NIOS| Assamese (303)| Notes/Answer|Chapter-28| দুর্যোগ ব্যৱস্থাপনা

NIOS| Assamese (303)| Notes/Answer|Chapter-28| দুর্যোগ ব্যৱস্থাপনা মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-28| দুর্যোগ ব্যৱস্থাপনা

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-28| দুর্যোগ ব্যৱস্থাপনা

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-28| দুর্যোগ ব্যৱস্থাপনা অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড

অধ্যায় ২৮

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

প্রশ্ন ১ : তোমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত ‘দুর্যোগ ব্যৱস্থাপনা’ পাঠটিৰ লিখক কোন ?

উত্তৰ : ড° মদন মোহন শ‍ইকীয়া।

প্রশ্ন ২ : মদন মোহন শ‍ইকীয়াৰ জন্ম কোন চনত হৈছিল ?

উত্তৰ: ১৯৩৫ চনত ।

প্রশ্ন ৩ : তেওঁ কোন বিশ্ববিদ্যালয়ৰ পৰা এম. এছ. ডিগ্ৰী লাভ কৰে ?

উত্তৰ : গুৱাহাটী বিশ্ববিদ্যালয়।

প্রশ্ন ৪ : তেওঁ কেতিয়া আৰু ক’ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে ?

উত্তৰঃ ১৯৬৫ চনত, ইন্সষ্টিটিউট অব পেট্রোলিয়াম এণ্ড কেমিস্ট্রি।

প্রশ্ন ৫ : পাঠটিৰ প্ৰথমাংশত দুৰ্যোগক কেইটা আৰু কি কি ভাগত ভাগ কৰিছে?

উত্তৰ ঃ দুটা, প্ৰাকৃতিক আৰু কৃত্ৰিম ৷

প্রশ্ন ৬ : কৃত্রিম দুর্যোগ কোনে সৃষ্টি কৰে ?

উত্তৰঃ মানুহে ।

প্রশ্ন ৭ : দুবিধ প্রাকৃতিক দুৰ্যোগৰ নাম লিখা ৷

উত্তৰ : বানপানী, ভূমিকম্প।

প্রশ্ন ৮ : দুবিধ কৃত্রিম দুৰ্যোগৰ নাম লিখা । 

উত্তৰঃ ৰেল, উৰাজাহাজত হোৱা দুৰ্ঘটনা ।

প্রশ্ন ৯ : অসম তথা ভাৰতবৰ্ষ বিভিন্ন প্রাকৃতিক দুৰ্যোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কাৰণ কি ?

উত্তৰ: বৈশিষ্ট্যপূর্ণ ভূ জলবায়ু।

প্রশ্ন ১০ : ভাৰত মুঠ মাটিকালিৰ কিমান শতাংশ দুৰ্যোগৰ কবলত ?

উত্তৰ : ৮৫ শতাংশ।

প্রশ্ন ১১ : ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ ভূমিকম্পৰ কবলত?

উত্তৰ : .০৬ শতাংশ।

প্রশ্ন ১২ঃ কোন চনত ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰণে কমিটী গঠন কৰে?

উত্তৰঃ ১৯৯৯ চনত

প্রশ্ন ১৩ : দুর্যোগ ব্যৱস্থাপনাৰ কাৰণে গঠিত কমিটীখনৰ মুখ্য ভূমিকা কি ?

উত্তৰ : দুৰ্যোগ প্রশমনৰ সংস্কৃতি গঢ়ি তোলা

প্রশ্ন ১৪ : দুর্যোগ ব্যৱস্থাপনাৰ কাৰণে গঠিত কমিটীখনে দুৰ্যোগবোৰক চিনাক্ত কৰি কেইটাভাগত ভাগ কৰিছে ?

উত্তৰ : পাঁচটা

প্রশ্ন ১৫ : জল আৰু জলবায়ুৰ সৈতে জড়িত এবিধ দুর্যোগৰ নাম লিখা

উত্তৰ : বানপানী

প্রশ্ন ১৬ : ভূ-তাত্ত্বিক গাঁথনিৰ সৈতে জড়িত এবিধ দুর্যোগৰ নাম লিখা ।

উত্তৰঃ ভূমিস্খলন । 

প্রশ্ন ১৭ : আকস্মিক ঘটনাৰ কাৰণে হোৱা এবিধ দুর্যোগৰ নাম লিখা ।

উত্তৰঃ বনজুই।

প্রশ্ন ১৮ : জৈবিক কাৰণত ঘটা এবিধ দুর্যোগৰ নাম লিখা ।

উত্তৰ: মহামাৰী।

প্রশ্ন ১৯ : কোন চনৰ পৰা কোন চনলৈ আন্তঃৰাষ্ট্ৰীয় প্রাকৃতিক দুর্যোগ প্রশমন দশকৰূপে গণ্য কৰা হয়।

উত্তৰ: ১৯৯৯-২০০০ চনলৈ।

প্রশ্ন ২০ : IDNDR ৰ প্ৰধান উদ্দেশ্য কি ?

উত্তৰ : প্ৰণালীবদ্ধ আন্তঃৰাষ্ট্ৰীয় পৰিকল্পনাৰ দ্বাৰা প্ৰধানতঃ উন্নয়নশীল দেশসমূহত প্রাকৃতিক দুৰ্যোগ মাতি হ্ৰাস কৰা । 

প্রশ্ন ২১ : ৰাজ্যিক চৰকাৰক দুৰ্যোগৰ সময়ত সাহায্য কোনে যোগান ধৰে?

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰে।

প্রশ্ন ২২ : বর্তমান কেনেকুৱা দুর্যোগে মানৱ সমাজৰ ভাবুকি স্বৰূপ ?

উত্তৰঃ কৃত্ৰিম বা মানুহে কৰা দুৰ্যোগ ৷

প্রশ্ন ২৩ঃ মানৱকৃত দুৰ্যোগসমূহ কিদৰে উপশম কৰিব পাৰি?

উত্তৰ : সজাগতা, সচেতনতা আৰু যথা সময়ত লোৱা বিহিত ব্যৱস্থাৰ জৰিয়তে।

প্রশ্ন ২৪ : দুৰ্যোগৰ কেতিয়া সৃষ্টি হয় ?

উত্তৰ : হঠাতে সংঘটিত হোৱা বিপজ্জনক ঘটনাৰ পৰা উদ্ভৱ হোৱা স্পৰ্শকাতৰ অৱস্থাত থকা ধন-জন, সা-সম্পত্তিৰ প্ৰচুৰ ক্ষতি সাধন হ’লে দুর্যোগ সৃষ্টি হয়।

প্রশ্ন ২৫ : বিপজ্জনক ঘটনা কি ?

উত্তৰ : বিপজ্জনক ঘটনা হ’ল, যি ঘটনাই মানুহ দুনুহ, আন্তঃগাথনি অথবা সম্পত্তিৰ কাৰণে ভাবুকিৰ সৃষ্টি কৰি দুৰ্যোগ মাতি আনে।

প্রশ্ন ২৬ : দুৰ্যোগৰ বিশেষত্ব কি ?

উত্তৰ : আগতীয়াকৈ জনা নাযায়

প্রশ্ন ২৭ ঃ দুর্যোগ ব্যৱস্থাপনা বিষয়টোয়ে কি বুজায় ?

উত্তৰ: দুর্যোগ সম্বন্ধীয় কার্যকলাপসমূহক বুজায়। 

প্রশ্ন ২৮ : দুৰ্যোগৰ আগত, সময়ত আৰু পিছত লোৱা ব্যৱস্থাসমূহৰ যিকোনো তিনিটা উল্লেখ কৰা ।

উত্তৰ : সজাগতা বৃদ্ধি, জৰুৰী উদ্ধাৰ আৰুতাৎক্ষণিক আৰু স্থায়ী পুনৰসংস্থান ।

প্রশ্ন ২৯ : কেতিয়াৰ পৰা দুৰ্যোগৰ সংখ্যা বৃদ্ধি হৈছে।

উত্তৰ ঃ দুটা দশক ধৰি ।

প্রশ্ন ৩০ : বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ভূমিকম্প দুটা কোন চনত সংঘটিত হৈছিল ?

উত্তৰ: ১৮৯৭ আৰু ১৯৫০ চনত।.

প্রশ্ন ৩১ : অসমৰ বৰ্তমান সঘনাই বানপানী হোৱাৰ মূল কাৰণ কি ? 

উত্তৰঃ ভূমিকম্পৰ ফলশ্রুতি।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া ঃ

প্রশ্ন ১ : স্পৰ্শকাতৰতা বুলিলে কি বুজা ?

উত্তৰ : দুৰ্যোগৰ ফলস্বৰূপে কি পৰিমাণ বা পৰিসৰত সা-সম্পত্তি, সমাজ ব্যৱস্থা, আন্তঃগাথনি, সেৱা কাৰ্য আৰু ভৌগোলিক এলেকাৰ হ’ব পৰা ক্ষতি বা বিচ্ছিন্ন হোৱাকে স্পর্শকাতৰতা বুলি কোৱা হয়।

প্রশ্ন ২ : স্পৰ্শকাতৰতা কেই প্ৰকাৰ আৰু কি কি ? 

উত্তৰঃ স্পৰ্শকাতৰতা দুই প্ৰকাৰ। ভৌতিক স্পৰ্শকাতৰতা আৰু আৰ্থ-সামাজিক স্পর্শকাতৰতা।

প্রশ্ন ৩ঃ দুৰ্যোগৰ ফলস্বৰূপে কি কি দিশত গুৰুত্বৰভাৱে ব্যাঘাত ঘটে ? 

উত্তৰ : জনজীৱন, আন্তঃগাথনি, অর্থনৈতিক পৰিস্থিতি আৰু পৰিৱেশৰ ৷

প্রশ্ন ৪ : দুর্যোগ বৃদ্ধি হোৱাৰ প্ৰকৃতি কাৰণ কি?

উত্তৰ : দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি, নগৰীকৰণ আৰু উদ্যোগীকৰণ আদি ৷ 

প্রশ্ন ৫ : দুর্যোগ ব্যৱস্থাপনাৰ জৰিয়তে কি কৰা হয় ?

উত্তৰ : দুৰ্যোগ তথা জৰুৰীকালীন অৱস্থা নিয়ন্ত্ৰণ কৰি আৰু সাহায্য আগবঢ়াই বিপদগ্রস্ত লোকসকলক সুৰক্ষা প্ৰদান কৰা হয় ।

প্রশ্ন ৬ঃ দুর্যোগ ব্যৱস্থাপনাৰ উদ্দেশ্য কি ?

উত্তৰ : 

(ক) ব্যক্তিবিশেষ, সমাজ আৰু সামগ্ৰিকভাৱে ৰাষ্ট্ৰই সন্মুখীন হ’ব পৰা সম্ভাৱ্য ধন-জন, ভৌতিক ক্ষয়-ক্ষতিৰ পৰিমাণ হ্রাস অথবা ইয়াৰ কবলৰ পৰা সম্পূৰ্ণ মুক্ত কৰা।

(খ) ব্যক্তিগত দুখ কষ্ট লাঘৱ কৰা ।

(গ) পুনৰ উদ্ধাৰ কাৰ্য ক্ষিপ্ৰতৰ কৰা।

প্রশ্ন ৭ : দুর্যোগ ব্যৱস্থাপনাৰ এটা উদ্দেশ্য লিখা ।

উত্তৰ : দুৰ্যোগৰ পিছত পুনৰুদ্ধাৰ কাৰ্য ক্ষিপ্ৰতৰ কৰা । 

প্রশ্ন ৮ : সম্ভাব্য বিপদ ব্যৱস্থাপনা কি ?

উত্তৰ : সম্ভাব্য বিপদ ব্যৱস্থাপনা হ’ল সংঘটিত বিপদ চিহ্নিত কৰা বিপদো জনসাধাৰণৰ ওপৰত পেলোৱা প্ৰভাৱ নিৰ্ধাৰণ কৰা। লগতে তাক লাঘৱ কৰিবলৈ লোৱা ব্যৱস্থাক সামৰি লোৱা হয়।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

প্রশ্ন ৯ : ক্ষতিৰোধ ব্যৱস্থা কেতিয়া লোৱা হয়? দুৰ্যোগৰ পূৰ্বে লোৱা ক্ষতিৰোধ ব্যৱস্থা দুবিধ লিখা

উত্তৰ : দুৰ্যোগৰ আগত বা পাছত ক্ষতিৰোধ ব্যৱস্থা লোৱা হয়—

(ক) ঘৰ-বাৰী, নিৰ্মাণ গাঁথনি আদি দুৰ্যোগ প্ৰতিৰোধী কৰি সজা।

(খ) ঘৰৰ বাসিন্দাসকলক আৰু সংকটজনক স্থানতত অৱস্থিত বসতি অঞ্চলৰ কাৰণে উন্নত ধৰণৰ নিৰাপত্তা প্ৰকাশ। 

প্রশ্ন ১০ : দুর্যোগ ব্যৱস্থাপনাত সম্পদ সাহায্য বিতৰণ মূল নীতি কি হ’ব লাগে ?

উত্তৰ : যথোচিত সাহায্য আৰু পুননির্মাই সাহায্য বিতৰণৰ মূলনীতি হ’ব লাগে।

প্রশ্ন ১১ : সম্পদ ব্যবস্থাপনা কি ?

উত্তৰ : দুৰ্যোগৰ পিছৰ পৰিস্থিতি মোকামিলা কৰিবলৈ ক্রেইন, একাভেটৰ, ডাক্তৰ আদি সম্পদসমূহ সততে উপলব্ধ হ’ব পৰাকৈ ৰখাটো সম্পদ ব্যবস্থাপনা অন্তর্গত।

প্রশ্ন ১২ : দুর্যোগ ব্যৱস্থাপনাত প্ৰভাৱ সীমিতকৰণ কি ?

উত্তৰ ঃ দুৰ্যোগৰ ফলত ব্যক্তি, পৰিয়ালৰ লগতে সমাজখনৰো ব্যাপক দূৰ্যোগৰ সন্মুখীন হয়। কিন্তু এই প্ৰভাৱ অতি ক্ষিপ্ৰ গতিকে সম্পাদন কৰি দুৰ্যোগৰ ক্ষতি কিছু উপশম ঘটোৱাৰ যিটো ব্যৱস্থা তাক প্ৰভাৱ সীমিতকৰণ বোলে।

প্রশ্ন ১৩ঃ দুৰ্যোগৰ ক্ষয়ক্ষতি যথেষ্ট পৰিমাণে হ্ৰাস কৰা উপায় কি? 

উত্তৰ : জনসাধাৰণক সাহসেৰে আৰু সু-সংবদ্ধভাৱে দুৰ্যোগৰ সন্মুখীন হ’ব, পৰাকৈ প্ৰস্তুত কৰি তোলা ।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্রশ্ন ১ : ‘দুর্যোগ ব্যৱস্থাপনা’ পাঠটিৰ জড়িয়তে কি শিকিলা বুজাই লিখা উত্তৰ : দুর্যোগ মানে আচম্বিতে সংঘটিত হোৱা অতি বিপদজনক পৰিঘটনা যাৰ ফলস্বৰূপে জন-জীৱন, আন্তঃগাঁথনি, অর্থনৈতিক পৰিস্থিতি আৰু পৰিবেশৰ গুৰুতৰভাৱে ব্যাঘাত ঘটে। এই ক্ষয়-ক্ষতি ইমান বেছি হয় যে সেই পৰিস্থিতি চম্ভালিবলৈ ব্যক্তি বা সমাজৰ নিজৰ সামৰ্থ্য নাথাকে। দুর্যোগ সমূহক দুটা ভাগত বিভক্ত কৰা হৈছে। সেয়া হ’ল—

প্রাকৃতিক দুর্যোগ ঃ বানপানী, ভূমিকম্প, ভূমিস্খলন, খৰাং, ধুমুহা আদি হ’ল প্রাকৃতিক দুর্যোগ 

কৃত্রিম দুৰ্যোগ : ৰেল, উৰাজাহাজ, আণৱিক, ঔদ্যোগিক, ৰাসায়নিক, জুই; আতংকবাদৰ পৰা হোৱা দুৰ্ঘটনা আদিৰ পৰা হোৱা দুর্যোগসমূহেই হ’ল কৃত্রিম দুর্যোগ।

দুর্যোগ ব্যৱস্থাপনা এলানি কার্যকলাপৰ সমষ্টি যাৰ দ্বাৰা দুৰ্যোগ তথা জৰুৰীকালীন অৱস্থা নিয়ন্ত্ৰণ কৰি আৰু সাহায্য আগবঢ়াই বিপদগ্রস্ত লোকসকলক সুৰক্ষা প্ৰদান বা দুৰ্যোগৰ কবলৰ পৰা উদ্ধাৰ কৰিব পাৰি। দুৰ্যোগ ব্যৱস্থাপনাৰ সহায়ত দুৰ্যোগৰ আগতে, হৈ থকা সময়ত আৰু পিছৰ পৰিস্থিতি মোকাবিলা কৰা হয় ।

দুর্যোগ ব্যৱস্থাপনাৰ মূল উদ্দেশ্যসমূহ হ’ল –

(ক) ব্যক্তি বিশেষ, সমাজ আৰু সামগ্ৰিকভাৱে ৰাষ্ট্ৰই সম্মুখীন হ’ব পৰা সম্ভাব্য ধন-জন, ভৌতিক ক্ষয়-ক্ষতিৰ পৰিমাণ হ্রাস অথবা ইয়াৰ কবলৰ পৰা সম্পূর্ণ মুক্ত কৰা।

(খ) ব্যক্তিগত দুখ-কষ্ট লাঘৱ কৰা

(গ) পুনৰ উদ্ধাৰ কাৰ্য ক্ষিপ্ৰতৰ কৰা । দুর্যোগ 

ব্যৱস্থাপনাৰ মূল উপাদানসমূহ হ’ল –

ক) সম্ভাব্য বিপদ ব্যবস্থাপনা (Risk Management) : 

ইয়াৰ অধীনত আছে সম্ভাব্য ভাবুকি বা সংঘটিত হ’ব পৰা বিপদসমূহ চিহ্নিত আৰু সম্ভাৱনীয়তা স্থিৰকৰণ, এনে বিপদৰ পৰা জনসাধাৰণৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে তাক নিৰ্ধাৰণ কৰা। লগতে কি ব্যৱস্থা ল’লে বিপদ লাঘৱ কৰিব পৰা যাব সেইমতে কাৰ্যপন্থা গ্ৰহণ ৷ ইয়াৰ বাবে বিপদ সংকুলতাৰ মানচিত্ৰ অংকণ, স্পৰ্শকাতৰ এলেকা চিনাক্তকৰণ, সাম্ভাব্য ক্ষয়-ক্ষতিৰ খতিয়ান লোৱা আদি কামবোৰো কৰিব লাগিব ।

খ) ক্ষয়ক্ষতি হ্ৰাস কৰা (Loss Management) : 

দুৰ্যোগৰ ফলত হোৱা ধন জন আদি ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস কৰাই হ’ল ক্ষতিৰোধ ব্যৱস্থাপনা। ইয়াৰ বাবে 

(১) ঘৰ-দুৱাৰকে ধৰি সকলোবোৰ নিৰ্মাণ আৰু গাঁথনি দুৰ্যোগ প্ৰতিৰোধী কৰি সজা 

(২) জীৱ-জন্তু, মানুহ সকলোকে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা। 

(৩) সাহায্য গোটবোৰক তাৎক্ষণিকভাৱে সঁহাৰি জনাৰ পৰাকৈ সাজু ৰখা ইত্যাদি ।

গ) দুর্যোগ নিয়ন্ত্রণ (Control of events): 

এই ব্যৱস্থা দুৰ্যোগৰ সময়ত আৰু জৰুৰীকালীন পৰিস্থিতিৰ পিছতহে কাৰ্যকৰী হয়। অৱশ্যে কিছুমান কাম আগতীয়াকৈ কৰাহে অধিক প্রয়োজনীয়। ইয়াৰ ভিতৰত সম্ভাব্য দুৰ্যোগৰ কাৰণ আৰু প্ৰভাৱৰ সম্বন্ধ নিৰ্ণয় কৰা; দুৰ্যোগৰ মুখামুখি হ’বৰ বাবে আঁচনি গ্ৰহণ কৰা; তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে সকলো ব্যৱস্থাকে সষ্টম কৰি ৰখা; দুর্যোগ ব্যৱস্থাপনাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে পদ্ধতিগত আৰু শৃঙ্খলাবদ্ধ প্রচেষ্টা লোৱা ইত্যাদি ।

ঘ) সম্পদ সাহায্য বিতৰণ (Equity of Assistance) : 

সকলো দুর্যোগ সাহায্য নিৰপেক্ষ আৰু যথোচিত হ’ব লাগে। সাহায্য আৰু পুর্ননিৰ্মাণ প্ৰক্ৰিয়া যাতে পক্ষপাতমূলক নহয় তাৰ প্ৰতি সজাগ হব লাগে ।

ঙ) সম্পদ ব্যৱস্থাপনা (Resource Management) : 

দুৰ্যোগৰ পিছত প্রতিকুল পৰিস্থিতি মোকাবিলা কৰিবলৈ বিভিন্ন প্ৰকাৰৰ সম্পদৰ প্ৰয়োজন হয় যেনে – ক্রেইন, এচকাডেটৰ, এম্বুলেঞ্চ, ডাক্তৰ। এইবোৰ সততে উপলব্ধ হোৱাৰ বাবেও পূৰ্ব পৰিকল্পনাৰ প্ৰয়োজন।

চ) প্ৰভাৱ সীমিতকৰণ (Impact Reduction) : 

দুর্যোগে মানুহ, আন্তঃগাঠনি, আর্থিক ব্যৱস্থা আদিৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়। এনে প্রভাব সীমিত কৰাৰ বাবে পুনৰ উদ্ধাৰ অভিযান ক্ষিপ্ৰগতিৰে সম্পাদন কৰি তৎকালীন উন্নয়নৰ প্ৰক্ৰিয়াত গুৰুত্ব আৰোপ কৰিব লাগে।

দুৰ্যোগৰ ফলস্বৰূপে বৰ্ধিত সংখ্যাত মানুহৰ মৃত্যু আৰু বিত্তীয় লোকচানৰ প্ৰক্ৰিয়া দেখি ১৯৮৯ চনত সমগ্ৰ বিশ্বতে দুর্যোগ প্রশমনৰ কাৰণে ৰাষ্ট্ৰসংঘই এটা ঐতিহাসিক প্রস্তাৱ গ্ৰহণ কৰে। এই উদ্দেশ্য সাৰোগত কৰি ১৯৯০-২০০০ চনৰ সময়ছোৱাক আন্তঃৰাষ্ট্ৰীয় প্ৰাকৃতিক দুর্যোগ প্রশমন দশকৰূপে গণ্য কৰে। ইংৰাজীত এই দশকটোক চমুকৈ IDNDR (International Decade for Natural Disaster Reduction) বোলা হয়

IDNDR -অৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰণালীবদ্ধ আন্তঃৰাষ্ট্ৰীয় পৰিকল্পনাৰ দ্বাৰা প্ৰধানতঃ উন্নয়নশীল দেশসমূহত প্রাকৃতিক দুৰ্যোগৰ ফলস্বৰূপে হোৱা ধন জন, ক্ষয়-ক্ষতি হ্ৰাস কৰা আৰু আৰ্থ-সামাজিক গাঁথনি যাতে ভাগি নপৰে তাৰ ব্যৱস্থা গ্রহণ।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ঃ

প্রশ্ন ১ : দুর্যোগ কাক কয় ?

উত্তৰ : দুর্যোগ মানে আচম্বিতে সংঘটিত হোৱা অতি বিপদজনক পৰিঘটনা যাৰ ফলস্বৰূপে জন-জীৱন, আন্তঃগাঁথনি, অর্থনৈতিক পৰিস্থিতি আৰু পৰিবেশৰ গুৰুতৰভাৱে ব্যাঘাত ঘটে। এই ক্ষয়-ক্ষতি ইমান বেছি হয় যে সেই পৰিস্থিতি চম্ভালিবলৈ ব্যক্তি বা সমাজৰ নিজৰ সামৰ্থ্য নাথাকে।

প্রশ্ন ২ : দুর্যোগ কেই প্ৰকাৰৰ ?

উত্তৰ : দুর্যোগ সমূহক দুটা ভাগত বিভক্ত কৰা হৈছে।

(১) প্রাকৃতিক দুৰ্যোগ আৰু 

(২) কৃত্রিম দুর্যোগ।

প্রশ্ন ৩ : IDNDR-ৰ পূৰ্ণ ৰূপটো লিখা।

উত্তৰ : ‘IDNDR’ মানে ‘International Decade for Natural Disaster Reduction.’ হ’ল আন্তৰাষ্ট্ৰীয় প্রাকৃতিক দুর্যোগ প্রশমন দশক।

প্রশ্ন ৪ : দুর্যোগ ব্যৱস্থাপনা বুলিলে কি বুজায় ?

উত্তৰ : দুর্যোগ ব্যৱস্থাপনা এলানি কাৰ্যকলাপৰ সমষ্টি- — যাৰ দ্বাৰা দুৰ্যোগ তথা জৰুৰীকালীন অৱস্থা নিয়ন্ত্ৰণ কৰি আৰু সাহায্য আগবঢ়াই বিপদগ্রস্ত লোকসকলক সুৰক্ষা প্ৰদান বা দুৰ্যোগৰ কবলৰ পৰা উদ্ধাৰ কৰিব পাৰি। দুৰ্যোগ ব্যৱস্থাপনাৰ সহায়ত দুৰ্যোগৰ আগতে, হৈ থকা সময়ত আৰু পিছৰ পৰিস্থিতি মোকাবিলা কৰা হয়

প্রশ্ন ৫ : বোমা বিস্ফোৰণ কোন শ্ৰেণীৰ দুৰ্যোগ ? 

উত্তৰ : বোমা বিস্ফোৰণ কৃত্ৰিম শ্ৰেণীৰ দুৰ্যোগ ।

প্রশ্ন ৬ : প্রাকৃতিক দুৰ্যোগ আৰু ৰে’ল দুৰ্ঘটনা নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰৰ কোনকেইটা মন্ত্রণালয়ে দায়িত্ব পালন কৰে ?

উত্তৰ : প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণৰ কাৰণে গৃহ মন্ত্ৰণালয় আৰু ৰে’ল দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে ৰে’ল মন্ত্রনালয়ে।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া : 

প্রশ্ন ১ : দুৰ্যোগৰ শ্ৰেণী বুলিলে কি বুজায় ?

উত্তৰ : দিনে দিনে বাঢ়ি অহা সঘন প্রাকৃতিক দুর্যোগ আৰু ব্যক্তি, সমাজ, অর্থনীতি, পৰিবেশ আদিত ইয়াৰ ব্যাপক প্ৰভাৱৰ ক্ষেত্ৰত উপশমৰ বিষয়ে চিন্তা কৰি জনসচেতনা বৃদ্ধিৰ বাবে ১৯৯৯ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এখন উচ্চ ক্ষমতাসম্পন্ন কমিটী গঠন কৰিছে।

এই উচ্চক্ষমতাসম্পন্ন কমিটীখনে ত্রিশবিধতকৈও অধিক দুৰ্যোগ চিনাক্ত কৰি পাঁচটা ভাগত বিভক্ত কৰিছেঃ 

ক) জল আৰু জলবায়ুৰ সৈতে জড়িত, যেনে – বানপানী, ধুমুহা, শিলাবৃষ্টি আদি ।

খ) ভূতাত্ত্বিক গাঁথনিৰ সৈতে জড়িত, যেনে – ভূমিকম্প, আগ্নেয়গিৰি, ভূমিস্খলন, মথাউৰি ভগা, খনিত জুই লগা আদি ।

গ) ৰাসায়নিক, ঔদ্যোগিক, আণৱিক কাৰণে হোৱা দুর্যোগ ।

ঘ) আকস্মিক ঘটনাৰ কাৰণে হোৱা দুৰ্যোগ, যেনে – বন জুই, নগৰত লগা জুই, ৰে’ল, উৰাজাহাজৰ দুৰ্ঘটনা, নাও ডুবা, খনিত হোৱা বানপানী আদি ।

ঙ) জৈৱিক কাৰণে ঘটা দুর্যোগ, যেনে – মহামাৰী, কীট-পতংগৰ আক্ৰমণ, গৰু-ম’হৰ বেমাৰ, খাদ্যৰ বিষক্ৰিয়া আদি ।

প্রশ্ন ২ : IDNDR মানে কি? ইয়াৰ উদ্দেশ্য কি ? উত্তৰ : ‘IDNDR’ মানে ‘International Decade for Natural Disaster Reduction’ হ’ল আন্তৰাষ্ট্ৰীয় প্রাকৃতিক দুর্যোগ প্রশমন দশক IDNDR অৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰণালীবদ্ধ আন্তঃৰাষ্ট্ৰীয় পৰিকল্পনাৰ দ্বাৰা প্ৰধানতঃ উন্নয়নশীল দেশসমূহত প্রাকৃতিক দুৰ্যোগৰ ফলস্বৰূপে হোৱা ধন জন, ক্ষয়-ক্ষতি হ্ৰাস কৰা আৰু আৰ্থ-সামাজিক গাঁথনি যাতে ভাগি নপৰে তাৰ ব্যৱস্থা গ্রহণ।

উক্ত পৰিকল্পনাৰ জৰিয়তে ২০০০ চনৰ ভিতৰত সকলো দেশতে তলত দিয়া সক্ষমতা উপলব্ধি হোৱাতো আশা পোষণ কৰে ৷ 

ক) প্রাকৃতিক দুৰ্যোগৰ ফলস্বৰূপে হোৱা সম্ভাব্য বিপর্যয়ৰ বিস্তৃত বিশ্লেষণ আৰু উন্নয়নমূলক কামত ইয়াৰ কেনেকুৱা প্ৰভাৱ হ’ব তাৰ মূল্যাংকন কৰা । 

খ) দীৰ্ঘম্যাদী প্ৰতিৰোধী ব্যৱস্থা, প্ৰস্তুতি আৰু জনসাধাৰণৰ সজাগতাৰ আলম লৈ ৰাষ্ট্ৰীয় আৰু স্থানীয় পৰ্যায়ত দুৰ্যোগ লঘুকৰণৰ পৰিকল্পনা লোৱা । 

গ) গোলকীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু স্থানীয় সতর্কতা ব্যৱস্থা গ্ৰহণ আৰু ইয়াৰ বহুল প্ৰসাৰণ ।

Leave a Reply