NIOS| Assamese (303)| Notes/Answer|Chapter-6| ভাৱ সম্প্ৰসাৰণ

NIOS| Assamese (303)| Notes/Answer|Chapter-6| ভাৱ সম্প্ৰসাৰণ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-6| ভাৱ সম্প্ৰসাৰণ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-6| ভাৱ সম্প্ৰসাৰণ

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-6| ভাৱ সম্প্ৰসাৰণ অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড ১

অধ্যায় ৬

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰ :

প্ৰশ্ন ১ : নিম্নলিখিত বচনবোৰ ছাত্ৰ-ছাত্ৰীয়ে মন দি পঢ়ক। বচনবোৰ সত্য হয় তেতিয়া তাৰ সন্মুখত থকা খালী ঠাইত হয় চিহ্ন (x) দিয়া আৰু অসত্য হলে পূৰণ চিহ্ন (right) দিব পাৰে।

(ক) ভাব সম্প্ৰসাৰণত টোকা গোট, আলোচনা আদি কৰা হয় । 

(খ) ব্যাখ্যা সন্দৰ্ভত উল্লেখ কৰা হয় আৰু উদাহৰণত দিব পৰা যায় ।

(গ) ব্যাখ্যা আৰু ভাব সম্প্ৰসাৰণ একেটাই হয়।

(ঘ) ভাবাৰ্থত যিকোনো, উক্তি বা সুন্দৰ উক্তিৰ কেন্দ্ৰীয় ভাবক সংক্ষেপতে স্পষ্ট কৰি তোলা হয় ।

(ঙ) ভাবাৰ্থক কেবাটাও অনুচ্ছেদত লিখা হয়।

উত্তৰ: (ক) x 

(খ) right

(গ) × 

(ঘ)x 

(ঙ) right

প্ৰশ্ন ২ : খালী ঠাইবোৰ পূৰণ কৰা ৷

ক) ভাব সম্প্ৰসাৰণ, সংক্ষেপণৰ ____________ হয়।

উত্তৰ: ভাব সম্প্ৰসাৰণ, সংক্ষেপণৰ এক প্ৰকাৰ বিপৰীত হয় ।

(খ) সংক্ষেপ কোনো বৃহৎ ৰচনাৰ ____________ ক ধৰিবলৈ চেষ্টা কৰে ।

উত্তৰ ঃ সংক্ষেপণ কোনো বৃহৎ ৰচনাৰ সংক্ষেপত ক ধৰিবলৈ চেষ্টা কৰে।

(গ) ভাব সম্প্ৰসাৰণৰ মূল অৰ্থ বা কেন্দ্ৰীয় ভাবক____________ ৰে বুজাবলৈ চেষ্টা কৰে।

উত্তৰঃ ভাব সম্প্ৰসাৰণৰ মূল অৰ্থ বা কেন্দ্ৰীয় ভাবক বিস্তাৰে ৰে বুজাবলৈ চেষ্টা কৰে।

(ঘ) ভাব সম্প্ৰসাৰণৰ ওপৰত নিবন্ধৰ নিয়ম সম্পূৰ্ণভাবে পালন____________ হয়।

উত্তৰ : ভাব সম্প্ৰসাৰণৰ ওপৰত নিবন্ধৰ নিয়ম সম্পূৰ্ণভাবে পালন কৰা হয়।

(ঙ) নিবন্ধত উদাহৰণ দৃষ্টান্ত, প্ৰসঙ্গ আদিৰ __________ নহয়।

উত্তৰ : নিবন্ধত উদাহৰণ দৃষ্টান্ত, প্ৰসঙ্গ আদিৰ বহলকৈ প্ৰয়োগ হয়।

প্ৰশ্ন ৩ : (ক) ভাব সম্প্ৰসাৰণৰ অৰ্থ কি বুলি ভাবা ?

উত্তৰ : ভাব সম্প্ৰসাৰণৰ অৰ্থ হ’ল — ডাঙৰ বা বিস্তৃত ৰূপ কৰা। ইয়াৰ কেন্দ্ৰীয় ভাবটোক বিস্তাৰকৈ বুজাই দিবলৈ যত্ন কৰা হয় ৷ 

(খ) ভাব সম্প্ৰসাৰণ আৰু ভাবাৰ্থৰ মাজৰ পাৰ্থক্য দেখুওৱা ।

উত্তৰ: ভাবাৰ্থক ভাব বিস্তাৰৰ এটা সীমা আছে, কিন্তু ভব সম্প্ৰসাৰণত তেনে সীমা নাই। ভাবাৰ্থত উক্তিৰ কেন্দ্ৰীয় ভাবক সংক্ষেপে প্ৰস্তুত কৰা হয়। সম্প্ৰসাৰণত মূল ভাবক বহলাই ব্যাখ্যা কৰিব লাগে । মূল ভাব যদি সম্পূৰ্ণভাৱে স্পষ্ট নহয় তেস্তে তাক কেবাটাও অনুচ্ছেদত লিখিব পাৰি। ভাব সম্প্ৰসাৰণত উক্তিৰ মূল আৰু গৌণ ভাব দুয়োটা দিয়া হয়। এনেদৰে ভাবাৰ্থত মূল অৰ্থ দিবলৈ অপেক্ষা কৰা হয় । এইদৰেৰ ভাবাৰ্থ সীমিত শব্দৰ ভিতৰত কেন্দ্ৰীয়ভাৱ সৃষ্ট কৰা হয়।

(গ) ভাব সম্প্ৰসাৰণ এবিধ লঘু নিবন্ধ হয় নে ? অলপ ভাবি দুয়োটাৰ পাৰ্থক্য বুজাই লিখা।

উত্তৰ: ভাব সম্প্ৰসাৰণ এবিধ লঘু নিবন্ধ হয়। কিন্তু ইয়াৰ ওপৰত নিবন্ধৰ নিয়ম সম্পূৰ্ণ ভাবে পালন কৰা নহয়। নিবন্ধৰ বিষয়ৰ কোনো সীমা নাই। নিবন্ধত কোনো অংশ উদাহৰণ দৃষ্টান্ত, প্ৰসঙ্গ আদিৰ বহলকৈ প্ৰয়োগ হয়। সম্প্ৰসাৰণত বহুত কম হ’ব পাৰে।

(ঘ) ভাব সম্প্ৰসাৰণ আৰু ব্যাখ্যাৰ মাজত কি পাৰ্থক্য আছে। 

উত্তৰ: ভাব সম্প্ৰসাৰণ কৰোতে উক্তি, সুত্ৰৰ আদিত কেন্দ্ৰীয় ভাব স্পষ্ট কৰাৰ কাৰণে তাক বিস্তাৰ কৰা হয়। য’ত নেকি ব্যাখ্যাত বিস্তাৰৰে বিবেচনা কৰাৰ লগে লগে টোকা নোট নাইবা আলোচনাও হয়। ব্যাখ্য সন্দৰ্ভত উল্লেক কৰা হয় আৰু উদাহৰণত দিয়া হয়। যিহেতু ভাব সম্প্ৰসাৰণত ইয়াক বাদ দিয়া নহয়।

প্ৰশ্ন ৪ : (ক) নিৰ্দিষ্টতাবাচক প্ৰত্যয় কাক বোলে ? উদাহৰণ দিয়া । 

উত্তৰ : বস্তু বা বিষয় আদিৰ স্বৰূপ নিৰ্দিষ্টকৈ বুজাবলৈ শব্দৰ শেষত যিবোৰ প্ৰত্যয় যুক্ত কৰা হয় তাকে আমি নিৰ্দিষ্টতা বাচক প্ৰত্যয় বুলি ক’ব পাৰোঁ ।

যেনে : কণ-ল’ৰাকণ, পোনাকণ আদি ৷

অতিৰিক্ত সম্ভাব্য প্ৰশ্নোত্তৰ

প্ৰশ্ন ১ : ভাব সম্প্ৰসাৰণ বুলিলে কি বুজা ?

উত্তৰ : ভাব সম্প্ৰসাৰণ মানে হ’ল কোনো এটা লেখাৰ পৰা উদ্ধৃত বাক্য বা খণ্ডৰ পৰা তাত অন্তৰ্নিহিত ভাবক মুকলিকৈ লিখা। উদ্ধৃত বাক্য বা খণ্ডটিৰ সম্পূৰ্ণ পাঠৰ ধাৰণা এটি কৰি ল’ব লাগে। উদ্ধৃত বাক্য বা পংক্তি একাধিকবাৰ পঢ়ি ইয়াত ব্যৱহৃত শব্দৰাজিৰ সহায়ত মূল পাঠ বা কবিতাৰ বক্তব্যৰ ধাৰণাহে কৰিব লাগে। ভাব সম্প্ৰসাৰণ কৰোঁতে ভাষাৰ প্ৰয়োগৰ পিনে সতৰ্ক দৃষ্টি দিব লাগে। সহজ সৰল আৰু মনোগ্ৰাহী ভাষাৰ প্ৰয়োগ কৰিব লাগে। মূল লিখকৰ শব্দ প্ৰয়োগ নকৰি তাৰ অনুৰূপকৈ নিজৰ শব্দ বা বাক্যৰীতি প্ৰয়োগ কৰা উচিত।

প্ৰশ্ন ২ : ভাব সম্প্ৰসাৰণৰ প্ৰাথমিক চৰ্ত কি ?

উত্তৰ: ভাব সম্প্ৰসাৰণৰ সময়ত ভাষাৰ প্ৰয়োগিক দিশটোলৈ লক্ষ কৰিব লাগে। ভাব সম্প্ৰসাৰণৰ ভাষা হ’ব লাগে সহজ-সৰল আৰু পঢ়োতাৰ মনোগ্ৰাহী। এয়ে ভাব সম্প্ৰসাৰণৰ প্ৰাথমিক চৰ্ত।

প্ৰশ্ন ৩ঃ ভাব সম্প্ৰসাৰণ কৰোঁতে কি কি বিষয়ৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে?

উত্তৰ: ভাব সম্প্ৰসাৰণ কৰোঁতে সাধাৰণতে কেইটিমান বিষয়ৰ প্ৰতি দৃষ্টি ৰখা দকৰি তলত সেই বিষয়ে উল্লেখ কৰা হ’ল।

  1. ভাব সম্প্ৰসাৰণ কৰোঁতে ভাষাৰ প্ৰয়োগৰ ফালে সতৰ্ক দৃষ্টি দিব লাগে । ভাষা সহজ-সৰল আৰু মনোগ্ৰাহী হোৱাৰ প্ৰতি ধ্যান দিব লাগে। 
  2. মূল বাক্যাংশ বা পদ্যাংশ থকা শব্দৰ প্ৰয়োগ যাতে কৰা নহয়, সেই বিষয়ত দৃষ্টি দিয়া উচিত।
  3. মূল উদ্ধৃতিত থকা কেতবোৰ গুৰুত্বপূৰ্ণ শব্দৰ ব্যৱহাৰ লিখকজনে কিয় আৰু কেনেদৰে কৰিছে, ভাব সম্প্ৰসাৰণ কৰোঁতে সেই দিশলৈ বিশেষ দৃষ্টি দিব লাগে।

প্ৰশ্ন ৪ : ভাব সংকোচন কথাষাৰৰ অৰ্থ কি ?

উত্তৰঃ এটি দীঘলীয়া উদ্ধৃতি খণ্ডৰ পৰা তাত সন্নিবিষ্ট মূল ভাবটি উলিয়াই আনি এটা বা দুটা বাক্যত তাক প্ৰয়োগ কৰাকে ভাব সংকোচন বোলে ।

প্ৰশ্ন ৫ : ভাব সংকোচন কৰোঁতে কি কি বিষয়ত নজৰ দিব লাগে ? 

উত্তৰ : ভাব সংকোচন কৰোতে কেইটামান বিষয়ৰ প্ৰতি নজৰ দিয়া উচিত । তলত সেই সম্পৰ্কে উল্লেখ কৰা হ’ল।

  1.  ভাব সংকোচন কৰোঁতে উদ্ধৃতিৰ বিষয়ৰ যাতে চৰ্বিত চৰ্বন নহয়, পুনৰ উল্লেখ নঘটে আৰু সম্পূৰ্ণ মূলানুগামী নহয় সেই কথালৈ চকু দিয়া উচিত । 
  2. মূলৰ সাৰখিনি উদ্ধাৰ কৰি আনি প্ৰকাশ কৰোঁতে যাতে উদ্ধৃতিৰ ৰীতি প্ৰয়োগ নকৰি লিখোতাজন নিজস্ব ৰীতিৰে প্ৰয়োগ কৰে সেই বিষয়ত দৃষ্টি দিয়া যুগুত। 

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

প্ৰশ্ন ৬ : তলৰ বিলাকৰ ভাব সম্প্ৰসাৰণ কৰা ।

(ক) “অনন্ত বিশ্বৰ        এই অসংখ্য ধূলিৰ

এটি মাত্ৰ ধূলিকণা মই ৷ 

এই বিপুল বিশ্বৰ        মোৰ অবিহনে

কেনিও অকণো হানি নাই।”

উত্তৰ : কবিতাফাঁকিৰ জৰিয়তে এই মহাবিশ্বত মানৱ জীৱনৰ যে বাস্তৱিক অৰ্থ একো নাই, আচলতে মানুহবোৰ যে অতি নগণ্য তাকেই বুজাব বিচৰা হৈছে। কবিয়ে কৈছে যে এই বিশ্বখন হৈছে অনাদি অনন্ত অকাৰ্য্য অক্ৰেষ্ঠ যাক কোনো সীমাৰ বা প্ৰকাৰৰ ভিতৰত আৱদ্ধ কৰিব নোৱাৰি। এই মহান বিশ্ব কেতিয়া আৰম্ভ হৈছিল আৰু ই কেতিয়ালৈকে চলি থাকিব সেই কথা আজি কোনেও ক’ব নোৱাৰে। এই অনন্ত বিশ্ব আকৌ অসংখ্য ধূলিকণাৰে আবৃত্ত। কবিয়ে অসংখ্য ধূলিকণাৰে এই বিশ্বত বসবাস কৰা মানব জাতিবৰ সংখ্যাকেই বুজাইছে আৰু এই অসংখ্য ধূলিকণআৰ মাজত কবিও যে এটি সামান্য ধূলিকণা তাক উপলব্ধি কৰিছে।

এই মহাবিশ্বৰ অসংখ্য ধুলিকণাৰ পৰা যদি এটি দুটি ধূলিকণা নাইকিয়া হয় তেতিয়া যেনেদৰে বিশ্বৰ একো পৰিবৰ্ত্তন নহয়; ঠিক তেনেদৰে এই বিশ্বৰ পৰা মানৱৰূপী এটি দুটি ধূলিকণা শেষ হৈ গ’লেও বিশ্বৰ কাম-কাজ নিৰ্দিষ্ট গতিত নিয়াৰিকৈয়ে চলি থাকিব আৰু বিশ্ব প্ৰকৃতিৰ গতিত অকণো হানি বিঘিনি নঘটিব।

এইদৰে কবিয়ে বিশ্ব প্ৰকৃতিৰ লগত মানুহৰ অস্তিত্ব ৰিজাই চাইছে। কবিয়ে উপলব্ধি কৰিছে যে মানৱ জীৱনত মানুহৰ অহংকাৰ কৰিবলগীয়া একো নাই । ধন জন জীৱন যৌৱন সঁচাকৈয়ে অসাৰ্থক। মহাপুৰুষজনাৰ বৰগীতেৰেই ক’ব পাৰি —

“অথিৰ ধন জন জীৱন যৌৱন 

অথিৰ এহি সংসাৰ। 

পুত্ৰ পৰিবাৰ সবাহু অসাৰ 

কহু কাহেৰি সাৰ।।”

কিন্তু মানুহে মানৱ জীৱনৰ এই প্ৰকৃত সত্যটো উপলব্ধি নকৰি নানাধৰণৰ অহংকাৰ হাই-কাজিয়া আদিৰ বশৱৰ্তী হয়। কবিয়ে এই মহাবিশ্বত তেওঁৰ অস্তিত্ব কিমান সেইকথা ভালদৰে উপলব্ধি কৰিছে আৰু তেওঁ যে এটি ক্ষুদ্ৰ ধূলিকণা সদৃশ সেই কথা প্ৰকাশ কৰিছে। গতিকে এই বিশ্বত কোনেও নিজকে অন্যতকৈ মহান বা শ্ৰেষ্ঠ বুলি অহংকাৰ কৰি লাভ নাই; সময়ত আমি সকলো একে পথৰেই যাত্ৰী।

(খ) “বাটৰ দুৱৰি বন গছকত পৰা 

তাৰে এটি বাতে দিয়ে স্বৰ্গৰ বতৰা।”

উত্তৰ : কবিতাফাঁকিৰ জৰিয়তে এই পৃথিৱীৰ সামান্য বস্তু এটিৰ পৰা বিৰাট ডাঙৰ বস্তু এটিলৈকে যে সকলোৰে গুৰুত্ব আছে তাকে প্ৰকাশ কৰিবলৈ বিচৰা হৈছে।

মানৱ সভ্যতাৰ জন্মৰ পৰা পৃথিৱীত কিছুমান লোকে আন কিছুমান লোকক সৰু বা নগণ্য বুলি তুচ্চজ্ঞান কৰা দেখা যায়। কিন্তু প্ৰকৃততে মানুহে কাকো সৰু বুলি ভাবিব নালাগে। সৰু বুলি ভাবিবলৈ লোৱাটো দৰাচলতে জ্ঞানী লোকৰ চিন নহয়। কাৰণ আজি যাক সৰু বা নগণ্য বুলি ভবা হয়, কাইলৈ সিয়েই বিৰাট সত্যৰ সন্ধান দিব পাৰে। গতিকে ধন জন, পাৰ্থিৰ সম্পদ নিঃকিন লোকক সৰু বুলি গণ্য কৰাটো কেতিয়াও সমীচিন নহয় আৰু মানুহে তেনে ধাৰণাক কেতিয়াও প্ৰশংসাৰ চকুৰে চাব নালাগে ।

এই জগতখনৰ সকলো বস্তুকেই পৰম পুৰুষ ভগৱানৰ অংশ বুলি ভাবি ল’ব লাগে। সেয়ে কবিয়ে কৈছে যে মানুহৰ গছকত পৰা অতি নগণ্য বাটৰ দুৱৰি বনপাত এটিৰো যেনেদৰে গুৰুত্ব আছে ঠিক তেনেদৰে অতি নগণ্য বুলি ভবা লোক এজনৰো সমাজত যথেষ্ট গুৰুত্ব আছে। জগত বস্তু সম্পৰ্কীয় ধাৰণা আৰু প্ৰতিটো বস্তুৰ সৈতে যে ভগৱান জড়িত হৈ আছে এই কথাখিনি প্ৰকাশ কৰিবলৈকো কবিয়ে এই তুলনা প্ৰকাশ কৰিছে। সেয়ে মহাপুৰুষ জনাই ভগৱানৰ অস্তিত্বৰ কথা ব্যাখ্যা কৰি কীৰ্ত্তনত কৈছে—

“তুমি পশু-পক্ষী নৰ তৰু তৃণ৷

অজ্ঞানতে মূঢ়জনে দেখে ভিন্ন ভিন্ন।।” 

মানুহৰ গছকত পৰা দুৱৰি বনবোৰৰ যে কোনো মূল্য নাই, সেই কথা আমি ভাবিব নালাগিব। পাৰমাৰ্থিক দৃষ্টিত সেই দুৱৰি বনবোৰো মহামূল্যৱান কিয়নো চাব জানিলে সেই দুৱৰি বনৰ পাততো স্বৰ্গৰ বতৰা নিহীত হৈ আছে আৰু আমিও দুৱৰি বন সদৃশ সকলো বস্তুৰ প্ৰতি তেনে দৃষ্টিহে দিব লাগে। একেদৰে মানুহৰ প্ৰতি মানুহৰে তেনে দৃষ্টিয়ে জগতখনৰ সমানতাৰ পথলৈ আগবঢ়াই নিব । কবিতাফাকিৰ জৰিয়তে এইদৰে ভগৱানৰ অস্তিত্বৰ দ্বাৰা সাম্যবাদী মনোভাৱ প্ৰকাৰ কৰা হৈছে আৰু পৃথিৱীৰ সকলো বস্তুৰ প্ৰতি সমদৃষ্টি আৰোপ কৰাটো কবিয়ে কামনা কৰিছে।

Leave a Reply