NIOS| Assamese (303)| Notes/Answer|Chapter-7| বৰগীত-মাই হেৰ গোকুল

NIOS| Assamese (303)| Notes/Answer|Chapter-7| বৰগীত-মাই হেৰ গোকুল মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| NIOS| Assamese (303)| Notes/Answer|Chapter-7| বৰগীত-মাই হেৰ গোকুল

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-7| বৰগীত-মাই হেৰ গোকুল

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-7| বৰগীত-মাই হেৰ গোকুল অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড ১

অধ্যায় ৭

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : মাধৱদেৱৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল ?

উত্তৰ : মাধৱদেৱৰ জন্ম হয় ১৪৮৯ চনত লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত। 

প্ৰশ্ন ২ : মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি ?

উত্তৰ ঃ তেওঁৰ পিতৃ, মাতৃৰ নাম হ’ল গোবিন্দগিৰি আৰু মনোৰমা ।

প্ৰশ্ন ৩ : মাধৱদেৱৰ ঝুমুৰা কেইখনৰ নাম লিখা ।

উত্তৰ: চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি লেটোৱা, ভোজন, বিহাৰ ।

প্ৰশ্ন ৪ : মাধৱদেৱৰ সাহিত্য জীৱনৰ শ্ৰেষ্ঠ কীৰ্তি কি ?

উত্তৰ : মাধৱদেৱৰ সাহিত্য জীৱনৰ শ্ৰেষ্ঠ কীৰ্তি হ’ল নামঘোষা ।

প্ৰশ্ন ৫ : মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান ?

উত্তৰ : মাধৱদেৱে ১৫৭টা বৰগীত ৰচনা কৰিছিল।

প্ৰশ্ন ৬ : বৰগীতসমূহৰ ভাষা কি ?

উত্তৰঃ ব্ৰজাৱলী।

প্ৰশ্ন ৭ : শ্ৰীকৃষ্ণই কঁকাল আৰু ভৰিত কেনে ধৰণৰ অলংকাৰ পিন্ধিছিল ?

উত্তৰ: শ্ৰীকৃষ্ণ‍ই কঁকালত কিংকিনী আৰু ভৰিত নূপূৰ অলংকাৰ পিন্ধিছিল ।

প্ৰশ্ন ৮ : কানুক চান্দ বয়নে মানে কি ?

উত্তৰ ঃ কানু মানে কৃষ্ণৰ ঘৰত মতা নাম আৰু চান্দ বয়ন মানে জোনৰ দৰে ধুনীয়া মুখ।

প্ৰশ্ন ৯ : ‘দীন বৎসল কক দায়া’ বুলি কবিয়ে কি ক’ব খুজিছে? 

উত্তৰ : কবিয়ে দীনদয়াময় হবিৰ চৰণত শিৰ দোৱাই দুখী কাতৰ ভক্তক দয়া কৰিবলৈ ভক্তিভাৱে প্ৰাৰ্থনা কৰিছে।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : বৰগীতটিত ‘গোকুল চান্দ’ বুলি কাক কৈছে? 

উত্তৰ : গীতটিত ‘গোকুল চান্দ’ বুলি শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে।

প্ৰশ্ন ২ : হাসি ৰসে ভুৱন ভুলাৱে’ মানে কি ?

উত্তৰঃ ‘হাসি বসে ভুৱন ভুলাৱে’ মানে কৃষ্ণই লগৰ গোপশিশুসকলৰ লগত হাঁহি আনন্দবে যেন গোটেই পৃথিৱীখনকে মোহিত কৰিছে।

প্ৰশ্ন ৩ : শ্ৰীকৃষ্ণৰ শৰীৰৰ বৰণ কেনেকুৱা ?

উত্তৰ : কৃষ্ণৰ শৰীৰ শ্যাম বৰণীয়া ।

প্ৰশ্ন ৪ : ‘পীত পট পৰিলম্বিত’ বুলিলে কি বুজা ?

উত্তৰঃ পীত মানে হালধীয়া, পট মানে পাটকাপোৰ আৰু পৰিলম্বিত মানে কেউকাষে ওলমি থকা অৰ্থাৎ শ্যাম বৰণীয়া কৃষ্ণৰ শৰীৰ হালধীয়া পাটৰ বস্ত্ৰই শোভা কৰিছে।

প্ৰশ্ন ৫ : শ্ৰীকৃষ্ণৰ ডিঙিত কিহৰ মালাই শোভা কৰিছে? 

উত্তৰ: শ্ৰীকৃষ্ণৰ ডিঙিত কদম ফুলৰ মালাই শোভা কৰিছে ।

প্ৰশ্ন ৬ : কৃষ্ণৰ ৰূপক কাৰ লগত তুলনা কৰা হৈছে?

উত্তৰ : কামদেৱৰ ৰূপৰ লগত তুলনা কৰা হৈছে। 

প্ৰশ্ন ৭ : শ্ৰীকৃষ্ণৰ শিৰত কিহে শোভা বৰ্দ্ধন কৰিছে ?

উত্তৰ : শ্ৰীকৃষ্ণৰ শিৰত ময়ুৰৰ চৰাইৰ পাখিয়ে শোভা বৰ্দ্ধন কৰিছে।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : ‘বৰগীত’টিৰ কথাখিনি তোমাৰ ভাষাৰে প্ৰকাশ কৰা । 

উত্তৰঃ হে মাই যশোদা। গোকুল চন্দ্ৰ সদৃশ শ্ৰীকৃষ্ণ আহি উপস্থিত হৈছে আৰু তেওঁ নৃত্যৰ সাজেৰে সাজি সকলো বালকৰ হৃদয় জয় কৰি আনন্দ মনেৰে জগতকো সন্মোহিত কৰিছে।

শ্যাম বৰণীয়া কৃষ্ণৰ শৰীৰ হালধীয়া বস্ত্ৰই শোভা কৰিছে আৰু কণ্ঠত কদম ফুলৰ মালা দুলিছে। মূৰত ম’ৰা চৰাইৰ নেজ দুলি থকা কৃষ্ণৰ ৰমনীয় চেহেৰা কৌটি কামদেৱৰ দৰে মোহনীয় হৈ উঠিছে। গাই গৰুৰ খোজত উৰা ধুলিবোৰ কৃষ্ণৰ শৰীৰত পাতল সোণ বৰণীয়া হৈ জিলিকিছে পদধ্বনি কোমল পঞ্চম ৰাগৰ গীতৰ দৰে বাজিব ধৰিছে। কৃষ্ণৰ ককালৰ কাষৰ জুনুকা আৰু ভৰিৰ নপূৰৰ ধ্বনি শুনি গাইবোৰ আতি উলাহেৰে যাব ধৰিছে। কৃষ্ণৰ চন্দ্ৰৰ নিচিনা মুখৰ দৰ্শন পাই গোপী সকলে ঘনে ঘনে চাবলৈ ধৰিছে। কবি মাধৱদেৱে হাতত চৰণ মূৰতলৈ এইখিনি কথাকে কৈছে আৰু নিজকে নিঃকিন বালক হিচাপে বৰ্ণনা কৰি ভগৱানৰ দয়া ভিক্ষা কৰিছে।

প্ৰশ্ন ২ : “ৰূপে কোটি মদন মন মোহন” বুলি কাৰ ৰূপৰ কথা কৈছে ? 

উত্তৰ : ইয়াত শ্ৰীকৃষ্ণৰ ৰূপৰ কথা কোৱা হৈছে। শ্যাম বৰণীয়া শৰীৰত হালধীয়া বস্ত্ৰৰ শোভা, কণ্ঠত কদম ফুলৰ মালা আৰু শিৰত ময়ুৰৰ নেজে তেওঁক কৌটি মদনৰ মন মুহিব পৰা লেখীয়া কৰি তুলিছে।

প্ৰশ্ন ৩ : প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা— 

(ক) কহয় মাধৱ হৰি     চৰণ শিৰে ধৰি

দীন বৎসল কৰু দায়াৰে ।।

উত্তৰঃ উল্লেখিত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱ • বিৰচিত ‘মাইহেৰ গোকুলচান্দ’ নামৰ বৰগীতটোৰ পৰা উদ্ধৃত।

উদ্ধৃত কৱিতাফাঁকি এটি বৰগীতৰ অন্তিম পদ। বৰগীতবোৰত উচ্চস্তৰৰ ভক্তিৰস আৰু ভগৱানৰ লীলা-খেলাৰ বিষয়ে প্ৰকাশ পাইছে। উল্লেখিত বৰগীতটি কৃষ্ণৰ লীলা মালাৰ গীত আৰু এই গীতত তেওঁৰ অনুপম সৌন্দৰ্য আৰু তেওঁৰ বৃন্দাবন যাত্ৰাব এটি বৰ্ণনা প্ৰকাশ পাইছে। বৰগীতটিত এই ধৰণে গৰু গাই লৈ বৃন্দাবনলৈ যোৱা কৃষ্ণৰ চন্দ্ৰৰ দৰে মুখৰ দৰশন পাই গোপীসকলে ঘনে ঘনে তেওঁৰ মুখলৈ চাবলৈ ধৰিছে। এই খিনি বৰ্ণনাৰ পিচত গীতাটিৰ সামৰণি মাৰি তেওঁ ভগৱানৰ চৰণ শিৰত লৈ নিজকে এজন অতি দুখীয়া বা নিঃকিন শিশুবুলি কৈ ভগৱানৰ দয়া বাঞ্ছা কৰিছে। মাধৱাদেৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট হ’ল—তেওঁৰ ৰচনাত থকা এই দাস্যভাৱ বা বিনয়ভাব। তেওঁ প্ৰতিটো ৰচনাৰ শেষত নিজকে ভগৱানৰ দাস বা ভগৱানৰ ওচৰত এটি নিঃকিন শিশু হিচাপে ঘোষণা কৰি তেওঁ কৃপা প্ৰাৰ্থনা কৰিছে। উল্লেখিত বৰগীতটোৰ মাজতো মহাপুৰুষ জনাৰ এই বৈশিষ্ট্য দেখা পোৱা গৈছে।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

অতিৰিক্ত সম্ভাব্য প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ঃ

প্ৰশ্ন ১ : মাধৱদেৱৰ কাব্যখনৰ নাম লিখা

উত্তৰ : ৰাজসূয় কাব্য ।

প্ৰশ্ন ২ : মাধৱদেৱৰ এখন নাটৰ নাম লিখা

উত্তৰ: চোৰধৰা ।

প্ৰশ্ন ৩ : মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ৰচনা কৰিছিল ?

উত্তৰ : আদিকাণ্ড ৰামায়ণ ৷

প্ৰশ্ন ৪ : মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা ।

উত্তৰ : ভক্তি ৰত্নাৱলী।

প্ৰশ্ন ৫ : ‘ৰাজসূয়’ কাব্যৰ ৰচক কোন?

উত্তৰ: মাধৱদেৱ ।

প্ৰশ্ন ৬ : মাধৱদেৱৰ বৰগীতসমূহত ঘাইকৈ কি ৰস প্ৰকাশিত হৈছে।

উত্তৰ: বাৎসল্য ৰস ।

প্ৰশ্ন ৭ : মাধৱদেৱ বিৰচিত নাটকেইখনক কি বুলি কোৱা হয় ৷

উত্তৰঃ ঝুমুৰা।

প্ৰশ্ন ৮ : কিমান চনত মাধৱদেৱ বৈকুণ্ঠগামী হয় ?

উত্তৰঃ ১৫৯৬ চনত ।

প্ৰশ্ন ৯ : নামঘোষাৰ আন এটা নাম কি ?

উত্তৰঃ হেজাৰী ঘোষা।

প্ৰশ্ন ১০ : মাধৱদেৱৰ নাটকেইখন আৰু কি কি ?

উত্তৰ : মাধৱদেৱৰ নাট হ’ল ছখন। চোৰধৰা পিম্পৰা গুচোৱা, দধিমথন, ভূমি লেটোৱা, ভোজন-বিহাৰ আৰু অৰ্জ্জুন ভঞ্জন।

প্ৰশ্ন ১১ : অসমীয়া সাহিত্যৰ কোন কেইজন ভক্তকবিৰ—গীতৰ বৰগীত আখ্যা দিয়া হৈছে।

উত্তৰ : অসমীয়া সাহিত্যত একমাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত -গীতখিনিকহে ‘বৰগীত’ আখ্যা দিয়া হৈছে।

(খ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : ব্ৰজাৱলী ভাষাৰ ওপৰত এটি টোকা লিখা ।

উত্তৰ : ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ইঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু প্ৰচুৰ স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ ৷

প্ৰশ্ন ২ : প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা—

(ক) শ্যাম শৰীৰ পীত       পট পৰিলম্বিত

কণ্ঠে কদম্ব মালা লুলুৰে।

ৰূপে কোটি মদন       মন মোহন

শিৰে শিখণ্ডক দুলে ৰে ।। 

উত্তৰ : উদ্ধৃত গীত ফাঁকি মহাপুৰুষ শ্ৰীমাধৱদেৱ বিৰচিত বৰগীত (মাই হেৰ গোকুল…) নামৰ গীতটিৰ পৰা লোৱা হৈছে। বালক শ্ৰীকৃষ্ণৰ দৈহিক ৰূপ লাৱণ্যৰ এখনি মন পৰশা ছবি গীত ফাঁকিত সুন্দৰভাৱে প্ৰকাশিত হৈছে।

শ্ৰীকৃষ্ণৰ শৰীৰৰ ৰূপ সৌন্দৰ্য অভিনৱ। তেওঁৰ শৰীৰ শ্যাম অৰ্থাৎ নীল বৰণীয়া । সেই নীল বৰণীয়া উজ্জ্বল শৰীৰত তেওঁ পৰিধান কৰে সুন্দৰ হালধীয়া পাটৰ কাপোৰ। হালধীয়া পাটৰ কাপোৰ নীল বৰণীয়া শৰীৰৰ জেউতি অধিক চ’ৰাইছে। ইয়াৰ লগতে শ্ৰীকৃষ্ণই ডিঙিত আৰি লৈছে কদম ফুল। এই কদম ফুলৰ মালাই তেওঁৰ শৰীৰত দুলি আছে। তেওঁৰ ৰূপ লাৱণ্যৰ তুলনা কৰা হৈছে প্ৰেমৰ দেৱতা মদন অৰ্থাৎ কামদেৱৰ লগত কৌটি মদনে যেন এক হৈ তেওঁৰ শৰীৰৰ শোভা বৰ্দ্ধন কৰিছে। সেই শোভা অতি মোহনীয়। এনে ৰূপৰ প্ৰাচুৰ্যৰ মাজত তেওঁৰ শিৰত ময়ুৰ চৰাইৰ পাখি জিলিকি আছে। মুঠতে গীতফাকিৰ জৰিয়তে বালক শ্ৰীকৃষ্ণৰ মধুৰ মূৰুতি, শৰীৰৰ অপূৰ্ব ৰূপ-কান্তি আৰু পৰিধান কৰা সাজ-সজ্জাৰ মনোমোহা ৰূপৰ কথা সুন্দৰভাৱে প্ৰকাশিত হৈছে।

প্ৰশ্ন ৩ : বৰগীতটোৰ ৰচকৰ চমু পৰিচয় দিয়া। 

উত্তৰ : নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰীশ্ৰী মাধৱদেৱৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম মনোৰমা। নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধৱদেৱ অবিবাহিত আছিল। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুকৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাং আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম-প্ৰচাৰ কৰাৰ উপৰি তেওঁ কাব্য, নাট, পদ, ভটিমা, গীত ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। ইয়াৰ উপৰি তেখেতৰ আন আন ৰচনাসমূহ হ’ল—

আখ্যানমূলক ৰচনা -ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ,

তত্ত্বমূলক ৰচনা— জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা, নাটক— অৰ্জুন ভঞ্জন বা দধিমথন অংকীয়া নাট

ঝুমুৰা— চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি লেটোৱা, ভোজন, বিহাৰ । মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰে। এই আটাইবোৰৰ মাজেদি তেওঁৰ বিৰল সাহিত্য প্ৰতিভা প্ৰকাশ পাইছে। 

প্ৰশ্ন ৪ : ‘মাই হেৰ গোকুলাচান্দ’ নামৰ বৰগীতটোৰ ৰচক মাধৱদেৱৰপৰিচয় দাঙি ধৰা ৷

উত্তৰ ঃ বৰ্তমান অসমৰ উত্তৰ লক্ষীমপুৰ বা নাৰায়ণপুৰ অঞ্চলৰ কাচিকটা নৈ পাৰত হৰশিঙা বৰাৰ ঘৰত ১৪৮৯ চনত মহাপুৰুষ মাধৱদেৱৰ জন্ম হয় । মহাপুৰুষ মাধৱদেৱ পোনতে শাক্ত ধৰ্মী আছিল। কিন্তু মনোৰমা আয়েকৰ জীৱনৰ বাবে গোঁসানীলৈ ছাগলী আগ কৰাৰ কথা লৈ ১৫২২ খৃষ্টাব্দত তেওঁৰ শঙ্কৰদেৱৰ লগত বিতৰ্ক হয় আৰু বিতৰ্কত হাৰি শংকৰদেৱক গুৰুমানি বৈষ্ণৱ ধৰ্ম-গ্ৰহণ কৰে। ১৫৬৮ চনত শংকৰদেৱৰ প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ সমস্ত দায়িত্বভাব মাধৱ পুৰুষৰ ওপৰত অৰ্পণ কবি গুৰু জনা স্বৰ্গী হয়। ইয়াৰ পিচত তেওঁ স্বকীয় ভাবে নাটধৰ্ম প্ৰচাৰত আত্মনিয়োগ কৰে আৰু সুন্দৰীদিয়াত নিজা সত্ৰপাতি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব প্ৰদান কৰে। মাধৱদেৱে নিঃসন্দেহ এক বলিষ্ঠ ব্যক্তিত্বৰ অধিকাৰী লোক আৰু তেওঁৰ সাহিত্য প্ৰতিভা সচাঁই প্ৰশংসনীয়। তেওঁ নামঘোষা’ নামৰ গ্ৰন্থই সমস্ত বৈষ্ণৱ সাহিত্যৰ ভিতৰতে এক বিশেষ ধৰণৰ শ্ৰেষ্ঠত্বদাবী কৰিব পাৰে । চিৰকালে কুমাৰ হৈ থাকি একনিষ্ঠভাবে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আত্মোৎসৰ্গা কৰা মাধৱদেৱ সঁচাকৈয়ে গুৰুভক্তি আৰু ত্যাগৰ জগতত এক চিৰস্মৰণীয় নাম হৈ থাকিব।

মাধৱদেৱৰ অন্যতম ৰচনা হ’ল ‘নামঘোষা’। ইয়াৰ উপৰিও তেওঁ ৰামায়ণৰ আদি কাণ্ড ৰচনা কৰে। মাধৱদেৱে ঝুমুৰা শ্ৰেণীত নাট ৰচনা কৰি শ্ৰীকৃষ্ণৰ শিশুলীলাৰ কাহিনীবোৰ অতি মনোৰমভাবে বৰ্ণনা কৰিছে। চোৰধৰা, পিম্পৰা, ভোজন ব্যৱহাৰ, ভূমি লুতিৱা, কোটা খেলোৱা আদি মাধৱদেৱৰ নাট। এইখিনিৰ উপৰিও মাধৱদেৱে ২৫৭টা বৰগীত ৰচনা কৰিছিল আৰু ‘গুৰু ভটিমা’ৰ দৰে অনুপম ভটিমাৰ সৃষ্টি কৰিছিল। মাধৱদেৱৰ ৰচনাসমূহ ভক্তিৰ দিশৰ পৰা নহয় সাহিত্যৰ দিশৰ পৰাও উচ্চ শ্ৰেণীৰ ৰচনা।

Leave a Reply