NIOS| Assamese (303)| Notes/Answer|Chapter-25| কুকুৰ

NIOS| Assamese (303)| Notes/Answer|Chapter-25| কুকুৰ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-25| কুকুৰ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-25| কুকুৰ

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-25| কুকুৰ অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড

অধ্যায় ২৫

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্রশ্ন ১ : ‘কুকুৰ’ নামৰ কবিতাত কবিয়ে কেই শ্ৰেণীৰ কুকুৰ ৰূপী মানুহৰ কথা উল্লেখ কৰিছে? সেই শ্রেণী দুটাক কবিয়ে কি নামেৰে অভিহিত কৰিছে? 

উত্তৰ : ইয়াত দুই শ্ৰেণীৰ কুকুৰৰ কথা কৈছে। 

১) এচাম নিম্ন বংশজাত দৰিদ্ৰbআৰু ক্ষুধাৰ্ত্ত, 

২) এচাম উচ্চ বংশজাত। 

প্রশ্ন ২ : নিম্ন বংশ জাত ‘কুকুৰ’ চামক কবিয়ে কত লগ পাইছে? সিহঁতৰ মুখত কি পোৱা যায় ?

উত্তৰ : নিম্ন বংশ জাত ‘কুকুৰ’ চামক কবিয়ে জাবৰৰ দ’মৰ ওচৰত লগ পাইছে।

সিহঁতৰ মুখত এডাল শুকান হাড় বা কাৰোবাৰ ফটা জোতাৰ এটুকুৰা চামৰা পোৱা যায়। এই দুৰ্ভগীয়া কুকুৰবোৰে মুখত লোৱা হাড়ডালৰ কোনো জাতি-বর্ণ নাই।

প্রশ্ন ৩ : দুই এটা ভাগ্যবানৰ বাহিৰে আনবোৰৰ কিহৰ অভাৱ বুলি কৈছে?

উত্তৰ : দুই এটা ভাগ্যবানে চুৱাপাতনিৰ ভাত কেইটা পায় কিন্তু বাকীবোৰৰ বাবে তাৰো অভাৱ বুলি কৈছে

প্রশ্ন ৪ : ভোকৰ তাড়নাত সেই চাম দৰিদ্ৰ মানুহে কি পাহৰি যায় ?

উত্তৰ : সিহঁতে পাহৰি যায় ‘অহিংসাই পৰম ধৰ্ম’। হিংসা কোলাহলৰ মাজেৰে সিহঁতে কেৱল ক্ষুধা নিবাৰণৰ বাবে সংগ্রাম কৰে ।

প্রশ্ন ৫ : সিহঁতৰ সমাজখন কেনেকুৱা ?

উত্তৰ : ক্ষুধাৰ তাড়ণাত সিহঁতৰ সমাজ একেবাৰে কোলাহলপূর্ণ, হিংসামত্ত। সিহঁতৰ সংগ্ৰাম কেৱল ক্ষুধা নিবাৰণৰ। 

প্রশ্ন ৬ : কাৰ লগত, কিহৰ আশাত ধৰ্মযাত্ৰা কৰিবৰ সাহস এই চাম কুকুৰ ৰূপী মানুহৰ নাই বুলি কৰিয়ে কৈছে?

উত্তৰ : কুকুৰৰ দৰে জীৱন নিৰ্বাহ কৰা এই শ্ৰেণী লোকৰ যুধিষ্ঠিৰৰ স্বৰ্গাৰোহণৰ আশাত ধর্মযাত্ৰা কৰিবৰ সাহস নাইবা স্বৰ্গৰ বাসনাও নাই।

প্রশ্ন ৭ : সিহঁতৰ বাবে কি কি বস্তু ‘সৰস’ আৰু ‘প্ৰটিন’ৰ দৰে কোমল হয়?

উত্তৰ : একোডাল শুকান হাড় বা কাৰোবাৰ ফটা জোতাৰ এটুকুৰা চামৰা সিহঁতৰ বাবে সৰস’ আৰু ‘প্ৰটিন’ৰ দৰে কোমল হয়। 

প্রশ্ন ৮ : দাঁতত পেলাই চোবাই খোৱা ‘ভঙ্গিমা’ কেনেধৰণৰ ? সেই ভঙ্গিমাই সৃষ্টিৰ কেনেধৰণৰ প্ৰশ্ন জটিল কৰি দিয়ে বুলি কবিয়ে অনুভৱ কৰিছে?

উত্তৰ: দাঁতত পেলাই চোবাই খোৱা ‘ভঙ্গিমা’ কৌণিক ভংগিমা। 

সেই ভঙ্গিমাই সৃষ্টিৰ এটা পুৰণি জটিল প্রশ্ন জটিল কৰি দিয়ে বুলি কবিয়ে অনুভৱ কৰিছে।

প্রশ্ন ৯ : জীৱৰ বাবে খাবলৈও সিহঁতে প্ৰকৃততে কি পায় ?

উত্তৰ : তেওঁলোকৰ বাবে খাবৰ বাবে জী থকাৰ যিবোৰ উপাদান সেইবোৰৰ চূড়ান্ত অভাব।

প্রশ্ন ১০ : মৃত্যু এই চাম ‘কুকুৰ’ৰ জীৱনলৈ নিজে নিজে আহেনে ?

উত্তৰ : মৃত্যু এই চাম ‘কুকুৰে জীৱনলৈ নিজে নিজে মাতি আনে। কাৰণ জীৱন ৰক্ষাৰ বাবে সিহঁতে যি খাদ্য গ্ৰহণ কৰিছে তাতো আছে মহামাৰীৰ বীজ।

প্রশ্ন ১১ : সিহঁতৰ প্ৰত্যেকৰ কপালত কি সনা আছে? 

উত্তৰ: কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা সিহঁতৰ প্ৰত্যেকৰে কপালত সনা আছে।

প্রশ্ন ১২ : যিদল কুকুৰৰূপী মানুহে খাবলৈ পায় সিহঁত কোন বংশজাত ? সেই দলে কেনেকৈ খাবলৈ পায় ? 

উত্তৰ : এইখন সমাজত আন এক শ্ৰেণীৰ কুকুৰো আছে। যি শ্ৰেণী হ’ল উচ্চ বংশজাত। খাবলৈ তেওঁলোকৰ চিন্তা নাই। আধুনিক সভ্যতাই এই চাম উচ্চ বংশজাত কুকুৰৰ বাবে বিলাসী খাদ্যৰ ব্যৱস্থা কৰিছে ।

প্রশ্ন ১৩ : সেই দলৰ সভ্যতা কেনেধৰণৰ ? সেই সভ্যতাই আন দলৰ বাবে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে ?

উত্তৰ : উচ্চ বংশজাতহঁতৰ মাজত আছে খাবলৈ পোৱাৰ উল্লাস। এই সভ্যতাই আন এচামক কৰি তুলিছে বাটৰ ভিকহু। কিয়নো এই দল কুকুৰে নিম্ন বংশজাত চামৰ প্ৰাপ্য কাঢ়ি নি নিজৰ সভ্যতা গঢ়িছে আৰু সমাজত নিম্ন বংশজাত চামক কৰি তুলিছে খাবলৈ নোপোৱা বৰ্বৰ।

প্রশ্ন ১৪ : দুয়ো দলক কুকুৰ বোলাৰ কাৰণ অতি চমুকৈ উল্লেখ কৰা। 

উত্তৰ : কুকুৰ শব্দটোৰে তেওঁ মানুহকে বুজাইছে। ইয়াত দুটা দলৰ কুকুৰৰ কথা কৈছে। 

১) এচাম নিম্ন বংশজাত দৰিদ্ৰ আৰু ক্ষুধার্ত, 

২) এচাম উচ্চ বংশজাত ।

(খ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্রশ্ন ১ : কবিয়ে প্ৰকাশ কৰা কুকুৰ ৰূপী মানুহে ক্ষুধা নিবাৰণৰ বাবে কেনেধৰণৰ সংগ্ৰাম কৰিব লগা হয় বুজাই লিখা।

উত্তৰ : কবি অমূল্য বৰুৱাই শ্ৰেণী বৈষম্যৰ আধাৰত মানুহৰ জীৱনক কুকুৰৰ ৰূপত অৱতাৰণা কৰিছে। কবিয়ে অতি কৌশলেৰে কুকুৰক প্ৰতীক হিচাপে লৈ আমাৰ বৈষম্যপূর্ণ সমাজ, জাত-পাতৰ ৰক্ষণশীলতা আৰু আধুনিক সভ্যতাৰ ভয়াবহতাৰ এখন নিখুঁত ছবি অংকণ কৰিছে। সাধাৰণতে দুই শ্ৰেণীৰ কুকুৰ দেখা যায়— 

১) এচাম নিম্ন বংশজাত দৰিদ্ৰ আৰু ক্ষুধাৰ্ত্ত, 

২) এচাম উচ্চ বংশজাত।

নিম্ন শ্রেণীটোৰ জীৱনধাৰা কষ্টসাধ্য আৰু সংগ্ৰামশীল। ক্ষুধা অৰ্থাৎ ভোকৰ সমস্যা এই শ্ৰেণীৰ লোকৰ মূল সমস্যা। খাদ্যৰ নামত অখাদ্য গ্ৰহণ কৰিবলগীয়া হয়। প্রকৃততে কোনো দিশতে মূল্য নথকা বস্তুক মূল্য থকা বুলি গ্ৰহণ কৰিবলৈ বিচাৰে। নিম্নবংশ জাত কুকুৰৰ জীৱন প্ৰণালীৰ লগত এই চাম মানুহৰ জীৱন ধাৰণৰ মানৰ মিল আছে। ধনীক শ্রেণীয়ে পেলাই দিয়া খাদ্যবস্তু এওঁলোকৰ বাবে হৈ পৰে ভোকৰ সম্বল। অনবৰতে ভোকৰ যন্ত্ৰণাই এওঁলোকৰ জীৱনত শৰীৰৰ ছাঁৰ দৰে লাগি থাকে। ক্ষুধাৰ বাবে শ্ৰম কৰিবলগীয়া হোৱাত জীৱনৰ প্রয়োজনীয় সত্য, অহিংসাৰ কথা পাহৰি গৈ হিংসাশ্রয়ী জীৱন কটাবলগীয়া হয়। এই চাম মানুহৰ জীৱনত জীয়াই থকাৰ কাৰণ বিচাৰিলৈ গ’লে নানান প্রশ্নব সন্মুখীন হ’বলগীয়া হয়। এহাতে আনন্দময় জীৱন কটোৱাৰ বাবে প্ৰয়োজনীয় আহিলাৰ অভাৱ আৰু আনহাতে জীয়াই থাকিবৰ বাবে লাগতিয়াল উপাদানৰ নামতো এওঁলোকে পায় মহামাৰীৰ বীজ। উপায়ন্তৰ হৈ এওঁলোকে ধনীক শ্ৰেণীৰ দাসত্ব স্বীকাৰ কৰিবলগীয়া হয়। ৰাতি ধনীক শ্ৰেণীৰ ধনৰ ৰখীয়া, দিনত কিন্তু তেওঁলোকৰ উপহাসৰ পাত্ৰ ।

এচাম মানুহ আছে যি চাম উচ্চবংশৰ বা সহজ ভাষাত ধনীক শ্ৰেণীৰ। এওঁলোকৰ জীৱন বিলাসী জীৱন। খাদ্যৰ অভাৱ এওঁলোকৰ নাই। তেনেদৰে উচ্চবংশ জাত কুকুৰ শ্ৰেণীটোৱেও ঘৰৰ মালিকৰ পৰা খাদ্য আৰু আন আন ক্ষেত্ৰত সকলো সুবিধা লাভ কৰে ।

প্রশ্ন ২ : “আমি কেৱল খাবৰ বাবে জীছোঁ নে 

আমি জীৱৰ বাবে খাইছোঁ।”

-এই উদ্ধৃতিৰ মাজত কি ভাৱ লুকাই আছে লিখা।

উত্তৰ : সৃষ্টিৰ অনাদিকালৰ পৰা এটা প্ৰশ্ন মানুহৰ মাজত আছে যে মানুহ খাবৰ বাবে জীয়ে নে জীৱৰ বাবে খায়। —এই প্রশ্নক যেন সিঁহতে আৰু জটিল কৰি তোলে। কাৰণ খোৱা, পিয়া, ‘ফুৰ্তি কৰা আদি খাবৰ বাবে জীয়াই থকাৰ যিবোৰ আহিলা সেই সকলোবোৰৰে নিম্ন বংশজাত দৰিদ্ৰ আৰু ক্ষুধাৰ্ত্ত কুকুৰৰ অভাৱ সিহঁতে জীয়াই থাকিবৰ বাবে যি খায়, সিও হ’ল মহামাৰীৰ বীজ অর্থাৎ জী থাকিবৰ বাবে সিহঁতে যি খায় তাতেই নিহিত হৈ থাকে সিহঁতৰ মৃত্যু। সেয়েহে সিহঁতৰ বাবে এই জটিল প্রশ্ন আজি অর্থহীন।

প্রশ্ন ৩ : “জীৱৰ বাবে খাবলৈ” কবিয়ে উল্লেখ কৰা কুকুৰৰ শ্ৰেণীটোৱে পাইছেনে? যদি পোৱা তাৰ পৰিৱৰ্তে সিহঁতে কি পাইছে বুলি কবিয়ে ক’বলৈ বিচাৰিছে, বুজাই লিখা।

উত্তৰ : খোৱা, পিয়া, ‘ফুৰ্তি কৰা আদি খাবৰ বাবে জীয়াই থকাৰ যিবোৰ আহিলা সেই সকলোবোৰৰে নিম্ন বংশজাত দৰিদ্ৰ আৰু ক্ষুধাৰ্ত্ত কুকুৰৰ অভাৱ । সিহঁতে জীয়াই থাকিবৰ বাবে যি খায়, সিও হ’ল মহামাৰীৰ বীজ অৰ্থাৎ জী থাকিবৰ বাবে সিহঁতে যি খায় তাতেই নিহিত হৈ থাকে সিহঁতৰ মৃত্যু ।

প্রশ্ন ৪ : “দুয়ো দলৰ নাম কুকুৰ।” —কবিয়ে কি দুদল কুকুৰৰ কথা ক’বলৈ বিচাৰিছে বুজাই লিখা ।

উত্তৰ : কবি অমূল্য বৰুৱাই শ্ৰেণী বৈষম্যৰ আধাৰত মানুহৰ জীৱনক কুকুৰৰ ৰূপত অৱতাৰণা কৰিছে। কবিয়ে অতি কৌশলেৰে কুকুৰক প্ৰতীক হিচাপে লৈ আমাৰ বৈষম্যপূর্ণ সমাজ, জাত-পাতৰ ৰক্ষণশীলতা আৰু আধুনিক সভ্যতাৰ ভয়াবহতাৰ এখন নিখুঁত ছবি অংকণ কৰিছে। সাধাৰণতে দুই শ্ৰেণীৰ কুকুৰ দেখা যায়— 

১) এচাম নিম্ন বংশজাত দৰিদ্ৰ আৰু ক্ষুধার্ত্ত, 

২) এচাম উচ্চ বংশজাত । 

প্রশ্ন ৫ : ‘কুকুৰ’ কবিতাত অসমীয়া প্ৰগতিবাদী কবিতাৰ ধাৰা কিদৰে প্ৰকাশ পাইছে লিখা। 

উত্তৰ : ‘কুকুৰ’ কবিতাটো অমূল্য বৰুৱাৰ এটি অতি উল্লেখনীয় কবিতা । ইয়াত কবিয়ে ‘কুকুৰ’ক এক প্ৰতীক হিচাপে লৈ সমাজত বাস কৰা বিভিন্ন শ্ৰেণীৰ মানুহৰ স্বৰূপ দাঙি ধৰাৰ প্ৰয়াস কৰিছে।

বিংশ শতাব্দীৰ দ্বিতীয়াৰ্দ্ধৰ পৰাই সাহিত্য জগতত নতুন চিন্তা-চেতনাৰ প্রবাহ আৰম্ভ হয়। দ্বিতীয় মহাযুদ্ধৰ প্ৰভাৱত পাশ্চাত্যত হোৱা আশা ভংগ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ আশা ভংগই অসমীয়া সাহিত্যকো প্ৰভাৱিত কৰিবলৈ ধৰে। এনে সময়তে পাশ্চাত্যত কার্লমাক্সৰ চিন্তাৰ ভিত্তিত তৰুণ কবিসকলে মুক্তিৰ সন্ধান বিচাৰিলে। অসমতো এচাম তৰুণে এই আদর্শকে গ্ৰহণ কৰি বাস্তৱৰ সমস্যাৰ সমাধান বিচাৰিলে। আন এচামে আকৌ মার্ক্সীয় আদৰ্শৰ বাহিৰত থাকিয়েই এই জটিলতাৰ অৱসান বিচাৰিলে। আদর্শগত্য পার্থক্য থাকিলেও কিন্তু প্ৰায়বোৰ কবিৰ কবিতাতে নতুন যুগৰ চিন্তা ভাৱনাৰ প্রভাৱ নপৰাকৈ নাথাকিল। অসমত ধীৰেণ দত্ত, অমূল্য বৰুৱা, ভবানন্দ দত্ত আদিৰ কবিতাত এই আধুনিকতাৰ প্ৰভাৱ ভালদৰে প্ৰত্যক্ষ কৰিব পাৰি। অৱশ্যে হেম বৰুৱাৰ দিনতে অসমীয়া আধুনিক কবিতাৰ আৰম্ভণি হয়। ড° হীৰেণ গোহাঁয়ে সেয়েহে হেম বৰুৱাক “এই বাটৰ স্মৰণীয় আৰু অবিসম্বাদী পথ প্রদর্শক বুলিছে।

এই নতুন কবি সকলে যি ভাবধাৰাক কঢ়িয়াই আনিলে বা যাক আমি আধুনিক কবিতা বুলিছো তাৰ বৈশিষ্ট্যবোৰনো আচলতে কেনেকুৱা । আচলতে যুদ্ধৰ পিছতে মানুহৰ বাঢ়ি অহা সমস্যাৰাজিয়ে জীৱনৰ ৰঙীণ সপোনবোৰ ঠান বান কৰি পেলালে। যন্ত্ৰ যুগৰ প্ৰভাৱ, নগৰ কেন্দ্ৰীক সভ্যতাৰ বিভিন্ন কুফল, বিশ্বাস ভংগৰ বেদনা, জীৱনৰ প্ৰতি সংশয় আদি দিশবোৰে সেয়েহে আধুনিক কবিতাত ঠাই পালে। তদুপৰি বাস্তৱৰ কঠোৰতাৰ মুখামুখি হোৱাৰ বাবেই মানুহৰ ভাব প্রকাশতো উচ্ছাসৰ পৰিবৰ্ত্তে সংযততা আহিল। এইবোৰৰ ভিত্তিতেই আধুনিক কবিতাৰ যিবোৰ বৈশিষ্ট্যই গা কৰি উঠিল, সেইবোৰ হ’ল :

ক) বৰ্ত্তমান জীৱনৰ প্ৰতি ক্লান্তি আৰু নৈৰাশ্যবোধ 

খ) নগৰ কেন্দ্ৰিক যান্ত্রিক সভ্যতাৰ অভিঘাত।

গ) মার্ক্সীয় দর্শন, বিশেষকৈ সাম্যবাদী চিন্তাধাৰাৰ ভেটিত নতুন সমাজ গঢ়াৰ প্রবণতা। 

ঘ) প্ৰেম, সুন্দৰতা আদি প্রতিষ্ঠিত মূল্যবোধৰ প্ৰতি অবিশ্বাস।

ঙ) ভগৱান আৰু প্ৰথাগত নীতিৰ প্ৰতি অবিশ্বাস।

চ) প্ৰেমৰ ক্ষেত্ৰত দেহজ কামনা বাসনা আৰু তাৰ পৰা জন্ম হোৱা অনুভূতিক স্বীকাৰ কৰাৰ প্ৰৱণতা।

ছ) বিশ্বৰ বিভিন্ন সংস্কৃতিৰ পৰা সচেতন গ্ৰহণ।

জ) বিজ্ঞান আবিস্কাৰৰ প্ৰতি সচেতনতা।

তদুপৰি গঠন ৰীতিৰ ক্ষেত্ৰতো কেতবোৰ নতুনত্ব আহিল পদ্য, গদ্য সকলোৰে ব্যৱহাৰ, উদ্ধৃতিৰ প্ৰয়োগ, প্রচলিত কবি প্ৰসিদ্ধ আদি পৰিহাৰ, নতুন চিত্ৰকলাৰ ব্যৱহাৰ, শব্দ প্রয়োগত মিতব্যয়িতা আদি দিশবোৰ আধুনিক কবিতাৰ গঠন ৰীতিত ভালেখিনি পৰিবৰ্ত্তন আনিলে।

কুকুৰ কবিতাটোৰ মাজত আমি আধুনিক কবিতাৰ ভালেমান লক্ষণ প্রকট হৈ থকা দেখিবলৈ পাইছোঁ। ৰমণ্যাসিক কবিতাৰ প্ৰাণচঞ্চল ভাবোচ্ছাসৰ পৰিবৰ্ত্তে এই কবিতাত আছে সংঘৰ্ষত পোনপটীয়া ভাষা, আৰু কল্পনাৰ কোবাল গতিৰ বিপৰীতে আছে বাস্তৱৰ নিভাঁজ প্রতিফলন। এই কবিতাত নগৰ কেন্দ্ৰিক আধুনিক

সভ্যতাৰ অভিঘাতে মুখ্য স্থান পাইছে। ভগবান বা প্রথাগত নীতিৰ বিপৰীতেও এক ধৰণৰ প্ৰতিবাদ আছে। বাস্তৱ সমস্যাৰ পোনপটীয়া প্ৰকাশ আৰু তাৰ কাৰণ হিচাপে আধুনিক সভ্যতাই গঢ় দিয়া উচ্চ-নীচৰ, ভেদা-ভেদৰ প্ৰতিও কবিৰ তীব্ৰ বিতৃষ্ণা প্ৰকাশ পাইছে। গভীৰ অন্তৰ্দৃষ্টিৰে চালে দেখা যায় যে কবিয়ে সমাজখনক মার্ক্সীয় দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰিছে। দুটা শ্ৰেণীৰ ব্যৱধান আৰু তাৰ প্ৰতি বিষোদগাৰৰ মাজেৰে তেওঁ সাম্যবাদৰ কথাহে আওঁপকীয়াকৈ তুলি ধৰিছে। এই সকলো দিশ বিচাৰ কৰিলে ‘কুকুৰ’ কবিতাটোক আমি নিঃসন্দেহে এটা আধুনিক কবিতা বুলি ক’ব পাৰো।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

প্রশ্ন ৬ : প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) সিহঁতৰ অশৃংখল, কোলাহলপূর্ণ, হিংসাত্ত সমাজত ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্ৰাম । 

যুধিষ্ঠিৰৰ লগত স্বৰ্গাৰোহণৰ আশাত 

ধৰ্মযাত্ৰা কৰিবৰ মৰসাহ আৰু সিহতঁৰ নাই

উত্তৰ : এই কবিতাংশ অমূল্য বৰুৱাৰ ৰচিত ‘কুকুৰ’ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে। কবিয়ে সমাজৰ দৰিদ্ৰ নিপীড়িত শ্ৰেণীটোৰ মানসিকতাৰ কথা বুজাবলৈ গৈ এই প্ৰসঙ্গৰ অৱতাৰণা কৰিছে।

কবি বৰুৱাই এই কবিতাত ‘কুকুৰ’মানুহৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। তেওঁ যি শ্রেণী মানুহৰ কথা কৈছে তেওঁলোক এমুঠি আহাৰৰ বাবে ক্ষুধাৰ্ত্ত প্রাণী। এমুঠি খাদ্যৰ বাবে কৰিব লগা কঠোৰ সংগ্ৰামেই তেওঁলোকৰ জীৱন কুকুৰৰ দৰে জীৱন নিৰ্বাহ কৰা এই শ্রেণী লোকৰ ধৰ্মৰ বাসনা বা স্বৰ্গৰ বাসনাও নাই।

কবিয়ে এই কথাটোকে স্পষ্ট কৰাৰ বাবে মহাভাৰতৰ এটা কাহিনী তুলি ধৰিছে। মহাভাৰতত যুধিষ্ঠিৰৰ স্বৰ্গাৰোহণৰ সময়ত এটা কুকুৰো পঞ্চপাণ্ডৱ আৰু দ্রৌপদীৰ লগত গৈছিল চাৰি ভ্ৰাতৃ আৰু দ্রৌপদী স্বৰ্গলৈ যোৱাৰ বাটতে পতিত হ’ল যদিও কুকুৰটো সোঁশৰীৰে স্বৰ্গলৈ গ’ল। কাৰণ এই কুকুৰটো আছিল স্বয়ং কুকুৰৰূপী যম। কিন্তু তেওঁ যি চাম মানুহৰ কথা উল্লেখ কৰিছে সেই চাম মানুহৰ মাজত আছে একমাত্ৰ আহাৰ আৰু জীৱনৰ সংগ্ৰাম । স্বৰ্গযাত্ৰাৰ আকাঙ্ক্ষা তেওঁলোকৰ বাবে মৰণাহ। কিন্তু এনে মৰসাহ কৰাৰ শক্তিও তেওঁলোকৰ নাই। অহিংসা, ধৰ্মৰ বাসনা বা স্বৰ্গৰ আকাঙ্ক্ষা তেওঁলোকৰ বাবে এক বিলাস কল্পনা মাত্র।

(খ) সিহতৰ প্ৰত্যেকৰে কপালত যেন সনা আছে 

কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা;

উত্তৰ : বাখ্যেয় কবিতা ফাঁকি কবি অমূল্য বৰুৱাৰ ‘কুকুৰ’ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে।

কবিয়ে সমাজৰ বৈষম্যৰ ফলত সৃষ্টি হোৱা দৰিদ্ৰতাৰ এখন নিঃকৰণ ছবি এই কবিতাৰ মাজেৰে অংকন কৰিছে। বিংশ শতিকাৰ সভ্যতাৰ পোহৰত এচাম মানুহে যেতিয়া খাদ্য, বস্ত্ৰ, অন্নৰে পৰিপূৰ্ণ হৈ ৰাতিৰ আন্ধাৰৰ সুযোগৰ অৰ্থ সম্পদ গোটাব ধৰিছে, সেই সময়ত আন এচাম লোকে বাটৰ কুকুৰৰ দৰে আৱৰ্জনাৰ দ’মৰ মাজত নিজৰ খাদ্যৰ সন্ধান কৰিছে। সিহঁতে ক্ষুধা নিবাৰণৰ বাবে যি পাইছে তাকেই অমৃত বুলি গ্ৰহণ কৰিছে। সিহঁতৰ বাবে খাদ্যৰ অভাৱত মৃত্যু বৰণ কৰা আৰু খাদ্যৰ মাজেৰে মৃত্যুক মাতি অনা একে কথা হৈ পৰিছে। কাৰণ জীৱন ৰক্ষাৰ বাবে সিহঁতে যি খাদ্য গ্ৰহণ কৰিছে তাতো আছে মহামাৰীৰ বীজ।

এই বৈষম্যপূর্ণ সমাজক আৰু সভ্যতাকে কবিয়ে কুৰি শতিকাৰ নিলাজ সভ্যতা বুলিছে। কাৰণ একেখন সমাজতে একে মানুহে বিলাসপূর্ণ জীৱন কটাইছে, আন এচামে খাদ্যৰ অভাৱত শুকান হাড়ৰ টুকুৰা চোৱাইছে। তথাপিও এই সভ্যতাই লাজ পোৱা নাই। ক্রমান্বয়ে এই বৈষম্য বাঢ়িবহে লাগিছে। সেয়ে করিয়ে ইয়াক নিলাজ বুলিছে। কিন্তু এই সভ্যতাৰ নিষ্ঠুৰ আঘাতৰ পৰা তেওঁলোকৰ ৰক্ষা নাই । এই সভ্যতাই নিলজ্জভাবেই সিহঁতৰ কপালত যেন লিখি থৈছে এই যন্ত্রণা আৰু দুর্ভোগ।

প্রশ্ন ৭ : ‘কুকুৰ’ প্রতীকটোৰে কবিয়ে প্ৰকৃততে কি ক’বলৈ বিচাৰিছে লিখা।

উত্তৰ: অমূল্য বৰুৱাৰ দ্বাৰা ৰচিত ‘কুকুৰ’ কবিতাটি এটি প্রতীক ধর্মী কবিতা । প্রতীক ধৰ্মী কবিতাত মূল অৰ্থটো পোনে পোনে প্রকাশিত নহয়; সেই অৰ্থটো ব্যঞ্জিত হয়। সহজ ভাষাত প্রতীক হ’ল এনে এক ৰূপ য ত শব্দই তাৰ অভিধানিক ৰ্থটোৰ জৰিয়তে গুণগত সম্পর্ক থকা আন এটা অৰ্থ প্ৰকাশ কৰে।

কবি অমূল্য বৰুৱাই শ্রেণী বৈষম্যৰ আধাৰত মানুহৰ জীৱনক কুকুৰৰ ৰপত অৱতাৰা কৰিছে। সাধাৰণতে দুই শ্ৰেণীৰ কুকুৰ দেখা যায়— এবিধ নিম্ন বংশ বা নিম্ন শ্ৰেণীৰ আৰু আনবিধ উচ্চবংশ বা উচ্চ শ্ৰেণীৰ। তেনেদৰে মনুহৰ সমাজতো মূলতঃ দুটা শ্ৰেণী দেখা যায়। নিম্ন শ্ৰেণীটোৰ জীৱনধাৰা কষ্টসাধ্য আৰু সংগ্রামশীল। ক্ষুধা অর্থাৎ ভোকৰ সমস্যা এই শ্ৰেণীৰ লোকৰ মূল সমস্যা। খাদ্যৰ নামত অখাদ্য গ্ৰহণ কৰিবলগীয়া হয়। প্ৰকৃততে কোনো দিশতে মূল্য নথকা বস্তুক মূল্য থকা বুলি গ্ৰহণ কৰিবলৈ বিচাৰে। নিম্নবংশ জাত কুকুৰৰ জীৱন প্ৰণালীৰ লগত এই চাম মানুহৰ জীৱন ধাৰণৰ মানৰ মিল আছে। ধনীক শ্রেণীয়ে পেলাই দিয়া খাদ্যবস্তু এওঁলোকৰ বাবে হৈ পৰে ভোকৰ সম্বল। অনবৰতে ভোকৰ যন্ত্ৰণাই এওঁলোকৰ জীৱনত শৰীৰৰ ছাঁৰ দৰে লাগি থাকে। ক্ষুধাৰ বাবে শ্ৰম কৰিবলগীয়া হোৱাত জীৱনৰ প্ৰয়োজনীয় সত্য, অহিংসাৰ কথা পাহৰি গৈ হিংসাশ্রয়ী জীৱন কটাবলগীয়া হয়। এই চাম মানুহৰ জীৱনত জীয়াই থকাৰ কাৰণ বিচাৰিলৈ গ’লে নানান প্রশ্নৰ সন্মুখীন হ’বলগীয়া হয়। এহাতে আনন্দময় জীৱন কটোৱাৰ বাবে প্ৰয়োজনীয় আহিলাৰ অভাৱ আৰু আনহাতে জীয়াই থাকিবৰ বাবে লাগতিয়াল উপাদানৰ নামতো এওঁলোকে পায় মহামাৰীৰ বীজ। উপায়ন্তৰ হৈ এওঁলোকে ধনীক শ্ৰেণীৰ দাসত্ব স্বীকাৰ কৰিবলগীয়া হয়। ৰাতি ধনীক শ্ৰেণীৰ ধনৰ ৰখীয়া, দিনত কিন্তু তেওঁলোকৰ উপহাসৰ পাত্ৰ ।

এচাম মানুহ আছে যি চাম উচ্চবংশৰ বা সহজ ভাষাত ধনীক শ্ৰেণীৰ। এওঁলোকৰ জীৱন বিলাসী জীৱন। খাদ্যৰ অভাৱ এওঁলোকৰ নাই। তেনেদৰে উচ্চবংশ জাত কুকুৰ শ্ৰেণীটোৱেও ঘৰৰ মালিকৰ পৰা খাদ্য আৰু আন আন ক্ষেত্ৰত সকলো সুবিধা লাভ কৰে। এই চাম মানুহে যি আৰামদায়ক, বিলাসীপূৰ্ণ সভ্যতাৰ অংশীদাৰ হৈছে তাৰ গুৰিতে আছে নিম্নশ্রেণীৰ শ্ৰমজীৱী মানুহক কৰা শোষণ, নিষ্পেষণ। নিম্ন বা শোষিত শ্ৰেণীৰ সুবিধা কাঢ়ি আনি এই চামে বিলাসী সভ্যতাৰ সৃষ্টি কৰিছে আৰু অনুক্ৰমে সমাজত দুখীয়া শ্ৰেণীটোৰ ক্ষুধাৰ বৰ্বৰতাৰ জন্ম দিছে।

প্রতীকধর্মী এই কবিতাটোত কবিয়ে প্ৰকাশ কৰা মূল সত্যটো হ’ল জীৱন ধাৰণৰ পাৰ্থক্য থাকিলেও দুয়ো শ্ৰেণীৰ নামেই ‘কুকুৰ’।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

প্রশ্ন ১ : অমূল্য বৰুৱাৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ অচিনা।

প্রশ্ন ২ : যুধিষ্ঠিৰৰ লগত স্বৰ্গযাত্ৰা কৰা কুকুৰটো আচলতে কোন ? উত্তৰঃ যমৰাজ।

প্রশ্ন ৩ : ‘কুকুৰ’কবিতাটোত থকা সৃষ্টিৰ জটিল প্রশ্নটো কি ? 

উত্তৰ: আমি কেৱল খাবৰ বাবে জীছো নে? আমি জীৱৰ বাবে খাইছোঁ।

প্রশ্ন ৪ : ‘কুকুৰ’কবিতাটোত প্রাচীন মহাকাব্যৰ কোনটো ঘটনাৰ উল্লেখ আছে?

উত্তৰঃ যুধিষ্ঠিৰৰ স্বৰ্গাৰোহনৰ ঘটনাটোৰ উল্লেখ আছে।

প্রশ্ন ৫ : কুকুৰ’ কবিতাটোত থকা গান্ধীজীৰ বাণীটো কি ? 

উত্তৰঃ ‘অহিংসা পৰম ধৰ্ম’।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্রশ্ন ১ : কবিয়ে ‘কুকুৰ’ শব্দটোৰ কি বুজাইছে?

উত্তৰ কুকুৰ শব্দটোৰে তেওঁ মানুহকে বুজাইছে। ইয়াত তিনিটা দলৰ কুকুৰৰ কথা কৈছে। 

১) এচাম নিম্ন বংশজাত দৰিদ্ৰ আৰু ক্ষুধাৰ্ত্ত, 

২) এচাম দৰিদ্ৰ কিন্তু ঐশ্চৰ্য্যশালী সকলৰ প্ৰহৰী আৰু ৩) এচাম উচ্চ বংশজাত সম্পদশালী লোক – – এই তিনিওটা শ্ৰেণীৰ লোককে তেওঁ কুকুৰ বুলিছে।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্রশ্ন ১ : ‘কুকুৰ’ কবিতাটোৰ কবি পৰিচয় দাঙি ধৰা ।

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছৰ পৰা ক্ৰমে স্তিমিত হৈ অহা ৰোমাণ্টিক ভাবধাৰাৰ ঐন্দ্রজালিক চিন্তা চেতনাই মানুহক আৰু সন্তুষ্ট কৰিব নোৱাৰা হৈ আহিছিল। সেয়েহে বাস্তৱ দৃষ্টিভংগীৰে আগবাঢ়ি অহা আধুনিক কবিতাক বাট এৰি ৰোমাণ্টিক কবিতায়ো লাহে লাহে বিদায় বাটেদি খোজ দিছিল। অসমীয়া সাহিত্যলৈ এই আধুনিক ভাবধাৰাক আদৰি অনা সকলৰ ভিতৰত অমূল্য বৰুৱা অন্যতম। তেখেতে ১৯২২ চনত যোৰহাটত প্ৰবোধ চন্দ্ৰ বৰুৱাৰ সন্তান হিচাপে জন্ম লাভ কৰিছিল। যোৰহাটৰ জে. বি. কলেজৰ পৰা বি. এ. পাছ কৰি কলিকতাত এম. এ. পঢ়ি থকা অৱস্থাত ১৯৪৬ চনত সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ তেওঁ আমাৰ মাজৰ পৰা আঁতৰি যায় ৷

অতি কম সময়তে আঁতৰি গলেও অমূল্য বৰুৱাই জীৱনৰ কেইটামান দিনৰ ভিতৰতে সমাজ অর্থনৈতিক বৈষম্য, দুর্নীতি আৰু জহি-খহি যোৱা প্ৰাচীন সমাজ ব্যৱস্থাৰ বিৰুদ্ধে অতি সচেতন আৰু তীব্ৰ প্ৰতিবাদ জনাই এমুঠি কবিতা লিখি থৈ গ’ল। এই কেইটা কবিতা অকল গঠন শৈলীৰ ফালৰ পৰাই আধুনিক নহয় বৰং চিন্তা ভাৱনাৰ ক্ষেত্ৰতো আধুনিকতাৰ অগ্ৰদূত। তেওঁৰ বেশ্যা, কুকুৰ, বিপ্লৱী আদি কবিতাত আজিও সেই সমাজ সচেতনাৰ ঈঙ্গিত স্পষ্ট হৈ আছে।

মৰণোত্তৰভাবে তেখেতৰ ‘অচিনা’ নামৰ কবিতা সংকলনখন প্রকাশিত হৈছে। বৰুৱা আধুনিক গদ্য ছন্দেৰে প্ৰথম অসমীয়া কবিতা ৰচনা কৰোঁতা সকলৰো এজন।

প্রশ্ন ২ : ‘কুকুৰ’কবিতাটো মূলভাব তোমাৰ ভাষাত লিখা ।

উত্তৰঃ ‘কুকুৰ’ কবিতাটো অমূল্য বৰুৱাৰ এটি অতি উল্লেখনীয় কবিতা। ইয়াত কবিয়ে ‘কুকুৰ’ক এক প্ৰতীক হিচাপে লৈ সমাজত বাস কৰা বিভিন্ন শ্ৰেণীৰ মানুহৰ স্বৰূপ দাঙি ধৰাৰ প্ৰয়াস কৰিছে।

কবিয়ে দেখুৱাইছে সমাজৰ আটাইতকৈ নিন্মস্তৰত বাস কৰা নিস্পেষিত নিপীড়িত মানুহবোৰৰ ছবি সিহঁত এটা ক্ষুধাৰ্ত্ত কুকুৰৰ জাকৰ দৰে। কাৰোবাৰ মুখত একোদাল শুকান হাড়, কাৰোবাৰ মুখত ফটা জোতাৰ এটুকুৰা লেকেটা চামৰা তাৰ মাজতে হয়তো দুই এটা ভাগ্যবানে চুৱাপাতনিৰ ভাত কেইটা পায় কিন্তু বাকীবোৰৰ বাবে তাৰো অভাৱ। এইখিনিতেই কবিয়ে অতি কৌশলেৰে সমাজৰ জাত-পাতৰ ব্যৱস্থাটোৰ ওপৰতো চাবুক মাৰিছে। তেওঁ কৈছে যে এই দুৰ্ভগীয়া কুকুৰবোৰে মুখত লোৱা হাড়ডালৰ কোনো জাতি-বৰ্ণ নাই। ইয়াৰ মাজেদি তেওঁ দুটা সত্যক তুলি ধৰিছে যে খাদ্যৰ বাবে সংগ্ৰাম কৰিব লগা এইসকল লোকৰ বাবে জাতি-বৰ্ণৰ কোনো অর্থই নাই। আনহাতেদি জীৱনকালত উগ্ৰ জাতিৰ বাচ-বিচাৰে আক্ৰান্ত কৰা মানুহৰ হাড়বোৰ মৃত্যুৰ পাছত এনেদৰেই জাতি-বৰ্ণহীন হৈ জাবৰৰ দমিত পোত খাই যায়। গতিকে তেওঁ সমাজৰ তথকথিত জাত পাতৰ ব্যৱস্থাটোকো কৌশলেৰে আঘাত কৰিছে।

এই শ্ৰেণীৰ মানুহৰ বাবে জীৱনৰ আৰু আন অৰ্থ নাই। ক্ষুধাই ছাঁৰ দৰে অনবৰতে সিহঁতৰ গাত লাগি ফুৰে। সিহঁতে পাহৰি যায় ‘অহিংসাই পৰম ধৰ্ম’। হিংসা কোলাহল মাজেৰে সিহঁতে কেৱল ক্ষুধা নিবাৰণৰ বাবে সংগ্রাম কৰে। স্বৰ্গ বাসনা সিহঁতৰ নাই। সেয়েহে যুধিষ্ঠিৰ লগত যোৱা কুকুৰটোৰ দৰে সিহঁতে স্বৰ্গাৰোহণ কৰিব নিবিচাৰে। ক্ষুধাৰ তাড়নাত সিহঁতে মাত্ৰ শুকান হাড় আৰু লেকেটা চামৰাহে চোবাব জানে । তাৰ মাজতে সিহঁতে বিচাৰি পায় ৰস আৰু প্ৰটিনৰ কোমলতা। ইয়াতো কবিয়ে ‘অহিংসা’ৰ নীতিক তাচ্ছিল্য কৰিছে আৰু ক্ষুধা নিবাৰণৰ বাবে সশস্ত্ৰ সংগ্ৰামকো সমৰ্থন কৰিছে।

সৃষ্টিৰ অনাদিকালৰ পৰা এটা প্ৰশ্ন মানুহৰ মাজত আছে যে মানুহ খাবৰ বাবে জীয়ে নে জীৱৰ বাবে খায়। এই প্রশ্নক যেন সিঁহতে আৰু জটিল কৰি তোলে। কাৰণ খোৱা, পিয়া, ‘ফুৰ্তি কৰা আদি খাবৰ বাবে জীয়াই থকাৰ যিবোৰ আহিলা সেই সকলোবোৰৰে সিহঁতৰ অভাৱ। সিহঁতে জীয়াই থাকিবৰ বাবে যি খায়, সিও হ’ল মহামাৰীৰ বীজ অর্থাৎ জী থাকিবৰ বাবে সিহঁতে যি খায় তাতেই নিহিত হৈ থাকে সিহঁতৰ মৃত্যু। সেয়েহে সিহঁতৰ বাবে এই জটিল প্রশ্ন আজি অর্থহীন। সিহঁত এক নিৰুপায় কুকুৰৰ জাত। কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা সিহঁতৰ প্ৰত্যেকৰে কপালত সনা আছে। কবিয়ে আওঁপকীয়াকৈ আধুনিক সভ্যতাই প্রবল কৰি তোলা এই নিমৰ্ম সামাজিক অবিচাৰৰ কথাহে ইয়াৰ মাজেৰে তুলি ধৰিছে। সভ্যতাৰ হাতৰ পুতলা হৈ থকা নিস্পোষিত সকলেই আকৌ আন্ধাৰ নিশাত ঐশ্চৰ্য্যশালী সকলৰ চন্দুকৰ প্ৰহৰী হৈ আছে গৈ । এইবাৰ দেখি শুনি সিহঁতক সকলোৱে উপলুঙা কৰে। কিন্তু ইও যে এইখন সমাজৰ কুচক্রান্তৰেই একোটা ফলশ্রুতি মাত্র ।

কিন্তু এইখন সমাজত আন এক শ্ৰেণীৰ কুকুৰো আছে। যি শ্ৰেণী হ’ল উচ্চ বংশজাত। খাবলৈ তেওঁলোকৰ চিন্তা নাই। তেওঁলোকৰ প্রভাৱতে গঢ়ি উঠিছে খাবলৈ পোৱা এক নতুন সভ্যতা। অর্থাৎ আধুনিক সভ্যতাই এই চাম উচ্চ বংশজাত কুকুৰৰ বাবে বিলাসী খাদ্যৰ ব্যৱস্থা কৰিছে আৰু আন এচামক কৰি তুলিছে বাটৰ ভিকহু । ইহঁতৰ মাজত খাবলৈ নোপোৱাত বৰ্বৰতা। অন্যচামৰ আকৌ খাবলৈ পোৱাৰ গৌৰৱ এনেকৈয়ে চলিব লাগিছে আধুনিক সমাজ আৰু সভ্যতা। কবিয়ে অতি কৌশলেৰে কুকুৰক প্ৰতীক হিচাপে লৈ আমাৰ বৈষম্যপূর্ণ সমাজ, জাত-পাতৰ ৰক্ষণশীলতা আৰু আধুনিক সভ্যতাৰ ভয়াবহতাৰ এখন নিখুঁত ছবি অংকণ কৰিছে।

Leave a Reply