NIOS| Assamese (303)| Notes/Answer|Chapter-8| বনকুঁৱৰী

NIOS| Assamese (303)| Notes/Answer|Chapter-8| বনকুঁৱৰী মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-8| বনকুঁৱৰী

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-8| বনকুঁৱৰী

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)|Notes/Answer|Chapter-2| ৰাৱণক বিভীষণৰ সজ উপদেশ অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড ১

অধ্যায় ৮

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ঃ

প্ৰশ্ন ১ : চন্দ্ৰকুমাৰ আগৰৱালাৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল ? 

উত্তৰ : ১৮৬৭ চনত শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ ব্ৰহজান গাঁৱত ।

প্ৰশ্ন ২ : চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃৰ নাম কি আছিল ?

উত্তৰ : হৰিবিলাস আগৰৱালা ।

 প্ৰশ্ন ৩ : চন্দ্ৰকুমাৰ আগৰৱালাই কলিকতালৈ কি পঢ়িবলৈ গৈছিল ?

উত্তৰ ঃ চন্দ্ৰকুমাৰ আগৰৱালাই কলিকতালৈ বি.এ. পঢ়িবলৈ গৈছিল।

প্ৰশ্ন ৪ : চন্দ্ৰকুমাৰ আগৰৱালাই কিহৰ ব্যৱসায় আৰম্ভ কৰিছিল ?

উত্তৰঃ চাহ আৰু ছপাখানাৰ ।

প্ৰশ্ন ৫ : জোনাকী আলোচনী কোন চনত প্ৰকাশ হয় ?

উত্তৰ: ১৮৮৯ চনত।

প্ৰশ্ন ৬ : জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন?

উত্তৰ ঃ চন্দ্ৰকুমাৰ আগৰৱালা ।

প্ৰশ্ন ৭ : চন্দ্ৰকুমাৰ আগৰৱালাই পৰিচালনা কৰা দুখন কাকতৰ নাম লিখা ?

উত্তৰ: ‘অসমীয়া’, ‘সাদিনীয়া অসমীয়া’। 

প্ৰশ্ন ৮ : খালী ঠাই পূৰ কৰা :

  • নিজম দুপৰীয়া –—– মাৰি 
  • মাতিলে নো ——–কাক ? 
  • বিজন ———— কোন ক’ত আছে?
  • হালিছে ———- আগ।

উত্তৰ : সুহুৰিটি, কোনে বনত, গছৰ

প্ৰশ্ন ৯ : গহীন গছৰ পাতবোৰ বতাহত কিদৰে কঁপিছে?

উত্তৰ : থৰ থৰকৈ

প্ৰশ্ন ১০ : নিচুক লতিকাবোৰে গছক সাৱটি কি কৰিছে ?

উত্তৰ : প্ৰতি অংগতে চুমা দিছে I

প্ৰশ্ন ১১ : পাঠভাগত ‘লাজুকি’ শব্দটোৱে কাক বুজাইছে?

উত্তৰ : প্ৰাকৃতিক ।

প্ৰশ্ন ১২ : নৈৰ মুখলৈ চাই কোনে হাঁহিছে?

উত্তৰ ঃ বিৰিখে ।

প্ৰশ্ন ১৩ : নৈখনে কি সুৰেৰে গীত গাইছে?

উত্তৰ : কুলু কুলু সুৰে ।

প্ৰশ্ন ১৪ : কাৰ মাত শুনিবলৈ কবিয়ে হেঁপাহ কৰিছে ?

উত্তৰ: মইনা চৰাইৰ ।

প্ৰশ্ন ১৫ : বাঁহৰ ছুঁয়াত গজালি গজিছে কোন নো ইয়াত ফুৰে ?

উত্তৰঃ বনকুঁৱৰী

প্ৰশ্ন ১৬ : ‘জুৰ জুৰ কৰি বতাহ বলিছে বাঁহৰ মাজে মাজে ঘুৰে।’

—কবিতা ফাঁকিত কাৰ কথা কৈছে ?

প্ৰশ্ন ১৭ : কপৌ দুটিয়ে ইজনীয়ে সিজনীক কিদৰে মৰম যাচিছে ? 

উত্তৰ : গাত গা লগাই, মুখত মুখ থৈ, বুকুৰ মাজত সুমুৱাই ।

প্ৰশ্ন ১৮ : হৰিণা পোৱালীক কোনে পানী খুৱাইছে ?

উত্তৰ: বনকুৱৰীয়ে।

প্ৰশ্ন ১৯ : “খিল খিলকৈ হাঁহি গ’ল দিহাদিহি

চিঙ্গে ফুল কতোজনী” —কবিতাফাঁকিৰ জৰিয়তে কোনে খিল খিলাই হাঁহি ফুল চিঙ্গাৰ কথা কৈছে?

উত্তৰঃ বনকুঁৱৰীয়ে।

প্ৰশ্ন ২০ : কপৌৰ বাঁহলৈ উৰি গৈ যখিনী ছোৱালীয়ে কি কৰিছিল ?

উত্তৰ: চুমা দিছিল ।

প্ৰশ্ন ২১ : যখিনী ছোৱালী খোপাত কি গুজি লৈছিল ?

উত্তৰ : ‘বন পখিলা ।

প্ৰশ্ন ২২ : যখিনী ছোৱালী কিহৰ মৌ পাণ কৰিছিল ?

উত্তৰ: বন ফুলৰ

প্ৰশ্ন ২৩ ঃ বনকুঁৱৰীৰ মুখৰ বৰণ কেনেকুৱা ?

উত্তৰ : শ্যাম বৰণীয়া

প্ৰশ্ন ২৪ : বনকুঁৱৰী কাৰ সৈতে বন্ধুত্ব পাতিছে?

উত্তৰ: জলদেৱী নীয়ৰৰ সেতে।

প্ৰশ্ন ২৫ ঃ কোনে বনকুঁৱৰীৰ চুলি বান্ধি খোপাত মালা পিন্ধাই দিছে?

উত্তৰ : জলদেবী নিয়ৰে।

প্ৰশ্ন ২৬ : বনকুঁৱৰী আৰু জলকুঁৱৰীয়ে কবিক কি দান দিছিল ?

উত্তৰ : প্ৰাণৰ অমিয়া মাধুৰী ।

প্ৰশ্ন ২৭ : বনকুঁৱৰী আৰু জলকুৱঁৰীৰ পৰা দান লাভ কৰি কবিয়ে কি অনুভৱ কৰিছে?

উত্তৰ : প্ৰকৃতিৰ মাজত আনন্দৰ ঢল বোৱাই প্ৰাণ সঞ্চাৰ কৰা যেন অনুভৱ কৰিছে।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : ‘বনকুঁৱৰী কোন? বনকুঁৱৰীয়ে কাৰ সতে বন্ধুত্ব স্থাপন কৰিছিল ?

উত্তৰ : বনকুঁৱৰী কবিতাটিত কবিয়ে প্ৰকৃতিক এগৰাকী ৰাংঢালী গাভৰুৰ কল্পনাৰ মাজেৰে বিভিন্ন ৰূপৰ মনোমোহা বৰ্ণনাৰে দাঙি ধৰিছে ।

বনকুঁৱৰীয়ে কবিৰ সতে বন্ধুত্ব স্থাপন কৰিছিল।

প্ৰশ্ন ২ : চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যগ্ৰন্থ দুখনৰ নাম কি কি? তেওঁৰ এখন কাব্যগ্ৰন্থ সম্পৰ্কে বেজবৰুৱাই কি মন্তব্য আগবঢ়াইছিল ? 

উত্তৰ : তেওঁৰ জোনাকীত প্ৰকাশ হোৱা ৩৫টা কবিতাৰ পুথি আকাৰত ছপোৱা কাব্যপুথিখন আছিল ‘প্ৰতিমা’। তেওঁৰ আনখন কবিতাপুথি হ’ল “বীণ বৰাগী”।

তেওঁৰ ‘প্ৰতিমা’ৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে যে “প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ ” ।

প্ৰশ্ন ৩ : প্ৰসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰা— 

(ক) মৰম ভিখাৰী বিচাৰিছো দেৱী

প্ৰাণৰ অমিয়া মাধুৰী

উত্তৰ : উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট চন্দ্ৰ কুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবিয়ে কবিতাটিত প্ৰকৃতিৰ বিভিন্ন চিত্ৰ অতি সযতনে তুলি ধৰিছে আৰু প্ৰকৃতিক তেওঁ মানৱী ৰূপত কল্পনা কৰিছে। বনকুঁৱৰীয়ে যেন প্ৰকৃতি জগতখনক মোহময়ী কৰি তুলিছে। বনকুঁৱৰীৰ এই ৰূপ সৌন্দৰ্য দেখি মৰম আকলুৱা বতাহৰ মনত হোৱা উপলব্ধি প্ৰকাশ কৰাৰ প্ৰসংগত কবিয়ে এই ফাঁকি কবিতা ৰচনা কৰিছে।

বনকুঁৱৰীয়ে শ্যাম বৰণীয়া শৰীৰত নানান বনৰীয়া ফুল লতিকাৰ আভূষণ পিন্ধিছে। মূৰত মৰকত মনি জিলিকিছে। তেওঁৰ লগতে সাজি-কাচি ওলাইছে জলৰ দেৱী নীয়ৰী (নিয়ৰ) ৰাশি ৰাশি বনফুলেৰে শোভা কৰে । তেওঁৰ শৰীৰ সুগন্ধিৰে ভৰি পৰিছে। তেওঁৰ সুবাসত বতাহ জুৰ পৰিছে। চৌদিশে যেন কেতেকীৰ সুঘ্ৰাণহে মলমলাইছে। সেয়েহে বতাহে কৈছে বতাহ হ’ল মৰমৰ ভিখাৰী। বনকুঁৱৰীৰ পৰা সেয়েহে বতাহে অকণমান মৰম বিচাৰিছে। প্ৰতিদান স্বৰূপে দুয়ো গৰাকী প্ৰকৃতি কুৱঁৰীয়ে মিচিকিয়া হাঁহিৰে সমিধান দিছে। অজান আনন্দত বতাহ মতলীয়া হৈ উঠিছে আৰু এই আনন্দই সকলো প্ৰাণীক বুৰাই পেলাইছে।

(খ) অথিৰ বায়ুৰ শিয়ৰিল নোম, 

উজলাইছে গৈ জান

কাৰণ নেদেখা আনন্দৰ ঢৌৱে

বুৰূপে প্ৰাণীৰ প্ৰাণ।

উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি অসমলৈ ৰমন্যাসৰ বাট কাটোতা কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ। আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট তেখেতৰ ‘বনকুঁৱৰী’ নামৰ গীতি কবিতাটোৰ পৰা এই ফাঁকি কবিতা লোৱা হৈছে।

কবিয়ে বনকুঁৱৰীৰ উপস্থিতিত প্ৰকৃতিৰ বুকুত হোৱা পৰিবৰ্তনৰ কথা কবলৈ গৈ এই কথাৰ অৱতাৰণা কৰিছে।

বন্য ফুল পাতেৰে সজ্জিতা বন কুঁৱৰীৰ ৰূপ সৌন্দৰ্যই বতাহক বলীয়া কৰিছে। মুগ্ধ বতাহে সেয়েহে মৰমৰ সমিধান বিচাৰিছে। বনকুঁৱৰী আৰু জলকুঁৱৰী দুয়ো মিচিকিয়া হাঁহিৰে বতাহৰ প্ৰতি সমিধান দিছে। দুই কুঁৱৰীৰ এনে সমিধানত অস্থিৰ হৈ থকা বতাহৰ নোম যেন সিয়ৰি উঠিছে। এই শিহৰণে জান জুৰি পানী উছলাই তুলিছে। এক অজান আনন্দত সকলোৰে মন ভৰি পৰিছে। আচলতে কবিয়ে প্ৰকৃতিৰ মাজত চলি থকা এই বিচিত্ৰ লীলাক মানবীয় ৰূপত প্ৰত্যক্ষ কৰিছে আৰু মানুহৰ প্ৰেম ভালপোৱা তাৰ মাজতেই অনুভব কৰিছে। 

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : ‘বনকুঁৱৰী’ কবিতাটোৰ মূলভাৱ লিখা

উত্তৰ: জোনাকী কাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশিত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটো অসমীয়া ৰোমাণ্টিক কবিতাৰ প্ৰথম প্ৰকাশ সাৰ্থক উন্মেষ। পিছলৈ প্ৰতিমা নামৰ কাব্যপুথিত সংকলিত হোৱা এই কবিতাটো এটি উল্লেখনীয় গীতি কবিতা আৰু অসমীয়া প্ৰথম কাহিনী গীত বা মালিতা।

বনকুঁৱৰী কবিতাত এটি কাহিনী আছে যদিও এই কাহিনী সুসংবদ্ধ নহয়। বনকুঁৱৰীৰ কাহিনী ভাগত এটি আধি দৈবিক জগতখনহে প্ৰতিফলিত হৈছে। এই কবিতাটোৰ আকষৰ্ণীয় দিশ হ’ল সংবেদনশীল মানবীয় আবেদন। কথা বস্তুৰ ‘তুলনাত ইয়াৰ নৈসৰ্গিক চিত্ৰহে অধিক আকষৰ্ণীয়।

নিজম দুপৰীয়া আপোন মনে বনৰ মাজত সুহুৰি মাৰি হালি জালি দেও দি দি নাচি নাচি ফুৰা বনকুঁৱৰীয়ে ইটিয়ে সিটিক মৰম যাচিছে। প্ৰকৃতি জীয়ৰী বনকুঁৱৰী যেন সংসাৰৰ বিষয় বাসনাৰ পৰা বহু আতৰত। উজ্জ্বল মুখখনি, শিৰত মৰকতমনি, বিবিধ বন লতাৰ আভূষণেৰে সজ্জিত বনকুঁৱৰী দেৱী নে আন কিবা কবিয়ে ধৰিব পৰা নাই। আচলতে কবিয়ে এগৰাকী মুকুলিমুৰীয়া গাভৰুৰ চিত্ৰ অংকন কৰিছে। তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে সেই উন্মুক্ত যৌবন। প্ৰকৃতিৰ এই অনিবচনীয় ৰূপ আৰু স্বাধীন সত্ত্বাটোৱে কবিক আকৰ্ষিত কৰিছে। তেওঁ সেয়েহে প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিৰে নাম গাই ঘুৰি ফুৰি টুক টুক চাপৰি বজোৱা ছোৱালীজনী। প্ৰকৃতিৰ সত্বাৰ এই ভূবন ভুলোৱা ৰূপত তেওঁ বিমোহিত হৈছে, মিচিকণি হাঁহিৰ এটি সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দেৰে ভৰপুৰ হৈ পৰিছে।

কবিতাটোৰ আকষৰ্ণীয় দিশটো হ’ল প্ৰকৃতিৰ মানবয়ন। প্ৰকৃতিক তেওঁ বনকুঁৱৰীৰ ৰূপত কল্পনা কৰিছে যাৰ সত্বা কবিৰ বাবে এগৰাকী পূৰ্ণযৌৱনা চঞ্চলা গাভৰুৰ দৰে। কিন্তু তেওঁৰ ৰূপত বা চাল-চলনত কোনো কৃত্ৰিমতা নাই। সম্পূৰ্ণ স্বাভাবিক, ঠিক প্ৰকৃতিৰ বুকুত লালিত-পালিত হোৱা সৰল মনৰ গাভৰু গৰাকীৰ দৰে। চঞ্চলতা আছে, ৰাংঢালী, মুকলিমুৰীয়া কিন্তু কৃত্ৰিম নহয় । কবিতাটোত প্ৰকৃতিৰ এই ৰূপ লাৱণ্যকে মানবী ৰূপত কল্পনা কৰা হৈছে। 

প্ৰশ্ন ২ : ‘বনকুঁৱৰী’ কবিতাটিক কবিগৰাকীয়ে দেখা প্ৰকৃতিৰ ৰূপৰ এটি বৰ্ণনা দিয়া।

উত্তৰ : বনকুঁৱৰী কবিতাটিত কবিয়ে প্ৰকৃতিৰ বিভিন্ন ৰূপৰ মনোমোহা বৰ্ণনা দিছে আৰু এই বৰ্ণনা দাঙি ধৰিছে এগৰাকী ৰাংঢালী গাভৰুৰ কল্পনাৰ মাজেৰে ।

প্ৰকৃতিয়ে যেন নিজম দুপৰীয়া বনৰ মাজত সুহুৰি মাৰিছে, হালি জালি ফুৰিছে । গহীন গছবোৰত যেন বনকুঁৱৰীজনী বতাহত ছটিৰ দৰে। পাতবোৰ কঁপাই যায়। গছবোৰক সাৱটি ধৰি মৰম যাচে। ফুটা নুফুটা মাতেৰে তাই মৰমৰ গীত জুৰিছে। গছবোৰে নৈৰ মুখলৈ চাই হাঁহি মাৰি হালি পৰিছে। নৈৰ বুকুতো কুলু কুলু শব্দ যেন বুজিব নোৱাৰা বহুত কথা। গছৰ আগত ময়না চৰাইটিয়ে মাত মাতি মাতি নিচুপ হৈ পৰিল, কিন্তু সেই মাত শুনাৰ হেঁপাহ শেষ নহ’ল। আৰু শুনো শুনোকৈ

মনৰ হেঁপাহ মনতে ৰ’ল। সেই বকুল জোপা দেখি কবিয়ে ভাবিছে যে এইখন নিশ্চয় কাৰোবাৰ তামোল লেটেকুৰে ভৰা ঘৰেই আছিল। এতিয়া এৰাবাৰী হ’ল। বাঁহৰ ছাঁত গজা গজালিবোৰ দেখিলে কোনোবা ঘুৰি ফুৰা যেন লাগে। আচলতে বাঁহৰ মাজে মাজে জুৰ মলয়া ছাটিহে ঘুৰি ফুৰিছে।

গছৰ পাতবোৰে ইটি সিটি লগ লাগি ফুচফুচাই মেল পাতিছে, মিটিক মাচাক হাঁহিছে। সুখৰ যেন কোনোবাই সুৰ সুৰাইহে দিছেহি।

কপৌ দুটিয়ে গাত গা লগাই মুখত মুখ দি আছে, অকণি বুকুৰ মাজতে ইটিয়ে সিটিক সুমুৱাই মৰম যাচিছে। ফুলৰ পাহি যে কোনোবা প্ৰেত কন্যাই আহি যেন জানৰ কাষত হৰিণা পোৱালিটিক পানী খুৱাইছেহি। ৰ লাগি চাই থাকে। কিনো চাইছ বুলি সুধিলে লাজতে গাল ৰঙা পৰি যায়। দেও দি লৰি গৈ সিহঁত মাজ পালেগৈ বনফুলৰ সাজ পিন্ধি আহঁতৰ তলত নাচিবলৈ ধৰিলে। মুকলি মানেৰে টুক টুক চাপৰি বায় নাম গোৱা দেৱকন্যাহে যেন। খিল খিলাই হাঁহি দিহা দিহি যায়। কোনোবা জনীয়ে ফুল চিঙে। কোনোবা জনীয়ে কপৌৰ বাঁহলৈ উৰি গৈ চুমা যাচে ।

খোপাত বনৰ পখিলা, শ্যামলী শৰীৰত বনফুলৰ বিভিন্ন আভুষণ, শিৰত মৰকত মণিৰে সুশোভিতা হৈ বনকুঁৱৰী ওলাইছে। লগত জলৰ দেৱী নিয়ৰ (নীয়ৰী) নিয়ৰৰ টোপালবোৰ মুকুতা মণিৰ দৰে শোভা কৰিছে। বন-বননিৰ নানান সৌন্দৰ্য্য আৰু সুন্দৰ সুবাসেৰে পৰিপূৰ্ণ হৈ উঠিছে তাই। তাই যেন জুৰ বতাহছাটি বোৱাই আনিছে। সেই বতাহতে উৰি আহিছে কেতেকীৰ সুবাস। কেতেকীৰ গোন্ধত চৌদিশ মলমলাই গৈছে। বতাহে হাঁহি মাৰি মৰমৰ সমিধান বিচাৰিছে। দুয়ো গৰাকী প্ৰকৃতি কুঁৱৰীয়ে মিচিকি হাঁহিৰে তাৰ প্ৰতিদান দিছে আৰু সকলোৰে মনত আনন্দৰ ঢৌ উঠিছে।

কবিতাটোত কবিয়ে অতি সুক্ষ্মভাৱে প্ৰকৃতিৰ বিভিন্ন ৰূপ আৰু বিচিত্ৰ খেলা পৰ্য্যবেক্ষণ কৰিছে। প্ৰতিটো ৰং ৰূপৰ মাজতে বিচাৰি পাইছে এক মানৱী সত্বাৰ উপলব্ধি। প্ৰকৃতিৰ মাজত এনে ৰং ৰূপৰ পোহাৰ মেলিছে যেন কোনোবা কাকুঁৱৰীয়ে। সেই কনকুঁৱৰীৰ পৰশত চাৰিওফালে সুন্দৰতা ভৰি পৰিছে। প্ৰকৃতিৰ সৌন্দৰ্য্য, চঞ্চলতা, চপলতা, মুকুলিমুৰীয়া মনটোৰ চিত্ৰকে কবিয়ে অতি নিটোল ৰূপত ফুটাই তুলিছে।

প্ৰশ্ন ৩ : চন্দ্ৰকুমাৰ আগৰৱালাৰ চমু পৰিচয় দাঙি ধৰা । 

উত্তৰ: অসমীয়া কবিতাৰ প্ৰথম প্ৰকাশ সাৰ্থক উন্মেষ ঘটোৱা ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয় ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মজানত। কলিকতাত উচ্চশিক্ষা লাভ কৰি থকাৰ সময়তে তেওঁ অ.ভা.উ.সা. সমিতি গঠনত আগভাগ লয় আৰু জোনাকী কাকতৰ প্ৰতিস্থাপক সম্পাদক হিচাপে থাকি অসমীয়া ভাষা সাহিত্যৰ সৰ্বাঙ্গীন বিকাশৰ হকে আত্মোৎসৰ্গা কৰিবলৈ ধৰে। ১৮৮৯ চনত প্ৰকাশিত জোনাকী কাকতৰ তেৱেঁই আছিল প্ৰতিষ্ঠাপক সম্পাদক। চন্দ্ৰকুমাৰৰ জোনাকীত প্ৰকাশ হোৱা ‘বনকুঁৱৰী’ নামৰ লিৰিকটোৱেই প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা । তেওঁৰ জোনাকীত প্ৰকাশ হোৱা ৩৫টা কবিতাৰ পুথি আকাৰত ছপোৱা পুথিখন আছিল ‘প্ৰতিমা’। বেজবৰুৱাই ‘প্ৰতিমা’ৰ বিষয়ে লিখিছে যে “প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ”। তেওঁৰ আনখন কবিতাপুথি হ’ল “বীন বৰাগী”। তেখেতে অসমীয়া’, ‘সাদিনীয়া অসমীয়া’ আৰু ‘তিনিদিনীয়া অসমীয়া আদি কাকত সুখ্যাতিৰে পৰিচালনা কৰে। স্বতন্ত্ৰৰীয়া ব্যৱসায়েৰে আত্ম প্ৰতিষ্ঠা কৰা আগৰৱালা দেৱে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে নিস্বাৰ্থভাৱে ভালেখিনি সেৱা আগবঢ়াই থৈ যায়। ১৯৩৭ চনত গুৱহাটীৰ নিজা ঘৰত তেওঁৰ মৃত্যু হয় ।

পাঠভিত্তিক ব্যাকৰণ

প্ৰশ্ন ১ : লিংগ পৰিৱৰ্তন কৰা ।

লাজুকী, ছোৱালী, যখিনী, কুমাৰী, ৰূপহী, কুঁৱৰী, দেৱী ।

উত্তৰ:

  • লাজুকী——–লাজুক
  • ছোৱালী——–ল’ৰা
  • যখিনী———-যখ
  • কুমাৰী———কুমাৰ
  • ৰূপহী ——– কুঁৱৰী
  • ৰূপহ———-কোঁৱৰ
  • দেৱী———–দেৱ

প্ৰশ্ন ২ : বিশেষ্য শব্দবোৰ বিশেষণ আৰু বিশেষণবোৰ বিশেষণলৈ নিয়া ।

লতিকা, মৰম, পানী, মুখনি, মাধুৰী

উত্তৰঃ 

  • লতিকা———-লতা
  • মৰম ———- মৰমিয়াল
  • পানী——— পনীয়া
  • মুখনি ———মুখ
  • মাধুৰী———মধুৰ

প্ৰশ্ন ৩ : প্ৰত্যয় ভাঙা।

দুপৰীয়া, কুমাৰী, ৰূপহী, দেৱী

উত্তৰঃ 

  • দুপৰীয়া ——— দুপৰ + ঈয়া
  • কুমাৰী———- কুমাৰ + ঈ
  • ৰূপহী ——-ৰূপহ + ঈ
  • দেৱী———-;দেৱ + ঈ

প্ৰশ্ন ৪ : নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ ব্যৱহাৰ : জনী, জনা

উত্তৰ:

  • জনী ———- দুজনী, কতোজনী
  • জনা ———— ইজনা

অতিৰিক্ত সম্ভাব্য প্ৰশ্নোত্তৰ

প্ৰশ্ন ১ : ৰোমাণ্টিক কবিতাৰ প্ৰধান লক্ষণসমূহ কি কি ?

উত্তৰ : ৰমন্যাসবাদ মূলতঃ পাশ্চাত্যৰ চিন্তা। ফৰাচী বিপ্লৱৰ ফল, ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্ৰত্যাৱৰ্ত্তনৰ ধাৰণা আদি বিভিন্ন কাৰণত পাশ্চাত্যত ৰমন্যাসবাদৰ মূল চিন্তা চেতনাই গা কৰি উঠে আৰু ই ক্ৰমান্বয়ে সমস্ত বিশ্বত ব্যাপ্ত হৈ পৰে ।

অসমলৈ ৰোমাণ্টিক চিন্তা চেতনাৰ বাট কাটি আনে কলিকতাত শিক্ষাৰত হৈ থকা প্ৰৱসুৱা ছাত্ৰসকলে। বিশেষকৈ চন্দ্ৰকুমাৰৰ ‘বনকুঁৱৰী’ নামৰ লিৰিকটোতে প্ৰথম ৰোমাণ্টিক কবিতাৰ প্ৰকাশ সাৰ্থক উদ্বেষ দেখিবলৈ পোৱা যায়। ৰমন্যাসবাদীসকলৰ ৰচনাৰ কেতবোৰ বিশেষ লক্ষণ সমালোচক সকলে প্ৰত্যক্ষ কৰিছে। তাৰে ভিতৰত উল্লেখনীয় লক্ষণবোৰ হ’ল

১। প্ৰকৃতি প্ৰীতি ঃ 

ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্ৰত্যাবৰ্ত্তনৰ ধাৰণাই ৰোমাণ্টিক কবি সকলৰ মনত প্ৰকৃতিৰ প্ৰতি এক আকৰ্ষণৰ জন্ম দিয়ে। জগতৰ সকলো সৎগুণ প্ৰকৃতিৰ বুকুতে নিহিত হৈ আছে বুলি বিশ্বাস কৰা ৰোমাণ্টিক কবি সকলে সেয়েহে প্ৰকৃতিৰ অনিৰ্বাচনীয় সৌন্দৰ্য্যৰ সন্ধানত নিজকে ব্ৰতী কৰিছিল। আৰু সেয়েহে প্ৰকৃতি প্ৰীতি আছিল ৰমন্যাসিক কবি সকলৰ এক বিশিষ্ট লক্ষণ ।

২। সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপ ঃ 

ৰোমাণ্টিক কবি সকলে জগতৰ সকলো সৰু বস্তুৰ মাজতে অসাধাৰণত্ব দেখিবলৈ পাইছিল। আমাৰ ৰঘুনাথ চৌধাৰীদেৱে কেতেকীৰ মাজতো পৃথিবীৰ সকলো সততা সকলো সৌন্দৰ্য দেখিবলৈ পোৱাৰ দৰে তেওঁলোকে সাধাৰণ বস্তুৰ মাজতে অসাধাৰণত্ব আৰোপ কৰিছিল।

৩। ৰহস্যৰ সুক্ষ্ম অনুভূতি : 

ৰোমাণ্টিক কবিসকলে অতি বিচক্ষণ ভাবে সৌন্দৰ্য্য ৰহস্য আৰু বিস্ময়ক একীভূত কৰিছিল। তেওঁলোকে সকলোৰে মাজত এক সূক্ষ্ম ৰহস্য বিচাৰৰ যত্ন কৰিছিল।

৪। মন্ময় ধৰ্মিতা : 

অন্তৰৰ ভাবৰাজিক এক সাৰ্বজনীন ৰূপ দিয়াই হ’ল মন্ময়ধৰ্মিতা। ৰোমাণ্টিক কবিসকলৰ কল্পনাত তেওঁলোকৰ মনৰ সকলোবোৰ সৰু বস্তুৱেই একোটা সাৰ্বজনীন ৰূপ ল’বৰ চেষ্টা কৰিছে। বস্তু একোটাৰ অস্তিত্বই তাৰ অৰ্ন্তলোকৰ অভিজ্ঞতা আৰু তাৰ সামগ্ৰিক ৰূপ তৃষ্ণাৰ অন্বেষণে ৰোমাণ্টিক কবিসকলৰ ভাৱনাক সাৰ্বজনীন ৰূপ দিছে।

৫। জীৱনৰ মৌলিক সৰলতাৰ প্ৰতি আকৰ্ষণ : 

কচোৰ ধাৰণাই আছিল যে জীৱটো মৌলিকভাৱে সৎ আৰু সুন্দৰ। সামাজিক আবহাৱাইহে মানুহক অসুন্দৰ কৰি তোলে। সেয়েহে আকৰ্ষণ তেওঁলোকে সাধাৰণ মানুহ বা চহা জীৱনৰ সৰলতাৰ প্ৰতি এক বিশেষ ধৰণৰ আদান অনুভব কৰিছিল। জীৱনৰ এই মৌলিক সৰলতাৰ প্ৰতি অন্বেষণ ৰোমাণ্টিক কবিতাৰ এক অন্যতম বৈশিষ্ট্য।

৬। অতীত প্ৰীতি আৰু মধ্যযুগৰ ভাবাম্বেষণ :

মধ্যযুগৰ মাজত থকা লোক জীৱনৰ এক বিশেষ আকৰ্ষণ আছিল। অতীতৰ বিভিন্ন বৈচিত্ৰ্যই তেওঁলোকৰ মনত বিশেষভাৱে ধৰা দিছিল। আনকি অসমীয়া ৰোমাণ্টিক কবি সকলৰ কল্পনাতো বাৰে বাৰে মধ্যযুগৰ ভাবাম্বেষণ প্ৰত্যক্ষ কৰিব পাৰি ।

৭। কাৰুণ্যতা ঃ 

সমসাময়িক সামাজিক ঘটনাৱলীৰ বাবে ৰোমাণ্টিক কবিসকল হয়তো বৰ সুখী নাছিল। সৎ আৰু অসত্ৰ দ্বন্দ্বই সৃষ্টি কৰা এক দোদ্যোল্যমান মানসিক অৱস্থাই অনবৰতে তেওঁলোকৰ অন্তৰ আলোড়িত কৰি ৰাখিছিল। সেয়েহে প্ৰচলিত অৱস্থা বা সংসাৰখনৰ প্ৰতি এক অনীহা আৰু কাৰুণ্যতাৰ ভাবো তেওঁলোকৰ কবিতাৰ মাজত ফুটি উঠিছিল।

৮। এক সতেজ বৌদ্ধিক অনুসন্ধিৎসা : 

ৰোমাণ্টিক কবিসকল যদিও বিশেষভাবে কল্পনাপ্ৰৰণ আছিল বা সৌন্দৰ্য্যৰ কল্পলোকত উটি ভাহি ফুৰিছিল তথাপিও তেওঁলোকৰ চিন্তাৰ মাজত আছিল এক সতেজ বৌদ্ধিক অনুসন্ধিৎসা।

৯। স্বতঃস্ফুৰ্ত্ততাঃ 

ৰোমাণ্টিক কবি সকলে তাহানিৰ ধৰা-বন্ধা নীতি নিয়মবোৰ ভাঙিবলৈ যত্ন কৰিছিল আৰু নিজৰ কবিতাৰ কাননত মুক্তভাবে বিচৰণ কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকৰ কল্পনা আছিল স্বতঃস্ফুৰ্ত্ত, উন্মুক্ত।

১০। পুৰণি ছন্দ ৰীতি আদিৰ পুনৰুত্থান ঃ 

ৰোমাণ্টিক কবিসকলে যেনেদৰে অতীতৰ প্ৰতি প্ৰীতি অনুভৱ কৰিছিল, তেনেকৈ অতীতৰ ছন্দ অলংকাৰবোৰক নতুন ৰূপত সজাই তুলিছিল আৰু নিজৰ কবিতাত স্থান দিছিল।

সামগ্ৰিকভাবে মন্যাসবাদ মুক্ত ধাৰণা, কল্পনাৰ বিচৰণৰ ক্ষেত্ৰ। এই কেন্দ্ৰখনকে তেওঁলোকে ৰহস্যৰ অনুভূতি, বৌদ্ধিক অনুসন্ধিৎসা আদিৰে সজাই তুলিছিল।

Leave a Reply