NIOS| Assamese (303)| Notes/Answer|Chapter-30| শোণিত কুৱঁৰী

NIOS| Assamese (303)| Notes/Answer|Chapter-30| শোণিত কুৱঁৰী মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-30| শোণিত কুৱঁৰী

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-30| শোণিত কুৱঁৰী

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-24| ৰচনা লিখন অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড

অধ্যায় ৩০

সম্ভাব্য প্রশ্নোত্তৰ

(ক) তলব প্রশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ঃ

প্রশ্ন ১ : জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম ক’ত আৰু কিমান চনত জন্ম হৈছিল ? 

উত্তৰঃ ১৯০৩ খৃঃত জুন মাহত ডিব্ৰুগড় কমলাবাৰী চাহবাগানত জ্যেতিপ্রসাদ আগৰৱালাৰ জন্ম হয়

প্রশ্ন ২ : তেওঁৰ পিতৃৰ নাম কি ?

উত্তৰ : পৰমানন্দ আগৰৱালা ।

প্রশ্ন ৩ : জ্যোতিপ্রসাদে কিমান চনত ‘জয়মতী’ ফিল্ম উলিয়াইছিল ?

উত্তৰ: ১৯৩৫ চনত ।

প্রশ্ন ৪ : জ্যোতিপ্রসাদৰ প্ৰথম নাটকখনৰ নাম কি ?

উত্তৰঃ ‘শোণিত কুঁৱৰী।’

প্রশ্ন ৫ : জ্যোতিপ্ৰসাদ আগৰৱালাই কোন দেশত বোলছবি নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল?

উত্তৰ: জার্মানীত।

প্রশ্ন ৬ : জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম কি ?

উত্তৰ: ইন্দ্ৰমালতী।

প্রশ্ন ৭ : জ্যোতিপ্রসাদ আগৰৱালাই সম্পাদনা কৰা কাতকখনৰ নাম কি ? 

উত্তৰঃ দৈনিক অসমীয়া।

প্রশ্ন ৮ : জ্যোতিপ্রসাদ আগৰৱালাৰ নাটকসমূহক কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ দুটা ভাগত — কাব্যধৰ্মী আৰু নাট্যধর্মী নাট।

প্রশ্ন ৯ : ‘জোনাকী’ চিনেমা হল কোন চনত সাজি উলিওৱা হৈছিল ?

উত্তৰ: ১৯৩৭ চনত ।

প্রশ্ন ১০ : অসম্পূৰ্ণ ৰূপত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখক।

উত্তৰ ঃ কনকলতা, সুন্দৰ কোঁৱৰ।

প্রশ্ন ১১ : জ্যোতিপ্রসাদ আগৰৱালাৰ পত্নীৰ নাম কি আছিল ?

উত্তৰ : দেৱযানী ভূঞা । 

প্রশ্ন ১২ : ‘শোণিতকুঁৱৰী’ নাটৰ বিষয়বস্তু কোনখন পুৰাণৰ পৰা সংগৃহীত?

উত্তৰঃ ‘হৰিবংশ, ভাগৱত পুৰাণৰ পৰা সংগৃহীত ।

প্রশ্ন ১৩ : ‘শোণিতকুঁৱৰী’ নাটকৰ আৰম্ভণিৰ ক্ষেত্র কি ?

উত্তৰ : বাণৰজাৰ ৰাজকাৰেঙৰ ফুলনিৰ ভিতৰত । 

প্রশ্ন ১৪ : দ্বাৰকালৈ চিত্রবিক্রেতা হিচাপে কোনে গৈছিল ?

উত্তৰ: চিত্ৰলেখাই।

প্রশ্ন ১৫ : অগ্নিগড়ত ঊষা-অনিৰুদ্ধৰ গন্ধর্ব বিবাহ কাৰ দ্বাৰা সম্পন্ন হৈছিল ?

উত্তৰ: চিত্ৰলেখাৰ দ্বাৰা । 

প্রশ্ন ১৬ : অনিৰুদ্ধ আৰু বাণৰজাৰ মাজত হোৱা যুদ্ধখনত কোন জয়ী হৈছিল ?

উত্তৰ : বাণৰজা।

প্রশ্ন ১৭ : চিত্ৰলেখা কাৰ জীয়ৰী আছিল ?

উত্তৰ : বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ডৰ জীয়ৰী আছিল ।

প্রশ্ন ১৮ : অনিৰুদ্ধৰ পিতৃ কোন ? 

উত্তৰ: প্ৰদ্যুম্ন।

প্রশ্ন ১৯ : জ্যোতিপ্ৰসাদ আগৰৱালাই কিমান বছৰ বয়সত শোণিতকুঁৱৰী নোট ৰচনা কৰে?

উত্তৰ: ১৪ বছৰ বয়সত।

প্রশ্ন ২০ : শোণিতকুঁৱৰী নাটত কিমানটা অংক কিমানটা দৃশ্য আছে?

উত্তৰ : পাঁচটা অংক আৰু ২৩টা দৃশ্য আছে।

প্রশ্ন ২১ : শোণিতকুঁৱৰী নাটত কিমানটা গীত সন্নিৱিষ্ট হৈছে?

উত্তৰঃ ১২টা গীত ।

প্রশ্ন ২২ : ঊষা-অনিৰুদ্ধৰ মিলন সংবাদ কোনে বাণাসুৰক দিছিল ?

উত্তৰঃ কুঁজী বুঢ়ীয়ে । 

প্রশ্ন ২৩ ঃ কাৰ মধ্যস্থতাত হৰি-হৰৰ যুদ্ধৰ সমাপ্তি ঘটে ?

উত্তৰ: ব্ৰহ্মাৰ মধ্যস্থতাত । 

প্রশ্ন ২৪ : নাটকীয় পৰিবেশ ৰচনাৰ ক্ষেত্ৰত কেইপ্ৰকাৰৰ গীত ব্যৱহৃত

হয় ? গীতসমূহ কি কি?

উত্তৰ ঃ দুই প্ৰকাৰৰ গীত ব্যৱহৃত হয়। গীতসমূহক অন্তৰংগ আৰু বহিৰংগ বুলি কোৱা হয়

প্রশ্ন ২৫ : জ্যোতিপ্ৰসাদৰ নাটসমূহত কাহিনী আৰু চৰিত্ৰৰ ভিতৰত কোনটোৱে অধিক গুৰুত্ব লাভ কৰিছে ?

উত্তৰঃ চৰিত্ৰই।

প্রশ্ন ২৬ : চিত্ৰলেখাই কাৰ আগত ‘পদুমকলি’ নৃত্য প্ৰদৰ্শন কৰে ?

উত্তৰ : বাণৰজাৰ আগত ।

প্রশ্ন ২৭ : জ্যোতিপ্রসাদে এখনেই নায়ক প্রধান নাট ৰচনা কৰিবলৈ হাত দিছিল। সেইখনৰ নাম কি ?

উত্তৰ: খনিকৰ ।

প্রশ্ন ২৮ : শোণিতকুঁৱৰী নাটকত কিমানটা দৃশ্য সংযোজিত হৈছে?

উত্তৰ: ২৩টা ।

প্রশ্ন ২৯ : কাৰ ওচৰত প্ৰতিযোদ্ধা কামনা কৰি বাণৰজাই প্ৰাৰ্থনা কৰিছিল?

উত্তৰ : শংকৰৰ ওচৰত ।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্রশ্ন ১ : জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শোণিতকুঁৱৰী’ নাটকখন কোন চনত আৰু কিমান বছৰ বয়সত ৰচনা কৰিছিল ? শোণিতকুঁৱৰী নাটকৰ মূল কাহিনীভাগ ক’ৰ পৰা সংগ্ৰহ কৰিছিল?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শোণিতকুঁৱৰী’ নাটকখন ১৯১৭ চনত মাত্র ১৪ বছৰ বয়সত ৰচনা কৰিছিল।

‘শোণিতকুঁৱৰী’নাটকৰ মূল কাহিনীভাগ তেওঁ হৰিবংশ, ভাগৱত পুৰাণ আদিৰ উপৰি অনন্ত কন্দলী ৰচিত কুমৰ হৰণ কাব্য, পীতাম্বৰ কবিৰ ঊষাপৰিৰ্ণয় কাব্য আদিব পৰা সংগ্ৰহ কৰিছিল।

প্রশ্ন ২ : জ্যোতিপ্ৰসাদৰ নাটসমূহক কেইটা আৰু কি কি ভাগত বিভক্ত কৰা হৈছে? জ্যেতিপ্ৰসাদে লিখি সম্পূৰ্ণ কৰা নাটকেইখনৰ নাম উল্লেখ কৰা ।

উত্তৰ : জ্যোতিপ্ৰসাদৰ নাটকসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে। ভাগ দুটা হ’ল— 

(১) কাব্যধর্মী নাটক আৰু 

(২) নাট্যধর্মী নাটক ।

জ্যোতিপ্ৰসাদৰ সম্পূৰ্ণ নাটকেইখন হ’ল— শোণিতকুৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা বা ৰূপকোঁৱৰ আৰু সোণপখিলী।

প্রশ্ন ৩ : কি কাৰণত চিত্ৰলেখা চৰিত্ৰটো ত্যাগৰ আদৰ্শৰে নিৰ্মিত চৰিত্ৰ আখ্যা দিয়া হৈছে?

উত্তৰ : চিত্ৰলেখা ঊষাৰ সখীয়েক। সখীয়েক ঊষাৰ মনোকামনা পূৰণ কৰিবলৈ আৰু সখীয়েকৰ সন্তুষ্টিৰ বাবে চিত্ৰলেখাই নিজৰ কথা পাহৰি গৈছে দুখ-সুখ, বিপদ-আপদ, প্রেম-প্ৰীতিৰ কথা নাভাবি প্ৰকৃত সখীৰ কৰ্তব্য পালনত ব্ৰতী হৈছে। নাটকৰ সামৰণিত চকুলো মচি মচি অথচ আনন্দমনেৰে সখীয়েকক বিদায় দিছে। নিজৰ দুখ ঢাকি আনৰ সুখৰ নিমিত্তে নিজকে বিলাই দি চিত্রলেখাই ত্যাগৰ মহিমাৰে মহিমামণ্ডিত হৈ পৰিছে। সেয়ে চিত্ৰলেখাৰ চৰিত্ৰ ত্যাগৰ আদৰ্শৰে প্রদীপ্ত।

প্রশ্ন ৪ : চিত্রলেখাই কি ছদ্মবেশ ধাৰণ কাক উদ্দেশ্যে দ্বাৰকাত প্রবেশ কৰিছিল ?

উত্তৰ : চিত্ৰলেখাই চিত্র বিক্রেতা বালকৰ ছদ্মবেশ ধাৰণ কৰি দ্বাৰকাত প্ৰৱেশ কৰিছিল। দ্বাৰকাত অনিৰুদ্ধক ঊষাৰ প্ৰণয়ৰ সংবাদ দিয়াৰ উদ্দেশ্যে চিত্ৰলেখাই প্ৰৱেশ কৰিছিল। ঊষা-অনিৰুদ্ধৰ মাজত সংযোগ গঢ়ি মিলনদৃতীৰ ভূমিকা লৈছিল। দুয়োৰে মাজত মিলন ঘটোৱাৰ উদ্দেশ্যেই দ্বাৰকাত প্ৰৱেশ কৰিছিল।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

প্রশ্ন ৫ : চমুটোকা লিখা : বাণৰজা, চিত্ৰলেখা, ঊষা, অনিৰুদ্ধ

উত্তৰ : বাণৰজা : 

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকত ভালেমান চৰিত্ৰৰ সমাবেশ ঘটিছে। তাৰ ভিতৰত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ হ’ল বাণাসুৰ বা বাণৰজা৷ বাণাসুৰ দৈত্যৰাজ বলিৰ পুত্ৰ। এওঁ শোণিতপুৰৰ ৰজা আছিল আৰু তেওঁৰেই জীয়ৰী ঊষা। বাণৰজা তপ-জপ আৰু বল-বীৰ্যত অনন্য আৰু শিৱৰ পৰম ভক্ত আছিল। শিৱৰ বৰত অদম্য বীৰ হৈ পৰা বাণৰ সমকক্ষ প্রতিদ্বন্দ্বী নোহোৱাত দম্ভ-অহংকাৰো দিনে দিনে বাঢ়ি গৈছিল। বাণাসুৰে যুদ্ধত দেৱতাসকলক পৰাভূত কৰি দেৱৰাজ ইন্দ্ৰ, বৰণ, অগ্নি আদি দেৱতাক বন্দীশালত ৰাখিছিল। তাৰ পিছতো তেওঁ ৰণতৃষ্ণা দূৰ কৰিবলৈ সমকক্ষ যোদ্ধা বিচাৰি শিৱৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

ইফালে বাণৰজাৰ কন্যা ঊষা যৌৱনপ্ৰাপ্ত হ’লত বিয়াৰ বাবে উপযুক্ত বীৰপাত্ৰ বিচাৰি ৰজা চিন্তিত হৈছে। উপযুক্ত পাত্ৰৰ অপেক্ষাত তেওঁ ঊষাক অগ্নিগড়ত আবদ্ধ কৰি ৰাখিছে, যাতে ভুলতে ঊষাই অপাত্ৰক বৰণ নকৰে। কিন্তু অগ্নিগড়ত চিত্ৰলেখাৰ সহযোগত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত ঊষাৰ গোপন মিলন ঘটিল। কুঁজীৰ মুখে সেই সংবাদ পাই বাণে মুহূর্ততে আহি অগ্নিগড়ত উপস্থিত হ’ল আৰু অনিৰুদ্ধক নাগপাশেৰে বন্দী কৰি থয়। নাৰদৰ মুখে সেই সংবাদ পাই শ্রীকৃষ্ণ সসৈন্যে আহি শোণিতপুৰত উপস্থিত হ’ল আৰু বাণাসুৰৰ লগত প্ৰচণ্ড যুদ্ধত প্ৰবৃত্ত হ’ল। বাণৰজাৰ ৰণতৃষ্ণা দূৰ হ’ল যদিও যুদ্ধত তেওঁ পৰাজিত হ’ল।

তেনে পৰিস্থিতিত শিৱ আএত যুদ্ধৰ সম্ভাৱনাই দেখা দিয়ে যদিও ব্ৰহ্মাৰ হস্তক্ষেপত সেয়া উপশম হয়। অবশেষত বাণৰজাই অনিৰুদ্ধ কোঁৱৰৰ লগত নিজ কন্যা ঊষাৰ বিয়া পাতি দিয়ে।

এইদৰেই ‘শোণিত কুঁৱৰী’ নাটকত বাণ পৰাক্ৰমী, শিৱৰ পৰম ভক্ত, দাম্ভিক, অহংকাৰী আৰু মহা বলশালী চৰিত্ৰৰূপে চিত্ৰিত কৰিছে। ৰণতৃষ্ণা বাণ চৰিত্ৰৰ অন্যতম বৈশিষ্ট্য।

(ii) চিত্ৰলেখা : 

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ এটি মনোৰম চৰিত্ৰ হৈছে চিত্ৰলেখা। চিত্ৰলেখা বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ডৰ জীয়ৰী তথা ঊষাৰ সখীয়েক। সখী হিচাপে চিত্ৰলেখা ঊষাৰ অভিন্ন হৃদয়া। চিত্ৰলেখা মায়াবিদ্যাত পাৰদৰ্শী, চিত্রবিদ্যাত সুদক্ষ, সংগীত বিদ্যাত পাৰ্গতা, নৃত্যপটিয়সী আৰু কলা-কুশলী। চিত্ৰলেখা ঊষা-অনিৰুদ্ধৰ মিলনদূতী।

‘শোণিত কুঁৱৰী’ নাটকত চিত্ৰলেখাৰ ভূমিকা অতি শক্তিশালী। বাণৰজাৰ ইচ্ছা অনুসৰি নাটৰ আৰম্ভণিতে চিত্ৰলেখাই ‘পদুমকলি’ নৃত্য প্ৰদৰ্শন কৰিছে। তাৰ পাছত ঊষা আৰু আন আন সখীসকলৰ লগত চিত্ৰলেখাই ৰাংঢালী গাভৰুৰূপে ৰং-ধেমালি কৰিছে, ঠাট্ট-মস্কৰা কৰিছে আৰু মনৰ আনন্দত নাচিছে গাইছে। ঊষাক অগ্নিগড়ত নিৰ্বাসন দিয়াত সখী প্ৰাণগত চিত্রলেখাও অগ্নিগড়ত থাকিব লৈছে। ঊষাৰ সুখত সুখী আৰু দুখত দুখী হৈছে। ঊষাই সপোন স্বামীক বিচাৰি হাহাকাৰ কৰাত চিত্রলেখাই ঊষাক বুজনি দি দেৱতা-মানৱ-দানৱ-কিন্নৰৰ চিত্ৰ ভূর্জপত্ৰত আঁকি অনিৰুদ্ধ কোঁৱৰক চিনাক্ত কৰিছে আৰু কোঁৱৰক আনিবলৈ দ্বাৰকালৈ যাত্ৰা কৰিছে। চিত্র-বিক্রেতা বালকৰ ছদ্মবেশত দ্বাৰকাত প্ৰৱেশ কৰি চিত্ৰলেখাই অনিৰুদ্ধৰ কাষ চাপি সুযোগ বুজি ঊষাৰ ছবি দেখুৱাই নিজৰ উদ্দেশ্যৰ কথাও প্ৰকাশ কৰিছে। নিজৰ পৰিচয় প্ৰমাণ কৰিবলৈ চিত্ৰলেখাই অসামান্য নৃত্য পৰিবেশন কৰি অনিৰুদ্ধক মুগ্ধ কৰি অগ্নিগড়ত উপস্থিত কৰা হৈছে। চিত্ৰলেখাৰ সাহসী আৰু কৌশলী প্রচেষ্টাতে ঊষা-অনিৰুদ্ধৰ মাজত গন্ধর্ব বিবাহ সম্পন্ন হৈছে।

ঊষা-অনিৰুদ্ধৰ ‘মিলনদূতী’ চিত্ৰলেখা চৰিত্ৰটো ত্যাগৰ আদর্শেৰে নিৰ্মিত ।

সখীয়েকৰ মনোকামনা পূৰণ আৰু সন্তুষ্টিৰ বাবে লেখাই নিজৰ দুখ-বেজাৰ, বিপদ-আপদৰ কথা নাভাবি প্ৰকৃত সখীৰ কৰ্তব্য পালনত ব্ৰতী হৈছে। নিজৰ দুখ ঢাকি ৰাখি আনৰ আনন্দৰ বাবে নিজকে বিলাই দিব পৰাতেই চিত্ৰলেখা চৰিত্ৰৰ মহত্ত্ব প্রকাশ পাইছে।

(iii) ঊষা: 

‘শোণিত কুঁৱৰী’ নাটকৰ নায়িকা হ’ল ঊষা। নাটকখনৰ নামকৰণো ‘শোণিত কুঁৱৰী’ অৰ্থাৎ ঊষাৰ নামেৰেই হৈছে। ঊষা শোণিতপুৰৰ ৰজা বাণাসুৰৰ একমাত্র কন্যা। ঊষাৰ যৌৱনপ্ৰাপ্তি আৰু অপৰূপ সৌন্দৰ্যই বাণ ৰজক চিন্তিত কৰি তুলিছিল। সেয়ে যৌৱনৰ তাড়নাত তাই যাতে অযোগ্য দৰাক বাছি ল’ব নোৱাৰে আৰু বিবাহ পর্যন্ত যাতে সতীত্ব ৰক্ষা কৰে, তাৰ বাবে উয়াক ৰজাই অগ্নিগড়ত আবদ্ধ কৰি ৰাখিলে। অগ্নিগড়ত ঊষাৰ লগত আছিল সখীপ্রাণ চিত্রলেখা। অগ্নিগড়ত থাকোতেই যৌৱনৰ তাড়নাত ব্যাকুল হোৱা ঊষাই আই ভগৱতীৰ কৰুণা বিচাৰিলে। ঊষাৰ প্ৰাৰ্থনাত সন্তুষ্ট হোৱা ভগৱতীৰ বৰতে ঊষাই সপোন স্বামীক পালে।

সপোন স্বামীক দিঠকত নাপাই ঊষাৰ হৃদয় হাহাকাৰ কৰি উঠিল। সখী চিত্রলেখাই অঁকা ছবি চাই ঊষাই সপোন স্বামী অনিৰুদ্ধ কোঁৱৰক চিনাক্ত কৰিলে। চিত্ৰলেখাৰ সাহস, কৌশল, বুদ্ধিমত্তা আৰু ত্যাগৰ বলতে অগ্নিগড়ত ঊষাই অনিৰুদ্ধ কোঁৱৰক কাষতে পালে আৰু গন্ধৰ্ব প্ৰথাৰে পতিবৰণ কৰিলে। কিন্তু কুঁজীৰ মুখে সেই কথা বাণ ৰজাই জানিব পাৰি কোঁৱৰক নাগপাশেৰে বন্দী কৰিলে। শ্ৰীকৃষ্ণৰ নেতৃত্বত যাদব বাহিনীৰ লগত বাণাসুৰৰ যুদ্ধ হ’ল আৰু যুদ্ধত বাণাসুৰৰ পৰাজয় হ’ল। পিছত বাণৰ সন্মতি সাপেক্ষে অনিৰুদ্ধৰ লগতে ঊষাৰ বিবাহ কার্য সম্পন্ন হয় আৰু ঊষাই দ্বাৰকাৰ স্বামীগৃহলৈ ৰাওনা হয়

দেখা যায় যে ‘শোণিত কুঁৱৰী’ নাটকৰ কাহিনী ঊষাক কেন্দ্ৰ কৰিয়েই আৰম্ভ হৈছে, আগবাঢ়িছে আৰু সম্পূৰ্ণ হৈ পৰিসমাপ্তি ঘটিছে। কেন্দ্ৰীয় চৰিত্ৰ ৰূপে ঊষাক নাট্যকাৰে ৰূপ-সৌন্দৰ্য আৰু যৌৱনৰ আকৰ ৰূপে গঢ়ি তুলিছে। অৱেশ্য চিত্ৰলেখাৰ দৰে কাৰ্যক্ষম নহৈ নাটকৰ ঊষাৰ চৰিত্ৰটি মৰম-আলসুৱা ।

(iv) অনিৰুদ্ধ : 

‘শোণিত কুঁৱৰী’ নাটকৰ নায়ক অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতি আৰু প্ৰদ্যুম্নৰ পুত্ৰ। নাটখ শিক্ষাৰ উৰিত্ৰটো সাহস, বীৰত্ব আৰু শৌর্য বীৰ্যৰ প্ৰতীক ৰূপত চিত্ৰিত হৈছে। সদ্য যৌৱনপ্ৰাপ্ত অনিৰুদ্ধ কোঁৱৰ নাটখনত উপজিয়েই প্রেমিক ৰূপত অৱতীৰ্ণ হৈছে। প্ৰকৃতি জগতত বসন্তৰ উপলব্ধি কৰি প্ৰেমময় হৈ পৰা অনিৰুদ্ধই শোণিত কুঁৱৰী ঊষা সুন্দৰীৰ ছবি দেখি আৰু তেওঁৰেই পাণিপ্ৰাৰ্থী বুলি জানিব পাৰি এবাৰ ওচৰৰ পৰা চাবলৈ ব্যাকুল হৈ পৰিছে। চিত্ৰলেখাৰ সহযোগত অনিৰুদ্ধ গৈ অগ্নিগড়ত উপস্থিত হৈছে আৰু অন্তৰৰ প্ৰেম-অনুৰাগৰ ফলস্বৰূপে গন্ধৰ্ব প্ৰথাৰে ঊষাৰ লগত বিবাহ সম্পন্ন কৰিছে।

এইখিনিলৈকে ৰোমাণ্টিক নায়ক ৰূপে দেখা অনিৰুদ্ধৰ চৰিত্ৰত হঠাতে নাটকীয় পৰিৱৰ্তন আহিছে। কুঁজীৰ মুখে বাণ ৰজাই ঊষা-অনিৰুদ্ধৰ মিলনৰ বাতৰি পাই খঙত উগ্ৰমূৰ্তি ধাৰণ কৰি আহি অগ্নিগড়ত উপস্থিত হৈছে। ৰুদ্ৰমূর্তি ধৰা বাণ ৰজাৰ সন্মুখত অনিৰুদ্ধই সাহস, বীরত্ব, শৌর্য-বীৰ্যৰ অধিকাৰী ৰূপত আত্মপ্রকাশ কৰিছে। বাণে আক্ৰমণ কৰিবলৈ যোৱাত ‘বীৰৰ সন্তান মই। যুদ্ধ কৰিব জানো। কাপুৰুষৰ দৰে মৰিবলৈ প্ৰস্তুত নহওঁ’ বুলি বাণৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈছে।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঃ

প্রশ্ন ১ : শোণিত কুঁৱৰী নাটকৰ নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচয় দিয়া।

উত্তৰ : অসমীয়া সাহিত্য আৰু ভাষা-সংস্কৃতিৰ এজন একনিষ্ঠ সেৱকজ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনত হৰিবিলাস আগৰৱালা পৰিয়ালত জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল পৰমানন্দ আগৰৱালা। প্রথম অসমীয়া কথাছবি ‘জয়মতী’ৰ নিৰ্মাণ জ্যোতিপ্ৰসাদ আগৰৱালাই কৰিছিল। অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বহুতো গীত, কবিতা, শিশু-সাহিত্য সৃষ্টি কৰি থৈ গৈছে। স্বাধীনতা আন্দোলনৰ সময়ছোৱাত তেখেতে ভালেমান স্বদেশপ্রেমমূলক গীত-মাত, কবিতা আদি ৰচনা কৰিছিল। ‘লুইতৰ পাৰৰ অগ্নিসুৰ কবিতা পুথি। তেখেতৰ কবিতাত বিপ্লৱীসুৰ, জাতীয়তাবাদ, ৰাইজৰ প্ৰতি দায়বদ্ধতা আৰু ইতিহাসৰ লগত একাত্মবোধ ভাবধাৰা পৰিস্ফুট হয় ।

অসমীয়া নাট্য সাহিত্যক উন্নতিৰ শিখৰত প্ৰতিষ্ঠা কৰিবলৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এক দৃঢ় প্ৰচেষ্টা হাতত লৈছিল। কঠোৰ পৰিশ্ৰম আৰ একাগ্ৰতাৰে ৰচনা কৰা তেওঁ নাটককেইখন হ’ল— শোণিত কুঁৱৰী (১৯২৫), কাৰেঙৰ লিগিৰী (১৯৩৭), ৰূপালীম (১৯৬০), লভিতা (১৯৪৮), নিমাতী কইনা বা ৰূপকোঁৱৰ কনকলতা আৰু সুন্দৰকোঁৱৰ নাটক দুখন সম্পূৰ্ণ নাটক নহয়। ল’ৰালি কালৰ পৰা বাণ ৰংগমঞ্চৰ সৈতে জড়িত জ্যোতিপ্ৰসাদ আগৰৱালা নিজে এজন ভাল অভিনেতাও আছিল। সেই বাবে হয়তো মঞ্চায়নৰ খুটি-নাতি তেওঁ ভালদৰে আয়ত্ত কৰিব পাৰিছিল। নাটকৰ বিষয় আৰু আংগিকৰ প্ৰতি সজাগ হৈ নাটক ৰচনা ৱা ৰোমান্টিক যুগৰ একমাত্ৰ নাট্যকাৰজন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা ।

তেওঁৰ প্ৰথম নাটক শোণিত কুঁৱৰী ৰচনা কৰাৰ সময়ত জ্যোতিপ্রসাদ আগৰৱালা এজন কম বয়সীয়া ভাবালু ডেকা। নাটকখনিৰ বিষয়বস্তু পৌৰাণিক । এই খনেই তেওঁৰ একমাত্ৰ পৌৰাণিক নাটক। ইয়াৰ কাহিনীভাগ হৰিবংশ আৰু ভাগৱত পুৰাণত পোৱা যায়। কিন্তু অনন্ত কন্দলিৰ ‘কুমৰ হৰণ’কাব্যৰ বিষয়বস্তুৰ লগতহে শোণিত কুঁৱৰীৰ কথাবস্তুৰ মিল দেখা যায়। অৱশ্যে প্ৰাক্ -শংকৰী যুগৰ পীতাম্বৰ কবিৰ ‘ঊষা পৰিণয়’ৰ লগতো শোণিত কুঁৱৰীৰ কাহিনীভাগৰ যথেষ্ট সাদৃশ্য আছে। শোণিতকুঁৱৰীৰ কাহিনীভাগৰ যথেষ্ট সাদৃশ্য আছে। শোণিত কুঁৱৰী নাটকৰ প্ৰথম অংক আৰম্ভ হৈছে বাণৰ ৰজা কাৰেঙৰ ফুলনিত উষা – অনিৰুদ্ধৰ প্ৰেমেই নাটকখনৰ মূল বিষয়বস্তু। শোণিতপুৰৰ ৰজা বাণৰ একমাত্ৰ জীয়াৰী উষাই সপোনত অনিৰুদ্ধক দেখা পাই তেওঁকে স্বামী বৰণ কৰে। উপায়ন্ত হৈ সখীয়েক চিত্ৰলেখাই অনিৰুদ্ধক দ্বাৰকাৰ পৰা বাণৰ নগৰীৰ অগ্নিগড়লৈ অনিৰুদ্ধক লৈ আনে। গন্ধর্ব প্রথা মতে দুয়োৰে তাতে বিবাহ হয় । বাণৰ কাণত এই খবৰ বিয়পী পৰাৰ লগে লগে তেওঁ অনিৰুদ্ধৰ বিৰুদ্ধে যুদ্ধ কৰে। বাণৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিখন নাটকতে বিভিন্ন বিষয়ৰ কাহিনীক কাব্যধৰ্মী আৰু নাট্যধৰ্মী গুণেৰে বিশেষভাৱে ৰূপায়িত কৰা হৈছে আৰু প্ৰতিখন নাটকতে সুন্দৰৰ পূজাৰী শিল্পী গৰাকীয়ে তেওঁৰ অনন্য প্ৰতিভাৰ স্বাক্ষৰ ৰাখি গৈছে।

প্রশ্ন ২। শোণিত কুঁৱৰী নাটকৰ কাহিনীভাগ চমুকৈ বৰ্ণনা কৰা । 

উত্তৰঃ ‘শোণিত কুঁৱৰী’ নাটৰ কাহিনীভাগ পৌৰাণিক কাহিনীভাগ চমুকৈ— ৰাজকাৰেঙৰ ফুলনিৰ ভিতৰত বাণৰ জীয়ৰী ঊষাই নতুন ছবি লাগে বুলি পিতাকক কৈছে। বাণে প্রতিশ্রুতি দিছে । তাৰ পাছত উষাৰ সখী চিত্ৰলেখাৰ পদুমকলি নাচ চাব খুজিছে। চিত্রলেখাই নাচি দেখুৱাইছে। নাচ চাই বেছ হৈছে বুলি বাণে শলাগিছে। তেনেতে বাণৰ সেনাপতি প্রসেনজিত আহি উপস্থিত হয়। বাণৰ নিৰ্দেশত দেৱতাসকলক বাণৰ সন্মুখত উপস্থিত কৰোৱা হৈছে। বাণৰ কথামতে ইন্দ্ৰই বশ্যতা স্বীকাৰ কৰিছে। বাকী দেৱতাসকলে বশ্যতা স্বীকাৰ নকৰা বাবে পোতাশালত ৰাখিবলৈ দি বাণে তেওঁৰ পৰম উপাস্য দেৱ শংকৰক স্মৰণ কৰে ৷ শংকৰৰ আবিৰ্ভাব হোৱাত বাণে তেওঁৰ ৰণ তৃষ্ণা দূৰ কৰিবলৈ সমকক্ষ প্ৰতিযোদ্ধা কামনা কৰে ৷ শংকৰে আশীৰ্বাদ কৰিছে প্ৰতিযোদ্ধা পাবি বুলি ।

বিয়াৰ বয়স সমাগত হোৱা নিজ কন্যাক বাণে সুৰক্ষিত স্থান অগ্নিগড়ত ৰাখিছে। উষাৰ সৈতে সখীয়েক চিত্ৰলেখা আৰু কুঁজী বুঢ়ী আলপৈচান ধৰাকৈ আছে। ঊষাই ভগৱতীক স্বামী কামনাৰে প্ৰাৰ্থনা জনাইছে। ভগৱতীয়ে আশীর্বাদ দিছে। সেই ৰাতিয়ে উষাই সপোনত অনিৰুদ্ধই আলিংগন কৰা দেখে। ৰাতিপুৱা অনিৰুদ্ধক কাষত নাপাই উষা ব্যাকুল হৈ পৰিছে। সখীয়েক চিত্রলেখাই সখীৰ অন্তৰৰ মৰ্মবেদনা উপলব্ধি কৰি তেওঁৰ স্বামীক আনি দিবলৈ প্ৰতিশ্ৰুতি দিছে।

দ্বাৰকাত চিত্ৰলেখাই চিত্র বিক্রেতা বালকৰ ভাওধৰি অনিৰুদ্ধৰ ওচৰ চাপে । ছবি দেখি অনিৰুদ্ধ মোহিত হয়। তেনেতে চিত্রলেখাই কৌশল খটুৱাই উষাৰ ছবিখন মাটিত পেলাই দিয়ে। ছবিখন দেখি অনিৰুদ্ধ ব্যাকুল হৈ পৰে আৰু ছবিখনৰ বিষয়ে জানিবলৈ বিচাৰে। চিত্ৰলেখাই সকলো বিৱৰণ দি ঊষা যে তেওঁৰেই প্রণয়প্রার্থী সেই কথাও ব্যক্ত কৰে। চিত্ৰলেখা যে উষাৰে সখীয়ে সেই কথা পতিয়ন নিয়াবলৈ চিত্ৰলেখাই নৃত্যপর্যন্ত কৰি দেখুৱাইছে।

চিত্ৰলেখাই ত্রিভূবনৰ কোঁৱৰ চিত্ৰলেখাৰ সমস্ত কথা বিশ্বাসেৰে লৈ অনিৰুদ্ধ চিত্ৰলে অগ্নিগড়লৈকে গ’ল । চিত্রলেখাই গন্ধর্বপ্রথা মতে ঊষা অনিৰুদ্ধৰ মাজত বি পাতি দিলে। এই সংবাদ কুজীবুঢ়ীয়ে বাণ ৰজাক দিলেগৈ। বাণৰজাই খঙত জ্বলি উঠিল আৰু কুজীবুঢ়ীৰ নাক-কাণ কাটিবলৈ নিৰ্দেশ দি অগ্নিগড় পালেহি। অগ্নিগড়ত ঊষা অনিৰুদ্ধক আলিংগনৰত অৱস্থাত দেখি তীব্ৰ খঙত অনিৰুদ্ধক তিৰস্কাৰ কৰিবলৈ ধৰিলে। অৱশেষত দুয়ো যুদ্ধত প্ৰবৃত্ত হ’ল। যুদ্ধত অনিৰুদ্ধক পৰাস্ত কৰি বাণে অনিৰুদ্ধক পোতাশালত বন্দী কৰি থ’লে। এই সংবাদ নাৰদে দ্বাৰকাধিপতি কৃষ্ণক দিলে। কৃষ্ণই সসৈন্যে আহি বাণৰ সৈতে যুদ্ধ কৰে। যুদ্ধত বাণ পৰাস্ত হয়। বাণ পৰাস্ত হোৱা দেখি শিৱই বাণৰ সন্য লৈ কৃষ্ণৰ সৈতে যুদ্ধ কৰিবলৈ উদ্যত হয়। কৃষ্ণই সুদর্শন চক্ৰ আৰু শিৱই ত্ৰিশূল লৈ যুদ্ধৰ বাবে সাজু হোৱাত সকলোৱে কঁপিবলৈ ধৰে। এনেতে দুয়োৰো মাজত ব্ৰহ্মাৰ আবিৰ্ভাব হয়। ব্রহ্মাই দুয়োকো অস্ত্ৰ সম্বৰণ কৰিবলৈ আহবান জনায়। ইয়াতে হৰি হৰৰ যুদ্ধৰ সমাপ্তি ঘটে আৰু উষা অনিৰুদ্ধৰ মিলন ঘটে। মিলনৰ লগে লগে নাটৰ  সামৰণি পৰে ।

Leave a Reply