NIOS| Assamese (303)| Notes/Answer|Chapter-9| বৰবৰুৱাৰ কবিতাৰ বেদনা

NIOS| Assamese (303)| Notes/Answer|Chapter-9| বৰবৰুৱাৰ কবিতাৰ বেদনা মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-9| বৰবৰুৱাৰ কবিতাৰ বেদনা

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-9| বৰবৰুৱাৰ কবিতাৰ বেদনা

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-9| বৰবৰুৱাৰ কবিতাৰ বেদনা অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড ১

 অধ্যায় ৯

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ঃ

প্ৰশ্ন ১ : ‘বৰবৰুৱা কবিতাৰ বেদনা’ পাঠটিৰ লেখক কোন ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন ২ : লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল ?

উত্তৰঃ ১৮৬৪ চনত নগাঁও জিলাৰ আঁহতগুৰিত ।

প্ৰশ্ন ৩ : লক্ষ্মীনাথ বেজবৰুৱাৰ পত্নীৰ নাম কি ?

উত্তৰ : প্ৰজ্ঞাসুন্দৰী

প্ৰশ্ন ৪ : বেজবৰুৱাই ৰচনা কৰা এখন কবিতাপুথিৰ নাম লিখা ।

উত্তৰঃ কদমকলি

প্ৰশ্ন ৫ : ‘পদুম কুঁৱৰী’উপন্যাসখনৰ লিখক কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা ।

প্ৰশ্ন ৬ : বেজবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা । 

উত্তৰ : জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ।

প্ৰশ্ন ৭ : বেজবৰুৱাই ৰচনা কৰা হাস্যৰসাত্মক পুথি দুখনৰ নাম লিখা ।

উত্তৰ : কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি। 

প্ৰশ্ন ৮ : ‘বৰবৰুৱাৰ কবিতাৰ বেদনা’ পাঠটি লেখকৰ কোনখন গ্ৰন্থৰ পৰা তুলি দিয়া হৈছে?

উত্তৰ : বৰবৰুৱাৰ বুলনি।

প্ৰশ্ন ৯ : তেওঁ কোন বিশ্ববিদ্যালয়ৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰে ?

উত্তৰ : কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ।

প্ৰশ্ন ১০ : কৃপাবৰ বৰুৱা আৰু কৃপা বৰবৰুৱা কাৰ ছদ্মনাম ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন ১১ : লেখকে কিয় কবিতা লিখিবলৈ গৈছিল ? 

উত্তৰ: পুঠি, খনিহা, পোনা, দৰিকনা আদি সকলোৱে কবিতা লিখা কাৰণে।

প্ৰশ্ন ১২ : কবিতা লিখাৰ কথা ভাবি থাকোতে লেখকে ক লৈকে যাবলগীয়া হৈছিল ?

উত্তৰ: ভাত খাবলৈ

প্ৰশ্ন ১৩ : লেখকে ভাত খাই উঠোতে কিমান সময় হৈছিল ?

উত্তৰ : ৰাতি দহ বাজিছিল।

প্ৰশ্ন ১৪ : ৰাতি ভাত খোৱাৰ পিছত লেখকৰ কি কৰা অভ্যাস আছিল ?

উত্তৰ: শোৱা ।

প্ৰশ্ন ১৫ : লেখকে লিখিবলৈ লোৱা কবিতাৰ বিষয় কি আছিল ?

উত্তৰ: টোপনি।

প্ৰশ্ন ১৬: লেখকৰ টোপনি অহাৰ সময়ত সন্মুখত উপস্থিত হোৱা মানুহজনক তেওঁ কি বুলি প্ৰশ্ন কৰিছিল ?

উত্তৰ : তুমি কোন বুলি ।

প্ৰশ্ন ১৭ : লেখকৰ প্ৰশ্নৰ উত্তৰ মানুহজনে কি বুলি পৰিচয় দিছিল ?

উত্তৰ : সেই ঘৰ পূৰ্বৰ মালিক বুলি

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া : 

প্ৰশ্ন ১ : অভ্যাসগতজনে লেখকক কি কথা কৈছিল ?

উত্তৰ: অভ্যাসগতজন লেখকক সেইখনৰ ঘৰতে সজাই পৰাই, খাই, শুই ৰং ধেমালি কৰাৰ লগতে নানা ভাল-বেয়া চিন্তা-চৰ্চা কৰা বুলি কৈছিল। 

প্ৰশ্ন ২ : মৃত্যুৱে অভ্যাগতজনৰ কেনে পৰিৱৰ্তন ঘটোৱা বুলি কৈছে ? 

উত্তৰ : মৃত্যুৱে তেওঁৰ সাংসাৰিক বান্ধোন নোহোৱা কৰা বুলি কৈছিল

প্ৰশ্ন ৩ : লেখকৰ টোপনি কি পলাই পতং দিছিল ? 

উত্তৰ : অভ্যাগতজনৰ উপলুঙা ভাবৰ কথাখিনি শুনি।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : ‘বৰবৰুৱাৰ কবিতা বেদনা’ শীৰ্ষক পাঠটিৰ মূল কথাখিনি নিজৰ ভাষাত বুজাই লিখা ।

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৃপাবৰ বৰুৱা নাম লৈ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি আদি কেইবাখনো পুথি ৰচনা কৰিছিল। এই লানি ৰচনাৰ মাজেৰে বেজবৰুৱাদেৱে ব্যংগাত্মক ৰচনাৰ এটা ধাৰাৰ সৃষ্টি কৰিছিল। সেয়েহে ইয়াত প্ৰায়বোৰ ৰচনাতে হাস্য ব্যংগৰ সোৱাদ আছে আৰু এই ৰচনাবোৰৰ মাজেৰে সমাজৰ বিসংগতিবোৰ আঙুলিয়াই দিয়াৰ চেষ্টা কৰা হৈছে।

‘বৰবৰুৱাৰ কবিতা বেদনা’ শীৰ্ষক পাঠটিত তেওঁ দেখুৱাইছে যে সমাজত বহু লোকে নিজকে কবি বুলি জাহিৰ কৰাৰ অযথা চেষ্টা কৰে আৰু তেওঁলোকে কবি হোৱাৰ ভাও ধৰে। কিন্তু আচলতে তেওঁলোক কবি নহয় আৰু কবিতাৰ বাবে তেওঁলোকৰ কোনো আগ্ৰহো নাই ।

পাবত গজা কবিসকলে এনেদৰেই একেবাৰে কবিতা লিখিম বুলি উঠি পৰি লাগে। কবিৰ দৰে ভাবুক হৈ দেখুৱায়। কিন্তু সায়ন ভোজন একোকে এৰিব নোৱাৰে। মাছে মঙহে খাই উঠি কবিৰ টোপনি ধৰে। তথাপি মুখত চেলেউ আৰু হাতত কাপ লৈ তেওঁ কবিতা লেখাৰ চেষ্টা চলায়। এনেবোৰ কবিৰ বাবে বিষয়বস্তুও নোহোৱা হৈ পৰে। শেষত চকু টানি নিয়া টোপনিয়েই হৈ পৰে কবিতাৰ বিষয়বস্তু।

টোপনিক লৈ কবিতা লিখিবলৈ বহি তেওঁ প্ৰথমে অনুভৱ কৰিছে যে কুমলীয়া বয়সত টোপনিৰ কোনো অন্ত নাছিল। সন্ধিয়া হোৱাৰ লগে লগে টোপনিয়ে আগুৰি ধৰিছিল। হাত বঢ়ালে বা নবঢ়ালেও টোপনি আহি নিজে থিয় হৈছিলহি। অৰ্থাৎ ইচ্ছা থাকিলে বা নাথাকিলেও টোপনি আহিছিল। বয়সৰ লগে লগে, জ্ঞান বাঢ়িল আৰু একেদৰে কামৰ অন্ত নোহোৱা হ’ল ধনৰ ভড়াল শকত হ’ল কিন্তু টোপনিৰ ভঁড়াল উদং হ’ল।

এইখিনি লিখনি উঠোতেই তেওঁৰ টোপনি আহিল। পিছত এঘাৰ বজাৰ ঘড়ীৰ শব্দ শুনি চকু মোহাৰি তেওঁ পুনৰ লিখিবলৈ ধৰিলে যে জ্ঞানৰ ভঁড়াল, ধানৰ ভঁড়াল আদি অনেক পৰিশ্ৰমৰ ফল আৰু সেইবোৰেৰে টোপনিক কিনিব নোৱাৰি । গতিকে টোপনি আঁতৰি গ’ল, শান্তিও নোহোৱা হ’ল আৰু লাহে লাহে স্বাস্থ্যয়ো সেই বাটেই গতি কৰিব ধৰিলে। ধন-চিত বাঢ়ি অহাৰ লগে লগে টোপনি আঁতৰি গ’ল। সেয়েহে কবিয়ে ধনেৰে চহকীজনক সুধিছে তেওঁ তেওঁৰ সেই বহুমুলীয়। টোপনি ক’ত বিচাৰি পাব ।

এনেদৰে থাকোতে তেওঁৰ আকৌ চকু মুদ খালে। পুনৰ বাৰটামান বজাত তেওঁ কলাঘূময়াকৈ সাৰ পোৱাত ছয়া ময়াকৈ মানুহ এজন দেখিলে। মানুহজনে তেওঁৰ সেই ঘৰখনৰ আগৰ মালিক বুলি পৰিচয় দিলে আৰু জনালে যে তেওঁ কোনো সম্পত্তি দাবী কৰিবলৈ অহা নাই। মাথোন ইয়াকেহে কবলৈ আহিছে যে তেওঁ নিজেও এসময়ত এইখন ঘৰক তেওঁৰ ঘৰ বুলি ভাবিছিল। সজাই-পৰাই ৰাখিছিল। বৰবৰুৱা বহি লেখা-পঢ়া কৰা ঠাই দোখৰতে বহি পঢ়া-শুনা কৰিছিল। তাতে তেওঁ ভাল বেয় নানান চিন্তা কৰি জীৱনৰ সপোন ৰচিছিল। তাতে তেওঁৰ ল’ৰা-ছোৱালী ডাঙৰ হৈছিল। তাতে তেওঁ সম্পত্তিৰ লোভত সৰু ভায়েকৰ মাটি বাৰী কাঢ়ি লোৱাৰ বাবে উকীলৰ লগত পৰামৰ্শ কৰিছিল আৰু মাজৰ খোটালীটোত ব্ৰাহ্মণৰ হতুৱাই চণ্ডীপাঠ, গ্ৰহযজ্ঞ ইত্যাদি কৰাইছিল। পিছত মৃত্যুৰে সকলোবোৰ বান্ধোন শেষ কৰিলে সেয়েহে তেওঁ চাবলৈ আহিছে বৰবৰুৱাইনো কেনেকৈ নিজৰ মনটো ভুৰুজাইছে। ইয়াকে কৈ তেওঁ নোহোৱা হ’ল। বৰবৰুৱা ৰো তন্দ্ৰা ভাগিল ।

আচলতে ‘বৰবৰুৱাৰ কবিতা বেদনা’ শীৰ্ষক লেখাটোত বেজবৰুৱাদেৱে বিভিন্ন কৌশলেৰে মানুহৰ মনত থকা বিভিন্ন দ্বন্দ্ববোৰকে প্ৰকাশ কৰিছে। বহল অৰ্থত তেওঁৰ ৰচনাখনিয়ে সামাজিক অৱস্থা এটাকো তুলি ধৰিছে। প্ৰথমে তেওঁ গভীৰ জ্ঞানাবেষণ বা সাধনা নথকাকৈ পাবত গজি বিখ্যাত হ’ব বিচৰা-এচাম মানুহক পেংলাই কৰিছে। তাৰ পিছত তেওঁ কবিতাৰ মাজেৰে দেখুৱাইছে যে অৰ্থ সম্পদৰ নিচাত সোমাই পৰাৰ লগে লগে টোপনি আঁতৰিবলৈ ধৰে। ইয়াতো সমাজখনত লোভত থকা এচাম মানুহৰ মনোভাৱক তুলি ধৰা হৈছে। শেষত তেঁও ঘৰৰ আগত মালিক বুলি কৈ সম্মুখলৈ অনা চৰিত্ৰটিৰ মাজেৰেও অৰ্থ সম্পদৰ বাবে ভায়েকৰ ওপৰতো মিছা মোকদ্দমা কৰিবলৈ কুণ্ঠাবোধ নকৰা মানুহৰ চৰিত্ৰক তুলি ধৰিছে। কিন্তু শেষত দেখুৱাইছে যে আচলতে এই ধৰণৰ প্ৰতিযোগিতা অৰ্থহীন।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

প্ৰশ্ন ২: বৰবৰুৱাই কবিতা লিখিবলৈ কিদৰে চেষ্টা কৰিছিল, বুজাই লিখা । 

উত্তৰঃ দেখাক দেখি বৰবৰুৱাৰো কবিতা লিখিবৰ মন গ’ল। তেওঁ মনতে ভাবিলে যে নাম গোন্ধ নোহোৱা একোটায়ো যেতিয়া কবিতা লিখিবলৈ লৈছে, তেওঁ নিলিখিব কিয় ? গতিকে তেওঁ কবিতা লিখিবলৈ মনস্থ কৰিলে।

বেছ কিছুদিন তেওঁ মনতে ভাবি-গুনি এদিন থিক কৰিলে যে আজি তেওঁক কবিতা লেখিবই। তেওঁ সকলোকে দেখুৱাইহে এৰিব। সেই দিনা গধুলিৰে পৰা তেওঁ সকলোৰে সৈতে কথা-বতৰা বন্ধ কৰি কবিতা ভাবিবলৈ ধৰিলে। ভাবি .ভাবি তেওঁ জ্বৰ ঘমাদি ঘামিল। শেষত গৈ ভাত খাবৰ সময় হ’লগৈ। তেওঁ কবিতাৰ ভাব একাষৰীয়া কৰি থৈ ভাত মাছৰ বাবে ঠাই উলিয়ালে। মাছে-মঙহে এপেট এনেকৈ খালে যে কবিতাৰ ভাবো হেঁচাত কাষৰীয়া হৈ থাকিল ।

খাই বৈ ৰাতি দহ বজাত মুখত চেলেউ আৰু হাতত কাপ লৈ তেওঁ পুনৰ মেজৰ কাষত বহিলগৈ। ভবা কথাবোৰ ভাতৰ হেঁচাত তল পৰিল । এতিয়া নোলোয়হে নোলায়। বৰবৰুৱাই বুজিলে যে শুদা পেটতহে কবিতাৰ বীজ অংকুৰিত হয়।

তথাপি বৰবৰুৱাই মন ডাঠ কৰি বহি থাকিল৷ ক্ৰমে তেওঁৰ চকুৰ পতা গধুৰ হৈ আহিল। কিন্তু জোৰকৈ তেওঁ চকু মেলি দৃঢ় হৈ থাকিল তেওঁ কবিতা লেখিবই। শেষত তেওঁ থিক কৰিলে যে তেওঁ টোপনিৰ বিষয়েই কবিতা লিখিব। শেষত তেওঁ টোপনিৰ বিষয়েই কবিতা আৰম্ভ কৰিলে।

কৰণো পাইছিলো        ইমানবোৰ টোপনি

কুমলীয়া বয়সত ?

সন্ধিয়া হ’ল কি           টোপনি আহিল

য’তে ত’তে লোট সোট।

— পিছে লেখি থাকোতেই তেওঁৰ চকু মুদ খালে। নাকৰ শব্দ হ’বলৈ ধৰিলে। ঘড়ীত এঘাৰ বজাৰ কোব পৰাতে চকামকাকৈ সাৰ পাই তেওঁ পুনৰ কবিতাত ধৰিলে। কেইশাৰীমান লেখাৰ পাছতে তেওঁৰ পুনৰ টোপনি আহিল। 

ঘড়ীত বাৰ বজাৰ শব্দ হোৱাৰ তেওঁ ছয়াময়াকৈ সাৰ পালে। তেওঁৰ সন্মুখত ঘৰৰ আগৰ মালিক তেওঁ কিদৰে এই ঘৰটোতে জীৱন উপভোগ কৰিলে তাৰ বৰ্ণনা দিলে। ধন-সম্পত্তিৰ লোভত নিজকে কিদৰে ফাকি দিলে তাকো বৰ্ণালে আৰু পৰিশেষত এনেবোৰ মিছা অংহকাৰৰ কোনো অৰ্থ নাই বুলি অনুভব কৰাৰ কথাও ক’লে। তেওঁৰ কথা শুনি বৰবৰুৱাই চকুৰ টোপনি হৰিল । চকু মেলি চাই তেওঁৰ আগত কোনো নাই। এনেকৈ বৰবৰুৱাৰ কবিতা লেখকৰ প্ৰচেষ্টাৰ অন্ত পৰিল ।

প্ৰশ্ন ৩ :

ভাৱ সম্প্ৰসাৰণ কৰা—

এদাক দেখি উঠিল গা। 

কেতুৰিয়ে বোলে মোকো খা ।

উত্তৰঃ “এদাক দেখি উঠিল গা। কেতুৰীয়ে বোলে মোকে খা।” 

– বাক্য শাৰী এটি প্ৰচলিত পটন্তৰ। আক্ষৰিক অৰ্থত এদা হ’ল এবিধ উৎকৃষ্ট মছলা । ঔষধি গুণৰ ফালৰ পৰাও এদা মানুহৰ অতীব প্ৰয়োজনীয়।

আনহাতে কেতুৰিও আদাৰ দৰেই। বাহ্যিক অৱয়ৱৰ ফালৰ পৰা দুয়োবিধ বস্তুৰ পাৰ্থক্য বিচাৰি পোৱা প্ৰায় টান। কিন্তু কেতুৰি কোনো কামত নাহে। তথাপি আদাৰ ইমান আদৰ দেখি কেতুৰীয়ে নিজেই যেন কয় মোকো খা বুলি অৰ্থাৎ কাৰোবাৰ মান, প্ৰতিষ্ঠা দেখি নিজেও তেনেমান বিচাৰি ফুৰা ।

সমাজত যোগ্যতা অনুসৰি সকলো মানুহৰে শ্ৰদ্ধা মৰম বা প্ৰতিষ্ঠা বেলেগ বেলেগ ধৰণৰ। তেনে প্ৰতিষ্ঠা দেখি অযোগ্য এচামেও নিজেই তেনে মান বা প্ৰতিষ্ঠা পাবলৈ আগবাঢ়ি যায়। অথচ সেইখিনি পাব পৰাকৈ তেওঁৰ কোনো গুণো নাই বা তাৰ বাবে কোনো সাধনাও নাই। তেওঁলোক আচলতে কেতুৰিৰ দৰে। কিন্তু নিজকে এদাৰ শাৰীত ৰাখিব খোজে । 

প্ৰশ্ন ৪ : ৰাতি ভাত খাই উঠি কবিতা লিখিবলৈ গৈ লিখকৰ কি অৱস্থা হৈছিল বৰ্ণনা কৰা ?

উত্তৰ : দেখাক দেখি বৰবৰুৱাৰো কবিতা লিখিবৰ মন গ’ল। তেওঁ মনতে ভাবিলে যে নাম গোন্ধ নোহোৱা একোটায়ো যেতিয়া কবিতা লিখিবলৈ লৈছে, তেওঁ নিলিখিব কিয় ? গতিকে তেওঁ কবিতা লিখিবলৈ মনস্থ কৰিলে।

বেছ কিছুদিন তেওঁ মনতে ভাবি-গুনি এদিন থিক কৰিলে যে আজি তেওঁক কবিতা লেখিবই। তেওঁ সকলোকে দেখুৱাইহে এৰিব। সেই দিনা গধুলিৰে পৰা তেওঁ সকলোৰে সৈতে কথা-বতৰা বন্ধ কৰি কবিতা ভাবিবলৈ ধৰিলে। ভাবি ভাবি তেওঁ জ্বৰ ঘমাদি ঘামিল। শেষত গৈ ভাত খাবৰ সময় হ’লগৈ। তেওঁ কবিতাৰ ভাব একাষৰীয়া কৰি থৈ ভাত মাছৰ বাবে ঠাই উলিয়ালে। মাছে-মঙহে এপেট এনেকৈ খালে যে কবিতাৰ ভাবো হেঁচাত কাষৰীয়া হৈ থাকিল ।

খাই বৈ ৰাতি দহ বজাত মুখত চেলেউ আৰু হাতত কাপ লৈ তেওঁ পুনৰ মেজৰ কাষত বহিলগৈ। ভবা কথাবোৰ ভাতৰ হেঁচাত তল পৰিল । এতিয়া নোলোয়হে নোলায়। বৰবৰুৱাই বুজিলে যে শুদা পেটতহে কবিতাৰ বীজ অংকুৰিত হয়।

তথাপি বৰবৰুৱাই মন ডাঠ কৰি বহি থাকিল । ক্ৰমে তেওঁৰ চকুৰ পতা গধুৰ হৈ আহিল। কিন্তু জোৰকৈ তেওঁ চকু মেলি দৃঢ় হৈ থাকিল তেওঁ কবিতা লেখিবই। শেষত তেওঁ থিক কৰিলে যে তেওঁ টোপনিৰ বিষয়েই কবিতা লিখিব। শেষত তেওঁ টোপনিৰ বিষয়েই কবিতা আৰম্ভ কৰিলে।

প্ৰশ্ন ৫ : অভ্যাগতজন আৰু লেখকৰ মাজত হোৱা কথোপকথন নিজৰ ভাষাত বৰ্ণনা কৰা ?

উত্তৰ : এনেতে এবাৰ ছায়ামায়াকৈ মোৰ আগত মানুহ এজন দেখিলোঁ। খন্তেকতে মানুহজনৰ আকৃতি সুস্পষ্ট হৈ উঠিল। মই সুধিলোঁ— তুমি কোন?

মানুহজনে উত্তৰ দিলে— ‘মই ময়েই’। মই দৃঢ়ভাৱে সুধিলোঁ— ‘মই মই তই তই’ এইখন মোক নালাগে, তুনি কোন কোৱা ? তেওঁ সমিধান দিলে— ‘মই এঘিনৰ আগৰ মালিক’। মই আকৌ সুধিলো— ‘এই ঘৰ কেতিয়া মোৰ। তোমাক কি লাগে ? এই ৰাতিখন তুমি কিয় আহিছা? মানহজনে উত্তৰ দিলে – ‘মই ঘৰৰ দাবী কৰিবলৈ অহা নাই। এই ঘৰ তোমাৰ বুলি ম‍ই জানো। মোক একো নালাগে। মই মাথোন তোমাক এষাৰ কথা কৈ যাবলৈ আহিলোঁ। ই বুলি মানুহজনে সৰ্ সৰ্‌ কৰে কৈ যাবলৈ ধৰিলে— ‘ভাইটিহু তোমাৰ নিচিনাকৈয়ে একালত মই এই ঘৰ মোৰ বুলি ভাবিছিলো। তেমাৰ নিচিনাকৈয়ে ইয়াক মই সজাইছিলো, পৰাইছিলোঁ। তোমাৰ নিচিনাকৈয়ে ইয়াত খাইছিলো, শুইছিলো, ৰং-ধেমালি কৰিছিলো আৰু এইখিনিতে বহি লেখা-পঢ়া কৰিছিলোঁ। ইয়াত বহি ম‍ই মনে মনে কত ৰজাপাসা পাতিছিলো, ভাঙিছিলো, কত নিজৰ মংগল আৰু পৰৰ অমংগল চিন্তা কৰিছিলো, কত সুখৰ সমাজিক দেখিছিলো। তাৰ লেখ-জোখ নাই। ইয়াতে বহি ম‍ই ইহকাল পৰকালৰ কত সমস্যাৰ মীমাংসা কৰিছিলোঁ। কত সাঁথৰ ভাঙিবলৈ চেষ্টা কৰিছিলোঁ তাক কৈ ওৰ পেলাব নোৱাৰোঁ। এই ঘৰলৈকে সুন্দৰী এজনীক মোৰ সহধৰ্মিনী কৰি বিয়া কৰাই আনিছিলো, আৰু ইয়াতে তেওঁৰ সোণৰ পুতলা যেন দুটি ল’ৰা আৰু এজনী ছোৱালী হৈছিল। আৰু ইয়াতে ছাঁয়া পুতলাইনচাদি সিহঁতে কিছুকাল নাচি মোক আনন্দ দিছিল। আৰু ইয়াতে সেই ছায়াবাজি ভাগি সকলো নাইকিয়া হৈছিল। সৌ খোঁটালিটোতে মোৰ ঘৈণীৰ কোলাতে মোৰ সৰু ল’ৰাটিয়ে বহি তেওঁৰ মুখলৈ চাই হাঁহি হাঁহি পিয়াহ খাইছিল আৰু তাতে কিছুদিন পিছত তেওঁৰ কলাতে সি যন্ত্ৰণাত চট্‌ফট্ কৰি সি মৰি গ’ল । এই খোঁটীলতে মই মোৰ উকীলেৰে বহি মোৰ সৰু ভাইৰ মাটি-বাৰী কাঢ়ি লৈ মোৰ সম্পত্তি বঢ়াবলৈ পৰামৰ্শ কৰিছিলো আৰু সৌ মাজৰ খোটালীটোতে মই ব্ৰাহ্মণৰ হতুৱাইচণ্ডীপাঠ, গ্ৰহযজ্ঞ, তুলসী দিয়া আদি ধৰ্মকাৰ্য কৰাইছিলোঁ। কিমান কম, কিমান শুনিবা? মুঠতে কওঁ— এই ঘৰতে মই এহেজাৰ এডাল জৰীৰে এনেকৈ বান্ধ খাই ইয়াকে মোৰ বুলি আছিলো যে মোৰ সমাজিকতো মনত নেখেলাইছিল যে এই ঘৰ মোৰ নহৈ কেতিয়াবা আন কাৰোবাৰ হ’ব। হয়ত

অতিৰিক্ত সম্ভাব্য প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটি পৰিচয় দাঙি ধৰা। 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হয় ১৮৬৪ চনত নগাঁওৰ আঁহতগুৰি নামৰ ঠাইত ৷ লুইতৰ বুকুত নাও মেলি গৈ থকা অৱস্থাত বেজবৰুৱাৰ মাতৃৰ গা-অসুখ হোৱাত পাৰত নাও বন্ধাৰ ব্যৱস্থা কৰা হয় আৰু নাৱতে তেওঁ জন্ম হয়। সেই বাবে তেওঁ আত্মজীৱনীত ভূমিষ্ঠ হোৱাৰ পৰিৱৰ্তে নৌকাষ্ঠা হোৱা উল্লেখ কৰিছে। বেজবৰুৱাদেৱৰ পিতৃ-মাতৃৰ নাম হ’ল দীননাথ বেজবৰুৱা আৰু থানেশ্বৰী। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলত শিক্ষা জীৱনৰ পাতনি মেলে আৰু শেষত কলিকতাৰ পৰা বি.এ. উপাধি লাভ কৰে। তেখেতে এম. এ আৰু বি. এল পঢ়িছিল যদিও আধৰুৱাকৈ এৰে। পিচত তেওঁ কলিকাতে থাকি ব্যৱসায়ত মনোনিৱেশ কৰে। বৈবাহিকসূত্ৰে তেওঁ বংগৰ বিখ্যাত ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ লগত যুক্ত হয়।

বেজবৰুৱা আছিল অসমীয়া সাহিত্যলৈ নৱন্যাসৰ ঢল নমাই অনা বিখ্যাত ‘জোনাকী’ আলোচনীৰ অন্যতম হোতা। জোনাকী যুগৰ ত্ৰিমূৰ্তি ‘হেম, মাজু আৰু বেজ’ৰো তেওঁ আছিল কৰ্ণধাৰ। অসমীয়া সাহিত্যৰ সৰ্বতো প্ৰকাৰে প্ৰতিষ্ঠা কৰা সংগ্ৰামত তেওঁ সৰ্বাগ্ৰনী নেতা আছিল আৰু নিজেই সাহিত্যক সকলো দিশতে সৃষ্টিশীলতাৰ পৰিচয় দাঙি ধৰিছিল। তেওঁৰ বিশাল অৱদানৰ বাবেই ড° মহেশ্বৰ নেওগদেৱে তেওঁৰ সমসাময়িক কালছোৱাৰ সাহিত্যৰ বুৰঞ্জীত বেজবৰুৱাৰ যুগ হিচাপে আখ্যায়িত কৰিছে।

বেজবৰুৱাৰ ৰচনা অসমীয়া সাহিত্যৰ এক বিশাল সম্ভাৰ। তেখেতৰ কবিতাপুথি হ’ল – ‘কদমকলি’, ধেমেলীয়া নাটক – ‘লিতিকাই’, ‘নোমল’, ‘পাচনি’, ‘চিক্ৰপতি-নিকপতি’, বুৰঞ্জীমূলক নাট – ‘জয়মতী কুঁৱৰী’, ‘চক্ৰধ্বজ সিংহ’, ‘বেলিমাৰ’, উপন্যাস- ‘পদুম কুঁৱৰী’, চুটিগল্প – ‘সুৰভি’, ‘সাধুকথাৰ কুকি’, ‘জোনবিৰি’, ‘কেহোঁকলি’, সাধু কথা – ‘জুনুকা’, ‘বুঢ়ী আইৰ সাধু’, “ককাদেউতা আৰু নাতি ল’ৰা ইত্যাদি। ইয়াৰ উপৰি তেওঁৰ বিখ্যাত আৰু অনন্য ব্যংগ ৰসাত্মক পুথি ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি’, ‘বৰবৰুৱাৰ বুলনি’ ইত্যাদি। শ্ৰীশ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধবদেৰ উল্লেখনীয় জীৱনী। তত্ত্বকথা, শ্ৰীকৃষ্ণ কলা, The religion of love and devotion আদি বিখ্যাত তত্ত্বমূলক ৰচনা৷ বেজবৰুৱাদেৱে দীৰ্ঘদিন ধৰি ‘বাঁহী’ নামৰ আলোচনীখন সম্পাদনা কৰিছিল। আমাৰ জাতীয় অনুষ্ঠানসমূহৰ নেতৃত্ব লোৱাৰ পৰা ধৰি জাতীয় সাহিত্যৰ উন্নতিৰ হকে অহোপুৰুষাৰ্থ কৰা বেজবৰুৱাদেৱক সঁচাকৈয়ে যুগস্ৰষ্টা সাহিত্যিক হিচাপে আখ্যায়িত কৰিব পাৰি ।

প্ৰশ্ন ২ : ‘বৰবৰুৱাৰ কবিতা বেদনা’ শীৰ্ষক পাঠটিৰ সাৰাংশ লিখা ।

উত্তৰ : ‘বৰবৰুৱাৰ কবিতাৰ বেদনা’ পাঠটি বৰবৰুৱাৰ বুলনি নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। পাঠটিত গুণী-জ্ঞানীজনে কবিতা লিখাৰ কাৰণে বৰবৰুৱাই নিজেও কবিতা লিখিবলৈ গৈ কিদনে নানান আহুকালৰ সন্মুখীন হ’বলগা হৈছিল তাক বৰ্ণনা কৰিছে। কবিতা লিখা আৰম্ভ কৰিবলৈ লৈ, কবিতা লিখাৰ চিন্তাত সকলো কাম বাদ দি কবিতাৰ ভাবত মগ্ন হ’ল। ভাবি-চিন্তি থাকোতে জ্বৰ ঘমাৰ দৰে অৱস্থা হ’ল। কিন্তু কবিতা হ’লে নোলাল এনে সয়তে ভাত খাবলৈ গৈ ভাত-পানী খোৱাৰ পিছত পুনৰ মেজত বহি কবিতা লিখাৰ চিন্তা কৰে। কিন্তু তেওঁৰ কাপৰ পৰা এষাৰীও কবিতা নোলাল লেখকে অনুভৱ কৰিলে যে শুদা পেটেহে কবিতা লিখিব পাৰি ।

ভাত পানী খোৱাৰ পিছত লেখকৰ শোৱা অভ্যাস। সেয়ে টোপনিয়ে তেওঁক বৰকৈ আমনি কৰিবলৈ ধৰিলে। সৰুকালতো টোপনিৰ কাৰণে ভালদৰে পঢ়া শুনা কৰিব নোৱাৰিলে। বয়সৰ লগে লগে তাৰ প্ৰকোপ কমি আহিবলৈ ধৰিছে। তথাপি তেওঁ সংকল্প ল’লে টোপনিৰ বিষয়ে তেওঁ কবিতা লিখিব। কিন্তু কবিতা লিখিবলৈ বহি কেইশাৰীমান লিখাৰ পিছতে পুনৰ টোপনি আহিল। ঘড়ীৰ শব্দত সাৰ পাও নাপাও হওঁতে ছয়াময়াকৈ কোনোবা এজন মানুহ তাত উপস্থিত হোৱা যেন অনুভৱ কৰিলে। লেখকে তেওঁৰ পৰিচয় জানিব বিচৰাত মানুহজনে সেই ঘৰটোৰ পূৰ্বৰ গৰাকী বুলি কয়। তেওঁ কয় যে সেই ঘৰটোতে এসময়ত খাই, শুই, লেখা-পঢ়া কৰিছিল। নানান সুখ-দুখৰ পৰিকল্পনা কৰিছিল। সুন্দৰী পত্নী আৰু ল’ৰা-ছোৱালীৰ লগত সুখৰ সংসাৰ উপভোগ কৰিছিল। অসৎ উপায়ে নিজৰ ভাতৃৰ সম্পত্তি হস্তগত কৰিব বিচাৰিছিল। কিন্তু মৃত্যুৱে তেওঁৰ সকলো বান্ধোন ছিহি দিলে। তেওঁৰ মায়াজাল আঁতৰি গ’ল। সেয়েহে তেওঁ লেখকৰ মায়াত বন্দী হোৱা অৱস্থাতো প্ৰত্যক্ষ কৰিবলৈ আহিছে। মানুহজনে শেষৰ কথাখিনি এইদৰে উপলুঙা ভাবত ক’লে যাৰ জৰিয়তে লেখকৰ টোপনি পলাই পতং দিলে। কিন্তু সাৰ পোৱাৰ পিছত মানুহজনক দেখা নাপালে ৷

Leave a Reply