইয়াৰ মৃত্যু নঘটে। চৰকাৰ পৰিৱৰ্তনশীল, কাৰণ আজিৰ শাসকজন কাইলৈ শাসক নহ’বও পাৰে। আন অৰ্থত ৰাষ্ট্ৰ সকলো ক্ষেত্ৰতে সমানে বিদ্যমান য’ত, ৰাষ্ট্ৰ বিশেষে চৰকাৰ বেলেগ বেলেগ হ’ব পাৰে।
  5. সার্বভৌম ক্ষমতা ৰাষ্ট্ৰৰ লগত থাকে” ৰাষ্ট্ৰ হৈছে সাৰ্বভৌম। চৰকাৰে একমাত্র ক্ষমতা প্রয়োগ কৰে। চৰকাৰৰ ক্ষমতাসমূহ ব্যুৎপত্তিগতভাৱে প্রদান কৰা হয়; ৰাষ্ট্ৰৰ ক্ষমতা প্রকৃত আৰু মৌলিক।
  6. চৰকাৰৰ বিৰোধীপক্ষক ৰাষ্ট্ৰৰ বিৰোধীপক্ষৰ পৰা বেলেগ। আমি চৰকাৰক সমালোচনা কৰো; আমি ৰাষ্ট্ৰক নিন্দা কৰিব নোৱাৰো। ৰাষ্ট্ৰৰ সমালোচনা কৰাটোৱে আন্দোলনক বুজায়; চৰকাৰক সমালোচনা কৰাচোৱে আন্দোলনক নুবুজায়।
  7. চৰকাৰ ৰাষ্ট্ৰৰ এটা উপাদানহে মাথোন। সেই অনুসৰি ই ৰাষ্ট্ৰৰ এটা অংশ। ই সমূহৰ (ৰাষ্ট্ৰৰ) এটা অংশ। এটা অংশ হিচাপে, চৰকাৰখন সমূৰতকৈ ডাঙৰ নহয় । যেতিয়া আমি ৰাষ্ট্ৰৰ কথা কওঁ, আমি কওঁ, আমি এটা অংশ, ৰাষ্ট্ৰৰ এটা উপাদান বুলি কওঁ ।
  8. ৰাষ্ট্ৰীয় ভূ-খণ্ড নির্দিষ্ট। ই অপৰিৱৰ্তনীয়। ইয়াৰ সীমাবোৰ য’ত থাকিব লাগে তাত থাকে। চৰকাৰৰ সীমা কেতিয়াও স্থায়ী নহয়।

5. ৰাষ্ট্ৰ আৰু জাতিৰ পাৰ্থক্য লিখা ।

উত্তৰ : জাতি আৰু ৰাষ্ট্ৰ একে নহয়। দুয়োৰে উপাদানৰ প্ৰয়োজন প্ৰথমতে, ৰাষ্ট্ৰ গঠনৰ বাবে চাৰিটা উপাদনৰ প্ৰয়োজন। যেনে— জনসংখ্যা, নিৰ্দিষ্ট ভূ-খণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব। এই চাৰিটা উপাদান লগলাগি ৰাষ্ট্ৰৰ সৃষ্টি হয়। আনহাতে জাতি গঠনৰ বাবে কোনো উপাদানৰ প্ৰয়োজন নাই। জাতি এক মনস্তাত্বিক ধাৰণা। এক মানসিক আৰু আবেগিক একতাৰ ডোলেৰে একে শাসনৰ অধীনত বাস কৰি থকা জনসমষ্টিকে জাতি বুলি ক’ব পাৰি।

দ্বিতীয়তে, ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আছে। কিন্তু জাতিৰ সাৰ্বভৌমত্ব নাথাকে। সার্বভৌমত্ব অবিহনে ৰাষ্ট্ৰ গঠন কৰিব নোৱাৰি৷ 

তৃতীয়তে, ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূ-খণ্ড থাকে। কিন্তু এটা নিৰ্দিষ্ট ভূ-খণ্ডত আৱদ্ধ নাথাকে। জাতিৰ পৰিসৰ ৰাষ্ট্ৰতকৈ ব্যাপক ।

চতুৰ্থতে, ৰাষ্ট্ৰ এক বস্তুনিষ্ঠ কিন্তু জাতিৰ এক সাংস্কৃতিক আৰু সামাজিক ধাৰণা। ইয়াৰ কোনো বিধিগত সত্ত্বা নাই ।

ৰাষ্ট্ৰ আৰু জাতিৰ মাজত এইবোৰ প্ৰভেদ থাকিলেও, দুয়োৰে মাজত নিবিড় সম্পর্ক আছে। এটা জাতিয়ে ৰাজনৈতিক ভাৱে সংগঠিত হৈ সাৰ্বভৌম ক্ষমতা আহৰণ কৰিলে ৰাষ্ট্ৰত পৰিণত হয়। গতিকে এটা জাতিয়ে এখন, ৰাষ্ট্ৰ গঠন কৰাৰ লগে লগে দুয়োৰে মাজত পাৰ্থক্য নোহোৱা হৈ পৰে।

Leave a Reply