NIOS| Assamese (303)| Notes/Answer|Chapter-4| জীৱনৰ শান্তিপৰ্ব

NIOS| Assamese (303)| Notes/Answer|Chapter-4| জীৱনৰ শান্তিপৰ্ব মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-4| জীৱনৰ শান্তিপৰ্ব

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-4| জীৱনৰ শান্তিপৰ্ব

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)|Notes/Answer|Chapter-2| ৰাৱণক বিভীষণৰ সজ উপদেশ অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড ১

অধ্যায় ৪

পাৰভিত্তিক আৰ্হি প্রশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া

প্রশ্ন ১ : সত্যনাথ বৰাৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল?

উত্তৰ : সত্যনাথ বৰাৰ ১৮৬০ চনত গুৱাহাটীৰ ভৰলুমুখত জন্ম হৈছিল।

প্রশ্ন ২ : সত্যনাথ বৰাৰ দুখন প্ৰবন্ধ পুথিৰ নাম লিখা। 

উত্তৰ : সত্যনাথ বৰাৰ দুখন প্ৰবন্ধ পুথিৰ নাম হ’ল সাৰথি আৰু চিন্তাকজি 

প্রশ্ন ৩ : সত্যনাথ বৰাৰ একমাত্ৰ গীতৰ পুথিখনৰ নাম কি ?

উত্তৰ : গীতাৱলী

প্রশ্ন ৪ : সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তস্ত স্বৰূপ গ্ৰন্থখনৰ নাম কি?

উত্তৰ: বহুল ব্যাকৰণ

প্রশ্ন ৫ : সত্যনাথ বৰাৰ দুখন হাস্য-ব্যংগাত্মক পুথিৰ নাম লিখা।

উত্তৰ : সত্যনাথ বৰাৰ দুখন হাস্য-ব্যংগাত্মক পুথিৰ নাম হ’ল সভ্যতাৰ হানি আৰু ভকতীয়া ব্যাকৰণ।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্রশ্ন ১ : “তেওঁ চক্ৰৱৰ্তী ৰজা”—ইয়াত চক্ৰবৰ্তী ৰজা বুলি কাৰ ক‍

কোৱা হৈছে?

উত্তৰ : ইয়াত চক্ৰৱৰ্তী ৰজা বুলি আমাৰ বিবেকৰ কথা কোৱা হৈছে। প্রশ্ন ২ : “মোৰ লগতে আকৌ উপজিল সেই পিশাচ ছটা”। -ইয়া সেই পিশাচ ছটা বুলি কাৰ কথা কোৱা হৈছে?উত্তৰ : সেই পিশাচ ছটাৰ জৰিয়তে আমাৰ জীৱনৰ ছয় বিপু, অর্থাৎ কাম, ক্রোধ, লোভ মোহ, মদ বা অহংকাৰ আৰু মাৎসর্য বা হিংসাৰ কথা কোৱা হৈছে।

প্রশ্ন ২ : “নৈখন যেন এখন এখন জুইলগা হাবিয়নি আৰু নাওখন যেন ফেঁচু চৰাইহে”— লিখকে কি প্ৰসংগত এই কথাখিনি অৱতাৰণা কৰিছে ?

উত্তৰ : লিখক সত্যনাথ বৰাদেৱে মানুহৰ জীৱন প্ৰবাহক এখন নৈ আক জীৱনটোক এখন নাৱৰ লগত তুলনা কৰিছে। এই প্রবাহ জুই লগা হাবিয়নিৰ দৰে ভয়াবহ আৰু নাওখন অৰ্থাৎ জীৱ জুইলগা হাবিয়নিৰ ওপৰত নাচি নাচি উৰি ফুৰা ফেঁচু চৰাইৰ দৰে অজ্ঞ আৰু নির্বোধ। হাবিয়নিত জুই লাগিলে সাময়িক উত্তেজনাত ফেঁচু চৰাইৰ আনন্দৰ সীমা নাইকিয়া হয়। ভবিষ্যতৰ বিপদৰ প্ৰতি তাৰ সামান্যতমো ভ্রূক্ষেপ নাথাকে। জীৱয়ো একেদৰে কাম, ক্রোধ, লোভ, মোহ আদি প্ৰবৃত্তিসমূহৰ বশ হৈ জীৱনৰ আনন্দ উপভোগ কৰিব বিচাৰে। সেই ল। আনন্দৰ ক্ষণস্থায়িত্ব আৰু কুফল সম্পর্কে ভাবিবলৈ জীৱৰ তেতিয়া আহৰি নাথাকে।

প্রশ্ন ৩ : চমুটোকা লিখা – (ক) অজামিল (খ) শান্তিপর্ব

উত্তৰ: পুৰাণত বর্ণিত কান্যকু জৰ এজন মহাপাপী ব্রাহ্মণ। তেওঁ এজনী বেশ্যাত পতিত হৈ এটি এটিকৈ ন-টা পুত্ৰ সন্তান জন্ম দিয়ে। মহাপাপত নিমজ্জিত ভৰি অজামিলৰ আয়ুস ক্ষয় হোৱাত যমদূতে তেওঁক নিবলৈ আহে। মৃত্যুৰ আগমুহূৰ্তত নৱম পুত্ৰ নাৰায়ণৰ নামেৰে হ’লেও ভগৱানৰ নাম লোৱাত তেওঁ সকলো পাপৰ পৰা মুক্ত হয়। পাঠটিত অজামিল শব্দই মহাপাপী বা জাতিকূলৰ বিচাৰ নকৰা অৰ্থ প্ৰকাশ কৰিছে।

(খ)শান্তিপর্ব

উত্তৰ : মহাভাৰতৰ দ্বাদশ পৰ্ব। কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণিৰ পিছত নিজৰ আত্মীয়-স্বজন বধৰ কথা ভাবি যুধিষ্ঠিৰৰ মন ব্যথাত ভৰি পৰে। যুধিষ্ঠিৰৰ = ব্যথাভৰা হৃদয়-মন শান্ত কৰিবৰ নিমিত্তে শশয্যাশায়ী পিতামহ ভীষ্মই দিয়া নানান উপদেশবাণী এই শান্তিপর্বত প্ৰকাশিত হৈছে।

প্রশ্ন ৪ : পাঠটো লিখকে কিয় জীৱনৰ শান্তিপর্ব নামেৰে নামকৰণ কৰিছে। জীৱনৰ কোনছোৱা কালক, কিয় তেওঁ শাস্তিপৰ্ব বুলিছে।

উত্তৰ : মহাভাৰতৰ দ্বাদশ পর্ব— শাস্তিপৰ্বৰ তাৎপৰ্যৰ লগত সংগতি ৰাখি পাঠটিৰ মাজত মানুহৰ জীৱনৰ বৃদ্ধ কালছোৱাৰ গুণানুকীৰ্তন কৰি লিখবে।

পাঠটোৰ নাম জীৱনৰ শাস্তিপৰ্ব নামেৰে নামকৰণ কৰিছে। জীৱনত বুঢ়া কালছোৱাক লিখকে শান্তিপৰ্ব বুলিছে। কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণিৰ পিছত যুধিষ্ঠিৰৰ ব্যথাভৰা হৃদয়-মন শান্ত কৰিবৰ নিমিত্তে শশয্যাশায়ী পিতামহ ভীষ্মই দিয়া নানান উপদেশবাণী শান্তিপর্বত বিবৃত হৈছে। অর্থাৎ শান্তি পর্বত কুৰুক্ষেত্ৰ যুদ্ধৰ বিৰাত ভয়াবহ ৰূপৰ পৰিৱৰ্তে শান্তিৰ বাণীহে আছে। একেদৰে মানুহৰ জীৱনৰো ল’ৰাকালত যন্ত্ৰণাৰ পাতনি মেলা আৰু ডেকা কালত নানান প্ৰকাৰে অত্যাচাৰ কৰা ছয় ৰিপুৰ অত্যাচাৰ বুঢ়া কালছোৱাত নাথাকে। ডেরা কালৰ অসুখ-অশান্তিৰ পৰিৱৰ্তে এই কালছোৱাত সকলোপিনে কেৱল শান্তিয়ে বিৰাজ কৰে। সেয়েহে লিখকে মানুহৰ জীৱনৰ শান্ত সমাহিত সুস্থিৰ বুঢ়া কালটো উৎকৃষ্ট বুলি ক’বলৈ গৈ এইছোৱা কালক শান্তিপর্ব বুলিছে। 

প্রশ্ন ৫ : লেখকে মানুহৰ জীৱনটোক কেইটা আৰু কি কি কালত ভাগ কৰিছে? কালকেইটা কেনেকুৱা বুলি কৈছে?

উত্তৰঃ লেখক সত্যনাথ বৰাদেৱে মানুহৰ জীৱনটোক তিনিটা কালত ভাগ

কৰিছে সেইকেইটা হ’ল 

(ক) ল’ৰা কাল 

(খ) ডেকা কাল আৰু 

(গ) বুঢ়া কাল। ইয়াৰে ল’ৰা কালটো এটা দীঘল সামাজিক, ডেকা কালটো ভুৱা আৰু বুঢ়া কালটো বখানিবলগীয়া কাল অর্থাৎ ভাল ।

প্রশ্ন ৬ঃ কোনে কাৰ ওপৰত ওজাদেওক মেলি দিয়াৰ কথা কৈছে?

উত্তৰ ঃ ইয়াত লুকাই থকাজনে অর্থাৎ বিবেকে লিখকৰ ওপৰত ওজাদেওক মেলি দিয়াৰ কথা কৈছে।

প্রশ্ন ৭ : “এই চুটি জীৱনত দীঘল যাতনা যুগুত নহয়।”— কথাষাৰৰ তাৎপর্য বিশ্লেষণ কৰা ।

উত্তৰঃ মানুহৰ জীৱনটো বৰ চুটি। ল’ৰা কালটো আমি একো নজনাতে পাৰহৈ যায়। বুঢ়া কাল ছোৱাত শৰীৰৰ বল কমি অহা হেতু আমি একো কৰিব নোৱাৰা হৈ পৰো । বাকী থাকে জীৱনৰ মাথোন কেইটামন বছৰ। আমাৰ জন্মৰ লগে লগে আমাৰ লগত লোভ-মোহ ৰূপী ছয় বিপুৰো জন্ম হয়। ইহঁত আমি সৰু হৈ থকা অৱস্থাত অত্যাচাৰ কৰে যদিও সেয়া বৰ বেছি ভয়াবহ নহয়। কিন্তু জীৱনৰ আচল কাম কৰিব পৰা কালত উপনীত হোৱাৰ লগে লগে ইহঁতো গাত দুগুণ বল বান্ধি শক্তিশালী হৈ উঠে আৰু নানা ধৰণৰ দিন-ৰাতিৰ পাৰ্থক্য নোহোৱাকৈ অত্যাচাৰ আৰম্ভ কৰে। ইহঁতৰ অত্যাচাৰ চেলাপেটী জোকৰ দৰে । ফলত ডেকা কালছোৱা নানাধৰণৰ অসুখ-অশান্তি ভুগিবলগা হয়। সেয়েহে লেখকে চুটি জীৱনত দীঘল যাতনা যুগুত নহয় বুলি কৈছে।

প্রশ্ন ৮ : প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা :

(ক) “ৰাজৰ বৈৰী ভাল, সিহঁতৰ হাতৰ পৰা লৰ মাৰি মাৰিব পাৰি। ইহঁত অজামিল।

উত্তৰ: উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিশিষ্ট লেখক সত্যনাথ বাদেৱৰ ‘জীৱনৰ শান্তিপর্ব’ নামৰ ভাবগধুৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে।

বাহিৰৰ শত্ৰুই আনৰ প্ৰতি কৰা আচৰণৰ লগত যে ছয় ৰিপুই কৰা অত্যাচাৰৰ পার্থক্য আছে সেই কথা বুজাবলৈ গৈ লেখকে উক্ত কথাষাৰ ইয়াত অৱতাৰণা কৰিছে। 

মানুহৰ জীৱনত শত্ৰু থাকিবই। একেবাৰে সহজ-সৰল, নিৰ্জু, নিৰহংকাৰী, সর্বগুণেৰে গুণী-জ্ঞানীজনৰো শত্ৰু থাকে। শত্ৰু সাধাৰণতে দুই ধৰণৰ। এচাম বাহিৰৰ আৰু আন এচাম ভিতৰৰ। বাহিৰৰ শত্ৰুই দেখা-দেখিকৈ আক্ৰমণ কৰে। ফলত ইহঁতক চিনাক্ত কৰিব পাৰি। এই শ্রেণী শত্ৰুই আক্ৰমণ বা অত্যাচাৰ কৰিবলৈ আহিলে আমি লৰ মাৰি পলাব পাৰো বা সাৱধানতা অৱলম্বন কৰিব পাৰো। কিন্তু আমাৰ লগতে থকা ছয় ৰিপু আমাৰ ভিতৰৰ শত্ৰু। ইহঁত বৰ ভয়াবহ। চেলাপেটী জোকৰ দৰে। শৈশৱত ইহঁতৰ উৎপাত আৰু অত্যাচাৰ কম হৈ থাকে যদিও আমি ডাঙৰহৈ অহাৰ লগে লগে ইহঁতো ডাঙৰ হৈ আহে আৰু দিন-ৰাতিৰ ছেদ-ভেদ নোহোৱাকৈ শত্ৰুতা কৰিবলৈ লয়। টোপনিটো নানাধৰণৰ ভয়াবহ সপোন দেখুৱাই আমাৰ জীৱনটোক হাৰাশাস্তি কৰে। ইহঁতক বশ বা নাশ কৰাবৰ টান। যাক যমেও মাৰিব নোৱাৰে। বাহিৰৰ শত্ৰুতকৈ এই অজামিল সদৃশ হয় নিপু অর্থাৎ কাম, ক্রোধ, লোভ, মোহ মদ আৰু মাৎসর্য যে বৰ ডাঙৰ শত্ৰু সেই কথা লেখকে বৰ সুন্দৰভাৱে প্ৰকাশ কৰিছে। 

প্রশ্ন ৯ : প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা :

(ক) “নৈৰ ঢৌ সামান্য। মোৰ জীৱটো যি টৌত পৰিছিল, তাৰ লগত ৰিজালে সেই ঢৌ লেখত ধৰিবলগীয়া নহয়।”

উত্তৰ: উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিশিষ্ট লেখক সত্যনাথ বৰাদেৱৰ ‘জীৱনৰ শাস্তিপৰ্ব’ নামৰ ভাবগধুৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে।

লেখক সত্যনাথ বৰাই তেওঁৰ বিশেষ বচনা-ৰীতিৰে জীৱনটোক আলোচনা কৰিছে। আৰু দেখুৱাইছে যে তেওঁ অতি সহজেই পাৰ পাম বুলি জীৱনৰ নাও মেলি দিছিল যদিও মাজ নদীত বতাহ আৰু নৈৰ ঢৌৱে তেওঁৰ জীৱন-যাত্রাক ভালকৈয়ে এশিকনি দিলে।

তেওঁৰ জীৱনলৈ অহা এই ঢৌবোৰ নৈৰ টৌতকৈও প্রবল। এই ঢৌ হ’ল লোভ মোহকে আদি কৰি ছটা ৰিপুয়ে তোলা প্ৰলয়ৰ টৌ। একো একোটা টো হিমালয়ৰ দৰে। সিহঁতৰ আস্ফালনতে লেখক ভয়ত বিতত হৈ পৰে। সিহঁতে চৰিয়াই কিলাই লেখকৰ নিছলা জীৱনটোক জুলুকি-জুলিকিকৈ শিকালে। সাগৰৰ ঢৌৱে হয় একেবাৰে মাৰি নিয়ে, নহয় বা ঢৌৰে ঠেলি পাৰত লগাই দিয়ে। কিন্তু মন-সাগৰৰ ঢৌৱে জীৱও নামাৰে পাৰতো লগাই নিদিয়ে, কেৱল ইফালৰ পৰা সিফাললৈ কোৱাই লৈ ফুৰে। লেখকে এই ধৰণে ৰিপুবোৰক দুৰন্ত ঢৌৰ লগত তুলনা কৰিছে আৰু ইহঁতে কিদৰে মানুহৰ জীৱনটোক জুৰুলা কৰে তাকে বৰ্ণনা কৰিছে।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

(খ) “আদিৰে পৰা সেই ৰজাত শৰণ ল’লে মই ইমানখিনি দুখ ভুঞ্জিব নালাগিলেহেঁতেন। ”

উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিশিষ্ট লেখক সত্যনাথ বৰাদেৱৰ ‘জীৱনৰ শান্তিপর্ব’ নামৰ ভাবগধুৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে। 

লেখক সত্যনাথ বৰাদেৱে জীৱনৰ বাল্যকালৰ পৰা ডেকা কাললৈকে প্ৰবল শক্তিমান হৈ থকা ৰিপুবোৰৰ কথা আৰু সেই সময়ত লুকাই থকা নেদেখাজনৰ কথা বৰ্ণাবলৈ গৈ এই কথাষাৰ উল্লেখ কৰিছে।

জীৱনৰ আৰম্ভণিৰে পৰা লগ নেৰা ৰিপুবোৰ বয়সৰ লগে লগে ক্রমে শক্তিশালী হৈ পৰে। সিহঁতে নৈৰ প্ৰবল ঢৌৰ দৰে ঢৌৰ সৃষ্টি কৰি জীবনটোক জ্বলা-কলা করে। এই সময়ছোৱাত মাজে মাজে নেদেখা জনৰ হাক-বচন শুনা হয় যদিও ৰিপুবোৰেও উত্ৰাৱল কৰি তুলি কেতিয়াবা নণ্ডৰ নাগতি কৰে। কিন্তু এই সময়ত মানুহে বুজি পায়গৈ যে লুকাই থকাজনহে শক্তিশালী। তেওঁ হ’ল চক্ৰৱৰ্তী ৰজাৰ দৰে। বাকী সকলোবোৰ তেওঁৰ মানত দাস স্বৰূপ। কিন্তু মানুহে আদিতেই তেওঁৰ খিতাপ বা শক্তিৰ কথা বুজি পাব নোৱাৰে। সেই সময়তে যদি মানুহে লুকাই থকাজনকে চক্ৰৱৰ্তী ৰজা বুলি জানি তেওঁতে শৰণ ল’লেহেঁতেন তেতিয়াহ’লে মানুহে ৰিপুবোৰৰ এই নির্যাতন সহ্য কৰিব লগা নহ’লেহেঁতেন। লেখকে লোভ-মোহ আদি পিশাচবোৰৰ কথামতে চলি কেতিয়াবা নেদেখাজনৰ শাস্তি পাইছিল, কিন্তু তেতিয়াও তেওঁক সকলোৰে ওপৰৰ বুলি বুজি পোৱা নাছিল । এতিয়া বয়স হোৱাত তেওঁ বুজিছে যে পৰমেশ্বৰৰ আশ্ৰয়ত থাকিলে এই ৰিপুবোৰে তেওঁক কোনো ধৰণেই শতৰু শালিব নোৱাৰিলেহেঁতেন।

(গ) “উগ্ৰ তিতা আৰু উগ্ৰ মিঠা দুয়ো বিহ।”

উত্তৰ : উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিশিষ্ট লেখক সত্যনাথ বাদেৱৰ ‘জীৱনৰ শান্তিপর্ব’ নামৰ ভাবগধুৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে।

ডেকা বয়সটোৰ নেতিবাচক প্ৰভাৱৰ কথা ক’বলৈ গৈ লেখকে উক্ত কথাষাৰ উল্লেখ কৰিছে।

লেখকৰ মতে বাৰ্ধক্যৰ সময়ছোৱাই হ’ল জীৱনৰ সবাতোকৈ শাস্তিৰ কাল । আনহাতে বাৰ্ধক্যৰ আগৰ সময়ছোৱা হ’ল ডেকা কাল । ডেকা কালটো হ’ল উগ্ৰতাৰ কাল। চাল-চলন হাব-ভাব খাদ্য নিদ্রা সকলোতে উগ্রতা। কাৰণ ডেকা বয়সটোত জীৱনৰ লগতে লিপিট খাই থকা ৰিপুবোৰো সমানে ডেকা হৈ উঠে। অর্থাৎ এই = বিপুবোৰ শক্তিশালী হয় আৰু সিহঁতে জীৱন নদীত প্রবল ঢৌ সৃষ্টি কৰি জীৱনটোৰ ৰিতা নোহোৱা কৰে। ডেকা কালটো জীৱনৰ মহাযুদ্ধৰ দৰে। আনহাতে বার্ধক্য হ’ল এই মহাযুদ্ধৰ পিচত জিৰণি বা শাস্তিৰ কাল। এই সময় কোনো ধৰণৰ গুণেই উগ্ৰ হৈনাথাকে। ৰিপুবোৰৰ উন্নত পায়। ফটো টি নোহোৱা হৈ ভালেদিন শাস্ত হৈ পৰে। ছটা ৰিপুৰ উদত্ত, উদ্ভাবল প্রভাব হ্রাস হৈ পৰাৰ ফলত জীৱনৰ উত নোহোৱা হৈ পৰে। সেয়েহে উগ্ৰ মিঠা বা উগ্র কিতা যিয়েই নহওক কিয়া দুয়োটাই জীৱনৰ কাৰণে বিহৰ লেখীয়া । এনেবোৰ উগ্ৰতা নথকাৰ বাবেই জীৱনৰ শেষ পৰ্বটোক লেখকে শান্তিপর্ব বুলিছে।

(ঘ) “এই চুটি জীৱনত দীঘল যাতনা যুগুত নহয়।”

উত্তৰ: উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিশিষ্ট লেখক সত্যনাথ বৰাদেৱৰ ‘জীৱনৰ শান্তিপর্ব’ নামৰ ভাকগধুৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে।

লেখক সত্যনাথ বৰাদেৱে জীৱনৰ শান্তিপর্ব’ নামৰ প্ৰবন্ধটিত দেখুৱাইছে যে জীৱনটো যদিও বৰ দীঘলীয়া যেন লাগে আচলতে তেনে নহয়। শিশুকালৰ পৰা ডাঙৰ দীঘল হৈ পূৰ্ণতা প্ৰাপ্ত হওঁতেই জীৱনৰ আধাখিনি দিন পাৰ হৈ যায়। জীৱনৰ আচল উপলব্ধি হওঁতে জীৱন নাটৰ সামৰণি পৰিবৰ হয়। সেয়েহে জীৱনটো আচলতেই চুটি। এই দুটি জীৱনটোৰ সৰহখিনি দিন যাতনাৰে ভৰা। ইয়াত তেওঁ যাতনা বুলি কওঁতে কোনো ৰোগ ব্যাধি বা শাৰীৰিক সমস্যাৰ কথা কোৱা নাই । তেওঁ বিশেষভাবে গুৰুত্ব দিয়া যাতনাবোৰ হ’ল ৰিপুবোৰৰ যাতনা। কাম, ক্রোধ, লোভ, মোহ আদি বিপুবোৰ মানুহৰ জন্মৰে লগৰীয়া। জন্মৰ লগতে সিহঁতো ওপছে। মানুহৰ জীৱনৰ মাজতেই সিহঁতে পুষ্টি লাভ কৰে আৰু বয়স বঢ়াৰ লগে লগে সিহঁতৰো প্ৰতাপ বাঢ়িবলৈ ধৰে। সিহঁতৰ উৎপীড়নত মানুহৰ জীৱনটোৰ সুখ-শান্তি নাইকিয়া হয়। এফালে সিহঁতৰ অখণ্ড প্রতাপ আৰু আনফালে নেদেখাজনৰ সাৱধান বামী। দুয়োটাৰে মাজত পৰি জীৱনে দুর্বিসহ যাতনা ভুগিব লাগে। বিশেষকৈ বিপুবোৰৰ প্ৰভাৱ শক্তিশালী হোৱা মানেই লটি-ঘাটিৰ অন্তনপৰা অৱস্থা। এনেধৰণে এক্ষন্তেকো ইহঁতৰ অত্যাচাৰৰ পৰা ৰক্ষা নোপোৱা জীবনটোৱে অলপমান প্রশান্তি লাভ কৰে বাৰ্ধক্যৰ সময়ত এই ৰিপুবোৰ দুৰ্বল হোৱাৰ পিচত। বুঢ়াকালত মানুহে নেদেখা জনমে আচলতে চক্রবর্তী ৰজা আৰু তেওঁ যে আচল সত্য চাই কথা বুজিব পৰা হয়। তেতিয়া আৰু জীৱনটো উপভোগ কৰাৰ সময়েই নাথাকেগৈ সেয়েহে লেখকে কৈছে যে এই চুটি জীৱনটোত এনে দীঘল যাতনা যুগুত নহয়।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ

প্রশ্ন ১ : তলৰ প্ৰশ্নসমূহৰ▬ অতি চমু উত্তৰ দিয়া : 

(ক) সত্যনাথ বৰাৰ এখন কবিতা পুথিৰ নাম লিখা ।

উত্তৰ : গীতাৱলী।

(খ) সত্যনাথ বৰাৰ ব্যংগধৰ্মী গ্ৰন্থ দুখনৰ নাম লিখা । 

উত্তৰ : সভ্যতাৰ মথাউৰি আৰু ভকতীয়া ব্যাকৰণ।

(গ) সত্যনাথ বৰাৰ ব্যাকৰণখনৰ নাম কি?

উত্তৰ: বহুল ব্যাকৰণ।

(ঘ) সত্যনাথ বৰাৰ প্ৰবন্ধ পুথি দুখনৰ নাম লিখা ।

উত্তৰ : সাৰথি, কেন্দ্ৰসভা।

(ঙ) ‘জীৱনৰ শান্তিপর্ব’ প্ৰবন্ধৰ তেওঁ গৈ আৰু নাওখনক কিহৰ লগত তুলনা কৰিছে ?

উত্তৰ : নৈখনক জুইলগা হাবি আৰু নাওখনক ফেঁচু চৰাইৰ লগত তুলনা কৰিছে। 

(চ) সত্যনাথ বৰাই উল্লেখ কৰা ছটা পিশাচ কি কি ?

উত্তৰ: লোভ, মোহ, কাম, ক্রোধ, মদ, মাৎসর্য— এই ছটা ৰিপুকে তেওঁ পিশাচ বুলি কৈছে।

(ছ) সত্যনাথ বৰাদেৱে কোনছোৱা সময়ক দীঘল সামাজিক বুলিছে।

উত্তৰ: ল’ৰালিৰ কালছোৱাক দীঘল সমাজিক বুলিছে। 

(জ) ‘জীৱনৰ শান্তিপর্ব’ প্ৰৱন্ধত কাক চক্ৰৱৰ্তী ৰজা বোলা হৈছে?

উত্তৰঃ লুকাই থকাজনক অর্থাৎ ভগৱানক ।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া : 

প্রশ্ন ১ : সত্যনাথ বৰাৰ এটি পৰিচয় দিয়া।

উত্তৰ : ১৮৬০ চনত গুৱাহাটী ভৰলুমুখত সত্যনাথ বৰাদেৱৰ জন্ম হয় । তেওঁ পিতৃ-মাতৃৰ নাম আছিল যথাক্ৰমে দয়াৰাম বৰা আৰু অময়া বৰা । পিতৃ মাতৃয়ে জন্ম দিলে যদিও তেওঁলোকে বাদেৱক ডাঙৰ-দীঘল কৰিবলৈ নাপালে ।সৰুতেই তেওঁলোক দুয়োৰে মৃত্যু হোৱাত তেওঁ আইতাক আৰু খুৰাকৰ তত্ত্বাবধানত থাকি শিক্ষা গ্ৰহণ কৰে আৰু কলিকতাৰ পৰা বি. এ. বি. এল. উপাধি। লাভ কৰে। সত্যনাথ বৰাই আছিল প্ৰথম অসমীয়া বি. এল উপাধিধারী আইনজীবি। তেওঁ আইন কলেজত অধ্যাপকৰূপে সেৱা আগবঢ়োৱাৰ লগতে কঠন কলজতো অসমীয়া বিভাগত শিক্ষা প্ৰদান কৰিছিল।

ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য ৰচনাত মনোনিবেশ করা সত্যনাথ বৰাদেৱে গহীন প্ৰৱন্ধ ৰচক হিচাপেই নিজৰ আসন প্রতিষ্ঠা কৰে। বৰাদেৱে ‘সাৰথি”, “চিন্তাকলি’. ‘সাহিত্য বিচাৰ’, আকাশ-ৰহস্য’, ‘কেন্দ্ৰসভা’ আদি পুথিৰে এক বিশেষ ধৰণৰ চিন্তা আৰু ৰচনাৰীতি প্রতিষ্ঠা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। তেখেতৰ মহত্মম দান হ’ল ‘বহল ব্যাকৰণ’। অসমীয়া ব্যাকৰণ প্ৰণেতা হিচাপে হেমচন্দ্ৰ বৰুৱাৰ পিচতেই তেওঁৰ স্থান। তেওঁৰ বহল ব্যাকৰণৰ মহত্ব আৰু গৰিমা অনস্বীকাৰ্য। ব্যংগ ৰচনাতো বৰাদের সিদ্ধহস্ত আছিল। ‘সভ্যতাৰ মথাউৰি আৰু ভকতীয়া ব্যাকৰণ’ তেওঁৰ সংস্কাৰধৰ্মী হাস্য-ব্যংগাত্মক ৰচনা। গীতাৱলী তেওঁৰ একমাত্ৰ গীতৰ পুথি। এই লব্ধ প্ৰতিষ্ঠা সাহিত্যিকগৰাকীৰ বৰ্ণাঢ্য জীৱনৰ সামৰণি পৰে ১৯২৪ চনত।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্রশ্ন ২: “লুকাই থকা জনৰো স্বভাৱটো মোৰ মানত তেনে যেন লাগিল” লুকাই থকাজন কোন ? তেওঁৰ স্বভাৱটো কেনে বুজাই লিখা ।

উত্তৰঃ লুকাই থকাজন হ’ল পৰমেশ্বৰ এই জগতৰ তেৱেঁই হ’ল একমাত্র পালনকর্তা। সকলো গুণৰ অধিকাৰী। সৃষ্টি, স্থিতি, প্রলয়ৰ একমাত্ৰ কাৰণ। 

লেখক সত্যনাথ বৰাদেৱে শৈশৱৰ পৰা বাৰ্ধক্যলৈকে জীৱনটোৰ বিষয়ে আলোচনা কৰি দেখুৱাইছে যে জন্মৰে পৰা বিভিন্ন ৰিপুবোৰে মানুহক বিভিন্ন যাতনা দিয়ে। এই ৰিপুবোৰ মানুহৰ লগতে ডাঙৰ-দীঘল হয় আৰু ক্ৰমে ইহঁতৰ বল বাঢ়ি আহে তেতিয়া আমাৰ পৰমেশ্বৰৰ বোধ জন্ম হয়। তেওঁ লুকাই থাকে।

লেখকে নিজে জানি-শুনিও কৈছে যে জীৱনৰ ইমানখিনি যাতনা পোৱাতকৈ তেওঁ যদি ওপজোতেই বুঢ়া হৈ উপজিলেহেঁতেন । তেতিয়া তেওঁক এই লোভ মোহ আদি পিশাচবোৰে এনেকৈ চৰাই-লথিয়াই ফুৰাব নোৱাৰিলেহেঁতেন। কিন্তুতেওঁ নিজেও জানে উপজিয়েই বুঢ়া হোৱা অসম্ভব। সেই প্ৰসংগতেই তেওঁ কৈছে যে আচল গৰাকী লুকাই থাকি আগ বয়সটোত মানুহৰ লোভ-মোহৰ হাতত পেলাই দিয়ে আৰু সেইবোৰৰ মাৰ-কিল খাই লাল-কাল দিয়াৰ পৰতহে তেওঁ ওলাই দেখা দিয়ে।

এই প্ৰসংগতে তেওঁৰ ল ‘বাকালৰ কথা এটিলৈ মনত পৰিছে আৰু তেওঁ ঈশ্বৰৰ এই লীলাক তেওঁৰ ল’ৰালিৰ সেই ঘটনাৰে সৈতে একে যেন ভাবিছে। ল’বালিতে এওঁক ক, খ পঢ়াওঁতে ওজাদেৱে মাৰিছিল। লেখকে ভাবিছিল ওজাদেৱৰ কথা মাকক ক’ব আৰু মাজে মাজে ওজাদেৱক এশিকনি দিব। কিন্তু মাকে এই কথা কোৱাৰ পিচত তেওঁকহে চকু পোন্দাই ধৰিছিল। আয়েকৰ ব্যৱহাৰত নিৰাশ হৈ তেওঁ কথাটো দেউতাকক ক’লে, দেউতাকে লগে লগে তেওঁক ডবিয়াই খেদিলে । কোনোজনৰ ওচৰত সঁহাৰি নাপাই তেওঁ ওজাদেৱৰ মাৰ-কিল সহি যাবলৈ ধৰিলে। এই প্ৰসংগতে তেওঁৰ মনত লুকাই থকাজনৰো স্বভাৱটো এনে যেনেই অনুভৱ হ’ল। লুকাই থকাজনেই লোভ-মোহবোৰক এছাৰি দি তেওঁৰ ওপৰত ওজাদেও মেলি দিছিল যেন লাগিছিল । সিহঁতে কিলাই তাণ্ডৱ কৰিলেও তেওঁ ৰাম-হবি একো নামাতিছিল। এইবোৰৰ মাজৰে লেখকে দেখুৱাইছে যে জীৱনৰ আগ-কালছোৱাত ৰিপুবোৰৰ অত্যাচাৰ, উৎপীড়ন সহ্য কৰি সেইবোৰ শিক্ষা পোৱাৰ পিচতহে— ভাটী বয়সত মানুহে জীৱনৰ আচল সত্যক বুজি পায়। নেদেখাজনৰ স্বৰূপ চিনিবে পাৰে আৰু তেতিয়াহে জীৱনৰ শান্তিপৰ্ব আৰম্ভ হয়।

Leave a Reply