NIOS| Assamese (303)| Notes/Answer|Chapter-3| হৰৰ কৃষ্ণস্তুতি

NIOS| Assamese (303)| Notes/Answer|Chapter-3| হৰৰ কৃষ্ণস্তুতি মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-3| হৰৰ কৃষ্ণস্তুতি

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-3| হৰৰ কৃষ্ণস্তুতি

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-3| হৰৰ কৃষ্ণস্তুতি অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড ১

অধ্যায় ৩

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰ

প্রশ্ন ১ : ‘হৰৰ কৃষ্ণস্তুতি’ কবিতাটিৰ কবিজনাৰ এটি পৰিচয় দিয়া ।

উত্তৰ : ‘হৰৰ কৃষ্ণস্তুতি’ কবিতাটিৰ কবিজনাৰ নাম শ্ৰীমন্ত শংকৰদেৱ। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নগাঁৱৰ আলিপুখুৰীত। তেওঁ কেৱল ধৰ্মগুৰুৱেই নাছিল। তেওঁ আছিল অসমীয়া সাহিত্যৰ গুৰি ধৰোঁতা । অসমীয়া জাতিৰ সংগঠক আৰু সমাজ সংস্কাৰক। ধৰ্মৰ লগতে সাহিত্য সংস্কৃতিৰো প্ৰচাৰৰ অৰ্থে সংস্কৃত গ্ৰন্থ অধ্যয়ন কৰি তাৰপৰা তত্ত্বকথা আয়ত্ত কৰি গীত, পদ, নাট, উপাখ্যান আদি ৰচনা কৰিছিল। কীৰ্তন ঘোষা তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। ইয়াৰ উপৰি ভাগৱতৰ কেইবাটাও খণ্ড, উত্তৰাকাণ্ড ৰামায়ণ’ তেওঁ অসমীয়ালৈ অনুবাদ কৰে। উচ্চভাৱ, ভাষা আৰু শাস্ত্ৰীয় ৰাগ তালযুক্ত বৰগীত শংকৰদেৱৰ অনন্য সৃষ্টি। তেওঁ ৰুক্মিণীহৰণ’‘হৰিশ্চন্দ্ৰ উপাখ্যান’ আদি কাব্য ৰচনা কৰাৰ লগতে ‘নিমিনৱসিদ্ধ সংবাদ’ ভক্তিপ্রদীপ’ আদি তত্ত্বমূলক গ্ৰন্থও ৰচনা কৰিছিল। ‘ভক্তিৰত্নাকৰ’-তেওঁৰ সংস্কৃত ভাষাত লিখা একমাত্র তত্ত্বমূলক গ্রন্থ অসমীয়া নাট্য সাহিত্যৰ জনক শংকৰদেৱে সংলাপবিহীন নাট “চিহ্নযাত্ৰা’ৰ জৰিয়তে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলি পত্নী প্রসাদ, কালিয়দমন, ৰুক্মিণীহৰণ আদি ছখন অংকীয়া নাট ৰচনা কৰে।

প্রশ্ন ২ : ‘হৰৰ কৃষ্ণস্তুতি’ কবিতাটি ক’ৰ পৰা তুলি অনা হৈছে? ইয়াত কোনে কাক স্তুতি কৰিছে ?

উত্তৰ : শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন—ঘোষাৰ ‘হৰমোহন’ অধ্যায়ৰ পৰা ‘হৰৰ কৃষ্ণস্তুতি’কবিতাটি তুলি অনা হৈছে। 

ইয়াত চৰাচৰ জগতৰ অধিপতি কৃষ্ণক শিৱই স্তুতি কৰিছে।

প্রশ্ন ৩ঃ ‘হৰৰ কৃষ্ণস্তুতি’ কবিতাটিত ‘তুমি পৰমাত্মা জগতৰ ঈশ এক বুদ্ধি কাক কিয় কোৱা হৈছে।

উত্তৰ ঃ মাধৱেই সকলো জীৱৰে মূল পৰমাত্মা আৰু জগতৰ একমাত্ৰ গৰাকী। জগতৰ সকলো দৃশ্যমান বিষয়ৰ মাজতে তেওঁ আছে। সোণ আৰু সোণৰ অলংকাৰৰ মাজত মূলতঃ যিদৰে কোনো পার্থক্য নাই গতখন আৰু ঈশ্বৰৰ মাজতো তেনেদৰে পাৰ্থক্য নাই। জীৱজগত আৰু জড়জগতৰ তেৱেঁই স্রষ্টা।

প্রশ্ন ১: ব্যাখ্যা কৰা

(ক) তুমি কাৰ্যকাৰণ সমস্তে চৰাচৰ

সুবর্ণ কুণ্ডলে যেন নুহিকে অন্তৰ।।

উত্তৰঃ সকলো সময়তে ভগৱানৰ মায়াত মোহিত হৈ অজ্ঞানীজনে আত্মাস্বৰূপ ঈশ্বৰক চিনি নোপোৱা হয়। সকলো প্ৰাণীৰে হৃদয়ত তেওঁ আছে কিন্তু সেই পৰম তত্ত্ব বুজি নাপাই তেওঁক বাহিত বিচাৰি ফুৰে। তেৱেঁই অর্থাৎ মাধরেই একমাত্ৰ সঁচা তাৰ বাহিৰে জগতৰ সকলোবোৰেই মিছা। সেইকথা জানি বুজি জ্ঞানীসকলে তেওঁ বাহিৰত বিচাৰি ফুৰি হৃদয়ত ধান কৰে।

(খ) তুমি সে কেৱলে সত্য মিছাসৱে আন। 

জানি জ্ঞানী গ্ৰহণ কৰে হৃদয়ত ধ্যান।।

উত্তৰ : সকলো সময়তে ভগৱানৰ মায়াত মোহিত হৈ অজ্ঞানীজনে আত্মাস্বৰূপ ঈশ্বৰক চিনি নোপোৱা হয়। সকলো প্ৰাণীৰে হৃদয়ত তেওঁ আছে কিন্তু সেই পৰম তত্ত্ব বুজি নাপাই তেওঁক বাহিত বিচাৰি ফুৰে। তেৱেঁই অর্থাৎ মাধৱেই একমাত্ৰ সঁচা তাৰ বাহিৰে জগতৰ সকলোবোৰেই মিছা। সেইকথা জানি বুজি জ্ঞানীসকলে তেওঁ বাহিৰত বিচাৰি ফুৰি হৃদয়ত ধান কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : ‘হৰৰ কৃষ্ণস্তুতি’ কবিতাটিৰ মূলভাব লিখা।

উত্তৰ : দেৱতা আৰু অসুৰসকলে অমৰত্ব লাভ কৰাৰ উদ্দেশ্যে অমৃত মন্থন কৰাৰ সময়ত বিষ্ণুৱে মোহিনী বেশ লৈ দেৱতাসকলক অমৃত পান কৰাইছিল। সেই সময়ত হৰ অৰ্থাৎ মহাদেৱ উপস্থিত নাছিল। সেইকথা পিছত জানিব পাৰি তেওঁ বিষ্ণুৰ মোহিনী ৰূপ চাবলৈ ব্যাকুল হৈ পৰি পাৰ্বতী আৰু নন্দীভৃঙ্গী সহ লৰালৰিকৈ বিষ্ণুৰ চেৰ পালেগৈ। বিষ্ণুৰ ওচৰ পাই হৰই প্ৰথমে তেওঁক স্তুতি কৰিবলৈ ধৰিলে। ‘হৰৰ কৃষ্ণস্তুতি’ৰ মাজেৰে পৰম পুৰুষ ভগৱন্তৰ মাহাত্ম্য অতি সুন্দৰকৈ প্ৰকাশ পাইছে। ইয়াত কৃষ্ণৰ মহিমা এনেদৰে প্ৰতিফলিত হৈছে যে মাধৱেই হৈছে বিধিৰ বিধিদাতা, বিধাতাৰো ভাগ্য নিয়ন্তা। তেওঁ জগতখনৰ সৃষ্টি স্থিতি প্রলয়ৰ অধিকাৰী আৰু সকলোৰে জন্মদাতা পিতৃ-মাতৃস্বৰূপ। কাৰ্যৰূপ জড়জগতৰ কাৰণস্বৰূপ তেওঁ আৰু জগতখনৰৰ মাজত কোনো ভেদ নাই। সোণ আৰু তাৰে তৈয়াৰী অলংকাৰৰ মাজত যিদৰে প্ৰভেদ নাথাকে জগত আৰু ঈশ্বৰৰ মাজতো কোনো প্রভেদ নাই। সকলো জীৱ তেওঁৰেই অংশস্বৰূপ। জগদৰ সকলোৰে মাজত আত্মা শক্তিৰূপে লুকাই আছে। কিন্তু অজ্ঞানীসকলে মায়াত মোহিত হৈ তেওঁক চিনি নাপাই, তেওঁৰ তত্ত্ব বুজিব নোৱাৰি বাহিৰত বিচাৰি ফুলে। মায়া ঈশ্বৰৰেই শক্তি। এই মায়াই অসত্য বস্তুকো সত্য যেন দেখুৱাই জগতক ভুলাই ৰাখে। ইয়াতে মোহিত হৈ জীৱই নিজেই সকলো বুলি ভাবি ভগৱানক পাহৰি থাকে, ঈশ্বৰক চিনি নোপোৱা হয়। এই পৰিদৃশ্যমান জগতখনৰ সকলো মিছা অর্থাৎ বিনাশীল, পৰম পুৰুষ মাধরেই একমাত্র সত্য, নিত্য। হৰই মাধৱৰ ওচৰত সুখ, ভোগ, মুক্তি একো নিবিচাৰি তেওঁৰ চৰণত যাতে সদায় ভক্তি অটুত থাকে তাকেই কামনা কৰিছে। তেওঁৰ মুখে যেন সদাই ভগৱানৰ নাম উচ্চাৰণ কৰে, কাণে যেন সদায় কৃষ্ণকতা শুনিবলৈ পায়, হৃদয়ত যেন সদায় ভগৱন্তৰ চৰণ আৰধনা কৰিব আৰু তেওঁ যেন কোনো দিনেই সৎ লোকৰ সঙ্গৰ পৰা বঞ্চিত হ’বলগীয়া নহয় তাকেই মাধৱৰ চৰণত আশীৰ্বাদৰূপে ভিক্ষা কৰিছে।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

Leave a Reply