NIOS| Assamese (303)|Notes/Answer|Chapter-2| ৰাৱণক বিভীষণৰ সজ উপদেশ

NIOS| Assamese (303)|Notes/Answer|Chapter-2| ৰাৱণক বিভীষণৰ সজ উপদেশ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)|Notes/Answer|Chapter-2| ৰাৱণক বিভীষণৰ সজ উপদেশ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)|Notes/Answer|Chapter-2| ৰাৱণক বিভীষণৰ সজ উপদেশ

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)|Notes/Answer|Chapter-2| ৰাৱণক বিভীষণৰ সজ উপদেশ অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড ১

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ঃ

প্রশ্ন ১ : মাধৱ কন্দলি কোন যুগৰ কবি? 

উত্তৰ : মাধৱ কন্দলী প্ৰাক্ শংকৰী যুগৰ কবি।

প্রশ্ন ২ : তেওঁ কোনজন ৰজাৰ পৃষ্ঠপোষকতাত কাব্য ৰচনা কৰিছিল।

উত্তৰ : বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কাব্য ৰচনা কৰিছিল।

প্রশ্ন ৩ : মাধৱ কন্দলিক শংকৰদেৱে কি বুলি আখ্যা দিছিল ?

উত্তৰ : পূৰ্বকবি অপ্রমাদী বুলি । 

প্রশ্ন ৪ : বিভীষণ কাৰ ভকত ?

উত্তৰঃ বিষ্ণুৰ ভক্ত।

প্রশ্ন ৫ : রামে কাক সখা কৰি সাগৰ তৰিব বুলি কোৱা হৈছে?

উত্তৰ : সুগ্ৰীৱক

প্রশ্ন ৬ : ‘পৰম সুৰস ৰস কৰ্ণৰ অমৃত’ বুলি কিহক কৈছে? 

উত্তৰ : ৰামৰ চৰিত্ৰ সম্পৰ্কে বিভীষণে ‘পৰম সুৰস ৰস কৰ্ণৰ অমৃত’ বুলি কিহক কৈছে।

প্রশ্ন ৭ : সংসাৰ ব্যাধিক কিহে আৰোগ্য প্ৰদান কৰে বুলি কবিয়ে কৈছে?

উত্তৰ : ৰাম নাম শ্ৰৱণে সংসাৰ ব্যাধিক আৰোগ্য প্ৰদান কৰে বুলি কবিয়ে কৈছে।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্রশ্ন ১ : মাধৱ কন্দলিৰ চমু পৰিচয় দাঙি ধৰা

উত্তৰ : মাধৱ কন্দলী আছিল প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। মাধৱ কন্দলীয়ে চতুৰ্দশ শতিকাতে বাল্মিকীৰ ৰামায়ণৰ সপ্তকাণ্ডটি ভাঙনি কৰি অসমীয়া ভাষা সাহিত্যলৈ অতুলনীয় অৱদান আগবঢ়ায়। এওঁ সুদূৰ চতুৰ্দশ শতিকাতে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰি নব্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম ৰামায়ণ বুলি অসমৰ গৌৰৱ অৰ্জন কৰিলে, লগতে অসমীয়া ভাষা সাহিত্যৰ ভেটিও সুদৃঢ় কৰি তুলিলে। বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধত মাধৱ কন্দলীয়ে সকলোৱে বুজিব পৰাকৈ বাল্মীকিৰ ৰামায়ণ পদত ভাঙনি কৰে। মাধৱ কন্দলীয়ে ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’ বুলি এঠাইত কৈছে যদিও আদি কাণ্ড আৰু উত্তৰাকাণ্ড পোৱা নাযায়। সেয়েহে ক্রমে মাধৱদেৱ আৰু শংকৰদেৱে বাকী দুটা কাণ্ড অনুবাদ কৰি কন্দলীৰ ৰামায়ণ সম্পূৰ্ণ কৰে। তেওঁৰ আন এখন কাব্য হ’ল- ‘দেৱজিত’।

প্রশ্ন ২ : বিভীষণ গৈ ক’ত উপস্থিত হৈছিলগৈ ?

উত্তৰ : ৰামৰ লংকা অভিযানৰ বাৰ্তা, ৰামৰ বীৰত্ব আৰু ৰাৱণৰ জীৱনলৈ আহিব লগা ভয়ংকৰ বিপদৰ আগজাননী পাই ৰাৱণৰ মাকৰ পৰামৰ্শ অনুসৰি বিভীষণে ৰাৱণক সজ পৰামৰ্শ দি বুজাবৰ যত্ন কৰি ৰাৱণৰ ৰাজসভাত বিভীষণ গৈ উপস্থিত হৈছিলগৈ।

প্রশ্ন ৩ : হনুমন্তই লংকাত কি কি কাৰ্য কৰিছিল ?

উত্তৰ : সহস্ৰ পথ অতিক্ৰম কৰি সাগৰ পাৰ হৈ আহি নিসংশয় মনে আহি হনুমানে নগৰত সোমাই নগৰখন পিতপিতাই ফুৰিলে, সীতাৰো দৰ্শন লাভ কৰিলে আৰু সেনাসকলক মাৰি আলোক বন উছন কৰিলে। ইন্দ্ৰজিতে যুদ্ধতে নাগপাশেৰে হনুমানক বন্দী কৰি প্ৰাণদণ্ডৰ শাস্তি লঘু কৰি নেজত অগ্নি সংযোগ কৰি শাস্তি প্ৰদান কৰা হ’ল যদিও হনুমানৰ নেজৰ জুইয়ে লংকা নগৰীহে পুৰি ছাৰ-খাৰ কৰিলে।

প্রশ্ন ৪ : বিভীষণৰ চাৰিত্ৰিক বৈশিষ্ট্য বৰ্ণনা কৰা

উত্তৰ ঃ বিষ্ণুৰ ভক্ত বিভীষণ এজন পৰম জ্ঞানী, ধীৰ-স্থিৰ, গহীন-গম্ভীৰ হ ব্যক্তি। বীৰ বিভীষণে ৰজাৰ যোগ্য সকলোবোৰ নীতি-ধৰ্মৰ কথা জানে। হনুমাদ বা ৰাম-লক্ষ্মণৰ বীৰত্বৰ কথাও তেওঁ উপলব্ধি কৰিব পাৰে। বিভীষণে বিভিন্ন প্ৰকাৰ মন্ত্ৰ বা মন্ত্ৰণাৰ কথাও জানিছিল আৰু সেইবোৰ ৰাৱণৰ আগত উত্থাপন কৰি ৰাৱণক সজ উপদিশ দি ৰামৰ বিৰুদ্ধে হ’বলগীয়া যুদ্ধৰপৰা ৰাৱণৰ মন আঁতৰাই নিব বিচাৰিছিল ।।

প্রশ্ন ৫ : চমুটোকা লিখা

(ক) বিভীষণ (খ) ৰাৱণ (গ) হনুমন্ত (ঘ) সুগ্রীর (ঙ) ইন্দ্রজিৎ। 

উত্তৰঃ 

(ক) বিভীষণ ঃ 

বিষ্ণুৰ ভক্ত বিভীষণ এজন পৰম জ্ঞানী, ধীৰ-স্থিৰ, গহীন-গম্ভীৰ ব্যক্তি । বীৰ বিভীষণে ৰজাৰ যোগ্য সকলোবোৰ নীতি-ধৰ্মৰ কথা জানে। হনুমান বা ৰাম-লক্ষ্মণৰ বীৰত্বৰ কথাও তেওঁ উপলব্ধি কৰিব পাৰে। বিভীষণে বিভিন্ন প্ৰকাৰ মন্ত্ৰ বা মন্ত্ৰণাৰ কথাও জানিছিল আৰু সেইবোৰ ৰাৱণৰ আগত উত্থাপন কৰি ৰাৱণক সজ উপদিশ দি ৰামৰ বিৰুদ্ধে হ’বলগীয়া যুদ্ধৰ পৰা ৰাৱণৰ মন আঁতৰাই নিব বিচাৰিছিল।

(খ) ৰাৱণ ঃ 

ৰামায়ণত উল্লেখ থকা ৰাৱণ আছিল লংকাৰ পৰাক্ৰমী ৰজা । তেওঁৰ মূৰ দহটা থকা বাবে দশানন বুলিও কোৱা হয়। মাক নৈকেষী আৰু পিতৃ বিশ্বশ্ৰৱা মুনিৰ পুত্ৰ ৰাৱণে ৰামৰ পত্নী সীতাদেৱীক হৰণ কৰি নিছিল। তাৰ পৰিপ্ৰেক্ষিতত ৰাম-ৰাৱণৰ যুদ্ধ সংঘটিত হৈছিল। যুদ্ধত ৰাৱণৰ মৃত্যু হয়

(গ) হনুমন্ত ঃ 

ৰামৰ একান্ত ভক্ত হনুমান ৰামায়ণৰ অন্যতম চৰিত্ৰ । হনুমানৰ পিতৃ বায়ু তথা পৱনদেৱ আৰু মাতৃ অঞ্জনা। সহস্ৰ পথ অতিক্ৰম কৰি সাগৰ পাৰ হৈ আহি নিসংশয় মনে আহি হনুমানে নগৰত সোমাই নগৰখন পিতপিতাই ফুৰি, সীতাৰো দৰ্শন লাভ কৰিলে আৰু সেনাসকলক মাৰি আলোক বন উছন কৰিলে। ইন্দ্ৰজিতে হনুমানক বন্দী কৰি শাস্তি হিচাপে নেজত অগ্নি সংযোগ কৰি শাস্তি প্ৰদান কৰা হ’ল যদিও হনুমানৰ নেজৰ জুইয়ে লংকা নগৰীহে পুৰি ছাৰ খাৰ কৰিলে।

(ঘ) সুগ্ৰীৱ ঃ 

ৰামায়ণত উল্লেখ থকা আন এটা উল্লেখযোগ্য বান্দৰ চৰিত্ৰ হ’ল সুগ্ৰীৱ ৰামৰ ভক্ত সুগ্ৰীৱে পৰোক্ষভাৱে ভাতৃ বানৰ ৰাজ বালীক ৰামৰ সহায়ত নিধন কৰি ৰজা হয়। ৰামে সুগ্ৰীৱক সখা কৰি সাগৰ তৰি লংকাত উপস্থিত হয়।

(ঙ) ইন্দ্ৰজিৎ ঃ 

ইন্দ্রজিত লংকাধিপতি ৰাৱণৰ পুত্ৰ। তেওঁৰ আন এটা নাম মেঘনাদ। ইন্দ্রজিতে হনুমানক বন্দী কৰি শাস্তি হিচাপে নেজত অগ্নি সংযোগ কৰে । কিন্তু হনুমানৰ নেজৰ জুইয়ে লংকা নগৰীহে পুৰি ছাৰ-খাৰ কৰিলে ।

প্রশ্ন ৬ : উত্তম, মধ্যম আৰু অধম বুলি কোনবোৰ মন্ত্ৰণাক কোৱা হয়?

উত্তৰ : বিভীষণৰ মতে ৰাজসভাত যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত যেতিয়া এজন মন্ত্ৰীয়ে দিয়া এটা সিদ্ধান্তক সকলোৱে একেস্বৰে সমৰ্থন কৰে তেতিয়া তাক উত্তম সিদ্ধান্ত বা উত্তম মন্ত্ৰ বুলিব পাৰি। আনহাতে পাত্ৰ-মন্ত্ৰীসকলৰ বহুতে লগলাগি অর্থাৎ নানা আলোচনাৰ মাজেৰেহে এটা সিদ্ধান্তত উপনীত হ’বলগীয়া হয়, তেতিয়া তেনে সিদ্ধান্তক মধ্যম মন্ত্ৰ বোলা হয়। শেষত যিবোৰ সিদ্ধান্ত ল’বলৈ মানুহৰ অৰ্থাৎ পাত্ৰ মন্ত্ৰীসকল অপাৰগ হৈ তাক দৈৱলৈ ঠেলি দিয়ে তেতিয়া তেনে সিদ্ধান্তক অধম মন্ত্ৰ বুলিব পাৰি ।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

প্রশ্ন ৭ : প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা—

(ক) ৰাঘৱ মুনিষ যেন জগত বিদিত। কহিলো 

কাহিনী যেন আমাৰ উচিত ।।

উত্তৰ : উল্লেখিত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত। কবিতাটি অপ্রমাদী কবি মাধব কন্দলিৰ ৰামায়ণৰ সুন্ধৰাকাণ্ডৰ অন্তৰ্গত ।

বিভীষণে মাক নৈকষীৰ অনুৰোধ মতে ৰাম ৰাৱণৰ সাম্ভাব্য যুদ্ধখন বন্ধ কৰাৰ বাবে ককায়েকক পৰামৰ্শ দিবলৈ আহি ৰামৰ বীৰত্ব আৰু শৌর্য-বীৰ্যৰ বিষয়ে জনাবলৈ গৈ কথাখিনিৰ অৱতাৰণা কৰিছে।

বিভীষণে ৰাৱণক সাক্ষাৎ কৰিয়েই ইতিমধ্য হনুমানে লংকাত জুই দিয়াৰ পৰা ধৰি সৃষ্টি কৰা ত্ৰাসৰ সমস্ত বর্ণনা এবাৰ দোহৰি ককায়েকৰ দৃষ্টি আকৰ্ষণ কৰিছে। আৰু শেষত ৰামৰ গুণ বখানি তেওঁৰ বক্তব্য শেষ কৰিছে। তেওঁ কৈছে যে ৰাঘৱৰ পৰাক্ৰম বা শৌর্য-বীর্যৰ কথা জগতে জানে, গতিকে তেওঁ পাত্র মন্ত্ৰীসকলৰ লগত আলচ কৰি এক যথাযোগ্য সিদ্ধান্ত লোৱাটো বিচাৰিছে।

(খ) ৰামৰ হাতত জানো মোৰ যাইব জীব। 

তথাপি নিদিবো সীতা জনকৰ জীৱ ।।

উত্তৰ ঃ উল্লেখিত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত সংকলিত মাধৱ কন্দলিৰ ৰাময়ণৰ সুন্দৰাকাণ্ডৰ পৰা তুলি অনা ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ শীৰ্ষক কবিতাটিৰ অন্তৰ্গত।

ৰাৱণক ৰামৰ লগত হ’ব লগা সাম্ভাৱ্য যুদ্ধখনৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে বিভীষণে দিয়া বিভিন্ন সজ উপদেশৰ উত্তৰ দিবলৈ গৈ ৰাৱণে এই কথা অৱতাৰণা কৰিছে।

উল্লেখিত কবিতাফাঁকি অতি মহত্বপূর্ণ এইবাবেই যে ইয়াৰ মাজেৰে ৰাৱণৰ চৰিত্ৰ অতি সুন্দৰভাৱে ফুটি ওলাইছে। ৰাৱণ আছিল এক পৰাক্ৰমী বক্তা। যোদ্ধা হিচাপে তেওঁ বিনাযুঁজে কাৰো ওচৰত হাৰ মনাতো উচিত বুলি বিবেচনা কৰা নাছিল নিজৰ পুৰুষত্বৰ প্ৰতি আছিল তেওঁৰ অসীম শ্ৰদ্ধা, আনহাতে তেওঁ অতি জ্ঞানীও আছিল। সেয়েহে তেওঁ ৰামক জগদ্বীশ্বৰ আৰু সীতা আইক লক্ষ্মী বুলি জানিও বা নিজৰ মৃত্যু ৰামৰ হাততে নিশ্চিত বুলি জানিও সীতাক ঘূৰাই দিবলৈ অমান্তি হৈছিল। 

প্রশ্ন ৮ : মন্ত্ৰীসকলে ৰাৱণক কেনেধৰণে উপদেশ দিছিল।

উত্তৰ : মাকৰ পৰামৰ্শ অনুসৰি বিভীষণে ৰাৱণক সজ পৰামৰ্শ দি বুজাবৰ যত্ন কৰিছিল যে হনুমানে সাগৰ পাৰ হৈ আহি লংকাৰ যি তাণ্ডৱ কৰিলেহি তাৰ পৰাই লংকাৰ আসন্ন বিপদ স্পষ্ট হৈ পৰিছে। তদুপৰি ৰাম হ’ল জগতবিখ্যাত পুৰুষ, তেওঁক লংকা ধ্বংসৰ পৰা বাধা দি ৰখা কাৰো বাবেই সম্ভৱ নহ’ব।

বিভীষণৰ এনে পৰামৰ্শৰ বিপৰীতে ৰাৱণে জনালে যে তেওঁ ৰামক জগতমুৰাৰি আৰু সীতাক আই লক্ষ্মী বুলি জানে যদিও বা ৰামৰ হাততে তেওঁৰ মৃত্যু বুলি জানে যদিও সীতাক ওভোতাই নিদিয়ে। ৰাৱণৰ এনে শংকা দেখি তাক দুঃস্বপ্ন বুলিকৈ পাত্ৰ-মন্ত্ৰীসকলে ক’লে যে সাধাৰণ ভুলৰ বাবে হনুমন্তই লংকাত = অগ্নি সংযোগ কৰিব পাৰিলে। কিন্তু লংকাৰ সেনাসকল সচেতন হৈ থাকিলে কোনো ভয়ৰ কাৰণ নাই আৰু কোনেও লংকাক পৰাজিত কৰিব নোৱাৰে। তদুপৰি লংকা অস্ত্ৰ-শস্ত্ৰৰ বলেৰে ভৰি আছে। গতিক সাধাৰণ মানুহ ৰামক ভয় কৰাৰ কোনো কাৰণ নাই ।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া : 

প্রশ্ন ১ : মাধৱ কন্দলীৰ চমু পৰিচয় দাঙি ধৰি কাব্যাংশৰ সাৰাংশ লিখা।

উত্তৰ : মাধৱ কন্দলী আছিল প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। মাধৱ কন্দলীয়ে চতুৰ্দশ শতিকাতে বাল্মিকীৰ ৰামায়ণৰ সপ্তকাণ্ডটি ভাঙনি কৰি অসমীয়া ভাষা সাহিত্যলৈ অতুলনীয় অৱদান আগবঢ়ায়। এওঁ সুদূৰ চতুৰ্দশ শতিকাতে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰি নব্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম ৰামায়ণ বুলি অসমৰ গৌৰৱ অৰ্জন কৰিলে, লগতে অসমীয়া ভাষা সাহিত্যৰ ভেটিও সুদৃঢ় কৰি তুলিলে। বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধত মাধৱ কন্দলীয়ে সকলোৱে বুজিব পৰাকৈ বাল্মীকিৰ ৰামায়ণ পদত ভাঙনি কৰে। মাধৱ কন্দলীয়ে ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’বুলি এঠাইত কৈছে যদিও আদি কাণ্ড আৰু উত্তৰাকাণ্ড পোৱা নাযায়। সেয়েহে ক্রমে মাধৱদেৱ আৰু শংকৰদেৱে বাকী দুটা কাণ্ড অনুবাদ কৰি কন্দলীৰ ৰামায়ণ সম্পূৰ্ণ কৰে। তেওঁৰ আন এখন কাব্য হ’ল- ‘দেৱজিত’।

ৰামৰ লংকা অভিযানৰ বাৰ্তা, ৰামৰ বীৰত্ব আৰু ৰাৱণৰ জীৱনলৈ আহিব লগা ভয়ংকৰ বিপদৰ আগজাননী পাই ৰাৱণৰ মাক নৈকেষীয়ে বিভীষণক আহ্বান জনাইছিল ৰাৱণক বুজাবৰ বাবে। মাক নৈকেষীৰ কথা শুনি তেওঁক প্ৰণাম জনাই বিভীষণ ওলাই গৈছিল ৰাৱণক সৎ পথলৈ ঘূৰাই অনাৰ বাবে পৰামৰ্শ দিবলৈ ।

পাত্রমন্ত্রী সমন্বিতে ৰাৱণ ৰাজসভাত উপৱিষ্ট হৈ আছে। ধীৰ-স্থিৰ, শান্ত চিত্তীক আৰু শুদ্ধ চিত্তৰ বিষ্ণুভক্ত বিভীষণে সভাত প্ৰৱেশ কৰিলেগৈ আৰু ৰাৱণক সম্বোধন কৰি ক’বলৈ ধৰিলে। বিশেষকৈ তেওঁ ইতিমধ্যে লংকাত হনুমানে কৰি যোৱা কাণ্ডবোৰৰ কথা দোহাৰি ৰাৱণক কলে যে লগত সহস্ৰ পথ অতিক্ৰম কৰি সাগৰ পাৰ হৈ আহি নিশংসয় মনে আহি হনুমান নগৰত সোমালহি৷ গোটেই নগৰখন পিতপিতাই ফুৰিলে, সীতাৰো দৰ্শন লাভ কৰিলে আৰু সেনাসকলক মাৰি আলোক বন উছা কৰিলে। ইন্দ্ৰজিতে সকলোবোৰ ধৰ্মযুদ্ধতে যুঁজাৰ পিচত নাগপাশেৰে হনুমানক বন্দী কৰিলে। প্রাণদণ্ডৰ শাস্তি লঘু কৰি নেজত অগ্নি সংযোগ কৰি শাস্তি প্ৰদান কৰা হ’ল যদিও হনুমানৰ নেজৰ জুইয়ে লংকা নগৰীহে পুৰি ছাৰ-খাৰ কৰিলে।

বিভীষণে আগতে হৈ যোৱা এই ঘটনাবোৰৰ ভিত্তিত উত্তম মধ্যম আৰু অধম এই তিনিটা ব্যৱস্থাৰ এটা অনুসৰণ কৰাটো উচিত বুলি জনালে আৰু বুদ্ধিত অপাৰ মন্ত্ৰীসকলে একেশ্বৰে এক উত্তম সিদ্ধান্ত ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰিলে। লগতে তেওঁ ক’লে যে অনেক মতামতৰ মাজেৰে সিদ্ধান্তলৈ আহিব লগাটো মধ্যম আৰু মনুষ্যই নিজৰ ওপৰত বিশ্বাস হেৰুৱাত দৈৱৰ ওপৰত নিৰ্ভৰ কৰিব লগাটোৱেই হ’ল অধম সিদ্ধান্ত।

ইয়াৰ পিচত তেওঁ ৰামৰ গুণ বখানি ক’লে যে ৰামচন্দ্ৰ হ’ল জগদ্বিখ্যাত তপস্বী পুৰুষ। তেওঁ যে লংকা উছন কৰিব তাক কোনেও ৰুধিব নোৱাৰে। সুগ্ৰৱীক সখী কৰি লৈ তেওঁলোকে সদলবলে সাগৰ তৰিব। কিন্তু বিভীষণে এনে বুজনি দিয়াৰ পৰিৱৰ্তে ৰাৱণে জনালে যে তেওঁ নিজওে সীতা আইক লক্ষ্মী আৰু জনকজীয়ৰী বুলি জানে আৰু ৰামচন্দ্ৰকো মধুসূদন বুলি জানে। আনকি এইটোও জানে যে ৰামৰ হাততে তেওঁৰ মৃত্যু হ’ব, তথাপি তেওঁ সীতাক ওভোতাই দিবলৈ ৰাজী নহয় বুলি জনালে। পাত্ৰ-মন্ত্ৰীসকলে ৰাৱণক এনে দুঃস্বপ্নৰ কথা বাদ দি যুদ্ধৰ বাবে সাজু হ’বলৈহে পৰামৰ্শ দিলে। বিভীষণৰ সৎ পৰামৰ্শই ৰাৱণৰ ৰাজসভাত কোনো মর্যাদা নাপালে ৷

প্রশ্ন ২ : বিভীষণে ৰাৱণক কি কি সজ উপদেশ দিছিল? আলোচনা কৰা ।

উত্তৰ : ৰামৰ লংকা অভিযানৰ বাৰ্তা, ৰামৰ বীৰত্ব আৰু ৰাৱণৰ জীৱনলৈ আহিব লগা ভয়ংকৰ বিপদৰ আগজাননী পাই ৰাৱণৰ মাক নৈকেষীয়ে বিভীষণক আহ্বান জনাইছিল ৰাৱণক বুজাবৰ বাবে। মাক নৈকেষীৰ কথা শুনি তেওঁক প্রণাম জনাই বিভীষণ ওলাই গৈছিল ৰাৱণক সৎ পথলৈ ঘূৰাই অনাৰ বাবে পৰামৰ্শ দিবলৈ।

পাত্রমন্ত্রী সমন্বিতে ৰাৱণ ৰাজসভাত উপৱিষ্ট হৈ আছে। ধবীৰ-স্থিৰ, শান্ত চিত্তীক আৰু শুদ্ধ চিত্তৰ বিষ্ণুভক্ত বিভীষণে সভাত প্ৰৱেশ কৰিলেগৈ আৰু ৰাৱণক সম্বোধন কৰি ক’বলৈ ধৰিলে। বিশেষকৈ তেওঁ ইতিমধ্যে লংকাত হনুমানে কৰি যোৱা কাণ্ডবোৰৰ কথা দোহাৰি ৰাৱণক কলে যে লগত সহস্ৰ পথ অতিক্রম কৰি সাগৰ পাৰ হৈ আহি নিশংসয় মনে আহি হনুমান নগৰত সোমালহি । গোটেই নগৰখন পিতপিতাই ফুৰিলে, সীতাৰো দৰ্শন লাভ কৰিলে আৰু সেনাসকলক মাৰি আলোক বন উছন কৰিলে। ইন্দ্ৰজিতে সকলোবোৰ ধৰ্মযুদ্ধতে যুঁজাৰ পিচত নাগপাশেৰে হনুমানক বন্দী কৰিলে। প্রাণদণ্ডৰ শাস্তি লঘু কৰি নেজত অগ্নি সংযোগ কৰি শাস্তি প্ৰদান কৰা হ’ল যদিও হনুমানৰ নেজৰ জুইয়ে লংকা নগৰীহে পুৰি ছাৰ-খাৰ কৰিলে।

বিভীষণে আগতে হৈ যোৱা এই ঘটনাবোৰৰ ভিত্তিত উত্তম মধ্যম আৰু অধম এই তিনিটা ব্যৱস্থাৰ এটা অনুসৰণ কৰাটো উচিত বুলি জনালে আৰু বুদ্ধিত অপাৰ মন্ত্ৰীসকলে একেশ্বৰে এক উত্তম সিদ্ধান্ত ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰিলে। লগতে তেওঁ ক’লে যে অনেক মতামতৰ মাজেৰে সিদ্ধান্তলৈ আহিব লগাটো মধ্যম আৰু মনুষ্যই নিজৰ ওপৰত বিশ্বাস হেৰুৱাত দৈৱৰ ওপৰত নিৰ্ভৰ কৰিব লগাটোৱেই হ’ল অধম সিদ্ধান্ত।

ইয়াৰ পিচত তেওঁ ৰামৰ গুণ বখানি ক’লে যে ৰামচন্দ্ৰ হ’ল জগদ্বিখ্যাত তপস্বী পুৰুষ। তেওঁ যে লংকা উছন কৰিব তাক কোনেও ৰুধিব নোৱাৰে। সুগ্ৰীৱক সখী কৰি লৈ তেওঁলোকে সদলবলে সাগৰ তৰিব। কিন্তু বিভীষণে এনে বুজনি দিয়াৰ পৰিৱৰ্তে ৰাৱণে জনালে যে তেওঁ নিজওে সীতা আইক লক্ষ্মী আৰু জনকজীয়ৰী বুলি জানে আৰু ৰামচন্দ্ৰকো মধুসূদন বুলি জানে। আনকি এইটোও জানে যে ৰামৰ হাততে তেওঁৰ মৃত্যু হ’ব, তথাপি তেওঁ সীতাক ওভোতাই দিবলৈ ৰাজী নহয় বুলি জনালে। পাত্ৰ-মন্ত্ৰীসকলে ৰাৱণক এনে দুঃস্বপ্নৰ কথা বাদ দি যুদ্ধৰ বাবে সাজু হ’বলৈহে পৰামৰ্শ দিলে। বিভীষণৰ সৎ পৰামৰ্শই ৰাৱণৰ ৰাজসভাত কোনো মর্যাদা নাপালে।

Leave a Reply